Tuesday, 5 January 2016

দিন দুই ৷৷ ১.১১.২০১৫
১. আকৌ জিলেলে জিলেলে...



নিশা ৰেলখন গহীন-গম্ভীৰ গতি এটাত চলিছিল৷ তাঁতীবাহৰ নৌপাওঁতেই বাৰ্থৰ পৰা নামিলোঁ৷ হাৰমতী জংছনৰ পাছৰডোখৰ চাবলৈ বুলি গোপন আকাংক্ষা এটা মনৰ মাজত আগৰে পৰাই ক্রিয়াশীল হৈ আছিল৷ এসময়ত পিটপিটাই ফুৰা জেগা৷ ইতিমধ্যে প্ৰাতঃকৰ্ম সমাপ্ত কৰি আজৰি হৈ লৈছোঁ৷ দৰজামুখত থিয় হলোঁগৈ৷ মবাইলটো উলিয়াই আকৌ বজাই ললোঁ জিলেলে জিলেলে৷ অদূৰত দৃশ্যমান ওখ-চাপৰ পাহাৰবোৰে, অতিক্রম কৰি অহা পাহাৰীয়া শিলাময় জান-জুৰিবোৰে জনাই দিলে যে আমি অৰুণাচলৰ ভূখণ্ডত প্ৰৱেশিলোঁ৷ শীতল বতাহে শৰীৰত কোবালে যদিও কৌতূহলজনিত উষ্ণতাখিনি অকণোৱেই ম্লান পেলাব নোৱাৰিলে৷ ক্ষন্তেকতে চকুৰ আগলৈ আহিল দিক্রং নৈখন৷ অদমনীয় উৎসাহেৰে গায়কৰ সৈতে সমানে ওঁঠ লৰাই, গাড়ীৰ ছন্দময় গতিৰ সৈতে তাল মিলাই সিপাৰৰ নিৰজুলিখনলৈ ডিঙি মেলি মেলি চাই গলোঁ, নেদেখা নোহোৱা পৰ্যন্ত৷

উত্তৰ-পূৰ্বাঞ্চলৰ বহু নদ-নদীৰ নাম অষ্ট্ৰিক, বড়ো আৰু টাই ভাষাৰ শব্দৰ পৰা উদ্ভৱ হৈছে৷ দিক্রং বড়োমূলীয় শব্দ৷ দিকৰেং শব্দৰ পৰাই দিক্রং হৈছে৷ ইয়াৰ অৰ্থ ক্ষুদ্ৰ জলপ্ৰপাত৷ এইখন এখন প্ৰাচীন নৈ৷ কমা নৈ বুলি পুৰাণতো ইয়াৰ উল্লেখ আছে হেনো৷ এই নৈ সম্পৰ্কে কালিকা পুৰাণত কোৱা গুৰুত্বপূৰ্ণ কথাষাৰ হৈছে অন্তঃজলে প্লৱয়ন্তী৷ আনহাতে গতিপথ অধ্যয়নকাৰী গৱেষকৰ তথ্যৰ পৰা গম পাইছোঁ যে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ দক্ষিণ-পশ্চিম সীমাৰ চেংকেং গেকা পৰ্বতৰ পৰা পাৰে দৰবুং নাম লৈ এই নৈ ওলাই আহিছে৷ পূবলৈ আহি বাটত নিম্‌টে আৰু পমবুং নৈৰ লগ লাগি নাম লৈছে পাৰ৷ তাৰ পৰা কিছু ভটিয়াই ছু নৈৰ লগ লগাৰে পৰাই নৈখনে দিক্রং নাম পাইছে৷ অৰুণাচলৰ ভিতৰত এই নৈৰ দৈৰ্ঘ্য ৯০ কিলমিটাৰ৷ নদীখনৰ অৱবাহিকা ১,৪৬২ বৰ্গ কিলমিটাৰ৷ বেণুধৰ শৰ্মাই সম্পাদনা কৰা Dr. John Peter Wadeএ লিখা An Account of Assamত উল্লেখ কৰা টোকা অনুযায়ী দিক্ৰঙৰ তেতিয়াৰ গতিপথ হেনো আজিৰ দৰে নাছিল৷ নৈখন দ আৰু খৰস্ৰোতা আছিল৷ আগতে এই নৈৰ বালিত বোলে সোণ পোৱা গৈছিল৷ সেই সোণ বেছি উজ্জ্বল, বেছি মূল্যৱান আৰু পৰিমাণতো বেছি আছিল৷ ৰজাঘৰত দিক্রঙৰ সোণহে ব্যৱহৃত হৈছিল৷

আমি নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনলজি (চমুকৈ নেৰিষ্ট)ত পঢ়ি থকা কালত দিক্রঙৰ ওপৰত দলং সজা হোৱা নাছিল৷ ৫২ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিয়লিবেলা ফুৰিবলৈ গৈ নৈৰ পাৰত শৈলনিৰ্মিত বান্ধৰ ওপৰত প্ৰায়ে বহিছিলোঁ৷ চৌপাশৰ অনিন্দ্যসুন্দৰ প্ৰাকৃতিক ৰূপমাধুৰী হেঁপাহ পলুৱাই উপভোগ কৰিছিলোঁ৷ বিহাৰী নাৱৰীয়াই দ্বৈতভাৱে জোৰা দি লোৱা মাৰনাৱত উঠি নৈখন পাৰ হোৱাও মনত আছে৷ এতিয়া ট্ৰেইনত আহি থাকোঁতে দুইমুখত আৰ.চি.চি. ব্ৰীজ দেখা পালোঁ৷ দুইমুখক দৈমুখ বুলিয়ে সততে কোৱা হয়৷ ব্যুৎপত্তিগত গভীৰতালৈ নগৈ বা বিচাৰ নকৰি ভুলে-শুদ্ধই আমিও তেতিয়া তেনেদৰেই কৈছিলোঁ৷ অৰুণাচলৰ জনগোষ্ঠীবিশেষে উচ্চাৰণৰ তাৰতম্য হোৱাৰ ফলত ৰাজ্যখনৰ নদ-নদীৰ পৰা আৰম্ভ কৰি ঠাই আনকি মানুহৰ নাম পৰ্যন্ত বেলেগ বেলেগ স্থানত বেলেগ বেলেগ ধৰণে কাণত বাজে৷ তদুপৰি আছে আমাৰ দৰে অনা-অৰুণাচলী জিভাৰ উচ্চাৰণ বিভ্ৰাট৷ তেনেকৈ ইফাল-সিফাল হলেও মৌলিকভাৱে সেইবোৰৰ অৰ্থটোহঁত অৱশ্যে ঠিকেই বুজা যায়৷ গতিকে এই দিশত সচেতনতা অব্যাহত ৰাখিও কথাত বা লেখাত অনিচ্ছাসত্ত্বেও কিছুমান বিসংগতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক৷ সেয়া নুই কৰিব নোৱাৰি৷



দিক্রঙৰ পাৰে পাৰে ৰেলখন ধীৰে ধীৰে চলি আছে৷ পাচিন নামৰ এখন নৈক সোঁপাৰে লৈ প্ৰায় পূবমুৱাকৈ দিক্রং বৈ গৈছে৷ গুমটো নামৰ ঠাইত লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ পশ্চিমভাগেৰে ই অসমত প্ৰৱেশ কৰিছে৷ তাৰ আগেয়ে গতিপথত পোৱা এমচি জুলি, ৰিলো জুলি, গুমটো জুলি আদি ভালেমান জান-জুৰিক বুকুত সুমুৱাই লৈছে৷ হাৰমতী ৰেল জংছনৰ পৰা প্ৰায় তিনি কিলমিটাৰ পশ্চিমে আমি দিক্রঙৰ ৰেল দলং পাৰ হৈ আহিছোঁ৷ পৰৱৰ্তী অংশত এই নৈখনে বগুলী, মেৰণী জান, ৰঙানদীৰ সুঁতি আদিক লগত লৈ বদতিৰ পূবৰ বটুমচুবাত সোৱণশিৰিত বিলীন হৈছে৷ বাৰিষা অন্তঃসলিলাৰূপে বৈ বিহপুৰীয়া, নাৰায়ণপুৰ ৰাজহ চক্রৰ ভালেমান অঞ্চলত দিক্রঙে ৰাতিটোৰ ভিতৰতে তাণ্ডৱ সৃষ্টি কৰাৰ বাতৰি সংবাদ মাধ্যমযোগে বছৰি পাই থকা হয়৷ তাৰ পাছতো দিক্রঙক লৈ কতজনে কত কবিতা, কত গল্প বা অন্যান্য সৃষ্টি কৰিছে! দিক্রং আজিও বহুজনৰে প্ৰিয় নৈ৷ দিক্রঙৰ সিটো পাৰেই আমাৰো মাতৃসমা শিক্ষালয় নেৰিষ্টখন অৱস্থিত৷ হেণ্ডেলত ভালকৈ খামোচ মাৰি ধৰি চকুৰ টিপ নমৰাকৈ সেইফালেই এতিয়া চাই গৈ আছোঁ৷ নস্তালজিক অনুভূতি কিছুমানে হৃদয়ত খুন্দিয়াইছেহি৷ মনত পৰিছে অতীতৰ আনন্দমধুৰ দিনবোৰলৈ৷ ঠিক জানো যে সেইদিন ঘূৰাই নাপাওঁ দুনাই৷

২০০৭ চনত দৈমুখত পকী পথ আৰু দলং নিৰ্মাণ কৰা হয়৷ তাৰ পৰা অঞ্চলটোৰ ৰাইজ নিশ্চয় খুব উপকৃত হৈছে৷ এই দলংখন দেখি অলপতে পাছিঘাটৰ সমীপস্থ ৰাণাঘাটত চাই অহা চিয়াং নৈৰ ওপৰৰ সুদীৰ্ঘ দলংখনলৈ ফট্‌কৈ মনত পৰি গল৷ ঢকুৱাখনাত ২০১৫ৰ ফাটবিহু চাবলৈ গৈ মনৰ ইচ্ছাক বাধা দিব নোৱাৰি সেইখিনি ওলালোঁগৈ৷ ৰাণাঘাটৰ উক্ত দলংখন সাজোঁতে সময়ৰ হিচাপত ৰেকৰ্ডসংখ্যক ২২ বছৰ লাগিছিল৷ পিছে এবাৰ নিৰ্মাণ হৈ উঠাৰ পাছত চিয়াঙৰ উভয় পাৰৰ মানুহৰ জীৱন-যাত্ৰা অনেক সহজ হৈ পৰিল৷ পাছিঘাটৰ নামতো এটা সৌন্দৰ্যৰ সংযোজন ঘটিল৷ ইয়াতো একে কথাই প্ৰযোজ্য হৈছে৷ দিক্রঙৰ দলঙে বহুতৰে দুখ-দৈন্যযে আঁতৰাইছে সেইটো খাটাং৷

ৰেলৱে ট্ৰেকটোৰ সিটোফালে ৰ হিল্‌ছৰ ওপৰত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়৷ আমি অৰুণাচল ইউনিভাৰ্চিটি বুলিছিলোঁ৷ নাৱেৰে দিক্ৰং পাৰ হৈ পাহাৰ বগাই শ্বৰ্টকাট মাৰি বিশ্ববিদ্যালয়নো কেনেকুৱা তাকে চাবলৈ গৈছিলোঁ৷ পোনপটীয়া ৰাস্তা নথকাত হাৰমতী হৈ ঘূৰি তালৈ ভাৰ্চিটি বাছ চলিছিল৷ ট্ৰেকিং কৰিয়েই গৈছিলোঁ আমি৷ তেতিয়া আৰু এতিয়াৰ আকাশ-পাতাল প্ৰভেদ অঞ্চলবোৰত সহজেই লক্ষ্য কৰিলোঁ৷ ১৯৯৩ চনৰ পৰা হিচাপ কৰিলে সুদীৰ্ঘ ২২ বছৰীয়া এটা ব্যৱধান৷ পাৰ্থক্য অৱধাৰিত৷ ঠাইবোৰৰ জনবসতি ক্রমাৎ ঘন হৈ আহিছে৷ ঘৰৰ সংখ্যা দিনকদিনে বাঢ়িছে৷ আমি পঢ়ি থকাৰ সময়ত নিৰজুলিখন নিৰিবিলি জেগা আছিল৷ ঘৰ কম, হাবি বেছি৷ পঢ়া-শুনা কৰিবৰ বাবে বৰ অনুকূল আছিল৷ এতিয়া ঘৰেই ঘৰ, মানুহেই মানুহ৷ নদীৰ বুকুৰ বালিচৰতো আনকি অস্থায়ী কুটিৰৰ উপস্থিতি দেখা পালোঁ! তাকে দেখি মূৰে-কপালে হাত নিদি নোৱাৰিলোঁ৷ অপ্ৰিয় যদিও এইটো কথা মিছা নহয় যে ৰেলৰ ডবা যলৈ যায় সেই ঠাইৰ জন-গাঁথনি, ভাষা-সংস্কৃতি আদিকে ধৰি নানা দিশত ভাল-বেয়া নানা ধৰণে প্ৰভাৱ পৰে, সমাজলৈ আমূল পৰিৱৰ্তন আহে৷ এনেকৈয়ে ৰেলে একো একোখন ঠাইৰ ছবি সলাই পেলায়৷ দিক্রঙৰ পাৰেদি স্থাপন হোৱা নতুন ৰেলপথেৰে যাত্ৰা কৰি থাকোঁতে তাহানি আৰু আজিৰ মাজত আহি পৰা বিৰাট তফাৎবোৰে উত্তেজনাৰে মনটোক একাদিক্ৰমে জোকাৰি থাকিল৷



বিগত ৭.৪.২০১৪ তাৰিখে হাৰমতী-নাহৰলাগুনৰ মাজৰ ২১.৭৫ কিলমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথছোৱা মুকলি কৰা হৈছিল৷ ইয়াৰে অৰুণাচল প্ৰদেশত আছে ১২.৭৫ কিলমিটাৰ৷ সেই তেতিয়াৰে পৰাই এইফালে আহিম আহিম বুলি ইচ্ছা এটাই কট্‌কটাই আছিল৷ এইবাৰহে হঠাতে সুযোগফেৰি মিলি গল৷ অৰূপদাই অৰুণাচলৰ প্ৰসংগ উত্থাপন কৰাৰ মুহূৰ্ততে য়েছ কৈ দিলোঁ৷ অৰুণাচলৰ নৈসৰ্গিক প্ৰকৃতিয়ে যাক এবাৰ লম্ভিছে তাক আৰু সতকাই এৰে কত? মোৰো সেইটোৱেই হৈছে৷

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এই ৰেলপথটোৰ জৰীপ দৰাচলতে আমি নেৰিষ্ট এৰি যোৱাৰো কেইটামান বছৰৰ পাছত, ১৯৯৭ চনতেই হৈছিল৷ পূৰ্বতে ইটানগৰলৈ মিটাৰগজ ৰেল লাইন হোৱাৰহে কথা আছিল৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ অনুৰোধ মৰ্মে ২০১০ চনত সিদ্ধান্তটো সলনি কৰা হল৷ ইটানগৰৰ পৰিৱৰ্তে নাহৰলাগুনলৈকে আৰু মিটাৰগজৰ ঠাইত ব্ৰডগজ সজাৰ পৰিকল্পনা হল৷ ৰেল যোগাযোগ হৈ উঠাত এইফালৰ মানুহৰ অহা-যোৱাত কিমানযে সুবিধা হৈছে! যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে মানুহৰ অগ্ৰগতিৰ বাট কাটিব পাৰে, মনৰ পৰিধি বহলাব পাৰে৷ উন্নয়নৰ প্ৰথম বা মৌলিক চৰ্তটোৱেই হৈছে সুচল যোগাযোগ ব্যৱস্থা৷ ভাল ৰাস্তা যলৈ যায় সভ্যতাও তলৈ যায় বুলি একেবাৰে প্ৰেকটিকেল কথা এষাৰিৰ প্ৰচলন নথকা নহয়৷

সাংগীতিক লয়ত আনবোৰৰ লগতে গতি কৰি আছে আমাৰ বাতানুকূল ডবাটো৷ লাষ্ট ষ্টপেজলৈ আৰু কিছুদূৰ বাকী৷ দুৱাৰমুখত ৰৈ ইচ্ছাসুখকণ পূৰণ কৰাৰ উপৰি সন্মুখলৈ অহা চৌপাশৰ উন্মুক্ত ৰূপ-লাৱণ্য অকণো কৃপণালী নকৰাকৈ, পূৰ্ণমাত্ৰাত উপভোগ কৰি যাব ধৰিলোঁ৷ দূৰণিৰ পৰা বাছৰ পৰিৱৰ্তে ৰেলত উঠি প্ৰথমবাৰ ঘৰলৈ ওভতা ইটানগৰৰ জনৈক অৰুণাচলী যুৱককো তাতেই লগ পালোঁ আৰু অসমীয়াতে উৰাই-ঘূৰাই কথা পাতিলোঁ৷ হিন্দীক সংযোগী ভাষা বুলিলেও বহুতো অৰুণাচলীয়ে অসমীয়া কব পাৰে৷ নিচি, আপাতানি, আদিৰ মুখত আমাৰ ভাষাটো শুনি বৰ মিঠা লাগে৷

(পৰৱৰ্তী খণ্ড - নাহৰলাগুন ৰেলৱে ষ্টেচনত)
দিন এক ৷৷ ৩১.১০.২০১৫
১. জিলেলে জিলেলে...


কাৰেং ট্ৰেভেলছৰ এ.এছ.০১জি.চি.২৪৬৫ নং মাৰ্কপল ষ্টাৰবাছ আলট্ৰাৰে ডিফুৰ পৰা গুৱাহাটীলৈ ওলাইছোঁ৷ আমাৰ ১০-১৭ এপ্ৰিল ২০১৫ৰ ভাৰতৰ অন্তিম পূবপ্ৰান্তমুখী যাত্ৰীবাহিনীটোৰ নাম দিছিলোঁ টীম মাৰ্কপল৷ মাৰ্কপল আছিল ইটালীৰ ভেনিচৰ সদাগৰ, পৃথিৱীৰ প্ৰথমগৰাকী পৰ্যটক৷ এতিয়া ৰদ পৰি বাহনখনৰ শৰীৰত জিলিকিছে সংকৰ ধাতুৰে কটা এই দুটা শব্দ- মাৰ্ক পল দেখিয়েই কিবা এটা ভাল লাগি গল৷ সেই সফল যাত্ৰাটোৰ পাছৰ আনন্দদায়ক উপলব্ধিটো দুনাই যেন জাগ্ৰত হৈ উঠিল আৰু অন্তৰখন উৎসাহেৰে ভৰি পৰিল৷

এইবাৰ পিছে সেইটো দল নহয়৷ ব্যৱস্থাপকো অন্যহে৷ এই ট্ৰিপটোৰ দায়িত্ববাহী আয়োজক জয়ন্তদা, মানে জয়ন্ত শৰ্মা৷ জয়ন্তদাক টমাচ কুক বুলিম নে হিপ্পি বুলিম এতিয়াই একো কব নোৱাৰিছোঁ৷ সম্প্ৰতি গুৱাহাটী নিবাসী মানুহজনে একালত ডিফুত জনস্বাস্থ্য কাৰিকৰী বিভাগত সহকাৰী অভিযন্তা হিচাপে চাকৰি কৰিছিল যদিও তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা এই পৰ্যন্ত নাই৷ ইফালে তেওঁ গুৰিবঠা ধৰা এড্‌ভেন্সাৰ দলটোত টীম মাৰ্ক পলৰ কেৱল মইহে প্ৰৱেশ ঘটাইছোঁ৷ তাকো অৰূপদাৰ ইচ্ছা, মৰম আৰু মধ্যস্থতাতহে৷ নিজৰ বলত মুঠেই নহয়৷

আনহাতে গুৱাহাটীমুখী এই বাছযাত্ৰাত মোৰ সহযাত্ৰীস্বৰূপে গাত গা লাগি বহি যাবলগীয়াজনো আকৌ অৰূপদা নহয়, প্ৰদীপদাহে৷ জয়ন্তদা, অৰূপদাহঁতৰ অন্যতম বন্ধু প্ৰদীপ কুমাৰ সিংহ৷ এই প্ৰদীপদাই কেইদিনমানৰ পূৰ্বে ইনাৰ লাইন পাৰ্মিট প্ৰস্তুত কৰিবৰ বাবে মোৰ পৰা ফটো আৰু ঠিকনাৰ প্ৰামাণিক তথ্যৰ সৈতে ভ্ৰমণ প্ৰস্তুতিৰ অগ্ৰিম হিচাপে নগদ ধন  ১০,০০০ চমজি লৈছিল৷ আৰু জয়ন্তদাৰ হাতত জমা দিছিলগৈ৷ পঞ্চাশোৰ্ধ, ৰেগুলাৰ জিম কৰা, শক্তিশালী পেশী আৰু সুস্থিৰ মনৰ স্ফূৰ্তিবাজ মানুহ প্ৰদীপদা৷

হাতত এডাল কাঠৰ নৱনিৰ্মিত ৱাকিং ষ্টিক লৈ গাড়ীখনৰ ভিতৰলৈ তেওঁ সোমাই আহিল৷ শ্লীপিং বেগ, শ্লীপিং মেটসহিত মস্ত আৰু মজবুত ৰাক্‌চেক্‌টো ভায়েক এজনে কঢ়িয়াই আনি ধাচ্‌কৈ আসনৰ ওপৰতে পেলালেহি৷ মোৰটোৰ দৰেই কাষৰে অন্য এটা চিটৰ তললৈ সেইটোও ঠেলি ঠেলি সুমুৱাই দিলোঁ৷ তাৰ পাছত আমি আগতেই বুক কৰি ৰখা এক-দুই নম্বৰ আসনত দুয়ো একেলগে বহি ললোঁ৷

দিনৰ ঠিক ১২.১৫ বজাত ড্ৰাইভাৰে ইঞ্জিন ষ্টাৰ্ট দিলে৷ বিদায় জনাবলৈ বাছষ্টেণ্ডলৈ দদায়েকৰ সৈতে লৰা-ছোৱালীহাল আহিছিল৷ সিহঁতলৈ চাই দুহাত জোকাৰি দিলোঁ৷ পৰিষ্কাৰকৈ সিহঁতেও বোধ হয় নাজানে আমি কত কি কৰিবলৈ ওলাইছোঁ৷ আমি নিজেও নাজানো আগন্তুক দিনত কত থাকিম, কি খাম৷ সন্মুখত মাথো অনিশ্চয়তা৷ তেনেকুৱাকৈয়ে হৈ যায় প্ৰকৃতিৰ মাজলৈ প্ৰত্যেকটো দুঃসাহসিক যাত্ৰা৷ আৰু তাতেইতো আচল মজা৷ তাতেই জীৱনৰ বিৰল আনন্দ, হেৰাই যোৱাৰ আনন্দ!

বাছখনে ডিফু চহৰ এৰিলে কি নেৰিলে, এইফালে আমাৰ মাজত আৰম্ভ হৈ গল সন্মুখৰ দুঃসাহসিক পদযাত্ৰাটোক লৈ মনত খুন্দ খাই থকা অলেখ জল্পনা-কল্পনাৰ আদান-প্ৰদান৷ মাঞ্জা, বকলীয়া পাৰ হলোঁ যদিও একেটা বিষয়কে পাগুলিয়াই পাগুলিয়াই ওৰে বাট কথা-বতৰা চলি থাকিল৷ উত্তেজনা শাম নাকাটিল কোনো মুহূৰ্ততে৷

নগাঁও টাউনত সোমাই বিয়লি ৫.০০ বজাত আমি খানাপাৰাত উপস্থিত হলোঁ৷ ফোনযোগে কৈ ৰখামতেই প্ৰদীপদাৰ চিনাকি অটৰিক্সা এখন যথাস্থানত হাজিৰ হৈ থাকিল৷ ফ্লাই অভাৰৰ দাঁতিত গাড়ীৰ পৰা নমাৰ পাছতে মুন ডেকা নামৰ চালকজনে দুয়োকে কঢ়িয়াই লৈ গল ছয়মাইল এলেকাৰ শিৱ মন্দিৰ পথত থকা প্ৰদীপদাৰ ভনীয়েকৰ বাসগৃহ অভিমুখে৷

ৰাক্‌চেক্‌কেইটা চৰাঘৰৰ ভিতৰত থৈয়ে প্ৰদীপদাৰ কেমেৰাটোৰ বাবে প্ৰয়োজন হোৱা নতুন বেটেৰীৰ সন্ধানত দুয়ো বাহিৰ ওলাই আহিলোঁ৷ গুৱাহাটীৰ আকাশখন ফৰকাল নাছিল৷ তেনেকুৱাতে ধূলিৰ ওৰণি ঠেলি কৰ পৰা জানো সৰি পৰিল সপোন যেন এজাক বৰষুণ! শীতলতা এটায়ো সন্ধিয়াটোক চুই গল৷ প্ৰকৃতিৰ কি খেয়াল! এক্লেমেটাইজড্‌ হোৱাৰ সুযোগটো মহানগৰীৰ জি.এছ. ৰডৰ ফুটপাথতেই যেন আৰম্ভ হৈ গল আমাৰ!  ইফালে ফুটপাথত চলিছে আমাৰ সাময়িক পদযাত্ৰা! অসমৰ এই সমতলৰ পৰাই উঠিমগৈ অৰুণাচলৰ পাহাৰ৷

তাকচিঙৰ ফালে বৰফ পৰে বুলি কোনোবাই কৈছিল৷ সঁচা-মিছা গম নাপাওঁ৷ নাহৰলাগুনৰ পৰা জিৰো হৈ ডাপৰিজো, ডাপৰিজোৰ পৰা তালিহা, চিয়ুম, নাচ্ছো৷ তাৰ আগলৈ লিমেকিং৷ সেইখিনি পৰ্যন্ত আপেক্ষিক অৱস্থান অংক কৰি উলিয়াব পাৰি৷ তাৰ পৰা তাকচিং কেইকিলমিটাৰ হব সদ্যহতে জনাৰ উপায় নাই৷ কাৰণ ৰাস্তাই নাই! গাণিতিক অৱস্থান অনুসৰি সীমান্তৱৰ্তী ঠাই তাকচিঙৰ অক্ষাংশ ২৮ডিগ্ৰী২৩'৫৮'' আৰু দ্ৰাঘিমাংশ ৯৩ডিগ্ৰী৮৯'১৯''৷ জনসংখ্যা ৫৯২৷ ২৮৪ মুনিহ আৰু ৩০৮গৰাকী তিৰোতা৷ নাহ নামৰ অৰুণাচলৰ সবাতোকৈ ক্ষুদ্ৰ জনগোষ্ঠীটোৰ মানুহে অঞ্চলটোত বসতি কৰে৷ সদ্যহতে হাতত মজুত থকা তথ্যও ইমানেই৷ বাকীখিনি কল্পনা৷ কি আছে কি নাই গলেহে দেখিম, বুজিম, লেখিম৷

এঠাইত ৰৈ প্ৰদীপদাই গৰম গৰম চিঙৰা আৰু গজা কিনিলে৷ ঘূৰি গৈ সেইবোৰেৰেই চাহ একোকাপকৈ খোৱা হল৷ ৭.০০ বজাত বগাৰঙী মহিন্দ্ৰ বলেৰ এখনেৰে আহি ওলাল আমাৰ অন্যতম সহযাত্ৰী অমৰ ইংহি ৷ দুদিনৰ আগৰেপৰাই তেওঁ মহানগৰীত বাহৰ পাতি আছে৷ মহানগৰীৰ অনাহূত যানজঁটৰ পৰা হাত সাৰিবলৈ অকণমান আগতীয়াকৈয়ে অমৰ, প্ৰদীপদা আৰু মই গুৱাহাটী ৰেলৱে ষ্টেচন অভিমুখে ৰাওনা হলোঁ৷ জয়ন্তদাৰ সৈতে প্ৰদীপদাই ফোনেৰে যোগাযোগ ৰক্ষা কৰি থাকিল৷ বাহিৰে বাহিৰে পাণবজাৰৰ আনন্দ হোটেলত সোমাই ভাতকেইটা মোকলাই একেবাৰে আজৰি হৈ লোৱা হল৷ তাৰ পাছত ষ্টেচনৰ পাৰ্কিঙত ৰলোঁগৈ৷



১৫৬১৭ নং উজনিমুৱা গুৱাহাটী-নাহৰলাগুন ইণ্টাৰচিটি এক্সপ্ৰেছেৰে আমি অৰুণাচল প্ৰদেশৰ নাহৰলাগুনলৈ যাত্ৰা কৰিম৷ আমি মানে আমি ১০জন৷ গুৱাহাটীৰ জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য, দীপক দাস আৰু মৃণাল শৰ্মা; ডিফুৰ অৰূপ কলিতা, প্ৰদীপ কুমাৰ সিং, অমৰ ইংহি আৰু মই; ফৰিদাবাদৰ বৰুণ শ্বেওকান্দ আৰু দেৱিন্দৰ শৰ্মা৷ শেষৰ দুজনে নতুন দিল্লীৰ পৰা বিমানযোগে পুৱাতে উৰণ আৰম্ভ কৰি আগবেলাতেই মিটিং পইণ্টত সুকলমে অৱতৰণ কৰিছেহি৷ প্ৰদীপদা আৰু ময়ো বাছেৰে আজি আহি আছোঁ ডিফুৰ পৰা৷ ইফালে দেউতাকৰ কেম থেৰাপীৰ কাৰণে অৰূপদা আগতীয়াকৈয়ে গুৱাহাটীত আছেহি৷ সময় হৈ অহাৰ লগে লগে এড্‌ভেন্সাৰ ট্ৰিপটোৰ এজন-দুজনকৈ আটাইবোৰ সদস্যকে সোঁশৰীৰে দেখা পোৱা গল৷

ট্ৰেইনখন আগৰে পৰাই প্লেটফৰ্মত ৰৈ আছিল৷ আমাৰ কচ নম্বৰ বি.২৷ প্লেটফৰ্ম নম্বৰ ৩৷ টীম লীডাৰ জয়ন্তদাই ফোনযোগে প্ৰদীপদাক সেয়া জনাই দিছিল৷ ডবাত সোমাই বয়-বস্তুবোৰ থান-থিত লগালোঁ৷ জয়ন্তদা-অৰূপদাহঁতো আহি পালে৷ বিদায় সম্ভাষণ জনাবলৈ তেওঁলোকৰ বন্ধু কেইজনমানো ষ্টেচনলৈ আহিছিল৷ সকলোৰে উপস্থিতিত পৰিৱেশটো আকৰ্ষণীয় আৰু হাস্যমধুৰ হৈ উঠিল৷ তেতিয়াহে সম্বিৎ হল যে আমি দলবান্ধি কৰবালৈ ওলাইছোঁ৷

নিশা ৯.৩০ বজাত ৰেলখনে গা লৰালে৷ অৰূপদা আৰু প্ৰদীপদাৰ বাদে বাকীসৱৰ সৈতে মোৰ পোনপটীয়া পৰিচয় বা বাৰ্তালাপ নাই৷ অমৰ ডিফুৰে ওচৰা-উচৰি বাসিন্দা হলেও ঘনিষ্ঠতা তিমান নহয়৷ আনহাতে জাৰ্মানী-পাগল পুতুলদাৰ ঘৰত ব্ৰাজিল-১৪ বিশ্বকাপৰ ধামখুমীয়াত জয়ন্তদাক দেখা পাইছিলোঁ যদিও মুখামুখি বা কথা-বতৰা কদাপি হোৱা নাই৷ ২০১২ চনত অজ্ঞাত স্থানত আলফাৰ মুখ্য সেনাধ্যক্ষক লগ ধৰিবলৈ গৈ নিজেই সংবাদ শিৰোনাম হৈ পৰা সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য দলত আছে বুলি শুনি আছোঁ, তেওঁৰ কিতাপ পৰেশ বৰুৱাৰ সন্ধানত দুবাৰকৈ পঢ়িছোঁ যদিও ব্যক্তিগত দেখাদেখি, জনাজনি এই পৰ্যন্ত নাই৷ বাকী ৰোৱা সদস্যকেইজন আকৌ মোৰ বাবে সম্পূৰ্ণই অচিনাকি৷

দলীয় ভাবনাৰে সম্পৃক্ত সদস্যবৰ্গৰ মাজত প্ৰাৰম্ভিক চা-চিনাকিৰ উপৰি বেছ কিছুপৰ ধৰি ভাগে ভাগে ৰসাল, চিৰিয়াচ সব ধৰণৰে গপ চলিব ধৰিলে৷ ঢং ঢং শব্দ কৰি ৰেলগাড়ীখন শৰাইঘাট দলঙৰ ওপৰেৰে পাৰ হল৷ অলপ পাছতে গুৱাহাটীখন অদৃশ্য হৈ পৰিল৷ অন্য যাত্ৰীসকলৰ সুবিধা-অসুবিধালৈ মন কৰাটো সহযাত্ৰীৰ কৰ্তব্য৷ সোনকালেই আমি নিজৰ নিজৰ বাৰ্থত উঠি লাইট নুমুৱালোঁ৷

মোৰ আপাৰ বাৰ্থ৷ গাৰু-কম্বল আজুৰি লৈ চলন্ত বিছনাত মহা আৰামত বাগৰ দিলোঁ যদিও মনটোক ভাবোন্মাদেৰে উত্তেজিত কৰি ৰাখিলে নাহৰলাগুন, জিৰো, ডাপৰিজো, তালিহা, চিয়ুম, নাচ্ছো, লিমেকিং, তাকচিং, ট্ৰেকিং, টেণ্ট, শ্লীপিং বেগ, এয়াৰ পিল’, ৱাকিং ষ্টিক আদি সন্মোহনকাৰী সাংগীতিক শব্দবোৰে৷ কোনেও গম-গতি নোপোৱাকৈ ব্লেংকেটখনৰ তলতে মবাইলটো উলিয়ালোঁ৷ কাণ এখনত প্ৰায় লগাকৈ ৰাখি সীমান্ত শেখৰৰ জিলেলে জিলেলেটো দুবাৰমান একেৰাহে শুনি ললোঁ৷ যাবগৈ লাগিব মই অৰুণাচললৈ…’৷ তেনেকৈয়ে থাকি থাকি কোন টলকতনো টোপনিত বুৰ গলোঁ কব নোৱাৰোঁ৷

(পৰৱৰ্তী খণ্ড - আকৌ জিলেলে জিলেলে)