Sunday, 18 October 2020

৪. যাত্ৰা


‘Save the world’s heritage places and explore about them as they are built in ancient times but have the unique story to read.’ 

১০.৩০ বজাত আদিশে গেৰেজৰ পৰা গাড়ীখন উলিয়ালে ৷ হাতত এঘণ্টা সময় আছে ৷ কথা দিয়া অনুসাৰেই ডিফু কলা-কেন্দ্ৰৰ নামনিত গগৈ ছাৰক আমাৰ বাবে অপেক্ষাৰত অৱস্থাত পালোঁ ৷ তেওঁক উঠাই লৈ ৰাওনা হ’লোঁ লক্ষ্যস্থান অভিমুখে ৷ 

বিশ্ব পৰ্যটন দিৱসৰ এই আকস্মিক পৰ্যটনৰ লক্ষ্যস্থান লংছ’কাংথু টুৰিষ্ট স্পট, খনবামন পাহাৰৰ পাদদেশত ৷ তালৈ যাবলৈ হ’লে ডিফুৰ পৰা ১৬ কিল’মিটাৰ গৈ, মাঞ্জা তিনিআলিত নগাঁওমুখী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি, বাঁওহাতে ঘূৰি, তাৰ পৰা আৰু ৯ কিল’মিটাৰ আগ বাঢ়ি লংনিত পাই, তাৰ পৰা সোঁহাতে ফাটি, লংনিত নৈখনক বাঁওহাতে ৰাখি পাৰে পাৰে ঠেক গড়কাপ্তানী ৰাস্তাৰে ৪ কিল’মিটাৰ যাব লাগিব ৷ 

প্ৰতি বছৰেই ডিচেম্বৰ-জানুৱাৰী মাহত ব্যস্ত বনভোজথলীলৈ পৰ্যবসিত হয় লংনিতৰ পাৰৰ লংছ’কাংথু ৷ জনপ্ৰিয় নাম শিলনি ৷ অৱস্থানটোৰ কাৰণেই অন্যান্য সময়তো প্ৰকৃতিপ্ৰেমী, এড্‌ভেন্সাৰপ্ৰেমী মানুহৰ আহ-যাহ অলপীয়া মাত্ৰাত হ’লেও থাকেই ৷ এই চৰিত্ৰ আজিও বৰ্তি থকাৰ কাৰণটো হ’ল জেগাকণ সুলভ, প্ৰাকৃতিকভাৱে সৌন্দৰ্যময়, নিজঞ্জাল আৰু সহজগম্য ৷ 

ডিফু-মাঞ্জা ৰ’ডেৰে আজি অনেক দিনৰ পাছত যাত্ৰা কৰিছোঁ ৷ ৰাস্তাটোৱে কেইবাঠাইতো লক্ষ্যণীয়ভাৱে ভগ্ন ৰূপ লৈছে ! ফলত মাঞ্জা তিনিআলি পাওঁতে পাওঁতে আগতকৈ অনেক বেছি সময় লাগি গ’ল ৷ ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ পাছতহে যেন স্বস্তি ! ইয়াৰ পৰা লংনিত পাবলৈ সৰহ পৰ নালাগিব ৷ 

ডিফু, যমুনা, লংনিত হৈছে কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ অন্তৰ্গত কেইখনমান উল্লেখযোগ্য উপনৈ ৷ মাঞ্জা পাৰ হৈয়ে এৰি অহা যমুনাখন সেইডোখৰতে পথটোৰ বাঁওহাতে ডিফুৰ ফালৰ পৰা বৈ অহা ডিফু নদীৰ লগ লাগিছে ৷ তাৰ পৰা যমুনা হিচাপেই আগ বাঢ়িছে ৷ লংনিতৰ কাষত লংনিত নৈখন যমুনাত বিলীন হৈছে ৷ নৈখনে আকৌ যমুনা নামেৰেই আগুৱাইছে ৷ বকলীয়া, ডবকা আদি স্পৰ্শ কৰি যমুনামুখত কপিলীত পৰিছেগৈ ৷ এই যমুনা নৈতে লংনিতৰ পৰা কেইকিল’মিটাৰমান আগত আছে শিলভেটা, জিলাখনৰ ভিতৰত অন্য এক আকৰ্ষণীয় আৰু সহজে যাব পৰা টুৰিষ্ট স্পট ৷ অৱস্থানটো ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই দাঁতিতে ৷ আহোঁতে-যাওঁতে গাড়ীৰ পৰাই জলস্ৰোত চাই নয়ন সাৰ্থক কৰিব পাৰি ৷ শিলনি বা লংছ’কাংথু পিছে হাইৱে’ৰ পৰা কিছু ভিতৰলৈ সোমাই আছে ৷ 

সুনিয়ন্ত্ৰিত গতিত আমাৰ গাড়ী চলিব ধৰিছে ৷ মূলতঃ পৰ্যটন প্ৰসংগ লৈয়ে কথা-বতৰাবোৰ অনৰ্গল চলি আছে ৷ লংনিত তিনিআলিৰ পৰা লংছ’কাংথু টুৰিষ্ট স্পটলৈ যোৱা ৰাস্তাডোখৰত ব্লক পাৰি দিয়া হৈছে ৷ ভাবি আহিছিলোঁ, এইছোৱা চাগৈ অতিকৈ জঘন্য হ’ব বুলি ৷ পিছে নহয় ৷ এতিয়া উন্নত হ’ল ৷ দেখি মনটো আহ্লাদিত হৈ উঠিল ৷ 

হাইৱে’ এৰি আদিশে গাড়ীখন সোঁহাতে সুমুৱাই নিলে, আমাৰ লক্ষ্যস্থললৈ বুলি ৷ কেঁকুৰি এটা ঘূৰিলেই লংনিত বজাৰখন ৷ বজাৰ পাই গগৈ ছাৰৰ নিৰ্দেশত গাড়ী ৰ’ল ৷ আমি আটায়ে ঘৰত ভাত খাই আহিছোঁ ৷ সেয়ে লগত খোৱা-বস্তু একো অনা নাই ৷ আগে-ভাগে নামি গগৈ ছাৰে দোকান এখনলৈ পোনালে ৷ অনুসৰণ কৰি পাছে পাছে মই ৷ বিস্কুট আৰু পটেত’ চিপ্‌ছৰ পেকেট কেইটামানকে লৈ থোৱা হ’ল ৷ এনেতে লগ পালোঁ মোৰ পুৰণা চিনাকি যুৱক ৰাজু ছেত্ৰীক ৷ লংনিতত ঘৰ ৷ কেইবা বছৰৰো আগতে ডিফুত আছিল ৷ মোৰ পূৰ্বৰ কৰ্মস্থলীৰ গাতে গা লগা দোকান এখনত কাম কৰিছিল ৷ পাছত ঘৰলৈ ঘূৰি আহি লংনিত বজাৰতে নিজাকৈ দোকান এখন খুলি স্বাৱলম্বিতাৰে পেট প্ৰৱৰ্তাই আছে ৷ ভাল লাগিল তাক লগ পাই ৷ অঞ্চলটোৰ খবৰ ল’লোঁ ৷ আজিকালি চিন্তা কৰিবলগীয়া একো নাই বুলি ক’লে ৷ ৰাস্তাটোও ভাল হৈ গ’ল বুলিলে ৷ 

লংনিত বজাৰ এৰি আহিলোঁ ৷ পি.ডব্লিউ.ডি.ৰ পথেৰে সন্তুলিত বেগত গাড়ী গৈ আছে ৷ অলপ পাছতে বাঁওহাতে লংনিত নৈখন ওলাল ৷ পাৰে পাৰে ৰাস্তাটো ৷ এই পাহাৰীয়া নদীখনৰ উজনি অংশটো অতিপাত শিলেৰে ভৰপূৰ আছিল ৷ সৰু কালত আমি বনভোজ খাবলৈ আহোঁতে দেখা মনত আছে ৷ ওপৰৰ পৰা নামিলে এতিয়াৰ লংনিত নামৰ ঠাইডোখৰ নাপাওঁতেই শিলাময় অঞ্চলটো অন্ত পৰে ৷ 

শুনিবলৈ পোৱা মতে, পাহাৰৰ পৰা নামি অহা কাৰবিসকলে ঠাইডোখৰক ‘হাৰলং লিতচিত’ বুলিছিল ৷ অৰ্থাৎ, শিলেৰে ভৰপূৰ এলেকাৰ অন্ত ৷ আনহাতে এই বাটে আহ-যাহ কৰি থকাৰ প্ৰসংগত তেওঁলোকে কৈছিল, ‘হাৰলং লিতচিত লতে কেলে ল’ ৷ অর্থাৎ, শিলাময় অঞ্চলটো পাৰ হ’লেই গন্তব্যস্থল পাব ৷ ‘হাৰলং লিতচিত’ শব্দযুগলেই পাছলৈ সংক্ষিপ্ত ৰূপত ‘হাৰলং কিলিত’ আৰু ক্ৰমান্বয়ে মানুহৰ মুখ বাগৰি ‘লংলিত’ হ’ল ৷ ‘লংলিত’ৰ পৰাই পাছলৈ ‘লংনিত’, ‘লুংনিত’, ‘লুঙি’ আদি বিভিন্ন উচ্চাৰণযুক্ত চলতি শব্দ কিছুমানৰ সৃষ্টি হ’ল ৷ 

ইফালে, কালৰ কবলত পৰি লংনিত নৈখনে ৰং-ৰূপ নসলোৱাকৈ থকা নাই ৷ পাৰত বসতি কৰা মানুহৰ সংখ্যাটো দিনক-দিনে বৃদ্ধি পাই গৈ আছে ৷ নৈৰ বুকুৰ শিলবোৰ পূৰ্বতকৈ কমি আহি আছে ৷ ট্ৰাকে ট্ৰাকে বালিও নিতৌ চালান দি থকা হৈছে নাগালেণ্ড, মণিপুৰলৈ ৷ লংনিতৰ বালি উত্তম গুণেৰে সমৃদ্ধ ৷ নৈখনলৈ চাই ভাবিলে এতিয়া আচৰিত লাগে যে শিলে শিলে ঠেকা খোৱাৰ ফলত বোঁৱতী পানীয়ে আগতে উলিওৱা সেই ভয়ংকৰ তৰ্জন-গৰ্জনবোৰ নাইকিয়া হৈ আজিকালি কিবা যেন শান্ত-সমাহিত হৈ পৰিল ! সৌন্দৰ্যৰ অৱনতি দেখিলেই দুখে বেৰি ধৰেহি ৷ এতিয়াও হ’ল ৷ ক’তযে গ’ল সেই সোণালী সুদিন ! 

অন্যহাতে, অঞ্চলটোৰ নামটোৰ বিষয়ে দকৈ ভাবিলে ভাব হয়, চাগৈ নদীৰ বুকুখন প্ৰচুৰ শিলেৰে উপচি আছিল বাবেই জনপ্ৰিয় নামটো ‘শিলনি’ হ’ল ৷ সম্প্ৰতি কাৰবি ভাষাৰে ‘লংছ’কাংথু’ বুলি ন-পৰিচিতি লভিছে ৷ চাইনব’ৰ্ডতো নতুন শব্দই স্থান লভিছে ৷ প্ৰশ্ন হয়, অতীত গৰিমাৰে মণ্ডিত ‘শিলনি’ শব্দটো সময়ৰ ধামখুমীয়াত মানুহৰ মুখৰ পৰা হেৰাই নাযায়তো ?

 

১৯৫১ চনৰ ১৭ নৱেম্বৰত অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত গঠিত সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ নামৰ নতুন পাহাৰীয়া জিলাখনৰ স্থায়ী সদৰ স্থান নিৰ্বাচনৰ অৰ্থে তালিকাভুক্ত ডিফু, সিংহাসন, ডেনগাঁও, লাংলকছ’ আদি নামবোৰৰ মাজৰে অন্যতম আছিল লংনিতৰ পাৰৰ শিলনি ৷ উৎসাহী ৰাইজে তেতিয়া নিজেই লগ লাগি এক বৃহৎ ঠাই হাবি কাটি পৰিষ্কাৰ কৰি পেলাইছিল ৷ মিকিৰ পাহাৰ জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰছিং তেৰাঙে ছং বে’ৰ সৈতে আলচ কৰি ঠাইখিনি জিলা-সদৰ হিচাপে উপযুক্ত হ’ব বুলি কেইটামান কাৰণ দৰ্শাই প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ অসমৰ তদানীন্তন শিক্ষা মন্ত্ৰী লোকনায়ক অমিয় কুমাৰ দাসে ডিফুৰ পৰা খোজ কাঢ়ি আহি শিলনি পৰিদৰ্শন কৰি সদৰ হিচাপে ঠিক নহ’ব বুলি মতামত দিলে ৷ খৰছিং তেৰাঙৰ পৰামৰ্শ আৰু সৰ্বসাধাৰণৰ মতামতক অগ্ৰাহ্য কৰি ১৯৫৪ চনৰ জানুৱাৰী মাহত ডিফুত অস্থায়ী সদৰ পতা হ’ল ৷ কিছুসংখ্যকৰ বিৰোধিতা সত্ত্বেও উপযুক্ত ঠাইৰ সন্ধান দিব নোৱাৰাত আৰু ৰে’ল যোগাযোগৰ ব্যৱস্থা থকা হেতুকেই ডিফুতেই সদৰ পতাটো খাটাং হ’ল ৷ নহ’লেবা শিলনিৰ ৰূপ-লাৱণ্য আজি অন্য ধৰণৰ হ’লহেঁতেন ৷ সেয়া শিলনিৰ দুৰ্ভগীয়া অতীত ৷

 

ডিফু চহৰলৈ পাইপেৰে পানী কঢ়িয়াই নিয়াৰ সিদ্ধান্ত হৈছিল, প্ৰথমে শিলনিৰ পৰাই ৷ তাৰ পাছত, দুবছৰৰ পূৰ্বে আমি পৰিদৰ্শন কৰি অহা ছিং তেৰাং বস্তিৰ পৰা ৷ প্ৰাথমিক বিদ্যালয়ত থাকোঁতে ভূগোলৰ কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ, ‘লংনিত নদীৰ ওপৰ ভাগত বান্ধ দি ডিফুলৈ পানী যোগান ধৰা হয়’ বুলি ৷ সৰুতে শিলনিলৈ আহিলে তলৰ পৰাই দেখা পাইছিলোঁ দূৰৈত, ওখত, পাহাৰৰ বক্ষত, দিয়াচলাইৰ বাকচহেন লগা ঘৰ এটা ৷ সেইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ, চমুকৈ পি.এইচ.ই.ৰ পাম্প হাউচ বুলি কৈছিল ৷ ডাঙৰ হৈ সিমান উচ্চতালৈ বগায়ো পালোঁ ৷ কাষতে ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট ৷ নৈখনৰ বক্ষৰ পৰা পৰ্বতলৈ তোলা লংনিতৰ জলভাগ পিক্‌নিক্‌ স্পটৰ পৰা কিছু আগলৈ শোধন কৰা হৈছিল ৷ তাৰ পাছত মহাকৰ্ষণ বলৰ সহায়ত পাইপযোগে এৰি দিয়া হৈছিল ৩৩ কিল’মিটাৰ আঁতৰৰ ডিফু সদৰলৈ বুলি ৷ কালক্ৰমত এই ব্যৱস্থাটো বিকল হৈ পৰিল ৷ জল পৰিশোধন যোজনাটোও পৰিত্যক্ত হ’ল ৷ 

২০০৭ চনত, শিলনিৰ পৰা প্ৰায় ১৪ কিল’মিটাৰ আগলৈ ছিং তেৰাং গাঁৱৰ সমীপত পৰ্বতীয়া ঝৰ্ণা লাং চিথিঙত ভি ন’ট্‌ছ ৱেৰ অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ আকৃতিৰ বান্ধ সাজি বিকল্প ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷ ফৰেষ্ট অফিছৰ মুখতে অৰূপদাৰ জীপচিখন এৰি থৈ অৰূপদা, প্ৰদীপদা, প্ৰণৱ আৰু মই পদযাত্ৰা কৰি চাইছিলোঁগৈ সেই থলী ৷ তাৰিখটো মনত আছে ৷ ২ অক্টোবৰ ২০১৮ ৷ তাৰ পাছত আৰু এইপিনে অহা হোৱা নাই ৷ দীৰ্ঘ বিৰতিৰ পাছত আজি ২৭ ছেপ্টেম্বৰ ২০২০ত এয়া পুনৰাগমন ৷ অযুত কৌতূহলে মনটোক আৱৰি ধৰিছে ৷ পৰ্যটন দিৱসৰ অচিলাৰে আহিছোঁ ৷ কাৰবি আংলং মাউণ্টেনিয়াৰিং এছ’চিয়েচনৰ দুঃসাহসিক কাৰ্যকলাপৰ প্ৰদৰ্শন চোৱাৰ অযুত আশা লৈ আহিছোঁ ৷ 

আঁৰৰ কাহিনীলানি নীৰৱে বুকুত সামৰি লংনিত আজিও বৈ আছে নিজস্ব গতিৰে ৷ পাৰে পাৰে আমি ৷ এই নৈৰ অগ্ৰভাগতে জনপ্ৰিয় বনভোজথলী শিলনি ৷ পিক্‌নিক্‌ স্পটটো লংছ’কাংথু ইক’-টুৰিজিম পাৰ্কৰ ভিতৰত আছে ৷ পিক্‌নিকৰ বতৰত দেধাৰ মানুহ আহে ইয়ালৈ ৷ অফ্ চিজনতো মানুহ আহে ৷ 

লংছ’কাংথু ইক’-টুৰিজিম পাৰ্ক পালোঁহি ৷ গে’টখনতে বেনাৰ এখন ওলমাই থোৱা আছে ৷ প্ৰৱেশ-দ্বাৰ বন্ধ ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৰ্যটন বিভাগৰ দ্বাৰা এই সুদৃশ্য ‘দন্‌ৰি’ নিৰ্মাণ কৰা হৈছিল ৷ কাৰবি শব্দ ‘দন্‌ৰি’ৰ অৰ্থ তোৰণ, দ্বাৰ ৷ সেই সময়ত বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা মাননীয় কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰৰ উপস্থিতিত পৰ্যটন বিভাগৰ দায়িত্ববাহী মাননীয় ই.এম. প্ৰদীপ ৰংপিয়ে ২০১৬ চনৰ ৩১ ডিচেম্বৰত তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ৷ মোৰ বন্ধু, শিল্পী, দেবেন তিমুঙে সাজিছিল ৷

Tuesday, 13 October 2020

৩. নতুন সম্ভাৱনা

 

‘Add more meaning to your life by travelling as much as you can as it is the best way to learn.’

২৭ ছেপ্টেম্বৰ, দেওবাৰ ৷ আজি World Tourism Day 2020 ৷ এই দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ৷ ১৯৭০ চনৰ আজিৰ দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল ৷ ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে একোটা নতুন Theme লৈ বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন কৰি অহা হৈছে ৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো যুগুত কৰা হয় ৷ দিৱসৰ এইবাৰৰ Themeটো হ’ল পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন, Tourism and Rural Development ৷

ব্যক্তিগতভাৱে, পুৱাৰে পৰাই আজি কথা এটা ভাবি বৰ আনন্দ লাগি আছে ৷ সেয়া হৈছে, ২০১০ চনৰ বিশ্ব পৰ্যটন দিৱস অৰ্থাৎ ১০ বছৰৰ আগতে আজিৰ দিনটোতে জীৱনৰ প্ৰথম বিদেশ যাত্ৰা কৰিছিলোঁ ৷ দশক পুৰণা সুখ-স্মৃতি সুঁৱৰিবৰ বাবে এয়া দুনাই সুযোগ পাইছোঁ ৷ গতিকে কিবা এটা কৰিবই লাগিব ৷

মনৰ ভিতৰত উচ্‌পিচনি ৷ ভাবি আছোঁ, কাৰ সৈতে যোগাযোগ কৰোঁ ? কোনে মোৰ ইচ্ছাক প্ৰশমিত কৰিব পাৰে ? ৭ বাজি ৩০ মিনিট হ’বৰ হ’ল ৷

স্বতঃস্ফূৰ্তভাৱেই এটা নাম মনলৈ আহিল ৷ মংগলছিং ক্ৰ’ ৷ টুৰিজিম বিভাগৰ কৰ্মচাৰী, যি মোক কাৰবি আংলঙৰ ডিষ্ট্ৰিক্ট ৱে’বচাইটত জিলাখনৰ পৰ্যটন সম্বন্ধে টোকা লিখাত সহায়ৰ হাত আগ বঢ়াইছিল ৷ বিভাগীয় লোক হিচাপে এওঁ নিশ্চয় জানিব আজি ক’ত কি কাৰ্যসূচী আছে ৷ লগে লগেই ৱাট্‌ছএপ খুলি ল’লোঁ ৷ দিৱসৰ শুভেচ্ছা-জনোৱাৰ লগতে প্ৰশ্ন এটা পঠালোঁ… Good morning. Greetings for the World Tourism Day 2020. May I know about today’s programme on the occasion ?

অলপ পাছতে তেওঁৰ পৰা সঁহাৰি আহিল ৷ লগতে দুটা ইমেজ ৷ You can join with us বুলিও ক’লে ৷ 

‘The beauty of nature will leave you speechless once you start travelling, but it will make you a story teller once you finish travelling.’ প্ৰথমটো ইমেজৰ দীঘলীয়া বাক্যশাৰী পঢ়ি উত্তেজনা বাঢ়ি আহিল ৷ দ্বিতীয়টো ইমেজত এখন বেনাৰ ৷ কাৰবি আংলং জিলাৰ পৰ্যটন বিভাগে কাৰবি আংলং মাউণ্টেনিয়াৰিং এছ’চিয়েচনৰ সহযোগত লংনিতৰ লংছ’কাংথু টুৰিষ্ট স্পটত বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন কৰিব ৷ এড্‌ভেন্সাৰ কাৰ্যকলাপ প্ৰদৰ্শন কৰা হ’ব ৷ লগতে থাকিব কাৰবি পৰম্পৰাগত আহাৰৰ ব্যৱস্থা ৷ উত্তেজনা আৰু এখোপ বাঢ়িল ৷ Time ? ক্ৰ’ক সুধিলোঁ ৷ উত্তৰ আহিল, ১১.৩০ বজা ৷ Shall try বুলি ধন্যবাদ দিয়াৰ উপৰি প্ৰাসংগিক হ’ব বুলি ভাবি উৎসাহতে মোৰ লেখা এটা তেওঁলৈ পঠাই দিলোঁ ৷ শিৰোনাম… ‘বিশ্ব পৰ্যটন দিৱস, পৰ্যটনৰ স্বাদ আৰু অনুভৱ’ ৷

এতিয়া কি কৰা যায় ? ৮ বাজি ১০ মিনিট গৈছে ৷ চিধাই বেনাৰখন ফ’ৰৱাৰ্ড কৰি দিলোঁ অৰুণদালৈ ৷ তলত লিখিছোঁ, ‘যাবনে ?’

সঁহাৰি নাই ৷

৯ বজাত বেনাৰখন প্ৰেৰণ কৰাৰ লগতে সঞ্জু বৰালৈ প্ৰশ্ন, ‘এই কাৰ্যসূচীলৈ যোৱাৰ কথা আছে নেকি ?’

প্ৰায় আধা ঘণ্টাৰ মূৰত তেওঁ লিখিলে, ‘নাই ৷’

প্ৰায় একে সময়তে ডক্টৰ ৰাজু গগৈলৈকো পঠাই দিয়া হ’ল বেনাৰখন ৷ তলত এটা মাত্ৰ শব্দ… ‘ব’লক ৷’

প্ৰত্যুত্তৰত তেওঁ মোলৈ বাতৰি কাকতত প্ৰকাশিত এটা লেখা পঠালে ৷ ‘Rebuilding Tourism in a safe, equitable, climate-friendly way’ ৷ লেখক Ranjan K. Baruah ৷ ক’ভিড-১৯ৰ প্ৰভাৱত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্থৱিৰ হৈ পৰা অসমৰ টুৰিজিম উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ অৰ্থে অসম চৰকাৰে নতুন আঁচনি আৰু সমৰ্থন আগ বঢ়াইছে ৷ সেই অনুসৰি আগ্ৰহী উদ্যোগীয়ে ১ লাখ টকাৰ পৰা ২০ লাখ টকা পৰ্যন্ত ঋণ পাব পৰাকৈ ‘পৰ্যটন সঞ্জীৱনী আঁচনি’ হাতত লোৱা হৈছে ৷ লেখাটোত চকু ফুৰাই আছোঁ ৷ ফোনটো বাজি উঠিল ৷ গগৈ ছাৰেই কৰিছে ৷ ‘ব’লক’ কথাটিৰ জেৰ টানিবলৈ সুযোগ এটা পাই গ’লোঁ মই ৷ বিপৰীতে, যাওঁ-নাযাওঁ মনোভাব তেওঁৰ ৷ কোনো নগ’লে মই অকলেই স্কুটী লৈ যাম বুলি কৈ দিলোঁ ৷ ৰ’দ দিয়ক, বৰষুণ দিয়ক, মই মুঠতে যামেই ৷ ‘অলপ পাছত জনাই আছোঁ’ বুলি তেওঁ ফোন কাটিলে ৷ ধৰি ল’লোঁ, বৰফ গ’লিব ৷

৯.৩০ বাজিছে ৷ অৰুণদাৰযে যোৱা নহ’ব সেইটো গম পাইছোঁ ৷ মোৰ লেখাটো তেওঁলৈকো পঠাই দিলোঁ ৷ ১০ মিনিটৰ পাছতে মন্তব্য দিলে… ‘সুন্দৰ লেখা ৷’ পাছে পাছে আৰু কেইটামান বাক্য ৷ ‘একো লক্ষ্য নোহোৱাকৈয়ে আজি ওলাই যোৱাৰ কথা আছিল ৷ কিন্তু ঘৰত থাকিব লাগিব ৷ পুৱা ৪ বজাতেই পৰিবাৰ গুৱাহাটীলৈ গ’ল ৷’

‘ভালহে হৈছে ৷ আপুনিও পলাওক মোৰ লগত ৷’ জেক্‌ দি চালোঁ ৷ দাদা পিছে নিমাত হৈ ৰ’ল ৷ মই ইটোৰ পাছত সিটো বাক্য লিখি গৈছোঁ ৷

‘আজি আপোনাক মই উঠাম বুলি ভাবিছোঁ ৷ … তলা মাৰি দিয়ক ঘৰত ৷’ পুনৰ নিমাত ৷ ‘নিয়ম ভঙা নহ'ব যেন পাইছোঁ ৷’ মনে মনে থকা দেখি এনেকৈ লিখি দিলোঁ যদিও ঘৰ এৰাটোযে তেওঁৰ পক্ষে সম্ভৱ নহয় সেইটো ভালকৈয়ে বুজি উঠিলোঁ ৷

মনে মনে ভাবনা, কাকো লগ নধৰোঁ ৷ স্কুটীখন লৈ অকলেই যাম ৷ পাছপাকতে সিদ্ধান্ত সলনি কৰি ল’ৰাক জগালোঁগৈ ৷ টুৰিজিমৰ ছাত্ৰ ৷ গতিকে এনেকুৱা বিশেষ দিনত অন্ততঃ ইয়াক লগত নিয়াটোহে উপযুক্ত হ’ব ৷ কাৰ্যসূচী, পথৰ দুৰৱস্থা আৰু মোৰ যাত্ৰা পদ্ধতি শুনাৰ পাছত সি মন্তব্য কৰিলে, ‘গাড়ী নিম বুইছা ৷ পিছল ৰাস্তাত স্কুটী লৈ যোৱাটো একদম ঠিক নহ’ব ৷’

চিন্তা কৰিলোঁ, গাড়ী নিলে সংগীও দুই-একক নিব পৰা যায় ৷ ৰ’দ-বৰষুণৰ কথা নাই ৷ গগৈ ছাৰক কৈ দিওঁ কথাটো ৷ কিজানি সন্মত হয়েই !

নিবলগীয়া বস্তুকেইপদ ঠিক-ঠাক কৰাই হোৱা নাই ৷ ততাতৈয়াকৈ গাটো ধুই ভাত খাই লোৱাটোৱে উচিত হ'ব বুলি ভাবিলোঁ ৷ ভাত খোৱাৰ পূৰ্বে গগৈ ছাৰলৈ লগালোঁ ফোন ৷ তেওঁ ৰাজী হ’ল ৷ কলা-কেন্দ্ৰৰ সমীপত ৰৈ থাকিব ৷ তাৰ পৰাই উঠি ল’ব বুলি্ ক’লে ৷

যি কি নহওক, পুৰণা সংগী এজন ওলাইছে লগত ৷ আৰু কাক ল’ম ? অৰূপদাক ক’লোঁ, ‘দাদা ওলাওক ৷ আজি গাড়ী আছে ৷ চিন্তা নাই ৷’

‘মন্দিৰত ৰং কৰাৰ কথা লৈ মিস্ত্ৰীৰ লগত আলোচনা আছে ৷ আবেলি মাক লৈ যাব লাগিব গ্ৰন্থ উন্মোচনী সভা এখনলৈ ৷ গতিকে নোৱাৰিম ৷ তুমি যোৱা ৷’ অৰূপদা বাৰোৱাৰী দুৰ্গা মন্দিৰৰ পূজা কমিটিৰ সাধাৰণ সম্পাদক ৷ দায়িত্ব পূৰ্বনিৰ্ধাৰিত ৷ গতিকে যোৱাটো নহ’ব বুলি খাটাং হ’লোঁ ৷

হ'ব ৷ নতুন সম্ভাৱনা বুকুত লৈ আমি তিনিজনেই ওলাই যাম অলপ পাছতে প্ৰায় ৩০ কিল’মিটাৰ নিলগৰ  লংছ’কাংথুলৈ, বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন বুলি ৷ (আগলৈ)

Monday, 5 October 2020

২. চিৰাচৰিত দুৰ্ভাবনা


‘
World is nothing but a book and travelling is the best way to read that book.’ 

সেই দুটা বাক্যকে ড. ৰাজু গগৈকো পঢ়ুৱাইছিলোঁ সেই একেদিনাই অৰ্থাৎ ২৪ তাৰিখে, প্ৰায় একেটা সময়তে ৷ বিয়লি তেওঁ উত্তৰ লিখিলে, ‘গছপুলি লগাব পাৰি ৷’

মই বোলোঁ, ‘গছৰ লগত জড়িত দিন নহয়, ফুৰাৰ সৈতে জড়িত দিনহে ৷’ তেওঁ দেখোন ওলোটাই মোকহে সুধিলে বোলে ‘ওচৰতে পাৰিনেকি কৰ’বাত ?’

পৰ্যটন-চিন্তাক জাগ্ৰত কৰাৰ মতলব কৰিছিলোঁ ৷ ভবামতে নহ’ল ৷ নিজেও নিৰুত্তৰ হৈ দিলোঁ ৷ 

২৫ তাৰিখ শুক্ৰবাৰ ৷ অৰুণদা সম্পূৰ্ণ নিমাত ৷ ময়ো নিমাত ৷ একো কাৰণো নাই অৱশ্যে ৷ ইফালে গগৈ ছাৰ বা আন আনসকলৰ সৈতেও নিমাতেই পাৰ কৰিলোঁ ৷ কোনে কি প্ৰস্তাৱ আনে চাওঁ বুলি ধৈৰ্য ধৰি ৰৈ আছোঁ ৷ 

২৬ ছেপ্টেম্বৰ, শনিবাৰ ৷ ভাল খবৰলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি থাকি মনটোৱে গুদ্‌গুদাই আছে ৷ 

বিয়লি ২ বাজোঁ বাজোঁ ৷ ৱাট্‌ছএপত অৰুণদাৰ পৰা মেছেজ আহিল ৷ ‘এইমাত্ৰ বৰছিঙে ফোন কৰিছে ৷ যাব নালাগে ৷ পানী বাঢ়িয়ে আছে ৷ লগতে বৰষুণ ৷ বেলেগ এদিন যাম ৷’

শেষ ৷ আশাত চেঁচাপানী ৷ কোনো কথাই নাই ৷ বেয়া লাগি গ’ল পৰিস্থিতি-পৰিৱেশ কল্পনা কৰি ৷ ‘তেতিয়া হ’লে আমাৰ যাত্ৰাটো নহ’ব ?’ পোনে পোনে সুধি দিলোঁ ৷

‘মই আৰু অনিলে বেগত কাপোৰ ভৰালোঁৱেই ৷ আমি য’লৈ যোৱাৰ কথা, তাতো পানী ৷ আজিৰ পেপাৰত পাইছোঁ, বান্ধৰ গে’ট খুলি দিছে ৷’

পেপাৰ কাটিং এটা আহিল বাক্যকেইটা পঢ়ি উঠাৰ লগে লগে ৷ লগে লগে চালোঁ ৷ হে’ডলাইন… ‘বৰপানী নৈৰ কালৰূপ ৷ প্ৰবল বানে উটুৱালে ৩ খন দলং ৷’ কাৰবি লাংপী জলবিদ্যুৎ প্ৰকল্পই ৭ খন গে’টেৰে পানী এৰিছে ৷ মথাউৰি ছিগিছে ৷ পথৰ ওপৰেৰে পানী বাগৰিছে ৷ বহু গাঁও প্লাৱিত হৈছে ৷ খেতিপথাৰবোৰ জলমগ্ন ৷ যাতায়াত-যোগাযোগ বিচ্ছিন্ন ৷ পুৱতি নিশাৰ পৰা চলিছে এই তাণ্ডৱ ৷

‘দুৰ্যোগ ডাঙৰেই দেখোন দাদা ! হঠাতে কিযে আহি গ’ল ! তথাপি, সিদ্ধান্তটো জনাব দেই ৷’

‘জনাম, পানী শুকাওক ৷’

বুজিবলৈ কষ্ট নহ’ল ৷ প্ৰত্যাশিত যাত্ৰাটো বাতিল হ’ল ৷ ‘বিকল্প কিবা আছেনে হাতত দাদা ?’ পৰ্যটনপ্ৰিয় মনটোক বুজাব নোৱাৰি সুধি পেলালোঁ লাহেকৈ ৷ 

এনেকুৱাতে মনটোৱে কৈ উঠিল, অৰুণদাৰ নহ’ব ৷ গগৈ ছাৰক খোঁচ এটা মাৰি চোৱা যাওক ৷ ‘কিবা ভাবনা কৰিলে নেকি এই সংক্ৰান্তত ? নে এই বিশেষ দিনটো গৃহবন্দী হৈ পাৰ কৰিবলৈহে প্ৰস্তুত ?’

ৰৈ ৰৈ এঘণ্টামানৰ পাছত ছাৰৰ সাংগীতিক উত্তৰ, ‘বৃষ্টি পৰে টুপুৰ টুপুৰ...’

যাবলৈ ওলোৱা কথা বাদ, বতৰ আৰু বৰষুণৰ বিষয়ে কথোপ-কথন আৰম্ভ হ’ল ৷ তাৰ মাজতে একু-ৱেদাৰ ৰিপ’ৰ্টৰ ছবি পঠাই দিছে ৷ কৈছে, ‘বৰষুণৰ বাবে ক’তো নোলোৱা ভাল ৷’

সেইফালেও আশা বাদ দিলোঁ ৷ নতুনকৈ ভাবিব লাগিব, কি কৰা যায় ৷ অকলেই ওলাওঁ নেকি ? আনিনিৰ দৰে চ’ল’ ট্ৰিপ ৷ নিজঞ্জাল ৷ 

চিন্তা আৰম্ভ কৰোঁতেই অৰুণদাৰ বাৰ্তা, ‘বৰ্তমান একো নাই ৷ পানী কমক ৷ তালৈকে যাম ৷’

‘মানে কাইলৈ গৃহবন্দী !’ সম্ভাব্য পৰিণতি বুজি উঠি জবাব দি দিলোঁ ৷

উত্তৰত দাদাই দীঘলীয়াকৈ লিখিলে… ‘ঘৰ আৰু অফিছ ৷ একঘেয়ামী জীৱন ৷ বন্দীত্ব ইমান বেছি হ’ল যে ডিফু চহৰখন নেদেখাই বহুদিন হ’ল ৷ ভাবিছিলোঁ জলপ্ৰপাত চাবলৈ যাম ৷ বৰছিঙৰ ঘৰতো সোমাম ৷ জলপ্ৰপাতত গা ধুই আহিম ৷ বৰছিঙে অলপ আগতে ফোন কৰিছিল ৷ তাৰ সমস্ত ঘৰখনেই একাঁঠু পানীৰ তলত ৷ এইকেইদিন অফিছলৈ আহিব নালাগে বুলিয়ে ক’লোঁ তাক ৷’

‘বৰছিঙৰ বৰ দুৰ্গতি হৈছে তেন্তে ! পানী কেতিয়া কমে তাৰ কি ঠিকনা ! বৰষুণ থাকিব চাগৈ ৷’

‘পানী সোনকালে নকমে ৷ সি আহক, তাৰ পাছত কথা পাতিম ৷ ক’ৰবাত এৰাতি থকাকৈ যাম ৷ আজিও হেনো তাত বৰষুণ !’

বুজিলোঁ, এই যাত্ৰা নহ’ব বুলি জানি দাদা অন্য প্ৰসংগত সোমাই পৰিছে ৷ লিখিছে, ‘ছামেলাংছ’ৰ ফালে হেনো ভেলোঘাটতকৈও ডাঙৰ জলপ্ৰপাত আছে ৷ ৩ কিল’মিটাৰমান খোজ কাঢ়ি যাব লাগিব ৷’

‘কৰকাণ্ঠিছ’ নেকি ? হয় যদি মই গৈছোঁ ৷’ শেহতীয়া অভিজ্ঞতাৰ দোহাই দি মই চাব মাৰি সুধিলোঁ ৷

‘গম নাপাওঁ’ বুলি উত্তৰ আহিল ৷

‘সেইটো তেনেহ’লে ময়ো নাজানো ৷ নাম কি বা ?’ জানিবৰ ইচ্ছা জাগিল ৷ ‘অন্য এটা জলপ্ৰপাতৰো খবৰ ওলাইছে ৷ সেইটো আছে শিলনিজানৰ পৰা সোমাই, কয়লামাটিৰ পিনে ৷ ৰাস্তা নিৰ্মাণ হৈ আছে বুলি স্থানীয় কাকতত দিছে ৷ ডুংডুংজা নাম ৷’ তেৱেঁই একে লেথাৰিকৈ কৈ গ’ল, ‘তাদ’লাংছ’ বুলিও এটা আছে ৷ বাতৰি কাকতত পঢ়ামতে তালৈ নোযোৱাই ভাল ৷’

‘তক’লাংছ’ জলপ্ৰপাতৰ কথা শুনিছোঁ ৷ বালিপথাৰৰ পৰা ২০ কিল’মিটাৰমান ভিতৰত ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১২ কিল’মিটাৰ নিলগত ৷ সদ্যহতে দুচকীয়া বাহনেৰেহে তালৈ যোৱাটো সম্ভৱ ৷ কিছু দূৰ খোজ কাঢ়িবও লাগে বোলে ৷’

‘তাদ’লাংছ’ খান্দুলিৰ পিনে ৷ দুবাৰ গ’লোঁ ৷ তাত মেঘালয়ৰ ম’বাইল নে’টৱৰ্ক চলিছিল তেতিয়া ৷’

এনেকৈয়ে কথা পাতি দিনটো সামৰা হ’ল ৷ বিশ্ব পৰ্যটন দিৱসৰ অভীষ্ট যাত্ৰাটো হৈ নুঠিল ৷ অন্য কাৰো পৰা একো সঁহাৰি অহা নাই ৷ মনটো গধুৰ হৈ থাকিল ৷