Tuesday, 31 May 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১০. বিশাল পাহাৰ, ৰসাল পাহাৰ


ৰাস্তানে কি এইটো? কালিতকৈও দেখোন মাৰাত্মক! একেৰাহে উঠি আছে, উঠি আছে, উঠিয়ে আছে৷ অকাই-পকাই নি আছে ওপৰলৈ৷ তলফালে গিৰিখাদ৷ নিয়মীয়া ট্ৰেক নহয় যেন লাগিছে৷ পাহাৰীয়া মানুহৰ দ্বাৰা মন গ’লেই উলিওৱা বাটহে হ’ব৷ সি যি কি নহওক, সেইফালেদিয়েই এটা কষ্টকৰ আৰোহণ চলিছে আমাৰ, অনিশ্চয়তাৰ গৰ্ভলৈ৷ জোতাৰ গ্ৰীপ সবল নহ’লে নচলে৷ খোজ দিওঁতে ঊনৈশ-বিশ হ’লেই বিপদ৷ উলম্বভাৱে যাত্ৰা কৰি থাকোঁতে এঠাইত দেবিন্দৰৰ ভৰি পিছলিছিলেই৷ কোনোমতেহে সি নিজকে চম্ভালি ল’লে আৰু তললৈ খহি পৰাৰ পৰা বাছিল৷ ভাগ্যক্রমে একো অথন্তৰ নঘটিল যেনিবা৷ নহ’লেযে কি অৱস্থা হ’লহেঁতেন! ভাবিব নোৱাৰি৷ ইয়াত ওপৰৰ পৰা সৰি পৰা, বিশেষকৈ নৈত পৰাগৈ মানেই মৰা৷ এনেকুৱা দুৰ্গম স্থানত তেনেকৈ মৰা মানে মৃতদেহ বিচাৰি যোৱাৰ নিয়ম নাই৷ ঘৰলৈ খবৰটোহে পৌচাই দিয়া হয়৷ ৰাতিপুৱা আৰ্মীৰ জোৱান এজনে কোৱাত বিশ্বাসেই হোৱা নাছিল কথাবোৰ৷ বেপৰুৱা সুৰত তেওঁ কৈছিল, ‘‘কুছ দিন পেহলে’ হামাৰে এক বান্দা চালা গিয়া’’৷ বুজিলোঁ, তাৰ মানে সেইজন সিপুৰী পালেগৈ৷ উদ্ধাৰ অভিযান বুলিবলৈ নাই৷ মৰণফান্দ সদৃশ সোৱণশিৰিত চাৰ্চ অ’পাৰেচন চলাব কোনে? মনে নামানিলেও এয়াই সঁচা৷

হাবি-জংঘল মহতিয়াই উঠি যোৱাৰ পাছত এঠাইত আৱিষ্কাৰ হ’ল যে টি.চি.চি.ৰ ফালৰ পৰা নামি অহা লুংলুংঙীয়া ট্ৰেক এটাৰ সৈতে সংযুক্ত হৈছে আমি উঠি অহা এই ট্ৰেকটো৷ তাৰ মানে এইটো এটা কঠিন শ্বৰ্টকাট৷ দুটা বাট মিলি এটা হোৱা স্থানতে ট্ৰেকটো ঘপকৈ তললৈ নামিল৷ সোঁহাতে ঘূৰিয়েই গছৰ ডালৰ জখলা এডাল৷ শিলৰ ওপৰত কৌশলেৰে থিয়কৈ ৰাখি নামিব পৰা কৰিছে৷ ডালবোৰ পুৰণি হৈছে৷ অ’ত-ত’ত শেলুৱৈ ধৰিছে৷ তলত খৰস্ৰোতা নিজৰা৷ লগতে জলপ্ৰপাত৷ নামটো কাৰুনালা বুলি ক’লে নিকেলে৷ শিলৰ ওপৰে ওপৰে পেলাই ৰখা আৰু এডাল জখলাৰেই সাঁকো তৈয়াৰ কৰা হৈছে কাৰুনালা পাৰ হ’বলৈ৷ ওপৰৰ পৰা নামি অহা কোবাল পানীয়ে শিলত প্ৰচণ্ডভাৱে খুন্দিয়াই গুম্‌গুমাই আছে৷ খুন্দা-খুন্দলি খাই সশব্দে নামনিলৈ বৈ থকা অংশটো ষোড়শী ন-গাভৰুৰ দৰেই চঞ্চলা-চপলা৷ আৰু অলপমান তললৈ ধাৱমান সোৱণশিৰিত পানীবোৰ মিলিছেগৈ৷ বিপুল সৌন্দৰ্যৰাশি উপভোগ কৰাৰ উদ্দেশ্যে তাতে কিছু সময় জিৰাই লোৱা হ’ল৷

খাদ্যবস্তুৰ প্ৰকৃত মাহাত্ম্য উপলব্ধি কৰা যায় এনেকুৱা ঠাইত৷ খেজুৰ এটাৰ মূল্যও ইয়াত বহুত বেছি৷ পকেটত কেইটামান শুকান খেজুৰ আছিল মোৰ৷ ৰাতিপুৱা প্ৰদীপদাই সকলোৰে মাজত বিলাই দিছিল৷ তাকে এতিয়া গাইপতি এটা এটাকৈ দিলোঁ আটাইকে৷ বাকীকেইটা মনে মনে সাঁচি ৰাখিলোঁ৷ বৰুণে আৰু এটা বিচাৰিছিল৷ মই নিদিলোঁ৷ নাই বুলি ক’লোঁ৷ খেজুৰ বিচাৰি ওৰে বাট সি মোৰ পিছত জোক লগাদি লাগি থাকিবলৈ হ’লে নেৰিলে৷

যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হ’ল সেইখিনিত বহোঁতে৷ প্ৰকাণ্ড শিলাখণ্ড৷ হিচাপতকৈ বেছি আগলৈ গ’লেই মৃত্যু অনিবাৰ্য৷ তলত জোঙা শিলবোৰে দাঁত নিকটাই আমালৈকে চাই আছে৷ প্ৰতিটো খোজতে সতৰ্ক হৈ ৰ’লেও নিকেলে মোক ঘনে ঘনে সকীয়নী দি থাকিল৷ মোৰ প্ৰতি তেওঁৰ হৃদয়ত উৎপন্ন হোৱা সঁচা মৰমৰ অত্যাচাৰত তবধ মানিলোঁ৷ পাহাৰীয়া মানুহবোৰ তেনেকুৱাই৷ বন্ধু মানে বন্ধু, শত্ৰু মানে শত্ৰু৷ মাজত নাই৷ তাগিন মানুহৰ সৈতে মত বিনিময় কৰিবলৈ এইবাৰৰ এই অগম্য যাত্ৰাত ভাগ্যক্রমে সুবিধা পালোঁ৷ হে’ড হাণ্টাৰৰো মুখামুখি হৈ পালোঁ অলপ আগতে৷

প্ৰকৃতি দেৱীয়ে আপোন খেয়ালেৰে বন্যতাক আদিম ৰূপত সংৰক্ষিত ৰাখিছে এইবোৰ ঠাইত৷ লোলুপ মানুহৰ হাতোৰাৰ পৰা শত-সহস্ৰ যোজন আঁতৰত, হুলস্থূলৰ পৰা দূৰত সজল, শীতল, নিৰ্মল পৰিৱেশযুক্ত এনেবোৰ ঠাই৷ পৰ্বতৰ মাজত লুকুৱাই ৰখা সৃষ্টিকৰ্তাৰ নিজৰ ঠাই৷ চকুৱে আৱৰিব পৰালৈকে মনোৰম সুন্দৰ দৃশ্যাৱলী৷ ক’তো কাৰো উৎপাত নাই৷ মানুহ সতকাই আহিব নোৱাৰা ঠাই৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড বুলি যাক একে আষাৰতে কৈ দিব পাৰি৷ মনটো এনেয়ে কিবা এটা ভাল লাগি যায় এইবোৰ ঠাইত৷

বহু ওপৰৰ পৰা পোনে পোনে তলৰ শিলত পৰা জলপ্ৰপাত এটা ওলাল৷ ঝৰ ঝৰ শব্দটো অনেক দূৰৰ পৰাই কাণত বাজি আহিছিল৷ পৰ্বতৰ গহ্বৰত তাৰ পৰা সৃষ্টি হোৱা নিজৰাৰূপী স্ৰোতস্বিনী ধাৰাটো বিলীন হৈ গৈছে সোৱণশিৰিত৷ যিমান জলধাৰা দেখা পাইছোঁ সকলোৰে অন্তিম বাহক সোৱণশিৰিখন৷ আনহাতে এইখন অৰুণাচলৰ পাহাৰতে এনেকুৱা এটা জলপ্ৰপাত থকাৰ কথাও শুনিছিলোঁ যে ওপৰত দেখা পোৱা পানী ভূপৃষ্ঠত পৰাৰ আগতেই বায়ুমণ্ডলতে অৰ্থাৎ শূন্যতে হেনো অদৃশ্য হৈ যায়! ৭৫ মিটাৰ উচ্চতাৰ সেই জলপ্ৰপাতৰ নিম্নাংশত জমা হোৱা পানীভাগ কাষৰ পৰা নিগৰি অহা পানীহে হেনো৷ অবিশ্বাস্য হ’লেও সত্য বুলি মানি লৈছোঁ আৰু স্বচক্ষে এদিন সেয়া প্ৰত্যক্ষ কৰাৰ হেঁপাহ পুহিছোঁ৷

সেইখিনিতে পিঠিত খাং লোৱা তিৰোতা এজনীয়ে আমাক অতিক্রম কৰিলে৷ টি.চি.চি.ৰ পৰা তাই খাদ্য কঢ়িয়াই নিছে আঁতৰৰ কোনোবা স্থানত পথ নিৰ্মাণৰ কাম কৰি থকা বি.আৰ.অ’.ৰ কৰ্মীলৈ৷ তাৰ মানে এইফালেও কাম চলি আছে৷ আনহাতে তিৰোতাজনীৰ খোজ-কাটল দেখিলেই গম পায় যে নিজৰ শক্তি আৰু সাহসৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তাইৰ৷ আত্মবিশ্বাসী মানুহ ইহঁত৷ একোলৈকে কেৰেপ নাই৷ ক’তো কোনো নথকা ডাঠ নিৰ্জন হাবিত আমাক পিছ পেলাই তাই অকলেই দপদপাই গ’লগৈ৷ পাহাৰত খোজ কঢ়াত আমাৰ দৰে মানুহক ইহঁতে হেলাৰঙে পৰাভূত কৰিব আৰু কৰিলেও৷ অস্বীকাৰ কৰি লাভ নাই৷

শিলাময় পৰ্বতৰ গাত ইফালে দেখা গৈছে বৰ ডাঙৰ মৌ এবাহ৷ কোনোবা এজনে আঙুলিয়ালতহে চকুত পৰিল৷ মূৰ বেঁকা কৰিহে চাব পাৰিছোঁ বাহটো৷ কেমেৰাটোৰ জুম বেছি কাৰণে ভাল হৈছে৷ লেন্সৰ মাজেৰে টানি ওচৰত চাব পাৰিছোঁ৷ আপাৰ সোৱণশিৰি জিলাৰ হাবিত বহুত মৌ আছে বুলি জানিছিলোঁ৷ এতিয়া অন্ততঃ এবাহ হ’লেও দেখিলতহে মনটো শান্ত হ’ল৷ ৰাতিপুৱা প্ৰদীপদাই দিয়া চকলেট লগত আছিল৷ এপেকেট ভগাই মৌবাহটোলৈ চাই চাই খালোঁ আটায়ে৷ খেজুৰৰ দৰেই ট্ৰেকিঙত চকলেটেও বৰ ভাল কামত দিয়ে৷ টুকুৰা এটা মুখত দিলে শক্তি ঘূৰাই পোৱা যেন অনুভৱ হয়৷ মৌজোলৰ দৰেই যেন শক্তিকাৰক! চকলেটৰ টুকুৰা লৈও বৰুণে থপিয়াথপি নকৰাকৈ নাথাকিল৷ মুক্ত আদিম বন্যতাত যেন পাৰ ভাঙি ওলাই আহিছে ল’ৰামতীয়া কাৰবাৰবোৰ! মাজে মাজে এনেকুৱা হ’বও লাগে৷ ল’ৰালিৰ আনন্দ ঘূৰাই পোৱা যায়৷

লুংলুঙীয়া এছ. টাৰ্ন কেইটামান আমি থিয়কৈ পোৱা শ্বৰ্টকাট মাৰি অতিক্রম কৰি গৈছোঁ৷ কেতিয়াও ৰ’দৰ তাপ নোপোৱা লিকবোৰ পিছল হৈ থকাত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে৷ তেনেতে হুৰহুৰকৈ পানী পৰি থকাৰ শব্দ এটা কাণত পৰিলহি৷ আকৌ এটা জলপ্ৰপাত৷ জলপ্ৰপাতৰ ভাণ্ডাৰহে যেন মধ্য অৰুণাচলৰ এইখন অৰণ্য৷ জংঘলত ৰাস্তা ভুল হ’লে জলপ্ৰপাতবোৰেই হেনো পথিকক সহায় কৰে৷ জনা মানুহে কোৱা কথা৷ বাট ভুলক লৈ আমাৰ মনত চিন্তা অকণমানো নাই৷ বাট হেৰুৱাই একেদিনাই কিবাকৈ তাকচিং ওলাব পাৰিলেতো ভালেই আছিল৷ অৰূপদাহঁতহে বাট ভুল কৰি কেনিবা গ’লগৈ৷ আহিব লাগিছিল এইফালে৷ প্ৰকৃতিৰ অনিৰ্বচনীয় ৰূপ চাবলৈ৷ আগত গৈ আছে যদিও নাজানো অৱশ্যে৷

প্ৰতিটো জলপ্ৰপাতৰে ৰূপত বলিয়া হৈ পৰিছোঁ আমি৷ মুখ মেলি হা কৈ চাই থাকি অমূল্য সময় ব্যয় কৰিছোঁ৷ বিনিময়ত হৃদয়গ্ৰাহী আনন্দৰে অন্তৰভাগ পৰিপূৰ্ণ কৰিছোঁ৷ এনেকুৱা দৃশ্যবোৰ প্ৰত্যক্ষ কৰিবলৈ পালে জলপ্ৰপাতবোৰক বহুতে ক’বৰ দৰে পৰ্বতৰ বুকুত চিকমিকাই থকা একোডাল ৰূপৰ গলপতা বুলি মানি ল’বৰ অসুবিধা অকণো নাথাকে৷ এনেকুৱা জলপ্ৰপাতৰ পৰা নামি অহা স্ৰোতস্বিনীয়ে মানুহৰ জীৱন জীপাল কৰি ৰাখিছে, পৰ্বত-ভৈয়াম নিৰ্বিশেষে৷ মানুহৰ প্ৰতি ইমান মৰম অৰুণাচলৰ পাহাৰৰ! ডক্টৰ ভূপেন হাজৰিকাৰ ‘ঐ নিলাজ পাহাৰ, ঐ শুকান পাহাৰ’ গীতটোলৈ মনত পৰি গ’ল৷ ইয়াত, পৰ্বতৰ বিশাল সেউজীয়াৰ মাজত প্ৰেক্ষাপট কিন্তু বেলেগ৷ ইয়াত ঐ ৰসাল পাহাৰ বুলিলেহে খাপ খাব৷ আদিম উন্মাদনাৰে চিঞৰি দিম যেন লাগি গ’ল, ঐ বিশাল পাহাৰ, ঐ ৰসাল পাহাৰ বুলি৷

‘‘‘অৰুণাচল জল’ নাম দি নেছাৰেল ৱাটাৰ বটলিং প্লেণ্ট এটা খুলি বহি যাওঁ নেকি ইয়াতে?’’ নিকেলক এনেয়ে সুধি চালোঁ৷ ট্ৰেন্সপ’ৰ্টেছন সম্ভৱ নহ’ব বুলি গম্ভীৰ সুৰত ক’লে তেওঁ৷ নিশ্চিতভাৱেই ক’ব পাৰি যে ৰাস্তা হৈ নুঠালৈকে প্ৰকৃতিৰ এই নিৰ্ভেজাল আকৰবোৰ অকণো হীন-ডেঢ়ি নোহোৱাকৈ এনেকৈয়ে ইয়াত থাকিব৷ তাত অকণো সন্দেহ নাই৷ অনাগত দিনত হ’ব লগা এই সম্পদ-সম্ভাৰৰ হৰণ-ভগন এশ শতাংশই নিৰ্ভৰ কৰিছে পৰৱৰ্তী মানুহচামৰ মানসিকতাৰ ওপৰত, তেওঁলোকৰ ইচ্ছা, আকাংক্ষা আৰু প্ৰয়োজনীয়তাৰ ওপৰত৷









(পৰৱৰ্তী লেখা - পিকনিক স্পট পালোঁগৈ)

No comments:

Post a Comment