Monday, 18 July 2016

আকৌ হেৰাই যোৱাৰ সুযোগ ল’লোঁ

‘প্ৰকৃতিৰ এটা মাত্ৰ স্পৰ্শই সমগ্ৰ বিশ্বক নিকটাত্মীয় কৰি তোলে৷’ …শ্বেইক্সপীয়েৰ



আমাৰ চুবুৰীয়া প্ৰদেশ নাগালেণ্ডৰ খনমা আংগামী নগা গাঁও পৰিভ্ৰমণ কৰা আৰু নাগালেণ্ড-মণিপুৰ ৰাজ্যিক সীমান্তৰ ঝুকৌ ভেলীলৈ ভিছৱেমাৰে উঠি ঝাখামাৰে নামি কৰা ছামাৰ হিল ট্ৰেকিং এক্সপিডিশ্বন আছিল আমাৰ পৰ্যটক দলটোৰ শেহতীয়া পৰ্যটন-কাৰ্য৷

কালি সমাপ্তি পৰা এইবাৰৰ যাত্ৰা-সূচীয়ে শ্বেইক্সপীয়েৰৰ বাক্যষাৰিৰ গভীৰতা বাৰুকৈয়ে উপলব্ধি কৰোৱালে৷

‘যোদ্ধাৰ গাঁও’ খনমা আৰু ‘পুষ্প উপত্যকা’ ঝুকৌৰ বিপুল বৈভৱৰ বিষয়ে সবিস্তাৰে লিখিবলৈ দীঘলীয়া সময় নিশ্চয়কৈ লাগিব৷ সদ্যহতে দুয়োটি স্থানৰে একোখনকৈ ছবি উপস্থাপনেৰে এইটোকে ক’ব খুজিছোঁ যে ট্ৰেকিং-কেম্পিঙৰ প্ৰতি উন্মাদ নেছাৰেলিষ্ট-এডভেঞ্চাৰিষ্টসকলে একেটা পাকতে এই দুই পৰ্বতীয়া ঠাইৰ সোৱাদ ল’বগৈ পাৰে, যেনেকৈ আমি লৈ আহিলোঁ৷

যাওকচোন, ৰাক্‌চেক্‌টো পিঠিত তুলি, হাতত ৱাকিং ষ্টিকডাল লৈ আপুনিও এবাৰ ভূমুকিয়াই আহক, এইকেইদিনতে৷

হেৰাই যোৱাৰ আনন্দ নিশ্চয় পাব৷

Tuesday, 28 June 2016

এজন তাৰকা খেলুৱৈৰ প্ৰস্থানত
(গল্প নহয়, সত্য)


দ্যা কোপা আমেৰিকা চেণ্টিনেৰিঅ’ৰ ফাইনেল৷ তাকে লৈ বিশ্বৰ অগণন ফুটবলপ্ৰেমীৰ মাজত ব্যস্ততা তুংগত৷ আৰ্জেণ্টিনা আৰু চিলীৰ মাজত অনুষ্ঠিতব্য খেলাখন নোচোৱাৰ কথাই নাহে৷ যোৱাবাৰ চিলীৰ হাতত হাৰ মানিলেও আৰ্জেণ্টিনা ফেভাৰিট এইবাৰ৷ হেনজানি প্ৰাতঃভ্ৰমণ সমাপ্ত কৰি ময়ো উপস্থিত হৈছোঁহি টিভিৰ পৰ্দাৰ সন্মুখত৷ প্ৰায় ৮২,০০০ৰো অধিক দৰ্শকেৰে নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফ’ৰ্ডত অৱস্থিত মেটলাইফ ষ্টেডিয়ামৰ চুক-কোণ ইতিমধ্যে ভৰি পৰিছে৷ উৎসৱমুখৰ পৰিৱেশ৷

আৰ্জেণ্টাইন কেপ্টেইন লায়নেল মেছি৷ নাম ক’লেই বিশ্বই যাক জানে৷ মোৰ প্ৰিয় ফুটবলাৰ অৱশ্যে মেছি নহয়৷ আৰ্জেণ্টিনা কিম্বা চিলী কাৰো সমৰ্থকো নহওঁ মই৷ অথচ মেছিৰ খেল আৰু মনস্তত্বৰ প্ৰতি তীব্ৰ আকৰ্ষণ আছে৷ অনুৰূপ চিলীৰ এলেক্সিজ চানচেজৰ প্ৰতিও৷ উৎসাহৰ কথা, ফিল্ডত দুয়োজন দুফালে থাকিব আজি৷

পুত্ৰৰহে প্ৰিয় তাৰকা লায়নেল মেছি৷ প্ৰিয় দল আৰ্জেণ্টিনা৷ চূড়ান্ত খেলখন ৰেকৰ্ড কৰি ৰখাৰ দায়িত্বৰে পে’ন ড্ৰাইভটো মোক চমজাই সি গুচি গ’ল স্কুললৈ৷ আহি পালে ৰেকৰ্ডিং চাব৷ মেছি-মেজিক চাব৷ আৰ্জেণ্টিনাক চাব৷ যাওঁতে দৃঢ়তাৰে শুনাই থৈ গ’ল, ‘আৰ্জেণ্টিনা আজি জিকিব৷ হাণ্ড্ৰেড পাৰ্চেণ্ট৷ মেছিক কোনেও ৰাখিব নোৱাৰে৷ চেম্পিয়ন হ’বই৷’

সমৰ্থকবিলাকৰ ধাৰণা তেনেকুৱাই৷ সদায় জিকে৷ প্ৰতিখন খেলতেই জিকে৷ হাৰিলেহে কান্দে৷ দুখ লাগে৷ খং উঠে৷

খেলুৱৈ আৰু অফিচিয়েলছ ফিল্ডত সোমাইছে৷ ৰাষ্ট্ৰীয় গান গোৱা হৈছে৷ কিক্‌ অফ্‌ হৈ গ’ল৷ হালধীয়া কাৰ্ডৰ পয়োভৰ বাঢ়ি আহিছে৷ হাফ টাইম হ’ল৷ উভয় দলৰে এজনকৈ খেলুৱৈয়ে ব্ৰাজিলিয়ান ৰেফাৰী হেবাৰ ল’পেজে দাঙি ধৰা ৰঙা কাৰ্ড দেখা পালে আৰু খেলপথাৰ এৰিলে৷ গতিকে দহজন দহজন খেলুৱৈৰে খেলাখন চলিছে৷ নিৰ্ধাৰিত ৯০ মিনিট গ’লশূন্যভাৱে ড্ৰ থাকিল৷ তাৰ পাছত ৩০ মিনিটৰ অতিৰিক্ত সময়৷ তাতো গ’লশূন্য৷ তাৰ পাছত আহিল পেনাল্টী শ্বুট আউট৷

চিলীৰ আৰ্তুৰ’ ভিডালে লোৱা প্ৰথমটো স্পট-কিক্‌ বাঁওফাললৈ ডাইভ মাৰি ধৰি পেলালে আৰ্জেণ্টাইন গ’লকীপাৰ চাৰ্জিঅ’ ৰোমেৰ’ই৷ আৰ্জেণ্টিনা শিৱিৰত স্ফূৰ্তি৷

এইবাৰ আৰ্জেণ্টিনাৰ পাল৷ প্ৰথমে আগ বাঢ়িছে দলপতি নিজেই৷ বলটো পেনাল্টি স্পটত পাতিলে৷ স্বাভাৱিক শান্ত-সৌম্যতা মুখমণ্ডলত স্পষ্ট৷ শ্বট ল’ব বাঁওভৰিৰে৷ বলৰ পৰা চাৰিখোজমান আঁতৰত কোণীয়াকৈ অৱস্থান লৈছে৷ সন্মুখত বিপক্ষৰ গ’লৰক্ষক ক্লডিঅ’ ব্ৰেভ’৷ উমৈহতীয়া স্পেনিচ ক্লাব এফ.চি. বাৰ্চিল’নাৰ সতীৰ্থ খেলুৱৈ, বন্ধু৷ হ’লেও দুয়োৰে বাবেই এতিয়া দেশৰ সন্মানৰ প্ৰশ্নটোহে আগত৷ মেছি বনাম ব্ৰেভ’ নহয়, আৰ্জেণ্টিনা বনাম চিলী৷

ৰেফাৰীৰ সংকেত-ধ্বনি বাজি উঠিল৷ বল আৰু গ’ল লক্ষ্য কৰি লাহেকৈ আগুৱাই আহিল তেওঁ৷ যাদুকৰী ভৰিৰ হিচাপী ঠেলা৷ গ’লকীপাৰে পূৰ্বানুমানেৰে ডাইভ মাৰিলে সোঁহাতলৈ৷ মেছিৰ লক্ষ্য ৰ’ল বাঁওহাতে৷ ঠগ খাই গ’ল গ’লকীপাৰ৷ কিন্তু ইকি! নেটলৈ নগৈ বাহিৰৰ ফালেহে দেখোন বল ধাৱমান হৈছে! গ’লত নোসোমাই ক্রছবাৰৰ ওপৰেৰে গুচি গ’ল পেনাল্টি স্পটৰ পৰা উৰি অহা বলটো৷ তাৰ মানে!

অবিশ্বাস্য! বাকস্তব্ধ খেল চাই থকা দৰ্শক, বিশেষকৈ আৰ্জেণ্টাইন সমৰ্থক৷ হতভম্ব মেছি-ফেন৷ সাম্প্ৰতিক সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰজনে বলটো গ’লৰ ভিতৰত ৰাখিবই নোৱাৰিলে! গ’লকীপাৰে ধৰা-নধৰাটো পাছৰ কথা৷

স্বাভাৱিকতেই উল্লাসত ফাটি পৰিল চিলীৰ সমৰ্থক৷ আৰু এইফালে? ক্রন্দনমুৱা হৈ পেনাল্টি শ্বুটাৰজন আঁতৰি আহিছে এখোজ-দুখোজকৈ৷ মুখখন তেওঁ ঢাকি ধৰিছে৷ অতিশয় বিমৰ্ষ দেখা গৈছে খেলুৱৈজনক৷

চূডান্ত ফলাফল, পেনাল্টি শ্বুট আউটত চিলী জিকিল ৪-২ গ’লত৷ পুৰস্কাৰ প্ৰদান অনুষ্ঠান, চূড়ান্ত বিজয়ীৰ ভিক্টৰী লেপ, পিটবুল আৰু অষ্টাদশী ৰমণীহঁতৰ উদ্দাম নৃত্য চাই দ্যা কোপা আমেৰিকা এইবাৰলৈ সামৰিলোঁ৷

ইমানখিনিলৈকে ঠিকেই আছিল৷ কিন্তু অলপ পাছতে আহিল সেই অপ্ৰত্যাশিত খবৰ৷ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা লায়নেল মেছিৰ অৱসৰ! বিশ্ববাসী ক্ৰীড়ামোদীয়ে ভাবিব নোৱাৰাকৈ এটা তাৎক্ষণিক সত্য সিদ্ধান্ত৷

এই সিদ্ধান্তই বহুতকে শোকস্তব্ধ কৰিলে৷ য’তেই মেছিপ্ৰেমী ত’তেই অন্তহীন আলোচনা চলিছে৷ মেছিয়ে প্ৰথমে শ্বটটো নোলোৱা হ’লেনো কি হ’লহেঁতেন? মেছিয়ে মিছ কৰাৰ পাছতো আৰ্জেণ্টিনা জিকি যোৱা হ’লে কি হ’লহেঁতেন? মেছি খুব চাপত আছিল নেকি খেলখনত? এমুখ দাঢ়িৰে মেছিক চিন্তিত যেন লাগিছিল অৱশ্যে খেলৰ আৰম্ভণিৰে পৰাই৷ ৰেফাৰীৰ সৈতে মেছিক বহুবাৰ আলাপ কৰাও দেখিছিলোঁ৷ এবাৰ হালধীয়া কাৰ্ডো পালে৷

খেল খেলেই৷ ধেমালি নহয়৷ তাতে এয়া হৈছে যোগ্যতাৰ প্ৰতিযোগিতা৷ ফুটবলক লৈ জীয়াই থকা দেশ এখনৰ মৰ্যাদাৰ প্ৰশ্ন য’ত জড়িত হৈ আছে৷ হৰা-জিকাই ইয়াত বহু কথাৰে আমদানি-ৰপ্তানি কৰিব পাৰে৷

ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰতি নিজৰ দায়বদ্ধতা সাৰোগত কৰি আন্তৰ্জাতিক ফুটবলৰ পৰা সন্যাস ল’লে বিশিষ্ট ফুটবলাৰ লায়নেল মেছিয়ে৷ ফুটবল পথাৰত আকাশী নীলা আৰু বগাৰঙী ১০ নম্বৰ জাৰ্চিত তেওঁক আৰু দেখা নাযাব৷ আগন্তুক ৰাছিয়া বিশ্বকাপতো তেওঁ নাথাকিব৷ খবৰটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে বিশ্বৰ বিভিন্ন কোণত লাগিছে হাহাকাৰ৷ হঠাতে যেন কিবা এটা হেৰোৱাৰ বেদনা৷ আজেণ্টিনাৰ সমৰ্থক, মেছিপ্ৰেমীয়ে উচুপি উঠিছে৷ ছুপাৰষ্টাৰ ডিয়েগো মাৰাডোনাকে ধৰি পৃথিৱীৰ অনেকজনে তেওঁক ঘূৰি আহিবলৈ আহ্বান জনাইছে৷ বহুতৰে বাবে আনকি কঠিন হৈ পৰিছে নিজকে বুজাবলৈ, ষ্টাৰ ফুটবলাৰজনে ৰিটায়াৰমেণ্ট ঘোষণা কৰা বুলি প্ৰচাৰিত আচম্বিত বাৰ্তাটো৷

স্কুলৰ পৰা আহি পোৱা পুত্ৰৰো একেটাই দশা৷ খেলো হাৰিলে, মেছিকো হেৰুৱালে৷ মিশ্ৰিত শোকে যেন দুগুণে খুন্দিয়াইছে৷ সমৰ্থকবোৰ তেনেকুৱাই৷ হৰাটো অসহ্যকৰ৷ চকুপানী ওলাই আহে, আপোনা-আপুনি৷

দায়বদ্ধ ফুটবলাৰৰ পৰিচয় দি বিশ্ব ফুটবলৰ নামী-দামী ষ্ট্ৰাইকাৰজন গুচি গ’ল৷ প্ৰিয় ফুটবলাৰ নাছিল যদিও তেওঁৰ খেল মোৰ ভাল লাগিছিল, শান্ত-শিষ্ট স্বভাৱটো ভাল লাগিছিল৷

গ্ৰেণ্ড চেলুট টু লায়নেল মেছি৷

Sunday, 26 June 2016

দিন ন  ৷৷ ৮.১১.২০১৫
১. গৃহপ্ৰৱেশ



ৰে’লখন ৰঙিয়া পাওঁতে ঘপকৈ সাৰ পাই গ’লোঁ৷ ৪.০০ বাজি কেইমিনিটমান গৈছে৷ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত কৰা ঘোষণা মাইকযোগে ভাহি আহিছে৷ টোপনিৰ জাল কাটি কাণ পাতি শুনি বুজিবৰ চেষ্টা কৰিছোঁ৷ ১ নং প্লেটফৰ্মত অবধ আছাম এক্সপ্ৰেছ আহি আছে বুলি কৈছে৷ দুনাই মন দিয়াৰ চেষ্টা কৰিছোঁ৷ অঁ, ঠিকেইতো শুনা পাইছোঁ৷ ক্ষন্তেক পাছতে ট্ৰেইনখন আহি পাবহি বুলি কৈ আছে৷ আমি ৰৈ আছোঁ ৪ নম্বৰত৷ খৰখেদাকৈ নামি গ’লোঁ৷ মুখৰ আগত আগৰে পৰাই দণ্ডায়মান মালগাড়ী এখন৷ ডবাৰ ফাঁকেৰে দেখা গ’ল যে সিফালৰ ট্ৰেকেৰে ৰে’ল এখন সোমাই আহিছে৷ অলপ পাছতে ৰৈ গ’ল৷ আক-তাক সুধি গম পালোঁ যে হয়, সেইখনেই উজনিমুৱা ১৫৯১০ নং লালগড়-ডিব্ৰুগড় অবধ আছাম এক্সপ্ৰেছ৷ আজি লে’ট চলিছে৷ কিন্তু সোনকালেই ৰঙিয়া জংছন এৰিব৷ কি কৰা যায়? দৌৰি গৈ উঠি যাবলৈ মন গৈছে৷ কিন্তু অসম্ভৱ৷ ভাবি থাকোঁতেই গাড়ী এৰাৰ ঘোষণাটোও হ’ল৷ সিফালে চাওঁতে দেখোঁ যে এৰিলেই৷ লাহে লাহে চলি গৈ থাকিল ডিব্ৰুগড়লৈ বুলি৷

সেইখন ধৰিব পৰা হ’লে সোনকালে ঘৰ পালোঁগৈহেঁতেন৷ পিছে এতিয়া আৰু ভাবি একো লাভ নাই৷ সেইটো কোনোপধ্যে সম্ভৱ নহয়৷ গুৱাহাটীলৈ গৈ তাৰ পৰা ৭.৩০ বজাত ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছখন পৰৱৰ্তী টাৰ্গেট ৰূপে লোৱাই ভাল৷ সেইখন ৰে’লৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ’ব যদিও ৰঙিয়াত এতিয়াই নামি হামিয়াই থকাতকৈ গুৱাহাটীলৈ যোৱাটোৱে বুদ্ধিমানৰ কাম হ’ব৷ অৰূপদা আৰু অমৰ গুৱাহাটীত ৰৈ যাব৷ অমৰৰ ব্যক্তিগত কাম আছে৷ আনহাতে এই যাত্ৰাৰ মাত্ৰ দুদিন আগেয়ে কেম’ থেৰাপী দিয়াই অৰুণাচল যাত্ৰাত ভাগ লোৱা দেউতাকক চাবলৈ কাষ পাবগৈ অৰূপদা৷ প্ৰদীপদা আৰু মইহে পোনে পোনে ডিফুলৈ যাত্ৰা কৰিম৷

পুনৰ যাত্ৰা কৰি কামাখ্যা জংছনত গাড়ীখন ৰ’ল৷ ইয়াত এক মিনিট সময় ৰ’ব লাগে যদিও হিচাপতকৈ বেছি কৰাত বৰুণ আৰু দেবিন্দৰৰ উচ্‌পিচনি বাঢ়ি গ’ল৷ তেনেই স্বাভাৱিক কথা৷ কাৰণ সিহঁতে দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছ ধৰিবগৈ লাগে৷ টিকট কটা আছে৷ সময়ৰ অংক কৰি চাই ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱা হ’ল যে গুৱাহাটীলৈ নগৈ ইয়াতে তেওঁলোকে নামি খাপ পাতি ৰোৱাই উচিত হ’ব৷ নহ’লে কিবা কাৰণত ধৰিবগৈ নোৱাৰিলে নতুন সমস্যা ওলাব৷ তাকে ভাবি তম্বুকে আদি কৰি দুয়োৰে বস্তু-বাহানিখিনি নমাই দিয়া হ’ল৷ সিহঁতক সহায় কৰিবলৈ দীপকদাও নামি দিলে কামাখ্যাতে৷ আমি বাকীখিনিয়ে তিনিওকে বিদায় জনালোঁ৷ কিছুবেলিৰ মূৰকত আমাৰ ৰে’লখন চলিব লাগিল৷

পুৱা প্ৰায় ৭.০০ বজাত গুৱাহাটী সোমালোঁহি৷ নমাৰ আগে আগেই সকলোকে মাতবোল লগাই আজৰি৷ কাৰণ ৰৈ থাকিবলৈ সময় তাকৰ৷ সময়-সুবিধা মিলিলে ভৱিষ্যতৰ কাৰ্যসূচীত চামিল হ’বলৈ সকলোৱে এৰাএৰিৰ মুহূৰ্ততে আগ্ৰহ প্ৰকাশ কৰি থ’লে৷ জয়ন্তদাই ইতিমধ্যে চমুকৈ আগজাননী এটা দিয়েই দিছে৷ জুলাইত জুকু ভেলী, নৱেম্বৰত মেচুকা৷ সময়ত খাটাং তথ্য ই-মেইল, ৱাটছআপ, এছ.এম.এছ. কৰা হ’ব৷ কেঁচা আৰু টুকুৰা খবৰকে সদ্যহতে মন-কাগজৰ এডভেন্সাৰ পৃষ্ঠাত লিখি ল’লোঁ৷

প্ৰদীপদা আৰু মই ট্ৰেইনৰ পৰা নামিয়ে পিঠিত ৰাক্‌চেক লৈ টিকট কাউণ্টাৰলৈ দৌৰ মাৰিছোঁ৷ ইফালে মাইকত কৈ আছে ১২৪২৩ ডিব্ৰুগড় টাউন নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছে বিলম্বিত সময়ত গুৱাহাটী এৰিব আজি! ছেঃ, বৰুণহঁত তেন্তে মিছাতে হুৱাদুৱাকৈ নামিল কামাখ্যাত৷ খবৰটো আগতে সংগ্ৰহ কৰি ল’ব লাগিছিল৷ তেনেকুৱাতে ফোনযোগে জানিবলৈ পালোঁ যে বৰুণ, দেবিন্দৰ আৰু দীপকদা কামাখ্যাৰ পৰা অট’ৰিক্সাৰে পুনৰ গুৱাহাটীলৈকে আহি আছে৷ ইস্‌, এনেয়ে নমা হ’ল তাত৷ মিছাতে কষ্টখন!

টিকট দুটা কাটিয়ে অ’ভাৰব্ৰীজ বগাই আমি দুয়ো ৩ নং প্লে’টফৰ্ম পালোঁগৈ৷ ১ নম্বৰত ৰাজধানীখন ৰৈ আছে৷ হাৰিয়ানী দুটাও ইতিমধ্যে পালেহি৷ দৌৰা-দৌৰিকৈ গাড়ীত উঠিল৷ বাকীসকলে সহায় কৰি দিলে৷ ৰঙা ৰে’লগাড়ীখন অলপ পাছতে আমাৰ সন্মুখেৰেই চলি যোৱা দেখিলোঁ৷ পিছে পাছফালৰ পৰা শেনদৃষ্টি দিও আমি দুয়ে সিহঁত দুটাক নেদেখিলোঁ, সিহঁত দুটায়ো আমি দুইক দেখা নাপালে৷ সি যি কি নহওক, দুৰ্গম পাৰ্বত্য যাত্ৰাৰ বিৰল সোৱাদ লৈ ফৰিদাবাদলৈ ঘূৰি গ’লগৈ বৰুণ আৰু দেবিন্দৰ৷ আমাকো দি থৈ গ’ল সহজে পাহৰিব নোৱাৰা কেতবোৰ স্মৃতি৷ সকলোবোৰ এতিয়া আমাৰ মগজু আৰু কেমেৰা-ম’বাইলৰ মেম’ৰী কাৰ্ডত বন্দী৷ আগ্ৰহীজনক সেইবোৰ দেখুৱাই দেখুৱাই বাটৰ কাহিনী কিমানযে শুনাব নালাগিব!

৭.৩০ বজাত ১৫৯২৭ নং উজনিমুৱা ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ আহিল৷ প্ৰদীপদা আৰু মোৰ ৰে’লযাত্ৰা আৰম্ভ হ’ল ডিফু অভিমুখে৷ গাড়ীয়ে গতি লোৱাৰ পাছতে প্ৰদীপদাই বেগ খুঁচৰি খেজুৰ, চকলেট, বিস্কুট আদি উলিয়ালে৷ সেইবোৰ খাই খাই ওৰে বাট ট্ৰেকিং-কেম্পিং এড্‌ভেন্সাৰ ট্ৰিপটোৰ কথাকে পাগুলি পাগুলি আহি থাকিলোঁ দুয়ো৷ ভ্ৰমণ বস্তুটোৱেই তেনেকুৱা৷ চিৰদিনৰ আনন্দদাতা৷ কোনোবাই ঠিকেই কৈছিল, Travelling leaves you speechless, then turns you into a storyteller৷

মাজে মাজে সংগীসৱৰ পৰা ফোন আহিছে, কোনখিনি পাইছোঁ জানিবলৈ৷ গুৱাহাটীৰ সকলোটি ঘৰাঘৰি গৈ সোমালেই৷ অৰূপদাও উপস্থিত হৈছেগৈ অসুস্থ দেউতাকৰ কাষত৷ সোৱণশিৰিৰ পাৰে পাৰে কৰা এই অসমাপ্ত যাত্ৰা সামৰি আমিও ঘৰ পাই যাম কেইটামান ঘণ্টাৰ মূৰত৷ ৰে’ল চলি আছে৷

অনিশ্চয়তাৰ পিছ খেদি ৩১.১০.২০১৫ তাৰিখে দুপৰীয়া ১২.০০ বজাত ওলাইছিলোঁ৷ আজি ৮.১১.২০১৫৷ অট’ৰিক্সা এখনেৰে দিনৰ ঠিক ১২.০০ বজাত ঘৰৰ আগত নামিলোঁ, সুস্থ শৰীৰেৰে৷ চিৰিকেইটা নামি থাকোঁতে মনত ভুমুকিয়ালে Helen Kellerৰ এটি বাক্য... Life is either a daring adventure, or nothing.




সহায়ক গ্ৰন্থ, তথ্যদাতা, ইণ্টাৰনেটৰ সূত্ৰ আদি

১. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ : আব্দুছ ছাজিদ, abdussazid.blogspot.in
২. মিৰি-জীয়ৰী : ৰজনীকান্ত বৰদলৈ; ২০১৪; অসম বুক ট্ৰাষ্ট, গুৱাহাটী
৩. বিহুগীত আৰু বনঘোষা : লীলা গগৈ; নৱেম্বৰ ২০০৮; বনলতা, ডিব্ৰুগড়
৪. বিহু আৰু অসমীয়া সমাজ : ভদ্ৰেশ্বৰ বেজবৰুৱা; মাৰ্চ ২০০৮, ঘাঁহী শাখা সাহিত্য সভা, নগাঁও
৫. ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ : ইছমাইল হোছেইন; ডিচেম্বৰ ২০০৬; জ্যোতি প্ৰকাশন, গুৱাহাটী
৬. বিপন্ন উদ্ভিদ : ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ
৭. অসমৰ জনজাতি, সম্পাদক : শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য; ১৯৬২; লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
৮. অসমৰ নদ-নদী : ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা; জানুৱাৰী ১৯৯৩; অসম সাহিত্য সভা, যোৰহাট
৯. অসমৰ লোক-সংস্কৃতি : চাও লোকেশ্বৰ গগৈ; এপ্ৰিল ২০০৭; চাও দেৱজিৎ বৰুৱা, নাং বন্দনা বৰুৱা (গগৈ), ভূপাল, মধ্যপ্ৰদেশ
১০. পুৰণি অসমৰ পৰ্বত-ভৈয়ামৰ ভাইসকল : বিচিত্ৰনাৰায়ণ দত্ত বৰুৱা; পঞ্চম তাঙৰণ, ১৯৯২; লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
১১. অসমৰ প্ৰাইমেট : সৌম্যদ্বীপ দত্ত; ২০০৭; নেচাৰ্চ বেকন
১২. বৰ্ণিল অৰুণাচল : সৌম্যদ্বীপ দত্ত; ২০১২; ভবানী বুক্‌ছ, গুৱাহাটী
১৩. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, প্ৰথম খণ্ড; মুখ্য সম্পাদক : যোগেশ দাস; ১৯৮৯; ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ
১৪. মেৰেং : অনুৰাধা শৰ্মা পূজাৰী; মাৰ্চ ২০১৫; বনলতা, গুৱাহাটী
১৫. আমাৰ অসম (দৈনিক বাতৰি কাকত, গুৱাহাটী), ৪.৫.২০১৬
১৬. প্ৰান্তিক (পষেকীয়া আলোচনী, গুৱাহাটী) ১-১৫ নৱেম্বৰ, ২০১৫
১৭. Border Tagins of Arunachal Pradesh : The Unarmed Expedition of 1956 : Maj. S. M. Krishnatry; 2004; National Book Trust
১৮. Brahma's Creation (North-East Trilogy-II) : Dipti Bhalla, Kunal Verma; 2011; KaleidoIndia
১৯. Hip-hop natural boy and other poems : Ruskin Bond; 2014; Puffin Books
২০. The Himalayan Journal, Vol. 62, Editor : Harish Kapadia; 2006
২১. Indian Journal of Traditional Knowledge, Vol. 8 (1); January 2009
২২. Arunachal Pradesh G. K. with Current Affairs and Latest Who's Who; 2016; Good Books Distributors Publishers, Kolkata-16
২৩. A Handbook of Civil Engineers : Er. Rajmohan Nath
২৪. The Assam Tribune : 24.11.2015, 28.12.2015, 14.1.2016, 23.4.2016, 6.5.2016
২৫. The Telegraph : 20.7.2013, 11.12.2008
২৬. Asian Age/Deccan Chronicle : 25.5.2016
২৭. Wikipedia, the free encyclopedia
http://www.indiamapia.com/Papum_Pare/doimukh.html
http://www.censusindia.gov.in/2011census/dchb/
http://www.arunachalilp.com
http://www.caravanmagazine.in/vantage/the-border-villages-of-arunachal-pradesh-a-story-of-neglect
http://www.arunachalplan.gov.in/html/docs/badp/Status_of_ BADP09.pdf
http://www.census2011.co.in/census/state/districtlist/arunachal +pradesh.html
http://www.niscair.res.in/sciencecommunication/esearchjournals/rejour/ijtk/Fulltextsearch/2009/January%202009/IJTK-Vol% 208(1)-%20January%202009-%20pp%20127-130.htm
http://www.harishkapadia.com/downloads/2005-takpa-siri-arunachal-report-with-map.pdf
https://in.news.yahoo.com/forgotten-sino-india-war-hero-shere-thapa-no-123604322.html
https://www.facebook.com/groups/naatagin/?ref=br_rs
https://www.facebook.com/photo.phpfbid=1002879919784807&set=a.1004017363004396&type=3&theater
https://www.facebook.com/groups/1431341407180547/?ref =br_rs
https://www.facebook.com/groups/touristforumincredible uppersubansiriarunachal/?ref=suggested_groups
https://www.facebook.com/Trekking-Expedition-from-Siyum-To-Menchuka-642157362593245/
https://greenerpasturesind.wordpress.com/2012/09/07/the-ziro-music-festival-arunachal-pradesh-woodstock-of-india/
https://greenerpasturesind.wordpress.com/2012/10/18/central-arunachal-pradesh-tour-day-34-daporijo-subansiri-and-tagins/
https://greenerpasturesind.wordpress.com/2012/09/27/central-arunachal-pradesh-tour-day-12-ziro-and-the-apatanis/
http://www.indovacations.net/english/Daporijo.htm
http://wikiedit.org/India/Taksing/101083/
http://www.facebook.com/IncredibleUpperSubansiri Arunachal Pradesh
http://en.wikipedia.org/wiki/Upper_Subansiri_district
http://ardistricts.nic.in/district_home.php?did=us
২৮. তথ্যদাতা : মাদা চৰুম, জে. জে. ভাই, ডাঃ জ’তি নাল’, নিকেল নাল’, তানি ম্ৰা, আমা ম্ৰা, তাল’ নাল’, লিদা নাল’, তাগে’ নাল’, ৰকেশ ন্যজু, চিংকাৰ চেকে, তায়া ৰাই, এম. কে. মোহন, পান্যা চিক’৷



Saturday, 25 June 2016

দিন আঠ  ৷৷ ৭.১১.২০১৫
৩. জিৰোৰ পৰা নাহৰলাগুন ৰে’ল ষ্টেচন


ভেলী ভিউত ধীৰে-সুস্থিৰে অন্নমুঠি গ্ৰহণ কৰি গাড়ীত উঠোঁমানে ৪.০০ বাজি পাৰেই হ’ল৷ ইফালে এছোৱা যাবলৈ আছেই! অলপ পাছতে আকৌ চকা ঘূৰিল সৰ্পাকৃতিৰ পাহাৰীয়া ৰাস্তাত৷ জিৰোৰ পৰা এতিয়া ক্রমে নামনিলৈ যাব লাগিব৷ ৰাস্তাটো ঠেক৷ আমি ঠাই সলাই বহিছোঁ৷ পাছৰ চিটৰ পৰা এইবাৰ আগলৈ প্ৰমোচন পালোঁ৷

আমাৰ ৰে’ল নিশা ৯.৩০ বজাত এৰিব, নাহৰলাগুন ষ্টেচনৰ পৰা৷ ১৫৬১৮ নং নামনিমুৱা নাহৰলাগুন-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ৷ টিকট কটা আছে৷ গতিকে চিন্তা কৰিবলগীয়া নাই৷ হাতত সময় অফুৰন্ত৷ পান্যা আৰু জে. জে. দুয়োকে জনাই দিয়া হৈছে গাড়ী লাহে লাহে চলাবলৈ৷ খৰধৰৰ কোনো প্ৰয়োজন নাই৷ প্ৰাণ বচাই সময়মতে গৈ পালেই হ’ল৷ দলৰ অকৃতদাৰ সদস্য প্ৰদীপদাক এইটো প্ৰসংগত বেছি উৎসাহী যেন দেখা গৈছে৷

সিখন গাড়ীৰ বেমাৰটো আকৌ লাগিল৷ অনেক সময় ধৰি দেখাদেখি নাই৷ এনেয়ে হ’লে এনেকুৱা পথত দূৰত ক’ৰবাত নহয় ক’ৰবাত আহি থকা অৱস্থাত দেখা পোৱা যায়৷ এতিয়া চকুৰে মণিব পৰালৈকে গাড়ীৰ চেহেৰাই নাই৷ কি হ’ল সিহঁতৰ? আমিও ৰৈ দিছোঁ এঠাইত৷ নামি লৈ কদৈসিৰীয়া বিস্তীৰ্ণ পৰ্বতৰ অনন্ত-যৌৱনা ৰূপ-মাধুৰী উপভোগেৰে নয়ন সাৰ্থক কৰি আছোঁ৷ তেনেকুৱাতে সিহঁত পালেহি৷ নিজৰ দোৱানত জে. জে.ক দুআষাৰ টান কথা শুনাই আমাক উঠাই লৈ আকৌ গাড়ী এৰি দিছে পান্যাই৷ তৰ্ক নকৰি হাঁহি মাৰি পিছ লৈছে জে. জে. ভায়ে৷ গাড়ী চালকৰ এইধৰণৰ ধেমালি-ধুমুলাবোৰ ভীষণ উপভোগ্য৷ মতান্তৰ থাকিলেও মনান্তৰ নাথাকে৷

জোৰাম পাৰ হ’লোঁ৷ ৰঙা নৈৰ পাৰৰ বগা কাঞ্চন, ৰঙা-সেউজীয়া Mexican poinsettiaৰ সৌন্দৰ্য চাই চাই য়াশ্বুলি ওলাওঁতে সন্ধিয়াই লাগিল৷ আমাৰ গাইড নিকেল নাল’ৰ সন্তানহাল ইয়াতে জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়ে বুলি কৈছিল৷ আনহাতে চেইণ্ট জন বস্ক’ স্কুল য়াশ্বুলিৰ অন্য এখন বৃহৎ শিক্ষানুষ্ঠান৷ হোটেল এখনৰ সন্মুখত গাড়ী ৰখাই ড্ৰাইভাৰ চে’ক্‌ গে’টলৈ গ’ল৷ সেই সুযোগতে ক্ষন্তেক নামি আমিও হাত-ভৰি পোনালোঁ৷

য়াজালি পালোঁহি৷ তাৰ মানে জিৰোৰ পৰা ইমান সময়ে ৪৫ কিল’মিটাৰ আগুৱাই আহিলোঁ৷ পাৰ হ’লোঁ নীপক’ কমপ্লেক্স৷ য়াজালি নিছি অধ্যুষিত এলেকা৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৃষ্ঠপোষকতাত এই টাউনতে নৱেম্বৰ মাহত আয়োজন কৰা হয় পান্যাৰ ৰিভাৰ ফেষ্টিভেল৷ পান্যাৰ শব্দটোলৈ চাই আমাৰ চালক পান্যা চিক’ক নিছি জনগোষ্ঠীৰ যুৱক যেনেই লাগিছে, যদিও সোধা হোৱা নাই তাক৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পথলীৰ ডেমচাইটৰ লাইটবোৰ জিলিকি উঠিছে৷ ওপৰৰ পৰা সেই দৃশ্য বৰ মোহনীয়া দেখা গৈছে৷ নৈশ আলোকসজ্জিত ৰূপটোৱে বহু সময় মন্ত্ৰমুগ্ধ কৰি ৰাখিলে মনটোক৷ অলপ পাছতে আকৌ হাবিৰ মাজত, ঘোপ মৰা অন্ধকাৰত সোমাই পৰিলোঁ৷

উঠি-নামি নামি-উঠি পতিন পাই গ’লোঁ৷ যাবৰ দিনা পুৱা ইয়াত চাহ-ৰুটি খাই গৈছিলোঁ৷ এতিয়া ৰোৱাৰ প্ৰয়োজন কোনেও অনুভৱ নকৰিলে৷ দিনৰ ভাতকেইটা দেৰিকৈ আৰু খুব ভালকৈ খোৱা হেতুকে এজনেও হয়তো ভোক অনুভৱ কৰা নাই৷ গাড়ী চলি গৈ থাকিল৷ পতিনৰ পৰা আগলৈ বাঁৱে সোমাই কিমিন গে’টেৰে অসমলৈ যায়৷ আমাৰ লক্ষ্য যিহেতু নাহৰলাগুনহে, গতিকে পান্যাই সোঁহাতৰ বহল ৰাস্তাটো অনুসৰণ কৰিলে৷

ইটো পাহাৰৰ পাছত সিটো পাহাৰকৈ পাছফালে থৈ টাটা চুম’ দুখনে ক্রমে ক্রমে নাহৰলাগুনৰ কাষ চাপিছে৷ য়ুপিয়া ৰ’ডত দুই চালকৰ মাজত সৰু-সুৰাকৈ গাড়ী দৌৰৰ প্ৰতিযোগিতা এখনেই লাগিল৷ এইছোৱা ৰাস্তা ভাল৷ আহল-বহল, ক’লা আলকতৰাৰে মসৃণ৷ অ’ত-ত’ত পথ নিৰ্মাণৰ কাম চলিও আছে অৱশ্যে৷ আনহাতে ডাপ’ৰ পৰা সিফালে সঘনাই এই সোঁ, এই বাঁও, আকৌ সোঁ কৰি থাকি চালকে আসনত ভালকৈ বহিবলৈয়ে নাপায় কোনোবাটো মুহূৰ্তত৷ প্ৰতিটো ক্ষণতে ড্ৰাইভাৰজনক অতিশয় ব্যস্ততাৰে তন-মন সঁপি দি কিবা এটা কাম কৰি থকা যেন লাগে৷ চিধা ৰাস্তাত গাড়ী চলোৱা মানুহৰ ক্ষেত্ৰত তেনে ৰূপ সমূলি দেখা নাপাওঁ৷ মোৰ গাড়ী নাই আৰু চলাবও নাজানো৷ গতিকে আমাৰ চালকলৈ চাই চাই কথাবোৰ এনেকৈয়ে ভাবি পাইছোঁ৷ সন্মুখত এতিয়া টাৰ্নিং নথকা নহয় যদিও ৰাস্তা মুকলি আৰু বিপৰীত দিশৰ পৰা অহা গাড়ী নাই বাবে অৰূপদাই একো নামাতি সৰ্পিল বাটৰ ৰোমাঞ্চ নীৰৱে উপভোগ কৰি গৈ আছে৷ এই ৰাস্তাবোৰত গৈ থাকি বেলেগ ধৰণৰ মজা লাগে৷ দিনৰ পোহৰত এক ধৰণৰ মজা, ৰাতি হে’ড লাইটৰ পোহৰত অন্য ধৰণৰ মজা৷ পোন ৰাস্তাত সেই মজা শূন্য৷ সেই মজাৰ ঊৰ্ধ্বত থাকি এইটো নিশ্চয় ক’ব লাগিব যে দিনে-ৰাতিয়ে আমাৰ দুই ড্ৰাইভাৰৰ ড্ৰাইভিং স্কিল অতি উন্নত৷

পথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ স্থাপনৰ দৰে কঠিনতম কাৰ্যকো সহজতৰ কৰি অৰুণাচল প্ৰদেশ তথা দেশৰ বিকাশৰ বুনিয়াদ তৈয়াৰ কৰি থকা হৈছে ৰাজ্যখনৰ এই খণ্ডটোত, য’ত বিদ্যমান মানুহে কৰা সংগ্ৰামৰ অপৰাজেয় দৃশ্য৷ এনেকুৱা ৰাস্তা তাকচিঙলৈকে হৈ উঠিবলৈ কিমান যুগ লাগিব? এনেয়ে এবাৰ প্ৰশ্নটো মনলৈ লৈ আনিলোঁ৷ এনেকুৱা ৰাস্তা তাকচিঙলৈকে হৈ উঠিলে সীমান্তৱৰ্তী মানুহবোৰৰ, তানি-আমাহঁতৰ অৱস্থাৰ উন্নতি কেনেকুৱা পৰ্যায়ত থাকিবগৈ? কষ্ট কৰি তাৰো কল্পনা কৰি চালোঁ৷ আজিৰ তাৰিখত এই ভাবনা অলীক বুলিয়ে ক’ব লাগিব যদিও দূৰ ভৱিষ্যতে কেতিয়াবা বাস্তৱায়িত হোৱাৰ আশা নিশ্চয় কৰাটো ভুল নহ’ব৷

আন যি কি নহওক, দৌৰি থকা গাড়ীখনৰ হে’ড লেম্পৰ তীব্ৰ পোহৰত উজলি উঠা পাহাৰ আৰু পাহাৰৰ পৰা খহি আহিব ধৰা শিল-মাটিৰ সৈতে ৰাস্তা নিৰ্মাণত নিয়োজিত বনুৱাবোৰে কিমানযে সংগ্ৰাম কৰিবলগীয়া হৈছে তাৰ স্পষ্ট আভাস একেধাৰে পাই আছোঁ৷ প্ৰকৃতিৰ সৈতে মানুহৰ সংগ্ৰাম চিৰন্তন৷ অৰুণাচল প্ৰদেশৰ দুৰ্দান্ত প্ৰকৃতিকো এইদৰেই আধুনিক মানুহে বিজ্ঞান-প্ৰযুক্তিৰ সহায়ত বশ কৰিবৰ চেষ্টা চলাইছে৷ তাৰ নামত আনকি প্ৰাণো বিসৰ্জন দি আহিছে৷ লেণ্ডস্লাইড জ’নৰ দৃশ্যপটে সেইটোকে প্ৰকট কৰিছে৷ কাহানিবাই পঢ়া কিতাপ ‘The Old Man and the Sea’ত Ernest Hemingwayই এনেয়ে লিখি পেলোৱা নাই যে Man can be destroyed, not defeated৷ কাৰোবাৰ প্ৰাণ গৈছে, পাছত কোনোবাই এদিন গঢ়ি পেলাইছে৷ হাৰি যোৱাত নাই মুঠতে৷ তাতেই মানুহৰ বাহাদুৰি, মানুহৰ স্বাভিমান৷

দূৰত এখন চহৰ৷ তিৰ্‌বিৰাই উঠিছে অগণিত বিজুলী চাকিবোৰ৷ অতি মনোমুগ্ধকৰ দৃশ্য এটা৷ সোনকালেই ওচৰ পালোঁগৈ৷ তাৰ পাছত একেটা গতিতে নি নাহৰলাগুন ৰে’ল ষ্টেচনৰ মুক্তাংগনত গাড়ী সুমুৱাই দিলে চালকদ্বয়ে৷ ষ্টাৰ্ট বন্ধ কৰাৰ পৰত অৰূপদাৰ ঘড়ীয়ে ক’লে, নিশা ৬.৪৫৷ হাতত এতিয়াও অনেক সময়৷

শেষ হ’ল পাহাৰ আৰু পানীৰ লীলাভূমিত অবাধ বিচৰণ৷ ১ তাৰিখে জে. জে. ভায়ে য’ৰ পৰা উঠাই নিছিল আজি ৭ তাৰিখে ত’তে থ’লেহি, সম্পূৰ্ণ কুশলে-মংগলে৷ তাৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ লগতে এবাৰ ভাবি চালোঁ, ইয়াৰ পৰা কেতেনালা পৰ্যন্ত যোৱা আৰু অহা৷ কম গাড়ী চলোৱা নাই সি৷ চিনাকি বাটটো চিনেমাৰ ৰীলৰ ছবিবোৰৰ দৰে এবাৰ মনলৈ আহি গ’ল৷ সেই বাট এতিয়া আমাৰো চিনাকি৷ সৌ-সিদিনালৈকে অচিনাকি আছিল৷ এতিয়া চকু মুদিলেই ধৰা দি যায় ইখনৰ পাছত সিখন ঠাই, পৰ্বত, নদী আৰু মানুহবোৰে৷ এই বাটটোৱে আজিও ঢুকি নোপোৱা, সৰহ মানুহ গৈ নোপোৱা আনকি নাম নুশুনা জেগায়ো মনৰ পৰ্দাত এতিয়া ভুমুকি মাৰে শব্দটো উচ্চাৰণ কৰিলেই, ভ্ৰমণৰ আনন্দটো যি দুগুণ কৰি তোলে৷

বয়-বস্তুবোৰ নমোৱাত দুয়োজন চালকে সহায় কৰি দিলে৷ সন্তৰ্পণে টৰ্চ মাৰি চালে, ক’ৰবাত কিবা ৰ’ল নেকি৷ জে. জে. ভাই আৰু পান্যা চিক’ক আটায়ে আন্তৰিক ধন্যবাদ আৰু কৰযোৰে, পিঠিত ঢকিয়াই বিদায় সম্ভাষণ জনালোঁ৷ সিহঁত ইটানগৰলৈ যাবগৈ৷ নিশাটো তাতে কটাব৷ পুৱাই আকৌ এই স্থানত গাড়ী লগাবহি৷ ইয়াৰ পৰা যাবগৈ ডাপ’৷ নহয়তো আন কেনিবা৷ জীৱন আৰু জীৱিকাৰ নামত এনেকৈয়ে চলে ইহঁতৰ বিপদসংকুল অহা-যোৱাবোৰ৷ মামূলি কথা ইহঁতৰ বাবে৷ সিহঁতেও খুব ভালকৈ জানে, পথ নিৰ্মাণ হৈ নুঠালৈকে এনেকৈয়ে চলি থাকিব লাগিব, অতিৰিক্ত কষ্ট স্বীকাৰ কৰিব লাগিব, নিজ কৰ্ম কৰি যাব লাগিব, অন্ন-বস্ত্ৰ-বাসস্থানৰ স্বাৰ্থত৷

নিজৰ নিজৰ বস্তু-বাহানি কঢ়িয়াই দুমহলীয়া ষ্টেচন বিল্ডিঙৰ ৱেইটিং ৰুম পালোঁহি আমি৷ তাতে হাত-মুখ ভালকৈ ধুই সতেজ হৈ ল’লোঁ৷ ওচৰে-পাজৰে ভাল চাহ-ভাতৰ হোটেল এতিয়াও গঢ় লৈ উঠা নাই৷ ভাত ক’ত খাম? খাবলৈ মনো যোৱা নাই৷ ভেলী ভিউৰ দিনৰ সাঁজে ভোক লাগিবলৈকে দিয়া নাইচোন৷ তথাপি আমাৰ আগতীয়া অনুসন্ধানকাৰী দলে গোটাই অনা খবৰৰ ভিত্তিত সময় বুজি ষ্টেচনৰ পাছফালে বহা অস্থায়ী চালিৰ তল পালোঁগৈ৷ মিচিং পৰিয়াল এটাই দোকানখন চলাইছে৷ মহিলাগৰাকী বেছ কাজী৷ ভাতৰ সলনি নুডলছৰ অৰ্ডাৰ দিয়া হ’ল৷ জুইৰ গুৰিত বহি এবাটি এবাটি নুডলছ খাই ৰে’লত আসন অধিকাৰ কৰিলোঁহি আমি৷

ট্ৰেইনখনে সময়মতে প্লে’টফৰ্ম এৰিলে৷ অমৰ আৰু প্ৰদীপদাক বাদ দি বাকী সকলোজন সদস্য বাতানুকুল ডবাত ওচৰা-ওচৰিকৈ আছোঁ৷ সিহঁত দুজন শ্লীপাৰত৷ পাছতহে গম পালোঁ যে দুটা টিকট শ্লীপাৰত, আঠটা এ.চি.ত আছিল৷ নাহৰলাগুন এৰাৰ পাছত গুমটো, হাৰমতী জংছন পৰ্যন্ত কথা পাতি কটালোঁ৷ ৰাজীৱে মোক কিছুমান প্ৰশ্ন সুধিবৰ মন কৰি আগৰে পৰাই বৰকৈ কুটুৰি আছিল৷ দুয়ো মুখামুখিকৈ চিটত বহি লৈছোঁ৷ মই মোৰ পৰ্যবেক্ষণ দাঙি ধৰিছোঁ৷ দৰকাৰী কথা কিছুমান নিজৰ সেই অৱস্থা নোহোৱা টোকাবহীখনত খচাখচ লিপিবদ্ধ কৰিও ল’লে ৰাজীৱে৷ জাৰ্নেলিষ্ট মানুহ৷ ঘৰ পালেগৈ কিবাকিবি লিখিব নিশ্চয়৷ গেলেন চিনিয়াকত সিদিনা তথ্য সংগ্ৰহ কৰি থকা অৱস্থাত তাত গোট খোৱা লোককেইজনৰ আগতো সমস্যাবিলাকৰ সম্বন্ধে কাকতত লিখিব বুলিয়ে প্ৰতিশ্ৰুতি দি আহিছে৷ এনেকুৱা ভিতৰুৱা ঠাইৰ খা-খবৰ, মানুহৰ হাঁ-হুতাহৰ সবিশেষ লিখা প্ৰতিবেদক কমেই্ দেখিছোঁ৷

ৰাজীৱৰ আন্তৰিক প্ৰচেষ্টাটো মোৰ ভাল লাগিল৷ অসুচল চীন সীমান্ত চুই অহাৰ ইচ্ছা আছিল যদিও সেইটো হৈ নুঠিল৷ পৰৱৰ্তী সময়ত সংগী হ’বৰ বাবে প্ৰস্তাৱ ৰাখিলে৷ ফলৱতী কিমান হ’ব নাজানো৷ সুযোগটো পাই পিছে সোঁৱৰাই দিলোঁ আলফাৰ সেনাধ্যক্ষই ২০১২ চনত তেওঁক কোৱা গুৰুত্বপূৰ্ণ বাক্য দুটা৷ ‘‘সদায় দৌৰিবা আৰু পাহাৰত খোজ কঢ়াৰ অভ্যাস কৰিবা৷ প্ৰতি আধা ঘণ্টাৰ মূৰত পাঁচ মিনিট জিৰণি ল’বা৷’’ নিজৰ কিতাপ (‘পৰেশ বৰুৱাৰ সন্ধানত’)খনত ৰাজীৱে নিজেই উনুকিয়াইছে পাৰ্বত্য পৰ্যটকৰ বাবে দৰকাৰী আৰু গঢ়ি তুলিবলগীয়া অভ্যাসটোৰ কথা৷

জয়ন্তদাই মোৰ কেমেৰাটোৰ মেম’ৰী কাৰ্ডত সঞ্চিত ফটোবোৰ আৰম্ভণিৰে পৰাই চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ কাষত বহি লৈ এখন এখনকৈ প্ৰতিখনেই দেখুৱাই গ’লোঁ৷ এসময়ত আপাৰ বাৰ্থত উঠিলোঁ আৰু টোপনিত বুৰ গ’লোঁ৷ ৰে’লখন গৈ থাকিল গুৱাহাটীলৈ৷

(পৰৱৰ্তী খণ্ড - গৃহপ্ৰৱেশ)

Friday, 24 June 2016

দিন আঠ  ৷৷ ৭.১১.২০১৫
২. ডাপ’ৰ পৰা জিৰোলৈ


বয়-বস্তুবোৰ ওচৰ চপাই অনাৰ পাছত গাড়ীত চিজিলকৈ তোলা হ’ল৷ এইবাৰো আমি ‘ডিফুৰ পাৰ্টী’য়ে জে. জে.ৰ গাড়ীখনত উঠিবলৈ নাপালোঁ৷ গুৱাহাটী আৰু ফৰিদাবাদ অংশৰ সেই পাঁচজনেই তাৰ সৈতে অপৰিৱৰ্তিত ৰূপত আসীন হৈ থাকিল৷ আমি সিখন গাড়ী (এ.আৰ.০১এফ. ০৭১২)ত বহিলোঁ৷ এইখন আমি কালি কেতেনালাৰ পৰা অহাখন (এ.আৰ.০১জি. ০৩২৩) নহয়, বেলেগ৷ কম বয়সীয়া চালকজনৰ সৈতে গাড়ী নচলোঁতেই পৰিচয় হৈ লওঁ বুলি কাষ চাপিছোঁ৷ নামটো সোধাত ক’লে, পান্যা চিক’৷ জে. জে.ৰ দৰেই ছটফটীয়া যুৱক৷

বাইক চলাই নিকেল নাল’ ইতিমধ্যে হাজিৰ হ’লহি৷ বুকুত বুকু লগাই নিকেলৰ পৰা বিদায় লৈছোঁ৷ আশা ৰাখিছোঁ ভৱিষ্যতে আকৌ লগ পোৱাৰ৷ আমি অহাৰ দিনা সন্ধিয়াৰ আন্ধাৰত ডাপ’ৰিজোত তেওঁকে প্ৰথম লগ পাইছিলোঁ৷ ডাপ’ৰ পৰা আৰম্ভ কৰি ওৰে সময় আমাক সংগ দিলে৷ আকৌ ডাপ’তে এয়া বিদায়-প্ৰাৰ্থী, পুৱাৰ পোহৰত৷ এজন এজনকৈ ১০জন অভিযাত্ৰীৰ কৰমৰ্দন আৰু আলিংগন গ্ৰহণ কৰি কিছু পৰিমাণে আৱেগিক হৈও উঠিছে৷ ৮.৪০ বজাত ছিংহিক হোটেল এণ্ড ৰিজ’ৰ্টছৰ সমীপৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ বাইকখন লৈ কিছুদূৰ পিছে পিছে আহি থকা নিকেললৈ চাই হাত জোকাৰি থাকিলোঁ৷ ফুৱেল ৰিফিলিং ষ্টেচনত ডিজেলেৰে টেংকি ভৰ্তি কৰি লোৱাৰ পাছত কেঁকুৰি এটা ঘূৰোঁতেই দৃষ্টিৰ পৰা পৰস্পৰ বিচ্ছিন্ন হৈ পৰিলোঁ৷ আমি বাঁওহাতে গ’লোঁ, তেওঁ সোঁহাতে৷ কষ্টসহিষ্ণু মানুহটোৱে আগ বঢ়োৱা সহায়-সহযোগিতা মনত ৰাখি ওভতনি বাট বুলিছোঁ ১৬১ কিল’মিটাৰ আঁতৰৰ জিৰো অভিমুখে৷ তাৰ পাছত নাহৰলাগুন৷ দীঘলীয়া যাত্ৰা৷

টুৰিষ্ট ভিলেজ লিগুলৈ সোমাই যোৱা কেঁচা ৰাস্তাৰ মুখতে পান্যাই ব্ৰে’ক মাৰিলে৷ যুৱতী এজনী পথৰ সিপাৰে ৰৈ আছে৷ সি দোৱানত তাইৰ লগত কিবাকিবি চিঞৰি কথা পাতিলে৷ তাই চাপি আহিল৷ সি টকাকেইটামান দিলে৷ তাৰ পাছতে এক্সেলাৰেটৰত হেঁচা পৰিল৷ তীব্ৰবেগে ঊৰ্ধ্বগতি ল’লে গাড়ীয়ে৷ ডাপ’তকৈ জিৰো ওখত অৱস্থিত হেতুকে ক্রমান্বয়ে উঠি গৈ থাকিব লাগিব৷ অৰূপদাৰ ফালে কেঁৰাকৈ চালোঁ৷ ড্ৰাইভাৰলৈ একধ্যানে চাই আছে ঘোপা চাৱনিৰে৷ স্পীড দেখি চকু কপালত৷ সাৱধান-বাণী বৰিষণ হ’লেই লগে লগে৷ জয়ন্তদা আৰু প্ৰদীপদায়ো সঁহাৰি জনালে৷ নিৰ্দেশ মানিবলৈ পান্যা চিক’ বাধ্য৷ খিৰিকীৰ কাষৰ নিৰ্দিষ্ট চিটটোত বহি মই ধ্যান দি গ’লোঁ তাগিন কাণ্ট্ৰি ডাপ’ৰিজোৰ উপকণ্ঠৰ সেউজীয়া প্ৰকৃতি জগতখনলৈ৷

বাঁওহাতে সোৱণশিৰিখন ওপৰৰ পৰা দৃশ্যমান হৈ থাকিল অলপ সময়ৰ কাৰণে৷ তাৰ পাছত হঠাতে নোহোৱা হৈ পৰিল৷ অসম আৰু অৰুণাচলৰ সংযোগৰ এক স্বৰ্ণৰেখা এই সোৱণশিৰি নৈ, পৰশি যোৱা দুয়ো পাৰৰ মাটি আৰু মানুহৰ ওপৰত যি নীৰৱে প্ৰভাৱ বিস্তাৰ কৰি আছে৷ ঐতিহাসিক কালৰে পৰাই ইয়াৰ কেঁচা পলসেৰে সমৃদ্ধ কৰি আহিছে আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ-পথাৰখন, অৱদান যোগাইছে সমাজ-জীৱনক বৰ্ণাঢ্য ৰূপত সজোৱা-পৰোৱাত৷ অনৱদ্য সেই স্বৰ্ণদী নেদেখা হোৱাত ঘপকৈ মনটো বিষাদৰ ডাৱৰে ছানি ধৰা যেন হ’ল৷ এইখিনিৰ পৰাই সিদিনা নৈখনে লগ দিছিল৷ অন্ধকাৰ হৈ পৰা বাবে দেখা পোৱা নাছিলোঁ৷ এতিয়া দেখিছোঁ৷ এই নৈখনৰ গতিপথ ধৰিয়েই পাৰে পাৰে কিমান দূৰ আগুৱালোঁ, কিমান গৰ্জন-কলস্বন শুনিলোঁ, হিচাপ নাই৷ হিচাপ উলিয়াব নোৱাৰিও৷ সেইখন এতিয়া পাহাৰৰ সিপাৰে অন্তৰ্ধান! এনে ভাব হ'ল, আপোনজনক হেৰুৱাই আমি যেন অকলশৰীয়াহে হ’লোঁ৷

মানুহৰ জীৱনটোও তেনেকুৱাই, অকলশৰীয়া৷ আহে অকলে, যায়ও অকলে৷ মাজৰ চলা-ফিৰা সময়খিনিতহে লগ-সংগ৷ তেনেকুৱা মনে মিলা একাংশ সংগীৰে আমিও প্ৰতি মুহূৰ্ততে জীৱনটোক ন ৰূপত সজাবলৈ যৎপৰোনাস্তি চেষ্টা কৰি থাকোঁ৷ সংগীসকললৈ মন কৰিলোঁ৷ কেইজনমানে টোপনিয়াইছে, কেইজনমান আপোন ভাবত বিভোৰ৷ হয়তো সোৱণশিৰিৰ উদ্দাম ঊৰ্মিমালাৰ অবিৰত ঝংকাৰলৈ মনত পৰি বুকু শুদা শুদা লাগিছে, মোৰ দৰে৷ পিছৰ গাড়ীখন মাজে মাজে হিচাপতকৈ বেছি সময়ৰ বাবে হাবিৰ মাজত লুকাই পৰাটো লক্ষ্য কৰিছোঁ৷ উৎকণ্ঠাৰে আমাৰখন ৰৈ দিবলগীয়া হৈছে কোনোবাটো কেঁকুৰিত, সুচল জেগা চাই৷ কাৰণটো পাছতহে জানিব পৰা গৈছে৷ বাটে বাটে ৰৈ ৰৈ ফটো তুলি আহিছে তেওঁলোকে৷ কাৰণ, এনে সুযোগ জীৱনত আৰু দুনাই অহাৰ আশা ক্ষীণ৷

আকাশত ডাৱৰ আছে যদিও বতৰটো আজি ভাল৷ গাড়ীৰ ভিতৰত গান বাজি আছে৷ ক’তো নোৰোৱাকৈ আহি থাকি ১০.৪০ বজাত গদাক পালোঁ৷ ওচৰতে কিবা উৎসৱ এটাৰ আয়োজন চলিছে৷ পৰম্পৰাগত সাজ-পোছাকত বৃদ্ধ-বৃদ্ধা, ডেকা-গাভৰু আৰু শিশুৰ সমাৱেশ ঘটিছে মালভূমিত থকা ফিল্ডখনত৷ তাৰ পৰা পাক এটা লৈ সামান্য নামিয়ে হোটেল এখন৷ অন্নু লাইন হোটেল৷ দোকানৰ ঠিক সন্মুখতে দুয়োখন গাড়ী থামিল৷ ৰঙাচাহ অকণমান খোৱাৰ মন সকলোৰে৷ নামনি আৰু উজনি সোৱণশিৰি জিলাৰ এই গদাকেই সীমা৷ বৰদিনৰ আগমন ঘোষণা কৰি খ্ৰীষ্টমাছ ফুলবোৰ বতাহত হালিছে-জালিছে৷ মুক্ত মনে আমাকো যেন স্বাগত সম্ভাষণ জনাইছে, নামনি সোৱণশিৰি জিলালৈ৷

সোৱণশিৰিৰ বৃহত্তম উপনৈ কমলা পাৰ হ’লোঁ৷ ধীৰে ধীৰে আহি ৰাগা পাওঁতে দুপৰীয়া ১২.০০ বাজিল৷ দিনৰ ভাত সাঁজৰ চিন্তাটো ইতিমধ্যে কৰি অহা হৈছিল যদিও ওচৰ পাই দেখা গ’ল যে কামৰাক কাফেটেৰীয়া বন্ধ! পেটে খাওঁ খাওঁ কৰিয়ে আছে ইফালে৷ তাৰ মানে জিৰো নোপোৱা পৰ্যন্ত বিকল্প নাই! ভাতৰ চিন্তা কেইঘণ্টামানৰ কাৰণে সমূলি বাদ দিবলগীয়া হ’ল৷ এই গতিত জিৰোলৈ কমপক্ষেও তিনি ঘণ্টা লাগি যাব৷ কাৰণ আমি লাহে লাহে গৈ আছোঁ৷ পান্যাই দবাব বিচাৰিছিল৷ পিছে যাত্ৰীৰ ফালৰ পৰা আহিল বাধা! ধীৰে ধীৰে গৈ থাকি তাৰ চাগৈ আমনিয়ে লাগিছে৷ উচপিচাই থাকি সি এবাৰত কৈয়ে পেলালে, ‘‘অন্য দিনা পেচেঞ্জাৰৰ নিৰ্দেশত দবাবলগীয়া হয়৷ ইমান পাহাৰীয়া অকোৱা-পকোৱা ৰাস্তাতো এইফালৰ যাত্ৰীয়ে স্পীডত যোৱাটোহে বিচাৰে৷ লাহে লাহে চলালে গালি খাওঁ৷ গাড়ী চলাব নাজান নেকি বুলি প্ৰশ্ন কৰে৷ নতুন ড্ৰাইভাৰ নেকি তই বুলিও সোধে৷ আজি আকৌ ওলোটা! পেচেঞ্জাৰেহে লাহে লাহে যোৱাটো বিচাৰিছে৷ আন দিনা পাব্লিক ডিমাণ্ড, আজি পেচেঞ্জাৰ ডিমাণ্ড৷’’ পান্যাই বাটে বাটে ৰসিকতা কৰি গ’ল৷ বন্ধুত্ব বাঢ়ি অহাৰ পাছত ষ্ট্ৰিয়াৰিঙত দুহাত আৰু সন্মুখলৈ সাৱধানী চকু ৰাখি চালক জীৱনৰ আলেখ কাহিনীৰ থুনপাক সি আমাৰ আগত মেলি ধৰিলে৷ অৰুণাচলৰ ড্ৰাইভাৰ অসমলৈ গাড়ী চলাই গ’লে একাংশ লোক তথা অসম পুলিছে কেনে ব্যৱহাৰ কৰে, তিক্ত আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ বৰ্ণনা শুনালে৷ গাড়ীখন লাহে লাহে আগুৱাই থাকিল৷ গান বন্ধ৷ অগ্ৰাধিকাৰ পালে কৌতূহল আৰু কথাই৷

সূৰুযৰ পোহৰত পাহাৰপৃষ্ঠত উজলি উঠা সোণালী জুমতলীবোৰ এৰি যাব লাগিছোঁ, য’ত লুকাই আছে অৰুণাচলীৰ সপোন৷ মেঘে এই ঢাকি ধৰা, এই এৰি দিয়া নীলা পৰ্বতবোৰতো ইমানযে প্ৰাণ আছে, স্পন্দন আছে, কল্পনাতীত৷ সন্মুখত জিৰো আহি আছে৷ শাৰী শাৰী পাইন গছবোৰ অদূৰত দেখা গৈছে৷ বতাহত ঢৌখেলা সৰলৰ পাত৷ অপৰূপ শোভা তাৰ৷ গাড়ীৰ খিৰিকীৰে বাৰে বাৰে জুমি চাইছোঁ৷ বিস্ময় মানিছোঁ৷ পানী বাগৰি যোৱা জান-জুৰিবোৰ এটা এটাকৈ পিছত থৈ গৈছোঁ৷ ধান খেতি আৰু মাছ খেতি একেলগে কৰা পুৰণি জিৰোৰ প্ৰশস্ত পথাৰবোৰো পাৰ হ’লোঁ৷ এটা সময়ত জিৰো চহৰ সোমালোঁ আমি৷ ঘড়ীত আবেলি তিনি বাজি বিশ মিনিট গ’ল৷

জিৰোত ডাঙৰ আৰু জৰুৰী কাম এটাই৷ ভাত খাব লাগে৷ যাওঁতে খাই যোৱা আপাতানি লাইন হোটেলখনো দেখোন বন্ধ! দ্বিতীয় টাৰ্গেটো লক্ষ্যভ্ৰষ্ট হ’ল! ভোকটো যেন হঠাতে বেছিকৈ উকাই উঠিল! হোটেল বিচাৰি ভালে সময় ঘূৰ্মুটিয়াই ফুৰা হৈছে৷ জিৰোত ভাত খাবই লাগিব৷ দহ-বাৰ কিল’মিটাৰমান আগলৈ ভাল ৰিজ’ৰ্ট এখন আছে বুলি জে. জে. ভায়ে জনালে৷ সিমানখিনি ধৈৰ্য পিছে কাৰো নাই৷ ভোক লাগিলে পেটত উঠা কলমলনিয়ে ইতিমধ্যে শীৰ্ষবিন্দু চুইছেগৈ৷ অৱশেষত হাপলি টাউনতে এখন ভাল হোটেলৰ সন্ধান পোৱা গ’ল৷

গাড়ীৰ পৰা নমাৰ লগে লগে অনুভৱ কৰিলোঁ, জিৰোৰ মাটিয়ে শীতৰ লহৰ এটা বৈ আনিছে৷ সিৰসিৰণি তুলিছে দেহাত৷ হাতৰ আঙুলি আৰু কাণৰ লতি অদ্ভুত ধৰণে চেঁচা৷ ততালিকে ৰাক্‌চেক্‌ খুলি জেকেট উলিয়াই পিন্ধিলতহে শান্তি৷ উচ্চতাৰ বাবেই ইয়াত ঠাণ্ডা পাইছোঁ৷ ডাপ’ত ইমানখিনি নাছিল৷

হোটেল ভেলী ভিউ৷ চাৰি মহলীয়া হোটেলৰ ৰেস্তোৰাঁখনলৈ মূল পথৰ পৰা খটখটি বগাই উঠি গৈ আছোঁ এক ডজন মানুহ৷ দীঘলীয়া আহল-বহল কোঠা৷ বেতৰ চকী-টেবুল ধুনীয়াকৈ পৰা আছে৷ কাউণ্টাৰত বহি থকা গাভৰুজনীৰ সৈতে আলাপ কৰি গম পালোঁ, এইখন অসমীয়া মানুহৰ হোটেল, জনৈক শইকীয়াৰ, শিৱসাগৰৰ গৌৰীসাগৰৰ৷ আপাতানি অধ্যুষিত জিৰোত অসমীয়া মানুহৰ হোটেল! আচৰিতেই হ’লোঁ৷ আনন্দও লাগিল৷ অসমীয়া খাদ্যৰে আটায়ে পেট ভৰালোঁ৷ ৰন্ধা-বঢ়া, দিয়া-থোৱাৰ ব্যৱস্থাৱলী দেখি সন্তুষ্টি লাগিল৷ আৰু এটা কাৰণত সুখী হ’লোঁ যে ফৰিদাবাদী বৰুণ আৰু দেবিন্দৰেও এই সুযোগতে সুস্বাদু অসমীয়া ব্যঞ্জনৰ অপূৰ্ব জুতি ল’বলৈ পালে৷ খোৱাৰ আগতে টেবুলৰ ওপৰত খাদ্য-সম্ভাৰ ৰখা সৰু সৰু কেৰাহীকেইখনক লৈয়ে সিহঁতৰ ম’বাইলৰ কেমেৰাকেইটা বহুত সময় ধৰি ব্যস্ত হৈ থাকিল৷

হোটেলখন ভেলী ভিউৰ পৰা জিৰো চহৰৰ অপূৰ্ব বিহংগম দৃশ্য প্ৰত্যক্ষ কৰি নামি আহিলোঁ তলত ৰখাই থোৱা গাড়ীলৈ৷ কণমানি চাৰিটাই ৰাস্তাৰ ওপৰতে ফুটবল এটা লৈ খেলি আছে৷ সিহঁতৰ লগত ধেমালি কৰিবৰ মন গ’ল৷ বাকীসকলে লাহে-ধীৰে নামি আহি থকা হেতুকে শিশুহঁতৰ সৈতে অলপ পৰ কটাবৰ সুযোগ এটা পাই গ’লোঁ৷ পিন্ধি থকা ৬ পকেটীয়া পেণ্টটোৰ সোঁকাষৰ জেপত চকলেট এপেকেট আছিল৷ দি দিলোঁ, ভগাই খাবলৈ৷ বৰ আনন্দ পালে সিহঁতকেইটাই৷ অভিযাত্ৰী সকলোজন আহি জমা হোৱাত উপভোগ্য পৰিৱেশটো এৰি অলপ পাছতে গাড়ীত বহিবলগীয়া হ’ল যাত্ৰাৰ পৰৱৰ্তী অংশৰ বাবে৷













(পৰৱৰ্তী খণ্ড - জিৰোৰ পৰা নাহৰলাগুন ৰে’ল ষ্টেচন)