২৮চেপ্তেম্বৰ ২০১১৷
বুদ্ধ এয়াৰ প্ৰাইভেট লিমিটেডৰ বিয়লি ১.৩০বজাৰ ফ্লাইট
যোগে নেপালৰ ভদ্ৰপুৰ এয়াৰপ’ৰ্টৰ পৰা উৰা মাৰিছো৷ লক্ষ্যস্থান
ত্ৰিভুবন ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট, কাঠমাণ্ডু৷
১৯জন যাত্ৰী কঢ়িয়াই নিয়া আমাৰ অকণমানি বিমান৷ ৰাণৱেৰ
পৰা উৰি গৈ এসময়ত আকাশমণ্ডলত সুস্থিৰ হোৱাৰ পিছতে পৰিচাৰিকাই সৰুকৈ বাদামৰ পেকেট একোটা
হাতে হাতে দি গ’ল৷
তাৰ পিছে পিছে আন এগৰাকীয়ে দিলেহি ডিচপ’জেবল গিলাচেৰে এগিলাচকৈ ঠাণ্ডা
ফাণ্টা৷ আকাশমাৰ্গেদি অতিক্রম কৰিব লগা দূৰত্ব আৰু প্ৰয়োজন হোৱা সময়ৰ সৈতে মিলায়ে চাগে
তেনেকুৱাই ব্যৱস্থা৷ প্ৰথমতে আচৰিত হৈছিলো যদিও পিছত বুজিলো৷
খিৰিকীৰ কাষত মোৰ চিট৷
নতুন ঠাইলৈ (বিদেশলৈ) গৈছো৷
মনটো স্বাভাৱিকতে এখোপ বেছিকৈয়ে কৌতুহলী৷ ওখ পাহাৰ, পাহাৰীয়া নদী, পাতলীয়া জনবসতিপূৰ্ণ
অঞ্চলৰ ওপৰে ওপৰে আমাৰ বিমান গো-গোঁৱাই গৈ আছে৷ চকুকেইটাক শান্তি নিদিয়াকৈ উপভোগ কৰি
গৈছো তলৰ দৃশ্যাৱলী৷
তেনেতে হঠাৎ দেখা পালো... ৰামধেনু! এখন নহয়, দুখনকৈ৷
হাৰ্ৰে...
সমস্ত দৃষ্টি যেন নিবদ্ধ তাতেই নিবদ্ধ হৈ পৰিল!
বাঃ, কি ধুনীয়া!
পকেটত থকা ডিজিটেল কেমেৰাটোও তৎক্ষণাৎ সক্রিয় হৈ
উঠিল৷ খিৰিকীৰ আয়নাত আগটো লগাই দি ৰামধেনুৰ দিশে টোঁৱাই কেইবাটাও স্নেপ ললো৷ পলক নেপেলোৱাকৈ
চাই চাই গ’লো৷
মোৰ বাবে সঁচাই এক বিৰল দৃশ্য এয়া৷ নিজকে কিবা বৰ সৌভাগ্যৱান যেনেই লাগি গ’ল৷
সেই আনন্দময়
যাত্ৰাক সময়ে সময়ে সুঁৱৰিবৰ বাবে আলোক-চিত্ৰকেইখনো এই লেখাৰ লগতে ৰাখিলো৷