Saturday, 11 August 2018

আমি এবাৰ মোছ কটাইছিলোঁ
(গল্প নহয়, সত্য)



নৱাগতসকলে মোছ খুৰাবলগীয়া হোৱাটো আমাৰ দিনত হোষ্টেলৰ অন্যতম ৰেগিং আছিল৷ আজিকালি কেনেকুৱা নাজানো৷ অৱধাৰিত অত্যাচাৰবোৰৰ ভয়তে একে ঠাইৰে অন্য তিনি সংগী ক্ৰমে গৌতম শইকীয়া, দিজু গগৈ আৰু ৰঞ্জিত স্বৰ্গীয়াৰীৰ সৈতে ময়ো যোৰহাটীয়া ছাত্ৰাৱস্থাত হোষ্টেলৰ পৰা আৰম্ভণিতে আঁতৰি আছিলোঁ৷ আমি চাৰিও একেলগে ডেৰ বছৰ ধৰি গোহাঁই টেকেলা গাঁৱৰ প্ৰৱেশ পথত সুখেৰে মেছ কৰি পঢ়া-শুনা চলাই নি থকাৰ পাছত সহপাঠী চন্দন পাঠক, ধৰ্মেন গগৈ, দুল দাসকে ধৰি এচাম নতুন হোষ্টেলাৰ বন্ধুৰ মৰমভৰা প্ৰচেষ্টা আৰু আমন্ত্ৰণক্ৰমে চতুৰ্থ টাৰ্মৰ প্ৰাৰম্ভতে এদিন পাৱেটৰ ছাত্ৰাৱাসত সোমালোঁগৈ৷ তেতিয়ালৈ ৰেগিঙৰ আশংকা মুঠেও নাছিল৷ লগৰীয়াবোৰৰ মোছেও স্বতন্ত্ৰতা লাভ কৰা দেখিছিলোঁ৷

১৯৮৮ চন৷ পিছদিনা স্বাধীনতা দিৱস৷ ৰুমমেতসহ সহপাঠী কেইজনমানে আগনিশা ভাত খোৱাৰ অন্তত গোপন আলোচনামৰ্মে থিৰাং কৰিলোঁ যে কাইলৈ আগবেলাতে আমি সমূহীয়াভাৱে মোছ খুৰুৱামগৈ৷ মোৰ বাবে গুৰুত্বপূৰ্ণ কথা, ঠুঁটিওৱাৰ দিন ধৰি জীৱনত এয়াই হব প্ৰথম মোছৰ চাটাই৷ তাকে লৈ মনে মনে ভাবি আছোঁ, কেনেকুৱা দেখিববা! আনে হাঁহিব নেকি? লাজ লাগিব নেকি? কোনোবাই জোকাব নেকি বাৰু?

মোছক পৌৰুষৰ প্ৰতীক বুলি কোৱা হয়৷ সি যি কি নহওক, মতামত চূড়ান্ত হ'ল যেতিয়া সৌমেন্দ্ৰ গগৈ, ৰমেন্দ্ৰ দাস, ছিদ্দিক আলি, গিৰীশ মহন্ত, মদন চৌধুৰী, খনীন চৌধুৰী, কৰুণা শইকীয়া, অচ্যুত শৰ্মা আৰু মই, এই নটাই পুৱাৰ পঢ়া-শুনা সামৰিয়ে পদযাত্ৰা আৰম্ভ কৰি দিলোঁ, ৩নং হোষ্টেলৰ পৰা৷ লক্ষ্যস্থান গড় আলিৰ এখন চেলুন৷ পৰিকল্পনা অনুযায়ী অভীষ্ট কামফেৰা তাতে সমাধা কৰোৱা হ'ব৷ তাৰ আগতে আটাইকেইটা সোমাই গ'লোঁ কাষৰে ষ্টুডিঅ' অমিয়ালৈ৷ উদ্দেশ্য, মোছ উধাও হোৱাৰ পূৰ্বে গ্ৰুপ ফটো একপীৰে পূৰ্বস্মৃতি ধৰি ৰখা৷

ফৰমাইচ অনুসৰি ফটোগ্ৰাফাৰে আমাক ছাদৰ ওপৰলৈ লৈ গ'ল৷ বুৰঞ্জীপ্ৰসিদ্ধ আলিটো আৰু নগৰীয়া দৃশ্যাংশক পৃষ্ঠপটত লৈ প্ৰত্যেকে প'জ দি ৰ'লোঁ৷ ইয়াৰ পাছত এজন এজনকৈ বহিলোঁ-উঠিলোঁ নাপিতৰ সন্মুখত, নিৰ্দিষ্ট আসনত৷ অপাৰেচনৰ সমাপ্তিত এটাই আনটোলৈ চাই হাঁহিত ৰ'ব নোৱাৰা অৱস্থা৷ মনতে কিবাকিবি লাগি থাকিলেও দিৱসৰ আনন্দ লৈ স্বাধীনমনে ঘূৰি-পকি এসময়ত হোষ্টেল সোমালোঁহি৷

এইফালে আকৌ কথাটো কেনেবাকৈ আগতেই ৰাষ্ট্ৰ হৈ গ'ল! আমাক চাবলৈ ল'ৰামখাৰ মাজত হুৱাদুৱা লাগিল, যেন নেদেখা জীৱহে আহিল! জোকোৱাৰ লগতে সংলাপৰ অত্যাচাৰ৷ নতুন মোছ নুঠুঁটিওৱা পৰ্যন্ত বিষয়টোৱে বেচ ৰস উজাৰি থাকিল৷

স্বাধীনতা দিৱসটো আহিলে আমাৰ ছাত্ৰ জীৱনৰ এই ঘটনাটো মনলৈ উৰি আহে৷ ইয়াৰ পাছৰ পৰা দ্বিতীয়বাৰ আৰু মই মোছত হাত দিয়া নাছিলোঁ৷ বগা মোছখিনিৰ ওপৰত আজি (১২.৮.২০১৮) পুৱা স্বেচ্ছাপ্ৰণোদিতভাৱে ৰেজৰ চলাওঁতে ১৫.৮.১৯৮৮ তাৰিখটোলৈ চেৰেংকৈ মনত পৰি গ'ল৷ পুৰণা এলবামটোৰ সেই বিশেষ ফটোখন উলিয়াই তাহানিৰ সংগীসৱৰ মুখ আৰু মোছবোৰ ভালেমান পৰলৈ চালোঁ৷ একেলগে মোছ কটাবলৈ যোৱা একালৰ সেই লগকেইটা আজিৰ তাৰিখত কোন ক'ত কিদৰে আছে; সিহঁতবোৰৰ মোছৰ বৰ্তমান ৰং-ৰূপ কেনে, একোৱেই এতিয়া জনাত নাই৷ মোৰ হ'লে সোপাকে পকিল দেই ভাই৷ কলা মোছবোৰ আজি আৰু নাই৷ কৃত্ৰিম ৰং সনাৰ অভ্যাসোযে একেবাৰেই নাই!