Thursday, 30 April 2020

৬.৩ ঘৰ বিচৰাৰ উৎকণ্ঠা



আনিনিৰ বুকুত সপোন-যাত্ৰাৰ সফল পৰিসমাপ্তি ঘটিছিল ৬ বাজি ৩০ মিনিটতে, ছুম’ৰ পৰা নমাৰ লগে লগে ৷ তাৰ পাছতহে থমকিব লগা হ'ল ভালেখিনি সময় ৷

ভবামতে কাকোচোন দেখা নাইপোৱা ! এই মৰ-ঠাণ্ডাত কোনোবা ৰৈ থাকিব বুলি আশা কৰাটোও ভুলহে অৱশ্যে ৷ চ'ক' তায়ুৰ সম্পৰ্কীয় ভনীয়েকজনীৰ ঘৰটো কোনফালে হ’ব পাৰে ? একো চিনি-জানি নাপাওঁ ৷ কাক সুধিম ? সুধিবলৈকো ৰাস্তাৰে মানুহ অহা-যোৱা কৰি থাকিলেহে ৷ অন্ধকাৰে গ্ৰাস কৰিলে আনিনি টাউনশ্বিপ ৷ ফোন কৰিও পোৱা নাই কাকো ৷ ৰাতিখন যাওঁ ক’লৈ এতিয়া ? মনটো উগুল-থুগুল হৈ পৰিল তৎমুহূৰ্ততে ৷

হে’ড লাইট জ্বলাই ছুম’খন স্থিৰ হৈ আছে ৷ ৰাক্‌ছেক ওপৰত উঠি আছে ৷ নমাবলৈ হ’লে তিৰ্পাল আঁতৰাব লাগিব ৷ সেইটো চমজি লোৱাৰ প্ৰশ্নই মনলৈ অহা নাই ৷ সদ্যহতে নাম-ঠিকনাৰ তলা-নলাহে জৰুৰী ৷ নহ’লে পুনৰ গাড়ীত উঠিম ৷ ছুম’ ষ্টেণ্ডলৈ পোনাম ৷ চালকৰ আশ্ৰয় বিচাৰিম ৷ লগত শ্লিপিং বেগ আছে, কম্বল আছে ৷ ছুম'তে শুই যাম ৷ চিধা কথা ৷ বিকল্প হিচাপে ততালিকে ভাবি ল’লোঁ এনেকৈয়ে ৷

চ’ক’ তায়ুৱে চৰকাৰী হস্পিতেল নহয়, হস্পিতেল ফাৰ্মাচি বুলিহে এছ.এম.এছ.টোত লিখিছিল ৷ হয়নে নহয় ? উলিয়াই চালোঁ দুনাই ৷ হয়তো, শুদ্ধ কথা ৷ ড্ৰাইভাৰে দেখোন দেখুৱালে ডিষ্ট্ৰিক্ট হস্পিতেল ৷ ফাৰ্মাচিখন ক’ত আছে ? ছাঁ-পোহৰৰ মাজে মাজে সন্ধানী দৃষ্টিৰে চকুৱে ইফালে-সিফালে বিচাৰিবলৈ ধৰিলে যদিও বৃথা হ'ল ৷ ড্ৰাইভাৰেও চিনি নাপায়, সহযাত্ৰীৰো বোধ হয় কোনেও নাজানে কেনি অৱস্থিত হস্পিতেল ফাৰ্মাচি ৷ আটায়ে নিশ্চুপ, অসহায় হৈ বহি থকা দেখিয়ে গম পাই গৈছোঁ ৷

ষ্টাৰ্ট বন্ধ কৰি ছুম’খন ৰৈ আছে ৷ অন্ধকাৰৰ মাজতে ৰাস্তাটোৰ সিপাৰে টিনপাতৰ দীঘল ঘৰ এটা দেখা পাই প্ৰায় দৌৰি যোৱাৰ দৰেই গ’লোঁগৈ চাপি ৷ বোধ হয় দোকান ঘৰ ৷ দৰজাবোৰ বন্ধ ৷ পোহৰ নাই ৷ খোলা থকা হ’লে সুধিব পাৰিলোঁহেঁতেন ৷ যোগসূত্ৰ হয়তো পালোঁহেঁতেন ৷ হস্পিতেল ফাৰ্মাচি বুলি কোনো চাইনব'ৰ্ডো নাই ৷ কি কৰা যায় এতিয়া ?

সামান্য আগুৱাই, ৰৈ থকা পাৰেই ৰাস্তা এটা নামি গৈছে ৷ তোৰণ আৰু পেণ্ডেলৰ ওলাই থকা অংশবিশেষে নিশ্চিত কৰিলে যে সেয়া ফেষ্টিভেল গ্ৰাউণ্ড, য’ত কাইলৈ ৰে’হ উৎসৱ আৰম্ভ হ’ব ৷ মুখ্য মন্ত্ৰীগৰাকী ইয়ালৈকে আহিছে ৷ লাইটৰ পোহৰে সিটোফাল পোহৰাই ৰাখিছে ৷ যি হ’ব হ’ব, ভিতৰলৈকে সোমাই যাওঁ নেকি ? চ’ক’ তায়ুক বিচাৰিম ৷ কাৰোবাক পাই যাব পাৰোঁ ৷ সুধিব পাৰিম প্ৰচাৰ সম্পাদকজনৰ বিষয়ে ৷ এড্ৰেছত উল্লেখ কৰা মানুহহালৰ বিষয়েও জানিব পাৰিম ৷ কিন্তু এইহেন হাড় কঁপোৱা শীত নেওচি থাকিবজানো কোনোবা ? সম্ভৱনে ? নাই, আগ বাঢ়ি নোযোৱাই ভাল ৷ তাতে অচিনাকি ৷ ৰাতিৰ কথা ৷

ছুম’ ষ্টেণ্ডটোবা কেনি ? গাড়ীখন অধিক সময় মোৰ বাবে এনেকৈ ৰৈয়ো হয়তো নাথাকিব ৷ সহযাত্ৰীসকলক নমোৱাৰ কথা আছে ৷ সময় গৈ থাকে মানে অসুবিধা আৰু খৰখেদা সকলোৰে নিশ্চয় বাঢ়ি যাব ৷ বাহিৰখনত বিৰাট ঠাণ্ডা ৷ এনে পৰিস্থিতিত মোৰ বাবে আনে দুৰ্ভােগ ভুগিবলগীয়া হোৱাটো নিবিচাৰোঁ ৷ তাতে পৰ্বতত সন্ধিয়া ৬-৭ বাজিল মানে এপৰ ৰাতি ৷ কি কৰোঁ ? কিংকৰ্তব্যবিমূঢ় হৈ পৰিছোঁ অচিনাকি জেগাটুকুৰাত ভৰি দিয়াৰ পাছৰে পৰাই ৷ খৰকৈ ভাবিব ধৰিছোঁ, কি সিদ্ধান্ত লোৱা উচিত হ’ব ?

এনেতে সন্মুখৰ ফালৰ পৰা ছুম’ এখন আহিল ৷ আমাৰখনৰ প্ৰায় ওচৰতে ৰ’লহি ৷ দুগৰাকী মহিলাক নমাই গাড়ীখন গুচি গ’ল ৷ স্থানীয় লোকেই হ’ব বুলি ধাৰণা কৰিছোঁ ৷ তেওঁলোকক সুধিলে গম পোৱা যাব চাগৈ ৷ টৰ্চলাইট জ্বলাই ল'লে ৷ বাঁওফালে, হস্পিতালৰ তলেৰে সোমাই যোৱা ৰাস্তাটোৰে যাবলৈ উদ্যত হৈছে দুয়ো ৷ আঁতৰি যোৱাৰ আগতেই দৌৰি আহিলোঁ কাষলৈ ৷

‘চিষ্টাৰ এক মিনিট ৷’ ৰৈ গ'ল ৷ ঘূৰি চালে অচিনাকি আগন্তুকলৈ ৷ নোটবুকত লিখা স্বামী-স্ত্ৰীহালৰ নাম দুটা একেলগে উচ্চাৰণ কৰি জানিব বিচাৰিলোঁ, ‘বচ্চন মিপি ঔৰ অনিয়া মেয়া, আপল'গ পহচানতা হে' ক্যা ?’ মধ্যবয়সীয়া মহিলা দুগৰাকীলৈ উপৰ্যুপৰি প্ৰশ্ন তুলি আশাৰে ৰৈছোঁ ৷

‘অনিয়া… !’ কেইছেকেণ্ডমানৰ চিন্তাশীল বিৰতি ৷ দুয়ো দুয়োৰে চকুলৈ চালে ৷ ‘হাঁ হাঁ, উধৰ মে’ হে’ উচকা ঘৰ ৷ … আপ ছুম’ছে’ আয়া হে’ না ?’ উত্তৰৰ লগতে প্ৰশ্নও কৰিলে ৷ ‘কাহাঁছে আয়া হে’ ? অনিয়াকা ঘৰ মে’ বেইথে'গানা আজ ?’

উত্তৰ দিলোঁ ৷ দুয়ো খৰ খোজেৰে গাড়ীখনৰ কাষলৈ আহিল ৷ ড্ৰাইভাৰক বুজাই দিলে ঘৰটো কোনফালে ৷ ড্ৰাইভাৰে চিনি নাপায় ৷ আকৌ আলোচনা চলিল ৷ মহিলা দুগৰাকী সেইটো বাটেৰেই আগলৈ যাবগৈ ৷ গতিকে লগত গ'লে ঘৰ চিনাই দিব ৷ চালকজনে মোকে যাবলৈ ক'লে ৷ ঘূৰি অহালৈকে ৰৈ থাকিব ৷

‘তুম মত চলা যাঅ' ৰে’…’ খোজ আগুৱাৰ লগে লগে এগৰাকীয়ে সকীয়ালে চালকজনক ৷ মই তেওঁলোকৰ সৈতে যাব ধৰিলোঁ ৷ খোজ নহয়, কোব দিবলগীয়া হ’ল ৷ সোমাই যোৱা ৰাস্তাটো ঠেক ৷ ইফালে-সিফালে বোকা-পানী জমা হৈ আছে ৷ দুয়োৰে হাতে হাতে থকা টৰ্চৰ পোহৰ পেলাই বোকা-পানী দেখুৱাই গ’ল মোক ৷ মোৰো আছিল টৰ্চ ৷ গাড়ীতে এৰি থৈ আহিলোঁ ৷ ভাবি থাকোঁতেই ‘চম্ভালকে চলিয়ে’ বুলি সাৱধান হ’বলৈ উনুকিয়ালে ৷ চ’ক’ তায়ুৱে ঠিকেই কৈছিল ফোনত, আনিনিৰ বাট-পথবোৰত বোকাৰ প্ৰকোপ বেছি বুলি ৷ গাম বুট আনিবলৈও সকীয়াইছিল ৷ মইহে... ৷ জোতাৰ প্ৰসংগটো উমি উমি আকৌ এবাৰ ভমককৈ ধৰিলে ৷ আন্ধাৰতে চালোঁ জোতাযোৰলৈ ৷ তপিনাৰ বিষটো আছেই একেদৰে ৷ হাতখন আপোনা-আপুনি গুচি গ'ল ৷ মোহাৰকেইটামান মাৰিলোঁ বাটতে ৷

মোৰ বাবে ৰাস্তাটো নতুন ৷ তেওঁলোক নিতৌ অহা-যোৱা কৰা মানুহ ৷ খোজ কঢ়াতো অভ্যস্ত ৷ সমানে সমানে মিলাবই পৰা নাই মই ৷ ইমান খৰকৈ গৈছে ! লগ ধৰিবৰ কাৰণে মাজে মাজে দৌৰিবলগীয়াত পৰিছোঁ ৷ গৈ থাকোঁতেই ক’লে, ‘অনিয়া ব'লা থা, ফেষ্টিভেল মে’ ক’ই মেহমান আনেৱালা হে’ ব’লকে ৷’ মই মনতে ভাবিলোঁ, ৰক্ষা, তেতিয়াহ’লে ঠিক মানুহকে মিলালে ঈশ্বৰে ৷ আকস্মিক দুৰ্যোগটোৰ মাজতো কিবা এটা ভাল লাগি গ’ল ৷ সকাহ পোৱা যেন লাগিল ৷ জেগা সঠিকভাৱেই উলিয়াব পাৰিম বুলিও বিশ্বাস জন্মিল ৷ ক’ৰ পৰা আহি ক’ত কেনেকৈ এনেকুৱা মানুহকযে লগ পাই গ'লোঁ ! ভগৱানৰ দূত, পাহাৰীয়া পৰী যেনেহে লাগিল দুয়োকে ৷

কেইমিনিটমান যোৱাৰ পাছত বাঁওহাতে কাঠৰ গে’ট এখন পালোঁ ৷ সেইখন ঠেলি চৌহদটোত প্ৰৱেশ ঘটিল ৷ পদূলিটো অকণমান দীঘলেই ৷ ঘৰটোত লাইট জ্বলি আছে ৷ ফুলৰ টাব কিছুমান লক্ষ্য কৰিছোঁ ৷ এগৰাকীয়ে দূৰৰ পৰাই নিজৰ দোৱানত গৃহস্থনীৰ নাম উচ্চাৰণ কৰি চিঞৰি গৈছে ৷ আৰু কিবাকিবি কৈছে যদিও ‘মেহমান’ শব্দটোহে মই ধৰিব পাৰিছোঁ ৷

দুৱাৰমুখত ৰৈয়ে আকৌ চিঞৰ ৷ ভিতৰৰ পৰা ইজনৰ পাছত সিজনকৈ কেইবাজনো একেলগে ওলাই আহিল ৷ মুখবোৰত কৌতূহল ৷ গৃহস্থ-গৃহস্থনীৰ সৈতে মুখামুখি কৰায়েই মোক এৰি ভদ্ৰমহিলা দুগৰাকী উভতিল ৷ তেওঁলোকৰ বাসস্থান আৰু কিছু আগলৈ আছে ৷ যাবগৈ লাগিব ৷ বতৰ ভাল নহয় ৷ ধন্যবাদ জনোৱাৰ লগতে পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় দিলোঁ ৷ ভাল লাগিল দুয়োৰে সহায়কাৰী যোগাত্মক মনোবৃত্তি আৰু উৎসাহকণ ৷ এয়াহে আচল গাইড ৷

‘অনিয়া মেয়া ঔৰ বচ্চন মিপি ? চ’ক’ তায়ুজীনে আপকা এড্ৰেছ ঔৰ ফোন নম্বৰ দিয়া থা ৷ মে’ ৰ’য়িংছে ছুম' পকৰকৰ আয়া হুঁ ৷ কাল বাত কিয়া থা না ৷’ নমস্কাৰ ভংগীত মোৰ ক'বলগীয়াখিনি জনালোঁ ৷

‘হাঁ ছাৰ, আয়িয়ে ৷ ৱেলকাম ৷’ হাঁহিৰে সম্ভাষণ জনাই কম বয়সীয়া মহিলাগৰাকীয়ে লগে লগে সুধিলে, ‘আপকা লাগেজ ?’

লগত একো নেদেখিয়ে সুধিছে ৷ মই বুজি পালোঁ ৷
'ছুম’মে' হে' ৷'
'ছুম' কাঁহাঁ হে' ?'
'ৰাস্তা মে' ৷'

গৃহস্থনী অৰ্থাৎ চ’ক’ তায়ুৰ সম্বন্ধীয় ভনীয়েকজনীয়ে আৰু এটাও বাক্য ব্যয় নকৰি বুটজোতাযোৰ ঘপাঘপ ভৰিত সুমুৱাই ল’লে ৷ যেন যুদ্ধলৈহে ওলাইছে ৷ হলৌ জেকেট এটা পিন্ধিয়েই আছিল ৷ তিনি বেটাৰীৰ টৰ্চ লাইটটো ল'লে আৰু মোলৈ নোচোৱাকৈয়ে ক’লে, ‘চ’লিয়ে ছাৰ ৷’ এক মুহূৰ্তৰ বাবে মেন্‌-চু-খালৈ উৰি গ'ল মনটো ৷ গেবু চোনাৰ পত্নী নানাজীলৈ মনত পৰিল ৷ মিল আছে মানুহবোৰৰ চাল-চলনত ৷

আকৌ যাব ধৰিছোঁ গিৰিপ-গাৰাপকৈ, অন্য এগৰাকীৰ লগত ৷ খোজ মিলোৱাই টান ৷ বৰষুণৰ দৰে আকাশৰ পৰা এটোপ-দুটোপ কিবা সৰি পৰি থকাযেন লাগিছে ৷ আকাশলৈ চোৱা দেখি ক'লে, ‘য়হাঁ বাৰিষ হ’তাহি ৰে’হতা হে’ ৷ ... আপ ঠিক-ঠাকছে পহুঁচা না ছাৰ ? তকলিফটো নে’হী হুৱা হ’গা ? ৰাস্তা কেইছা লাগা ? মায়’ডিয়ামে’ বৰ্ফ মিলা ?’ এজাউৰি প্ৰশ্ন ৷ নতুন ঠাইত, নতুন বাটেৰে, নতুন চিনাকি মহিলা এগৰাকীৰ সৈতে নিজান ৰাস্তা এটাৰে বেগেৰে খোজ কাঢ়ি আছোঁ ৷ কথাটো কিবা অদ্ভুত, কিবা সপোন সপোন যেনহে লাগিছে ৷ ছুম’খন পালোঁহি ৷ জেগাতে ৰৈ আছে ৷

‘ছাৰ কা লাগেজ কাহাঁ হে' ? উতৰ দে'না ৷'

চালকে কিবা এটা চিন্তা কৰিলে ৷ তাৰ পাছত ক’লে, ‘অভি ৰে’হনে দিজিয়ে দিদি ৷ তিৰ্পাল হটানেছে প্ৰব্লেম হ’ যায়েগা ৷ ইনকা বেগ নিকালনা মুস্কিল হে’ ৷ বাকী চামান উতৰনেকে সময় অন্দৰ কৰ লে'গা, আউৰ আপকা ঘৰমে’ চৌৰকে’ যাওঁংগা ৷ চিন্তা মত কিজিয়ে আপ ৷ ঘৰ বতা দিজিয়েনা ৷’

অনিয়াই ৰাস্তাটো বুজাই দিলে ৷ ক'লে, 'ডাউন মে', বচ্চন কা ঘৰ ৷ জোৰ-জোৰছে হৰ্ণ মাৰ দেনা লেকিন ৷ ঔৰ, জলদি লে’কে’ আনা ৷’

'হ’গা দিদি ৷ আপ চলা যায়িয়ে ৷ মে’ আ ৰহাহুঁ ৷’

স্কুলবেগটো মই হাতত ল’লোঁ ৷ দৰজাখন মৰাৰ লগে লগে ছুম’ গ'ল্ড এৰি দিলে ৷ ৰঙা বেকলাইটকেইটা যেন সুকলমে গন্তব্য পৌচাই দিয়াৰ সফলতাত অহংকাৰী হৈ উঠিল ! ঘপকৈ কেনি সোমালগৈ গমেই নাপালোঁ ৷ নেদেখা হৈ থাকিল ৷ পুৱা ৰয়িঙৰে পৰা একেলগে আহি থকা সহযাত্ৰীসকলক আনকি বিদায়ী মাত এষাৰো লগোৱা নহ'ল ! পাচিঘাটৰ যুৱতীগৰাকীয়ে মোক চাহো খুৱাইছিল ৷ কিযে ভাবিছে চাগৈ !

বেগ পিঠিত ৷ উভতি খোজ লৈছোঁ ৷ ৰাক্‌ছেকটো এতিয়াই কিয় দিব নোৱাৰে ? কিয় শেষত ঘৰত দি যাবহি বুলি ক’লে ? কথাটো বুজি পোৱা নাই ৷

অনিয়াই মোক বুজালে ৷ ড্ৰাইভাৰে এতিয়া বাকী পেচেঞ্জাৰবোৰক এজন এজনকৈ ঘৰে ঘৰে এৰিব ৷ যাৰ যি বস্তু আছে সেয়াও জেগাই জেগাই নমাব ৷ ইয়াত এইটোৱে নিয়ম ৷ ষ্টেণ্ডৰ পৰা ঘৰাঘৰি যাবলৈ একো ব্যৱস্থা নাই ৷

‘অভি চমজমে আয়া মে’ৰা ৷’ মোৰ বাবে আনৰো পলম হোৱাত নিজকে দোষী দোষী লাগি গ'ল ৷

বিজুলীচাকিৰ পোহৰবোৰ দেখিছোঁ যদিও মূল ৰাস্তাৰ পৰা আঁতৰি অহা ঠেক পথটোৰ কাষত ঘৰ বেছি নাই ৷ উপকণ্ঠীয় পৰিৱেশটোলৈ চাই ডিফু চহৰখনৰ আমি দেখা অতীতৰ মুহূৰ্ত কিছুমান মনৰ পৰ্দাত ভাহি উঠিছে ৷ উচ্চতাৰ তাৰতম্য বহুত বেছি, ঠাণ্ডা তুলনাবিহীন যদিও কিছুমান কথাত যেন মিল পালোঁ আনিনিৰ বৰ্তমানটোৰ সৈতে ৷

ঘৰটো পালোঁহি ৷ কংগো-২, মেডিকেল লাইন ৷ পুৰণা বজাৰ ৷ প্ৰযত্নে বচ্চন মিপি আৰু অনিয়া মেয়া ৷ আনিনি, ডিবাং ভেলী, অৰুণাচল প্ৰদেশ ৷ এয়াই এতিয়া মোৰ অস্থায়ী ঠিকনা ৷ (ক্ৰমশঃ)

Tuesday, 28 April 2020

৬.২ আনিনিত নামিলোঁ

সূৰ্যহীন অপৰাহ্নটোৱে আচহুৱা পৰিৱেশটোকযেন বিৰল মাত্ৰা প্ৰদান কৰিছে ৷ চাই থাকোঁতেই ডাৱৰবোৰে দুশাৰী পৰ্বতৰ মাজৰ অঞ্চলবিলাকৰ ওপৰত বগা চামনিৰ সৃষ্টি কৰিলে ৷ মায়’ডিয়াত অথনি বৰফৰ শুভ্ৰ আৱৰণ পাইছিলোঁ ৷ ইয়াত ডাৱৰৰ ৷ যেনিবা বগা চাদৰ একোখনহে নামনিলৈ নামি গৈ আছে ! নিম্নাংশত কি আছে দেখা নোপোৱা কৰি পেলালে ৷ চূড়াতকৈ উপত্যকা আগতেই অন্ধকাৰ হৈ পৰিল ৷
সৌ পৰ্বতৰ এছোৱা বৃক্ষহীন কিয় ? সৌফালেও টকলা পাহাৰ ৷ স্বাভাৱিকতে দৃষ্টি এতিয়া শিখৰে শিখৰে নিবদ্ধ ৷ নিশ্চয় মানুহৰ দ্বাৰাই কাৰবাৰটো সংঘটিত হৈছে ৷ জুম খেতিৰ কুপ্ৰভাৱ ? আমাৰ কাৰবি আংলঙতো ইফালে-সিফালে ঘূৰোঁতে অনুৰূপ ছবি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ৷ চৰকাৰে যদিওবা আইন প্ৰণয়ন কৰিছিল, জুম নিয়ন্ত্ৰণ বিভাগ খুলিছিল, এনেকুৱা প্ৰণালীৰ কৃষি-কাৰ্যক নিষিদ্ধ ঘোষণাও কৰিছিল, তথাপি প্ৰাদূৰ্ভাৱ আজিকোপতিও নাইকিয়া হোৱা নাই ৷ এইটো প্ৰান্ততো তাৰেই প্ৰতিফলন ৷ অথচ এইফালৰ পৰ্বত তুলনামূলকভাৱে বেছিকৈয়ে দুৰ্গম, অতিকৈয়ে থিয় ৷ প্ৰশ্ন হয়, উঠা-নমাতেই ইমান কষ্ট, খেতি কৰাটোও ভীষণ কষ্টকৰ, তাতে ফচলনো পাই কিমান, তথাপিও এচামে এৰিব পৰা নাই কিয় ? পৰম্পৰা জীয়াই ৰখাৰ প্ৰৱণতা নে অনন্যোপায় ? নিৰাময়ৰ যথোচিত উপায় কি হ’ব পাৰে ? সচেতনতা জগাবলৈ, বনাঞ্চল বচাবলৈ, গছ থাকিলেহে মানুহ থাকিব বুলি বুজাবলৈ যাদৱ পায়েঙৰ দৰে নিষ্ঠাৱান পৰিৱেশ-কৰ্মীৰ অতীব প্ৰয়োজন অনুভৱ কৰিছোঁ ৷ ককিলাৰ বুকুত মেচিন নাৱেৰে আৰু সিপাৰৰ অৰুণা চাপৰিৰ মূলাই কাঠনিত ট্ৰেক্তৰ-ট্ৰেইলাৰেৰে ব্ৰহ্মপুত্ৰ পৰ্যন্ত চলোৱা স্মৰণীয় এড্‌ভেন্‌চাৰ যাত্ৰাটোৰ কিছু কিছু মুহূৰ্ত আৰু গছ-গছনিৰ দৃশ্য মোৰ দুচকুত চাঁতকৈ ভাহি উঠিল, ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানিত ‘ফৰেষ্ট মেন অফ ইণ্ডিয়া’ৰ কথা আৰু কাম মনলৈ অহাৰ লগে লগে ৷
পোহৰ পৰ্যাপ্ত নহয় ৷ ৫ বজাত কেমেৰা সামৰি বেগত সুমুৱাই দিলোঁ ৷ পইণ্ট এণ্ড শ্বুট্‌ জাতৰ হ’লেও সকলো সময়ৰে সকলো ছবি ব্ৰীজ কেমেৰাই হওক বা যি কেমেৰাই নহওক, ধৰি ৰাখিব নোৱাৰে ৷ ভাবি ল’লোঁ যে এতিয়াৰে পৰা ভাল লগা দৃশ্যবোৰ হৃদয়ৰ কেমেৰাত বন্দী কৰি যাম ৷ সযতনে জীয়াই ৰাখিম স্মৃতিৰ মণিকোঠাত ৷
পকা হোৱা নাই যদিও মাজে মাজে ৰাস্তাটো বহল কৰি উলিওৱা হৈছে ৷ ঠাইবিশেষে প্ৰাচীন অৱস্থা ৷ অধিকাংশই কেঁচামাটি ৷ জেগাই জেগাই বোকা ৷ হাইৱে’ৰ বাবে আগতে থকা কেঁকুৰিবোৰ কমাইছে আৰু পোনাইছে বুলি ধৰিব পাৰিছোঁ ৷ তাৰ কাৰণেই বহুত মাটি আঁতৰাবলগীয়া আৰু মিলাবলগীয়া হৈছে ৷ গছ-গছনিও বহুত কাটি, উভালি, দলিয়াই পেলোৱা হৈছে ৷ ৰাস্তা অৰ্জন কৰিবলৈ হ’লে বৃক্ষ বিসৰ্জন নিদিলে নহ’ব বুলি বুজি উঠিছোঁ ৷ পৰিপূৰক কথাবোৰহে জনাৰ উপায় নাই ৷ কেনিবা বৃক্ষৰোপণ হৈছেনে বা হ’বনে ? সমানুপাতিকভাৱে, উকা পাহাৰলৈ শ্যামলীমা ঘূৰাই অনাৰ চিন্তা-চৰ্চা হৈছেনে ? পথৰ দুয়ো দাঁতিত গছ ৰোৱাৰ পৰিকল্পনা আছেনে ? বাটৰ ছবিখন চাই চাই গৈ থকা ফুট-গধূলিটোৱেযেন মনটো কিবা বিহ্বল কৰি তুলিলে ৷
হে’ড লাইটৰ পোহৰত দেখা গ’ল, বাট ভেটি পৰি আছে সুদীৰ্ঘ এজোপা গছ ৷ কাষেৰেও কোনোমতে ফালৰি কাটি যোৱাৰ উপায় নাই ৷ অগত্যা ছুম’খন ৰৈ যাবলৈ বাধ্য হ’ল ৷ সন্মুখত কেঁকুৰি ৷ আঁতৰলৈ একোকে নেদেখি ৷ অৰণ্যময় ৷ টৰ্চটো জ্বলাই নামি গৈ চাওঁ নেকি ? ভাবিলোঁ ৷ জেগাটুকুৰা বৰ সুবিধাজনক যেনো লগা নাই ৷ সময়টোও ঠিক নহয় ৷ কি কৰোঁ ? গুণা-গঁথা কৰি আছোঁ ৷ ড্ৰাইভাৰলৈও চাইছোঁ, কি চিন্তা কৰিছেনো বুলি ৷ পাছফালৰ যাত্ৰীসৱৰ প্ৰতিক্ৰিয়া কিবা শুনো নেকি বুলি তালৈকো কাণ উণিয়াইছোঁ ৷ কিনো সৌভাগ্যৰ ফেৰ, হঠাতে পাছফালৰ পৰা প্ৰকাণ্ড আৰু যথেষ্ট বলী যেন লগা আৰ্থ মুভাৰ্ছ এখন ওলালহি ৷ খবৰ পাইছিল চাগৈ কেনেবাকৈ ৷ তাতে আজি মুখ্য মন্ত্ৰী মহোদয় আৰু সাংগোপাংগসকলৰ এইটো ৰাস্তাতে চফৰ চলিছে ৷ এতেকে সকলো সময়তে সষ্টম হৈ থকাৰ লগতে পথ মুকলি ৰাখিবই লাগিব ৷ অলপ আগেয়ে ভূমিস্খলনৰ কথা কোৱাজনো সেয়েহে কিজানি তৰা-নৰা ছিঙি দৌৰ মাৰিছিল কেম্পলৈ ৷ সি যি কি নহওক, কেইমিনিটমান ৰ’বলগীয়া হ’ল আমাৰ, বেছি নহয় ৷ ঘেঁ-ঘেঁকৈ সেইখনে ঠেলি ঠেলি সেইডাল আঁতৰালে ৷ ৰাস্তা খুলিল ৷ আমিও সদম্ভে ৰাওনা হ’লোঁ ৷
ইটালিনৰ পাছত পুনলি, আক’বে, য়ুৰন, এগুলি, মাত’লি, কাদুলি, এমব’লিন ৷ তাৰ পাছত আনিনি ৷ এমব’লিনত ড্ৰি নদীখন পাৰ হ’ব লাগে ৷ নৈখনতো আগতেই নেদেখা হ’লেই, অন্ধকাৰৰ প্ৰকোপত কেতিয়ানো দলং অতিক্ৰম কৰিলোঁ তাকো টলকিবই নোৱাৰিলোঁ ৷ কিবা চিন্তা কৰি থাকোঁতেই এই পাৰ পালোঁহি ৷ বাটতে এজন নামিব বুলি ৰখাওঁতেহে গাটো বাজিল ৷ পথ নিৰ্মাণকাৰী সংস্থাৰ কেম্প এটা আছে, তলফালে ৷ লাইটৰ পোহৰ দেখা পাইছোঁ ৷ বোধ কৰোঁ তালৈকে আহিছে, ৰ’য়িঙৰ পৰা পুৱাতে ওলাই ৷ পাছৰ চিটত বহি দুৰ্গম পথৰ ভয়ংকৰ যাত্ৰাক স্বীকাৰ কৰি লক্ষ্যস্থান ওলাইছেহি ৷ প্ৰমোদ ভ্ৰমণ মুঠেই নহয় এয়া ৷ চকা ঘূৰি থাকেমানে বিপদৰ সৈতেহে খেলা ৷

যুৱকজনক নমাই সৰ্পিল পথেৰে গাড়ীখন গৈ থাকিব ধৰিলে ৷ আনিনি কোনফালে ? কৌতূহলে তুমুলভাৱে ঘেৰি ধৰিছে ৷ একা-বেঁকা পথ ৷ লাইটৰ তিৰবিৰণি কেনি দেখা পাওঁ, তাকে চাবলৈ চকু থিয় কৰি আছোঁ ৷ হঠাতে কি হ’ল, সহযাত্ৰী যুৱতীসকলে দেখোন গান গোৱা আৰম্ভ কৰি দিলে ! বুজিলোঁ ৷ ঘৰ ওচৰ চাপিছে ৷ স্ফূৰ্তিৰ বহিঃপ্ৰকাশস্বৰূপে ওঁঠলৈ আপোনা-আপুনি সংগীত আহি গৈছে ৷ যাত্ৰা বিৰক্তিদায়ক হ’লেও হ’ম চুইট হ’ম সদায়েই ৷ লাগিলে সি পৰ্বতত হওক, ভৈয়ামত হওক, য’তেই নহওক ৷ হালি-জালি যাত্ৰা কৰি থকাৰ ফাঁকে ফাঁকে দুই-একে চুলি-টুলিও ঠিক-ঠাক কৰিব ধৰিছে ৷ ঘূৰি চাই গম পালোঁ ৷ ‘আনিনিলৈ আৰু কিমান বাকী’ বুলি চালকক সুধিছিলোঁ ৷ ‘আ গয়া, চামনে' হে’ বুলি উত্তৰ দিলে ৷

কেনেকৈ থাকে, বৃত্তি কি, কি লৈ জীয়াই থাকে, কি খাই জীৱন ধাৰণ কৰে এইফালৰ মানুহে ? জানিবলৈ বিৰাট কৌতূহল জাগে ৷ জীৱন প্ৰণালী কেনেকুৱা ? কি ভাল পায়, কি বেয়া পায় তাকো জানিবৰ মন যায় ৷ মেইনলেণ্ড ইণ্ডিয়াৰ পৰা কল্পনা কৰিব নোৱাৰা দূৰত্বত আহুকলীয়া পৰ্বতীয়া যাতায়াত ব্যৱস্থা এটাত অভ্যস্ত থাকিও আনন্দ কিন্তু অব্যাহত ৰাখে ৷ তাৰ প্ৰমাণ এতিয়া গুণগুণাই থকা গান ৷ গানতকৈ গানৰ অন্তৰালত থকা মানসিক অৱস্থা আৰু দৃঢ়তা ৷ তাতে কাইলৈৰ পৰা আৰম্ভ হ’ব হৃদয়ৰ উৎসৱ ৰে’হ ৷ তাক লৈও নিশ্চয় মন-প্ৰাণ উৎফুল্লিত হৈ আছে ৷ উদ্বাউল হৈ পৰিছে ঘৰ পাবলৈ ৷ ইপিনে দেশে স্বাধীনতা লভাৰ ৭০-৭২ বছৰ পাৰ হৈ যোৱাৰ পাছতো যোগাযোগ ব্যৱস্থাৰ পয়ালগা অৱস্থা আজি স্বচক্ষে দেখা পোৱাৰ পাছত দুখে, ক্ষোভে মোক জৰ্জৰিত কৰি পেলাইছে ৷ আশাৰ বতৰা এটাই যে বহু পলমকৈ হ'লেও দুই লেনযুক্ত ট্ৰেন্স অৰুণাচল হাইৱে' নিৰ্মাণ হৈ আছে ৷ ভাল দিন আহিব নিশ্চয় ৷

ইচিগ’ ভিলেজত নামিছিল এজন ৷ ইটালিনত নামি আহিল এজন ৷ অলপ আগতে এজন ৷ গাড়ীখনৰ ভিতৰত সদ্যহতে আমি ৮জন আছোঁ ৷ আগৰ চিটত চালক আৰু মই ৷ ঠাণ্ডা অনুভৱ হোৱাত খিৰিকীৰ আইনা সম্পূৰ্ণ বন্ধ ৰখা হৈছে ৷ মনত খূদুৱনি জাগিছে ৷ নোটবুকখনত লেখা শাৰীটো জপ কৰিব ধৰিছোঁ ৷ হস্পিতেল ফাৰ্মাচি, হস্পিতেল ফাৰ্মাচি ৷ ড্ৰাইভাৰক পুনৰবাৰ সুধিয়ে পেলালোঁ, ‘হস্পিতেল ফাৰ্মেচি কাঁহাঁমে’ হে’ ? মুঝে’ ৱহাঁ উতৰনা হে’ ৷’ পুৱা ৰ’য়িং এৰাৰে পৰা তিনিবাৰমান হ’ল চাগৈ কোৱা ৷ মনটোৱে নামানে ৷ এতিয়াও ক’লোঁ ৷ দৰকাৰ পৰিলে আকৌ ক’ম ৷ কেনেবাকৈ পাৰ হৈ গুচি যাব লাগিলে কি হ’ব ? চিনি-জানি নাপাওঁ ৷ সিপিনে চালকৰ কোনো প্ৰতিক্ৰিয়া নাই ৷ চলাই আছে একান্তমনে ৷ বোকাৰ আতিশয্য কমা নাই ৷ বৰষুণ হৈছিল ৷ সেই হেতুকে অবিৰত সাৱধানতা ৷ এই চালকহঁতৰো ধৈৰ্যশক্তি মানিছোঁ ৷ প্ৰশংসা কৰি শেষ কৰিব পৰা নাযাব ৷ কেনেবাকৈ অকণমান ১৯-২০ হ’লেই… উঃ ভাবিব নোৱাৰি ৷

যিমানেই ওচৰ চাপিছোঁ যেন বোধ হৈছে, ক’ত নামিম, ক’ত থাকিম, চ’ক’ তায়ু বাৰু থাকিবনে মোলৈ ৰৈ, ইত্যাদি প্ৰশ্নবোৰে খুলি খুলি খাব ধৰিছে ৷ এনে লাগিছে, বুজিব নোৱাৰা ৰহস্য এগালমানৰ মাজলৈ নতুনকৈ যেন সোমাই গৈ আছোঁ ! এটা এছ.এম.এছ.ৰ আহ্বানক্ৰমে ইমানদূৰ বাট বাৰু সুকলমেই আহি গ'লোঁ ৷ এতিয়াহে আচল পৰীক্ষা ৷ নহ'লে এই ছুম' চালককে আশ্ৰয় ভিক্ষা কৰিব লাগিব, ৰাতিটোৰ বাবে ৷

ৰাস্তাৰ সোঁ দাঁতিত বৰ বৰ হৰফেৰে Welcome you to Anini Town, SBI Anini Branch লিখা চাইনব’ৰ্ড এখন গাড়ীৰ পোহৰতে পঢ়িবলৈ পালোঁ ৷ আৰ.চি.চি. তোৰণ এখনৰ তলেৰেও পাৰ হৈ আহিলোঁ ৷ আনিনিৰ দুৱাৰমুখ পোৱা যেন ধাৰণা হৈছে ৷ লাইটৰ চমকনি কিছুমান দেখা গৈছে ৷ ৰাস্তাছোৱা পকা, ভাল ৷ গাড়ীখনৰ গতিও অকণমান বৃদ্ধি পাইছে ৷

ক্ষণিকৰ ব্যৱধান মাত্ৰ ৷ চালকজনে স্পীড কমাই আনিলে ৷ মোলৈ চাই নিৰ্দেশ, ‘ৱ'হী হে’ হস্পিতেল ৷ উপৰ মে' ৷ আপক’ য়েহী উতৰনা থা না ? উতৰ যায়িয়ে ৷’ ব্ৰেক মাৰি দিলে ৷

হাঁ ! পাই গ’লোঁ নেকি ? বেগটো চিটতে এৰি মই আনিনিৰ মাটিত থিয় দিলোঁ ৷ সন্ধানী দৃষ্টিৰে ইফালে-সিফালে চালোঁ ৷ কোনোবা অচিনাকি ৰৈ আছে নেকি একাষে ? কোনোবা আহি আছে নেকি আগ বাঢ়ি ? নাই, কোনোৱেই নাই ৷ ঠাণ্ডাহে বৰকৈ অনুভৱ কৰিছোঁ ৷ কেনি যাব লাগিব, একো নাজানো ৷ কি কৰা যায় এতিয়া ? (ক্ৰমশঃ)

Monday, 27 April 2020

৬.১ আনিনিৰ বাটেৰে আগ বাঢ়ি…


গৈ থাকোঁতে ওপৰৰ পৰা চাওঁতে দেখা দৃশ্যটো এনেকুৱা, পাছফালৰ পৰা আহি তাল’খনে ইটালিনৰ বুকুত ধুনীয়াকৈ এছ টাৰ্ণ এটা লৈ আগুৱাই গৈছে ৷ এছটোৰ আগলিত সিফালৰ পৰা পৰ্বতৰ ফাঁকেৰে ভুমুকি মৰা ড্ৰিখন লগ লাগিছে যদিও দূৰত্ব বেছি আৰু পোহৰ কমি অহাত সংগমথলী স্পষ্ট হৈ থকা নাই ৷ আনিনিৰ বাটে আগ বাঢ়ি যোৱাৰ লগে লগে তাল’ও আমাৰ চকুৰ আঁতৰ হ’ল ৷

তাল’ক পাছফালে এৰি আমি এতিয়া ঢাপলি মেলিছোঁ ড্ৰি নদীক চুবলৈ ৷ ৰাস্তা ভাল নহয় ৷ পথ বহলাবৰ কাৰণে মাটি কটাৰ ফলত খাৱলা-খাৱলি হৈ আছে ৷ এঠাইত এজন মানুহক বিপৰীতফালৰ পৰা উধাতু খাই আহি থকা দেখা পালোঁ ৷ ড্ৰাইভাৰক গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলে ৷ ক’লে বোলে আগত এইমাত্ৰ লেণ্ডস্লাইড হৈ গ’ল ৷ ৰাস্তা ব্লক হৈ থাকিল ৷ গাড়ী নাযাব ৷ কৈয়ে তেওঁ দৌৰ মাৰিলে এক কিল’মিটাৰমান পাছত দলং এখনৰ কাষত আমি এৰি থৈ অহা কেম্পটোলৈ ৷ তাত খবৰটো দিব আৰু এক্সকেভেটৰ লৈ পুনৰ আহিব ৷ তেতিয়ালৈকে ৰ’ব লাগিব ৷ মানুহজনৰ সচেতনতা আৰু কৰ্তব্যনিষ্ঠাই আকৰ্ষণ কৰিলে যদিও দুৰ্ভাবনা এটায়ো উৎফুল্লিত মনটোক ততালিকে গ্ৰাস কৰি পেলালে ৷

আকৌ লম্ভিলে এটা অনিশ্চয়তাই ! স্বগতোক্তিটো আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল ৷ গাড়ী মাজৰাস্তাত থিয় ৷ পাচিঘাটৰ যুৱতীও নামিছে ৷ ৰাস্তাৰ দাঁতিতে ৰৈ কিবা ভাবত মগন ৷ প্ৰকৃতিয়েই চাইছে নে আনিনিত অপেক্ষা কৰি থকা বায়েকলৈকে মনত পেলাই অস্বস্তি উজাৰিছে নাজানো ৷ আজি যদি ইয়াতে থাকিবলগীয়া হয়, কি হ'ব ? নাই, আন্ধাৰে গ্ৰাস কৰাৰ আগতেই খৰ খোজেৰে গৈ জেগাটো নিজ চকুৰে চাই অহাই বুদ্ধিমানৰ কাম হ’ব ৷ ক’ত কি হৈছে তেতিয়া পৰিষ্কাৰকৈ জানিব পাৰিম ৷ ভাবিলোঁ আৰু ক'লোঁ ৷ পিছে সংগীচোন কোনোৱেই লৰচৰ নকৰিলে ৷ ৪ বাজি ৪০ মিনিট পাৰ হ’ল ৷ সন্ধিয়া বেলাৰ বিষাদ-গাঁথাৰে আটাইৰে মন-প্ৰাণ যেন দুৰ্দশাগ্ৰস্ত ৷ ক্যা হ’গা অভি ! এনে ভাবনাৰে ভাৰাক্ৰান্ত ৷ আমি দুজনৰ বাদে বোকামাটিত ভৰি দিয়া নাই আন কোনো এজনেও ৷ থমথমকৈ গাড়ীতে বহি আছে ৷

উন্নয়নৰ কামত বাধা-বিপত্তি অনেক আহে ৷ সেইবোৰ অতিক্ৰম কৰিয়েই নতুন ৰাস্তা নিৰ্মাণ কৰা হয়, যেনেকৈ এই ৰাস্তাটো ৷ সোঁহাতে জলপ্ৰপাত এটা নামি আহিছে ৷ ৰাস্তাৰ ওপৰেৰেই চিৰ্‌চিৰ্‌কৈ বৈ গৈছে পানীবোৰ ৷ খুপি খুপি গ’লোঁগৈ ওচৰলৈকে ৷ ড্ৰিখন কেনি আছে ? বিপৰীতফালে চাওঁ বুলিও কাণি-মুনি হৈ অহাত স্পষ্টকৈ নেদেখাই হ’লোঁ ৷ তাল’ আৰু ড্ৰি দুয়ো নদীতে একোটাকৈ বান্ধ সাজি ৩,০৯৭ মেগাৱাট ইটালিন হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্ট নিৰ্মাণৰ প্ৰস্তাৱ লৈ থোৱা হৈছে ৷ অৰুণাচলৰ পানীৰ জীৱনদায়িনী শক্তিৰ লগতে আছে জীৱন সলাব পৰা ক্ষমতা তথা সম্ভাৱনা ৷ সেই সম্ভাৱনাবিলাকৰ ভিতৰতে লুকাই আছে ডিবাং ভেলী, ল'ৱাৰ ডিবাং ভেলী, অৰুণাচলৰ ৰাইজৰ ভৱিষ্যৎ ৷

কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা সম্ভাৱনাৰ অংক অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিজুলী উৎপাদন ক্ষমতা ৬৩,০০০ মেগাৱাট ৷ তাৰ ভিতৰত এই ৰাজ্যৰ ক্ষমতা অকলেই ৮০ শতাংশৰ ওচৰা-উচৰি ৷ অহৰ্নিশে বৈ থকা নৈ-নিজৰাবোৰৰ পানীয়ে অৰুণাচলক বৃহৎ সম্ভাৱনাৰে চহকী আৰু সম্পদৰ মৰ্যাদাসম্পন্ন গৰাকী কৰি ৰাখিছে ৷ তাৰে এতিয়ালৈ কেৱল ১০-২০ শতাংশহে ব্যৱহৃত হৈছে বুলি কোৱা হয় ৷ চৰকাৰে এই বৃহত্তৰ সম্ভাৱনাক মানুহৰ জীৱনৰ বিকাশ ঘটোৱাৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ আঁচনি হাতত ল’লেও সকলোফালে হেঙাৰস্বৰূপ হৈ আহিছে জৈৱ-বৈচিত্ৰ্যৰ প্ৰশ্নটো ৷ সেয়ে শেষ সিদ্ধান্ত গ্ৰহণ কৰাটোও হৈ পৰিছে কঠিন ৷

জলবিদ্যুৎ উৎপাদনৰ পৰিমাণৰ ভিত্তিত প্ৰকল্পৰ শ্ৰেণী বিভাজন অনুসৰি ১০০ কিল’ৱাট উৎপাদনক্ষম প্ৰকল্পক মাইক্ৰ’, ১০১ কিল’ৱাটৰ পৰা ২ মেগাৱাট উৎপাদনক্ষম প্ৰকল্পক মিনি, ২ মেগাৱাটৰ আধিক্যৰ পৰা ২৫ মেগাৱাটলৈকে ক্ষুদ্ৰ আৰু ৫০০ মেগাৱাটৰ ওপৰৰ বিজুলী উৎপাদনক্ষম প্ৰকল্পক মেগা প্ৰজেক্ট বোলা হয় ৷ সেইফালৰ পৰা, ৩,০৯৭ মেগাৱাট ইটালিন প্ৰকল্পটো এটা মেগা প্ৰজেক্ট ৷ উৎপাদনৰ মাপকাঠীৰে ই ভাৰতৰ ভিতৰতে বৃহত্তম হ’বলৈ ওলাইছে ৷ ২৫,২৯৬.৯৫ কোটি টকা ব্যয়সাপেক্ষ প্ৰজেক্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময় ধাৰ্য কৰা হৈছে ৭ বছৰ ৷

কাৰিকৰী বৰ্ণনা অনুসৰি ইটালিন জলবিদ্যুৎ প্ৰকল্পটোত দুটা বান্ধ থাকিব ৷ ইটালিনৰ পৰা ২০ কিল’মিটাৰ আঁতৰত ইটালিন চাৰ্কোলৰ আথুনলি গাঁৱত তাল’ নদীত ৮০ মিটাৰ উচ্চতাৰ বান্ধ দিয়া হ’ব ৷ আকৌ, আনিনি চাৰ্কোলৰ য়ুৰন গাঁৱত ড্ৰি নদীত ১০১.৫০ মিটাৰ ওখ বান্ধ সজা হ’ব ৷ এইটো হৈছে ৰান-অফ-দা ৰিভাৰ চৰিত্ৰৰ জলবিদ্যুৎ প্ৰকল্প য’ত বান্ধ আৰু পাৱাৰ হাউচৰ মাজত দূৰত্ব থাকে ৷ দুয়োটা বান্ধৰ পৰা টানেলেৰে পানী বোৱাই নিয়া হ’ব ইটালিনৰ সমীপত তাল' আৰু ড্ৰিৰ সংগমথলীৰ নিকটত নিৰ্মাণ হ’বলগীয়া আণ্ডাৰগ্ৰাউণ্ড পাৱাৰ হাউচলৈ ৷ টাৰ্বাইন ঘূৰাই ওলাই যোৱা পানীভাগ পুনৰ এৰি দিয়া হ’ব ড্ৰি আৰু তাল’ৰ সংগমত ৷ সেইবাবে দুয়োখন নদীৰ পানী কেতিয়াও নুশুকাব ৷

ইটালিন প্ৰকল্পটোৰ কথা চিন্তা কৰা হৈছিল বিগত ২০০৩ চনতে ৷ ২০০৮ চনত জিন্দাল পাৱাৰ লিমিটেডক নিৰ্মাণৰ ঠিকা দিয়া হৈছিল ৷ প্ৰকল্পটোৰ নিৰ্মাণকাৰীৰ দায়িত্বত থকা ইটালিন হাইড্ৰ’ ইলেকট্ৰিক পাৱাৰ কোম্পানী লিমিটেড হৈছে জিন্দাল পাৱাৰ লিমিটেড আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অন্তৰ্গত হাইড্ৰ’পাৱাৰ ডেভেলপমেণ্ট কৰ্প’ৰেচন অফ অৰুণাচল প্ৰদেশ লিমিটেডৰ যৌথ উদ্যোগ ৷

২০১৭ চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰৰ পৰ্যাৱৰণ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ নদী, উপত্যকা আৰু জলবিদ্যুৎ প্ৰকল্পৰ বাবে থকা বিশেষজ্ঞ মূল্যায়ন কমিটিয়ে প্ৰকল্পটোৰ বাবে পৰিৱেশ সংক্ৰান্তীয় সেউজ সংকেত প্ৰদান কৰিছিল যদিও পাছত পুনৰীক্ষণৰ বাবে উক্ত অনুমোদন ৰদ কৰা হয় ৷ প্ৰস্তাৱিত প্ৰকল্পটোৰ ফলত জৈৱ-বৈচিত্ৰ্যৰ ওপৰত পৰিব পৰা প্ৰতিকূল প্ৰভাৱৰ সন্দৰ্ভত আলোচনা-বিলোচনা চলোৱাৰ পাছত ইয়াক পুনৰাই পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয় ৷

এই প্ৰকল্পত ব্যৱহৃত হ’ব ঘন অৰণ্যৰে আৱৰা ১,১৬৫.৬৬ হেক্টৰ মাটি ৷ তাৰে ১৩৪ হেক্টৰ অতি ঘন অৰণ্য আৰু ২৬৭ হেক্টৰ মধ্যমীয়াভাৱে ঘন অৰণ্য ৷ ভূখণ্ডটোৰ উপৰিভাগত থকা ১০০ বছৰ পুৰণা গছকে ধৰি ২,৮০,৬৭৭জোপা গছ কটা যাব ৷ এলেকাটোত থকা ১৮খন গাঁৱৰ ২৮৫টা পৰিয়াল স্থানান্তৰিত আৰু পুনৰ্সংস্থাপিত হ’ব ৷

বন উপদেষ্টা সমিতিয়ে প্ৰকল্পটোৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ কাৰণ হ’ল, হিমালয় অঞ্চলৰ এই প্ৰস্তাৱিত এলেকাটো বিশ্বৰ সকলোতকৈ চহকী জীৱ-ভৌগোলিক অঞ্চলসমূহৰ ভিতৰত অন্যতম ৷ প্ৰত্ন-সুমেৰীয়, ইন্দো-চীনীয় আৰু ইন্দো-মালায়ান জীৱ-ভৌগোলিক অঞ্চলৰ সংযোগস্থলত এলেকাটো অৱস্থিত ৷ বাঘ আৰু অন্য বনৰীয়া জীৱ-জন্তুৰো মুক্ত বিচৰণভূমি ৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ মতে ১২টাকৈ নাহৰফুটুকী বাঘ, ৮টাকৈ গোধাফুটুকী বাঘকে ধৰি ডাঙৰ প্ৰজাতিৰ মেকুৰীৰ বাসভূমি প্ৰকল্প নিৰ্মাণ হ'বলগীয়া অঞ্চলটো ৷ পৃথিৱীজুৰি বিলুপ্তপ্ৰায় ৬ প্ৰকাৰৰ স্তন্যপায়ী প্ৰজাতিৰ জন্তুও অঞ্চলটোত পোৱা যায় ৷ তাৰে ৩ বিধ সংকটাপন্ন আৰু ৩ বিধ হননীয় অৱস্থাত আছে ৷

আনফালে পক্ষী বিশেষজ্ঞ আৰু সংৰক্ষণৰ সৈতে জড়িতসকলো সমস্যাক লৈ অধিক পৰিমাণে উদ্বিগ্ন ৷ চৰাইৰ কাৰণে ক্ষতিকাৰক হোৱাৰ বাবেও কাম আগ বঢ়াত বাধা আহি পৰিছে ৷ অঞ্চলটো প্ৰায় ৬৮০ প্ৰজাতিৰ পক্ষীৰ আবাসভূমি ৷ ভাৰতত প্ৰাপ্ত পক্ষীৰ প্ৰজাতিৰ ৫৬ শতাংশ ইয়াত উপলব্ধ ৷ সেইসমূহৰ ভিতৰত ১৯ বিধ বিশ্বজুৰি সংশয়াত্মক অৱস্থাত আৰু ১০ বিধ কম-বেছি পৰিমাণে সংশয়াত্মক অৱস্থাত আছে ৷ ১৯ বিধৰ ৪ বিধ সংকটজনকভাৱে বিপন্ন, ২ বিধ বিপন্ন আৰু ১৩ বিধ দুৰ্বল প্ৰজাতিৰ ৷ ৩ বিধ সম্পূৰ্ণ থলুৱা আৰু বিৰল সীমাবদ্ধ পৰিসীমাৰ ভিতৰত বিচৰণ কৰা চৰাই আছে ৷ ইয়াত এনেকুৱা চৰায়ো আছে যি পৃথিৱীৰ দ্বিতীয় কোনো ঠাইতে পাবলৈ নাই ৷

সমগ্ৰ অঞ্চলটো প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা, দেশীয় পক্ষী এলেকা, আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য স্থল, পৃথিৱীৰ মানসম্পন্ন আৰু গুৰুত্বপূৰ্ণ জৈৱ-বৈচিত্ৰ্য এলেকাৰ অন্তৰ্ভুক্ত ৷ এনে পৰিস্থিতিত নিৰ্মাণ কাৰ্য আগুৱাব লাগিলে পৰ্যাৱৰণ, প্ৰাণীকুল, উদ্ভিদকুল সকলোৰে বিস্তৰ হানি-বিঘিনি হোৱাটো স্বাভাৱিক ৷ অঞ্চলটোৰ পৰ্যাৱৰণক লৈ ২০১৪, ২০১৫, ২০১৬ আৰু ২০১৭ চনত আলাপ-আলোচনা চলি আহিছে ৷ শেহতীয়াভাৱে, ২০১৯ চনৰ ১৭ অক্টোবৰত অনুষ্ঠিত সভাত বন উপদেষ্টা সমিতিয়ে বিষয়টো পুনৰবাৰ আলোচনা কৰে আৰু সম্পূৰ্ণ আশ্বস্ত নোহোৱাত পূৰ্বৰ স্থিতিতে ৰৈ যায় ৷ ভূমিৰ পৰিমাণ কমাব পাৰি নেকি, সম্প্ৰতি উপ-সমিতি গঠন কৰি তাৰে চিন্তা-চৰ্চা চলাই থকা হৈছে ৷

২০১৫ চনতে গম পোৱা গৈছিল যে এই প্ৰজেক্টৰ পৰা কেৱল ডিবাং ভেলী জিলাই নহয়, সমগ্ৰ অৰুণাচল প্ৰদেশৰে লাভ হ’ব ৷ ইয়াৰ পৰা প্ৰাপ্ত বিজুলীয়ে স্থানীয় বাসিন্দাসকলৰ ভৱিষ্যৎ উজ্জ্বল কৰি তুলিব ৷ প্ৰতি মাহে ১০০ ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৷ উৎপাদিত বিজুলীৰ ১ শতাংশ সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ৰূপত ব্যৱহাৰ হ’ব যাক ৰাজহ সংগ্ৰহ, কল্যাণ আঁচনি আৰু আন্তঃগাঁথনি উন্নয়ন কাৰ্যত খটুৱা হ’ব ৷ এই প্ৰকল্পৰ নিৰ্মাণ চলিলে পটু, অপটু আৰু কাৰিকৰী কৰ্মসংস্থান ওলাব ৷ সেয়েহে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ খোলা হ’ব য’ত ৰাজ-মিস্ত্ৰী, জালি-মিস্ত্ৰী, কাঠ-মিস্ত্ৰী, পাইপ-মিস্ত্ৰী আদি কামৰ বাবে থলুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব ৷ ক্ষমতা অনুসৰি ঠিকা কামৰ সুযোগ ইতিমধ্যে দি অহা হৈছে ৷

আৰু কোৱা হৈছিল যে ইটালিন, আথুনলি আৰু পুনলিত থকা বিদ্যালয়সমূহত উন্নত শিক্ষাৰ ব্যৱস্থা গঢ়ি তোলা হ’ব ৷আথুনলি আৰু পুনলিৰ দুখন মধ্য ইংৰাজী বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয় স্তৰলৈ উন্নীত কৰা হ’ব ৷ ইটালিনৰ মধ্য ইংৰাজী বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হ’ব ৷ সকলো স্কুলগৃহকে সুন্দৰকৈ নিৰ্মাণ কৰাৰ লগতে আচবাব, লেবৰেটৰী, ক্ৰীড়াৰ সুবিধা, কম্পিউটাৰ কেন্দ্ৰৰ দৰে সুবিধাসমূহ আগ বঢ়োৱা হ’ব ৷ শিক্ষাক গতি দিয়াৰ উদ্দেশ্যে মেধাৱী ছাত্ৰবৃত্তিও প্ৰদান কৰা হ’ব ৷ যোগ্য বিদ্যাৰ্থীক প্ৰশিক্ষণ দিয়া হ’ব যাতে তেওঁলোক অভিযন্তা হ’বগৈ পাৰে ৷ সেইসকলেই ভৱিষ্যতে প্ৰকল্পসমূহ চম্ভালিব আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যাব ৷ স্থানীয় ক্ৰীড়া প্ৰতিভাসমূহক বিচাৰি উলিওৱাৰ বাবে স্প’ৰ্টছ ক্লাব আৰু ক্ৰীড়াংগনৰ সুবিধা বিনামূলীয়াভাৱে দিয়া হ’ব ৷ স্বাস্থ্য আৰু চিকিৎসা সুবিধা হাতে ঢুকি পোৱাতে উপলব্ধ কৰা হ’ব ৷ পূৰ্বতে থকাবিলাকক উন্নীত কৰা হ’ব আৰু সহায়তাও আগ বঢ়োৱা হ’ব ৷ টীকাকৰণ কাৰ্যসূচী আৰু স্বাস্থ্য পৰীক্ষা শিৱিৰ পতা হ’ব ৷ পানী যোগান আৰু অনাময় ব্যৱস্থাতো সঠিকভাৱে চকু ৰখা হ’ব ৷ ইটালিনত সমূহীয়া প্ৰসাধন-গৃহ নিৰ্মাণ কৰা হ’ব ৷ ম’বাইল ট্ৰেন্সমিছন টাৱাৰ বহুওৱা হ’ব ৷ বিধবালৈ আৰ্থিক সাহায্য, শাৰীৰিকভাৱে অক্ষমলৈ অনুদান, কন্যাৰ বিবাহত সহায়তা, মেডিকেল কেম্প আদি সমাজ কল্যাণমূলক আঁচনিও ৰখা হ’ব ৷ জনজাতীয়সকলৰ সামূহিক প্ৰগতিৰ অৰ্থে স্থানীয় আৰ্ট এণ্ড ক্ৰাফটসমূহক উৎসাহ যোগোৱা হ’ব ৷ তেওঁলোকৰ দ্বাৰা নিৰ্মিত সমলেৰে কাৰ্যালয় আৰু অতিথিশালা সজোৱা হ’ব ৷ বিশ্বজুৰি সেইসমূহৰ প্ৰদৰ্শন আৰু বিপণনৰ দিশত হস্তশিল্পীসকললৈ সহায় আগ বঢ়োৱা হ’ব যাৰ দ্বাৰা তেওঁলোকৰ ভাল উপাৰ্জন যাতে হয় ৷ কৃষিৰ বৃদ্ধিৰ হকেও আঁচনি গ্ৰহণ কৰা হ’ব ৷ হেচ্চাৰী আৰু ফিছাৰীৰ বিকাশ ঘটোৱা হ’ব ৷ মৎস্য উৎপাদনত গুৰুত্ব প্ৰদান কৰা হ’ব ৷
পৰ্যাৱৰণ সংক্ৰান্তত কোৱা হৈছিল যে পৰ্যাৱৰণৰ নিয়মসমূহত সম্পূৰ্ণৰূপে ধ্যান দিয়া হ’ব ৷ সেউজ পৰিৱেশ, পৰিষ্কাৰ আৰু সুস্থ বাতাবৰণ বৰ্তাই ৰখা হ’ব ৷ বায়ু আৰু শব্দ প্ৰদূষণহীন কৰি ৰখা হ’ব প্ৰকল্পথলী ৷ স্বাস্থ্যযতন, এম্বুলেন্স আৰু আপাতকালীন সেৱাত বিশেষ মনোযোগ দিয়া হ’ব ৷ বতাহ আৰু পানীৰ পৰা হ’ব পৰা বেমাৰ প্ৰতিৰোধৰ কাৰণে টীকাকৰণ শিৱিৰ খোলা হ’ব ৷ জাবৰ নিষ্কাষণ, পুনৰ্ব্যৱহাৰ আৰু উচিত ৰফাকৰণৰ পদক্ষেপ লোৱা হ’ব ৷ শিক্ষা, ৰোজগাৰ আৰু এটা উন্নত ভৱিষ্যতৰ প্ৰবল আশা জগাইছে ইটালিন প্ৰকল্পটোৱে ৷ অনাগত দিনত চৰকাৰ আৰু ৰাইজে মিলি কেনে পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব ৷
এইবোৰ ভাবি থাকোঁতেই পাছফালৰ পৰা বলেৰ’ এখন আহিল ৷ পথ বন্ধ হোৱাটো চাগৈ গম নাপায় ৷ আমাকো একো সোধা নাই ৷ এবাৰ মাত্ৰ চালে আৰু দপদপাই গুচি গ’ল ৷ তাকে দেখা পাই আমাৰ চালকেও ষ্টাৰ্ট দি দিলে ‘যা কে’ দেখে’গা’ বুলি ৷

লেণ্ড স্লাইড হোৱাটো হয় ৷ আগে আগে যোৱা বলেৰ’খন একাষেদি কাণে কাণ মাৰি পাৰ হৈ গ’ল ৷ সোঁফালৰ পাহাৰৰ পৰা মাটি খহিছে ৷ বাঁওহাতে জেগাও বৰ বেছি নাই ৷ পৰ্বতৰ মাজত এক্সকেভেটৰ আহিব আহিব বুলি ৰৈ থকাও মস্কিল ৷ ঠাণ্ডা বাঢ়ি গৈ থাকিব ৷ বলেৰ’খনকে সাহসৰ নমুনা হিচাপে গণ্য কৰি আমাৰ ড্ৰাইভাৰে ৰিস্ক লৈ ল’লে ৷ সাৱধানতাৰে পাৰ কৰাই নিবলৈ সক্ষম হ’ল যেনিবা ৷ খিৰিকীৰ কাষত বহা হেতুকে তললৈ কিমান দ, সৰি নপৰিবলৈ কেইফুটমান থাকিল, চব দেখাৰ সৌভাগ্য হ’ল মোৰ ৷ এইবোৰ ৰাস্তাৰে যাত্ৰা কৰোঁতে কোৰ-কুঠাৰ, দা-চিপৰাং, ৰছী-বেলচা ইত্যাদি লগত আনিবই লাগে ৷ সাহস আৰু পদে পদে সাৱধানতাটো ধৰা-বন্ধা ৷ (ক্ৰমশঃ)