Sunday, 31 August 2014

‘গৰমেণ্ট’ অহাৰ আগতেই...
(গল্প নহয়, সত্য)


সম্পূৰ্ণ দহটা দিনৰ মূৰত ‘গৰমেণ্ট’ আজি আহিব৷ খবৰ ইতিমধ্যে হৈ গৈছে৷ ৰাতিপুৱা লেণ্ডলাইন ফোনটো বজা ময়ো শুনিছিলোঁ৷ মায়েই ধৰিলে, সচৰাচৰ ধৰাৰ দৰেই৷ তাৰ পিছৰে পৰাই নিজৰতো তত-ধৰণি হেৰালেই, বাকীসকললৈও তুৰন্তে সাৱধান-বাণী… ‘আহি আছে দেই আজি৷ ফোন কৰিছে৷’

‘পানী টেংকিৰ ফালে ঠাইখিনি লেতেৰা হৈ আছেঅ’৷ অহাৰ আগতেই চাফা কৰি পেলাবি দেই৷’ …চাহ খাই থাকোঁতেই মোলৈকো কামৰ ফৰমাইচ আহিল৷ ফটাফট খোৱা শেষ কৰি নাৰিকলৰ ঝাড়ুডাল হাতত লৈ সাজু হ’লোঁৱেই৷ এইকেইদিন একেলেথাৰিয়ে বৰষুণ দি আছে৷ এতিয়াও এটোপ-দুটোপ পৰিয়েই আছে৷ যেনিতেনি ক’লা ক’লা কেৰেলুৱাবোৰ ঢেৰ ওলাইছে৷ সৰা কাম হ’লত জাবৰ পেলোৱা টিংখনতে লেতেৰাবোৰ উঠাই নি পিছফালে নৰ্দমালৈ দলিয়াই দিলোঁ৷ সেই পাকতে নৰ্দমাৰ কাষৰ ঠাইখিনিও সাৰি চাফা কৰি থ’লোঁ৷ নুনী, মধুৰি আদিৰ সৰাপাতবোৰ অ’ত-ত’ত পৰি আছিল৷

‘মই পানীৰ টেপটো খুলি দিওঁ, তই ড্ৰেইনটোত ঝাড়ু মাৰি দে৷’ …আকৌ ঝাড়ুডাল লৈ পানী টেংকিৰ কাষৰ পৰা আৰম্ভ কৰি নলাটোৰ লেতেৰাবোৰ ঠেলি ঠেলি আঁতৰালোঁ৷
‘বিকুক কোৱা হ’লনে নাই বাৰু কথাটো, আজিযে ‘গৰমেণ্ট’ আহি আছে?’
মাৰ মুখত অৰ্থবহ হাঁহি এটা বিৰিঙি উঠিল৷
‘অ’ বিকু, বিকু...’ …লগে লগে চিঞৰ দুটামানো মাৰি পঠিয়ালোঁ বিকুক উদ্দেশ্য কৰি৷ তাইবা কোনফালে কি কৰি আছেগৈ!
‘বিকু ও ও...’

বিকু মানে ওম শ্ৰেষ্ঠ আচাৰ্যৰ নৱ-বিবাহিতা পত্নী৷ তেওঁলোক আমাৰ পিছফালৰ ঘৰটোত থাকে৷ অলপ পাছতে পৰ্দাখন সামান্য ফাঁক কৰি তাই চালেহি৷
‘দাদা মাতিছিল?’
‘অঁ হয়৷ আজি ‘গৰমেণ্ট’ আহি আছে দেই৷ গতিকে তোমাৰ চোতাল আৰু কি ক’ত আছে চাফা কৰি ৰাখিবা৷ এতিয়াই ক’লোঁ৷ পিছত মোক দায় দিলে নহ’ব৷’

বিষয়ৰ আকস্মিকতাত বিকুৱে প্ৰথমতে থতমত খালে৷ পানীৰ টেপটো খুলি থকা মায়ে যেনিবা তাইক বেছিপৰ ৰহস্যৰ আৱৰ্তত নাৰাখি কথাটো ভাঙি দিলে৷ মই নলা চাফা কৰি থকাৰ ফালে অলপ সময় চাই থাকি হাঁহি মাৰি তাই ভিতৰ সোমাল আধাতে এৰি থৈ অহা বাচনকেইটা সামৰিবলৈ৷

‘হওক তেও৷ অহাৰ আগে আগে মোৰো কাম কেইটামানযে হ’ল৷ ঘৰত থকা অৱস্থাত একো কৰিবকে নোৱাৰি নহয়৷’ …স্বস্তিৰ সুৰত মাৰ স্বগতোক্তি৷ 

পাকঘৰৰ পৰা এওঁ, মানে শ্ৰীমতীয়েও সজোৰে সঁহাৰি দিলে... ‘মোৰো একেই৷ চুনু কালি ঠিক সময়তে আহি ওলাল যেনিবা৷ এতিয়া আৰু চিন্তা নাই৷ আহি নৌপাওঁতেই চব হৈ গ’ল৷’

তেনেকুৱাতে সিফালৰ দৰজাখন খুলি শৰ্মা ওলাই আহিল৷ শৰ্মা মানে বেংক কৰ্মচাৰী গোবিন্দ শৰ্মা৷ আমাৰ আন এক ডেকা ভাৰাতীয়া৷ ৰুমৰ দৰজাখন বহলকৈ মেলি দিয়ে শৰ্মাই ক’লে... ‘মোক কিন্তু একো ক’ব নোৱাৰিব দেই৷ কাৰণ মই নাছিলোঁৱেই৷ কালি ৰাতিহে ঘৰৰ পৰা আহি পাইছোঁ৷’ 

‘হ’লে কিডাল হ’ব? আপোনাৰ চকীখনৰ তলত মকৰাজাল অলপমান দেখা পাই আছোঁ মই৷ কৈ থ’লোঁ হ’লে৷ এতিয়াই গুচাওক৷ ‘গৰমেণ্ট’এ চাৰ্জ কৰিলে পিছত মোক নক’ব৷ আৰু এনেকৈ নহ’বতো৷ আপুনিযে অনুপস্থিত আছিল, তাৰ উচিত প্ৰমাণ দিব লাগিব৷ আপোনাৰ চেয়াৰমেনে গ্ৰাণ্ট কৰা লিভৰ কাগজখন লগত আছেনে নাই? ফটোক’পীসহ ফাইলটো ৰেডী ৰাখক৷ ট্ৰেইনত অহা-যোৱাৰ টিকট দুটাও গাঁঠি থ’ব৷ ‘গৰমেণ্ট’এ চাব খুজিলে চব দেখুৱাব লাগিব৷ নহ’লে বিষম কথা৷ পিছত মোৰ দায় নাই হ’লে৷’

শৰ্মা হাঁহি মাৰি ভিতৰত সোমালগৈ গেছৰ ওপৰত পাতি থৈ অহা আঞ্জাখন চাওঁগৈ বুলি৷

অৰিজিনেল ঘৰত থকা ডাঙৰজন ভায়েকৰ আমন্ত্ৰণক্ৰমে ‘গৰমেণ্ট’ গৈছে তাত পানীৰ নতুন কানেকচনৰ কামটো তদাৰক কৰিবলৈ৷ কাম হৈ গ’লত আজি নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছত আহি আছে৷ তাকে লৈ এতিয়া ঘৰখনত লৰা-ঢপৰা লাগিছে৷

‘ওপৰত কোনোবা এটাক ৰাখিব লাগিব দেই৷ যোৱাবাৰ মনত নাই? ‘গৰমেণ্ট’ ঘৰলৈ যাওঁতে ঘূৰি আহি ঘৰ সোমোৱাৰ আগে আগে ভিতৰ-বাহিৰ চব চাফা কৰি এশ নম্বৰ পোৱাটো খাটাং কৰি থৈছিলোঁ৷ পিছে আপদীয়া গাই এজনীয়ে ক’ৰ পৰা আহি জানো ঠিক ষ্টেপৰ মুখতে বিষ্ঠা এগাল এৰি চব বৰবাদ কৰি দিলে৷ আহিয়েই সেয়া দেখা পালে আৰু মিছাতে গালিসোপা খালোঁ৷’

নলা চাফা কৰা হ’লত ঝাড়ুটো যথাস্থানত সযতনে থৈ গাটো ধুই আজৰি হৈ লওঁগৈ বুলি বাথৰুমৰ ফালে গুচি গ’লোঁ৷
গা ধুই ওলাইছোঁ, তেনেকুৱাতে আগফালৰ গেটখন খোলা যেন শুনিলোঁ৷ শৰ্মা বোধহয় ফটোষ্টেট কৰিবলৈ ওলাই গৈছে৷ তেনেতে কাণত পৰিল পিছফালৰ চোতালত ঝাড়ুৰ চৰক চৰক শব্দ৷ অলপ আগুৱাই ডিঙি মেলি দেখোঁ যে নাৰিকলৰ ঝাড়ুটো লৈ বিকুৱে একান্তমনে চোতাল সাৰি আছে৷


‘গৰমেণ্ট’ আহিব আজি৷
হেঁচাৰ পৰা হেঁপাহলৈ... আৰু তাৰ পিছত?
(গল্প নহয়, সত্য)


Why should boys have all the fun? ...প্ৰিয়াংকাৰ মুখনিসৃত এই বাক্যটিৰ গূঢ়াৰ্থ প্ৰকৃতপক্ষে এতিয়াহে মই পুংখানুপুংখভাৱে অনুভৱ কৰিব পাৰিছোঁ৷ এনেয়েও মামৰে ধৰা মগজু৷ কথাবোৰ আনতকৈ পলমকৈ বুজোঁ৷ ঘঁহি থাকিব লাগে, ঘঁহি থাকিব লাগে৷ কোন কেতিয়াবাৰে পৰাই তাই বেচেৰীয়ে পে'পাৰে-টিভিয়ে, প’ষ্টাৰে-হৰ্ডিঙে কৈয়ে আছে, কৈয়ে আছে... ‘ল’ৰাবোৰেহেনো কিয় সকলো আনন্দ ল’ব লাগে?’ পিছে মোৰহে মগজুৰ দুৱাৰ খোল খালে খুব দেৰিকৈ৷ আন কাৰো এনেকুৱা নহওক, এতিয়া তাকেই কামনা কৰিছোঁ৷

পাতনি এৰি মূল কথালৈ আহোঁ৷

প্ৰিয়াংকাৰ নামটো প্ৰথমেই লৈছোঁ যদিও কাহিনীৰ মূল নায়িকা পিছে আমাৰ এওঁহে দেই৷ আমাৰ এওঁৰ সদায়েই কমপ্লেইন৷ কমপ্লেইন বক্স নামেই পাই থৈছে কেতিয়াবাতে৷ সি যি কি নহওক, এওঁৰ দীৰ্ঘদিনীয়া কমপ্লেইন এটা আছিল যে এওঁক হেনো হেঁচা মাৰি ৰখা হৈছে৷ সেইটো মিছা কথা, তুমি মনতে সজাই লোৱা মিছকনচেপ্ট বুলি যিমান চিঞৰি ক’লেও মুঠেও মানি নলয়৷ তেওঁৰ হেনো জীৱনত ঢেৰ কিবাকিবি কৰাৰ ইচ্ছা, মানে হেঁপাহ আছিল৷ পিছে একোৱেই নহ’ল৷ বিয়া হৈয়ে হেনো চব শেষ৷ কাৰণটো হ’ল, তেওঁক হেনো মই হেঁচা মাৰি ৰাখিছোঁ৷ ...এনে ধৰণৰ ভিত্তিহীন বাক্যবোৰ অনৰ্গল কৈ যাব পাৰে৷ বকি-জঁকি তেওঁৰ আমনি নালাগে যদিও শুনি শুনি কিন্তু কিবাখন লাগে৷ উপায় নাই৷

শেহতীয়াভাৱে আমাৰ এওঁৰ হেঁপাহ জাগিল স্কুটী এখন চলোৱাৰ৷ ঠিক আছে বাৰু, কোনো কথা নাই৷ হ’ব৷ পুৰণি হ’লেও ভাগ্য যে ঘৰত আছেই এখন৷ গতিকে চলালেই হ’ল৷ পিছে গুৰুত্বপূৰ্ণ কথা অন্য এটাহে৷ সেইটো হ’ল, ছোৱালী অৱস্থাত কাহানিও কিন্তু চাইকেলখনো চলাই পোৱা নাই আমাৰ এওঁ৷ চলোৱাটো বাদেই দিয়ক, ঠেলিও পোৱা নাই আনকি৷ গতিকে পোনেই স্কুটীৰ হেণ্ডেল ধৰিবলৈ দিলে বিপদখন কাৰ হ’ব, কওকচোন? ঈশ্বৰে নকৰক, নিজৰ মানুহজনীক জানি-শুনি তেনেকুৱা হ’বলৈ দিওঁনো কেনেকৈ? কথাষাৰ ক’বলৈহে পালোঁ, হৰি হৰি! বকবকাই উঠিলেই৷ আৰু সেই আগৰ বাক্যটোৰেই আৰম্ভ কৰি দিলে... তেওঁক হেনো হেঁচা মাৰি ৰখা হৈছে ...অমুক, তমুক, বাৰটা কথা৷ ইফালে প্ৰতিবাদ কৰিও একো লাভ নাই৷ একত দুইকৈ বাঢ়িবহে৷ গতিকে মৌন অৱলম্বনেই শ্ৰেয়ঃ বুলি নিজেই মুখ বন্ধ কৰি থ’লোঁ৷ সময়ে যি কৰে কৰি থাকিব বুলি অদৃষ্টৰ ওপৰতে সকলো এৰি দিয়া হ’ল৷

চাইকেলৰ প্ৰসংগত এওঁ সিদিনা পোনেই জঁকি উঠিছিল ঠিকেই৷ পিছে এদিন দেখিলোঁ, পুত্ৰৰ এভন চাইকেলখনত ধৰিছেগৈ৷ মানুহ চাই সেইখন চাপৰ হৈছে৷ হওক তেও, চলাইছেযে! শিককচোন বাৰু৷ ক’লোঁ... ‘ভাল কথা, শিকি লোৱা৷ বেলেন্সটো প্ৰথমে আনি লোৱা৷’ দুচকীয়া বাহন চালনাৰ বাবে বেলেন্সটোযে প্ৰাথমিকভাৱে অপৰিহাৰ্য বস্তু সেয়া নৎসাৎ কৰিব পৰা মানুহ পৃথিৱীত নাই৷ দেৰিকৈ হ’লেও সত্যটো সাৰোগত কৰাত কথা নবঢ়াই ধৰি ধৰি সহায় কৰি গ'লোঁ৷ ৰাস্তাত শিকিবলৈ লাজ৷ সেয়ে বাৰীৰ পিছফালখনতে গোপনে অনুশীলন চলিল৷ কেনেবাকৈ পৰি-ধৰি কিবা হয় বুলি তেওঁৰ কাষে কাষে অহৰহ গাৰ্ড দি থাকিলোঁ ল’ৰা, ছোৱালী, মই ...চাইকেল চলাব জনা এই তিনিটাই৷ একেৰাহে কেইদিনমান চলাই থাকিলত এদিন ঘপকৈ বেলেন্স আহি গ’ল৷ তেতিয়ালৈ মুখৰ কোণত হাঁহি বিৰিঙিছে৷ পিছলৈ বন্ধবাৰ আৰু গাড়ী-মটৰ নথকাৰ সুযোগত পকা ৰাস্তাতো লাহে লাহে পাক মাৰিব ধৰিলে৷ কনফিডেন্স লেভেল বাঢ়ি আহিল ক্রমান্বয়ে৷

চাইকেলখন ভালকৈ শিকিলে কি নিশিকিলে, ভনীয়েকক ফৰমাইচ দি যোৰহাটৰ পৰা অনোৱা ৰঙা চেভেন ষ্টাৰ লেডিজ হেলমেট এটা সোনকালেই ঘৰ সোমালহি৷ কিন্তু তাৰ পিছতে কি হ’লজানো, কেইদিনমান একদম চুপ৷ ভাবিলোঁ, কঁকালত ধৰিলে চাগৈ৷ নহ’লে তপিনা বিষাল৷ পিছে নহয়, সোনকালেই এদিন উৎসাহৰ আগজাননী দিলে... হ’ণ্ডা এক্টিভাখন চলাব৷ শিকাই দিব লাগে৷ আমিহে বোলে তেওঁৰ হেঁপাহবোৰ হেঁচা মাৰি থৈছোঁ, শিকাই দিয়া নাই ইমানদিনে৷ নহ'লে কেতিয়াবাতে চলালেহেঁতেন৷ পুৰণি ডায়লগৰ ফুলজাৰি আকৌ এইফালে মাৰি পঠিয়ালে৷

ময়ো ট্ৰেইনিং আৰম্ভ কৰিয়ে দিওঁ বুলি সিদিনাই আবেলি পৰত ওচৰৰে পুলিচ ৰিজাৰ্ভ ফিল্ডলৈ লৈ গ’লোঁ৷ তাত ল’ৰাবোৰে ফুটবল খেলি আছিল৷ দুপাকমান মাৰি সুবিধাজনক যেন নলগাত হাইস্কুল ফিল্ডলৈ পোনালোঁ৷ মুঠতে আজি শিকামেই৷ পিছফালে বহুৱাই কিটিপ-কাটাপবোৰ বুজাই-বঢ়াই দিলোঁ৷ তাৰ পিছত লাহেকৈ ছিট সলালোঁ৷ ৰাতিপুৱা ৰাতিপুৱা ল'ৰাক ইনড'ৰ ষ্টেডিয়ামত বেডমিণ্টনত সুমুৱাই দিয়াৰ পিছত সন্মুখৰ মুক্তাংগনতো প্ৰশিক্ষণ চলিল৷ বেলেন্সটো ঠিক থকাযেন দেখি ঘাঁহনিত অকলেই এৰি দি চালোঁ৷ প্ৰথমতে কঁপনি৷ লাহে লাহে নিজে নিয়ন্ত্ৰণ কৰিব পৰা হ’লগৈ যেনিবা৷ পৰৱৰ্তী পৰ্যায়ত ৰাজপথত ট্ৰেইনিং চলিল৷ ৰাস্তাৰ নিয়ম-কাৰণ, চিগনেলকে ধৰি ইটো-সিটো আৱশ্যকীয় জ্ঞানৰ যোগান ধৰা হ’ল৷ মটৰ ড্ৰাইভিঙৰ হাতপুথি এখনো হাতত তুলি দিলোঁ৷ ভালেকেইমাহ ধৰি নিজে পিছত বহি থাকি দেখুৱাই যাব লগা হ’ল৷ এনেয়ে ঠিকেই আছে, কিন্তু ভিৰৰ মাজত চলোৱাত সাহসৰ অভাৱ থাকিলেই৷ হ'লেও ড্ৰাইভিং লাইচেন্সখন কিন্তু ৰেডী হৈ গ’ল৷ পৰিচিত মানুহৰ জৰিয়তে নিজেই উদ্যোগ লৈ সেইকণ কাম আগতেই সমাধা কৰি পেলালে!

তাৰ পিছত আকৌ দীৰ্ঘবিৰতি৷ ভাবিলোঁ, হেঁপাহ পলাল নিশ্চয়৷ আকৌ ভাবিলোঁ যে নহয়, পে'ট্ৰলৰ ঊৰ্ধ্বমুখী মূল্য শুনি হয়তো চকু কপালত উঠিল৷ ইমান দাম, নোৱাৰি দেই৷ পিছে সেয়াও নহয়চোন৷ আকৌ উক দিলে৷ এইবাৰ একোব চ’ৰাহে৷ নিজৰ স্কুটী কিনি নিজে চলাব বোলে৷ মোৰ এক্টিভাখন পুৰণি হৈছে৷ মই চিন্তা কৰিলোঁ, এখন থাকোঁতে আৰু এখন!  নালাগে কিনিব বুলিও ক’ব নোৱাৰিলোঁ, জানোচা হেঁচা মাৰি থৈছোঁ বুলি কমপ্লেইনৰ কেছেটটো বজাবলৈ আৰম্ভ কৰি দিয়ে পুনৰবাৰ! ইফালে সিদিনা নিজৰ পাছবুকখনত চকু ফুৰাই থকাটোও দেখা পাইছিলোঁ!

কোনখন কিনো? হিৰ’, হ’ণ্ডা, মহিন্দ্ৰা, য়ামাহা, টি.ভি.এছ., ভেচপা, চুজুকি... কি লওঁ, কি কিনাটো ঠিক হ’ব বাৰু? এইখনৰ অমুকহে, সেইখনৰ তমুকহে... ইখন-সিখন কৰি কেইবাখনো মন কৰা হ’ল৷ বিভিন্নজনক বিভিন্ন প্ৰশ্ন কৰা হ'ল৷ কেইবাদিনলৈ ৰাতি ভাত খোৱাৰ পিছত শোৱাৰ আগলৈকে ইণ্টাৰনেটত স্কুটীৰ অনুসন্ধান আৰু অধ্যয়ন কৰাটো তেওঁৰ এটা নিয়মেই হৈ পৰিল৷ স্পেচিফিকেচনৰ পৰা আদি কৰি দাম-দৰৰো খবৰবোৰ সংগৃহীত হ’ল৷ আৰু শেষত? প্ৰিয়াংকাৰে জয় হ’ল!

মোক লগত লৈ গৈ ৰঙা, নতুন প্লিজাৰ এখন কিনি পেলালে৷ এলয় হুইল, টিউবলেচ টায়াৰ, এলিগেণ্ট লুক৷ কাগজ-পত্ৰও সকলো নিজৰ নামতে৷ চাবিটো হাতত পৰাত মুহূৰ্তও ৰৈ নাথাকিল মানুহজনী৷ পিছে ন-তে ন-অঁৰা বুলি কথা এষাৰ আছে নহয়৷ গতিকে গতি ধীৰেই চলিল৷ মোৰ স্থানো পিলিয়ন ছিটতে সীমাবদ্ধ হৈ ৰ'ল৷ যাহওক, এদিন এটা কথা ধৰা পেলালোঁ যে মই পিছত থাকিলেহে সাহসটো ঠিকেই থাকে, চকা আগুৱাই গৈ থাকে৷ নহ’লে কিন্তু ভয় ভয় ভাব এটাই তেওঁৰ ভিতৰত ক্রিয়া কৰে৷ এনেকৈ হ’লেতো নহ’ব৷ তেনেকুৱাতে এদিন জনৈক বন্ধুৰ মুখত শুনিলোঁ যে তেওঁৰ পৰিবাৰৰ ক্ষেত্ৰতো একেটাই সমস্যা হৈছিল হেনো৷ অৰ্থাৎ সাহসৰ অভাৱ৷ সেই অভাৱ পূৰণ নোহোৱাত অলপ দিন ৰাখি স্কুটীখন বিক্রী কৰিয়ে দিব লগা হ’ল৷ আমাৰ এওঁৰ ক্ষেত্ৰত তেনে নঘটক৷ নহ'লে আকৌ ক'ৰ কথা ক'লৈ যাব ঠিকনা নাই! বন্ধুৰ অভিজ্ঞতাক নিজৰ উদ্দেশ্য সিদ্ধিত লগাবলৈ মনস্থ কৰি বুদ্ধি এটা মনতে পাঙি সুযোগ অহাৰ অপেক্ষাত ৰৈ থাকিলোঁ৷

অন্য দিনৰ দৰেই এদিন ৰাতিপুৱা৷ স্কুললৈ যাবলৈ ওলাই মোক পিছত বহিবলৈ খাটনি ধৰি আছে৷ আৰু তেতিয়াই অলপ উচ্চ স্বৰতে আৰম্ভ কৰি দিলোঁ... ‘মই কি সদায় সদায় তোমাৰ পিছফালে বহি গৈ থাকিম নেকিহে? যোৱা ভাই, নিজৰ স্কুটী, নিজে নিজে গৈ থাকা৷ কিনিছা যেতিয়া চলোৱা আকৌ৷ তোমাৰ নিচিনা কত মহিলাই ৰাস্তাত ধুমধাম চলাই আছে, দেখা নাই? সৌজনীলৈ চোৱা৷ ভুৰুংকৈ গ’ল৷ আৰু সৌৱা সৌজনী চুলি উৰুৱাই আহি আছে, চোৱা চোৱা৷ সৰু সৰু ছোৱালী এইবোৰ৷ নেদেখিছা, সিহঁতৰ কি দৌৰ! যোৱা, তুমিও পাৰিবা৷’ এইবুলি এনেকুৱা এটা সঁচাসঁচি ‘হেঁচা’ দি দিলোঁ যে তেওঁ প্ৰায়ে মই দি থকা বুলি কৈ অহা সেই ‘হেঁচা’টো ক’ৰবাত উৰি গ’ল৷ ফলত নিজেই ষ্টাৰ্ট দি এক্সেলাৰেটৰ পকাই আগ বাঢ়ি গৈ থাকিব লগা হ'ল৷ আৰু এসময়ত অদূৰৰ কেঁকুৰীত অদৃশ্য হৈ পৰিল৷ কেইমিনিটমানৰ পিছত ফোনটো বাজি উঠিল... ‘মই ঠিকে-ঠাকে আহি স্কুল পালোঁহি দেই, চিন্তা কৰিব নালাগে, পাৰিলোঁ৷’ ‘অ’.কে., গুড’ বুলি ফোন থৈ দিলোঁ৷ পিছবেলা ঘূৰি আহি ঘৰ সোমালত চিধাচিধি প্ৰশ্ন... ‘আহিলা? কেনে মজা?’ এওঁ হাঁহিলে৷ সন্তুষ্টিৰ সেই হাঁহিটোতে সকলো বুজি পাই গ’লোঁ৷ আন কথাৰ অৱতাৰণা নকৰি ময়ো ডায়লগ এটা এৰি দিলোঁ... Why should husbands have all the fun? এওঁৰ হাঁহিটো দীঘলীয়া হৈ পৰিল!

এতিয়া চাগৈ আমাৰ এওঁৰ ভাবনাত, তেওঁৰ ওপৰত মোৰ পৰা কোনো ধৰণৰ হেঁচা মানে প্ৰেছাৰ আৰু নাই৷ হেঁপাহ পূৰ্ণ হৈ তাৰ ঠাই লৈছে সন্তুষ্টি বা আনন্দই৷ আজিকালি নিজেই চলাই যায়, আহে, জীৱনৰ মজা লয়৷ এওঁৰ হেঁপাহটো পূৰণ হোৱাত লাভ অৱশ্যে মোৰো হৈছে৷ আওপকীয়াভাৱে মোলৈকো আহিছে বিগ প্লিজাৰ৷ আগৰদৰে এতিয়া আৰু ক’লৈকো তেনেকৈ যাব লগা নহয়েই৷ নতুন স্কুটীখন পাই তেৱেঁই উৎসাহেৰে ইফাল-সিফাল কৰি দৌৰি-ঢাপৰি থাকে, সকলোবোৰ যেন একো একোটা প্লিজাৰ-ট্ৰিপ, তেনে ভাব-ভংগীমাৰে৷ কোনো কমপ্লেইন নাই৷ গতিকে ঈশ্বৰৰ কৃপাত মই ঘৰতে আৰামছে কটাব পৰা হ'লোঁ৷ ৰ'দত ওলাই যাবও নালাগে, বৰষুণত তিতিবও নালাগে৷ মুঠতে ভীষণ প্লিজাৰ মোৰ৷ জীৱনত ইয়াতকৈ আৰু কি সুখ লাগিছে? এই মহা-প্লিজাৰৰ বাবে প্ৰিয়াংকাক কেতিয়াবা মুখৰ আগত পালেযে কি বুলি ধন্যবাদ, কি বুলি কৃতজ্ঞতা জনাম ভাবিকে নাপাওঁ৷ তাইতো আগৰে পৰাই কৈয়ে আছিল৷ মইহে কথাষাৰৰ গভীৰতা উপলব্ধি কৰাত পলম কৰিলোঁ৷

Friday, 29 August 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি মই উপস্থাপন কৰিব বিচাৰিছোঁ শ্ৰী ছাৰএৎ হাঞ্চেৰ এটি কবিতা৷ ছাৰএৎদাৰ বিষয়ে ইমানেই কওঁ যে নিটোল আৰু সুন্দৰ সৃষ্টিৰে ‘কাৰবি কবিতাক তেওঁ এক সন্মানীয় আৰু বিশিষ্ট আসনত অৱস্থান কৰাইছে’ বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে৷ এই কবিতাটোও তেওঁ পোনতে নিজৰ মাতৃভাষাতেই ৰচনা কৰিছিল৷ পিছত তেওঁৰে ভায়েক শ্ৰী হাং মিজি হাঞ্চেই ভাষান্তৰ কৰিছে অসমীয়ালৈ৷ মোৰ বাবে আনন্দৰ কথা এয়ে যে মূল গ্ৰন্থ (Nepai kapangreng apahk aso)খন ছপা কৰাৰ সৌভাগ্য মোৰ হৈছিল ২০০৫চনত৷ ভাষান্তৰিত কবিতাটো ‘অকব’ৰ পাঠকসকলৰ সন্মুখত তুলি দিলোঁ৷




মোৰ আইৰ গাহৰি পোৱালিটো

দুক দুক
চু দুক
দুক আল’ দুক

তুঁহ গুড়িৰ দোণটো
জুগলিৰ কাণভঙা কলহটো
গো ধূলিৰে মিহলাই
প্ৰতি গোধূলি
মোৰ আয়ে
এটি নিচুকনি গীত গায়

মোকো নুশুনোৱা নিচুকনি গীত
দুক দুক

মাতৃস্নেহ মিহলাই
বাৎ সলাৰ খহটা নোমেৰে ঢকা তাৰ পিঠিত
হাত ফুৰাই ফুৰাই নিচুকাই বেগতে ডাঙৰ হ
দুখৰ পো, অহা শুক্লপক্ষত ছাৰএৎৰ দেউতাকে
তোক আগ কৰিব স্বৰ্গাধিপতিলৈ৷

মোৰ আইৰ আসন্ধ্যা এটাই সপোন
শাওণৰ কজলা মেঘৰ সৈতে
ভঁৰাললৈ অহা আহুধান

ওপৰজনালৈ পূজা এভাগ দি উঠিলে
ভৰিব মোৰো পেৰা-চন্দুক, চৰাঘৰে বৰঘৰে
গহনা-গাঁঠৰিৰে ময়ো দিম খোজ
পৰমপিতা, উন্নতি হ’লে তোমাৰেই কৃপা
পিছৰ সপোন আঘোণমহীয়া
জীৱন, কাতিৰ লঘোণ, পুহৰ ঠেঁটুৱৈ কান্ধসমনীয়া

গধূলি গধূলি প্ৰতি গধূলি বেলি ওলোৱাৰ আগলৈকে
শেষ কৰিব নোৱাৰিলেও আয়ে মোৰ আৰম্ভণি কৰে
সেই একেই আৱাহন
তুঁহৰ দোণত তুঁহ, তুঁহ গুড়িৰ মাজত হেৰাই
হেঁপাহৰ কাঁচিজোন

আইৰ মাতেৰে হেঁপাহেৰে জিলিকে এক নতুন বেলি
গধূলিতে গধূলিতে প্ৰতি গধূলিতে
মোৰ আয়ে নিচুকনি গীত এটি গায়
দুক দুক দুক

(টোকা : দুক দুক দুক গাহৰি চপাওঁতে গাহৰিক উদ্দেশ্যি মতা শব্দৰাজি)


কবিতা পুথি : মোৰ আইৰ গাহৰি পোৱালিটো৷ মূল কাৰবি : ছাৰএৎ হাঞ্চে৷ ভাষান্তৰ : হাং মিজি হাঞ্চে৷ প্ৰকাশক : অসম প্ৰকাশন পৰিষদ,গুৱাহাটী-১৷ প্ৰথম প্ৰকাশ : অক্টোবৰ ২০১২৷ মূল্য : ৬০.০০টকা৷ পৃষ্ঠা : ১১-১২৷

Thursday, 28 August 2014

আকৌ আহি গ’ল ফুটবল...









ফুটবল ৱৰ্ল্ডকাপ নে ইংলিছ প্ৰিমিয়াৰ লীগ? 
নাই বিশ্বকাপ নহয়, প্ৰিমিয়াৰ লীগৰহে এখন, মাত্ৰ এখন হ’লেও খেল জনাকীৰ্ণ ষ্টেডিয়ামত উপস্থিত থাকি স্বচক্ষে উপভোগ কৰিব বিচাৰে৷ এনেকুৱা স্বপ্নাতুৰ ফুটবলবিলাসী মানুহ লগ পোৱাৰ সৌভাগ্য হ’ল বিগত ব্ৰাজিল বিশ্বকাপৰ সময়তে৷ বিশ্বকাপ জ্বৰত তেতিয়া চূড়ান্তভাৱে আক্রান্ত সমগ্ৰ বিশ্ব৷ কিন্তু তেনেকুৱা পৰিৱেশতো ইংলিছ প্ৰফেছনেল লীগলৈ আশা কৰি ৰৈ থকা ফুটবলপ্ৰেমীও মুখৰ আগতেই, সোঁশৰীৰে পালোঁ৷ আনকি পূৰ্বৰ কেইবাখনো ভাল ভাল খেলা ৰেকৰ্ডিং কৰি আৰু মন গ’লেই সেইবোৰ কম্পিউটাৰ বা টিভিৰ পৰ্দাত চাই এনে ক্রীড়ামোদীয়ে তৃষ্ণা নিবাৰণ কৰে বুলিও জানিবলৈ পালোঁ৷ আৰু আশা কৰামতেই এতিয়া, ১৭আগষ্টৰ পৰাই চিজন আৰম্ভ হৈ ইংলেণ্ডত চলি আছে বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগ৷

ইংলেণ্ড আৰু ৱেলছৰ ২০টা আগশাৰীৰ নিৰ্বাচিত ফুটবল ক্লাবৰ মাজত খিতাপ জয়ৰ বাবে এই প্ৰতিযোগিতা৷ নাম ইংলিছ প্ৰিমিয়াৰ লীগ৷ ১৬আগষ্টৰ পৰা ২৪মে’ পৰ্যন্ত অনুষ্ঠিতব্য খেলসমূহৰ সূচী ইতিমধ্যেই প্ৰকাশ কৰা হৈছিল যোৱা ১৮জুনতে৷ ডাবল ৰাউণ্ড ৰবীন পদ্ধতিত প্ৰত্যেক দলৰে ৩৮খনকৈ খেল৷ গোটেই টুৰ্ণামেণ্টখনৰ মুঠ খেলৰ সংখ্যা ৩৮০৷ প্ৰতিটো দলে প্ৰতিপক্ষ দলটোৰ সৈতে দুবাৰকৈ খেলিব৷ তাৰে এবাৰ নিজৰ খেলপথাৰত৷ আনবাৰ প্ৰতিপক্ষৰ খেলপথাৰত৷ ক্লাবসমূহৰ নিজস্ব আৰু বাহিৰাকে ধৰি মুঠতে ৫০খন ষ্টেডিয়াম৷ এই খেলপথাৰবোৰৰ সেউজ ঘাঁহনিলৈ শনিবাৰ আৰু দেওবাৰৰ বিয়লি-বেলা নামি আহে আনন্দ আৰু উত্তেজনা৷ সেই আনন্দ আৰু উত্তেজনাত সমৰ্থক দৰ্শকসকল হৈ পৰে জীৱন্ত, হৈ পৰে উত্তালবিভোৰ৷ তাৰ লগতে বিশ্বৰ ভিতৰতে সৰ্বাধিকসংখ্যক ফুটবলপ্ৰেমীয়ে পৃথিৱীৰ ২১২খন দেশৰ বিভিন্ন কোণত টেলিভিছনৰ পৰ্দাত ই.পি.এল.ৰ খেলবোৰ প্ৰত্যক্ষ কৰে৷ কাৰণ এয়াযে গুৰুত্বপূৰ্ণ ইংলিছ প্ৰিমিয়াৰ লীগ৷

ইংলেণ্ডত অনুষ্ঠিত এই পেছাদাৰী ফুটবলৰ বুৰঞ্জী অত্যন্ত দীঘলীয়া আৰু স্বাভাৱিকতেই গৌৰৱময়৷ বিশ্ব ফুটবলৰ স্বৰ্ণময় ইতিহাসত সবাতোকৈ পুৰণি এই প্ৰতিযোগিতা৷ ১৮৮৮চনত প্ৰথম ডিভিজনৰ এই ফুটবল লীগৰ সূচনা হৈছিল৷ তেতিয়া জনা গৈছিল ফুটবল লীগ নামেৰে৷ ১৯৯২চনৰ পৰা ইংলিছ এছোচিয়েচন ফুটবল লীগ নাম পালে৷ ২০০৭চনৰ পৰা প্ৰিমিয়াৰ লীগ হিচাপে নামকৰণ কৰা হ’ল৷ ১৯৯২চনত অংশ গ্ৰহণ কৰা টীমৰ সংখ্যা ২২টা আছিল৷ কিন্তু ১৯৯৫চনৰ পৰা এই সংখ্যা ২০ত সীমাবদ্ধ ৰখা হয়৷ ২০০৪চনৰ পৰা টুৰ্ণামেণ্টখনৰ পৃষ্ঠপোষকতা কৰি আহিছে পাব্লিক লিমিটেড কোম্পানী বাৰ্কলে'জ বেংকে৷ ১৬৯০চনত প্ৰতিষ্ঠিত এই ব্ৰিটিছ মাল্টিনেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় লণ্ডনত৷ বিশ্বৰ ৫০খনতকৈও অধিক দেশত ইয়াৰ ব্যৱসায়৷ গতিকে বাৰ্কলে’জ প্ৰিমিয়াৰ লীগ হিচাপে প্ৰতিযোগিতাখনো নামাংকিত হৈ আহিছে ২০০৭চনৰ পৰা বৰ্তমানলৈ৷ নাইকীয়ে ২০০০চনৰ পৰাই ই.পি.এল.ত ব্যৱহৃত বিভিন্ন নামৰ বলসমূহৰ যোগান ধৰি আহিছে৷ বহুসংখ্যক সহযোগী সংস্থা আৰু যোগানদাতাৰো এই টুৰ্ণামেণ্টলৈ সহায়-সমৰ্থন আছে যিবোৰে সামগ্ৰিকভাৱে ফুটবলৰ উন্নয়নত যুগান্তকাৰী ভূমিকা লৈছে৷

ইংলিছ প্ৰিমিয়াৰ লীগৰ এইবাৰ ২৩সংখ্যক সংস্কৰণ৷ ২০১৪-১৫ৰ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ যোগ্যতা আহৰণ কৰা ক্লাবসমূহ হৈছে… আৰ্চেনেল, এষ্টন ভিলা, বাৰ্ণলে, চেলছী, ক্রিষ্টেল পেলেছ, এভাৰটন, হাল চিটী, লিচেষ্টাৰ চিটী, লিভাৰপুল, মানচেষ্টাৰ ইউনাইটেড, মানচেষ্টাৰ চিটী, নিউকেছল ইউনাইটেড, কুইনছ পাৰ্ক ৰেঞ্জাৰ্ছ, ছাউথাম্পটন, ষ্ট’ক চিটী, ছান্দাৰলেণ্ড, চোৱানছা চিটী, টটেনহাম হটস্পাৰ, ৱেষ্ট ব্ৰোমউইছ আলবিয়ন আৰু ৱেষ্ট হাম ইউনাইটেড৷  মানচেষ্টাৰ চিটী, লিভাৰপুল, চেলছী, আৰ্চেনাল, মানচেষ্টাৰ ইউনাইটেড আদি ই.পি.এল.ৰ একোটা দমনীয় ফুটবল ক্লাব৷ দেশী-বিদেশী তাৰকাখচিত ফুটবলাৰৰ সমাৱেশে এই দলবোৰক অধিক শক্তিশালী কৰাৰ লগতে ফুটবলকো আকৰ্ষণীয় আৰু ছন্দময় কৰি তুলিছে৷

বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগৰ যোৱাটো চিজনৰ চেম্পিয়ন আছিল মানচেষ্টাৰ চিটী এফ.চি.৷ ‘দ্যা চিটিজেন’, ‘দ্যা স্কাই ব্লুজ’ আদি উপনামেৰে পৰিচিত এই ক্লাবটো এইবাৰ ভিনচেণ্ট কোম্পেনী, পাবলো জাবালাটা, ফাৰ্নেণ্ডো, ছামিৰ নাছৰি, ফ্ৰেংক লেমপাৰ্ড, য়ায়া টৌৰি, ফাৰ্নানদিনহো, চাৰ্গেই অগুৱেৰো আদি খেলুৱৈৰে পুষ্ট৷ আনহাতে যোৱাবাৰৰ ৰাণাৰ্ছ-আপ, ‘দ্যা ৰে’ডছ’ বুলি জনাজাত লিভাৰপুল এফ.চি. আছিল, যাক এইবাৰ প্ৰতিনিধিত্ব কৰিছে ষ্টিভান জেৰাৰ্ড, মাৰিঅ’ বালেট’লি, ডেনিয়েল ষ্টাৰিজ আদিয়ে৷ ‘দ্যা গানাৰ্ছ’ বুলি অভিহিত আৰ্চেনেল এফ.চি.ত আছে মেচুট অঝিল, লুকাচ পডলস্কি, এলেস্কিচ চানচে’জ, ডেমিয়েন মাৰ্টিনেজ আদি৷ ‘দ্যা ব্লুজ’, ‘দ্যা পেনচনাৰ্চ’ আদি বিশেষণেৰে পৰিচয়প্ৰাপ্ত চেলছী ক্লাবত আছে ফিলিপ লুইজ, ফেব্ৰিগাচ, ৰামিৰেজ, অস্কাৰ, ফাণ্ডাণ্ডো টৰেচ, ডিডিয়াৰ ড্ৰগবা, ডিয়াগো কষ্টা, ৱিলিয়ান আদি নামী-দামী খেলুৱৈ৷ ‘দ্যা ৰে’ড ডেভিলচ’ মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবক সমৃদ্ধ  কৰিছে ৱেইন ৰুনী, জুৱান মাতা, জেভিয়াৰ হাৰ্নাণ্ডেজ, ৰবীন ভান পাৰ্চি, এঞ্জেল ডি মাৰিয়া ইত্যাদি তাৰকা খেলুৱৈয়ে৷

ইংলিছ প্ৰিমিয়াৰ লীগৰ সৈতে জড়িত অৰ্থৰ পৰিমাণ পৃথিৱীৰ অন্য যি কোনো লীগ প্ৰতিযোগিতাতকৈ বৃহৎ৷ এনে অংকৰ ধনৰাশিয়ে ইংলেণ্ডৰ এই ফুটবল প্ৰতিযোগিতাক স্বাভাৱিকতে এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে৷ বহুতে ইয়াক ‘ফুটবল মানী লীগ’ বুলিও কৈ থৈছে৷ ১০কিল’গ্ৰাম ওজনৰ ৰূপৰ মূল ট্ৰফীৰ সৈতে আছে বিভিন্ন শিতানত বিভিন্ন পুৰস্কাৰ৷ সেয়েহে বিশ্বব্যাপী বৃদ্ধি পাইছে প্ৰতিযোগিতাখনৰ জনপ্ৰিয়তা আৰু আকৰ্ষণ৷ এনে জনপ্ৰিয়তাৰ অন্তৰালত টেলিভিছনৰো প্ৰভূত অৱদান আছে বুলি প্ৰতিপন্ন হৈছে৷

এই টেলিভিছনৰ জৰিয়তেই সময় বুজি ইখনৰ পিছত সিখনকৈ আমি ফুটবল-পাগলবোৰেও উপভোগ কৰি যাম বাৰ্কলে’জ ইংলিছ প্ৰিমিয়াৰ লীগৰ মেচসমূহ৷ বিশ্বকাপৰ পিছত ফুটবলৰ মহানতাত পুনৰবাৰ অৱগাহন কৰাৰ সুযোগ আহি গৈছে একেবাৰে অহা বছৰৰ ২৪মে’লৈকে৷ ফুটবলক ভালপোৱা মানুহৰ বাবে ইয়াতকৈ মজাৰ কথা এই মুহূৰ্তত আৰু কি হ’ব পাৰে?

Wednesday, 27 August 2014

‘শংকৰদেৱ’ স্মৰণ


‘শংকৰদেৱ’ বুলিলেই মহাপুৰুষ গুৰুজনাৰ বিষয়ে আমি কিতাপত পঢ়িবলৈ পোৱা কথাবোৰ থাওকতে মনলৈ আহে৷ ১৪৪৯-১৫৬৮, আলিপুখুৰী-বৰদোৱা, কুসুম্বৰ-সত্যসন্ধ্যা, খেৰসুতি-মহেন্দ্ৰ কন্দলী, কৰতল কমল কমলদল নয়ন, সূৰ্যৱতী-মনু, বৰগীত-ব্ৰজাৱলী, সত্ৰীয়া-ভটিমা, কালিন্দী, নামঘৰ-গুণমালা, ভাগৱত-কীৰ্তন ঘোষা, অংকীয়া নাট-ভাওনা, বৃন্দাবনী বস্ত্ৰ, মাধৱদেৱ-দামোদৰদেৱ-হৰিদেৱ, এক শৰণ হৰিনাম ধৰ্ম, ভেলাদংগা-কোচবিহাৰ ইত্যাদি ইত্যাদি৷

‘শংকৰদেৱ’ শব্দটো শুনিলেই, কিয় নাজানো, মোৰ অতীতৰ দুজন সহপাঠীলৈও বিশেষভাৱে মনত পৰে৷ সিহঁত হৈছে চন্দ্ৰ আৰু সত্যেন্দ্ৰ৷ হাইস্কুলীয়া ছাত্ৰাৱস্থাত বিদ্যালয় কৰ্তৃপক্ষই আমাৰ হাতত নিয়মীয়াভাৱে বছৰি তুলি দিয়া বিদ্যালয় আলোচনীখনৰ পৃষ্ঠাত আজিও জিলিকি ৰৈছে এই দুই বন্ধুৰ নাম৷ ‘সমীৰণ’ৰ পাত মেলিলেই এতিয়াও তেওঁলোকৰ ৰচনাই দৃষ্টি টানি নিয়ে৷

আমি আছিলোঁ পাঠ্যপুথিৰ বাদে বাহিৰা কথাৰ ক এটাও নিলিখা ছাতৰ৷ বিদ্যালয়লৈ নিতৌ যাওঁ, পঢ়োঁ-লিখোঁ, খেলোঁ-মেলোঁ, ঘৰলৈ ঘূৰি আহোঁ৷ বচ, সিমানেই৷ না সাহিত্য চৰ্চা কৰোঁ, না আন কিবা প্ৰতিভা৷ বিপৰীতে, চন্দ্ৰ-সত্যেন্দ্ৰৰ কথা সুকীয়া৷ বিদ্যালয় আলোচনীৰ নিয়মীয়া লেখক৷ ‘শংকৰদেৱ’ বিষয়ক ৰচনা প্ৰতিযোগিতাতো সৰ্বদা এই দুই ছাত্ৰৰে আগ্ৰাসন৷ কোনোবাটো যদি প্ৰথম, আনটো দ্বিতীয়৷ হ’বই হ’ব৷ সেয়া খাটাং৷ ‘অসমীয়া জনজীৱনলৈ শংকৰদেৱৰ অৱদান’ প্ৰবন্ধ, গুৰুজনাৰ জীৱনীকে ধৰি আন কিবাকিবিৰ ক্ষেত্ৰত তেওঁলোকৰ কাপেৰেই আমি তেতিয়া পঢ়িবলৈ সমল পাইছিলোঁ৷ কবিতা লিখাতো হাত আছিল তেওঁলোকৰ৷

পিছে, কালস্য কুটিলা গতি৷ কালৰ সোঁতে কাক কেতিয়া ক’ত কেনেকৈ থয়গৈ কোনেও নাজানে৷ ময়ো নাজানো৷ অগ্ৰণী এই দুই সহপাঠীৰ স্থিতি সম্পৰ্কে নাজানো গতিকে মাজে মাজে চিন্তা কৰোঁ৷ পিছে ক’তো কাৰো নামটোকো দেখা নাপাওঁ৷ এই কথাটোৱে বুকুত খুন্দিয়ায়৷ আঘাত দি যায়৷

‘শংকৰদেৱ’ বুলিলেই এই দুই সহজ-সৰল সহপাঠীৰ মুখ দুখন আজিও মোৰ মানস-পটত পৰিস্কাৰ ৰূপত উজলি উঠে৷ তাৰ লগে লগে এক ধৰণৰ বেজাৰ অনুভূত হয়৷ জীৱনৰ গতিপথত প্ৰত্যেকৰে বাবে অৱধাৰিত ৰুঢ় বাস্তৱতাক স্বীকাৰ কৰি লৈও মনটোৱে ক’ব খোজে, সম্ভাৱনাপূৰ্ণ দুটা কলমৰ স্তব্ধতাতে এই বেজাৰ বা বেদনাৰ কাৰণটোও অন্তৰ্নিহিত হৈ থকা বুলি৷ এনে ধৰণৰ বেদনা কেৱল মোৰেই হয় নে আন কাৰোবাৰো হয়জানো! নাজানো৷

চন্দ্ৰ তেৰাং আৰু সত্যেন্দ্ৰনাথ ভট্টাচাৰ্যলৈ কালি হঠাতে মনত পৰিল আৰু আকৌ এবাৰ বেদনাহত হ’লোঁ৷
এবাৰ এটা (পুলিচ)-চোৰ ধৰিছিলোঁ
(গল্প নহয়, সত্য)


‘বাৰীত সেইটো কোন অ’? চাচোন চা৷’
...অচিনাকি মানুহ এটাক হঠাতে পিছফালৰ বাৰীখনত দেখি মায়ে চিঞৰি উঠিল৷ মাৰ চিঞৰটো কাণত পৰা মাত্ৰকে কোবেৰে ময়ো পাকঘৰৰ খিৰিকীখনৰ ওচৰ পালোঁগৈ৷ জুমি চাওঁ যে হয়, কোনোবা এটাক তাত দেখা গৈছে৷ কোন হ’ব পাৰে বাৰু? চিনাকি যেন লগা নাইচোন! চোৰ? চোৰেই হ’ব৷

সময় তেতিয়া গধূলি হওঁ হওঁ৷ বাৰীখনত পোহৰ কমি আন্ধাৰ ক্রমাৎ নামি আহিছে৷ গতিকে ভালকৈ ধৰিব পৰা নাই৷

ৰহ, দিম আজি ইয়াক৷
বাটতে পাই কুকুৰা গঁড়ালৰ দুৱাৰ-দাংডালকে হাতত লৈ হাতত সাৰে ভৰিত সাৰে চোৰৰ পিছ ল’লোঁ৷ মাৰ পৰা কথাটো শুনি দেউতাও চোতাললৈ ওলাই আহিল৷ ঘৰৰ আৰু দুই-এক হাজিৰ হোৱাত সাহসটো স্বাভাৱিকতে বাঢ়ি গ’ল৷

ওচৰ চাপি যাওঁতে দেখিলোঁ, মানুহটো তিয়ঁহ ছিঙাত ব্যস্ত৷ যেন তাৰ ককাদেউতাকেহে ৰুই গৈছে, সেই ভাবত৷ পিন্ধনত হাফ গেঞ্জী আৰু গামোচা৷ কোনোবা যোৱা বুলি গম পাই বিপদৰ আশংকাত সি পলাবলৈ উদ্যত হ’ল৷ বাঁহনিৰ ফালে লক্ষ্য কৰি খোজ আগুৱালে৷ গৰাৰ ওপৰৰ বাৰীৰ চুকটোলৈ চকু৷ সেইফালেদিয়েই ওলাব৷ পিছে সাৰিব নোৱাৰিলে৷ দৌৰি গৈ আগভেটি ধৰিলোঁগৈ তাক৷ দেখোঁ যে দুয়োহাতে আমাৰ বাৰীৰ পূৰঠ তিয়ঁহবোৰ৷

মুখলৈ চাই মই হতবাক৷ অ’, এইটো দেখোন পুলিচ ৰিজাৰ্ভলৈ সোমোৱা সেই কেঁকুৰীটোত থকা নেপালী মানুহজনীৰ গিৰিয়েকটো হয়৷ চকুৰ চিনাকি মানুহ৷ ঘৈণীয়েক নেপালী, ই অসমীয়া৷ তালুকদাৰনে কি উপাধি! ল’ৰা-ছোৱালী এবাহ৷ আৰে, ইতো পুলিচতো চাকৰি কৰে! খাকী পোছাক পিন্ধি চাদা মোহাৰি মোহাৰি থানা অভিমুখে যোৱাও কেতিয়াবা দেখিছোঁ৷ খালে খালে, এই বিদ্যাটোতো তাৰ মানে পাৰ্গত ই!

‘কি লাগে ইয়াত? ওলা এতিয়াই৷’
...দুমাৰমান শোধাম বুলি ভাবি গৈছিলোঁ যদিও ৰৈ দিলোঁ৷ তাৰ পৰিৱৰ্তে ঠিকছে গালি এজাউৰি পাৰিলোঁ৷ মানুহটো নিমাতে ৰ’ল৷ উত্তৰনো কোনটো সতেৰে দিব? ধৰা পৰি এতিয়া লাজতে ক’লৈ যাওঁ গোপাল, ক’ত লুকাওঁ কৃপাল অৱস্থা হৈছে বেচেৰাৰ৷ সি তিয়ঁহকেইটা হাতৰ পৰা এৰি লাহেকৈ মাটিতে থ’লে৷ তাৰ পিছত গৰাটো বগাই ওপৰ উঠিল৷ ফেন্সিঙৰ ওপৰেৰে বাৰীখন পাৰ হ’ল৷ পকা ৰাস্তা পাই ধীৰে ধীৰে ঘৰ অভিমুখে গৈ থাকিল৷ খালী হাত দুখনলৈ মই চাই ৰ’লোঁ৷

এৰি থৈ যোৱা তিয়ঁহকেইটা নি মাক দিলোঁ৷ চোৰ নকৰি আগতে খোজাহি হ’লে নিশ্চয় দি দিলোঁহেঁতেন৷ কিন্তু তাৰ স্বভাৱেযে সেইটো নকয়৷

চোৰৰ পৰিচয় দিলত দেউতাই ক’লে... ‘পুলিচত চাকৰি কৰিলে কি হ’ল? ই এটা মস্ত চোৰ৷ তহঁতে নাজান৷ আজি মাৰৰ চকুত পৰাৰ বাবেহে তাৰ অভিযানটো সফল নহ’ল৷ আমি নেদেখাত কিমান কি নি আছে চাগৈ!’


উক্তদিনাৰ পৰা পিছে সেই (পুলিচ)-চোৰ আমাৰ বাৰীত আৰু সোমোৱাহি নাই৷ চিপাহীৰ ইউনিফৰ্মত ডিউটিলৈ গৈ থকাটো মাজে-মধ্যে দেখোঁ অৱশ্যে৷ মোক দেখিলে এতিয়াও নেদেখাৰ ভাও জুৰে৷

Monday, 25 August 2014

আমি এবাৰ সিন্ধি এটা খান্দিছিলোঁ
(গল্প নহয়, সত্য)

শইকীয়া খুড়া আমাৰ দেউতাৰ সহকৰ্মী৷ পি.ডব্লিউ.ডি.ৰ কোৱাৰ্টাৰত থাকে৷ আমাৰ পৰা তিনি মিনিটমানৰ বাট বুলিব পাৰি৷ আমৰ দিন আহিলেই শইকীয়া খুড়াৰ কোৱাৰ্টাৰটোলৈ আমাৰ সঘন আহ-যাহ চলে৷ এই আহ-যাহ পিছে সন্মুখৰ দুৱাৰেদি নহয় দেই৷ পিছফালেদিহে, চোৰাংভাৱে৷ এই আহ-যাহৰ কাৰণ শইকীয়া খুড়াৰ বাৰীত থকা আমজোপাত ওলমি থকা সুগোল আমকেইটা৷ কেঁচাতেই মিঠা সেই আমবোৰ৷ পকিলে চাগৈ কেনেকুৱাযে নহ’ব! পিছে পকিবলৈ থ’লেহে? গতিকে শইকীয়া খুড়াৰ বাৰীৰ পকা আমৰ সোৱাদনো কেনে আমি সমনীয়া এটায়ো সুধিলে ক’ব নোৱাৰিম৷ সেইটো নিৰ্ঘাত সঁচা৷

আমাৰ স্কুল দহ বজাতহে বহিছিল৷ আজিকালিৰ দৰে ইমান আগতীয়াকৈ নহয়৷ গৰমৰ বন্ধৰ আগৰ দিনকেইটাৰ কথা অৱশ্যে বেলেগ৷ আমি স্কুললৈ যাওঁ৷ প্ৰায় একে সময়তে শইকীয়া খুড়াও এখোজ-দুখোজকৈ ওলায় অফিচলৈ৷ মুখত থাকে জ্যোতিষ ভট্টাচাৰ্যৰ গানৰ কলি৷ মাতটোও মিলে৷

সেই সময়ত আজিকালিৰ দৰে ব্যক্তিগত বাহন প্ৰায় নাছিলেই৷ জাক পাতি খোজ কাঢ়ি ছাতি মূৰত লৈ চাকৰিয়ালসকল অফিচলৈ যায়, আমি যেনেকৈ স্কুললৈ যাওঁ, তেনেকৈ৷ যোৱাৰ সময়টো প্ৰায় মিলিলেও আমি স্কুলৰ পৰা আহি পাওঁ শইকীয়া খুড়া অফিচৰ পৰা আহি পোৱাতকৈ আগতে৷ স্কুল ছুটীৰ পিছত ঘৰ সোমাই বেগটো থৈয়ে ভাতকেইটামান খাওঁ৷ তাৰ পিছত ফুটবলটো লৈ ওলাই আহোঁ স্কুল ফিল্ডলৈ, সৰু-ডাঙৰ লগৰীয়াবোৰৰ সৈতে খেলিবলৈ৷ বেলিৰ অৱস্থান যিমান ওপৰতেই নহওক, আবেলি মুঠতে ওলামেই, খেলিমেই৷ খুড়া অহালৈ তেতিয়াও আমাৰ হাতত কমেও এঘণ্টা সময় থাকে৷ আৰু সেই এঘণ্টা শইকীয়া খুড়াৰ পিছফালে আমজোপাৰ ওপৰত উঠি কটাবলৈ ভাল লাগে৷

কোনোবা এটা বা দুটাক প্ৰথমে চোৰাংচোৱাৰ ডিউটিত ঘৰৰ আগফালে সতকাই সন্দেহ কৰিব নোৱাৰা পজিছনত থৈ লওঁ৷ তাৰ পিছত জংঘলেৰে বৃহৎ পাক এটা মাৰি পিছফাল পাওঁগৈ৷ খুঁটাৰ কাষেদি বাঁহৰ চকোৱা বগাওঁ৷ ওপৰৰ পৰাই জাঁপ মাৰি কম্পাউণ্ডৰ ভিতৰত প্ৰৱেশ কৰোঁ৷ ভূমি স্পৰ্শ কৰিয়েই গছজোপাৰ ওচৰলৈ দে দৌৰ৷ তুৰন্তে বগাই গৈ আমৰ সন্ধান৷ তাৰ পিছত সংগ্ৰহ, বিতৰণ, খাৱন ইত্যাদি৷ ধোৱা-পখলাৰ নিয়ম নাই৷ কটাৰো নিয়ম নাই৷ পাথৰেৰে মৰিয়াই বা পকাত থেকেচি টুকুৰা-টুকুৰ টুকুৰা-টুকুৰ কৰিয়ে ভাগ-বতোৱাৰা চলে৷

আমাক হতচকিত কৰি কেতিয়াবা হিচাপতকৈ সোনকালে শইকীয়া খুড়া অফিচৰ পৰা আহি পায়৷ গৃহস্থৰ উপস্থিতিৰ এই উমান হঠাতে পালেও ধৈৰ্য নেহেৰুৱাই চকোৱাৰ খুঁটাৰ ওপৰ পাওঁগৈ৷ তাৰ পিছতে হুৰুচকৈ সিপাৰলৈ জাঁপ৷ গৰাৰ ওপৰত খোপনিটো লগে লগে ৰাখোঁ৷ নহ’লে বিপদ কমখননে? গৈ একেবাৰে তল পাবগৈ লাগিব৷ শইকীয়া খুড়াই ‘ধৰ ধৰ, কোন সেইকেইটা, ঐ পাষণ্ডহঁত, দিম ৰহ তহঁতক’ আদি কিবাকিবি চিঞৰি এইপিনে আহিলেও আমাক আৰু পায় ক’ত? তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ’লে পিছৰছোৱাত প্ৰায়ে ৰাস্তা সলাওঁ৷ এনেকুৱা এটা বুজাবৰ চেষ্টা কৰোঁ যেন সেইকেইটা পি.ডব্লিউ.ডি.ৰ ল’ৰা নহয়েই, লৰুলাংচ’ৰ ফালৰপৰা অহা কোনোবা অজ্ঞাত আমচোৰহে! তাৰ পিছত কেইদিনমানলৈ নহাকৈও থাকোঁ৷ অভিযান তেতিয়া বেলেগ ফালে চলেগৈ৷ আমৰ সলনি লক্ষ্যবস্তু হৈ পৰে জামু নতুবা আন কিবাকিবি৷

এবাৰ চিন্তা কৰিলোঁ, এই চকোৱা বগাই জাঁপ দিয়া কাৰবাৰটো ঠিক হোৱা নাই৷ কেনেবাকৈ পেণ্ট-চেণ্ট ফালিব লাগিলে ঘৰত জান খাব৷ গতিকে বেলেগ ব্যৱস্থা উলিয়াব লাগিল৷ থিয় গৰাৰ তললৈ পিটনি৷ তাতে এটা নাদ৷ তাৰ সিপাৰে হাবিয়নিত আমি কৰ্ফুল খন্দা গোটা বাঁহৰ জোং এডাল আছিল৷ সেইডালৰ সহায়তে চকোৱাৰ তলেৰে সুবিধাজনক ঠাইত গৰা খহোৱাত লাগি গ’লোঁ৷ এটা সিন্ধি খন্দাৰ পণ৷ কেইবাটায়ো পাল পাতি কামত লগাত সোনকালেই ইপাৰ-সিপাৰ হ’ব পৰা হ’লগৈ৷ শইকীয়া খুড়াই আমাৰ এই গোপন পথৰ ভু-ভটঙেই নাপায়৷ আমি সেইবাটেই সোমাই এইপাৰ৷ আম লৈ আকৌ সেইবাটেৰেই সিপাৰ৷ বঢ়িয়া৷ টেনচন নাই৷ গৃহস্থৰ আগমন শুনিলে অনুপ্ৰৱেশকাৰীয়ে আগতীয়াকৈ পলাবলৈও সুগম হ’ল৷ যেন বাৰীত কোনো সোমোৱা নাই, একোৱেই ঘটা নাই যেন৷

পিছে কি দৈৱ-দুৰ্বিপাক! এদিন গছৰ ওপৰত থাকোঁতেই শইকীয়া খুড়াৰ হঠাৎ আবিৰ্ভাৱ ঘটিল৷ দৰজা খোলাৰ ঘটং-মটং শব্দ শুনিয়েই দিলোঁ তললৈ জাঁপ৷ ইফালে হাতত চেকনি এডাল লৈ পাকঘৰৰ আঁৰেৰে খুড়া মনে মনে ক্ৰমাৎ আগ বাঢ়ি এইফালে অহাযেন দেখা পালোঁ৷ নিগমে মৰিলোঁ আজি! হাতে-লোটে পাবহি এতিয়া৷ বাগি দি দৌৰাদৌৰিকৈ সিন্ধিৰ মুখ পালোঁগৈ৷ কোনোমতে সৰকি যেনিবা প্ৰাণটো বচালোঁ৷ চেহেৰা ধৰিব পাৰিলে নেকি বাৰু? গম নাপালোঁ৷ পৰিত্ৰাণ পায়ে চিধা ৰাস্তা এৰি অঁকাই-পকাই লামডিং ৰ’ডত ওলালোঁগৈ৷ তাৰ পিছত একেলেথাৰিয়ে দুদিনমানলৈ অন্তৰ্ধান৷ শংকিত ভাবে মনত ক্রিয়া কৰা সত্ত্বেও ঘৰত ভাল ল’ৰাৰ বেশ ধৰি আমতললৈ নহাকৈ থাকিলোঁ৷ দেউতাৰ সহকৰ্মীৰ ওচৰত ভাবমূৰ্তি বেয়া কৰিব নোৱাৰি৷ ঘৰত এই বিষয়ে অৱশ্যে একো কথা নোলাল৷ চোৰ-পুত্ৰৰ সম্পৰ্কত শইকীয়া খুড়াই দেউতাক কোনো ৰিপ’ৰ্ট দিয়া নাই তাৰ মানে৷ বাচিলোঁ দেউ!

চোৰৰ চুৰ স্বভাৱ৷ কল্পনাৰ আমকেইটাই সিফালে মোক খা মোক খা কৰিয়েই আছে৷ মনক দমাব নোৱাৰি কেইটামান দিনৰ বিৰতিৰ মূৰত সাংগোপাংগসহ জংঘল মহতিয়াই কোৱাৰ্টাৰৰ পিছফাল ওলালোঁগৈ৷ দেখোঁ যে সিন্ধিটো নাই! জাবৰ-জোঁথৰ, মাটি-শিল আদি পেলাই বন্ধ কৰি পেলালে৷


ল’ৰামতীয়া মনটোত তেতিয়া চাগৈ বেয়া লাগিছিল, খঙো উঠিছিল৷ এতিয়া এইবোৰ কথা ওলালে খুব হাঁহি উঠে আৰু বুজাব নোৱৰা ধৰণৰ এক সুখানুভূতিয়ে মনটোক আপোনা-আপুনি আৱৰি ধৰেহি৷ নিজৰ জীৱনৰ এনেকুৱা সত্য কথা-কাণ্ড কিছুমানে জীয়াই থকাত সবাতোকৈ বেছি আনন্দ দিয়ে৷
সিন্ধি, সিন্ধি-সৰকা চোৰ আৰু 
চুৰিবিদ্যাৰ ইটো-সিটো
(অলপ সত্য, অলপ সংযোগ)


‘যোৱাৰাতি হে’ডছাৰৰ ঘৰত চোৰ হ’ল৷ সিন্ধি খান্দি সোমাই চব নিলে৷’
এই লৈ পুৱাই পুৱাই ক’লনীত হুৱা-দুৱা৷ অৱধাৰিতভাৱেই খবৰটো আমাৰ ঘৰো সোমালহি৷ কাণত পৰা মাত্ৰকে আৰু ৰৈ থকাৰ অৱকাশ আছে নেকি? স্বভাৱজাত কৌতূহলেৰে কুকুৰ-লৰ মাৰিলোঁ হে’ডছাৰৰ তালৈ৷ হে’ডছাৰৰ ঘৰটো আমাৰ সমীপতে৷ পি.ডব্লিউ.ডি. মেকানিকেললৈ সোমাই যোৱা সৰু এঢলীয়া ৰাস্তাটোৰ সিপাৰে৷ আমাতকৈ অকণমান ওখ ঠাইত অৱস্থিত৷

গৈ দেখিছোঁ, পিৰালিত এটা দীঘলীয়া গাঁত৷ গাঁত বোলোঁ নে সুৰংগ? মুঠতে বাঁহৰ ডবল বেৰখনৰ একেবাৰে ইপাৰ-সিপাৰকৈ তলে তলে খন্দা এটা বাট৷ পাৰত তাৰে মাটিয়ে দ’ম বান্ধি আছে৷

‘কোনে খান্দিলে? কেনেকৈ খান্দিলে? একো তলকিবই নোৱাৰিলেনে ছাৰ-বৰমাহঁতে? ইমানেই মৰ-টোপনি!’
...নেদেখাক দেখাৰ পিছত নজনাক জনাৰ কৌতূহল জাগ্ৰত হোৱাটো তেনেই স্বাভাৱিক৷ তাকে সামৰিব নোৱাৰি চিধাচিধি প্ৰশ্নকে সুধি পেলালোঁ৷ 

‘বেৰৰ তলেৰে খন্দা এই সুৰুঙাটোকে সিন্ধি বুলি কয়৷ নিশা সেইফালেৰেই পাৰ হৈ মানুহৰ ঘৰৰ ভিতৰত চোৰ সোমায়৷’ ...জ্যেষ্ঠসকলৰ ভিতৰৰে এজনে গম্ভীৰ স্বৰত বুজোৱাত লাগিল৷

‘এইখিনিতে কোনেনো শৌচ কৰি থৈছে বাৰু! ছিঃ৷ থু থু৷ ... সেইফালেও আছে৷ চাবি চাবি৷ তাৰ পৰা এইফালে গুচি আহ ঐ৷ নহ’লে ফেনেকিবি এতিয়া৷’ ...মানুহৰ বিষ্ঠাবোৰ দেখি কোনোবাই চিঞৰি চিঞৰি সাৱধান-বাণী শুনাইছে৷ সদাপৰিচিত সেই গোন্ধটোৱে ইতিমধ্যে নাকত মিহি মিহিকৈ খুন্দিয়াই আছিলেই৷

‘চোৰেই পায়খানা কৰি থৈ গৈছে সেয়া৷ সেইটো কৰিব পাৰিলে সিহঁতৰ কাৰণে ভাল৷ কাৰণ তেতিয়া সেইফালেদি কোনো মানুহ নাহে৷ আৰু আহিলেও নাক-মুখ কোঁচাই দূৰেদিহে যায়৷ মৰিলেও এইফালে নাহে আৰু নাচায়ো৷ সেই সুবিধাতে চৰাই-চিৰিকটি বাহিৰলৈ ওলোৱাৰ আগতেই চোৰৰ দলে সিন্ধিয়েদি বস্তু-বাহানি উলিয়াই নিয়ে৷’

চোৰে হেনো শৰ্মা ছাৰৰ পৰিবাৰ মানে দ্ৰৌপদী বৰমাই গলত পিন্ধি থকা সোণৰ নেকলেচডালত হাত দিছিল৷ টোপনিতে গম পাই গ’ল বৰমাই৷ টনাটনিত এটুকুৰা ছিগি ডিঙিতে ৰৈ গ’ল৷ এটুকুৰা চোৰে থপিয়াই লৈ গ’ল৷ কথাখিনি এজনে আন এজনক কৈ থাকোঁতেই শুনা পালোঁ৷ আচৰিত কাণ্ড  দেখোন! ভয় ভয় লাগি গ’ল মনে মনে৷

খবৰটো পাই ঘটনাস্থলীত উপস্থিত হোৱা বিভিন্নজন লোকৰ মাজত আলোচনা-পৰ্যালোচনা চলিয়ে থাকিল৷ পুলিচত এজাহাৰ দিয়াৰ কথা ওলাল৷ চোৰৰ কাৰ্যকলাপবোৰৰ বিষয়ে ওলাল৷ আৰু আমি চেঙেলীয়াসৱেও ৰস পাই ধ্যানমগ্ন চিত্তে সেয়া শুনি গ’লোঁ৷ জানিবলৈ পালোঁ চুৰিবিদ্যা সম্পৰ্কে নজনা-নুশুনা বহুতো কথা৷ জীৱনলৈ সেয়া মনত থাকি গ’ল বেলেগ ধৰণৰ এটা অভিজ্ঞতাৰ ৰূপত৷

‘সিন্ধি দিয়াৰ সময়ত চোৰে গাৰ পৰা কানি-কাপোৰবোৰ খুলি থয়৷ এইটো লাইনত ভদ্ৰলোকৰ দৰে চোলা-পেণ্ট, জোতা-চেণ্ডেল আদি নচলে৷ আনকি উলংগ হ’বলৈ লাজ কৰিলেও উদ্দেশ্য সিদ্ধি নহয়৷ আটি আটি লেঙুটি বান্ধিবই লাগিব৷ শুদা ভৰিৰে থাকিবই লাগিব৷ তেনেকুৱা ৰূপতে চোৰে নিজৰ দেহত চপ্‌চপীয়াকৈ তেল সানি লয়৷ তেলেৰে গাটো পিছল কৰি ল’লে কোনোবাই গবা মাৰি ধৰিলেও মূৰ পোলাকা দি এৰাই আহিবলৈ সহজ হয়৷ আনহাতে, সিন্ধি খন্দা কামটো হোৱাৰ পিছত চোৰে প্ৰথমে কলগছৰ টুকুৰা এডোখৰ বাটটোৱেদি লাহেকৈ ভিতৰলৈ ঠেলি দিয়ে৷ এইটো এটা ডাঙৰ পৰীক্ষা৷ ইয়াৰ দ্বাৰা গৃহস্থ কেনেবাকৈ সাৰ পাই আছে নেকি, ভিতৰত বেৰৰ সিপাৰে কোনোবাই অস্ত্ৰ-শস্ত্ৰসহ চোপ লৈ আছে নেকি তাৰে উমান লয়৷ কেতিয়াবা চোৰে মূৰ সোমোৱা বুলি ভাবি গৃহস্থই চোৰে আগুৱাই দিয়া কলগছৰ টুকুৰাটোতে প্ৰচণ্ড মাৰ শোধায়৷ আত্মসুৰক্ষাৰ এই পৰীক্ষাৰ ফলতে একো এটা সৰকাই নিব নোৱাৰিলেও নিজৰ শৰীৰৰ অকণো ক্ষতি-খুন নোহোৱাকৈ চোৰ বাচি যায়৷ আৰু তৎক্ষণাৎ সিদ্ধান্ত সলনি কৰি তৎমুহূৰ্ততে তাৰ পৰা পলাই পত্ৰং দিয়ে৷ গৃহস্থই বাহিৰলৈ ওলাই আহি চোৰ চোৰ বুলি চিঞৰে মানে চোৰ গৈ কোনোবা ধুবুৰী পায়গৈ৷ তেতিয়া আৰু ধৰাৰ সাধ্য কাৰো বাপেকৰো নাথাকে৷ অন্যহাতে, পৰীক্ষাটোৰ জৰিয়তে কোনো প্ৰতিবন্ধকতা নাই বুলি সুনিশ্চিত হ’লে অৰ্থাৎ অশুভ একো নঘটিলে চোৰৰ বাবে চিন্তা কৰিবলগীয়া নাথাকে৷ ইংগিত পাই যায় যে ৰাস্তা মুকলি আছে৷ তেতিয়া সিন্ধিয়েদি আস্তেকৈ নিজেই ভিতৰলৈ সোমায়৷ তাৰ পিছত ভিতৰৰ কামখিনি সাৱধানে সমাধা কৰাৰ পৰ্ব৷ কাম হৈ গ’লে চোৰ-বাহিনীৰ পৰৱৰ্তী লক্ষ্যটো হয় তড়িৎ গতিৰে সিন্ধিস্থলীৰ পৰা নিৰাপদ স্থানলৈ প্ৰস্থান৷’

আনমনা হৈ এনেবোৰ কথা শুনি থকাৰ লগে লগেই আমি এখন কল্পনা ৰাজ্যতো ডুবি থাকোঁ চোৰৰ কাম-কাজবোৰ মনতে সজাই-পৰাই৷ বিপদৰ এই খেলখনৰ ভিতৰুৱা খবৰবোৰে কৌতূহলৰ মাত্ৰা অধিক পৰিমাণে বঢ়াই তোলে৷

‘গহনা নিবলৈ প্ৰথমে চোৰে লেঙুটিখন কঁকালত আগফালে ভালদৰে গাঁঠি মাৰি লয়৷ কাপোৰৰ আগটো বহলাই লৈ সোণৰ গহনাখিনি লেঙুটিৰ কাপোৰৰ ভাঁজত মেৰিয়ায়৷ তাৰ পাছত জৰী এডালেৰে ওপৰে-তলে চোঁচনি-গাঁঠি মাৰে৷ তেতিয়া অকণোৱেই লৰচৰ নকৰা হয়৷ তাৰ পিছত কাপোৰৰ আগটো পোন্ধ মৰাৰ দৰে পাছফাললৈ নি টোপোলাটোৰ সৈতে সকলো ঢাকি লয়৷ আকৌ আগলৈ আনি কঁকালৰ পাকটোৰ তলেদি সুমুৱায়৷ আকৌ কাপোৰখন মেলি পাছফালে নিয়ে আৰু পাছফালে মেৰিয়াই বান্ধি পেলায়৷ এনেবোৰ কামত সুবিধা হ’বলৈ সেয়ে লেঙুটিখন কিছু দীঘল হ’ব লাগে৷ পাৰ্গত চোৰে লেঙুটি বন্ধা কলাটো ইমান সুন্দৰকৈ জানে যে তলত কিবা সুমুৱাই ৰাখিছে বুলি কোনেও ধৰিবকে নোৱাৰে৷’

জীৱনৰ অভিজ্ঞতাৰে পুষ্ট অগ্ৰজ লোকৰ কথাবোৰ শুনি উত্তেজনাত আমাৰ চকুবিলাক ক্রমান্বয়ে ডাঙৰ ডাঙৰ হৈ আহে৷ মুখবোৰেও হা কৰি তেওঁলোকৰ পিনে একেথিৰে চাই ৰয়৷ টু শব্দ এটাও উচ্চাৰণ নকৰি আমি কেৱল বাধ্য ছাত্ৰৰ দৰে কাণ উনাই ৰওঁ পিছৰখিনি শুনিবৰ বাবে৷

‘চোৰৰ ফৰ্মূলামতে এটা ডাঙৰ চুৰিকাণ্ড সুকলমে সংঘটিত কৰাৰ পিছত বহু দিনলৈ তাপ মাৰি থাকিব লাগে৷ কাৰণ গৃহস্থই ওচৰৰ পুলিচ থানাত গোচৰ দিয়েগৈ৷ পুলিচ, চি.আই.ডি., চুবুৰীয়া সকলোৱে প্ৰথম কিছুদিনলৈ চোৰ ধৰিবৰ অৰ্থে তদন্ত চলায়, বিচাৰ-খোঁচাৰ কৰে, বস্তুৰ অনুসন্ধানত চাৰিওফালে ঘূৰা-ঘূৰি কৰি থাকে৷ মানুহেও কথাটো মনত ৰাখে৷ চোৰে তেতিয়া পৰাপক্ষত ওলোৱা-সোমোৱা কৰি থাকিব নালাগে৷ সুস্থিৰতা বৰ্তাই ৰাখিব লাগে৷ বয়-বস্তুবোৰ সযতনে লুকুৱাই থ’ব লাগে৷ যথাশীঘ্ৰে মাটিত গাঁত খান্দি ভালদৰে পুতি ওপৰৰ চিন-মোকাম নোহোৱা কৰিব পাৰিলে ভাল৷ সকলো ঠাণ্ডা হোৱাৰ পিছত এদিন সেইবোৰ খান্দি উলিয়াই নিজৰ মাজত অৰ্থাৎ দলৰ সদস্যবৰ্গৰ মাজত ভাগ-বতৰা৷ তাৰ পিছত দূৰণিৰ ঠাইত বিক্রীৰ ব্যৱস্থা বা অন্য যি মন কৰে...’

বুজি পালোঁ, তাৰ মানে চোৰ এটা নহয়, কেইবাটাও আহে৷ কথাটো আচৰিত যেনেই লাগিল৷ কেনেকৈযে কৰে এনেবোৰ বিপদজনক কাম! সঁচাকৈ জীৱন-মৰণৰ বেহা দেখোন৷ ধৰা পৰিলেই হাড় ভাগি যোৱাকৈ পুলিচৰ মাৰ৷ তথাপি ভয় নালাগেনে সিহঁতৰ? …কম সময়তে অনেক প্ৰশ্নই জুমুৰি দি ধৰেহি৷

‘চোৰৰ আকৌ কিছুমান বিশেষ গুণো আছে দেই৷ চোৰে আন্ধাৰত গা ঢাকি থিয় হৈ থাকিব জানে৷ ছাঁ-পোহৰৰ খেলত চোৰ অভ্যস্ত হ’বই লাগিব৷ আনহাতে, অকণো লৰচৰ নকৰি একে ঠাইতে বহুসময় থৰ লাগিও থাকিব পাৰে চোৰে৷ কোনেও তিলমাত্ৰও গম নাপায়৷ অতি বিচক্ষণতাৰে কেৱল চকুকেইটাৰে ইফালে-সিফালে চাই সুৰুঙাৰ সন্ধান কৰে৷ সুবিধা পালেই ধূৰ্ত শিয়ালৰ দৰে ফটচনে নাইকিয়া হৈ যায়৷ শুদা ভৰিৰে অকণো সাৰি-শব্দ নোহোৱাকৈ মেকুৰীৰ নিচিনাকৈ আলফুলে খোজ পেলাব পাৰে সিহঁতে৷ গোন্ধৰ প্ৰতিও সিহঁতৰ সচেতনতা কুকুৰৰ সমপৰ্যায়ৰ৷ উশাহ পৰ্যন্ত বন্ধ কৰি ৰাখিব পাৰে৷ গভাইত চোৰ ক'বলৈহে, এনেয়ে নহয়৷ মন্ত্ৰ নকৰাকৈ অদৃশ্য হ’ব পৰাৰ জ্ঞান আয়ত্ত কৰিব পৰালৈকে যথেষ্ট কষ্ট আছে এই বৃত্তিটোত৷ কামলৈ আহোঁতে ৰাগিয়াল দ্ৰব্য সেৱন কৰাও একেবাৰেই নিষেধ৷ গতিকে তেনেকুৱা চোৰ হ’বলৈ হ’লে কিছুমান অপৰিহাৰ্য ট্ৰেইনিং লোৱাৰো দৰকাৰ৷ প্ৰবীণ দাগী চোৰৰ তত্ত্বাৱধানত থাকি থাকি নবীন অনুগামী এই বিদ্যাত সংগোপনে এদিন পকা হৈ উঠে৷ আৰু নিজৰ একান্ত সাধনাৰ বলত এদিন নিজেই অভিযান চলাব পৰা হয়গৈ৷’

তেনেকুৱা মুহূৰ্ততে জীপগাড়ী এখন ৰয়হি৷ ৰঙা টুপী পিন্ধা পুলিচৰ লোককেইজনমান নামি আহে৷ একেবাৰে আগৰজনৰ হাতত ডায়েৰী এখন থাকে৷ পুলিচ ওচৰ চপাত ভয়ে ভয়ে আমি আঁতৰি যাওঁগৈ৷
............................................
সময়ৰ পৰিৱৰ্তন হৈ অহাৰ লগে লগে এতিয়া সিন্ধি আৰু সিন্ধি-সৰকা চোৰ উভয়ৰে বিলুপ্তি ঘটিছে৷ কোনোবাই ক’ৰবাত পুলিচে ধৰি অনা চোৰ দেখিলেও সিন্ধি কিমানে দেখিছে সেইটো আজিৰ তাৰিখত নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই হ’ব চাগৈ৷


(‘কথা-ৰত্নাকৰ’ৰ লেখকৰ প্ৰতি ঋণ স্বীকাৰ কৰিছোঁ৷)

Sunday, 24 August 2014

উত্তৰ-পূৰ্বাঞ্চল, সাতভনী ইত্যাদি



আমি পঢ়িবলৈ পোৱা মতে, ১৯৭২চনত ত্ৰিপুৰা ৰাজ্য গঠনৰ মুহূৰ্তত ত্ৰিপুৰাৰ অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত কথিকাৰ অনুষ্ঠান এটাত সেই সময়ৰ সাংবাদিক জ্যোতি প্ৰসাদ শইকীয়াই ‘Land of Seven Sisters’ শব্দকেইটা প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল৷ পৰৱৰ্তী কালত নিজৰে একে নামৰ গ্ৰন্থখনতো তেখেতে ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তৰ সাতোখন ৰাজ্যক উক্ত অভিধাৰে একত্ৰে বুজাইছিল৷ লাহে লাহে চৰকাৰী-ৰাজহুৱা লিখন-কথন সকলোতে ইয়াৰ প্ৰয়োগ ব্যাপক মাত্ৰাত হ’বলৈ ল’লে৷ এই শব্দকেইটাকে অসমীয়া ভাষাত ‘সাতভনী ৰাজ্য’ বা, আৰু চমুকৈ, ‘সাতভনী’ বুলি তেতিয়াৰে পৰাই বিভিন্নজনে বিভিন্ন উপলক্ষ্যত লিখি অহা বা কৈ অহা আমি দেখিছোঁ আৰু শুনিছোঁ৷

ব্ৰিটিছ-ইণ্ডিয়াৰ অসম প্ৰভিন্স (১৯১২) কালক্রমত সাত খণ্ড হোৱাটো এটা ঐতিহাসিক সত্য৷ একালৰ ‘বৰ-অসম’ৰ বিদীৰ্ণ বক্ষত ক্ৰম অনুসাৰে সৃষ্টি হৈছিল নাগালেণ্ড (১.১২.১৯৬৩), মণিপুৰ (২১.১.১৯৭২), ত্ৰিপুৰা (২১.১.১৯৭২), মেঘালয় (২১.১.১৯৭২), মিজোৰাম (২০.২.১৯৮৭) আৰু অৰুণাচল প্ৰদেশ (২০.২.১৯৮৭)৷ অসমকে ধৰি মুঠতে সাতখন পূৰ্ণাংগ ৰাজ্য৷ এয়াই ‘সাতভনী’৷ এয়াই আন্তঃৰাষ্ট্ৰীয় সীমান্ত স্পৰ্শ কৰি থকা ভাৰতৰ এক নিৰ্দিষ্ট  ভূখণ্ড, নাম যাৰ ‘উত্তৰ-পূৰ্বাঞ্চল’৷

সমন্বয়ৰ দৃষ্টিভংগীৰেই ‘উত্তৰ-পূৰ্বাঞ্চল’ শব্দযুগল আমি ব্যৱহাৰ কৰোঁ, যি পৰিচয়ত অন্তৰ্নিহিত হৈ থাকে এই মাটিত বসতি কৰা মানুহখিনিৰ উমৈহতীয়া ঐক্য আৰু সদ্ভাৱনা৷ তেনেকৈ, অবিভক্ত অসমৰ সাতোখন ৰাজ্যৰ সমাহাৰত ‘সাতভনী’ শব্দটোকো প্ৰয়োগ কৰোঁ একত্ৰ তথা বহল অৰ্থ কৰিবলৈ৷ ভাবোঁ, সময়ে ভৌগোলিকভাৱে সীমাৰেখাৰ সৃষ্টিৰে মাটিক পৃথক কৰাটো সঁচা হ’লেও এই মানুহখিনিৰ মন-গহনত বাজি থাকে মিলনৰ একেটিয়েই সুৰ৷ ‘বৰ-অসম’ চিৰাচিৰ হোৱাৰ পিছতো অতীত-প্ৰীতিৰে সমুজ্জ্বল হৈ সেই একেই ভগ্নীসমা ভাবাদৰ্শ আৰু চেনেহা-চেনেহীৰ স্ৰোত সাতৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰন্তৰ প্ৰৱাহমান বুলি ধৰি লওঁ৷ তাকেই অহৰহ অন্তৰত কঢ়িয়াই লৈ ফুৰোঁ৷ কাৰণ আমি সমন্বয়, সহাৱস্থান, সমুন্নয়ন আদি ভাল পাওঁ৷ কিন্তু কিয় জানো, কালি হঠাতে মনত খেলালে বেলেগ ধৰণৰ কথা এটাহে৷ লুক-ঢাক নকৰি তাক কৈ পেলোৱাৰ তাগিদা এটাও মনলৈ আহিল, জীৱনৰ আন আন বহুতো প্ৰসংগৰ দৰেই খোলোচাকৈ৷ সেইটো হ’ল… বৰ্তমানৰ বাস্তৱ পৰিস্থিতিৰ ভেটিত থিয় দি আমাৰ অতীতৰ ‘সাতভনী’, ‘উত্তৰ-পূৰ্বাঞ্চল’ ধাৰণাটোৰ সপক্ষে-বিপক্ষে অকণমান চিন্তা কৰি চালে কেনে হয়? আমি পাই অহা এই ধাৰণাটো ভ্ৰমাত্মক বা উদ্দেশ্যপ্ৰণোদিতহে নেকি বাৰু? আমি প্ৰয়োগ কৰি অহা ‘সাতভনী’ শব্দটিৰ কাৰ্যকৰীভাৱে বৰ্তমান স্থিতি কিমান সবল তাক জুখি চোৱাটো নিশ্চয় অনুচিত বা দোষণীয় বিবেচিত নহ’ব৷

ৰাজধানী নতুন দিল্লীত সঘনাই ঘটি থকা আৰু সংবাদ মাধ্যমৰ জৰিয়তে মুহূৰ্তৰ ভিতৰতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰিত হৈ পৰা বাতৰিসমূহৰ ভিতৰত এটা হৈছে দেশৰ উত্তৰ-পূবৰ পৰা গৈ মহানগৰীখনত অধ্যয়নৰত বা কৰ্মৰত হৈ থকা লোকৰ ওপৰত তাত চলা নিৰ্যাতন, হত্যা-হিংসা ইত্যাদি৷ অনাকাংক্ষিত ঘটনা এইবোৰ৷ তাৰ প্ৰতিবাদ কৰি আৰু ন্যায় বিচাৰি উত্তৰ-পূৰ্বাঞ্চলীয় সাতোখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী তথা আৱাসী নাগৰিকসকলক উদ্বেগেৰে ৰাজপথলৈ ওলাই অহা দেখোঁ টেলিভিছনৰ পৰ্দাত, আঞ্চলিক ভাবনাৰে একত্ৰিত হৈ৷ উত্তৰ-পূব ছাত্ৰ সন্থাকে ধৰি কেতবোৰ সংগঠনক তৎপৰ হৈ পৰা দেখোঁ৷ ভিন্নজাতিক, ভিন্নভাষিক, ভিন্নধৰ্মীয় তথা ভিন্ন সাংস্কৃতিক পৰিমণ্ডলৰ প্ৰতিনিধি হৈও তেনে বিপৰ্যয়ৰ মুহূৰ্তত সাতভনীয়ে দেখুওৱা ঐক্য-সংহতি নিশ্চয়কৈ প্ৰশংসাযোগ্য৷ ইফালে, খুদ নিজাঘৰ উত্তৰ-পূবতে যেতিয়া এখন ৰাজ্যৰ একাংশ প্ৰজাই চুবুৰীয়া আন এখন ৰাজ্যৰ প্ৰজাসাধাৰণৰ ওপৰত খড়গহস্ত হৈ উঠে, তাণ্ডৱৰ সৃষ্টি কৰে বা আগ্ৰাসন চলায়, অধিকাৰ কাঢ়ি লয়, তেতিয়া কিন্তু দেখদেখকৈ আমাৰ মনত প্ৰশ্নৰ উদয় হয় উত্তৰ-পূৰ্বাঞ্চল বা সাতভনী শিৰোনামটোৰ প্ৰযোজ্যতা দৰাচলতে কিমান, আজিৰ এই পৰিস্থিতি আৰু স্থানীয় প্ৰেক্ষাপটত? আছেনে সেই গভীৰ সদ্ভাৱ সকলোৰে মনত সম পৰিমাণত? গূঢ়াৰ্থ হেৰুৱাই সেইবোৰ বাৰু এতিয়া সীমাবদ্ধ হৈ পৰিছে নেকি কেৱল একোটা লঘু শব্দৰ ৰূপত? ৰাজনৈতিক হাতোৰাই এই বিশেষণটোৰ শক্তি আৰু সৌন্দৰ্য উভয়েই চূড়ান্তভাৱে ম্লান পেলাইছে যেন দিনক দিনে! এনেকুৱা লাগে৷

গাতে গা লগা সাতখন প্ৰদেশৰ বৰ্ণনা-বন্দনাৰে ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা কালজয়ী আৰু ‘এক জাতি এক প্ৰাণ’ ভাবনাপ্ৰসূত গীতসমূহ আমাৰ প্ৰাণত অহৰহ বাজে৷ ডক্টৰ হাজৰিকাই আই অসমীক লৈ গীত গাইছে; মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচলক লৈ গীত গাইছে৷ মাটি আৰু মানুহ, লোক-সংস্কৃতি আৰু শ্যামলী প্ৰকৃতিক বাঙ্ময় আৰু প্ৰাঞ্জল ৰূপত উদ্ভাসিত কৰি তুলিবলৈ সক্ষম হৈছে৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ দ্বাৰা ৰচিত, সুৰাৰোপিত, কণ্ঠনিনাদিত সাতভনীৰ সমন্বয়মূলক আৰু ইতিবাচক ভাবসঞ্চাৰী গীতবোৰৰ প্ৰতি সাতোৰাজ্যৰ জনগণৰ আজিৰ তাৰিখত ধাৰণা বা দৃষ্টিভংগী কেনে? স্পষ্টকৈ জানিবৰ মন যায়৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰাতৃত্ববোধ, সহাৱস্থান, সমুন্নয়ন, সাংস্কৃতিক মূল্যবোধ সম্পৰ্কে তেওঁলোকৰ মানসিকতাত চিন্তা-ভাবনাবোৰ যোগাত্মক নে আমি নুবুজা আন কিবা ধৰণৰ? নে আমিহে এতিয়াও নিজকে বৰটো সজাই ‘বৰককাই’ৰ মৰম আৰু আদৰেৰে ‘সমন্বয় সমন্বয়’ কৰি চিঞৰি-বাখৰি থাকোঁ? সমন্বয় সাধন হোৱাটো একপক্ষীয়ভাৱে সম্ভৱ কথা নিশ্চয় নহয়৷ দিনে দিনে জহি-খহি যোৱা পাৰস্পৰিক মিলা-প্ৰীতিৰ ধূসৰ ছবিখন দেখি আমাৰ অন্তৰে যেনেকৈ হাহাকাৰ কৰে, তেওঁলোকৰ অন্তৰে কৰেনে? নে কোনো ক্রিয়া-প্ৰতিক্রিয়াই নহয়? ধৰি ল’লোঁ, সেইখন সুকোমল অন্তৰ আমাৰ বাৰু আছে, তেওঁলোকৰ আছেনে? কেনেকৈ জানিম এই কথাবোৰ? কেনেকৈ আজিৰ নতুন প্ৰজন্মই নকৈ পতিয়ন যাব, কেনেকৈ আস্থা বা বিশ্বাসৰ ভেটিত সবল হৈ ৰ’ব অনাগত দিনৰ মানুহবোৰ?

‘মাজে মাজে পূৰ্ব ভাৰতীৰ মৰমৰ এনাজৰীক এটি বিশেষ দুষ্কৃতিপ্ৰেমী শক্তিয়ে ধ্বংস কৰিব খোজে’ বুলি ডক্টৰ হাজৰিকাই এটা গীতত কৈছিল৷ গীতেৰেই তাৰ প্ৰতিবাদো কৰিছিল৷ সেই দুষ্কৃতিকাৰীয়ে আজিও ক্রিয়াশীল হৈ আছে নেকি যাৰ ফলশ্ৰুতিত শক্তিহীন হৈ পৰিছে মানৱতা আৰু স্তব্ধপ্ৰায় হৈ পৰিছে মিলন ৰথ? সংস্কৃতিয়ে গঢ়ে৷ ৰাজনীতিয়ে ভাঙে৷ ৰাজনীতিৰ পাশাখেলত বৰ-অসমৰ সীমা ভাগি টুকুৰা-টুকুৰ হোৱা সত্ত্বেও কিন্তু ভূপেন হাজৰিকাই সংস্কৃতিৰ বাটটো পোনাই ৰাখিব খুজিছিল ইমূৰৰ পৰা সিমূৰলৈ৷ যাৰ পৃষ্ঠভূমি আছিল মানৱ, মানবীয়তা আৰু মানৱ-প্ৰেম৷ ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে’ বুলি শিল্পীয়ে তাহানিতে সকীয়াই গ’লেও সময়ৰ গতিশীল পৰিক্রমাত ৰুঢ় বাস্তৱৰ কুটিল গ্ৰাসত পৰি আৱেগ-অনুভূতি সৰ্বস্ব জলাঞ্জলি দিব লগা হৈছে আজিৰ মানুহেই৷ এনেদৰেই ভূপেনদাৰ ‘পূৰ্ব ভাৰতী’ও ক্রমাৎ ভূ-লুণ্ঠিত হোৱা নাইনে? পৰ্যবসিত নহৈছেনে সাধুকথালৈ? নিজকে নিজে সোধোঁ৷

আন্তঃৰাজ্যিক সীমান্তত সদ্যসংঘটিত অবাঞ্চিত ঘটনাপ্ৰৱাহ টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰি, বাতৰি কাকতৰ পৃষ্ঠাত পঢ়ি উঠি এতিয়া মাজে মাজে নহয়, সঘনায়ে নিজৰ মনতে উত্থাপিত হয় এই প্ৰশ্ন… উত্তৰ-পূৰ্বাঞ্চল বা সাতভনীৰ এই আৱেগ আমাৰ অসমৰ মানুহখিনিৰ মাজতেহে সীমাবদ্ধ থাকিলগৈ নেকি বাৰু? এনে ভাবৰ সঞ্চাৰ আমাৰ ক্ষেত্ৰতহে অধিক নেকি বাৰু? প্ৰতিবেশী ৰাজ্যবাসীৰ হৃদয়ৰ অৱস্থাটো কেনেকুৱা? আমাৰ মাজত সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, ৰাজনৈতিক পাৰ্থক্য থাকিলেও আমি অনৈক্যৰ মাজত ঐক্য, সমিলমিলৰ কথা কওঁ; আলোচনা-বিলোচনালৈ বিশ্বাসেৰে সদায়ে উচ্চ আসন পাতি থওঁ, সমাধানদৰ্শী ফলাফললৈ উৎকৰ্ণ হৈ ৰওঁ, গণতান্ত্ৰিক বিচাৰ তথা মূল্যবোধত অবিচল হৈ সকলোৰে প্ৰতি শ্ৰদ্ধাপূৰ্বক সদ্ভাৱ বৰ্তাই ৰাখোঁ পোৱা-নোপোৱাৰ কথা পিছলৈ থৈ৷ আৰু বাকীসকল?

সঁচা-মিছা নাজানো, ৰাজনীতিৰ পাকলগা কথা বুজিও নাপাওঁ৷ বাৰ্তালাপ কৰোঁতে বহুতে কয়… দিল্লীয়ে উত্তৰ-পূৰ্বাঞ্চলক অনৱৰতে অশান্ত কৰি ৰাখিব খোজে৷ তাৰ বাবেই এই ভৌগোলিক এলেকাত মাজে মাজে সংঘৰ্ষ, সংঘাতৰ সৃষ্টি কৰি থাকে৷ আচলতে উত্তৰ-পূৰ্বাঞ্চল ধাৰণাটোৱেই এটা মস্ত ভ্ৰম৷ তেতিয়া মনতে প্ৰশ্ন জাগে… কিয়? এইখন আমাৰ একেখন ভাৰতবৰ্ষ নহয় নেকি? একেই ভাৰত দেশবাসী দেখোন সকলো আমি৷ তেনেস্থলত এই কথাবোৰ আমি বুজি নাপাওঁ নেকি? আনহাতে দিল্লীৰনো এনে চক্রান্ত কৰিবৰ দৰকাৰেইবা কি? উদ্দেশ্যইবা কি? সঁচা হয়নে কথাবোৰ? হয় যদি, কিয় তেনেকুৱা কৰে দিল্লীয়ে? আৰু মিছা যদি, মানুহে কিয় এইদৰে কয়? ৰহস্যময় এই ‘কিয়’টোৰ উত্তৰ বিচাৰি বিচাৰি নাপাওঁ৷

সাতভনী, উত্তৰ-পূৰ্বাঞ্চল ...ধাৰণাটোৱে বিশেষকৈ অসমখনক ভাবিব নোৱাৰা ধৰণে ক্ষতিগ্ৰস্ত কৰি আছে নেকি বাৰু? ক্রমাৎ গ্ৰাস কৰি আহিছে নেকি বাৰু? ওলোটা পাকেও চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ কেতিয়াবা৷ বাতৰি কাকতৰ পৃষ্ঠা পঢ়ি চকু দুটা মুদি ছবি এখন আঁকো… ডাঙৰ ভনীক এফালৰ পৰা চেঁপি আছে নাগালেণ্ডে, সিফালৰ পৰা মেঘালয়ে, ওপৰৰ পৰা অৰুণাচলে৷ তথাপিও আমি সকলোকে ভনী (সাতভনী) বুলিয়ে অন্তৰত থাপিছোঁ৷ আকৌ, কেইবাজনীও ভনীৰ ঘৰলৈ যাবলৈ, ভনীহঁতৰ এলেকাত খোজ পেলাবলৈ আমাক তেওঁলোকৰ পৰা আগতীয়া অনুমতি নহ’লেই নহয়৷ বিপৰীতে, ভনীহঁতক আমাৰ ঘৰলৈ আহিবলৈ কাৰো অনুমতি বা নিয়মৰো কোনো দৰকাৰ নাই৷ ৰাস্তা সদায় খোলা৷ বাধাহীন আহ-যাহ৷ তত্ৰাচ জ্যেষ্ঠজনৰ আৱেগ, ত্যাগ, সহনশীলতা আৰু মহত্ত্বৰে আমি অতীত-প্ৰীতিকে সুঁৱৰি সাতভনী সাতভনী কৰি সকলোকে বুকুত সাবটি থাকোঁ৷ আৰু তেওঁলোকে?

আজিৰ এই কথাবোৰ কোনো বিচ্ছিন্নতাবাদী উদ্দেশ্য বা নিকৃষ্ট মানসিকতাৰে কোৱা কথা নহয় বৰং পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত আৱেগৰ ঊৰ্ধ্বত গৈ যুক্তিৰে অকণমান সময় চিন্তা কৰি চাই অনুভৱ কৰা কথাহে৷ সংশয় এটা হয়... উত্তৰ-পূৰ্বাঞ্চল, সাতভনী শব্দবোৰৰ আচল ৰূপ, গৰিমা কিম্বা অৰ্থ ভৱিষ্যতৰ দিনবোৰত থাকিবগৈনে বাৰু? এইবোৰ কিবা ভ্ৰম, কিবা তাল-মিল নোহোৱা নিমিলা অংক যেনহে হৈছে দেখোন দিনে দিনে৷ ‘সাতভনী’ গুচি কেতিয়াবাই ‘সাত ভনী’ হোৱাগৈ নাইনে বাৰু?

সৰলমতি মন, অপৈণত বুদ্ধি আৰু তৰাং চিন্তাৰে জেলেপিৰ আচল পাকবোৰ বুজি পাবলৈ মোৰ দৰে বহুজনৰে এতিয়াও চাগৈ বহুতেই বাকী৷ সদ্যহতে এইখিনি মনলৈ অহাত লিখিলোঁ৷ অধিক জনাৰ আগ্ৰহেৰে বিজ্ঞ তথা অভিজ্ঞসকললৈ চাই ৰ’লোঁ৷