আজি পুৱা
(গল্প নহয়, সত্য)
পুৱা ল’ৰা থ’বলৈ যাওঁতে স্কুলৰ সন্মুখত চলা আড্ডাতে ডাক্তৰ শৰ্মাই কালি সুধিছিল, ‘আপুনি এলাৰ্ম দি থয় নে নেছাৰেল এলাৰ্ম?’ মই বোলো নেছাৰেল এলাৰ্ম৷ নেছাৰেল এলাৰ্ম অনুসৰিয়েই নিতৌ সাৰ পাই আহিছোঁ৷
আজিও একে কথা৷ পুৱা নিৰ্দিষ্ট সময়তে সাৰ পাই গ’লোঁ৷ দাঁত ব্ৰাছ কৰা আৰু ভৰি-হাত ধোৱা, এই দুটা একেলগে চলে৷ তাৰ পিছতে হাত-মুখ ধুই পানী এগালমান খোৱা আৰু সাজ পিন্ধা কামটো৷ বৰ বেছি পোন্ধৰ মিনিট৷ তাৰ পিছত খটখটি বগাই ৰাস্তা৷
সচৰাচৰৰ দৰেই আজিও ৰাস্তাটোত তেতিয়া নৰমনিচ নাছিল৷ মুকলি পথ৷ কুঁৱলীঘন পৰিৱেশ৷ খোজ আৰম্ভ হৈ গ’ল৷ অলপ পিছত সিফালৰ পৰা আহি থকা দুই-এক চকুৰ আগত বিৰিঙিবলৈ ধৰিলে, ছায়াচিত্ৰৰ দৰেই৷ বহুদিনৰ বিৰতিৰ পিছত ৰেখাহঁতো ওলাইছে৷ মহালয়াৰ অন্তত সিহঁতৰ এই পুনৰাম্ভণিটো দেখি কিবা এটা ভাল লাগিল৷ তাই মোক সম্ভাষণ জনালে৷ ময়ো জনালোঁ৷ কোনো ৰৈ নাথাকিল৷ নিজৰ নিজৰ গতিত, নিজৰ নিজৰ কক্ষপথত গৈ থাকিলোঁ৷
আপানা, আংকায়া, আপাড়া, পুস্তম, চিৰঞ্জী আদি আমি সৰুৰে পৰা দেখি অহা পি.ডব্লিউ.ডি. ৰ’ডছৰ মাষ্টাৰ ৰ’লৰ লে’বাৰ৷ নেপালী লে’বাৰ ৰামবাহাদুৰ, কৃষ্ণবাহাদুৰ, ডিলবাহাদুৰ বা উড়িয়া লে’বাৰ দুখী, প্ৰধানহঁতৰ দৰেই এই মাদ্ৰাজী (?)বোৰেও কুঁৱাৰ পৰা পানী তুলি ভাৰেৰে নি ক’লনীৰ মানুহৰ ঘৰে ঘৰে, ড্ৰামে ড্ৰামে ভৰাই দিয়ে৷ সিহঁতবোৰ এতিয়া নাই৷ দেচ(?)লৈ গুচি গ’ল৷ কোনোবা কোনোবা মৰিলো৷ সিহঁতবোৰৰ দৰেই পি.ডব্লিউ.ডি. ৰ’ডছৰে বৰ্তমান কৰ্মৰত এজন শ্ৰমিক ডি. আদিনাৰায়ণ৷ ঠিকনা মেট্টিপল্লী, অন্ধ্ৰ প্ৰদেশ৷
আজি কিছুদিন ধৰি আদিনাৰায়ণক ষ্টেট বেংকটোৰ ওচৰৰ থকা পথ ডিভাইদাৰত গজি উঠা অদৰকাৰী বন-জংঘলবোৰ একেৰাহে গুচাই থকা দেখি আহিছোঁ৷ তলমূৰকৈ, অকলেই, একান্তমনে লাগি থাকে৷ পাৰ হৈ যাওঁতে সদায় মাত দিওঁ, ‘গুড মৰ্নিং’ বুলি৷ প্ৰত্যুত্তৰত মূৰটো ঘূৰাই হাঁহি মাৰি দক্ষিণৰ সুৰত তেৱোঁ মোক কয়, ‘গুডডা মাননিং ছাৰ’৷
মানুহটোৱে জংঘলবোৰ এফালৰ পৰা উভালিলে৷ তাৰ পিছত পিৰালি-সুন্দৰী ফুলৰ পুলি কিছুমান আনি শাৰী শাৰীকৈ ৰুলে৷ আদিনাৰায়ণৰ নিৰ্বাচনটো একদম ঠিক যেন লাগিছে৷ ধলপুৱাতে পিয়াপি দি ফুৰা ফুল-চোৰমখাই এপাহো নিছিঙে, ছাগলী-গৰুৱেও নাখায়৷ আজি আকৌ দেখিলোঁ, বাল্টি-মগ লৈ গছবোৰত তেওঁ পানী ঢালি আছে৷ অলপমান আঁতৰত থকা নিজৰ কোৱাৰ্টাৰটোৰ পৰাই কঢ়িয়াই আনিছে৷ শেষ হৈছে, আকৌ আনিছে৷ এশ মিটাৰমান দৈৰ্ঘ্যৰ ডিভাইদাৰটোত জংঘলেই গজে নে ফুলেই গজে সেই লৈ ইমানদিনে কোনেও মূৰ ঘমোৱা নাই৷ জনমযুগীয়া আনন্দৰ বাবে ফুলনি পাতিবলৈ জ্ঞানীলোকে কৈ যোৱা কথাষাৰৰ মূল আদিনাৰায়ণেহে দেখিছোঁ বুজি পাইছে৷ আদিনাৰায়ণৰ দৰে মানুহৰ বাবেই তাত এতিয়া অদৰকাৰী বন-জংঘলৰ পৰিৱৰ্তে গুলপীয়া-বগা ফুল কিছুমান অনৱৰতে ফুলি থাকিব, ঠাইখিনি সৌন্দৰ্যময় হৈ উঠিব৷ ঘূৰি আহোঁতে তেওঁক মই নাম-ধাম সুধিলোঁ৷ ইমানদিনে আমাৰ চকুৰ চিনাকিহে আছিল৷
মোৰ দৰেই টেৰণপীয়েও নিতৌ এপাক মাৰে৷ মোৰ দৰেই তেওঁৰ লগতো আন কোনো নাথাকে৷ নিজৰ স্বাস্থ্য, নিজৰ কথা৷ সেয়াই যেন মূলমন্ত্ৰ৷ বাৰোৱাৰীৰ গোল চক্কৰত পাক লৈ ঘূৰি আহোঁতে আই. এছ. অফিচৰ সন্মুখত তেওঁৰ সৈতে মুখামুখি হ’লোঁ৷ কৰি থকা কিতাপ এখনৰ সংক্রান্তত দুটামান তথ্যৰ সন্ধান বিচাৰি কালিয়ে তেওঁক দুআষাৰ অনুৰোধ জনাইছিলোঁ৷ ওচৰ পালত পোনেই সেই বিষয়ে তেওঁ কিবা এটা ক’ব খুজিলে৷ পিছে মুখতে বাধা দি নতুন চিন্তাৰ পাতনি এটাহে তৰি দিলোঁ৷ ‘স্বাস্থ্য বস্তুটো কোনেও কাকো দিব নোৱাৰা বস্তু৷ গতিকে ব্ৰহ্মপুৱাতেই আমি ‘চেলফিচ’ হৈ পৰোঁ৷ পুৱাই পুৱাই এটা আপোনপেটীয়া বেপাৰ৷ কথাটো হয়নে নহয়? চিন্তা কৰি কৰি গৈ থাকক এতিয়া৷ উত্তৰটো পিছত ল’ম৷’ স্পীডটো সামান্য কমাই ফটাফট বাক্যকেইটা কৈ দিলোঁ৷ তাৰ পিছত নিজৰ নিজৰ ডিৰেকচনত, নিজৰ নিজৰ ভাবনাৰে, নিজৰ নিজৰ গতিত আমি গৈ থাকিলোঁ৷
এল. পি. স্কুলখনৰ ওচৰত, চাৰিআলিটো মোৰ ফিনিচিং পইণ্ট৷ অৰূপদা, সুধাংশুদাৰ অপেক্ষাত তহলদি আছোঁ৷ তাৰ লগে লগে পৰি-ধৰি থকা পেন্সিলৰ টুকুৰা এটা কেনিবা পাওঁ নেকি চকু দুটাই বিচাৰি আছে৷ নাই পোৱা৷ স্কুলৰ আগতো চালোঁগৈ৷ নাই৷ কি কৰা যায়? চাৰিআলিটোৰ সোঁমাজত বালিমাটি এখিনি৷ তাতে কাঠী এডালেৰে লিখিব ধৰিলোঁ৷ ডি. আদিনাৰায়ণ৷ মেট্টিপল্লী৷
থানাৰ আগেৰে পাকটো মাৰি ঘৰমুখী হৈ টেৰণপী আহি আছে৷ ওচৰ পালত সুধিলে, ‘কি কৰি আছে?’ ‘শব্দ দুটামান লিখি থৈছোঁ ৰ’ব৷ নহ’লে কথা পাতিলেই পাহৰি থাকিম৷’ তেওঁ হাঁহিলে৷ মই সুধিলোঁ, ‘কথাটো ভাবি চালেনে?’ এইবাৰো তেওঁ চিধাই কিতাপৰ কথালৈহে গুচি গ’ল৷ ‘নহয় নহয়৷ অথনিযে কৈছিলোঁ চিন্তা কৰিব চাবলৈ৷’ স্পীডটো সামান্য কমালে তেওঁ৷ উত্তৰটো উৰি আহিল, ‘হয় হয়, ঠিকেই কৈছে আপুনি৷ জীৱ মাত্ৰেই ‘চেলফিচ’৷ মনুষ্য জাতি এখোপ চৰা৷’ থাউকতে হাঁহিৰ লহৰ এটা খেলি গ’ল অলপপৰলৈ৷
তেনেতে দেখা গ’ল, সিফালৰ পৰা ৰূপা আহি আছে৷ তায়ো সদায় ওলায়৷ অকলে৷ তাৰ মানে তায়ো ‘চেলফিচ’! কিতাপখনৰ বাবে প্ৰয়োজনীয় তথ্যাদিৰ আশাৰে টেৰণপীৰ দৰে তাইকো জনোৱা হৈছিল৷ পূজাৰ বন্ধ বাবে তাই আজি ঘৰলৈ যাবগৈ হেনো৷ গতিকে বেছি দূৰলৈ নগৈ ঘূৰি আহিব৷ অৰূপদাহঁতলৈ বাট চাই চাই চ’কটোত ওপৰ-তল কৰি থাকোঁতেই তাই ঘূৰি আহিল৷ কাগজৰ টুকুৰা এটা মোলৈ আগ বঢ়ালে৷ নাম নাইকিয়া স্মৃতিগ্ৰন্থ এখনৰ ভিজি থকা কোনোবা পৃষ্ঠাৰ এফাল৷ ‘চাওকচোন দাদা, কিবা কামত আহিব পাৰে নেকি এইখন? ৰাস্তাৰ দাঁতিত পৰি আছিল৷’ আচৰিত লাগিল৷ মই বিচাৰি থকা লেখা এটাৰে একাংশ! দৰকাৰী বস্তু এটা এনেকৈ কেনেকৈযে হাত পালেহি! সঁচাকৈয়ে আচৰিত৷ পৰি থকা অৱস্থাত পাই বেচেৰীয়ে বুটলি আনিছে৷ নিয়ৰত আধা তিতা৷ সযতনে লৈ থ’লোঁ মই৷ এৰাএৰিৰ আগতে ৰূপাই গতি স্তব্ধ কৰি আৰু দুটামান দৰকাৰী তথ্যৰ সম্ভেদ দিলে৷ এতিয়া কিতাপখনৰ স্বাৰ্থত সেই সূত্ৰৰ পিছে পিছে দৌৰিব লাগিব৷ উত্তেজনাটো বাঢ়ি আহিল৷
স্ফূৰ্তি মনেৰে ঘৰৰ আগ পালোঁহি৷ জামুজোপাৰ সৰাপাতবোৰ বুটলি চাফা কৰাটো নৈমিত্তিক কাম৷ সেয়া কৰি থাকোঁতেই চিন্ময়, তৃষ্ণামণি আৰু জ্যোতিমণি আহিল৷ সিহঁত শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী৷ আমাৰ পিছফালে থকা শ্ৰেষ্ঠ আচাৰ্যৰ ওচৰত পঢ়িবলৈ আহিছে৷ ইহঁতৰ লগত ধেমালি কৰি ভাল লাগে৷ ওচৰতে এনেয়ে কথা পাতি ৰৈ থকাত চাপি গ'লোঁ৷ বুদ্ধি কৰি প্ৰশ্ন এটা সিহঁতৰ মাজত এৰি দিলোঁ৷ ‘অৰুণাচল শব্দটো থকা গীত এটা মোক লাগে৷ কোনে ক'ব পাৰিবা?' কুইজৰ উত্তৰটো গোটেইকেইটাই ভাবিবলৈ ধৰিলে৷ তেনেকুৱাতে সিহঁতৰ লগৰে পল্লৱ আহিল৷ প্ৰশ্নটো তালৈকো ঠেলি দিলোঁ৷ টিউচনৰ সময় হোৱাত খটখটি নামি সিহঁত আগ বাঢ়িব খুজিছিল৷ কেইটামান ষ্টেপ নমাৰ পিছতে পল্লৱ দেখোন ঘূৰি আহিল! মোৰ গাতে গা লগাই ৰ’ল৷ 'এটা গান পালোঁ৷' লগতে গাবও ধৰিলে৷ ‘জিলেলে জিলেলে অ’ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললৈ… ঠাইতে ওখ, ঠাইতে চাপৰ, বগাব মই নোৱাৰোঁ… বান্দৰ বিড়ি এটি জ্বলাই যাবগৈযে লাগিব…’ বাকীকেইটাই তালৈ উভতি চালে৷ মনত পেলাই পেলাই সি পিছৰখিনিও গাই গ'ল৷ গীতৰ কথাংশ আকৌ এবাৰ সুধি মনত ৰাখি ল’লোঁ৷ ‘কোনে গায়’ বুলি সোধাত ক’লে ‘সীমান্ত শেখৰে গায়’ বুলি৷
ভুল-শুদ্ধ নাজানো, মুঠতে মোৰ কাম হৈ গ’ল৷ মোক লগা লেখা এটাৰ উপৰি গীত এটাও আজি পুৱাতে পাই গ’লোঁ৷ কিতাপৰ কাম সামৰি অলপতে আমিও যামগৈ অৰুণাচললৈ৷ পিঠিত ৰাকচেক৷ কান্ধত শ্লিপিং বেগ৷ ভৰিত ট্ৰেকিং বুট৷ মূৰত বান্দৰ টুপী৷ হেৰাই যোৱাৰ বিৰল সুযোগ৷ এতিয়া কেৱল গাই আছোঁ, জিলেলে জিলেলে অ’ জিলেলে জিলেলে...