Saturday, 16 February 2019

চাইজাঙলৈ গৈছিলোঁ


প্ৰাক্‌-কথন-১


মই তেতিয়া সহযোগী সম্পাদক হিচাপে স্থানীয় কাকতত কাম কৰোঁ৷ বোকাজানৰ পৰা জ্যেষ্ঠ সাংবাদিক এজনে চাইজাং, চাইবল, মুলখাং, মুলহই ইত্যাদি কাৰবি আংলঙৰ ঘোঁকট অভ্যন্তৰৰ খা-খবৰবোৰ খুব পঠাই থাকে৷ খাকী এনভেলপ ওফন্দি হাতেলিখা জাপ জাপ কাগজ আহে৷ বাছ যোগে আহে, পত্ৰবাহকৰ হাতেৰে আহে, নিজহাতেও দিয়েহি৷ পেকেটটোহঁত ময়ে ফালোঁ৷ সিংহাসন-খনবামনৰ আদা খেতি, উগ্ৰপন্থী কাৰ্যকলাপ, শেহতীয়াভাৱে সংঘটিত সৰু-বৰ অপৰাধ, সভা-সমিতি আদিয়েই বাতৰিবোৰৰ উপজীব্য৷ পঢ়ি যাওঁতে মোৰ মনটো উৰা মাৰে কুকি জনগোষ্ঠী অধ্যুষিত সেই ভিতৰুৱা ঠাইবোৰলৈ৷ পিছে কি হব, শাৰীৰিকভাৱেহে যোৱাটো নহয়হে নহয়৷

সেই দিন পুৰণা হ'ল৷ সেই ঠাইবোৰৰ আকৰ্ষণহে স্তব্ধ নহ'ল৷ এতিয়া, প্ৰায় প্ৰতিদিনে কথা পাতোঁ, ঘৰৰ সন্মুখত ৰাস্তাৰ সিপাৰে থকা আৰ্মী কেম্পটোত কাম কৰা কুকি লৰা চাচাঙৰ লগত৷ কুকি বস্তিলৈ লৈ যাবি মোক, এক-দুই ৰাতিমান থাকি আহিম৷ বুলি খাটনি ধৰোঁ৷ পোহনীয়া গাহৰিকেইটাক দানা হিচাপে খুৱাবলৈ কেম্পৰ পৰা এৰেহা নিবলৈ নিতৌ পুৱাতে অহা চাচাঙৰ মাক হেতনেইৰ লগতো চলে একে ধৰণৰ বাৰ্তালাপ৷ চাচাঙে কয়, যাম ওলাব আংকল৷ যোৱাটোহে পিছে নহয়হে নহয়৷ গিৰ্জাৰ কামৰ অচিলাৰে হেতনেই গৈ আহে, চাচাঙো গৈ আহে লাইলুই পৰ্যন্ত৷ কয়হি সেইফালৰ কথা৷ মোৰহে ভাগ্য উদয় নহয়গৈ৷ ভ্ৰমণ যোগ নাহেহে নাহে৷ ভৱিষ্যতে কেতিয়াবা একেলগে যোৱাৰ আশা অন্তৰত বৰ্তাই ৰাখি নিয়মিত কথা-বাৰ্তা চলি থাকে সিহঁতবোৰৰ সৈতে৷

স্বাস্থ্য বিভাগৰ চাকৰিয়াল প্ৰণৱজ্যোতি বৰা৷ প্ৰাতঃভ্ৰমণত আমি লগা-লগি হওঁ৷ অজ্ঞাত কাৰণত মাজে মাজে ধাৰাবাহিকতা ভংগ কৰে যদিও প্ৰণৱৰ লগতো ওলায় চাইজাং, চাইবললৈ ইচ্ছা কৰা যাত্ৰা-প্ৰসংগ৷ চাইবল প্ৰাথমিক স্বাস্থ্য উপকেন্দ্ৰ তেওঁৰ কৰ্মস্থলী৷ মনে ভাবি থকা অঞ্চলবোৰৰ সেইফালেই অৱস্থিতি৷ তেওঁৰ লগতে এবাৰ ডিলাই পৰ্বত বগাইছিলোঁগৈ৷ কেতিয়াও নেদেখা চি.চি.আই.ৰ চূণশিলৰ খনি দৰ্শন সম্ভৱ হৈছিল৷ এতিয়া আলোচনা প্ৰায়ে চলে কুকি বস্তিলৈ যোৱাৰ৷ যোৱাটোহে কিয় জানো, হৈ নুঠে৷

এদিন মনৰ খবৰ আহি গ'ল হঠাতে৷

স্থান ডিফু ৰেলৱে ষ্টেচন৷ মই গৈছোঁ পৰিবাৰ আৰু ছোৱালীক জনশতাব্দী এক্সপ্ৰেছত তুলিবলৈ৷ যোৰহাটলৈ যাব তেওঁলোক৷ প্ৰণৱকো পালোঁ প্লেটফৰ্মতে৷ বিয়া খাবলৈ ওলাইছে সপৰিয়ালে৷ লক্ষ্যস্থান সৰুপথাৰ৷ অনেক কথা-বতৰাৰ মাজতে তাতে থিয়ৈ থিয়ৈ মোক জনালে, চাইজাঙত অচিৰেই আমাৰ হেল্‌থ কেম্প এটা হব দেই দাদা৷ ৰে'ডী থাকিব৷
কেতিয়ালৈ? মই সুধিলোঁ৷
৭ তাৰিখমানে হবগৈ লাগে৷ প্ৰচেচ চলি আছে৷ কি হয় জনাম বাৰু আপোনাক৷
ঠিক আছে৷ আজি কিমান? ফেব্ৰুৱাৰীৰ ১ তাৰিখ৷

ল কথা গুচিল৷ চাইজাং চাইজাং জপ কৰি মনে মনে গভীৰভাৱে পুলকিত হৈ থাকিলোঁ কেইদিনমান৷ পাছে দিন চমু চাপিলত সন্তোষজনক একো খবৰ নহাত কথা গৈ বতাহ হল যেনেই লাগিব ধৰিলে৷

তাৰ পাছত...

৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া৷ কৰ্মস্থলী 'প্ৰিণ্টৱেল'ত গুৰুত্বপূৰ্ণ এক আলোচনা চলি আছে অৰূপদা আৰু মোৰ৷ অকস্মাৎ ফোনটোৱে ৰিঙিয়াই উঠিল৷
দাদা কাইলৈ চাইজাঙলৈ, মনত আছে নহয়?
অঁ আছে বুলি সঁহাৰি জনালোঁ৷ কেই বজাত ওলাব লাগিব, কি কি নিব লাগিব, কি কি কৰিম তাত, সেইবোৰৰ একো গম-গতি নাই৷ চুটি আলাপ৷ এটাই জানিলোঁ যে স্কুটীৰে যোৱা হব৷

অৰূপদা যাবনে নাযায়? সুধিলে প্ৰণৱে৷
কথা পাতকচোন দাদা বুলি মবাইলটো মোৰ কাষতে বহি থকা অৰূপদাক দি দিলোঁ৷ অৰূপদা আমাৰ কেইবাটাও যাত্ৰাৰ সংগী-সহযাত্ৰী৷ হেন জানি ইনফৰ্মেচনটো ডাইৰেক্ট কৰি দিয়াই ভাল৷ প্ৰণৱে দিয়া থূলমূল খবৰটোৰ উপৰি লক্ষ্যস্থল সম্বন্ধে ভৌগোলিক, সাংস্কৃতিক কথা মই যিখিনি জানো সেয়াও খোলাখুলিকৈ জনাই দিলোঁ৷ পিছে অৰূপদাই শুনিলেহে৷ য়েছ ন একো নকলে৷ আমাৰ আলোচনা সমাপ্ত হোৱাত জীপচি চলাই গুচি গল৷ শ্বাটাৰ বন্ধ কৰোঁতে মোৰ নিশা ৯ বাজিল৷

প্ৰাক্‌-কথন-২



ৰাতিপুৱা গেছ চিলিণ্ডাৰ আনিবই লাগিব দেই৷ নহলে আমাৰ দিগদাৰ হব৷ নিশা ভাতৰ টেবুলত মাৰ কাঢ়া নিৰ্দেশ৷ ইমানৰ পাছতো চাইজাঙলৈ প্ৰস্তাৱিত এড্‌ভেন্‌চাৰ ট্ৰিপটো মৰাৰ আশাৰে কেমেৰাটো হলে ফুল্‌ চাৰ্জ হওক বুলি চকেট লগাই নৰখাকৈ নেৰিলোঁ৷ তাকে দেখি ছোৱালীয়ে গোন্ধ পাই গল৷ প্ৰশ্ন তুলিলেই তাই, কেমেৰা চাৰ্জ কৰিছাযে? কাইলৈ আমাৰ প্ৰগ্ৰাম এটা হোৱাৰ কথা আছে সংক্ষেপে উত্তৰ দি থলোঁ৷ তায়ো জানে, এইবোৰ কামত কাৰো হকা-বাধা নচলে৷ কিবা মেনেজ কৰি হ'লেও যোৱা মানুহ যাবই৷ মাথো ক্ষণ আহিলেই হ'ল৷

কেলেণ্ডাৰৰ বহুপ্ৰত্যাশিত ৭ তাৰিখটো আহি পালে৷ যাত্ৰাক লৈ ভিতৰি উত্ৰাৱল হৈ আছোঁ যদিও দিনটোৰ প্ৰথম গুৰুত্ব কাঢ়ি নিলে ৰন্ধন গেছৰ চিলিণ্ডাৰেহে৷ প্ৰাতঃভ্ৰমণ সামৰিয়ে ফটাফট চাহটোপা খাই পুৱা ৬ বজাতেই তৈয়াৰ৷ মাতৃবাক্য সাৰোগত কৰি হ'ণ্ডা এক্টিভাখনৰ ফ্ল'ৰ মেটত খালী চিলিণ্ডাৰ এটা শুৱাই লৈ পোনাই দিলোঁ হৰিলাল বস্তি অভিমুখে৷ পাওঁগৈ যে, গেটৰ বাহিৰত ৰাইজে শাৰী পাতিলেই! খৰখেদাকৈ ময়ো ঠাইকণ নিগাজি কৰি ললোঁ চিলিণ্ডাৰটো ৰাখি৷ ৬.৩০ হৈছেহে৷ ইংহি গেছ এজেন্সিৰ গেট খুলিবলৈ এতিয়াও অনেক সময় বাকী৷ উপায়ো নাই৷ বোন্দাপৰ দি আছোঁ গ্ৰাহকৰ মাজৰে এজন হৈ৷ 

পল-অনুপলকৈ সময় আগ বাঢ়িছে৷ চিনাকিৰ লগতে অচিনাকি সত্ত্বেও কথা-বতৰাৰ জৰিয়তে আপোন হৈ পৰিছে গাত গা লাগি থকা দুই-এক৷ মানুহবোৰৰ মুখনিসৃত বচনৰ পৰা গম পালোঁ, বহুতে আগতীয়াকৈ ধন জমা দি শ্লিপ মানে ৰছিদ কাটি থৈছে৷ প্ৰমাণো দেখুৱালে দৈমাৰী, পাটগিৰি, কলিতা আদিয়ে৷ মই আকৌ শ্লিপো কটা নাই৷ গতিকে প্ৰথমে এই কামফেৰাহে সমাধা কৰিব লাগিব৷ তাৰ পাছতহে কপালত থাকিলে চিলিণ্ডাৰ এটা পামগৈ৷ কি কৰা যায়? দুবাৰ দুফালে লাইন ধৰিব লাগিব৷ ইফালে মানুহ হলোঁ এটা৷ চিলিণ্ডাৰ আজি মিলিবনে নাই? চাইজাং কি হব? গম্ভীৰ প্ৰশ্ন৷ খেলিমেলি এটা মনলৈ আহিল৷ হ'লেও ধৈৰ্য অটুট ৰাখিছোঁ৷ প্ৰাণৰ আহ্বানক সঁহাৰি জনাই এফালে ওলালে এনেকুৱা বাধা-বিপত্তি কিছুমান আহেই৷ ধৰা-বন্ধা কথা৷ অভিজ্ঞতাই শিকাইছে৷ কথা হ'ল, তেনে বাধাক ওফৰাব পাৰিব লাগিব৷ অন্যথা ছত্ৰভংগ৷ শাৰীত থিয় দি থাকি খৰকৈ চিন্তা কৰিছোঁ, সমাধানৰ পথটো কেনি? এতিয়া বুজি উঠিছোঁ, কালি কেশৱ দেবনাথে ফোনত এনেয়ে কোৱা নাছিল, 'নবৌকো লগত লৈ আহিব, তেতিয়া চিঅ'ৰ আৰু সোনকালে পাব' বুলি৷

লাহে লাহে চিলিণ্ডাৰ-প্ৰয়াসীৰ সংখ্যা অকল্পনীয়ভাৱে বাঢ়ি আহিল৷ খালী চিলিণ্ডাৰৰ ঘটং মটং আৰু মতা-মাইকী ক্ৰেতাৰ গিজগিজনিত বিৰ দি বাট পাবলৈকে মস্কিল হৈ পৰিল৷ পৰুৱাৰ দৰে লানি নিছিগা জনতাৰ উপস্থিতি৷ পেচাব কৰিবলৈ যাবলৈকো সুৰুঙা নাই৷ গেছ চিলিণ্ডাৰ পৰিৱহণকৰ্তাই হৰতাল কৰাৰ বাবে কিছুদিন ধৰি চিলিণ্ডাৰৰ সৰ্বত্ৰ নাটনি চলিছে৷ হোম ডেলিভাৰী বন্ধ৷ এজেন্সিৰ বাৰাণ্ডাত শাৰী নাপাতিলেই নহয় এতিয়া৷ এনেয়েও আমি সাধাৰণ নৰ-মনিচ৷ লাইন পাতি ভাল পাওঁ৷ হাতত সময়যে অফুৰন্ত!

৮ বজাত কৰ্তৃপক্ষৰ লোকে ভিতৰৰ পৰা গেট খুলিবলৈ উদ্যত হল৷ লগে লগে বাহিৰৰ পৰা লাগি গল ঠেলা-ঠেলি, হেঁচা-হেঁচি৷ কোন আগতে সোমাব পাৰে, কোনে কাক লেং মাৰি, অ'ভাৰটে'ক কৰি প্ৰথমে লাইনত থিয় হবগৈ পাৰে, তাৰে মুক্ত প্ৰতিযোগিতা৷ কিৰীলি, হৈ-ধ্বনি৷ মজা লাগে এই কাৰবাৰবোৰ চাই৷ যেন এটা স্প'ৰ্টিং ইভেণ্ট৷ ময়ো এজন প্ৰতিযোগী আজি৷

জাকৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখি শ্লিপ কটা কাউণ্টাৰৰ সন্মুখত নকৈ গঢ়ি উঠা শাৰীটোত চিলিণ্ডাৰসহ খোপনি ৰাখিলোঁগৈ৷ জেগা গজগজীয়া হোৱাত মুখৰ আগত ওলাই পৰা মূৰকেইটা গন্তি কৰি চাইছোঁ৷ ১১ নম্বৰত আছোঁ৷ আঃ, এটা কাম কৰিলোঁ যেনিবা! মনত এতিয়া নতুন উচপিচনি৷ কাউণ্টাৰটো কেতিয়া খুলিব? ঈশ্বৰক খাটিছোঁ, সোনকালে খুলিলেই হয়৷ চাইজাং পাবগৈ লাগিব৷ তাৰ পূৰ্বে এটা ভৰ্তি চিলিণ্ডাৰ কিবাকৈ পাবই লাগিব৷ মাৰ মুখখন মনত ভাহিছে৷ গুণা-গঁথা কৰি থাকোঁতেই হঠাতে পকেটৰ ভিতৰত ফোনটো কঁপি উঠিল৷ ভিৰৰ মাজতে হাতত লৈ চালোঁ৷ প্ৰণৱে কৰিছে৷

দাদা মই ছোৱালীজনীক স্কুলত থৈ আপোনাৰ ঘৰলৈ গৈ আছোঁ৷ আপোনাক উঠাই ল৷ ৰেডী থাকিব৷
মই এতিয়া হৰিলাল বস্তিত৷ গেছ এজেন্সিত লাইন পাতি আছোঁ৷ বিৰাট ভিৰ৷ সময় লাগিব দেই অলপমান৷
ব হব, কামটো কৰি লওকচোন বাৰু৷
শ্লিপ কটা আৰু চিলিণ্ডাৰ লোৱা, দুয়োটাতে শাৰী বিৰাট লম্বা হৈ পৰিল৷ মানুহৰ গুণগুণনি, ভুনভুননি, কেলকেলনি নিৰন্তৰ চলিব লাগিছে৷ অলপ পাছতে ভৰ্তি চিলিণ্ডাৰ লৈ দুখন ট্ৰাক অগা-পিছাকৈ মুক্তাংগনত থকা নিৰ্ধাৰিত স্থানত অৱস্থান কৰিলেহি৷ মানুহৰ মাজত হৰ্ষোল্লাস, গেছ আহি গ'ল৷ দুগাড়ী৷ কোনোবা সবজান্তাই ক'লে, 'আজি তিনিগাড়ী দিব৷' বাঃ বঢ়িয়া৷ পাই যাম তেনেহ'লে৷

সানন্দ জনতাৰ আনন্দোৎসাহৰ কলৰৱত কেনিও একো নুশুনা হৈ থাকিল অলপ সময়লৈ৷ ডেলিভাৰী পইণ্টত বেৰিকেড বন্ধা হল৷ ভৰ্তি চিলিণ্ডাৰৰ বিতৰণ আৰম্ভ হৈ হল৷ শ্লিপ থকাসকলে সন্মুখত বাটভেটা দি ৰৈ থকা লক্ষ্মণ ছেত্ৰীক ৰছিদখন দিছে, একে সময়তে খালী চিলিণ্ডাৰটোহঁতো চমজাইছে৷ শ্লিপৰ নিম্নাংশ ফালি ৰাখি ছেত্ৰীয়ে এক বুলি চিঞৰ মৰাৰ লগে লগে ট্ৰাকৰ ওপৰত থকাজনে তললৈ চিলিণ্ডাৰ এটা দলিয়াই দিছে৷ সকাহপ্ৰাপ্তিৰ হাঁহি মুখত লৈ গৰাকীজন আগুৱাইছে বেৰিকেডৰ মাজে মাজে৷ যেন পৰম বীৰ চক্ৰ এৱাৰ্ড ল'বলৈহে গৈ আছে! চিলিণ্ডাৰত লিক্‌ আছে নেকি কেশৱে মুহূৰ্ততে পৰীক্ষা কৰি দিছে৷ ইয়াৰ লগে লগে গেছ ভৰ্তি চিলিণ্ডাৰটো হাতত লৈ চোঁচোৰাই, বগৰাই পাওঁতাজন আউট৷ একে পদ্ধতিত এইবাৰ পাছৰজন আগুৱাইছে৷ খোজত খোজ মিলাই শাৰীটোও এখোপ আগলৈ চলি গৈছে৷ যেন এক গাণিতিক সমন্বয়৷

নিজৰ সময়টো কেতিয়া আহিব? তাকে চিন্তি চৌপাশৰ ৰেহ-ৰূপ চাই আছোঁ৷ মানুহবোৰৰ হেঁপেহুৱা মুখবিলাক সূক্ষ্মভাৱে মন কৰিছোঁ৷ হাঁহিৰ সঞ্চাৰ কৰা ডায়লগবোৰলৈও কাণ উণাই ৰৈছোঁ৷ নিয়মবিৰুদ্ধভাৱে কোনোবাই মাজত সোমাবলৈ চলোৱা অপচেষ্টাক লৈ সৰৱ হৈ পৰা মাইকী মানুহমখাৰ হেঁকেৰ-পেকেৰ, উখনা-উখনিবোৰো দেখা পাই আছোঁ৷ পুৰুষ শাৰীত অৱশ্যে তেনেকুৱা হেতা-ওপৰা নাই৷

অলপ পাছত খিৰিকী খুলি গ'ল৷ বহী আৰু পইচা জমা দিয়া, গুলপীয়া শ্লিপ লোৱা আৰম্ভ হৈ গল৷ পুৰুষ-মহিলা পৃথকে পৃথকে৷ শৃংখলাৰ প্ৰতি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শনেৰে আগফালে ৰৈ অন্যায়ভাৱে কাম হাচিল কৰিব খোজা বীৰ কেইজনমান এতিয়াহে ওলাল৷ শাৰীত থকা মানুহৰ বাক্যবাণ চলি থাকিল৷ আধা ঘণ্টামানৰ পাছত কাউণ্টাৰৰ ফুটাটোত সোমালগৈ যেনিবা মোৰ সোঁহাতখন৷ সোঁৱৰণিত ভাহি উঠিছে চিনেমা হলত ভিৰৰ মাজত ঘামি-জামি সফলতাৰে টিকট কাটি অনা দিনবোৰ, মুহূৰ্তবোৰ৷

ধন জমা দিলোঁ৷ ৰছিদ পালোঁ৷ বচ, এই কাম শেষ৷ নিশ্বাস এটা আপোনা-আপুনি ওলাই আহিল৷ এতিয়া সিফালৰ চিন্তা৷ খালী চিলিণ্ডাৰটো দাঙি লৈ ততালিকে ব্যস্ত হলোঁ ভৰ্তি চিলিণ্ডাৰ লোৱা লাইনৰ শেষবিন্দুৰ সন্ধান উলিওৱাত৷ নিয়মমাফিক অন্তিমত থিয়দঙা দিছোঁ৷ এখোজ এখোজকৈ আগুৱাই আছোঁ শাৰীৰ সৈতে তাল মিলাই, চিলিণ্ডাৰ-যোদ্ধাৰ ৰূপত৷ ইতিমধ্যে এগাড়ী শেষ হ'ল৷ ভাগ্য ভাল যে আৰু এগাড়ী মজুত আছে৷ লগে লগে সিখনৰ পৰা ডেলিভাৰী আৰম্ভ কৰি দিলে৷ হেমগেমৰ মাজেৰেই আগলৈ গৈ থাকি এসময়ত চুলোঁগৈ যেনিবা ৰন্ধন গেছৰ ভৰ্তি চিলিণ্ডাৰ এটা৷ কষ্টকণ সাৰ্থক হ'ল৷ মাৰ মুখখনো চেৰেংকৈ এবাৰ মনলৈ আহি গ'ল৷

দিগ্বিজয়ী হাঁহি মুখত লৈ গোলাকাৰ বায়ুঢোলটো বগৰাই বগৰাই স্কুটীখনৰ উদ্দেশ্যে আনি আছোঁ৷ পিন্ধি থকা ট্ৰেকচুটযোৰৰ অৱস্থা নাই৷ এনে সময়তে বাজিল নহয় ফোনটো৷ চালোঁ তৎমুহূৰ্ততে৷ ভবাৰ দৰেই, পুনৰবাৰ প্ৰণৱেই কৰিছে৷ গম পাইছোঁ, অগ্ৰগতি জানিব খুজিছে৷ ধৰিব পাৰিছোঁ, হিচাপতকৈ বেছি পলম হৈ গৈছে মোৰ৷ ইমান সময়ে ক'ৰবাত থাকিব লাগিছিল৷ আছোঁ ক'ৰবাত৷

চিলিণ্ডাৰ এইমাত্ৰ পালোঁ৷ গৈ আছোঁ ঘৰলৈ৷ খাৰাংখাচ জবাব৷

স্কুটীৰ ফ্ল'ৰ মেটত চিলিণ্ডাৰটো পুনৰবাৰ লাদি যিমানলৈ সম্ভৱ সিমান পকাইছোঁ এক্সেলাৰেটৰ৷ ঘৰ পাওঁতে ঠিক ৯.৩০ হ'ল৷ দূৰৰ পৰাই দেখা পাইছোঁ, সন্মুখত প্রণৱৰ হণ্ডা এক্টিভাখন৷ আগফালৰ বাৰাণ্ডাত বহি মোলৈ অপেক্ষাৰত৷ মবাইল টিপি কিবা চাই আছে৷ হওক তেও, সময় পাৰ কৰাৰ উত্তম যন্ত্ৰ এটা আছে আজিকালি৷

ষ্টে'পকেইটা নামি চিলিণ্ডাৰটো পোনে পোনে ষ্টৰ ৰুমত ভৰালোঁ৷ ভিতৰ সোমাই যাওঁতেই প্ৰণৱলৈ চাই কৈছোঁ, গা ধুব লাগিব দেই৷ কাপোৰ-কানি তেনেই মাটি৷ এতিয়া কথা নাপাতোঁ৷ ভিতৰত বহা৷ মই আহি আছোঁ৷
ধুই লওক, ধুই লওক৷

চিধাই বাথৰুমত সোমালোঁগৈ৷ গা ধুই উঠি ফটাফট ড্ৰেছ কৰা কাম৷ তাৰ পাছতে গো-গ্ৰাসে ভাত এগাল ভৰাই ললোঁ৷ বচ, দিনটোলৈ আজৰি৷ প্ৰণৱৰ কাৰণে তামোল এখন মুঠিতে লৈ পাকঘৰৰ পৰা ওলাইছোঁ৷ হাতে হাতে দি আকৌ সোমাই গলোঁ৷ একে পাকতে মোনা, কেমেৰা, নোটবুক, কলম, কিতাপ, চশমা, পানীৰ বটল, টুপী, মাস্ক, মানিবেগ ল'লোঁ৷ এতিয়া সাজু৷

লা৷
দুয়ো অগা-পিছাকৈ উঠি আহিলোঁ ওপৰলৈ৷ হেলমেটটো পিন্ধি প্ৰণৱে স্কুটী ষ্টাৰ্ট দিলে৷ মোৰ হেলমেট নাই৷ ভদ্ৰতাৰ খাতিৰতে সুধিলোঁ, দেৰি হল ন?

দেৰি নোহোৱাকৈযে থকা নাই সেইটো স্বজ্ঞানেই বুজি উঠিছোঁ৷ কাৰণ ঘড়ীত এতিয়া ১০.১৫৷ অতি কমেও দুঘণ্টাৰ বাট যাব লাগিব৷ তাৰ পাছত পাহাৰ বগোৱা৷ নাজানো, সময়ে কিমান কুলাব, কিমানখিনি সম্ভৱ হব৷ হলেও ওলাইছোঁ৷ চাইজাঙে মাতিছে৷ নেওচিব কোনো কাৰণতে নোৱাৰোঁ৷ এনে সুযোগ সতকাই নাহে৷

প্ৰণৱে কলে, পলম হৈছে৷ হলেও একো নাই, বলক, পাই যাম৷’ প্ৰণৱৰ ঠাইত মই হোৱা হলে কিন্তু খুব খং উঠিলহেঁতেন, এই ছাজিদ নামৰ মানুহটোলৈ৷ মনে মনে ভোৰভোৰালোঁহেঁতেন 'সোনকালে যাব লাগিছিল, কি আকৌ গেছ চিলিণ্ডাৰৰ পাছত পৰি গল আজি' বুলি৷


চিলিণ্ডাৰৰ পাল্লাত পৰিয়েই দেৰি হৈ গল আজি৷ নহলে ইমানপৰ জেগা পাই গলোঁগৈহেঁতেন চাগৈ৷ ট্ৰেকিং আৰম্ভ হৈ গলহেঁতেন কিজানি৷ চিলিণ্ডাৰেই সময়সূচী সলনি কৰি দিলে৷ হলে কি হ'ব? আমিও এৰা ভকত নহওঁ৷ নাই এৰা চাইজাঙৰ আমন্ত্ৰণ৷ সুযোগ এনেকৈয়ে আহে৷ সহস্ৰ বাধাৰ মাজে মাজে৷ সিফালে ভৰ্তি চিলিণ্ডাৰ পাই আমাৰ মাতৃও সন্তুষ্ট এতিয়া৷ ময়ো সম্পূৰ্ণ ফ্ৰী৷

সুখী মনে যাব ধৰিলোঁ আমি৷

১. মঙহৰ সন্ধানত


গাহৰি মঙহ লৈ যাব লাগিব৷ গতি আৰম্ভ কৰিয়েই প্ৰণৱে কৈ উঠিল৷ আমাৰ চাইজাং যাত্ৰা আৰম্ভ হৈছে দিনৰ ১০ বাজি ১৫ মিনিট যোৱাৰ পাছত৷ আৰম্ভণিতে আকৌ এই এটা লেঠা ওলাল৷

চাইবল প্ৰাথমিক স্বাস্থ্য উপকেন্দ্ৰ এৰি প্ৰণৱে ডিফুৰ উপকণ্ঠৰ গীতানগৰ পি.এইচ.চি.ত যোগদান কৰিছে৷ কাৰ্যতঃ আজি সেইফালে অন্তিম দিন বুলি ধৰা হৈছে৷ হেন জানি মেডিকেল কেম্পৰ সৈতে জড়িত ডাক্তৰ, নাৰ্ছ, অন্যান্য স্বাস্থ্যকৰ্মীৰ উপস্থিতিত হবলগীয়া পিক্‌নিক্‌ত গাহৰি মাংসখিনিৰ যোগান ধৰিব৷ কথা বন্ধা আছে৷ স্বাস্থ্য শিৱিৰটো চাইজাঙত হব বুলি জানো৷ প্ৰস্তাৱিত বনভোজৰ থলী ক'ত, সেয়া কিন্তু মই ঘূণাক্ষৰেও নাজানো৷ পিক্‌নিকতকৈ পাহাৰ বগোৱাৰ ইচ্ছাটোহে মোৰ ক্ষেত্ৰত অধিক শক্তিশালী ৰূপত আছে৷

ষ্টেডিয়াম চাৰিআলিৰ সমীপস্থ ইণ্ডিয়ান অয়লৰ ডিপোত সোমাই স্কুটীখনত পে'ট্ৰল ভৰাই লোৱা হল৷ প্ৰণৱেই দিলে টকা ২০০৷ এতিয়া গাহৰিৰ চিন্তা৷ মই আকৌ মনে মনে ভাবিছোঁ, মাংস কিনিমহে৷ কেতিয়াযে পামগৈ! কেতিয়া ৰান্ধিব! কেতিয়া খোৱা হব! ছেঃ, হিচাপতকৈ বহুত দেৰি হৈ গল আজি৷

ৰংনিহাঙত পাব পাৰোঁ বুলি চাই চাই গৈছোঁ৷ মাছ, মুৰ্গী আছে৷ পৰ্ক নাই৷ ৰংখেলানতো দৃশ্য একেটাই৷ বিৰলা বজাৰ পালোঁহি৷ মাল দেখিবলৈ নাই৷ নিৰ্দিষ্ট চাংবোৰ শূন্য৷ কি হল আজি? চুতীয়ানলাও পালোঁহি৷ ইয়াতো বৰাহৰ নাম-নিচান নাই৷ অনিশ্চয়তাভৰা মন লৈ গৈ আছোঁ পোনে পোনে৷ মাঞ্জাত পালেই হয় আৰু৷ নহ'লে ডিলাই, হিদিপি পৰ্যন্ত লক্ষ্য ৰাখি যাম৷ পালে পালোঁ৷ নাপালে কি হ'ব? কথাৰোতো মূল্য আছে ভাই৷

এসময়ত ১৬ কিলমিটাৰ আঁতৰৰ মাঞ্জা তিনিআলিত উপস্থিত হলোঁহি৷ গাহৰি মঙহ বিচাৰি বজাৰৰ দিশে অৰ্থাৎ বাঁৱে যোৱাৰ প্ৰশ্নই নুঠে৷ যথেষ্ট পলম হৈ গৈছে ইতিমধ্যে৷ সময় নষ্ট কৰাৰ মতলব নাই৷ সোঁহাতে পাকটো লৈ ডিলাইমুৱাকৈ যাব ধৰিলোঁ৷ ৩ কিলমিটাৰমান যাওঁতে পাই গলোঁ বিচাৰি থকা বস্তু৷ আঃ, এয়াহে ভাগ্য!

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে সাজি লোৱা কাঠৰ চাং এখনত বহি লৈ কাৰবি দম্পতীয়ে 'আছাম ট্ৰেক্টৰ' বিক্ৰী কৰি আছে৷ কাষ্টমাৰ দুজন থিয় হৈ আছিল৷ প্ৰণৱে স্কুটীখন সন্মুখতে ৰখালে৷ মনোযোগেৰে পিটিকি পিটিকি ভাল-বেয়া পৰীক্ষা কৰিব ধৰাত দাৰে মাংস ঘপিয়াই ঘপিয়াই পাল্লাখনলৈ দলিয়াই থকা পুৰুষজনে কৈ উঠিল, কুমলীয়া গাহৰি৷ চিন্তা কৰিব নালাগে৷ একদম ভাল আছে৷

যেনেকুৱাই নহওক, ল'বতো লাগিবই৷ এক মুহূৰ্ত কিবা এটা ভাবিলে প্ৰণৱে৷ বোধ হয় মানুহ কিমান হ'ব পাৰে তাকে আনুমানিক হিচাপ কৰিছে৷
৪ কে.জি. জোখকচোন৷ কিমান দিব লাগিব?
২০০কৈ ৮০০ টকা৷
অলপ কম লব৷
নাই, কমাব নোৱাৰিম৷ বস্তু চাই লওক৷ বজাৰৰ নিচিনা নহয়৷ মিঠা হব৷
দোকানী আঁকোৰ-গোঁজ৷ যুক্তি এটাই, ভাল মাল আৰু উচিত দাম৷

মানিবেগ খুঁচৰি নগদ ৮০০ উলিয়ালে প্ৰণৱে৷ নোটকেইখন দি উঠোঁতেই ফোন এটা আহিল৷ সিফালৰজনে সুধিছে, বৰাদা কিমান দূৰ পালে?
আমলখি পাইছোঁ৷ আহি আছোঁ৷ চমু উত্তৰ৷
আমলখি! এয়াটো আমলখি নহয়৷ তালৈচোন এতিয়াও ভালেমান দূৰ আছে! অথচ কিয় ক'লে তেনেকৈ? অৰ্থপূৰ্ণভাৱে মই প্ৰণৱৰ মুখলৈ চাই ৰ'লোঁ৷

বাইলটো পকেটত ভৰাই প্ৰণৱে কৈ যাব ধৰিলে, ফোনত উত্তৰ এনেকৈয়ে দিব লাগে, জানেনে নাই? নহলে 'কিমান পালে, কিমান পালে' বুলি বাৰে বাৰে একেটা কথাকে চেপেটা কৰি থাকিব৷ আপুনিও স্কুটী ৰখাই ৰখাই জবাব দি থাকক৷ মাথা নষ্ট হৈ যাব আপোনাৰ৷ আমাৰ এওঁকো মই এইদৰেই উত্তৰ দি দিওঁ৷ সদায় কেইকিলমিটাৰমান আগুৱাই কওঁ৷ ডিলাইৰ পৰা ঘূৰি ঘৰলৈ গৈ থাকোঁতে পাইছোঁ যদি মাঞ্জা, কৈ দিওঁ ডনবস্ক' কলেজ বুলি৷ বচ, ফোন আৰু নাহে৷ এতিয়াও চাবচোন কথাটো হয়নে নহয়৷

প্ৰসংগটোৱে দুয়োকে বেচকৈ হহুঁৱালে৷ বুদ্ধিটো মোক শিকোৱাৰ লাচতে প্ৰণৱজ্যোতি বৰাই বৰাহৰ কলা বৰণৰ মঙহভৰ্তি কেৰী বেগ দুটা স্কুটীখনৰ বেগ-হুকত লগাই ললে৷ গতি পুনৰ সঞ্জীৱিত হল৷

২. ইছ কিলিং পালোঁহি



ৰাস্তাৰ অৱস্থাটোহে আজিও পুতৌজনক হৈয়ে আছে৷ ৰাষ্ট্ৰীয় মাৰ্গ হলে কিডাল হব? ৰূপ দেখিলে যিকোনো আৰোহীৰে খং উঠিবযে খাটাং৷ ছাল-বাকলি কেতিয়াবাই উৰিল৷ গাড়ী এখন আহিলেই ধূলিময় হৈ পৰে চৌপাশ৷ ভগা-ছিগা অংশৰে বাহনবিলাক ভয়ানকভাৱে হালি-জালি, বেঁকা-বেঁকিকৈ আগ বাঢ়ে৷ স্থানবিশেষে ৰৈ দিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ স্থিৰ হৈ লৈ ভাবিব লাগিব, কোনফালেদি আগুৱাম৷ ধীৰে-সুস্থিৰে নগলে বিপদ অৱশ্যম্ভাৱী৷ চৰকাৰক, বিভাগক, ঠিকাদাৰক গালি পাৰি লাভ নাই৷ সুখৰ কথা যে আমাৰখন দুচকীয়া বাহন৷ চাৰিচকীয়াতকৈ আৰামেই বুলিব পাৰি৷ হ'লেও থেকেচনিৰ পৰা বাচিবলৈ গাঁত আৰু ওখোৰা-মোখোৰাবোৰৰ মাজে মাজে প্ৰণৱে যৎপৰোনাস্তি নি আছে কাটি-কুটি৷ মাজে মাজে বেচেৰা হৈ পৰিছে কিংকৰ্তব্যবিমূঢ়৷ পিলিয়ন ৰাইডাৰ হিচাপে থাকি সমস্যাটো মই বাৰুকৈয়ে হৃদয়ংগম কৰিব পাৰিছোঁ৷ ধূলিৰ পৰা বাচিবৰ মানসেৰে মাস্কখন পকেটৰ পৰা উলিয়াই নাক-মুখ আগতেই লুকুৱাই পেলোৱা হৈছে৷ প্ৰণৱৰ হেলমেট আছে যদিও ধূলিয়ে আইনা ঢাকি ধৰাত মাজে মাজে ৰৈ লৈ ফুকিয়াবলগীয়াত পৰিছে৷

এনেকৈয়ে আৰু ১৪ কিলমিটাৰ আগুৱাই পালোঁহি ডিলাই৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী তিনিআলিত আপদীয়া হাইৱেটো এৰি দি বাঁওহাতে সোমোৱা ডিলাই-সৰিয়হজান ৰাস্তাটো ধৰা হল৷ এইছোৱা কিন্তু সুন্দৰকৈ নিৰ্মাণ কৰিলে দেই৷ দেখিয়ে ভাল লাগে৷ সৌ-সিদিনা, ১৮ নৱেম্বৰ ২০১৮ তাৰিখে লাংৱকু অভিযানলৈ আহোঁতে আংশিক দেখা পাইছিলোঁ৷ এতিয়া আৰু আগলৈ দেখা পাইছোঁ৷ মাঞ্জা-ডিলাইৰ তুলনাত এতিয়া স্বস্তি৷ মসৃণ কলীয়া পথেৰে ফোঁ-ফোঁৱাই আগ বাঢ়িছে হণ্ডা এক্টিভাখন৷ যেন নতুন জীৱনহে প্ৰাপ্তি হৈছে! বতৰটোও সুন্দৰ৷ উলাহত গান ওলাই গৈছে মুখৰ পৰা৷

জিৰ পইণ্ট পালোঁহি৷ বাওঁফালে ফাটি অদৃশ্য হোৱা ৰাস্তাটোৰে চিমেণ্ট কৰ্পৰেচন অফ্‌ ইণ্ডিয়া লিমিটেড (চি.চি.আই.)ৰ ডিলাই পৰ্বত লাইমষ্টন মাইন্‌চলৈ যায়৷ প্ৰণৱ আৰু মই আগতে এবাৰ, ২৯.১০.২০১৬ তাৰিখে, এইখন স্কুটী লৈয়ে আহিছিলোঁ৷ চূণা পাহাৰ বগাই পৰিভ্ৰমণ কৰিছিলোঁ বিশাল মাইনিং ফিল্ড৷ পদব্ৰজে পাইছিলোঁগৈ এণ্ড ব্লক অৰ্থাৎ শেষ মূৰ৷ উক্ত খনিক্ষেত্ৰৰ পৰাই বোকাজানৰ চিমেণ্ট ফেক্টৰীলৈ ট্ৰলী লাইন আৰু ডাম্পাৰেৰে নিয়মিতভাৱে চূণশিলৰ সৰৱৰাহ চলি থাকে৷ ৰাস্তাটোৰ ওপৰত থকা দীঘলীয়া চাইনবৰ্ডখন দেখা পোৱা মাত্ৰকে মুহূৰ্তবোৰৰ ৰোমন্থন এটা মনলৈ আপোনা-আপুনি আহি গল৷ এই যাত্ৰাবোৰ পাহৰিব নোৱাৰি৷ বুজাব নোৱাৰা ধৰণে আনন্দ দান কৰি থাকে, অহৰহভাৱে৷ সেয়ে বাৰে বাৰে গৈ থকা হয় বিভিন্ন অৱস্থানলৈ৷ কেনেবাকৈ সুযোগ পালেই হ'ল৷

প্ৰণৱে একান্তমনে চলাই আছে৷ পকেটৰ পৰা ম'বাইলটো উলিয়াই চালোঁ৷ ১২ বাজিবলৈ ১০ মিনিট বাকী৷ আমি হিদিপি পাওঁ পাওঁ হৈছোঁ৷ সৰিয়হজানলৈ যোৱা এই ৰাস্তাটোৰ এইছোৱাত নিৰ্মাণ কাৰ্য চলি আছে৷ কামৰ গুণাগুণ ভাল দেখাত মনত আমি সন্তুষ্টি লভিছোঁ৷ পানী ছটিয়াই ৰখাত ধূলি উৰা নাই৷ আহি মজা লাগিছে৷

হিদিপি নৌপাওঁতেই চি.চি.আই.ৰ ট্ৰলী লাইনটো৷ তলেদি ৰাস্তাটো৷ চলন্ত অৱস্থাতে মই মোনাৰ পৰা কেমেৰাটো উলিয়াই হাতত ললোঁ৷ ডিলাইৰ পৰা হিদিপিলৈ দূৰত্ব প্ৰায় ১০ কিলমিটাৰ৷ সৰু যদিও এই পুৰণা ঠাইবোৰে এতিয়া মোট সলাইছে৷ নৱনিৰ্মিত ৰাস্তাটোৱে হিদিপি, ডিলাই আদিলৈ নকৈ প্ৰাণ সঞ্চাৰ কৰা যেন অনুভৱ হৈছে৷ দোকান-পোহাৰৰ সংখ্যা আগতকৈ বাঢ়িল৷ জনসংখ্যা বৃদ্ধি পোৱাটো সহজেই অনুমেয়৷

বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেল আৰোহী এজনক দেখা পাই প্ৰণৱে ব্ৰেক মাৰিলে৷ হেলমেটৰ আইনাখন ঘপকৈ দাঙিয়ে প্ৰশ্ন...
কেম্প চলি আছেনে?
চলি আছে৷ সিজনেও গ্লাছখন উঠাই লৈছে৷
মানুহবোৰ আছে নে ওপৰলৈ উঠিল?
ডাক্তৰ-নাৰ্চ আদি কৰি কেইজনমান আছে৷ বাকী কিছুমানক যোৱা দেখিছোঁ৷
পেচেণ্ট হৈছেনে?
পুৱাৰ ভাগত ঠিকেই আছিল৷ এতিয়া সিমান নাই৷ কেম্প ১ বজালৈকেহে৷

ডিলাই ষ্টেট ডিচপেনচেৰীৰ ষ্টাফ৷ প্ৰণৱৰ চিনাকি৷ চাইজাঙত অনুষ্ঠিত স্বাস্থ্য শিৱিৰৰ পৰাই ঘূৰি আহিছে৷ তেওঁৰ লগতে হেনো বছৰদিয়েক আগতে এবাৰ চাইজাঙলৈ যোৱা হৈছিল৷ আজি এয়া দ্বিতীয় ভুমুকি৷ স্কুটীখন পুনৰ ষ্টাৰ্ট দিয়াৰ পাছৰে পৰা প্ৰণৱে সেইফালৰ শিহৰণকাৰী কাহিনী কিছুমান শুনাই গল৷


হিদিপি এৰি আৰু অকণমান৷ ঠিক দুপৰীয়া ১২ বজাত ইছ কিলিং পালোঁ৷ এইটো এটা তিনিআলি৷ দোকান কেইখনমান আছে৷ ইয়াৰ পৰা আমি বাঁওহাতে সোমাই যাব লাগিব৷ দূৰৈত নীলা পাহাৰৰ শাৰী দৃষ্টিগোচৰ হৈছে৷ কাঁড় চিন মাৰি কিবা লিখা চাইনবৰ্ড এখন সোঁহাতে দণ্ডায়মান অৱস্থাত আছে যদিও পুৰণি হোৱাত আখৰবোৰ অস্পষ্ট হৈ পৰিল৷ অতিক্ৰম কৰি গৈ থাকোঁতে ইংৰাজীত লিখা কানিয়া বে ভিলেজ শব্দকেইটা চকামকাকৈ ধৰিব পাৰিলোঁ৷

৩. পাই গলোঁ চাইজাং




সৰুৰে পৰাই, ডিলাই-সৰিয়হজান ৰাস্তাৰে অহা-যোৱা কৰোঁতে এই তিনিআলিটো পাওঁতেই মনত সততে উদয় হোৱা প্ৰশ্নটো আছিল, সেইফালে কলৈনো যায়? বহুত পলমকৈহে জানিলোঁ, সেইফালেই চাইজাং, কাইমাই, লাইলুই, মলচাং, মলদিং, হিংবুং আদি জনপদ আছে৷ কাৰবি আংলঙত বসতি কৰি থকা অন্যতম জনগোষ্ঠী কুকিসকলৰ আবাসস্থলী সেইবোৰ৷ সদ্যহতে চাইজাঙক লৈ বুকুৰ মাজত অন্তহীন উৎকণ্ঠাই খলকনি লগাইছে৷ কি পামগৈ তাত? কেনেকুৱা হব কুকিৰ জেগাখন? বিশেষ আকৰ্ষণীয় কি থাকিব?

আগতে যোৱাটো টানেই আছিল৷ মই সেই এবাৰেই গৈছিলোঁ৷ কেমফ্লেজ পৰিহিত কুকি ৰিভলিউচনাৰী আৰ্মী (কে.আৰ.এ.)ৰ সদস্য এ.কে.৪৭ সাবটি অত-তত ৰৈ-বহি, অৱস্থান লৈ থকা নিজ চকুৰে দেখা পাইছিলোঁ৷ নতুন মানুহ দেখিলেই সন্দেহ আৰু সোধা-পোছা৷

এতিয়াও পাম নেকি আমি?’ প্ৰণৱৰ কথা শেষ হোৱাৰ লগে লগে মোৰ কৌতূহলী প্ৰশ্ন৷ পেটে পেটে ভাবিছোঁ, নাপালেই হয় দেই সেইবোৰ জঞ্জাল৷ নিজৰ মুক্ত বিচৰণহে কাম্য৷

নাই, যুদ্ধ-বিৰতিৰ পাছত এতিয়া বোধ হয় তেনেকুৱা দৃশ্য আৰু দেখা নাযাব৷ তাতে চাইজাঙত ভাৰতীয় সেনা বাহিনীৰ ছাউনী এটাও বহিল৷ গতিকে বিপ্লৱী অস্ত্ৰাধাৰী কেডাৰৰ টিঘিলঘিলনি অসম্ভৱ৷

গৈ থাকোঁচোন বাৰু, কি হয় দেখা যাব৷

মইছ' কিলিঙত এইবাটে প্ৰৱেশ কৰি প্ৰথমে বাঁহতলেৰে এছোৱা ভগ্নপ্ৰায় তথাকথিত পকা ৰাস্তা৷ তাৰ পাছত ধাননি পথাৰৰ মাজে মাজে শিলগুটিয়ে দাঁত নিকটাই থকা ৰাস্তা৷ পদব্ৰজে গৈ থকা অল্পসংখ্যক জনজাতীয় মহিলাৰ বাদে পথ উদং৷ আগুৱাই থাকি কাৰবি গাঁও এখন পালোঁ৷ হালধীয়া ইউনিফৰ্ম পিন্ধি স্কুলৰ পৰা ঘৰলৈ গৈ আছে ছোৱালী কেইজনীমান৷ এইছোৱা সমতল৷

অলপ আগত নেপালী লোকৰ বসতি৷ গ্ৰেভেল ৰডটোৰ অৱস্থা ক্ৰমাৎ অধিক বেয়া হৈ আহিব ধৰিলে৷ বাট হৈ পৰিল ওখোৰা-মোখোৰা আৰু কেঁচা৷ স্কুটী চলি থাকিল, ধীৰে ধীৰে৷ আমি ঠিকে ঠিকে গৈ আছোঁনে নাই? মাজতে প্ৰণৱে দুবাৰ পথৰ দাঁতিত পোৱা মানুহক চাইজাঙৰ অৱস্থান আৰু ৰাস্তা সম্বন্ধে সুধি নিশ্চিত হৈ ল'লে৷ ভুল কৰি কোনোবা ধুবুৰীত ওলোৱাতকৈ স্থানীয়জনক আগতীয়াকৈ সুধি লোৱাই শ্ৰেয়ঃ৷

আৰম্ভণিতে সৰুপানী চুবৰ নিমিত্তে নিৰ্জনতাৰ মাজত এবাৰ ৰোৱাৰ বাহিৰে কতো আমি সময় ব্যয় কৰা নাই৷ বলেৰ এখনে তেতিয়াই আমাক অতিক্ৰম কৰিছিল৷ গাড়ীত বহি যোৱা সেনাৰ জোৱানে কেঁৰাকৈ চাইছিল আমালৈ, নিজে উৰুৱাই যোৱা ধূলিৰ মাজেদিয়েই৷ চাইজাঙৰ আৰ্মী কেম্পলৈকে গৈছে বুলি অনুমান হল মোৰ৷ একো বাধা নোপাৱাকৈয়ে আমি আগ বাঢ়ি থাকিলোঁ৷

কাৰবি আংলঙৰ সিংহাসন-খনবামন পৰ্বত, মাঞ্জা, বোকাজান মহকুমাত ঘটা কাৰবি-কুকিৰ মাজৰ সংঘৰ্ষই সমগ্ৰ জিলাখনকে এসময়ত অশান্তিজৰ্জৰ কৰি ৰাখিছিল৷ ২০০৪ চনৰ দিনবোৰ বহুতৰে আজিও মনত আছে৷ ভালেমান কাৰবি গাঁও উৎখাত হল৷ একেদৰে ভালেসংখ্যক কুকি গাঁৱো নিশ্চিহ্ন হল৷ মানুহৰ মাজত বিশ্বাস কমিল, দূৰত্ব বাঢ়িল৷ এইবোৰেই হলগৈ ফলাফল৷ সংস্কৃতিয়ে লগ লগায়, ৰাজনীতিয়ে ফালে৷ সেই সংঘাতত কোনোবা 'তৃতীয় পক্ষ'ৰ হাত থকা বুলি কোৱা হৈছিল তেতিয়া৷ কোনজানো তৃতীয় পক্ষ!

কাৰবি গাঁও, নেপালী বস্তি পাৰ হৈ আগত চাইজাং৷ ১৭ ঘৰ আবাসীৰে কাৰবি আংলঙৰ বোকাজান মহকুমাৰ এখন ক্ষুদ্ৰ গাঁও হিচাপে চিহ্নিত চাইজাঙৰ ২০১১ চনৰ লোক-পিয়ল অনুসৰি জনসংখ্যা আছিল ৯০৷ কৃষি-কৰ্ম আৰু সৰু-সুৰা ব্যৱসায়েই মানুহৰ মূল জীৱিকা৷ স্থানীয় দোৱানত চাইজাং মানে বহুত হাতী থকা ঠাই৷ আগতে সেই ঠাইবোৰ হাতীৰ বিৰাট বিচৰণভূমি আছিল চাগৈ৷

কেঁকুৰি এটা ঘূৰা মাত্ৰকে চাইজাংখন চকুৰ সন্মুখলৈ আহিল৷

৪. স্বাস্থ্য উপ-কেন্দ্ৰৰ সন্মুখত ৰৈ




আজি বৃহস্পতিবাৰ৷ চাইজাঙৰ সাপ্তাহিক হাটবাৰ৷ বিশ্বাস কিন্তু নহল সমূলি৷ কাৰণ বজাৰ এলেকা অবিশ্বাস্যভাৱে নিমাওমাও৷ কি ধৰণৰ বজাৰ এইখন? অস্থায়ী দোকান বহুৱাবলৈ ৰাস্তাটোৰ দাঁতিত সাজি ৰখা উদং বাঁহৰ ফ্ৰেমবোৰে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে ঠিকেই৷ বেপাৰীয়ে হওক, খৰিদ্দাৰেই হওক, মানুহ-দুনুহ কিন্তু নাই৷ নাই মানে দৰবত দিবলৈও নাই৷ সাপ্তাহিক বজাৰ বুলিলে সচৰাচৰ যি ধৰণৰ প্ৰাণ থাকে, চঞ্চলতা থাকে, সেয়া মুঠেও শূন্য৷ দিনৰ ১২ বাজি ২০ মিনিটৰ ৰূপ এইটো৷ যি বুজিলোঁ, বজাৰ ইতিমধ্যে সমাপ্ত হ'ল৷ আকৌ প্ৰশ্ন, তেনেহ'লে বহিছিলনো কেতিয়া? সময় নিৰূপক প্ৰণৱৰ হাতঘড়ীটোলৈকে মোৰ সন্দেহ উপজিল৷

চাইজাঙৰ এই বজাৰখন বিৰাট ডাঙৰ নহয় যদিও পুৱাতেই আৰম্ভ হয় হেনো৷ পাহাৰৰ মানুহবোৰ আগদিনাখনেই নামি আহে৷ কিনা-বেচা কৰি ইতিমধ্যে সকলোটি ঘৰা-ঘৰি হলেই তাৰ মানে৷ হেন জানি ভাব হৈছে, বৰ আচৰিত আৰু বিশেষত্বপূৰ্ণ বজাৰচোন এইখন! এনেকুৱা চৰিত্ৰৰ সাপ্তাহিক হাট-বজাৰ আগে-পাছে ক'তো হ'লে দেখা নাই৷ আজি চাইজাঙত বজাৰ আছে বুলি জনাৰ পাছৰে পৰা মনে মনে ভাবিছিলোঁ যে অলপমান ঘূৰা-ঘূৰি কৰিম, কিনো পায়, কিনো ওলায় চাম৷ পিছে ক'তা, উপস্থিত হৈ যিহে দেখিলোঁ, ভাবনা-কল্পনা তেনেই চেঁচাপানী হ'ল৷

কাপোৰেৰে বন্ধা টোপোলা, মোনা, কাগজৰ কাৰ্টন কিছুমান অত-তত ৰাখি থোৱা হৈছে৷ মহিন্দ্ৰ বলেৰ পিক্‌-আপ এখন ৰৈ আছে৷ বোধ হয় সেইখনেই সেইবোৰ কঢ়িয়াই নিব৷ ক'লৈ নিব নাজানো৷ একেই গাড়ী অদূৰত আৰু এখন দেখা পাইছোঁ৷ দুখন অটোৰিক্সাও চকুত পৰিছে৷ মনুষ্যৰ শ্ৰী-চেহেৰা হলে এই পৰ্যন্ত দেখিবলৈ নাই পোৱা৷ অবিশ্বাস্য! কেনিও কাৰো আনকি মাত এষাৰো শুনা পোৱা নাই৷ আকৌ একেটাই প্ৰশ্ন জাগিছে, কি ধৰণৰ বজাৰ এইখন? কিবা সেই ৰংবিন বুলি কোৱা কাৰবিসকলৰ অদৃশ্য গাঁওখন যেনহে অনুভৱ হল মোৰ, প্ৰথম দৰ্শনত!

বাওঁহাতে পুৰণা টিনপাত আৰু কাঠ-বাঁহৰ দীঘলীয়া দোকান-ঘৰ কেইটামান৷ আচৰিত যে আটাইবোৰৰে দৰজা বন্ধ৷ পোনে পোনে খেলপথাৰ এখন দেখা পাইছোঁ৷ তাৰ একাষে জিলিকিছে ভলীবলৰ খুঁটা দুটা৷ ওলমি আছে ধেনুভিৰীয়া হৈ পৰা নেট৷ তাৰ সন্মুখতে চাং-ঘৰ এটা৷ ফিল্ডৰ সিপাৰে থকা দীঘল ঘৰটো গিৰ্জা হ'ব যেন লাগিছে৷ নহ'বও পাৰে অৱশ্যে৷

আমাৰ সোঁহাতে এখন সুলভ মূল্যৰ দোকান৷ চাইনব'ৰ্ডত লিখা আছে৷ একমাত্ৰ এইখনহে খোলা৷ পোনে পােনে আগলৈ দেখা গৈছে দ'ম দ'ম শুকান খৰি৷ ইয়াত ইন্ধন হিচাপে ফলা-খৰি জ্বলোৱা হয়৷ তাৰ কাষতে, অলপমান পাছলৈ, দোকান যেন লগা কাঠৰ ঘৰ এটা৷ 'চাইজাং৷ চাব-চেণ্টাৰ৷ স্থাপিত ১.১০.২০০৯৷ কাৰবি আংলং৷' বেৰত গজাল মাৰি ৰখা ব'ৰ্ড এখনত ইংৰাজী ভাষাৰে শাৰী চাৰিটা স্পষ্টকৈ দেখা পাই আছোঁ৷

বাৰাণ্ডাত ওলমি আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন.এইচ.এম.)ৰ চিহ্নযুক্ত বেনাৰ এখন৷ বেনাৰত পঢ়িলোঁ Sub Centre Level Group Discussion on JSSK, Maternal Health etc. under IEC/BCC (2018-19). Organised by Bokajan BPHC, Karbi Anglong. Date 5.2.2019. আজি ৭ তাৰিখ৷ মানে আলোচনা-চক্ৰ পৰহিয়ে অনুষ্ঠিত হৈ গল৷ কিমান সফল হ'ল নাজানো৷

মইছ কিলিঙৰ পৰা আমি প্ৰায় ২০ মিনিট অহাৰ পাছত কাৰবি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ এই উপ-কেন্দ্ৰটো পাইছোঁ৷ স্কুটীখন সন্মুখতে ৰাখি প্ৰণৱ দপদপাই আগ বাঢ়িল৷ নতুন ঠাইটুকুৰাৰ চৌপাশ নিৰীক্ষণ কৰাৰ লগতে মই প্ৰণৱৰ গতি-বিধিলৈ চাই থাকিলোঁ৷ বেগ-হুকত লগাই ৰখা গাহৰি মাংসৰ কেৰী বেগ দুটা তেনেকৈয়ে ওলমি আছে৷ ঘূৰি চাই এবাৰ মনতে ভাবিছোঁ, ৰখীয়া নথকা অৱস্থাত ঈশ্বৰে নকৰক, কেনেবাকৈ কুকুৰে হাইজেক্‌ কৰিব লাগিলে হলেই আৰু! প্ৰণৱৰ ইফালে খবৰেই নাই৷ খোজৰ তালে তালে কৌতূহলী দৃষ্টি উপ-কেন্দ্ৰটোৰ ভিতৰত কোন-ক'ত আছে তালৈকেহে৷

৫. চাব-চেণ্টাৰত এভুমুকি



দেখাত দোকানৰ দৰে লগা, চাইজাং চাব-চেণ্টাৰ নামৰ কাঠৰ চাং-ঘৰটোত ৰাস্তাৰ পৰাই চকুত পৰাকৈ কাগজ-কলম লৈ কোনোবা এজন বহি আছে৷ দোকানী দোকানী লাগিছে তেওঁক৷ দোকানী নহয় পিছে, ফাৰ্মাছিষ্টহে৷ নাম প্ৰদীপ ইমিলছন ৰংফাৰ৷ ডিলাইৰ যুৱক ৰংফাৰৰ সোঁহাতে বটল কিছুমান৷ হাতে ঢুকি পোৱাকৈ টেবলেটৰ পেকেটবোৰো৷ প্ৰণৱক দেখা পায়ে বৰাদা, আহি পালে বুলি উলাহত তেওঁ চিঞৰ এটা মাৰি পঠিয়ালে৷

ৰংফাৰৰ চিঞৰে উপস্থিত আটাইকে এই বাৰ্তা দি দিলে যে ডিফুৰ পৰা স্কুটীৰে আহি থকা চিনাকি স্বাস্থ্যকৰ্মী প্ৰণৱ বৰা আৰু তেওঁৰ অজ্ঞাত-অচিনাকি সংগীজন বিৰাজমান হল৷ তাৰ লগে লগে কাঠৰ একমাত্ৰ দৰজাখনেৰে অগা-পিছাকৈ আমাৰো প্ৰৱেশ ঘটিল৷

প্ৰণৱলৈ চাই উপকেন্দ্ৰটোত উপস্থিত প্ৰত্যেকজনেই হাস্যমধুৰ সম্ভাষণ জনালে৷ ভাল লগা পৰিৱেশ এটাৰ সৃষ্টি হল৷ বিপৰীতে, ট্ৰেন্সফাৰ আৰু ভৱিষ্যতলৈ এৰা-এৰি হোৱাক কেন্দ্ৰ কৰি মনোকষ্টও উজাৰিলে, আৰম্ভণিৰ কথা-বতৰাতে৷

এয়া মোৰ দাদা দেই৷ ডিফুৰ পৰা আহিছে, চাইজাং চাবলৈ৷ নামটো কৈ প্ৰণৱে মোক এফালৰ পৰা গোটেইকেইজনৰ লগতে চিনাকি কৰাব ধৰিলে৷ দেখাত বৰাদাৰ নিচিনাইচোন! মাক নতুবা দেউতাক, কোনোবাজন একেই হব চাগৈ দেই৷ পিনি-পেকক পৰিহিতা শকত-আবত এ.এন.এম. ৰেণু ইংতিপীয়ে বহি থকাৰ পৰাই পোনছাটেই ৰসিকতা আৰম্ভ কৰি দিলে৷ হাঁহিৰ খলকনি এটাই ৰজনজনাই গ'ল চাব-চেণ্টাৰৰ অন্দৰ-মহল৷ পেচেণ্ট নাই৷

ৰাস্তাৰ ফালৰ বেৰখনৰ কাষে কাষে ইখনৰ পাছত সিখনকৈ দুখন বেঞ্চ পতা আছে৷ তাতে ৰোগী বহে নিশ্চয়৷ হাতত প্ৰেচক্ৰিপচন আৰু ঔষধ লৈ বহি কথা পাতি আছিল কুকি মহিলা দুগৰাকীয়ে৷ সুধিবলগীয়া যি দুই-এটা আছিল, সুধি-পুচি তেওঁলোকে প্ৰস্থান কৰিলে৷ বাহিৰা মানুহ বুলিবলৈ ক'বলৈ গ'লে এতিয়া ময়েই৷ ইতিমধ্যে চাব-চেণ্টাৰটোত ভুমুকি মাৰিব ধৰিছোঁ৷

একেবাৰে সোঁফালৰ বেৰখনত লাগি থকাকৈ ডেস্ক এখন৷ আনুষংগিক কাগজ-পত্ৰ, ফাইল, প্ৰেচক্ৰিপচন পেড ইত্যাদিবোৰ তাৰ ওপৰতে ৰখা হৈছে৷ কিবাকিবি যন্ত্ৰপাতি, ইনজেকচন, শ্লাইড আদিও আছে৷ ওচৰতে প্লাষ্টিকৰ চকী এখনতে মোক বহুৱালে গৌতম ৰংপিয়ে৷ চুলিখিনি পাছফাললৈ ফণিয়াই বেক্‌ ক্লিপ্‌ মাৰি ৰখা চট্‌ফটীয়া যুৱকজন প্ৰণৱৰ দৰেই এজন বহুমুখী স্বাস্থ্যকৰ্মী, এম.পি.ডব্লিউ.৷ চি.চি.আই. লাইমষ্ট'ন কোৱেৰীৰ নিকটৱৰ্তী গাঁও অক্‌কেহাইত ঘৰ৷

দৰজাৰ পোনে পোনে টেবুল-চকী লৈ চিকিৎসকগৰাকী বহি আছে৷ নাম ডাক্তৰ ৰিতুপৰ্ণা বড়ো৷ যোৱা বছৰৰ এপ্ৰিল মাহতে ডিলাই ষ্টেট্‌ ডিচ্‌পেনচেৰীত মেডিকেল অফিচাৰ হিচাপে যোগদান কৰিছিল৷ যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক হোৱাৰ পাছত এন.এইচ.এম.ত এয়া বাধ্যতামূলক এবছৰীয়া গ্ৰাম্য সেৱা৷ ঘৰ নগাঁও জিলাৰ কঠীয়াতলীত বুলি ক'লে৷


এইসকল সেৱক মিলি আজি পুৱাৰে পৰা স্থানীয় ৰাইজলৈ চিকিৎসা সেৱা আগ বঢ়াইছে ভিতৰুৱা চাইজাং চাব-চেণ্টাৰত৷ পৰিৱেশটোলৈ চাই বিশ্ব স্বাস্থ্য সংস্থাৰ ডাইৰেক্টৰ-জেনেৰেল Dr. Tedros Adhanom Ghebreyesusৰ বাক্য এটি মোৰ মনলৈ উৰি আহিল৷ Health is a human right. No one should get sick and die just because they are poor, or because they can not access the health services they need.দলটোৰ এই সেৱামূলক উৎসাহকণ মোৰ খুব ভাল লাগিল৷ মনে মনে তেওঁলোকক চেলুট এটা দিলোঁ৷

৬. চাইজাঙত স্বাস্থ্য পৰীক্ষা


ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া ময়ো আজি আপোনালোকৰ পেচেণ্ট হওঁ দিয়ক৷
কি চামনো আপোনাৰ? কিবা অসুবিধা আছে নেকি?
ৰোগী হোৱাৰ মনোভাব প্ৰকট কৰাত চিকিৎসকগৰাকীয়ে মোক ঘূৰাই সুধিলে৷
বেমাৰ-আজাৰ নাই৷ তথাপি, ডিফুৰ পৰা আহিলোঁ যেতিয়া চাওক আৰু কি চায়৷ আন নহ'লেও চাইজাং চাব-চেণ্টাৰৰ ৰেকৰ্ডত মোৰ নামটো অন্ততঃ ভৱিষ্যতলৈ থাকি যাব যে এনেকুৱা মানুহ এটা আহিছিল৷

ডাক্তৰ ৰিতুপৰ্ণা বড়োৱে মৃদুভাৱে হাঁহিলে৷ মোলৈ চাই কলে, প্ৰেচাৰটো চাব পাৰোঁ আৰু৷ তাৰ বাদে পৰীক্ষা কৰিবলৈ একো নায়েই নহয় ইয়াত৷

ডাক্তৰ আৰু দৰবৰ পৰা সততে নিজকে শতযোজন নিলগাই ৰাখোঁ৷ ইয়াত এনেকৈ কৈ উঠাত শল-ঠেকতহে যেন পৰিল স্বাস্থ্যকৰ্মীসকল! ইফালে মোৰ আগ্ৰহ দেখি এন.এইচ.এম., আছামৰ এড্‌ভাইচ শ্লিপত এম.পি.ডব্লিউ. গৌতম ৰংপিয়ে ৰোগীৰ পৰিচয় অন্তৰ্ভুক্ত কৰিবলৈ উদ্যত হল৷

নামটো কওকচোন?
দিয়ক, মই লিখি দিওঁ৷ অভিজ্ঞতাৰ পৰা মই ভালকৈ জানো যে মোৰ নামটো তেওঁ একেবাৰতে নুবুজিব৷ অবৈধ প্ৰব্ৰজনকাৰী জাতৰ বুলিও ভাবি ল'ব পাৰে৷ সেয়েহে কলমটো কাঢ়ি লৈ খচাখচ লিখি দিলোঁ নিজেই৷ অ.পি.ডি.ৰ কাষত থকা সৰু বক্সটোত ৰাইট্‌ চিন এটা দি গৌতমে পুনৰ সুধিলে, 'বয়স কিমান?' উত্তৰটো পোৱাত বাকীখিনি লিখি গল৷ জিলা কাৰবি আংলং৷ ৰেজিট্ৰেচন নম্বৰ ৪৭৷ লিংগ পুৰুষ৷ তাৰিখ ০৭.০২.১৯৷ মূল কাগজখন পেডৰ পৰা এৰুৱাই মোৰ হাতত দি মোক চিকিৎসকৰ ওচৰ চাপিবলৈ ইংগিত দিলে৷

ডাক্তৰ ৰিতুপৰ্ণাই কাষতে থকা কাঠৰ চকীখনত মোক বহুৱাই ললে৷ গাত থকা ৱিণ্ড চিটাৰ জেকেটটো সোলোকাবলৈ নিৰ্দেশ আহিল৷ ৰদত আহি ৰৈ দিয়াত মোৰো গৰম নুঠা নহয়৷ ভিতৰত কলা টি-চাৰ্ট এটা পিন্ধি আছোঁ৷ তাৰো ৰহস্য নথকা নহয়৷ ৰাজ্যৰ চৌদিশে এইকেইদিন কলা কাপোৰৰ প্ৰদৰ্শন অসম্ভৱ বৃদ্ধি পাইছে৷ যেনি-তেনি কলা পতাকা, কলা ৰুমাল, কলা জেকেট৷ ময়ো গোপনে, ভিতৰত হলেও কলাৰঙীয়ে পৰিধান কৰি আছোঁ এইকেইদিন৷ ধুৰন্ধৰ ৰাজনীতিকে মইনবড়িক লৈ ডিঙিৰ সিৰ ফুলাই ফুলাই উচ্চাৰণ কৰা মিথ্যালাপবোৰ টেলিভিচন যোগে নিজকাণ-নিজচকুৰে শুনিবলৈ-দেখিবলৈ পোৱাৰ পাছৰে পৰা, শংকৰ-আজান শব্দযুগলৰ পৰা আজানটো ইচ্ছাকৃতভাৱে উহ্য কৰাৰ প্ৰৱণতা অনুধাৱন কৰাৰ পাছৰে পৰা, কথাই কথাই হিন্দু-মুছলমান হিন্দু-মুছলমান বুলি আটাহ পাৰি পাৰি ইতিহাসসমৰ্থিত যাউতিযুগীয়া মোমাই-ভাগিন সম্বন্ধটোত উদ্দেশ্যপ্ৰণোদিতভাৱে কুঠাৰাঘাত কৰাৰ ঘৃণনীয় মতলববিলাক পৰিষ্কাৰভাৱে বুজি উঠাৰ পাছৰে পৰা ময়ো কলা পিন্ধা কৰিছোঁ, আনে নজনাকৈ, আনক নেদেখুৱাকৈ৷ প্ৰয়োজনত দেখুৱাম প্ৰতিবাদৰ আচল ৰং কেনে৷

ৰঙা জেকেটটো খুলি দিয়াত সদ্যহতে কিচ্‌কিচীয়া চোলাটো ওলাই পৰিল৷ চাইজাং স্বাস্থ্য উপকেন্দ্ৰৰ পৰিৱেশটো কিন্তু তথাকথিত দেশপ্ৰেমিক ৰাজনীতিক, সলি-সিয়ান নেতা-পালিনেতাই মূৰত লৈ থকাৰ দৰে সমূলি নহয়৷ সম্পূৰ্ণ স্বাস্থ্যকৰ, সম্পূৰ্ণ সৌহাৰ্দপূৰ্ণ পৰিৱেশ এয়া৷ ইয়াত আমি হিন্দু, লা, খ্ৰীষ্টান থূপ খাইছোঁ৷ কাৰবি, বড়ো, কুকি, অসমীয়াভাষী একত্ৰিত হৈছোঁ৷ উদ্দেশ্য, মানৱ-ধৰ্মৰ জৰিয়তে অকপট মানৱ-সেৱা৷ আৰু উদ্দেশ্য, প্ৰকৃতিৰ নিৰ্ভেজাল মধুসুধা পান কৰা৷ অন্য কথাৰ স্থান নাই৷

পৰৱৰ্তী কাৰ্যসূচী ট্ৰেকিং, ক্লাইম্বিং এণ্ড পিক্‌নিক্‌৷ তাকে লৈ সকলোৰে মাজত প্ৰচুৰ উৎসাহ-উদ্দীপনা জাগিছে৷ প্ৰণৱে গৌতমক সুধিছে, 'ওপৰলৈ উঠিবনে?' গৌতমে উত্তৰ দিছে, 'উঠিমতো৷' প্ৰণৱে আকৌ সুধিছে, 'একেবাৰে ওপৰলৈকে উঠিবতো?' গৌতমে সবলভাৱে দোহাৰিছে, 'অঁ যামতো৷' কথাৰ লাচতে মই প্ৰণৱক সোঁৱৰাই দিলোঁ স্কুটীত লাগি থকা গাহৰি মঙহ দুটোপোলাৰ কথা৷ ১ বজাত কেম্প সামৰা হব৷ সময় চমু চাপিছেই৷

ডাক্তৰ ৰিতুপৰ্ণাই মোৰ প্ৰেচাৰ জুখিব ধৰিছে৷ যন্ত্ৰটোলৈ চাই যেন সন্তুষ্ট হোৱা নাই৷ মুখমণ্ডলত চিন্তাৰ ৰেশ৷ প্ৰেচক্ৰিপচনখনৰ সোঁকাষে লিখিলে, বি.পি. ১৮০/১০০৷ বিশ্বাস হোৱা নাই তেওঁৰ৷ প্ৰণৱৰফালে চাইছে৷ ৰিডিংটো জনাজনি হোৱাত মুহূৰ্তৰ বাবে ডাক্তৰ, নাৰ্চ, ফাৰ্মাছিষ্ট সকলোৰে বাবে মই এটা প্ৰশ্নবোধকলৈ ৰূপান্তৰিত হ'লোঁ৷ নিজকে বিশিষ্ট পৰীক্ষাগাৰ এটাত সোমাই থকা যেনেই লাগি গল৷ গৌতমে অন্য এটা আধুনিক মেচিন সাজু কৰিলে৷ ৰিতুপৰ্ণাই আকৌ মোৰ প্ৰেচাৰ চাব ধৰিলে৷ একেই ৰিডিং৷ আকৌ প্ৰশ্ন উদয় হ'ল তেওঁলোকৰ মনত৷ প্ৰণৱে সূক্ষ্মভাৱে পৰীক্ষা কৰিলে যন্ত্ৰটো৷ ঠিকেইতো আছে৷

আপোনাৰ প্ৰেচাৰটো বেছি পাইছোঁ৷ টেবলেট এটা লিখি দিওঁ৷ ব্ৰেকফাষ্টৰ পাছত ডেইলী এটাকৈ খাব৷ দৰবটো বাহিৰত কিনি লব৷ আমাৰ পৰা নাপাব চাগৈ৷ ৰংফাৰক এইখন দেখুৱাওকচোন বাৰু৷’ এইবুলি দৰবৰ নাম আৰু একেবাৰে তলত নিজৰ দস্তখত কৰি এড্‌ভাইচ শ্লিপখন মোক গতাই দিলে৷

ধন্যবাদ জনাই চকীৰ পৰা উঠিলোঁ৷ কাগজখন নি 'দোকানী ফাৰ্মাছিষ্ট'লৈ আগ বঢ়াই দিলোঁ৷ টেবুলৰ উপৰি ৰংফাৰৰ ভৰিৰ কাষত, মজিয়াত, খোলা অৱস্থাত বিবিধ ঔষধৰ কেইবাটাও কাৰ্টন৷ কাগজখন হাতত লৈ মেডিচিনৰ নামটো পঢ়ি কটা চিন এটা দি তেৱোঁ একে কথাই জনালে মোক, বাহিৰত কিনিব লাগিব৷ ইয়াত নাই৷

শ্লিপখন সামৰি ৰঙা জেকেটটো পৰিধান কৰি ল'লোঁ৷ মোক অনুসৰণ কৰি প্ৰণৱেও নিজৰ প্ৰেচাৰ জোখালে৷ ঠিকেই ওলাইছে৷ ইতিমধ্যে মানৱ-সেৱাৰ শিৱিৰ সামৰিবৰ হল৷ ১ বজালৈকেহে সময় নিৰ্ধাৰণ কৰা আছিল৷ ৰংফাৰে দৰববিলাক চিজিল কৰাত লাগিছে৷ গৌতমে যন্ত্ৰপাতিবোৰ৷ বাকীসকলেও ভাগে ভাগে নিজৰ নিজৰ কাগজ-পত্ৰ চম্ভালিছে, বয়-বস্তু বেগত ভৰাইছে৷ ক্ষন্তেকৰ ব্যৱধানত স্থানীয় আশাকৰ্মী পাওলহিন খংচাই ওৰফে চাইলিয়ে খিৰিকী-দৰজা জপোৱাত লাগি গল৷ ডেস্কৰ ওপৰত ৰখা মোনা, কেমেৰা আদি কান্ধে-ডিঙিয়ে ওলোমাই লৈ মই সকলোতকৈ আগতে বাহিৰ ওলাই মুকলি আকাশৰ তলত ৰ'লোঁহি৷

৭. নিষ্প্ৰাণ চাইজাঙৰ মাজেৰে এখোপ আগলৈ



স্কুটীখন ইয়াতে এৰি থৈ যাওঁ, নে কত থৈ যাম গৌতম? প্ৰণৱে সুধিলে৷

ইয়াত থব নালাগে৷ যিমানলৈকে পাৰি লৈ যাম৷ অলপ আগুৱাই গ'লেই মোৰ বাইকখন দেখা পাব ৷ আপোনালোক দুজন তাতে ৰওকগৈ৷ আমি আহি আছোঁ৷ গৌতমৰ উৎসাহী উত্তৰ৷

প্ৰণৱ আৰু মই ফিল্ডখন নাপাওঁতেই গছ এজোপাৰ ছাঁত ৰলোঁ৷ গৌতমৰ পালচাৰখনো ইয়াতে একাষৰীয়াকৈ থোৱা আছে৷ ৰদজাক চোকা লাগিছে৷ বাঁওহাতে চাইজাঙৰ একমাত্ৰ ফাৰ্মাছিখন৷ পূৰ্বতে হেনো চাব-চেণ্টাৰটো এইডোখৰতে অন্য ঘৰ এটাত আছিল৷ পাছত তললৈ স্থানান্তৰিত হল৷

বাকীবোৰ অাহি পোৱালৈ অপেক্ষা কৰি আছোঁ৷ সুযোগতে চৌপাশে চকু ঘূৰাইছোঁ৷ কেইজনমান লোকে বেপাৰীৰ টোপোলাবিলাক মহিন্দ্ৰ পিক্‌-আপ্‌খনত উঠাই আছে৷ গাড়ীখনৰ কাষৰ পৰা আৰম্ভ কৰি চকুৱে আগুৰিব পৰালৈকে বাহিৰত ৮জনমান মানুহ দেখা গৈছে৷ ঠাইটুকুৰা এতিয়াও নিষ্প্ৰাণ৷ দোকানবিলাক বন্ধ৷ কলৈ গল মানুহবোৰ? খেতিলৈ গল নেকি? নে দুৱাৰ-ঘৰ মাৰি শুই আছে? পৰিৱেশটোৱে স্বাভাৱিকতে এনে প্ৰশ্ন কিছুমান মনলৈ লৈ আহিল৷ সঁচাকৈয়ে কিবা অদ্ভুত যেন লাগি গৈছে, চৌদিশলৈ চাই৷

ৰংফাৰ, পাওলহিন আৰু গৌতম উঠি আহিব ধৰিছে৷ আগে আগে ডাক্তৰণী আৰু নাৰ্চ বাইদেউ৷ গছজোপাৰ তলত অলপ পাছতে আমি লগ হলোঁ৷ গৌতমে মোক কলে, বৰাদাই ডাক্তৰণী মেডামক স্কুটীত উঠাই লওক৷ আপুনি মোৰ লগত বাইকত বহক৷ বাকীসকল লাহে লাহে আহি থাকিব৷

প্ৰস্তাৱ স্বীকাৰ কৰি মই পালচাৰত বহিলোঁৱেই৷ যুৱতী ডাক্তৰণীগৰাকী পিছে স্কুটীত নুঠিল৷ এ.এন.এম. ইংতিপীৰ সৈতে খোজেৰে গৈ থকাৰহে ইচ্ছা প্ৰকাশ কৰিলে৷ কথাটো মোৰ ভাল লাগিল৷এওঁলোকে খোজ কাঢ়িব পাৰে তাৰমানে৷ আনহাতে বাইক-যাত্ৰাটোৰ দূৰত্বও বৰ বেছি নহয় বুলি জনা গল৷ চাব-চেণ্টাৰৰ পৰা হিচাপ কৰিলে আধা কিলমিটাৰমানহে হব৷ আৰ্মী কেম্পৰ সন্মুখেৰেই আমি যাবলগীয়া কেঁচামাটিৰ বাটটো৷

গৌতম, প্ৰণৱ আৰু মই সোঁহাতে থকা সেনা-শিৱিৰটো পাৰ হলোঁ৷ আগত বাঁওহাতে নেপালী মানুহ এঘৰ৷ মেডিকেল বিভাগৰ টাটা চুম এখন আগৰে পৰাই ৰৈ আছে৷ সেইখনে কাক কঢ়িয়াই আনিছে নাজানো৷ মানুহ ঘৰৰ একাষে সাজি ৰখা চালিৰ তলতে বাইক আৰু স্কুটী থোৱা হল৷ গৃহস্থৰ নাম কৰ্ণ বাহাদুৰ থাপা৷ যুগ যুগ ধৰি এই স্থানতে বসতি৷ সংখ্যা হিচাপত ইয়াত দুঘৰহে নেপালী, বাকী সমস্ত কুকি৷


ভাৰতবৰ্ষত কুকি, ম্যানমাৰত চীন, পৌৰাণিক সংস্কৃত সাহিত্যৰ মতে কিৰাত জনগোষ্ঠী৷ অৰুণাচল প্ৰদেশক বাদ দি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যতে সিঁচৰতি হৈ থকাৰ উপৰি উত্তৰ-পশ্চিম ম্যানমাৰ আৰু বাংলাদেশৰ চিতাগং হিল ট্ৰেক্টত কুকি লোকৰ বসতি আছিল৷ কুকি মানুহৰ ঐতিহাসিক কালানুক্ৰমৰ অধ্যয়নে তেওঁলোকৰ সম্বন্ধে এইদৰে কয় যে কুকিসকল মধ্য চীনৰ এটা গুহাৰ পৰা ওলাই অহা লোক, ১৭ শতিকাত যত চীনৰ প্ৰাচীৰ সজা হল৷

৮. কুকিৰ কথাৰে...




ভাষা আৰু নৃতত্ত্বৰ যাদুঘৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূখণ্ডলৈ কুকি লোকৰ আগমন সন্দৰ্ভত কেইবাটাও প্ৰবাদ আছে৷ তেনেকুৱা এক প্ৰবাদ অনুসৰি জনা যায় যে কুকিসকলৰ আদিম বসতি মূলতঃ আছিল মধ্য এচিয়াত৷ দক্ষিণ-পশ্চিম চীনৰ মেকং উপত্যকাৰ চিনলুং অঞ্চলত তেওঁলোকে বাস কৰিছিল৷ চীনা ভাষাত কুকি’ শব্দৰ অৰ্থ হৈছে কু নামক হ্ৰদৰ পাৰত বাস কৰা মানুহৰ সমূহ৷ দুৰ্ভিক্ষ আৰু প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি উপযুক্ত বাসস্থলৰ সন্ধানত এই মানুহখিনিয়ে এসময়ত প্ৰব্ৰজন কৰিছিল আহোমৰ আদি-বাসভূমি শ্বান প্ৰদেশলৈ৷ তাত বহুত বছৰ থকাৰ পাছত ব্ৰহ্মদেশত সোমায়৷ ইৰাৱতী, চিন্দুইন নৈৰ উপত্যকাৰে আগুৱাই চীন ষ্টেটত প্ৰৱেশ কৰে৷ চীন পৰ্বতৰ ওপৰত বাস কৰাৰ সূত্ৰে ব্ৰহ্মদেশত এই জন-সমুদায়টো চীন জনগোষ্ঠী নামে পৰিচিত হৈ পৰে৷ উৰ্বৰা কৃষিভূমিৰ সন্ধানত কালক্ৰমত সেই ঠাইৰ পৰা পশ্চিম দিশে প্ৰব্ৰজন কৰি তেওঁলোক ভাৰতবৰ্ষলৈ আহে আৰু মিজোৰামৰ লুচাই পাহাৰত থিতাপি লয়৷ তেতিয়া তেওঁলোকক বোলা হৈছিল লুচাই

কুকিসকলৰ প্ৰব্ৰজন সম্পৰ্কে এনেকৈও পোৱা যায় যে ১৮ শতিকাৰ শেষৰ ফালে তেওঁলোকৰ দুটা ফৈদ ক্ৰমে ৰাংখল আৰু বেইটেসকলে একে জনগোষ্ঠীৰে অন্য দুটা ফৈদ ক্ৰমে থাডো আৰু জানচেনসকলৰ চাপত পৰি মিজোৰাম এৰি বৰাক উপত্যকা অতিক্ৰম কৰি অসমৰ উত্তৰ কাছাৰ পাহাৰ পায়হি৷ তাৰ পৰৱৰ্তী ১৯ শতিকাৰ মাজভাগত মিজোৰামত মিজোসকলৰ আগ্ৰাসনত তিষ্ঠিব নোৱাৰি থাডো আৰু জানচেনসকলেও উত্তৰ কাছাৰ পাহাৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়৷ উক্ত প্ৰব্ৰজনৰ সময় অনুসৰি পূৰ্বৰ দুটা আৰু পাছৰ দুটা ফৈদ ক্ৰমান্বয়ে পুৰণি কুকিআৰু নতুন কুকি হিচাপে পৰিচিত, যদিওবা ৰাজনৈতিক কিম্বা সামাজিক জীৱনত নতুন আৰু পুৰণি হিচাপে এই শ্ৰেণী বিভাজনৰ তাৎপৰ্য একো নাই৷

এনেকৈয়ে নানা প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিত অতিষ্ঠ হৈ এই লোকসকলে চীনৰ পৰা ব্ৰহ্মদেশ হৈ এটা সময়ত ভাৰতবৰ্ষৰ মিজোৰামৰ লুচাই পাহাৰ, ত্ৰিপুৰা, কাছাৰ, উত্তৰ কাছাৰ পাহাৰ, নগা পাহাৰ আদি কৰি শেষত মণিপুৰত নিগাজিকৈ থাকিবলৈ লয় বুলি অতীতৰ বুৰঞ্জীয়ে স্পষ্ট কৰিছে

Gazetteer of India : Manipur, Calcutta : GoI, 1963M. Bhattacharjeeএ উল্লেখ কৰামতে কুকি শব্দটো প্ৰথম শুনা পোৱা গৈছিল মণিপুৰ ভূখণ্ডত, ১৮৩০-১৮৪০ চনৰ ভিতৰত১৮৮৭ত প্ৰকাশিত A Short Account of the Kuki-Lushai Tribes on the North-East Frontierৰ লেখক C. A. Soppittৰ মতে পুৰণি কুকিয়ে ১১ শতিকাৰ প্ৰাৰম্ভতে আৰু নতুন কুকিয়ে ১৯ শতিকাৰ প্ৰথম ভাগত মণিপুৰলৈ প্ৰব্ৰজন কৰিছিল৷

দ্বিতীয় মহাযুদ্ধৰ সময়ত কুকিসকলে স্বাধীনতা কামনাৰে ইণ্ডিয়ান নেশ্বনেল আৰ্মীৰ হৈ ইম্পিৰিয়েল জাপানীজ আৰ্মীৰ সৈতে মিলি ব্ৰিটিছৰ লগত হোৱা যুঁজত ভাগ লৈছিল৷ তাৰো বহু পূৰ্বে ১৯১৭ চনতে মণিপুৰৰ মুক্তিৰ হকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল কুকিসকলে৷

একালত কুকিসকলৰ ঘাই অৱস্থান আছিল অসমৰ অবিভক্ত কাছাৰ জিলা৷ লোকসকলক জনা গৈছিল লুচাই বুলি৷ কুকিসকলৰ এই নাম আৰু অৱস্থিতি সম্পৰ্কে The North-east Frontier of India শীৰ্ষক গ্ৰন্থত Sir Alexander Mackenzieএ লিখি থৈ গৈছে৷

কোনো কোনোৰ মতে সেই কাছাৰ, উত্তৰ কাছাৰ পাহাৰৰ পৰাই কুকি লোক আদিতে মিকিৰ পাহাৰলৈ আহিছিল৷ পৰৱৰ্তী সময়ত মণিপুৰৰ পৰাও আহিছিল৷ ডিমাচা কছাৰীসকলে কুকিসকলক থাংগুমচা আৰু মণিপুৰীসকলে খমচাই বুলিছিল৷ মণিপুৰৰ পাৰ্বত্য অঞ্চলবিশেষত ১৯৯৩ চনত সংঘটিত কুকি-নগা সংঘাতৰ পাছত তাৰ পৰা কাৰবি আংলঙলৈ কুকি লোকৰ বেছিকৈ আগমন ঘটিছিল বুলি তথ্যবিজ্ঞ মহলে কয়

ইফালে কাৰবি লোক-গীতে কয়, কুকিৰ পৰাই কাৰবিয়ে লখিমীৰ উৎপত্তি সম্পৰ্কে জানিব পাৰিছিল৷ লখি কেপ্লাঙত কুকি-চীন শব্দৰ উল্লেখ পোৱা যায়৷ উভয় জনগোষ্ঠীৰে মে (জুই), থেংক (খৰি), নী (পেহী), ফু-ফী (ককা-আইতা) আদি কিছুমান শব্দৰ মিল থকাটোও মন কৰিবলগীয়া৷ ভাষাতাত্ত্বিক দিশৰ পৰা চালে কাৰবিৰ দৰে কুকিও পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষা পৰিয়াল চীন-তিব্বতীয়ৰ তিব্বত-বৰ্মী শাখাৰ অসম-বৰ্মী উপশাখাৰ কুকি-চীন বিভাগৰ অন্তৰ্গত অন্যতম পাৰ্বত্য জনগোষ্ঠী৷

প্ৰব্ৰজনোত্তৰ কালৰ সাংবিধানিক স্বীকৃতিয়ে এইটো নিশ্চিত কৰিছে যে সাংস্কৃতিক অসমৰ বিভিন্ন গোটৰ মাজৰে আজি কুকিসকলো অন্যতম৷ প্ৰজাতিগতভাৱে মংগোলীয় প্ৰজাতিৰ অন্তৰ্ভুক্ত, চুটি-চাপৰ অবয়ৱৰ, শাৰীৰিকভাৱে শক্তিশালী এই মানুহখিনিৰ নৃগোষ্ঠীয় পৰিচিতি কুকি-চীন নামেৰে৷ নগা শব্দটোৰ দৰেই কুকি শব্দটোৰো উৎপত্তি সম্বন্ধে আজিও এশ শতাংশ নিশ্চিতি পাবলৈ নাই৷ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই অসমৰ জনজাতি গ্ৰন্থত লিখি থৈ যোৱামতে কুকি-চীন নামটো অসমীয়া মানুহে দিয়া৷ এই নামটি কুকি আৰু চীন বোলা দুটি শব্দৰে গঠিত৷ অৱশ্যে আৰু বহুসংখ্যক পাহাৰীয়া জনজাতিকো শব্দযুগলে সামৰি লৈছে৷ আনহাতে চীন শব্দটোক লৈ বিতৰ্কও নথকা নহয়৷ ব্ৰিটিছৰ আমোলত চীন-কুকি-মিজো শব্দৰে কুকি ভাষা-পৰিয়ালৰ লোক-সমষ্টিক বুজোৱা হৈছিল৷ কালক্ৰমত মিজো, মাৰ, কুকি আদিৰ সন্দৰ্ভত সৃষ্টি হোৱা অৱধাৰণাসমূহ মন কৰিবলগীয়া৷

কথিত দোৱান আৰু পৌৰাণিক ধৰ্ম-বিশ্বাসৰ ভিত্তিত ভাৰতবৰ্ষত কুকিসকলৰ অনুসূচিত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত নৃগোষ্ঠী ৫০টা আছে৷ প্ৰতিটোৰে আকৌ অনেক শাখা-প্ৰশাখা আছে৷ প্ৰকৃততে কুকি শব্দটোৱে কেইবাটাও নৃগোষ্ঠীক বুজায়৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ২৯ অক্টোবৰ ১৯৫৬ তাৰিখে জাৰি কৰা অনুসূচিত জাতি আৰু অনুসুচিত জনজাতিৰ তালিকা (সংশোধিত) আৰু ১৯৭৬ চনৰ উক্ত অনুসূচীৰ সংশোধিত তালিকা অনুসৰি অসমৰ সাম্প্ৰতিক ভৌগোলিক পৰিসীমাৰ ভিতৰত বসতি কৰা মূল কুকি জনজাতিৰ শিতানত অন্তৰ্ভুক্ত ফৈদ বা খেলৰ সংখ্যা হৈছে ৩৭টা৷ সেইবোৰ হ'ল... Baite/Biete, Changsan, Chongloi, Doungel, Gamlhou, Gangte, Guite, Hanneng, Haokip/Haupit, Haolai, Hengna, Hangsing, Hrangkhwal/Rangkhol, Jongbe, Khawchung, Khwathlang/Khothalong, Khelma, Kholhou, Kipgen, Kuki, Lenthang, Lhangum, Lhoujem, Lhouvum, Lupheng, Manjel, Misao, Riang, Sairhem, Selnam, Singson, Sitlhou, Sukte, Thado, Thangeu, Uibuh আৰু Vaiphei৷ নৃগোষ্ঠীয় পৰিচয় আৰু সাংস্কৃতিক স্বকীয়তাসমৃদ্ধ এই ফৈদসমূহৰ উপ-ফৈদ, শাখা-ফৈদো ভালেমান৷

কুকিসকলৰ একে ফৈদৰ ডেকা-গাভৰুৰ মাজত বৈবাহিক সম্বন্ধ স্থাপন নিষিদ্ধ যদিও ব্যতিক্ৰমো নোহোৱা নহয়৷ অৱশ্যে আন খেলৰ মানুহক বিয়া কৰোৱাটো তেওঁলোকৰ সমাজত কমেইহে পৰিলক্ষিত হয়৷ কুকি সমাজত বিধবা বিবাহ, গা ধন আদিৰ প্ৰচলন আছে৷

কুকিসকলৰ সমাজ পিতৃপ্ৰধান৷ পিতৃৰ অবৰ্তমানত পুত্ৰ সম্পত্তিৰ গৰাকী হয়৷ তেওঁলোকে পৰ্বতীয়া স্থানত গাঁও পাতি বাস কৰে৷ কাঠ-বাঁহেৰে ঘৰ সাজে৷ পাহাৰৰ বক্ষত স্থানান্তৰিত কৃষি অৰ্থাৎ জুম খেতি কৰি পেট প্ৰৱৰ্তায়৷ পানী জমা হোৱা অঞ্চলত পানীৰ সহায়ত শালি খেতিও কৰে৷ উদ্যান কৃষিত তেওঁলোক পাকৈত৷ কাঠী-কামিতো ওস্তাদ৷ খেতি কৰা, চিকাৰ কৰা, মাছ ধৰা তেওঁলোকৰ দৈনন্দিন কৰ্ম৷ সহজ-সৰল তেওঁলোকৰ জীৱন-চৰ্যা৷

কুকিসকলে সাগৰীয় পথেদি বংগ প্ৰদেশতো প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল বুলি কোনো কোনো গৱেষকে কয়৷ বহুতে আকৌ কুকি জনগোষ্ঠীক মিজো আৰু মাৰ জনগোষ্ঠীৰ সৈতে একত্ৰ কৰিও আলোচনা কৰা দেখা যায়৷ সমাজ-সংস্কৃতিৰ বিভিন্ন উপাদানৰ দৃষ্টিৰে ফঁহিয়াই চাই কুকিসকল মাৰ আৰু মিজোৰ পৰা সম্পূৰ্ণ পৃথক এটা গোট হিচাপে ইতিমধ্যে বিবেচিত হৈছে৷ ১৯১২ চনত লণ্ডনৰ পৰা প্ৰকাশিত Lt. Col. John Shakespearৰ The Lushei Kuki Clans শীৰ্ষক গ্ৰন্থ প্ৰসংগক্ৰমে উল্লেখনীয়৷ এই জনগোষ্ঠী সম্বন্ধে অসমীয়া ভাষাত বিক্ষিপ্ত ৰূপত উল্লেখ কিছুমান পোৱা গলেও তেওঁলোকৰ প্ৰজাতিগত বৈশিষ্ট্য, সমাজ-সংস্কৃতি, জীৱন-শৈলী ইত্যাদি সমূহ দিশ সামৰি শুদ্ধ আৰু বিস্তৃত তথ্যপাতিৰ প্ৰতিফলনেৰে পৰিপূৰ্ণ গৱেষণামূলক কৰ্ম তথা যথেষ্ট সমল সন্নিৱিষ্ট গ্ৰন্থ এতিয়াও সুলভ হৈ উঠা নাই বুলি একে আষাৰে কব পাৰি৷ এই ক্ষেত্ৰত বিজ্ঞানসন্মত অধ্যয়ন আৰু উদ্ভাৱন আজিও অসম্পূৰ্ণ হৈ আছে৷

পৰম্পৰাগতভাৱে কুকিসকল আছিল প্ৰকৃতিবাদী৷ যুগ যুগ ধৰি গছ-গছনি, নৈ-বিল, আকাশ-বতাহ ইত্যাদিৰ উপাসক আছিল তেওঁলোক৷ পৰৱৰ্তী সময়ত খ্ৰীষ্টান মিছনেৰীৰ প্ৰভাৱত প্ৰায় সকলো লোকেই খ্ৰীষ্টীয় আচাৰ-আচৰণ, ৰীতি-নীতিক আঁকোৱালি লয়৷ ফলশ্ৰুতিত অধিকাংশই আজি ইংৰাজী শিক্ষাৰে শিক্ষিত৷ কোনো কোনোৱে চৰকাৰী উচ্চ পদবীতো আসীন হৈছেগৈ৷ কুকিসকল পুনৰ্জন্মত বিশ্বাসী৷

আধুনিক পোছাক-পৰিচ্ছদৰ প্ৰতি সম্প্ৰতি আগ্ৰহ বাঢ়িছে যদিও অসমৰ অন্যান্য জনজাতিৰ দৰে কুকিসকলৰো নিজস্ব সাজ-পাৰ আছে৷ কুকি মহিলাই পৰিয়ালৰ প্ৰয়োজনীয় কাপোৰ-কানি আজিও ঘৰতে বৈ-কাটি লোৱা দেখা যায়৷ জুমতলীত খেতি কৰা কপাহৰ পৰা সূতা উলিয়াই, গছ-গছনিৰ পাত আৰু ছালৰ ৰসেৰে সেই সূতাত ৰং বোলাই, কঁকালত বান্ধি লোৱা পৰম্পৰাগত তাঁতশালত কাপোৰ বয়৷ মহিলাসকলে পৰম্পৰাগত মেখেলা Ponbe পিন্ধে, চাদৰ Punggaisan লয়, হাতদীঘল চোলা Numei Sangkhol পৰিধান কৰে, স্কাৰ্টৰ অনুৰূপ Nishan, Pungaisan, Khamtang পিন্ধে; গাত শ্বল Ponsil লয়৷ মূৰত Samkop খোপা বান্ধে৷ পুৰুষসকলে Kaipleng লুঙী পিন্ধে, Thangnanpon, Ponmongbom চাদৰ লয়; Thangnang Sangkhol জেকেট পৰিধান কৰে, মস্তকত Dercop পাগ মাৰে, ডিঙিত Ngongvei গলবন্ধনী মেৰিয়ায়, গাত Pondom শ্বল লয়, কঁকালত Chombom পেটী বান্ধে৷ Bilba, Khichang, Ponmomgvom, Khamtangkhi, Tuhpah, Phisong, Pathi, Khivamvui, Dieicam, Hah, Chonbhang, Khimo আদি কুকিসকলৰ অলংকাৰ৷ Chakhaopi হৈছে তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ মোনা৷


পৰম্পৰাগত সাজ-সজ্জা আৰু আ-অলংকাৰৰ সমানে সমানে কুকিসকলৰ নাচ-গানো উল্লেখযোগ্য আৰু দৃষ্টিনন্দন৷ Kut উৎসৱৰ (Chavang Kut, Chapchar/Chapphou Kut, Mim Kut)ৰ উপৰি Sa-ai, Chang-ai, Hun, Chawn le Han, Sawm Kivah, Lawm-Siel-Kai, Voicha Kih, Puon Kaap, Sachan আদি তেওঁলোকে হেঁপাহেৰে পালন কৰে৷ Jongchalam, Malkanglam, Sagolpheikhal আদি তেওঁলোকৰ পৰম্পৰাগত নাচ৷ Daiaipong, Dalpabo, Dapi, Kong, Goseem, Sheliangdah আদি তেওঁলোকৰ লোক-বাদ্য৷

চাইজাঙত কুকিৰে আধিপত্য যদিও সদ্যহতে আমি ৰৈছোঁহি পুৰণা নেপালী মানুহ এঘৰৰ সাধাৰণ বাসগৃহ এটাৰ সন্মুখত৷ প্ৰণৱে হেলমেটটো নি কৰ্ণ বাহাদুৰৰ পঁজাটিৰ ৰুৱা এডালতে ওলোমাই ৰাখিলেগৈ৷ গাহৰি মাংসৰ টোপোলা দুটা গৌতমক চমজোৱা হৈছে৷ বুজা গৈছে যে এইখিনিৰ পৰা সকলোৱে খোজ কাঢ়িব লাগিব৷ কিন্তু কোনফালে যাব লাগিব, কিমানদূৰ যাব লাগিব, মই হলে একো গম পোৱা নাই৷ মুঠতে সম্পূৰ্ণ অনিশ্চয়তা৷ অনিশ্চয়তাৰ পম খেদিবলৈকে আহিছিলোঁ চাইজাঙলৈ, এতিয়া কাৰ্যতঃ পাই গলোঁ৷ তাকে ভাবি মনে মনে আনন্দ লাগিছে৷ পাছৰ অনিশ্চয়তাখিনিক লৈ দলটোৰ বাকীসকলৰ প্ৰতিক্ৰিয়া কেনে সেয়া সদ্যহতে জানিব নোৱাৰিলেও চৌপাশৰ পৰিৱেশটোৱে মোক কিন্তু আগন্তুক সময়ছোৱাৰ বাবে বাৰুকৈয়ে কৌতূহলী কৰি তুলিছে৷ দেৰি হলেও আমিযে আজি ইয়ালৈ নহাকৈ নাথাকিলোঁ, দেৰি হলেও বাকীসকলে এই কামটোতযে উৎসাহকণ প্ৰদৰ্শন কৰিছে, তাকে লৈ বৰ সুখী সুখী লাগিল নিজকে৷

৯. হঠাতে দেখা পালোঁ ডিলাই নৈখন



চাইজাঙৰ গ্ৰাম্য বসতিৰ আকাৰ-প্ৰকাৰলৈ চাই পাঠ্যপুথিৰ সূত্ৰমতে এয়া নিৰল বসতি বুলি ধৰিলে চাগৈ ভুল নহব৷ এম.পি.ডব্লিউ. গৌতম ৰংপিৰ বাজাজ পালছাৰখনত পিলিয়ন ৰাইডাৰ হৈ আহি থাকোঁতে তাকে ভাবিলোঁ মনে মনে৷ চকুৰ সন্মুখতে পোৱা গৌতমৰ আচহুৱা হেয়াৰ ষ্টাইলটোৱেও দৃষ্টি টানি নিনিয়া নহয়৷ তাৰ খোপাটোত মাৰি থোৱা ক্লিপটোত মোৰ টুপীৰ আগটোৱে সশব্দে কেইবাবাৰো খুন্দিয়ালেও৷ উপায় নাই, ৰাস্তা ওখোৰা-মোখোৰা আৰু এঢলীয়া৷

গৌতমক সাৰথি কৰি আমি বাইক, স্কুটী ৰাখিবলগীয়া ঘৰটো পালোঁহি৷ সন্মুখতে অন্য এটা ঘৰ৷ আগলৈ আৰু এটা৷ সাধাৰণ ঘৰ৷ আৰু ঘৰ নাই এইফালে৷ আমি যাবলগীয়া ফালে লুংলুঙীয়া বাট এটা আগ বাঢ়িছে৷ সিফালেনো আছে কি? এইখিনিৰ পৰা দেখা পোৱা নগৈছে৷ তথাপি এটা কথাত নিশ্চিত হৈছোঁ যে অথনি মইছ কিলিং পাওঁতে তিনিআলিটোৰ পৰা এইদিশে দৃশ্যমান হোৱা পাহাৰখনৰ পাদদেশতে বিৰাজমান হৈ আছোঁ আমি এতিয়া৷ পাহাৰখনৰ নামটো কি? নাজানো৷ ডিলাই পৰ্বতৰে অগ্ৰৱৰ্তী অংশ হব লাগে, মোৰ অনুমানমতে৷

চাইজাঙৰ প্ৰাকৃতিক ভূগোল, মানৱ ভূগোলৰ জ্ঞান মোৰ তেনেই সীমিত৷ কি আছেনো এইফালে বুলি আটাইকে তাতে এৰি খূদুৱাই থকা মনটোক শান্ত কৰোঁ বুলি এখোজ-দুখোজকৈ আপোন ভাবত আগ বাঢ়ি আছোঁ৷ অকল্পনীয়ভাৱে বৰ ধুনীয়া দৃশ্য এটা চকুৰ আগলৈ আহি গল৷ ওপৰৰ পৰা দেখা পাইছোঁ, তলত নৈ এখন৷ কেঁচা ৰাস্তা এটা পাক মাৰি নামি গৈছে নৈখনৰ বুকুলৈ৷ পাৰ হৈ আগুৱাই হেৰাই গৈছে পাহাৰৰ মাজত৷ প্ৰশস্ত হাতোৰা মেলি দুখনকৈ টাটা হিটাচি মাইনিং এক্সকেভেটৰে পাহাৰৰ পৰা ইতিপূৰ্বে খহোৱা শিল-মাটিবোৰ গোটাই গাড়ীত তুলি ছে৷ ফৰ হুইলযুক্ত ট্ৰাকে কঢ়িয়াই নিছে৷ চকুৱে দেখালৈকে যেনি-তেনি কেৱল শিলগুটিৰ দম৷ সেয়া চাইজাং ষ্টন কোৱেৰী৷

ৰিভাৰ কা নাম ক্যা হ্যায়, চিষ্টাৰ?

ডিলাই৷

আঙুলি টোঁৱাই সুধিছিলোঁহে মাত্ৰ, মোৰ পাছে পাছে আহি থকা পাওলহিন খংচাই ওৰফে চাইলিয়ে এক ছেকেণ্ডো নললে৷ টপকৈ জবাব দি দিলে৷ মুখৰ চিনাকি বেছি দেৰি হোৱাই নাই৷ সাধাৰণ মধ্যবয়সীয়া কুকি মহিলা৷ দেহা লাহী৷ খোজ খৰ৷ ডিঙিত জনজাতীয় মোনা এটা ওলমি আছে৷ মূৰত কাপোৰৰ মেৰ৷ তাই ইয়াৰ থলুৱা বাসিন্দা৷ হাফলং হিন্দীৰ দৰে বেছিকৈ কুকিসুৰীয়া ৰাষ্ট্ৰভাষা আৰু নাগামিজৰ ঠাঁচত দুই-এটা অপভ্ৰংশ অসমীয়া কয়৷ বাসস্থান চাব-চেণ্টাৰৰ পৰা অলপ আগলৈ৷ চাইজাঙত প্ৰৱেশ কৰোঁতেই পায় বুলি জনালে৷ অচিনাকি জেগাটুকুৰাত সদ্যহতে আশা-কৰ্মী চাইলিয়েই মোৰ পথ-প্ৰদৰ্শক বান্ধৱী হৈ পৰিল

মূল ৰাস্তা এৰি আমি শ্বৰ্টকাট মাৰি আহিছোঁ৷ মূল পথটো পাওঁতে কাষত দেখা গল চজিনা গছ কিছুমান৷ বহুবৰ্ষজীৱী, ঔষধি, মধ্যমীয়া বৃক্ষবোৰ বগা ফুলেৰে জাতিষ্কাৰ হৈ আছে৷ দেখি অভিভূত নহৈ নোৱাৰি৷ চজিনা ফুল আৰু ইংৰাজীত Drum Stick বোলা কুমলীয়া ছেইৰ আঞ্জাই মোৰ ভাল লগা খাদ্যৰ তালিকাখনত আগৰে পৰাই ওপৰৰ ফালে স্থান অধিকাৰ কৰি আছে৷ চজিনাৰ ছিৰিলি ছিৰিলি কোমল পাত, গা-গছৰ বাকলি, মূল, ফুল, পাত আৰু দীঘল দীঘল চিৰাবোৰ জ্বৰ, উচ্চ ৰক্তচাপ, পাইল্‌ছ, কুষ্ঠ ৰোগ, দাঁতৰ ৰোগ, পেলু আদি সমস্যাসমূহৰ বিপৰীতে অতি উপকাৰী বুলি গম পাওঁ৷ ধুনীয়াকৈ ফুলি থকা চজিনা ফুলবোৰ দেখি উভতি আহোঁতে পাৰিলে এগালমান সংগ্ৰহ কৰি নিয়াৰ প্ৰবল ইচ্ছা জাগিল৷ গছৰ মালিক আছেনে নাই সেয়া হলে নাজানো৷

চজিনা গছ, ফুল আদি চাই বিভোৰ হৈ থাকোঁতেই ডা. ঋতুপৰ্ণা আৰু এ.এন.এম. ইংতিপীয়ে আমাক পাছ পেলাই নামনিমুৱাকৈ দ্ৰুত গতিৰে অগ্ৰসৰ হল৷ মই পাওলহিনক বিভিন্ন কথা সুধি সুধি ঢাপৰ ওপৰত ৰৈ আছোঁ৷ অলপ পাছতে প্ৰণৱ আৰু গৌতমেও আমাক লগ ধৰি পেলালেহি৷ প্ৰণৱক ওচৰত পাই সময় কিমান হল জানিব বিচৰাত কলে, ১ বাজিবলৈ ১৫ মিনিট বাকী৷’ ৰোগী নথকাৰ পৰিপ্ৰেক্ষিতত, লগতে ট্ৰেকিং আৰু পিক্‌নিকৰ স্বাৰ্থত হেল্‌থ কেম্প নিৰ্ধাৰিত সময়তকৈ আগতে সামৰি অহা হৈছে৷

আমি আহোঁতে ডিলাই বজাৰৰ সমীপত দলঙেৰে পাৰ হৈ অহাৰ পাছত এতিয়া ইয়াত হঠাতে দেখা পাই, আৰু পথ-প্ৰদৰ্শক বান্ধৱীৰ উত্তৰটো শুনি মোৰ বোধগম্য হল যে ডিলাই নৈখন এইফালৰ পৰাই বৈ গৈছে৷ কাৰবি আংলং জিলাৰ লেখত লবলগীয়া নদী যমুনাৰ এইখন এখন প্ৰধান উপনৈ৷ উৎপত্তিস্থল ডিফু মহকুমাৰ প্ৰায় মধ্যাংশৰ ডাম্বুকছৰ দক্ষিণ-পূবৰ বোম্‌লি নামৰ ঠাই৷ গতিপথ সম্বন্ধে প্ৰাপ্ত তথ্য অনুসৰি উৎসৰ পৰা দক্ষিণ দিশত ৬ কিলমিটাৰ বৈ অহাৰ পাছত নৈখন হিংবুং পাইছে৷ তাৰ পৰা পূবমুৱাকৈ নামি আহিছে৷ ৪ কিলমিটাৰ আহি চাইজাঙৰ ওচৰত এইখিনিতে পুনৰ দক্ষিণমুৱা হৈছে৷ আগলৈ গৈ থাকি হিদিপি, ডিলাই পাৰ হৈ মাঞ্জাৰ পৰা ২ কিলমিটাৰ পূবে বাঁওপাৰে যমুনাত পৰিছে৷ যমুনা আৰু ডিলাই নৈৰ সেই মিলনস্থল মই দেখিছোঁ৷ উৎপত্তিস্থলহে দেখাৰ সৌভাগ্য হোৱা নাই৷

নৈখন বিশেষ ডাঙৰ নহয় যদিও দুপাৰৰ এতিয়া ওলাই থকা অঞ্চলটো ধাৰাবাহিক খনন কাৰ্য চলোৱাৰ ফলতেইযে বহল হৈ পৰিছে, পৰিৱেশ দেখিলেই বুজিব পাৰি৷ পূৰ্বতে চাপ খাই থকা পাহাৰ আৰু গছ-গছনিবোৰ আজি অন্তৰ্ধান৷ পাহাৰ খহাই আৰু নৈৰ বুকুৰ পৰা উঠাই নিয়া শিলগুটিৰেই সাজি থকা হৈছে সভ্যতাৰ মাইলপষ্ট বুলি অভিহিত ৰাস্তা, দলং, বিল্ডিং ইত্যাদি৷ উন্নয়নৰ স্বাৰ্থত নিৰ্মাণ প্ৰযুক্তিক একোপধ্যেই নস্যাৎ কৰিব নোৱাৰি ঠিকেই৷ পিছে বন এলেকা বিপন্ন হোৱা এনেকুৱা ধ্বংসযজ্ঞবোৰ স্বচক্ষে দেখিলে আমাৰ দৰে মানুহৰ হৃদয়ৰ কোনোবাখিনি বৰকৈ আহত হোৱা যেন অনুভৱ হয়৷ পৰ্বত আৰু নদীবেষ্টিত মনোমোহা অৱস্থানবোৰ কিবা প্ৰকাৰে সংৰক্ষণ কৰিব পৰাৰ বাট নাইনে? প্ৰশ্নটো স্বাভাৱিকতে মনলৈ আহি যায়৷
 

২০১০-১১ চনৰ তথ্য অনুসৰি কাৰবি আংলং জিলাৰ মুঠ ১০,৩৩,৪০০ হেক্টৰ মাটিকালিৰ ভিতৰত বনাঞ্চল এলেকা আছিল ৩,১৯,২৯৪ হেক্টৰ৷ এই পৰিসংখ্যাযে দিনে দিনে কমি আহিব ধৰিছে, তাক বুজিবৰ বাবে আমাৰ সন্মুখত দেখা দিয়া দৃশ্যটোৱেই যথেষ্ট৷ বৃহৎ হাৰত চলি থকা এনেকুৱা বন ধ্বংস কাৰ্যৰ বিপৰীতে সম হাৰত বৃক্ষ ৰোপণ জানো হৈ উঠিছে? এনে কাৰ্যকলাপে পথ, দলং, গৃহ নিৰ্মাণ সম্ভৱ কৰিব ঠিকেই, কিন্তু পৰিৱেশৰ সন্তুলনৰ ক্ষেত্ৰত ভৱিষ্যতলৈ বিভীষিকাও ননমাবজানো? পুনৰ এক গম্ভীৰ প্ৰশ্ন৷

Trees are our most powerful weapon in the fight against climate change. We need to plant approximately 1.2 trillion new trees to offset the amount of carbon di-oxide we are emitting, to end harmful pollution, and make earth healthy again. Thomas Crowther নামৰ জনৈক গৱেষকে চলোৱা নতুন অধ্যয়ন এটাই এইবুলি সদৰি কৰিছে৷ কথাবোৰ অতিশয় চিন্তনীয়৷ তদুপৰি আমি জানো যে ২.৫০ একৰ বনাঞ্চলে বছৰি ৪ টন ধূলি শোষণ কৰে৷ ডাঠ বনাঞ্চল এখনে প্ৰতি বছৰে প্ৰতি একৰ মাটিত পৰিব খোজা প্ৰায় ০.১৬ টন ছালফাৰ ডাই-অক্সাইড আঁতৰাব পাৰে৷ শব্দ প্ৰদূষণ ৰোধ কৰাতো অৰণ্যাঞ্চলৰ ভূমিকা উল্লেখযোগ্য৷ বৰষুণ অনাত বনাঞ্চলে সহায় কৰে৷ বৰষুণে বায়ু প্ৰদূষণ বহু পৰিমাণে কমায়৷ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু মানৱ অধিকাৰ বিভাগৰ এক প্ৰতিবেদনমতে বায়ু প্ৰদূষণৰ ফলত বিশ্বত প্ৰতি ঘণ্টাত ৮০০ লোকে প্ৰাণ হেৰুৱায়৷

১০. ডিলাই নৈৰ পাৰে পাৰে



ঋতুপৰ্ণা আৰু ইংতিপীয়ে কালৈকো নৰৈ আগে-ভাগে নদীগৰ্ভ স্পৰ্শ কৰিলেগৈ৷ পানী অতিক্ৰম কৰিব পৰাকৈ ডাঙৰ ডাঙৰ পাথৰ কিছুমান দূৰৰ পৰাই আমাৰ চকুত পৰি আছিল৷ তেওঁলোকে কিয় জানো, সেইফালেদি নগৈ নদীপৃষ্ঠৰেহে আগুৱাব ধৰিলে, শুকান চাই চাই৷ বাকী আমিকেইজনে এজনৰ পাছত এজনকৈ শিলকেইটাৰ ওপৰেদি দুপিয়াই-জঁপিয়াই ডিলাই নৈৰ জলস্ৰোত পাৰ হলোঁ৷ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশৰ ফটো তোলাত মজি থাকোঁতেই পাওলহিন আগ বাঢ়িল৷ হাতত গাহৰি মঙহৰ কলা টোপোলা ওলোমাই গৌতমো বহুদূৰ পালেগৈ৷ নতুন মানুহ, প্ৰণৱ আৰু মইহে কৰবাতে থাকি গলোঁ৷

ফট্‌ফটীয়াৰ পৰিৱৰ্তে নামনিৰ ফালে পানীৰ অস্বাভাৱিক বৰণ দেখি নৈখন প্ৰদূষণৰ কবলত পৰা যেন মোৰ অনুমান হল৷ সোঁমাজত ৰৈ উজনিলৈ দৃষ্টিপাত কৰিলত এনেহেন লাগিল, প্ৰকাণ্ড শিলবোৰে ডিলাইৰ বহল হৈ পৰা বুকুত যেন দাঁত নিকটাই বাগৰি আছে বীভৎস দৈত্যৰ দৰে! বিপৰীত পাৰৰ ৰাস্তাটোলৈ চালোঁ৷ সিয়ো তেনেই ধূলিময়৷ ধূলি গচকি কথা পাতি পাতি গৈ থাকিলোঁ প্ৰণৱ আৰু মই৷

পাক এটা মাৰি আগলৈ যাওঁতে আকৌ এবাৰ নৈখন পাৰ হবলগীয়াত পৰিলোঁ৷ ভাগ্য ভাল, জোতা-মোজা সোলোকাবলগীয়া নহল যেনিবা৷ ইয়াতো ডাঙৰ পাথৰ কিছুমান একাষৰীয়াকৈ শাৰী পাতি থোৱা অৱস্থাত আছে৷ সেইবোৰৰ ওপৰে ওপৰে সমদলটোৱে ভৰি আগুৱাইছে৷ দলক অনুসৰণ কৰি নিজেও গৈ আছোঁ৷ কলৈ গৈ আছোঁ, অন্তত কি আৱিষ্কাৰ কৰিমগৈ নাজানো৷ মুঠতে অজ্ঞাত যাত্ৰা৷ এনেকুৱা যাত্ৰাত থাকে বুজাব নোৱাৰা ধৰণৰ মজা৷ অৱধাৰিতভাৱেই, পুঞ্জীভূত উছাহে অন্তৰত আকৌ এবাৰ খলকনি জগাই গল৷

অথনি মইছ কিলিঙৰ পৰা দেখা কৰ্দৈসিৰীয়া পাহাৰলানিৰ অভ্যন্তৰত লাহে লাহে সোমাই পৰিলোঁ আমি৷ অৰুণাচলত হোৱা হলে পাহাৰবোৰ জোঙা হলহেঁতেন, উপত্যকাৰ গভীৰতাও অধিক হলহেঁতেন৷ নৈখন অতি খৰস্ৰোতা হলহেঁতেন, পানীৰ বৰণ নীলা হলহেঁতেন৷ চাইজাঙত তেনেকুৱা নহয় বাৰু৷ তথাপি গৈ থাকি ভাল লাগিছে৷ পথটো আগলৈ ক্ৰমাৎ ওখ৷ ভালকৈ একো দেখাও নাযায়৷ বাঁওহাতে বৈ থকা শিলাময় ডিলাইৰ জলস্ৰোতৰ খল্‌খল্‌ ধ্বনি-প্ৰতিধ্বনিৰ বাদে আশে-পাশে অন্য শব্দ বুলিবলৈ নাই৷ মানুহ বুলিবলৈকো কৰবাত শিল গোটোৱা দুই-এক মাত্ৰ৷ সৰহ মানুহ নাই৷

দালী বতৰ৷ গৰম প্ৰত্যেকৰে অনুভূত হৈছে৷ হলেও ওপৰত ঠাণ্ডা লাগিব বুলি অথনিতে কোৱা শুনিছিলোঁ, অভিজ্ঞ দুই-একে৷ তাকে শুনি ৱিণ্ড চিটাৰ জেকেটটো খুলি পেলাওঁ বুলি ভাবিও নুখুলিলোঁ৷ গৈ আছোঁ লগে-ভাগে৷ কেমেৰায়ো সময়-সুযোগ বুজি তাৰ কাম কৰি থাকিল৷

ডিলাই নৈৰ চিৰ্‌চিৰীয়া পানী৷ তাকে অলপ আগতে দ্বিতীয়বাৰ অতিক্ৰম কৰিছোঁ৷ পাওলহিনে ছেণ্ডেল হাতত লৈ পানী খচকি আগে-ভাগে সিপাৰ হৈ ধাৱমান হওঁতেই মই বুজি পাইছিলোঁ যে ঠাইখিনি তাইৰ অতিকৈ চিনা-জনা৷ তাইতকৈ অনেক পাছ পৰি, শিলে শিলে সাৱধানে পাৰ হৈ, ধূলিৰ মাজেৰে এতিয়া বাট বুলি আছোঁ ঋতুপৰ্ণা, ইংতিপী, ৰংফাৰ, প্ৰণৱ আৰু মই৷ গৌতম সবাৰো আগতেই অদৃশ্য হল৷ কিমান দূৰ পালেগৈ জনাৰ উপায় নাই৷

১ বাজিল৷ গৰা এটা একেৰাহে উঠি অহাৰ পাছত পোনে পোনে দূৰৈত একেলগে দেখা পালোঁ ৩খন বৃহৎ এক্সকেভেটৰ৷ তাৰে দুখন ৰৈ আছে৷ এখন কৰ্মৰত৷ আমাৰ সোঁহাতে খহাই লঠঙা কৰা পাহাৰৰ কুৰূপ প্ৰত্যক্ষ কৰি পোনেই মনত দুখ বোধে খুন্দা মাৰিলেহি, পুনৰ এবাৰ৷ উচ্চতাৰ পৰা সৰি পৰা গছ-গছনি, শিপা-ডাল-পাত আৰু শিল-মাটিয়ে হেঁচা মাৰি নৈখনৰ প্ৰাকৃতিক চেহেৰাটো তেনেই বিনষ্ট কৰি পেলাইছে৷ চকুহালে বিচাৰি ফুৰিছে, সোঁতটো কেনি? খননকাৰীয়ে এইখিনিত কিযে অৱস্থা কৰি পেলালে লাস্যময়ী পাহাৰীয়া নৈখনৰ!

১১. পিক্‌নিক্‌ স্পট পালোঁ 



হঠাতে বাঁওহাতে ৰাস্তাৰ নামনিৰ ফালৰ পৰা ভাহি আহিল মানুহৰ কণ্ঠস্বৰ৷ ডিঙি ঘূৰাই চাওঁ যে নৈখনৰ পাৰৰ মুকলি অংশ এটাত পুৰুষ-মহিলাকে ধৰি কেইবাখনো অচিনাকি মুখ৷ শিলাময় এলেকাটোৰ সিপাৰে ডাঠ বাঁহনি৷ আমাতকৈ ভালেমান আগতে আহি পাইছে গৌতম৷ মঙহখিনি হস্তান্তৰ কৰাৰ পাছত দীঘলীয়া আকাৰৰ মস্ত পাথৰ এটাৰ ওপৰত বহি একান্তমনে তেওঁ এতিয়া মবাইল টিপাত ব্যস্ত৷ ইয়াত নেটৱৰ্ক পোৱা গৈছে তাৰ মানে!

বাইলিং(!)ৰত গৌতমৰ অৱস্থানটো দেখি মোৰ মনত পৰিল, আজিৰ একাংশ তথাকথিত ব্যস্ত আৰু ডিজিটেল মানুহে জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুক, জনপ্ৰিয় মবাইল মেছেজিং এপ হোৱাট্‌ছএপ, ইনষ্টাগ্ৰাম আদিৰ নিৰন্তৰ অপ-প্ৰয়োগেৰে ব্যাপক হাৰত প্ৰচাৰ কৰি অহা লাগ-বান্ধ নোহোৱা কথা, ভুৱা বাতৰি, হকে-বিহকে আপলড কৰা ফটো আৰু ভিডিঅ’ ৰোধ কৰিবলৈ চৰকাৰে এতিয়া কঠোৰ পদক্ষেপ লবলগীয়া হৈছে৷ বাতৰি কাকত, টেলিভিচনত বিজ্ঞাপন দিবলগীয়া পৰ্যায়ো পাইছেহি৷ ফাঁক পালেই আসক্তিত ডুব যোৱা মানুহৰ দৰে মোৰ পিছে মবাইলত আঙুলি বুলোৱাৰ ধান্দা নাই৷ প্ৰকৃতিৰ আঁৰ-বেৰত লুকাই কেনি কি আছে স্বচক্ষে তা প্ৰত্যক্ষ কৰাৰ পক্ষেহে ব্যাকুল হৈ পৰিছোঁ, কম মানুহে গমনা-গমন কৰা নতুন ঠাইটুকুৰা পাই৷ এনেকুৱা সুযোগ ভাগ্যত কমেইহে আহে বুলি জানো৷

ফাৰ্মাছিষ্ট ৰংফাৰে গৰাৰ ওপৰতে বহি লৈ তেওঁৰ ফালে আগুৱান ডেকা এজনৰ সৈতে কিবা আলোচনা কৰিব ধৰিলে৷ বোধ হয় বনভোজৰ অগ্ৰগতিৰে বুজ লৈছে৷ পিনি-পেকক পৰিহিতা 
কাৰবি মহিলা এগৰাকীয়ে পানীৰে পূৰ্ণ ডেক্‌চি এটাৰ তলত ল-লকৈ জ্বলি থকা বাঁহখৰিৰ জুইকুৰা তদাৰক কৰি আছে৷ ওচৰতে অন্য ৩ গৰাকী৷ বাল্টি, খাদ্য-বস্তুৰ মোনা, হেতা আদি এঠাইত থূপ খাই থকা দেখা পাইছোঁ৷ কেৰাহী, বাঁহৰ চুঙাও আছে৷ বুজিলোঁ, এয়াই মেডিকেল ষ্টাফৰ আজিৰ পিক্‌নিক্‌ স্পট৷ আগতীয়াকৈ আহি সেইসকলে ঠাই পৰিষ্কাৰ কৰিছে, চৌকা সাজিছে, ৰন্ধা-বঢ়া আগ বঢ়াইছে৷ প্ৰণৱে উপহাৰ হিচাপে হেঁপাহেৰে যোগান ধৰা গাহৰি মাংস ৪ কেজি থলী পোৱা কেইমিনিটমানহে হৈছে৷ এতিয়া ততাতৈয়াকৈ সেয়াও সিজাব লাগিব৷ মানুহখিনিৰ মাজত বেছ উৎসাহ-উদ্দীপনা মন কৰিলোঁ৷ প্ৰণৱক দেখি কোনোবা এজনে দূৰৰ পৰাই ৰিং মাৰিলে... বৰাদা, মাংস কিমান আনিছে? ... থেংক ইউ দেই৷ বৰাদা আপুনি বোলে চোং সলালে?’ এটা হাস্যমধুৰ পৰিৱেশ৷

চাইবল চাব-চেণ্টাৰৰ এম.পি.ডব্লিউ. প্ৰণৱজ্যোতি বৰা আৰু মোৰ আজিৰ স্কুটী যাত্ৰাটোৰ প্ৰথম টাৰ্গেট আছিল চাইজাং চাব-চেণ্টাৰ৷ সেয়া এৰি অহাৰ প্ৰায় আধা ঘণ্টাৰ পাছত পদচালনাৰে এয়া দ্বিতীয় লক্ষ্য পিক্‌নিক্‌ স্পটত উপনীত হৈছোঁ৷ 
অচিনাকি জুমটোৰ ওপৰেদি পুনৰবাৰ এপলক দৃষ্টি নিগৰাই গলোঁ৷ নাই, কাকোৱেই চিনি নাপাওঁ৷ মোনাত থকা বটলটোৰ পৰা পানী কেইঢোকমানকে পি ললোঁ৷ প্ৰণৱহঁত তললৈ নামি গল৷ সেইফালে যোৱাৰ পৰিৱৰ্তে ভৰি দুখনে মোক পোনে পোনে নি থাকিব ধৰিলে৷ মন্থৰ গতিৰে, অকলে অকলে৷ হাতত উদ্যত কেমেৰা৷ মনত এটাই ভাব, ৰাস্তাটোৰ আগলৈ কি আছেনো আগতে তাকে চাই থওঁ৷

বাঁওহাতে প্ৰথমেই পোৱা এক্সকেভেটৰখনত কিবা কাৰিকৰী বিজুতি ঘটিল৷ ওচৰতে এজন লোক, সম্ভৱ অপাৰেটৰ, কিবা-কিবি লাংখা-লিংখিং কিছুমান লৈ বহি আছে৷ বোধ হয় মেকানিকৰ কাৰণে অপেক্ষাৰত৷ সোঁহাতে দ্বিতীয়খনো নিৰৱ-নিস্তব্ধ৷ আনহাতে একেবাৰে আগত, কৰ্মৰত এক্সকেভেটৰখনে দুৰ্দান্ত শক্তিৰে অবিৰাম খনন কাৰ্য চলাই আছে৷ মুহূৰ্ততে ইফালে ঘূৰিছে, সিফালে ঘূৰিছে৷ এফালৰ পৰা দাঙি অনা শিল-মাটি আনফালে বাকিছে৷ একেবাৰে ৰ
বটিক কাণ্ড-কাৰখানা৷ নিৰাপদ দূৰত্বত অৱস্থান কৰি চাই ৰলোঁ অলপ পৰ৷ ভাল লাগে এইবোৰ চাই৷ অপাৰেটৰ হবলৈও মন যায় কেতিয়াবা৷ ধ্বংসাত্মক কামটোহে পছন্দ নহয়৷

পাহাৰখনৰ সেউজশূন্য অংশবোৰ তেনেই শিলাময়৷ গোটেই পাহাৰখনেই শিলেৰে ভৰপূৰ হৈ থকা যেন ধাৰণা হৈছে, প্ৰথম দৰ্শনতে৷ প্ৰকৃতিয়ে আমাৰ কাৰবি আংলঙক সম্পদ কিছু দিছে দেই৷ বাহিৰে বাহিৰে ঘূৰিলে নহয়, এনেকুৱা ঘোঁকটত সোমালেহে ভালকৈ গম পোৱা যায়৷ স্বগতোক্তি কৰি উঠিলোঁ মনে মনে৷

কেমেৰাটো অন্‌ কৰি আৰু সন্মুখলৈ খোজ বঢ়াই আছোঁ৷ আগলৈ আৰু মুকলি ঠাই নাই৷ নৈখন, এইডোখৰত জুৰি বোলাই ভাল, জংঘলৰ মাজত সোমাই অদৃশ্য হৈ পৰিছে৷ খহাই পেলােৱা গছ-গছনিয়ে গতিপথটো ভেটি আছে৷ শিল-মাটিৰ দ
ম এটাত উঠি তাকে চাওঁ বুলি লওঁতেই হাতত দা এখন লৈ ৰংফাৰ মোৰ নিচেই কাষ পালেহি৷ কলপাত আনিব যাওঁ বুলি কৈ বাঁওহাতে সোমাই গল৷ অকলেই৷ হাবি-জংঘল মহতিয়াই পাহোৱাল ডেকাজন নিমিষতে সিপাৰ পালেগৈ৷ ওপৰৰ ফালে পাহাৰৰ গাত কলগছ কিছুমান ইয়াৰ পৰাই স্পষ্টকৈ দেখা পাই আছোঁ৷ হলেও ৰংফাৰ অকলে অকলে যোৱাটো মোৰ কিবা ভাল নালাগিল৷ যাওঁ নেকি ময়ো, সুধিলোঁ নিজকে৷

অলপ পাছতে প্ৰণৱ আৰু গৌতম উপস্থিত হ
লহি৷ দুয়োৰে পাছে পাছে দেখোন মহিলা ব্ৰিগেড্‌! উদ্দেশ্য কি? কলপাত নে শুকান খৰি সংগ্ৰহ? হিচাপ কৰিলোঁ৷ ৫ গৰাকী৷ কাকো চিনি-জানি নাপাওঁ৷ চাব-চেণ্টাৰত পৰিচয় হোৱা ডাক্তৰ, নাৰ্চ, আশা-কৰ্মী এই দলটোত নাই৷ প্ৰণৱৰ ফালে চাই অনুচ্চ স্বৰত সুধিলোঁ, কোননোঅ’ এইসকল? ডিলাই এছ.ডি.ৰ আশা-কৰ্মী৷ প্ৰণৱে উত্তৰ দিলে৷

চকুৰ সন্মুখত পৰি থকা গছ-গছনি, শিল-মাটিৰ বিশৃংখলিত দ
মবিলাক দেখি ধাৰণা হৈছে, শিলত খুন্দা খোৱাৰ শব্দ তুলি উচ্চতাৰ পৰা বৈ অহা জুৰিটোৰ প্ৰাকৃতিক গতিপথটো এইখিনিতে যেন ৰুদ্ধ হৈ পৰিছে৷ গছৰ ডালৰ ওপৰে ওপৰে বাট উলিয়াই পানীয়ে বন্ধা ডোঙাটো গৌতমেই প্ৰথমে পাৰ হৈ গল৷ আশা-কৰ্মী নাৰী-বাহিনীও এলা-পেচা নহয়৷ দুৰন্ত গতিৰে, নিৰ্ভীকভাৱে, নিজৰ মাজতে হাঁহি-মাতি আগুৱান হৈছে৷ মইহে একেবাৰে শেষত পৰিলোঁ৷ মনত সীমাহীন প্ৰশ্ন জাগিছে৷ কলৈ যাব ধৰিছে এইসকল পদযাত্ৰী? একো আও-ভাও পোৱা নাই৷ কোনেও একো কোৱাও নাই৷ সন্মুখত গহীন জংঘল আৰু পাহাৰৰ গহ্বৰ৷ কাৰো হাতত আনকি দা এখনো নাই৷ অগত্যা প্ৰণৱো গৌতমৰ সৈতে আগ বাঢ়িব ধৰাত ময়ো সিহঁতক অনুসৰণ কৰিবলৈ বাধ্য হলোঁ৷ কলৈ নিয়ে নাজানো৷ আৰম্ভ হৈ গল অন্য এক অজ্ঞাত যাত্ৰা৷

১২. অন্য এক এড্‌ভেন্‌চাৰ, ডিলাইৰ বুকুত



ছেণ্ডেল খুলি হাতে হাতে লৈ মহিলা ব্ৰিগেড গপগপাই অাগুৱান হৈছে৷ গহীন বনাঞ্চলত সোমাই পৰিছোঁ আমি৷ সেউজীয়াৰ মাজত পাহাৰৰ গহ্বৰেৰে বৈছে এই ঝৰ্ণা৷ অত্যুৎসাহী আৰু এই পৰ্যন্ত এগৰাকীৰো নাম-ধাম নজনা পঞ্চনাৰীয়েই জুৰিৰ পৰা সদ্যহতে ঝৰ্ণাৰ ৰূপ পৰিগ্ৰহ কৰা ডিলাইৰ বক্ষৰে অপৰিকল্পিতভাৱে চলোৱা আজিৰ এড্‌ভেন্‌চাৰটোত কুশলী গাইডৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ চাইজাঙৰ পশ্চিমফালে থকা অক্‌কেহাইৰ লৰা গৌতমেও গম নাপায়, সন্মুখত কি আছে৷ প্ৰণৱ আৰু মইতো একো নজনাটোৱেই স্বাভাৱিক৷ পাথৰৰ ওপৰত অত-তত জিলিকিছে আশা-কৰ্মী নাৰী-বাহিনীৰ তিতা ভৰিৰ নুশুকুৱা খোজ৷ তাকে চাই প্ৰায় লগা-লগিকৈ আগ বাঢ়িছোঁ গৌতম, প্ৰণৱ আৰু মই৷ সোঁতৰ বিপৰীতে উঠি আছোঁ ক্ৰমান্বয়ে৷

শিলেৰে খুন্দ খাই থকা, খৰস্ৰোতা ঝৰ্ণাটোৰ পাৰাপাৰ হোৱাৰ সুবিধা আৱিষ্কাৰ কৰি মহিলা দলটো কেতিয়াবা যদি ইপাৰ, কেতিয়াবা সিপাৰ৷ এটা শিলত দোপ দি অইন এটা শিললৈ উঠা-নমা কৰাতো দেখিছোঁ কেউগৰাকীয়ে অভ্যস্ত৷ পিনিৰ নিম্নাংশত ওলাই থকা আটিল কলাফুলবোৰলৈ চাই চাই মই ঘনে ঘনে অভিভূত হৈছোঁ৷ ইমান শক্তিশালী নাৰী! মানিছোঁ৷

হঠাতে শিল-পানী এৰি কাষৰ বাঁহনিৰ মাজেৰে তেওঁলোকে খৰকৈ যাব ধৰিলে৷ মাতৃভাষা কাৰবিত নিজৰ মাজতে চিঞৰি-বাখৰি, হাঁহি-মাতি গৈছে৷ পুনৰ আহিল ঝৰ্ণাটোলৈ৷ শিলে শিলে দুপিয়াই ইমান খৰকৈ যাব ধৰিছে যে খোজ মিলোৱাই টান হৈ পৰিল মোৰ বাবে৷ আকৰ্ষণীয় অৱস্থান পালেই ৰৈ হাতত লৈ থকা স্মাৰ্ট ফোনটোৰে ছেলফি উঠা, শাৰীটোৰ শেষত থকা যুৱতীগৰাকীহে থাকিল মোৰ দৃষ্টিৰ পৰিসৰত৷ অনুৰোধ ৰক্ষা কৰি দুবাৰমান গৌতমেও তাইক ফটো তুলি দিবলগীয়া হৈছে৷ খৰস্ৰোতা ৰেপিড্‌ছৰ কাষত তাই সুবিধাজনক চাই শিল এটাত বহিছে, গৌতমে মবাইলৰ বুটাম টিপিছে, তাৰ পাছত মবাইল ঘূৰাই দিছে, তাই লগে লগে স্ক্ৰীণত দৃশ্যটো চাইছে৷ এইবোৰ কৰোঁতে বাকী ৪ গৰাকী নেদেখা দূৰত্ব পালেগৈ৷ দূৰৈত, কেঁকুৰিত, বাঁহনিৰ ফাঁকেৰে মাজে মাজে দেখা দিয়ে৷ পলকতে আকৌ অদৃশ্য৷

গৌতম দ্ৰুতগতিৰে আগ বাঢ়িল৷ প্ৰণৱৰো খোজ আজি মোতকৈ খৰ দেখােন৷ কি হল মোৰ? আগ, পাছ, সোঁ, বাঁও, শিল, বোঁৱতী পানী, কাষৰ উদ্ভিদ ইত্যাদিবোৰ চাই যোৱাৰ সমানে সমানে কেমেৰাৰে দৃশ্যবোৰ ধৰি ৰখাৰ আন্তৰিক তাগিদাটো দমাব নোৱাৰিয়েযে পিছ পৰি গৈছোঁ তাক নুবুজাকৈ থকা নাই৷ সুযোগবোৰনো এৰোঁ কেনেকৈ? যেনিয়ে চকু যায়, তেনিয়ে থমকি ৰয়৷ খোজ ৰৈ যায়৷ সোঁ তৰ্জনী আপোনা-আপুনি গুচি যায় শ্বাটাৰলৈ৷ আনহাতে দুঃসাহসিক অভিযান এটা আজি এনেকুৱাকৈ চলিব বুলি জনা হলে ট্ৰেকচুটযোৰ পিন্ধি বা লগত লৈয়ে আহিলোঁহেঁতেন৷ সেয়াও মুঠেই গম নাপালোঁ৷ পৰিধানৰত পোছাকৰ সুবিধা-অসুবিধাৰ ওপৰতো ধীৰে ধীৰে অসন্তুষ্টি ঘনীভূত হব ধৰিলে৷ বিশেষকৈ পিন্ধি থকা কোৰিয়ান লং-পেণ্টটোৰ ওপৰত৷ মনটোৱে বাৰে বাৰে জোকাই থাকিল, এইবোৰ কামত ট্ৰেকচুটহে উত্তম৷

ইফালে জংঘলৰ মাজত অকলশৰীয়া হৈ পৰিলেই গালৈ হুঁচ আহি যায় যে মই থাকি গলোঁ, বাকীবোৰ আগ বাঢ়ি গল৷ গাত হুঁচ আহিলেই দৌৰা-দৌৰি চলে৷ খৰ-ধৰকৈ আগ বাঢ়ো৷ প্ৰণৱ আৰু গৌতমক লগ নাপাওঁগৈ যদিও অন্তিমগৰাকী আশা-কৰ্মীৰ কাষ পাওঁগৈ৷ নহলেযে বাট হেৰোৱাৰ ভয়৷ ইফালে অচিনাকি যুৱতীৰ ঘৰ্মাক্ত দেহাৰ পৰা নিৰ্গত হৈছে কেচেমা-কেচেম গোন্ধ৷ পলকতে উৰি আহি মোৰ নাকটোত খুঁটিয়ায়৷ ইস! ওৱাক! একদম সহ্য নহয়৷ বাধ্য হওঁ নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিবলৈ৷ নিজে গোন্ধাইছোঁ যদিও কিন্তু গম হলে নাপাওঁ৷ সোঁৱৰাবলৈ পাছত কোনোৱেই নাই৷

শিলে শিলে চলি আছে এক শিহৰণকাৰী যাত্ৰা৷ শিহৰণে খেদি ফুৰিছে প্ৰতি পদে পদে৷ কি উদ্দেশ্যতনো গৈ আছোঁ নাজানো৷ ভগৱানক খাটিছোঁ, দুপাৰৰ ডাঠ হাবি-জংঘলত, বাঁহনিৰ মাজত ঘাতক জন্তু-জানোৱাৰ কেনিও একো নাথাকিলেই হয় দেই৷ এইকেইজনীয়ে কলৈ নি আছে এতিয়াও একো ভু পোৱা নাই৷

ৰেপিড্‌ছবিলাক যিমানেই অতিক্ৰম কৰিছোঁ, সঘনে মনত পৰিছে ৰংবং তেৰাং ছাৰলৈ৷ মাত্ৰ দুদিনৰ আগতে থানা ৰডত অৱস্থিত বাসস্থান হিল্‌ছ ভিউ কটেজত বহোঁতে ছাৰে কৈছিল, প্ৰকৃতিৰ মাজলৈ যাবলৈ এইকেইদিন খুব মন গৈ আছে মোৰ৷ শিলনি (লংছকাংথু)ৰ শিল এছটাত বহি পানীৰ উখল্‌-মাখল্‌ শব্দবোৰ কাণ পাতি শুনিবৰ ইচ্ছা হৈছে৷ নিৰিবিলিত এখন্তেক অকলে অকলে কটাবলৈ মন গৈছে৷ তাতে হাত-মুখ ধুই চিঙৰা আৰু নিমকিৰে লালচাহ একাপ খাই অলপ সময় থাকিবলৈ পালে ফুল্‌লি চাৰ্জড হৈ যাম৷ লিখিবলৈ শক্তি পাম৷ ইয়াত সোঁৱে-বাঁৱে, আগে-পাছে দেখা দৃশ্যবোৰে পোনছাটেই ছাৰৰ মুখখন আৰু বাক্যকেইটা মোৰ মনলৈ আনিছে৷ ফটোকে তুলিছোঁ খুবমতে৷ গৈ পাই দেখুৱাম৷ কাহিনীও শুনাম৷ নিজৰ বয়সক দোষী সাব্যস্ত কৰাৰ লগতে আপদীয়া আঁঠুৰ বিষটোক দায় দি ছাৰে ৰসিকতাৰে কব, ভাবিলোঁ মই, গলা তুমি! হব দিয়া, তোমাৰ জৰিয়তেইযে এইবোৰ চাবলৈ পালোঁ৷

১৩. আৰম্ভণিতেই আদৰিলে আকস্মিক বিপদে



সন্মুখত একেলগে দুটা জলপ্ৰপাত৷ আনুমানিক উচ্চতা ১২-১৪ ফুটৰ বেছি নহব৷ সৰু যদিও ধুনীয়া৷ ফেনীল পানীয়ে নামনিৰ সৌন্দৰ্য বহুলাংশে বৃদ্ধি কৰিছে৷ হৰ্‌ হৰ্‌ শব্দত মুখৰিত চৌপাশ৷ অগণিত বুদ্‌-বুদ্‌ত সৌৰৰশ্মিৰ অভিনৱ চিক্‌মিকনি৷ গৌতম ওপৰ পালেগৈয়ে৷ আকাশলৈ প্ৰসাৰিত দুহাত৷ বুজিছোঁ, সেয়া আনন্দৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ৷ মহিলা বাহিনীও সুবিধাজনকভাৱে ইফালে-সিফালে অৱস্থানৰত৷ মুখত প্ৰাপ্তিৰ খিলখিলনি, নিৰ্ভেজাল হৰ্ষোল্লাস৷ তাৰ মানে এই জলপ্ৰপাতটোৰ পম খেদিয়ে কিছু সময়ৰ আগতে স্বয়ংক্ৰিয়ভাৱে সংযুক্ত হৈ পৰা আমাৰ ৮ জনীয়া পুৰুষ-মহিলা ট্ৰেকাৰ্ছ দলটোৰ অজ্ঞাত যাত্ৰাটো আৰম্ভ হৈছিল৷ খাটাংকৈ নাজানো৷ মইহে ভাবি পাইছোঁ এইদৰে৷ এনে লাগিছে, হয়তো ইয়াৰ পৰাই ঘূৰিম চাগৈ আমি৷ কিয়নো চকুৰ আগত দেখা গৈ থকা ডিলাইৰ অগ্ৰাংশ বেছিকৈয়ে গহীন আৰু ঘোপ মৰা৷ ইফালে ঘূৰি গৈ পিকনিকৰ ভাতসাঁজ প্ৰণৱে অনা গাহৰি মঙহেৰে লগে-ভাগে স্ফূৰ্তি কৰি খোৱাৰ কথাও আছে৷

আজিৰ এই দলটোত মোৰ বাবে চিনাকিতকৈ অচিনাকিহে সৰহ৷ প্ৰণৱক বাদ দি বাকীসকলৰ বাবে ময়েই আটাইতকৈ নতুন৷ অন্য কথাত নবাগত৷ অজ্ঞাত-কুলশীল প্ৰাণী৷ মহিলাসকলৰ লগত চা-চিনাকিতো নায়েই, কৌতূহলী প্ৰশ্ন কিছুমানে মগজুত তোলপাৰ লগালেও মুখেৰে টু শব্দ এটাও এতিয়ালৈ আৰম্ভই হোৱা নাই৷ সকলোটি একেটা দলৰে বুলি একত্ৰিতভাৱে লগে-ভাগে, অগা-পিছাকৈ চলি আছোঁ৷ এইটোৱেই নিয়ম৷ প্ৰণৱক উদ্দেশ্য কৰিহে সময়ে সময়ে চিঞৰি আহিছোঁ৷ লৈ গৈ আছোঁ আমি? ঝৰ্ণাৰ কলৰৱত কথাৰ উত্তৰ কথাৰে নিদি প্ৰণৱে নঞৰ্থক ভংগীত দুহাত জোকাৰি ইংগিত দিছে, যাৰ অৰ্থ- ময়ো একো গম নাপাওঁ, অনুসৰণ কৰি থাকক৷ এনেকৈয়ে অজ্ঞাত যাত্ৰা অব্যাহত আছে৷ পাইছোঁহি এই সৰু অথচ মোহনীয়া জলপ্ৰপাতটো৷

দুফালেদি পানী নমাৰ সুন্দৰ দৃশ্যটো কেমেৰাত বন্দী কৰি থবৰ মন গল আৰু তাকে লৈ ব্যস্ত হৈ পৰিলোঁ৷ গৌতমৰ পাছে পাছে প্ৰণৱো সোনকালেই জলপ্ৰপাতৰ ওপৰৰ শিলত ৰলগৈ৷ মই পিছে ওলোটা৷ নিজৰ মতলব পূৰণাৰ্থে তলফালে, কুণ্ডৰ পৰিসৰত থকা শিল এটালৈ লাহেকৈ নামিলোঁ৷ স্নেপ লোৱা কাম হৈ গল৷ চালোঁ৷ ওচৰতে, সোঁফালে, পানীৰ মাজত অন্য শিল এটা আছে৷ অধিকাংশ ডুব গৈ কেৱল ওপৰৰ অংশটো সামান্য ওলাই আছে৷ ভাবিলোঁ, সেইটোতে দোপ দি সন্মুখত থকা থিয়, মোৰ বুকু পৰ্যন্ত উচ্চতাৰ শিলটো পাই যাম৷ তাৰ কাষেৰে বগাই সংগীদ্বয়ক আৰামছে লগ ধৰিব পাৰিম৷ শ্বৰ্টকাট থাকোঁতে দূৰেৰে পাক মাৰি যোৱাৰ কি দৰকাৰ?

কান্ধত নগা মোনা৷ কেমেৰা ডিঙিত ওলমোৱা হৈছে যদিও অভ্যাসবশতঃ বাঁওহাতেৰে ধৰি আছোঁ৷ বচ, পানীৰ মাজত অকণমান ওলাই থকা শিলটো লক্ষ্য কৰি সোঁভৰিখন আগুৱাই দিলোঁ৷ কি দুৰ্ভাগ্য! এনেয়ে নকয় নহয়, বোলে, চৰণেহে জানে মৰণৰ ঠাই৷ মোৰো অংক ভুল হৈ গল৷ টলকিবই নোৱাৰিলোঁ৷ লগে লগে খাই গলোঁ পিছল৷ ভাৰসাম্য হেৰাল তৎমুহূৰ্ততে

পানীত পৰি যাব লাগিলে সৰ্বনাশ৷ জীৱ থাকিবনে নাই সন্দেহ আছে৷ সাঁতুৰিবতো নাজানোৱেই৷ খপৰ-জপৰত কেমেৰা সৰি পৰিলেও শেষ৷ উভয় সংকটত ফচি গলোঁ ছেকেণ্ডৰ ব্যৱধানত৷ জান-প্ৰাণ দি কেমেৰাটো বচাবলৈ প্ৰথমে মুখৰ আগৰ শিলটোত ৰাখিলোঁ কেমেৰাসহ বাঁওহাতৰ মুঠিটো৷ ঠেকা খাই কেমেৰা এৰ খাই গল৷ শিলত খুন্দা খোৱাত শব্দ এটাও হল৷ পৰি নগল যেনিবা৷ কেমেৰা বাচিল বাৰু৷ কিন্তু তাৰ লগে লগে নিজেও বাচিবলৈ মুখৰ আগত থকা প্ৰায় এবুকু ওখ আৰু থিয় শিলটোত প্ৰথমে বাঁওভৰিৰ আঁঠু আৰু তাৰ পাছতে কঁকালৰ সোঁ অংশৰে ধামকৈ মাৰিলোঁ খুন্দা৷

নিজকে নিজে আচাৰি পেলোৱাৰ পাছত জোতা পিছলি মানুহটো পানীত এই পৰোঁ, এই পৰোঁ৷ ভাৰসাম্য ৰক্ষা কৰিবলৈ মগজুৰ ইংগিতত আপোনা-আপুনি সোঁহাতখন তৎক্ষণাৎ আগ বাঢ়ি আহিল৷ ইফালে ঘটনা ইমানেই আকস্মিকভাৱে ঘটি গল যে সময়ৰ অভাৱত হাতৰ মুঠি খোলেই নাখালে৷ বুঢ়া আঙুলিটো তলুৱাৰ তলতে থাকি গল৷ কুণ্ডত পৰি নাযাবলৈ শিলত খামোচ মৰাৰ প্ৰয়াস কৰোঁতে অজানিতে গাৰ সমস্ত জোৰ দি হাতখনো কোবাই দিয়া হল শিলটোত৷

তাৰ পাছতে পিছলি আহিব ধৰিলোঁ মই৷ দেখিলোঁ, বিপদ সন্নিকট৷ কেমেৰা বাচিলেও নিজৰ কি হয় ঠিকনা নাই৷ লগে লগে মৰণ-কাতৰ চিৎকাৰ, গৌতম আৰু প্ৰণৱক উদ্দেশ্য কৰি৷ বচাওক বচাওক, ধৰক ধৰক, পৰিলোঁ মই৷ মই সন্মুখৰ শিলটোক খামুচিব পৰা নাই৷ আঁঠু আৰু কঁকালেৰে হেলনীয়াকৈ তাত গাৰ ভৰ দি কোনোৰকম ৰৈ আছোঁ৷ জানিছোঁ যে বেছি সময় এনেকৈ থাকিব নোৱাৰিম৷ জোতাত পানী সোমালেই৷ কেমেৰা ইতিমধ্যে এৰি দিয়া হৈছেই৷ 

বিদ্যুৎসঞ্চাৰে আহি গৌতমে মোক হাতত ধৰি টানিব ধৰিলে৷ অকলে বলে পৰা নাই৷ ক্ষীণদেহী, ছট্‌ফটীয়া ডেকাটো যেন নামি আহিব, তললৈ৷ গতি বিষম দেখি ক্ষীপ্ৰতাৰে প্ৰণৱো আহিল৷ দুয়ো লগ লাগি উঠালে মোক৷ উভয়ৰে তৎপৰতাত উদ্ধাৰ কাৰ্য সফল হল৷ ঠিক যেন বিদেশী এক্‌চন ফিল্মহে!

ডিলাইৰ জলপ্ৰপাতত সলিল সমাধি ঘটাৰ পৰা ভাগ্যে ৰক্ষা পৰিলোঁ আজি৷ দুই সংগীৰ সাহায্যক্ৰমে ওপৰৰ ডাঙৰ শিলটোত উঠি লৈ প্ৰকৃতিস্থ হওঁতে অলপ পৰ লাগিল৷ বিশ্লেষণ চলিল, কি ভাবিছিলোঁ আৰু কি ঘটি গল৷ তাৰ পাছত শৰীৰটোৰ খবৰ লোৱা আৰম্ভ কৰিলোঁ৷ আঘাত কত কত পালোঁ? বাঁও ভৰিৰ আঁঠু, কঁকালৰ সোঁফাল, সোঁহাতৰ বুঢ়া আঙুলি৷ তিনিওডোখৰ একে সময়তে কেঁকাই উঠিছে৷ প্ৰণৱে লাহে লাহে মোহাৰি দিবলৈ কলে৷ মোহাৰোঁতেই ধৰা পৰিল, কঁকালত অস্বাভাৱিক ধৰণে হঠাতে টেমুনা এটা উঠি গৈছে৷ হাৰে, এইটো কেনেকৈ সৃষ্টি হল? আচৰিত! আঁঠুটোও ভিতৰি ভিতৰি বিষাব ধৰিছে৷ সৰ্বাধিক ঘাইল অনুভৱ হৈছে আঙুলিটোত৷ স্বাভাৱিকভাৱে লৰচৰ কৰিব নোৱাৰিছোঁ৷ চোট অলপ বেছিয়ে হল৷ কি কৰিম এতিয়া?

ভাগিলে নেকি? প্ৰণৱে সুধিলে৷ সিহঁত দুয়োটাই মেডিকেল বিভাগৰ মানুহ৷ মোক লৈ তৎক্ষণাৎ ব্যস্ত হৈ পৰিল৷ সঁজুলি একো নাই৷ এই হাবিৰ মাজত কৰিবনো কি? অসহায় অৱস্থা৷ বুজি পাইছোঁ মই৷ সিহঁতে পিটিকি চালে৷ লাহে লাহে টানিও চালে৷ নাই, ভগা নাই চাগৈ৷ ভগা হলে আপুনি ইমান পৰে থাকিব নোৱাৰিলেহেঁতেন৷ প্ৰচণ্ড বিষ অনুভৱ কৰিলেহেঁতেন৷’ উপযুক্ত যন্ত্ৰ আৰু পৰীক্ষা অবিহনেই দুয়ো ডায়েগনেষ্টিক ৰিপৰ্ট শুনাই দিলে৷ মই নিৰুত্তৰ৷ পূৰ্বৰ অভিজ্ঞতা বুলিবলৈও শূন্য৷

প্ৰতিবিধান স্বৰূপে কেঁচা হালধি, ভলিনি স্প্ৰে আদিৰ নাম ওলাল৷ পিছে এই অৱস্থানত সেইবোৰ পাওঁনো কেনেকৈ? যি হয় হব আৰু৷ মোনাটো কান্ধত লাহেকৈ ওলোমাই ললোঁ৷ কেমেৰাও আগৰ দৰে, ডিঙিত৷ আঁঠু আৰু কঁকাল বাৰু যেন-তেন৷ বুঢ়া আঙুলিয়ে কিন্তু যাতনা দিব ধৰিলে৷ গুৰিৰ অংশ আগতকৈ জোখত অলপমান ডাঙৰ হোৱা যেনো লাগিল৷ বাঁওহাতেৰে ঘূৰাই-পকাই থাকিলোঁ অলপ সময়৷

ভাল কথা এইটোৱেই হল যে ফটো তুলি থাকোঁতেই মহিলা ব্ৰিগেডে প্ৰস্থান কৰিছিল৷ সেয়ে কোনেও দৃশ্যটো নেদেখিলে৷ ঘূণাক্ষৰেও গম নাপালে৷ নহলে গৰমে গৰমে ভাল লাজখন পালোঁহেঁতেন আজি৷

কাপোৰ সাজৰ ওপৰত আগতেই কনফিডেন্স হেৰুৱাইছিলোঁ৷ এতিয়া জোতাযোৰেও ঠগিলে৷ পুৰণা হৈছে৷ গ্ৰীপ কমিছে তাৰ মানে৷ জোতাৰ ওপৰত বিশ্বাস টুটিল যদিও ভৰিৰ ওপৰত আস্থা ৰাখি এতিয়াৰ পৰা চাই-চিতি খোজ দিব লাগিব৷

ভাবিছিলোঁ, পথ-প্ৰদৰ্শকসকল ইয়াৰ পৰাই উভতিব৷ পিছে জলপ্ৰপাত এৰি দল দেখোন আৰু আগুৱাইহে যাব ধৰিলে! অনুসৰণ কৰি ময়ো লাহে লাহে, সাৱধানে পদচালনা আৰম্ভ কৰিলোঁ৷ জোতা-মোজা দুয়োটাই ভিজা৷

১৪. আৰণ্যক নীৰৱতা আৰু এজন মাছমৰীয়া




বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক উদ্ভিদৰ জটিল সংগঠনেই অৰণ্য৷ যিমানেই আগুৱাইছোঁ চাইজাঙৰ অৰণ্য গভীৰ হৈ পৰাটো লক্ষ্য কৰিছোঁ৷ আৰণ্যক নীৰৱতাৰ মাজে মাজেই সুৰধ্বনি তুলি একা-বেঁকা আৰু এঢলীয়াকৈ বৈ আহিছে এই শিলাময় ঝৰ্ণা, ডিলাই যাৰ নাম৷ এইখন ডিলাই আৰু ডিলাইত দেখা ডিলাইখনৰ ৰূপ দুটাৰ মাজত পাৰ্থক্য স্বাভাৱিকতেই আকাশ-পাতাল৷

আকস্মিকভাৱে, মানুহ এজন লগ পালোঁ৷ মাছ ধৰাত ব্যস্ত৷ পাছফালে শিল এটাত বহি আছে ষোড়শী এজনী৷ বাঁওহাতখন থুঁতৰিত ৰাখি একান্তমনে চাই আছে মাছ মৰা কাৰ্য৷ মাছুৱৈজনৰে জীয়েক হব কিজানি৷ নাজানো, নহবও পাৰে৷ অচিনাকি মানুহজনৰ দুয়োহাতে ছহাতমান দীঘল বাঁহৰ দণ্ড একোডাল৷ দুয়োডালতে ইলেকট্ৰিক ৱায়াৰ মেৰিওৱা আছে৷ এডালত কলা, আনডালত ৰঙা বৰণৰ৷ বাঁওহাতেৰে ধৰি থকা, ৰঙা ৱায়াৰ মেৰিওৱা দণ্ডডালৰ অগ্ৰভাগত ৱেলল্ডিং ইলেকট্ৰডৰ দৰে শলা এডাল৷ কলা ৱায়াৰ মেৰিওৱা সোঁহাতৰডালৰ আগত ছাকনীৰ দৰে এখন প্লাষ্টিকৰ সৰু নেট৷

দুয়োডাল দণ্ডৰে আগলি অংশ পানীত৷ মাছমৰীয়াৰ পিঠিত ৰাক্‌চেকৰ দৰে সুবিধাজনক ব্যৱস্থা কৰি ওলোমাই ৰখা হৈছে কাঠৰ পেনেল বৰ্ড এখন৷ তাৰে তলৰ অংশত বেটাৰী এটা আছে৷ সোঁহাতখনে সহজে ঢুকি পোৱাকৈ চুইচ এটা শূন্যত ওলমিছে৷ শিলৰ ফাঁকত ওলোৱা মাছ দৃষ্টিগোচৰ হলেই পানীখিনিত তেওঁ বিদ্যুৎ প্ৰৱাহ চালু কৰি দিয়ে৷ ইলেকট্ৰিক শ্বক্‌ পাই মাছ লগে লগে ঢেল-পোঙা৷ উপঙি উঠা মাছটোক সোঁতে টানি নিয়াৰ পূৰ্বেই নেটখনত সুমুৱাই পেলায়৷ মানুহৰোযে চিন্তা আৰু উদ্ভাৱন কিছুমান! দেখিয়েই মোৰ মনত পৰি গল অভিনৱ উদ্ভাৱন শক্তিৰে চহকী বিশিষ্ট উদ্ভাৱক তথা প্ৰযুক্তি ৰত্নবিদ, লখিমপুৰৰ সুযোগ্য সন্তান তথা অসম-গৌৰৱ উদ্ধৱ কুমাৰ ভৰালীলৈ৷ কবলৈ গলে চাইজাঙৰ অভ্যন্তৰত এইজনো এজন উদ্ধৱ ভৰালীয়েই!

সংগ্ৰাহক বৃত্তিৰ পৰা আৰম্ভ কৰি চিকাৰ কৰা, মাছ ধৰা, পশুপালন আদিৰ ভিতৰত মাছ ধৰা প্ৰথাটোক মানুহৰ অতি প্ৰাচীন বৃত্তি বুলি কোৱা হয়৷ অচিনাকি মানুহজনক লক্ষ্য কৰি থাকোঁতে চীনা প্ৰবচন এষাৰ মনলৈ আহিল৷ Give a man a fish and you can feed him for a day. Teach him to fish, you can feed him for life.

ককাই মাছ পাইছে?
পাইছে অলপ-চলপ৷ বেছি নাই৷
কি মাছ পাইছে৷
ৰৌ মাছ৷
ৰৌ মাছ! উত্তৰ শুনি প্ৰণৱৰ চকু থৰ৷ নেটখনৰ ভিতৰত সোমাই থকা মাছবোৰ হাত সুমুৱাই লিৰিকি-বিদাৰি চোৱাত লাগি গল৷ কাষতে থকা শিল এটাৰ ওপৰত বহিয়েই ললে বাপ্পেকে৷ মানুহজনে ৰৌ মাছ বোলা সোণালী ৰঙৰ ৫ ইঞ্চিমান দীঘল মাছ এটা হাতত তুলি লৈছে, পৰীক্ষা কৰাৰ অভিপ্ৰায়েৰে৷ মাছক কেন্দ্ৰ কৰি আমিকেইটাই জুম বান্ধিছোঁ৷ মহিলাসকল আগতেই পাৰ হল৷ অৰুণাচলৰ হাবিৰে ধাৱমান নৈ-নিজৰাত আজিও নতুন প্ৰজাতিৰ মাছ অৱিষ্কাৰ হয়৷ ইয়াতো অৱশ্যে এই মাছটোৰ প্ৰকৃত নাম কি, সেয়া কাৰোৱেই জনাত নাই৷ পাছে এতিয়া গৱেষণা কৰি থাকিলে নহব৷ বাট দেখুৱাই নিয়া নাৰী বাহিনী কোনোবাখিনি পালেগৈ৷ তাকে ভাবি মাছৰ পাছত সৰহ সময় লাগি নাথাকি গৌতম আৰু মই আগ বঢ়া দেখি প্ৰণৱেও গৱেষণা কাৰ্য সিমানতে ইতি পেলাবলৈ বাধ্য হল৷

মাছ মৰাৰ আধুনিক কৌশল, অত্যধিক মাছ ধৰা, জল প্ৰদূষণ আদি নানানটা কাৰণত মাছৰ সংখ্যা আগতকৈ কমি আহিব ধৰিছে৷ কাৰবি আংলঙৰ পাহাৰীয়া নদীত বোমা ফুটাই মাছ ধৰা মই দেখিছোঁ৷ পিছে এনেকুৱা পদ্ধতি কাহানিও দেখা নাছিলোঁ৷ এয়াই প্ৰথম দেখিলোঁ৷ কি মানুহ সেইজন বুলি পাছত সোধাত প্ৰণৱে কুকি বুলি কলে৷ প্ৰথম দৃষ্টিত মোৰ হলে আদিবাসী যেনহে লাগিল৷

আনফালৰ পৰা চাবলৈ গলে এইবোৰ হৈছে প্ৰাচুৰ্যৰ অঞ্চল৷ প্ৰাকৃতিক সম্পদত চহকী বাবে এনে অঞ্চলবিলাকত মানুহে সামান্য পৰিশ্ৰমতে প্ৰকৃতিৰ পৰা বস্তু সংগ্ৰহ কৰিয়েই জীয়াই থাকিব পাৰে, জীৱিকা মোকলাব পাৰে৷ প্ৰকৃতি, মানুহ আৰু সংস্কৃতিএইবোৰেই হৈছে সম্পদ সৃষ্টিৰ উপাদান৷

. সোমাই পৰিছোঁ জলপ্ৰপাতৰ মায়াজালত




এলেকাটোত ইমানেই শিল আছে যে মুখৰ আগত ওলাই থকা দৃশ্যপটসমূহে মোক বাৰে বাৰে ভবাই তুলিছে৷ এই শিলবোৰ কেতিয়াৰ? কেনেকৈ সৃষ্টি হল? কি জাতৰ শিল এয়া? একো নাজানো৷ গৱেষকে কব৷ আমিতো আৰু সেই শ্ৰেণীৰ মানুহ নহওঁ৷ আনহাতে ঝৰ্ণাটোৰ পানীবোৰো তলি দেখাকৈ ফট্‌ফটীয়া!

মোৰ কান্ধত ওলমি থকা আংগামী মোনাৰ ভিতৰত ১ লিটাৰৰ বটল এটাত ঘৰৰ পৰা অনা পানী আছে যদিও ডিলাইৰ বুকুৰ পানী কেইচলুমানহে পি ললোঁ৷ মানে পিবৰ মন গল৷ আমি আমাৰ শৈশৱ-কৈশোৰত কৰাৰ দৰে হাতৰ তলুৱাৰে খোল সাজি পানী খোৱাৰ মজাটো সভ্যতা আৰু আধুনিকতাই আজিকালি নাইকিয়াই কৰি দিলে৷ পুৰণা অনুশীলনকে সুযোগ পাই এতিয়া পুনৰবাৰ কাৰ্যকৰী কৰা হল শিলাময় গহ্বৰত৷ শীতল জলস্ৰোতত মুখমণ্ডলো ধুই ললোঁ৷ বঢ়িয়া লাগিল৷ মই যেন সতেজ হৈ পৰিছোঁ, এনে লাগিল৷

ইউনিচেফৰ এক ৰিপৰ্ট অনুসৰি জীৱাণুবাহক পানী খোৱাৰ কাৰণে প্ৰতিদিনে হেনো ২৫,০০০ সংখ্যক লোক মৃত্যুমুখত পৰে৷ অন্য এক গম্ভীৰ তথ্যমতে গংগা বিশ্বৰ ভিতৰতে সবাতোকৈ প্ৰদূষিত নদী৷ এইটো ঠিক যে দুপাৰৰ অপৰিকল্পিত আৰু বিশৃংখল জনবসতিয়েহে পৱিত্ৰ নৈকো অপৱিত্ৰ কৰে, এনেকুৱা পাৰ্বত্য প্ৰকৃতিয়ে নিশ্চয় নহয়৷ উচিত প্ৰমাণ এইখন ডিলাই৷ সেয়ে পি ললোঁ প্ৰাণভৰি৷ ট্ৰেকিং-কেম্পিঙত ওলালে পাহাৰীয়া নৈ-নিজৰাৰ কেঁচাপানী খাওঁৱেই৷ সেয়া অৰুণাচলৰ মেন্‌-চু-খাতেই হওক কিম্বা কাৰবি আংলঙৰ লাংচিথিং৷ কোনো দ্বিতীয় চিন্তা কৰিবলৈ নাই৷ খাই দিয়াৰ পাছতে এনে লাগে, এক ধৰণৰ শক্তি যেন ঘূৰাই পাইছোঁ! বেমাৰ-আজাৰ একো হোৱা নাই আজিলৈ৷ পানী এবটল ভৰায়ো লওঁ ঘৰলৈ৷ আজিও নিব লাগিব৷ কথাটো পাহৰিলে নহব৷ তাকে নিজকে নিজে সোঁৱৰাই আছোঁ৷

আমাৰ পথ-প্ৰদৰ্শক মহিলা ৫গৰাকী পাৰ সলাই সলাই গৈ আছে৷ আমাতকৈ অনেক আগত আছে তেওঁলোক৷ আমাক আনি আনি আকৌ এটা জলপ্ৰপাত পোৱালেহি৷ এইটো অথনিতকৈ অলপ ডাঙৰেই৷ ওচৰ চাপিলত পৰিষ্কাৰ হল, অাঁতৰৰ পৰা তলত দেখা পাই থকা এই জলপ্ৰপাতটোৰ ওপৰলৈ দ্বিতীয় এটাও নামিছে৷ পানী নহয় যেন ঝৰ্ণাৰ বুকুত এয়া দুগ্ধৰহে ধাৰা! উঃ কি দেখিছোঁ মই! আনন্দত মুখৰ পৰা উকি ওলাই গল, স্বতঃস্ফূৰ্তভাৱে৷

প্ৰথম জলপ্ৰপাতটোৰ গুৰিত কুণ্ড এটা৷ যিমান পাৰোঁ তাৰ কাষলৈ আগ বাঢ়িছোঁ৷ ছিটিকনিয়ে কিছু দূৰলৈকে তিয়াই ৰাখিছে চৌপাশ৷ যিমানে উঠি আহিছোঁ সিমানে চেঁচা অনুভূত হৈছে৷ এতিয়াহে চিন্তা কৰিছোঁ, ৱিণ্ড চিটাৰ জেকেটটো নুখুলি জ্ঞানীৰ কামেই কৰিলোঁ৷ সুবিধাজনক স্থান চাই সাৱধানে বহি লৈছোঁ, দৃশ্য উপভোগ কৰাৰ লগতে ফটো তুলিম বুলি৷ অাধাঘণ্টামান আগেয়ে অাকস্মিকভাৱে আঘাতগ্ৰস্ত আঙুলিটোলৈ চাইছোঁ৷ বিষাই আছে৷ ফুলিছেও৷ ভিতৰত কি হৈ আছে গম নাপাওঁ৷ একেবাৰে অন্তিমত থকা আশাকৰ্মী যুৱতীজনীয়ে শিলৰ ওপৰেদি নামি অহা ধাৰাটোক বেক্‌ গ্ৰাউণ্ডত লৈ ছেল্‌ফি উঠাত লাগি গল৷ তাই মোৰ ফ্ৰেমত সোমাই পৰিছে৷ স্নেপ লোৱাত দিগদাৰ হৈছে৷ কেমেৰাটো তাইৰ ফালে টোঁৱাই থাকিবলৈও কিবা ভাল লগা নাই৷ ইফালে-সিফালে চাই ৰৈয়ে দিলোঁ৷ একো কবও নোৱাৰোঁ৷ ভাবিলোঁ, তাইৰ হওক বাৰু, আঁতৰি গলে সুস্থিৰে নিজৰ কামফেৰা কৰিম৷

এনেতে দেখিলোঁ, গৌতম উঠিলগৈ সন্মুখত থকা বিশালাকাৰ শিলটোৰ ওপৰত৷ অবয়ৱ সঁচাকৈয়ে বিশাল সৌ শিলটোৰ৷ তাৰ ওপৰেদি ঝৰ্ণাটোৰ ইপাৰ-সিপাৰকৈ পৰি আছে গছ এডাল৷ সেইডালৰ গা-গছৰ আকাৰো প্ৰকাণ্ড৷ মস্ত পাথৰটোত উঠি তললৈ চাই গৌতমে দুহাত মেলি দিছে৷ বিজয়ৰ আনন্দ প্ৰকাশ৷ উঃ কিযে প্ৰাণস্পৰ্শী দৃশ্য!

মোৰ ফটো তোলা হৈ গল৷ গৌতমকো তুলিলোঁ৷ আৰে, প্ৰণৱো পালেগৈচোন গৌতম উঠি থকা প্ৰকাণ্ড শিলটোৰ ওপৰ৷ সিহঁতহালৰ মুখৰ হাঁহি, দেহৰ ভাষা দেখিয়ে বুজি পাইছোঁ, কিমান আনন্দ লভিছে৷ তাকে চাই মোৰো সেই পৰ্যন্ত আৰোহণ কৰিবৰ মন গল৷ ইয়ালৈ আহি যদি সেইখিনিলৈকে নবগালোঁ, তেন্তে কৰিলোঁনো কিডাল? পাছত কবলৈকেবা থাকিব কি? ভবাৰ লগে লগে প্ৰথমে আঙুলিটোলৈকে চকুযোৰ গল এবাৰ৷

. ওপৰৰ পৰা চাই...



মহিলা ব্ৰিগেডে যেনি-তেনি বহি জিৰাই আছে, নিজৰ মাজত কথা পাতিছে৷ তেওঁলোকক অতিক্ৰম কৰি শিলটোলৈ উঠাৰ সুবিধা কেনি পাওঁ মনোযোগেৰে লক্ষ্য কৰিছোঁ৷ জোতা খোলা নাই৷ মোনা, কেমেৰা কোনোটো এৰাও নাই৷ খুপি খুপি উঠিলোঁ অতি সাৱধানে৷ আঃ, দুই সংগীক লগ পাই গলোঁ! ওপৰৰ পৰা তললৈ চাইছোঁ৷ শিলভৰা বুকুৰে ঝৰ্ণাটো অলপমান আঁতৰলৈকেহে দেখি৷ অৰণ্যই ঘেৰি ৰখা পাথৰৰ গহ্বৰত ক্ৰমে ক্ৰমে সোমাই নেদেখা হৈ গৈছে৷ আশা-কৰ্মীসকলক ইয়াৰ পৰা চাওঁতে লিলিপুটৰ দৰে, অকণি অকণি দেখিছোঁ৷

অকলে অকলে ৰৈ আছোঁ এতিয়া৷ প্ৰণৱ আৰু গৌতম অলপ আগতে নামি গল৷ সম্প্ৰতি দুয়োৰে অৱস্থান সন্মুখৰ জলপ্ৰপাতটোৰ কুণ্ডৰ ওপৰত থকা শিলবোৰত৷ পুনৰবাৰ গৌতমৰ দুহাত সম্প্ৰসাৰিত৷ গৌতমে পজ দিব জানে৷ উচ্চ স্থানৰ পৰাই মই সিহঁতলৈ চাই চিঞৰ এটা মাৰিলোঁ আৰু সামান্য ঝুম কৰি দুয়োকে কেমেৰাত বন্দী কৰি পেলালোঁ৷ পৃষ্ঠপটত গাখীৰ-বগা জলপ্ৰপাত৷ মনিটৰত চালোঁ, ধুনীয়া হৈছে৷ মই জানো, সিহঁতে এইখন ফটো মোক খুজিবই খুজিব৷

দ্বিতীয় ইচ্ছা এটাই শৰীৰত পিৰ্‌পিৰণি তুলিব লাগিল৷ উঠি থকা শিলটোৰ ওপৰেদিয়ে গছডাল পৰি আছে৷ ঠিক যেন পিভটৰ কামহে কৰিছে শিলটোৱে৷ সেইডালৰ ওপৰত বহাৰ তীব্ৰ বাসনা জাগিল৷ গৌতম, প্ৰণৱ এটায়ো এইটো কাম কৰা নাই৷ গতিকে মই কৰিব লাগিব৷ কি বুদ্ধি খটুৱাওঁ এতিয়া? ঘূৰিবলৈ জেগাও বৰ বেছি নাই৷ গছডালত জোৰ দি ঠাইতে ঘপহকৈ উঠি পোনেই সোঁভৰি পাৰ কৰিম আৰু গা-গছৰ ওপৰত উবুৰি হৈ দিম৷ এক, দুই, তিনি৷ শৰীৰৰ সমস্ত শক্তি একত্ৰিত কৰি দিলোঁ লাফ মাৰি৷ জানো যে প্ৰথম কামটো হব সন্তুলন বৰ্তাই ৰখা৷ নতুবা সিফালে বাগৰি পৰি যাম৷ বুকু আৰু হাতেৰে গছডালত সাবটি থাকিলোঁ অলপপৰ৷ তাৰ পাছত লাহে লাহে বহিলোঁ৷ আহ্‌! এতিয়াহে শান্তি লাগিছে৷ থিয় হব পৰা হলে আৰু ভাল আছিল৷

জলপ্ৰপাতলৈ পিঠি দি বহি আছোঁ৷ ২ বাজিবলৈ ১৫ মিনিটমান আছে৷ ওপৰৰ পৰা কি কি দেখোঁ সবফালে চকু মাৰিছোঁ৷ মূৰৰ ওপৰত ৰদালী আকাশখন৷ বাঁওহাতে পাহাৰৰ ওপৰলৈ দীঘলে দীঘলে একাংশ কিছু মুকলি৷ শিলাময় পাহাৰ, ওখ ওখ গছ-গছনি আছে৷ শীৰ্ষলৈকে দেখা পোৱা গৈ আছে৷ ঝৰ্ণাটোৰ পৰা কিন্তু সেইবোৰ দেখা নাপাইছিলোঁ৷ সোঁহাতেও পাহাৰ৷ সমূলি মুকলি নহয়৷ তলত বহ্নিমান ঝৰ্ণাটো৷ বুকুত কেৱল শিল আৰু শিল৷ আশা-কৰ্মীসকলৰ আকৃতি পূৰ্বতকৈ আৰু অকণমান সৰু হৈ পৰিছে৷ অলপ আগতে ফটো তোলা জলপ্ৰপাতটো সোঁফালে হৰ্‌হৰাই নামিছে৷

এইবাৰ সন্মুখলৈ থকা জলপ্ৰপাতটোলৈ ডিঙি ঘূৰাই চালোঁ৷ উচ্চতাত কি আছে, দৃশ্যপট কেনেকুৱা ধৰিব পৰা নাযায়৷ দ্বিখণ্ডিত শিলৰ মাজত খাল এটাৰ দৰে দেখা গৈছে৷ মাজেৰে খুব জোৰত পানীবোৰ নামি আহিছে৷ বৰণ গাখীৰ-বগা৷ শিলে শিলে ঠেকা খাই, কুণ্ডত পৰি শব্দময় হৈ উঠিছে চৌপাশ৷ প্ৰণৱ আৰু গৌতমে তাকে চাই ভাবনাত মছগুল হৈ আছে৷ প্ৰাকৃতিক কোলাহলৰ মাজত কি কথানো পাতিছে নাজানো৷ ইয়াৰ পৰা নামি ময়ো সেইখিনি পাবগৈ লাগিব, হেঁপাহ পলুৱাই চাব লাগিব, হৃদয়েৰে অনুভৱ কৰিব লাগিব সৃষ্টিৰ বিনন্দীয়া ৰূপ-বৈভৱ৷


এটা অঘটন ইতিপূৰ্বে ঘটি গৈছে৷ গতিকে ইচ্ছাকৃতভাৱেই গছডালৰ ওপৰত থিয় হোৱাৰ পৰা বিৰত ৰাখিলোঁ নিজকে৷ অতি সাৱধানে, লাহেকৈ চোঁচৰি নামি দিলোঁ শিলটোলৈ৷ ইয়াৰ পৰা আৰু অকণমান তললৈ নামিব লাগিব৷ উপৰিভাগত খাজ দুই-তিনিটা কটা আছে যদিও এঢলীয়া কাৰণে বৰ পিছল৷ খুব সাৱধানে অৱৰোহণ কৰিব লগাত পৰিছোঁ৷ প্ৰথম জলপ্ৰপাতটোৰ সমান্তৰালভাৱে এইফালেও কুণ্ড এটা দেখা গৈছে৷ মই যাব খোজা সন্মুখৰ জলপ্ৰপাতৰ একাংশ পানী এইফালেৰে বৈছে৷ ওপৰৰ পৰা চাওঁতে তলিলৈকে দেখা পাইছোঁ৷ ইমানেই পৰিষ্কাৰ!

. আৱিষ্কাৰ কৰিলোঁ, আৰু এটা জলপ্ৰপাত




নামি আহি প্ৰণৱহঁতৰ কাষ পাই জলপ্ৰপাতটোৰ সন্মুখত, কুণ্ডৰ ওপৰত সুবিধাজনক চাই শিল এটাত আসন লৈছোঁ৷ পানী বাগৰাৰ ফলত হোৱা ধ্বনি-প্ৰতিধ্বনিৰ বাদে অন্য শব্দ নাই৷ হাৰে! কাষৰে-পাজৰে অত-তত থকা শিলবোৰৰ ওপৰত দেখোন ১০ টকীয়া নোট একোখন! সৰু জোখৰ শিল একোটাৰে হেঁচা দি থোৱা অৱস্থাত৷ কোনে থৈছে বাৰু এইবোৰ? গম নাপাওঁ৷ কোনোবা প্ৰকৃতিপূজক, জড়োপাসকৰ কাম হব চাগৈ৷ ময়ো কিবা এটা আগ বঢ়াওঁ নেকি? ভাবিব ধৰিলোঁ৷ মানিবেগত এটকীয়া মুদ্ৰা এটা আছিল৷ তাকে উলিয়ালোঁ৷ শীৰ্ষইদি নমা শুভ্ৰ জলস্ৰোতৰ পৰা কুণ্ডটোত সৃষ্টি হোৱা জলতৰংগলৈকে এবাৰ চাই সসন্মানে দলি মাৰি দিলোঁ৷ কুণ্ডটোৰ প্ৰায় সোঁমাজত পৰিলগৈ৷ মইযে এদিন ইয়ালৈ আহিছিলোঁ গোপন চিন এটা থলোঁ এনেকৈয়ে৷ মোৰ বিপৰীতে উকা হৈ ৰৈ থকা প্ৰকাণ্ড শিলটোৰ গাত আমাৰ নামকেইটাৰ লগতে তাৰিখটো লিখি থৈ যাবৰ মন আছিল৷ কিন্তু সুবিধা নাই৷ প্ৰয়োজনীয় যতনো নাই অৱশ্যে৷ 

ৰ পৰানো গতি কৰি আহি আছে ইমান পানী? পৰিৱেশটোৱে ভবাই তুলিছে মোক৷ ওপৰত কি আছে, জলপ্ৰপাতটো কেনেকৈ নামিছে, সেইফালৰ পৰা চাব পৰা হলে! উদগ্ৰীৱ হৈ পৰিছোঁ উচ্চাংশৰ প্ৰাকৃতিক ৰেহ-ৰূপৰ বিষয়ে অৱগত হবলৈ, স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ প্ৰকৃতিৰ লীলা-খেলা৷ বিৰল অভিজ্ঞতা এটাও হব নিশ্চয়৷ কথাষাৰ উলিয়ালোঁহে, শুনা মাত্ৰকে প্ৰণৱে গৌতমলৈ চাই প্ৰশ্ন আগ বঢ়ালেই...
গৌতম, উঠা হবনে ওপৰলৈ?
কিয় নহব বৰাদা? আৰে চাবলৈকেতো আহিছোঁ আজি৷ বলক৷

গৌতম আৰু প্ৰণৱৰ যোগাত্মক মানসিকতা, কৌতূহলী স্বভাৱ আৰু শাৰীৰিক সক্ষমতাৰ ওপৰত থকা বিশ্বাসকণ মোৰ ভাল লাগিল৷ গাইডৰ ভূমিকা সফলতাৰে পালন কৰা নাৰী-বাহিনীটোৰ যাত্ৰা ইমানতে অন্ত পৰিছে৷ আগলৈ বগোৱাটো তেওঁলোকৰ পক্ষে সহজসাধ্য নহয়ো৷ কিয়নো অগ্ৰভাগত ডিলাইৰ গতিপথ ইমানপৰে পাৰ হৈ অহাৰ নিচিনা নহয়৷ তত্ৰাচ, এইখিনি পাবলৈকে শিলে শিলে তেওঁলোক কমখন উঠি আহিলনে? তেওঁলোক নহা হলে আমি তিনিওৰো অহাটো নিশ্চিতভাৱে নহলহেঁতেন৷ নাৰী ব্ৰিগেডৰ আগ্ৰহ, সাহস আৰু শক্তিক চেলুট দিলোঁ মনে মনে৷

গৌতম, প্ৰণৱ আৰু মই ধীৰে ধীৰে অগ্ৰসৰ হলোঁ৷ আমি এতিয়া নদীগৰ্ভত নাই৷ শৈলাৰোহণ চলিছে, ঝৰ্ণাটোৰ বাঁও পাৰেৰে, জলপ্ৰপাতটোৰ প্ৰায় সমান্তৰালভাৱে৷ গৌতমে মোক তললৈ নাচাবলৈ কলে৷ সেইফালে কেমেৰা টোঁৱাবলৈকো মানা কৰিলে৷ সুধিলোঁ, কিয়? জলপ্ৰপাতৰ পৰা নামি যোৱা পানীত মহিলা দলটোৰ কেইগৰাকীমানে আনন্দমনে গা ধুব ধৰিছে৷ প্ৰথমে গৌতমৰ চকুত পৰাত মোক সাৱধান কৰিছে৷

নিষিদ্ধ দৃশ্যটোৰ ফালে পিঠি দি সন্মুখত পোৱা লতা, শিপা, শিল আৰু শিলত গজা অচিনাকি উদ্ভিদ কিছুমানত খামোচি ধৰি আমি শিলাময় গহ্বৰটোৰ পৰা লাহে লাহে আৰু ওপৰলৈ উঠিব ধৰিলোঁ৷ সুকলমে শীৰ্ষ পালোঁহি জলপ্ৰপাতটোৰ৷ এয়াও দেখোন অন্য এক গহ্বৰ! কিমান উঠিলোঁ জুখিবলৈ হাতত কোনো ব্যৱস্থা নাই৷ কিমান দূৰনো পালোঁহি তাক জানিবলৈও একো এটা নাই৷ মাপক যন্ত্ৰপাতি লগত থকা উচিত আছিল৷ নথকাত এতিয়া পস্তাইছোঁ৷ এনেকুৱা অভিযানত বস্তুবোৰ লগত লাগে৷ সান্ত্বনা এইবুলিয়ে লভিছোঁ যে এয়া আমাৰ পিক্‌নিকৰ অচিলাৰে কৰা অপৰিকল্পিত এড্‌ভেন্‌চাৰহে৷ কেমেৰাটোৱেই যি ৰেকৰ্ড ৰাখে ৰাখিব৷
বাৰু, সময় কিমান হল?
ততালিকে হাতখনলৈ চাই প্ৰণৱে জনালে, ২ বাজি ৫ মিনিট গৈছে৷

সেউজৰ আৱেষ্টনীত কিছু ৰৈছোঁ৷ সন্মুখলৈ দৃষ্টিপাত কৰিয়ে অবাক হৈ উঠিলোঁ৷ কি দেখিছোঁ আমি! প্ৰায় ২০-২৫ মিটাৰ আঁতৰতচোন অন্য এটা জলপ্ৰপাত! সেউজীয়াৰ মাজেদি নেদেখা শীৰ্ষৰ পৰা হৰহৰাই বৈ আহিছে শুধবগা পানী৷ তলত এটা কুণ্ড৷ তাৰ পৰা ওলাই জলস্ৰোতটো আমি ৰৈ থকাৰ ফালে বৈ আহিছে৷ এইখিনিত নামনিৰ মুখে এঢাপ নামি গৈছে৷ তলৰ কুণ্ডত জমিছে, যত মই মুদ্ৰাটো আগ বঢ়াইছিলোঁ৷ তাৰ পাছত অকণমান বৈ আৰু এঢাপ৷ এনেদৰেই একাদিক্ৰমে সৃষ্টি হৈছে আমি অলপ আগতে পোৱা জলপ্ৰপাত দুটাৰ৷ ওপৰৰ পৰা চাই অভিভূত হৈছোঁ৷ আনন্দৰ মাত্ৰা চৰি সৰি যাতে নপৰোঁ তাৰ প্ৰতি সজাগ হৈ আছোঁ৷ এতিয়া পোৱা এই ঠাইখণ্ডও তেনেই শিলাময়৷ ঠাণ্ডাও আগতকৈ বেছি অনুভৱ কৰিব ধৰিছোঁ৷ ৰদ নপৰা অৱস্থান৷ বেলিটো কোনফালে আছে ধৰিব পৰা নাই৷ চাইজাংবা কোনফালে?

আমাৰ মুখৰ আগত বছৰ বছৰ ধৰি পৰি ৰোৱা গা-গছ এডাল৷ এনেকুৱা প্ৰাচীন গছৰ উপৰিভাগত শেলুৱৈএ চামনি বান্ধি থাকে৷ খুব বিপদজনক৷ গতিকে প্ৰত্যেকে হিচাপ কৰি, দেহাৰ বেলেন্স ৰাখি খোজ দিছোঁ৷ তিনিও শাৰী পাতি সাৱধানে ধাৰাটো পাৰ হৈ গলোঁ৷ শেলুৱৈ ধৰা অনেক শিল গচকি জলপ্ৰপাতটোৰ কাষ চাপিলোঁহি৷ কুণ্ডটোত সোঁকাষে ডাঙৰ শিল এটাৰ আগলৈ উপৰিভাগ পানীৰ ওপৰত ওলাই থকা সমান শিল এডোখৰ আছে৷ প্ৰথমে গৌতম আৰু তাৰ পাছত প্ৰণৱ, এজন এজনকৈ তাৰ ওপৰত ৰৈ ঊৰ্ধ্ববাহু হ৷ এই আনন্দ যেন শেষেই নহব! পাৰৰ পৰা মই স্নেপ ললোঁ৷ পানীখিনিও চুই চালোঁ৷ বৰ শীতল৷

. সন্মুখত আকৌ এটা জলপ্ৰপাত!




সৌ শুভ্ৰ জলধাৰাটো কৰ পৰা কেনেকৈ নামি আহি আছে? নতুন এটা কৌতূহলে মূৰত বাহ ললে৷ কৌতূহল মানেই উৰহী গছৰ ওৰ উলিওৱা কাম৷ গৌতম ৰংপিয়েই পুনৰবাৰ সাহসী নেতৃত্ব বহন কৰিলে আমাৰ ৩ জনীয়া অভিযানকাৰী দলটোৰ৷ গৌতমৰ পাছে পাছে মই৷ প্ৰণৱ মোৰ পাছত আছে৷ আঘাতপ্ৰাপ্ত বুঢ়া আঙুলিটোৱে মাজে মাজে বৰকৈ অসহযোগ কৰিব বিচাৰে৷ ভিতৰি ভিতৰি বিষ এটা অনুভূত হৈছে৷ অলপ আগতে শিলত কোব খোৱা আঁঠু আৰু কঁকালেও প্ৰত্যাহ্বান নজনোৱাকৈ থকা নাই৷

অনেক খুন্দা-খুন্দলি খাইছোঁ আজি৷ হলেও ইচ্ছাত বন্দী মন৷ তাড়নাৰ তীব্ৰতা সৰ্বাধিক হয়েই৷ হাজাৰ বাধা অতিক্ৰমি অভিযাত্ৰী মনটোৱে গৈ থাকিব বিচাৰে, কত কি লুকাই আছে চাবলৈ৷ তেনেস্থলত এই মুহূৰ্তত সিদ্ধান্ত এটাই৷ আঙুলিৰ কি হয় পাছত দেখা যাব, এতিয়া মুঠতে গৈ থাকা৷ সুযোগ হেৰুৱাব নোৱাৰি৷ মানুহৰ সমাগম সমূলি নোহোৱা ঘোঁকটৰ এই জেগাবোৰ সুবিধা পাওঁতেই চাব লাগে, এক্সপ্লৰ কৰিব লাগে৷ চান্স দুনাই নাহে৷ চকু দুটা আৰু ভৰি দুখন কাৰ্যক্ষম হৈ থাকোঁতেই বিৰল আনন্দবোৰ যিমান পাৰি সিমান বুকুত সাঁচি লব লাগে৷ তেহে আমৃত্যু পাগুলি থাকিব পৰা যাব ভৱিষ্যতৰ দিনবোৰত৷ নিজকে নিজে এনেকৈ কোৱাৰ সমানে সমানে মনে মনে গুণ গাই আছোঁ সহযাত্ৰী প্ৰণৱ আৰু গৌতমৰ৷ প্ৰথমছোৱাৰ কাৰণে শলাগ লৈছোঁ আশা-কৰ্মী ৫ গৰাকীৰ৷ নাম পিছে কাৰো জনা নগল৷ এষাৰ কথাও পতা নহল অদ্যপৰ্যন্ত৷

অলপ আগতে আমি শিলাৰোহণ কৰি উঠি অহাৰ দৰে ইয়াতো বগাবলগীয়া অৱস্থা৷ আগতকৈ এইছোৱা তুলনামূলকভাৱে অধিকহে কঠিন৷ ৰাস্তা বুলিবলৈ নাই৷ সোঁ পাৰেদি শিলৰ ফাঁকে ফাঁকে নিজৰ হিচাপ অনুসৰি বাট উলিয়াই শিপা আৰু লতাক সাৰথি কৰি উঠি আছোঁ এখোপ এখোপকৈ৷ নামনিৰ পৰা চাওঁতে ঝৰ্ণাটো যৰ পৰা নামি জলপ্ৰপাতৰ ৰূপ লোৱা দেখিছিলোঁ, সেইখিনিৰ কাষ পাই গলোঁ৷ এটা যেন বৃহৎ সফলতা আজিৰ দিনটোৰ! ইয়াৰ পৰা আনুমানিক ৯০ ডিগ্ৰীত কৌণিকভাৱে ঘূৰিছে নামনিমুখী জলধাৰাটো৷ চিন্তা কৰিছোঁ, অতিপাত বৰষুণ হলে কেনে ৰূপ ধাৰণ কৰিব পাৰে এই এলেকাটোৱে, কেনেকুৱা ভয়ংকৰ গৰ্জন সৃষ্টি হব পাৰে এইখণ্ডত৷ ভাবিয়ে ভয় লাগি গৈছে৷

শংকিত মনে আগলৈ চালোঁহে, আকৌ এবাৰ তধা লগাৰ পাল! কেইমিটাৰমান আগলৈ থিয় দি আছে অন্য এটা জলপ্ৰপাত! ডিলাইৰ বুকুখন ইমানেই জলপ্ৰপাতময়নে? স্বাভাৱিকতে প্ৰশ্নটো উত্থাপন হল৷ প্ৰকৃতিয়ে কিযে অপূৰ্ব ৰূপত সজাইছে লোকচক্ষুৰ আঁৰৰ গোপন কুঠৰীবোৰ! কোনো কিতাপতে ঘূণাক্ষৰেও পঢ়িবলৈ পোৱা নাই এইসমূহৰ বিষয়ে৷ কোনো পৰ্যটকৰ টোকাতো অনুপস্থিত এইবোৰৰ উল্লেখ৷ কিমান মানুহ এইফালে আজিলৈ আহিছে? সৰহ নিশ্চয় নহব৷ চাৰিওফালৰ ভূ-প্ৰাকৃতিক গঠন নিৰীক্ষণ কৰি অনুমান হৈছে, ওপৰলৈ চাগৈ জলপ্ৰপাত আৰু থাকিব৷ হিংবুঙলৈও হয়তো দূৰত্ব বৰ বেছি নৰবগৈ৷ চাইজাঙৰ পৰা ৰাস্তাটো কেনি কেনি গৈছে একো গম নাপাওঁ৷

মাজত এটা কলীয়া শিল৷ দুফালে নামিছে দুটা তুষাৰ-শুভ্ৰ ধাৰা৷ একাংশ পানী ওপৰেদিও বৈছে৷ তলত সুগভীৰ কুণ্ড৷ উষ্ণতা নামিছে৷ ঠাণ্ডা লাগিছে আমাৰ৷ গাখীৰৰ দৰে বগা হৈ জিলিকি ৰৈছে জলপ্ৰপাতটো৷ আমি চাপি গলোঁ৷ চিধাচিধিকৈ ৰৈ কিছু সময় বহি থাকিলোঁ কুণ্ডৰ পাৰৰ শিলত, জলতৰংগৰ লহৰ গণি গণি৷ পানী স্পৰ্শ কৰিবৰ মন গল৷ চকুৱে দেখালৈকে কেৱল শিল, শিল আৰু শিল৷ কাষৰীয়া শিল আৰু পানীৰ ধোঁৱাবৰণীয়া ৰূপটোলৈ চাই কয়লাৰ স্পৰ্শ বা কয়লা দ্ৰৱীভূত হৈ থকা যেন অনুমান হৈছে৷

ইয়াতকৈ আৰু ওচৰলৈ যাব নোৱাৰি৷ এইটো অন্য এক গহ্বৰ বা কুঠৰী৷ চকুৱে বিচাৰিব ধৰিলে ওপৰলৈ উঠাৰ ৰাস্তা কেনি? কোনো সুবিধাই দেখা নাইচোন৷ তাৰ মানে আমি আৰু উজাই যাব নোৱাৰিম! ইফালে সময়েও বেয়াকৈ ৰঙা চকু দেখুৱাব ধৰিছে৷ প্ৰণৱৰ ঘড়ীত ২ বাজি ১৫ মিনিট৷ সময়চোন পাৰেই হল৷ চিন্তা লাগিছে, পিক্‌নিক্‌টো কি হবগৈ৷ গাহৰি মঙহ কেতিয়াবাই সিজিল চাগৈ৷

চাইজাঙৰ অৰণ্যত সোমাই ডিলাইৰ শিলে শিলে দুপিয়াই, শিলপাহাৰ বগাই ইমানদূৰ অাগুৱাব পাৰিম বুলি অজ্ঞাত যাত্ৰাটোৰ উদ্দেশ্যে প্ৰথমটো খোজ দিওঁতে কোনেও ভবা নাছিলোঁ৷ প্ৰণৱৰ আহ্বানক্ৰমে ইয়ালৈ আহি ভালকৈ দেখিলোঁ, নদীৰ উচ্চাংশত জলপ্ৰপাত কেনেকৈ নামে৷ ২ অক্টোবৰত আমি সফলতাপূৰ্বক গৈ অহা লাংৱকুতো দেখিছিলোঁ৷ ইয়াত কিন্তু কেইবাটাও জলপ্ৰপাতৰ তলে-ওপৰে দেখা পালোঁ, ইটোৰ পাছত সিটোকৈ৷ নতুন অভিজ্ঞতা এটা সঞ্চয় হল, জীৱন কালৰ বাবে৷ বিশেষত্বপূৰ্ণ এই যাত্ৰাটোৱে তাকে লৈ সদায়ে আমোদ আৰু উৎসাহ যোগাই থাকিব৷ জলপ্ৰপাত দেখিলেই চাবলৈ মন যাব ওপৰখন, জানিবলৈ মন যাব উচ্চতাত কি আছে৷ সকলোৱে সচৰাচৰ দেখি থকা নিম্নাংশত ৰৈ থাকি জলকেলি কৰাত সুখ বা সন্তুষ্টি আৰু হয়তো নাপাম৷


অকণমান আগতে পোৱা জলপ্ৰপাতটোলৈ নামি যোৱা ধাৰাটোৰ পাৰৰ শিলত মই বহি ললোঁ৷ উদ্দেশ্য, ভিডিঅ ৰেকৰ্ডিং কৰিম৷ আঁতৰত ওলাই থকা, আমাৰ আজিৰ যাত্ৰাত ক্ষন্তেক আগতে আৱিষ্কাৰ কৰা শেহতীয়া জলপ্ৰপাতটোৰ পৰা পানীবোৰ কেনেকৈ নামি আহি প্ৰথমে কুণ্ড আৰু তাৰ পাছত অকাই-পকাই বৈ আহি মই ৰৈ থকাডোখৰ পাইছে, ইয়াৰ পৰা কেনেকৈ আকৌ নিম্নগামী হৈছে অন্য এটা জলপ্ৰপাতৰ ৰূপত, কুণ্ডত পৰাৰ পাছত কেনেকৈ প্ৰায় সমকোণত পাক লৈ কিছুদূৰ বৈ গৈ আন এটা জলপ্ৰপাত হৈ নমাৰ উপক্ৰম কৰিছে, সিমানলৈকে এইটো অৱস্থানৰ পৰাই ডিলাইৰ গতিপথৰ অংশবিশেষ মোৰ কেমেৰাত moving visual image হিচাপে আবদ্ধ কৰি পেলালোঁ৷

. চাইজাং, ভৱিষ্যতৰ বিশ্ৰাম নগৰী


প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে ভৰপূৰ এইবোৰ এলেকা৷ দৃশ্যবিলাক এতিয়াও জনচক্ষুৰ পৰা শতযোজন আঁতৰত৷ স্পৰ্শহীন ইয়াৰ প্ৰাকৃতিক বাতাবৰণ৷ বৰ্ণাঢ্য ইয়াৰ শোভা৷ এইবোৰে পৰ্যটকক নিশ্চিতভাৱে আকৰ্ষণ নকৰাকৈ নাথাকিব যদিহে ইয়ালৈ অহা যায়৷ এনে অৱস্থানসমূহক ভিত্তি কৰি পৰিকল্পিতভাৱে গঢ়াৰ লক্ষ্য লৈ যথাযথ উন্নয়ন সাধিব পাৰিলে আজিৰ ক্ষুদ্ৰ, অৱহেলিত, নিষ্প্ৰাণ চাইজাং ভৱিষ্যতে এখন ৰিজৰ্ট টাউন অৰ্থাৎ বিশ্ৰাম নগৰীলৈ পৰ্যবসিত হোৱাৰ খুবেই সম্ভাৱনা দেখিছোঁ মই, সোঁশৰীৰে ইয়ালৈ আহি৷ ট্ৰেকিং-কেম্পিং-এড্‌ভেন্‌চাৰৰো চাইজাং এক নিৰ্ভৰযোগ্য বেছ কেম্প হব পাৰে৷ গতানুগতিক জীৱনৰ একঘেয়ামী আঁতৰাবলৈ, ধাৰাবাহিক কৰ্মবিড়ম্বনা পাতলাবলৈ, মানসিক চাপৰ উপশম পাবলৈ, সুনিৰ্মল প্ৰকৃতিৰ সৌন্দৰ্যসুধা পান কৰি বিশ্ৰামত স্মৰণীয় কিছু পল কটাবলৈ এনে ঠাইলৈ ভ্ৰমণকাৰী, নেচাৰেলিষ্ট-এড্‌ভেন্‌চাৰিষ্ট, গৱেষণাকাৰী, অনুসন্ধিৎসু মানুহ আহিব বুলি মোৰ বৰকৈ মনে ধৰিছে৷ সেই ৰূপান্তৰ কেতিয়া ঘটিব, কাৰ সদিচ্ছা বা চিন্তা-পৰশত ঘটিব সেয়া সময়ে কব৷

স্বাভাৱিক গতি অক্ষুণ্ণ ৰাখি অহৰহ পানী বাগৰি থকা জলপ্ৰপাত এটাৰ সন্মুখত সদ্যহতে স্তব্ধ, অনন্যোপায় আমি ৩ নগণ্য অভিযাত্ৰী৷ নেদেখাত বেলিয়ে নিজা ধৰণে পশ্চিমলৈ গতি কৰি আছে৷ ঠাইখিনিত সূৰ্যালোক ম্লান পৰি আহিছে৷ আৰু আগুৱাবৰ পোনপটীয়া বাট আমাৰ হাতত নাই৷ চৰ্চা চলিছে, আৰু আগ বঢ়াটো ঠিক নহব৷ কাৰণ ২ বাজি ২০ মিনিট হল৷ এইখিনিৰ পৰা আমি ঘূৰি যোৱাটোৱেই সঠিক সিদ্ধান্ত হব৷ অলপ পাছতে সৰ্বসন্মতিক্ৰমে অভিযান সমাপ্ত ঘোষিত হল৷ এতিয়া উভতাৰ চিন্তা৷

ঠাই এৰাৰ আগতে গোপন হেঁপাহ এটা পলুৱাই লোৱাৰ কাম আছে মোৰ৷ আকৌ এবাৰ চলুৱে চলুৱে পানী খাই ললোঁ পেট ফিট্‌ফিটীয়া কৰি৷ ইমান ফট্‌ফটীয়া পানী নাখাই পাৰিনে? বটলত থকা ঘৰৰ অৱশিষ্ট পানীভাগ পেলাই দিয়া হল৷ ডিলাইৰ শীতল জলেৰে পূৰ্ণ কৰি বটলটো মোনাত ভৰাই লৈছোঁ৷ মনটোৱে ঘূৰি যাবৰ অকণো যেন ইচ্ছাই কৰা নাই৷ আগলৈ গৈ থাকিব পৰা হলে! পিছে ৰাস্তা নাই৷ গহ্বৰত বন্দী হৈ আছোঁ৷ সময়ো নাই৷ ঘৰমুখী হোৱাৰ কথা আছে৷ গতিকে বিনাবাক্যে সহযাত্ৰীদ্বয়ক অনুসৰণ নকৰি এতিয়া আন কোনো বিকল্প নাই৷ শেষবাৰৰ কাৰণে চৌপাশ ভালদৰে চাই ললোঁ৷ লাহেকৈ কলোঁ... সুযোগ পালে আকৌ আহিম ডিলাই৷ মোতকৈ আগতে ঠাই এৰা প্ৰণৱ আৰু গৌতমে বোধ হয় শুনা নাপালে মোৰ এই আন্তৰিক প্ৰতিশ্ৰুতি৷

গৌতম আৰু প্ৰণৱে ইতিপূৰ্বে নামনিমুৱা খোজ আৰম্ভ কৰিয়ে দিছিল৷ ময়ো শিপা আৰু লতাত ধৰি ধৰি শিলাময় ফাঁকেৰে অৱৰোহণ আৰম্ভ কৰিলোঁ দুয়োৰে পৰা কিছু ব্যৱধানত থাকি৷ সাৱধানতাৰে৷ সিহঁতক লগ পাবলৈ খৰধৰ কৰোঁতে আঙুলি, আঁঠু, কঁকালত বিষ উঠিছে যদিও অৱজ্ঞা কৰি চলিছোঁ৷ নকৰি কি উপায়? সোঁহাতৰ বুঢ়া আঙুলিটোলৈ মাজে মাজে চাওঁ, আগতকৈ ফুলিছে নেকি? বাঁওহাতেৰে মোহাৰি-মেলি দিওঁ৷ খোজ চলি থাকে৷

তিনিও এনেকৈয়ে এখোপ এখোপকৈ নামি নামি আধা ঘণ্টামানৰ আগতে আশা-কৰ্মীসকলক এৰি যোৱা জেগাটুকুৰা পালোঁহি৷ মহিলাৰ দলটো আগতেই অন্তৰ্ধান৷ কেতিয়াবাই ঘূৰি গল চাগৈ৷ সাহস কিন্তু মানিছোঁ৷ আনহাতে এইটোও ঠিক যে অনিশ্চয়তাৰ মাজত কোনেনো ৰৈ থাকিব আমাৰ বাবে? কিমানখিনি পালেগৈবা তেওঁলোক? ৰাস্তা চিনি পায় হেতুকে চিন্তা কৰিবলগীয়া নাই বাৰু৷ কিন্তু জংঘলৰ মাজত ভগৱানে নকৰক, আন কিবা অঘটন নঘটিলেই হল আৰু৷ মনতে ভাবিলোঁ৷ যদিও অস্ত্ৰ-শস্ত্ৰ আমাৰ হাততো একো নাই৷ তিনিজনীয়া সাহখিনিয়েই সাৰথি৷

এটা এটাকৈ অতিক্ৰম কৰি আহিছোঁ ডিলাইৰ বুকুত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা, আগতে কেতিয়াও নেদেখা-নুশুনা দুগ্ধস্ৰোতসদৃশ জলপ্ৰপাতকেইটা৷ লগতে তলিয়ে তলিয়ে গঠন হোৱা সুগভীৰ তথা পৰিষ্কাৰ কুণ্ডসমূহ৷ নামনিমুখী যাত্ৰা চলি আছে৷ কতো আমি ৰোৱা নাই৷ খোজবোৰ লাহে লাহে খৰ হৈ পৰিছে৷ এনেয়েও ঊৰ্ধ্বমুখী গতিতকৈ নিম্নগামী গতি দ্ৰুত হয় আৰু সেইবাবে সময়ো কম লাগে৷


আপুনি শিলগুটি ললেনে? শিলে শিলে দুপিয়াই নামি থাকোঁতেই হঠাতে প্ৰণৱে সুধিলে মোক৷ পূৰ্বৰ কেইবাটাও ভ্ৰমণত সংগী হোৱাৰ সুবাদত মোৰ এই সংগ্ৰহ প্ৰবৃত্তিটোৰ কথা প্ৰণৱে ভালকৈ জানে৷
পাহৰিয়ে গৈছিলোঁ ভাই৷ ভাল মনত পেলালা দেই৷

বিচৰা জোখৰ শিলগুটি এটাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখি সাৱধানতাৰে আগুৱাব ধৰিলোঁ৷ গছ-লতা, ফুল-অৰ্কিড আদি নষ্ট কৰি বা ছিঙি ঘৰলৈ লৈ যোৱাৰ দৰে প্ৰকৃতিবিৰুদ্ধ আচৰণ মই নকৰোঁ৷ পৰি থকা অনাদৃত শিলগুটিতহে চকু৷ মনৰ মতন পাই এঠাইত তুলি ললোঁ সৰু চাই এটা৷ নগা মোনাত ভৰাই পুনৰ অব্যাহত ৰাখিছোঁ নামনিমুৱা গতি৷

দীঘলীয়া পাথৰ এটাৰ অগ্ৰাংশত শৰীৰটো প্ৰায় ঘঁহনি খুৱাই ঘূৰি যাব লাগে৷ এনেকুৱা অৱস্থান এটাত অসাৱধানবশতঃ প্ৰণৱে সন্তুলন হেৰুৱালে৷ পিছল খাই শিলৰ ফাঁকেদি বৈ থকা পানীত দুভৰি সোমালগৈ কলাফুল পৰ্যন্ত৷ বেচেৰা! জোতা-মোজা তেনেই বুৰিল৷ পেণ্টৰ পিছফালটোও ভিজিল৷ পিঠিতো পানীৰ ছিটিকনি৷ দুখ তেনেকৈ পোৱা নাই বুলিলে যদিও শিলত টিকা-থেকেচা এটা খালে৷ যাওঁতে আকস্মিক ঘটনাত পতিত হৈ মোৰো জোতা-মোজা তিতিছিল যদিও প্ৰণৱতকৈ কম৷ ভালকৈ এতিয়াও শুকুৱাই নাই৷ শৰীৰৰ কেইঠাইমানত বিষ হলে নথকা নহয়৷ এনেকৈয়ে চলাচল অক্ষুণ্ণ ৰাখিছোঁ৷ জংঘলৰ মাজত ৰৈ সময় নষ্ট কৰিব নোৱাৰি৷

২০. পালোঁহি বনভোজথলী




২ বাজি ২০ মিনিটত ওভতনি-যাত্ৰা আৰম্ভ কৰা হৈছিল৷ অৰণ্যৰ বান্ধোনৰ পৰা মুকলি হৈ বনভোজথলী পাওঁতে ঠিক ৩ বাজিল৷ এক্সকেভেটৰে খনন কাৰ্য চলাই থকাডোখৰত উপস্থিত হৈহে সূৰ্যৰ পোহৰ আৰু উত্তাপ পালোঁ৷ আকাশখনো ভালকৈ দেখিলোঁ৷ পিছফাললৈ ঘূৰি ঘূৰি চালোঁ কেইবাৰমান৷ কলৈযে গৈছিলোঁ আমি আজি! এইখিনিৰ পৰা ভিতৰলৈ একোকে নেদেখি৷

মস্ত শিল এটাত আউজি ডা. ৰিতুপৰ্ণাই বাইল ফোনত কিবা চাই আছে৷ কাষতে যুৱতী এগৰাকী৷ অথনি নাছিল৷ নিশ্চয় পাছত যোগ দিছেহি৷ ওচৰতে কলপাত আৰু গোটা বাঁহ পাৰি অৰ্ধচন্দ্ৰাকাৰে বহি মনোযোগেৰে খাদ্য খোৱাত নিমগ্ন আমাৰ আজিৰ অজ্ঞাত যাত্ৰাটোৰ সফল গাইডৰূপী আশা-কৰ্মী ৫ গৰাকী৷ তেওঁলোকৰ মুখে মুখে বহিছে এ.এন.এম. ৰেণু ইংতিপী৷ কাষতে ডেক্‌চি-কেৰাহীবোৰ৷ আমাৰ লগ এৰি গৌতম ৰংপিও বহিলগৈ শাৰী পূৰাই৷ বেক্‌ক্লিপ মৰা খোপাটোৰে তাক বেচ শুৱাইছে৷

আগবেলা চাইজাং চাব-চেণ্টাৰত মোৰ প্ৰেচাৰ জুখি দিছিল ৰিতুপৰ্ণাই৷ পোনে পোনে ডাক্তৰণীগৰাকীৰ ওচৰলৈকে গলোঁ, আঙুলিটো দেখুৱাওঁ বুলি৷ নতুন কেচ৷ কেনেকৈ ঘটিল, কেচ হিষ্টৰী চমুকৈ শুনোৱা হল৷ ডাক্তৰণীয়ে টিপি-টাপি চালে৷ কি দিওঁনো এতিয়া! এগৰাকী চিকিৎসক হিচাপে অন্ততঃ ততালিকে কিবা প্ৰাথমিক প্ৰতিবিধান আগ বঢ়োৱাটো তেওঁৰ কৰ্তব্যৰ ভিতৰত পৰে যদিও পৰিস্থিতিয়ে নিৰুপায় কৰিছে৷ ইতস্ততঃবোধৰ কাৰণ মই বুজি নুঠা নহওঁ৷ কাষতে শিল এটাত বহি থকা অচিনাকি যুৱতীয়েও চাইছে সন্তৰ্পণে৷ তেৱোঁনো কৰে কি? পৰিচয় প্ৰদানৰ কল্পে অলপ পাছতে জানিব পাৰিলোঁ যে তেওঁ হুনমিলি বেপী৷ ঘৰ চাইজাঙৰ দৰেই কাৰবি আংলঙৰ অইন এখন ভিতৰুৱা ঠাই লাংলক্‌ছত৷ ডকমকাৰ পৰা বহুত ভিতৰত৷ যোৱা নাই মই৷ যাবলৈ মন আছে৷ তেওঁ সম্প্ৰতি ডিলাই ডিচপেনচেৰীত এ.এন.এম. হিচাপে কৰ্মৰত৷ ঘৰ গৈ পায়ে এক্সৰে কৰাই লবলৈ ভগ্নীসম দুই উদীয়মান যুৱতীয়ে মোক বেচ সহানুভূতিৰেই পৰামৰ্শ দিলে৷

কথা প্ৰসংগত ৰিতুপৰ্ণাই জনালে যে আমি যোৱাৰ বাটে তেওঁলোকো হেনো আগুৱাই গৈছিল৷ মই আঘাতপ্ৰাপ্ত হোৱা সৰু জলপ্ৰপাতটো পৰ্যন্ত গল৷ কেউফালৰ পৰা আগুৰি ধৰা জয়াল আৰণ্যক নিৰ্জনতাত ভয় ভয় লগাত সিমানৰ পৰাই প্ৰত্যাৱৰ্তন কৰিলে৷ বাটৰ ফটোবোৰকে অলপ আগতে মনোযোগ দি চাই আছিল৷ মোক সুধিলে, আপোনালোক কিমান দূৰ পালেগৈ? কি উত্তৰ দিওঁ এতিয়া? বিপাঙতে পৰিলোঁ মই৷ কিমান দূৰ পালোঁ স্পষ্টকৈ জনাবলৈ সিফালেতো কোনো মাইলপষ্ট নাই৷ ৰোমাঞ্চকৰ পৰিৱেশ কিছুমানহে ঠাহ খাই আছে৷ জলপ্ৰপাতৰ সংখ্যাৰেই বুজোৱাৰ চেষ্টা এটা চলালোঁ৷ ৫টা জলপ্ৰপাত আৱিষ্কাৰ কৰি ঘূৰিব লগা হল৷ ওপৰত আৰু আছে নিশ্চয়৷ ৫টা জলপ্ৰপাত! বিস্ময়ত দুয়োৰে চকুবোৰ ডাঙৰ ডাঙৰ হৈ পৰিছে৷ ফটোবিলাক চাবলৈ আগ্ৰহ প্ৰকাশ কৰাত কেমেৰাটোকে গতাই দিলোঁ৷ মোৰ আঙুলিত বেদনা বাঢ়ি আহিছে৷

আশা-কৰ্মীসকলৰ ভাত খোৱা বোধ হয় আগতেই শেষ হল৷ দুখন থালত উলিয়াই লোৱা চুঙাত দিয়া গাহৰি মঙহৰ সোৱাদ লৈ হাঁহি-মাতি আড্ডা মাৰি আছে৷ হাতে হাতে একোটা বাঁহৰ চুঙা৷ মাংসখিনি খাবলৈ ভাল হৈছে বুলি শুনা পালোঁ৷ দোকানীয়ে অথনি ঠিকেই কৈছিল, মিঠা হব, লৈ যাওক বুলি৷ বৰাদাক আৰু লগ নাপাম আমি৷ প্ৰকাশ্যে মনোবেদনা প্ৰকাশিলে ইংতিপীয়ে৷ এনে মুহূৰ্ততে প্ৰণৱে সৰু চাই বাঁহৰ চুঙা এটা মোৰ হাতত ধৰাই গল৷ কি দিছেনো বুলি চালোঁ৷ চুঙাৰ তলিত হৰলাং এঢোকমান৷ মান হিচাপে আগ বঢ়াইছে৷ কাৰবি সমাজৰ সন্মানীয় বস্তু৷ গ্ৰহণ কৰাটো নিয়ম৷ নেওচিব নাপায়৷

৩.৩০ পাৰ হৈছে৷ বহুত পলম হল৷ প্ৰণৱ, পাওলহিন, ঋতুপৰ্ণা, হুনমিলি আৰু আন আনসকলৰ মাজত পিক্‌নিকৰ ভাতসাজ মোকলাবৰ যো-জা চলিছে৷ তিল দি ৰন্ধা মাংস, দাইল, কিবা ভাজি এখন আৰু ভাত৷ তাৰ মাজতে ডিলাই ডিচ্‌পেন্‌চেৰিৰ মেডিকেল ষ্টাফ নৰেন কলিতা আৰু প্ৰকাশ জয়ছোৱালৰ সৈতে প্ৰণৱে মোক পৰিচয় কৰাই দিলে৷ মোৰ খোৱাৰ বাবেও বিচাৰ-খোঁচাৰ চলিল৷ ঘৰত ১০ বজাত ভাত খাই আহিছোঁ, এতিয়া আৰু নাখাওঁ দিয়ক, বেয়া পাব নালাগে বুলি সবিনয়ে জনালোঁ৷ আচলতে মই পিক্‌নিকৰ্‌ উদ্দেশ্যে অহা নাই৷ চাইজাং চাবলৈহে আহিছিলোঁ৷ অজ্ঞাত যাত্ৰাটো বনাচ ৰূপে পালোঁ৷ আনহাতে মানুহটো হলোঁ নিৰামিষভোজী৷ মনে মনে চিন্তা কৰিছোঁ, ইয়াত ভাত নাখালেও কথা নাই, ডিলাইৰ বুকুৰ নিৰ্ভেজাল মানসিক খাদ্য যি পৰিমাণৰহে খাই আহিছোঁ, অনন্ত কাললৈ ভোক গুচিব যেন অনুভৱ হৈছে৷

২১. চাইজাং অভিমুখে...




আশা-কৰ্মীসকলৰ মাজত মোৰ খাদ্যাভাস আৰু ভাত নোখোৱাক লৈ গুণগুণনি আৰম্ভ হল৷ আলহীয়ে গ্ৰহণ কৰিব পৰাকৈ যোগান ধৰিব নোৱাৰা বুলি ভাবি সমজুৱাৰ মাজত ইস্‌-ইস্‌ আস্‌-আসো চলিল৷ দুই-একে প্ৰণৱক কথা নুশুনোৱাকৈও নাথাকিল৷ মই পিছে ধৰ্তব্য একো বিচাৰি নাপালোঁ৷ ভাত, দাইল, ভাজি আছিলেইচোন৷ মইহে নিজৰ ইচ্ছাত আহাৰ গ্ৰহণৰ পৰা বিৰত আছোঁ৷ তাতে কিনো ডাঙৰ কথাটো! বিপৰীতে, চাইজাং, তাৰ পাছত এইখন ডিলাই, লগতে ইয়াৰ পাৰত লগ পোৱা মানুহবোৰ, সামগ্ৰিকভাৱে গোটেইখিনিকে খুব ভাল লাগিল মোৰ৷ মনৰ ইচ্ছা এটা পূৰণ হৈছে আজি সকলোৰে সমন্বয়ত, কেতিয়াও নহা এই ভূখণ্ডত ভৰি দিবলৈ পাই৷ ভাত তাত গৌণ বিষয়৷

প্ৰসংগটো তল পৰিছেহে, এইফালে প্ৰণৱে মোৰ ভ্ৰমণ-স্পৃহা আৰু অভিজ্ঞতা সম্বন্ধে ভাষণ দিবলৈ আৰম্ভ কৰি দিলে৷ প্ৰণৱক মুখ মেলাৰ আৰু সুযোগ নিদি কেমেৰাটো অন্‌ কৰি ল
লোঁ৷ আপোনালোকৰ ফটো তুলিম দেই৷ অনুমতিসূচক উল্লেখটো কৰিলোঁহে মাত্ৰ, সকলোৰে মাজত যথেষ্ট উৎসাহ পৰিস্ফুট হল৷ তাৰ মানে মোকো কোনেও বেয়া পাই থকা নাই৷ এংগল সলাই সলাই ফটাফট স্নেপ লৈ ললােঁ৷ খাই থকা অৱস্থাতে প্ৰণৱে এইবাৰ আটাইৰে সন্মুখত মোৰ ব্লগ আৰু ভ্ৰমণ কাহিনীৰ জেৰ টানিবলৈ আৰম্ভ কৰিলে৷ বাধা দি আশা-কৰ্মীসকলক উদ্দেশ্য কৰি কৈ উঠিলোঁ, আমাকযে আজি একেৰাহে কেইবাটাও জলপ্ৰপাত দেখুৱালে তাৰ বাবে আপোনালোকক ধন্যবাদ দেই৷ পিছে নামবোৰহে নাজানিলোঁ৷ কব নেকি? লিখি লওঁ৷ এইবুলি নোটবুক আৰু কলমটো মোনাৰ পৰা উলিয়াইছোঁ৷ নাৰ্ছ ইংতিপীয়ে এফালৰ পৰা নামকেইটা গাই যোৱাৰ সমানে সমানে প্ৰত্যেককে আঙুলিয়াই গল৷ শেৱালি ইংতিপী, মিনতি তেৰাংপী, ৰেণুকা ক্ৰামছাপী, চানুকা ৰংপিপী, হানৰি বেপী৷ মই ঘপাঘপ টুকি ললোঁ৷ গম পালোঁ, অথনি শিলে শিলে আগ বাঢ়ি মোলৈ ঘামৰ সুবাস(!) বিলাই যোৱাজনীৰ নামষাৰ কি৷

মনলৈ প্ৰশ্ন এটা আহি আছিল৷ সুযোগ পাই আটাইমখাৰ আগত মেলি দিলোঁ৷ 
বাৰু কওকচোন, আমিযে আজি দেখি আহিলোঁ ৱাটাৰফলচবোৰ, আপোনালোকে জনাত, সেইবোৰৰ কিবা নাম আছে নেকি?
নাই ছাৰ৷ সমস্বৰে উত্তৰ আহিল৷
তেনেহলে সেইবোৰক কেনেকৈ চিহ্নিত কৰা যায়? আমিতো ভালেকেইটা দেখি আহিলোঁ৷
কিছু সময়লৈ সকলো নিমাত৷ চানুকা ৰংপিপীয়ে মোলৈ চাই মাত দিলে৷ ডিলাই ৱান, ডিলাই টু, ডিলাই থ্ৰি... এনেকৈয়ে কব লাগিব ছাৰ, তলফালৰ পৰা৷
বঢ়িয়া৷ চানুকাৰ চিন্তা আৰু উত্তৰটো মোৰ পছন্দ হল৷ ডিলাইৰ বক্ষত এই সংখ্যাক্ৰমটো কিমান হবগৈ, সেইটো চাগৈ এদিন আমি স্পষ্টকৈ গম পাম৷ আজি আমি ডিলাই ফাইভ পালোঁ৷ বিদ্যুৎসাহী কোনোবা সফল অনুসন্ধানকাৰীয়ে এদিন শুদ্ধ আৰু সম্পূৰ্ণ তথ্য আমাক নিশ্চয় জনাব৷

ঠাইকণ এৰিবলৈ, পৰিৱেশটোত ব্যাঘাত জন্মাবলৈ মনেই যোৱা নাই৷ তথাপি, ইয়াত এতিয়া হুদু বহাদি বহি থাকিলে সিফালে ৰাতি বেছি হৈ যাব, ঠাণ্ডাও বেছিকৈ লাগিব৷ গৰম কাপোৰো লগত তেনেকৈ অনা নহ
ল৷ কাইলৈ ফেব্ৰুৱাৰীৰ ৮ তাৰিখ৷ বিশেষ দৰকাৰত গুৱাহাটীলৈ নগলেই নহয়৷ প্ৰণৱে হাত ধুবলৈহে পালে, দুয়ো কথাটো একাষৰীয়াকৈ আলচ কৰিলোঁ৷ বিদায় লোৱাৰ সহমত উপস্থিত সকলোৰে সন্মুখত ততালিকে বেকত কৰি পেলোৱা হল৷ আটায়ে মানি ললে৷ কাৰণ ডিফু পাবগৈ লাগিব৷ ঋতুপৰ্ণা, হুনমিলি আৰু পাওলহিনো আমাৰ লগতে চাইজাঙলৈ আহিবলৈ ওলাল৷ বাকীসকলে ঠাই চাফা কৰি, বস্তু-বাহানি সামৰি-সুতৰি লাহে-ধীৰে আহি থাকিব৷ তেওঁলোকৰ দূৰত্ব বেছি নহয়৷ কঢ়িয়াই নিবলৈ মেডিকেল বিভাগৰ টাটা চুমখন আছে৷

৪ বাজিবলৈ ১০ মিনিট বাকী৷ আটাইকে মাত লগাই আমি বনভোজথলী এৰিলোঁ৷ চাইজাঙৰ ওখ ঢাপটোত থকা কৰ্ণ বাহাদুৰ থাপাৰ পঁজাটি, য
ত প্ৰণৱৰ এক্টিভাখন থৈ অহা হৈছে, সেয়া নোপোৱা পৰ্যন্ত এতিয়াৰে পৰা বিৰতিহীনভাৱে পদযাত্ৰা চলিব৷ কোৱেৰী অৰ্থাৎ শিল-খনিৰ বুকুত দুবাৰকৈ ডিলাইৰ পানীও পাৰ হব লাগিব৷

মাজে মাজে পিছলৈ ঘূৰি চাইছোঁ৷ সৰাপাতৰ খচ্‌মচনি, ঝৰ্ণাৰ খল্‌খল্‌ ধ্বনি-প্ৰতিধ্বনি এতিয়া আৰু নাই৷ মাটি আৰু শিলৰ স্তূপীকৃত গুড়িবোৰৰ ওপৰেদিহে দলৰ সৈতে তাল মিলাই খোজ দি আছোঁ৷ জোতাতো এতিয়া পানীৰ স্পৰ্শ বুলিবলৈ নাই৷ ধূলিৰ প্ৰতাপতহে একাংশ পোত গৈছে৷ পেণ্টটো আগতেই লেতেৰা হল৷

কম বয়সীয়া মহিলা এগৰাকীয়ে হাতত হাতুৰী লৈ পথৰ বাঁওকাষে পাহাৰৰ গাৰ ফালে বহি বহি শিল ভাঙি থকা দেখা পালোঁ৷ ভাঙি দমাই যোৱা শিল কঢ়িয়াই নিবলৈ তেওঁৰ ঠিক পাছতে থিয় দি আছে আন এগৰাকী৷ তেওঁৰ পিঠিত এটি কণমানি৷ কণমানি টোপনিত লালকাল৷ মাকহঁতৰহে ৰাতিও সুখৰ নিদ্ৰা আহেনে নাহে সন্দেহ৷ শিল নাভাঙিলে পৰিয়াল নচলে৷ এনেকৈয়ে অব্যাহত থাকে জীৱন সংগ্ৰাম৷ কেমেৰাটো ঝুম কৰি ডিলাইপৰীয়া দুৰ্দশাগ্ৰস্ত নাৰী আৰু শিশুটিৰ স্নেপ এটা ললোঁ৷ এই অৱস্থাৰ অৱসান কেতিয়াকৈ ঘটিব নাজানো৷

শিলনিৰ ওপৰেদি এসময়ত নৈখন পাৰ হলোঁ৷ পাহাৰৰ ওপৰত উঠি লৈ ধাৰাসাৰ শিল-মাটি খহাই আছে মাইনিং এক্সকেভেটৰে৷ তলতো একে ক্ষমতাৰ আন এখন৷ খৰতকীয়া উন্নয়নৰ কামত ডাম্পাৰ, এক্সকেভেটৰৰ প্ৰয়োজন আছে৷ পিছে ধ্বংস প্ৰক্ৰিয়াবোৰ দেখিলে হৃদয় দহে৷ এইবোৰ নোচোৱাই ভাল কিজানি৷

গৈ গৈ আকৌ এবাৰ নৈখন পাৰ হলোঁ৷ তাৰ পাছতে গৰাটো উঠিলোঁ৷ প্ৰণৱ আৰু মই আটাইৰে আগত আছোঁ৷ ডিলাইৰ পাৰৰ ধূলিত এৰি থৈ আহিলোঁ আমাৰ জোতাৰ চিনবোৰ৷ সময়ে সেইবোৰ হেলাৰঙে মচি পেলাব বুলি জানো৷ কিন্তু ডিলাইৰ জলপ্ৰপাতকেইটা আৰু চাইজাঙৰ নিৰ্জন অৰণ্যই আমাৰ হৃদয়ত যি সুগভীৰ সাঁচ বহুৱালে, ঠিক কথা যে সেয়া কেতিয়াও কোনেও মচিব নোৱাৰিব৷

স্কুটীৰ কাষ পায়ে প্ৰণৱে যাওঁতে নেপালী মানুহঘৰৰ ৰুৱাত গুজি থৈ যোৱা হেলমেটটো নমাই বাহিৰে-ভিতৰে ফু দুটামান মাৰিলে৷ তাৰ পাছতে মূৰটো সুমুৱাই ল
লে৷ ইঞ্জিন ষ্টাৰ্ট দিয়েই মোলৈ নোচোৱাকৈয়ে কলে, উঠক৷
সুধিলোঁ... সময় কিমান হল?
৪ বাজি ১০ মিনিট৷

২২. চাইজাঙৰ বিয়লি, অলপমান শিশু-ধেমালি




অপৰাহ্নৰ হেঙুলীয়া কিৰণত দিনটোৰ শেষবাৰৰ কাৰণে উজলি উঠিছে চাইজাং৷ আৰ্মী কেম্পৰ সন্মুখেৰে অথনি অহা কেঁচা ৰাস্তাটোৱেদি স্কুটীখন মৃদু গতিত আগ বাঢ়িছে৷ চালক প্ৰণৱজ্যোতি বৰা৷ পিছত অমুকা৷ দুই মিনিটতে বজাৰ বোলা জেগাডোখৰ পালোঁহি৷ শিশু কেইটামান থূপ খাইছে বজাৰৰ মাজৰে মুক্ত প্ৰাংগণত৷ উদ্দেশ্য, বিয়লিৰ নিয়মীয়া খেল-ধেমালি৷ খেল আৰু মানুহৰ সম্পৰ্ক এপাহ ফুল আৰু পখিলাৰ মাজৰ সম্পৰ্কৰ দৰে। মানুহে নিজকে শাৰীৰিক তথা মানসিকভাৱে সুস্থ ৰখাৰ আটাইতকৈ সহজ উপায়টো হল খেল।’ কোনে কৈছিল পাহৰিলোঁ, উক্তিটো হলে মনত আছে৷

সোঁফালে দীঘলীয়াকৈ দোকানৰ শাৰী এটা৷ ভাবিছিলোঁ পোনে পােনে গৈ থাকিব৷ কিন্তু নহয়৷ তামোল এখন খোৱাৰ প্ৰৱণতাৰে প্ৰণৱে স্কুটীখন ৰখালে৷ সুযোগটো পাই নামিয়েই ময়ো দোকানবোৰত কি কিনো পায় চাওঁচোন বুলি চাপি গলোঁ৷ আলু কেতনা দাম, ককাই?আছামিজ, নাগামিজ, হিন্দীৰ কুকিসুৰীয়া অদ্ভুত মিশ্ৰণ এটা এৰি দিয়া হল মধ্যবয়সীয়া কুকি দোকানীৰ প্ৰতি, ইচ্ছাকৃতভাৱে৷ ডিফুতো আমাৰ ঘৰলৈ অহা কিমবই, লাইদাইকিম, হাওচেই, লামলেইলিমহঁতৰ লগত মোৰ এনে কথাই চলে৷ মিঠা লাগে৷ 
টুৱেনটি ৰূপীজ৷ উত্তৰ লগে লগে৷ অন্য ভাষাত৷ প্ৰায় সকলো কুকিয়েই এতিয়া ইংৰাজীত শিক্ষা-দীক্ষা গ্ৰহণ কৰে৷ মোৰ স্কুলীয়া দিনৰ কুকি সহপাঠী লেম্পু ৱাইফেই বা নগা সহপাঠী আচুম লথা কিম্বা অবেত ৰেংমাহঁতৰ দৰে অসমীয়া মাধ্যমত পঢ়া কুকি-নগা লৰা-ছোৱালী আজিকালি আমাৰ ফালে নাইকিয়াই হল৷

ডিফুত ১৫, ইয়াত ২০৷ মনে মনে বিশ্লেষণ এটা কৰি চালোঁ৷ যাতায়াতৰ বাবদ খৰচ আছে৷ বস্তাটো বোধ কৰোঁ বোকাজানৰ পৰা অনা হৈছে৷ দোকানখনত নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰীবোৰ ৰাখিছে৷ থোৱাৰহে একো চিজিল নাই৷ প্ৰণৱে তামোল চোবাই মানে এফালৰ পৰা মই শাৰীটোত থকা প্ৰতিখনতে শিয়াল-ভূমুকি একোটা মাৰি বাৰাণ্ডাখনেদি অকলে অকলেই আগলৈ যাব ধৰিলোঁ৷ কেঁচা মজিয়া৷ এখন দোকানত মজিয়াতে লেপেটি কাঢ়ি বহি মহিলা দুগৰাকীয়ে টিভিত নিবিড়মনে কিবা অনুষ্ঠান চাই আছে৷ কোলাত কেঁচুৱা৷ অচিনাকি চেহেৰা এটাৰ হঠাতে আবিৰ্ভাৱ ঘটাত থত্‌মত্‌ খালে৷ মই তেওঁলোকলৈ চাই হাঁহি মাৰিলোঁ, যাতে সহজ অনুভৱ কৰে৷ গৈ থাকিলোঁ আগুৱাই৷ কেইখনমান দোকান তলাবন্ধ৷

সিটো মূৰ পালোঁগৈ৷ সিমূৰে ঘৰ এটা আছে৷ ১১ কি ১২ বছৰীয়া হব, এক কিশোৰে হাতত ফুটবল এটা লৈ ওলাই আহিছে৷ বল দিবি, মইভি খেলিব৷ অকস্মাতে তেনেকৈ কোৱাত সিও থত্‌মত্‌ খালে৷ চাব মাৰি খুজিলোঁ বুলিয়েই বলটো দি দিব নেকি? নিদিয়ে৷ তাতে এয়া তাৰ নিজৰ এলেকা৷ মুখমণ্ডলত প্ৰশ্নবোধক এটা লৈ মোৰ ফালে চাই সি এতিয়া নিশ্চয় ভাবিছে, এইটো কোন মানুহ আহি ওলাল! দিবি দিবি, খেলিব৷ পুনৰ খুজিলোঁ৷ এইবাৰ সি কি ভাবি জানো মোলৈ বলটো দলি মাৰি পঠিয়ালে৷ সমবয়সীয়া কেইটামানে ইফালে সিফালে দৌৰা-দৌৰি কৰি আছিল৷ ফুটবলটো মাটিত পৰাৰ মাত শুনিয়ে লৱৰি আহিল৷ দৃশ্যটোৱে মোক মোৰ শৈশৱ-কৈশোৰৰ স্মৰণীয় মুহূৰ্তবোৰলৈ উভতাই লৈ গল৷

সেই সময়ত আমাৰ ঘৰত ফুটবল থাকেই৷ স্কুলৰ পৰা আহি ভাতকেইটা নাকে-কাণে গুজোঁ মানে আবেলি হয়৷ খৰখেদাকৈ বলটো লৈ ওচৰতে থকা, আমি পঢ়া টাউন প্ৰাইমেৰী স্কুলৰ নাতিবৃহৎ ফিল্ডখনলৈ আহোঁ৷ আকাশলৈ কেইচোটমান মাৰিলেই বলটাৱে সৃষ্টি কৰা ধম্‌ ধম্‌ আৱাজ পাই ইফাল-সিফালৰ পৰা আহি আপোনা-আপুনি হাজিৰ হৈ যায় খেলৰ লগ-সমনীয়াবোৰ৷ জিত, গৌতম, ৰাজু, দিজু, ভাই, দুদুলহঁত৷ গৃহবন্দী হৈ কোনো নাথাকে৷ থকাৰ নিয়ম নাই৷ ৰদ, বৰষুণ যিয়েই নিদিয়ক কিয়৷ সেই দিন আজি আৰু নাই৷ সেই ফিল্ডত এতিয়া একো খেলেই নচলে৷ নিমাওমাও আবেলিৰ পৰিৱেশ৷ নিয়মমাফিক স্কুল, টিউচন৷ তাৰ পাছত কি? মবাইল, লেপ্‌টপ্‌, টিভি৷ এনেকৈয়ে ব্যস্ত প্ৰজন্মৰ পাছত প্ৰজন্ম৷ আনলৈ টোঁৱাবই নালাগে, নিজৰ ঘৰতে আছে শ্ৰেষ্ঠ উদাহৰণ৷

আহিবি, আহিবি, মইভি খেলিব আজি৷ এইবুলি বলটো মই ইফালে-সিফালে গুৰিয়াই লৈ ফুৰা দেখি আটাইমখাই কাঢ়িবৰ উদ্দেশ্যে নিজৰ মাজতে কিবা-কিবি কৈ, চিঞৰি-বাখৰি পিছে পিছে জোক লগাদি লাগি গল৷ ফুটবলক কেন্দ্ৰ কৰি হেঁপাহ পলুৱাই সিহঁতৰ সৈতে ধেমালিখন চলিল অলপ পৰ৷ প্ৰণৱে স্কুটীৰ কাষতে তামোল চোবাই ৰৈ হাঁহি হাঁহি চাই থাকিল এই আকস্মিক কাণ্ড-কাৰখানা৷

দৌৰা-দৌৰি এৰি এঠাইত স্থিৰ হলোঁ৷ মোনাৰ পৰা লাহেকৈ কেমেৰাটো উলিয়াইছোঁ৷ দেখিয়ে আটাইৰে মাজত নতুন উৎসুক্য৷ লগে লগে খেল স্তব্ধ৷ গোটেইমখা চাপি আহিছে৷ বুজি পালোঁ, ইহঁতক ফটো তুলিলে বেচ ৰং পাব৷ কেমেৰাটো অন্‌ কৰি টোঁৱাবলৈহে পালোঁ, ডিঙিত ধৰা-ধৰিকৈ, ঘাঁহনিত বাগৰি, বিভিন্ন ভংগীমাত পজ দিয়া আৰম্ভ কৰি দিলে৷ ফটো চেচন চলি থকা দেখি দূৰৰ পৰাও চুটিং লকেচনলৈ খৰধৰকৈ দৌৰি আহিল কণ কণ অকণি৷ পিল্‌পিলীয়া এগালৰ লগতে পেন্দুকণাকেইটাকো থিয় হবলৈ কৈ উধাই-মুধাই ফটো তুলিলোঁ৷ আচৰিত হলোঁ যে ভিতৰুৱা অঞ্চলৰ পিলিকাকেইটায়ো জানে যে ক্লিক কৰাৰ পাছত কেনে দেখিছে মনিটৰত চোৱা যায়৷ প্ৰতিটো স্নেপ লৈ হোৱাৰ পাছতে নিজকে নিজে চাবলৈ মোক জুমুৰি দি ধৰেহি আটাইসোপাই৷ ময়ো হৃদয় জুৰাই উপভোগ কৰি গৈছোঁ সিহঁতৰ স্পৰ্শ, সাহচৰ্য৷

এনেকৈয়ে কিছু সময় ধৰি খুব স্ফূৰ্তি কৰিলোঁ চাইজাঙৰ ভৱিষ্যৎ প্ৰজন্মৰ সৈতে৷ হঠাতে সৃষ্টি হৈ কেউদিশে ফাটি-ফুটি যোৱা আনন্দ-আহ্লাদ প্ৰকাশক হৈ-চৈবোৰ শুনি মতা-মাইকী মানুহবোৰ দোকানৰ বাহিৰলৈ ওলাই আহিল আৰু আমালৈ চাব ধৰিলে৷ ধেমালিৰ কোব দেখি তেওঁলোকৰ মুখবিলাকতো হাঁহি উজলিল৷ আহক, যাব লাগে৷’ সহজ-সৰল মানুহমখাৰ সেই নিভাঁজ হাঁহিবোৰ অনিচ্ছাসত্ত্বেও সিমানতে সামৰাবলৈ বাধ্য হলোঁ, প্ৰণৱে মতাৰ লগে লগে৷ কেমেৰা সামৰি হৈ পৰিলোঁ স্কুটীৰ পিলিয়ন ৰাইডাৰ৷

২৩. ঘৰ পালোঁহি




এক্টিভাই পুনৰ গতি ললে৷ চাইজাং চাব-চেণ্টাৰ এৰি আহিলোঁ৷ নিজ গৃহ অভিমুখে খোজ কাঢ়ি গৈ আছে আশা-কৰ্মী পাওলহিন খংচাই৷ তেওঁক বাটতে দেখা পাই ওচৰ পাওঁতেই প্ৰণৱে ব্ৰেক মাৰিলে৷ সামান্য বিৰতিৰ সময়কণতে চাকৰি, বেমাৰ, ঔষধ সংক্ৰান্তীয় কিবাকিবি পাতিলে দুয়ো৷ মই নীৰৱ শ্ৰোতা৷ ঘৰৰ অৱস্থিতিৰ বিষয়েও সুধিলে৷ হামাৰা ঘৰ অই থু হায় ছাৰ৷ নাতিদূৰত দেখা গৈ থকা টিনপাত দিয়া কাঠ-বাঁহৰ সাধাৰণ ধৰণৰ ঘৰ এটালৈ আঙুলিয়াই চিনাই দিলে কুকি মহিলাগৰাকীয়ে৷ পাওলহিনৰ সৈতে আলাপ সামৰিব ধৰোঁতেই স্কুটী এখনে আমাক অতিক্ৰম কৰি গুচি গল৷ নৰেন কলিতাই চলাইছে৷ পাছফালে দুগৰাকী নৱপৰিচিত যুৱতী৷ ডা. ৰিতুপৰ্ণা বড়ো আৰু এ.এন.এম. হুনমিলি বেপী৷ অলপ পাছতে পাওলহিনৰ পৰা বিদায় লৈ ৰহস্যময় চাইজাংখন পাছত এৰি থৈ আমিও অগ্ৰসৰ হলোঁ মইছ কিলিঙলৈ৷

নিস্তেজ হৈ অহা পোহৰেৰে পশ্চিম আকাশত অন্তিম চিক্‌মিকনি তুলি ৰান্ধনি বেলিটো ডিলাই পৰ্বতৰ আঁৰত এই লুকাওঁ এই লুকাওঁ৷ তিনিজনীয়া সিখন স্কুটী এক ফাৰ্লংমান আগত গৈ আছে৷ নিয়ন্ত্ৰিত বেগেৰে আহি আহি আমি মইছ কিলিং পালোঁ৷ তিনিআলিটোত সৰিয়হজান-ডিলাই পথত উঠি ডিলাইমুখী হলোঁ৷ ৪ বাজি ৪০ মিনিটত হিদিপি পালোঁহি৷ দুবছৰৰ আগতে পৱিত্ৰদা, মণিৰাজদা, জেনছিং আৰু মই সৰিয়হজানলৈ যাওঁতে মণিৰাজদাৰ তাগিদাত ৰসগোল্লা-চাহ খাই যোৱাৰ স্মৃতি আৰু স্বাদ সুঁৱৰি সেই তেতিয়াই গভীৰভাৱে মনোজগতত ৰেখাপাত কৰা হোটেলখনত সুযোগ পাওঁতেই এতিয়া পুনৰবাৰ সোমাই চাহ-মিঠাই খোৱাৰ প্ৰৱণতা এটা চাইজাং এৰাৰ পৰাই জিভাখনৰ লগতে অন্তৰত উক্‌মুকাই আছিল৷ ৰাস্তাৰ বাঁওকাষে থকা সাধাৰণ স্তৰৰ হোটেলখন দেখা পাই প্ৰণৱক পিঠিত ঢকিয়াই ৰখালোঁ৷ বেঞ্চত বহি দুয়ো গৰম গৰম চিঙৰা, লালমোহন আৰু বিশুদ্ধ গাখীৰৰ চাহ খালোঁ৷ ঘৰলৈকো বান্ধি ললোঁ গজা আৰু লালমোহনৰ টোপোলা৷ এই আনন্দৰ ভাগ আন তিনিওকো দিবৰ মন আছিল যদিও সিখন স্কুটী আগতেই পাৰ হল৷ দুৰ্ভাগ্য তেওঁলোকৰ৷


ডিলাই তিনিআলি পাওঁতে ৫.১০ বাজিল৷ হুনমিলিক দেখা পালোঁ হোটেল এখনৰ বাৰাণ্ডাত৷ বেঞ্চত বহি ডিমাপুৰৰ পৰা আহিবলগীয়া বাছৰ বাবে অপেক্ষা কৰি আছে৷ ডিফুলৈ যাব৷ তাৰালাংছত সম্বন্ধীয় লোক আছে৷ ঋতুপৰ্ণা ইতিমধ্যে ডিলাই ডিচ্‌পেন্‌চেৰীত নামি আহিল৷ আপোনাৰ আঙুলিটো চাওঁ বুলি হুনমিলিয়ে মোৰ আঙুলিটো চালে৷ আগতকৈ ভালেখিনি ফুলিছে৷ ঘৰ গৈ পাই কি কি কৰিব লাগিব দঢ়াই দঢ়াই বুজালে৷ আগতে হোজাইৰ হাম হস্পিটেলত আছিল তাই৷ তাত কৰ্মৰত মোৰ একালৰ মৰমৰ সহপাঠী ডা. আদিত্য লাংথাছাৰ কথা ওলাল৷

অলপ সময় কথা পতাৰ পাছতে আমি ডিলাই এৰিবৰ হল৷ আন্ধাৰ হৈ আহিছে৷ ঠাণ্ডাও বাঢ়ি আহিছে৷ প্রণৱে চালনা পুনৰ আৰম্ভ কৰিলে৷ বাটত এবাৰ সুধিলোঁ, ঠাণ্ডা লগা নাই নেকি?’ মুকলিভাৱে আহি থকাত ঠাণ্ডা মোৰ বেছিকৈ লাগিব ধৰিছে৷ সিৰসিৰণি এটা জাগে মাজে মাজে৷ ৱিণ্ড চিটাৰ জেকেটটোৱে কাম দিয়া নাই৷ তলত মাথোন এটা পাতল টি-চাৰ্টহে আছে৷ গেঞ্জীও নাই! প্ৰণৱে উত্তৰ দিলে, অথনি পৰোঁতে তিতি যোৱা মোৰ কাপােৰবোৰ এতিয়াও সেমেকিয়ে আছে৷ জোতা-মোজা চব সেমেকা৷ ঠাণ্ডা লাগিছে৷ উপায় নাই৷

মোৰো কাপোৰৰ অৱস্থা নাই৷ মাজে মাজে বেছিকৈ কঁপি উঠিব ধৰিছোঁ৷ কল্পনা কৰিছোঁ, কৰবাত জুই একুৰা পোৱা হলে! ডাঠ জেকেট ইচ্ছা কৰি নানিলোঁ৷ এতিয়া ঠিক পস্তাইছোঁ৷ ভাগ্য ভাল যে ঊলৰ টুপীটো মোনাত ভৰাই লৈছিলোঁ৷ সেয়ে কাণ দুখন ঢাকি লব পাৰিছোঁ৷ নতুবা অৱস্থা কাহিল হলহেঁতেন৷ হাত দুখন নগামোনাত ভৰাই লৈছোঁ৷ প্ৰণৱৰ বাৰু হেলমেট আছে৷ হলেওনো কি হব? সমস্যাৰ অন্ত নাই৷ ডিলাইৰ পৰা আগলৈ ৰাস্তাটো একদম ভাল নহয়৷ নামতহে নেশ্বনেল হাইৱে৷ পাছফাল আৰু সন্মুখৰ পৰা অহা গাড়ীয়ে উৰুৱাই যোৱা ধূলিৰে ধূলিময় কদৰ্য পথ৷ প্ৰণৱৰ হেলমেটটোও পুৰণা হৈছে৷ আইনাৰ মাজেৰে স্পষ্টকৈ দেখা পোৱা নগৈছে৷ এনে প্ৰতিকূল পৰিস্থিতিত স্কুটীখন চম্ভালাই টান হৈ পৰিছে৷ সেয়ে মাজে মাজে ৰৈ দিবলগীয়া অৱস্থা৷ আইনা মচিবলগীয়া হৈছে৷ গতি লেহেম হৈ পৰিছে৷ ভালকৈ দেখা নোপোৱাত এবাৰ গাঁততো পেলালে, ঘেটেংকৈ৷ ভাগ্য ভাল চকাটোযে নুফুটিল৷ এনেকৈয়ে মাঞ্জা পালোঁহি৷ তাৰ পাছত গৃহ-চহৰ ডিফু৷


সৌন্দৰ্য, শিহৰণ, অনিশ্চয়তা, আনন্দ আৰু সৰ্বশেষত শীতলতাৰে ভৰপূৰ চাইজাং ট্ৰিপ সামৰি ঘৰৰ আগ পালোঁ ৬.৩০ বজাত৷ মোক নমাই থৈ প্ৰণৱ গলগৈ, পৰৱৰ্তী এড্‌ভেন্‌চাৰ ট্ৰিপ এটাৰ কামনাৰে৷ (সমাপ্ত)


সহায়কাৰী গ্ৰন্থসমূহ
. বিশ্বকোষ, অষ্টম খণ্ড, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, প্ৰথম প্ৰকাশ, ফেব্ৰুৱাৰী ২০০৫
. কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস, বৰছিং ৰংফাৰ, ফু ফু পাব্লিকেশ্বনছ্‌, ডিফু, প্ৰথম প্ৰকাশ, জানুৱাৰী ২০০৫
. জনজাতি সৌৰভ, সম্পাদনা পেইম থি গোহাঁই, জনজাতি গৱেষণা বিভাগ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, মাৰ্চ ২০০৯
. উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সাজপাৰ আৰু আ-অলংকাৰ, সম্পাদনা অজন্তা ৰাজখোৱা, বনফুল প্ৰকাশন, গুৱাহাটী, জানুৱাৰী ২০১৩
৫. অসমৰ বিভিন্ন জনজাতিৰ লোকবাদ্য আৰু লোকনৃত্য, কবিতা বৰ্মন, প্ৰজ্ঞা, প্ৰথম সংস্কৰণ, অক্টোবৰ ২০০৭
. উদ্ভিদ জ্ঞানকোষ, ডক্টৰ বলদেৱ শৰ্মা, বাণী মন্দিৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ডিচেম্বৰ ২০০২
. ভৌগলিক জ্ঞানকোষ, ডক্টৰ ভাৰতী দত্ত, বাণী মন্দিৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৩
. District Handbook United Mikir And North Cachar Hills, Tribal Research Institute, Shillong, July 1972
. Tribes of Assam, Part-II, B. N. Bordoloi & G. C. Sharmah Thakur, Director, Tribal Research Institute, Assam, Guwahati, First Edition, March 1988

তথ্যদাতা...
১. পাওলহিন খংচাই, চাইজাং
২. গৌতম ৰংপি, চাইজাং
৩. কৰ্ণ বাহাদুৰ থাপা, চাইজাং