'অমৰনাথ'ৰ এডভেঞ্চাৰ কাহিনী লিখিবলৈ আৰম্ভ কৰিবই পৰা নাই মই।
আপুনি গম পাই চাগৈ যে বতৰৰ বিধি-পথালিৰ বাবে মই দুবাৰকৈ যাব লগা হ'ল। প্ৰথমবাৰ ৫ জুলাইত গৈছিলোঁ। জম্মুলৈ। ৰে'লত। বৰষুণ, লেণ্ডস্লাইডে সিফালে জম্মু-শ্ৰীনগৰ হাইৱে'টো ভাঙি পেলালে। ইফালে আকৌ পৰ্বতত ভীষণ তুষাৰপাত। বে'ছ কেম্পত থিতাপি ল'লোঁ। পিছে যাত্ৰা বাতিল বুলি নিশা অফিচিয়েলি ঘোষণা কৰি দিলে। কি কৰোঁ! পিছদিনা পুৱাই বাছত উঠি পোনাই দিলোঁ কাট্ৰালৈ। শ্ৰীমাতা বৈষ্ণু দেৱী মন্দিৰলৈ খোজ ল'লোঁ। অকলেই। তাৰ পৰা বাছেৰে উভতি নিশা পালোঁহি জম্মু। তাৰ পৰা চিধা ৰে'লত উঠি দিল্লী। ঘৰ পালোঁহি ১০ তাৰিখে। অমৰনাথ যাত্ৰা নহ'ল সেইবাৰ। কিন্তু নহ'ব কিয়? হ'বই লাগিব।
বতৰৰ বতৰা অধ্যয়ন কৰি আগষ্টৰ ২ তাৰিখে বিমানযোগে আকৌ জম্মু ওলালোঁগৈ। পিছদিনা যাত্ৰা আৰম্ভ। গৈ গৈ ৭ তাৰিখে অমৰনাথত উপস্থিত হ'ব পাৰিলোঁ। ১০ আগষ্ট তাৰিখে পালোঁহি ডিফু।
অতি কষ্টকৰ এই পদযাত্ৰা। মুঠতে ৪৮ কিলোমিটাৰ খোজ কাঢ়িলোঁ। ওখ ওখ পৰ্বত বগালোঁ, নামিলোঁ। গ্লেচিয়াৰৰ ওপৰেদি খুপি খুপি গ'লোঁ। জম্মু, নুনৱান (পেহেলগাম), শেষনাগ, পঞ্চতৰণি, বালতাল, পুনৰ জম্মু। এই ৬টা কেম্পত ৰাতিবোৰ পাৰ কৰা হ'ল। জম্মু এণ্ড কাশ্মীৰ পুলিছ, ইণ্ডিয়ান আৰ্মী আৰু চি.আৰ.পি.এফ.ৰ কঠোৰ নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে দীঘলীয়া বাছ যাত্ৰা কৰিলোঁ জম্মুৰ পৰা পেহেলগামলৈ আৰু বালতালৰ পৰা জম্মুলৈ। অভ্যন্তৰীণ কাশ্মীৰ স্বচক্ষে দেখা পালোঁ, যি দৃশ্যাৱলী অমৰনাথলৈ নগ'লে প্ৰত্যক্ষ কৰা কাৰো পক্ষে সম্ভৱ নহয়। বিৰল প্ৰাকৃতিক দৃশ্যপট। অতিশয় মনোমোহা। সমষ্ট যাত্ৰাটোত মই ভাৰতৰ বিভিন্ন প্ৰদেশৰ লগতে বিদেশী তীৰ্থযাত্ৰীৰো সাক্ষাৎ পালোঁ। কাশ্মীৰী ভাইসকলৰ লগত মন খুলি কথা পাতিলোঁ। উল্লেখনীয় বিশেষত্ব এটা আছে অমৰনাথ যাত্ৰাৰ। সেয়া হ'ল- তীৰ্থস্থান হিন্দুসকলৰ, সেৱা মুছলমানৰ। বৰ ভাল লগা কথা। খুব ডাঙৰ কথা। আনহাতে সুৰক্ষা বাহিনী (আই.টি.বি.পি., এচ.ডি.আৰ.এফ., আছাম ৰেজিমেণ্ট)ত কৰ্মৰত আৰু কৰ্তব্যৰত অসমীয়া কেইজনমানকো লগ পালোঁ আৰু আলাপ কৰিলোঁ। ভিন ভিন স্থানত ভিন ভিন লংগৰৰ বিনামূলীয়া আহাৰ খালোঁ। পৰ্বতৰ বক্ষত বৰফ থকা হেতুকে ঠাণ্ডাও কিছু আছিল। তথাপি একো অসুবিধাই হোৱা নাছিল মোৰ। ফিটনেছ একদম সঠিক আছিল। কাজেই সুকলমে সমাপ্ত কৰিব পাৰিলোঁ এই একক-অনন্য যাত্ৰা। জয় ভোলে।
No comments:
Post a Comment