আমি কেনেদৰে ডাঙৰ হ’লোঁ?
(গল্প নহয়, সত্য)
মই আমাৰ পিতৃ-মাতৃৰ প্ৰথম সন্তান৷ মা-দেউতা উভয়ে
চৰকাৰী চাকৰিয়াল আছিল৷ দেউতা গড়কাপ্তানী বিভাগত৷ মা প্ৰথমে গড়কাপ্তানী, পাছত শিক্ষা
বিভাগত৷ ডিফুৰ গড়কাপ্তানী কল’নীৰ কোৱাৰ্টাৰেই আছিল আমাৰ ওমলা-ঘৰ৷
নিশ্চিতভাৱে, প্ৰথমে উপস্থিত হোৱা সন্তান হিচাপে মা-দেউতাৰ
আশা-আকাংক্ষা মোৰ আগমনৰ জৰিয়তে পূৰ্ণ হৈছিল যদিও চাকৰিজীৱী আছিল হেতুকে সন্তানপ্ৰাপ্তিৰ পৰৱৰ্তী দিনবিলাকত
তেওঁলোক দুয়ো নিত্যনতুন সমস্যাৰ সন্মুখীনযে হোৱা নাছিল, তেনে কথা নিশ্চয় নহয়৷ আনফালে, নতুন আনন্দ আৰু
নতুন সমস্যাৰ সংমিশ্ৰণৰ সন্ধিক্ষণত কণমানি নৱজাতকৰূপী ময়ো হয়তো আহুকালত নপৰাকৈ নাছিলোঁ৷ তাতে
এবছৰৰ ব্যৱধানত মোৰ পিছে পিছে পৃথিৱীলৈ আহিছিল এটা ভাই৷ তাৰ তিনি বছৰৰ অন্তত আহিছিল
এজনী ভনী৷ এইখিনি অৱশ্যেই মোৰ মনত নপৰা দিনৰ কথা৷ বুজন বয়স হোৱাৰ আগৰ অৱস্থা৷
তেনে পৰিস্থিতিত মই বা আমিনো কেনেকৈ ডাঙৰ হৈছিলোঁ?
চাকৰিয়াল মা-দেউতাই কেনেদৰে চম্ভালিছিল মোক বা আমাক? অফিছলৈ যাওঁতে কাৰ ওচৰত এৰি থৈ গৈছিল?
খোৱা-বোৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিছিল? কেনেকুৱা তাল-মিলেৰে পৰিয়াল চলাইছিল? মাজে-সময়ে মোৰ মনত এনেকুৱা প্ৰশ্নবোৰৰ অৱতাৰণা
নোহোৱা নহয়৷ পিছে নিজেনো সমস্ত কথাৰ ভূ পাওঁ কেনেকৈ? আজিৰ এই মধ্য-বয়সৰ পৰা আৰম্ভ কৰি যুৱক,
কিশোৰ, শিশু, কেঁচুৱা, পানী-কেঁচুৱা… এনেকৈ যদি নিজৰ জন্মদিনটোৰ দিশে আগুৱাই গৈ থাকোঁ, এটা পৰ্যায়ত স্মৃতিৰ গতি
আপোনা-আপুনি স্তব্ধ হৈ যায়৷ ৰৈ যাওঁ এটা বিন্দুত৷ তাৰ পৰা আগলৈ আৰু একো মনত নপৰা হয়৷ জানো যে এইটো স্বাভাৱিক কথা, প্ৰত্যেকৰ ক্ষেত্ৰতে প্ৰযোজ্য৷
এনেস্থলত মোৰ প্ৰশ্নসমূহৰ সদুত্তৰ জনাব পৰা উপযুক্ত
মানুহ কোন হ’ব পাৰে? নিঃসন্দেহে আমাৰ মাতৃগৰাকী৷ গতিকে প্ৰসংগটো লৈ তেখেতৰ কাষ চাপিছিলোঁ৷ আশীৰ দুৱাৰডলিত
ভৰি দিয়া আইক সোধাত ক’লে, ‘আজৰি সময় উলিয়াই
মই লেখি দিম বাৰু, তই সজাই ল’বি৷’ বৰ ভাল পালোঁ
শুনি৷ ৰ’লোঁ ধৈৰ্য ধৰি৷
পিছদিনাখন বিয়লি৷ পাকঘৰত, খোৱা-মেজত
বহি মায়ে খচাখচ লিখি আছে৷ মই গম পালোঁ, কি লেখন চলিছে সেয়া৷ আস্তেকৈ ম’বাইল ফোনৰ কেমেৰাটো অন কৰি স্নেপ এটা
লৈ থ’লোঁ৷ সিফালে কিন্তু কোনো
প্ৰতিক্ৰিয়া নাই৷ একান্তমনে লিখি গৈছে৷ কেইপৃষ্ঠা হ'লগৈ নাজানো৷ অলপ পাছত দীঘলকৈ আঁচ এডাল টানি কলমটো সাঁফৰত সুমুৱালে৷ কাগজকেইখিলা জাপৰ পৰা ফালি টেবুলত ঠেকাৰিলে৷ তাৰ পাছত মোৰ
ফালে আথে-বেথে আগুৱাই দি ক’লে, ‘মই থূলমূলকৈ লিখি
দিছোঁ দেই, তই সজাই-পৰাই ল’বি৷ পিন এটাও মাৰি ল’বি৷’
‘হ’ব’ বুলি হাত পাতি লৈ চাওঁ যে তিনিপাত লিখিলে৷ নিজৰ অতীত তথা জন্মকালীন সত্যক
জানিবলৈ কাৰনো বাৰু মন নাযাব? আগ্ৰহেৰে পৃষ্ঠাকেইটা পঢ়ি যাব ধৰিলোঁ৷ গম পালোঁ যে মই
৪ মহীয়া হওঁতে মায়ে মোৰ জন্মস্থান গোলাঘাটৰ পিতৃগৃহ এৰি কৰ্মস্থলী ডিফু পায়হি আৰু অফিছত যোগদান কৰে৷ সেই সময়ত ইয়াত নিজৰ
মানুহ কোনোৱেই নাছিল৷ চাকৰিয়াল মাকে কেঁচুৱাক ক’ৰবাত ৰখাৰ ব্যৱস্থাও নাছিল৷ শিশুটিৰ পৰিচৰ্যাৰ নামত মা-দেউতাৰ কোনোবা এজনে চাকৰি এৰি দিয়াৰ কথাও নাছিল৷ প্ৰত্যাহ্বান আৰু পাৰস্পৰিক বুজাবুজিৰ মাজেৰে অগ্ৰসৰ
হৈছিল তিনিটা জীৱন৷
মা অফিছলৈ গ'লে অকলশৰীয়া অৱস্থাত মোক চোৱা-চিতাৰ বাবে তেতিয়া আমাৰ ঘৰত আছিল আমাৰ জেঠাই অকণি ওৰফে হামিদা খাতুনৰ জী এলিন৷ তায়ো তেতিয়া বৰ বেছি ১০-১১ বছৰীয়া কিশোৰীহে৷ মোক কোঁচত লৈছিল, দুদদানি খুৱাইছিল, নিচুকাইছিল, শুৱাইছিল৷ মাৰ অবৰ্তমানত এলিন বায়ে আছিল মোৰ ধাত্ৰী৷ মই তেনেকৈয়ে ডাঙৰ হ’ব ধৰিছিলোঁ৷
মা অফিছলৈ গ'লে অকলশৰীয়া অৱস্থাত মোক চোৱা-চিতাৰ বাবে তেতিয়া আমাৰ ঘৰত আছিল আমাৰ জেঠাই অকণি ওৰফে হামিদা খাতুনৰ জী এলিন৷ তায়ো তেতিয়া বৰ বেছি ১০-১১ বছৰীয়া কিশোৰীহে৷ মোক কোঁচত লৈছিল, দুদদানি খুৱাইছিল, নিচুকাইছিল, শুৱাইছিল৷
শান্তিপুৰ (বৰপথাৰ)ৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, আমাৰ ডাঙৰ জেঠাই মাজনী ওৰফে তহমিদা বেগম মাজে-মধ্যে আহিছিল৷ এইফালে মই এবছৰীয়া
হৈছিলোঁহে, তেনেতে ভাইটি আহিল৷ ভাইটি আৰু মোক চোৱা-চিতা কৰাৰ বাবে এলিন বাইৰ লগতে
আন এজনী ছোৱালী আছিল৷ এষ্টাৰ৷ চাহ জনগোষ্ঠীৰ৷ বয়স ১৪-১৫ বছৰ৷ জেঠায়েই এদিন তাইক লৈ আহিছিল৷ ভাইটি ৪ মহীয়া
হওঁতে দুই সন্তানক এলিন আৰু এষ্টাৰৰ হাতত চমজাই, সময়ানুৱৰ্তিতা মানি ১০ বজাত নিজৰ নিজৰ কাৰ্যালয়ত
উপস্থিত হৈছিলগৈ চাকৰিজীৱী মা-দেউতা৷ ১ বজাত দুয়ো ঘৰলৈ আহি এবাৰ আমাক চাই যায়৷ যাতায়াত ব্যৱস্থা
বুলিবলৈ সেই সময়ত একোৱেই নাছিল৷ দৈনিক অহা-যোৱাবোৰ খোজেৰেই হৈছিল৷
আমাৰ ঘৰৰ সোঁফালৰ প্ৰতিৱেশী আছিল বৰদেউতা-বৰমা ক্ৰমে পীতাম্বৰ মহন্ত আৰু সুৰবালা মহন্ত৷ তেখেতসকলে দৈনন্দিন আমাৰ খা-খবৰ ৰাখিছিল৷ তেওঁলোকৰ সন্তান, মোৰ কাণ-সমনীয়া তথা একালৰ সহপাঠী টুটুৰ সৈতে নিজৰ সন্তানৰ দৰে লালন-পালন কৰিছিল৷ কোৱাৰ্টাৰলৈ লৈ গৈ মোক গা ধুৱাইছিল, পাউদাৰ-কাজল সানিছিল, আহাৰ খুৱাইছিল৷ অসুখ-বিসুখতো পূৰাদমে আমাক চোৱা-চিতা কৰিছিল৷ চকোৱাৰ ওপৰেৰে খাৰ-আঞ্জাৰ বাটিটোৰ আদান-প্ৰদান আছিল দুই ঘৰৰ মাজত৷
আমাৰ ঘৰৰ সোঁফালৰ প্ৰতিৱেশী আছিল বৰদেউতা-বৰমা ক্ৰমে পীতাম্বৰ মহন্ত আৰু সুৰবালা মহন্ত৷ তেখেতসকলে দৈনন্দিন আমাৰ খা-খবৰ ৰাখিছিল৷ তেওঁলোকৰ সন্তান, মোৰ কাণ-সমনীয়া তথা একালৰ সহপাঠী টুটুৰ সৈতে নিজৰ সন্তানৰ দৰে লালন-পালন কৰিছিল৷ কোৱাৰ্টাৰলৈ লৈ গৈ মোক গা ধুৱাইছিল, পাউদাৰ-কাজল সানিছিল, আহাৰ খুৱাইছিল৷ অসুখ-বিসুখতো পূৰাদমে আমাক চোৱা-চিতা কৰিছিল৷ চকোৱাৰ ওপৰেৰে খাৰ-আঞ্জাৰ বাটিটোৰ আদান-প্ৰদান আছিল দুই ঘৰৰ মাজত৷
যৌৱনপ্ৰাপ্ত হোৱাত এলিন বাই গুচি গ’ল৷ এষ্টাৰো এদিন নিজ গৃহলৈ গ’লগৈ৷ তেতিয়া আমাৰ ঘৰত ডিফুৰে দুটা চেঙেলীয়া নেপালী ল’ৰা আছিল৷ তেতিয়ালৈ আমি ককাই-ভাই হাল অকণমান ডাঙৰ হ’লোঁ৷ দেউতাই মোক এখন সৰু চাইকেল আৰু ভাইটিক
কাঠৰ ঘোঁৰা এটা আনি দিলে৷ তাৰেই সিহঁতে আমাক সাল-সলনিকৈ খেলাই থাকে৷ মা-দেউতাৰ একো
অসুবিধা হোৱা নাছিল৷ অামাৰ বাঁওফালৰ প্ৰতিৱেশী নানা-নানী ক্ৰমে আটাউৰ ৰহমান আৰু মতিজা বেগমেও অভিভাৱকৰ
দৰেই আমাৰ তদাৰক কৰিছিল, মৰম-চেনেহ কৰিছিল৷
এদিন সেই ল’ৰা দুটাও গ’লগৈ৷ এইবাৰ আহিল দুটা অলপ ডাঙৰ ল’ৰা৷ পোহৰ আৰু কাঞ্চা৷ তেতিয়ালৈ ভনীজনীৰো আগমন ঘটিছে৷ গতিকে আমি তিনিটা হ’লোঁ৷ সেই সময়তে আমাৰ মাজু খুৰা আজিমউদ্দিন
আহমেদেও আমাৰ কোৱাৰ্টাৰতে থাকিবলৈ লয়৷
ইমানলৈকে সকলো ঠিকেই আছিল৷ সমস্যা হ’ল ৪ মহীয়া ভণ্টীজনীক লৈ৷ মা অফিছলৈ যাব
লাগে৷ ইফালে মাৰ অনুপস্থিতিত তাইক ঘৰত ৰাখিবই নোৱাৰি৷ পুত্ৰ সন্তান দুটাৰ পৰা কোনো আমনি নাই৷ এইৰহে স্বভাৱটো
বেলেগ হ’ল! কি কৰা যায়? মা-দেউতাই উপায় চিন্তা কৰিব ধৰিলে৷ বিছনা-পত্ৰ আৰু শিশু-খাদ্য যোগাৰ
কৰি তাইক নিতৌ অফিছলৈ নিয়া কৰিলে৷ দেউতাই চাইকেলত লৈ যায়৷ মাৰ অফিছৰ আছুতীয়া কোঠা এটাত টেবুল এখনৰ ওপৰতে
ছুটী নোহোৱা পৰ্যন্ত শুৱাই থয়৷ ৭ মহীয়া হোৱাৰ পাছত যেনিবা তাই ঘৰত থকা হ’ল৷ তেতিয়া পোহৰ আৰু কাঞ্চাই আমাক ফুচুলাই
ৰাখে৷ খুৰাই কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে৷ পাছত পোহৰৰ ঠাই ল'লে আব্দুল নামৰ ল’ৰা এজনে৷
এনেকৈয়ে মই ৪ বছৰীয়া হ’লোঁ৷ ঘৰৰ ওচৰৰে টাউন প্ৰাইমেৰী
স্কুলত নাম লগাই দিলে৷ মোৰ শিক্ষাৰম্ভ হৈ গ’ল৷ স্কুলৰ পৰা আহি খাবলগীয়াখিনি মায়ে অফিছলৈ যোৱাৰ সময়তে টেবুলৰ ওপৰত সজাই থৈ যায়৷ কাঞ্চা আৰু খুৰাই চাই-চিতি দিয়ে৷ খাই-বৈ ঘৰতে খেলি থাকোঁ৷ কাষৰ কোৱাৰ্টাৰটোৰ
টুটুহঁতৰ তালৈকো আহ-যাহ চলে৷ আগতে অহাৰ দৰে মা-দেউতা অফিছ চলি থকাৰ মাজত ঘৰলৈ অহাৰ
আৰু প্ৰয়োজন ক্ৰমাৎ নোহোৱা হ’ল৷ নিজ নিজ কক্ষপথেৰে জীৱন
গৈ থাকিল আগুৱাই৷ শিশুকাল অতিক্ৰমি আমি ডাঙৰ হ'ব ধৰিলোঁ৷