Tuesday, 14 April 2020

৪.৯ বিদায় মায়’ডিয়া শিখৰ ৷ আকৌ আহিম


অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ পাৰ্বত্যনিবাস মায়'ডিয়া ৷ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ তথা আদৰ্শ ট্ৰেকিংথলী হিচাপে ইতিমধ্যেই চিহ্নিত আৰু জনপ্ৰিয় ৷ প্ৰাকৃতিক দৃশ্যাৱলী মনোমোহা আৰু অনন্য ৷ আচলতে ৰ’য়িং আৰু হুনলিৰ মাজৰ সৰ্বোচ্চ উচ্চতাৰ বৰফাবৃত এছোৱা গিৰিপথ এয়া ৷ জনবসতি নাই ৷ ৰ’য়িঙৰ পৰা ইয়ালৈ দূৰত্ব ৫৬ কিল’মিটাৰ ৷ ইয়াৰ পৰা হুনলিলৈ ৩৪ কিল’মিটাৰ ৷ উচ্চতাৰ মাপকাঠিত সমুদ্ৰপৃষ্ঠৰ পৰা ৰ’য়িং ৩৯০ মিটাৰ, মায়’ডিয়া ২,৬৫৫ মিটাৰ, হুনলি ১,২৫০ মিটাৰ ৷

শুকুলা বৰফেৰে ঢকা কৰ্দৈসিৰীয়া পাহাৰৰ টিং, নামনিৰ ঘন সেউজীয়া বননি, অৰণ্যানি আদিৰে মায়’ডিয়াৰ দৃশ্যৰাজি অতিপাত ধুনীয়া ৷ শীতকালত হাতে ঢুকি পোৱাতে উপলব্ধ হিমকণা আৰু বৰফাবৃত পৰ্বতৰ শাৰীয়ে এলেকাটোক অধিক জীৱন্ত কৰি তোলে ৷ থাকিবৰ বাবে ওচৰতে কফি হাউচ গে’ষ্ট হাউচ আছে ৷ কোনো কোনোৱে ‘হাউণ্টেড হাউচ’ অৰ্থাৎ ভূতে বাহ লোৱা ঘৰ বুলিও অভিহিত কৰে ৷ ৰহস্যটো কি নাজানো ৷ থাকি পোৱা নাই ৷ মন থাকিলেও আচলতে সুযোগ পোৱা নাই ৷ অহা-যোৱা কৰোঁতে যি দেখিছোঁ সেয়াই ৷

মায়’ডিয়া নামটোৰ ব্যুৎপত্তি সম্বন্ধীয় কথা কেইবাটাও ৷ পূৰ্বতে থকা মোৰ ধাৰণা অনুসৰি এজনী বৰফত হেৰাই যোৱা ছোৱালী, মায়া নাম আছিল যাৰ, সেই নেপালী ছোৱালীজনীৰ নামেৰেই মায়’ডিয়া নামাংকিত হৈছে বুলি ভাবি আছিলোঁ ৷ অন্য এক সূত্ৰৰ পৰা গম পালোঁ, মায়’ডিয়া দেউৰী-চুতীয়া শব্দ ৷ ইয়াৰ অৰ্থ দেৱী-মাতৃৰ পুণ্যস্থান ৷ মায়’ মানে দেৱী-মাতৃ, ডি মানে পানী, য়া মানে মাটি ৷ আৰু এক উৎসৰ পৰা গম পালোঁ যে মূল শব্দটো মায়ুধিন ৷ তাৰ পৰা মায়’ডিয়া হৈছে ৷ ইদু মিছিমি ভাষাত মায়ু হ’ল পৰ্বতৰ নাম ৷ ধিনৰ অৰ্থ শৃংগ ৷ সঠিক কি সেয়া গৱেষকে ক’ব পাৰিব ৷

ব্ৰিটিছে ছিমলাৰ অনুৰূপ মায়’ডিয়াকো গঢ়ি থৈ যাব পাৰিলেহেঁতেন বুলি কোনো কোনোৱে আক্ষেপ কৰা শুনো ৷ নিশ্চয় দৃশ্যাৱলী তুলনা কৰিয়ে কয় তেনেকৈ ৷ ছিমলা মই দেখাগৈ নাই ৷ কিন্তু আজি মায়’ডিয়াত উপস্থিত হৈ এইটো অনুমান কৰিব পাৰিছোঁ যে সেই কালত অৰ্থাৎ ইংৰাজৰ দিনত তুষাৰপাতৰ মাত্ৰা এতিয়াতকৈ নিশ্চয় বহুলাংশে বেছি আছিল ৷ আনহাতে বহু বছৰৰ পাছত এইবাৰ বৰফ বেছিকৈ পৰিছে বুলি মানুহে কোৱা-কুই কৰা শুনিলোঁ ৷ তাকো বোলে আজি আটাইতকৈ বেছি ৷ কথাষাৰ শুনাৰ পাছত, এনে দিন মিলিলনে ভাগ্যত বুলি নিজৰে কিবা এটা ভাল লাগি আছে ৷

মায়’ডিয়াৰ এটা মন কৰিবলগীয়া বিশেষত্ব আছে ৷ সেয়া হ’ল গিৰিপথছোৱাতহে বৰফ পৰে ৷ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত হিমপাতৰ সময় যদিও জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সৰহ পৰিমাণে পোৱা যায় ৷ আজি জানুৱাৰীৰ ৩১ তাৰিখ ৷ সেয়ে হয়তো অস্বাভাৱিক প্ৰচুৰতা দেখিবলৈ পাইছোঁ নিজৰ দুচকুৰেই ৷

প্ৰকৃতিৰ অনিন্দ্যসুন্দৰ ৰূপসুধা পান কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ এই স্থানলৈ নিতৌ আগমন ঘটে ৷ অসম-অৰুণাচলৰ পৰা অহা প্ৰকৃতিপ্ৰেমীৰ সংখ্যাই সৰহ ৷ প্ৰদূষণমুক্ত প্ৰাকৃতিক পৰিৱেশ এটাত বৰফৰ লাড়ুৰে দলিয়া-দলি খেলা, স্ন’-মেন সজা, ফটো তোলা আদিৰে সকলোৱে মিলি আনন্দোল্লাস কৰে ৷ স্থানীয় পৰ্যটকৰ মানত কাশ্মীৰ, চুইজাৰলেণ্ডলৈ নগ’লেও হৈ যায় ৷ অভিজ্ঞতা লৈ থোৱা মানুহে এনেকৈও কয় যে দূৰলৈ কিয়নো যাব লাগে ? আমাৰ ওচৰতে আছেচোন এইবোৰ ঠাই ৷ তিনিচুকীয়াৰ পৰা মায়’ডিয়ালৈ বৰ বেছি ১৫০ কিল’মিটাৰমানহে ৷ পুৱা গাড়ী লৈ ওলাই আহি গধূলি ঘৰ সোমাবগৈ পাৰি ৷ খোৱা-বোৱা কৰিবলৈ নিকটতম চহৰ ৰ’য়িংখন আছেই ৷ ইচ্ছা কৰিলে থাকি দিবও পাৰি ৷

শুনামতে নৱবৰ্ষৰ সময়ত ইয়াত ভিৰ বেছি হয় ৷ আগমনকাৰীৰে হিচ খাই পৰে ৷ দায়িত্বজ্ঞানহীন কিছুমান তথাকথিত টুৰিষ্টে য’তে-ত’তে বৰ লেতেৰা কৰে, উল্লাসত আপোন-পাহৰা হৈ আনকি জাবৰ-জোঁথৰো এৰি থৈ যায় বুলি শুনা পাওঁ ৷ ৰ’য়িঙৰ সংগঠন, ছাত্ৰ-ছাত্ৰী, এন.জি.অ’.ৰ স্বেচ্ছাসেৱকে আহি সেইবোৰ সংগ্ৰহ কৰে, নিষ্কাষণ কৰে, জেগা চাফা কৰে ৷ প্ৰকৃতিয়ে উদাৰচিত্তে আমাকনো উপহাৰ দিয়া নাই কি ? তাকে আমি যথাযথভাৱে ৰাখিব পাৰিব লাগে ৷ সংৰক্ষণ শিকিব লাগে ৷

চাইনব’ৰ্ডখন পালোঁহি ৷ ফ্ৰেমটোৰ ওপৰত এশাৰী তুষাৰকণাৰ সমষ্টি ৷ আগতে পোৱাৰ দৰেই ইংৰাজীত লিখা আছে 'মায়’ডিয়ালৈ স্বাগতম, উচ্চতা ২,৬৫৫ মিটাৰ' ৷ এইখিনিত এতিয়া কোনো নাই ৷ কাকো ফোন টিপি থকাও দেখা নাই ৷ দুই-একে ফটো তুলি আছিল ৷ যাবৰ হ’ল চাগৈ ৷ আঁতৰি গ’ল ৷ পুৰণি অভিজ্ঞতাক সাৰথি কৰি ম’বাইলটো সন্তৰ্পণে পকেটৰ পৰা উলিয়াই মই চুপে-চাপে নে’টৱৰ্কৰ সন্ধানত লাগি গ’লোঁ ৷ শ্ৰীনিবাসে কোৱামতেই আগৰবাৰ ছিগনেল পাইছিলোঁ ৷ এইবাৰ আকৌ কিহে পালে ! বহুত চেষ্টা কৰিও হাৰি গ'লোঁ ৷ নাপালোঁ ৷ কি হ’লজানো বি.এছ.এন.এল.ৰ ! জিঅ’ও নিঃসাৰ ৷ মনোৰথ বিফল হ’লেও মিছিমি পাহাৰৰ বক্ষত বৰফৰ স্পৰ্শসুখ আৰু চৌপাশৰ অকল্পনীয় সমাৱেশে মনৰ সমস্ত অভিযোগ-অশান্তি মুহূৰ্ততে তল পেলাই দিলে ৷ সিবাৰ মধ্য এপ্ৰিলত আহোঁতে যিটো পোৱা নাছিলোঁ, দূৰৰ পৰ্বত শিখৰত ৰিণি ৰিণিহে দেখিছিলোঁ বৰফৰ জিলিঙনি, তাকে চাই সন্তুষ্টি লভি ঘূৰি গৈছিলোঁ, এইবাৰ হেঁপাহ পূৰণ হ’ল ৷

ছুম’খনত মোৰ পাছফালে বহি অহা যুৱতীগৰাকীও দুপিয়াই দুপিয়াই ওলালহি এইখিনি ৷ তাইৰো চাগৈ মন, ব’ৰ্ডখনত ধৰি ফটো উঠাৰ ৷ কাৰ নাযাবনো ? ম’বাইলৰ কেমেৰাৰে লেণ্ডস্কেপবোৰৰ ফটো তুলি আছে ৷ মই মোৰটো আগ বঢ়াই দিলোঁ ৷ এনে পৰিস্থিতিত কথা নক’লেও বুজাই বুজি যায় ৷ হাঁহিমুখে হাত পাতি ল’লে আৰু স্নেপ লৈ উভতাই দিলে মোক ৷ লগতে তায়ো মোক নিজৰ ম’বাইলটো ধৰালে ৷ দুহাতে বৰফ এদ’ম এদ’ম লৈ, ওপৰলৈ দলি মাৰি, আঁঠু কাঢ়ি, বিভিন্ন প’জ দি গ’ল ৷ মই যেন প্ৰফেচনেল ম’বাইল ফটোগ্ৰাফাৰহে ! তুলি দিলোঁ এখন এখনকৈ ৷ ৰিজাল্ট চোৱা নাই ৷ ফোনটো ঘূৰাই দিওঁতে মাত্ৰ ঘৰ ক'ত সুধিলোঁ ৷ ক’লে, ‘পাচিঘাট ৷ আনিনি যানা হে' ৷ আপভি আনিনি যা ৰাহা হে' না ছাৰ ?’ আনুষ্ঠানিক পৰিচয় নাই যদিও মুখ-চিনাকি আৰু একেখন বাহনতে অহাৰ উপৰি একে গন্তব্যক উদ্দেশ্য কৰি যাত্ৰা চলি থকাৰ সুবাদতে সময়ৰ লগে লগে আমি একেখন ঘৰৰ মানুহৰ দৰেই হৈ পৰিছোঁ ৷

যৎসামান্য কথোপকথন আৰু ফটোচেচন সমাপ্ত কৰি যুৱতী উভতিল ৷ ৰৈ ৰৈ চাইছোঁ মায়’ডিয়াৰ মায়াবী পৰিৱেশ ৷ চমকা-চমকে পৰি ৰোৱা বৰফৰ মাজেৰে দূৰত হুনলি অভিমুখী ৰাস্তাটো কেনি কেনিনো গৈছে অনুমান কৰিছোঁ ৷ যোৱাবাৰ আহোঁতে এইডোখৰৰ পৰাই উভতিছিলোঁ ৷ 'ব'লক ছাৰ, আনিনিৰ পৰা আহোঁ ৷' অনিলদাই জোৰ দিছিল যদিও অৰুণদাই ভেটো দিলে ৷ উচ্চতা-ভীতি, বেয়া ৰাস্তা আৰু অফিচৰ দায়বদ্ধতাৰ কাৰণে সময় দিবলৈ তেওঁ অপাৰগ ৷ মোৰো মন আছিল, অনিলদাক সমৰ্থনো কৰিছিলোঁ ৷ পিছে উপায় নাই ৷ দলীয় সিদ্ধান্ত ৷ উভতিলোঁ ৰ'য়িঙলৈ ৷ নিজকে নিজে মাত্ৰ কৈ থ'লোঁ... পাছত এবাৰ হ'লেও আহিম, যাম, চামগৈ আনিনি ৷ আজি এয়া আহি আহি এইখিনি পাইছোঁহি ৷ সপোন-পথেৰে আগুৱাই যোৱাৰ শুভ-দশা হ’বনে এইবাৰ, সৌ বৰফৰ মাজে মাজে ? সুধিছোঁ এতিয়া নিজকে ৷

চাইনব’ৰ্ডখনৰ গুৰিৰ পৰা ঠিক ঘূৰিব লৈছোঁ ৷ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী মহোদয়ৰ কনভয়টোৰ আনিনিগামী গাড়ীবোৰ ষ্টাৰ্ট দিলে ৷ এখন এখনকৈ শাৰী পাতি আগুৱাই আহিব ধৰিছে ৷ সিফালে ৰ’য়িঙৰ পৰা আৰোহণ কৰি অহাৰ পাছত এইটুকুৰাৰ পৰাই একেৰাহে অৱৰোহণ কৰি যাব লাগিব ৷ হুনলি কেইবামিটাৰো তলত আছে ৷

বাঃ ! সৌভাগ্যই আমাকো লগ ল’লেচোন ৷ দূৰত দেখা পালোঁ, আমাৰ চালকে ছুম’খন লাহে লাহে এইফালেই আগুৱাই আনি আছে ৷ আমি কনভয়টোৰ পাছে পাছেই যাব লাগিব ৷ অন্ততঃ বৰফময় এলেকা শেষ নোহোৱা পৰ্যন্ত ৷ তেতিয়া অথনি আশংকা কৰাৰ দৰে বাটত কোনেও আৰু আবদ্ধ কৰিব নোৱাৰিব ৷ কাৰণ আগত মিনিষ্টাৰ গৈ আছে ৷ এইটোৱেই উপস্থিত বুদ্ধি ৷ ঠিক আছে ড্ৰাইভাৰ চাহাব ৷ চাব্বাচ ৷ ৰঙিয়াল মনটোৱে ভাবি ল'লে এনেকৈয়ে ৷

চিটৰ পৰাই খিৰিকীৰে ডিঙি উলিয়াই চালকজনে আহ্বান জনাই আহিছে, হৰ্ন বজাই দৃষ্টি আকৰ্ষণ কৰিছে তেওঁৰ যাত্ৰীবৃন্দৰ ৷ পৰিৱেশৰ চাঞ্চল্য এৰিব নোৱাৰি কাৰো গাত গোসাঁই নাইকিয়া অথনিতেই হ’ল ৷ এতিয়া যাকে য’তে পায় চিঞৰি-বাখৰি মাতি আনি গাড়ীত ভৰাই লৈছে ৷ একেবাৰে শেষত এইখিনিত পালেহি মোক ৷ পাচিঘাটৰগৰাকী বহিলগৈ কেতিয়াবাই ৷

গাড়ীখনলৈ চাওঁতেই গম পালোঁ, সকলো উঠিছে, মোৰহে আসনখন শূ্ন্য ৷ যাত্ৰীসকলৰ মাজত বিৰাজমান হাস্যমধুৰ কথা-বতৰা ৷ উঠিবলৈ বুলি দৰজাখন খুলিয়ে সমূহলৈ চাই কৈ পথালোঁ… ৱাঃ, মজা আ গয়া ৰে’ আজ ৷ ৱাঃ মায়’ডিয়া, ৱাঃ ৷ থেংক গড্‌ ৷ দেৰি হোৱাৰ বাবে নে ফটচনে বিচাৰি নোপোৱাৰ কাৰণে চালকে কিবা-কিবি ভোৰভোৰাই আছিল যদিও মই ইকাণে শুনি সিকাণে বাজ কৰি দিলোঁ ৷ চিটত বহিয়ে পুনৰ স্বগতোক্তি... অভি শান্তি ৷ দিল খুছ হ’ গয়া ৰে' ৷ চল’ আনিনি ৷ (ক্ৰমশঃ)

No comments:

Post a Comment