চাপানলা ... চম্পাৱতী
প্ৰাক্-কথন...
চাপানলা ... চম্পাৱতীৰ প্ৰতি
মোৰ উৎসুকতাৰ প্ৰকাশ কোন-কাহানিবাতে ঘটিছিল৷ কন্দলী পাহাৰৰ বাদুলী খোৰোং, অসম সাহিত্য সভাৰ কলিয়াবৰ
অধিৱেশন আদিলৈ যাওঁতে-আহোঁতে সুযোগ পালে জলপ্ৰপাতটো চোৱাৰ বিষয়ে চিন্তা-ভাবনাও কৰা হৈছিল৷ কিন্তু কিয় জানো, সময় যেন অনুকূল নাছিল৷ অৱশেষত ইচ্ছাকণ বাস্তৱায়িত হ’ল৷ প্ৰাণে শান্তি লভিলে! তাকে লিখিবলৈ লৈছোঁ 'চাপানলা ... চম্পাৱতী' শীৰ্ষক এই ভ্ৰমণ-ধাৰাবাহিকৰ খণ্ড কেইটামানত, আলোক-চিত্ৰসহ৷ প্ৰকৃতিক প্ৰাণ ভৰি উপভোগ কৰা, দুঃসাহসিক ভ্ৰমণ ভাল পোৱা মাননীয় সদস্য-সদস্যাসকলৰ হাতত, স্নেহ আৰু শ্ৰদ্ধাসহকাৰে... আব্দুছ ছাজিদ, ডিফু৷
.................................................
১. 'Water is the
most perfect traveller because when it travels it becomes the path itself!'
ফেব্ৰুৱাৰী মাহৰ
১৩ তাৰিখ৷ চন ২০১৬৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা৷ মাঘ মাহৰ শুক্লা পঞ্চমী
তিথি৷ এক মাংগলিক পৰিৱেশ৷ কেউফালে ব্যস্ততা৷ বিশেষকৈ বিদ্যাৰ্থী, পৰীক্ষাৰ্থী আৰু পিতৃ-মাতৃ, অভিভাৱকৰ৷ হাতত খবৰ আছিল যে প্ৰেম আৰু সতীত্বৰ গৌৰৱেৰে গৌৰৱান্বিত চম্পাৱতীৰ আশীৰ্বাদ
লাভ কৰাৰ মানসেৰে সৰস্বতী পূজাৰ বিশেষ দিনটো সামৰি তিনিদিনীয়াকৈ চাপানলাবাসীয়ে মহাকুণ্ড
মেলাৰ আয়োজন কৰে, পঞ্চমীৰ পৰা সপ্তমীলৈ৷ সপ্তমীৰ দিনা হংসৰাজ ৰজাৰ জীয়াৰী চম্পাৱতীয়ে জলপ্ৰপাতৰ কুণ্ডত স্নান কৰিছিল বুলি প্ৰবাদ আছে৷ কুঁৱৰী চম্পাৱতীৰ নামটোৰ পৰাই
জলপ্ৰপাতটোৰ নামো চম্পাৱতী হৈছে৷ নগাঁও জিলাৰ অন্তৱৰ্তী আৰু কাৰবি আংলং জিলাৰ সীমান্তত
অৱস্থিত এয়া এক প্ৰকৃতিপ্ৰমী, এড্ভেন্চাৰপ্ৰেমী, পৰ্যটক-আকৰ্ষক থলী৷ প্ৰাকৃতিক সৌন্দৰ্য তথা সম্পদেৰে ভৰপূৰ চোৱাং
বনাঞ্চলৰ অন্তৰ্গত লেম্লেমী পাহাৰৰ শিলাময় বুকুত বিৰাজমান যাৰ স্থিতি৷ প্ৰচলিত জনবিশ্বাস অনুযায়ী
মাঘী সপ্তমীৰ দিনা ইয়াত গা ধুলে পুণ্য অৰ্জন হয়, বেমাৰ-আজাৰো নিৰাময় হয়৷ আনহাতে বিশিষ্ট
বনভোজ থলী হিচাপেও চাপানলাৰ নামটো বিভিন্ন মহলত জনাজাত৷
কিবা কাম এটাত বৰকৈ লাগি কথাটো মই পাহৰিয়ে গৈছিলোঁ৷ চাৰিটা দিন হাতত
থকা অৱস্থাত সৰস্বতী পূজাৰ দিনাখন চাপানলাৰ চম্পাৱতী জলপ্ৰপাত চাবলৈ যোৱাৰ প্ৰস্তাৱটো
আহিল অগ্ৰজ ভাতৃপ্ৰতিম তথা মোৰ এগৰাকী বিশ্বস্ত ভ্ৰমণ-সংগী অৰুণদা, অৰুণ টেৰণৰ পৰা৷ কোনাে ধৰণৰ দ্বিতীয় চিন্তা নকৰি এইফালৰ পৰা লগে লগে
কৈ দিয়া হ’ল, ‘য়েছ্, যাব লাগে দাদা’৷ তাৰ পাছতে উৎসাহেৰে গঠন কৰি পেলালোঁ আমাৰ ভ্ৰমণকাৰী দলটো৷ ভাবি-গুণি গাড়ী এখনো বন্দৱস্ত কৰা
হ’ল৷
যাত্ৰাৰ দিন-বাৰ নিৰ্দিষ্ট, সময় নিৰ্দিষ্ট, লক্ষ্য নিৰ্দিষ্ট৷ সেইমতে ১৩ তাৰিখৰ পুৱাই আমি ডিফুৰ পৰা চাপানলা অভিমুখে ওলালোঁ৷
এইবাৰ আমাৰ লগত শ্যামলদা, মানে শ্যামল পাল নতুন মুখ৷ প্ৰফেচনেল ফটোগ্ৰাফাৰ শ্যামলদা ভ্ৰমণৰসিক,
এড্ভেন্চাৰাচ মানসিকতাৰ মানুহ৷ ফটো সাংবাদিকতাৰ অচিলাৰে তেওঁ কাৰবি আংলঙৰ অনেকবোৰ
ভিতৰুৱা স্থানলৈ গৈছে, যিবোৰৰ নামবিলাক তেওঁ যেতিয়া একাদিক্ৰমে মাতি যায়, মানুহজনলৈ মোৰ হিংসাৰ ভাব ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে৷ এক প্ৰকাৰ অস্থিৰ হৈ পৰোঁ মই৷ নিজৰ জিলাখনৰ চুক-কোণবোৰলৈয়ে আজিলৈকে গৈ পোৱা নাই বুলি নিজলৈকে ধিক্কাৰ জন্মে৷ অসম, উত্তৰ-পূৰ্বাঞ্চল, ভাৰতবৰ্ষ, এছিয়া মহাদেশ, পৃথিৱী... ভাবিব নোৱাৰা কথা৷ জীৱনটো কিমান দীঘলীয়া হ'লে হৃদয়ৰ এই সমস্ত আশা সম্পূৰ্ণ হ'বগৈ বাৰু? অকলে অকলে ভাবি থাকোঁ কেতিয়াবা৷
টীম মাৰ্ক’ পল’ৰ পুৰণা সংগীসকল, নামানুসাৰে ক্ৰমে অৰুণদা, অনিলদা, সঞ্জু আৰু মই, আচলতে আমি চাৰিওহে যোৱাৰ কথা পাঙিছিলোঁ৷ পিছে বিশেষ দৰকাৰত সঞ্জু গুৱাহাটীলৈ যাবলগীয়াত
পৰাত দেখদেখকৈ চিট্ এটা খালী হ’ল৷ অৰুণদাই মোক ক’লে, ‘আপোনাৰ পছন্দ অনুযায়ী এজন যোগাৰ কৰি লওক৷ অন্যথা ড্ৰাইভাৰসহ
আমি তিনিজনেই ৰাওনা হ'ম৷’ সেইমতে বিভিন্নখন মুখৰ
ওপৰেদি পোহৰ পেলাই গ’লোঁ৷ অমুক, তমুক... এক্স, ৱাই, জেড্৷ বাছনিত কোন উঠিব নাজানো৷ নক'লে বেয়া পোৱা, পাছত কথা শুনোৱা মানুহো নিজৰ অভিজ্ঞতাৰে পাই থৈছোঁ৷ হেনজানি এতিয়া মোৰ কাম আটাইকে কোৱা৷ কৈ দিলোঁ৷ পিছে এতিয়া দেখোন বিভিন্নজনৰ বিভিন্ন জাতৰ সমস্যাৰহে ফুলজাৰি!
সমস্যাৰ তালিকা আমাক নালাগে দেউ৷ ঘনিষ্ঠ বাল্যবন্ধু এজনক জনাওঁতে
সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰসংগৰে তেওঁ দিনেকীয়াকৈ হ’লেও ডিফু এৰিবলৈ ভয় খালে৷ উপায় নাই, চৰকাৰী দায়বদ্ধতাত অনৱৰতে বান্ধ
খাই থকা মানুহ৷ প্ৰাণৰ ইচ্ছা, মনৰ আনন্দ পাছ কথা৷ অৰুণদা অৱশ্যে বেলেগ ধাতুৰ৷ ব্যস্ততাৰ মাজতো সময় উলিয়াব জানে৷ সেই সময়ক নিজৰ ৰুচি-অভিৰুচিৰ অনুকূলে প্ৰয়োগ কৰাত সদায় আগ্ৰহী আৰু সিদ্ধহস্তও৷ বাকী অনিলদা, সঞ্জু আৰু মই বাৰু ফ্ৰী-লেন্স
কেটেগৰীৰ৷ নিজে নিজৰ বচ্৷ গতিকে তেনেকুৱা বাধ্যবাধকতা বুলিবলৈ নাই৷ শ্যামলদাও একে কেটেগৰীৰ৷
সেয়েহে আগদিনা হঠাতে ডিফু বজাৰত ৰাস্তা পাৰ হওঁতে মুখামুখিকৈ পাই চিধা-চিধি কথাটো জনাওঁতেই তেওঁ মোক একে আষাৰতে কৈ দিলে, ‘হ’ব, মই যাম, বেলেগ কাকো ল'ব নালাগে দেই’ বুলি৷ চিনাকি, উৎসাহী লোকজনক ততালিকে নিশ্চিত সংগী হিচাপে তালিকাভুক্ত কৰি পেলালোঁ৷ অৰুণদাকো জনালোঁ লগে লগে৷ জানি তেওঁ আহ্লাদিত হ’ল৷ অনিলদায়ো ফোনতে ক'লে, 'ঠিক আছে, হৈ গ'ল৷ আমাৰ টীম কম্প্লিট্৷'
নিৰ্দিষ্ট দিনা পুৱা ঠিক ৭.০০ বজাত গাড়ীচালক সত্য মজুমদাৰে
এ.এছ.০১এ.ই.৭৩০০ নম্বৰৰ ক’লাৰঙী মহিন্দ্ৰ বলেৰ’খন লামডিং ৰ'ডস্থিত আমাৰ
ঘৰৰ সন্মুখত থিয় কৰালেহি৷ মই ইফালে আগৰে পৰাই সাজু
হৈ আগফালৰ বাৰাণ্ডাত মজুত আছোঁৱেই৷ দুখন কিতাপ, পানীৰ বটল, কলম, নোটবুক আদি আংগামী মোনাটোত ভৰাই কেমেৰাটোৰ সৈতে প্ৰায় দৌৰিয়ে চিৰিকেইটা বগাই উঠি আহি গাড়ীত বহি গ'লোঁ৷ তাৰ পাছত শীতলাবাড়ীত শ্যামলদাক উঠাই চিধাই অৰুণদাৰ ৰুকাছেনৰ বাসগৃহত উপস্থিত৷ সৰ্বাধিক উৎসাহী কিন্তু দেখা গ’ল অনিলদাকহে৷ ঝিলপাৰৰ আৱাসীজন কাহিলি পুৱাতে ঘৰ এৰি অৰুণদাৰ তাত আগতীয়াকৈ
হাজিৰ৷ আমাক দেখা মাত্ৰক যিটোহে হাঁহি মাৰিলে, উৎসাহৰ লেভেলটো তাতেই পৰিষ্কাৰকৈ বুজি পাই গ'লোঁ৷ এনেকুৱা ভ্ৰমণ-প্ৰৱণ মানুহহে আচলতে লাগে, বয়স বা শৰীৰৰ জোখ-মাখ ডাঙৰ কথা নহয়৷ সেয়েহে ডঙলৈ যাওঁতে পাহাৰ বগাব নোৱাৰাৰ আশংকাত ৱালং আই.বি.ত দিনৰ দিনটো আমালৈ অপেক্ষা কৰি শুই-বহি কটোৱা অনিলদাক অৰুণদাই যিমান তিৰস্কাৰ নকৰক কিয়, পৰৱৰ্তী যাত্ৰাকেইটাত তেওঁ এবাৰো দলৰ পৰা বাদ পৰাৰ ৰেকৰ্ড নাই৷ এতিয়াও সৌজন, আগৰণুৱা৷
২. 'There is a
hidden message in every waterfall. It says, if you are flexible, falling will
not hurt you!'
৭.৩০ত যাত্ৰা আৰম্ভ হৈ গ’ল৷ আমোলাপট্টিত
এদিন আগতে মাত্ৰ মুকলি কৰা হৈছে এছাৰৰ নতুন তেল ডিপ'টো৷ তাতে
গাড়ীখনত ডিজেল ভৰোৱাত লাগিলোঁ৷ তাৰ লগে লগে সৰ্বদা দায়িত্ববাহী একাউনটেণ্টৰ খাতা-কলমো মোৰ
পুনৰবাৰ মুকলি হৈ গ’ল৷ পূৰ্বৰ চফৰবোৰৰ দৰেই এইবাৰো ট্ৰিপটোৰ স্পনছৰ হ’লগৈ অনিলদা৷ ইয়াকে লৈ আৰম্ভণিতে কিছু হাঁহি-ধেমালি চলিল আমাৰ মাজত৷
ক’তো নোৰোৱাকৈ ধুম-ধাম গৈ আছোঁ৷ শীতল পুৱাটোত ভ্ৰমণ-বিষয়ক
আলাপেৰে বলেৰ'ৰ ভিতৰখন উমাল হৈ উঠিছে৷ অতীতৰ ৰোমন্থন, বৰ্তমানৰ আশাবাদ আৰু ভৱিষ্যতৰ জল্পনা-কল্পনাই
প্ৰতিটো মুহূৰ্ততে পৰিৱেশ আকৰ্ষণীয়, উদ্দীপ্ত আৰু আনন্দময় কৰি পেলাইছে৷ সঞ্জুক স্থলাভিষিক্ত
কৰি শ্যামলদা এইবাৰ দললৈ নকৈ আহিছে৷ তেওঁৰ সুদীৰ্ঘ কৰ্মময় জীৱন আৰু কেমেৰাৰ পাছৰ সুবিশাল অভিজ্ঞতাৰে
বৰ্ণিত অনেক সত্য, নজনাক জনাৰ অৱকাশ এই সুযোগতে পাই গৈ আছোঁ৷ গল্প নহয়, সত্যকহে ময়ো বেছি প্ৰাধান্য
দিওঁ৷ সেয়ে ভাল লাগিছে কথাবোৰ শুনি৷
মোৰ মোনাৰ ভিতৰত Dipti
Bhalla, Kunal Vermaৰ ‘Brahma’s Creation’
(NorthEast Trilogy-II, Arunachal Pradesh, Eastern Himalaya) কিতাপখন৷
প্ৰকৃত গৰাকী মই নহওঁ অৱশ্যে৷ গুৱাহাটী নিবাসী জয়ন্তদা অৰ্থাৎ মোৰ কেইবাটাও ৰোমাঞ্চকৰ যাত্ৰাৰ সংগী, অগ্ৰজপ্ৰতিম, জয়ন্ত শৰ্মাহে৷ প্ৰসংগৰ মিল পাই ঘপহকৈ উলিয়াই বেটুপাতটো দাঙি ধৰিলোঁ আটাইৰে আগত৷ অনুৰূপ কাম আমি কাৰবি
আংলঙক লৈয়ে কৰিব পাৰোঁচোন৷ আমাৰোতো যথেষ্ট সমল আছে, সম্ভাৱনাও ভৰি আছে৷ নতুন দৃষ্টিভংগীৰে, এনেকুৱা আৰ্হিৰে একত্ৰিতভাৱে কাম কৰাৰ হকে ডিফু-মাঞ্জা ৰ’ডেৰে দৌৰি থকা বাহনখনৰ ভিতৰতে গম্ভীৰ
মত-অভিমত, উত্তৰ-প্ৰত্যুত্তৰ শুনা পোৱা গ’ল৷ আৰম্ভণিটোহে কেতিয়া, ক’ত, কি ৰূপত
হয় নাজানো৷ পুৰণা দিনপঞ্জীৰ পাত লুটিয়ালে স্পষ্টভাৱে ওলাই পৰে যে প্ৰতিবাৰেই ঘূৰি
গৈ ঘৰ সোমাৱাৰ লগে লগে সমস্ত চিন্তা-চৰ্চা, কল্পনা-ভাবনা হয়গৈ গালোঁ বালোঁ খোলাকটিৰ
তাল৷ এইবাৰ কি ঘটে, পাছত জানিম৷ তথাপি ক'বলগীয়া কৈ গৈছোঁ৷ নহ'লেবা বিপ্লৱ(!) চলিব নিজাববীয়াকৈ৷ ৱান মেন আৰ্মী৷ পাগলামি এটা আপোনা-আপুনি আহি যায়, এনেকুৱা মুহূৰ্তত৷
ডিফুৰ পৰা ১৬ কিল’মিটাৰ অতিক্ৰম কৰাৰ পাছত মাঞ্জাত আমি ৰ’লোঁ৷ দূৰৰ পৰাই অৰুণদাৰ তৰ্জনী তিনিআলিটো নৌপাওঁতেই বাওঁহাতে থকা হোটেল এখনলৈ নিৰ্দিষ্ট হৈ আছিল৷ সন্মুখত গাড়ী ৰাখি জ্যেষ্ঠ সদস্যজনক অনুসৰণ কৰি দলে-বলে দিলোঁ সোমাই৷ শুকান ৰুটী, আলু-অমিতা তৰকাৰি, ৰঙা চাহেৰে পেট ভৰাই পেলোৱা হ’ল৷ খাতা-কলমযোৰ আকৌ এবাৰ ওলাল৷ দুপৰীয়াৰ ভাতসাঁজ ক'ত কেনেকৈ মিলিব, মিলিবনে নিমিলিব, নাজানো৷ প্ৰকৃততে দলৰ এজনেও এইটো নাজানে৷ উত্তেজনাৰ কেন্দ্ৰবিন্দু এই মুহূৰ্তত কেৱল চম্পাৱতী, চাপানলা৷
বেছি সময় নালাগিল৷ গাড়ীৰ চকা আকৌ ঘূৰিব ধৰিলে৷ নতুন শক্তি আৰু উদ্যমেৰে কথা-বতৰাও আকৌ আৰম্ভ হ’ল৷ ২০১৫ৰ এপ্ৰিলত ৱালং, ডং, কিবিথু,
কাহো যাত্ৰাৰ স্মৃতিচাৰণে এইবাৰ ঘাই আলোচ্য হিচাপে বিশেষ মাত্ৰা লাভ কৰিলে৷ উত্তৰ-পূবৰ
অন্তিম পূব অভিমুখী উক্ত ভ্ৰমণকালত বাটে বাটে ঘটা আমোদজনক কথাবোৰৰ অৱতাৰণা চলিল৷ অভিজ্ঞতাৰ চৰ্বিত-চৰ্বণে কাহিনীৰ
সৈতে অংগাংগীভাৱে জড়িত তিনিজনৰ উত্তেজনা আৰু আনন্দ দুগুণে বঢ়াই তুলিলে৷ শ্যামলদা আৰু চালক মজুমদাৰ এতিয়া মনোযোগী শ্ৰোতা৷
এনেতে সকলোকে আচৰিত কৰি
মোনাৰ ভিতৰৰ পৰা ভ্ৰমণ কাহিনীৰ শকত পাণ্ডুলিপিটো উলিয়ালোঁ, এক ধৰণৰ নাটকীয়তাৰে৷
‘অৰুণোদয়ৰ
বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ’৷ বাইণ্ডিং কৰি ৰখা এ’ ফ’ৰ চাইজৰ
৪২০ পৃষ্ঠাৰ কিতাপ(!)খন সম্ভ্ৰমেৰে আগ বঢ়াই দিয়া হ'ল কাষতে বহি অহা অনিলদাৰ পিনে৷ অলপ পাছত গ'ল শ্যামলদাৰ হাতলৈ৷ চলন্ত তথা কম্পিত বাহনৰ ভিতৰতে পৰম উৎসাহ আৰু আগ্ৰহেৰে লিখনিৰ নিৰ্বাচিত
অংশবিশেষৰ পঠন-শ্ৰৱণ কাৰ্য চলিব লাগিল৷ ছেমিনাৰ পে'পাৰহে পাঠ কৰি আছোঁ যেন! স্মৰণীয় সেই যাত্ৰাটোৰ সত্য-প্ৰশস্তিয়ে আমাৰ মাজত সঞ্চাৰ কৰি গ’ল ধাৰাবাহিক ৰসবোধ৷ জীৱনকালৰ
এই সঁচা কাহিনীভাগৰ একোটা জীৱন্ত আৰু সবাক চৰিত্ৰ হিচাপে পোনপটীয়াকৈ জড়িত অৰুণদা
আৰু অনিলদাই কথাংশৰ মাজত নিজকে বিচাৰি পাই কিমানযে সুখী হ’ল, তাৰ বহিঃপ্ৰকাশ ঘটিল তেওঁলোকৰ প্ৰস্ফুটিত মুখমণ্ডল আৰু প্ৰসন্নতা প্ৰকাশক অংগী-ভংগীত৷ চলি থাকিল ভ্ৰাম্যমান ছেমিনাৰ৷
ভ্ৰমণকাৰী, ভ্ৰমণ কাহিনীৰ চাগৈ গুপুত মাদকতা এনেবোৰেই৷ কাহিনীত ৰহণ নাথাকে, থাকে প্ৰত্যক্ষ অভিজ্ঞতা আৰু সত্যৰ বিস্তাৰিত বৰ্ণন৷ কল্পনাৰ ৰং-তুলিকাই মানসপটত আপোনা-আপুনি ছবি আঁকি পেৰেগ্ৰাফৰ লগে লগে আগুৱাই গৈ থাকে৷ সংলগ্নকৃত আলোক-চিত্ৰৰো প্ৰাসংগিকতা আৰু আকৰ্ষণ সদায়েই৷ আন নহ'লেও ফটোৱে কাহানিও মিছা নকয়৷ জন
ষ্টুৱাৰ্ট মিলে ক’বৰ দৰে, 'ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব
নোৱাৰে'৷ তাৰে বশৱৰ্তী হৈ সত্যসন্ধানী হিচাপে আমিও দিহিঙে-দিপাঙে ঘূৰি ফুৰোঁ৷ এতিয়াও
একে উদ্দেশ্য আৰু নতুন আশা লৈয়ে গোট বান্ধি ওলাই আহিছোঁ, চাপানলা-চম্পাৱতীলৈ বুলি৷ বাট উঠা-নমা, অকোৱা-পকোৱা৷ সত্য মজুমদাৰে সুনিপুণ নিয়ন্ত্ৰণেৰে বলেৰ'খন নি আছে, আগলৈ৷
৩. ‘There is a
waterfall in every dream. Cool and crystal clear, it falls gently on the
sleeper, cleansing the mind and soothing the soul.’
মাঞ্জাৰ পৰা আৰম্ভ কৰি লংনিত, বকলীয়াঘাট, ফুলনি, লাংহিন, ডকমকা,
ডেনগাঁও, পাৰখোৱা হৈ কাৰবি আংলঙৰ ভূমি অতিক্ৰমি এসময়ত চুবুৰীয়া জিলাখনত সোমালোঁ৷ ফ’ৰ লে’ন হাইৱে’ৰে ক’তো নোৰোৱাকৈ গৈ আছোঁ৷
কঠীয়াতলী চাৰিআলিত কঠীয়াতলী-বঢ়মপুৰ ৰাস্তাটোৰ বুজ লোৱা হ’ল৷ বহু বছৰৰ আগতে, ২০০৫ত সেইফালেদি শ্বৰ্টকাট মাৰি গৈছিলোঁ এবাৰ, ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনলৈ যাওঁতে৷ এতিয়া মানুহক সুধি গম পালোঁ যে ৰাস্তাটোৰ অৱস্থা ভাল নহয়, গতিকে যাব নালাগে৷ ফলাফল, উভতি আকৌ ৰাজমাৰ্গলৈ
আহিবলৈ বাধ্য৷ আকৌ চিধাকৈ ৰাওনা৷
নগাঁও বাইপাছ পাই গাড়ী সোঁহাতে ঘূৰিল৷ পুৰণিগুদাম পালোঁগৈ৷
নগাঁও জিলাৰ পুৰণি সদৰ ঠাই পুৰণিগুদাম৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত৷ ইয়াৰ পৰা ১৫-১৬
কিল’মিটাৰমান নিলগতে আছে আমাৰ লক্ষ্যস্থান চাপানলা৷
পুৰণিগুদাম গড়মূৰৰ পৰাই চলচলি হৈ চাপানলা অভিমুখে সোঁহাতে
ৰাস্তাটো সোমাই গৈছে৷ গাড়ীখন সেইবাটে অকাই-পকাই আগ বাঢ়িল৷ চৌপাশে গ্ৰামীণ
পৰিৱেশ৷ ৰাস্তা ঠেক আৰু ভগা৷ পথছোৱাৰ এনে বিধ্বস্ত ৰূপে মানুহক কিমানযে হাৰাশাস্তি
কৰিছে, সেয়া সহজেই অনুমেয়৷ তথাপিও কিন্তু সমতলৰ গ্ৰাম্য পৰিপাৰ্শ্বই চিত্তক আকৰ্ষণ নকৰাকৈ
নাথাকিল৷ কিছুমান মানুহক দেখিলোঁ, সৰু-ডাঙৰ কুন্দা কিছুমান গৰু গাড়ীত উঠাই ক’ৰবাৰ পৰা আনি আছে৷ ক'ৰ পৰা আনিছে, ক'লৈ নিব নাজানো৷
এসময়ত মানুহৰ ঘৰবোৰ কমি আহিল৷ পথৰ
দুয়ো কাষে কেৱল পথাৰ আৰু জলাহ৷ দূৰত জিলিকিব ধৰিছে পাহাৰৰ লানি৷ সেই পাহাৰৰে আৰম্ভণিৰ প্ৰকৃতি
আৰু পৰ্যটনৰ উৎকৃষ্ট ঠাইডোখৰত দেশী-বিদেশী পৰ্যটক আৰু বনভোজৰ দলে প্ৰতি বছৰেই যথেষ্ট
ভিৰ কৰেহি বুলি শুনি আহিছোঁ৷ ইয়াকো শুনি আহিছিলোঁ যে বনাঞ্চল আৰু শিলাময় নদীৰ বুকুৰে
তাৰ পৰা কঠিনসাধ্য ট্ৰেকিং কৰিলে পাহাৰৰ মাজত পোৱা যায় এক অপূৰ্বসুন্দৰ জলপ্ৰপাত৷
নাম তাৰ চম্পাৱতী৷ আজিৰ তাৰিখত আমিও তালৈকে গৈ আছোঁ৷ ঠাইখিনি ওচৰ চাপিছে মানে অজান পুলকে
দেহ-মন শিহৰিত কৰি তুলিছে৷ খিৰিকীৰ আইনা খুলি চৌদিশ চাই চাই যাব ধৰিছোঁ৷
নগাঁও চহৰৰ পৰা ২২-২৩ কিল’মিটাৰ আঁতৰত
বঢ়হমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চামগুৰি অঞ্চল৷ তাৰ উত্তৰ-পূব দিশত কাৰবি আংলঙৰ পাহাৰবোৰ, দিগন্তৰেখাত যিবোৰ এতিয়া লাহে লাহে স্পষ্ট হ'ব ধৰিছে৷ তাৰ পৰাই ওলাই আহিছে চম্পাৱতীৰ জলধাৰা৷ নগাঁও জিলাৰ দক্ষিণ-পূব দিশত চোৱাং
বনাঞ্চল৷ মাটিকালি ২,৬১৪ হেক্টৰ বৰ্গ কিল’মিটাৰ৷
সেই বনাঞ্চলৰ অভ্যন্তৰতে অৱস্থিত বহুকথিত চম্পাৱতী জলপ্ৰপাত৷ জলপ্ৰপাত থকা পাহাৰখনক জনা
যায় গোৱৰ পাহাৰ বুলি৷ পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপূৰ অঞ্চলটো৷ তটিনীৰ কুলু কুলু ধ্বনিৰে
মুখৰিত চম্পাৱতীৰ গাতে লাগি থকা সেউজ পৰিৱেশত প্ৰকৃতিৰ বিনন্দীয়া ৰূপমাধুৰী, দুষ্প্ৰাপ্য
জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু দাঁতি-কাষৰীয়া পৌৰাণিক কীৰ্তিচিহ্নসমূহ দৰ্শন কৰিবলৈ
প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত পৰ্যটকৰ আগমন ঘটে৷ বনভোজ খোৱাৰ বাবেও
সুন্দৰ পৰিৱেশ আছে৷
দিনৰ ১১ বাজিল৷ পোন ৰাস্তাটোৰ সোঁ দাঁতিত পুৰণা খেজুৰ গছ এজোপা৷ গাড়ীখন ৰোৱাত লক্ষ্য কৰিলোঁ, বৰ্ষীয়ান খেজুৰজোপাত ওলমি আছে টোকোৰা চৰাইৰ বাহ কেইটামান৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাকেইটাৰ উপৰি অৰ্ধনিৰ্মিতও আছে৷ চৰাইবোৰৰ কিযে কৰ্মব্যস্ততা! এনে দৃশ্য আজিকালি সতকাই দেখিবলৈ নোপোৱাই হ'লোঁ৷ সৰুপানী চুৱাৰ উদ্দেশ্যে ৰোৱাৰ চেলুতে হেঁপাহ পলুৱাই চালোঁ আৰু ফটোও তুলিলোঁ৷ পথটোৰ দুয়োপাৰে মুকলি পথাৰ৷ মানুহ-দুনুহ দেখিবলৈ নাই৷
৪. 'A waterfall
cannot be silent, just as the wisdom! When they speak, the voice of power
speaks!'
আধা ঘণ্টামানৰ পাছত পকী তোৰণ এখনৰ নিকট পালোঁহি৷ আছাম টুৰিজমে বাঁহৰ সাঁচত নিৰ্মাণ কৰা গে’টখনৰ ঠিক সোঁমাজতে
লিখা আছে চম্পাৱতী বনভোজথলী, নগাঁও, অসম৷ ত্ৰিভুজাকৃতিৰ ৰং-বিৰঙী কাগজ কাটি দীঘল ৰছী
কিছুমানত আঠা লগাই দূৰলৈকে ওলমাই ৰখাত পৰিৱেশটো কিবা উৎসৱমুখৰ যেন অনুভূত হ’ল৷ ৰাস্তাটো বাঁওফাললৈ ঘূৰি কেঁকুৰিত অদৃশ্য হৈ পৰিছে৷
তোৰণখনৰ সোঁকাষে জিৰণি চ’ৰাসহ এটা ৰখীয়া গৃহ৷ তালাচী চকীও বুলিব পাৰি৷ পথৰ কাষতে আঁৰি থোৱা
বেনাৰ এখনত পঢ়িলোঁ, ১.৫ কিল’মিটাৰ আগলৈ আছে মা চম্পাৱতী জলপ্ৰপাত৷ আমাৰ সোঁহাতে চকুৰ আগত বাউণ্ডেৰী ৱালেৰে ঘেৰা মুকলি ঠাই৷ আহল-বহল
ঠাইডোখৰত অস্থায়ী দোকান-পোহাৰ কিছুমানৰ পয়োভৰ৷ তাৰ সিফালে, পাহাৰৰ পাদদেশেৰে বৈ গৈছে
নৈ এখন৷ নৈৰ পাৰে পাৰে বহাৰ ব্যৱস্থা হিচাপে পকী বেঞ্চ কিছুমান৷ সেউজীয়া টিনপাতেৰে কেইবাটাও ৱেইটিং শ্বেড আৰু ফুটপাথো সজা
আছে৷ এয়াই চাপানলা পিক্নিক্ স্পট৷ অনুমান কৰিছোঁ, নৈখন নিশ্চয় চম্পাৱতীয়ে হ’ব৷ জেগা পালোঁহি তাৰ মানে৷
‘চম্পাৱতী তোমাৰ
ঘাটত চপালোঁ মোৰ নাও… পুৰণি গীতটোলৈ
চাঁতকৰে মনত পৰি গ’ল৷ তফজ্জুল
আলিয়ে লিখিছিল৷ গাইছিল জ্যোতিষ ভট্টাচাৰ্যই৷ এই মন জুৰোৱা, হৃদয় শাঁত পেলোৱা নিভাঁজ অসমীয়া গীতটি আমাৰ শৈশৱ-কৈশোৰত আমি বৰকৈ শুনা পাইছিলোঁ৷ বিশেষকৈ আগৰচাম মানুহে নুশুনাকৈ থকা নাই৷
আছাম টুৰিজমে ইয়াত চম্পাৱতী মুকলি মঞ্চ নামে মঞ্চ
এটিও সাজি দিছে৷ সত্য মজুমদাৰে গাড়ীখন পিক্নিক স্পটলৈ নমাই নি ওখ গছ এজোপাৰ ছাঁত ঘাঁহনিত ৰাখিলে৷ দোকানবোৰত মানুহৰ ব্যস্ততা৷ আহিছে, গৈছে৷ মণিহাৰী মাল, খোৱা-বস্তুৰে চালিৰ তলবোৰ ঠাহ
খাই পৰিছে৷ গাড়ীৰ পৰা নামি এঠাইত চাহ খোৱাৰ উপৰি পকা কল এআষি কিনি ল’লোঁ, জনজাতীয় বৃদ্ধা এগৰাকীৰ পৰা৷ পাছত ভোক লাগিলে চম্পাৱতীৰ চেনীচম্পাই কামত দিব৷
১১ বাজি ৪০ মিনিট গৈছে৷ উপস্থিত জনৈক লোকৰ মুখে বাটৰ সম্ভেদ সংগ্ৰহ কৰাৰ পাছতে আমাৰ জলপ্ৰপাতমুখী পদচালনা আৰম্ভ হৈ গ’ল৷ ৰছী এডালত কলকেইটা ওলমাই অনিলদাই উৎসাহেৰে হাতত
লৈছে৷ গীতত ক'বৰ দৰে, 'ৰূপৰ পাহাৰ সোণৰ খনি কিজানিবা পাওঁ' বুলি সাৱধানী খোজেৰে, উৎসাহ আৰু উদ্যমেৰে আটায়ে অগ্ৰসৰ হৈছোঁ, চম্পাৱতীৰ পাৰে পাৰে৷ এতিয়া পুৰণি হৈ পৰা, মনপৰশা গীতটোৰ এটা শাৰীত কৈছে, 'এইখনিযে সপোনভৰা সাধুকথাৰ দেশ'৷ নিশ্চিত যে ইয়াৰ পৰা উভতি গৈ আমিও আন নহ'লেও অন্ততঃ আমাৰ সৈতে আজি এই যাত্ৰাত সংগ দিবলৈ অপাৰগ হোৱা সঞ্জুক সাধুকথা নহয়, সত্যকথা শুনাব পাৰিম চম্পাৱতী, চাপানলা অভিযানৰ৷
চাপানলাৰ চম্পাৱতী জলপ্ৰপাতৰ সৃষ্টি সম্পৰ্কে মুখ বাগৰি অহা
কেইবাটাও কিংবদন্তিমূলক কাহিনী আছে৷ তাৰে এটা কাহিনী অনুসৰি, চম্পক নামৰ ৰাজ্য এখনত হংসধ্বজ নামৰ
ৰজা এজনে ৰাজত্ব কৰিছিল৷ হংস ৰজাৰ ৰাণীৰ নাম আছিল প্ৰভাৱতী৷ চম্পক ৰাজ্যৰ প্ৰজাসাধাৰণ
তেওঁৰ বৰ মৰমৰ আছিল৷ সেই সময়তে পঞ্চপাণ্ডৱে অশ্বমেধ যজ্ঞ পাতি ঘোঁৰা এৰি দিছিল৷ বিভিন্ন
ৰাজ্যৰ মাজেৰে আগ বাঢ়ি যজ্ঞৰ ঘোঁৰা চম্পক ৰাজ্যত সোমাল৷ ৰজাৰ দুই পুত্ৰই ঘোঁৰাটো
বন্দী কৰি থ’লে৷ মধ্যম পাণ্ডৱ অৰ্জুনে ঘোঁৰা মুকলি কৰিবলৈ গৈ ৰাজপুত্ৰদ্বয়ৰ
সৈতে যুদ্ধ দিবলগীয়া হ’ল৷ তেওঁলোক দুয়োকে বধ কৰি অৰ্জুনে ঘোঁৰা হস্তগত কৰিলে৷ ইফালে কৃষ্ণভক্ত
দুই পুত্ৰৰ অকাল মৃত্যুত ৰাণী প্ৰভাৱতী শোকত ম্ৰিয়মান হৈ পৰিল আৰু মৃত্যু বৰণ কৰিলে৷
মৃত্যুৰ পাছত মহাদেৱ শিৱই ৰাণীক এইবুলি বৰ
দিলে যে তেওঁৰ চকুৰ পানীয়ে চম্পাৱতী জলপ্ৰপাতৰ পুণ্য জলধাৰা এটি সৃষ্টি কৰিব আৰু সেই
জলধাৰাত কোনোবাই স্নান কৰিলে প্ৰভাৱতীক দৰ্শন কৰিব পাৰিব৷ তেতিয়াৰে পৰাই অদ্যপৰ্যন্ত চম্পাৱতীৰ জলৰাশিত স্নান কৰাৰ প্ৰথা চলি আহিছে৷
ৰাণী প্ৰভাৱতীক দৰ্শন হ’ব বুলি শিৱই বৰ দিছিল যদিও দীৰ্ঘ-প্ৰচলিত বিশ্বাসক সাৰোগত কৰি
শিৱৰ দৰ্শন আৰু মনৰ কামনা পূৰণৰ অৰ্থে মানুহে আজিও ইয়াত স্নান কৰে আৰু সভক্তিৰে চাকি-বন্তি
জ্বলায়৷
অন্য এক পৌৰাণিক কিংবদন্তি অনুসৰি মহাকাব্য মহাভাৰতত বৰ্ণিত
হংসৰাজ ৰজাই চাপানলা অঞ্চলতে ৰাজত্ব কৰিছিল৷ চম্পাৱতী নামে ৰজাৰ এগৰাকী অপূৰ্বসুন্দৰী ৰাজকুঁৱৰী
আছিল৷ ৰাজকুঁৱৰীৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ তেওঁৰ
প্ৰেমত পৰিছিল৷ সেই প্ৰেমে পিছে পূৰ্ণতা নাপালে৷ ইফালে যশোদানন্দন শ্ৰীকৃষ্ণও চম্পাৱতীৰ
ৰূপত মুগ্ধ হৈছিল৷ ৰাজকুঁৱৰীক তেওঁ বিয়া কৰাব বিচাৰিলে৷ চম্পাৱতী কিন্তু তাৰ আগতেই
শিললৈ ৰূপান্তৰিত হৈ পৰিল৷ শিলাৰূপী চম্পাৱতীয়েই এই চম্পাৱতী জলপ্ৰপাত বুলি বিশ্বাস
প্ৰচলিত আছে৷
চম্পাৱতী জলপ্ৰপাতৰ পৰা বৈ অহা জলধাৰাই কালক্ৰমত 'চম্পা-নলা', পিছলৈ মানুহৰ
মুখ বাগৰি 'চাপানলা' হ’ল বুলি ভবা হয়৷ ব্ৰহ্মপুত্ৰৰ নিবিড় প্ৰেম আৰু সতীত্বৰ গৌৰৱক
জীয়াই ৰখা চম্পাৱতীক সেৱা কৰি মনোবাঞ্ছা পূৰ্ণ কৰাৰ অভীপ্সাৰে অতীত কালৰে পৰাই চাপানলালৈ
ভক্তিপ্ৰাণ ৰাইজ তথা কৌতূহলী, দুঃসাহসিক পৰ্যটকৰ আগমন ঘটি আহিছে৷
৫. 'There's no
better place to find yourself that sitting by a waterfall and listening to it's
music.'
চম্পাৱতীয়ে সৃষ্টি কৰি থোৱা শিলাময়, ঠায়ে ঠায়ে পিছল বাটটোৱেদি কৌতূহল বুকুত বান্ধি আগুৱাই যাব ধৰিছোঁ ৪ সংগী অনিলদা, অৰুণদা, শ্যামলদা আৰু মই৷ আৰম্ভণিতেই শিলে শিলে খোজ পেলাই নাতিবৃহৎ নৈখন এবাৰ পাৰ হ'লোঁ৷ চকুৰ আগত জাংগল ট্ৰেইল এটা দেখা দিলে৷ লুংলুঙীয়া বাটটো অনুসৰণ কৰি আমি পাৰ্বত্য বনাঞ্চলত লুকাই পৰিলোঁ৷ এফালে চাওঁতে চকুত পৰিল বান্দৰৰ পোৱালি দুটা৷
এয়াই চোৱাং বনাঞ্চল৷ লেম্লেমী পাহাৰ এইখনেই৷ আকৌ পাৰ হ'লোঁ নদীখন৷ শিলে শিলে ইপাৰ-সিপাৰকৈ অবিৰত যাত্ৰা চলি থাকিল৷ গতিৰ সৈতে তাল মিলাই অনিলদাই ৩০ টকীয়া আষিটোৰ পৰা কল ছিঙি ছিঙি আটাইকে এটা এটা দি যাব ধৰিলে, 'কল খালে বল হয়' বুলি৷
আমাৰ আগে-পাছে একে উদ্দেশ্যৰে অহা আন মানুহ কিছুমান৷ কোন কিমান দূৰ পাবগৈ নাজানো৷ বছৰৰ এই বিশেষ সময়টোত পৱিত্ৰ কুণ্ড দৰ্শন আৰু স্নান কাৰ্যৰে পুণ্য অৰ্জন কৰিবৰ নিমিত্তে অগণন লোকৰ আগমন ঘটে বুলি শুনিছিলোঁ৷ বিশেষকৈ সৰস্বতী পূজাৰ পিছদিনা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হেনো হিলদ’ল ভাঙি ৰাইজ আহে৷ অভূতপূৰ্ব সেই দৃশ্য কাইলৈ ইয়াত পৰিলক্ষিত হ'ব৷ যুগ যুগ ধৰি মাঘ মাহৰ শুক্লা সপ্তমী তিথিক উপলক্ষ্য কৰি চাপানলাত ভক্তিপ্ৰাণ ৰাইজ বিশাল ৰূপত সমাৱেশিত হৈ আহিছে৷ শ শ বছৰৰ উৰ্বৰা জন-বিশ্বাসৰ ভিত্তিতে চম্পাৱতী জলপ্ৰপাতলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে অহা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ জাতি, ধৰ্ম, ভাষা বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে বিভিন্ন লোকৰ সমাগমত স্বৰূপাৰ্থতে এক মিলন মেলালৈ পৰ্যবসিত হয় তিনি কুণ্ডবিশিষ্ট চম্পাৱতী জলপ্ৰপাত৷ চাপানলা পিক্নিক্ স্পটত মেলা ইতিমধ্যে আৰম্ভ হৈছেই৷ আমি আহোঁতে ৰেহ-ৰূপ দেখি আহিছোঁ৷
চকুৰ সন্মুখত ওলাই থকা নৈৰ বুকুখনত এতিয়া কেৱল শিল আৰু শিল৷ সৰু-বৰ শিলবোৰৰ ফাঁকেৰে সৰু-সুৰা অনেক জলপ্ৰপাতো দৃশ্যমান হৈছে৷ শিলে শিলে ঠেকা খাই পানীয়ে ধাৰাবাহিকভাৱে খলকনি তুলি আছে৷ শব্দবোৰ ধ্বনিত-প্ৰতিধ্বনিত হৈছে গহীন প্ৰাকৃতিক বনাঞ্চলত৷ যিমানে আগুৱাইছোঁ শিলবোৰৰ আকৃতি ক্ৰমাৎ ডাঙৰ হৈ আহিছে৷ সেইবোৰৰ ওপৰেৰেই সাৱধানী খোজ পেলাই আমি ক্ৰমান্বয়ে উচ্চতালৈ উঠি গৈ আছোঁ৷ ভাগৰ লগা নাই৷ আনন্দহে পাইছোঁ৷ পাহাৰৰ ঘোঁকটত সোমাই অনুভৱ হৈছে, প্ৰকৃতিয়ে অমল সৌন্দৰ্যক কেনেকৈযে লুকুৱাই ৰাখে! অভিযানকাৰী মানুহবোৰো কম নহয়৷ জনচক্ষুৰ আঁৰ হৈ থাকিলেও বিচাৰি বিচাৰি উলিয়ায়৷ আনহাতে এনেকুৱা গোপন অভ্যন্তৰলৈ নাহিলে এই কথা সমূলি বুজিব নোৱাৰি৷ চাপানলা পিক্নিক্ স্পটত বনভোজ খোৱাতে নিজকে সীমাবদ্ধ ৰাখিলে কোনেও আচলতে মূল সৌন্দৰ্যবোৰ ঢুকি নাপায়৷ তাৰ বাবে অকণমান কষ্ট কৰি ১.৫ কিল'মিটাৰ দূৰত্ব ট্ৰেকিং, হাইকিং, শিলাৰোহণ্ কৰিবই লাগিব৷ নিজকে উপস্থিত কৰাব পাৰিব লাগিব গছ-গছনিৰ ফাঁকেৰে এতিয়া মাজে মাজে চকামকাকৈ ধৰা দি থকা সৌ উচ্চতাত৷ আমিও তালৈকে লক্ষ্য কৰি গৈ আছোঁ৷ মনত অনেক প্ৰশ্ন৷ কোনফালে, কোনহাতে আছে চম্পাৱতী জলপ্ৰপাতটো? কিমান ওখ হ'ব বাৰু? নাজানো, পম খেদি আছোঁ৷
প্ৰকৃতিৰ সৰ্বোত্তম আৰু সুন্দৰতম বস্তুবোৰ সহজে দেখা নাযায় আৰু স্পৰ্শও কৰিব নোৱাৰি৷ হৃদয়ত মাত্ৰ অনুভৱহে কৰিব পাৰি৷ তাকে সাৰোগত কৰি খোজ আৰম্ভ কৰা এঘণ্টা হ'বৰে হ'ল৷ আহি আহি ঝৰ্ণাৰ ওপৰেৰে গছৰ ডাল আৰু বাঁহেৰে যেন-তেনভাৱে সজ্জিত সাঁকো এডাল পালোঁ৷ ওপৰেদি জলধাৰাটো পাৰ হৈয়ে বাঁওপাৰে বাঁহ আৰু গছৰ ডালৰ অস্থায়ী চালি এখন৷ দুমূৰে দুটা কলপুলি৷ ভক্তিপ্ৰাণ মুনিহ-তিৰোতাৰ লগতে গেৰুৱা বসনধাৰী পূজাৰীৰ উপস্থিতিও দেখা পাইছোঁ৷ ৰঙা আৰু হালধীয়া পতাকা দুখন সগৌৰৱে উৰি আছে৷ শিৱ আৰু সৰস্বতীৰ ফটো বেলেগে বেলেগে মালা, কল, ফুল, বন্তিৰে সজাই আৰাধনাৰ যো-জা চলিছে৷ দুটা খুঁটাৰ মাজত স্থাপন কৰা ডাঙৰ বগা কাগজত বৰ বৰ হৰফেৰে অসমীয়াতে লিখা আছে... মা চম্পাৱতী জলপ্ৰপাত, শ্ৰীশ্ৰী সৰস্বতী কুণ্ড, ২ নং কুণ্ড, নমস্কাৰ, ধন্যবাদ৷
এইখিনি এৰি আগলৈ যাব ধৰিছোঁ৷ অকণমান আগুৱাই সোঁৱে ওপৰলৈ চাওঁতেই চকুত পৰিল অবিশ্বাস্য এক দৃশ্য৷ সেউজীয়া পৰ্বত শিখৰৰ পৰা শিলত ঠেকা খাই দুৰ্বাৰ গতিৰে স্ফটিকস্বচ্ছ জলৰ এধাৰি শুভ্ৰ মালা৷ যেন আকাশৰ পৰাহে সৰি পৰিল! যেন কোনোবাই সেউজীয়াৰ মাজত বগা বক্ৰৰেখা এডালহে আঁকি দিলে! প্ৰাপ্তিৰ পৰম আহ্লাদেৰে যিমানেই সন্মুখৰফালে আগুৱাব ধৰিলোঁ, সিমানেই স্পষ্ট হৈ আহিল জলপ্ৰপাতৰ পূৰ্ণাংগ ৰূপটো৷ প্ৰকৃতিৰ অনুপম সৃষ্টি, চাই থাকিলেও হেঁপাহ নপলোৱা সৌন্দৰ্যৰ
অফুৰন্ত ভাণ্ডাৰ চম্পাৱতী জলপ্ৰপাত এই প্ৰথমবাৰলৈ দেখা পালোঁ৷ নয়ন সাৰ্থক হ'ল৷ আটায়ে অতি সন্তোষিত হ'লোঁ৷ হঠাতে লাভ কৰা এই দৃশ্যায়নে আমাৰ আত্মালৈ যি আনন্দ আৰু সুখ আনিলে, মনে ধৰিছে, এই অনুভৱৰ সমান আৰু আন কোনো অনুভৱ এই মুহূৰ্তত নাই৷ জলপ্ৰপাতৰ বৈশিষ্ট্য আৰু বাহাদুৰি তাতেই৷
পঢ়িবলৈ পোৱামতে চম্পাৱতীৰ জলধাৰা তিনিটা কুণ্ডত
বিভক্ত৷ আটাইতকৈ ওপৰৰ কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত৷ এটা শিলৰ
ওপৰেৰে তীব্ৰ বেগে তললৈ নামিছে প্ৰথম কুণ্ডটিত আবদ্ধ জলধাৰা৷ তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেদি
বৈ আকৌ তীব্ৰ বেগেৰে তলৰ শিলাখণ্ডত পৰি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি কৰিছে৷ দ্বিতীয় কুণ্ডৰ
জলধাৰা নমা স্থানৰ পৰা ৭৫ মিটাৰমান তলত তৃতীয় কুণ্ড৷ মানুহ
নামিব নোৱাৰা হেতুকে প্ৰথম আৰু দ্বিতীয় কুণ্ডৰ গভীৰতা আজিও নিৰ্ণয় কৰিবলৈ কোনো সক্ষম
হোৱা নাই৷ শিলাখণ্ডৰ
ওপৰৰ পৰা তললৈ বাগৰি অহা মূল জলপ্ৰপাতটো প্ৰায় ৩০০ ফুট ওখ৷ অৱধাৰিতভাৱেই অকণমান পাছতে চম্পাৱতীক পৃষ্ঠপট হিচাপে লৈ একোবাৰ শিলত থিয় হৈ, একোবাৰ বহি, আৰম্ভ হ'ল শ্যামলদাৰ ফটো চেছন৷ আমি নিৰ্দেশ মানি গ'লোঁ৷
৬. 'Waterfalls
are exciting because they have power, they have rainbows, they have songs, and
they have boldness and craziness!'
প্ৰকৃতিগতভাৱে সৃষ্ট সম্পদ আৰু সম্ভাৱনাসমূহে য'তেই নহওক কিয়, মানুহৰ মন-প্ৰাণ হৃদয়ৰ অন্তৰ্ভাগ সদায়ে আকৰ্ষিত, পুলকিত আৰু ৰোমাঞ্চিত কৰি আহিছে৷ ইয়াত উপস্থিত হৈ দেখিবলৈ পালোঁ, ওপৰৰ পৰা বাগৰি অহা জলপ্ৰপাতৰ পানীয়ে তলৰ কুণ্ডটোৰ আশে-পাশে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিছে৷ ৰামধেনুসদৃশ সাতোৰঙী ঘেৰ এটাও উজলি উঠিছে৷ জলপ্ৰপাতৰ পৰা উৰি অহা পানীৰ কণিকাবোৰ আমাৰ প্ৰত্যেকৰে গালে-মুখে পৰিছে৷ খুব আনন্দ লাগিছে এইবোৰ উপভোগ কৰি৷ মনত পৰি গৈছে, ভেলৌঘাটৰ বৰডিখাৰু জলপ্ৰপাতটোৰ একেবাৰে নিকটৱৰ্তী শিলটোলৈ বগাই ওপৰত থিয় দিওঁতে তাতো এনেকুৱা সপ্তৰঙী চক্ৰ দেখা পাইছিলোঁ৷ তাতো ছিটিকনি গাত পৰিছিলহি৷ প্ৰাণভৰি উপভোগ কৰিছিলোঁ, প্ৰকৃতিৰ সেই বিনন্দীয়া ৰূপ৷ চম্পাৱতীতো এতিয়া এয়া, অনুৰূপ অভিজ্ঞতা৷
নিৰ্জন পাহাৰৰ মাজত অবিশ্বাস্যভাৱে প্ৰকৃতিয়ে এনেদৰেই অস্তিত্ব জীয়াই ৰাখি সৌন্দৰ্যপিপাসু মানুহক নিৰন্তৰ হাত বাউলি দি পাৰ্বত্য ৰূপসজ্জা আৰু নিৰ্জনতাৰ মাজত একাত্ম হ’বলৈ চিৰন্তন আহ্বান জনাই আহিছে৷ সেই আহ্বানৰ ভাষা কিছু লোকে সোনকালে বুজে, কিছু লোকে পলমকৈ বুজে, কিছু লোকে নুবুজে৷ ভাবি চালোঁ, আমি কোনটো ভাগত পৰিছোঁ৷ আনহাতে দুঃসাহসী লোক মাত্ৰেই জলপ্ৰপাতৰ নামনিত থিয় হোৱাৰ তাগিদা এটা অনুভৱ নকৰাকৈ নাথাকে৷ তাৰ লগে লগে এবাৰলৈ হ'লেও আকাশমুৱাকৈ চাই অব্যক্ত আনন্দত আপোনা-আপুনি ৰিঙিয়াই নুঠাকৈও নাথাকে৷ কাৰ্যতঃ এতিয়া আমাৰো এয়াই হ'ল৷ উকিয়ালোঁ খুবমতে৷ বয়সটোযেন বহুত কমি গ'ল!
ওপৰত কি আছে? জলপ্ৰৱাহটো ক'ৰ পৰা একে লেথাৰিয়ে একে হাৰত আহি আছে? প্ৰশ্নটোৱে খুলি খুলি খাব ধৰিলে৷ কুণ্ড আৰু মূল জলপ্ৰপাতটো দৰ্শন কৰাৰ পাছত ১০০ ফুটমানেই হ'ব নেকি, ওখ আন এক শিলাখণ্ড বগাই ওপৰৰ কুণ্ডত উপস্থিত হ’ব পৰা যায়৷ এছেৰেকণিবোৰ অনৱৰতে পৰি থকাৰ ফলত চৌপাশৰ শিলবোৰহে অত্যন্ত পিছল৷ তাৰ বাবে বিশেষ সজাগতা-সাৱধানতা অপৰিহাৰ্য৷ মোনা আৰু জোতা-মোজা তলতে এৰি যৎপৰোনাস্তি দূৰে দূৰে বগাব ধৰিলোঁ৷ মতলব এটাই৷ আহিছোঁ যেতিয়া চাই যাবই লাগিব৷ শ্যামলদায়ো হয়ভৰ দিলে আৰু পাছে পাছে আহি থাকিল৷ বাকী দুজন নুঠে৷ তলতে আমালৈ অপেক্ষা কৰি থাকিব বুলি সজোৰ ঘোষণা কৰি দিছে৷
সংখ্যাত তেনেই তাকৰ উৎসাহী, কৌতূহলী, শাৰীৰিক-মানসিকভাৱে সক্ষম যুৱক কেইজনমানে ওপৰত কিনো আছে চাবৰ বাবে কষ্ট কৰি পাহাৰ বগাইছে৷ তলৰ পৰা দৃশ্যটো চাবলৈ অতিশয় আকৰ্ষণীয় হৈ উঠিছে৷ পথটোহে বিপজ্জনক৷ উঠা-নমা কৰোঁতে গছ-লতিকাত খামোচি নধৰিলেই নহয়৷ আৰু আগত, উচ্চতাত থকা শিল বগাবলৈ গাঁঠিযুক্ত ৰছী কিছুমান তললৈ ওলমাই ৰখা অাছে৷ শিপা আৰু ৰছীৰ সহায়তে মই আৰু শ্যামলদা শীৰ্ষস্থান পালোঁগৈ৷ অৰুণদা আৰু অনিলদা তলত, শিলত বহি আছে৷ ওপৰৰ পৰা চাওঁতে দুয়োকে কিতাপত কাহানিবাই পঢ়া জনাথন ছুইফ্টৰ এড্ভেন্চাৰ কাহিনী 'গালিভাৰ্ছ ট্ৰেভেল্ছ'ৰ লিলিপুট যেনেই লাগি গ'ল৷
ওপৰত উপস্থিত হৈ প্ৰথমেই পূজাথলী এখন পালোঁ৷ পূজাৰীও দেখিলোঁ৷ কাষতে কুণ্ড এটা৷ কুণ্ডটোত অসংখ্য মাছে কিলবিলাই আছে৷ এজনে মূৰি ছটিয়াই দিয়াত মাছবোৰে উথপথপ লগালে৷ অপলক নেত্ৰে শ্যামলদা আৰু মই সেই দৃশ্য চাই বিভোৰ হ'লোঁ৷ কুণ্ডৰ সিপাৰে এটা জলপ্ৰপাত৷ আনুমানিক উচ্চতা মূল জলপ্ৰপাতটোৰ তিনিভাগৰ এভাগমান হ'ব৷ নামি অহা পানীখিনি প্ৰথমে কুণ্ডটোত পৰিছে৷ তাৰ পাছত বিপৰীত দিশে পোনে পোনে ২০-২২ ফুটমান আঁতৰতে থকা শিলৰ ফাঁকেৰে তললৈ নামি গৈছে মূল জলপ্ৰপাতৰ ৰূপত৷ এই স্থানত কি আছে কষ্ট কৰি ইয়ালৈ উঠি নাহিলে তলৰ পৰা একোৱেই গম পোৱা নাযায়৷
কুণ্ডটোৰ পাৰে পাৰে, গছৰ ফাঁকে ফাঁকে আগুৱাই যাব ধৰিলোঁ৷ উদ্দেশ্য, জলপ্ৰৱাহটোৰ আগলি অংশটোৰ উমান লোৱা৷ পিছে এঠাইত ৰৈ যাবলৈ বাধ্য হ'লোঁ৷ কাৰণ, আৰু আগুৱাব নোৱাৰি৷ খুব পিছল৷ ৰাস্তাও নাই৷ অমনোযোগী হৈ কেনেবাকৈ সৰি পৰিব লাগিলেতো হ'লেই আৰু৷ পানীবোৰ ক'ৰ পৰা আহি আছে বাৰু? খোপনি মজবুত ৰাখি হাউলিও চালোঁ৷ নাই নেদেখি৷ গতিপথ অধ্যয়ন কৰিবলৈ হ'লে বেলেগ বাটেৰে ওপৰলৈ উঠিব লাগিব৷ তাকে কৰিবলৈ মন থাকিলেও হাতত সময় তাকৰ৷ মধ্যাহ্নৰ ১.০০ পাৰ হ'লেই৷ অৰুণদাহঁতো থাকি আহিল তলত৷ যোগাযোগ যে কৰিম, ম'বাইলৰ নে'টৱৰ্কো নাই ইয়াত৷
৭. 'Do not feel sad for your tears as rocks never
regret the waterfalls.'
উভতি আহি শ্যামলদাৰ সৈতে চালিৰ তলৰ পূজাথলীত প্ৰৱেশ কৰিলোঁ৷ পকী ভেটি এটাত শিৱলিংগস্বৰূপ ভালেকেইটা শিল, ত্ৰিশূল, শিৱ আৰু সৰস্বতীৰ ফটো, মাটিৰ চাকি, মিঠাতেল, ডম্বৰু, ফুল, টিলিঙা ইত্যাদি৷ শ্যামলদাই যথাবিধি প্ৰণাম কৰি ভক্তিভাবত গদ্গদ্ হৈ পৰিল৷ বৰদলৈ উপাধিৰ পূজাৰীজনে আশীৰ্বাদ দিলে৷ দান-দক্ষিণা আদায় হ'ল৷ অলপ সময় কথাও পাতিলোঁ তেওঁৰ লগত৷ তাৰ পাছতে ৰছীত ধৰি ধৰি শিল আৰু পৰি থকা পুৰণা গা-গছৰ ওপৰেদি অৱৰোহণ অাৰম্ভ৷ নামি আহি থাকোঁতে আচম্বিতে কাৰবি সাজ পৰিহিতা সাধাৰণ মহিলা এগৰাকীক মুখামুখিকৈ পালোঁ৷ আপোন ভাবত মাত লগাই যি সামান্য বাৰ্তালাপ হ'ল, তাৰ পৰা জানিলোঁ যে সেইফালৰে নলাচ' কাৰবি গাঁৱৰ বাসিন্দা তেওঁ৷ নামটো বাৰী ৰংফাৰপী৷ চাপানলাত বহা মেলাখনৰ পৰা আহি আছে৷ পদযাত্ৰাৰেই আপোন গাঁওখন পাবগৈ৷ অন্য উপায় নাই৷
সকলোৱে জানে, মানৰ অত্যাচাৰৰ সময় ইতিহাসৰ এক নিষ্ঠুৰ সময়৷ কেৱল লুইতপৰীয়া মানুহখিনিয়েই নহয়, পাহাৰীয়া কাৰবিসকলেও সেই সময়ত নিৰ্যাতন ভুগিছিল৷ মান সেনাৰ অত্যাচাৰৰ পৰা মুক্তি পাবৰ কাৰণে চম্পাৱতী কুণ্ডৰ লাং খোৰোং নামৰ আশ্চৰ্যকৰ গুহাৰ ভিতৰত বিখা কাংবুৰৱাই দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল বুলি এঠাইত পঢ়িবলৈ পাইছোঁ৷ বিখা কাংবুৰৱা তিমুং আছিল কাৰবিসকলৰ কিংবদন্তিৰূপে জনাজাত এক পুৰুষ চৰিত্ৰ৷ ইতিহাসৰ তদানীন্তন দুঃসময়ৰ কথা জনগোষ্ঠীটোৰ ‘মিৰ তাহিন’ গীতে আজিও সোঁৱৰায়, এনেকৈ…
'এ মিৰ তাহিন জাবা
ৰংকুন পেন নাংলে আবিৰ্তা৷
কাৰবি আকেহাই মাত মা?
আকেহাই মাত মাত দ’মা?
কাৰবি আদেত আহাপা৷
ছিইম নে ৱাংজি মান অৰা৷'
ৰেংগুন (ৰংকুন)ৰ ৰজাই মাতি পঠোৱা বিখা কাংবুৰৱাক বাধ্য কৰোৱা হৈছিল কাৰবি নাৰীৰ মাজৰ আটাইতকৈ সুন্দৰী ৰমণীক বাৰ্মাৰ ৰজালৈ দিবলৈ৷ উপায়হীন হৈ তেওঁ আত্মগোপন কৰিলেহি চম্পাৱতীৰ লাং খোৰোঙত৷ পিছে মান সেনাৰ চোকা দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিলে৷ কাৰবি সমাজত প্ৰচলিত ‘মিৰ তাহিন আলুন’ তাৰেই সকৰুণ প্ৰকাশ৷
ৰংফাৰপীৰ পৰা বিদায় লৈ এখোজ-দুখোজকৈ সুকলমে নামি নামি এসময়ত অৰুণদা আৰু অনিলদাৰ লগ লাগিলোঁহি৷ ওপৰত কি আছে স্বচক্ষে চাবগৈ নোৱাৰি জলপ্ৰপাতৰ সমীপত চম্পাৱতীৰ বক্ষস্থলত শিলাসনত বহি লৈ দুয়ো আমাৰ কেমেৰাত আবদ্ধ ফটোবোৰকে লগে লগে চাই কৌতূহলৰ নিবৃত্তি ঘটোৱাত লাগি গ'ল৷ শ্যামলদা আৰু মই ধাৰা-বিৱৰণী শুনাই গ'লোঁ৷ কথাৰ লগে লগে অৱশিষ্ট কলকেইটাও খাই খতম কৰা হ'ল৷ অথনি বান্দৰ দেখিছিলোঁ৷ এইফালে নাই পোৱা অৱশ্যে৷
কিতাপত পাইছোঁ, মুছৌৰীৰ কাষৰীয়া কেম্টি জলপ্ৰপাত ভাৰতৰ এটা আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ৷ কিমান আকৰ্ষণীয় নাজানো৷ কাৰণ নিজে দেখাগৈ নাই৷ বিপৰীতে, সেই কেম্টি ফল্ছ চাই অহা লোকে কৰা পৰিষ্কাৰ মন্তব্য এফাকি কিন্তু নিজকাণে শুনা পাইছোঁ, এইদৰে... 'নগাঁৱৰ কাষৰ চাপানলাত থকা জলপ্ৰপাতটো কেম্টি জলপ্ৰপাততকৈ বহুগুণে বেছি আকৰ্ষণীয়৷' আনফালে, ছিমলা, মানালি ভ্ৰমি অহা পৰ্যটকেও, তেওঁলোকক গাইডে তাত দেখুৱা জলপ্ৰপাততকৈও চম্পাৱতী অনেক উন্নত বুলি কোৱাটো নিজকাণে শুনিছোঁ৷ ইয়াকে কেন্দ্ৰ কৰি এতিয়া মুখৰ সন্মুখত থকা চম্পাৱতীক লৈ গৰ্বভাবত বুকুখন উফন্দি উঠিল৷
জলপ্ৰপাত আৰু পৱিত্ৰ কুণ্ডৰ দৰ্শন সম্পূৰ্ণ হোৱাত দিনৰ ঠিক ১.৩০ বজাত সৰ্বসন্মতিক্ৰমে আৰম্ভ কৰা হ'ল ওভতনি যাত্ৰা৷ আকৌ শিলে শিলে৷ এইবাৰ অৱশ্যে নামনিমুৱাকৈ৷ দেখা গ'ল, ২ নং কুণ্ডটোৰ পাৰৰ পূজাথলীত মহিলা এগৰাকীয়ে মুখেৰে কিবা কিবি বলকি আছে৷ অলপ পাছতে, কি হ'ল জানো, পূজাৰীৰ ভৰিত সাষ্টাংগে পৰি দিলে৷ পূজাৰীজনে অনৰ্গল আশীৰ্বাদ দিব ধৰিছে৷ কুণ্ডৰ সমীপৰ সাঁকোডাল পাৰ হৈ অকলে অকলে আলেখ-লেখ চালোঁ অলপ পৰ৷ বাকী তিনি সংগী নামি নামি আঁতৰ পালেগৈ৷
প্ৰবাদ আছে যে হংসৰাজ ৰজাৰ জীয়াৰী চম্পাৱতীয়ে মাঘী সপ্তমীৰ দিনা এই পাহাৰীয়া ঝৰ্ণাৰ বুকুত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা কুণ্ডত স্থান কৰিছিল৷ সন্দেহ নাই যে কুঁৱৰীৰ নামটোৰ পৰাই জলপ্ৰপাতটোৰ নাম চম্পাৱতী হৈছে৷ প্ৰচলিত জনবিশ্বাসমতে চাপানলাৰ চম্পাৱতী জলপ্ৰপাতৰ কুণ্ডত মাঘী সপ্তমী তিথিত স্নান কৰিলে পুণ্য অৰ্জন হোৱাৰ লগে লগে বেমাৰ-আজাৰো নিৰাময় হয়৷ সেয়ে প্ৰতি বছৰে সৰস্বতী পূজাৰ পাছত অৰ্থাৎ মাঘী সপ্তমী তিথিত পুৱাতেই ভক্তিপ্ৰাণ ৰাইজে গা ধোৱে৷ তেওঁলোকে ওৰে নিশা নাম-কীৰ্তন গাই পুৱা পৱিত্ৰ স্নান কাৰ্য সমাপন কৰে৷ সেই সময়ত অঞ্চলটো লোকে-লোকাৰণ্য হৈ পৰে৷ বুজাত অসুবিধা নহ'ল যে কাইলৈৰ উক্ত মহুৰতৰ বাবেই এইসকল লোকে আগতীয়াকৈ খোপনি পুতিছেহি৷
৮. 'When God takes a shower, waterfalls come to life
around the world.'
চম্পাৱতী জলপ্ৰপাতৰ ওচৰে-পাজৰে
কেতবোৰ ৰজাদিনীয়া স্মৃতিচিহ্ন সিঁচৰতি হৈ আছে বুলি পঢ়িবলৈ পাইছিলোঁ৷ চাপানলাৰ পৰা ২ কিল’মিটাৰ নিলগত জীয়াজুৰি নৈৰ পাৰত কুৰি শতিকাৰ আৰম্ভণি পৰ্যন্ত
মহাভাৰত-যুগীয় ৰজাৰ কাৰেঙৰ ধ্বংসাৱশেষ দেখা গৈছিল৷ শিলৰ পাৰেৰে গঢ়া
ৰাজকাৰেঙৰ কাষৰ পুখুৰীটো আজিও আছে৷ আনহাতে জীয়াজুৰি চাহ বাগিচাত দেখা যায় শিলেৰে তৈয়াৰী তোৰণ
এখন য’ত তোৰণৰ দুয়োটা খুঁটাৰ উপৰি আন কেইবা ঠাইতো মূৰ্তি খোদিত হৈ
আছে৷ ৰজাৰ হাউলি অৱস্থিত বুলি ধাৰণা কৰা ঠাইখিনিত শিল আৰু ইটাৰে গঢ়া ৰাস্তা দেখা যায়
যাক বৰ্তমান বুঢ়া-বুঢ়ী গড় বোলা হয়৷ কথিত আছে যে উক্ত গড়টো হিমালয়ৰ পৰা আৰম্ভ কৰি মণিপুৰ সংযোগী
আছিল৷ সেই অঞ্চলৰ বহু ঠাইত ৰজাদিনীয়া পুখুৰী কেইবাটাও আছে৷ জীয়াজুৰি সাপ্তাহিক বজাৰৰ
কাষতো এটা পুখুৰী আছে৷ ৰজা হংসধ্বজে সত্য ৰক্ষা কৰিবৰ নিমিত্তে নিজ পুত্ৰদ্বয় সুধম্বা আৰু
সুৰথক সেই পুখুৰীতে গৰম তেলত ডুবাই মাৰিছিল হেনো৷ ৰজাৰ পুখুৰীৰ লোৰ শিকলি, চাপানলাৰ
সমীপৰ উদমাৰীত ষাঁড়সদৃশ শিল, তাৰ পৰা কিছু দূৰৈত বুঢ়ী-বুঢ়ী থান, কন্দলী
পাহাৰৰ বাদুলী খোৰোং, লুংচুঙৰ হদ্হদী জলপ্ৰপাত, চাহ বাগিচাবোৰৰ ঠায়ে ঠায়ে পুৰণা কীৰ্তিচিহ্ন
ইত্যাদি আজিও আছে৷ ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিকভাৱে প্ৰয়োজনীয় তথা আপুৰুগীয়া এই মূল্যৱান সম্পদসমূহৰ যথোচিত সংৰক্ষণৰ দিশত চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ কৰণীয় নিশ্চয় নথকা নহয়৷
আনহাতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্ৱৰ্তী চাপানলাৰ জীয়াজুৰি
পাহাৰ বন্যহস্তী আৰু বাঘৰ বিচৰণভূমি৷ এই পাহাৰত বহু মূল্যৱান খনিজ সম্পদৰ ভঁৰাল থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে৷ বিশেষজ্ঞৰ দলে দিন-ৰাতি একাকাৰ কৰি চলোৱা প্ৰাৰম্ভিক অনুসন্ধানে ছিলিকা ভাণ্ডাৰৰ সম্ভেদ নিশ্চিত কৰি থৈছে কোন কাহানিতে৷ ১৯৭৮ চনত অসমৰ ভূতত্ত্ববিদ সূৰ্য বৰ্মনে
বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই জীয়াজুৰি পাহাৰত ছিলিকাৰ অৱস্থিতি সম্পৰ্কে নিশ্চিত হৈছিল৷ আশা কৰা হৈছিল যে তাৰ ফলত নিশ্চয়কৈ ৰাজ্যখনে উন্নত মানৰ ছিলিকা ভাণ্ডাৰসমৃদ্ধ সম্পদ লাভ কৰিব আৰু নগাঁও জিলাৰ চাপানলা অসমৰ এক আগশাৰীৰ উদ্যোগিক ক্ষেত্ৰলৈ পৰ্যবসিত হ’ব৷ পুৰণা তথ্যবোৰলৈ চাই সমগ্ৰ অঞ্চলটো আজিও প্ৰচুৰ সম্ভাৱনাময় হৈ ৰৈছে৷ ইয়াৰ লগে লগে চম্পাৱতীৰ শান্ত-সমাহিত আৰু অন্তৰ্ভেদী নিমগ্ন ৰূপৰ জৰিয়তে প্ৰসাৰতা লভি পৰ্যটন শিল্পয়ো থলুৱা ৰাইজৰ উন্নতি সাধিব বুলি আমি আশাবাদ পোষণ কৰিব পাৰোঁ৷
চাপানলাৰ চম্পাৱতীলৈ আহি মই দেখিলোঁ, যান্ত্ৰিক জীৱনৰ একঘেয়ামীৰ পৰা আঁতৰি নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিবলৈ সকলো উপাদানেই মজুত আছে ইয়াত৷ অসমৰ এখন জাকত-জিলিকা ট্ৰেকিং ডেষ্টিনেচন হোৱাৰ পূৰ্ণ সম্ভাৱনা ইয়াত বিৰাজমান৷ ন ন কৌশল খটুৱাই অধিক সুন্দৰ ৰূপত সজাই-পৰাই আকৰ্ষণীয় কৰি দৰ্শনাৰ্থী আৰু পৰ্যটকক আকৰ্ষণৰ প্ৰয়াস কৰিলে পৰ্যটনৰ মাধ্যমেৰে মানুহৰ আৰ্থ-সামাজিক পৰিৱৰ্তন নিশ্চয় আনিব পৰা যাব৷ এই অঞ্চলত পৰ্যটন উদ্যোগক আগুৱাই নিয়াত প্ৰকৃতিৰ অনন্য সৌন্দৰ্যৰ খনিস্বৰূপ, কিংবদন্তিখ্যাত, বৰ্ণাঢ্য ইতিহাসসমৃদ্ধ চাপানলা, চম্পাৱতী নিশ্চয়কৈ সহায়ক হ'ব পাৰে বুলি মোৰ ধাৰণা হৈছে৷
আনহাতে, পৰ্যটনৰ নামত বাহিৰৰ ৰঘুমলা আহি যাতে ছানি নধৰে, বনজ সম্পদ ধ্বংস যাতে
নহয়, নামনিত বনভোজ খোৱাৰ অচিলাৰে অহাসকলে চম্পাৱতীৰ বুকুত শব্দ প্ৰদূষণ ঘটাই প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্তি যাতে বিনষ্ট নকৰে, তাৰ প্ৰতি সচেতনতা আৰু চোকা দৃষ্টি ৰাখিব লাগিব৷ চাপানলা, চম্পাৱতীৰ নৈসৰ্গিক শোভাৰ মাজত সকলোৱেই নিজকে বিলীন কৰি দিয়াৰ এক সুস্থ পৰিৱেশ ৰচনা হওক৷ পাহাৰৰ অনন্যসুন্দৰ সৌন্দৰ্যৰ সুৰক্ষা আৰু এই সৌন্দৰ্য পান কৰাৰ সুবিধা পোৱাটো নিঃসন্দেহে প্ৰকৃতিক ভাল পোৱা সকলোজনৰে কাম্য৷
নতুনকৈ ক'বলগীয়া নাই যে মনোৰম প্ৰাকৃতিক সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমীক সদায়ে আকৰ্ষণ কৰে৷ জৈৱ বৈচিত্ৰ্য আৰু গ্ৰাম্য পৰ্যটনৰ অযুত সম্ভাৱনা থকা চাপানলা, চম্পাৱতী ট্ৰেকিং, কেম্পিং, হোমষ্টে'ৰ জৰিয়তে অসমৰ এখন জাকত-জিলিকা পৰ্যটন থলী হৈ উঠিব পাৰে৷ ইক' টুৰিজম উদ্যোগে ঠন ধৰি উঠিলে নিবনুৱা সমস্যা, উগ্ৰবাদী সমস্যা, অপৰাধজনিত সমস্যা আদি ত্বৰান্বিত নোহোৱাকৈ নাথাকিব৷ এনেকৈয়ে পৰ্যটনৰ বিকাশে আমাৰ ৰাজ্যৰ মানৱ সম্পদ উন্নয়নৰ পথ প্ৰশস্ত কৰিব পাৰে৷ এইটো ইতিমধ্যে প্ৰতিপন্ন হৈছেই যে পৰ্যটনেই একমাত্ৰ ক্ষেত্ৰ য'ত কম মূলধন বিনিয়োগ কৰি সহজে ধন আহৰণ কৰিব পাৰি, স্বাৱলম্বী হ'ব পাৰি৷
শিলে শিলে দুপিয়াই পৰ্যটনৰ অফুৰন্ত সমল বুটলি ওভতনি যাত্ৰাত হৃদয়ত এইবোৰ বাৰ্তাকে কঢ়িয়ালোঁ আমি৷ সম্ভাৱনাৰ এই অফুৰন্ত সমলবোৰ অজ্ঞানতাৰ পিটনিত নিমজ্জিত হৈ থাকিবলৈ দিব নোৱাৰি৷ এইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ ব্যৱস্থা, বাট-পথৰ উন্নতিৰ বাবে কৰণীয় যি আছে সেইখিনি কৰিবই লাগিব৷ আনহাতে পৰ্যটনে আমাৰ সভ্যতা-সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যক ধ্বংস কৰিব নালাগিব৷ ৰক্ষণাবেক্ষণহে দিব লাগিব৷ অসম পৰ্যটনক বিশ্ব দৰবাৰলৈ আগ বঢ়াই নিবলৈ হ'লে 'অ'ছম আছাম'ক কেৱল বিজ্ঞাপনতে সীমাবদ্ধ ৰাখিলে নহ'ব৷ সুপৰিকল্পিত আৰু সুস্থিৰ পৰ্যটনৰ পৰিৱেশ দিব পাৰিব লাগিব৷ তাৰ বাবে কি দিছপুৰীয়া, কি বিভাগীয় বিষয়া-আমোলা, কি স্থানীয় ৰাইজ, ঠিকাদাৰ, শ্ৰমিক, সকলোৰে দায়িত্ব আছে৷ মন কৰিবলগীয়া যে পৰিভ্ৰমণৰ অনুকূল, পৰিৱেশ অনুকূল, পৰ্যটন অনুকূল শব্দবোৰ আজি বৰকৈ চৰ্চিত হৈছে৷ এতিয়া তাক বাস্তৱত পোৱাটোহে সাৰকথা৷
বনভোজপ্ৰেমীৰে জনসমুদ্ৰ হৈ পৰা চাপানলাৰ পাৰ পালোঁহি৷ মেঘালয়ৰ আৰ্হি অনুসৰণ কৰি পৰ্যটনস্থলী লেতেৰা কৰিলে কাৰাদণ্ড, জৰিমনাৰ ব্যৱস্থা ইয়াত আছেনে নাই নাজানো৷ অপৰিষ্কাৰ অৱস্থাৰ ছবি কিছুমান দেখা হ'লে পালোঁ৷ চুবুৰীয়া ৰাজ্যখনত গঢ়ি উঠা সচেতনতাক অনুকৰণ কৰি ইয়াতো কঠোৰ নিৰ্দেশ জাৰি কৰিব লাগে৷ প্ৰত্যেক লোককে জাবৰ ভৰোৱা বেগ লগত লৈ আহিবলৈ ক'ব লাগে৷
আৰু এই নৈখন৷ নদীৰ জন্মস্বত্বই হৈছে যে ই ব'ব লাগিব৷ নহ'লে নদীৰ মৃত্যু অনিবাৰ্য৷ প্ৰসংগক্ৰমে, 'অসমৰ নদীবোৰ ৰিফিউজী হৈছে, ব'বলৈ ঠাই নাই' বুলি আজি জ্ঞানী লোকৰ মুখত আক্ষেপ-বাক্য শুনা গৈছেই৷ তালৈ চাই এতিয়াই এইটো স্পষ্ট হ'ব লাগে যে 'চম্পা নলা' বৈ থাকিব লাগিব নিৰবধি, প্ৰাকৃতিক ৰূপত৷ কোনেও তাৰ গতি ৰোধ নকৰক৷
অহা বাটে উভতি দলে-বলে বলেৰ'খনৰ কাষ চাপোতে ঘড়ীত ২ বাজি ১৫ মিনিট৷ চাপানলা পিক্নিক্ স্পটত গাড়ীত বহি ম'ৰাচুক, পথাৰ আগ ইত্যাদি পাৰ হৈ পুৰণিগুদাম পাওঁতে ৩ বাজিবৰে হ'ল৷ তাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি বাইপাছ পালোঁ৷ ডিফুমুখী ফ'ৰ লে'ন হাইৱে'ৰ দাঁতিত অৱস্থিত হোটেল অন্নপূৰ্ণাত দিনৰ সাঁজৰ বাবে সোমোৱা হ'ল৷ পুনৰ যাত্ৰা আৰম্ভ কৰি বকলীয়াত চাহ খাই ঘৰ পাওঁ মানে নিশা ৮.৩০ বাজিল৷ (সমাপ্ত)
(abdussazid.blogspot.inত সচিত্ৰ ৰূপত সম্পূৰ্ণ উপলব্ধ)