Monday, 28 April 2014

পুৱাৰ স্নেপশ্বট...

মই যেতিয়া সেইখিনি পাইছিলোঁগৈ তাৰ আগতেই অ’পাৰেছনটো হৈ গৈছিল৷ তথাপিও, চাওঁচোন বুলি কৌতূহলী মনেৰে ওচৰ চাপি গ’লোঁ৷ দেখিলোঁ, ওলোটাকৈ মাটিত পেলাই থোৱা মস্ত গাহৰিটোৰ পেটটো দীঘলে দীঘলে ফলা৷ সুঠামদেহী ডেকা এজনে প্লাষ্টিকৰ মগ এটাৰে পেটৰ ভিতৰৰ পৰা তেজবোৰ উলিয়াই আছে৷ তাৰ পিছত প্লাষ্টিকৰ কেৰীবেগ একোটাত ভৰাই গাঁঠি মাৰি কাষতে থৈ গৈছে৷ এক্টিভাখন ষ্টেণ্ড কৰি মই একেবাৰে কাষ পালোঁগৈ৷ দেখিলোঁ, তেনেকুৱা ঠোঙা তেতিয়ালৈকে দহ-বাৰটামান হৈছেগৈ৷

ওচৰতে দেখা পালোঁ, ভাৰত গেছৰ এটা চিলিণ্ডাৰ আৰু বাৰ্ণাৰ৷ আগতেই মাৰি অনা গাহৰিটোক পোনপ্ৰথমে জুইৰে পুৰি পেলোৱা হৈছিল, যাতে নোমবোৰ নাইকিয়া হয়৷ কাৰণ ছাল চেলোৱা নহয়৷ ছাল খাব পাৰি৷

মই প্ৰশ্ন কৰাত তেজ চুঁচি-বাকি থকা সুঠামদেহী জনজাতীয় ডেকাজনে উত্তৰ দিলে, ‘নখ আৰু দাঁতৰ বাহিৰে একো পেলনি নাযায়৷ তেজ, পেটু সব খোৱা যায়৷’

অলপ পাছতে তেওঁ পেটৰ ভিতৰত থকা দীঘল নলী এডাল হাতত তুলি ল’লে৷ বাল্টিৰ পৰা মগেৰে পানী লৈ নলীডালৰ এমূৰেদি লাহে লাহে ঢালিলে৷ তাৰ পিছত ওপৰৰ পৰা তললৈ চেপা মাৰি নি দাঙি দিলে৷ মলভাণ্ডত জমা হৈ থকা ছাইবৰণীয়া মলবোৰ গুহ্যদ্বাৰেদি থলথলকৈ সৰি পৰিল৷ একে ধৰণে আকৌ দুবাৰ কৰিলে৷ পৰিষ্কৰণৰ কায়দাটো ভাল লাগিল৷ সঁচাই একোৱেই পেলনি নাযায়৷ তেৱেঁই জনালে যে সেই নলীডালো মানুহৰ খাদ্য৷

অলপ পাছতে দেখিলোঁ, কাষত জুৰিটোৰ পৰা তিনিজন ডেকা ওপৰলৈ উঠি আহিছে৷ ইমানপৰে সিঁহতক মই মনেই কৰা নাছিলোঁ৷ তিনিওজনে গাহৰিটোৰ পেটৰ ভিতৰৰ সৰু-ডাঙৰ নলীবোৰ জুৰিৰ বোঁৱতী পানীত পখালি আছিল৷ দুহাতেৰে দাঙি অনা গুলপীয়া ৰঙৰ নাড়ী-ভুঁৰুখিনি ফলা পেটটোৰ ভিতৰতে পুনৰ ভৰাই দিলে৷ পিছত উলিয়াই বেলেগে বিকিব৷ অৰ্থাৎ দাম বেলেগ৷ পেটুৰ দামো বেলেগ, তেজৰ দামো বেলেগ, মাংসৰ দামো বেলেগ৷

অ’পাৰেচন চাকচেচফুল্লি হৈ গ’ল৷ বাকীখিনি বজাৰত বহা ঠাইত চকল-চকলকৈ হ’ব৷ দা, বাল্টি আৰু অন্যান্য সামগ্ৰীবোৰ ডেকাসকলে সামৰাত লাগিল৷ তাৰ পিছত হাত-ভৰি ধুই চোলা পিন্ধিলে৷ কোঁচাই লোৱা পেণ্টৰ কোঁচ মেলি দিলে৷ ঘড়ী পিন্ধিলে৷ ইমানপৰে পকেটত সুমুৱাই ৰখা ম’বাইল উলিয়াই লৈ কিবা চালে৷ চুলি-তুলি ফণিয়াই গোটেইকেইজন গপচ হৈ পৰিল৷

অদূৰত ৰাখি থোৱা অট’ৰিক্সাখন তেওঁলোকৰে এজনে চপাই আনি গাহৰিটোৰ নিচেই কাষ পোৱালেহি৷ চাৰিওজনে মিলি দাঙি তাক অট’খনত তুলিলে৷ ‘যাওঁ দেই’ বুলি মাত লগাই গাহৰিৰ ওপৰেদিয়ে বাকী তিনিও চিটত বহিল৷

অট’খন চলি গ’ল ডেইলী বজাৰ অভিমুখে৷ মুকলিত ওলাই থকা মৃত গাহৰিটোৰ নেগুৰডাল বতাহত নাচি নাচি গৈ থাকিল৷

(ৰচনা...  ফেব্ৰুৱাৰী ২০১৪)

Saturday, 26 April 2014

লামডিং – ল’ৱাৰ হাফলং – লামডিং
‘হিল কুইন’ এক্সপ্ৰেছত এদিন

১৪এপ্ৰিল ২০১৪ৰ পুৱা৷

নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছখনে সঠিক সময়তেই ডিফু ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্ম এৰিলে৷ শ্লিপাৰত খালী চিট পাই অনুজ ভ্ৰাতৃপ্ৰতিম ৰেকিব আৰু অগ্ৰজ ইচলামদাৰ সৈতে মুখামুখিকৈ বহি ল’লোঁ৷ তাৰ পিছৰ ৩০-৩৫মিনিট ধৰি বিভিন্ন প্ৰসংগত একে লেথাৰিয়ে কথা চোবাই মই বিদায় ল’লোঁ৷ এই ৩২কিল’মিটাৰ দূৰত্ব নিমিষতে অতিক্ৰম কৰা যেন অনুভৱ হ’ল৷ চমু যাত্ৰাটো সুন্দৰভাৱে সমাপ্ত কৰি নামি দিলোঁ লামডিং জংছনত৷ কাৰণ ইয়াতে মই গাড়ী বদলাম৷

নামিয়েই অ’ভাৰব্ৰীজ বগাই চিধাই সিপাৰ পালোঁগৈ, টিকটটো আগে-ভাগে কাটি লওঁ বুলি৷ দেখিলোঁ, দুয়োটা কাউণ্টাৰতে পেচেঞ্জাৰ উপচি পৰিছে৷ কিবা ভাবি দীঘলীয়া শাৰীটোৰ শেষত অলপ সময় থিয় দিলোঁ৷ পিছত সোধ-পোছ কৰি গম পালোঁ, সেয়া উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰীসকলে লগোৱা ভিৰহে৷ অলপ সময়ৰ ভিতৰতে কমি যাব৷ গতিকে লাইনৰ পৰা বাহিৰ ওলাই সময়লৈ অপেক্ষা কৰি থাকিলোঁ৷

জনশতাব্দী আহিল বুলি স্পীকাৰত ঘোষণা হোৱাৰ আগতেই মানুহ পাতল হৈ পৰিল৷ ময়ো কাউণ্টাৰৰ মুখলৈ চাপি গ’লোঁ৷ আইনাৰ সিপাৰে বহি থকা বাইদেউগৰাকীলৈ টকা আশীটা আগুৱাই দি নিজলৈ বুলি টিকট সংগ্ৰহ কৰিলোঁ, লামডিং-ল’ৱাৰ হাফলং হিল কুইন এক্সপ্ৰেছৰ৷ তাৰ পিছত কালক্ষয় নকৰি যোৱা বাটেৰেই উভতি আহি খাপ দি ৰ’লোঁ মোৰ ট্ৰেইনখনলৈ৷

এক নম্বৰ প্লেটফৰ্মৰ মিটাৰগজ লাইনটোত ইতিমধ্যে নামনিমুখী এখন গাড়ী লগোৱা হৈছেই৷ চয়-নিচয় কৰিবলৈ ঊধৰ পৰা মূধলৈ এবাৰ নিৰীক্ষণ কৰিলোঁ৷ হয়, এইখনেই ০৫৬৯৭ নং হিল কুইন এক্সপ্ৰেছ, য’ত মই উঠিম আৰু মাৰিম এটা এডভেঞ্চাৰ ট্ৰিপ৷

পাহাৰ লাইনৰ যাত্ৰীসকল তেতিয়ালৈ দুই-এককৈ আহিব ধৰিছে৷ শেষৰ ডবাটোত উঠাৰ ইচ্ছা এটা আগৰে পৰাই পুহি ৰাখিছিলোঁ৷ কাৰণ ৰে’লখনৰ কেৰেলুৱাসদৃশ ৰূপটো তাৰ পৰাহে সম্পূৰ্ণকৈ দৃশ্যমান হ’ব৷ টাৰ্নিঙত ফটো তুলিবলৈও সুচল হ’ব৷ খাকী পোছাকত কাষতে বন্দুক লৈ ৰৈ থকা নিৰাপত্তাৰক্ষীসকলৰ মাজৰে এজনৰ সৈতে ছেগ মিলাই কিছু পৰ বাৰ্তা বিনিময় কৰিলোঁ৷ তেওঁ ক’লে... ‘এইটো চিকিউৰিটিৰ ডবা৷ আপুনি টিকট লৈছে যদি আগৰটোতে আৰামত বহি লওকগৈ৷ নহ’লে, কথাটো এনেকুৱা... ৷’ তেওঁ বুজালে৷ ময়ো বুজি-বাজি থ’লোঁ৷ ঠিক নাই, ঘূৰি আহোঁতে কামত লাগিব পাৰে৷ এতেকে জানি লোৱাটো ভাল৷

লামডিং আহি পোৱা অন্যান্য উজনি আৰু নামনিমুৱা যাত্ৰীবাহী গাড়ীবোৰৰ পৰা নমা জনতাৰ আগমন ঘটিব ধৰিলে হিল কুইনলৈ৷ প্লেটফৰ্মৰ ৰঙা ডিজিটেল ঘড়ীয়ে ট-টকৈ দেখুৱাই থকা সময়টোলৈ সজাগতাৰে চাই এপাকত ষ্টেচনৰ টি ষ্টল এখনত থিয় হ’লোঁহি৷ দুই প্লেট পুৰী, ভাজি আৰু দুটা লালমোহন পেকিং কৰোৱাই ল’লোঁ৷ কালি ডিফু ৰে’ল ষ্টেচনৰ সমীপৱৰ্তী ‘নিউজ মাৰ্ট’ত ভট্টাচাৰ্যীদা আৰু দৈমাৰীৰ সৈতে ভ্ৰমণ সম্পৰ্কে আলাপ কৰি থাকোঁতেই তালৈ অহা পৰিচিত ডেকা এজনে মতলবটো শুনি মোৰ চকুত চকু থৈ কৈছিল... ‘খোৱাটো কিন্তু লৈ যাব দেই৷ নহ’লে একো নাপাব৷’

আনৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাটো বুদ্ধিমানৰ কাম বুলি ক’ৰবাত কেতিয়াবাই পঢ়িছিলোঁ৷ এতিয়া তাকে প্ৰয়োগ কৰিলোঁ৷ চব মিলাই ত্ৰিশ টকা এটা গ’ল যেনিবা৷ হ’লেও পেটটোৰ নিৰাপত্তা কেইঘণ্টামানলৈ নিশ্চিত হৈ থাকিল৷ ইফালে ঘৰৰ পৰাই লৈ যোৱা পানীৰ বটলটো লগত আছেই৷ গতিকে চলি যাব আৰু৷ ভোকাতুৰ সহযাত্ৰী পালে পৰিস্থিতি সাপেক্ষে ফিফটি-ফিফটি শ্বেয়াৰ কৰি পেলাম বুলিও গোপনে সিদ্ধান্ত এটা কৰি থ’লোঁ৷

অকলশৰীয়া যাত্ৰী মই৷ সময় ওচৰ চাপি অহাত খালী চাই ডবা এটাত বাঁওহাতে খিৰিকীৰ কাষত আৰামছে বহি ল’লোঁ৷ যোৱা ৰাতি সাংবাদিক-বন্ধু সঞ্জুক ফোন কৰোঁতে সকীয়াই দিছিল... ‘যাওঁতে বাঁওহাতে বহিব৷’ তেওঁৰ অভিজ্ঞতাকে এয়া কামত লগাইছোঁ৷ ডাউন ব্ৰহ্মপুত্ৰ মেইল, নাগালেণ্ড এক্সপ্ৰেছ, চেন্নাই এক্সপ্ৰেছ, মৰিয়নি স্পেচিয়েল... লামডিঙলৈ কোনখনত যোৱাটো ভাল হ’ব বুলি সোধাত তেৱেঁই মোক... ‘আপুনি নাগালেণ্ডতে যাওক৷ লামডিঙত হাতত যথেষ্ট সময় পাব৷’ বুলি নিৰ্দিষ্ট কৰি দিছিল৷ কথাটো ঠিকেই৷ প্ৰমাণ পালোঁৱেই নহয় হাতে হাতে৷

উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছখন লামডিং জংছনত ৰোৱাৰ পিছতে পাহাৰ লাইনৰ যাত্ৰীসকল হুৰমূৰাই আহিল হিল কুইনক উদ্দেশ্য কৰি৷ মই বহাখনকে ধৰি সন্মুখৰ বেঞ্চখন অধিকাৰ কৰিলে সাতজনীয়া যুৱ-ছাত্ৰৰ এটা দলে৷ অলপ পাছতে পৰিচয়ৰ প্ৰসংগত জানিব পাৰিলোঁ, ডেকাসকল অন্তিম স্তপেজলৈকে যাব, মানে ল’ৱাৰ হাফলং৷ আহিছে গুৱাহাটীৰ পৰা৷ তাতেই সম্প্ৰতি শিক্ষা গ্ৰহণ কৰি আছে৷

ঠিক ৯.৪৫বজাৰ লগে লগে হিল কুইনে গা লৰালে৷ দুয়োপাৰৰ ঘৰ, পুখুৰী, বাঁহ, পাহাৰীয়া কলগছ আদিয়ে আৱৰা ভূভাগ পিছত থৈ সৰ্পিল ট্ৰেকেৰে ডিজেল ইঞ্জিনটোৱে ডবাবোৰ ক্রমান্বয়ে আগলৈ গহীনাই টানি নিব ধৰিলে৷ নিৰ্মীয়মান ফ’ৰ লেন হাইৱেটোৰ কামৰ অগ্ৰগতি লাহে লাহে চকুৰ আগলৈ আহিল৷ ব্ৰডগজ ৰে’লপথৰ শেহতীয়া ছবিখনো দিনটোলৈ দেখা পাই থাকিলোঁ৷ সময়ৰ সৈতে আগ বঢ়াই নিয়াৰ পৰিপন্থী কাৰ্যকলাপৰ বাবে ডিমা হাচাও এলেকাত কতবাৰযে গতিৰুদ্ধ হৈছে ৰে’ল আৰু পথ যোগাযোগৰ এই উন্নয়নমূলক কাম-কাজ৷ ভূ ৰাখোঁতাসকলে সেয়া বোধ হয় শুনিছেই৷ শেহতীয়া ডেডলাইন অনুসৰি লামডিং-শিলচৰ ব্ৰডগজ কনভাৰ্চনৰ কাম ২০১৫চনৰ মাৰ্চ-এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ খবৰ ওলাইছে৷ ২০১৪চনৰ ব’হাগত নৱবৰ্ষৰ উপহাৰ স্বৰূপে অঞ্চলটোৰ ৰাইজলৈ প্ৰজেক্টটো উচৰ্গা কৰাৰ বিষয়েও কৈ থকা শুনিছিলোঁ৷ পিছে হ’বগৈনে? নে চব ফুটুকাৰ ফেন? সেয়ে এপাক নিজ চকুৰে চাই আহোঁগৈ বুলিয়ে এয়া মোৰ দিনতীয়া যাত্ৰা৷

ইফালে, নেশ্যনেল হাইৱেজ ডেভেলপমেণ্ট প্ৰজেক্টৰ অন্তৰ্গত নিৰ্মিত লামডিং-শিলচৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ২০১৪ৰ ডিচেম্বৰত হৈ উঠাৰ কথা আছিল৷ গুজৰাট, ৰাজস্থান, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু অসমক চুই যোৱা ৩,৩০০ কিল’মিটাৰ দৈৰ্ঘৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ কথা বোধ কৰোঁ সকলোৱেই জানে৷ গুজৰাটৰ পোৰবন্দৰৰ পৰা অসমৰ শিলচৰলৈ নিৰ্মাণ কৰা হৈছে এই সুদৃশ্য, সুদীৰ্ঘ, আধুনিক পথ৷ আনহাতে, দেশৰ বাকী অংশৰ কথা নাজানো, এতিয়া চকুৰ আগত দেখাখিনিযে নিৰ্ধাৰিত সময়ত নহয়গৈ সেয়া কিন্তু লিখি দিব পাৰোঁ৷ ইফালে লামডিং-শিলচৰ পাৰ্বত্য খণ্ডৰ ২০১কিল’মিটাৰ দৈৰ্ঘৰ ব্ৰডগজ ৰে’লপথছোৱাৰ নিৰ্মাণ ব্যয় ১,৬৮৯.১২কোটিৰ পৰা বাঢ়ি গৈ ৩,৯০৯.৪৯কোটি পালেগৈয়ে৷ এই লৈ কংকন ৰে’লৱে প্ৰজেক্টত কৰ্মৰত এজন জাৰ্মান অভিযন্তাই বোলে মন্তব্য কৰিছিল, এনেদৰে... India seems like the richest nation in the world because of the manner in which its public sector projects are delayed and costs are allowed to escalate. Even the developed countries would not be able to afford such luxuries. ভাষ্যটো অপ্ৰিয় যদিও সত্য৷ সেয়াই আমাৰ উন্নয়নৰ স্বৰূপ৷

কিতাপ পঢ়ি গম পাইছিলোঁ যে ১৮৮২-১৮৮৭চনৰ ভিতৰত ব্ৰিটিছৰ উদ্যোগত প্ৰথম জৰীপৰ কাম পৰিচালনা কৰা হৈছিল লামডিং-বদৰপুৰ ৰে’ল সংযোগী লাইন স্থাপনৰ লক্ষ্যৰে৷ দুৰ্গম পাহাৰৰ বুকুত সুৰংগ, দলং, ষ্টেচন আদিকে ধৰি মিটাৰগজ ৰে’লপথৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰোঁতে প্ৰায় বিশ বছৰীয়া সুদীৰ্ঘ এক পৰিক্ৰমাৰ প্ৰয়োজন হৈছিল৷ পথ যোগাযোগ ব্যৱস্থা তেতিয়া ক’বলৈ গ’লে অকণোৱেই সুচল নাছিল৷ বস্তু-বাহানিবোৰ ব্ৰিটেইনৰ পৰা জাহাজেৰে আনিছিল আৰু বাংলাদেশৰ চিটাগঙৰ পৰা কঢ়িয়াবলগীয়া হৈছিল নিৰ্মাণস্থলীলৈ৷ অৰণ্যৰ ঘাতকৰূপী এনোফিলিচ মহৰ আক্রমণত অনেকজন মানুহে প্ৰাণ হেৰুৱাইছিল৷ তদুপৰি পৰ্বতীয়া ডিমাচা জনসাধাৰণে বগা চাহাবৰ প্ৰৱেশক সমৰ্থন কৰা নাছিল৷ তত্ৰাচ ১৮৮৭চনৰ ২৫অক্টোবৰত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে সদম্ভে ঘোষণা কৰিলে যে ৰে’লপথ নিৰ্মাণ হ’বই হ’ব৷ ইয়াৰ অন্তৰালত অৱশ্যে ব্ৰিটিছ বাহাদুৰৰ চাহপাত, কয়লা আদি সম্পদ কঢ়িওৱাৰ অভিসন্ধি নিহিত হৈ আছিল৷ কলিকতা বন্দৰত ঘটা ব্য্যপক স্থানাভাৱ কল্পে চিটাগঙৰ সৈতে যোগাযোগ যথাসম্ভৱ শীঘ্ৰে গঢ়ি তোলাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছিল৷ কাম চলি থকাৰ মাজতে ১৮৯৭চনৰ জুন মাহৰ ১২ তাৰিখে ৮.৭ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প আহিল৷ ভূঁইকঁপে যথেষ্ট ক্ষতিসাধন কৰিলে আৰু কামতো ব্যাঘাত জন্মালে৷ তৎসত্ত্বেও তৎপৰতাপূৰ্বক কাৰ্য সম্পাদন কৰি ১৯০৪চনত ৰে’লপথছোৱা মুকলি কৰা হ’ল৷ ব্ৰিটিছৰাজৰ সেই কৰ্মস্পৃহাৰ সৈতে তুলনা কৰি এতিয়াৰ এই ব্ৰডগজ কনভাৰ্চনৰ কামক কি বুলিনো আখ্যা দিয়া যায় তাকে বহুসময় নীৰৱে চিন্তা কৰিব ধৰিলোঁ৷ ১৯৪৭ৰ ১৫আগষ্টৰ পিছত নিজকে স্বাধীন বুলি বুকু ফিন্দাই থকা আমাৰ দৰে ভাৰতীয়বোৰৰ কৰ্মকুশলতাৰ নমুনা আজি বিজ্ঞান আৰু কাৰিকৰী প্ৰযুক্তিৰ কৌশলগত প্ৰগতিৰ যুগতো এনেকুৱাইহেনে? ঘৃণাতে থু এসোপামান ওলাই আহিল৷

বহুতেই হয়তো আজি পাহৰিয়ে পেলাইছে যে ১৯৯৬চনত ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী এইচ. ডি. দেৱেগৌড়াই শিলচৰত আধাৰশিলা স্থাপন কৰিছিল, লামডিং-শিলচৰ ব্ৰডগজ কনভাৰ্চন প্ৰজেক্টৰ৷ তাৰ পিছত বৰাকৰ বুকুৱেদি বহু পানী বাগৰিল৷ নিৰ্ধাৰিত সময় ২০১১তে উকলিল৷ প্ৰজেক্ট আজিও হৈ নুঠিল৷ পথ যোগাযোগ ব্যৱস্থা, আইন-শৃংখলাজনক পৰিস্থিতি আৰু বৰষুণক দোষ দি থাকোঁতেই সময় অতীত হ’ল৷ এন. এফ. ৰে’লৱে এমপ্লয়িজ ইউনিয়নৰ এটা সূত্ৰৰ মতে আকৌ ২০১৮তহে কাম সম্পূৰ্ণ হ’বগৈ হেনো৷ তাৰ আগতে অসম্ভৱ৷ সময়মতে, সঠিকভাৱে হোৱা হ’লে দক্ষিণ অসমৰ উপৰি ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ ৰাইজৰ বাবে কিমানযে সুখকৰ হ’লহেঁতেন! পিছে এতিয়া সন্মুখত দৃশ্যমান হৈ আছে অ’ত এছোৱা, ত’ত এছোৱা৷ এইখিনিত কৰিছে, সেইখিনিত এৰিছে৷ কামৰ কোনো চিজিল নাই৷ কেতিয়া সম্পূৰ্ণ হ’বগৈ তাৰ কোনো ঠিক নাই৷ স্থবিৰতা আৰু শামুকীয়া গতি প্ৰত্যক্ষ কৰি মনটো ভিতৰি ভিতৰি ভীষণভাৱে অশান্ত হৈ উঠিছে৷ চকুৰ আগত দেখা পোৱা এই ৰূপটো হজম কৰিবলৈকে বৰ কষ্ট হৈছে৷ তথাপিও যাত্ৰাপথৰ আনন্দত ডুবিবলৈ যত্ন কৰিছোঁ, অন্য প্ৰসংগত মূৰটো গুজি৷

গাড়ীয়ে গতি লোৱাৰ সমভাৱেই মোৰ সহযাত্ৰী ডেকাসকলে হাতে হাতে ম’বাইল উলিয়াই ফটো চোৱাই ফটো চাইছে, গান শুনাই গান শুনিছে, গে’ম খেলাই গে’ম খেলিছে৷ কোনোবাজনে আকৌ একোবত লেপটপটোকে খুলি লৈছে৷ মই মন কৰি গৈছোঁ, বুজিবলৈ প্ৰয়াস কৰিছোঁ তেওঁলোকৰ কথা-কাণ্ডবোৰ, তেওঁলোকৰ আশা-নিৰাশাবোৰ, তেওঁলোকৰ ইচ্ছা-অনিচ্ছাবোৰ৷ কেওজনৰে চেহেৰাত আধুনিকতাৰ চাপ৷ হাতত একো একোটাহঁত ডাঙৰ ডাঙৰ স্ক্ৰীণ টাচ্ছ ম’বাইল৷ কাণত হে’ডফ’ন৷ হৰ্ছকাট হেয়াৰ ষ্টাইল, কাণফুলি, বুঢ়া আঙুলিত আঙঠি, সৰু গাঁঠিত ৰিষ্টবেণ্ড, চশমাৰ পৰা আৰম্ভ কৰি জোতালৈকে ব্ৰেণ্ডেড ড্ৰেছ-পোছাক, বেগ ইত্যাদি৷ ডিমাচা ল’ৰা গোটেইকেইটা৷ হ’লেও নিজৰ মাজত হাফলং হিন্দীতহে কথোপকথন চলিছে৷ স্থানীয়ভাৱে প্ৰচলিত এই লিংগুৱা-ফ্ৰাংকাক হিল হিন্দী বুলিও কয় বহুতে৷ আনহাতে সমস্ত যাত্ৰাটোত কেইটামান মাত্ৰ ডিমাচা ভাষাৰ বাক্য তেওঁলোকৰ মুখৰ পৰা ওলোৱা শুনিলোঁ৷ ডং, গিৰি, ফাই আদি দুই-এটা শব্দ নিজে জনাৰ সুবাদতে সেয়া মই ধৰিব পাৰিছোঁ, স্কুলীয়া দিনত মোৰ সহপাঠী নিৰ্মল নুনিচাই আগ বঢ়োৱা যৎসামান্য শিকণৰ অভিজ্ঞতাৰে৷ তাহানিৰ সেই মুহূৰ্তবোৰলৈ এতিয়া কিয় জানো, ঘনে ঘনে মনত পৰি গৈছে৷ ভাষা শিকাটো এটা দৰকাৰী কথা বুলি কোন কেতিয়াবাতে গম পাইছিলোঁ৷ গতিকে এতিয়া অন্ততঃ ধৰিব পাৰিছোঁ, এওঁলোকে কি ভাষা কৈছে৷

ডেকাসকলৰ মুখনিসৃত অসমীয়া শব্দ বা বাক্যৰ সংখ্যাও নগণ্য৷ তাকো আকৌ ‘লোকেল কুংফু’ৰ ডাইলগৰ প্ৰসংগতহে প্ৰকাশ কৰিব লগা হৈছে৷ ভাল লাগে এই বয়সৰ ল’ৰা-ছোৱালীবোৰ, সিহঁতৰ ‘বিন্দাচ’ লাইফ-ষ্টাইল৷ মানসিকভাৱে সিহঁতৰ সমবয়সীয়া হৈ পৰি হৃদয় উজাৰি কথা পাতিবলৈ, ভাব আৰু ৰসৰ আদান-প্ৰদানেৰে বন্ধুত্ব গঢ়িবলৈ বৰ মন যায়৷ কিন্তু ঘপকৈ নোৱাৰি৷ সেয়ে প্ৰাথমিক পৰ্যায়ৰ কথা-বতৰাতে নিজকে সাময়িকভাৱে ক্ষান্ত ৰাখি পৰৱৰ্তী সুযোগৰ অপেক্ষাত ক্ষণ গণি আছোঁ৷ খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে কেমেৰাৰ লেন্স উলিয়াই অলপ পৰৰ পিছে পিছে ক্লিক কৰি গৈছোঁ৷ উপভোগ কৰিছোঁ হিল কুইনে ধাৰাবাহিকভাৱে চকুৰ আগলৈ কঢ়িয়াই অনা ইখনৰ পিছত সিখন লেণ্ডস্কেপ৷ নিজৰ জগতখনত ব্যস্ত থাকিও অৱশ্যে উৎসুকতাৰে, কৌতূহলেৰে আগ-পাছ, সোঁ-বাঁও সকলোফালে খেয়াল ৰাখিছোঁ৷

প্ৰকৃতিৰ নিয়ম মানি বসন্তৰ আগমনত পথৰ দাঁতিৰ গছ-গছনিতো নতুন পাতে ভুমুকি নমৰাকৈ থকা নাই৷ তথাপিও দৃষ্টিয়ে ঢুকি পোৱা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে টকলা শুকান পাহাৰ দেখিছোঁ, হাবিত জ্বলোৱা জুই দেখিছোঁ, ভূ-খনন চলি থকা দেখিছোঁ৷ বনাঞ্চল তথা প্ৰকৃতি ধ্বংসৰ দেখ দেখ প্ৰমাণ পাইছোঁ৷ আনহাতে বুকুত চিৰাল ফাট লৈ হা পানী হা পানী কৰি থকা অনেকখন জলশূন্য নদী(!)তো অতিক্রম কৰিছোঁৱেই৷

ডিজাউব্ৰা পাৰ হৈ লাংটিঙত আমাৰ গাড়ী থামিল৷ ১০২কিল’মিটাৰ দূৰত্বৰ লামডিং-ল’ৱাৰ হাফলং মিটাৰগজ শাখাৰ এইটোৱে প্ৰথম স্তপেজ৷ একাংশ লোক ইয়াত নামিল-উঠিল৷ যাত্ৰীৰ কোঢ়ালৰ উপৰি ছাগলীৰ বেবনি এটা ভাহি আহি কৰ্ণপটহ চুলেহি৷ বুজি পালোঁ, সকলোৰে বাবেই এই ৰে’ল, এই উত্তৰ-পূব সীমান্ত ৰে’লৱে৷

ডিহাখুৰ পিছতে বৰাইলৰ বক্ষৰে শিলৰ পাহাৰ ফালি আগ বঢ়া ৰে’লপথেৰে গহীন-গম্ভীৰ গতি এটাত হিল কুইন বীৰদৰ্পে আগুৱাব ধৰিলে কালাকটাং অভিমুখে৷ মাইবাং পোৱাৰ আগতে ৬টা সুৰংগ পাৰ হ’লোঁ৷ ব্ৰিটিছৰ দিনতে সজা এই পকী সুৰংগবোৰ৷ প্ৰত্যেকটোতে ক্রমিক নম্বৰ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা খোদিত কৰা আছে৷ সুৰংগত সোমাই পৰোঁতে প্ৰতিবাৰেই ৰে’লখনৰ ডবাবিলাকৰ পৰা আনন্দ প্ৰকাশক এক ধৰণৰ কিৰিলী শুনিবলৈ পোৱা গ’ল৷ কথাটো বেয়া নালাগিল৷ লগ-সংগ থকা হ’লে হয়তো নিজেও তেনেকৈ চিঞৰিলোঁহেঁতেন, পৃথিৱীৰ সমস্ত কথা পাহৰি৷

লামডিং ষ্টেচনটো মুকলি কৰা হৈছিল বিগত ১৯০৩চনতেই৷ ১৯৬৯চনৰ ১মে’ত লামডিং ৰে’লৱে ডিভিজনৰ সূচনা হৈছিল৷ ইয়াৰ অন্তৰ্গত এই ৰে’লপথছোৱাত ল’ৱাৰ হাফলং পৰ্যন্ত ১৮টা সৰু-বৰ টানেল আছে৷ সুৰংগৰ ভিতৰত বিজুলীৰ ব্যৱস্থা আজিও নাই৷ গতিকে ডবাৰ ভিতৰখন দিনতে অন্ধকাৰ হৈ পৰে৷ ৰে’লৰ ভিতৰত যি লাইট জ্বলে পোহৰ বুলিবলৈ সেইকণেই৷

অকোৱা-পকোৱা বাটছোৱাইদি লাংটিঙৰ পৰা ২৫-২৬কিল’মিটাৰমান টানি ৰে’লখনে যাত্ৰাপথৰ দ্বিতীয়টো স্তপেজ মাইবাং পোৱালেগৈ৷ তাতে আগৰতলা পেচেঞ্জাৰৰ সৈতে ক্রচিং হ’ল৷ দেদাউৰি পাৰি যোৱা ক’লা ছাগলী এহাল আগৰটো ডবাৰ পৰা নমাই গৰাকীজনে টানি টানি নিয়া দেখা পালোঁ৷ জোখ-মাখলৈ চাই আজি ইহঁতৰ দিন বেয়া যেনেই লাগিল৷ আনহাতে, ভাৰতীয় ৰে’ল সেৱাই সকলোকে সমান সুবিধা দিছে৷ ল’ব জানিলেই হ’ল৷ এই ধৰণৰ ভাব এটায়ো তৎমুহূৰ্ততে ক্রিয়া কৰিলেহি৷

ইতিহাসে কোৱামতে ডিমাপুৰৰ পিছৰ সুদীৰ্ঘ কাল এছোৱাত মাইবাঙতে ডিমাচা কছাৰী ৰজাৰ ৰাজধানী স্থাপন কৰা হৈছিল৷ ষোল্ল আৰু ওঠৰ শতিকাৰ মাজৰ সময় সেয়া৷ নিৰ্ভয় নাৰায়ণৰ পৰা আদি কৰি ১৭গৰাকী ৰজাই শাসন কাৰ্য পৰিচালনা কৰিছিল এই মাইবাঙৰ পৰাই, ১৫৪০ৰ পৰা ১৭৫৭পৰ্যন্ত৷ আহোমৰ আক্রমণত পিছলৈ ৰাজধানী খাচপুৰলৈ উঠি যায়৷ মাই আৰু বাং লগ লাগিয়ে হৈছে মাইবাং৷ মাই মানে খাদ্য-শস্য আৰু বাং মানে উভৈনদী৷ মাইবাঙৰ দাঁতিৰেই বৈ গৈছে মাহুৰ নৈখন৷ নৈখনৰ পাৰতে কছাৰী ৰজা মেঘনাৰায়ণে সজোৱা শৈলঘৰ আছে৷ নৰনাৰায়ণৰ দিনৰ শৈললিপি আদিও ইয়াতেই উদ্ধাৰ হৈছিল৷ তেতিয়াৰ ৩বৰ্গ কিল’মিটাৰ বিস্তৃতিৰ পুৰণি ডিমাচা ৰাজধানী মাইবাংখন এতিয়া ডিমা হাচাও টেৰিটৰিয়েল অট’ন’মাছ কাউন্সিলৰ অন্তৰ্গত ১০বৰ্গ কিল’মিটাৰ এলেকাৰ এখন চহৰ৷ ডিমা হাচাও জিলাৰ অন্যতম মহকুমা এই মাইবাং৷

মাইবাঙৰ পিছত মাহুৰ পৰ্যন্ত পুনৰ ৬টা সুৰংগত সোমালোঁ-ওলালোঁ৷ ওৱাড্ৰেংডিছা, দাওটুহাজাৰ পিছৰে পৰাই পাক মাৰি মাৰি আমাৰ গাড়ী ক্রমে পাহাৰৰ ওপৰলৈ উঠিব ধৰিলে৷ ফাইডিং পাৰ হৈ এসময়ত মাহুৰ পালোঁগৈ৷ সমুদ্ৰপৃষ্ঠৰ পৰা মাহুৰ ২,৩৮৫ফুট ওখ৷ সেই উচ্চতাত আৰোহণ কৰি এটা কথা নিশ্চিত হ’লোঁ যে দীৰ্ঘদিন ধৰি ইয়াত বৰষুণ নাই হোৱা৷ ফলত তলৰ নদীবোৰ একেবাৰে শুকাই গৈছে৷ বাইলা, মুপা, মাইবাং, দয়াং আদিয়ে তাৰেই প্ৰমাণ দিলে, উন্মুক্ত বক্ষৰে৷ তেনেকুৱা নৈৰ ওপৰত থকা লোৰ অৰ্ধচন্দ্ৰাকৃতিৰ দলঙেৰে পাৰ হ’লোঁ, খুব ধীৰ গতিৰে৷ আনহাতে, ব্ৰডগজৰ বাবে নকৈ সজা বিৰাট বিৰাট দলং, ইখন পাহাৰৰ সৈতে সিখন পাহাৰ সংযোগী দীঘলীয়া ফ্লাইঅ’ভাৰকেইখন স্বচক্ষে দেখা পাই, সঁচাকৈ কৈছোঁ, নিজকে কোনোবা অচিন দেশত বিচৰণ কৰা যেনেই লাগিল৷ ব্ৰডগজ কমপ্লিট হ’লে যাত্ৰাটো কেনে ৰোমাঞ্চকৰ হ’ব, অলপ পৰ তাকে কল্পনা কৰিলোঁ৷ অৱশ্যে কেতিয়া কমপ্লিট হ’ব সেয়া নিঃসন্দেহে কোটিটকীয়া প্ৰশ্ন৷ চকুৰ সন্মুখত দেখা সামগ্ৰিক ৰূপটোলৈ চাই এতিয়া মাথো এইটোৱে কওঁ যে কমপ্লিচন ডেট বুলি কোনো ডেট দিব নোৱাৰোঁ এতিয়া৷ একো ক’ব নোৱাৰোঁ, বৰাইল কিম্বা বৰাক ভেলীয়ে কেতিয়াকৈ হাঁহিব৷

মাহুৰত এখন্তেক ৰৈ পুনৰ গাড়ী চলিল৷ আৰু ৬টা সুৰংগৰে পাহাৰীয়া পথছোৱা সুকলমে অতিক্রম কৰি অন্তিম স্তপেজ ল’ৱাৰ হাফলঙত উপস্থিত হ’লোঁগৈ নিৰ্দিষ্ট সময় দিনৰ ১বাজি ৩০মিনিটত৷ গাড়ীখনে অন্ততঃ সময়টো ঠিকেই মানি চলিছে, সেয়া কিন্তু ক’ব লাগিব দেই৷

৩ঘণ্টা ৪৫মিনিটজোৰা যাত্ৰাৰ পিছত গন্তব্যস্থলত ট্ৰেইনখন ৰৈ দিয়াৰ আগতেই নমা-উঠাৰ বাবে যাত্ৰীসকলৰ মাজত উথপথপ লাগিল৷ প্লেটফৰ্মত যথেষ্ট মানুহ দেখা পালোঁ৷ ট্ৰেইন ইয়াত বেছি পৰ নৰয়, মাত্ৰ ১৫মিনিটহে৷ গতিকে ময়ো ডবাটোৰ পৰা ততালিকে জাঁপ মাৰি নামি কোবাকুবিকৈ টিকট কাউণ্টাৰ অভিমুখে ভিৰ ফালি খোজ পেলালোঁ৷ দেখোঁগৈ যে দীঘলীয়া শাৰী৷ অলপ সময় থিয় হ’লোঁ৷ নাই, নহ’ব৷ অথনিৰ চিকিউৰিটিৰ ডবাটোলৈ মনত পৰিল৷ খৰগতিৰে ঘূৰি আহি পুৱা লামডিঙত কথা পতাজনকে ধৰিলোঁ৷ বোলোঁ, ‘নিব লাগিব দেই ডাঙৰীয়া, টিকট হ’লে নাই৷’ তেখেতে অভয় দান কৰিলে... ‘উঠি লওক৷’

আহোঁতে একেবাৰে শেষত থকা ডবাটো এতিয়া যাওঁতে একেবাৰে আৰম্ভণিতে পৰিল৷ অৰ্থাৎ ইঞ্জিনৰ পিছতে৷ ইঞ্জিনটো ঘূৰাই আনি এই মূৰে লগায়েই ০৫৬৯৮ নং হিল কুইন এক্সপ্ৰেছ ঢাপলি মেলিব লামডিঙলৈ৷ ইতিমধ্যে মামা-মামীৰে গিজগিজালেই চিকিউৰিটিৰ ডবাটো৷ তলৰ বেঞ্চত ঠাই নাই৷ বয়-বস্তু থোৱা বাংক এখন খালী পাই জাঁপ মাৰি তাতে উঠি ল’লোঁ৷ উদ্দেশ্য, মোৰ হাতত থকা টোপোলাটোৰ সদ্‌ব্যৱহাৰ কৰিব লাগে এতিয়া৷ পেটে ইতিমধ্যে বিদ্ৰোহৰ সূচনা কৰিয়ে দিছে৷ কালি ডেকাজনে ঠিকেই কৈছিল, ‘খোৱাটো কিন্তু লৈ যাব, একো নাপাব৷’ হয় কথাটো৷ আনৰ অভিজ্ঞতাৰ শিক্ষাক কামত লগাই আজি পুনৰবাৰ উপকৃত হ’লোঁ৷ আন এজনে কৈ পঠোৱা মতে বাঁওহাতে বহাৰ ফলত প্ৰাকৃতিক দৃশ্যৰাজিও বাধাহীনভাৱে প্ৰত্যক্ষ কৰিব পাৰিলোঁ৷

৮খন পুৰী, ভাজি আৰু লালমোহন দুটা খৰখেদাকৈ চোবাই তাৰ পিছে পিছে পানী আধা বটল ঘটাঘটে পেটত ঢালি বাংকৰ পৰা নামি আহিলোঁ৷ পুনৰবাৰ প্লেটফৰ্মলৈ গৈ খালী টোপোলাটো জাবৰ-জোঁথৰৰ দ’ম এটালৈ দলি মাৰি দিলোঁ৷ তেনেকুৱাতে নিৰাপত্তাৰক্ষী লোকজন চকুৱে চকুৱে পৰিল৷ সুধিলে... ‘আপুনি বহিবলৈ চিট পোৱা নাই নেকি? আহক, ইয়ালৈকে আহক৷’ সেই বুলি কৈ নিজৰ বাবে সংৰক্ষিত দীঘলীয়া চিটটোত আথে-বেথে মোক বহাৰ সুবিধা কৰি দিলে তেওঁ৷

সেইকণ সময়তে ইফালে-সিফালে চালোঁ৷ এই ষ্টেচনটোৰ পৰাই হাফলং চহৰলৈ যোৱা হয়৷ ওপৰত হাফলং, তলত ল’ৱাৰ হাফলং৷ বাইদেউ-ভিনদেউ থকাৰ সুযোগতে ১৯৮২ৰ এপ্ৰিলত প্ৰথমবাৰ হাফলঙলৈ গৈছিলোঁ, পুলিচৰ জীপৰ পিছফালে বহি, পকী ঠেক ৰাস্তাৰে৷ ৩২বছৰৰ আগৰ কথা সেয়া৷ তাৰ পাছত ১৯৮৪ৰ জুন মাহত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ডিফু-হাফলং ৰঙা বাছত৷ সেইবাৰ হাফলং লে’ক আৰু অন্যান্য লোকেচনত তোলা ক’লা-বগা ফটোবোৰ এতিয়াও সযতনে সংৰক্ষিত হৈ আছে, মোৰ পুৰণি এলবামটোত৷ শেষৰবাৰ যাওঁতে লে’কৰ পাৰৰ টুৰিষ্ট লজত এৰাতি আছিলোঁ৷ ল’ৱাৰ হাফলঙেৰে নিশাৰ ট্ৰেইন ধৰি উভতি আহিছিলোঁ৷ গতিকে পথছোৱাত একো চোৱাৰ সুযোগ ভাগ্যত নঘটিল৷ মাজে মাজে মনত বাৰুকৈয়ে দোলা দি থকা সেই অতৃপ্তি আজি আঁতৰ কৰিছোঁ হিল কুইনৰ বেঞ্চত বহি দিনৰ পোহৰত কৰা এই ভ্ৰমণৰ জৰিয়তে৷

ৰে’লখনে সময়মতেই উভতনি যাত্ৰা আৰম্ভ কৰি দিলে৷ চিট সুৰক্ষিত যেতিয়া এইবাৰ উঠা-নমা, ইফাল-সিফাল ইচ্ছামতে কৰি থাকিব পাৰিম বুলি আগতেই ভাবি থ’লোঁ৷ আহোঁতে কিন্তু একেথিৰে বহিয়েই আহিলোঁ৷ কাৰণ ‘খোৱাটো লৈ যাব’ বুলি কোৱাজনেই কালি সন্ধিয়া আসন সম্পৰ্কে মোক হুচিয়াৰ কৰি দিছিল এইবুলি... ‘উঠিলেই চিট যাব৷’ সেয়েহে চিট হেৰুৱাবলৈ সত নগ’ল৷ চিটৰ স্বাৰ্থত তেতিয়া স্থানু হৈ ৰ’লোঁ যদিও এইবাৰ কিন্তু কথা বেলেগ হ’ব৷ বেমাৰীৰ দৰে বহি বহি টোপনিয়াই থকাত নাই৷

গতিকে গাড়ী এৰাৰ লগে লগেই দৰজামুখ অধিকাৰ কৰিলোঁগৈ৷ হিল কুইনৰ গতিৰ লগে লগে ময়ো দৃষ্টি প্ৰসাৰিত কৰি দিলোঁ দূৰ দিগন্তলৈ৷ কেমেৰাই ইচ্ছামতে ক্লিক কৰি গ’ল, ইবাৰৰ পিছত সিবাৰকৈ৷ এইবাৰ মুঠতে একো এৰাত নাই৷ সিখন দৰজাৰে সিফালেও চকু ৰাখিছোঁ, ক’ত কি দেখা গৈছে বুলি৷ সজাগ হৈছোঁ, একো যাতে মিছ নহয়৷

বাহুত এ.এছ.পি. লিখা পিতলৰ বেজ পিন্ধা চিকিউৰিটিৰ লোক এজনে কাষতে ৰৈ বন্ধুত্বপূৰ্ণ মনোভাবেৰে মোৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলে৷ ক’ৰ পৰা আহিছে, কি কাম কৰে, ফটোবোৰ তুলি কি কৰিব ইত্যাদি ইত্যাদি ঢেৰ প্ৰশ্ন৷ মোৰ উত্তৰ, কথা-বতৰা, পিন্ধন-উৰণ বা চাল-চলনে বোধহয় মানুহজনক সন্তুষ্ট কৰিব পাৰিলে৷ লাহে লাহে ঘনিষ্ঠতা বৃদ্ধি পালে৷ দৰজামুখত ৰৈ মই এখন হাতেৰে হেণ্ডেলত ধৰি শৰীৰটো হেলনীয়াকৈ বাহিৰলৈ উলিয়াই আনখন হাতেৰে কেমেৰা অ’পাৰেট কৰাৰ সময়ত তেওঁ মোৰ কঁকালত মৰা বেল্টডালত পিছফালৰ পৰা খামোচ মাৰি ধৰি থাকিল, যাতে ট্ৰেকৰ পাক আৰু ট্ৰেইনৰ জোকাৰণিত কোনো ধৰণৰ অঘটন নঘটে অৰ্থাৎ তললৈ সৰি নপৰোঁ যাতে৷ কাণ্ডটোৱে মোৰ অন্তৰতো স্বাভাৱিকতেই তেওঁৰ প্ৰতি শ্ৰদ্ধালু ভাব এটাৰ সঞ্চাৰ কৰিলে৷ লাহে লাহে গোটেইকেইজন মোৰ সৈতে সহজ আৰু অন্তৰংগ হৈ পৰিল৷ তেওঁলোকেই মোক তামোল কিনি খুৱালে, নিজৰ ভাগৰ মিনাৰেল ৱাটাৰৰ বটলৰ পৰা পানী খুৱালে, পকৰি আনি খুৱালে৷ আনকি... (পিছত কৈ আছোঁ)

মালবাহী গাড়ী এখনৰ ক্রচিঙৰ বাবে দয়াং ব্ৰীজ পাৰ হৈ মিগ্ৰেনডিছাত কিছু পৰ থামিব লগা হ’ল৷ ‘কেতিয়াও ৰে’লৰ ইঞ্জিনত উঠি পোৱা নাই, বৰ মন যায়হে’ বুলি মই মোৰ জীৱনৰ অসম্পূৰ্ণ আকাংক্ষা এটাৰ সম্বন্ধে তেওঁৰ আগত প্ৰকাশ কৰিবলৈহে পালোঁ, তেওঁ মোক চিধাই মাতি লৈ গ’ল নাতিদূৰতে থকা ইঞ্জিনটোলৈ বুলি৷ আনহাতে, ‘উঠি লওক’ বুলি ক’বলৈ পালে কি নাপালে, ড্ৰাইভাৰৰ বিপৰীতে থকা মূৰটোত সংলগ্ন হেণ্ডেলত ধৰি মই আগে-ভাগে বগাই ওপৰ পালোঁগৈ৷ চে’ফ পজিচন এটা লৈ ৰৈ থাকোঁতেই হঠাতে মূৰত খেলালে আন এটা চিন্তা৷ টানেলত কি হ’ব? সমস্যা হ’ব নেকি? তেওঁ ক’লে, ‘কাপোৰ-কানি ক’লা হ’ব, গাৰ ছাল পুৰি যোৱা যেন লাগিব৷’ বিপদৰ সম্ভাৱনা দেখি ভাল ল’ৰাৰ দৰে ঘপাঘপ তাৰ পৰা জঁপিয়াই নামি আহি পূৰ্বৰ স্থান পালোঁহি৷ এডভেঞ্চাৰাচ পোকটোৱে অৱশ্যে ভিতৰি ভিতৰি বহুপৰলৈকে কামুৰিয়েই থাকিল... ছেঃ, বিৰল সুযোগ এটা নষ্ট হ’ল আজি, টানেলৰ কাৰণে৷ নহ’লে... ঈশ্বৰে বৰ মিলাইছিল!

সি যি কি নহওক, লাংটিং পৰ্যন্ত দৰজাৰ মুখত একেলেথাৰিয়ে থিয় হৈ পাহাৰৰ শোভাৰে মন-প্ৰাণ উপচাই পেলালোঁ৷ তাৰ পিছতহে চিটত বহিলোঁহি৷ এইবাৰ কথাৰ মহলা মৰা আৰম্ভ হ’ল৷ চিকিউৰিটিৰ লোককেইজনে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে৷ পথছোৱাৰ নেচাৰেল চিনেৰী, সুন্দৰ সুন্দৰ ল’কেচন কেইটামানৰ বিষয়েও কিছু কথা ব্যক্ত কৰিলে৷ বৰষুণ পৰিলে আকৌ এবাৰ আহিবলৈ বৰকৈ অনুৰোধ জনালে৷ আনহাতে ৰে’ল নিৰাপত্তাৰ ডিউটিক অগ্ৰাধিকাৰ দিয়া হেতুকে ইচ্ছা থাকিলেও বিহু বুলি নিজ ঘৰলৈ, পৰিয়ালৰ মাজলৈ এপাক মাৰিব নোৱাৰাত তেওঁলোকৰ মনবোৰৰ মাজত খুন্দ খাই থকা দুখবোধৰ ইংগিতো পাবলৈ সক্ষম হ’লোঁ৷

সন্মুখত বহা মামী চাৰিজনীৰ মাজৰে এজনীৰ সৈতে ভাবৰ আদান-প্ৰদান সম্ভৱ হৈ উঠাত লেথাৰি নিছিগাকৈ কথা পতাত লাগি গ’লোঁ৷ মাৰ জনগোষ্ঠীয় মহিলাগৰাকীয়ে হাফলঙৰ এগ্ৰিকালচাৰ মাৰ্কেটিং অফিচত চতুৰ্থ বৰ্গৰ চাকৰি কৰে৷ গুড ফ্ৰাইডেৰ আগে আগে বিহুৰ বন্ধ পাই কেইবাজনীও মিলি এয়া ডিমাপুৰলৈ যাত্ৰা কৰিছে, শ্বপিঙৰ উদ্দেশ্যে৷ হাফলঙত বস্তু-বাহানিৰ দাম বেছি, ডিমাপুৰত সস্তা৷ গতিকে সুযোগ বুজি এনেকুৱা আহ-যাহ চলি থাকে৷ হাফলঙৰ লাইট, পানী, ৰাস্তা, খেতি, পাচলি, ফল, কাউন্সিল, বন্ধ, গীৰ্জা, ৱ’মেন ফেল’শ্বিপ, চিকপুই ৰুই আদি বহু বিষয় আমাৰ আলোচনাৰ গণ্ডীলৈ আহিল৷ মোৰ খাৰ খোৱা জিভাৰে ওলোৱা হাফলং হিন্দী তেওঁ কেনে পালে নাজানো, যাবৰ পৰত কিন্তু তামোলতী মামীজনীয়ে খোলোচাকৈয়ে কৈ গ’ল... ‘আচ্চা হুৱা, হাম দোনো গপ মাৰা, না?’

আনহাতে ইমান পৰে মই মন কৰি থকা আন এটা কথা আছিল, চিকিউৰিটিৰ লোককেইজনে মোক কিন্তু অথনিৰে পৰা ভাৰা এবাৰলৈও খোজা নাই৷ এইটো কেনেকুৱা কথা হ’ল? সেয়ে ৰে’লখনে লামডিং জংছন সোমাওঁ সোমাওঁ কৰোঁতেই মোৰ সোঁকাষে বহি জমা দিবৰ বাবে বন্দুকৰ গুলীবোৰ  হিচাপ কৰি থকা নিৰাপত্তাৰক্ষী এজনৰ গাত হেঁচুকি কথাটো উলিয়ালোঁ... ‘মোৰ ভাৰাটো লওক আকৌ৷’ কেউজনেই যেন আগৰ পৰাই প্ৰস্তুত হৈহে আছিল! একে সুৰতে কৈ উঠিল... ‘নালাগে, নালাগে৷’ ময়ো নেৰিলোঁ... ‘লওক, লওক৷ তেনেকুৱা একো কথা নাই৷ মই নিচেই সাধাৰণ মানুহহে৷ আৰু এয়া আপোনালোকৰ প্ৰাপ্য৷’ প্ৰত্যুত্তৰত যিষাৰ ক’লে, মোৰ আৰু কৰিবলৈ একো নাথাকিল৷ ‘নাই নালাগে৷ আপুনি আজি আমাৰ আলহী৷’ বুলি আন্তৰিকতাৰে কোৱা বাক্যটিৰ সন্মানত দুনাই ভাৰাৰ প্ৰসংগ নুলিয়ালোঁ আৰু৷ প্ৰতিজনকে হেণ্ডচেক একোটাৰে ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ৷ লগতে পিছদিনা আৰম্ভ হ’ব লগা অসমীয়া নতুন বছৰটোৰ বাবে শুভেচ্ছা আৰু ব’হাগ বিহুৰ ওলগ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলোঁ৷

আমাৰ গাড়ী এইপাৰে ৰোৱাৰ সমানে সমানে ডিমাপুৰ অভিমুখী বি.জি. এক্সপ্ৰেছখনো নিৰ্ধাৰিত সময়তেই ৩নম্বৰ প্লেটফৰ্ম সোমালহি৷ আশা কৰা ধৰণেই কানেকচনটো পাই গ’লোঁ৷ সেইখনতে উঠি আহি গৃহচহৰ ডিফুত পদাৰ্পণ কৰিলোঁ৷ বৰাইলৰ বুকুৰ পৰা উভতি প্ৰায় ১২ঘণ্টাৰ মূৰত ঘৰলৈ খোজ লৈ থকা সময়ছোৱাত যোৱা নিশা ইউ-টিউবত আনৰ ভিডিঅ’ চাই উত্ৰাৱল হৈ পৰা হিল কুইনৰ যাত্ৰাটো আজি নিজে প্ৰেকটিকেলি সম্পূৰ্ণ কৰিব পৰা হেতুকে ঈশ্বৰক ধন্যবাদ জনালোঁ শত-সহস্ৰবাৰ৷

(ৰচনা : ২৫.৪.২০১৪)






























Sunday, 13 April 2014


চন ১৯৯২৷
আলোচনা মৰ্মে এইটো ঠিৰাং কৰা হ’ল যে এইবাৰ বিহুখন ষ্টেজত নহয়, আমাৰ খেলপথাৰৰ ঘাঁহনিত মুকলিকৈ পতা হ’ব৷ সিদ্ধান্তটো শুনি খুবেই ভাল পালোঁ৷ কিয়নো, মঞ্চবিহুতকৈ বেলেগ ধৰণৰ কিবা এটা পাম৷ কামো কমিব, খৰছো কমিব৷ আগৰটো বছৰত বিহুৰ নামত খোৱা পেনিচিলিনৰ মৌ-মিঠা খোঁচকেইটা বাৰুকৈয়ে মনত আছে৷

একঁকালমান ওখকৈ গোটা বাঁহৰ খুঁটি কেইটামান সমান জোখত কাটি লোৱা হ’ল৷ তাৰ পিছত নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে প্ৰায় ছয় ইঞ্চিকৈ দ গাঁত খন্দাৰ কাম৷ খুঁটিবোৰ মাটিত পুতি ইটোৰ সৈতে সিটোলৈ সংযোগী ৰছী দুশৰীয়াকৈ বান্ধি দিয়া হ’ল৷ পলকতে তৈয়াৰ হৈ গ’ল সুন্দৰ ঘাঁহনিৰে বৃত্তাকাৰ ক্ষেত্ৰ এখন৷ কেলৈ লাগিছে সুউচ্চ মঞ্চ... ধৰণৰ ভাব এটায়ো ততালিকে ক্রিয়া কৰিলেহি মগজুৰ ভিতৰত৷ মানে এইবাৰ সাধাৰণতে য’তে-ত’তে দেখিবলৈ পোৱা মঞ্চটো ওপৰত, দৰ্শকবৃন্দ তলত ধাৰণাটো ওলোটাকৈ প্ৰয়োগ কৰা হ’ল৷ ত্ৰিভুজাকৃতিৰ ৰঙা-নীলা কাগজ কিছুমান এমূৰে ময়দাৰ আঠা লেপি ৰছীকেইডালত সমদূৰত্বত ওলোমাই দিয়াত উৎসৱ উৎসৱ লাগি গ’ল৷ পৰিৱেশটোলৈ আহিল বেলেগ এটা আকৰ্ষণ৷ এই নিৰ্ধাৰিত পৰিসীমাৰ ভিতৰতে শিল্পীসকলে নিজৰ নিজৰ সাংস্কৃতিক কলা-কৌশল প্ৰদৰ্শন কৰিব৷ ভিতৰভাগলৈ সোমাবৰ বাবে দুফালে দুটা বাট ৰাখি দিয়া হ’ল৷ এফালেদি সোমাব, মাজৰ অংশত নাচিব-গাব, আনফালেদি ওলাই যাব৷ এলেকাটোৰ পোনে পোনে খেলপথাৰৰ দাঁতিৰে যোৱা ৰাস্তাটোৰ ওপৰত পৰস্পৰৰ মাজত কিছু ব্যৱধান ৰাখি তৰি দিয়া হ’ল দুখন ডাঙৰ ডাঙৰ চামিয়ানা৷ এখন অভ্যাগত ৰাইজ বহিবৰ বাবে৷ আনখন অনুষ্ঠানত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ বাবে৷ আসনৰ সুব্যৱস্থা কৰা হ’ল, ফিল্ডতকৈ অধিক উচ্চতাত থকা পকী পথটোৰ ওপৰতে৷ চাউণ্ড চিষ্টেমো ফিটিং হৈ গ’ল যথাস্থানত৷

যথাসময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, শিল্পী-কলাকুশলী, স্থানীয় দৰ্শকেৰে চন্দ্ৰতাপ দুখন নধৰা হৈ পৰিল৷ আচ্ছাদনৰ বাহিৰত থিয় দি, ৰাস্তাত ৰৈ, ফিল্ডত বহি বহিও ঋতুকালীন উৎসৱৰ আনন্দময় ৰস চুহিলে সংস্কৃতিপ্ৰেমী শত-সহস্ৰজনে৷ দেখিয়ে ভাল লাগিল৷

নেৰিষ্ট বুলিলেই উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ বিদ্যাৰ্থীৰ স্বাভাৱিক সমাৱেশ৷ সাতভনীৰ প্ৰতিনিধিত্বকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুকলি আকাশৰ তলত নিজ নিজ ৰাজ্যৰ, নিজ নিজ জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত নৃত্য-গীত ইত্যাদি প্ৰদৰ্শন কৰি গ’ল, এটাৰ পিছত এটা কৰি, শৃংখলাবদ্ধতাৰে, উলাহেৰে৷ নাগালেণ্ডৰ য়াংগাৰহঁতে নগাযাঠী লৈ ৱাৰ ডেন্স দেখুৱালে৷ মেঘালয়ৰ দলে গীটাৰ বজাই বজাই নিজৰ গীত-মাত গালে৷ মিজোৰামৰ লালদিনপুইহঁতে বেম্ব’ ডেন্সেৰে দৰ্শকৰ হাতচাপৰি বুটলিলে৷ মণিপুৰী, ত্ৰিপুৰী, অৰুণাচলীয়ে স্বকীয় নৃত্য আগ বঢ়ালে৷ অসমৰ ছাত্ৰৰ লগতে বাহিৰৰ পৰা বিহু বুলি আমন্ত্ৰণ জনাই অনা হুঁচৰি, মুকলি বিহুদলেও মুক্ত প্ৰাংগণত নাচি-বাগি সকলোকে আনন্দ প্ৰদান কৰিলে৷ মিনি ইণ্ডিয়া বুলি খ্যাত শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ভাৰতবৰ্ষৰ আন আন প্ৰদেশৰ শিক্ষাৰ্থীসকলেও নিজস্ব কিবা নহয় কিবা অনুষ্ঠান একোটা উদ্যমেৰে দেখুৱাই প্ৰশংসাধন্য হ’ল৷ কোনো খাম-খেয়ালি নোহোৱাকৈ কাৰ্যক্রমণিকাৰ অন্ত পৰিল, দিনে-পোহৰেই৷

ষ্টেজতকৈ দেখোন এনেকৈহে কিবা এটা মজা লাগিল৷ নয়নভৰি উপভোগ কৰিলোঁ বন্ধু-বান্ধৱৰ সৈতে৷ অগতানুগতিক কাৰ্যসূচীটোৱে কৈ বা লিখি বুজাব নোৱাৰা ধৰণৰ বিমল এক মানসিক, আত্মিক পৰিতৃপ্তি দি গ’ল, জীৱনৰ বাকী দিনবিলাকৰ বাবে৷

প্ৰাকৃতিকভাৱে কৰা বিহুৰ উক্ত আয়োজনটো আজিও মনগহনত থাকি গ’ল, একক আৰু অদ্বিতীয় ৰূপত৷ লগতে বৰগছ এজোপা থকা হ’লেতো কথাই নাছিল৷ সোণত সুৱগা চৰিল হয়৷ এইবুলিও মাজে মাজে ভাবোঁ৷ আৰু তাৰ পিছৰ পৰাই মঞ্চবিহুৰ আয়োজনৰ ব্যস্ততাত দৌৰি-ঢাপৰি ভাগৰি পৰা বহুতকে আজিও কওঁ... ষ্টেজ বাদ দেচোন, এনেকৈ পাত৷ বসন্ত উৎসৱলৈ সকলো জনগোষ্ঠীকে মাত৷ স্বতঃস্ফূৰ্তভাৱে সকলোৰে অংশ গ্ৰহণ আৰু প্ৰদৰ্শন হওক৷ সকলোৱে নিজক বিচাৰি পাওক৷ সংস্কৃতিৰ আদান-প্ৰদান চলক৷ মনৰ মিল হওক৷

অঁ বুলি মুখেৰে শলাগিলেও পিছে মঞ্চবিহুৰ গতানুগতিক ধাৰাটোৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ বুকুত সোমাই পৰাৰ ইচ্ছা কাৰ্যক্ষেত্ৰত হ’লে কাৰোৱেই দেখা নাপাওঁ৷ কিয় নাজানো৷

ৰচনা : ১৩.৪.২০১৪


Saturday, 12 April 2014


মই থকা বৃহৎ দুমহলীয়া হোষ্টেল ব্লক-এফৰ মূল দৰজাখনৰ পোনে পোনে, সন্মুখৰ ৰাস্তাটো পাৰ হৈয়ে আমাৰ ফিল্ডখন৷ খেলপথাৰৰ একেবাৰে সিটো মূৰত পকী ষ্টেজটো৷ সেইটোক কেন্দ্ৰ কৰিয়ে সজা হৈছে এটা প্ৰকাণ্ড পেণ্ডেল৷ উদ্দেশ্য, ফাইনেল ইয়েৰ নাইট৷

সেয়া বোধ কৰোঁ ১৯৯১ৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ কথা৷ সময়টো খাটাংকৈ ক’ব নোৱাৰিছোঁ যদিও এইটো হ’লে এতিয়াও ভালদৰে মনত আছে যে নিশা ন বজাতে মঞ্চত উঠিছিল ফাইনেল ইয়েৰ নাইটৰ বিশেষ আকৰ্ষণ, মণিপুৰৰ পৰা আমন্ত্ৰণ জনাই অনা হাৰ্ড ৰক বেণ্ড৷ কাণ তাল মৰা সেইজাতীয় সংগীতত জাহ যাব নোৱাৰা হেতুকে অলপ সময় থাকিয়ে বিছনাত আশ্ৰয় ল’লোঁগৈ৷ পিছে মোৰ ৰুমটো আছিল হোষ্টেলৰ মূল দৰজাখনৰ চিধাচিধি৷ গতিকে দীঘলচুলীয়া, চাৰিজনীয়া গায়কবৃন্দৰ সৈতে ব্যৱধান এশ মিটাৰৰ কম নহ’লেও সৰলৰৈখিকভাৱে ধাৱিত শব্দৰ সমদল যাত্ৰা চলি থাকিল মোৰ কোঠাৰ দিশে৷ দৰজা মাৰিও তত নাপালোঁ৷ উচ্চ প্ৰাৱল্যৰ সংগীতৰ আক্রমণত ইতিমধ্যে কাণ দুখনে কিবা গুমগুমাব ধৰিছিল৷ সেই নিশা বহুত পৰলৈকে মোৰ টোপনি অহা নাছিল৷

সি যি কি নহওক, ফাইনেল ইয়েৰ নাইট পাৰ হৈ গ’ল৷ অনুষ্ঠানৰ আয়োজক ছাত্ৰসকলক আছাম এচোচিয়েচনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ’ল যে পেণ্ডেলৰ বাঁহৰ ফ্ৰেমটো যেন ভাঙি নেপেলায়৷ যেনে আছে তেনেই থাকিবলৈ দিয়ে যাতে৷ কাৰণ সন্মুখত ৰঙালী বিহু আহি আছে৷ সেই স্থানতে ব’হাগ মাহত আমি অসমৰ ছাত্ৰবোৰে বিহু পাতিম৷ অন্ততঃ এটা কাম সহজ হ’ব৷

গতিকে পেণ্ডেলৰ ফ্ৰেমটো অক্ষত ৰূপতে ৰখা হ’ল৷ বিহুলৈ বাকী থকা দিনকেইটা তাৰ তলেৰেই চৰ্টকাট মাৰি আমি ক্লাছলৈ আহ-যাহ কৰিলোঁ৷ অসুবিধা নোহোৱাকৈ নাথাকিল যদিও তেনেকৈয়ে নিতৌ আবেলি ফিল্ডত খেলা-ধূলাও চলাই গ’লোঁ৷

কেলেণ্ডাৰ আগুৱাই গ’ল৷ এপ্ৰিল সোমাল৷ নিৰ্দিষ্ট দিন উপস্থিত হ’লহি৷ খোলা জীপ গাড়ীত উঠি পাহাৰীয়া ৰাস্তাৰে, কাৰ্চিংচাৰ ফালেই নেকি, পাহৰিছোঁ, অকাই-পকাই গৈ ব্লক অফিচৰ পৰা তিৰ্পাল উঠাই আনিলোঁগৈ৷ তাৰ পিছত এফালৰ পৰা তৰি দিলোঁ উকা ফ্ৰেমৰ ওপৰত৷ সেইকেইখনে নুজুৰিলে৷ আকৌ ক’ৰবাৰ পৰা সংগ্ৰহ কৰি অনা হ’ল৷ সন্ধিয়াৰ আগে আগে পেণ্ডেলৰ ওপৰৰ ছাউনি মোটামুটি ৰেডী হৈ গ’ল, কম আয়াসতে৷

এতিয়া মাজত এটা মাত্ৰ দিন বাকী৷ নাহৰলাগুন, ইটানগৰ, বান্দৰদেৱা, হাৰমতী, নাৰায়ণপুৰ, বিহপুৰীয়া, লখিমপুৰ পৰ্যন্ত খবৰ পৌচি গৈছে যে নেৰিষ্ট (নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজী, নিৰজুলি, অৰুণাচল প্ৰদেশ)ত বিহুৰ আয়োজন কৰা হৈছে৷ দৈ-চিৰা, পিঠা-পনা, হুঁচৰি, মুকলি বিহু দল সকলোৰে পূৰ্ণযোগাৰ কৰি পেলাইছে দায়িত্ববাহী ছাত্ৰ-ছাত্ৰীসকলে, অতি আন্তৰিকতাৰে৷ সহযোগ কৰিছে স্থানীয় অসমীয়া পৰিয়ালসমূহেও৷

কিন্তু... বিধিৰ কি বিপাক! সেই নিশাৰ শেষভাগলৈ হিল-দল ভাঙি আহক এজাক বৰষুণ৷ লগতে প্ৰবল বতাহো৷

পুৱা মোৰ সোনকালে শুই উঠাৰ অভ্যাস৷ নিয়মিত জগিং আৰু এক্সাৰচাইজ কৰোঁ৷ টুথ ব্ৰাছডাল হাতত লৈ পেণ্ডেলটো চাওঁগৈচোন বুলি হোষ্টেলৰ মুখলৈ ওলাই আহিলোঁ৷ অ’... হৰি! পেণ্ডেল দেখোন মাটিত ফ্লেট! কি হ’ব এতিয়া? কান্দিবলগীয়া অৱস্থা হ’ল৷

বৰদৈচিলাৰ প্ৰকোপত বিহুৰ পেণ্ডেল বাগৰি পৰাৰ বাতৰিটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে ক্ষন্তেকৰ ভিতৰতে মৌ-মাখিৰ দৰে সাতখন হোষ্টেলৰ নিৱাসী অসম-সেনাসকল গোট খালেহি৷ সকলোৰে মনত একেটাই উৎকণ্ঠা৷ কাইলৈ বিহুখন কি হ’ব? এই পেণ্ডেল আকৌ আগৰদৰে থিয় কৰাটো কি সম্ভৱপৰ কথা? তিৰ্পালৰ ওপৰতো দেখোন য’তে-ত’তে দ’ম দ’ম পানীৰ ডোঙা৷ ইফালে হাততচোন সময়েই নাই৷ কি কৰা যায় এতিয়া? ইয়াত কোনোপধ্যে নহ’ব৷ বেলেগ ঠাই চাব লাগিল৷ সোনকালে৷

পিছফালৰ গেইটেদি ইনষ্টিটিউটৰ ভিতৰ ভাগলৈ সদলবলে সোমাই গ’লোঁ৷ ইংৰাজী বৰ্ণমালাৰ ইউ পেটাৰ্ণৰ দুমহলীয়া বিল্ডিঙৰ মাজৰ ঠাইডোখৰ ঠিক হ’ব বুলি সকলোৱে হয়ভৰ দিলে৷ ক’ৰবাত ক’ৰবাত বৰষুণৰ পানী জমি আছে যদিও এইটো ঠিক যে ইয়াত বতাহে সতকাই নাপাব৷ সময় পিছে তাকৰ৷ এতিয়াই কাম আৰম্ভ কৰিব লাগিব৷

যুদ্ধকালীন তৎপৰতাৰে ছাত্ৰ-শক্তি কামত লাগি গ’ল৷ প্ৰথমে ঠাইখিনিত পৰি থকা অদৰকাৰী বস্তুবোৰ আঁতৰ কৰা হ’ল৷ তাৰ পিছত ক্লাছৰুমৰ পৰা প্লে’টফৰ্মবোৰ এখন এখনকৈ ধৰাধৰিকৈ বাহিৰলৈ অনা কাম৷ প্লেটফৰ্ম জোৰা দিয়েই অস্থায়ীভাৱে মঞ্চ সাজিব লাগিব৷ ইখনৰ ওপৰত সিখন জাপি লেবেল মিলাই দিলত ষ্টেজটো হৈ উঠিল যেনিবা৷ পিছে তেনেকৈ ৰাখি দিলেইতো নহ’ব৷ কিয়নো, এলাপেচা কথা নহয়, ইয়াত বিহু মৰা হ’ব৷ গতিকে খুৰাবিলাক মিলাই ভালকৈ বান্ধিব লাগিব৷ নহ’লে নাচোনৰ গিৰিপনিত অৱস্থা কি হয়গৈ ঠিক নাই৷

মুকলিতে পোৱা খুৰাকেইটা যোৰপাতি বান্ধিবলৈ হাতত ৰছী লৈ বিভিন্নজন ডেকা একে সময়তে লাগি গ’ল৷ ভিতৰৰফালে হ’লে কোনো নোসোমায়৷ কাৰণ তলত আছে বোকা-পানী৷

হ’ল বুলিনো আৰু চাই থাকিব পাৰিনেকি? শেষত অমুকায়ে হাণ্ড্ৰেড পাৰচেণ্ট ৰেচপনচিবিলিটি লৈ ল’লোঁ৷ এনেয়ে বোকা-পানী ফেনেকি ভাল পোৱা মানুহ৷ দেহাৰ জোখো প্লেটফৰ্মৰ তলত সোমাবৰ অনুকূল৷ কাজেই নাৰিকলৰ ৰছীকেইডালমান জোখত কাটি লৈ মেকুৰীৰ বিচক্ষণতাৰে প্ৰৱেশ কৰি দিলোঁ প্লেটফৰ্মৰ অন্তৰ্ভাগত৷ মটৰগাড়ীৰ তলফালে সোমাই মেকানিকে ওপৰমুৱাকৈ শুই কাম কৰাৰ দৰে বোকায়ে-মাটিয়ে ইলুটি-সিলুটিকৈ ইখনৰ লগত সিখন জপটিয়াই এফালৰ পৰা আটি আটি বান্ধি গ’লোঁ৷ লক্ষ্য ৰাখিলোঁ যাতে যিমান নাচিলেও প্লেটফৰ্ম লৰচৰ কৰিব নোৱাৰে৷ নহ’লে বদনাম হ’ব৷

বিহুৰ উলাহত সেইখন কৰি থাকোঁতেই কোন পাকত জানো ক’ৰবাত ওলাই থকা গজাল এটাই সোঁহাতৰ অনামিকা আঙুলিৰ প্ৰথম জোৰাটোতে চেৰেককৈ অকণমান ফালি পেলালে৷ গজালটো দেখাই নাপালোঁ৷ বিৰিঙি অহা তেজকণ তক্তাতে ঘঁহি-পিহি মোহাৰিলোঁ৷ বিহুৰ নামত তেজ অকণমানকে দান দিছোঁ বুলি কিবা এটা ভালো লাগিল৷ তাৰ পিছত ঠাইডোখৰ বুঢ়া আঙুলিৰে কিছু পৰ টেপা মাৰি ধৰি থাকিলোঁ৷ ৰক্তপ্ৰৱাহ ক্ষন্তেকৰ বাবে বন্ধ হ’ল যদিও অলপ পাছতে ৰঙাকৈ আকৌ জিলিকি উঠিল৷ পুনৰবাৰ একে কায়দাৰে মচিলোঁ, টেপা মাৰিলোঁ৷ তেনেকৈয়ে কাম চলাই গ’লোঁ৷ কাম ৰখাব নোৱাৰি৷

এটা সময়ত পেটে কলমলাবলৈ ধৰিলে৷ চেৰপেটা লাগি ইপিনে কাপোৰ-কানিৰ অৱস্থাও কাহিল৷ তলৰ পৰা ওলাই, ব্ৰেক এটা লৈ চিধাই হোষ্টেল পালোঁহি৷ হাত-ভৰি ধুই ফটাফট ভাতকেইটা সুমুৱাই ল’লোঁ৷ আঙুলিৰ প্ৰতি কেৰেপ নাই৷ ধুৰ, মাৰ গুলী৷ মামূলি কথা এইবোৰ৷ ঠিক হৈ যাব৷ নিজকে নিজে ক’লোঁ৷

খাই উঠিয়েই বাকী থকা কামখিনিৰ বাবে আকৌ দৌৰ মাৰি আহি গ’লোঁ অস্থায়ী বিহুতলীলৈ৷ সময়যে তাকৰ৷ অসম সমাজৰ প্ৰেষ্টিজৰো কথা আছে৷

পিছদিনা বিহু জমি উঠিল৷ ঢোল-পেঁপাৰ শব্দত কেম্পাচ ৰজনজনাই গ’ল৷ ক’ৰ ক’ৰ পৰাযে বিহুৱা-বিহুৱতী আহি নাচিলে, নচুৱালে৷ জাক জাক দৰ্শক আহিল৷ মনত ৰৈ যোৱা এটা অভিজ্ঞতা, অভিভূত হ’বলগীয়া এটা পৰিৱেশ৷ ৰাইজৰ সোঁত দেখি আচৰিতেই মানিলোঁ৷ লগে-ভাগে বেছ স্ফূৰ্তি কৰা হ’ল৷ কটা আঙুলিৰেই দৈ-চিৰা-হুৰুম সানি ঠাহি ঠাহি গিলিলোঁ৷ বিধে বিধে পিঠা-লাড়ু খালোঁ৷ আনকো খুৱালোঁ৷ সজাগ দৃষ্টি ৰখা হ’ল, কোনো লোক যাতে অসমীয়া জলপান খোৱাৰ পৰা বাদ নপৰে৷ খুব মজা লাগিল সেইদিনা৷ আন্ধাৰ হোৱাৰ আগে আগে কাৰ্যসূচী সমাপ্ত হ’ল৷ সকলোৱে প্ৰাণভৰি বিহুৰ আনন্দ উপভোগ কৰিলে৷ ব্যস্ততাৰ মাজেৰেই কাম-কাজ সামৰি আমিও হোষ্টেল সোমালোঁগৈ৷

পাহাৰৰ বুকুলৈ লাহে লাহে নিশাৰ আন্ধাৰ নামি আহিল৷ আৰু নিশালৈ দেখোন মোৰ আঙুলিটোৱেও কিবা টনটনাবলৈ ল’লে৷ গৰম-গৰম ভাব এটাও অনুভৱ কৰিব ধৰিলোঁ৷ কটা ঠাইখিনি মাজে মাজে চিৰিং চিৰিং কৰা হ’ল৷ অলপ অলপ ফুলিছেও৷ মই বোলোঁ, অ’, এইটো আকৌ কি লাগিল? যেনে-তেনে চলি গ’লোঁ সিদিনা৷ পিছদিনা আৰু এখোপ চ’ৰা হ’লগৈ৷ মস্ত এডাল হৈ পৰিল আঙুলিটো৷ কোনো কামতে সহযোগ নকৰা হ’ল ই৷ ৰুমাল এখনেৰে মেৰিয়াই থ’লোঁ৷ ভাত খাওঁতে চামুচৰ সহায় ল’ব লগা হ’ল৷ লিখিব পৰা নাযাব বুলি ক্লাছো মিছ কৰিলোঁ৷ ইফালে, শ্ৰেণীত সদায় ৰেগুলাৰ ছাজিদ আজি কিয় অনুপস্থিত বুলি বন্ধুবৰ্গৰ মনত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হ’ল৷ খবৰা-খবৰিও চলিল৷ আঙুলিৰ সমস্যাটো গম পোৱাত মোক চাবৰ বাবে শুভাকাংক্ষীয়ে ৰুমত ভিৰ কৰিলেহি৷ বিহুত ইমান কাম কৰা ল’ৰাটোৰ কি হ’ল বুলি অন্যান্য হোষ্টেলৰ আবাসীও আহি হাজিৰ৷ ছাত্ৰ-বন্ধুসকলৰ দলবদ্ধ আগমন আৰু আন্তৰিকতা দেখি হাঁহিমেইনে কান্দিমেই যেন লাগিল মোৰ৷ ইমান মৰম, মোৰ প্ৰতি!

সেই নিশাও বেছ ভুগিলোঁ৷ আৰু নোৱাৰি৷ বিভিন্নজনৰ পৰামৰ্শ সাৰোগত কৰি পিছদিনা পুৱাতে আমাৰ ইনষ্টিটিউটৰ ডিচপেন্সেৰী পালোঁগৈ৷ ঢেলা-বগা, ভিণ্ডাকাৰ আঙুলিটো ৰুমালখন গুচাই ডাক্তৰ ছাৰৰ সন্মুখত প্ৰদৰ্শন কৰিলোঁ৷ লগতে হিষ্টৰীও গালোঁ৷ তেখেতে লুটিয়াই-পুটিয়াই নিৰীক্ষণ কৰিলে৷ তাৰ পিছত ক’লে... চেপটিক হৈ গ’ল৷ এতিয়াই ফালিব লাগিব৷ ডাক্তৰ, দৰৱ, কটা-ছিঙা এইবোৰৰ পৰা শত-যোজন আঁতৰত থকা মানুহ মই৷ বাচিব পাৰোঁ নেকি বুলি চেষ্টা কৰি চাওঁ বুলি জনালোঁ যে তিনিদিনৰ পিছতে আমাৰ পৰীক্ষা আৰম্ভ হ’ব৷ নাই, ডাক্তৰে নুশুনিলে৷ লগে লগে নাৰ্চক মাতিলেহে৷

মই বোলোঁ হৰি! মৰিলোঁ আজি৷ নাৰ্চ দুজনীক মোৰ জীয়া-যম যেনেই লাগিল৷ চিধাই কিবা ইনজেকচন এটা পুচ কৰিলে৷ তাৰ পিছতে দুয়োজনীয়ে ধৰি লৈ চোকা অস্ত্ৰৰে আঙুলিটোৰ এছোৱা ফালিলে৷ ওপৰৰ পৰা তললৈ নিৰ্দয়ভাৱে কেইবাবাৰো একেৰাহে চেপি-টিপি তেজ-পূঁজ এসোপামান বাহিৰ কৰিলে৷ জীৱটো ওলাই যোৱা যেন লাগি গ’ল সেই মুহূৰ্তত৷ সেইখিনি কৰি ঘাটুকুৰাত মলম লগাই বেণ্ডেজ বান্ধি দিলে৷ আঙুলিয়ে ভিতৰি ভিতৰি জিন-জিন কৰিবলৈ ধৰিলে৷ যিহওক, কামটো হ’ল যেনিবা৷ এতিয়া ৰুমলৈ যাব লাগে৷

পিছে… জীয়াই জীয়াই কৰা এই অ’পাৰেছনৰ পাছত পৰৱৰ্তী পাঁচদিনলৈ যিটো অধ্যায় আৰম্ভ হ’ল, সেইটোহে জীৱনলৈ মনত থাকি গ’ল৷

পেনিচিলিন... ডাক্তৰ চাহাবে খচাখচ লিখি দিয়া শ্লিপখন পঢ়ি নাৰ্চে পুনৰবাৰ চিৰিঞ্জ ৰেডী কৰিলে৷ টেষ্ট কৰি চাবলৈ উদ্যত হ’ল৷ মোৰ ইফালে অণ্ঠ-কণ্ঠ শুকাই শেষ৷ সৰুতে বান্দৰে কামোৰাত নাভিৰ কিনাৰে কিনাৰে লোৱা ষোল্লটা, তাৰ পিছত ডাঙৰত কুকুৰে কামোৰাত একে ল’কেচনতে লোৱা আঠটা... সেইকেইটাৰ মধুৰ স্মৃতি চিৰসেউজ হৈ আছেই৷ এতিয়া আৰম্ভ হ’ল এইজাতি৷ বাপৰে বাপ, প্ৰথমটোতে শিক্ষা পাই গ’লোঁ দেই৷ এদিন যদি সোঁ বাহুত, পিছদিনা বাঁও বাহুত৷ তাৰ পিছদিনা আকৌ সোঁ৷ লৈ নোপোৱাসকলে মুঠেই নাজানিব এইফেৰা কেনে মৌ-মিঠা জিনিছ৷

ট্ৰিটমেণ্ট পাই নিশালৈ আঙুলিটো জামৰি আহিল৷ আনহাতে পৰীক্ষাও আৰম্ভ হৈ গ’ল৷ এদিন প্ৰশ্নোত্তৰ লিখি থকা অৱস্থাতে শ্ৰেণীকোঠাতে বেণ্ডেজটো আপোনা-আপুনি সুলকি পৰিল৷ আঙুলি প্ৰায় আগৰ পৰ্যায় পালেগৈ৷ কোনেও তৎ ধৰিব নোৱাৰাকৈ খোলা খিৰিকীৰে সেইটোক সজোৰে দলি মাৰি দিলোঁ দূৰৰ ডাষ্টবিনটোলৈ৷

এনেকৈয়ে বিহুৰ নামত তেজ, পূঁজ, বেণ্ডেজ চব দি দিলোঁ৷ তাৰ পিছৰ পৰাই সোঁহাতৰ অনামিকা আঙুলিৰ পাবটো সামান্য চিঞা পৰিল৷ অকণমান বেঁকা ৰূপো ধাৰণ কৰি ৰ’ল৷ আমি পতা নেৰিষ্টৰ সেই বিহুখনৰ স্মৃতি সোঁৱৰাই থাকিল, আজিও বাৰে বাৰে৷

ৰচনা : ১১.৪.২০১৪


বিহু আলোচনী প্ৰতিযোগিতা
শাৰদা দেৱী ন্যাস
শাৰদা দেৱী

ব’হাগ মাহত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনেক বিহু সন্মিলন অনুষ্ঠিত হয়৷ কোনো কোনো বিহু উদ্‌যাপন সমিতিয়ে সমাৰোহ উপলক্ষে স্মৃতিগ্ৰন্থ, স্মৰণিকাও প্ৰকাশ কৰে৷ এই স্মৃতিগ্ৰন্থ, স্মৰণিকাবোৰক সাংস্কৃতিক আলোচনা-বিলোচনা হোৱাৰ একো একোখন মঞ্চ বুলিব পাৰি৷ ভাষা-সাহিত্যলৈকো এইবোৰে বৰঙণি যোগাই আহিছে৷ সেয়ে ইয়াৰ গুৰুত্ব আছে আৰু সংৰক্ষণ কৰাৰো যুক্তি আছে৷

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ এটা ন্যাসে ১৯৯৩চনৰ পৰা প্ৰত্যেক বছৰে (১৯৯৬চনক বাদ দি) অসমৰ বিহুতলীসমূহৰ পৰা ওলোৱা স্মৰণিকা বা আলোচনীৰ মাজত প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পাৰিছিলোঁ৷ উল্লেখযোগ্য যে ডিফুৰ পৰা ১৯৯৭চনত উক্ত প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে যোগদান কৰি ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ স্মৰণিকা ‘জেতুকা’ (সম্পাদনা : বিদুল বৰুৱা)ই প্ৰথম স্থান লাভ কৰিছিল৷ ১৯৯৮চনত ডিফু গড়কাপ্তানি ক’লনি ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৰণিকা ‘বৰ্হমথুৰি’ (সম্পাদনা : ৰাজুমণি বৰা আৰু দীপালি দত্ত)য়ে তৃতীয় স্থান পায়৷ ইয়াৰ পাছত ডিফু গড়কাপ্তানি ক’লনি ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ স্মৰণিকা ‘বৰ্হমথুৰি’ৰ ক্রমে ২০০০চন (সম্পাদনা : বিদুল বৰুৱা), ২০০২চন (সম্পাদনা : ৰত্না ৰংচেহনপী) আৰু ২০০৩চন (সম্পাদনা : বিমান বুঢ়াগোহাঁই)ত প্ৰথম স্থান লভিবলৈ সক্ষম হৈছে৷ অগতানুগতিক, গঠনমূলক এই কাৰ্যসূচী হাতত লোৱা ন্যাসটো হৈছে ‘শাৰদা দেৱী ন্যাস’৷ বিহু স্মৰণিকাসমূহৰ সৈতে জড়িতসকলৰ বাবে এয়া দোহাৰিবৰ প্ৰয়োজন নাই যে এই ন্যাসৰ কেন্দ্ৰবিন্দু শাৰদা দেৱী নামৰ উদ্যমী মহিলা এগৰাকী৷

অবিভক্ত কামৰূপ জিলাৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ অঞ্চল বজালীৰ ধৰমতলা গাঁৱত ১৯৪৭চনত শাৰদা দেৱীৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল নগেন্দ্ৰ কুমাৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ভানু দেৱী৷ ককাদেউতাক সিদ্ধেশ্বৰ শৰ্মাৰ তত্ত্বাৱধানত ঘৰতে পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰী শাৰদাৰ শিক্ষাৰম্ভ হৈছিল৷ পাছত বামুণকুছি প্ৰাথমিক বিদ্যালয়ত খ-শ্ৰেণীত নাম লগাই দিয়া হয়৷ প্ৰাথমিক শিক্ষা সাং কৰি ১৯৬২চনত তেওঁ ধৰমতলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়৷ ১৯৬৫চনত পাটাছাৰকুছি বিদ্যাপীঠত নাম ভৰ্তি কৰে৷ সেই শিক্ষানুষ্ঠানৰ পৰাই ১৯৭০চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷

বাল্যকালৰ পৰাই শাৰদা দেৱী আছিল এগৰাকী মেধাৱী ছাত্ৰী৷ দুখীয়া যদিও শিক্ষা-দীক্ষাত আগ বঢ়া পৰিয়ালত জন্ম লভি আৰ্থিক অনাটনৰ বাবে অষ্টম শ্ৰেণীতে গৃহ-শিক্ষকতা কৰি পঢ়াৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্বও মূৰ পাতি ল’ব লগা হৈছিল তেওঁ৷ আনহাতে ঘৰুৱা প্ৰতিকূল পৰিৱেশকো জয় কৰি নিজৰ দৃঢ় মনোবলৰ গুণতে তেওঁ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত পৰিচয়, প্ৰৱেশিকা আৰু বিশাৰদ পৰীক্ষাতো কৃতকাৰ্যতা লভিছিল৷

জীৱন গঢ়াৰ দৃঢ় সংকল্পেৰে ১৯৭০চনত তেওঁ গুৱাহাটীৰ ছোৱালী পলিটেকনিকত নাম ভৰ্তি কৰে৷ কিন্তু অৰ্থনৈতিক অৱস্থা টনকিয়াল নোহোৱাৰ পৰিপ্ৰেক্ষিতত কাৰিকৰী শিক্ষা আধৰুৱাকৈ এৰি অসম চৰকাৰৰ গুৱাহাটীস্থ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত অনুলেখকৰ চাকৰি গ্ৰহণ কৰিব লগা হয়৷ সেয়ে হ’লেও শিক্ষাৰ প্ৰতি থকা দুৰ্বাৰ আকাংক্ষাক ত্যাগ কৰিব নোৱাৰি মহাবিদ্যালয়ৰ নৈশ শাখাত নাম লগায়৷

উচ্চ শিক্ষা লভি গৱেষণা কৰাৰ হাবিয়াস মনতে পুহি ৰখা শাৰদা দেৱীয়ে নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ধৰণীধৰ দাসৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা ‘কৰণি’ আলোচনীয়ে বিদ্যালয়ৰ ১৭খন আলোচনীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি পুৰস্কৃত হৈছিল৷ দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাত বজালী ছাত্ৰ সন্থাই সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ‘লোক-উৎসৱ আৰু বজালী’ শীৰ্ষক ৰচনা প্ৰতিযোগিতাত তেওঁ পাইছিল প্ৰথম পুৰস্কাৰ৷ ১৯৭৭চনত তেওঁ নিজৰ জীৱনৰ প্ৰথম কিতাপ ‘স্কুলৰ প্ৰতীক’ প্ৰকাশ কৰে৷ ১৯৭৮চনত দ্বিতীয়খন কিতাপ ‘প্ৰদীপ’ প্ৰকাশ হয়৷ গৱেষক শিক্ষাৰ্থীৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰি বাস্তৱ অভিজ্ঞতাৰে পুষ্ট কেইবাখনো তথ্যসমৃদ্ধ কিতাপেৰে শাৰদা দেৱীয়ে অসমীয়া ভাষা-সাহিত্যলৈ অৱদান যোগাইছে৷

জীৱনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা শাৰদা দেৱীয়ে সঞ্চিত ধনেৰে উদয়াচলত চৰকাৰী মাটিৰ স্বত্ব কিনি সাধাৰণভাৱে ঘৰ এটা সাজি বাস কৰিবলৈ লয়৷ সেই সময়তে শ্ৰীশ্ৰী স্বামী নন্দগিৰি নামেৰে হিমালয়ত থকা সাধু এজনৰ ওচৰত দীক্ষা লয়৷ এই গুৰুজনে তেওঁৰ জীৱনত সকলোতকৈ বেছি প্ৰভাৱ পেলায়৷ ভৱিষ্যতে ধৰমশালা এখন পতাৰ মানসেৰে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ১৯৭৮চনত বশিষ্ঠ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে থকা ১৩নং উপপথত ৩কঠা ম্যাদী পট্টাৰ মাটি কিনি নিজা বাসভৱনৰ লগতে একুৰিমান কোঠাৰ ভাৰাঘৰ সাজি থাকিবলৈ লয়৷

শাৰদা দেৱীৰ ব্যতিক্রমী চিন্তাৰ ফলশ্ৰুতিতে ১৯৯২চনত ‘শাৰদা দেৱী ন্যাস’ গঠন কৰা হয়৷ ন্যাসৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ মাজত বিভিন্ন বিষয়ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি ১৯৯৩চনৰ পৰা সদৌ অসম ভিত্তিত বিহুতলীসমূহৰ পৰা প্ৰকাশিত স্মৰণিকা-স্মৃতিগ্ৰন্থৰ প্ৰতিযোগিতা পাতি যোগ্যতাৰ ভিত্তিত সাহিত্য সম্ভাৰৰ বাবে তিনিটা আৰু বেটুপাতৰ বাবে তিনিটাকৈ শাৰদা দেৱী বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়৷

১৯৯৫চনৰ ১৪আগষ্টত সংঘটিত এক পথ দুৰ্ঘটনাত শাৰদা দেৱীৰ সোঁ ভৰিৰ হাড় ভাগে৷ ফলত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ৮মাহ ধৰি চিকিৎসাধীন হৈ থাকে৷ বিপদক সম্পদলৈ উত্তৰণ ঘটাব জনা শাৰদা দেৱীয়ে চিকিৎসালয়ৰ বিছনাত পৰি থকাৰ সময়তে ৰচনা কৰে ‘প্ৰভাতীৰ পৰিচৰ্যা’৷ পাছলৈ সংগ্ৰামী মনোভাব অক্ষুণ্ণ ৰাখি লেকেচিয়াই লেকেচিয়াই হ’লেও সামাজিক কাম-কাজত উৎসাহেৰে জড়িত হৈ পৰাৰ লগতে সাহিত্যৰ পৃথিৱীখনো ভ্ৰমি ফুৰিছিল তেওঁ৷

ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ বিভিন্ন স্থান, তীৰ্থস্থান, ঐতিহাসিক স্থান ১২বাৰ ভ্ৰমণ কৰি শাৰদা দেৱীয়ে নিজৰ সৃষ্টিশীল মনৰ স্বাক্ষৰ ৰাখিছে ‘পুণ্যভূমি ভাৰতবৰ্ষ’, ‘পুণ্যাশ্ৰম পৱনাৰলৈ গৈছিলোঁ’, ‘প্ৰয়াগৰ কুম্ভমেলা’, ‘তীৰ্থ পথিক’ ইত্যাদি ভ্ৰমণ কাহিনীৰে৷

গুৱাহাটী সাহিত্য সভাৰ কামত নিষ্ঠাৰে আত্মনিয়োগ কৰা, অসম সাহিত্য সভাৰ আজীৱন সদস্য শাৰদা দেৱীলৈ ১৯৯৭চনত স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষত অসম চৰকাৰৰ পৰা দহ হাজাৰ টকাৰ এককালীন সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়৷

দুখীজনৰ প্ৰতি কিবা এটা কৰাৰ মনোবৃত্তি লৈ বৃন্দাবনত সন্ন্যাসীসকল থাকিবৰ বাবে নিজ খৰচত এটি পকী কোঠা নিৰ্মাণ কৰোৱাই ধৰ্মৰ প্ৰতি নিজৰ আনুগত্যৰ পৰিচয় দিয়া শাৰদা দেৱীয়ে মৃত্যুৰ পাছত নিজৰ চকু দুটা আৰু শৰীৰটো মানৱ কল্যাণৰ অৰ্থে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ দান দিয়াৰ চুক্তি কৰিছিল৷ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক, স্নাতক প্ৰথম আৰু দ্বিতীয় খণ্ডৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰে পুৰস্কাৰ প্ৰদানৰ বাবে এহেজাৰ টকা দান দিছিল৷ তদুপৰি একক প্ৰচেষ্টাৰে গুৱাহাটী মহানগৰীৰ বক্ষত গঢ়ি তুলিছিল শাৰদা দেৱী ধৰমশালা৷

শ্ৰমমুখিতা আৰু স্বাৱলম্বনৰ জ্বলন্ত প্ৰতীক শাৰদা দেৱীয়ে নিজৰ কৰ্মময় জীৱনত স্বভাৱগত প্ৰবৃত্তিৰে নাৰীৰ মৰ্যাদাৰ প্ৰতি মাত মাতি গৈছিল৷ অন্যায়ৰ বিৰুদ্ধে সদায় উচ্চকণ্ঠে, স্পষ্টভাৱে প্ৰতিবাদ কৰি গৈছিল৷ প্ৰৱল ইচ্ছাৰ সন্মুখত কোনো কথাইযে বাধা হৈ নাথাকে সেয়া এইগৰাকী নাৰীৰ জীৱনৰ পৰা শিকিব পাৰি৷

শাৰদা দেৱী ন্যাসে ১৯৯৮চনত আয়োজন কৰা স্মৰণিকা প্ৰতিযোগিতাৰ বাবে ডিফু গড়কাপ্তানি ক’লনি ব’হাগী উৎসৱ উদ্‌যাপন সমিতিয়ে সেইবাৰ প্ৰকাশ কৰা স্মৰণিকা ‘বৰ্হমথুৰি’ (দ্বিতীয় খণ্ড)ৰ ক’পীকেইটা নিজহাতে জমা দিবলৈ গৈ ৩০এপ্ৰিল ১৯৯৮ তাৰিখে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ ১৩নং গলিৰে সোমাই বিচাৰি বিচাৰি উলিয়াইছিলোঁগৈ শাৰদা দেৱীৰ বাসস্থান৷ তাতে তেওঁক লগ পাইছিলোঁ৷ কথা-বতৰাৰ অন্তত তেওঁ মোক বশিষ্ঠ শাখা সাহিত্য সভাই ১৯৯৭চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰা ‘প্ৰেৰণাময়ী শাৰদা দেৱী’ কিতাপখন উপহাৰ স্বৰূপে দিছিল৷ উক্ত বৰ্ষত ৰঙালী বিহু পালন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থসমূহৰ মাজত ন্যাসৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত কনক চন্দ্ৰ শৰ্মাই প্ৰদান কৰা আলোচনামূলক বক্তৃতাৰ সাৰাংশ এটা প্ৰবন্ধ হিচাপে গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছিল য”ত ‘জেতুকা’ৰ বিষয়েও উল্লেখ আছিল ৷

মনোবলেই যাৰ সংগী, উৎসাহ আৰু অধ্যৱসায়ৰ যি জীৱন্ত চানেকী, সত্য অষেণেই যাৰ জীৱনৰ ব্ৰত, সেইগৰাকী প্ৰতিভাশালী নাৰীক কোনো অজ্ঞাত আততায়ীয়ে ১২এপ্ৰিল ২০০৩ তাৰিখে হত্যা কৰে৷

(ৰচনা : ২০০৪চন)

Friday, 11 April 2014


৷৷১ ৷৷  আপদীয়া টেলিফোনটো
মাৰ্চ মাহৰ কোনোবা এদিন৷ মোৰ কৰ্মথলী ‘প্ৰিণ্টৱেল’ত একান্তমনে কাম কৰি আছোঁ৷ অকস্মাতে তাত থকা ২৭৩০৯৪ নম্বৰৰ টেলিফোনটো বাজি উঠিল৷ ধৰিলোঁ৷ ‘...দায়িত্ব এটা দিছোঁ দেই...৷’ চিনি পালোঁ, সিমূৰৰ মানুহজন নাথদা, ঘনশ্যাম নাথ৷ ‘... ‘বৰ্হমথুৰি’খন কৰি দিব লাগে...৷ ...সম্পাদকৰ দায়িত্ব দিছোঁ...৷’ মই যিমানেই নোৱাৰিম, নহ’ব, নিদিব আৰু আনকি চিধাচিধিকৈ, নকৰোঁও বুলিলোঁ, তেৱোঁ সমানেই নাছোৰবান্দা হৈ ৰ’ল৷ সুৰ সলনি কৰি মই এইবাৰ ক’লোঁ যে দাদা সময় নহ’ব, দাদা মই নাথাকিম, ফাটবিহু চাবলৈ যাম ইত্যাদি৷ তেৱোঁ দেখোন সমান জোৰেৰে ‘পাৰিবাহে, পাৰিবা...’ আদিহে কৈ থাকিল৷ খাৰাংখাচভাৱে প্ৰকাশিত মোৰ নঞৰ্থক প্ৰতিক্রিয়াত চিন্তান্বিত হৈয়ে নেকি, অৱশেষত, ‘মই গৈ আছোঁ ৰ’বা’ বুলি ফোনটো থৈ দিলে৷ ইফালে ময়ো অনাহুত প্ৰস্তাৱটোৰ বিপৰীতে সবল যুক্তিৰ সন্ধানত চিন্তন আৰম্ভ কৰিলোঁ৷

সম্পাদনা আৰু মই! হয়, বৃত্তিগত দায়বদ্ধতাৰ অচিলাতেই হওক বা ভাষাপ্ৰেমৰ দোহাই দিয়ে কওক, বানান আৰু ভাষাৰ বিসংগতি আঁতৰোৱাৰ হৃদয়নিসৃত তাগিদা এটা অনৱৰতে মনত লাগি নথকা নহয়৷ ভাব-অনুভূতিৰ অত্যধিক প্ৰাচুৰ্যৰে হকে-বিহকে ভমকাফুলীয়া গদ্য সৃষ্টি কৰাৰো অভ্যাস আছে৷ কিন্তু সেই বুলিয়েই সম্পাদনা! পেছাদাৰী কামৰ ধাৰাবাহিকতা যতিহীনভাৱে ৰক্ষা কৰা আৰু ৰাজহুৱা দায়-দায়িত্ব পালনৰ তফাৎ নাথদাই বুজেনে? অপাত্ৰত ভাৰ জাপি তেওঁ কি চৌঠেঙীয়াত পৰিব খুজিছে? গম পোৱা নাই? মোৰ বাবেতো এয়া নিঃসন্দেহে এক আত্মঘাতী প্ৰৱণতা৷ চুইচাইড৷ সম্পাদনা কৰা আৰু অৰ্ডাৰী ৰচনা লেখা... এই দুটাক মই ডাইৰেক্টলি ৰিফিউজ কৰোঁ, কোনোবাই ভাল পাওক, বেয়া পাওক, মোৰ তাত একো ক’বলৈ নাই৷

৷৷২ ৷৷  আৰু চিন্তন : হকে-বিহকে
‘যিকোনো মানুহেই লিখিব পাৰে৷ পিছে সম্পাদনা কৰিবলৈ ঈশ্বৰপ্ৰদত্ত গুণৰ অধিকাৰী হ’ব লাগিব৷’ …কোন কেতিয়াবাই পঢ়া এইছ. ডব্লিউ. নেভিনচনৰ এই উক্তিটো মোৰ মনত অহৰহ দোলা দি থকা উক্তিবিলাকৰ মাজৰে এটা৷ সেয়ে এই কামটোৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবিবলৈ সাহস কৰিব নোৱাৰোঁ৷ বছৰেকীয়া পত্ৰিকাই হওক বা অন্য কিবাই নহওক কিয় সম্পাদনা কাৰ্য দৰাচলতে সহজসাধ্য কাম নহয়৷ বুলিব পাৰি এক প্ৰত্যাহ্বান৷ লেখা সংগ্ৰহ কৰা আৰু সম্পাদনা কৰাৰ মাজত তফাৎ আছে৷ বহুতকে দেখোঁ, সম্পাদকৰ নাম লৈ গপতে ফুলি থাকে৷ পিছে তেওঁ কালেক্টৰহে৷ দ্বিতীয়তে, অইন এটা অসুবিধা হ’ল : মইযে সম্পাদকীয় এটা লিখিম, সেই কলমৰ সৈতে মিল থকা জীৱনটো মই যাপন কৰিছোঁনে? …নিজকেই কৰা এই আপদীয়া প্ৰশ্নটো৷

তাতে আকৌ বিহু, যাৰ definitionটোৱেই ইমান বিশাল! এনেকুৱা বৃহৎ বিষয়ৰ উৎস এটাৰ সৈতে কিমান যোগসূত্ৰ ৰক্ষা কৰিব পাৰিছোঁনো? পৰিস্থিতিয়ে কৰা দাবী অনুযায়ী অধ্যয়ন, প্ৰজ্ঞা, অভিজ্ঞতা যথেষ্টনে? অতএব, বিদ্যায়তনিক ৰাজ্যত পাণ্ডিত্যাভিমানী লোকে গিজ্‌গিজাই থকা অৱস্থাত মোৰ নিৰ্বাচন সঠিক নহ’ল বুলিয়ে মই নিশ্চিত৷ …নিজৰ সীমাবদ্ধতাৰ ভেটিত ইমানপৰে এইবোৰকে মনে মনে পাগুলিয়াই থাকিলোঁ৷ মুঠতে খোপনি এৰি নিদিলোঁ৷

৷৷৩ ৷৷  ধাৰণাৰ পৰিৱৰ্তন
অলপ পিছত নাথদা আহিল৷ ওঁঠত হাঁহি, যেন বিজয়ৰহে! গপ্‌গপাই সোমালহি৷ ‘...মই তোমাৰ নাম কৈ দিছোঁ৷ অমুক, তমুকে (পূৰ্বৰ সম্পাদককেইগৰাকীমানৰ নাম উচ্চাৰণ কৰিলে) পাৰিলে তুমি কিয় নোৱাৰিবাহে?’ বুজিলোঁ, আত্মপক্ষ সমৰ্থনত বকলা মেলা আৰম্ভ হ’ল আৰু নাথদাৰ৷ এই ভাষণ সহজে বন্ধ নহ’বও৷

মানুহ নিজেই নিজৰ প্ৰভু৷ সমৰ্পিত সেৱা আৰু অখণ্ড গভীৰ মনোনিৱেশৰ জৰিয়তে যিকোনো কামতে নতুন মাত্ৰা সংযোজন কৰাটো সম্ভৱ৷ প্ৰেৰণা বৃদ্ধিৰ আভ্যন্তৰীণ শক্তি যাক ‘কথাৰ মলম’ আখ্যা দিব পাৰি সিয়েই মোক বিশ্বাসযোগ্য নিশ্চয়তা দিলে যে আচলতে নিজকে চিনাৰ সুযোগ এয়া৷ চৰম সত্য বুলি নিজৰ অপাৰগতাক অলপ আগলৈকে যি মৰকামোৰ মাৰি ধৰি আছিলোঁ সময়ৰ এটা মুহূৰ্তত গৈ থৈ সি ক্ষুদ্ৰ প্ৰশ্নৰ ক্ষুদ্ৰ উত্তৰৰ তুল্য হ’ল৷ হৃদয়ত উমি উমি জ্বলিবলৈ ধৰা প্ৰতিবাদী আচৰণৰ তুঁহ জুইকুৰা সমুলঞ্চে নিৰ্বাপিত হৈ পৰিল আৰু অন্য কিবা এক দীপ্তিৰে মনটো উদ্দীপিত হ’ল৷ লাহে লাহে এটা স্বপ্ন দেখাৰ সাহস গোট খালে৷ বসন্ত কালত অনুষ্ঠিত বছৰেকীয়া স্মৃতি-উৎসৱৰ আলমত নিজৰ দক্ষতা আৰু সৃষ্টিশীলতা প্ৰতিপন্ন কৰাৰ সুযোগকণ গ্ৰহণৰ মনস্থ কৰিলোঁ৷ তাৰ পিছত যিখিনি হৈছে সেয়া কল্পনা-পৰিকল্পনা-সৃষ্টিৰেই নামান্তৰ৷

৷৷৪ ৷৷  বিয়োগৰ পৰা যোগলৈ
নতুন ধাৰণা আৰু চিন্তাৰে ৰূপান্তৰৰ সূচনা কৰাৰ লক্ষ্যৰে সৃষ্টিশীল কৰ্মশক্তিক সাকাৰাত্মক দিশত নিয়োজন কৰাৰ কথাৰে মূৰটো ভৰাবলৈ লাগি গ’লোঁ৷ ৭, ৮, ৯মে’ত ঢকুৱাখনাত বিখ্যাত ফাটবিহু৷ তালৈ যোৱাৰ আশা ইতিমধ্যে মনতে পুহি ৰাখিছোঁ৷ বিথিলাংছ’ৰ সুৰেন ক্রামছা সহযোগী হিচাপে ওলাইছে৷ গোগামুখৰ পৱিত্ৰ সন্দিকৈক ফোনেৰে যোগাযোগ কৰা হৈ গৈছে৷ গতিকে যাত্ৰা খাটাং৷ হেনজানি ৩মে’ত উলিয়াবলগীয়া ‘বৰ্হমথুৰি’ৰ কাম দ্ৰুতগতিত আগুৱাব লাগিব৷ ঢিলা হ’লে নহ’ব৷

স্মৰণিকা উপ-সমিতি বুলিবলৈ ঘনশ্যাম নাথদা সভাপতি, মই সম্পাদক; বচ ইমানেই৷ বিশালকায় উদ্‌যাপন সমিতিখনৰ সবাতোকৈ সৰু উপ-সমিতিখনৰ হৰ্তা-কৰ্তা-বিধাতা ময়েই৷ এক কথাত one man army৷ কৰ্ম সম্পাদনৰ অৰ্থে পোৱা গৈছে অপৰিমেয় স্বাধীনতা৷ অৱশ্যে তেনে অবাধ মুক্ততাই প্ৰকৃততে মোক আত্মিকভাৱে পূৰ্ণ-নিয়ন্ত্ৰণাধীন কৰাৰ লগতে দায়বদ্ধতাও কমক ছাৰি বৃদ্ধিহে কৰালে৷ স্মৰণিকাকেন্দ্ৰিক বিচাৰ-বুদ্ধিৰে নীৰৱ-নিঃসংগ সাধনা আৰম্ভ হ’ল৷ মূল সমিতিৰ বিষয়ববীয়ামাত্ৰৰেই আগ্ৰহী মন আৰু সহযোগিতামূলক যোগাত্মক দৃষ্টিভংগীৰ ইংগিত পাই সাহস আৰু প্ৰত্যয় স্বাভাৱিকতে এখোপ বাঢ়িল৷

৷৷৫ ৷৷  এটা উদ্যোগৰ আৰম্ভণি
ভাবনাৰ পিছত আহি পৰিল কামৰ সময়৷ সতৰ্ক পৰিকল্পনাকাৰীৰ দৰে কামত হাত দিয়াৰ আগতে প্ৰতিটো দিশ চাই-চিতি ল’বলৈ বাধ্য হ’লোঁ৷ আনৰ কথা নকওঁ, স্থানীয়ভাৱে প্ৰকাশিত অসমীয়া পাঠ্যবস্তুত বানান-বিভ্ৰাটে (মুদ্ৰণ-প্ৰমাদ বুলি কৈ পিছত হাত সৰা হয়) সাম্প্ৰতিক সময়ত ‘একো ডাঙৰ কথা নহয়’ বুলিয়ে স্বস্থান সুৰক্ষিত (নে সংৰক্ষিত!) কৰিছে৷ আমাৰ ক্ষেত্ৰত তেনে নহওক আৰু ভাষাটোৰ মান্যতা ৰক্ষা পৰক …এই ভাবি প্ৰথমেই সম্পাদনাত ব্যৱহাৰ কৰিবলগীয়া অভিধানখন ঠিৰাং কৰি লোৱাৰ উপৰি মাতৃভাষাৰ সন্মানাৰ্থে মৰসাহ কৰিয়ে বুলিব পাৰি, Title page-ৰ পিছতে অভিধানৰ উল্লেখ ৰাখিবলৈ মনস্থ কৰিলোঁ, যিটো কাম কোনেও আজিলৈ কৰা দেখা নাই৷ গতিকে কোনোবাই ‘বেছি কৰিছে’ বুলিলেও গতানুগতিকতাৰ পৰা ফালৰি কাটি দায়বদ্ধতাৰ দোহাই দি মই কিবা অলপ বেলেগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷

সঁচা-মিছা নাজানো, পঢ়িবলৈ পোৱা মতে হলিৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, আনন্দৰাম ঢেকিয়াল ফুকন, ৰত্নেশ্বৰ মহন্ত, বুদ্ধিন্দ্ৰ নাথ দিলিহিয়াল ভট্টাচাৰ্য, হেমচন্দ্ৰ বৰুৱা আদি পূৰ্বজ অসমীয়া এচামে বিহু সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল হেনো৷ বিপৰীতে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডিম্বেশ্বৰ নেওগ, নকুল চন্দ্ৰ ভূঞা, হেমাংগ বিশ্বাস আদিয়ে আকৌ বিহুক প্ৰতিষ্ঠা লভাতহে ইন্ধন যোগালে৷ যোগাত্মক বক্তব্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অনুকূলে এই মহানসকলৰ চিন্তাৰ জগতত খলকনি তোলা আলোড়নৰ অংশবিশেষ ৰূপে পুৰণি গীত আৰু কবিতাত বিহুৰ উল্লেখ, ব’হাগ মাহৰ মহিমা বৰ্ণনা, বাঁহীৰ পাতত বিহুৰ ৰেঙণি, বিহুগীতৰ স্বৰলিপি সম্পৰ্কে, নিৰ্বাচিত প্ৰাসংগিক উক্তি ইত্যাদি বিভিন্ন পুথি-পাঁজিৰ পৰা সংগ্ৰহ কৰাৰ প্ৰয়াস কৰিলোঁ৷ গৰু বিহুৰ দিনা সন্ধিয়া এশ-এবিধ বনৌষধি শাক-পাচলি ৰান্ধি খালে শৰীৰ আৰু মানসিক কৰ্মপ্ৰেৰণা অটুট থাকে বুলি আমাৰ যি উৰ্বৰা সামাজিক বিশ্বাস আছে তালৈ চাই বনৌষধিকেইবিধৰ নামো সন্নিৱিষ্ট কৰিম বুলি নিৰ্দিষ্ট কৰি থ’লোঁ৷ শিৰোনামৰ সৈতে খাপ খুৱাকৈ পুৰণি বিহুনাম বিচাৰিলোঁ, অলংকৰণ সমল হিচাপে আৰু সাহিত্যিক মূল্য উন্নীত হোৱাকৈ৷

১৯৯০চনতে মোৰ এজন বাল্যবন্ধু ৰূপ কুমাৰ গোস্বামীয়ে সমিতিৰ দ্বাৰা আয়োজিত ব’হাগী উৎসৱৰ মুকলি অধিৱেশনৰ আৰম্ভণিতে পৰিৱেশন কৰা সমৱেত কণ্ঠৰ গীত এটি ৰচিছিল, সুৰো দিছিল৷ তাক গীতটো লিখি দিবলৈ ক’লোঁ৷ সমিতিৰ শুভংকৰ চিহ্ন এটি ২০০০চনতে হৃদয়ানন্দ শৰ্মা ছাৰে প্ৰস্তুত কৰিছিল৷ ‘ডিফু গড়াকাপ্তানি ক’লনি বহাগী উৎসৱ উদ্‌যাপন সমিতিৰ নিয়মাৱলী’ৰ পাতৰ পৰা তাৰ বিৱৰণ আৰু তাৎপৰ্য উদ্ধৃত কৰাৰ বিষয়ে ভাবিলোঁ৷ শিল্পীগৰাকীৰ এলবামত ১৯৬৪চনতে অঁকা প্ৰাসংগিক ছবি এখন পাই Fly leaf-ৰ বাবে উপযুক্ত হ’ব বুলি লৈ আনিলোঁ৷ এখন পূৰ্ণাংগ তালিকাৰ জৰিয়তে গড়কাপ্তানি ক’লনিৰ বিহুৰ শেহতীয়া লেখ দাঙি ধৰাৰো ইচ্ছা ৰ’ল৷ Second cover-ত বিহু সন্মিলনৰ উদ্বোধনী গীত ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে’ক স্থান দিব লাগিব৷ স্মৰণিকাখনৰ পুৰণি কপিবোৰ প্ৰায় নোহোৱাই হৈছে৷ সেয়েহে ১৯৮৯চনত উলিওৱা প্ৰথম সংখ্যাটিৰ পৰা ২০০৩চনৰ পঞ্চম সংখ্যাটিলৈ কেউটা কলেবৰকে বেটুপাতৰ ছবিৰ উপস্থাপনৰ জৰিয়তে সংৰক্ষণ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ দেৱকান্ত বৰুৱাৰ ‘বিহুৰ পেঁপা’ আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নতুন বছৰ’ কবিতাৰ পংক্তি বিচাৰি কিতাপ খুঁচৰিলোঁ৷ গৱেষণাগাৰৰ কামহে যেনিবা, একক প্ৰচেষ্টাৰেই এইবোৰ কোনো ৰৌজাল-বৌজাল নকৰাকৈ চুপে-চাপে চলি থাকিল৷

‘প্ৰাত্যহিকতাৰ যান্ত্ৰিকতা আৰু বৈষয়িক তুচ্ছতাৰে ভাৰাক্রান্ত আমাৰ নিৰুত্তাপ জীৱন-প্ৰৱাহত বিহুৰ অধ্যয়নে আনি দিব পাৰে এক মহাজীৱনৰ মধু আস্বাদ৷’ …কোনোবাই আগতে কৈ যোৱা এই কথা সাৰোগত কৰি বিহু বিষয়ক গ্ৰন্থৰ তালিকা এখন সংলগ্ন কৰাৰ কথা মনে মনে চিন্তিলোঁ৷ মোৰ গ্ৰন্থাগাৰত সেই সময়ত মজুত থকা ১০খন এনে গ্ৰন্থৰ নাম, লেখক-প্ৰকাশকৰ নাম আৰু মূল্যৰ সৈতে তুলি দিলোঁ৷ কামটোৰ অন্তৰালত অন্য এটা উদ্দেশ্যও নিহিত আছিল৷ সেয়া হ’ল, ‘প্ৰশ্নোত্তৰ অংশ’ নাম দি বৰ-বিহুৱতী প্ৰতিযোগিতাৰ নাচনীৰ প্ৰতি আজিকালি মঞ্চতে বিচাৰকসকলে এলানি প্ৰশ্নৰ অৱতাৰণা কৰাটো নিয়ম৷ ইফালে নামে-নাচে, গঠনে-অলংকাৰে শুৱনি নাচনীৰো বহুতে উচিত সমিধান দিব নোৱাৰি দৰ্শক ৰাইজৰ সন্মুখতে আঙুলি কামোৰে, লজ্জানত হ’ব লগা হয়৷ তেনে দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত সেইসকলৰ কাৰণেও সহায়ক হ’ব বুলি ভাবি পদক্ষেপটি ল’বৰ মন গ’ল৷ স্বাধীনতাকণ আছিলেই৷ গতিকে যেনে ভাবনা তেনে কাম৷

দশম বাৰ্ষিক ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক শৈলেন খাখলাৰীৰ সম্পাদকৰ প্ৰতিবেদনৰ বাবে এটা পৃষ্ঠা ৰিজাৰ্ভ কৰি ৰাখিলোঁ৷ তাৰ পিছতে থাকিব সমিতিৰ বিষয়ববীয়া আৰু উপ-সমিতিসমূহৰ কৰ্মকৰ্তাসকলৰ তালিকাখন৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যপালিকাৰ পৰা এটা শুভেচ্ছা-বাণী পোৱা গ’ল৷ এটাতে ক্ষান্ত থাকিলোঁ৷ দৃঢ় হ’লোঁ যে তেনেকুৱা শুভ-বাৰ্তাৰ নামত পৃষ্ঠা খৰচ কৰাতকৈ মই লেখক-লেখিকাকহে অগ্ৰাধিকাৰ দিম৷ নেতা-পালিনেতাৰ মেচেজ বিচাৰি ঘূৰ্মুটিয়াই ফুৰাতকৈ লেখাৰ বাবেহে মানুহক তাগিদা দিম৷

আনুষ্ঠানিক পত্ৰ বা মুখেৰে অনুৰোধ কৰা মাত্ৰকে ‘বৰ্হমথুৰি’ৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ নিজৰ লেখা প্ৰস্তুত কৰি দি কৃতজ্ঞতাৰ নাগপাশত বন্ধাৰ উপৰি জন-সমাজত চিন্তাপুষ্ট জ্ঞানৰ অমিয়া বিলাই ন-পুৰণি কেউজন লেখকেই মোক চিৰধন্য কৰিলে৷ তিনিটা লেখা ভাষান্তৰ কৰিলোঁ, ইংৰাজীৰ পৰা অসমীয়ালৈ৷ ‘বৰ্হমথুৰি’ত বিহুখনৰ সফল উপস্থাপনৰ স্বাৰ্থত নিজৰ পুৰণি ঘৰুৱা এলবাম খুলি আপুৰুগীয়া সত্ত্বেও সংকোচহীনতাৰে ৰঙীন আলোক-চিত্ৰৰ যোগান ধৰিলে উৎপলজ্যোতি গগৈ, দিলীপ দত্ত, বিদুল বৰুৱা, ৰাজুমণি বৰা আৰু কণিকা দেৱীয়ে৷ তেখেতসকলৰ ত্যাগী মনোভাব আৰু উৎসাহৰ প্ৰতি সন্মান জনাই কাম হৈ যোৱাৰ পিছত যেয়ে যেনেকৈ দিছিল সেইমতে যথাশীঘ্ৰে আৰু অক্ষত ৰূপত ফটো ঘূৰাই দিলোঁগৈ৷

সেই ব’হাগৰ ‘বৰ্হমথুৰি’লৈ কবিতা আগ বঢ়ালে অৰুণ টেৰণ, ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ইছমাইল হোছেইন, চন্দ্ৰমা জ্যোতি নাথ, নিশুতি মজুমদাৰ, মঞ্জু টেৰণপী, জিতু ৰয়, ৰেজীনা আহমেদ, ভগগিৰী ৰায়চৌধুৰী, ফুলমতী টেৰণপী আৰু যোগেশ বৰ্মনে৷ সত্তৰ আৰু আশীৰ দশকৰ বিহু সম্পৰ্কীয় স্মৃতিকথা লিখি দিলে বিদুল বৰুৱাই (ডিফুৰ বিহু উৎসৱ : কিছু স্মৃতি, কিছু অভিজ্ঞতা)৷ গুৱাহাটীৰ শাৰদা দেৱী ন্যাসৰ দ্বাৰা আয়োজিত বিহু-আলোচনী প্ৰতিযোগিতাত ৩০.৪.১৯৯৮ তাৰিখে ডিফু গড়কাপ্তানি ক’লনি বহাগী উৎসৱ উদ্‌যাপন সমিতিৰ স্মৰণিকা ‘বৰ্হমথুৰি’ (১৯৯৮চন, সম্পাদনা : ৰাজুমণি বৰা আৰু দীপালি দত্ত) জমা দিবলৈ গৈ লাভ কৰা সাক্ষাৎ, অভিজ্ঞতা আৰু উপহাৰ গ্ৰন্থ ‘প্ৰেৰণাময়ী শাৰদা দেৱী’ (প্ৰকাশক : বশিষ্ঠ শাখা সাহিত্য সভা, ১৯৯৭)ৰ আলমত ‘বিহু আলোচনী প্ৰতিযোগিতা : শাৰদা দেৱী ন্যাস : শাৰদা দেৱী’ শীৰ্ষক এটা লেখা নিজেই যুগুতাই উলিয়ালোঁ৷ সম্পাদকীয় নিবন্ধত স্মৃতিচাৰণ কৰিলোঁ ৰ’দালিৰে ভৰা আমাৰ শৈশৱৰ সোণালী সুদিনৰ যিবোৰ ঘটনা অমৰ চিত্ৰৰ দৰে এতিয়াও অহৰহ মনলৈ অহা-যোৱা কৰে৷ কৰ্মব্যস্ততাময় দৈনন্দিন কাৰ্যক্রমণিকাত বুৰ গৈ থাকিও সাংস্কৃতিক চিন্তাজনিত মনস্তাত্ত্বিক সংযোগ আৰু ঐক্যৰ ভাবধাৰাই ১৯৮৮চনৰ ৮এপ্ৰিলতে জন্ম দিয়া গড়কাপ্তানি ক’লনি বিহু সমিতিৰ সুদীৰ্ঘ পৰিক্রমাৰ সংক্ষিপ্ত আলেখ্য দাঙি ধৰিলোঁ৷ ১৯৮৮চনৰ পৰা এৰা-ধৰাকৈ প্ৰকাশ পাই অহা ‘বৰ্হমথুৰি’য়ে জনগোষ্ঠীয় সাংস্কৃতিক বিভিন্নতাৰ সুকীয়া ৰং-ৰূপ-ৰসেৰে সমৃদ্ধি লভি স্মৰণিকাৰ পৰা যে হৈছেগৈ সংকলনধৰ্মী বিহু-আলোচনী আৰু বিনিময়ৰ সুস্থ মাধ্যম, সেই কথা স্পষ্টতাৰে ব্যক্ত কৰিলোঁ৷ শুভেচ্ছাভৰা কামনাৰে সমিতিৰ তৰফৰ পৰা ৰাইজলৈ বসন্ত-ব’হাগ বিহু-নৱবৰ্ষৰ পৰিপ্ৰেক্ষিতত হাৰ্দিক অভিবাদন জনালোঁ, ঊৰ্ধ্ববাহু হৈ৷

৷৷৬ ৷৷  দায়িত্বৰ পৰিসমাপ্তি
ভিতৰৰ পৃষ্ঠাসমূহৰ DTPৰ কাম, Tracing paper-ত Mirror image-লৈকে, নিজ হাতেই সম্পাদন কৰিলোঁ, খুব মনোযোগ আৰু আন্তৰিকতাৰে৷ বেটুপাতৰ Theme ৰেডী কৰিলোঁ৷ তাৰ ভিত্তিত ‘প্ৰান্তিক’ আলোচনীৰ কুশলী Cover designer ভাস্কৰ গগৈয়ে অনন্য ৰূপত বহুৰঙী প্ৰচ্ছদ Compose কৰি দিলে৷ গুৱাহাটীৰ ‘জেনেচিচ’এ সম্পন্ন কৰিলে প্ৰিণ্টিং-বাইণ্ডিং৷

ডিফু গড়কাপ্তানি ক’লনি আৰু ইয়াৰ সমাজখনলৈ থকা চেনেহৰ বান্ধোন আৰু দীৰ্ঘদিনীয়া সম্পৰ্কৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ক’লনিৰ পূৰ্বৰ বাসিন্দা মৰহুম আটাউৰ ৰহমান চাহাবৰ একমাত্ৰ পুত্ৰ, গুৱাহাটীস্থিত অসমৰ অগ্ৰণী ছপাশাল ‘জেনেচিচ প্ৰিণ্টাৰ্চ’ৰ কাৰ্যবাহী সঞ্চালক পদবীত অধিষ্ঠিত আৰিফুৰ ৰহমানে ‘বৰ্হমথুৰি’ৰ ছপা-বন্ধাৰ কাম স্বেচ্ছাই সম্পাদন কৰি দিলে৷ ডিটিপি, যোগাযোগ আৰু পৰিৱহণৰ ক্ষেত্ৰত হোৱা সমুদায় ব্যয়ৰ সাগ্ৰহে পোষকতা কৰিলে ডিফুৰ ‘প্ৰিণ্টৱেল’ প্ৰতিষ্ঠানে৷ সমিতিৰ এপইচাও খৰছ নহ’ল৷ গতিকে সংকলনটিৰ বাবদ জমা-খৰচৰ হিচাপ-নিকাচ বুলিবলৈ ৰ’ল শূন্য৷ এইখিনি কথা পৰিষ্কাৰকৈ জনাই বিহু সমিতিৰ সভাপতি-সম্পাদকলৈ বুলি এখন পত্ৰ লিখি বিহু-আলোচনীৰ পেকেটকেইটাৰ সৈতে স্মৰণিকা উপ-সমিতিৰ সভাপতি ঘনশ্যাম নাথদাৰ হাতত চমজাই দায়িত্বৰ ওৰ পেলালোঁ৷ সেয়া এতিয়া ৰাইজৰ বস্তু৷

৷৷৭ ৷৷  ৰাইজৰ কৰ-কমলত ‘বৰ্হমথুৰি’
বসন্তৰ অৱসৰ বিনোদনৰ বতৰত বিহু লোক-সংস্কৃতিৰ সাধক, গৱেষক, কৰ্মী, শিল্পী, ধাৰক আৰু বাহকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়৷ ঐতিহ্য আৰু পৰম্পৰাক জীয়াই ৰাখিবলৈ যিসকলে অহোপুৰুষাৰ্থ কৰিছিল আৰু যিসকলে এতিয়াও কৰি আছে সকলোকে শ্ৰদ্ধালুভাৱে মনত পেলোৱাৰ সময় এয়া৷ ১৯৮৯চনৰ পৰাই প্ৰকাশমান অৱস্থাত থকা ‘বৰ্হমথুৰি’ৰ মাধ্যমেৰে মৌলিক চিন্তা আৰু কৰ্মৰ স্বাক্ষৰ ৰাখি যোৱা স্মৰণিকাখনিৰ প্ৰাক্তন সম্পাদক-সম্পাদিকাসকললৈ ষষ্ঠ সংখ্যাটি সসন্মানে উচৰ্গা কৰা হ’ল৷ ৩মে’ ২০০৪ তাৰিখে গড়কাপ্তানি ক’লনি বিহুতলীত কাৰবি সাহিত্য-সংস্কৃতিৰ অন্যতম পুৰোধা লুন্‌ছে তিমুঙৰ দ্বাৰা আনুষ্ঠানিকভাৱে বিহু-আলোচনীখন উন্মোচন কৰোৱা হ’ল৷ বিহু-পৰম্পৰা ৰক্ষা কৰাত সহায়ক হোৱাৰ আহ্বান আৰু আশা বুকুত বান্ধি ৰঙালী বিহুৰ ওলগ আৰু নৱবৰ্ষৰ শুভেচ্ছাৰে ডিফু গড়কাপ্তানি ক’লনি দশম বাৰ্ষিক ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ হৈ বিভিন্নজনে বিভিন্নজনক হৃদয়ৰ উমেৰে বিলাই গ’ল ‘বৰ্হমথুৰি’ৰ ষষ্ঠ সংখ্যা৷ পিছদিনাখন মূল সমিতিৰ অনুমোদনক্ৰমে ক’পী কিছুমান হাতত লৈ ক’লনিৰ ঘৰে ঘৰে সুধি সুধি নিজেও বিলালোঁগৈ, যাতে পিছলৈ কোনেও নাই পোৱা, নাপালোঁ বুলিব নোৱাৰে৷ ৰাইজৰ বস্তু, ৰাইজে পোৱা উচিত৷

স্বীকাৰ নকৰি নোৱাৰি যে অন্য এক নতুনত্বৰ স্বাক্ষৰ স্বৰূপে উন্মোচনৰ স্থান, কাল আৰু উন্মোচকৰ নাম ‘বৰ্হমথুৰি’ৰ পৃষ্ঠাৰ আৰম্ভণিতে আগতীয়াকৈ উল্লেখ কৰি ৰখাৰ সময়ৰে পৰা উক্ত পৰ্বটি সুকলমে পাৰ হৈ নোযোৱালৈকে বুকুখন কিবা আশংকাত দুৰু দুৰুকৈ কঁপি আছিল৷ সঁচাকৈয়ে ই আছিল এটা ৰিস্কৰ কথা৷ উন্মোচনী সভাত ইচ্ছাকৃতভাৱে অনুপস্থিত থাকি ঘৰৰ আগত থিয় দি উৎকৰ্ণ হৈ ৰ’লোঁ, উমান লৈ থাকিলোঁ, সকলো ঠিকে-ঠাকে চলিছেনে বুলি৷ পিছে কাগজত যেনে লেখা আছিল তেনে ধৰণেই হৈ গ’ল, অকণো হীন-ডেঢ়ি নোহোৱাকৈ৷ ভাল কামত ঈশ্বৰেওযে সঁহাৰি জনায় তাৰ প্ৰমাণ পালোঁ৷

৷৷৮ ৷৷  আলোচনা, আত্মসমালোচনা ইত্যাদি
৯মে’ ২০০৪ তাৰিখৰ ‘ফেৰাংকে’ কাকতত বৰ্ষীয়ান সাংবাদিক তথা স্থানীয় সাপ্তাহিক কাকতখনৰ সম্পাদক নগেন বৰাই দশম বাৰ্ষিক উৎসৱ উপলক্ষে প্ৰণয়ন কৰা ‘বৰ্হমথুৰি’ নামৰ বিহু-আলোচনীখনৰ বিষয়ে লিখিলে… ঘনশ্যাম নাথক সভাপতি আৰু মঃ আব্দুছ ছাজিদৰ বলিষ্ঠ সম্পাদনাৰে সম্পাদিত স্মৰণিকাখনে একে আষাৰে ক’বলৈ গ’লে ‘সমন্বয়ৰ প্ৰতীক’ হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীক সামৰি অংকন কৰা প্ৰথম আৰু শেষ পৃষ্ঠাৰ বেটুপাতে আলোচনীখন হাতত ল’লেই সকলোকে হয়তো এইটোকে সোঁৱৰাই দিব যে আমি সঁচাকৈয়ে শংকৰ-আজানক পাহৰা নাই৷ একবিংশ শতিকাৰ ঠগ, প্ৰবঞ্চনা, হত্যা আদিৰ পাশবিক যুগতো আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰেম-প্ৰীতিৰ বান্ধোন অটুট আছে৷ হত্যা- হিংসাই আমাৰ চেনেহৰ এনাজৰীডালযে ছিঙিব নোৱাৰে ‘বৰ্হমথুৰি’য়ে পুনৰ প্ৰমাণ কৰি দেখুৱালে৷ প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙৰ বিশেষ নিবন্ধ ‘অসমীয়া আৰু কাৰবি সংস্কৃতিৰ সমন্বয়’ৰ যোগেদি কৃষিভিত্তিক উৎসৱৰ তুলনামূলক উদাহৰণেৰে অসমীয়া আৰু কাৰবি জনসমাজত থকা ভাতৃত্ববোধ দাঙি ধৰিছে৷ লব্ধপ্ৰতিষ্ঠ লেখক তথা কাৰবি ভাষা-সংস্কৃতিৰ গৱেষক বসন্ত দাসে ‘তোৰে মোৰে প্ৰাণৰ গীত’ প্ৰবন্ধৰ যোগেদি অসমীয়া আৰু কাৰবি প্ৰণয় গীতক প্ৰতীক হিচাপে লৈ মানৱ প্ৰেমযে বিশ্বজনীন সেয়া সফলতাৰে দাঙি ধৰিছে৷ কুমুদ চন্দ্ৰ ডেকাৰ ‘জনজাতীয় বসন্ত উৎসৱৰ পৰিৱৰ্ধনৰ ৰূপত আজিৰ বিহু’ শীৰ্ষক আলচটিয়ে আজিৰ বাস্তৱক সামৰি লৈছে৷ দেবেন গগৈৰ ‘বিহু আৰু ঢোলৰ উৎপত্তি’ প্ৰবন্ধই নবীন-প্ৰবীণক অনেক সমল যোগাব৷ ডক্টৰ নৰেন্দ্ৰনাথ বৰদলৈৰ ‘অসমৰ পঞ্চ সুষ্ক ঢুলীয়া অনুষ্ঠান’ শীৰ্ষক নিবন্ধই বহু নজনা কথা পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ ভৱ প্ৰসাদ দেউৰীৰ ‘অসমৰ লোক-সংস্কৃতিৰ এখিলা পাত : ৰাতি বিহু’ এটি আলোকসন্ধানী প্ৰবন্ধ হিচাপে সফল হৈছে৷ পুতুল চেতিয়াৰ ‘তাই সংস্কৃতিৰ ৰূপৰেখা আৰু বিহুৰ সৈতে সামঞ্জস্য’ শীৰ্ষক প্ৰবন্ধৰ দ্বাৰা থূলমূল আভাস এটা দাঙি ধৰা হৈছে৷ ‘বতৰ কেকুৰ : বৰ্ষাৰ আৱাহনী গীত’ শীৰ্ষক বিদ্যাছিং ৰংপিৰ প্ৰবন্ধটোৰ দ্বাৰা কৃষিজীৱী কাৰবি ৰাইজে খেতি আৰম্ভ কৰাৰ আগতে নদন-বদন খেতি হোৱাৰ আশাৰে বিভিন্ন দেৱ-দেৱীকযে পূজা-অৰ্চনা কৰে, সেই বিষয়ে আলোকপাত কৰিছে৷ জৰ্নেল ৰংহাঙে ‘কাৰবি দ’মাহী ৰংআজে’ প্ৰবন্ধৰ দ্বাৰা অসমৰ প্ৰধান উৎসৱ বিহুৰ লগত কাৰবি দ’মাহীৰ তুলনামূলক আলচ আগ বঢ়াইছে৷ ৰমেশ থাওচেনে ‘ডিমাচা সমাজ-সংস্কৃতিত এভুমুকি’ প্ৰবন্ধৰ যোগেদি থূলমূল আভাস দিয়াৰ প্ৰয়াস কৰিছে৷ পৰেশ চন্দ্ৰ হাজঙৰ ‘হাজং জনজীৱনৰ বসন্ত উৎসৱ বিছুৱা আৰু তাৰ তাৎপৰ্য’, বিষ্ণু আৰ্জেল চেত্ৰীৰ ‘নেপালী সমাজৰ উৎসৱ-পাৰ্বণ আৰু বিশ্বাস’, দীপালি আম্‌ফি চেতিয়াৰ ‘বৰ্ণিল তিৱা সংস্কৃতিৰ এচেৰেঙা’, ইছেনথাং জিছিং ৰেংমাৰ ‘ৰেংমা নগাসকলৰ হৃদয়ৰ মহোৎসৱ ঙাঁদা’, ডাৰ্থংলই ফাইহৰিয়েমৰ ‘মাৰ জনগোষ্ঠীৰ আনন্দ উৎসৱ চিক্‌পুই ৰ’ই’, এল. এপাঅ’ থাড’ৰ ‘থাড’ জনগোষ্ঠীৰ লোক-উৎসৱৰ চিনাকি’, গোপনালতা চৌধুৰীৰ ‘ৰঙালী বিহুত ব্যৱহৃত কেতবোৰ বাদ্যযন্ত্ৰৰ পৰিচয়’ ইত্যাদি তথ্যগধুৰ প্ৰবন্ধসমূহে সমন্বয়ৰ সাঁকো সৃষ্টি কৰাৰ লগতে গৱেষকসকলৰ বাবে সহায়ক হ’ব৷ ইয়াৰোপৰি আলোচনীখনত দহোটাৰো অধিক কবিতা সন্নিৱিষ্ট কৰি সৌষ্ঠৱ বৃদ্ধি কৰিছে৷

বিশিষ্ট প্ৰবন্ধকাৰ আৰু কবি ইছমাইল হোছেইনে ‘ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ’ গ্ৰন্থত উনুকিয়ালে… ‘কাৰবি আংলঙৰ ডিফু গড়কাপ্তানি ক’লনি ব’হাগী উৎসৱৰ হৈ আব্দুছ ছাজিদে ২০০৪চনৰ স্মৰণিকা সম্পাদনা কৰাৰ উপৰি কাৰবি আংলঙত বিহুৰ প্ৰসাৰ ঘটোৱাত বিশেষ ভূমিকা পালন কৰি আহিছে৷’ প্ৰসংগক্রমে উল্লেখযোগ্য যে ‘বিহু আৰু অসমৰ মুছলমান’ শীৰ্ষক তেখেতৰ এই সুদীৰ্ঘ নিবন্ধটি ‘প্ৰান্তিক’ আলোচনী (১-১৫এপ্ৰিল ২০০৬)ত প্ৰচ্ছদ নিবন্ধৰূপে ইতিপূৰ্বে প্ৰকাশ হৈছিল৷

সম্পাদনাত ব্যৱহৃত অভিধানৰ নামোল্লেখেৰে এটা ভয়ংকৰ দায়বদ্ধতাক মূৰ পাতি লৈ মুদ্ৰণ কাৰ্য সমাপ্ত হোৱাৰ পিছত দৃষ্টিগোচৰ হোৱা সম্পাদনাৰ কেইটামান মাৰাত্মক ভুলে নিজৰে জিভা কামুৰি মূৰত থপৰিয়াবলগীয়া অৱস্থা কৰি পেলালে৷ ১৪ পৃষ্ঠাৰ সমৱেত কণ্ঠৰ গীতৰ ১৩নং শাৰীত ‘নহ’লে এই সময় নিয়ন্ত্ৰিত’ (হ’ব লাগিছিল ‘নহ’লে এই সময় নিমন্ত্ৰিত’), ৪১ পৃষ্ঠাৰ লেখাটিৰ ২৯নং শাৰীত ‘ছয় দঁতীয়া উঠন মতা গৰুৰ শিং পেঁপা সাজিবলৈ ভাল’ (হ’ব লাগিছিল ‘ছয় দঁতীয়া উঠন মতা ম’হৰ শিং পেঁপা সাজিবলৈ ভাল’), ৪৮ পৃষ্ঠাৰ প্ৰথম কবিতাটিৰ ১০নং শাৰীত ‘সীমান্তত ৰঙীণ চিলাবোৰ উৰিছে’ (হ’ব লাগিছিল ‘হিমান্তত ৰঙীণ চিলাবোৰ উৰিছে’) সম্পাদনাত পিছল খোৱাৰ কেইটামান উদাহৰণ৷ নিজৰ চকুৱেই নিজক ফাঁকি দি গ’ল দেখোন৷ এইছ. ডব্লিউ. নেভিনচনৰ উক্তিটো মনলৈ অনাৰ প্ৰসংগ এটা আকৌ বিচাৰি পালোঁ৷ নাথদালৈও মনত পৰিল৷ মই নকৰোঁ বুলি কৈছিলোঁ নহয়, পালে বাপ্পেকে গমটো৷ ‘মই সকলোৰে ভুল ক্ষমা কৰিব পাৰোঁ, কিন্তু কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ কেৱল নিজৰ ভুল৷’ …মাৰ্কাছ পৰ্ছিয়াছ কেটুৰ বজ্ৰকঠিন বাক্যয়ো একেটা সময়তে মগজুত খুন্দিয়ালেহি৷ আনে একো নক’লেও নিজে নিজক নেদেখাকৈ কোনেও নাথাকে৷ আৰু সূৰ্যৰ পোহৰৰ দৰে সেইটোৱেই হৈছে পৰম সত্য৷ কাণত ধৰিলোঁ, জীৱনত আৰু সম্পাদক হোৱাৰ নামত ঘাম নুলিয়াওঁ বুলি৷ এয়াই ফাৰ্ষ্ট, এয়াই লাষ্ট৷ কাৰণ আত্মসাধনাৰ পৰীক্ষাত মই ফেইল মাৰিলোঁ৷

৷৷৯ ৷৷  এতিয়া বিহুৰ বতৰত
সি যি কি নহওক, ব’হাগৰ মেঘ আৰু জোনাকৰ পৱিত্ৰ সমন্বয়ে এটা মহৎ আকাংক্ষা সাধনত যি জ্ঞানামৃতৰ সম্ভেদ দি থৈ গ’ল, তাক লৈ নিশ্চয় গৌৰৱ কৰিব পাৰিম, আজীৱন, আমৃত্যু৷ আত্মবিচাৰৰ মাজেদি এয়া বিহুৰ বতৰত স্বসম্পাদিত ‘বৰ্হমথুৰি’ৰ ষষ্ঠ সংখ্যাটোৰ বেটুপাতখনৰ ওপৰত আলফুলে দুহাত বুলাইছোঁ আৰু খিলা খিলাকৈ পাতবোৰ লুটিয়াই স্মৃতিচাৰণ কৰিব ধৰিছোঁ৷

(ৰচনা : ২০০৭চন)