Saturday, 4 April 2020

৩.২ অৱশেষত…



৩ বাজিল ৷ অৰুণাচলত জানুৱাৰী মাহৰ বিয়লি ৩ বজা মানে অচিৰেই অন্ধকাৰ নামি অহাৰ আগজাননী ৷ সময় যিমানেই চমু চাপিছে দুশ্চিন্তাৰে ভাৰাক্ৰান্ত মনটো মোৰো সিমানেই অস্থিৰ হৈ উঠিছে ৷
ফোনটো নাযায়েই ৷ শেষ প্ৰচেষ্টা এটাকে চলোৱা যাওক ৷ চ’ক’ তায়ুলৈ এছ.এম.এছ. লিখিলোঁ ৷ Anxiously waiting for your phone-call. Could you please confirm my homestay so that I can collect my Sumo ticket? Sorry to disturb you again and again.
বাৰ্তাটো প্ৰেৰণ কৰি উঠি ভাবিছোঁ, কি হ’বগৈ যাত্ৰাটো মোৰ ? পুনৰবাৰ কোঠাৰ বাহিৰ ওলাই আহিলোঁ ৷ হোটেলৰ বাৰাণ্ডাত বিমৰ্ষমনে ইফাল-সিফাল, কাউণ্টাৰত থিয়া-থিয়ি কৰি আমনি লগাত নামিলোঁ ৰাস্তালৈ ৷ পদপথত পায়চাৰি কৰি আছোঁ ৷ অচিনাকি মানুহবোৰ ৷ আহিছে-গৈছে ৷ কমলা টেঙা বিক্ৰেতা পোহাৰীকেইজনীৰ মাজত কিবা প্ৰসংগ লৈ ভীষণ হাঁহি-স্ফূৰ্তি ৷ ভাল লাগে এই সহজ-সৰল অৰুণাচলী মানুহবোৰ, ইহঁতৰ মনবোৰ ৷ সমস্যাই কাবু কৰিলেও হাঁহিবলৈ হ’লে নেৰে ৷
পাল কাউণ্টাৰটো ইমানপৰে কিজানি খুলিব পায় ৷ এখোজ দুখোজকৈ আগলৈ গ’লোঁগৈ ৷ কাউণ্টাৰ খোলা ৷ মহিলা এগৰাকী বহি আছে ৷ তেৱেঁই সম্ভৱ, সিদিনা মোৰ কলটো ৰিচিভ কৰিছিল ৷ কিবা এক অদৃশ্য শক্তিয়ে ওচৰ চাপি যোৱাৰ পৰা ৰখালে মোক ৷ অলপ পাছত যাম আৰু আনিনিৰ বুকিংটো কেনচেল কৰি আহিম ৷ এই বুলি সিদ্ধান্ত লৈ আলেঙে আলেঙে আছোঁ ফুটপাথতে, দিওঁ-নিদিওঁ খোজেৰে ৷
অলপদূৰ আহিলোঁ ৷ তেনেকুৱাতে ম’বাইলটোত এছ.এম.এছ. এলাৰ্টৰ আৱাজ এটা ভাহি আহিল ৷ পকেটৰ পৰা উলিয়াই চালোঁ ততালিকে ৷ প্ৰেৰক চ’ক’ তায়ু ৷ মই শেষ বাৰ্তাটো দিয়াৰ ৪০ মিনিটৰ পাছত এই সঁহাৰি ৷ নিশ্চয়তাহীন সময়বোৰ কেনেকৈ কটাইছোঁ মইহে জানো ৷ পঢ়িলোঁ, উশাহ নসলোৱাকৈ ৷ House owner name Oniya Meya and Bachan Mipi. Contact no. 9402000402. Address : Near Hospital Pharmacy.
য়া…হু ! জাঁপ মাৰি উঠিলোঁ ৷ খবৰ আহি গ’ল ! লগে লগে ফোন লগালোঁ লিংকমেন চ’ক’ তায়ুক ৷
ইকি ! ৰিং হৈছেচোন এবাৰতে ! মই হেল্ল’ বুলি ক’বলৈ পালোঁ কি নাপালোঁ, সিফালৰ পৰা মন্ত্ৰ মতাৰ সুৰত পাতনি জুৰিলে লিংকমেনজনেহে ৷
‘হেল্ল’ ছাজিদজী… অভি অভি মে’ নে’টৱৰ্ক ক’ভাৰেজ কা অন্দৰ আয়া ৷ য়াহাঁমে’ ক’ই দিন’ছে ফোন লাইন খাৰাব থা না ৷ মতলব আজহি বানায়া ৷ আনিনি মে’ আপ মেৰী বহনকা ঘৰ মে’ ৰুক যায়িয়ে৷ তকলিফ নে’হী হ’গা ৷ আচ্ছা, কাহাঁতক পহুঁচা আপ ?’
সন্তুষ্টিমিশ্ৰিত আনন্দৰে ধন্যবাদ জনোৱাৰ লগতে মোৰ অৱস্থানৰ বিষয়ে ততালিকে কৈ দিলোঁ ৷ ‘পূৰ্বনিৰ্ধাৰিত ধৰণেই সম্প্ৰতি মই ৰ’য়িঙত বহি আছোঁ ৷’
চ’ক’ তায়ু সুখী হ’ল ৷ পুনৰ বৰ্ণনা ৷ ‘আপুনি বিচৰামতে চাংঘৰ ইয়াত নাপালোঁ ৷ মানে প্ৰেচিডেণ্টৰ ঘৰত থকা চাংঘৰটো মিডিয়াৰ মানুহে আগতেই অধিগ্ৰহণ কৰি পেলালে ৷ সেইটো নাপাই মই মোৰ সম্পৰ্কীয় ভনী এজনীৰ তালৈ গ’লোঁ ৷ সিহঁতৰ ঘৰত প্ৰস্তাৱ দিলোঁ যে ৰেহ ফেষ্টিভেল চাবলৈ আঁতৰৰ আলহী এজন আহিব ৷ ৰাখিব পাৰিবিনে নাই ? আপোনাৰ ফুড হেবিটৰ বিষয়েও জনালোঁ ৷ ভন্তীয়ে আপোনাক ৰাখিবলৈ মান্তি হ’ল ৷ ক’লে বোলে আদমী চিৰ্ফ এ’ক ৷ ৱ’ভী ভেজিটেৰিয়ান ৷ ভেজিটেৰিয়ান আদমী দ’-তিন দিনমে’ কিতনা খায়েগা হামাৰা ? দ’ টাইম খানা খিলানা ঔৰ চ্যায় হী ত’ পিলানা হে’ ৷ ঠিক হে’, হাম ৰাখ লে’গা ৷’ ভনীয়েকৰ ভাষ্য শুনোৱাৰ পাছত ক’লে,  ‘মেছেজত মই ফোন নম্বৰ উল্লেখ কৰিছোঁ ৷ আপুনি কল এটা কৰিব আৰু নিজৰ ইনট্ৰডাকচন দি মোৰ কথা ক’ব ৷’
‘থেংক ইউ ভেৰি মাচ্চ তায়ুজী ৷ আপ কুছ ভি চিন্তা মত কিজিয়ে ৷ ৰেহনা ঔৰ খানে কা এক্সপেনডিচাৰ যিতনা হ’গা, পে’ কৰনেকে’ লিয়ে মে’ ৰে’ডী হুঁ ৷ আপ বতা দিজিয়ে চিষ্টাৰক’ ৷’ খিচিৰি হিন্দীৰে উৎসাহী বাক্য কেইটামান তৎক্ষণাৎ মোৰো মুখৰ পৰা ওলাই গ’ল ৷
‘আপছে পেইচা নেহী লে’গা ৱ’ ৷’
মই আচৰিত হ’লোঁ ৷ কি কথা ? নিজৰ ঘৰত থাকিবলৈ দিব, চাহ-ভাত খুৱাব ৷ তাৰ পাছতো পইচা নল’ব ? এইটো মোৰ কোনো স্পনচৰ্ড ট্ৰিপ নহয় ৷ চেল্‌ফ স্পনচৰ্ড চল'হে ৷ খৰচৰ বাবদ হিচাপমতে যি দিব লাগে সেয়া মই দিমেই ৷
‘আপ এ’ক বাৰ জৰুৰ ফোন কৰ লিজিয়ে হাঁ’ বুলি কৈ তায়ুৱে ম’বাইল থ’লে ৷
উচিত কথা ৷ এতিয়াই যোগাযোগ কৰি চাওঁ ৷ এছ.এম.এছ.ত উল্লেখ থকা কথাখিনি স্ক্ৰীণত চাই চাই নোটবুকত পৰিষ্কাৰভাৱে টুকি ল’লোঁ ৷ তাৰ পাছতে টিপি দিলোঁ নম্বৰটো  ৷ ইকি ! একেবাৰতে ৰিং হৈছেচোন ! খুলি গ’ল দৰজা আনিনিৰ !
‘হেল্ল’... সিটো মূৰৰ পৰা মহিলাৰ কণ্ঠস্বৰ ভাহি আহিছে ৷
‘অনিয়া মেয়া ঔৰ বচ্চন মিপি ? চ’ক’ তায়ুজীনে আপকা নম্বৰ দিয়া থা ৷ মে’ ৰ’য়িংছে বাত কৰ ৰাহা হুঁ ৷’
‘হাঁ হাঁ ছাৰ ৷ আপ কাল আ ৰাহা হে’ না হামাৰা ঘৰ, মতলব আনিনি ? ফটাফট আ যায়িয়ে ৷’
এনেকৈ ক’লে যেন মই উৰিহে যাম !
‘আচ্ছা, ঠাণ্ড কেইসা হে’ ৱাহাঁ ?’ ঠাণ্ডাৰ খবৰটো ল’লোঁ প্ৰথমে ৷
‘ঠাণ্ড কা ত’ ক্যা ব’লেগা ? য়হাঁ মে’ বহত ঠাণ্ড হে’ ছাৰ ৷ মতলব জেকেট-ব্লেংকেট আপ আচ্ছাছে লে’কে আয়িয়ে ৷ হামাৰা ঘৰ মে’ তক্তা মে’ শোনা পড়েগা লেকিন ৷’
‘হ’গা, ক’ই বাত নেহী হে’ ৷ আপ মুঝে ৰাখনে’ক’ তৈয়াৰ হে্’, ইসিলিয়ে ধন্যবাদ ৷ মুঝছে আপকা ক’ই তকলিফ নে’হী হ’গা ৷ চ’ক’জী কা বহন হে’ ত’ মেৰাভি বহন হে' ৷ … আচ্ছা, ক্যা ক্যা লে’কে’ জানা পড়েগা য়হাঁছে ? প্লিজ ব’লিয়ে ৷ মে’ অভি মাৰ্কেট মে’ হুঁ ৷ অভি খৰিদ লুংগা ৷’
‘ক্যা লে’কে’ আনা হে’ মতলব ? কুছভি লানা নে’হী ছাৰ ৷ মে’ৰা পাচ চব হে’ ৷ আপ আচ্ছাছে আ যায়িয়ে ৷ বাচ ৷’
অনিয়া মেয়াৰ লগত কথা পতাৰ পাছত মোৰ মনটো ফৰকাল আৰু সম্পূৰ্ণ শান্ত হৈ পৰিল ৷ চিন্তা কৰিলোঁ, কেনেকুৱা হ’ব বাৰু এই দম্পতীটো ? নেদেখা-নেমেলাকৈ অচিনাকি পথিকক নিজগৃহত আশ্ৰয় দিবলৈ ওলাইছে !
হৈ গ’ল ! চ’ক’ তায়ুৱে কাম কৰি দিলে ৷ থেংক গড বুলি চিধাই পাল কাউণ্টাৰলৈ ঘূৰি খোজ দিলোঁ ৷ মনত নতুন উদ্যম ৷ দেহাত নতুন শক্তি ৷ খোজত নতুন বিশ্বাস ৷
কাউণ্টাৰৰ মহিলাগৰাকীয়ে কোনোবা এজনৰ সৈতে কথা পাতি আছে ৷ ‘আনিনি কে লিয়ে কল মে’ৰা এ’ক চিট কা এডভান্স বুকিং থা ৷ পেইচা দে’নে’ আয়া হুঁ ৷’ আকৌ খিচিৰি হিন্দীৰ আৰম্ভণি ৷ কা-কে-কীৰ লাগ-বান্ধ নাই ৷
তেওঁ মোৰফালে চালে ৷ ‘কিস নামছে’ ছাৰ ?’ নামটো জানিব বিচাৰি ৰেজিষ্টাৰ বহীখনৰ পাত লুটিওৱাত মগন হ’ল ৷ ‘চ’ক’ তায়ুনে’ বুক কিয়া থা ৷ উসদিন ফোন মে’ বাত-চিত কিয়া থা, শায়দ আপহী…’
‘হাঁ হাঁ ৷’
৩১ জানুৱাৰীৰ পৃষ্ঠাত ২ নম্বৰ চিটৰ বিপৰীতে তায়ুৰ নামটো লিখি থোৱা আছে ৷ খাটাং হোৱাৰ পাছত মানিবেগ খুলিলোঁ আৰু তুৰন্তে ৰূপ ৮০০ নগদ দি দিলোঁ, ভাড়াৰ বাবদ ৷ এতিয়া আৰু কোনো কাৰণতে চিট হেৰুৱাবলৈ নাই ৷
এতিয়াহে কাইলৈ আনিনিলৈ যাম যাম লাগিছে মোৰ ৷ অনুভূতিটোৱে মনটো উৰুৱাই নিব ধৰিলে, কাল্পনিক আনিনি, আচ্‌হিছ’লৈ ৷ থকাটো কনফা্ৰ্ম হ’ল, চিটটোও লৈ ল’লোঁ ৷ সদ্যহতে প্ৰশ্ন এটাই ৷ ঠাণ্ডাটো প্ৰতিহত কৰিব পাৰিমনে ? পাৰিবই লাগিব ৷ ভবাৰ লগে লগে জোতাযোৰলৈ চালোঁ এবাৰ ৷
চ’ক’ তায়ুলৈ ফোন লগালোঁ ৷ অ’ বাজিলচোন !
‘তায়ুজী, ছুম’কা ভাড়া দে’ দিয়া ৷ বহনক’ভী ফোন কিয়া ৷ আচ্ছা লাগা ৰে’ ৷’
তেওঁ হাঁহিলে ৷ ‘আচ্ছা, কওকচোন, ইয়াৰ পৰা কি কি লৈ যাম মই ? নিবলগীয়া দৰকাৰী কিবা থাকিলে এতিয়াই কৈ দিয়ক ৷ কিনি থওঁ আৰু কালি যাওঁতে লগত লৈ যাম ৷’ এইবুলি সুধিলোঁ ৷
‘কি আনিব লাগিছে ? একো নালাগে ৷’ চ’ক’ৰ খাৰাংখাচ উত্তৰ ৷ মই জোৰকৈ সোধাত ক’লে, ‘তেওঁলোকৰ কণমানি ল’ৰা এটা আছে ৷ আপুনি আনিব বিচাৰে যদি পোৱালিটোলৈ কিবা চকলেট-তকলেট এটা লৈ আহিলেই হ’ল ৷ বাকী নালাগে আনিব একো ৷’
মই বুজি পালোঁ যে তেওঁলোকৰ চাগৈ তেনে দস্তুৰ নাই ৷ আমাৰ আকৌ আলহী হৈ গ’লে খালী হাতে যাবলৈকে ভাল নালাগে ৷
পাল কাউণ্টাৰৰ গাতে লাগি থকা শৰ্মা চুইটচত সোমাই দুবিধ মিঠাই আৰু কেডবেৰীৰ মধ্যমীয়া জোখৰ চেলিব্ৰেচন পেক এটা লৈ ল’লোঁ ৷ তেনেতে ছুম’ এখন আহি পালে ৷ আনিনিৰ পৰা আহিছে ৷ চালকজনলৈ চালোঁ ৷ বয়স বেছি নহয় ৷ পিন্ধনত হাফ চাৰ্ট এটা ৷ ওচৰ চাপি গৈ গাড়ীখনো চালোঁ ৷ আদিবাসী যেন লগা চালকজনক অসমীয়াতে সুধিলোঁ, ‘আনিনিত ঠাণ্ডা কেনেকুৱা ?’ হিন্দী চিনেমাৰ হিৰ’ৰ দৰে বাহুটো ওপৰলৈ দাঙি হাত দুখন প্ৰসাৰিত কৰি ভংগী এটা দিলে ৷ তাৰ মানে এয়া, মোক চাই লওক ৷ কাষ চাপি গৈ মই তাৰ চোলাৰ ভিতৰটো চালোঁ ৷ ইনাৰ আছে ৷ এইটোৱেইটো আচল বস্তু ৷ তেওঁ হাঁহিলে ৷
ফেমিলী ৰেষ্টোৰাঁত কফি একাপ খাই হোটেললৈ উভতিছোঁ ৷ মনটো বিৰাট উৎফুল্লিত ৷ ভাল সময় আহি গ্’ল ৷ বাটতে ক’-অপাৰেটিভ ষ্ট’ৰত সোমাই শুকান ফলৰ পেকেট কেইটামানো কিনি ল’লোঁ ৷ এঠাইত গৰম মোজা পাই তাৰো দুযোৰ লৈ থ’লোঁ ৷ কাৰোবাক লাগিলে দিব পাৰিম ৷
৭ বাজিছে ৷ কেইদিনলৈবা গা ধোৱা নহ’ব, কি ঠিক ? আনিনিত জাৰৰ প্ৰকোপ বেছি বুলি কৈছেই ৷ মোৰ হাতত থকা একু-ৱেদাৰ ৰিপ’ৰ্টৰ মতেও ঠাণ্ডা যথেষ্ট হ’ব ৷ ৰূমত সোমায়ে ঠিকছে গাটো ধুই ল’লোঁ ৷ পানী ঠাণ্ডা ৷ হ’লেও কেৰেপ নাই ৷ অনামী উত্তেজনাত দেহ-মন গৰম হৈ আছে ৷ সোনকালেই ভাত খালোঁ আৰু বস্তু-বাহানিবোৰ চিজিল কৰি শুই থাকিলোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment