Tuesday, 31 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১১. পিকনিক স্পট পালোঁগৈ


জলবিদ্যুৎ আৰু পৰ্যটনেই হৈছে আমাৰ চুবুৰীয়া পৰ্বতময় দেশ ভূটানৰ ৰাজহ সংগ্ৰহৰ মূল ব্যৱস্থা৷ তুলনামূলকভাৱে কোনো গুণে কম নহয় অৰুণাচল প্ৰদেশ৷ ইয়াতো আছে ছুইজাৰলেণ্ডৰ সৈতে ফেৰ মাৰিব পৰা প্ৰাকৃতিক দৃশ্যসজ্জাৰ দৰে পুঞ্জীভূত অসংখ্য সমল৷ নিৰ্মল জলবায়ুৰ পৰিৱেশ, শান্তিৰ পৰিৱেশ ইয়াতো আছে৷ আনহাতে জলবিদ্যুৎ শক্তি বিক্রী কৰি ভূটানে যদি ৰাজভঁৰাল টনকিয়াল কৰিব পাৰিছে এইখন ৰাজ্যয়ো নোৱাৰাৰ কোনো কাৰণেই নাই৷ আজিৰ তাৰিখত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে পৰ্যটন ক্ষেত্ৰখন হৈছে ভাৰতৰ অন্যতম বৃহৎ নিয়োগ সৃষ্টিকাৰী এখন ক্ষেত্ৰ৷ অৰুণাচল এই লাভজনক পণ্যৰ অসীম ভাণ্ডাৰ বুলি বুকুত হাত থৈ ক’ব পাৰি৷ প্ৰকৃতিৰ নিৰ্যাস বিপণন কৰিয়েই এইখন ৰাজ্যই আহৰণ কৰিব পাৰে বৃহৎ পৰিমাণৰ ৰাজহ, চহকী কৰিব পাৰে ৰাজকোষ৷ মানুহৰ জীৱনলৈ সুপৰিৱৰ্তন আনিব পাৰে৷

তথ্যজ্ঞানীসকলে দেখুওৱা হিচাপ অনুসৰি ২০১৩ চনত পৰ্যটন ক্ষেত্ৰই ভাৰতবৰ্ষৰ অৰ্থনীতিত যোগান ধৰা ধনৰাশিৰ পৰিমাণ আছিল ২.১৭ লাখ কোটি৷ ২০২৪ চনত এই অংকটো ৪.৩৫ লাখ কোটি হ’ব বুলি ধাৰণা কৰা হৈছে৷ অৰুণাচলৰ ঘোঁকট অভ্যন্তৰ পৰ্যবেক্ষণ কৰি আমি আশাবাদী হৈছোঁ যে যথোপযুক্ত পৰিকল্পনা, দীৰ্ঘম্যাদী আঁচনি, যোগাত্মক পদক্ষেপ আৰু বাস্তৱায়িত কৰ্মশৈলী তথা বিশাল প্ৰচাৰেৰে চলোৱা কৌশলপূৰ্ণ মাৰ্কেটিঙৰ জৰিয়তে ৰাজ্যখন দেশৰ এক নম্বৰ টুৰিষ্ট হাব নিশ্চয়কৈ হ’বগৈ৷ গুজৰাট চৰকাৰৰ পৰ্যটন বিভাগৰ বিজ্ঞাপন সম্বন্ধে বিভিন্নজনৰ মুখত চৰ্চা শুনা পাওঁ৷ সেই সুৰতে সুৰ মিলাই ক’বলৈ মন যায়, কুছ দিন ত’ গুজাৰ’ অৰুণাচল মে’, বুলি৷ তাৰ মানে আওপকীয়াকৈ এইটোকে ক’বলৈ মন যে জীৱনত যদি কেইটামান দিন অৰুণাচলত, অৰুণাচলৰ প্ৰকৃতিৰ মাজত অতিবাহিত নকৰে, তেন্তে জীৱনেই বৃথা৷ মানুহৰ জীৱনৰ সৰ্ববৃহৎ আৰু সৰ্বোত্তম পঢ়াশালিখনেই হৈছে প্ৰকৃতি৷ প্ৰকৃতিৰ অনন্য ৰূপ-মাধুৰী ঠাহ খাই আছে অৰুণাচলৰ অভ্যন্তৰত৷ জীৱ বিদ্যাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবেতো এয়া স্বৰ্গসম বুলিয়ে কোৱা যায়৷

গৰা এটা নামি হাবিতলীয়া লিকে লিকে নিজৰ হিচাপত আগলৈ গৈ আছোঁ৷ আকাশত ধোঁৱা উৰিছে৷ দেখিয়ে ধাৰণা কৰি ল’লোঁ যে তাতে থাকিব চাগৈ আমাৰ বাকীসকল সংগী৷ বাল্টিটো নিকেলৰ পৰা আঁজুৰি ল’লোঁ৷ হেতাখনেৰে বিহুসুৰীয়া তালত কোবাই কোবাই ওচৰ চাপি গৈ আছোঁ, নাচোন ভংগীৰে৷ কেঁকুৰি দুটামান ঘূৰি গুহাসদৃশ ঠাই এটুকুৰাত উপনীত হ’লোঁগৈ৷ ৰকেশ, চিংকাৰ আৰু তাল’ক তাত আৱিষ্কাৰ কৰি আচৰিতো লাগিল, আনন্দও লাগিল৷ অথনি ইহঁত তিনিটাই মোক এৰি থৈ ঘপাঘপ গুচি আহিছিল৷ দৃশ্যটো মনলৈ আহিল৷ ক’ত এৰিছিল, ক’ত লগ হলোঁ! এতিয়া আকৌ আমাক দেখা পাইহে যেন সিহঁতৰো স্ফূৰ্তি লাগিছে, মন মুকলি হৈছে৷

গতি স্তব্ধ কৰি আমি শিলত বহি জিৰালোঁ, পানী খালোঁ৷ নিকেলে ক’লে, ‘‘ইয়াতে আমি আজি পিকনিক খাম৷’’ পিছে অৰূপদাহঁত দেখোন অনুপস্থিত! কেনি গ’ল সেইমখা? সেইফালে অহা নাই বুলি ক’লে ৰকেশহঁতে৷ দেখাও নাই পোৱা হেনো৷ সদ্যহতে আমি চাৰিটা প্ৰাণীহে উপস্থিত হ’লোঁ৷ আগৰে পৰাই তাত থকা তিনিৰে সৈতে মিলি মুঠতে সাতোটা৷ প’ৰ্টাৰহঁতে খৰি-খেৰ যোগাৰ কৰি, জুই ধৰিছেই ইতিমধ্যে৷ ডেক্‌চিত পানী বহাই বাকী কোনোবা অহালৈকে সিহঁতে অপেক্ষা কৰি আছিল৷ মানুহখিনি আহি একেলগ হ’লেহে ভাত ৰান্ধিবলৈ চাউল কিমান বহাব লাগিব তাৰ হিচাপ জানিব পৰা যাব৷

জংঘলৰ মাজত ডাঙৰ ডাঙৰ শিলেৰে আৱৰা ঠাইখণ্ড৷ ওচৰে-পাজৰে কোনো মানুহ, মানুহৰ ঘৰ নাই৷ গেলেন চিনিয়াকৰ দৰে পাথৰৰ প্ৰকাণ্ড ছাদ এখন দণ্ডায়মান হৈ আছে ঠিক মূৰৰ ওপৰত৷ এইবাটে আহ-যাহ কৰোঁতে ইয়াতে বোধ হয় জিৰোৱা হয়৷ ঠাইখিনিৰ নামটো নিকেলে য়াং বুলি ক’লে৷ য়াং, মানে নিকেলহঁতৰ ভাষাত গুহা৷ আমাৰ দ্বিতীয়টো জিৰণি শিৱিৰ চাগৈ এইডোখৰতে পতা হ’লহেঁতেন৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া বাস্তৱায়িত হৈ নুঠিল৷ তাৰ পৰিৱৰ্তে সোৱণশিৰিৰ আগলি পাৰত আজি ইয়াতে আমাৰ পিকনিক চলিব৷ খাদ্যবস্তু, চৰু-কেৰাহী ইত্যাদি লৈ অহা হৈছে৷ সন্মুখৰ ঘোপ মৰা জংঘলডৰাৰ সিফালেই নৈখন৷ বাটটোৰ সোঁহাতে৷ গুহাৰ বিপৰীতে৷ দেখা গৈ থকা নাই যদিও সোৱণশিৰিৰ শব্দটো ইয়াৰ পৰাই স্পষ্টকৈ সকলোৱে শুনা পাই আছোঁ৷ সেই শব্দ আমাৰ এতিয়া খুব পৰিচিত৷

আমাৰ হাতত নিয়া বস্তুবোৰ চিংকাৰহঁতক চমজাই দিয়া হ’ল৷ নিকেলে নিজৰ দোৱানত কিবাকিবি নিৰ্দেশ দিলে৷ সময়টোলৈ চাই বোধ হয় ভাত-তৰকাৰিৰ যা-যোগাৰত ধৰিবলৈ ক’লে৷ মানুহ আমিকেইটাই৷ মুঠতে সাত৷ বাকীসকল এতিয়াও এইফালে নাই অহা যেতিয়া তেওঁলোকক হিচাপত ধৰিব নালাগে৷ আহিলে পাছত দেখা যাব৷ অযথা চাউল-দাইল নষ্ট নকৰাটোৱেই উচিত৷ আৰু অলপ আগৰ পৰা ঠাই চাই আহোঁ বুলি সিহঁত তিনিটাক তাতে এৰি আমি চাৰিও আগুৱাই যোৱাৰ মনস্থ কৰিলোঁ৷

ইমানখিনি আহি এটা কথা মন কৰিছোঁ যে এতিয়ালৈ বাটত আমি ক’তো কোনেও এডালো জোক দেখা পোৱা নাই৷ জোকে কাকো আক্ৰমণো কৰা নাই৷ পাহাৰীয়া জোক বৰ বিপজ্জনক বুলি গম পাওঁ৷ ভয় নকৰোঁ যদিও এইফালে জোকৰ উপস্থিতি শূন্য দেখি সকাহ পাইছোঁ৷ জোক, সাপ, লতামেকুৰী বাঘ, ভালুক, ৰাংকুকুৰ একোৱেই পোৱা নাই এতিয়ালৈ৷ আনহাতে উৰণীয়া মাখিৰ দৰে পোক দামদিমৰ উপদ্ৰৱৰো সন্মুখীন এই পৰ্যন্ত নাই হোৱা৷ যোৱাবাৰ ৰাফটিঙৰ বাবে ডাম্পৰিজোলৈ যাওঁতে পাহাৰীয়া বিষাক্ত কীট দামদিমে কামুৰি জয়ন্তদাহঁতৰ হাত-ভৰিৰ ছাল ফুটফুটীয়া কৰি পেলাইছিল৷ ইষ্টাৰ্ণ নাগালেণ্ডত কুত্তাপোক বুলি কোৱা এই মাখিয়ে দীঘলীয়া যাত্ৰাকালত ৰাজীৱকো হাৰাশাস্তি কৰিছিল বুলি কিতাপত লিখিছে৷ এইফালে কিন্তু এটাও দেখিবলৈ নাই৷ সেয়ে আমি পূৰ্ণ স্বাধীনতাৰে ঘূৰি-পকি ফুৰিব পাৰিছোঁ৷ প্ৰাণভৰি আনন্দ ল’ব পাৰিছোঁ৷





(পৰৱৰ্তী লেখা - আকৌ এখন ওলমা সাঁকো!)
দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১০. বিশাল পাহাৰ, ৰসাল পাহাৰ


ৰাস্তানে কি এইটো? কালিতকৈও দেখোন মাৰাত্মক! একেৰাহে উঠি আছে, উঠি আছে, উঠিয়ে আছে৷ অকাই-পকাই নি আছে ওপৰলৈ৷ তলফালে গিৰিখাদ৷ নিয়মীয়া ট্ৰেক নহয় যেন লাগিছে৷ পাহাৰীয়া মানুহৰ দ্বাৰা মন গ’লেই উলিওৱা বাটহে হ’ব৷ সি যি কি নহওক, সেইফালেদিয়েই এটা কষ্টকৰ আৰোহণ চলিছে আমাৰ, অনিশ্চয়তাৰ গৰ্ভলৈ৷ জোতাৰ গ্ৰীপ সবল নহ’লে নচলে৷ খোজ দিওঁতে ঊনৈশ-বিশ হ’লেই বিপদ৷ উলম্বভাৱে যাত্ৰা কৰি থাকোঁতে এঠাইত দেবিন্দৰৰ ভৰি পিছলিছিলেই৷ কোনোমতেহে সি নিজকে চম্ভালি ল’লে আৰু তললৈ খহি পৰাৰ পৰা বাছিল৷ ভাগ্যক্রমে একো অথন্তৰ নঘটিল যেনিবা৷ নহ’লেযে কি অৱস্থা হ’লহেঁতেন! ভাবিব নোৱাৰি৷ ইয়াত ওপৰৰ পৰা সৰি পৰা, বিশেষকৈ নৈত পৰাগৈ মানেই মৰা৷ এনেকুৱা দুৰ্গম স্থানত তেনেকৈ মৰা মানে মৃতদেহ বিচাৰি যোৱাৰ নিয়ম নাই৷ ঘৰলৈ খবৰটোহে পৌচাই দিয়া হয়৷ ৰাতিপুৱা আৰ্মীৰ জোৱান এজনে কোৱাত বিশ্বাসেই হোৱা নাছিল কথাবোৰ৷ বেপৰুৱা সুৰত তেওঁ কৈছিল, ‘‘কুছ দিন পেহলে’ হামাৰে এক বান্দা চালা গিয়া’’৷ বুজিলোঁ, তাৰ মানে সেইজন সিপুৰী পালেগৈ৷ উদ্ধাৰ অভিযান বুলিবলৈ নাই৷ মৰণফান্দ সদৃশ সোৱণশিৰিত চাৰ্চ অ’পাৰেচন চলাব কোনে? মনে নামানিলেও এয়াই সঁচা৷

হাবি-জংঘল মহতিয়াই উঠি যোৱাৰ পাছত এঠাইত আৱিষ্কাৰ হ’ল যে টি.চি.চি.ৰ ফালৰ পৰা নামি অহা লুংলুংঙীয়া ট্ৰেক এটাৰ সৈতে সংযুক্ত হৈছে আমি উঠি অহা এই ট্ৰেকটো৷ তাৰ মানে এইটো এটা কঠিন শ্বৰ্টকাট৷ দুটা বাট মিলি এটা হোৱা স্থানতে ট্ৰেকটো ঘপকৈ তললৈ নামিল৷ সোঁহাতে ঘূৰিয়েই গছৰ ডালৰ জখলা এডাল৷ শিলৰ ওপৰত কৌশলেৰে থিয়কৈ ৰাখি নামিব পৰা কৰিছে৷ ডালবোৰ পুৰণি হৈছে৷ অ’ত-ত’ত শেলুৱৈ ধৰিছে৷ তলত খৰস্ৰোতা নিজৰা৷ লগতে জলপ্ৰপাত৷ নামটো কাৰুনালা বুলি ক’লে নিকেলে৷ শিলৰ ওপৰে ওপৰে পেলাই ৰখা আৰু এডাল জখলাৰেই সাঁকো তৈয়াৰ কৰা হৈছে কাৰুনালা পাৰ হ’বলৈ৷ ওপৰৰ পৰা নামি অহা কোবাল পানীয়ে শিলত প্ৰচণ্ডভাৱে খুন্দিয়াই গুম্‌গুমাই আছে৷ খুন্দা-খুন্দলি খাই সশব্দে নামনিলৈ বৈ থকা অংশটো ষোড়শী ন-গাভৰুৰ দৰেই চঞ্চলা-চপলা৷ আৰু অলপমান তললৈ ধাৱমান সোৱণশিৰিত পানীবোৰ মিলিছেগৈ৷ বিপুল সৌন্দৰ্যৰাশি উপভোগ কৰাৰ উদ্দেশ্যে তাতে কিছু সময় জিৰাই লোৱা হ’ল৷

খাদ্যবস্তুৰ প্ৰকৃত মাহাত্ম্য উপলব্ধি কৰা যায় এনেকুৱা ঠাইত৷ খেজুৰ এটাৰ মূল্যও ইয়াত বহুত বেছি৷ পকেটত কেইটামান শুকান খেজুৰ আছিল মোৰ৷ ৰাতিপুৱা প্ৰদীপদাই সকলোৰে মাজত বিলাই দিছিল৷ তাকে এতিয়া গাইপতি এটা এটাকৈ দিলোঁ আটাইকে৷ বাকীকেইটা মনে মনে সাঁচি ৰাখিলোঁ৷ বৰুণে আৰু এটা বিচাৰিছিল৷ মই নিদিলোঁ৷ নাই বুলি ক’লোঁ৷ খেজুৰ বিচাৰি ওৰে বাট সি মোৰ পিছত জোক লগাদি লাগি থাকিবলৈ হ’লে নেৰিলে৷

যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হ’ল সেইখিনিত বহোঁতে৷ প্ৰকাণ্ড শিলাখণ্ড৷ হিচাপতকৈ বেছি আগলৈ গ’লেই মৃত্যু অনিবাৰ্য৷ তলত জোঙা শিলবোৰে দাঁত নিকটাই আমালৈকে চাই আছে৷ প্ৰতিটো খোজতে সতৰ্ক হৈ ৰ’লেও নিকেলে মোক ঘনে ঘনে সকীয়নী দি থাকিল৷ মোৰ প্ৰতি তেওঁৰ হৃদয়ত উৎপন্ন হোৱা সঁচা মৰমৰ অত্যাচাৰত তবধ মানিলোঁ৷ পাহাৰীয়া মানুহবোৰ তেনেকুৱাই৷ বন্ধু মানে বন্ধু, শত্ৰু মানে শত্ৰু৷ মাজত নাই৷ তাগিন মানুহৰ সৈতে মত বিনিময় কৰিবলৈ এইবাৰৰ এই অগম্য যাত্ৰাত ভাগ্যক্রমে সুবিধা পালোঁ৷ হে’ড হাণ্টাৰৰো মুখামুখি হৈ পালোঁ অলপ আগতে৷

প্ৰকৃতি দেৱীয়ে আপোন খেয়ালেৰে বন্যতাক আদিম ৰূপত সংৰক্ষিত ৰাখিছে এইবোৰ ঠাইত৷ লোলুপ মানুহৰ হাতোৰাৰ পৰা শত-সহস্ৰ যোজন আঁতৰত, হুলস্থূলৰ পৰা দূৰত সজল, শীতল, নিৰ্মল পৰিৱেশযুক্ত এনেবোৰ ঠাই৷ পৰ্বতৰ মাজত লুকুৱাই ৰখা সৃষ্টিকৰ্তাৰ নিজৰ ঠাই৷ চকুৱে আৱৰিব পৰালৈকে মনোৰম সুন্দৰ দৃশ্যাৱলী৷ ক’তো কাৰো উৎপাত নাই৷ মানুহ সতকাই আহিব নোৱাৰা ঠাই৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড বুলি যাক একে আষাৰতে কৈ দিব পাৰি৷ মনটো এনেয়ে কিবা এটা ভাল লাগি যায় এইবোৰ ঠাইত৷

বহু ওপৰৰ পৰা পোনে পোনে তলৰ শিলত পৰা জলপ্ৰপাত এটা ওলাল৷ ঝৰ ঝৰ শব্দটো অনেক দূৰৰ পৰাই কাণত বাজি আহিছিল৷ পৰ্বতৰ গহ্বৰত তাৰ পৰা সৃষ্টি হোৱা নিজৰাৰূপী স্ৰোতস্বিনী ধাৰাটো বিলীন হৈ গৈছে সোৱণশিৰিত৷ যিমান জলধাৰা দেখা পাইছোঁ সকলোৰে অন্তিম বাহক সোৱণশিৰিখন৷ আনহাতে এইখন অৰুণাচলৰ পাহাৰতে এনেকুৱা এটা জলপ্ৰপাত থকাৰ কথাও শুনিছিলোঁ যে ওপৰত দেখা পোৱা পানী ভূপৃষ্ঠত পৰাৰ আগতেই বায়ুমণ্ডলতে অৰ্থাৎ শূন্যতে হেনো অদৃশ্য হৈ যায়! ৭৫ মিটাৰ উচ্চতাৰ সেই জলপ্ৰপাতৰ নিম্নাংশত জমা হোৱা পানীভাগ কাষৰ পৰা নিগৰি অহা পানীহে হেনো৷ অবিশ্বাস্য হ’লেও সত্য বুলি মানি লৈছোঁ আৰু স্বচক্ষে এদিন সেয়া প্ৰত্যক্ষ কৰাৰ হেঁপাহ পুহিছোঁ৷

সেইখিনিতে পিঠিত খাং লোৱা তিৰোতা এজনীয়ে আমাক অতিক্রম কৰিলে৷ টি.চি.চি.ৰ পৰা তাই খাদ্য কঢ়িয়াই নিছে আঁতৰৰ কোনোবা স্থানত পথ নিৰ্মাণৰ কাম কৰি থকা বি.আৰ.অ’.ৰ কৰ্মীলৈ৷ তাৰ মানে এইফালেও কাম চলি আছে৷ আনহাতে তিৰোতাজনীৰ খোজ-কাটল দেখিলেই গম পায় যে নিজৰ শক্তি আৰু সাহসৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তাইৰ৷ আত্মবিশ্বাসী মানুহ ইহঁত৷ একোলৈকে কেৰেপ নাই৷ ক’তো কোনো নথকা ডাঠ নিৰ্জন হাবিত আমাক পিছ পেলাই তাই অকলেই দপদপাই গ’লগৈ৷ পাহাৰত খোজ কঢ়াত আমাৰ দৰে মানুহক ইহঁতে হেলাৰঙে পৰাভূত কৰিব আৰু কৰিলেও৷ অস্বীকাৰ কৰি লাভ নাই৷

শিলাময় পৰ্বতৰ গাত ইফালে দেখা গৈছে বৰ ডাঙৰ মৌ এবাহ৷ কোনোবা এজনে আঙুলিয়ালতহে চকুত পৰিল৷ মূৰ বেঁকা কৰিহে চাব পাৰিছোঁ বাহটো৷ কেমেৰাটোৰ জুম বেছি কাৰণে ভাল হৈছে৷ লেন্সৰ মাজেৰে টানি ওচৰত চাব পাৰিছোঁ৷ আপাৰ সোৱণশিৰি জিলাৰ হাবিত বহুত মৌ আছে বুলি জানিছিলোঁ৷ এতিয়া অন্ততঃ এবাহ হ’লেও দেখিলতহে মনটো শান্ত হ’ল৷ ৰাতিপুৱা প্ৰদীপদাই দিয়া চকলেট লগত আছিল৷ এপেকেট ভগাই মৌবাহটোলৈ চাই চাই খালোঁ আটায়ে৷ খেজুৰৰ দৰেই ট্ৰেকিঙত চকলেটেও বৰ ভাল কামত দিয়ে৷ টুকুৰা এটা মুখত দিলে শক্তি ঘূৰাই পোৱা যেন অনুভৱ হয়৷ মৌজোলৰ দৰেই যেন শক্তিকাৰক! চকলেটৰ টুকুৰা লৈও বৰুণে থপিয়াথপি নকৰাকৈ নাথাকিল৷ মুক্ত আদিম বন্যতাত যেন পাৰ ভাঙি ওলাই আহিছে ল’ৰামতীয়া কাৰবাৰবোৰ! মাজে মাজে এনেকুৱা হ’বও লাগে৷ ল’ৰালিৰ আনন্দ ঘূৰাই পোৱা যায়৷

লুংলুঙীয়া এছ. টাৰ্ন কেইটামান আমি থিয়কৈ পোৱা শ্বৰ্টকাট মাৰি অতিক্রম কৰি গৈছোঁ৷ কেতিয়াও ৰ’দৰ তাপ নোপোৱা লিকবোৰ পিছল হৈ থকাত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে৷ তেনেতে হুৰহুৰকৈ পানী পৰি থকাৰ শব্দ এটা কাণত পৰিলহি৷ আকৌ এটা জলপ্ৰপাত৷ জলপ্ৰপাতৰ ভাণ্ডাৰহে যেন মধ্য অৰুণাচলৰ এইখন অৰণ্য৷ জংঘলত ৰাস্তা ভুল হ’লে জলপ্ৰপাতবোৰেই হেনো পথিকক সহায় কৰে৷ জনা মানুহে কোৱা কথা৷ বাট ভুলক লৈ আমাৰ মনত চিন্তা অকণমানো নাই৷ বাট হেৰুৱাই একেদিনাই কিবাকৈ তাকচিং ওলাব পাৰিলেতো ভালেই আছিল৷ অৰূপদাহঁতহে বাট ভুল কৰি কেনিবা গ’লগৈ৷ আহিব লাগিছিল এইফালে৷ প্ৰকৃতিৰ অনিৰ্বচনীয় ৰূপ চাবলৈ৷ আগত গৈ আছে যদিও নাজানো অৱশ্যে৷

প্ৰতিটো জলপ্ৰপাতৰে ৰূপত বলিয়া হৈ পৰিছোঁ আমি৷ মুখ মেলি হা কৈ চাই থাকি অমূল্য সময় ব্যয় কৰিছোঁ৷ বিনিময়ত হৃদয়গ্ৰাহী আনন্দৰে অন্তৰভাগ পৰিপূৰ্ণ কৰিছোঁ৷ এনেকুৱা দৃশ্যবোৰ প্ৰত্যক্ষ কৰিবলৈ পালে জলপ্ৰপাতবোৰক বহুতে ক’বৰ দৰে পৰ্বতৰ বুকুত চিকমিকাই থকা একোডাল ৰূপৰ গলপতা বুলি মানি ল’বৰ অসুবিধা অকণো নাথাকে৷ এনেকুৱা জলপ্ৰপাতৰ পৰা নামি অহা স্ৰোতস্বিনীয়ে মানুহৰ জীৱন জীপাল কৰি ৰাখিছে, পৰ্বত-ভৈয়াম নিৰ্বিশেষে৷ মানুহৰ প্ৰতি ইমান মৰম অৰুণাচলৰ পাহাৰৰ! ডক্টৰ ভূপেন হাজৰিকাৰ ‘ঐ নিলাজ পাহাৰ, ঐ শুকান পাহাৰ’ গীতটোলৈ মনত পৰি গ’ল৷ ইয়াত, পৰ্বতৰ বিশাল সেউজীয়াৰ মাজত প্ৰেক্ষাপট কিন্তু বেলেগ৷ ইয়াত ঐ ৰসাল পাহাৰ বুলিলেহে খাপ খাব৷ আদিম উন্মাদনাৰে চিঞৰি দিম যেন লাগি গ’ল, ঐ বিশাল পাহাৰ, ঐ ৰসাল পাহাৰ বুলি৷

‘‘‘অৰুণাচল জল’ নাম দি নেছাৰেল ৱাটাৰ বটলিং প্লেণ্ট এটা খুলি বহি যাওঁ নেকি ইয়াতে?’’ নিকেলক এনেয়ে সুধি চালোঁ৷ ট্ৰেন্সপ’ৰ্টেছন সম্ভৱ নহ’ব বুলি গম্ভীৰ সুৰত ক’লে তেওঁ৷ নিশ্চিতভাৱেই ক’ব পাৰি যে ৰাস্তা হৈ নুঠালৈকে প্ৰকৃতিৰ এই নিৰ্ভেজাল আকৰবোৰ অকণো হীন-ডেঢ়ি নোহোৱাকৈ এনেকৈয়ে ইয়াত থাকিব৷ তাত অকণো সন্দেহ নাই৷ অনাগত দিনত হ’ব লগা এই সম্পদ-সম্ভাৰৰ হৰণ-ভগন এশ শতাংশই নিৰ্ভৰ কৰিছে পৰৱৰ্তী মানুহচামৰ মানসিকতাৰ ওপৰত, তেওঁলোকৰ ইচ্ছা, আকাংক্ষা আৰু প্ৰয়োজনীয়তাৰ ওপৰত৷









(পৰৱৰ্তী লেখা - পিকনিক স্পট পালোঁগৈ)

Monday, 30 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৯. তাকচিঙৰ জংঘলী বাট



সোৱণশিৰিত মাছ মাৰিবলৈ জয়ন্তদাই ঘৰৰ পৰাই বৰশী লৈ আহিছিল৷ টোপ হিচাপে ব্যৱহাৰ কৰা ৰং-বিৰঙী ভুৱা মাছ কেইটামানো আনিছে৷ এংলিঙৰ প্ৰতি মানুহজনৰ কিযে দুৰ্বাৰ বাসনা! অভিজ্ঞতাও সৰহ৷ জীয়াভৰলীকে ধৰি অৰুণাচলৰ অভ্যন্তৰৰ ঠাই কিছুমান, জাছিংফা একুৱা টুৰিজিম ৰিজ’ৰ্টৰ মাহৰুল বিল, মেঘালয়ৰ কেতবোৰ ভিতৰুৱা জেগা আনকি আন্দামান-নিকোবৰ দ্বীপপুঞ্জ পৰ্যন্ত মাছ মাৰি ঘূৰি ফুৰিছে৷ পিছে দুৰ্ভাগ্যক্ৰমে ইয়াত সুযোগৰহে একেবাৰে অভাৱ ঘটিল৷ উজনিত সোৱণশিৰিখন ঠেক৷ আমি ৰৈ থকা ঠাইত ২০-২৫ ফুটমান হ’ব চাগৈ৷ সোঁত কিন্তু মাৰাত্মক৷ বৈ যাওঁতে ওলোৱা শব্দটোও ভয়ানক৷ এই ফালি-ছিৰি লৈ যাব যেন! ব্ৰহ্মপুত্ৰৰ সবাতোকৈ খৰবেগী উপনৈ এইখন৷ পাহাৰৰ চেপত তাৰে আগলি চাবলৈ আহিছোঁ৷ গতি দুৰ্দান্ত হ’বই৷

এনেকুৱা অৱস্থানত মাছ মৰাৰ আশা আৰু আনন্দ দুয়োটাকে দেখদেখকৈয়ে বাদ দিবলগীয়া হ’ল জয়ন্তদাই৷ তাৰ সলনি পাৰত ৰৈ ৰৈ ৰেপিডবিলাক চোৱাত ব্যস্ত হ’ল৷ অভিভূত হৈ পৰিল সেইবোৰত মনোনিৱেশ কৰি৷ ৰাফটিং কৰাতো চখ আছে জয়ন্তদাৰ৷ এইখন সোৱণশিৰিতে কৰা দুঃসাহসিক নৌকাচালনাৰো অভিজ্ঞতা আছে৷ ইফালে এইবোৰ বিষয়ত জ্ঞান বুলিবলৈ মোৰ নামৰ বিপৰীতে আছে এটা প্ৰকাণ্ড শূন্য৷ এংলিং, হোৱাইট ৱাটাৰ ৰাফটিং এইবোৰৰ একো আগ-গুৰি বুজি নোপোৱা, দেখি নোপোৱা মানুহ মই৷ প্ৰেক্টিকেলি সেইবিলাক কাহানিও কৰিও পোৱা নাই জনমত৷ পৰ্বতে-কন্দৰে খোজ কাঢ়ি থকাৰহে একান্ত পক্ষপাতী৷ য’লৈকে যোৱা যায়, যিমান দূৰ নহওক কিয়, কোনো বিৰোধ নাই৷ কিন্তু আজিৰ দিনটোৰ আটাইতকৈ গম্ভীৰ কথাটো হৈছে যে দলীয় সিদ্ধান্তমৰ্মে কোনেও তাকচিং নাপামগৈ! সেইটোকে লৈ মনত বিৰহ-বেদনা কিছুমানে খুন্দিয়ায়ে আছে অথনিৰে পৰাই৷ খঙো উঠিছে মনে মনে৷

শুভ-লক্ষণ সদ্যহতে এইটোৱেই যে বতৰটো আগতকৈ অলপমান দাঙিছে৷ জয়ন্তদাই নৈৰ নীলা-সেউজীয়া আৰু স্ফটিকবগা পানীবোৰলৈ চাই চাই কৈ গ’ল কোনটো ৰেপিডৰ গ্ৰেড কি হ’ব পাৰে৷ ৰেপিডৰযে শ্ৰেণী বিভাজন থাকে, ১ৰ পৰা ৬লৈ ৰেংক থাকে, এইহে জানিলোঁ৷ এইফালে সৰহভাগ ৰেপিড ৪ আৰু ৫ গ্ৰেডৰ দেখা গৈছে৷ ৬ও ওলাইছে৷ ৬ গ্ৰেডৰ ৰেপিড মানে মৃত্যুৰ হাতবাউলি৷ দাদাৰ বক্তব্যৰ পৰাই দুই-এটা নতুন কথা থাউকতে শিকিলোঁ৷ পিছে লাস্যময়ী নৈখনৰ ৰূপত মুগ্ধ হোৱাৰ বাদে সেইবিলাকে মোক বিশেষভাৱে আকৰ্ষিত বা অনুসন্ধিৎসু কৰি তুলিব নোৱাৰিলে৷ তাৰ কাৰণ, পানীৰ সৈতে খেলিবলৈ অনিচ্ছুকতা৷ কাৰণ মইযে সাঁতুৰিব নাজানো! শিলত খুন্দিওৱাৰ ফলত তীব্ৰ গতিত ছিটিকি পৰা পানী আৰু তাৰ সৈতে বায়ুৰ সংমিশ্ৰণ ঘটি উঠা বুৰবুৰণিৰে ভৰি থকা নদীপৃষ্ঠ, ঘূৰণীয়া পাকবোৰ যাক পকনীয়া বা চাকনৈয়া বোলে, সেইবিলাকৰ সৈতে খেলা কৰাৰ ইচ্ছা আৰু সাহস এটাও মোৰ নাই৷ তাতে এইখন হৈছে সোৱণশিৰি, দেখিলেই ভয় লগা৷ বিপৰীতে, পাহাৰ বগাবলৈ ভাল পাওঁ, কাৰণ পাহাৰতে ডাঙৰ-দীঘল হৈছোঁ৷ দলৰ সদস্য বাছনিৰ সময়ত অৰূপদাই এবাৰ কওঁতেই পৰ্বত বগাম বুলি সৈমান হৈ তাকচিঙলৈ বুলি ওলাই আহিছিলোঁ৷

জয়ন্তদাই আৰু ক’লে, ‘‘প্ৰত্যেকটো ৰেপিডেই একোটা জলপ্ৰপাত৷ পানীৰ তলত লুকাই থকা এনে জলপ্ৰপাত কিমান গভীৰ, কিমান ভয়ংকৰ হ’ব সেইটো ধৰা পেলোৱা সহজ কথা নহয়৷ এক্সপাৰ্টৰ বাবেহে সেয়া সম্ভৱ৷’’ সোৱণশিৰিত যোৱা বছৰ কৰা দুঃসাহসিক ৰাফটিঙৰ অভিজ্ঞতাৰ মনোৰম বৰ্ণনাও তেওঁ মাজে মাজে শুনাই থাকিল৷ মাছ মৰা আৰু নৌকাচালনাত খাচিয়া আৰু অৰুণাচলী এক্সপাৰ্টৰ দক্ষতা বখানিলে৷ শিলৰ ওপৰেৰে তীব্ৰবেগে ঘপকৈ নামি যোৱা ৰেপিডবোৰ আৰু তেনে খৰস্ৰোতা ৰেপিডে সৃষ্টি কৰা ফেনীল অৱস্থানসমূহ চাই চাই উভতি আমি তলৰ তম্বুথলীলৈ আহিব ধৰিলোঁ৷ চিন্তা কৰিলোঁ, এখন নদীৰ সন্দৰ্ভত উৎপত্তিৰ পৰা মোহনালৈকে কতযে জানিবলগীয়া কথা থাকে! পদ্ধতিগত অধ্যয়ন-গৱেষণা মনপুতি কৰিবলৈ হ’লে গোটেই জীৱনটোৱেই যাবগৈ! নাম মনলৈ আহিল তেনেকুৱা কেইজনমান নমস্য কৃচ্ছ্ৰসাধকৰ যাৰ লেখনিৰ জৰিয়তে ভালেমান নৈৰ বিষয়ে কিতাপত পঢ়িবলৈ পাইছোঁ৷ কিন্তু দুৰ্গম অৱস্থানৰ বিস্তৃত বৰ্ণনা আজিও সীমাবদ্ধ৷ গৱেষক, পণ্ডিত একো নহওঁ যদিও একমাত্ৰ প্ৰাণৰ সন্তুষ্টিৰ বাবেই সেয়ে নিজেই যিমান পাৰোঁ গৈছোঁ, চাইছোঁ, নয়ন সাৰ্থক কৰিছোঁ৷ পৰ্বতত নদীৰ আগলিভাগ দৰ্শন কৰাটোক এটা দুঃসাহসিক হ’বী বুলিলে ভুল নহ’ব চাগৈ৷

ভৰিৰ গতি আমাৰ অত্যন্ত ধীৰ৷ গেলেন চিনিয়াকৰ জিৰণি-কেম্পৰ পৰা সবাতোকৈ পলমকৈ ৰাওনা হোৱা বৰুণ, দেবিন্দৰ আৰু নিকেল আমাৰ ওচৰ পালেহি৷ নিকেলৰ এহাতত বাল্টি, হেতা৷ কান্ধত পেলাই লৈছে মস্ত দীঘল দাৰিকিৰে থলুৱা বৰশী এটা৷ বৰুণ আৰু দেবিন্দৰে গা-পা ধুই চিকুণটি হৈ নতুন সাজত আহিছে৷ সিহঁতে প্ৰস্তাৱ দিলে যে ঘূৰি নহয়, আগলৈ যোৱা হওক৷ নদী সোৱণশিৰিৰ পাৰত আজি এক বিশেষ কাৰ্যসূচী লোৱা হৈছে৷ প্ৰস্তাৱ মানি ইমানপৰে দি থকা উভতনি খোজবোৰৰ দিশ সলাই জয়ন্তদা, ৰাজীৱ আৰু মই, তিনিও আকৌ ওপৰমুৱা হৈ দিলোঁ, সিহঁত তিনিওৰে সহিত৷

গৈ গৈ ইউ টাৰ্ন এটাত উপস্থিত হ’লোঁগৈ আমি ছজন পৰ্যটক৷ তাতে থমকিব লগা হ’ল৷ শিলগুটি দিয়া ৰাস্তা এটা পাক মাৰি ওপৰলৈ গৈছে৷ দেখাত গাড়ী চলিব পৰা যেন লগা ৰাস্তাটো টি.চি.চি.লৈ উঠিছে বুলি গম পালোঁ৷ পৰ্বতৰ ওপৰত টি.চি.চি.৷ তালৈ আমি নাযাওঁ৷ তেন্তে আচল ৰাস্তাটো কেনি, যিফালে যোৱাৰ লক্ষ্যত আহিছোঁ আমি? সেইখিনিতে কাষত পুৰণি মেছিন দুটামান আছিল৷ কি মেছিননো বুলি জুপি থাকোঁতেই পাহাৰৰ ওপৰৰ পৰা তিৰোতা এজনী পিঠিত বোজাসহ নামি আহিল৷ অকলশৰে তেনেকৈ আহিবলৈ তাইৰ অকণো ভয় লগা নাই৷ কাণ্ড দেখি আচৰিতেই লাগিল৷ আনহাতে সেইফালেযে আহ-যাহ কৰা বাট এটা আছে আনে দেখুৱাই নিদিলে ধৰাই মস্কিল৷ এই পৃষ্ঠভূমিৰ মানুহে দুৰ্গম পাহাৰ, জংঘল অতিক্রমি এনেকৈয়ে যাতায়াত কৰে, মৌলিক প্ৰয়োজনৰ তাড়নাত৷ পুৰুষ মহিলা বুলি কথা নাই৷ ভাবি আশ্চৰ্যান্বিত হওঁ যে ইমান কষ্ট আৰু দুখ-দুৰ্দশাৰ মাজতো ইহঁতে মন খুলি হাঁহিব পাৰে৷ জনজাতীয় মহিলাজনীয়েও আমালৈ চাই হাঁহিমুখীয়া দৃষ্টি নিক্ষেপ কৰিলে, যেন পুৰণি চিনাকিহে! তাইৰ বডী লেংগুৱেজ পাঠ কৰি এনেহে লাগিল, তাই যেন কৈছে, ‘‘দেখিলি, কেনেকৈ নামি আহিলোঁ?”

সৰু সৰু চকু, সুগোল হাত-ভৰি৷ গাঁঠলু মহিলাজনীকে সোধা হ’ল তাকচিঙৰ ৰাস্তাটো কেনি বুলি৷ খাংটো মূৰত লৈ থাকিয়ে নিজে নামি অহাৰ দিশটোলৈ ঘূৰি হাঁহি মাৰি তাই আঙুলি টোঁৱালে আৰু ক’লে, ‘‘উধৰ সে৷’’ বাট চিনালে তাই, কিন্তু মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হ’ল আমাৰ৷ তাই যিফালে দেখুৱালে সেইটো ৰাস্তা নে গৰুবাট নে কি? সত্তৰ ডিগ্ৰী থিয়কৈ উঠি গৈছে এটা জংঘলী লিক৷ দুকাষে শৰীৰত কোবাই যোৱাকৈ হাবি৷ বৰষুণ পৰি পিছল হৈ আছে৷ ন-বোৱাৰীৰ শিৰৰ সেন্দূৰীয়া সেওঁতাৰ দৰে প্ৰথম কেইটামান খাপ দূৰৰ পৰাই জিলিকি আছে যদিও সমূলি বিশ্বাস নহয় যে সেইটোৱেই তাকচিঙৰ ট্ৰেক৷ তাকচিঙৰ বাবে ঘৰৰ পৰাই মনটো সংকল্পবদ্ধ হৈ আহিছিল৷ দলীয় সিদ্ধান্তত পৰি ইয়াত আনুষংগিক কথাবোৰ সোপা-ঢিলা হৈ পৰিল৷ এতিয়া বাটটো দেখি কঠিনতা নিশ্চিত সত্ত্বেও মনটো পুনৰবাৰ উদ্বাউল হৈ উঠিল৷

যিফালেই জংঘল ভাঙি সোনকালে যাব পাৰি সেইফালেই বাট৷ এইটোৱেই দস্তুৰ ইয়াত৷ মানুহজনীক আকৌ এবাৰ সুধি আঁতি-গুৰি ল’লোঁ৷ তাই নৰ’লে, গ’লগৈ৷ সেইফালেদিয়ে এতিয়া আমি যাব লাগিব, ব’লক বোলাত জয়ন্তদা আৰু ৰাজীৱৰ লাগিল লেঠা৷ জয়ন্তদাই গভীৰভাৱে কিবা এটা ভাবিলে অলপপৰ৷ চিন্তাৰ ৰেখাবোৰ কপালখনত ইতিমধ্যে প্ৰকট হৈ উঠিছেই৷ মোলৈ সজোৰ নিৰ্দেশ আহিল, ‘‘ছাজিদ উঠি গৈ চাই আহাঁচোন, আমি যাব পাৰিমনে নাই?’’ এবাৰ নহয়, দুবাৰ ক’লে তেনেকৈ৷ বগুৱা বাই মই উঠি গ’লোঁ৷ এঢাপ গৈয়ে লিকটো কেঁকুৰিত হেৰাই গ’ল৷ কুঁজা হৈ আকৌ এঢাপ উঠি গ’লোঁ৷ আকৌ একেখন ছবি৷ অলপ সময়ৰ পাছত সাৱধানে খুপি খুপি নামি আহিলোঁ৷ জয়ন্তদালৈ চাই স্পষ্ট কথা কৈ দিলোঁ, ‘‘দাদা আপুনি নোৱাৰিব’’ বুলি৷ অৱজাৰভেছন ৰিপ’ৰ্ট পাই ৰাজীৱেও স্বগতোক্তি কৰিলে, ‘‘তাৰ মানে উভতি যোৱাই মংগল৷’’

তৎক্ষণাৎ সিদ্ধান্ত হৈ গ’ল৷ আমাক আগ বাঢ়ি যাবলৈ দিলে৷ ৰাজীৱ আৰু জয়ন্তদাই সেইখিনিতে ইফাল-সিফাল কৰি থাকিল৷ অলপ পাছতে তম্বুলৈ ঘূৰিল চাগৈ৷ তেওঁলোকৰ পৰা অব্যাহতি পাই আমি চাৰিয়ে ইতিমধ্যে এজন এজনকৈ শাৰী পাতি পাহাৰ বগাই অদৃশ্য হৈ গ’লোঁ সেমেকা বনাঞ্চলৰ মাজত, তাকচিঙৰ জংঘলী বাটটোৰে৷

(পৰৱৰ্তী খণ্ড - বিশাল পাহাৰ, ৰসাল পাহাৰ)

Sunday, 29 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৮. হে’ড হাণ্টাৰৰ মুখামুখি


‘যেনিয়েই চকু যায় তেনিয়েই থমকি ৰয় নাচাবৰ মন নাই একো৷’ সোঁৱে-ৱাঁৱে যেনিয়েই দৃষ্টিপাত কৰোঁ তেনিয়েই চকু ৰৈ যায়৷ মায়াময় প্ৰকৃতি৷ তাৰ মাজতে চকামকাকৈ পশ্চিমৰ কেঁকুৰিত এবাৰ দলটোৰ দুজনমানক দেখা পাইছিলোঁ৷ এক লহমাৰ বাবেহে মাত্ৰ৷ ইফালে আটাহ পাৰিলেও নুশুনা দূৰত্ব৷ সোৱণশিৰিৰ বৃহৎ গৰ্জনৰ আগত টেঁটুফালি চিঞৰ মাৰিলেও কাম নাই৷ গতিকে ইন্দ্ৰিয় দমন কৰিবলৈ বাধ্য হ’লোঁ৷ দৌৰি-ঢাপৰি আগুৱাইছোঁ যদিও অসমান, ক্রমাৎ ওখলৈ যোৱা আৰু টুকুৰা-টুকুৰ শিলগুটিৰে পৰিপূৰ্ণ ৰাস্তাটোত খোজৰ গতিবেগ পৰি আহিল৷ বুকুৰ ধপধপনি বাঢ়িল৷ অৰূপদাহঁত অদৃশ্য হৈ গ’ল৷ কাৰ্যতঃ অসম্ভৱ হৈ দেখা দিলে তেওঁলোকক লগ ধৰাটো৷ টেণ্টৰ পৰা অনেক দূৰত সোৱণশিৰিৰ পাৰত এতিয়াহে তেনেই অকলশৰীয়া অনুভৱ কৰিব ধৰিলোঁ৷ কি কৰা যায়? অকলে অকলে আগলৈ যোৱাতকৈ তম্বুলৈকে উভতি যোৱাই উচিত হ’ব৷

মনৰ মাজতে গুণা-গঁথা কৰি যাওঁ কি নাযাওঁ খোজেৰে নামনিমুৱাকৈ উভতিবলৈ লৈছোঁ৷ তেনেকুৱাতে তলফালৰ পৰা ৰকেশ, চিংকাৰ আৰু তাল’ক আহি থকা দেখিলোঁ৷ ঠাইতে ৰৈ দিলোঁ৷ সিহঁত ওচৰ পালেহি৷ পিঠিত খাং, কান্ধত বেগ, ডেক্‌চি-কেৰাহী ইত্যাদি৷ সিহঁতে মোলৈ চাই চিনাকি হাঁহি মাৰিলে যদিও কোনো প্ৰশ্ন নকৰিলে৷ ময়ো মোৰ অৱস্থাটো ইচ্ছা কৰিয়েই সিহঁতক নজনালোঁ৷ সিহঁতে মোক নদীৰ পাৰত ফুৰিবলৈ অহা বুলিয়েই ভাবি ল’লে কিজানি৷ গান গাই গাই একেৰাহে তিনিও উঠি গৈ থাকিল৷ ক’ত যাব, কি নিৰ্দেশ লৈ আহিছে একো গম নাপালোঁ৷ এই প’ৰ্টাৰবোৰে বৰ খৰকৈ খোজ দিয়ে৷ অবিশ্বাস্য অথচ একদম খাঁটি কথা যে পাহাৰত খোজ দিব নজনা মানুহে ইহঁতৰ সৈতে একে তালত মুঠেও যাব নোৱাৰিব৷ হাবিতলীয়া ৰাস্তাবিলাকো আনকি প’ৰ্টাৰৰ নখ দৰ্পণত থাকে বুলি কোৱা হয়৷ পিছে আগত গৈ থকা দলটোৰ সাক্ষাৎ নাপালেহে কি হ’বজানো? এইটো ৰাস্তাৰ কথা ইহঁতে বাৰু জানেনে? জংঘলৰ মাজত অৰূপদাহঁতৰ অৱস্থিতি উলিয়াব পাৰিবনে? কেইবাটাও প্ৰশ্নই একে সময়তে মনত জুমুৰি দি ধৰিলে৷ ইহঁতৰ সৈতে নোযোৱাটোৱেই ভাল হ’ব৷ তম্বুলৈ উভতি যোৱাৰ প্ৰৱণতাটো আকৌ উকালে৷ কিন্তু হঠাতে কি হ’ল নাজানো, পৰুৱাই পোৱা মানুহৰ দৰে তিনিওৰে পিছত যাবলৈ ধৰিলোঁ৷ গতি ধীৰ৷ তেনে খোজেৰে সিহঁতকেইটাক কোনোপধ্যে লগ ধৰা নাযায়৷ অৱধাৰিতভাৱেই আগৰ কেঁকুৰিত তিনিওটা নাইকিয়া হৈ পৰিল৷ আকৌ অকলশৰীয়া হ’লোঁ৷ চকুৱে দেখি থকা অৱস্থাত কোনো নাই৷ তথাপি লাহে লাহে আগলৈ গৈ আছোঁ মই৷ হেৰাই যোৱাৰ আনন্দ ল’বলৈ গৈ সঁচাসচিকৈয়ে যেন হেৰাই গৈছোঁ মধ্য অৰুণাচলৰ অভয়াৰণ্যৰ বক্ষত!

উঠি উঠি অলপদূৰ পাইছোঁগৈ৷ এনেতে বন্দুক আৰু দা লৈ সিফালৰ পৰা আহি থকা দুজন মানুহ অকস্মাৎ মোৰ মুখৰ আগতে ওলাল৷ গাত জন্তুৰ ছালৰ জেকেট, চামৰাৰ টুপী, অচিন বেশভূষা৷ অপৰিচিত স্থান, অপৰিচিত ব্যক্তি৷ অজানা ঠাই, দুৰ্গম অৰণ্যত সাৱধানে চলা-ফিৰা কৰা উচিত বুলি জনা আছে৷ কি ঠিক, কাৰোবাৰ বাবে আমি অপ্ৰত্যাশিত অতিথিও হ’ব পাৰোঁ৷ দেখিয়ে বুকুখন ঢিপিংকৈ মাৰিলে৷ অচিনাকি নবাগতৰ প্ৰতি তেওঁলোকৰ মনোভাববা কেনে? আচিংমুৰি কাণ্ডটোৱেও একে সময়তে মনত ৰেখাপাত কৰিলেহি৷ আজি আৰু শেষ৷ কাটিলে মোক৷ মূৰ কটাটো তেওঁলোকৰ সংস্কৃতি৷ দাখনৰ পাছতে বন্দুকটো তেওঁলোকৰ সুৰক্ষা কবচ৷ এইবোৰ লগত থাকিলে কাৰোবাক আক্রমণ-প্ৰত্যাক্ৰমণ কৰিবলৈও সৰহপৰ ভাবিব নালাগে৷ বিপৰীতে অস্ত্ৰহীন, শক্তিহীন, অসহায় মই৷ নিজৰ বুকুৰ ধপধপনি নিজেই শুনা পাই আছোঁ৷ তথাপি সাহ কৰি লেহেমীয়াকৈ খোজ আগুৱাই দি আছোঁ৷ হাত এখন ৰাখিছোঁ কেমেৰাটোৰ ওপৰত৷ প্ৰথমে টুপীটো নতুবা কেমেৰাটো কাঢ়িব বুলিয়ে ধৰি লৈছোঁ৷ টনা-আঁজোৰা কৰিলে দিয়েই দিম লাগে৷ ডিঙি দুছেও কৰাৰ পৰা পৈতৃক প্ৰাণটো অন্ততঃ কিবা প্ৰকাৰে বচাব পাৰিলেই হয়৷

ওচৰ পায়েই অৰুণাচলী দুজন থমকি ৰ’ল৷ বেচ মজবুত, বলৱান মানুহ৷ পিঠিত বেতৰ বাস্কেট একোটা৷ এই দুটাই মোক ধৰি সোৱণশিৰিলৈ দলিয়াই দিলেও মাত মাতোতা বা সাক্ষী গোপাল কোনো নোলাব৷ মুহূৰ্ততে বিক্ষিপ্ত ভাবনা কিছুমান খেলি গ’ল মনত৷ ক’হিমাৰ পৰা ১২ কিল’মিটাৰ আঁতৰৰ কিছামা হেৰিটেজ ভিলেজত হৰ্নবিল ফেষ্টিভেলত কন্যাক নগাৰ ৱাৰ ডেন্স দেখিছোঁ, ৱাৰ ক্রাই শুনিছোঁ৷ নামপঙত পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেলত ৱাংচুৰ ৱাৰ ডেন্সো দেখিছোঁ৷ ডিঙিত পিতলৰ নৰমুণ্ড পিন্ধি, হাতত নৰমুণ্ড লৈ, মতগজ শৰীৰত আঁকি-বাকি কিযে এক উদ্দাম প্ৰদৰ্শন! কন্যাক, ৱাংচুৰ দৰে তাগিনো হে’ড হাণ্টাৰ, নৰমুণ্ড চিকাৰী৷ কালি ৰাতি নিকেলে কোৱাত গম পাইছোঁ যে শত্ৰুৰ মূৰ কটা পৰম্পৰা তাগিনৰো হেনো আছিল৷ হে’ড হাণ্টাৰৰে বংশধৰ এই দুই আগন্তুক৷ আহি আছে ওচৰ চাপি৷ আকৌ ভাবিলোঁ, মূলতে সকলোতো মানুহেই৷ পৰিৱেশ-পৰিস্থিতি, সামাজিক নিয়ম-কাৰণহে বেলেগ বেলেগ৷ মই কাৰো একো অন্যায় কৰা নাই৷ গতিকে মোক কোনেও অন্যায় নকৰে নিশ্চয়৷ যি হয় হ’ব বুলি ঈশ্বৰক চিন্তি নিজকে এৰি দিলোঁ অচিনাকি নৈসৰ্গিকতাৰ মাজত৷

‘‘আপলোগ কিছ মকছদ সে য়ঁহা আয়ে হ’?’’ সিফালৰ পৰা অহা নীৰৱতা ভংগকাৰী শব্দকেইটা শুনি জেগাত ৰৈ গ’লোঁ৷ যথাসম্ভৱ চমু উত্তৰেৰে সঁহাৰি জনোৱাৰ চেষ্টা চলিল৷ আকৌ সুধিলে, ক’ৰ পৰা আহিছোঁ আমি৷ সেপ দুটামান গিলি লৈ সেয়াও জনালোঁ৷ তাকচিঙলৈ যাব বিচাৰোঁ বুলিলত মুখমণ্ডলত ওলাই পৰা প্ৰতিক্রিয়াৰ ভাবটো পঢ়ি এনেকুৱা লাগিল যেন তাকচিং সৌকণহে৷ পাহাৰত ঘূৰি ফুৰিবলৈ কেৰেপ নকৰা মানুহ এইবোৰ৷ কিল’মিটাৰৰ পাছত কিল’মিটাৰ হেলাৰঙে নমা-উঠাকৈ যাব-আহিব পাৰে৷ তাৰ তুলনাত আমাৰ শাৰীৰিক গঠন আৰু মানসিক অৱস্থাবোৰ বহুত পৃথক, বহুত লেহুকা৷ শেষত জনালে, ‘‘মে’ বস্তি কা মুখিয়া হুঁ৷ বুৰা মত মাননা হা, এইসেই পুছা৷’’ নিমিষতে মোৰ মুখলৈ পানী ফিৰি আহিল৷ বস্তিৰ নামটো কৈছিল৷ কি বা আছিল, দোদুল্যমান পৰিস্থিতিত পৰি সেই ক্ষুদ্ৰ গাঁৱৰ কথা একোৱেই মনত নৰ’ল৷ প্ৰথমতে ভয় লাগিলেও পাছলৈ মানুহ দুজনৰ প্ৰতি ভাল ভাবেই জাগিল৷

আদিম বৰ্বৰতাৰ গোন্ধ আৰু বিভীষিকা আশংকা কৰি থাকোঁতে সৰল আৰু নিভাঁজ অন্তৰৰহে পৰিচয় ওলাল৷ দুশ্চিন্তা আৰু শংকাৰ মাজত সৌজন্যতাৰ এই প্ৰকাশ, তাৰ অনুভূতি কেনে, লিখিত ভাষাৰে বুজোৱা টান৷ জীৱনলৈ সজীৱতা ঘূৰাই অনা মৃত-সঞ্জীৱনী এয়া৷ এটা সাংঘাতিক অভিজ্ঞতা পুঞ্জীভূত কৰি সঁচাৰ্থত দোধোৰ-মোধোৰতে পৰিলোঁ৷ কি কৰা যায় এতিয়া? আগ বাঢ়িম নে ঘূৰিম? আগ বাঢ়িবলৈ প্ৰথম কথা ৰাস্তা চিনি নাপাওঁ৷ ছজনীয়া প্ৰথম দলটো, তিনিজনীয়া দ্বিতীয় দলটো ভালেমান আগুৱাই গুচি গ’ল৷ সিহঁত এতিয়া ৰেঞ্জৰ বাহিৰত৷ লগ ধৰাটো সম্ভৱৰ কথাই নহয়৷ ভীতিগ্ৰস্ততাৰ সামৰণিত পোৱা হেৰাই যোৱাৰ বিৰল আনন্দকণ নেওচি ঘূৰি যাবলৈকো মুঠেই ভাল লগা নাই৷ ইফালে দুয়োকাষে হাবি-জংঘল৷ দুৰ্গম প্ৰাকৃতিক পৰিৱেশত হিংস্ৰ বন্যজন্তুৰ উপস্থিতিও নুই কৰা নাযায়৷ কাল ৰূপ লৈ ক’ত কিহে চোপ লৈ আছে কোনে জানে? মানুহৰ পৰা ভাগ্যক্ৰমে বাচিলোঁ যেনিবা৷

গহন বনৰ মাজত এনেকৈয়ে ঘূৰাই পোৱা যায় জীৱনৰ সজীৱ স্পন্দন৷ স্মৃতিপটত অনন্য অভিজ্ঞতাৰ সাঁচ সাঁচি ধীৰে ধীৰে উভতি খোজ ল’লোঁ৷ প্ৰকৃতিয়ে সন্মুখত মেলি ৰখা কৌতূহলপূৰ্ণ সৌন্দৰ্যৰ সঁফুৰালৈ পিঠি দি কিছুদূৰ অতিক্ৰম কৰি আহিছোঁ, তেনেকুৱাতে ওপৰৰ পৰা দেখা গ’ল, জয়ন্তদা আৰু ৰাজীৱ আহি আছে৷ হাতত ৱাকিং ষ্টিক লৈ তেনেই লেহেম গতিৰে বাটকুৰি বাই গৰাটো উঠি আছে৷ সেই স্থানত অকলশৰীয়া ৰূপত মোক দেখি তেওঁলোকৰ মনতো প্ৰশ্নৰ অৱতাৰণা নোহোৱাকৈ নাথাকিল৷ যথাযথ বিৱৰণী শুনোৱাৰ উপৰি জনালোঁ যে কেম্পৰ পৰা আগতে ওলাই যোৱা ছজনীয়া দলটো কেনি গ’ল মই তলকিবই নোৱাৰিলোঁ৷ পিছ লৈছিলোঁ যদিও এইটো অৱস্থাহে হ’ল৷ প’ৰ্টাৰ তিনিটাকো অনুসৰণ কৰিব নোৱাৰিলোঁ৷ দুয়োৰে সৈতে চামিল হৈ পশ্চিম দিশে আকৌ অগ্ৰসৰ হ’লোঁ কইনাখুজীয়া বুলনত৷

(পৰৱৰ্তী লেখা - তাকচিঙৰ জংঘলী বাট)
দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৭. পুনৰ পদযাত্ৰা


পুৱা দেৰিকৈ উঠিল যদিও সাৰ পোৱাৰ পাছৰে পৰাই ৰাজীৱে সংস্পৰ্শলৈ অহা বিভিন্নজনৰ ইণ্টাৰভিউ ল’বলৈ আৰম্ভ কৰিছে৷ ছাল-বাকলি গৈ অৱস্থা নোহোৱা বহী এখন কেম’ফ্লেজৰ দীঘল পকেটৰ পৰা উলিয়াই গুহা-দোকানৰ খিৰিকীৰ তক্তাছটাতে থৈ লৈছে এতিয়া৷ দৰকাৰী তথ্য পালেই এফালৰ পৰা খচাখচ টুকি গৈছে৷ জাৰ্নেলিষ্ট বুলি জানি এমখা মানুহে তেওঁক আগুৰি ধৰিছে৷ তেওঁলোকে মনৰ কথাবোৰ নিঃসংকোচে কৈছে৷ অভিযোগ দৰ্শাইছে যে দেশে স্বাধীনতা লাভ কৰা ৬৮ বছৰ পাৰ হ’ল৷ এইফালৰ পৰ্বতবাসী যেনেকৈ আছিল তেনেকৈয়ে আছে৷ মানুহবোৰৰ কষ্টজীৱিত চেহেৰা আৰু প্ৰকাশভংগী দেখিয়েই ক’ব পাৰি যে মিছা নহয় তেওঁলোকৰ মুখনিসৃত বৰ্ণনাবোৰ৷

শিক্ষানুষ্ঠান বুলিবলৈ তাকচিঙত আছে এখন মাত্ৰ মধ্য ইংৰাজী বিদ্যালয়৷ অৰ্থনৈতিকভাৱে দুৰ্বল হেতুকে অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক পঢ়িবৰ বাবে বাহিৰলৈ পঠিওৱাত স্বাভাৱিকতে অপাৰগ৷ সমগ্ৰ তাকচিং এলেকাটোৱে হ’ল ধানখেতি নোহোৱা জেগা৷ মানুহবোৰে চাউল কিনিবলগীয়া হয় ডাপ’ৰিজোলৈ গৈ৷ প্ৰত্যেকটো খাদ্যবস্তুৱেই তাকচিঙৰ পৰা আনুমানিক কমেও ৭০ কিল’মিটাৰ আঁতৰত থকা কেতেনালাৰ পৰা পিঠিত কঢ়িয়াবলগীয়া হয়৷ কেতেনালা হৈছে গাড়ী চলিব পৰা অন্তিম ঠাই, আমি য’ত প্ৰথম নিশাটোৰ বাবে তাগিন দম্পতী আমা ম্ৰা, তানি ম্ৰাৰ চাংঘৰত আশ্ৰিত হৈছিলোঁ৷ দুৰ্গম এই দুয়োটা স্থানৰ মাজত ভাবিব নোৱাৰা দূৰত্ব৷ আধুনিক বাহনৰ বাবে এই দূৰত্ব নগণ্যমাত্ৰ ঠিকেই৷ পিছে ইয়াত কথাটো সমূলি তেনেকুৱা নহয়৷ কল্পনা কৰিব নোৱাৰা ৰূপ হিল ট্ৰেকৰ৷ বজাৰ, শিক্ষানুষ্ঠানৰ পাছতে স্বাস্থ্য সেৱা, বিজুলী যোগান ইত্যাদি বুলিবলৈও ঠাইখনত একোৱেই নাই৷ মুঠতে দুৰ্বিষহ দৈনন্দিন৷ আৰ্মী আৰু আই.টি.বি.পি.ৰ সাহায্য কল্পেহে দুৰ্গমতাৰ মাজতো মানুহবোৰে কিবাকৈ তিষ্ঠি থাকিব পাৰিছে৷

মাজে মাজে এইফালৰ মানুহবোৰ সীমান্তলৈ যায়৷ সীমান্তগামী পথৰ তথৈবচ অৱস্থাও নিজেই দেখিলোঁ৷ তেনেকুৱা একাংশ ট্ৰেক দেখাৰ পাছত ভূত বা বন্যজন্তুৰ ভয় মানুহবোৰৰ মুঠেই নাই বুলি চকু মুদি চাৰ্টিফিকেট দি দিব পাৰি৷ অসীম সাহসী মানুহবোৰ৷ নিজমুখেই স্বীকাৰ কৰিলে যে তেওঁলোক বেছিকৈ যায় মাজাৰ ফালে৷ তুলনামূলকভাৱে মাজা ব’ৰ্ডাৰলৈ ওচৰ৷ দেহত পৰিধান কৰি থকা চীন দেশত নিৰ্মিত চামৰাৰ জেকেটটো এজনে অতি গৌৰৱেৰে দেখুৱালে৷ ক’লে, ‘‘মাজাৰ পৰা আনিছোঁ৷ চাইনিজ মাল৷ ঠাণ্ডা অলপো নালাগে৷ পানীও অকণো নসৰকে৷’’ চীনা বস্তুৱেই নহয়, দেশখনৰ প্ৰতিও যেন গভীৰ আনুগত্যৰ উমান পালোঁ তেওঁৰ কথা-বতৰাত৷ অলপ পাছতে ক্ষোভিত ভাবত কৈ উঠিল, ‘‘ইণ্ডিয়া হামক’ ক্যা দিয়া হ্যায়? কুছ নেহী৷ চাইনা নজদিক মে’ হ্যায়৷ আতা-জাতা ৰহতা হ্যায়৷ উধৰ হামাৰা আপনা আদমী হ্যায়৷ চামানভী মিলতা হ্যায়৷ য়ে দেখিয়ে, চাইনিজ৷ কিতনা মজবুত হ্যায়৷’’ ফেৰেককৈ জেকেটৰ চেইনডাল খুলিলে৷ ভিতৰভাগ চাবলৈ দিলে৷ এখন হাতেৰে ওপৰত কেইবাৰমান জোৰত থপৰিয়ালেও৷ দোকানৰ ভিতৰত থকা চাইনিজ ফ্লাস্কটো মানুহজনীক তেওঁ দেখুৱাই দিবলৈ দোৱানেৰে নিৰ্দেশ দিলে৷ হাঁহিমুখে তাই সেইটো দাঙি ধৰিলে৷ জুলীয়া পদাৰ্থ ২৪ ঘণ্টালৈকে গৰম হৈ থকা ফ্লাস্কটো প্ৰথমদিনাই জুহালত বহোঁতে কথা প্ৰসংগত তাগিন দোকানীজনীয়ে মোক দেখুৱাইছিল৷ নেফাৰ জনগোষ্ঠীয়ে নিজকে ভাৰতৰ অংশ বুলি অনুভৱ কৰা বুলি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত হাত আগ বঢ়োৱা বুলি জানি আহিছিলোঁ৷ এতিয়া মুখৰ আগত এনেকুৱা কথা-কাণ্ডবোৰ শুনি বেলেগ ধৰণৰ চিন্তা কিছুমানেহে মগজুক পাকঘূৰণি খুৱাই দিলে৷

ঘড়ীত দহমান বাজে৷ প্ৰথম দলটো সাজু হৈছে৷ অৰূপদা, অমৰ, প্ৰদীপদা, দীপকদা৷ লগত তায়া আৰু লিডা৷ মোক উদ্দেশ্য কৰি পদযাত্ৰাৰ কথাটো সিফালৰ পৰা চিঞৰি জনাই দিলে অৰূপদাই৷ ইফালে খিচিৰি খোৱাৰ পাছতে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি আচম্বিতে আকৌ এবাৰ সঁহাৰি জনাবলগীয়া হ’ল! গৈ থাকক, লগ ধৰি ল’ম বুলি মনতে ভাবি লৈ মাজালৈ যোৱা ঝুলন্ত ওলমা দলংখন সিপাৰে এৰি আৰু অকণমান আগলৈ সোৱণশিৰিৰ গৰাৰ ফালে গুচি গ’লোঁ৷ বটল যোগাৰ কৰোঁতেই কিছু সময় গ’ল৷ গ্ৰেফৰ কৰ্মীৰ আহ-যাহ চলি থকাত সুচল স্থান নিৰ্বাচন কৰোঁতেও অযথা কালক্ষয় হ’ল৷ আহি পাই ওলাওঁ মানে অৰূপদাহঁতে যাত্ৰা আৰম্ভ কৰিয়েই দিলে৷

কেইমিনিটমানৰ পাছত সাজু হৈ ময়ো পিছে পিছে খেদি গ’লোঁ৷ নিজৰ তম্বুটোৰ ভিতৰত মৃণালদা অকলশৰে বহি আছে৷ তেওঁৰ পাৰ্টনাৰ দীপকদা প্ৰদীপদাহঁতৰ লগত গৈছে৷ মোক দেখি মৃণালদাই হাঁহিলে৷ সুধিলোঁ, ‘‘আপুনি নগ’লযে দাদা?’’ ‘‘ভৰি-চৰি বিষাই আছে কালি খোজ কাঢ়ি কাঢ়ি৷ গতিকে নগ’লোঁ৷ দিনটো আজি তম্বুতে ৰে’ষ্ট ল’ম৷’’ উত্তৰ পাই মই নিজৰ উদ্দেশ্যত গতি বৃদ্ধি কৰি দিলোঁ৷

লঘু বৃষ্টিপাতে পুৱাতে মন সেমেকাই তোলাৰ পাছত বৃষ্টিপ্ৰচুৰ অৰণ্যৰ মাজৰে গৰ্জনমুখৰ সোৱণশিৰিক সোঁহাতে লৈ আগ বাঢ়িছোঁ৷ ডিঙিত ওলমি থকা কেমেৰাটো মাজে-মধ্যে চকুলৈ উঠিছে৷ ক্ষন্তেকীয়া পৰ্যটকৰ দৃষ্টিৰে হ’লেও ইফালে-সিফালে নোচোৱাকৈ নোৱাৰিছোঁ৷ কল্পনাপ্ৰৱণ মানুহে এনেবোৰ পটভূমি দেখা পোৱা হ’লে কিমানযে গল্প লেখিলেহেঁতেন, হয়তো উপন্যাসো সৃষ্টি কৰিলেহেঁতেন৷ দৃষ্টিঅনুভূতিশীল কবিপ্ৰাণ মানুহ হোৱাহেঁতেন কতযে কবিতা ৰচা গ’লহয় এইবোৰ পৰিৱেশত! দুৰ্ভাগ্য যে মোৰ বেলিকা সেইবোৰ নেছেল৷ এই জনমত তেনেবোৰ মৌলিক প্ৰতিভাৰ বিকাশ এতিয়ালৈকে ন’হল আৰু আগলৈকো হ’বলৈ নাই৷ কাৰণ তাৰ বাবে লাগতিয়াল সংবেদনশীলতা, আৱেগ-অনুভূতি, কোমলতা, সাহিত্য ৰস আৰু অলংকাৰ, শব্দৰ চৰ্চা বা চাতুৰ্য আমাৰ নাই৷ চকুৰ আগত দেখি থকা বিশাল প্ৰস্তৰখণ্ডৰ অনুৰূপ ঠৰঙা, কঠিন হৃদয়ৰ লোকহে আমি৷ গল্প নহয়, সত্যৰহে সন্ধানী প্ৰতিটো মুহূৰ্ততে৷

বীৰদৰ্পে আগত গৈ থকা অৰূপদা, প্ৰদীপদাহঁতৰ খোজগুড়ি চাই চাই আগ বাঢ়িছোঁ৷ নিজৰ ওপৰত, নিজৰ দুভৰিৰ ওপৰত আস্থা ৰাখিছোঁ৷ দলটোক লগ ধৰাৰ কথাটোৱেহে মন-মগজুত একমাত্ৰ হিচাপে তোলপাৰ লগাই আছে৷ নৈখন, আকাশৰ ৰং আৰু পাহাৰৰ লাৱণ্যময়ী ৰূপসজ্জাটোৱে প্ৰথম দৰ্শনতে অভিভূত নকৰাকৈ নেৰিলে কিন্তু৷ নিকট-পৰিচিত, সৃষ্টিশীল অন্তৰৰ বন্ধুস্থানীয় মানুহৰ মুখকেইখনমান অতৰ্কিতে মনত নপৰাকৈও নাথাকিল৷

গিৰিখাদৰ মাজেদি প্ৰৱাহিত নদী সোৱণশিৰি৷ পৰ্বতৰ মাজে মাজে দূৰৰ পৰা এইফালে আহি আছে৷ ওচৰ পাই আকৌ দূৰলৈ গুচি গৈছে৷ ওপৰৰ পৰা চালে নীলা-বগা ফিটাৰ দৰে কিবা এডাল পৰি থকা যেন দেখি৷ এনেকুৱা লাগে যে পাহাৰৰ পাদদেশেৰে টানি দিয়া হৈছে চিকমিকীয়া এডাল বক্রৰেখা৷ বহু আঁতৰৰ পৰাই কৰ্ণগোচৰ হয় পানীয়ে শিলত প্ৰচণ্ড বেগেৰে খুন্দিওৱাৰ ফলত উদ্ভৱ হোৱা শব্দসমষ্টি৷ সিপাৰত নদীৰ গাতে লাগি থকাকৈ বিশাল ব্যাপ্তিৰ অৰণ্য৷ আদিগন্ত বিস্তৃত হৈ থকা স্তৰীভূত শিলৰ আস্তৰণ৷ মুঠতে যিমানদূৰ দৃষ্টি যায় অৰণ্য, অৰণ্য, কেৱল অৰণ্য৷ ঘৰ-চৰ নাই৷

ইয়ালৈ অহাৰ আগতে কল্পনাৰ উত্তেজনাত ৰোমাঞ্চকৰ অনুভূতি কিছুমানে মনটোত থৌকি-বাথৌ লগাই আছিল৷ এতিয়া সত্যৰ সন্মুখীন হ’লোঁ৷ ঘৰলৈ ঘূৰি গ’লেও আকৌ দেখা দি থাকিব চকু দুটা জপোৱা মাত্ৰকে৷ কাণ উনালেই আকৌ শুনা পোৱা যাব সোৱণশিৰিৰ উদ্দাম ঊৰ্মিমালাৰ অবিৰত ঝংকাৰ৷

(পৰৱৰ্তী লেখা – হে’ড হাণ্টাৰৰ মুখামুখি)

Wednesday, 25 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
৬. তাকপা চিৰিৰ পৱিত্ৰ তীৰ্থযাত্ৰা



তাকপা চিৰি হৈছে তাকচিঙৰ পৰা প্ৰায় ২০ কিল’মিটাৰ উত্তৰা-দক্ষিণাকৈ অৱস্থিত এক পৰ্বত শিখৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ২,৪৫০ মিটাৰ৷ প্ৰশস্ত পাহাৰ শিখৰৰ নিম্নাংশত কেজু লা৷ কেজু লাৰ সমীপত এটা সৰু হ্ৰদ৷ হ্ৰদটোক পুৰাং বা পতৰাং বুলি কোৱা হয়৷ তিব্বতী জনবিশ্বাসত এই লে’ক আৰু পৰ্বত শিখৰক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে একালত ইয়াত বিশাল আয়োজনেৰে বছৰেকীয়াকৈ তীৰ্থযাত্ৰা চলিছিল যাক বোলা হৈছিল কিংকৰ৷

তিব্বতী লোকসকলে বিশ্বাস কৰে যে চাৰিটা জলাশয় আৰু চাৰিটা গিৰিপথযুক্ত পৰ্বত হৈছে আটাইতকৈ পৱিত্ৰ৷ সেইফালৰ পৰা তাকপা চিৰি তেওঁলোকৰ বাবে এখন অতি পৱিত্ৰ স্থান৷ কিয়নো ইয়াত আছে কেজু লা, চাংয়’ লা, কাংয়’ লা, চাগাম লা আৰু চুম লা৷ লাৰ অৰ্থ হৈছে গিৰিপথ৷ এই সকলোখিনি গিৰিপথকে সামৰি তাকপা চিৰি শিখৰটো ‘ৰেজিনচেই’ নামে জনপ্ৰিয়৷

চুম লাৰ অন্য নাম হ’ল লংজু৷ ১৯৬২ৰ চীনা যুদ্ধৰ সময়ত লংজু কাণ্ডৰ বাবে জনাজাত হৈ পৰিছিল এই লংজু৷ সোৱণশিৰি নৈৰ উত্তৰে স্থিত চুম লা বা লংজু সেইখন ঠাই য’ত চীনা সৈন্যই আগুৰি ধৰিছিল ভাৰতীয় তদাৰকী চকী৷ লংজুৰ উপৰি কংকা, নামখা শ্বু আৰু পূব ভাৰতৰ লোহিত নৈৰ উত্তৰে অৱস্থিত ৱালঙৰ বিপৰীতে সুপৰিকল্পিত ৰূপত ঢলা চকীৰ অনুৰূপ সমৰসজ্জা কম সময়ৰ ভিতৰতে গঢ়ি তুলিছিল চীনে৷ শেষ পৰিণতি চীনৰ জয়, ভাৰতৰ পৰাজয়৷

তাকপা চিৰিৰ আশে-পাশে পৰ্বতৰ বক্ষত আছে চাৰিটাকৈ শ্বু অৰ্থাৎ জলাশয়৷ পূবে হেমব্ৰাং শ্বু, পশ্চিমে য়ুমে শ্বু, উত্তৰে চাৰি শ্বু আৰু দক্ষিণে তাকচাং শ্বু৷ এই জলাশয়কেইটাক একেলগে ‘শ্বুজিনচেই’ বোলা হয়৷ তিব্বতী জনমানসত বিশ্বাস প্ৰচলিত আছে যে এনেকুৱা এটা পৰ্বতত বছৰেকত এবাৰ তীৰ্থ কৰিলে পুণ্য অৰ্জন কৰিব পাৰি৷ 

তাকপা চিৰিত তিনিটা হ্ৰদ আছে৷ পুৰাং, ক্যমু আৰু য়ামবাৰে৷ বিশ্বাস আছে যে এই হ্ৰদকেইটাৰ ভিতৰত পুৰাং বা পতৰাং হৈছে পতি, ক্যমু হৈছে পত্নী আৰু য়ামবাৰে হৈছে পুত্ৰ৷ পতি-পত্নী-পুত্ৰৰ মাজত পতি অৰ্থাৎ পুতৰাং লে’কটোকে সবাতোকৈ পৱিত্ৰ বুলি গণ্য কৰা হয়৷ তিব্বতৰ সকলো তীৰ্থযাত্ৰীয়েই ইয়াত আৰাধনা কৰে৷ তীৰ্থযাত্ৰাৰ আকৰ্ষণৰ ই কেন্দ্ৰবিন্দুস্বৰূপ৷ Tony Huberৰে লিখা ‘The Cult of the Holy Crystal Mountain’ নামৰ কিতাপত এই বিষয়ে উল্লেখ আছে৷

তাকপা চিৰিৰ নিম্ন অংশৰে খোজ কাঢ়ি চিকচাৰ, মিপা, চাগাম লা, তামলাংগংগা হৈ পুৰাং হ্ৰদলৈ যোৱা হৈছিল৷ হ্ৰদত উপস্থিত হৈ প্ৰাৰ্থনা জনোৱা হৈছিল৷ ঘূৰি আহোঁতে তুমদান, চাকতা চাংগু, কাৰ্কয়ু লা হৈ য়ুমেলৈ আহিছিল৷ তাকপা চিৰিৰ এঢলীয়া অংশৰে চাৰিখন নৈ ওলাইছে৷ পূব দিশৰ চাৰি শ্বু আৰু পশ্চিম দিশৰ য়ুমে শ্বু জলাশয়ৰে একে নাম লৈ এই নৈবোৰ বৈ আহিছে৷

তাকচিঙৰ স্থানীয় লোকসকলে ৰিংকৰক লগাৰ বুলি কয়৷ এইটো এটা দীঘলীয়া তীৰ্থটন৷ ১২ বছৰৰ মূৰত এবাৰ পালন কৰা হয়৷ ১৯৫৬ চনত শেষবাৰৰ বাবে এই যাত্ৰা কৰা হৈছিল৷ ১৯৬২ চনত চীন-ভাৰতৰ সংঘৰ্ষ লগাৰ পাছত তীৰ্থযাত্ৰা অনুষ্ঠিত হোৱাৰ তথ্য পাবলৈ নাই৷ পৰম্পৰা অনুযায়ী ৰিংকৰ তীৰ্থযাত্ৰা তিব্বতৰ বিভিন্ন প্ৰান্তৰ পুৰুষসকলৰ মাজতেই সীমাবদ্ধ আছিল৷ শ্বচাম, চাৰি শ্বু, লংজু, বিদাক, গিলিম’ আৰু আমি কালিৰে পৰা বাহৰ পাতি থকা গেলেন চিনিয়াক হৈ সোৱণশিৰিৰ পাৰেৰে দাজ’বুং, দাদু, ৰেডিং, তাকচিং আৰু তাৰ পৰা য়ুমে পাইছিলগৈ৷ ৰেডিঙৰ পৰা তাকচিঙলৈ ১৮ কিল’মিটাৰ পথ এতিয়া মটৰগাড়ী আহ-যাহ কৰিব পৰা বিধৰ বুলি ভ্ৰমণকাৰীৰ নথিৰ জৰিয়তে জানিব পাৰিছোঁ৷

ৰিংকৰৰ উদ্দেশ্যে যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলে সেই সময়ত সোৱণশিৰি উপত্যকাৰ তাগিন জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলত সোমাবলৈ ভয় কৰিছিল৷ কিয়নো তাগিনবিলাকে তীৰ্থযাত্ৰীক আদবাটতে ৰখাই লৈ বয়-বস্তু লুট কৰি লৈ গৈছিল৷ ফলস্বৰূপে তেওঁলোকে তাগিনৰ পৰা সুৰক্ষা আৰু পথ প্ৰদৰ্শক লৈছিল৷ ১৩টা য়াক, ৫০খন দা, ১০৮ডাল হাৰ আৰু অন্যান্য খাদ্যবস্তু সংগ্ৰহ কৰি দিছিল৷ তেনেকুৱা গাইডে শ্বায়াল শ্বু আৰু য়ুমে শ্বু পৰ্যন্ত তীৰ্থযাত্ৰীসকলৰ সৈতে সহযোগ কৰিছিল৷ এৰি অহাৰ আগতে পথ প্ৰদৰ্শকৰ সন্মানাৰ্থে ভোজৰ আয়োজন কৰি স্থানীয় পানীয় ‘আপং’ আৰু খাদ্য যাচিছিল৷

তিব্বত আৰু ম্যানমাৰৰ বনাঞ্চলৰ অধ্যয়নকাৰী, বিখ্যাত উদ্ভিদবিদ F. Kingdon Wardএ উক্ত এলেকাটোলৈ গৈ তাৰ উদ্ভিদকুলৰ বিষয়ে লিখি থৈ গৈছে৷ তেওঁৰে পদাংক অনুসৰণ কৰি অন্য এজন উদ্ভিদ বিজ্ঞানী F. Ludlowএ নিজৰ ভ্ৰমণকালত তাকপা চিৰিৰ যাত্ৰাপথকে ধৰি বিভিন্ন দিশ সামৰি আলোক-চিত্ৰ তুলি থৈছে৷ ব্ৰিটিছ চৰকাৰে তদানীন্তন নেফা আৰু তিব্বত সীমান্তৰ উত্তৰ অংশত জৰীপ চলাবলৈ F. M. Bailey আৰু H. T. Morsheadক দায়িত্ব দিছিল৷ তেওঁলোকৰ জৰীপ আৰু দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰিয়ে ১৯১৩ চনত ত্ৰিদেশীয় চিমলা অভিৱৰ্তনত হেনৰী মেকমোহনে তিব্বত আৰু ব্ৰিটিছ ভাৰতৰ সীমান্ত নিৰ্দেশক মেকমোহন লাইনডাল টানি পেলাইছিল৷ Bailey আৰু Morsheadএ তাকপা চিৰিলৈ চলা চমু তীৰ্থযাত্ৰা কিংকৰত ভাগ লৈছিল৷ সেই যাত্ৰাৰ ফলতে তেওঁলোকে উক্ত অঞ্চলসমূহ দেখিবলৈ পাইছিল৷ তেওঁলোকে দৰ্লমা লাও অতিক্রম কৰিছিল৷ পৱিত্ৰ স্ফটিক পৰ্বত তাকপা চিৰিৰ আশে-পাশে চলা দীঘলীয়া ৰিংকৰৰ বিষয়ে Ludlow আৰু অন্যান্য লেখকে লিখি থৈ গৈছে৷

উল্লেখযোগ্য যে এতিয়া অতীত হৈ পৰা ৰিংকৰ নামৰ সুদীৰ্ঘ তীৰ্থযাত্ৰাটি চীনৰ চাৰি শ্বুৰ পাৰেৰে আৰম্ভ হৈ অৰুণাচল প্ৰদেশত সোমাইছিলহি৷ সোৱণশিৰি নৈৰ পাৰেৰে আহি তীৰ্থযাত্ৰীসকলে আকৌ উত্তৰলৈ গতি কৰিছিল৷ গতিকে উক্ত যাত্ৰাপথৰ দক্ষিণ অংশটো পৰে ভাৰত এলেকাত৷ পূৰ্বজসকলৰ মাজৰ বয়োজ্যেষ্ঠসকলেহে উক্ত তীৰ্থটনৰ বিষয়ে জানিছিল আৰু ভাগ লৈছিল৷ পৱিত্ৰ পৰ্বতৰ বুকুৰ সেই যাত্ৰাটিৰ বিষয়ে তথ্যপাতি অপৰ্যাপ্ত হাৰত সম্প্ৰতি পাবলৈকে নাই৷ যিখিনি জনা গৈছে তাৰ ওপৰত ভিত্তি কৰি, বৰ্তমানৰ ভূপ্ৰাকৃতিক অৱস্থিতিলৈ চাই সহজেই ধাৰণা কৰিব পাৰি কিমান কষ্টকৰ আৰু প্ৰত্যাহ্বানপূৰ্ণ আছিল সেই পদযাত্ৰা৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ৪০ কিল’মিটাৰ ভিতৰত অৱস্থিত লাষ্ট ইণ্ডিয়ান মিলিটেৰী প’ষ্ট৷ ২৩ ব’ৰ্ডাৰ ৰ’ডছ টাস্ক ফ’ৰ্চ (প্ৰজেক্ট অৰুণাংক)ৰ ১২৮ ৰ’ড কনষ্ট্ৰাকচন ক’ম্পেনীয়ে তাকচিং চাৰ্কোলত অত্যাধুনিক যন্ত্ৰপাতি আৰু মানৱ শক্তিৰে নিৰন্তৰ প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে পথ যোগাযোগ সম্ভৱ কৰি তুলিবলৈ৷ ৰাস্তাটোৱে নিৰাপত্তা শক্তিশালী হৈ উঠাত গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চয় গ্ৰহণ কৰিব৷ তাৰ লগে লগে ঐতিহ্যপূৰ্ণ ১২ বছৰীয়া ৰিংকৰ যাত্ৰা, বছৰেকীয়া কিংকৰ যাত্ৰা পুনৰ আৰম্ভ হোৱাটোও বহুতে কামনা নকৰা নহয়৷ তেনে হ’লে জুন-জুলাই মাহত বছৰি আয়োজন চলা অমৰনাথ যাত্ৰাৰ দৰেই অৰুণাচল হিমালয়ৰ তীৰ্থ দৰ্শনেও সমাজত গুৰুত্ব পাব৷ সীমান্তৰ ৰাস্তা মুকলি হ’লে চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজত আদান-প্ৰদান বাঢ়িব৷ বুজাবুজি উন্নত হোৱাতো সহায়ক হ’ব৷ আমাৰ এই সমস্ত খূদুৱনিৰ উত্তৰবোৰ অৱশ্যে আগন্তুক সময়েহে দিব৷

(পৰৱৰ্তী লেখা – পুনৰ পদযাত্ৰা)