Tuesday, 3 November 2026

ভাচান

(গল্প নহয়, সত্য)

'ভাসান'। অসমীয়া প্ৰামাণিক অভিধানকে আদি কৰি মোৰ হাতত থকা অসমীয়া ভাষাৰ ৮খন অভিধানত বিচাৰিলোঁ এই শব্দটো। এখনতো নাপালোঁ। মূলতঃ বাংলা ভাষাৰ প্ৰভাৱ বা প্ৰতিৱেশী সংস্কৃতিৰ সংস্পৰ্শৰ বাবেহে আমাৰ সমাজত মানুহৰ মুখে মুখে পূজাৰ প্ৰতিমা পানীত পেলাই দিয়া বুজাবলৈ 'প্ৰতিমা ভাসান' বা 'ভাসান' শব্দটো বহুলভাৱে ব্যৱহাৰ হৈ আহিছে বুলি বুজিলোঁ। অসমীয়া ভাষাত পানীঘাটত মূৰ্তি উটুৱাই দিয়া কাৰ্যটোক 'বিসৰ্জন' বুলিহে কোৱা হয়। সেয়া হ'লেও আমি 'ভাসান' শব্দটোকে সৰুৰে পৰাই কথা-বতৰাত সচৰাচৰ শুনি আহিছোঁ আৰু কৈও পাইছোঁ। আমাৰ খাৰ খোৱা জিভাখনে অৱশ্যে 'ভাসান' নকয়, কয় 'ভাচান'। 'ভাচান' শব্দটোও অসমীয়া অভিধানত নাই পোৱা। সি যি কি নহওক, মূল প্ৰসংগটোলৈ আহোঁ।

শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমী। মানে 'ভাচান'। আমাৰ সৰু কালটোত ডিফুত ভাচান অনুষ্ঠিত হৈছিল চহৰখনৰ মাজমজিয়াতে থকা ডিষ্ট্ৰিক্ট কাউন্সিল লে'কত। ডিফুৰ পুৰণি বাসিন্দা আৰু পূজা কমিটিবোৰৰ বাবে সেই প্ৰাকৃতিক সৰোবৰটো আছিল এক কেন্দ্ৰীয় আকৰ্ষণৰ ঠাই। সময়ৰ গতিত জলভিত্তিক উদ্যানলৈ ৰূপান্তৰ ঘটি পূৰ্বৰ নামটোও এতিয়া হেৰাই থাকিল। 

নৱনিৰ্মিত ফ্লাই-অ'ভাৰৰ ওপৰৰ পৰা নিৰ্মীয়মান কেঞ্চাৰ হাস্পতালৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে মাজত দেখা পোৱা জলৰাশিকে তাহানিখন বোলা হৈছিল ডিষ্ট্ৰিক্ট কাউন্সিল লে'ক। ডিফুৰ ভিতৰতে লেখত ল'বলগীয়া জলাশয় আছিল সেইটো। ডাঙৰ ডাঙৰ মাছ আছিল তাত। হুইল বৰশীৰে মাছ ধৰা চাবলৈ ঢাপলি মেলিছিলোঁ আমি।

দশমীৰ বিয়লিটোত লে'কৰ পাৰকেইটা অতি ব্যস্ততাপূৰ্ণ আৰু উৎসৱমুখৰ হৈ পৰিছিল। মণ্ডপে মণ্ডপে বিসৰ্জন পূজা, সেন্দূৰ খেলা, মিষ্টিমুখ আৰু বৰণ; শংখ, ডবা, কাঁহ, উৰুলি, জয়ধ্বনিৰে দেৱীমাক বিদায় দিয়াৰ পাছত শৰ্মা শ্ব' মিল, পুলিচ ৰিজাৰ্ভ, বাৰোৱাৰী, শীতলাবাড়ী, দেৱান বস্তি, বিৰলা ফেক্টৰী ইত্যাদি পূজাথলীসমূহৰ পৰা প্ৰতিমা কঢ়িয়াই অনা ট্ৰাকবোৰে সমদল যাত্ৰা কৰি আহি শাৰী পাতিছিলহি। মুখৰিত হৈ উঠিছিল চহৰখনৰ বাট-পথ। পূজা পৰিচালনা সমিতিসমূহৰ দায়িত্ববাহী বিষয়ববীয়া-উদ্যোক্তা, কৌতূহলী পুৰুষ-মহিলা দৰ্শক-জনতা, আৰক্ষী বাহিনীৰ দলদোপ-হেন্দোলদোপ। 

আবেলি খৰখেদাকৈ গৈ বিশাল জনসমাগমৰ ভিৰ ফালি লে'কৰ পাৰৰ সুবিধাজনক ঠাইত আমিও সবান্ধৱে অৱস্থান লৈছিলোঁ 'ভাচান' চাবলৈ। আনহাতে দুৰ্গা প্ৰতিমা নিয়াখনত নহ'লেও তাৰ পাছে পাছে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশৰ মূৰ্তি তুলি অনা বাহন এখনত উঠি 'দুৰ্গা মাই কী জয়' ধ্বনি দি শোভাযাত্ৰাৰ সৈতে যাব পৰাটো আমাৰ নিচিনা 'পোৱালি'ৰ কাৰণে আছিল বিৰাট বাহাদুৰিৰ কাম। দেৱীৰ কৃপাধন্য কোনো কোনোৰ ক্ষেত্ৰত সেইটো ঘটিছিল।

বিসৰ্জনস্থলীৰ পৰা ঘূৰি আহোঁতে আন্ধাৰ নামিছিল। পিতৃ-মাতৃ-অভিভাৱকে নজনাকৈ বা ঘৰত কাকো নোকোৱাকৈ 'ভাচান'লৈ যোৱা বা ট্ৰাকৰ পাছফালে বিপজ্জনকভাৱে উঠি যোৱাৰ কাৰণে কোনো কোনোৱে উভতি আহি পায়ে ঘৰত গালি-গালাজ, আনকি বেত্ৰাঘাতো সহিব লগা হৈছিল। পিছদিনাখন আমি ল'ৰামখাই স্কুল ফিল্ডত খেলিবলৈ জুম বান্ধোতে তিতা-মিঠা আটাইবোৰ খবৰ পোহৰলৈ আহিছিল।
- - - - -
অৰূপ কুমাৰ শৰ্মা :
হয় দাদা, অতীত সদায়ে মধুৰ.... আপোনাৰ প্ৰবন্ধটো পঢ়ি মইও নষ্টালজিক হৈ পৰিছোঁ। সৰুতে ডিফুৰ শীতলাবাৰীত থকা সময়ত বিজয়া দশমীৰ দিনা স্থানীয় মন্দিৰত বিধিগত ৰীতি সমূহ শেষ কৰাৰ পাছত জ্যেষ্ঠ সকলক ভৰি চুই সেৱা জনোৱা আৰু জ্যোষ্ঠ সকলেও কনিষ্ঠ সকলক আশীৰ্বাদ দিয়া পৰ্ব আৰু মুখ মিঠা কৰা পৰ্ব (এজনে আনজনক মিঠাই খুৱাই দিয়া)শেষ কৰাৰ পাছত, ঘৰলৈ আহি মৎস্য স্পৰ্শ আৰু তাৰ পাছত দেৱী মাৰ বিসৰ্জন স্থলীলৈ গমন। দেউতাই লৈ গৈছিল, লগত ভাৰা ঘৰৰ হাজৰিকা খুৰা, হালৈ খুৰা আদি বহুজন। আজিও মনত আছে ডিষ্ট্ৰিক্ট কাউন্সিল লেক গৈ পোৱাৰ পাছত দেখো লোকে লোকাৰণ্য... তেতিয়া মই সেই ভিৰ ফালি আগুৱাই গৈছিলোঁ, হয়তো মোৰ কৌতুহলী শিশু মনে চাব বিচাৰিছিল দেৱী মাৰ বিসৰ্জনৰ প্ৰত্যক্ষ দৃশ্যপট.... প্ৰতিটো বিসৰ্জন ত বাজি উঠিছিল শংখ, ঘণ্টা, দবা নে ঢোলৰ শব্দ আৰু অজস্ৰ জনৰ কোৰ্হালেৰে মুখৰিত লেকৰ দুটি পাৰ.... দুৰ্গা মাই কি..... জয়..... সকলোৰে সৈতে চিঞৰিচিলো মইও দুৰ্গা মাই কি ....... জয়..... মন কৰিছিলোঁ বহু মহিলাই আঁচলেৰে মুখ ঢাকি উচুপি উঠিছিল... যেন বিয়া ঘৰৰ কইনা বিদায় বেলা....বঙালী মহিলা সকলে একেশ্বৰে উৰুলীৰে মুখৰিত কৰি তুলিছিল শৰতৰ সন্ধিয়াৰ আকাশ আৰু লেকৰ দুয়ো পাৰ.......... সঁচাকৈয়ে অতীত সদায়ে মধুৰ...

Pallabi Saikia : Lower fale bhasan ba bhasani koi aru upper fale utoni koi aru middle fale doxomi ba bixorjon buli kou ami.

কীৰ্তি প্ৰসাদ বৰ্মন : 'ভাসান' শব্দটো এইফালেও বহুলভাবে প্ৰচলিত। অৱশ্যে এইফালে বিজয়া দশমীত  দেৱী দূৰ্গাৰ এই বিসৰ্জন পৰ্বটোক 'ভাসানী' বুলিহে কয় (স্ত্ৰী লিংগ কাৰণে নেকি?)। বাংলা ভাষাত কোনো এটা বস্তু পানীত উটুৱাই দিয়া কাৰ্যটোক ভাসিয়ে দেওৱা' বুলি কয় (আমায় ভাসাইলি ৰে, আমায় ডুবাইলি ৰে)। সম্ভৱতঃ এই শব্দটো চুবুৰীয়া ৰাজ্যৰ পৰাই অহা এটি কথিত শব্দ। 

বাটৰে শেষতে ...

(পাহৰিব নোৱাৰা এটা দীঘলীয়া যাত্ৰাৰ অংশবিশেষ। 'বাটৰুৱাৰ ডায়েৰী'ৰ পৰা।)

"নাজানো দেই তুমি মোক ক'লৈ নি আছা!" হঠাতে এনেকৈ কৈ উঠিল অৰূপদাই। বাক্যটোৱে পোনে পোনে মোৰ কৰ্ণপটহত খুন্দিয়ালেহি। তাৎক্ষণিক কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি, একো মন্তব্য নিদি, নিৰ্বিকাৰচিত্তে ৰ'লোঁ মই। আইনাৰ মাজেৰে দূৰ-দূৰণিলৈ, সুনীল আকাশখনলৈ, যেনি-তেনি ভাহি থকা শুকুলা ডাৱৰবোৰলৈ চাই চাই গৈ আছোঁ। কিছু পৰৰ পাছত গাটো সামান্য লৰচৰ কৰি বহাৰ ধৰণটো সলালোঁ। 

ছিয়াং বৈ আছে কাষে কাষে, আমাতকৈ ভালেমান ফুট তলত। পানীৰ উপৰিভাগ ঈষৎ সেউজীয়া। চৌপাশে কেৱল আৰু কেৱল ৰাশি ৰাশি পৰ্বতমালা। কেঁকুৰিৰ পাছত কেঁকুৰি। এই ওখ, এই চাপৰ; এই তল, এই ওপৰ। অতিক্ৰম কৰিবলগীয়া খলাবমা গতিপথটোৱে ক'ৰবাত ক'ৰবাত অৰণ্যৰ মাজেদি ভুমুকিয়াই নিজৰ অস্তিত্বযে সুদূৰপ্ৰসাৰী, তাকে জাহিৰ কৰি আছে। 

সোঁৱে-বাঁৱে, আগে-পাছে; নয়নাভিৰাম, দুৰ্লভ দৃশ্য কিছুমান। তাকে চাবলৈ, প্ৰকৃতিৰ একেবাৰে কেঁচা আৰু নিভৃত ৰূপ প্ৰাণ ভৰি উপভোগ কৰিবলৈ মাজে-মধ্যে, মন গ'লেই আৰু সুবিধাজনক জেগা পালেই আমি ৰৈ ৰৈ আহিছোঁ। সৰুপানী চুইছোঁ। চলুৱে চলুৱে জলপ্ৰপাতৰ পানী পি খাইছোঁ। লগত লৈ অহা ফল-মূল চোবাইছোঁ। পুনৰ অগ্ৰসৰ হৈছোঁ। জানো যে এই বাটটোৰ শেষতেই আছে আমাৰ গন্তব্য, টুটিং-গেলিং-বিশ্বিং। কেইবা বছৰ ধৰি শব্দকেইটা জপ কৰি অহা হৈছিল। গতিকে অন্তিম প্ৰান্ত আৱিষ্কাৰ নোহোৱালৈকে বাট চাবই লাগিব।

পৰ্বতৰ মাজে মাজে দীঘলীয়া সাপ এডালৰ দৰে পৰি আছে ঠেক, নিৰ্জন ৰাস্তাটো। আমাৰ আগতো কোনো বাহন নাই, পাছতো নাই। ড্ৰাইভিং চিটত অৰূপদা। সতৰ্কতা, সজাগতা আৰু দায়বদ্ধতাৰে নিজৰ Off-roading skill সুন্দৰভাৱে প্ৰদৰ্শন কৰি গৈ আছে যদিও ৰাস্তাৰ দুৰৱস্থাক কেন্দ্ৰ কৰি কোনোবা মুহূৰ্তত অতিষ্ঠ হৈ নপৰাও নহয়। কাষৰ আসনত মই। দুয়ো দুয়োৰে সংগী, দুয়ো দুয়োৰে সাহস। আনহাতে 'ডিজায়াৰ'খন আমাৰ ভৰসা। ওপৰৱালাৰ মেহেৰবানিত গাড়ীয়ে যেনিবা এতিয়ালৈকে একো অসুবিধাৰ সৃষ্টি কৰা নাই। মানুহৰ মনহে বুজিব নোৱাৰি। অৰূপদাৰ মনোজগতত কি খেলাই আছে মই নাজানো। মোৰ ভাবনাত কিহৰ বুৰবুৰণি, তেওঁ নাজানে। "গাড়ী আপোনাৰ; ড্ৰাইভাৰো আপুনিয়েই। তেল মোৰ; পথ-নিৰ্দেশনা মোৰ।" অলিখিত চুক্তিটো আছিল এনে ধৰণৰ।

সুদীৰ্ঘ বাট। শ্বাসৰোধী নৈসৰ্গ। দুৰ্গমতা আৰু নিৰ্জনতা উভয়ে ক্ৰমাৎ বৃদ্ধি পাই আহিছে যদিও মই মোৰ মানসিক শক্তি আৰু প্ৰবৃত্তি দুয়োটাকে সুদৃঢ় আৰু সুস্থিৰ ৰাখি আহিছোঁ। যি কোনো প্ৰকাৰে মুঠতে আজি আমি আপাৰ ছিয়াং জিলাৰ ব'ৰ্ডাৰ টাউন টুটিং পৌচিবই লাগিব। Ladung hanging bridgeৰে খোজ কাঢ়ি ছিয়াঙৰ বিশাল জলধাৰা পাৰ হ'বই লাগিব। ঐতিহাসিক Tuting monastery চাবই লাগিব। তাৰ পৰা ৩০ কিলোমিটাৰ আগলৈ অৱস্থিত 'First village of India' গেলিঙলৈকো যাবই লাগিব। বিশ্বিঙৰ ৩০০ ফুট উচ্চতাৰ Sibe-Re Waterfallsটো দৰ্শন কৰিবই লাগিব। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে প্ৰৱাহিত চীনৰ য়াৰলুং চাংপো অৰ্থাৎ ভাৰতৰ/অৰুণাচলৰ ছিয়াং অৰ্থাৎ অসমৰ জীৱনৰেখা, অসমৰ সভ্যতা-সংস্কৃতিৰ ৰাজহাড়স্বৰূপ ব্ৰহ্মপুত্ৰ নদৰ আগলিভাগ নিজ চকুৰে প্ৰত্যক্ষ কৰিবই লাগিব। তেতিয়াহে আত্মাটোৱে সন্তুষ্টি লভিব। মহাবাহুৰ তিনি মুখ্য উপনৈৰ ভিতৰত লোহিত আৰু ডিবাঙৰ আগলি ইতিমধ্যে স্বচক্ষে চোৱা হ'ল। এইবাৰ লক্ষ্য বান্ধিছোঁ ছিয়াং। যেন-তেন-প্ৰকাৰেণ পূৰণ কৰিবই লাগিব হৃদয়ৰ এই অদমনীয় অভিলাষ। নহ'লে জীৱন হ'ব বৃথা।

বিগত দুটা দিনত, ডিফুৰ পৰা পাছিঘাট, ইংকিয়ং পৰ্যন্ত যাত্ৰাটো মোটামুটি ভাল লগা বিধৰে আছিল। পাৰ হৈ অহা প্ৰায় ৬৯২ কিলোমিটাৰ দূৰত্বত 'ডিজায়াৰ'ও সুকলমেই চলিছিল। আজি (১২/১১/২০২৪) পুৱা ইংকিয়ং এৰাৰ পাছৰে পৰাই বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰিল। আৰম্ভ হৈ গ'ল Off-road adventure।

প্ৰকৃতিৰ সুন্দৰতা আৰু বাট-পথৰ অসুন্দৰতা। সদ্যহতে বিনাবাক্যব্যয়ে স্বীকাৰ কৰি ল'ব লগা সংমিশ্ৰণ এটা। এঢলীয়া কোমল মাটিত গধুৰ বাহনৰ আহ-যাহৰ ফলশ্ৰুতিত এঠাইত চকাৰ লিক্‌ দুটা ক্ৰমাৎ বহি গৈ মাজৰ অংশটো হিচাপতকৈ ওখ ঢিপ একোটাৰ দৰে হৈ আছিল। গাড়ীখন চাপৰ বাবে তলফালে লাগি যোৱাৰ সম্ভাৱনা। ভাবি-গুণি অৰূপদাই দূৰতে ব্ৰে'ক ধৰি ৰ'ল। মই নামি গৈ লঠিয়াই-গুৰিয়াই কোনো ৰকম ঢিপটো ভাঙিলোঁ। পুনৰ আগ বাঢ়িল 'ডিজায়াৰ'। তাৰ আগতে এঠাইত এক্সকেভেটৰে কাম কৰি থকা হেতুকে ভালেমান সময় আবদ্ধ হৈ থাকিব লগা হৈছিল। তাৰো কিছু আগত ৰাস্তাৰ কাষত পৰি থকা শিলগুটি বিচাৰি বিচাৰি বুটলি আনি বৰষুণৰ পানীয়ে খান্দি থোৱা লোৰ পুতি গাড়ীখন পাৰ কৰাইছিলোঁ। এনেকৈয়ে বাটৰ বগৰী জেং গুচাই আহি আছিলোঁ আমি।

আৰু এতিয়া? নাম নজনা এইডোখৰত ৰাস্তাটো অনুমান কৰাতকৈও বেছিহে বেয়াচোন! মাজে মাজেহে ক'ৰবাত সামান্য পৰিমাণে ঠিক-ঠাক। হ'লেও অলপ পাছতে আকৌ সেই। গাঁত, খাল, নলা, বোকা, পানী, শিল, বাটৰ মাজৰ পুখুৰী; কি নাইপোৱা এই বাটছোৱাত? তদুপৰি আছে ফৰ্মেচন কাটিং, ব্লাষ্টিং, ছিটিকি অহা পাথৰৰ বিভীষিকা, পিছল আৰু ওখোৰা-মোখোৰা, Landslide zone, Water crossing আদিৰ সমাহাৰ। মুঠতে এক বিপজ্জনক এলেকাৰ ওপৰেদি চলি গৈ আছে চকা চাৰিটা। চালকজন সামান্য অন্যমনষ্ক বা নাৰ্ভাছ হ'লেই গাড়ীয়ে-মানুহে সমুলঞ্চে জাহ যাবগৈ লাগিব সৌ ছিয়াঙৰ বুকুত। বচাৰ কোনো অৱকাশেই নাথাকিব। মুঠ কথাত অৰূপদাৰ নিয়ন্ত্ৰণ-কুশলতাৰ ওপৰতে নিৰ্ভৰ কৰিছে দুয়োৰে জীৱন।

ৰাস্তাৰ কোনো দেখ-ভাল নাই। এনেকুৱা পৰিস্থিতিত খং নুঠিব? উঠিবই। সেয়েহে হয়তো, অতৰ্কিতে বুলি নকওঁ, অৱধাৰিতভাৱেই বাক্যটো ওলাই আহিছিল অৰূপদাৰ মুখৰ পৰা। ক'লৈ নি আছোঁ মই? আৰু সেইটো কাণত সোমোৱাৰ পাছৰে পৰা মোৰো মগজুত দুশ্চিন্তা কিছুমান ঘনীভূত নোহোৱাকৈ নাথাকিল। পেটে পেটে ভয় হৈছে, হঠাতে গাড়ীখন ৰখাই দিয়ে যদি অৰূপদাই? 'নাযাওঁ, ঘূৰি যাওঁ, বাদ দিয়া তোমাৰ টুটিং' বুলি কৈ যদি নামি দিয়ে গাড়ীৰ পৰা? কি হ'ব বহুপ্ৰত্যাশিত যাত্ৰাটোৰ?

এইটো দৰাচলতে ground clearance বেছি থকা 4x4 গাড়ীৰহে ৰাস্তা। ইফালে আমি লৈ আহিছোঁ Maruti Suzuki Dzire VXi (AS09D8047)! আনহাতে, প্ৰকাশ নাই কৰা যদিও মোৰ মনৰ গোপন ভাবটো আছিল, চক্ৰবেহুত সোমাই পৰিলোঁ যেতিয়া এতিয়া গৈ থকাই উচিত কথা। সন্মুখত যি প্ৰকাৰৰ চেলেঞ্জেই নাহক কিয়, আগুৱাই যাবই লাগিব। পাছ হোঁহকাত নাই মুঠতে। এই যাত্ৰাবোৰেই এনেকুৱা। পদে পদে বিপদ আৰু অনিশ্চয়তা। Pleasure trip বা বিলাসী ভ্ৰমণ বোলা নাযায়। গতিকে, সাহস আৰু ধৈৰ্য অটুট ৰাখি লাহে লাহে আগ বঢ়াই শ্ৰেয়ঃ। কোনো খৰ-খেদা নাই। বাহ্যিক বাধা-বিপত্তিও একো নাই। তদুপৰি গাড়ীত চব বস্তু মজুত আছে। টেণ্ট, শ্লিপিং বেগ, কম্বল, ষ্ট'ভ, চাউল-দাইল, নুডল্‌ছ, বাচন-বৰ্তন ইত্যাদি ইত্যাদি। য'তে ৰাতি ত'তে কাটি হ'ব পৰাকৈ তৈয়াৰ হৈ আহিছোঁ যেতিয়া চিন্তা কিহৰ? চকা ঘূৰি থাকিলেই এসময়ত পাই যামগৈ আমাৰ প্ৰস্তাৱিত ডেষ্টিনেছন।

কষ্টসাধ্য সৰ্পিল-সংকীৰ্ণ যাত্ৰাপথত পুৱাৰে পৰাই বিপদসংকুলতাৰ মাজেদি খুপি খুপি আহি থকাৰ মাজতে হাঁহি উঠি গ'ল যেতিয়া এনেকুৱা জঘন্য ৰাস্তাতে এঠাইত জংঘলৰ মাজত নীৰৱে থিয় হৈ থকা দেখিলোঁ BROৰ এখন সেউজীয়া ফলক। ফলকখনত বগা ৰঙৰ বৰ বৰ হৰফেৰে লিখা আছে : In speed there is freedom but in safety there is wisdom. প্ৰশ্ন উঠিল, speed শব্দটোক লৈ। এইহেন ৰাস্তাত speed দিবলৈ সুযোগ আছেইবা ক'ত? ঘণ্টাত ১০-২০ কিলোমিটাৰ বেগত আহি আছোঁ। টুটিং পাবলৈ কেইঘণ্টা লাগিব একো ক'ব নোৱাৰোঁ। লাগে মাজে মাজে এনে ধৰণৰ কৌতুক দুই-এটা, যাত্ৰীৰ মগজুত চলি থকা দুশ্চিন্তাবোৰ আঁতৰ কৰিবলৈকে।

১১.৩০ বাজিছে। পুৱা ৬.২০ত ইংকিয়ং এৰিছিলোঁ। ময়িঙত পথৰ দাঁতিতে স্থানীয় আদি পৰিয়াল এটাৰ দ্বাৰা পৰিচালিত ভাতৰ হোটেল এখন পালোঁ। এইটো ৰাস্তাত এতিয়ালৈকে দেখা এইখনেই একমাত্ৰ। বিপৰীত দিশৰ পৰা অহা, সামগ্ৰী কঢ়িয়াই অনা মহিন্দ্ৰা বলেৰ' পিক্‌-আপ্‌ এখন কাষতে ৰ'লহি। "ৰাস্তা কেনেকুৱা? টুটিঙলৈ আৰু কিমান সময় লাগিব?" ভাত খাবলৈ বুলি গাড়ীখনৰ পৰা নমা অচিনাকি ড্ৰাইভাৰজনৰ প্ৰতি কৌতূহলী প্ৰশ্নবাণ আৰম্ভ হ'ল। আমাৰ গাড়ীখনলৈ কিছু সময় তভক মাৰি চালে তেওঁ। দুচকুত সীমাহীন বিস্ময়। মুখমণ্ডলত উদ্বিগ্নতা। "য়ে গাড়ী লেকে আয়ে হ' আপলোগ!"  ... ... ...

ভাত-পানী খালোঁ। পুনৰবাৰ চিটবে'ল্ট কচি লৈছোঁ। আসনত বহি অৰূপদাই ষ্ট্ৰিয়েৰিংডাল চুই সোঁহাতখন কপালত লগালে। তাৰ পাছতে ইঞ্জিন ষ্টাৰ্ট দিলে। যিয়ে যি নকওক, যিয়ে যি ভাবি নাথাকক, 'ডিজায়াৰ'ৰ যাত্ৰা অবিৰত থাকিব। জানো যে প্ৰাকৃতিক সম্পদেৰে মেটমৰা হ'লেও বাণিজ্যিকভাৱে উন্নত হৈ নুঠা এই দিশৰ বৰ্তমান পথ-ব্যৱস্থা অতিকৈ বেয়া আৰু সেয়ে যাতায়াত কৰাটো আজিৰ তাৰিখত খুবেই প্ৰত্যাহ্বানজনক। আৰু জানো যে বাটৰ শেষত আমাক স্বাগতম জনাবলৈ বাহু মেলি ৰৈ আছে টুটিং, গেলিং, বিশ্বিং।

"ব'অ'অ'লা।" দীঘলীয়া সুৰত অৰূপদাই এনেকৈ কৈ উঠিল। "হে' আগৰ দূৰ মঞ্জিল ত' ক্যা? ৰাস্তা ভি হে' মুস্কিল ত' ক্যা?" গানৰ কলি অন্তৰত গুণগুণাই আগুৱান হ'লোঁ আমি, আকাংক্ষিত লক্ষ্যলৈ।
- - - -
২০২০ চনত খবৰ ওলাইছিল : ৪২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ ১,৬০০ কিলোমিটাৰজুৰি য়াৰলুং চাংপো আৰু উপনৈসমূহত চীনে ৪৪টাকৈ নদীবান্ধ সাজিছে। নিৰ্মীয়মান প্ৰকল্প আৰু ভূমিস্খলনৰ বাবে ছিয়াঙত ঘোলা পানী আহিছে।