৮ মাৰ্চ, ২০১৯৷
নিশা প্ৰায় ৮ বাজে৷ হঠাতে ফোনটো ৰিং হ’ল৷ সঞ্জুৱে
কৰিছে৷ সঞ্জু বৰা টেলিভিচন চেনেল ‘প্ৰতিদিন টাইম’ৰ সাংবাদিক৷ ‘আমাৰ অসম’ কাকতৰ ডিফুৰ
ষ্টাফ ৰিপ’ৰ্টাৰ৷
সম্পাদকীয় পৃষ্ঠাত নিয়মীয়াকৈ প্ৰকাশ পোৱা ‘পাহাৰৰ চিঠি’ৰ লেখক৷ মোৰ
বন্ধু তথা কেইবাটাও গুৰুত্বপূৰ্ণ ভ্ৰমণ-দৰ্শনৰ সংগী-সহযাত্ৰী৷
‘কি কৰি আছে?’ সচৰাচৰ আৰম্ভ কৰাৰ দৰেই প্ৰশ্ন এটা আহিল সিমূৰৰ পৰা৷
‘কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ দ্বাৰা
প্ৰেৰিত বিনামূলীয়া কমিউনিকেচন এপ্ সংক্ৰান্তীয় লিংক থকা এছ.এম.এছ. এটা মোলৈ
আহিছিল৷ তাকে আনিছাৰ মাকলৈ ফ’ৰৱাৰ্ড কৰি দিওঁ
বুলি লৈছোঁ৷ মোৰ ম’বাইলতযে এইবোৰ
ডাউনল’ড কৰা, ইনষ্টল
কৰাৰ সুবিধা নাই৷ সেয়ে…’
‘আচ্ছা, কাইলৈ কি কাম আছে?’ চাব মাৰি সুধিলে
সঞ্জুৱে৷ ভাবিছিলোঁ সাংবাদিকৰ এতিয়া জেৰা চলিব এপটোৰ সম্বন্ধে, কাৰণ বিদ্যালয়খনত
তেওঁলোকৰ ল’ৰা সন্দীপন বা
আমাৰ ল’ৰা আদিশহঁত পঢ়ি
থকাৰ সময়ত এনেবোৰ ব্যৱস্থা নাছিল৷ পিছে নাই, নুসুধিলে৷
‘কাম বুলিবলৈ তেনেকুৱা খাচ একো নাই৷’ অলপ ভাবি মই
লাহেকৈ উত্তৰটো দিলোঁ৷
‘পৰহিলৈ কি কাম আছে?’ লগে লগে আকৌ এচাব!
পৰহিলৈ! পুনৰ
ভাবিব ধৰিলোঁ৷ কাইলৈ শনিবাৰ৷ পৰহিলৈ দেওবাৰ৷ দেওবাৰে লৰুলাংছ’ বজাৰলৈ যাব
লাগিব, কুমলীয়া চজিনা বিচাৰি৷ সেইটো বাৰু সিমান গুৰুত্বপূৰ্ণ নহয়৷ কিয় বা সুধিলে তেওঁ!
‘বিশেষ নাই একো৷’ উত্তৰটো দি সঞ্জুৱে কিনো কয় শুনাৰ অপেক্ষাত ৰৈছোঁ৷
ইফালে এছ.এম.এছ.টোও এওঁলৈ ফ’ৰৱাৰ্ড কৰিব
লাগে, কাণ ঘোলা কৰাৰ আগেয়ে৷
‘তেতিয়া হ’লে কাইলৈ আপুনি
আৰু মই ওলাই যাওঁ ব’লক এঠাইলৈ৷’
‘হয় নেকি, যাব পাৰি৷’ মনটোৱে তৎক্ষণাৎ ভাবিয়ে ল’লে, লৰুলাংছ’ বজাৰ, কুমলীয়া চজিনা মাৰ গুলী৷ যাত্ৰা বুলিলে সকলো তল৷ ক’লৈ যাম নাজানো৷ সেয়ে যোগাত্মক
উত্তৰটো দি উঠিয়েই স্বাভাৱিকতে মুখৰ পৰা ওলাই আহিল কৌতূহলী প্ৰশ্নটো... ‘কোন ঠাই?’
‘জংফা৷ তাৰ পৰা ৩-৪ ঘণ্টামান পাহাৰ বগাব লাগিব৷ আহোম
ৰজাৰ সময়ৰ মৈদাম কিছুমান আছে৷ সৰহ মানুহে নেদেখা, আনকি বহুতে আজিও নুশুনা-নজনা ঠাই৷ চাই আহোঁ ব’লক৷’
জংফা! শব্দটো
শুনাৰ লগে লগে মোৰ গা সাতখন-আঠখন হৈ পৰিল৷ তাতে আকৌ ৩-৪ ঘণ্টা
ট্ৰেকিং-হাইকিং! উঃ! নগৈহে পাৰি নেকি?
‘হ’ব৷ কেইবজাত ওলাব লাগিব?’ প্ৰস্তাৱিত যাত্ৰাৰ সময়টো জানি ল’ব খুজিলোঁ৷
‘পুৱা চাৰে চাৰিটাত ওলাম৷’ জনালে সঞ্জুৱে৷
‘কি কি নিব লাগিব?’
‘মই ঘৰৰ পৰাই ট্ৰেকচুট পিন্ধি যাম৷ আৰু মাত্ৰ এটা ৰাতি
থকাৰ কথাহে৷ ল’ব আৰু কি কি লয়৷’
‘হ’ব৷’
‘ঠিক আছে তেন্তে৷ আপুনি ৰেডী থাকিব৷ মই আহি যাম৷’ সঞ্জুৱে ফোন থ’লে৷
মোৰ শৰীৰৰ
ভিতৰত সংগোপনে এক উত্তেজনা, এক অবুজ শিহৰণ আৰু আনন্দপ্ৰৱাহ আৰম্ভ হৈ গ’ল৷ জংফা, চকীহোলা, নিলিপ৷ ইমান দিনৰ আশা! কাইলৈ গৈ আছোঁ৷
স্বগতোক্তি ওলাই আহিল আপোনা-আপুনি৷ য়া...হু!
আগলি-কথা...২
কাৰবি আংলং জিলাৰ উত্তৰে বোকাজান মহকুমাৰ নিলিপ উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী চকীহোলা, চকীহোলাৰ সমীপস্থ জংফা প্ৰমুখ্যে ৰেংমা নগা অধ্যুষিত এলেকাসমূহৰ প্ৰতি আগ্ৰহ মোৰ এতিয়াৰ নহয়৷ আজিৰ পৰা ৪২ বছৰৰ আগতে, চন ১৯৭৭ত, মই যেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, তেতিয়াই এবাৰ চকীহোলালৈ গৈছিলোঁ৷ সেই সময়ত জলসিঞ্চন বিভাগত চাকৰি কৰা মোৰ মাজু খুৰাই, কি ভাবি জানো, মোক লৈ গৈছিল৷ তাহানিৰ চকীহোলা তেনেই ঘোঁকট৷ শিলনিজান হৈ ৰাস্তা নিৰ্মাণেই হোৱা নাছিল৷ গোলাঘাটৰ পৰা মূৰফুলনি হৈ বাছত গৈছিলোঁ, বগীজানলৈকে৷ তাৰ পাছত চাইকেল মাৰি৷ সেই স্মৃতি আজিৰ তাৰিখত বহুলাংশে ধূসৰিত হৈ পৰিছে যদিও মাজে-মধ্যে চলা স্মৃতিচাৰণৰ জোৰতে কিছু কিছু মুহূৰ্ত পাহৰণি ৰাক্ষসীয়ে গিলি পেলোৱাৰ পৰা আথে-বেথে মনৰ গোপন কুঠৰীত সংৰক্ষণ কৰি নৰখাও নহওঁ৷
তাৰ পাছৰ পৰাই আজি অত বছৰ ধৰি বিৰাট মন থাকিলেও দ্বিতীয়বাৰ আৰু মোৰ গমনাগমন হোৱা নাই চকীহোলালৈ৷ স্মৃতিয়ে কিন্তু অহৰ্নিশে কুটুৰি থাকে৷ নাজানো, কি মায়া আছে ৰেংমা হিল্ছত, যি মোক বৰকৈ হাত-বাউল দি মাতে৷
ইফালে, ল’লাশ্বংন্যু, ফেনচেৰ’, খেনাৰি, জংফা প্ৰভৃতি ৰেংমা নগা অধ্যুষিত অঞ্চলৰ ভালেকেইটা গিৰ্জা তথা ৰেংমা নাগা পিপল্চ কাউন্সিল (আৰ.এন.পি.চি.), ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছোচিয়েচন (ডব্লিউ.আৰ.বি.এ.) আদি অগ্ৰণী সংগঠনৰ খ্ৰিষ্টমাছ প্ৰগ্ৰাম, কেলেণ্ডাৰ, ৰূপালী-সোণালী-হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থকে আদি কৰি নানান ধৰণৰ ছপা কৰ্ম সুদীৰ্ঘ কাল ধৰি কৰিবলৈ পোৱাৰ উপৰি গিৰ্জাঘৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিবিশেষৰ কিতাপ-পত্ৰাদি ছপোৱাৰো সৌভাগ্য মই নিজৰ কৰ্ম-জীৱনত লভিছোঁ৷ সেইবোৰ এলেকাৰ চিৰস্থায়ী বাসিন্দা তথা পাছলৈ কৰ্মসূত্ৰে ডিফু নিবাসী, আমাৰ চুবুৰীয়া আৰু নিচেই চিনাকি ইছেনথাং, ৰেভাৰেণ্ড আথাং, খেংগাহঁতক প্ৰায়ে কৈ থাকোঁ তেওঁলোকৰ গাঁওসমূহলৈ যোৱাৰ একান্ত ইচ্ছাৰ কথা৷ কাৰ্যকৰীহে নহ’ল আজিলৈ৷
আনহাতে, উক্ত অঞ্চলৰ পৰা গিৰ্জাৰ কামত মোৰ ওচৰলৈ অহা পাস্তৰ গ্ব্যাশ্ব’ল’, হ্যনচেল’ আদি কৰি বিভিন্নজনক পালেই চকীহোলা আৰু ৰেংমা গাঁওসমূহৰ কথা সোধোঁ, আলোচনা কৰোঁ৷ চকুহাল মুদি মনত পেলাওঁ, কেনেকুৱা আছিল তাহানি মই দেখা চকীহোলাখন৷ ৰিণি ৰিণি ভাহি উঠে মোৰ মানসপটত৷ পুৰণা দিনৰ স্মৃতি পুনৰুদ্ধাৰ কৰাৰ হেঁপাহত চিনাকি-অচিনাকি বহুজনকে খাটনিও ধৰোঁ, এবাৰ লৈ যাবলৈ৷ কিন্তু নাই, অদ্যপৰ্যন্ত সেয়াও বাস্তৱায়িত হৈ নুঠিল৷
কলিয়নিৰে বহুত পানী বৈ গ’ল৷ আৰু অৱশেষত...
এই মাত্ৰ, হঠাতে সঞ্জুৰ পৰা প্ৰস্তাৱটো পাই লগে লগে মনটো অদ্ভুত ধৰণে ভৰি উঠিল এই ভাবি যে দীৰ্ঘ প্ৰতীক্ষা আৰু ধৈৰ্যৰ অন্তত সোণালী সুযোগ এটা মোৰ বাবে এয়া আহি গ’ল! তাৰ বাবে ঈশ্বৰক মনে মনে বহুত ধন্যবাদ দি দিলোঁ৷ এতিয়া দুদিনলৈ নিজে প্ৰস্তুত হোৱাৰহে কথা৷

সঞ্জুৰ আহ্বানক্ৰমে মোলৈ অহা প্ৰস্তাৱিত অভিযানটোৰ সম্পৰ্কে হাইকামাণ্ড সমন্বিতে পৰিয়ালৰ মাজত নিশা ভাতৰ টেবুলতে মুকলিকৈ সদৰি কৰি দিয়া হ’ল৷ নাকচৰ কথাই নাই৷ ৰুচি-অভিৰুচি মিলা সীমিতসংখ্যক শক্তিশালী সহযোগীৰ লগত এনেবোৰ কাৰ্যসূচী প্ৰায়ে চলিয়েই থাকে৷ শাৰীৰিক-মানসিক সক্ষমতা থকালৈকে চলিও থাকিব নিয়মিত ৰূপত৷
ভাতকেইটা টপাটপ খালোঁ৷ খাই উঠি খৰকৈ চিন্তা কৰিছোঁ, কি কি নিম? প্ৰথমে মজিয়াত পেলাই ল’লোঁ ৰাক্চেক্ এটা৷ আলমাৰী খুলি শ্লিপিং বেগটোও বাহিৰ কৰিলোঁ৷ ৰাক্চেক্ত প্ৰথমেই সেইটো ভৰাই লোৱা হ’ল৷ কিন্তু কিবা ভাবি পিছ পাকতে উলিয়াই পেলালোঁ৷ সঞ্জুৱে ট্ৰেকিঙৰ কথাহে কৈছে, কেম্পিঙৰ কথাতো কোৱা নাই৷ থকাৰ ব্যৱস্থা কিবা হ’ব চাগৈ৷ নকৰিলেও আনে য’ত যেনেকৈ পৰি থাকে, ময়ো তেনেকৈয়ে থাকিম৷ লাগিলে গিৰ্জাৰ বাৰাণ্ডাতে শুই থাকিম৷ কিনো ডাঙৰ কথাটো? কাজেই শ্লিপিং বেগৰ ঠাই অধিকাৰ কৰিলে পাতল কম্বল এখনে৷
দ্বিতীয়তে ট্ৰেকচুটযোৰ উলিয়ালোঁ৷ সঞ্জুৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত৷ ঘৰৰ পৰাই এই সাজ পিন্ধি যাম৷ চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ ৱালঙত আমি দুয়ো ইণ্ডিয়ান আৰ্মীৰ কেণ্টিনত একে ধৰণৰ ট্ৰেকচুট কিনিছিলোঁ, চন ২০১৫ত৷ প্ৰাতঃভ্ৰমণত সদায় ব্যৱহাৰ কৰোঁতে কৰোঁতে এতিয়া মোৰ ভাগৰযোৰ বেয়া নাই হোৱা যদিও সৌন্দৰ্য কিছু ম্লান পৰিছে৷ তেহেলৈ বিকল্প এইযোৰ আছে বাৰু৷ পুৱা পিন্ধিম বুলি একাষৰীয়াকৈ ৰাখিছোঁ৷ ৭ ফেব্ৰুৱাৰীৰ দিনা চাইজাং অভিযানত ডিলাইৰ শিলে হাতত দি যোৱা চুমা(!) পৰশ এতিয়াও লাগিয়ে আছে৷ ৰিমজিম ৰিমজিম অন্তৰ্লীন আৱেদন কেতিয়া নোহোৱা হ’ব তাৰ একো পাত্তা নাই৷ সাতে-পাঁচে, সাজযোৰ সুবিধাজনকভাৱে লোৱাই ভাল, যাতে সেইটোকে কেন্দ্ৰ কৰি অবাঞ্ছিত মনস্তাত্ত্বিক সমস্যা কিছুমান উদ্ভৱ নহয়৷
সিফালে, ম’বাইল ফোন আৰু কেমেৰাটো চুইচ ব’ৰ্ডত সংযোগ কৰি ৰখা হৈছে৷ কেইহাং ৰেনচ'ত নে’টৱৰ্ক পোৱা নাযাব বুলিয়ে মোৰ দৃঢ় ধাৰণা৷ হ’লেও ফুল চাৰ্জ কৰি লোৱাটো ভাল৷ জোতা সেই পুৰণাযোৰেই৷ মোজাহে দুযোৰ ল’লোঁ৷ যিহেতু পাহাৰত খোজ কঢ়াৰ কথা আছে৷ এদিন থকাৰ জোখাৰে প্ৰয়োজনীয় বাকীখিনি লৈ বেক্পেক্ সামৰিলোঁ৷ ফোনত সদায় দি থোৱা এলাৰ্ম এঘণ্টা আগুৱাই দিয়া হ’ল৷ অৰ্থাৎ পুৱা ৩ বাজি ৫০ মিনিটলৈ৷ তেহে সময়ৰ অংকটো মিলিব৷

পলম নকৰি বিছনাত উঠিলোঁ আৰু ঈশ্বৰক চিন্তি শুই
থাকিলোঁ৷
৯.৩.২০১৯ ৷৷ ১. আহি গ’ল গাড়ী আৰু সহযাত্ৰী
এলাৰ্ম বজাৰ লগে লগেই উঠিলোঁ জাঁপ মাৰি৷ এলাহে ধৰি ৰখাৰ সাধ্য নাই, বিশেষকৈ এনেকুৱা লক্ষ্য-উদ্দেশ্যত৷ বিছনা এৰিয়ে নিয়মমাফিক টাৱেল-টুথব্ৰাছ লৈ চিধাই মনোনিৱেশ প্ৰাতঃকৰ্মত৷
আনন্দমনে গা ধুই আছোঁ৷ এনেতে ম’বাইলটোৱে ৰিঙিয়াই উঠিল৷ স্ক্ৰীণত সঞ্জুৰ নাম৷ আন দিনাখন হ’লে ৰাতি ১০ বজাত মোৰ চুইচ অফ, পুৱা ৮-৯ বজাত চুইচ অন, এই দস্তুৰ চলে৷ আজি শোৱাপাটী এৰাৰ
লগে লগেই ফোন খুলি দিছোঁ৷ ভৰাই লৈছোঁ বাথৰুমৰ ভিতৰত৷ আগৰে পৰাই ষষ্ঠ ইন্দ্ৰিয়ই সকীয়াই আছিল
যে সঞ্জুৰ পৰা কল এটা আহিব৷ আৰু হয়ো, এই আহিল৷ ঠিক ৪ বাজিছে এতিয়া৷
‘গুড মৰ্নিং৷ উঠিলোঁ৷ এয়া, গা ধুই আছোঁ৷’ আগে-ভাগে উৎসাহেৰে নিজৰ অগ্ৰগতি সম্পৰ্কে জনাই দিলোঁ সঞ্জুক৷
‘গুড মৰ্নিং৷ ময়ো গাটো তিয়াই লওঁ৷ আপুনি সাজু হওক৷ অলপ
পাছতে আহি আছোঁ৷’
প্ৰাতঃক্ৰিয়া সমাপ্ত৷ কাপোৰ পিন্ধাও হৈ গ’ল৷ টৰ্চ লাইট, বিস্কুটৰ পেকেট দুটা আৰু ফিল্টাৰৰ পানী
দুবটল প্লাষ্টিকৰ ঠোঙা এটাত সুমুৱাই লৈছোঁ৷ শ্ৰীমতী বিছনাতে আছে৷ টোপনি
ভাঙিব পৰা প্ৰাবল্যৰ কণ্ঠস্বৰ প্ৰয়োগ কৰি ক’লোঁ, ‘হে’ৰা, সঞ্জু আহিলে মই যাম দেই৷’ অন্তৰ্নিহিত অৰ্থটো হ’ল, তুমি শুই থাকিলেও থাকিবা৷ মই যোৱা মানুহ যামগৈ৷ চাওঁ
যে, এওঁ ওঁ-আঁ কৰিছে৷ দেহাটোও লৰচৰ কৰা দেখিলোঁ৷ এই সুযোগতে মোলায়েম সুৰত আকৌ
এষাৰ শুনালোঁ, ‘হে’ৰা, ডনেচন কি দিয়া দিয়া৷ গাড়ী আহি পাবই এতিয়া৷’
চকু দুটা আৰু অকণমান মেলি এওঁ বিছনাতে পৰি ৰ’ল৷ আকৌ ওঁ-আঁ৷ সিটো কোঠাৰ টেবুলৰ ওপৰত ৰখা তেওঁৰ জোলোঙাটো মোক আনি
দিবলৈ ক’লে৷ টোপনিৰ জালতে খুঁচৰি খুঁচৰি ৫০০ টকীয়া নোট দুখন
উলিয়াই আগুৱাই দিলে মোৰ ফালে৷
বচ, কাম হৈ গ’ল৷ কাউৰী পুৱাতে নগদ ১,০০০ পাই গ’লোঁ৷ অৰ্থশক্তি দুৰ্বল হৈ থকাত দুশ্চিন্তা এটাই ৰাতিৰে পৰাই মনত বাহ লৈ আছিল৷ উপস্থিত বুদ্ধিয়ে কাম সিজাই দিলে৷ এতিয়া মই শক্তিশালী৷ এনেতে ফোনটো পুনৰবাৰ সশব্দে
বাজি উঠিল৷ প্ৰায় একে সময়তে ৰাস্তাত হৰ্ণৰ আৱাজো শুনা পালোঁ৷ বুজাত অকণো অসুবিধা নহ’ল যে সংগী আৰু গাড়ী হাজিৰ৷
আৰু ৰৈ থাকিবলৈ নাই৷ ৰাক্চেক পিঠিত তুলি ল’লোঁ৷ এহাতত কে’ৰী বেগ৷ এহাতৰ মুঠিত খমখমীয়া ৫০০ দুখন৷ পকেটত পাছতো ভৰাব
পাৰিম বাৰু৷ ‘যাওঁ দেই’ বুলি চিঞৰ এটা মাৰি ঘপাঘপ চিৰিকেইটা বগাই উঠি আহিলোঁ৷ দুফালকৈ মেলি থৈ অহা দৰজাখন বিছনাৰ পৰা উঠি আহি জপালেহি চাগৈ এওঁ৷ নাজানো, এবাৰ গতি লৈ ল’লে উভতি চোৱাৰযে নিয়ম নাই৷
নতুন পুৱাটোৱে বাহিৰখন পোহৰাই তোলাৰ যো-জা আৰম্ভ কৰিছে৷ অদূৰত সঞ্জুৰ মাৰুতি ৱাগন-আৰখন৷ লাইট জ্বলাই পথৰ এদাঁতিত
ৰৈ আছে, মোৰ বাবে৷ পিছে লগত সেইটো কোন? ওচৰ চাপি যাওঁতেই চিনি পালোঁ, ৰাজীৱ৷ ৰাজীৱ মেচ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ডিফুৰ সাংবাদিক৷ আমাৰ এওঁৰ কলেজীয়া সহপাঠী৷
‘সঞ্জুদা, চাওঁ চাবিটো দিয়কচোন৷’ ডিকিত মই মোৰ টোপোলা দুটা থান-থিত লগাই থাকোঁতেই সঞ্জুৰ পৰা ৰাজীৱে ষ্টিয়েৰিং খুজি ল’লে৷ মানে সি চলাব৷
‘সঞ্জুদা, চাওঁ চাবিটো দিয়কচোন৷’ ডিকিত মই মোৰ টোপোলা দুটা থান-থিত লগাই থাকোঁতেই সঞ্জুৰ পৰা ৰাজীৱে ষ্টিয়েৰিং খুজি ল’লে৷ মানে সি চলাব৷
‘হাপজান হৈ যাম দেই৷’ চাবিটো হাতত লৈয়ে ৰাজীৱে কৈ উঠিল৷ চিট বে’ল্টডাল আঁজুৰি ল’লে৷ তাৰ পাছতে ষ্টাৰ্ট দিবলৈ উদ্যত হ’ল৷
গোলাঘাট, ডিমাপুৰলৈ যাওঁতে সচৰাচৰ আমি মাঞ্জা তিনিআলি হৈ যাওঁ৷ ৰাজীৱে এনেকৈ কোৱাত হাপজানৰ ৰাস্তাটো বিবেচনালৈ আহিল৷ শ্বৰ্টকাট হয় যদিও সম্প্ৰতি অৱস্থা কেনেকুৱা সমূলি গম নাপাওঁ৷ কেইদিনমানৰ আগতে সবান্ধৱে গাড়ী লৈ ৰাজীৱ সেইফালেদি আহিছিল হেনো৷ ‘যাব পৰা যায়’ বুলি প্ৰত্যয়েৰে জনোৱাত সিদ্ধান্ত হ’ল যে আমি সেই ৰাস্তাৰেই যাম আজি৷ লাভালাভ, প্ৰায় ৭-৮ কিল’মিটাৰ দূৰত্ব কমিব৷ সময় আৰু ইন্ধন বাচিব৷ জংফা যিমান পাৰি সোনকালে পোৱাটো ভাল৷ কাৰণ গৈ পোৱাৰ পাছতে পাহাৰ বগোৱা কাৰ্যসূচী বন্ধা আছে৷ দেৰি হ’লে সিফালে ৰাতি হ’বগৈ৷ ৰাতি হ’লে সমস্যা আছে৷

সেউজ সংকেত পাই ৰাজীৱে লাহেকৈ এক্সেলাৰেটৰত হেঁচা দিলে৷ লগে লগে ম’বাইলত মই সময়টো চালোঁ৷ ৪ বাজি ৪৫ মিনিট৷ বহুপ্ৰত্যাশিত
যাত্ৰাটো আৰম্ভ হ’ল৷ নৱৰূপ পৰিগ্ৰহ কৰা ডিফু বজাৰৰ মাজেদি আগ বাঢ়ি ষ্টেডিয়াম ৰ’ডত তুলি লোৱা হ’ল কিৰণ বনিকক৷ কিৰণ সঞ্জুৰ কেমেৰা পাৰ্ছন৷ হেণ্ডিকেম আৰু লগ’সহ
কিৰণ উঠাৰ লগে লগে দলটো সম্পূৰ্ণ হৈ গ’ল৷ মুখবোৰত এফালৰ পৰা চকু ফুৰাই চালোঁ৷ ৪ জনীয়া সদস্যবৰ্গৰ মাজত কেৱল মইহে অসাংবাদিক৷
বাকীবোৰ পুৰণা তথা অভিজ্ঞ সাংবাদিক৷ তাৰ মানে যাত্ৰাটো জ্ঞানবৰ্ধক হ’ব যেনেই লাগিল৷
চহৰৰ পৰা ৩ কিল’মিটাৰমান যোৱাৰ পাছত ডিফু-মাঞ্জা ৰ’ড এৰি বিৰলালৈ যোৱা ঠেক ৰাস্তাটোৰে
সোঁহাতে ৰাজীৱে গাড়ীখন সুমুৱাই নিলে৷ ঘড়ীয়ে ঠিক ৫.০০ বজা বুলি দেখুৱাইছে৷ ১৯৯৯ চনৰ পাছত এইটো ৰাস্তাত আজিহে যাম মই৷ মনত আছে, বিয়া কৰাবলৈ
যাওঁতে এইফালেৰেই গৈছিলোঁ, সদলবলে৷ ৰাস্তাটো ভালেই আছিল তেতিয়া৷ ৰংপ্লিমপ্লামত ৩৬
নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিছিলোঁগৈ৷ সেই তেতিয়াই যি গ’লোঁ৷ তাৰ পাছত সুদীৰ্ঘ ২০ বছৰৰ বিৰতি৷
বাটে বাটে মানুহৰ অনেক বসতি দেখা পাইছোঁ৷ ৰাস্তাহে কিন্তু মসৃণ হৈ থকা নাই৷ ৩৬ আৰু ৩৯, সম্ভ্ৰান্ত ৰাজমাৰ্গ দুটাৰ লগতে এই ধৰণৰ ভিতৰুৱা আৰু সহায়ক, সংযোগী বাট-পথবোৰৰ উন্নয়ন হোৱা-নোহোৱাক লৈ আৰম্ভণিতেই সৰৱ, তথ্যনিৰ্ভৰ আলোচনা-সমালোচনা চলিব লাগিল চলন্ত গাড়ীৰ ভিতৰত৷ সাংবাদিকৰ লগত থাকি ক্ৰূৰ বাস্তৱ তথা আঁৰৰ সত্যবোৰ কিছু কিছু ময়ো গম পালোঁ৷ ৰাজনৈতিক স্তৰত সদিচ্ছা, সিদ্ধান্ত আৰু পদক্ষেপ যথাযথ নহ’লে আমি সৰ্বসাধাৰণ মানুহবোৰে যিমানেই জল্পনা-কল্পনা কিম্বা দাবী-প্ৰতিবাদেৰে আস্ফালন নকৰোঁ কিয়, সকলো মিছা৷ মই সদায়ে ভাবি অহা এই শেষ কথাষাৰকে আলোচনা কালত আকৌ এবাৰ প্ৰতিপন্ন হ’ল৷ আমাৰ প্ৰশ্ন হ’ল, এইবোৰ আমাক কৰি দিব কোনে?

ঘৰ এৰি ৩৫ মিনিট আহিলোঁ৷ মুখৰ আগত দেখা পাইছোঁ এখন কাঠৰ দলং৷
অৱস্থা জৰাজীৰ্ণ৷ কাঠবোৰ এৰাই গৈছে৷ কাষৰ ৰেলিং নাই বোলাই ভাল৷ ডেকিংতো নায়েই৷ বহন ক্ষমতা হেৰোৱাত দলঙৰ তলফালেৰে
উপপথ সৃষ্টি হৈছে যদিও ব’ল্ডাৰ, কাঠৰ টুকুৰা আৰু পানী যিমানহে আছে, আমাৰ গাড়ীখন সিফালেৰে নিনিয়াই ভাল যেনহে লাগিল৷ কিয়নো, ভগৱানে নকৰক, কেনেবাকৈ ফচিব লাগিলে হাবিৰ মাজত এইটো সময়ত সহায়কাৰী মানুহ এজনো নোলাব৷
‘কি চিন্তা কৰিছা? এই দলঙেৰে গাড়ীখন পাৰ কৰা যাবনে?’ ৰাজীৱলৈ প্ৰশ্ন আটাইকেইজনৰে৷ অভ্যন্তৰীণ কথাটো হ’ল, আনিছিলা নহয় এইবাটে, এতিয়া কি হ’ব?
ৰাজীৱে চুপ-চাপ কিবা এটা ভাবিছে৷ অত্যুৎসাহী মানুহ৷ খিৰিকীৰ আইনা নমাই চালে মনোযোগেৰে৷ আজি কেইদিনমানৰ আগতে নিশাৰ ভাগত পাৰ হৈ যোৱাৰ অভিজ্ঞতা শুনালে৷ ‘আপোনালোক নামক৷’ চকা দলঙত নুঠাওঁতেই আমাৰ প্ৰতি নিৰ্দেশ আহিল৷ সি অকলে চলাই নিব৷ যথা আজ্ঞা চালকৰ বুলি ঘপাঘপ নামি সঞ্জু, কিৰণ আৰু মই দলং পৰীক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ’লোঁ৷
ক’ৰবাত ক’ৰবাত গাৰ্ডাৰৰ এমূৰ খহি তললৈ নামি গৈছে৷ আঁঠু কাঢ়ি, বহি হাত সুমুৱাই সেইবোৰ তুলি অনা হ’ল৷ কাঠবিলাক চপাই, দাঁতিৰ পৰা সংগ্ৰহ কৰি অনা অন্য কাঠ জাপি চকাকেইটা যাবলগীয়া জেগাবোৰ যিমান পাৰি ঠিক-ঠাক কৰি দিয়া হ’ল৷ ৰাজীৱে ইঞ্জিন ষ্টাৰ্ট দিলে৷ আমি আগে আগে খোজ দি নিৰাপদ দূৰত্বৰ পৰা চকাকেইটালৈ দৃষ্টি ৰাখি প্ৰয়োজনীয় নিৰ্দেশনা দি গ’লোঁ৷ শামুকীয়া গতিৰে ৱাগন-আৰ আগুৱাই আহি থাকিল৷ সাৱধানতা মানি এটা সময়ত সিপাৰ পালে৷ নিৰ্জনতাৰ মাজত এতিয়াহে কিৰীলিবোৰ বাজি উঠিল৷ যাত্ৰাটোৱেও যেন নতুন প্ৰাণ পাই উঠিল৷

দূৰণিবটীয়া যাত্ৰাটোত দিনটোৰ প্ৰথমটো প্ৰত্যাহ্বান এনেকৈয়ে আমি অতিক্ৰম কৰি গ’লোঁ৷ আগত আৰু কি ওলায়, ৰাজীৱৰ বাদে কোনেও নাজানো৷ পথ-দলং যথোপযুক্ত নহ’লে যাত্ৰীয়ে এনেকৈয়ে মানসিক চাপ আৰু দুৰ্ভোগ ভুঞ্জিব লাগে৷ এই ধৰণৰ মৰণ ফান্দবোৰক লৈ চৰকাৰ
আৰু সংশ্লিষ্ট বিভাগৰ লোকক চৈধ্য পুৰুষ উজাৰি পথিকে বকি-জঁকি যোৱাটো তেনেই স্বাভাৱিক৷ ভাল ৰাস্তা য’লৈ যায়, সভ্যতাও ত’লৈ যায় বুলি কথা এষাৰ আছে৷ পিছে গণ্ডাই গণ্ডাই ইঞ্জিনিয়াৰ, কৰ্মচাৰী থাকিও বিলম্ব আৰু দিনে দিনে দুৰ্গতিহে দেখােন যেনি-তেনি প্ৰকট হৈ উঠে৷ সদায়ে ভাবি থকা সেই শেষ কথাষাৰত পুনৰবাৰ যেন মোৰ মনে সত্যতা বিচাৰি পালে৷
দলংখন বেয়া আছিল যদিও বিৰলাৰে সোমাই অহা, ৰংপ্লিমপ্লামত ৩৬ নং
ৰাষ্ট্ৰীয় ঘাইপথত ওলোৱা এই পথটোৰে ৰাজীৱৰ মতে গাড়ী চলাবলৈ ভালহে৷ কিয়নো, গাড়ী কম৷ আনফালে, হাইৱে’ৰ অৱস্থা আৰুহে দুৰ্বিষহ৷
সম্পূৰ্ণ এঘণ্টাৰ মূৰত, ঠিক ৬.০০ বজাত আমি ৰংপ্লিমপ্লাম পালোঁ৷ এইটো ঠিক যে মাঞ্জা হৈ অহা হ’লে অধিক সময় লাগিলহেঁতেন, থেকেচনিও বেছি খালোঁহেঁতেন৷ মৰণত শৰণ দি বেয়া দলং অতিক্ৰম কৰি অহাৰ পাছত হাইৱে’ত উঠোঁতে এতিয়া ইয়াকে ভাবি মনটোৱে সন্তুষ্টি লভিব ধৰিলে৷

ডিলাইলৈ বেছি দূৰ নাই৷ তাতে
চাহ-পৰঠা খাই লোৱাৰ সিদ্ধান্ত হ’ল৷ ঘৰত কোনেও একো খাই অহা নাই৷
ৰাষ্ট্ৰীয় মাৰ্গৰ মাঞ্জা-ডিলাই অংশৰ অৱস্থাটো দেখিলেই দুখ
লগা, খং উঠা৷ কেতিয়ানো নিৰ্মাণ হৈ উঠিব নাজানো৷ এই লৈ বহুত লিখা-লিখিও হৈছে৷ সংশ্লিষ্ট
কৰ্তৃপক্ষৰ গা আজিকোপতিও লৰা নাই৷ ভগা-ছিগা ৰাস্তাটোৰে আহি ১৫-২০ মিনিটমানৰ পাছতে ডিলাই তিনিআলিত উপস্থিত
হ’লোঁ আমি৷
ডিমাপুৰ অভিমুখী ৰাজপথ এৰি ৰাজীৱে ডিলাই-সৰিয়হজান ৰাস্তাটোৰে বাঁওফালে টাৰ্ণ ল’লে৷ আকাংক্ষিত চাহ-পৰঠা খাই লওঁ বুলি গাড়ী ৰখাই পথৰ সোঁহাতে অৱস্থিত হোটেল এখনত দলে-বলে সোমাবলৈ উদ্যত হৈছোঁ৷ পিছে দুৰ্ভাগ্য৷ যা-যোগাৰ একো এতিয়ালৈ হোৱাই নাই৷ ভিতৰৰ পৰা খবৰ আহিল, পৰঠা হওঁতে পলম হ’ব৷ ৰৈ থকাটোও আমাৰ বাবে হ’ব মূৰ্খামি৷ খাদ্য-চিন্তা সাময়িকভাৱে বাতিল৷ যি যেনেকৈ আছিলোঁ, আকৌ বহিলোঁহি নিজৰ নিজৰ চিটত৷ পৰৱৰ্তী লক্ষ্য ১০ কিল’মিটাৰ আঁতৰৰ হিদিপি৷ ‘চাহ হিদিপিত খাম৷ তাত মোৰ পৰিচিত হোটেল আছে এখন৷’ কথাষাৰ ৰাজহুৱা কৰি থ’লোঁ৷

ডিলাইৰ পৰা এইফালে ৰাস্তাটো ভাল৷ নতুনকৈ নিৰ্মাণ কৰা
হৈছে৷ ১০ মিনিটৰ পাছতে পাই গ’লোঁ হিদিপি৷ কিন্তু কি হ’ব! ইয়াতো একেই দুৰ্দশা৷ নিৰ্দিষ্ট হোটেলখনৰ সন্মুখত ৰাজীৱক গাড়ী ৰখাবলৈ দিয়াত সি ৰ’ল৷ কিৰণে দৌৰ মাৰি
খবৰ কৰি আহিলগৈ৷ আমি বহি থাকিলোঁ৷ শেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি অহা কিৰণৰ শৰীৰৰ ভাষালৈ চাই দূৰৰ পৰাই বুজাত অসুবিধা নহ’ল যে ইয়াতো পৰিস্থিতি ডিলাইৰে একে৷ ঝাড়ু মাৰিছেহে৷ পেটৰ ভিতৰত ইফালে নিগনি দৌৰিছে৷ ধৈৰ্য ধৰি প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাদে গত্যন্তৰ
নাথাকিল৷
হিদিপিত বিমুখ হোৱাৰ পাছত গাড়ীয়ে গতি লওঁতেই শুনা গ’ল কোনোবা মাইলাৰ নাম৷ আগ চিটত থকা সঞ্জু আৰু ৰাজীৱে গুণা-গঁথা কৰিছে৷ মাইলাৰ হোটেলখন ক’ত আছে মই গম নাপাওঁ৷ ভোকৰ আক্ৰমণ প্ৰশমিত কৰিবলৈ ঠাণ্ডা পানীকে গিলি ল’লোঁ কেইঢোকমান৷ থাকোঁতে লগত দুটাকৈ বিস্কুটৰ পেকেটো আছিল৷ অথনি উঠোঁতেই কে’ৰী বেগটো ৰাখি দিয়া হ’ল ডিকিত৷ তাতে মসৃণ ৰাস্তা পাই ৰাজীৱে ফোঁ-ফোঁৱাই গাড়ী এৰিছে৷ গতিটোত ব্যাঘাত জন্মাবৰ সত নগ’ল৷ তাতোকৈ সোনকালে মাইলাৰ বিখ্যাত ৰেস্তোঁৰাখন পালেই ভাল বুলি নিজকে নিজে বুজাই দিলোঁ৷

বেয়া ৰাস্তাত শ্লথ গতিৰে আগ বাঢ়িছে গাড়ী৷ দেওপানীৰ ওচৰতহে তুলনামূলকভাৱে ভাল পালোঁ৷ আহি আহি ৭.৪৫ত বৰনেউৰীয়াত ৰাজীৱ ৰৈ গ’ল৷ বুজিলোঁ, ৰাস্তাৰ সোঁকাষে দীঘলকৈ এইখনেই মাইলাৰ লাইন হোটেল৷ ইয়াতেই পুৱাৰ পেট পূজাভাগ নিশ্চিতভাৱে কৰা হ’ব৷
নামিয়ে চিধাই চৌকাৰ মুখত থিয় দিছোঁ৷ ঠাণ্ডা অনুভৱ হৈছে৷ জুইৰ কাষতে বেঞ্চ এখনত বহি লৈ এজনে ম’বাইল ফোনত খুব মন দি কিবা চাই আছে৷ পাছফালৰ পৰা ময়ো জুপিলোঁ অলপ পৰ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি ৰাজহ বিভাগ আৰু বন বিভাগে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু জিলা প্ৰশাসনৰ সহযোগত, দণ্ডাধীশৰ উপস্থিতিত কালি ডিফুৰ পৰা প্ৰায় ৩০ কিল’মিটাৰ নিলগৰ লংকাইজান সংৰক্ষিত বনাঞ্চলত হোজাই আৰু কাৰবি আংলং জিলাৰ সীমা পামপি নলা পৰ্যন্ত এক বৃহৎ অভিযান চলাই অসংখ্য বেদখলকাৰীক উচ্ছেদ কৰিছিল আৰু অবৈধ নিৰ্মাণ-কাৰ্য ধ্বংস কৰিছিল৷ তাৰে ভিডিঅ’ সেইটো৷ দখলকাৰীয়ে সৃষ্টি কৰা সমস্যা, গৃহহাৰাৰ মৰ্মবেদনা, মানুহৰ কান্দোন আৰু আৰ্তনাদ, দল-সংগঠনৰ প্ৰতিবাদ, সকলো মিলি পৰিস্থিতি উত্তপ্ত৷ পুলিচে লাঠীচালনাও কৰিছে৷

ইতিমধ্যে সঞ্জুৱে অৰ্ডাৰ দিলে তন্দুৰি ৰুটি, তৰ্কা আৰু স্পেচিয়েল চাহৰ৷ লংকাইজানলৈ তেওঁকো যোৱা দেখিছিলোঁ কালি পুৱাতে৷ খাই থাকোঁতে সেই আলোচনাই চলি থাকিল আমাৰ মাজত৷ বৰ্ধিত জনসংখ্যাযে সাম্প্ৰতিক সকলো অথন্তৰৰ মূল, তাৰেই মুখনি মৰা হ’ল টেবুল-টকৰ৷
সৰু জেগা বৰনেউৰীয়া৷ ইয়াৰ পৰা শিলনিজানলৈ
৭ কিল’মিটাৰ বাট৷ লাইন হোটেলৰ সন্মুখতে পোতা মাইল প’ষ্ট এটাত লিখা আছে৷ তামোল এখন মুখত ভৰাই ৮.১৫ত পুনৰ গতি আৰম্ভ কৰি দিলে ৰাজীৱে৷
যথোচিত তদাৰকৰ অভাৱত দিনে দিনে অধইচ ৰূপ লোৱা এছোৱা তথাকথিত
ৰাষ্ট্ৰীয়(!) ৰাস্তাৰে যাত্ৰা কৰি আমি শান্তিপুৰত উপস্থিত হ’লোঁ৷ আলোচনা চলিল, সন্মুখৰ ভগা অংশৰ পৰা নিস্তাৰ পোৱা
যায় কেনেকৈ? পোনে পোনে নগৈ বৰপথাৰ, সৰুপথাৰলৈ যোৱা পথৰ সংযোগকাৰী ঠেক বাটটোৰে
সোঁহাতে গাড়ী সুমুৱাই দিলে ৰাজীৱে৷ ভালেই পালোঁ মনে মনে৷ কাৰণ অলপ আগত আমাৰ মাহীটিৰ
ঘৰ৷ ৰ’বলৈ সময় নহ’ব যদিও কাৰোবাক দেখা পালে গাড়ীৰ পৰাই অন্ততঃ উকি এটাকে
মাৰি যাব পাৰিম৷ কিন্তু দুৰ্ভাগ্য, ওচৰ পাই দেখোঁ যে গে’ট বন্ধ, আগফালৰ দৰজাও বন্ধ৷
কাৰো দেখা-দেখি নাই৷ ৱাগন-আৰ চলি গৈ থাকিল৷
এইখিনি পালেই পুৰণা স্মৃতিবোৰে বৰ আমনি কৰে৷ এতিয়াও সেয়ে
হ’ল৷ আৰু অকণমান আগলৈ জেঠাইটিৰ ঘৰটো আছিল৷ সম্প্ৰতি ককাই-বৌহঁত
বাস কৰে৷ ইয়াতো কাৰো চেহেৰা দেখাৰ ভাগ্য নহ’ল৷ একে লাইনতে এসময়ত সৰু মামাৰ ঘৰো
আছিল৷ এই অঞ্চলটোৰ বৃহৎ মাটি-বাৰীৰ গৰাকী আছিল আমাৰ মাতামহজনা৷ এতিয়া সেই মনুষ্যও নাই, সাম্ৰাজ্যও নাই৷
সৰু কালছোৱাত শান্তিপুৰলৈ নিয়মিত অহা হৈছিল৷ সঁচাই যেন
এটুকুৰা শান্তিৰ ঠাই৷ ইয়াত লগ পোৱা ৫টাকৈ মাতুল ভাই-ককাইৰ লগত মুকলিমূৰীয়াভাৱে পিটপিটাই ফুৰিছিলোঁ৷
কুঁহিয়াৰ বাৰীত সোমাই কুঁহিয়াৰ, ঘৰৰ পাছফালৰ লিচু আৰু অন্যান্য ফলমূলবোৰ ইচ্ছামতে
মহতিয়াই গৈছিলোঁ৷ চাহ বাগানতো সোমাইছিলোঁ৷ খেল খেলিছিলোঁ৷ কিযে উজ্জ্বল আৰু আনন্দৰ দিন আছিল সেইবোৰ! সময়ৰ ধামখুমীয়াত ক্ৰমান্বয়ে আটাইবোৰ
মোলান পৰিল৷ জীৱন-যুদ্ধৰ অচিলাত আহ-যাহো সীমিত হৈ পৰিল৷ হ’লেও স্মৃতিয়ে অতীতৰ সোণালী মুহূৰ্তবোৰ হৃদয়ৰ কোণত সযতনে
ধৰি ৰাখিছে৷
সোঁৱৰণিৰ বুকুৰে ভাবত বিভোৰ হৈ মাত-কথা বন্ধ কৰি আহি আছিলোঁ৷ এনেতে দেখিলোঁ, লক্ষ্য কৰি অহা
পথটো পাই ৰাজীৱে গাড়ীখন ঠিকেই বাঁওহাতে কাটি নিছে৷ ৩ কিল’মিটাৰমান আগত এই ৰাস্তা আমি অলপ আগতে এৰি দিয়া ৰাষ্ট্ৰীয়
ঘাইপথটোতে সংযোজিত হৈছে৷ সেইডোখৰলৈকে পথটো এতিয়া মসৃণ হ’ল৷ তাৰ পাছতে পুনৰবাৰ নেশ্বনেল হাইৱে’ ৩৯ত উঠিলোঁ৷ সংযোগস্থললৈ বৰপথাৰৰ পৰা ৮ কিল’মিটাৰ, সৰুপথাৰৰ পৰা ২০ কিল’মিটাৰ, জামুগুৰিৰ পৰা ২৫ কিল’মিটাৰ৷ নীলা চাইনব’ৰ্ড এখনে জনালে৷
নেশ্বনেল হাইৱে’ ৩৬, ৩৯ বুলিলেই যেন কালিকা লগা বস্তু! কোনফালে আগুৱাম
ভাবিবলৈ গাড়ীচালক মাজে মাজে ৰৈ যাবলগীয়া পৰিস্থিতি হয়৷ কোৱা শুনিছোঁ, নামবৰ সংৰক্ষিত
বনাঞ্চলৰ মাজৰছোৱা হেনো অতি জঘন্য৷ ভূমিকম্পৰ জোকাৰণিৰ দৰে কঁপাই তোলে সৰ্বশৰীৰ৷ একালত খুব আহ-যাহ কৰিছিলোঁ
যদিও বহুত দিন ধৰি গমনাগমন মোৰ হোৱা নাই৷ এতিয়াও আমি সিমানখিনি নাপাওঁগৈ৷ শিলনিজানতে চকীহোলা, জংফালৈ ফাটি যাব লাগিব৷
৮.৩০ বজাত আমি শিলনিজান পালোঁ৷ এইফালৰ এখন ব্যস্ত মফছলীয়া ঠাই শিলনিজান৷ নাগালেণ্ড, মণিপুৰগামী বাছ আৰু অন্যান্য বাহনবোৰে দিনে-ৰাতিয়ে প্ৰাণৱন্ত কৰি ৰাখে এই ব্যৱসায়িক ঠাইডোখৰ৷ কমলা টেঙাৰ দিনত জংফা, আখৈফুটা, খেনাৰিৰ কমলাৰে ৰাস্তাৰ দুপাৰ হালধীয়া হৈ থাকে৷ ইয়াতে ফাৰ্মাচী এখন আছিল৷ ছেত্ৰী উপাধিৰ ডেকা এজন আছিল৷ আমাৰ ক্ৰিকেট টীমত এবাৰ একেলগে খেলিছিলোঁ৷ শিলনিজান পালেই তেওঁলৈ মনত পৰে৷ এতিয়াও পৰিছে৷
ডিফুৰ পৰা ইমান পৰে প্ৰায়
৯৫ কিল’মিটাৰ দূৰত্ব অহা হ’ল৷ ইয়াত ৰোৱাৰ সকাম নাই৷ হাইৱে’ এৰি এইবাৰ আমাৰ যাত্ৰা বাঁওহাতে৷ চকীহোলালৈ আৰু ৩৫ কিল’মিটাৰ বাকী৷ বুকুৰ মাজত শিহৰণ এটা ঢিমিক-ঢামাককৈ বাঢ়ি অহা
যেন অনুভৱ হৈছে৷ খুব সম্ভৱ চন ২০০১ মানতে এইটো ৰাস্তাৰে এবাৰ গৈছিলোঁ কয়লামাটিলৈ৷ চকীহোলা নাপালোঁগৈ৷ বগীজানৰ পৰাই প্ৰত্যাৱৰ্তন৷ তাৰ পাছত আৰু এইফালে যোৱা হোৱা নাই৷ এতিয়া এই ভাবি শিহৰণ বাঢ়িছে যে তেতিয়া নোহোৱাটো আজি হ’বলৈ গৈ আছে, নিশ্চিতভাৱে৷
৫. ৰিণিকি ৰিণিকি দেখা দিলে ৰেংমা পাহাৰে
৫. ৰিণিকি ৰিণিকি দেখা দিলে ৰেংমা পাহাৰে
শিলনিজানৰ পৰা চকীহোলা অভিমুখে ১৫ মিনিটমান গৈছোঁ৷ আগত এটা তিনিআলি
ওলাল৷ গছ এজোপাৰ পাছফালে জিৰণী চ’ৰা এটাও সজা আছে৷ এইখিনিৰ নাম বগামাটি৷ বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সৌফালেই নিৰ্মাণথলী বুলি সঞ্জুৱে গাড়ীৰ
পৰাই বাঁওদিশে আঙুলিয়াই জনালে৷ ঠেক ৰাস্তাটোৰে ৰেংমা নগা অধ্যুষিত ফেনচেৰ’
আদিলৈকো যাব পাৰি৷ এইফালেই কেনিবা দেশে স্বাধীনতা লাভ কৰা বছৰটোতে স্থাপিত
প্ৰাথমিক বিদ্যালয় আছে বুলি শুনিছিলোঁ৷ জেগাবোৰ সোমাই থাকিলেও গুৰুত্ব নথকা নহয়৷
পঢ়িবলৈ পোৱামতে ফেনচেৰ’ হৈছে সেইটো
দিশত থকা ৬খন ৰেংমা গাঁৱৰ সমষ্টি৷ ক্ৰমে চ’গিলাশ্বংন্যু (Chogilashongnyu), ফেনচেৰ’ (Phentsero), ৰিদংগে’ন্যু (Ridongünyu), গে’ঝেনলান্যু (Güzenlanyu), চ’শ্বেনতংৰি (Choshentongri) আৰু খেনাৰি (Nkhenlari)৷ ৰিছাংগাৰি (Richangari) নামে আগলৈ আৰু
এখন গাঁও আছে, যিখন খেনাৰিৰ সম্প্ৰসাৰিত গাঁও৷ চৰকাৰী ৰেকৰ্ডমতে চ’গিলাশ্বংন্যুক চাথি গাঁও, ৰিদংগে’ন্যুক ৰাইছিং আৰু গে’ঝেনলান্যুক খোৱানি বুলি লিখা হয়৷ ফেনচেৰ’ আৰু ৰিদংগে’ন্যুৰ মাজত কাৰেংগা গাঁও হৈছে৷
উক্ত গ্ৰাম্যাঞ্চলসমূহলৈ মই কেতিয়াও গৈ পোৱা নাই৷ হ’লেও, ছপাশালৰ কাম-কাজৰ মাধ্যমেৰে একাংশ লোকৰ সৈতে স্থাপন হোৱা চিনা-জনাৰ সম্পৰ্ক আৰু ঘৰুৱা ভাব আজিও বৰ্তি আছে৷ বিগত ১৯৬০ চনতে ফেনচেৰ’ত গিৰ্জা প্ৰতিষ্ঠা কৰা হৈছিল৷ ২০১০ বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৮-১৯ তাৰিখে উদ্যাপিত সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি ফেনচেৰ’ বেপ্টিষ্ট চাৰ্চে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন ছপা কৰাৰ সৌভাগ্য লভিছিলোঁ৷ গিৰ্জাৰ কামৰ জৰিয়তেই আন আন গাঁও কেতবোৰৰো জনসাধাৰণৰ সহজ-সৰল মানসিকতা আৰু ধৰ্মৰ প্ৰতি থকা অগাধ বিশ্বাস তথা আত্মসমৰ্পণৰ আভাস পাইছোঁ৷
আমি গৈ থকা জংফা আৰু এইফালৰ ফেনচেৰ’ মূলতঃ নগা ৰেংমা মৌজাৰ ৰেংমা নগা অধ্যুষিত দুখন বৰ্ধিষ্ণু
গাঁও আছিল৷ যাতায়াত, যোগাযোগ, শিক্ষা আদি একো ব্যৱস্থাই নাছিল৷ সংকীৰ্ণ পাহাৰীয়া
পথেৰে খোজ কাঢ়ি মানুহবোৰে অতি কষ্টেৰে আহ-যাহ কৰিছিল৷
উক্ত গ্ৰাম্যাঞ্চলসমূহলৈ মই কেতিয়াও গৈ পোৱা নাই৷ হ’লেও, ছপাশালৰ কাম-কাজৰ মাধ্যমেৰে একাংশ লোকৰ সৈতে স্থাপন হোৱা চিনা-জনাৰ সম্পৰ্ক আৰু ঘৰুৱা ভাব আজিও বৰ্তি আছে৷ বিগত ১৯৬০ চনতে ফেনচেৰ’ত গিৰ্জা প্ৰতিষ্ঠা কৰা হৈছিল৷ ২০১০ বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৮-১৯ তাৰিখে উদ্যাপিত সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি ফেনচেৰ’ বেপ্টিষ্ট চাৰ্চে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন ছপা কৰাৰ সৌভাগ্য লভিছিলোঁ৷ গিৰ্জাৰ কামৰ জৰিয়তেই আন আন গাঁও কেতবোৰৰো জনসাধাৰণৰ সহজ-সৰল মানসিকতা আৰু ধৰ্মৰ প্ৰতি থকা অগাধ বিশ্বাস তথা আত্মসমৰ্পণৰ আভাস পাইছোঁ৷
দৰাচলতে ফেনচেৰ’ৰ দিশৰ পৰা অহা চুটি বাটৰ সংযোগ ঘটিছে কয়লামাটিতহে৷ তিনিআলিটোৰ পৰা আমি সোঁফালে অৰ্থাৎ
কয়লামাটি অভিমুখে যাব ধৰিলোঁ৷ দূৰত নীল বৰণীয়া পাহাৰৰ দীঘলীয়া শাৰীয়ে দেখা দিছে৷ সেয়া ৰেংমা পাহাৰ৷ আহোমৰ জৰিয়তে
ব্ৰিটিছৰ দ্বাৰা ১৮৪১ চনৰ ১৮ এপ্ৰিলত চিহ্নিত হৈছিল ৰেংমা পাহাৰ৷ ৰেংমা পাহাৰ তিনিটা মৌজাত বিভক্ত৷ পূব ৰেংমা, পশ্চিম
ৰেংমা আৰু নগা ৰেংমা৷ সম্প্ৰতি কাৰবি আংলঙৰ নিলিপ উন্নয়ন
খণ্ডৰ অন্তৰ্গত৷ মহকুমা বোকাজান৷ সৰ্বদা আকৰ্ষণীয় নীলা পাহাৰ দেখা পায়ে মোৰ ভ্ৰমণাতুৰ প্ৰাণত
দোলা দি গ’ল সুগায়িকা ৰবীনা ক্ৰ’পীৰ সুমধুৰ কণ্ঠৰ গীত৷ ‘নীল নীল
পাহাৰৰে সেউজীয়া সুষমাৰে য’ত নাচে ৰামধেনুৰ সাত ৰং… এয়া কাৰবি আংলং, মৰমী কাৰবি আংলং, চেনেহী কাৰবি আংলং৷’
অলপ পাছতে নামবৰ নদীৰ পকী দলঙত উঠিলোঁ৷ নামবৰ
ধনশিৰিৰ অন্যতম প্ৰধান উপনৈ৷ কেইবাখনো বিল অতিক্রমি, কেইবাটাও গৰম পানীৰ উঁহ বুকুত
সামৰি ৰহস্যময় নামবৰ অৰণ্যৰ মাজেৰে বৈ যোৱা এই নামবৰ নৈখনে কেৱল ভৌগোলিক গুৰুত্ব লাভ কৰি
অহাই নহয়, অঞ্চলটোক প্ৰাকৃতিকভাৱে আকৰ্ষণীয় আৰু জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ কৰি তুলিছে৷
মুখ বাগৰি চলি অহা কথামতে, দাঁতি-কাষৰীয়া কাৰবিসকলে নৈখনৰ নাম ‘নামবৰ’ বুলি
কোৱাত হাবিখনো ‘নামবৰ হাবি’ বুলিয়ে জনাজাত হ’ল৷ আনহাতে নৈৰ নামেৰেই হোৱা এইখিনি জেগাৰ নাম নামবৰ নদী৷
৬. কয়লামাটিত এক মুহূৰ্ত
৬. কয়লামাটিত এক মুহূৰ্ত
নামবৰ নৈখন কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ মধ্যস্থলৰ দিং তেৰাং নামৰ ঠাইৰ পশ্চিমে
পাহাৰৰ মাজৰ পৰা ওলাই আহিছে৷ উত্তৰ-পূব দিশত
ছপানাজুং টিঙৰ দক্ষিণেদি ৭ কিল’মিটাৰ আহি ভৈয়ামমুখী প্ৰৱাহ পথৰ আদিতে তিৰিখেং গাঁৱত ২৫ মিটাৰ আৰু লাচিন নৈৰ মোহনাত ২০
মিটাৰ উচ্চতাৰ জলপ্ৰপাত দুটাৰ লগতে নামবৰ হাবিৰ মাজত থকা ফটাশিল জলপ্ৰপাতে নামবৰ নৈক গতি প্ৰদান কৰিছে৷ নৈখনৰ
কাষে কাষে আৰু গৰ্ভতো গৰম পানীৰ অনেকটা উঁহ আছে৷ এনে হট স্প্ৰিংবিলাকত কেলচিয়াম, মেগনেচিয়াম,
আইৰণ, পটাচ আদি ৰাসায়নিক দ্ৰব্যৰ উপৰি মিথেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড, অ’জন, ৰেডন, হিলিয়াম আদি গেছ মিহলি হৈ থকা বুলি গৱেষণাত প্ৰকাশ৷
সিংহাসন শৃংগৰ পাৰ্শ্বৱৰ্তী স্থানত হোৱা উৎপত্তিৰ পিছৰছোৱাত সৰ্পিল
গতিপথেৰে ক্রমাৎ নামনিলৈ ধাৱমান হোৱা নামবৰে যাত্ৰাপথত দলংজান, গেলাজান, লাচিন, চেইলাংছ’, ফদংশ্যাম, লাংছ’মেপি, ৰংগিৰি, পুংজান, বৰজান আদি পাহাৰীয়া জান-জুৰি, নিজৰাক সামৰি লৈ নামবৰ
হাবিৰ মাজেৰে গৈ কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমাত অৱস্থিত গৰমপানীৰ ওচৰত ২টা গৰমপানীৰ উঁহ আৰু এটা চেঁচাপানীৰ উঁহৰ কাষেদি বৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ ধনশিৰিত বিলীন হৈছে৷ নামবৰ নদীৰ মুখৰ ওচৰে-পাজৰেও গৰম পানীৰ উঁহ আছে৷
২০১৪ চনৰ ৮ নৱেম্বৰত সঞ্জু, কিৰণ আৰু মই আমাৰ দুই পুত্ৰসহ শিলনিজানস্থিত নৰ্থ-ইষ্টাৰ্ণ ৰেঞ্জৰ ফৰেষ্ট ৰেঞ্জাৰ, ডেপুটি ৰেঞ্জাৰ আৰু ফৰেষ্ট গাৰ্ডৰ সহযোগত জীপচিৰে চলোৱা জাংগল চাফাৰী
এটাৰে এইখন নামবৰৰে নামনি ভাগত থকা ফটাশিল জলপ্ৰপাতটো চাইছিলোঁগৈ৷ নামবৰ হাবিৰ অভ্যন্তৰত দৰ্শন কৰিছিলোঁ চৰায়ে পানী খোৱা চৰাইপুং, হাতীয়ে জলকেলি কৰা বৰপুং৷ শ্যামলীমা ঘাঁহনি, পুখুৰী, ঘন অৰণ্য, পাহাৰীয়া নদী, বালিচৰ, হাতীদণ্ডি ইত্যাদি পৰিস্থিতি-তন্ত্ৰই সুন্দৰৰ উপৰি ৰহস্যময় কৰি ৰখা সেই সময়ৰ নজহা-নপমা স্থিৰচিত্ৰবোৰ এখন এখনকৈ মনলৈ আহিব ধৰিলে ভবাৰ লগে লগে৷
নামবৰ হাবিৰ প্ৰদূষণমুক্ত নৈসৰ্গিক প্ৰকৃতিৰ কল্পনাত মজি থাকোঁতেই কয়লামাটি পালোঁ৷ ২০০১ত ইয়ালৈ এবাৰ আহিছিলোঁ৷ উলিয়াবলৈ চেষ্টা কৰিছোঁ, অম্বিকা
বাইদেউ আৰু বৰছিংদাৰ সৈতে সেইবাৰ আহোঁতে কোনটো ঘৰতনো পদাৰ্পণ কৰিছিলোঁ৷ কিন্তু নাই, নোৱাৰিলোঁ৷ সুদীৰ্ঘ ১৮ বছৰৰ ব্যৱধান৷ উদ্ঘাটন স্বাভাৱিকতে সম্ভৱপৰ নহ’ল৷ চলন্ত গাড়ীৰ পৰা চকুহালে ব্যস্ততাৰে জোখ-মাখ কৰি থাকোঁতেই আঁতৰ হ’ল সৰু ঠাই কয়লামাটি৷
২০১৮ৰ ১৮ নৱেম্বৰত লাংৱ’কুলৈ যাওঁতে আমি বাটত পোৱা কয়লাজানক কাৰবি আংলঙৰ প্ৰথম
কয়লা খনি বুলি কোৱা হৈছিল৷ কয়লাজান, শিলভেটা আদিত উৎকৃষ্ট মানৰ কয়লা কম পৰিমাণে হ’লেও আজিও উপলব্ধ৷ এয়া কয়লামাটি৷ ইয়াতো আছে প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ, জীৱাশ্ম ইন্ধনবিধ৷ দ’ম কিছুমান দেখা গৈছে ৰাস্তাৰ ইপাৰে-সিপাৰে৷ চিটৰ পৰাই উৎসাহেৰে আঙুলিয়ালে সঞ্জু আৰু ৰাজীৱে৷ অবৈধ খনন, নিয়মবহিৰ্ভূত যোগান কাৰ্যও চলে হেনো৷ অথচ এইটো সকলোৱে জানেই যে কয়লা খনিৰ পৰা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ-পাজৰৰ পৰিৱেশ প্ৰদূষিত হয়৷
শিলনিজানৰ পৰা কয়লামাটিলৈ দূৰত্ব ১৫ কিল’মিটাৰ৷ বাটৰ দাঁতিত স্তূপীকৃত কয়লা দেখা পাই ৰাজীৱে এঠাইত গাড়ীখন
ৰখাই দিলে৷ সততে ‘নিউজ’ৰ গোন্ধ পোৱা সাংবাদিকৰ স্বভাৱসিদ্ধ অনুসন্ধানী দৃষ্টিপাত চালু হৈ হ’ল৷ সঞ্জুৰ নিৰ্দেশত কিৰণ
নামিল৷ হেণ্ডিকেমটো উলিয়াই সুবিধাজনক অৱস্থানত থিয় দিলেগৈ৷ মুহূৰ্তৰ ভিতৰতে দৃশ্যপটৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পেলালে৷ কাকত আৰু চেনেলৰ কথা৷ সময়ত দৰকাৰ হ’ব৷ সুযোগ পাওঁতেই কেপ্চাৰ কৰি লৈছে৷
কাম হৈ যোৱাত গাড়ী আকৌ চলিল৷
৭. দৈগ্ৰোং নৈ পাৰ হৈ বগীজান পালোঁ
৯ বাজি গ’ল৷ আমি দৈগ্ৰোং নৈৰ কাষ পালোঁহি৷ এই নৈখনৰ আগলি অংশৰ নাম খেনাৰি৷ কাৰবি আংলং জিলাৰ উত্তৰ-পূব অংশৰ ফাংৰাং পৰ্বতৰ টিঙৰ ওচৰত নৈখন ওলাইছে৷ পূবমুৱা হৈ ১৫ কিল’মিটাৰ বৈ অহাৰ পাছত ৰিকা নৈক বাঁওপাৰে লগত লৈছে৷ তাৰ পৰা উত্তৰ-পূবমুৱা হৈ হেহাই গাঁৱৰ কাষেদি ৩ কিল’মিটাৰ আহি ৰেংদাং নামৰ ডাঙৰ নৈ এখনক বাঁওপাৰে লোৱাৰ পাছতে নাম পাইছে দৈগ্ৰোং৷
তাৰ পৰা ৩ কিল’মিটাৰ ভটিয়াই নগাজানক বাঁওপাৰে লগত লৈ দৈগ্ৰোং কিছু পৰিমাণে
বহল হৈ পৰে৷ তাৰ পৰা ১ কিল’মিটাৰ আহি বুঢ়া ইংতি গাঁৱত কানিলাংছ’, আৰু ১ কিল’মিটাৰ আহি বালিজান, আৰু ১.৫
কিল’মিটাৰ আহি কাছমাৰীজান, আৰু
২ কিল’মিটাৰ আহি হেমাইজান, আৰু ১
কিল’মিটাৰ আহি ৰিবাকুটজান, আৰু
১.৫ কিল’মিটাৰ আহি বৰচাপৰিজান আদি
জানসমূহক বাঁওপাৰে লৈ নামবৰ বনাঞ্চলৰ উত্তৰেদি উত্তৰ-পূব দিশত বৈ আহে৷ এনেকৈ ১ কিল’মিটাৰ আহি তিছ’জানক সোঁপাৰে, আৰু ০.৫ কিল’মিটাৰ আহি পাৰুলিজানক বাঁওপাৰে
লগত লয়৷ একে দিশত আৰু ৩ কিল’মিটাৰ আহি নৈখন নামবৰ বনাঞ্চলৰ উত্তৰ সীমা পায়৷ পাছত লেটেকু
বস্তিৰ ওচৰৰ পৰা উত্তৰমুৱা হৈ গোলাঘাট জিলাত সোমাই পোন পথেৰে বৈ আহে৷ ৭ কিল’মিটাৰ আহি শ্যামৰায়পুৰ চাহ
বাগিচাৰ কাষত সৰু শামুকজান আৰু ১ কিল’মিটাৰ ভটিয়াই ধলাজানক বাঁওপাৰে লগত লয়৷ তাৰ পাছত ৫ কিল’মিটাৰ আহি বগীধলা চাহ বাগিচাত
লাংটাৰীজান বা কাবেৰীআদঙক বাঁওপাৰে লগত লয়৷ ইয়াৰ পৰা ই ৪ কিল’মিটাৰ ভটিয়াই ধলাজানক লগ ধৰে৷
তাৰ পৰা আৰু ১ কিল’মিটাৰ ভটিয়াই ঢেঁকীয়াজানক বাঁওপাৰে লয়৷ আৰু ১ কিল’মিটাৰ ভটিয়াই দৈগ্ৰোং চাহ
বাগিচাত নৈখন ধনশিৰিত পৰে৷ এই নৈৰ গতিপথৰ দৈৰ্ঘ ৬৪ কিল’মিটাৰ৷
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱা চাহ বাগিচাখনৰ লগতে ঠাইখনৰ নামটোও এইখন নৈৰ নামৰে একে৷ নুমলিগড় ৰিফাইনেৰীৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা কালত, ১৯৯২-৯৩ চনত, আমাৰ কেম্পচাইট বিষ্ণুপুৰৰ পৰা কোম্পানীৰ গাড়ী লৈ সবান্ধৱে দৈগ্ৰোঙলৈ আহিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক উপভোগ কৰিবলৈ৷ ইডালৰ কাষত সিডালকৈ ৩০ ডালমান হিউম পাইপ বহুৱাই সজা ৰেলিংবিহীন, মুকলি সাঁকোৰ ওপৰেদি দৈগ্ৰোঙৰ খৰস্ৰোতা পানী সদম্ভে পাৰ হৈ গৈ থাকোঁতে স্মৃতিবোৰ হঠাতে মনলৈ আহিল৷
এই স্থানত আৰ.চি.চি. ব্ৰীজ এখনৰ অভাৱ বহুদিনীয়া৷ আনহাতে বুজিবলৈ অকণাে টান নহয় যে বৰষুণৰ সময়ত এইফালৰ মানুহৰ দুখে কুলাই-পাচিয়ে নধৰা হয় পাৰাপাৰক লৈ৷ দেখা পালোঁ, দলং সাজিবৰ বাবে দুয়োমূৰে খুঁটা নিৰ্মাণ হৈ উঠিছে৷ ভাল কথা৷ পিছে সম্প্ৰতি কাম বন্ধ হৈ থকা যেনহে লাগিল৷ এনেস্থলত দলংখন কেতিয়া সম্পূৰ্ণ হ’বগৈ সেইটো এক গম্ভীৰ প্ৰশ্নই৷ ভিতৰুৱা কথা কি আছে গম নাপাওঁ৷
দৈগ্ৰোঙৰ পানী আৰু দুপাৰৰ শিলগুটি দিয়া অংশটো অতিক্ৰম কৰি বগীজান পাওঁতে আমাক আৰু ২০-২২ মিনিট লাগিল৷ কয়লামাটিৰ পৰা ইয়ালৈ ১২ কিল’মিটাৰ৷ তিনিআলিৰ পৰা এটা ৰাস্তা মূৰফুলনিলৈ গৈছে৷ ১৯৭৭ চনত মই চকীহোলালৈ আহোঁতে গোলাঘাটৰ পৰা বাছেৰে মূৰফুলনি হৈয়ে আহিছিলোঁ৷ শিলনিজান সংযোগী, এতিয়া আমি অাহি ওলোৱা ৰাস্তাটো তেতিয়া নাছিল৷
আজি শনিবাৰ৷ বগীজানত বজাৰ বহিছে৷ দোকানী-পোহাৰী, গ্ৰাহকৰ উখল-মাখল৷ ভিৰৰ মাজেৰে ৰাজীৱে সাৱধানে আমাক আগুৱাই নি থাকিল৷ গোলাঘাট আৰু কাৰবি আংলং জিলাৰ বিশেষত্বপূৰ্ণ ভৌগোলিক সীমাও দেখুৱালে৷
৮. ৪২ বছৰৰ পাছত, চকীহোলাত ভৰি দিলোঁ
কোৱাৰ্টাৰটোৰ বিপৰীতে,
ৰাস্তাৰ সিপাৰলৈ, পাহাৰৰ এঢলীয়াত খেৰ-বাঁহৰ হোটেল এখন আছিল৷ গোস্বামী হোটেল বুলিছিল খুৰাহঁতে৷ তাতে এবিধ মিঠাই খোৱা ভালকৈ মনত আছে৷ কিয়নো, খাজা নামৰ সেই মিঠাইবিধ আছিল অদ্ভুত আকৃতিৰ৷ ৰাজনৈতিক নেতাই মূৰত পিন্ধা টুপীটোৰ
সমান আছিল তাৰ জোখ-মাখ৷ তেতিয়াই ৰেখাপাত কৰি যোৱা, আজিও মনত থকা সেই হোটেলখন, সেই খাজা বোলাবিধ এতিয়া বাৰু বৰ্তি আছেনে? কোৱাৰ্টাৰটো কেতিয়াকৈ দেখিম? ব্লক অফিছটো কেতিয়া পাম? এগালমান প্ৰশ্নই একে সময়তে তোলপাৰ
লগাই দিলেহি প্ৰফুল্লিত, ৰোমাঞ্চিত মনটোত৷
৪২ বছৰৰ পাছত চকীহোলাখন আজি আকৌ দেখিছোঁ৷ আহি আহি এঠাইত ৰাজীৱ ৰৈ গ’ল৷ গাড়ীৰ পৰা নামি মাটিত ভৰি দিয়ে আকাশখনলৈ চালোঁ৷ য়া...হু! ঊৰ্ধ্ববাহু হৈ যেন চিঞৰি দিম সৰ্বোচ্চ শক্তিৰে৷ উত্তেজনাত এনেকুৱাখন লাগি গ’ল৷ নিজকে নিয়ন্ত্ৰণ কৰি পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো দিশে যিমান দূৰলৈকে পাৰি দৃষ্টি সম্প্ৰসাৰিত কৰি দিলোঁ৷ সময়টোও চালোঁ৷ ৯ বাজি ৪০ মিনিট গৈছে৷
৯. থাংচিক লগ পালোঁ
জীৱনৰ এক সুদীৰ্ঘ সময় অতিক্ৰম কৰাৰ পাছত চকীহোলাখন দেখা পাই মনত আনন্দ লাগিল যদিও ঠাইখনৰ যেনে ধৰণৰ ৰূপ এটা দেখিবলৈ ভিতৰি উদগ্ৰীৱ হৈ আছিলোঁ, সেই ৰূপ পিছে নেদেখিলোঁ৷ কল্পনাৰ ছবিখন বিচাৰি নোপোৱাত আহত হ’লোঁ মনে মনে৷ তাকে লৈ প্ৰথম দৃষ্টিতে বহুতো প্ৰশ্নবোধকে জুমুৰি দি ধৰিলেহি৷ কাৰবি আংলঙৰ এইটো প্ৰান্তত উন্নতি আজিও যেন সুদূৰ পৰাহত৷ কেৱল কথাৰ ফুলজাৰিত বন্দী এটা শব্দ হৈ পৰিছে ‘উন্নয়ন’! পথ-দলঙেই উন্মুক্ত কৰি দিয়ে ইয়াৰ আচল স্বৰূপ৷ গতিকে স্বাভাৱিকতে সন্তুষ্ট হ’ব নোৱাৰিলোঁ৷ হামৰেণলৈ যাওঁতেও ঠাইখনৰ বিধ্বস্ত ৰূপ দেখি মোৰ একে অনুভৱ হৈছিল, বহু বছৰৰ আগতে৷ দুখ পাইছিলোঁ৷ এতিয়া কেনে ক’ব নোৱাৰোঁ৷
দুয়োখন গাড়ীৰে আমি জংফামুৱা হ’ম৷ ব্লক অফিছৰ পৰা জংফালৈ ৪ কিল’মিটাৰ৷ ৰৈ থকা তিনিআলিটো
এৰি দেখি থকা ভগা দলংখনৰ তলেৰে বৈ থকা সৰু জানটোৰ নাম নাগালাংছ’৷ মানুহৰ মুখত পৰি নাকালাংছ’ হৈছে৷ থাংচিয়ে সঞ্জু আৰু ৰাজীৱৰ সৈতে গাড়ীখনৰ কাষতে
কথা পাতি থকাত চৌপাশ চাওঁ বুলি মই আগলৈ খোজ আৰম্ভ কৰি দিলোঁ৷ হাতত কেমেৰা৷ ৰাস্তাটোতো গম পায়ে গৈছোঁ৷
১৯৭৭ত চকীহোলালৈ আহোঁতে মোৰ খুৰা আৰু তেওঁৰ লগৰ কেইজনমানৰ
সৈতে এই জানটোত মই গা ধুবলৈ আহিছিলোঁ৷ গামোচাৰে মাছ ধৰাও মনত পৰে৷ দেধাৰ শিল আছিল
নদীপৃষ্ঠত তেতিয়া৷ এতিয়া সেই ৰূপ, সেই সৌন্দৰ্য অদৃশ্য৷ জানটো বৈ আছে৷ দলং পঁচিল৷ এজনে বলেৰ’ গাড়ী এখন ধুই থকা দেখিলোঁ৷
১০. জংফা অভিমুখে…
নাগালাংছ’ৰ যিহে দলং! পুৱাতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা হাপজানৰ খনতকৈও অধইচ এইখন৷ মানুহ, চাইকেল বাৰু যেন-তেন৷ গাড়ী পাৰ কৰাব নোৱাৰি৷ গতিকে পানীয়েদিয়ে আহ-যাহ চলে৷ খৰালি বাৰু যেন-তেন-প্ৰকাৰেণ৷ কিন্তু বাৰিষা? ৰৈ যাব লাগিব ইপাৰৰ মানুহ ইপাৰে, সিপাৰৰ মানুহ সিপাৰে৷ উন্নয়নে ঢুকি নোপোৱা অঞ্চলটোৰ দুৰ্দশাৰ অন্য এক জল্জল্-পট্পট্ উদাহৰণ এয়া৷ এনেকৈয়ে জীয়াতু ভুগি আছে এইফালৰ সৰ্বসাধাৰণ ৰাইজে৷
প্ৰকাশ চাংমা, গাৰো কালচাৰেল চ’চাইটিৰ সভাপতি৷ ধীৰাজ ডিফুচা, ডিমাছা ছাত্ৰ সন্থাৰ
সভাপতি৷ বগা ৱাগন-আৰখন চাংমাই চলাইছে৷ কাৰবি ছাত্ৰ
সন্থাৰ আমন্ত্ৰণক্ৰমে নিজ নিজ সংগঠনক প্ৰতিনিধিত্ব কৰি সদ্যচলিত বাৰ্ষিক অধিৱেশনলৈ আহিছিল তেওঁলোক৷ দুয়ো ডিফুত থাকে৷ গাড়ীয়ে
গতি কৰি থাকোঁতেই চিনাকি হ’লোঁ আমি৷ একে ঠাইৰ বাসিন্দা হেতুকে স্বাভাৱিকতে আত্মীয়তা
গঢ় লৈ উঠাত সৰহপৰ নালাগিল৷
আমি গৈ থকা পথটো কেঁচা, শিলগুটি দিয়া৷ সোঁহাতে চাহগছৰ
মাজে মাজে তামোল গছবোৰে বাটৰ শোভা বঢ়াইছে৷ বাঁওহাতে পাহাৰৰ বক্ষলৈ চাবকে নোৱাৰি৷
এঢলীয়াত শাৰী শাৰীকৈ কমলা গছ ভৰ্তি৷ কমলাৰ দিনত চাগৈ মোক খা মোক খা কৰি থাকে৷ এতিয়া দেখা নোপোৱা শীতকালৰ সেই দৃশ্যটো এবাৰ কল্পনা
কৰি চালোঁ৷
১১. কলিয়নিৰ পাৰে পাৰে...
তামোলনিৰ ফাঁকেদি সোঁহাতে বহল নৈ এখনে দেখা দিছে৷ এইখন কলিয়নি৷ আমি এতিয়া কলিয়নিৰ পাৰে পাৰে আগ বাঢ়িছোঁ৷ কলিয়নি নদীত কৰ্তৃত্বহীনভাৱে মাছ মৰা নিষেধ৷ অলপ সময়ৰ আগেয়ে ব্লক তিনিআলিত ৰওঁতে বেনাৰ এখনত পঢ়িবলৈ পাইছিলোঁ৷ পূব কাৰবি আংলঙৰ এই নদীৰ উচ্চাংশত গৰম পানীৰ ভালেমান উঁহ আছে৷ সেই উঁহৰ পৰা নিৰ্গত পানী ঔষধি গুণযুক্ত৷ ছালৰ ৰোগ নিৰ্মূলকাৰী৷
কাম হৈ যোৱাত গাড়ী আকৌ চলিল৷
৭. দৈগ্ৰোং নৈ পাৰ হৈ বগীজান পালোঁ
৯ বাজি গ’ল৷ আমি দৈগ্ৰোং নৈৰ কাষ পালোঁহি৷ এই নৈখনৰ আগলি অংশৰ নাম খেনাৰি৷ কাৰবি আংলং জিলাৰ উত্তৰ-পূব অংশৰ ফাংৰাং পৰ্বতৰ টিঙৰ ওচৰত নৈখন ওলাইছে৷ পূবমুৱা হৈ ১৫ কিল’মিটাৰ বৈ অহাৰ পাছত ৰিকা নৈক বাঁওপাৰে লগত লৈছে৷ তাৰ পৰা উত্তৰ-পূবমুৱা হৈ হেহাই গাঁৱৰ কাষেদি ৩ কিল’মিটাৰ আহি ৰেংদাং নামৰ ডাঙৰ নৈ এখনক বাঁওপাৰে লোৱাৰ পাছতে নাম পাইছে দৈগ্ৰোং৷
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱা চাহ বাগিচাখনৰ লগতে ঠাইখনৰ নামটোও এইখন নৈৰ নামৰে একে৷ নুমলিগড় ৰিফাইনেৰীৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা কালত, ১৯৯২-৯৩ চনত, আমাৰ কেম্পচাইট বিষ্ণুপুৰৰ পৰা কোম্পানীৰ গাড়ী লৈ সবান্ধৱে দৈগ্ৰোঙলৈ আহিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক উপভোগ কৰিবলৈ৷ ইডালৰ কাষত সিডালকৈ ৩০ ডালমান হিউম পাইপ বহুৱাই সজা ৰেলিংবিহীন, মুকলি সাঁকোৰ ওপৰেদি দৈগ্ৰোঙৰ খৰস্ৰোতা পানী সদম্ভে পাৰ হৈ গৈ থাকোঁতে স্মৃতিবোৰ হঠাতে মনলৈ আহিল৷
এই স্থানত আৰ.চি.চি. ব্ৰীজ এখনৰ অভাৱ বহুদিনীয়া৷ আনহাতে বুজিবলৈ অকণাে টান নহয় যে বৰষুণৰ সময়ত এইফালৰ মানুহৰ দুখে কুলাই-পাচিয়ে নধৰা হয় পাৰাপাৰক লৈ৷ দেখা পালোঁ, দলং সাজিবৰ বাবে দুয়োমূৰে খুঁটা নিৰ্মাণ হৈ উঠিছে৷ ভাল কথা৷ পিছে সম্প্ৰতি কাম বন্ধ হৈ থকা যেনহে লাগিল৷ এনেস্থলত দলংখন কেতিয়া সম্পূৰ্ণ হ’বগৈ সেইটো এক গম্ভীৰ প্ৰশ্নই৷ ভিতৰুৱা কথা কি আছে গম নাপাওঁ৷
দৈগ্ৰোঙৰ পানী আৰু দুপাৰৰ শিলগুটি দিয়া অংশটো অতিক্ৰম কৰি বগীজান পাওঁতে আমাক আৰু ২০-২২ মিনিট লাগিল৷ কয়লামাটিৰ পৰা ইয়ালৈ ১২ কিল’মিটাৰ৷ তিনিআলিৰ পৰা এটা ৰাস্তা মূৰফুলনিলৈ গৈছে৷ ১৯৭৭ চনত মই চকীহোলালৈ আহোঁতে গোলাঘাটৰ পৰা বাছেৰে মূৰফুলনি হৈয়ে আহিছিলোঁ৷ শিলনিজান সংযোগী, এতিয়া আমি অাহি ওলোৱা ৰাস্তাটো তেতিয়া নাছিল৷
আজি শনিবাৰ৷ বগীজানত বজাৰ বহিছে৷ দোকানী-পোহাৰী, গ্ৰাহকৰ উখল-মাখল৷ ভিৰৰ মাজেৰে ৰাজীৱে সাৱধানে আমাক আগুৱাই নি থাকিল৷ গোলাঘাট আৰু কাৰবি আংলং জিলাৰ বিশেষত্বপূৰ্ণ ভৌগোলিক সীমাও দেখুৱালে৷
৮. ৪২ বছৰৰ পাছত, চকীহোলাত ভৰি দিলোঁ
বগীজানক পিছত এৰি গৈ আছোঁ আগলৈ৷ পথৰ কাষত উদং পথাৰবোৰ৷ বাঁওহাতলৈ দূৰণিত যদিও স্পষ্ট ৰূপত ৰেংমা পাহাৰ৷ ১০ মিনিটমান যাত্ৰা কৰি আগত তিনিআলি এটা পালোঁ৷ দোকান
কেইখনমান আছে৷ সেউজীয়া চাইনব’ৰ্ড এখনে কাঁড় চিনেৰে জনালে, নিলিপ উন্নয়ন খণ্ড, চকীহোলালৈ বাঁওফালে৷ পোনে পোনে গ’লে ভিতৰ কলিয়নি, মেৰাভেটি৷ বিখ্যাত বৌদ্ধবিহাৰ এটা আছে সেইফালে৷ তাৰ মানে আমি বহুপ্ৰতীক্ষিত চকীহোলাত উপস্থিত হৈছোঁ৷ ৰাস্তাৰ সিপাৰে দণ্ডায়মান অৱস্থাত কাৰবি
ছাত্ৰ সন্থাৰ বিশাল বেনাৰ এখন৷ সন্থাৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ অধিৱেশন ৭ৰ পৰা ৯ মাৰ্চলৈ
চকীহোলাৰ চুন টেৰণ চাংলাং আক্লামত অনুষ্ঠিত হৈছে৷ অৰ্থাৎ, আজি সামৰণি পৰিব৷
কাৰবি আংলং জিলাৰ ১১টা উন্নয়ন খণ্ডৰ ভিতৰত নিলিপ অন্যতম৷ ইয়াৰ স্থায়ী মুখ্য কাৰ্যালয় চকীহোলাত৷ সেয়ে হ’লেও উগ্ৰপন্থী সমস্যাজনিত প্ৰতিকূল পৰিস্থিতিৰ দোহাই দি দুবছৰৰ আগলৈকে আঁতৰৰ বোকাখাত, ৰঙাজান, গোলাঘাট, শিলনিজান, বোকাজান ইত্যাদি স্থানৰ পৰা কাম-কাজবোৰ পৰিচালনা কৰি অহা হৈছিল৷ ইয়াকে লৈ সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজৰ স্বাৰ্থত বিভিন্ন সংগঠনে সময়ে সময়ে মাত মাতি অহাটো সংবাদ মাধ্যমযোগে আমি জানিবলৈ পাইছিলোঁ৷ বৰ্তমান তেনে সমস্যা নাই বুলিব পাৰি৷ ২০১১ চনৰ পিয়লৰ তথ্য অনুসৰি শিলনিজান ৰাজহ চক্ৰৰ ভিতৰুৱা নিলিপ ব্লকৰ গাঁৱৰ সংখ্যা ২৮০, জনসংখ্যা ৫০,০৫৭, সাক্ষৰতাৰ হাৰ ৭০.৩৩, লিংগ অনুপাত ৯৪২ঃ১০০০৷ চকীহোলা অঞ্চলটো কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৫
নং নিলিপ সমষ্টিৰ অন্তৰ্গত৷ বিধান সভা সমষ্টি ১৭ নং বোকাজান (অ.জ.)৷ লোক সভা সমষ্টি
৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.)৷ ডিফু লোক সভা সমষ্টি বুলিও প্ৰচলিত৷
ৰাজীৱে গাড়ীখন বাঁওদিশে চলাই নিলে৷ পকা ৰাস্তাটোৰ পোনে পোনে সন্মুখত
ওখ পাহাৰবোৰ দেখা গৈছে৷ নেদেখা দূৰণিত বাটটো যেন ভেটিহে ৰাখিছে পাহাৰ লানিয়ে! প্ৰেছবিটেৰিয়ান কনভেণ্ট আৰু গিৰ্জাৰ অধীনস্থ অঞ্চল পালোঁহি৷ আমি শিলনিজানৰ পৰা সোমাই অহাৰ পাছৰে পৰা এই ৰাস্তাটোত বহুকেইটা গিৰ্জাঘৰ দেখা পাইছোঁ৷ প্ৰেছবিটেৰিয়ান গিৰ্জাৰ বিপৰীতে বাঁওকাষে এজামচন ইংলিচ স্কুল৷ ডাঙৰ শিক্ষানুষ্ঠান৷ ডনবস্ক’ স্কুল বুলিয়ে অঞ্চলটোত পৰিচিত৷ প্ৰতিষ্ঠা ১৯৭৪ চন৷ প্ৰথমবাৰ আহোঁতে মই এই স্কুলখনৰ সন্মুখেদি পাৰ হৈ গৈছিলোঁ৷ স্মৃতিপটত আজিও সেয়া সজীৱ হৈ আছে৷ মোৰ বন্ধু ডেনিয়েলে সৰুতে এইখন স্কুলতে
শিক্ষা গ্ৰহণ কৰিছিল৷ আনহাতে, চকীহোলাত ১৯৬৪ চনতে প্ৰতিষ্ঠা লভা চৰকাৰী
হাইস্কুলো নথকা নহয়৷ ডিফু টাউন প্ৰাইমেৰী স্কুলত ক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে আমাৰ সৈতে একেলগে পঢ়াৰ পাছত অবেত ৰেংমা নামৰ সহপাঠীজনে চকীহোলাৰ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰি সেইখন স্কুলত পঢ়িছিল৷ সেইখন বৰ্তমান হাইস্কুল নহয়, হায়াৰ ছেকেণ্ডাৰী হৈছে৷
ভিৰ নথকা ৰাস্তাটোৰে আৰু অলপ আগুৱাই
আহি ওপৰত খেৰ আৰু বাঁহৰ বেৰত মাটি লেপা দোকান-পোহাৰ কিছুমান পালোঁ৷ কোনোবাখনত টিনপাতো দেখা পাইছোঁ৷ গ্ৰাম্য পৰিৱেশ৷ বিপৰীত দিশৰ পৰা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছ এখন লাহে লাহে আহিব ধৰিছে৷ বোধ হয় গোলাঘাটলৈ
যাব৷ চকীহোলা অঞ্চলৰ জনসাধাৰণৰ ব্যৱসায়িক সম্পৰ্ক ডিফুতকৈ গোলাঘাটৰ লগতহে অধিক৷ জংফাৰ
ফালৰ ৰেংমা মানুহখিনিও প্ৰয়োজনীয় সা-সামগ্ৰীৰ ক্ষেত্ৰত আগৰে পৰাই গোলাঘাট-নিৰ্ভৰ৷ কোনো কোনো বিষয়ত ডিমাপুৰ পায়গৈ৷ আনহাতে ইয়াৰ জনসাধাৰণৰ কাৰণে নিজৰ জিলাৰ চাৰিসীমাৰ ভিতৰৰ সমীপস্থ আৰু স্বীকৃতিপ্ৰাপ্ত টাউন হৈছে বোকাজান, য’ত মহকুমাধিপতিৰ কাৰ্যালয় আছে৷ এইফালৰ ৰাইজৰ সুবিধাৰ্থে শিলনিজানলৈ উঠাই অনাৰ প্ৰসংগ, বাদ-প্ৰতিবাদ মাজে মাজে কাণত পৰে৷
সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই আহিছিলোঁ এই বাটেৰে৷ ৰাজীৱে গাড়ীখন যিমানেই আগুৱাই নিছে, মোৰ মনে কিশোৰ হৃদয়ত দাগ কাটি যোৱা পুৰণি দিনৰ অমলিন দৃশ্যবোৰ ঘূৰাই
পাবৰ বাবে অহৰহ চেষ্টা চলাই গৈছে৷ সাদৃশ্য বিচৰাত লাগিছে৷ অথচ, বাস্তৱপক্ষে
সেয়া জানো সম্ভৱ? এখন ঠাই৷ তেতিয়াৰ চেহেৰা আৰু এতিয়াৰ চেহেৰা৷ খেলিমেলি লাগি গৈছে মোৰ৷ তথাপিতো চেষ্টা
এৰি দিয়া নাই৷ গৈ আছোঁ, চকীহোলাৰ পুৰণা আৰু নাপাহৰা গোন্ধটো বিচাৰি৷
১৯৭৭ চনৰ পাছত আজি ২০১৯ৰ ৯ মাৰ্চ৷ সুদীৰ্ঘ সময়ৰ অন্তত দ্বিতীয়বাৰ এয়া চকীহোলাৰ বতাহ সেৱন কৰিবলৈ পাইছোঁ৷
কলিয়নিৰে ইতিমধ্যে বহুত পানী বৈ গ’ল৷ মনৰ আশাটোও মোৰ আজিৰ তাৰিখতহে পূৰণ হ’ল৷ সঞ্জুৰ ফালে
চালোঁ আঁৰ চকুৰে৷ কালি নিশা তেওঁ মোক ফোন নকৰা হ’লে আজি অহাৰ এই সৌভাগ্যও নহ’লহেঁতেন৷ ঈশ্বৰকো ধন্যবাদ দিলোঁ একে কাৰণতে৷
কিমান দিন আছিলোঁ
বাৰু চকীহোলাত? পাহৰিলোঁ৷ কিন্তু মনত আছে, আব্দুল ৱাৰিছ নামে এজন ভেটেৰীনেৰী ডাক্তৰ
আছিল৷ মোৰ খুৰা আজিমউদ্দিন আহমেদ জলসিঞ্চন বিভাগৰ সামান্য চাকৰিয়াল আছিল যদিও পশু
চিকিৎসকজনৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সূত্ৰে তেখেতৰ কোৱাৰ্টাৰতে, একেলগে বাস কৰিছিল৷
ময়ো তাতে আছিলোঁহি৷ যিমানদূৰ মনত পৰে, নিলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা বেছি দূৰত নাছিল বাসভৱনটো৷ ডিফুৰ পৰা গোলাঘাটলৈ গৈ, গোলাঘাটৰ পৰা মূৰফুলনি
হৈ বাছত আহিছিলোঁ, বগীজানলৈকে৷ বগীজানৰ পৰা চাইকেলৰ কেৰিয়াৰত বহি৷ এছোৱা খোজ কাঢ়ি৷ ৰাস্তা
বোকাময় আছিল৷ পেণ্ট কোঁচাই লৈছিলোঁ৷ এঠাইত নৈ পাৰ হোৱাটোও ক্ষীণকৈ মনত পৰে৷ নিজকে নিজে সুধিছোঁ এতিয়া, কোন নৈ আছিল বাৰু সেইখন? নে মোৰ ভ্ৰম হৈছে?
৪২ বছৰৰ পাছত চকীহোলাখন আজি আকৌ দেখিছোঁ৷ আহি আহি এঠাইত ৰাজীৱ ৰৈ গ’ল৷ গাড়ীৰ পৰা নামি মাটিত ভৰি দিয়ে আকাশখনলৈ চালোঁ৷ য়া...হু! ঊৰ্ধ্ববাহু হৈ যেন চিঞৰি দিম সৰ্বোচ্চ শক্তিৰে৷ উত্তেজনাত এনেকুৱাখন লাগি গ’ল৷ নিজকে নিয়ন্ত্ৰণ কৰি পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো দিশে যিমান দূৰলৈকে পাৰি দৃষ্টি সম্প্ৰসাৰিত কৰি দিলোঁ৷ সময়টোও চালোঁ৷ ৯ বাজি ৪০ মিনিট গৈছে৷
৯. থাংচিক লগ পালোঁ
জীৱনৰ এক সুদীৰ্ঘ সময় অতিক্ৰম কৰাৰ পাছত চকীহোলাখন দেখা পাই মনত আনন্দ লাগিল যদিও ঠাইখনৰ যেনে ধৰণৰ ৰূপ এটা দেখিবলৈ ভিতৰি উদগ্ৰীৱ হৈ আছিলোঁ, সেই ৰূপ পিছে নেদেখিলোঁ৷ কল্পনাৰ ছবিখন বিচাৰি নোপোৱাত আহত হ’লোঁ মনে মনে৷ তাকে লৈ প্ৰথম দৃষ্টিতে বহুতো প্ৰশ্নবোধকে জুমুৰি দি ধৰিলেহি৷ কাৰবি আংলঙৰ এইটো প্ৰান্তত উন্নতি আজিও যেন সুদূৰ পৰাহত৷ কেৱল কথাৰ ফুলজাৰিত বন্দী এটা শব্দ হৈ পৰিছে ‘উন্নয়ন’! পথ-দলঙেই উন্মুক্ত কৰি দিয়ে ইয়াৰ আচল স্বৰূপ৷ গতিকে স্বাভাৱিকতে সন্তুষ্ট হ’ব নোৱাৰিলোঁ৷ হামৰেণলৈ যাওঁতেও ঠাইখনৰ বিধ্বস্ত ৰূপ দেখি মোৰ একে অনুভৱ হৈছিল, বহু বছৰৰ আগতে৷ দুখ পাইছিলোঁ৷ এতিয়া কেনে ক’ব নোৱাৰোঁ৷
ব্লক অফিছ পাৰ হৈয়ে আগত এটা তিনিআলি৷ সোঁপিনে সোমাই
গ’লে টকবি গাঁও, হায়াৰ ছেকেণ্ডেৰী স্কুল, অন্যান্য গ্ৰাম্যাঞ্চল
আদি৷ পোনে পোনে জংফা ইত্যাদি৷ খাজা খাবলৈ গোস্বামী হোটেলখন এতিয়া আৰু নাই৷
ট্ৰেকাৰ এখন ৰৈ আছে৷ মানুহ-দুনুহ কম৷ দোকান কেইখনমান আছে, ৰাস্তাৰ ইপাৰে-সিপাৰে৷ কোনোটো ৰাস্তাই পকী নহয়৷ আগত জিলিকিছে ভগা দলং এখন৷ চাব-ৱে' এটা বাঁওফালে নামিছে৷
পৰস্পৰ সংযোগ ৰক্ষা কৰি সঞ্জুক ইতিমধ্যে ফোনেৰে জনাই
থকাৰ অনুসাৰেই তিনিআলিটোতে ৰৈ আছে ৰেংমা যুৱক এজন৷ আমাৰ গাড়ীখন দেখা পাই আগ বাঢ়ি
আহিল৷ চিনি পালোঁ৷ সেইটোচোন থাংচি! থাংচি জিছিং ৰেংমা আমাৰ ঘৰৰ ওচৰৰ ল’ৰা৷ মোৰ পুৰণা চিনাকি৷ ৰেংমা নগা ষ্টুডেণ্টছ ইউনিয়ন (আৰ.এন.এছ.ইউ.)ৰ
থাংচি বৰ্তমান সভাপতি৷ বিগত ১৯৬১ চনতে ছাত্ৰ সংগঠনটোৰ জন্ম হৈছিল৷ থাংচিয়েই আমাক জংফালৈ
লৈ যাব৷ কেইহাং ৰেংমা ফুকনৰ মৈদাম চাবলৈ থাংচিয়েই সঞ্জুক জোৰ দি আছিল৷ সুযোগটো মোলৈকো আহিল যেনিবা৷
মোক এনেকৈ ইয়াত দেখা পাই থাংচি অবাক৷ হাঁহিৰে সম্ভাষণ বিনিময় হৈ উঠাৰ পাছতে থাংচিয়ে সন্মুখৰফালে
অকণমান আগত ৰৈ থকা বগা ৰঙৰ গাড়ী এখনলৈ আঙুলিয়াই
জনালে যে সেই গাড়ীখনত দুজন আলহী বন্ধু আছে৷ তেওঁলোকো আমাৰ সৈতে জংফালৈ যাব৷ মোক সেইখন
গাড়ীত তেওঁলোকৰ সৈতে বহিবলৈ অনুৰোধ জনালে৷ থাংচি মোৰ চিটটোত বহি বাট দেখুৱাই যাব৷
নাগালাংছ’খন দক্ষিণৰ কুলা পৰ্বতৰ পৰা বৈ আহিছে৷ আগৰ দিনত মঠ-মন্দিৰ
নিৰ্মাণৰ বাবে ইয়াৰ পৰা গ্ৰেনাইট শিল কটা হৈছিল৷ সেয়ে জানটোক শিলাকুটিও বোলে৷ ৰাংছালি
নৈৰ সৈতে মিলি নাগালাংছ’খন কলিয়নিত পৰিছেগৈ৷
১০. জংফা অভিমুখে…
নাগালাংছ’ৰ যিহে দলং! পুৱাতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা হাপজানৰ খনতকৈও অধইচ এইখন৷ মানুহ, চাইকেল বাৰু যেন-তেন৷ গাড়ী পাৰ কৰাব নোৱাৰি৷ গতিকে পানীয়েদিয়ে আহ-যাহ চলে৷ খৰালি বাৰু যেন-তেন-প্ৰকাৰেণ৷ কিন্তু বাৰিষা? ৰৈ যাব লাগিব ইপাৰৰ মানুহ ইপাৰে, সিপাৰৰ মানুহ সিপাৰে৷ উন্নয়নে ঢুকি নোপোৱা অঞ্চলটোৰ দুৰ্দশাৰ অন্য এক জল্জল্-পট্পট্ উদাহৰণ এয়া৷ এনেকৈয়ে জীয়াতু ভুগি আছে এইফালৰ সৰ্বসাধাৰণ ৰাইজে৷
তিনিআলিটোতে আটাইকে এৰি থৈ অকলে অকলে মই দলংখন পালোঁহি
আৰু অৱস্থাৰ বুজ ল’লোঁ৷ দুৰ্বল, ক্ষয়িষ্ণু কাঠকেইচটাৰ ওপৰেৰে বৰ সাৱধানে,
মন্থৰভাৱে খোজকেইটা দি পাৰ হ’লোঁ কি নহ’লোঁ, ৰ’বলগীয়া হ’ল৷
‘আৰে!’ আশ্চৰ্যপ্ৰকাশক শব্দ এটা হঠাতে ভাহি আহিল৷
বাইকেৰে বিপৰীত দিশৰ পৰা আহি থকা দুজন ডেকাৰ মাজৰে পাছত বহি অহাজনে মোক দেখা পায়ে এনেদৰে আশ্চৰ্য প্ৰকাশ কৰিলে৷ চাওঁ যে অন্য এখন চিনাকি মুখ! আথং জিছিং ৰেংমা৷ ডিফুৰ ল’ৰুলাংছ’ত থাকে৷ আচল ঘৰ এইফালে, ল’লাশ্বংন্যুত৷ ভনীয়েকৰ বিবাহৰ সংক্ৰান্তত গাঁৱলৈ আহিছে৷ পৰিচিত মানুহক ইয়াত এনেকৈ আকস্মিকভাৱে লগ পাই অবাক নহ’বনো কোন? কৰমৰ্দন কৰি থাকিয়ে আগমনৰ উদ্দেশ্য সুধিলে৷ খোলাকৈ ক’লোঁ কথাবোৰ৷ আথঙে জনালে যে তেওঁ বগীজানলৈ ওলাই আহিছে, বজাৰ কৰিবলৈ৷

কাৰবি আংলঙত বসবাস কৰি অহা ২৯টা জনগোষ্ঠীৰ মাজত ৰেংমাসকল
অন্যতম৷ ২০১১ চনৰ ৰেকৰ্ডমতে জিলা সদৰ ডিফুত বসতি কৰা ৰেংমা পৰিয়াল আছিল ৪১টা৷ এতিয়া
নিশ্চয় বাঢ়িব৷ আথংহঁতো জীৱিকাৰ সন্ধানত পিছপৰা দুৰ্গম ঘোঁকটৰ পৰা বাহিৰ হৈ ডিফু চহৰ পাইছেগৈ৷
মোক মাত লগাই আথং গুচি গ’ল৷ এইফালে নাগালাংছ’ৰ পানী ফালিবলৈ উদ্যত হৈছে অগা-পিছাকৈ দুখন ৱাগন-আৰ৷
সোঁমাজতে এটা পুখুৰীসদৃশ ডোঙা৷ হাঁহ এহাল চৰি আছে৷ গাড়ীক বাট এৰি নিদিয়ে৷ হৰ্ণৰ শব্দই তালফাল
লগোৱাতহে কাষৰীয়া হ’ল যেনিবা৷ আমাৰ বাহন এই পাৰ আহি পোৱাত ময়ো অথনি থাংচিয়ে কোৱামতেই কৰিলোঁ৷ দৰজা খুলি বহি দিলোঁ দুজন অচিনাকি যুৱকৰ সৈতে৷ জংফা অভিমুখে গাঁৱলীয়া
ৰাস্তাৰে গাড়ী আগুৱাব ধৰিলে, ধীৰ চালনাৰে৷
আমি অতিক্ৰম কৰি অহা নাগালাংছ’ জুৰিটোত ৩টা সৰু সৰু জলপ্ৰপাত থকা বুলি শুনিছিলোঁ৷
অলপ আগুৱাই গৈ বাঁওফালে উঠি গ’লে পোৱা যায়৷ কাৰবিসকলে নাগালাংছ’ আলাংচুন বুলি কয়৷ লাংচুন মানে পানী ওপৰৰ পৰা তললৈ পৰা,
অৰ্থাৎ জলপ্ৰপাত৷ আৰু অকণমান আগলৈ আহি পালোঁ চ’শ্বেনলাৰি নং ১ (Choshenlari-I)৷ ১৯৬১ চনত স্থাপিত ৰেংমা গাঁও৷ চাইনব’ৰ্ডত লিখি থোৱা আছে৷ এইফালৰ অন্যান্য ৰেংমা গাঁওসমূহ
হৈছে আখৈফুটা জংফা (Akhoiphuta Jongpha, চমুকৈ A-Jongpha), চ’শ্বেনলাৰি নং ২ (Choshenlari-II), ল’লাশ্বংন্যু (Lolashongnyu) আৰু চেগুচাংৰি (Tseguchangri)৷ আখৈফুটা আৰু জংফা পূৰ্বতে একে আছিল যদিও এতিয়া দুখন
পৃথক অস্তিত্বসম্পন্ন গাঁও৷ সদ্যহতে আমাৰ লক্ষ্য জংফা নামৰ গাঁওখন৷
ৱেষ্টাৰ্ণ
ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন, চমুকৈ WRBAৰ Christian Centreৰ আগেদি যাব ধৰিছোঁ৷ ১৯৪৯ চনত প্ৰতিষ্ঠা হৈছিল এই অনুষ্ঠানটো৷
WRBAৰ বহুখিনি ছপা কাম কৰাৰ সৌভাগ্য মোৰ হৈছে৷ ২০০৯ চনৰ ৭-৮ নৱেম্বৰত WRBA Women
Departmentৰ ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থখন কৰিছিলোঁ৷ ২০০৫ত WRBAৰ ত্ৰিবাৰ্ষিক
অধিৱেশনৰ কাৰ্যসূচী আৰু Hymnal ছপোৱাৰ উপৰি
ডিফুৰ খ্ৰিষ্টান ইংলিছ হাইস্কুল প্ৰাংগণত আয়োজিত প্ৰাৰ্থনা সভাত উপস্থিত থকাটোৱে আজিও বিশেষভাৱে পুলক জগায়৷ এই সূত্ৰে ৰেংমা সমাজৰ ভালেসংখ্যক নাগৰিকৰ সৈতে মোৰ চা-চিনাকি বা যোগাযোগ সম্ভৱ
হৈছে আৰু আজিও বন্ধুত্বপূৰ্ণ সু-সম্পৰ্ক আছে৷ এইটো ঠিক যে খ্ৰিষ্ট ধৰ্মত দীক্ষিত হোৱাৰ পাছত ৰেংমা
সমাজখনলৈ ভালেখিনি পৰিৱৰ্তন আহিবলৈ লয়৷ এই ক্ষেত্ৰত WRBAৰ বিস্তৰ অৱদান আছে৷ পাহাৰৰ ওপৰত প্ৰতিষ্ঠিত অনুষ্ঠানটোৰ কাৰ্যালয় চকুত পৰাত উত্তেজনা এটা আপোনা-আপুনি আহি গ’ল৷
১১. কলিয়নিৰ পাৰে পাৰে...
তামোলনিৰ ফাঁকেদি সোঁহাতে বহল নৈ এখনে দেখা দিছে৷ এইখন কলিয়নি৷ আমি এতিয়া কলিয়নিৰ পাৰে পাৰে আগ বাঢ়িছোঁ৷ কলিয়নি নদীত কৰ্তৃত্বহীনভাৱে মাছ মৰা নিষেধ৷ অলপ সময়ৰ আগেয়ে ব্লক তিনিআলিত ৰওঁতে বেনাৰ এখনত পঢ়িবলৈ পাইছিলোঁ৷ পূব কাৰবি আংলঙৰ এই নদীৰ উচ্চাংশত গৰম পানীৰ ভালেমান উঁহ আছে৷ সেই উঁহৰ পৰা নিৰ্গত পানী ঔষধি গুণযুক্ত৷ ছালৰ ৰোগ নিৰ্মূলকাৰী৷
কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ উত্তৰ ভাগত পূবা-পশ্চিমাকৈ
থকা কলিয়নি নৈখন দৈয়াঙৰ পাছতে ধনশিৰিৰ দ্বিতীয় বৃহৎ উপনৈ৷ কোৱা হয় যে কয়লাস্তৰৰ পানীয়ে ক’লা ৰহণ সনা বাবেই নৈখনৰ নাম কলিয়নি হৈছে৷
কাৰবি, ৰেংমাসকলৰ লগতে চাহ জনগোষ্ঠী অসমীয়াৰ সুখ-দুখ সাবটি বৈ থকা এইখন এখন পুৰণি
নদী৷ আমি কলিয়নিৰ ঘাটটো এৰি থৈ পোনে পােনে গ’লোঁ৷ চ’শ্বেনলাৰি নং ২, ল’লাশ্বংন্যু, চেগুচাংৰি আদি ৰেংমা অধ্যুষিত গাঁওকেইখন সিপাৰে আছে৷ জংফা এইপাৰে, আগলৈ৷
ডিফু মহকুমাৰ উত্তৰ-পশ্চিমৰ জেং গাঁৱৰ পূবত ৩,৫০০ ফুট উচ্চতাত পাহাৰৰ মাজত
চামধৰা নামেৰে এই নৈৰ আগলি অংশটোৰ উৎপত্তি হৈছে৷ উৎসৰ পৰা প্ৰথমে পশ্চিম দিশত ৩ কিল’মিটাৰ আহি নৈখন পাছত দক্ষিণমুৱা হয়৷ এনেকৈ আহোঁতে বাটত আৰৱকলাংছ’ আৰু নুথেংলাংছ’ক বাঁওপাৰে লৈ পোন পথেৰে প্ৰায় ৫ কিল’মিটাৰ বৈ পূবমুৱা হয়৷ সেই অংশত নৈখনৰ নাম ফংলাংছ’৷
পাহাৰৰ মাজৰ কাংপ্লাং ৰংপি গাঁৱৰ দক্ষিণেদি ৭ কিল’মিটাৰ বাট আহি ফংলাংছ’খন চিংগেট চাপাচি গাঁও পায়৷ তাতে ই কেৰেকুৱা নৈক বাঁওপাৰে
লয়৷ তাৰ পৰা ১ কিল’মিটাৰ পূবলৈ আহি আমামলাংছ’ক বাঁওপাৰে লয়৷ তাৰ পৰা ১ কিল’মিটাৰ আহি ৰুপিলাংছ’ক বাঁওপাৰে লৈ নৈখন দক্ষিণমুৱা হৈছে৷ বাটত ৫ মিটাৰ ওখ জলপ্ৰপাত এটা পাৰ হৈ ২ কিল’মিটাৰ আহি পূবলৈ ঘূৰে৷ ৩ কিল’মিটাৰ আহি দুখীয়ালাংছ’ক বাঁওপাৰে লৈ আছা তিমুং গাঁৱৰ পূবত দক্ষিণমুৱা হৈ দক্ষিণৰ
পৰা অহা নিহাংলাংছ’ক সোঁপাৰে লগত লয়৷ তাৰ পৰা উত্তৰ-পূবমুৱাকৈ বৈ ৫ কিল’মিটাৰ আহি ৬১ মিটাৰ ওখ জলপ্ৰপাত এটাৰ ওপৰেদি বৈ অহা বৰলাংছ’ক বাঁওপাৰে লয়৷ একে দিশত আৰু ১ কিল’মিটাৰ ভটিয়াই উত্তৰৰ পৰা অহা অন্য এখন ডাঙৰ উপনৈ লাংকাটাঙক বাঁওপাৰে লয়৷ ইয়াৰ পাছত প্ৰায় পূব দিশত ৬ কিল’মিটাৰ আহি হেমাইচাৰছ’ গাঁৱত ৰিনুকাং নৈক সোঁপাৰে লয়৷ সেই ঠাইৰ পৰা নৈখনে সোঁপাৰে
মাজাংৰি আৰু ইংহিনলাংছ’ক লৈ ২ কিল’মিটাৰ অহাৰ পাছত বৰপুং নৈক বাঁওপাৰে লগত লয়৷ বৰপুং যোগ
হোৱাৰ পৰাই ফংলাংছ’ই নাম পায় কলিয়নি৷
কলিয়নি নাম লৈ ১.৫ কিল’মিটাৰ আহি নৈখনে কানিলাংছ’ক লগত লয়৷ আৰু ১.৫ কিল’মিটাৰ আহি তাৰাপুং নৈক বাঁওপাৰে লয়৷ আৰু ৪ কিল’মিটাৰ আহি দক্ষিণ-পশ্চিমৰ পৰা অহা ঘানৰিজানক সোঁপাৰে
লৈ সংৰক্ষিত বনৰ উত্তৰেদি বৈ আহে৷ ক্ৰমে সোঁপাৰে ৰাঙলী নৈ, বাঁওপাৰে বৰলাংছ’, সোঁপাৰে হাতীমৰাজান, অংলাংছ’, চাংৰী আৰু হিমাললাংছ’ক সামৰি লৈ ১২ কিল’মিটাৰ ভটিয়াই আহি উত্তৰৰ পৰা অহা বৰজানক বাঁওপাৰে লগত
লয়৷
বৰজানক লৈ কলিয়নি পূবমুৱা হৈ ৰিহাজান, খুঁটাজান আৰু মুকজানক
লৈ ৭ কিল’মিটাৰ আহি উত্তৰমুৱা
হৈছে৷ ৩ কিল’মিটাৰ আহি পৰাজানক বাঁওপাৰে লৈ পূবমুৱা হৈছে৷ ৫ কিল’মিটাৰ আহি কলিয়নি নামৰ ঠাইত নাগালাংছ’ বা শিলাকুটি জানক সোঁপাৰে সাবটি লৈছে৷
কলিয়নি নামৰ ঠাইটুকুৰাৰ পৰা কলিয়নি নৈখন উত্তৰমুৱা হৈ গোলাঘাট আৰু কাৰবি আংলঙৰ সীমাৰূপে বৈ গৈছে৷ ২ কিল’মিটাৰ ভটিয়াই গোহাঁইজানক বাঁওপাৰে লৈ উত্তৰ-পশ্চিমমুৱা
হৈছে৷ শামুকজান গাঁৱত পুৰণা সুঁতি এটা এৰি ৪ কিল’মিটাৰ আহি বৰপানজানক লগত লৈছে৷ তাৰ পৰা ২ কিল’মিটাৰ ভটিয়াই হিৰহিৰজান, আৰু ৩ কিল’মিটাৰ আহি দেউৰী নৈক বাঁওপাৰে লৈ উত্তৰমুৱা হয়৷ পৰৱৰ্তী
৩.৫ কিল’মিটাৰ গতিপথত
ক্ৰমে বাঁওপাৰে টিকালাংছ’, কেদাংলাংছ’, হামুজান, সোঁপাৰে ধলাজান আৰু শেষত ৰাংছালি নৈক বাঁওপাৰে
লৈ গোলাঘাট জিলাত সোমাই পৰে৷ তাৰ পাছত নুমলিগড়-অভয়াপুৰী পথ পাৰ হৈ ১.৫ কিল’মিটাৰ আহি পিছলাজানক সোঁপাৰে লয়৷ তাৰ পৰা বাঁওপাৰে থকা
মৰা কলিয়নি আৰু এৰাসুঁতি নামৰ দুখন বিলৰ কাষেদি মুঠ ৪ কিল’মিটাৰ আহি নৈখন কমাৰগাঁৱৰ দক্ষিণত ধনশিৰিত
পৰে৷ কলিয়নি নৈখন দীঘে প্ৰায় ১১০ কিল’মিটাৰ৷
১২. পালোঁহি লক্ষ্যস্থান জংফা
১২. পালোঁহি লক্ষ্যস্থান জংফা
এসময়ত কলিয়নিখন দুচকুৰ
আঁৰ হ’ল৷ সন্মুখলৈ আহিল মুজেং৷ কলিয়নিত
বিলীন হোৱা এই সৰু জানটোক মুকজান বুলিও কয়৷ জানটোৰ ওপৰত দলং
নথকা নহয়, আছে৷ অৱস্থাটোহে! নাগালাংছ’ৰে অনুৰূপ৷ দেখিলে দুখ
লগা৷ তথাপি ভাল কথা এইটোৱেই যে ওপৰেদি সৰু গাড়ী কোনোৰকম পাৰ হয়৷ অন্যথা
পানীৰেই যাতায়াত৷ ইফালে ৰেংমা হিল্ছত বৰষুণ পৰিলেই অনিশ্চয়তা৷ ইয়াত জীৱন
এনেকুৱাই৷ দুখ-কষ্টবোৰে যেন অলপ বেছিকৈয়ে আপোন হ’ব খোজে!
ঠিক দলংখন এৰিয়ে পোনে
পোনে উজলি আছে সেউজীয়াত বগা আখৰেৰে লিখা শব্দ কেইটামান৷ Welcome to Jongpha
Village৷ চাইনব’ৰ্ডখনে যেন আমাক জংফালৈ আদৰিছে! পকী পিলাৰ এটাও
আছিল তেনেই কাষতে৷ বগা আখৰে জিলিকাই ৰখা ব’ৰ্ডখনৰ তুলনাত স্তম্ভটোত
খোদিত আখৰবোৰ প্ৰায় অন্ধকাৰ৷ চাংমাই ঘপহকৈ টাৰ্নিং লৈ লোৱাত কি লিখি
থৈছে ধৰিবই পৰা নগ’ল৷
থাংচিয়ে দেখুৱাই নিয়ামতেই
আমি বাওঁহাতে গুচি গ’লোঁ৷ সোঁফালে আখৈফুটা৷ আখৈফুটা অসমীয়া শব্দ৷ এই
শব্দটো কোনো কোনোৰ মুখত আখৈফুটীয়া বুলিও শুনা পাওঁ৷ আখৈফুটা ১৯২৭ চনতে
গঢ়ি উঠা গাঁও৷ গোলাপ বৰা নামে ব্যক্তি এজন এই নামকৰণৰ সৈতে জড়িত
আছিল৷ জংফা পোৱাৰ আগতে কলিয়নি নদীৰ উপৰিভাগত দেখা পোৱা পানীৰ ঢৌবোৰত আখৈৰ
নিচিনাকৈ ফুটি থকা শব্দ শুনা গৈছিল বাবেই গাঁওখনৰ নাম এনেকৈ ৰখা হ’ল৷ কোনোৰ মতে গাঁওখনৰ সিটো ফালেৰে ধাৱমান কলিয়নি নৈখনৰ
দুপাৰে দুটা ডাঙৰ শিল আছিল৷ তাৰ মাজেৰে বৈ যোৱা পানীয়ে আখৈ ফুটিলে হোৱাৰ দৰে
শব্দ তুলিছিল৷ সেই শব্দৰ পৰাই গাঁওখনৰ নামটো আখৈফুটা হৈছে৷ কোনোৰ মতে
অতীজত সেইখিনিতে কলিয়নিৰ নদীপৃষ্ঠত পানীৰ উঁহ আছিল৷ আখৈ ভাজিলে ফুলৰ দৰে ফুলি উঠাৰ
সময়ত ওলোৱাৰ দৰে বগা বৰণ আৰু শব্দ ওলাইছিল জলধাৰাৰ উপৰিভাগৰ পৰা৷ এয়াই হেনো
আখৈফুটা নামটোৰ আঁৰৰ কথা৷ সেইখন আখৈফুটা গাঁৱতে ১৯৪৭ চনত নিলিপ সভা অনুষ্ঠিত
হৈছিল৷ ১৯৪৯ চনৰ ২৭ ডিচেম্বৰত খয়েনবে’
জিছিং ৰেংমাৰ নেতৃত্বত ৰেংমা ছাত্ৰ সংগঠনৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল৷
জংফা আৰু আখৈফুটা, এই
দুখন আগতে একেখন গাঁৱেই আছিল৷ ২০১৭ চনৰ অক্টোবৰ মাহত আখৈফুটা পৃথক গাঁৱলৈ
ৰূপান্তৰিত হয়৷ এতিয়া উভয় গাঁৱৰে গিৰ্জা বেলেগ বেলেগ৷ সমাজ বেলেগ বেলেগ৷
নেতৃত্ব বেলেগ বেলেগ৷
জংফাৰ দিশে সোমাই যোৱাত
ল’তেনশ্বংৰি নামক জুৰি এটাৰ ওচৰেদি গাড়ী দুখন
অগ্ৰসৰ হ’ল৷ এই জুৰিৰ পানী হেনো মিঠা সোৱাদযুক্ত৷ শিলাময়
জুৰিটোৰ পাৰতে দেখা গ’ল মুকলি ঠাই এডোখৰ৷ ৰাস্তাৰ পৰা অলপ পিছুৱাই
টকৌপাত আৰু বাঁহেৰে সজা ঘৰ এটাও আছে৷ অনুমান কৰিলোঁ, গাঁৱৰ ৰাইজে ইয়াতে
সমূহীয়াকৈ উৎসৱাদি পাতে চাগৈ৷ তাৰ সিপাৰে পাহাৰৰ পাদদেশত দেখা দিয়া শাৰী শাৰী
তামোল গছে দৃশ্যটো চালে চকুৰোৱা কৰি তুলিলে৷
অকণমান গৈয়ে পথৰ সোঁহাতে
দেখা পালোঁ বগা বৰণৰ জংফা বেপ্টিষ্ট চাৰ্চ৷ প্ৰতিষ্ঠা ১৯৪২ চন৷ পূৰ্বে আখৈফুটা
জংফা বেপ্টিষ্ট চাৰ্চ নামে পৰিচিত আছিল৷ পুৰণা গিৰ্জাটো আমাৰ বাঁওহাতে, পথৰ
সিপাৰে, নতুন গিৰ্জাৰ সন্মুখতে এতিয়াও বিৰাজমান৷ ১৯৯২ চনত এই গিৰ্জাৰ সোণালী
জয়ন্তী আৰু ২০১৭ত ৭৫ বছৰ পূৰ্তিৰ আয়োজন হৈ গৈছে৷
ৰেংমা নগা বসতিপ্ৰধান জংফা গাঁৱৰ প্ৰতিঘৰ লোকেই খ্ৰিষ্টান ধৰ্মাৱলম্বী৷ ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন (ডব্লিউ.আৰ.বি.এ.) আদিতে প্ৰতিষ্ঠা কৰা
হৈছিল এইখন গাঁৱতে, পুৰণা গিৰ্জাটোৰ আৱেষ্টনীত৷ জংফা ভিলেজ কমিটিয়ে সন্থাটোলৈ দানসূত্ৰে আগ বঢ়োৱা ৬ বিঘা
মাটিত ১৯৭১ চনৰ মে’ মাহত
কাৰ্যালয় তথা নিবাস গৃহ নিৰ্মাণ কৰি তোলা হৈছিল৷ পৰৱৰ্তী সময়ত, কাৰবি আংলং
স্বায়ত্তশাসিত পৰিষদে ডব্লিউ.বি.আৰ.এ. মিনিষ্ট্ৰিলৈ অনুমোদন কৰা ২৫ বিঘা
ভূ-এলেকাৰে আমি অলপ আগতে বাটত চ’শ্বেনলাৰি নং ১ নামৰ গাঁওখনৰ ওচৰত দেখি অহা স্থানলৈ ১৯৮৮ চনত স্থানান্তৰিত হয়৷
কাৰবি আংলঙৰ পূব ৰেংমা
মৌজাৰ জংফালৈ ডিফুতকৈ গোলাঘাটৰ পৰাহে তেনেই ওচৰ৷ প্ৰায় ৪০ কিল’মিটাৰ৷ ডিফুৰ পৰা ১৩৫ মানেই হ’বগৈ৷ ৰাস্তা আহুকলীয়া বাবে পাওঁতে পাওঁতে আমাৰ আজি ৫
ঘণ্টামানেই লাগি গ’ল৷
গিৰ্জাৰ একাষে চকুৱাৰে ঘেৰি ৰখা দীঘল আকৃতিৰ ঘৰ এটা৷ চাইনব’ৰ্ডখনত চকু ফুৰালোঁ৷ জংফা চৰকাৰী প্ৰাথমিক বিদ্যালয়৷
প্ৰতিষ্ঠা কাল গিৰ্জাৰে একেই৷ অৰ্থাৎ দেশৰ স্বাধীনতাৰ পূৰ্বেই প্ৰতিষ্ঠা হৈছিল৷ এতিয়াও
অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠানৰূপে বৰ্তি আছে৷ অদূৰত এটা কমিউনিটি হল৷ সমূহীয়া ধাৰণাত চলা জনজাতীয় সমাজৰ বৈশিষ্ট্যটো ইয়াতো সবল ৰূপতে পালোঁ৷
এল.
পি. স্কুলৰ দাঁতিতে, বাঁওফালে জংফা গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ বাসগৃহ৷ তাকে ফলকত লিখি
গছ এজোপাত শাল মাৰি থোৱা আছে৷ চৌহদৰ নঙলামুখতে সোঁহাতে মাৰ্বল পাথৰত খোদিত এটা স্মৃতিস্তম্ভ, যিটোৱে পোনতেই আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে৷
২০০৭ চনত ‘ঙাঁদা’ (Ngada) উৎসৱৰ সময়ত এইটো স্থাপন কৰা
হৈছিল৷ ঙাঁদা হৈছে ৰেংমা নগাসকলৰ হৃদয়ৰ মহোৎসৱ৷ ২০০৪ চনৰ
মে’ মাহত
ডিফু গড়কাপ্তানি ক’লনি দশম
বাৰ্ষিক ব’হাগী
উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘বৰ্হমথুৰি’ (ষষ্ঠ সংখ্যা)ৰ বাবে মোৰ অনুৰোধ ৰক্ষা কৰি বন্ধু ইছেন্থাং
জিছিং ৰেংমাই ঙাঁদা সম্পৰ্কে সুন্দৰ লেখা এটা যুগুতাই দিছিল৷ ইংৰাজীৰ পৰা ভাষান্তৰ
কৰোঁতে উৎসৱটিৰ বিষয়ে জানিব পাৰিছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য জনজাতিৰ
অন্যতম ৰেংমা নগাসকলে অতি প্ৰাচীন কালৰে পৰাই এই উৎসৱ উদ্যাপন কৰি আহিছে৷ এই কথা
সন্দেহাতীত যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে নানা উৎসৱ, ধৰ্মীয় অনুষ্ঠানাদি পালন
কৰিছিল৷ সেয়ে হ’লেও ১৯শ শতিকাত খ্ৰিষ্টান ধৰ্মত দীক্ষিত হোৱাৰ পৰৱৰ্তী সময়ত
বছৰি এবাৰ সমূহীয়াভাৱে উদ্যাপিত হোৱা ঙাঁদাই ৰেংমা নগাসকলৰ স্বকীয় সামাজিক,
সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ ধাৰক আৰু বাহক স্বৰূপে চিহ্নিত হৈ ৰ’ল৷ পাৰস্পৰিক শুভেচ্ছা বিনিময় আৰু কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে
পালিত ঙাঁদা উৎসৱৰ জৰিয়তে ৰেংমা নগাসকলে আজিও নিজস্ব বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিছে৷
ৰেংমা নগাসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত ঙাঁদাৰ পৰিসৰ সকলোতকৈ
বহল৷ ঙাঁদা শব্দৰ অৰ্থই হৈছে বৃহৎভাৱে আয়োজিত আনন্দ সমাৰোহ৷ প্ৰেম, ভাতৃত্ব, ঐক্য,
মিলন, জয়লাভ, কৃতজ্ঞতা, শুভেচ্ছা, সংকল্প আদি সকলোবিলাক কথাই সাঙোৰ খাই থাকে এই
উৎসৱত৷ এই উৎসৱ সাধাৰণতে উৎসাহ-উদ্দীপনাৰ মাজেৰে সমূহীয়াভাৱে পালন কৰা হয়৷ নৱেম্বৰ
মাহৰ শেষত কৃষি-কৰ্মৰ পৰিসমাপ্তিত ঙাঁদাৰ আয়োজন চলে৷ পুৰণি বছৰক বিদায় দি সমাগত নতুন
বছৰক আদৰণি জনোৱাৰ উদ্দেশ্যও ইয়াত অন্তৰ্নিহিত হৈ থাকে৷
মংগোলীয় বংশোদ্ভৱ ৰেংমা নগাসকলে ৫ দিনৰ পৰা ৮ দিন জুৰি
ধুমধামেৰে ঙাঁদা উদ্যাপন কৰে৷ খেতি চপোৱাৰ অন্তত নৱেম্বৰ মাহৰ শেষলৈ ‘ৰেপুগে’(Repvugu) অৰ্থাৎ গাঁৱৰ মুখিয়ালগৰাকীয়ে উৎসৱ উদ্যাপনৰ
নিৰ্দিষ্ট দিন ঘোষণা কৰে৷ ইয়াৰ পাছৰ পৰাই গাঁওবাসীয়ে আন্তৰিকতাৰে মনোনিৱেশ কৰে
ঙাঁদাৰ প্ৰস্তুতিত৷ ঙাঁদাৰ আগমনে সকলোকে উৎফুল্লিত কৰি তোলে৷
উৎসৱৰ অন্তৰ্গত পালন কৰা প্ৰথম দিনটোত ৰেংমা নগাসকলে নিজা নিজা
বাসগৃহ পৰিষ্কাৰকৰণ, ঘৰুৱা সা-সামগ্ৰী ঠিক-ঠাক কৰা, উৎসৱকালৰ বাবে যাৱতীয়
বস্তু-বাহানি যা-যোগাৰ কৰা ইত্যাদি কাম কৰে৷ গাঁৱৰ চৌপাশ পৰিষ্কাৰ কৰি তোলা হয়৷
তদুপৰি খেতিপথাৰলৈ যোৱা বাট-পথো চাফা কৰা হয়৷ দ্বিতীয় দিনা হাবিলৈ গৈ থোক নপৰা
কলগছৰ পাত সংগ্ৰহ কৰে৷ এই উৎসৱত সকলোবিলাক বাচন-বৰ্তন নতুন হোৱাটো বাঞ্ছনীয়৷
সেয়েহে পানী খাবলৈ বাঁহৰ চুঙা, ভাত খাবলৈ কলপাত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ দ্বাৰা
মনবোৰো নতুন আৰু সতেজ হৈ পৰে বুলি তেওঁলোকে বিশ্বাস কৰে৷ আনকি দুখীয়াজনেও ন বস্ত্ৰ পৰিধান
কৰে৷ ফলত মনলৈ নতুনত্বৰ ভাব আহে৷ পৰৱৰ্তী বৰ্ষৰ কৃষিৰ উন্নয়নৰ অৰ্থে ঈশ্বৰৰ কৰুণা
লাভ কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠগৰাকীয়ে পৰম্পৰাগত নিয়ম পালন কৰে৷ তৃতীয় দিনা ঘৰৰ
গৃহিণীহঁতে নতুন শস্যৰ গুণাগুণৰ উমান লয়৷ ঘৰৰ একেবাৰে ভিতৰুৱা কোঠাত কাৰো সৈতে কথা
নাপাতি তেওঁলোকে প্ৰথমে শস্যৰ জুতি লয়৷ ইয়াৰ পাছতহে অন্যান্য সদস্যসকলে আহাৰ গ্ৰহণ
কৰাটো নিয়ম৷ সেইদিনা মহিলাসকল আত্মীয়ৰ সমাধিস্থললৈকো যায় আৰু কবৰ পৰিষ্কাৰ কৰে৷
চতুৰ্থ দিনা পুৱাবেলা পুৰুষসকলে ‘ৰেন্চে’ (Renshe) অৰ্থাৎ ডেকাচাঙত একত্ৰিত হৈ লগ-ভাত খায়৷
ডেকাচাঙত আয়োজিত এই ভোজনত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত টেবু (নিষেধাজ্ঞা) আছে৷
দুপৰীয়া পৰত পৰম্পৰাগত সাজ-পাৰ, ৰণুৱা ধুন-পেচ কৰি পুৰুষসকলে গাঁওখন পৰিভ্ৰমণ কৰে৷
তাৰ লগে লগে মহিলাসকলে পানী আৰু চাউলৰ পৰা তৈয়াৰী মদৰ পাত্ৰ লৈ অগ্ৰসৰ হয়৷ বাঁহৰ
চুঙা আৰু তিতা-লাওৰ পাত্ৰত তেওঁলোকে পুৰুষসকলক পানীয়ৰ যোগান ধৰে৷ তাৰ পৰৱৰ্তী দিনা
শোভাযাত্ৰাৰ আয়োজন কৰা হয়৷ ৰংচঙীয়া সাজ পৰিধান কৰি মৌখিকভাৱে চলি অহা পৰম্পৰাগত
গীত গাই গাই পুৰুষসকলে ডেকাচাঙৰ পৰা সমদল-যাত্ৰা আৰম্ভ কৰে৷ এই শোভাযাত্ৰাকাৰীসকল
প্ৰত্যেকৰে ঘৰলৈ যায় আৰু সকলোৱে কিবা নহয় কিবা আগ বঢ়াই তেওঁলোকলৈ সন্মান যাচে৷
উৎসৱৰ ষষ্ঠ দিনটোক কোৱা হয় ‘কে’হ্য়ুং
জাং’Kenyhun dzan)৷ সেইদিনা খেল, গোত্ৰ পৰিহাৰ কৰি পৰম্পৰাগত
সাজ-পোচাক পিন্ধি ঘৰে ঘৰে ফুৰিবলৈ যায়৷ কোনো ইতস্ততঃ নকৰাকৈ এজনে আনজনৰ ঘৰত
খোৱা-বোৱা কৰে৷ সপ্তম দিনটোত পৰম্পৰাগত সাজ পৰিধানেৰে অঙহী-বঙহীৰ ঘৰত গৈ নাচ-গান
কৰে৷ তেওঁলোকলৈ মাংস আৰু লাওপানী আগ বঢ়োৱা হয়৷ হাবিলৈ গৈ পিছদিনাৰ ভোজলৈ বুলি খৰি,
কলপাত, শাক-পাচলি বিচাৰি আনেগৈ৷ অষ্টম দিনটো হৈছে ঙাঁদা উৎসৱৰ অন্তিম দিন৷ সেইদিনা
ৰাজহুৱাভাৱে প্ৰীতি-ভোজৰ ব্যৱস্থা কৰা হয়৷ বুঢ়া-মেথা, ডেকা-ডেকেৰী, ল’ৰা-ছোৱালী সমন্বিতে সকলোৱে ইয়াত উপস্থিত হয়৷ পঞ্চম দিনৰ
শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সংগৃহীত বয়-বস্তুৰে এই ভোজ-ভাতৰ আয়োজন কৰে৷ ৰেংমা
নগাসকলৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে ঙাঁদাৰ অন্তিম দিনটোত সেই বছৰটোত মৃত্যু
ঘটা ব্যক্তিসকলৰ আত্মাই গাঁও এৰি মৃত্যুপুৰী (Ranjen phenyu)লৈ গতি কৰে৷ অন্তিম
দিনটোক কোৱা হয় ‘নিইখিং জাং’ (Nyikhing dzan) যাৰ অৰ্থ
সামৰণি সমাৰোহ৷ এই দিনটোত ঘাইকৈ তিনিটা ৰীতি পালন কৰা হয়৷ সেয়া হ’ল : গাঁৱত
অগ্নিকাণ্ড নঘটিবলৈ অগ্নিৰ সৈতে শান্তিচুক্তি, শস্য আৰু গৃহৰ ক্ষতি নকৰিবলৈ
এন্দুৰৰ সৈতে চুক্তি আৰু বাসগৃহ তথা গাঁৱৰ পৰা অমংগলীয় আত্মা বা চয়তানক আঁতৰ
কৰিবলৈ কৰা ৰীতি৷
উৎসৱৰ কেইদিন আনুষংগিক কাম-কাজৰ বাদে আন সকলো ধৰণৰ কৰ্ম নিলগাই
থৈ ৰেংমা নগাসকলে ঙাঁদাৰ প্ৰীতি-ভোজ, নৃত্য-গীত, খেল-ধেমালি, বন্ধুমিলন, মাছ ধৰা,
পুৰণিক বিদায় জনোৱা, নতুনক সম্ভাষণ জনোৱা, প্ৰিয় মিত্ৰক স্মৰণ, কৃষিৰ উন্নয়নৰ বাবে
প্ৰাৰ্থনা, সাজ-পাৰ আৰু অলংকাৰ প্ৰদৰ্শন, পৰম্পৰা পালনত আন্তৰিকতাৰে আত্মনিয়োগ
কৰে৷ ঙাঁদাৰ সময়তে গাঁও এখনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷
পৰৱৰ্তী বৰ্ষত কোনটো অঞ্চলত খেতি কৰা হ’ব, নতুন
ঘৰ কিমানটা সজা হ’ব, সমূহীয়া মাছ ধৰা পৰ্ব কোন দিনা হ’ব, অন্য গাঁৱৰ সৈতে শান্তিচুক্তি কৰিব লগা আছে নেকি, গাঁৱৰ
কাৰোবাৰ মাজত ভুল বুজাবুজি হৈছে নেকি আৰু যদি হৈছে তাৰ মিট-মাট কৰা, সমূহীয়া ভোজত
কিমান ঘৰে অংশ ল’ব ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ এই
সময়টোতে কৰা হয়৷ এই মহোৎসৱেই একত্ৰিত কৰে ৰেংমা নগা সমাজখনক৷ ইয়েই জগাই তোলে
তেওঁলোকৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাব৷ ৰেংমা নগাসকলৰ বাৰেবৰণীয়া সংস্কৃতিৰ ফল্গুধাৰাটো
এইদৰেই আজিও অজৰ-অমৰ হৈ বৈ আছে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷
ইমান দিন ধৰি সগৌৰৱে দণ্ডায়মান স্মৃতিস্তম্ভটোৱে দুৱাৰডলিতে ইয়াকে যেন কৈ গ’ল, বন্ধু ইছেনথাঙৰ লিখনিৰ মাধ্যমেৰে৷ সঞ্জুহঁতৰ পিছে পিছে আমাৰ গাড়ীখনো চৌহদৰ ভিতৰলৈ নিৰ্বিবাদে সোমাই যাব ধৰিলে৷
১৪. Blessed Homeত এখন্তেক
পদূলিৰ খোলা নঙলাৰে প্ৰৱেশ কৰি সঞ্জুৰ ৱাগন-আৰ একেবাৰে গাঁওবুঢ়াৰ চোতালত থামিল৷ অনুসৰণ কৰি পিছে পিছে চাংমাৰ গাড়ী৷ দৰজা খুলিয়ে সেউজীয়া ঘাঁহনিত ভৰি দি অতিকৈ আপ্লুত হ’লোঁ৷ সন্মুখত এগালমান ফুলৰ টাব৷ বতৰৰ ফুলবোৰ ফুলি জক্মকাই আছে৷ কাষতে ডাঙৰ গছ দুজোপাত ওলমিছে কপৌফুল৷ ঘৰৰ একাষে আৰু পাছফালেও শাৰী শাৰী তামোল গছ৷ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিৱেশটো শান্ত-সমাহিত৷
Blessed Homeৰ কাষতে বাঁহেৰে
সজা, ওপৰত টকৌপাত দিয়া ৰেংমা পৰম্পৰাগত চাংঘৰ এটা৷ তাতে আমাৰ বাবে ভাত-পানীৰ দিহা
কৰা হৈছে৷ যুদ্ধকালীন ক্ষিপ্ৰতা৷ দিয়া-থোৱাত বিশেষ ভূমিকা লৈছে
ঘৰখনৰ পো-নাতিনী এজনীয়ে৷ খাই থকাৰ মাজে মাজে কথা পাতি গম পালোঁ যে আমি
বাটত পাই অহা এজামচন ইংলিছ স্কুলখনত তাই ক্লাছ ছিক্সত পঢ়ি আছে৷ নামটো শাৰণ৷
সৰু ছোৱালী যদিও এক মিনিটো তৰণি নোহোৱাকৈ সমস্ত কাম-কাজ এনে কুশলতাৰে আৰু
ধুনীয়াকৈ সমাধা কৰি গ’ল যে দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ এই কথাটোৱে
আৰম্ভণিতেই আমাক ভবাই তুলিলে৷ শাৰণলৈ কিবা মৰম লাগি গ’ল৷
ইমান দিন ধৰি সগৌৰৱে দণ্ডায়মান স্মৃতিস্তম্ভটোৱে দুৱাৰডলিতে ইয়াকে যেন কৈ গ’ল, বন্ধু ইছেনথাঙৰ লিখনিৰ মাধ্যমেৰে৷ সঞ্জুহঁতৰ পিছে পিছে আমাৰ গাড়ীখনো চৌহদৰ ভিতৰলৈ নিৰ্বিবাদে সোমাই যাব ধৰিলে৷
১৪. Blessed Homeত এখন্তেক
পদূলিৰ খোলা নঙলাৰে প্ৰৱেশ কৰি সঞ্জুৰ ৱাগন-আৰ একেবাৰে গাঁওবুঢ়াৰ চোতালত থামিল৷ অনুসৰণ কৰি পিছে পিছে চাংমাৰ গাড়ী৷ দৰজা খুলিয়ে সেউজীয়া ঘাঁহনিত ভৰি দি অতিকৈ আপ্লুত হ’লোঁ৷ সন্মুখত এগালমান ফুলৰ টাব৷ বতৰৰ ফুলবোৰ ফুলি জক্মকাই আছে৷ কাষতে ডাঙৰ গছ দুজোপাত ওলমিছে কপৌফুল৷ ঘৰৰ একাষে আৰু পাছফালেও শাৰী শাৰী তামোল গছ৷ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিৱেশটো শান্ত-সমাহিত৷
সময় কিমান হ’ল? নামিয়ে ম’বাইল ফোনটো উলিয়াই চালোঁ৷ ১০ বাজি ১০ মিনিট৷ নে’টৱৰ্ক নাই৷ ৪ বাজি ৪৫ মিনিটত বহুপ্ৰত্যাশিত
আজিৰ এই যাত্ৰাটো আৰম্ভ হৈছিল৷ সুকলমে এতিয়া গন্তব্যস্থল পাই গ’লোঁ৷ গন্তব্যস্থল নহয় আচলতে, বে’ছ কেম্প বোলাটোহে যুগুত হ’ব৷
নঙলামুখতে, সোমায়ে
বাঁওহাতে, একোঠালিৰ দুমহলীয়া ঘৰ এটা৷ তলত বহাৰ ব্যৱস্থা আছে৷ ওপৰমুখী খটখটিটো
দেখি ধাৰণা কৰিছোঁ, তাত চাগৈ থকাৰ ব্যৱস্থাও থাকিব৷ গুলপীয়া ৰং দিয়া নাতিবৃহৎ
গৃহটোৰ নাম দিছে Blessed Home ৷ আগফাল, পাছফাল, উভয় ফালেই এই নামষাৰ বেৰত লিখা
আছে৷ এনেকৈয়ে আশীৰ্বাদ এফেৰি আজি আমাৰ ভাগ্যতো মিলিব বুলি নিশ্চিত হ’লোঁ যেতিয়া থাংচিয়ে গাড়ীৰ পৰা নমাৰ পাছতে আমাক
সেইফালে আগ বঢ়াই নিব ধৰিলে৷ দৰজাখন মেলি থোৱাই আছিল৷
Blessed Homeৰ তলত থকা
Late Kesenga Sebü Rengma Memorial Roomত আদৰ-সাদৰকৈ বহুৱালে আমাক৷ বৰ্তমান
জংফা গাঁৱৰ চৰকাৰী গাঁওবুঢ়াজনৰ নাম জ’খেন চেব্বে’ ৰেংমা৷ দেউতাক কেচেংগা চেব্বে’ ৰেংমা৷ দুৱাৰৰ কাষতে দেৱালত খুৱাই ৰখা
মাৰ্বলৰ ক’লা প্লে’ট এখনত জিলিকি থকা বগা আখৰখিনি পঢ়ি গম
পালোঁ, ২০১৫ চনৰ ৯ ডিচেম্বৰত এই ঘৰটো অৰ্থাৎ Blessed Homeৰ
শিলান্যাস কৰা হৈছিল ককায়েক, নাগালেণ্ড চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক এশ্বৱেং
চেব্বে’ ৰেংমাৰ দ্বাৰা৷
জংফাৰ End Time Harvest Ministryৰ মিছনেৰী তথা ভিনিয়েক ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমাই
ঈশ্বৰৰ নামত এই গৃহ অৰ্পণ কৰিছে৷ প্ৰতিটো কামতে এনেদৰে খোদিত স্মৃতিফলক
একোখন বা মেম’ৰিয়েল ষ্ট’ন একোটা সংযুক্ত কৰি ৰখাটো ৰেংমা নগাসকলৰ এটা
বৈশিষ্ট্য বুলিব পাৰি৷
সদলবলে প্ৰৱেশৰ অন্তত
চোফাত আসন গ্ৰহণ কৰিয়ে স্বভাৱজাতভাৱে কোঠালিটোৰ ইফালে-সিফালে কৌতূহলী দৃষ্টি
নিক্ষেপত লাগি গ’লোঁ৷ সৰু ৰূমটোৰ চুক
এটাত লোৰ ৰেক্ এডাল আছে৷ খাপবোৰত ফ্ৰেমত বন্দী বিভিন্ন সময় আৰু মুহূৰ্তৰ
বিভিন্নখন ফটো ৰখা হৈছে৷ জেনেৰেল কেইহাং ৰেংমা ফুকন, কেইহাং ৰেন্চ’ৰ স্মৃতিশিলা, স্প্ৰিং কলেৰাডোৰ পৰা মিকিৰ হিল্ছলৈ
অহা মিছনেৰী দম্পতী, জেনেৰেল কেইহাং ৰেংমা ফুকন মেম’ৰিয়েল কমিটি, ভাষণৰত অৱস্থাত প্ৰধান মন্ত্ৰী
নৰেন্দ্ৰ মোদী আদি বিভিন্ন মুখ৷ লগতে গিৰ্জাৰ চাৰ্টিফিকেট, লগ’ আদি৷ মেমেণ্ট’, কিতাপ-পত্ৰ ইত্যাদিও সজোৱা আছে৷
গাঁওবুঢ়া সোমাই আহিল৷
আমি থিয় হৈ সম্ভাষণ জনালোঁ৷ প্ৰত্যেকৰে সৈতে কৰমৰ্দনৰ পাছতে তেওঁ আমাৰ সৈতে বহিল৷
সঞ্জুৱে ভ্ৰমণকাৰী দলটোৰ তৰফৰ পৰা ফুলাম গামোচা এখনেৰে গৃহস্থজনক সন্মান যাচিলে৷
একাষৰীয়াকৈ ৰৈ থাংচিয়ে ততালিকে আৰম্ভ কৰি দিলে পৰিচয়-পৰ্ব৷ পৰৱৰ্তী, মূল
কাৰ্যসূচীটোৰ বাবে সময় অযথা ব্যয় কৰিব নোৱাৰি বুলি সি সজাগ৷
জ’খেন ৰেংমা একালত আমি পঢ়া ডিফু চৰকাৰী বালক
বিদ্যালয়ৰে ছাত্ৰ আছিল৷ প্ৰসংগক্ৰমে এইটো জানিবলৈ পাই মনত দুগুণে আনন্দ লাগিল৷
একেখন শিক্ষানুষ্ঠানৰ অগ্ৰজ প্ৰাক্তন ছাত্ৰ এগৰাকীৰ ঘৰত আকস্মিকভাৱে
আৰু সৌভাগ্যক্ৰমে, আজি এই মুহূৰ্তত মই উপস্থিত হ’ব পাৰিছোঁ৷ আনন্দিত নহ’ম? জ’খেন ৰেংমাৰ ৰাজনৈতিক পৰিচয় এটাও নথকা নহয়৷ বিদ্যাছিং ইংলেং নেতৃত্বাধীন পঞ্চম
কাৰবি আংলং জিলা পৰিষদত ২৮.৯.১৯৭৯ৰ পৰা ১৩.১২.১৯৭৯লৈ আৰু ১৮.১১.১৯৮০ৰ পৰা
২.১.১৯৮১লৈ এখেত ৰাজ্যপালৰ দ্বাৰা মনোনীত সদস্য আছিল৷ ৰেংমা সমাজৰ অন্যতম অগ্ৰণী
ব্যক্তিজনে কাৰ্যসূচী সম্পৰ্কে অৱগত হোৱাৰ পাছতে পত্নীৰ উপস্থিতিত আমাৰ বাবে
সোনকালে ভাতৰ দিহা কৰাৰ চিন্তা কৰিলে৷ ট্ৰেকিঙত আমাৰ সৈতে গাইড হিচাপে যাবলগীয়া
স্থানীয় লোককেইজনৰো খা-খবৰ লৈ তেওঁলোকক সাজু হ’বৰ বাবে জনালে৷
মনিলে’ হিম্বে’ ৰেংমা৷ চৰকাৰী গাঁওবুঢ়াৰ
পৰিবাৰ৷ চকোৱাখনৰ সিপাৰে থকা জংফা এল. পি. স্কুলৰ শিক্ষয়িত্ৰী৷ ৰেংমা সমাজৰ
বৰ্ষীয়ান ৰাজনীতিক তথা সমাজকৰ্মী ৰেশ্বুল’ হিম্বে’ ৰেংমাৰ বৰজীয়ৰী৷ জ’খেন ৰেংমা আৰু মনিলে’ ৰেংমাৰ ল’ৰা-ছোৱালী ৪টি৷ ডাঙৰজন ডিমাপুৰত৷ পাছৰজন
বাংগালোৰত৷ ইয়াত অৰ্থাৎ জংফাৰ ঘৰত এজনহে থাকে৷ একমাত্ৰ ছোৱালী বিবাহসূত্ৰে
মণিপুৰত৷ মনিলে’ বাইদেউ সম্প্ৰতি
ভীষণ ব্যস্ত ডি.ই.এল.এড.ক লৈ৷ কথা প্ৰসংগত জনালে আমাক৷