Saturday, 30 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
১২. কেতেনালাত ৰৈ গ’ল চুম’ দুখন



লিমেকিং এৰি আমি কেতেনালাত উপস্থিত হওঁগৈমানে ঘড়ীত ৫.০০ বাজি পাৰ হ’ল৷ দুয়োহাতে শাৰীবদ্ধ অৰণ্য-পৰ্বত, মাজে মাজে সৰু জনবসতি, তাৰ মাজেৰেই ঠেক ৰাস্তাটো৷ সেই ৰাস্তাৰেই আগ বাঢ়ি আছে টাটা চুম’ দুখন৷ ইতিমধ্যে কাণি-মুনি বাৰুকৈয়ে লাগি আহিছে৷ পাহাৰৰ ভাঁজত বেলি সোনকালে অদৃশ্য হয়৷ ফলত আন্ধাৰো সমতলতকৈ তুলনামূলকভাৱে আগধৰি হয়৷ অৰূপদাই এইবাৰ টৰ্চ মাৰিহে সময়টো জনাব পাৰিলে৷ একে সময়তে গাড়ীৰ আইনাখনতো এটোপ-দুটোপকৈ প্ৰত্যক্ষ কৰিবলৈ পালোঁ ক্ষীণ বৰষুণৰ উপস্থিতি৷ টোপালকেইটাই ভিতৰি মনটো হ’লে সেমেকালে৷

বিজুলীৰ পোহৰ ইয়াত নাই৷ মোদী চৰকাৰে দেশৰ গ্ৰাম্য এলেকাসমূহ সম্পূৰ্ণৰূপে বিজুলী-বাতি থকা অঞ্চল কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত লাহে লাহে বিজুলীৰ সুবিধা নথকা গ্ৰাম্য এলেকাসমূহতো এই সুবিধা উপলব্ধ হোৱাৰ আশ্বাস দিছে৷ স্বাধীনতাৰ ৬৮ বছৰৰ পাছত সৌ-সিদিনা উত্তৰ প্ৰদেশৰ শীতল খেৰা গাঁৱৰ গাঁওবাসীয়ে বিজুলীৰ পোহৰ প্ৰথম দেখিলে৷ খবৰটো আমি বাতৰি কাকতৰ পৃষ্ঠাত পঢ়িবলৈ পাইছোঁ৷ বিপৰীতে, অৰুণাচলৰ এই দুৰ্গম ঘোঁকটত ৰাজহুৱা স্বাৰ্থত ট্ৰেন্সফৰ্মাৰৰ উদ্বোধন কেতিয়াকৈনো হ’ব কোনেও চাগৈ ক’ব নোৱাৰিব৷ এন.এইচ.পি.চি.ৰ জৰিয়তে অসম-অৰুণাচল সীমাৰ গেৰুকামুখত নিৰ্মাণ কৰিব খোজা ২,০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা অৰুণাচল প্ৰদেশে গৃহ ৰাজ্যৰূপে বিনামূলীয়াকৈ ১৩ শতাংশকে ধৰি মুঠতে ২৯৪ মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিব বুলি ভাগ-বতৰাৰ হিচাপত দেখুওৱা হৈছিল৷ সেই শক্তিৰে এই ঠাইবোৰ উজলি উঠিবনে নুঠে সেইটো এক বৃহৎ প্ৰশ্নবোধক৷ সময়ে তাৰ উত্তৰ নিশ্চয়কৈ দিব৷ সদ্যহতে আমি এইফালে দেখিবলৈ পোৱা সত্যটো হ’ল, সন্ধিয়াৰ পাছত বেলি গুচি গ’লে পৰ্বতৰ মাজত এতিয়াও আন্ধাৰেই ৰজা৷ আমাৰ বাবেও সন্মুখত ৰৈ আছিল চোৰে চৰিয়ালেও গম নোপোৱা বিধৰ অন্ধকাৰ পৰিৱেশ এটা৷

গাইড নিকেল নাল’ৰ নিৰ্দেশত কালভাৰ্ট এটাৰ ওপৰতে আমাৰ গাড়ী দুখনৰ ষ্টাৰ্ট বন্ধ কৰা হ’ল৷ সম্পূৰ্ণ অচিনাকি ঠাই৷ আচহুৱা পৰিৱেশ৷ নামটো কেতেনালা বুলি জনা গ’ল৷ ইফালে-সিফালে দেখিছোঁ, টৰ্চ লাইটৰ গোলাকাৰ পোহৰ কিছুমান উফৰি ফুৰিছে৷ ময়ো নিজৰ টৰ্চটো ৰাক্‌চেকৰ পৰা টান মাৰি উলিয়াই হাতত লোৱাই উচিত বুলি তৎমুহূৰ্ততে বিবেচনা কৰিলোঁ৷

আমাৰ গাড়ী দুখন য’ত ৰ’ল তাৰ পৰা আগলৈ ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ আৰ্হিত দণ্ডায়মান থিয় পৰ্বতমালা৷ অৰূপদাই কোৱাৰ দৰে এইবোৰ হিল্‌ছ নহয়, মাউণ্টেইনহে৷ হিমালয়ৰে শাখা-প্ৰশাখা৷ আমি ৰৈ থকা সৰু ৰাস্তাটো সেইফালেই আগুৱাইছে৷ কিমানলৈকে গৈছে জনাৰ কোনো উপায় এই মুহূৰ্তত স্বাভাৱিকতে নাই৷ হে’ড লাইটৰ পোহৰত যিকণ মণিব পাৰিছোঁ, অলপমান আগলৈ গৈ সি শূন্যত হেৰাই গৈছে৷ যেন এটা ৰহস্যঘন বাট! সেইটোৱেই আমাৰ পৰৱৰ্তী বাট নে কি? নাজানো৷ অনুভৱ হৈছে, পৃথিৱীখনৰ শেষ সীমা যেন লগা এখন ছায়াচিত্ৰহে এয়া৷

কিবা ভাবি খিৰিকীৰ আইনাখন নমাই দিলোঁ৷ মাত্ৰকতে ঠাণ্ডাই খুন্দিওৱা যেন অনুভৱ হ’ল শৰীৰত৷ চকামকাকৈ ধৰিব পৰাৰ ভিতৰত সোঁকাষে চাংঘৰ কেইটামানৰ অৱস্থিতি৷ হিচাপ কৰি চালোঁ, তাৰ সিফালেই সোৱণশিৰিখন থাকিব লাগে৷ ডাপৰিজোৰ পৰাই অকণো এৰা নিদিয়াকৈ পাৰে পাৰে অকাই-পকাই, উঠা-নমাকৈ আমি একেলগে আহি আছিলোঁ৷ কাৰ্যতঃ নৈখনে এতিয়াও আমাক বিদায় দিয়া নাই৷ প্ৰচণ্ড বতাহ-বৰষুণ চলি থকাৰ দৰে লেথাৰি নিছিগা হো-হোৱনিৰ উদ্‌গীৰণ হৈয়েই আছে প্ৰতি পলতে৷ তাৰ পৰাই অনুমান কৰিছোঁ নৈৰ অৱস্থানটো কেনি৷ ধৰিব পাৰিছোঁ, অধিক উন্মাদনাৰে নামনি অভিমুখে খল্‌খলাই বৈ আছে সোৱণশিৰি৷ সকলো মিলি সামগ্ৰিকভাৱে এটা যেন ভৌতিক পৰিৱেশ! আনন্দ লাগিলেও নতুন ঠাইত নতুন মানুহৰ বাবে ভায়ভাব উৎপন্ন হ’বলগীয়া কথাই৷ তাৰ লগতে অন্তহীন কৌতূহলে কেতিয়াবাতে মোকো বেৰি ধৰিলেহি৷ মনত প্ৰশ্ন : কিয় ৰ’ল ইয়াত? ক’লৈ যাম আমি? থাকিম ক’ত?

লিমেকিঙৰ পৰা কেইকিল’মিটাৰমান আগত শ্বেৰি থাপা৷ প্ৰস্তুতিগত জ্ঞানকণেৰে নিঃসন্দেহ আছিলোঁ যে শ্বেৰি থাপা মেম’ৰিয়েল পৰ্যন্ত গাড়ীৰে যোৱাটো সম্ভৱ৷ লিমেকিঙৰ পৰা তালৈকে ২৫ কিল’মিটাৰমান হ’ব বুলিও গম পাই থৈছোঁ৷ জানো যে তাৰ পৰা আগলৈ আৰু ৰাস্তা নাই৷ ৰাস্তা নিৰ্মাণৰ অৰ্থে ঠায়ে ঠায়ে ফৰ্মেচন কাটিং চলিহে আছে৷ শ্বেৰি থাপা নামৰ ১৯৬২ বীৰ সেনানীজনৰ  স্মাৰকটোৰ সমীপতে আগন্তুক নিশাটোৰ বাবে আমাৰ কেম্প পতাৰ কথা চূড়ান্ত হৈছিল৷ কালি ডাপ’ত ডাক্তৰ নাল’ৱেও তেনেকৈয়ে কৈছিল৷ পিছে আহোঁতে আহোঁতে এতিয়া ঘনঘোৰ আন্ধাৰে আগুৰি ধৰিলে৷ সোনকালেই বৰষুণেও বিধি-পথালি দিয়াৰ লক্ষণ দেখা গৈছে৷ সাতে-সোতৰই আজি হাবিত কটোৱাটো মস্কিল আছে৷ নতুন ঠাইত আন্ধাৰত কেম্প সজা, খৰি গোটোৱা, পানী কঢ়িওৱা আদি কামবোৰ সহজ নহ’ব৷

কালভাৰ্টটোলৈ কেইফুটমান থাকোঁতে পথটোৰ দাঁতিতে সোঁহাতে সামান্য নামি গ’লে তাগিন লোকৰ পৰম্পৰাগত চাংঘৰ কেইটামান৷ তাৰে এটালৈ উঠি গ’ল আমাৰ গাইড নিকেল নাল’৷ তেওঁলোকৰ দোৱানতে গৃহস্থৰ সৈতে কিবা আলোচনা-বিলোচনা কৰিলে৷ তুৰন্তে সিদ্ধান্ত লৈ তেওঁ আমাক বস্তু-বাহানিবোৰ গাড়ীৰ পৰা নমাবলৈ ইংগিত দিলে৷ জানিলোঁ যে গৃহস্থৰ সৈতে হোৱা কথা-বতৰাত চাংঘৰটোতে নিশাটো কটোৱাৰ পৰামৰ্শ হৈছে৷ সেই সিদ্ধান্ত সদস্যসকলৰ মনঃপূত হোৱাত চূড়ান্ত কৰা হৈছে৷ ঘোষণাটো কাণত পৰা মাত্ৰক আনৰ কথা নাজানো, মোৰ হ’লে মনটো নাচি উঠিল৷ তাগিনৰ চাঙত অন্ততঃ এটা নিশালৈ হ’লেও থকাৰ সুযোগ নিবিচৰাকৈয়ে মিলি গ’ল! বুজাব নোৱাৰা ধৰণৰ পুলক এটা পলকতে জাগি উঠিল মনৰ অভ্যন্তৰত৷ নামপঙৰ টাংচা আৰু ডঙৰ মেয়ৰ (জাখ্ৰিং)ৰ পাছত কেতেনালাত এয়া তাগিন৷

আন্ধাৰৰ মাজতে অবুজ আনন্দ আৰু ভৰপূৰ উদ্যমেৰে গাড়ীৰ পৰা বয়-বস্তুবোৰ একাদিক্রমে নমোৱাত ধৰিলোঁ৷ নাহৰলাগুন ৰে’ল ষ্টেচনৰ পৰা মাদাৰ গাড়ীত বহি কৰা দুদিনজোৰা উজনিমুৱা চুম’ যাত্ৰাৰো সিমানতে যৱনিকা পৰিল৷ জে.জে.ৰ গাড়ীৰ বনেটত এই দুদিনে অহৰহ দুলি থকা পতাকা তিনিখন নিথৰ হৈ ৰ’ল৷ বাম্পাৰ আৰু ৰিয়েৰ ভিউ মিৰ’ৰত বান্ধি থোৱা নানাৰঙী ফিটাবোৰে গাড়ীৰ গতি আৰু আমাৰ মনৰ সৈতে ছন্দ মিলাই আৰু নানাচে৷ সন্দেহ নাই যে ইয়াৰ পাছত এশ শতাংশই নিজৰ দুভৰিত ভৰসা ৰাখিব লাগিব৷ মূৰৰ ওপৰত চালি হয়তো নাথাকিব৷ মনত পৰিল অক্টোবৰ মাহৰ পহিলা সপ্তাহত এদিন প্ৰাতঃভ্ৰমণকালত লগ পাই কোনো পাতনি নতৰাকৈ অৰূপদাই মন্ত্ৰ মতাদি মাতি যোৱা বাক্যকেইষাৰ৷ ‘‘দুৰ্গম ঠাই৷ হিল্‌ছ নহয় দেই, মাউণ্টেইন৷ ৰাস্তা নাই৷ পিঠিত ৰাক্‌চেক্‌ লৈ নৈৰ পাৰে পাৰে খোজ কাঢ়িব লাগিব৷ জুৰিৰ পানী উতলাই খাব লাগিব৷ তম্বুৰ তলত নিশা খপিব লাগিব৷ শ্লীপিং বেগত শুব লাগিব৷’’ ভাল লাগিল ভাবি৷ তাকেইতো বিচাৰি আছিলোঁ অতদিনে৷ আচল সময়টো আহি গ’ল এতিয়া৷






(পৰৱৰ্তী লেখা – তাগিনৰ চাঙত উঠিলোঁ)
দিন তিনি  ৷৷ ২.১১.২০১৫
১১. লিমেকিং


নাচ্ছোত অলপপৰ ৰৈ মনত আনন্দ লৈ পুনৰ যাত্ৰা আৰম্ভ৷ সন্মুখত লিমেকিং৷ অলপ আগলৈ ৰাস্তা এটা সোঁহাতে তলৰ ফালে নামি গৈছে৷ মূল ৰাস্তাৰ পৰাই সেইদিশে আঙুলিয়াই মাদাই স্থানীয় এম.এল.এ. চাহাবৰ ঘৰটো দেখুৱাবলৈ নাপাহৰিলে৷ তাৰ অভিব্যক্তিত গৌৰৱৰ প্ৰকাশ এচেৰেঙা মই মন কৰিলোঁ৷ যাতায়াত সহজসাধ্য নোহোৱা, অনেক ভিতৰুৱা, অসুচল স্থানবোৰত ক’বলৈ গ’লে মন্ত্ৰী-বিধায়কসকলেই ৰজা, একো একোজন হৰ্তা-কৰ্তা-বিধাতা৷ বৃহৎ ভূখণ্ডৰ অলিখিত জমিদাৰ, অগাধ ধন-সম্পত্তিৰ একছত্ৰী গৰাকী হৈ ৰয় তেওঁলোক৷ বিপৰীতে সাধাৰণ মানুহ সৰহভাগৰে আজিও অৱস্থা লাও-লোৱা৷ দুখলগা দৈনন্দিন জীৱন-যাত্ৰা৷

মানুহৰ অৱস্থা, পথৰ দুৰৱস্থাই শোকাভিভূত কৰিলেও জলপ্ৰপাতৰ আধিক্যই বাৰে বাৰে আমাৰ চকু থৰ লগাইছে৷ পৰ্বতৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে যেনিতেনি পানীৰ ধলবোৰৰ মাত্ৰা চৰিছে৷ অৰণ্যৰ মাজত নাতিদূৰত হঠাতে আৱিৰ্ভাৱ হোৱা জলপ্ৰপাতবিলাকলৈ চাই এনেহে ধাৰণা হয়, পাহাৰ ফুটিহে যেন সেই পানীবোৰ ওলাইছে৷ তেনেকুৱা জলধাৰা প্ৰথমে ৰাস্তালৈ নামে৷ তাৰ পাছত নামি যায় নামনিৰে ধাৱিত সোৱণশিৰিলৈ৷ কেইবাঠাইতো আমি বেইলী ব্ৰীজেৰে পাৰ হৈছোঁ৷ ইফালে দলং নসজা বা সাজিব নোৱাৰা ঠাইত পানীৰ ওপৰেদিয়েই সংখ্যাতীতবাৰ পাৰ হৈ যাবলগীয়া হৈছে৷

এঠাইত পালোঁ অকলশৰীয়াকৈ দুটা চাংঘৰৰ অৱস্থিতি৷ বিশৃংখলিত গৃহনিৰ্মাণ সজ্জা৷ চালৰ নামত মামৰে ধৰা টিনপাত৷ কাষত থকা জেঙু পাতৰ ঘৰটোত বৰষুণৰ পানী ৰোধিবলৈ টাৰ্প’লিনৰ সহায় লোৱা হৈছে৷ সন্মুখতে আমাৰ গাড়ী দুখন ৰ’ল৷ বাওঁহাতে পাহাৰৰ ওপৰত ওচৰতে এগালমান মেঠোন ৰৈ আছে৷ মেঠোন অৰুণাচল প্ৰদেশৰ জাতীয় প্ৰাণী৷ অৰ্ধঘৰচীয়া জন্তুবিধ গৰাকীয়ে জংঘলত মেলি দিয়ে৷ প্ৰয়োজনত ধৰি আনে৷ মেঠোনজাকৰ চকুবোৰে প্ৰহৰীৰ শেনদৃষ্টিৰে একেথৰে চাই আছে আমাৰ ফালে৷ মাজে মাজে কেনিবাদি একোটা শব্দ ভাহি আহিছে৷ তাৰ বাদে চৌপাশৰ পৰিৱেশটো নীৰৱ৷

পাছদিনাখনৰ ট্ৰেকিঙত বয়-বস্তুবোৰ কঢ়িয়াই নিবলগীয়া প’ৰ্টাৰৰ বাবে গাইডৰ নিৰ্দেশত এইছোৱা বাটত ঠায়ে ঠায়ে কেইবাৰমান যাত্ৰাবিৰতি মানিবলগীয়া হ’ল৷ ইঠাই-সিঠাইত দুজন-এজনকৈ গোট খোৱা স্থানীয় ডেকা ল’ৰাকেইটাই চুম’খনৰ পাছফালে উঠি লৈছে৷ ৰেলিঙত ধৰি থিয় হৈয়ে আহি আছে৷ একা-বেঁকা ৰাস্তাটোতো সিহঁতৰ ভয়-ভীত বুলিবলৈ তিলমানো নাই৷ এটা জলপ্ৰপাতৰ পৰা নিগৰা পানী পোনে পোনে ৰাস্তাটোত পৰি আছিল৷ পাৰ হওঁতে বৰফচেঁচা জলৰাশি ঢং ঢংকৈ গাড়ীখনৰ ওপৰতে পৰিল৷ সেই পানীয়ে নিশ্চয় সিহঁতকো নিতিওৱাকৈ থকা নাই৷ আশংকাটো মনলৈ অহাত পাছফালৰ ধূলিয়ৰি আইনাখনৰ মাজেদি মাজে মাজে ঘূৰি চাই গৈছোঁ, সিহঁত একেদৰে আছেনে, নে ক’ৰবাত সৰি পৰিল বুলি৷

ৰ’দালি বতৰটোৰ হঠাতে কি হ’ল জানো! ক’ৰবাৰ পৰা এসোপা ক’লীয়া ডাৱৰৰ আগমন ঘটিল৷ গৰা এটা আৰোহণ কৰি থাকোঁতেই মুখামুখিকৈ দৃষ্টিগোচৰ হ’ল আকাশত উদ্ভাসিত ৰঙীন পটি এটা৷ অৰ্ধচন্দ্ৰাকাৰ ইন্দ্ৰধনুৱে ইখন পাহাৰৰ পৰা সিখন পাহাৰ চুইছেগৈ৷ মাজৰছোৱা আকৌ ডাৱৰৰ আঁৰত অদৃশ্য৷ সাতো ৰঙৰ উপস্থিতিয়ে মোক মনত পেলালে নেপালৰ ভদ্ৰপুৰৰ পৰা বুদ্ধ এয়াৰ প্ৰাইভেট লিমিটেডৰ ১৯জনীয়া অকণমানি বিমানেৰে কাঠমাণ্ডুৰ ত্ৰিভুবন ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টলৈ উৰি গৈ থকা মুহূৰ্ত এটাৰ কথা৷ সেইদিনা (২৮.৯.২০১১) আকাশমাৰ্গৰ পৰা চাবলৈ পাইছিলোঁ দুখনকৈ গোলাকাৰ ৰামধেনু, আকস্মিকভাৱে৷ এতিয়া সচৰাচৰ দেখা পোৱাৰ দৰে ৰামধেনুখন ওপৰত আছে, আমি তলত৷ কিন্তু সেইদিনা ৰামধেনুৰ অৱস্থান আছিল তলৰ বায়ুমণ্ডলত, বিমানখন ওপৰত! সেইটো আছিল জীৱনকালত এতিয়ালৈ চাবলৈ পোৱা, সত্য-শিৱ-সুন্দৰৰ অস্তিত্ব সততে ঘোষণা কৰি থকা, সঁচা অৰ্থত বিৰল এক প্ৰাকৃতিক দৃশ্য৷

আৰু আগুৱাওঁতে পথৰ দাঁতিত অকণমানি গাঁও এখন পালোঁ৷ অলপ পাছতে ক’লা মেঘৰ আঁৰেদি বিচ্ছুৰিত সূৰ্যৰ ৰশ্মিৰেখাই পৰ্বত আৰু গিৰিখাদত পৰি অবৰ্ণনীয় এক চিত্ৰপটৰ সৃষ্টি কৰিলে৷ সুন্দৰ লেণ্ডস্কেপ৷ সূৰ্যৰ কিৰণত গিৰিখাদৰ পোনে পোনে অদূৰত পৰ্বতৰ এঢলীয়াত ঘৰ কিছুমান প্ৰতিভাত হৈছে৷ ৰাস্তাটো আঁতৰি গৈছে পৰ্বতৰ গহ্বৰলৈ যাৰ ঠিক পোনে পোনে আছে আকৌ এক বিশাল আৰু উচ্চ জলপ্ৰপাত৷ তলৰ কেঁকুৰিতে ৰাস্তাটো ঘূৰিল৷ পাৰ হৈ আগলৈ পুনৰ দীঘলীয়া জলপ্ৰপাত এটা৷ তাৰ গুৰিতে আকৌ কেঁকুৰি এটা৷ যেন কেঁকুৰি আৰু জলপ্ৰপাতৰ লেথাৰি সমাৱেশ৷ আমিও তাল মিলাই ঘূৰি-পকি গৈ আছোঁ, চাই চাই গৈ আছোঁ৷ প্ৰাণত আনন্দও লাগিছে, বিস্ময়ো জাগিছে ক্ষণে ক্ষণে৷

বেলিৰ পোহৰ পৰি পৰ্বতৰ সুগভীৰ অৰণ্য আৰু দুৰ্জয় গহ্বৰ ক্ষন্তেকতে পুনৰ স্পষ্ট হৈ পৰিল৷ উচ্চতাত থকা বাবে সন্মুখৰ উপত্যকাটোৰ বিশাল বনাঞ্চল আকাশীপথেৰে গ’লে দেখা পোৱাৰ দৰে লাগিছে৷ অৰণ্যানীৰে পৰিৱেষ্টিত এনে বিশাল অঞ্চলত অন্য নালাগে হেলিকপ্টাৰ হেৰালেও বিচাৰি উলিওৱাটো সহজসাধ্য নহয়৷ অৰুণাচল প্ৰদেশৰ একালৰ মুখ্য মন্ত্ৰী দৰজী খান্দুৰ কথা প্ৰসংগক্রমে মনত পৰি গ’ল৷ চীন-ভাৰত সীমান্তৱৰ্তী ৱে’ষ্ট কামেঙৰ ঘন জংঘলত পতিত হৈ ইমান ডাঙৰ পৱনহংস A350-B3 ইউৰোকপ্টাৰখনেই নাপাত্তা হৈ থাকিল! মুখ্য মন্ত্ৰী খান্দু, কেপ্টেইন টি. এছ. মানিক, কেপ্টেইন জে. এছ. বাবৰ, য়েশ্বি চ’দাক আৰু য়েশ্বি লামুৰ অস্তিত্ব উদ্ধাৰ কৰোঁতে কিমান দিন লাগিছিল ভু ৰাখোঁতাসকলে ভালকৈ জানে৷ ৩০.৪.২০১১ৰ ঘটনা আছিল সেইটো৷ তাৰ পাছতো অৰুণাচলৰ বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত বায়ুযান নিৰুদ্দিষ্ট হোৱাৰ বাতৰি আমি মাজে-মধ্যে সংবাদ মাধ্যমৰ জৰিয়তে নোপোৱাকৈ থকা নাই৷ তাৰ পৰাই সহজে ঠাৱৰ কৰিব পাৰি কিমান ঘন, কিমান গভীৰ অৰুণাচলৰ অৰণ্য৷ আমাৰ চকুৰ আগত দেখা বনাঞ্চলো তদনুৰূপ৷

ছায়া-প্ৰচ্ছায়াৰে আচ্ছাদিত সেউজীয়াৰ মাজৰ এঢলীয়াত প্ৰায় এশটামান ঘৰ দৃশ্যমান হৈছে৷ তাতে হেলিপেড এটাৰ উপস্থিতি৷ এটা সুন্দৰ দৃশ্য৷ আমি গাড়ী ৰখাই কিছু সময় চাই নয়ন জুৰালোঁ৷ স্থানীয় মানুহে হেলিকপ্টাৰক হেলি বোলে৷ কেমেৰাটো জুম কৰি চাওঁতে দেখিলোঁ, ডাঙৰ-সৰু কাৰ্টন কিছুমান দ’ম লাগি আছে৷ আৰ্মীৰ গাড়ী চাৰি-পাঁচখনমান আৰু জোৱানকেইজনমানো ৰৈ আছে৷ হয়তো হেলি আহিছিল৷ এয়াৰড্ৰপিং হৈছে৷ এনেকৈয়ে বায়ুযানেৰে ৰেছন পঠিয়াই মানুহবোৰক কোনো ৰকম জীয়াই ৰখাৰ ব্যৱস্থা সীমান্তৱৰ্তী সংবেদনশীল এলেকাসমূহত সুদীৰ্ঘ দিন ধৰি বৰ্তি আহিছে৷ গধুৰ যানবাহনৰ যাতায়াত সম্ভৱেই নহয়৷ ইমান দূৰ আহিও আমি মালবাহী গাড়ী এখনো লগ পোৱা নাই৷ আৰ্মীৰ ট্ৰাককেইখনেই এয়া যি দেখা পাইছোঁ৷ আনফালে ঠেক গিৰিকন্দৰত সোৱণশিৰিখনৰো এচমকা বগাকৈ জিলিকি উঠিছে৷ চুম’খন অন্য এফালে মুখ কৰি গৈ আছে যদিও এনে লাগিছে যে আমি সেই ঠাইটুকুৰালৈকে গৈ আছোঁ য’ত অলপ আগেয়ে হেলিপেডটো দেখা পাইছিলোঁ৷

আৰু বাট অতিক্রম কৰোঁতে দূৰৈৰ পৰাই এঠাইত হঠাতে দেখা গ’ল যে সন্মুখত আঠখনমান আৰ্মীৰ গাড়ী৷ এখনো কিন্তু চলা নাই৷ আটাইবোৰ ৰৈ আছে৷ তেওঁলোকৰ শাৰীটোৰ পাছতে আমাৰ গাড়ী দুখনো ৰৈ দিবলৈ বাধ্য হ’ল৷ গাড়ীবোৰত সশস্ত্ৰ ভাৰতীয় সৈন্য-সামন্ত কিছুমান বহি আছে৷ খবৰ লৈ জনা গ’ল যে আচম্বিতে পৰ্বতৰ পৰা এগালমান শিল বাগৰি পথ ৰুদ্ধ হৈ পৰিছে৷ ভূমিস্খলন-বিধ্বস্ত এলেকা এইটো৷ ভাগ্য ভাল যে জোৱানসকলৰ গাড়ী আমাৰ আগে আগে আছিল৷ সন্মুখৰকেইখনৰ পৰা ইতিমধ্যে অনেকজন সৈনিক নামিছে৷ ভালেসময়ৰ মূৰকত হ’লেও তেওঁলোকৰ যুদ্ধকালীন তৎপৰতাত ৰাস্তাটো যেনিবা মুকলি হ’ল৷ গাড়ীবোৰো আগলৈ চলিব লাগিল৷

ঘনে ঘনে সময় সুধি সুধি অৰূপদাক ব্যতিব্যস্ত কৰি গৈছোঁ৷ তেৱোঁ অৱশ্যে উত্তৰ দিবলৈ বাধ্য কাৰণ ডিফু বজাৰত ভাল কৰিবলৈ দি এৰি থৈ যোৱা হাতঘড়ীটো ময়ে নি গুৱাহাটীত ৰে’লত উঠাৰ পাছত তেওঁলৈ হস্তান্তৰিত কৰিছিলোঁ৷ বাধা-বিঘিনি অতিক্রম কৰি লিমেকিং পাওঁগৈ মানে অৰূপদাৰ ঘড়ীৰ কাঁটাই ৪.০০ বাজি পাৰ হোৱাৰ সংকেত দিলে৷ আকাশত সূৰুযৰ জ্যোতি ক্রমান্বয়ে নিস্তেজ হৈ আহিছে৷ ভৈয়ামতকৈ পাহাৰ সোনকালে অন্ধকাৰ হোৱাটো ধৰাবন্ধা কথা৷ সৈন্যবাহিনীৰ গাড়ীবোৰ টেইল লেম্প জ্বলাই খুব ধীৰে ধীৰে হেলিপেডৰফালে এখন এখনকৈ উঠি গ’ল৷ সেইখিনিতে পুতি থোৱা অৱস্থাত চাইনব’ৰ্ড এখন দেখা পালোঁ৷ মাদাক তাতে ব্ৰেক মৰাবৰ তাগিদা এটা মনলৈ আহিছিল যদিও আন্ধাৰৰ আগমনলৈ চাই তেনে কৰাৰ সত নগ’ল৷ চকামকাকৈ দেখা সত্ত্বেও ধৰিব পাৰিলোঁ যে ঠাইডোখৰৰ নামৰ সৈতে উচ্চতাটো লিখি থোৱা আছে সেই সেউজীয়া ফলকখনত৷

হেলিপেডৰ ওখ দেৱালৰ কাষেৰে তলৰ ফালে পাক লৈ বাটটো আগলৈ গৈছেগৈ৷ মাদাই আমাক সেইবাটে লৈ গ’ল৷ অকণমান আগুৱাই গৈয়ে প’ৰ্টাৰৰ বাবে আমাৰ চুম’ দুখন আকৌ ৰ’ল৷ সেইখিনিতে সোঁহাতে ঘৰ দুটামান আছে৷ ওপৰলৈ সৈন্যৰ ঘাটি৷

বৰুণ আৰু দেৱিন্দৰৰ হঠাতে কি হ’ল নাজানো, গাড়ীৰ পৰা নামি উভতি লৰ মাৰিবলৈ ধৰিলে৷ এই দুটাৰ হ’ল কি বুলি সকলোৱে হতচকিত হৈ পৰিলোঁ৷ আন্তৰ্জাতিক সীমাৰ চুবুৰীয়া এলেকা৷ সাধাৰণ লোকতকৈ ইউনিফৰ্ম পৰিহিত সৈন্য জোৱানৰ আহ-যাহেই বেছি দেখিছোঁ৷ ইহঁত দুটাই কিবা জগৰ লগালে নেকি বুলি আমাৰ মাজত গুণা-গঁথা নোহোৱাকৈও নাথাকিল৷ তুৰন্তে ভু লৈ গম পোৱা গ’ল যে নহয়, হেলিপেডত দেখি অহা উচ্চতাজ্ঞাপক ফলকখনৰ সৈতে ফটো তুলিবলৈকে দুয়োৰে মাজত তেনেকৈ লৰা-ঢপৰাখন লাগিছিল৷ মালবাহকৰ বাবে ইয়াত গাড়ী দুখন ৰোৱাৰ সুযোগতে কামফেৰা সমাধা কৰিবলৈ দুয়ো উভতি চেকুৰ লৈছে৷ দৌৰি-ঢাপৰি সিহঁত দুটা আহি পাওঁতে ভবাতকৈ অকণমান বেছি সময় ল’লে৷ ইফালে দিনান্তত পোহৰ শেষ হৈ অঞ্চলটোৱে অন্ধকাৰৰ দিশে গতি কৰি আছে৷ দেৰি হোৱাৰ ফলশ্ৰুতিত টীম লীডাৰ জয়ন্তদা চিন্তাক্লিষ্ট হৈ পৰিছে৷ হাঁহি হাঁহি উভতি আহিছিল যদিও দুয়ো কিছু কথা টানকৈয়ে শুনিবলগীয়া হ’ল৷ তাকে লৈ বাকীবোৰে অৱশ্যে ৰগৰো নকৰাকৈ নাথাকিলোঁ৷ নতুন চিনাকি আৰু সুদূৰ ফৰিদাবাদৰ পৰা আহি এই এড্‌ভেন্সাৰ ট্ৰিপটোৰ সহযাত্ৰী হোৱা সিহঁত ইতিমধ্যে সকলোৰে লগত সহজ আৰু খোলামেলা হৈ পৰিছে৷ গতিকে ধৰ্তব্য একো নাই৷ ইফালে বাটৰ কাষৰ BROৰ সেই ব’ৰ্ডখন ময়ো লক্ষ্য নকৰাকৈ নাছিলোঁ৷ তাত লিখা আছিল Limeking, You are at an altitude of 5248 feet৷

সুকলমে লিমেকিং পালোঁহি আমি৷ ইমান দিনে এই নামটো জপ কৰি থকা হৈছিল৷ আপাৰ সোৱণশিৰি জিলাৰ লিমেকিং চাৰ্কোলৰ অন্তৰ্গত ২২খন গাঁও আছে৷ তাৰ ভিতৰত লিমেকিঙেই ডাঙৰ৷ ২০১১ চনৰ পিয়ল অনুযায়ী মধ্যমীয়া জোখৰ গাঁও এই লিমেকিঙত ৬২টা পৰিয়ালে বসবাস কৰে৷ মুঠ জনসংখ্যা ৩৭৬৷ ভাৰতীয় সৈন্য কবলিত এলেকা৷ লিমেকিঙৰ পৰা চাৰিদিন ধৰি একেৰাহে পদচালনা কৰাৰ পাছত পৰ্বতৰ শিখৰত গিগু চেৰিয়া নামে হ্ৰদ এটা পোৱা যায় বুলি শুনিছিলোঁ৷ ঔজ লে’ক বুলি এটা জলাশয়ৰ সুদৃশ্য ছবি এখনো এঠাইত এবাৰ দেখিবলৈ পাইছিলোঁ৷ স্থানীয় মানুহে ডুংবু বুলি কোৱা, এইফালে নকৈ আৱিষ্কৃত হোৱা এজাতি ফুলৰ বিষয়েও নামমাত্ৰ খবৰ মোৰ হাতত সঞ্চিত আছিল৷ সত্য-অসত্য বা সেইবোৰ ক’ত-কেনেকৈ আছে একো নাজানো অৱশ্যে৷গাড়ীত বহি থাকিয়ে খিৰিকীৰে মূৰটো উলিয়াই এনেয়ে চকু ঘূৰাবলৈ লাগিলোঁ জোঙা পাহাৰবোৰৰ ভাঁজে ভাঁজে, ওপৰে ওপৰে৷ পৰ্বতৰ গহ্বৰত ভালকৈয়ে সোমাই পৰিছোঁ৷ এনে লাগিছে লিমেকিং যেন এখন আপুৰুগীয়া ছবি৷ মুহূৰ্তে মুহূৰ্তে নতুন নতুন ছবি দেখি অহাৰ সৌভাগ্যই হৃদয়খনক ঘনে ঘনে উৎফুল্লিত কৰি তুলিছে৷ তেনেকুৱা ছবি সন্মুখত আৰু দেখিবলৈ পোৱাৰ আশাই মনটোক সঘনে উত্তেজিত কৰি ৰাখিছে৷
















(পৰৱৰ্তী খণ্ড – কেতেনালাত ৰৈ গ’ল চুম’ দুখন)
দিন তিনি  ৷৷ ২.১১.২০১৫
১০. নাচ্ছো


ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ৷ শতিকাৰ প্ৰথম বেলি উঠা সেই সূৰ্যস্থান চোৱাৰ সৌভাগ্য মোৰ হৈছে৷ The land of downlit mountains বুলি এই ৰাজ্য সৰ্বত্ৰ বিখ্যাত৷ ২০১৩ চনত Outlook Travellers আলোচনীয়ে অৰুণাচলক সবাতোকৈ প্ৰিয় নব্য পৰ্যটনস্থল হিচাপে মতদান কৰিছিল৷ ২০১৪ চনত CNBC Awazএ সীমান্ত ৰাজ্যখনক নিৰ্বাচন কৰিছিল দুঃসাহসিক পৰ্যটনৰ শ্ৰেষ্ঠ লক্ষ্যস্থানৰ পুৰস্কাৰৰ বাবে৷ ২০১৫ চনত Today’s Travelersএ পৰিৱেশ পৰ্যটনস্থল হিচাপে শ্ৰেষ্ঠত্বৰ বঁটাপ্ৰাপক মনোনীত কৰিছিল৷ বায়’-ডাইভাৰচিটি হটস্পটেৰে পৃথিৱীৰ মানচিত্ৰত চহকী এই প্ৰদেশ৷ মনোলোভা প্ৰকৃতি, বৈচিত্ৰ্যময় সংস্কৃতি আৰু ৰং-বিৰঙী উৎসৱৰ সমাহাৰেৰে অৰুণাচলখন এটা শব্দত ক’বলৈ হ’লে নেছাৰেলিষ্ট-এড্‌ভেন্সাৰিষ্টৰ বাবে ভূস্বৰ্গ৷

মাদাৰ টাটা চুম’খন মধ্য অৰুণাচলৰ দুৰ্গমতাৰ দিশে যিমানেই ভিতৰলৈ কুৰুকি কুৰুকি সোমাই গৈছে সিমানেই কুমাৰী প্ৰকৃতিয়ে আমাকো দেখুৱাবলৈ আৰম্ভ কৰিছে অবিশ্বাস্য পাহাৰীয়া পেখম৷ অকোৱা-পকোৱা বাটেদি উঠি-নামি গাড়ী আগ বাঢ়িছে লিমেকিং অভিমুখে৷ ঘন বনাঞ্চল, হাবি-জংঘলৰ মাজৰ ৰাস্তা৷ অৱস্থা তথৈবচ৷ মেইনটেইনেন্স নাই যেন লাগে৷ বৰষুণৰ বতৰ আৰম্ভ হ’লে পথিকৰ কিযে দশা নহ’ব! নিজে নেদেখিলেও সেয়া সহজেই অনুমেয়৷ ঠায়ে ঠায়ে ৰাস্তাটো ইমানেই বেয়া আৰু বিপদসংকুল যে গৈ থাকোঁতে যাত্ৰীয়ে ঈশ্বৰক চিন্তি চকু দুটা মুদি দিব লাগিব৷ তাৰ ওপৰঞ্চি, চালকজনৰ দক্ষতাৰ ওপৰত ভাৰসা কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ অথচ কিন্তু, দুয়োকাষে সৌন্দৰ্যৰ অবৰ্ণনীয় পোহাৰ! সেই বহল শোভাৰ আগত সংযোগী পথটোৰ দুৰৱস্থা যেন একেবাৰেই তুচ্ছ কথা! তদনুৰূপ ভাবেৰেই গধুৰ হৈ এখোপ দুখোপকৈ আমি আগ বাঢ়ি আছোঁ৷

মাজে মাজে আলেঙে আলেঙে মই মাদাৰ চকুহাললৈ চাওঁ৷ সি বাৰু টোপনিয়াইছে নেকি? সি বাৰু পাহৰি যাব নেকি সন্মুখৰ টাৰ্নিংটো নিখুঁতভাৱে ল’বলৈ? নাই নাই, তাৰ মজবুত হাত দুখনেৰে ড্ৰাইভিং হুইলত খামুচি আছে সম্পূৰ্ণ সতৰ্কতা আৰু সজাগতাৰে৷ তীক্ষ্ণ দৃষ্টি নিবদ্ধ ৰাখি সি এবাৰ বাঁৱে কাটিছে, এবাৰ সোঁৱে কাটিছে৷ ৰাস্তাৰ যেনিয়ে ভাল অংশ দেখে তেনিয়েই চকাকেইটা পাৰ কৰাই নিবৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি গৈ আছে৷

সৰু দলং এখন পাৰ হৈয়ে এটা জলপ্ৰপাত৷ মাদাই গাড়ীখনত বাজি থকা গানটো বন্ধ কৰিলে৷ ঝৰ-ঝৰ শব্দ এটা অধিক পৰিষ্কাৰ ৰূপত কাণত বাজিল৷ জলপ্ৰপাতটোৰ সামান্য দাঁতিতে চুম’খন সি ৰখালে৷ জে.জে.লৈ অপেক্ষা কৰাৰ মতলব৷ দুয়োখন গাড়ী একেলগে যোৱাটো ভাল৷ জে.জে. পিছ পৰি গৈছে৷ বোধহয় তাৰ গাড়ীত থকা আমাৰ সহযাত্ৰীসকলে ইন্দ্ৰিয় দমন কৰিব নোৱাৰি বাটে বাটে ৰৈ ফটো তুলি আহিছে৷ সৌন্দৰ্যপিয়াসী মানুহৰ বাবে সেইটো স্বাভাৱিক কথা৷ গাড়ীৰ পৰা নামি মাদাই চিগাৰেট এটা জ্বলাই আপোনমনে টান দিছে৷ সোঁহাতে বৈ থকা সেউজ-নীলা সোৱণশিৰিখন এইখিনিত গভীৰ দেখা গৈছে৷

অকণমান সময় ৰ’বলৈকে সুন্দৰ স্থান এটা নিৰ্বাচন কৰিলে মাদাই৷ সুযোগ পাই আমিও ৰাস্তাত ভৰি দিলোঁ৷ জলপ্ৰপাতৰ পৰা ছিটিকি অহা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰে শৰীৰলৈ শীতলতাৰ লগতে স্নিগ্ধতা এটা আনি দিলে৷ উচ্চতাৰ পৰা সৰি পৰা পানীখিনি য’ত আফাল খাই পৰিছে তাৰ কাষৰে-পাজৰে গুলপীয়া ৰঙৰ ফুলৰ পয়োভৰ৷ এইজাতি ফুল আমাৰ ফালেও দেখা পাওঁ৷ ডেনগাঁৱৰ ওচৰৰ কাংথিলাংছ’, ডকমকাৰ ওচৰৰ পাকলংকাম বা চাপানালাৰ চম্পাৱতী জলপ্ৰপাতৰ সেমেকা আৱৰ্ততো এইবিধ ফুল মই দেখিছোঁ৷ শীতলতাত অৱগাহন কৰি থাকোঁতেই এটা সময়ত সিখন গাড়ী আহি পালে৷ আকৌ আৰম্ভ হৈ গ’ল যাত্ৰা৷

চিয়ুম এৰিবৰ ইতিমধ্যে এঘণ্টা পাৰ হ’ল৷ অলপ পাছতে পালোঁহি নাচ্ছো৷ সোৱণশিৰি উপত্যকাৰ আকৰ্ষণীয় টুৰিষ্ট চাৰ্কিট ডাপৰিজো-তালিহা-চিয়ুম-নাচ্ছোৰ অন্তিম স্থান নাচ্ছো৷ উচ্চ উচ্চতাৰ ঠাই৷ মধ্য উচ্চতাৰ চিয়ুম এৰাৰ পৰা গাড়ীখন কেৱল উঠিয়েই আহিবলগীয়া হৈছে৷

নাচ্ছোত আমাৰ চুম’ দুখন অগা-পিছাকৈ ৰৈ গ’ল৷ নাচ্ছো এখন মধ্যমীয়া জোখৰ গাঁও৷ ২০১১ চনৰ লোকপিয়ল অনুযায়ী ইয়াৰ জনসংখ্যা ৩৮০৷ পৰিয়ালৰ সংখ্যা ৭৬৷ আপাৰ সোৱণশিৰি জিলাখনৰ নাচ্ছো অন্যতম উন্নয়ন খণ্ড৷ ৫১খন গাঁৱেৰে এইটো এটা ৰাজহ চক্রও হয়৷ উল্লেখ্য যে ৩টা পৰিয়ালৰ ১৩জন সদস্যই বাস কৰা পয়িং নামৰ গাঁওখন নাচ্ছোৰ সবাতোকৈ সৰু গাঁও৷ নাচ্ছো এটা বিধান সভা সমষ্টিও৷ বৰ্তমানৰ এম.এল.এ. টাংগা ব্যালিন৷ কংগ্ৰেছ দলৰ প্ৰতিনিধি৷

পীনোন্নত শিখৰেৰে নাচ্ছোৰ চিত্ৰবৎ পৰ্বতৰাশি, তধা লগোৱা প্ৰাকৃতিক দৃশ্যৰাজি৷ সেমেকা, স্বাস্থ্যকৰ জলবায়ু৷ প্ৰদূষণমুক্ত হিল ষ্টেচন৷ মাজেদি ক্রমান্বয়ে উঠি যোৱা ৰাস্তাটোৰ দুপাৰে আঙুলিৰ মূৰত গণিব পৰাকৈ দোকান কেইখনমান৷ দুই-তিনি মহলীয়া আৰ.চি.চি. ঘৰো কেইটামান আছে৷ বাঁওহাতে বিহাৰী লোকৰ হোটেল এখন৷ গৰম চাহ-চিঙৰাৰ সন্ধান পাই তাৰ সন্মুখতে সকলোৱে নামিলোঁ৷ আবেলি হোৱালৈ চাই চাহ খাবৰ ইচ্ছা একোটাই ভিতৰি ভিতৰি যাত্ৰীসকলৰ অভ্যন্তৰত খদমদম লগাই আছিলেই৷ গাড়ীৰ পৰা মাটিত ভৰি দিয়াৰ পাছতে লগ লাগিলহি শীতল শিহৰণ এটা৷ তেনে পৰিস্থিতিত চাহ একাপ পাই মনটো আৰু ভাল লাগিল৷ কিন্তু আচৰিত হ’লোঁ, এনেকুৱা ভয়ংকৰ ভিতৰুৱা আৰু ছিন্নমূল অৱস্থানত সুদূৰৰ বিহাৰী লোক এজনে চাহ দোকান খুলি পেট প্ৰৱৰ্তাইছে, পৰিয়াল চলাইছে ইয়াত থাকি!

চাহ দোকানৰ গাতে গা লাগি এখন জোতা-চেণ্ডেলৰ দোকান৷ সিখন গাড়ীৰে যাত্ৰা কৰি থকা ফৰিদাবাদী ডেকা সহযাত্ৰী বৰুণ শ্বেওকান্দৰ পুৱাৰে পৰা জোতা পিন্ধি পিন্ধি হ’বপায় আমনি লাগিল৷ শুদা ভৰিৰেই সি গাড়ীৰ পৰা নামি ঘূৰি ফুৰা দেখা গ’ল৷ তাৰ মানে লগত চেণ্ডেলো অনা নাই কিজানি৷ এতিয়া দোকানখন হাততে পাই তাতে সি হাৱাই এযোৰ কিনাৰ মতলব কৰিছে৷ পিছে সমস্যা হ’ল তাৰ মস্ত পদযুগলক লৈ৷ ভৰিৰ আকৃতি দেখিয়েই মই বুজি পালোঁ যে ইমান ডাঙৰ জোখৰ চেণ্ডেল অন্ততঃ এই ঘোঁকট স্থানত সতকাই পোৱাটো মস্কিল হ’ব৷ কাৰণ এয়া হৈছে জনজাতি বসতিপ্ৰধান এলেকা৷ স্থানীয় মানুহখিনিৰ অবয়ৱলৈ চাই চকু মুদি কৈ দিব পাৰি যে কাৰো ভৰিৰ তলুৱা ইমান আহল-বহল নহয়৷ তথাপি সেনাবাহিনীৰ লোকৰ বাবে আনি থোৱা হয়তো থাকিবও পাৰে৷ তাকে খুঁচৰি খুঁচৰি দোকানী যুৱতীজনীয়ে এবাৰ এযোৰ উলিয়ায়, বৰুণলৈ সৰু হয়; সিযোৰ উলিয়ায়, সি পিন্ধি চায়, আকৌ সৰু হয়৷ তাই হাত দাঙি দিলে৷ অলপ সময়ৰ বাবে অৱস্থাটোৱে আমালৈকো হাস্যৰসৰ বেছ খোৰাক যোগাই থাকিল৷ বৰুণৰ ভৰিৰ আকৃতি দেখি দোকানী ছোৱালী দুজনী হতভম্ব নহৈ নোৱাৰিলে৷ অৱশেষত সকলোতকৈ ডাঙৰ জোখৰ যিযোৰ তাত মজুত আছিল, নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি ফৰিদাবাদীয়ে তাকে কিনি পিন্ধি ল’লে৷ গোৰোহাৰ এফাল ওলায়েই থাকিল! নিকেল নাল’ৱেও আগ ধৰি হুচিয়াৰ কৰি দিলে, ‘‘এতিয়াই সুবিধাজনক যি পায় লৈ নথ’লে আগলৈ আৰু নাপায়৷ সেইটো কিন্তু খাটাং৷’’

আমাৰ গাইড নিকেলৰ ভৰিত আছে হাণ্টিং শ্বু৷ ইমান পৰে চকুৰ আগত দেখা বিভিন্নজনৰ ভৰিতো মন কৰি আছোঁ কেৱল হাণ্টিং শ্বু৷ অন্য নহয়৷ পাহাৰবোৰলৈ আঙুলিয়াই দোকানীজনীক হিন্দীতে সুধিয়ে পেলালোঁ, ‘‘সেইবোৰত বগাবলৈ কেনেকুৱা জোতা ভাল?’’ তাই হাণ্টিং শ্বু ভাল বুলি ক’লে৷ দাম সোধাত চাৰে তিনিশ বুলিলে৷ নাচ্ছোত ৰোৱাৰ সময় আৰু সুযোগকণ পাই ময়ো দোকানখনত তেনেকুৱা জোতা এযোৰৰ সন্ধান আৰম্ভ কৰি দিলোঁ৷ পিছে মোৰো কপাল পোৰা, জোখৰ নিমিলিল৷ মোৰ ভৰিত খাপ খোৱা হাণ্টিং শ্বু এযোৰো নোলাল, এক চাইজ সৰুহে আছে৷ বিচাৰি ঘূৰ্মুটিয়াই কেইবাযোৰো উলিয়াই বেচেৰী দোকানী ভাগৰিল৷ চেণ্ডেল সামান্য সৰু হ’লেও চলি যায়, জোতা টান হ’লে নচলে৷ তাতে আকৌ পৰ্বতৰ খলা-বমাত খোজ কঢ়াৰ কথা আছে৷ সাতে-পাঁচে নিমিলাত মোৰ আৰু আশা পূৰণ নহ’ল৷ ঘৰৰ পৰা ওলোৱাৰ পৰাই যিযোৰ পিন্ধি আছিলোঁ সেইযোৰেৰেই কাম চলাব লাগিব৷ ইফালে মোৰ জোতাযোৰলৈ চাই বৰুণে কিন্তু বেছ যুক্তিযুক্ত কমেণ্টেই দিলে৷ সি ক’লে, ‘‘আপুনি কিয় মিছাতে হাণ্টিং শ্বু কিনিব লাগিছে? এইযোৰ একদম পাৰফেক্ট৷ পাহাৰৰ মাটি আৰু শিলত ই আপোনাক গ্ৰীপ দিব৷ আপোনাৰ জোতা একদম ঠিক আছে৷ বেলেগ কিনাৰ একো দৰকাৰ নাই৷’’ জোতাযোৰৰ তলখনে কেনেকৈ খোপনি দিব সি তাৰ হাতৰ তলুৱা আৰু আঙুলিকেইটাৰে ধুনীয়াকৈ বিশ্লেষণ কৰিও দেখুৱালে৷ বৰুণৰ কথা শুনি এই যাত্ৰাৰ মাত্ৰ এদিনৰ পূৰ্বে অনলাইন মাৰ্কেটৰ পৰা সৌভাগ্যক্ৰমে আহি ঘৰ পোৱা নিজৰ জোতাযোৰৰ ওপৰত মোৰ কনফিডেন্স ভালেখিনি বাঢ়ি গ’ল৷

হঠাতে আৱিৰ্ভাৱ ঘটা আমাৰ দলটোৰ সদস্যসকলক দেখি পৰম উৎসুকতাৰে স্থানীয় বিভিন্নজন লোক আগুৱাই আহিছে৷ পুৰুষসকলৰ প্ৰত্যেকৰে ডিঙিত ওলমিছে খাপৰ ভিতৰত লুকাই থকা একোখনকৈ ধাৰাল দা৷ হিন্দীতে কথা-বতৰা পাতি জানিব খুজিছে আমি ক’ৰ পৰা আহিছোঁ, ক’লৈ যাম, কি কাম৷ নিকেল, মাদা, জে.জে.হঁতে যোগসূত্ৰ স্থাপনত সহায় কৰিছে৷ ইফালে মৰসাহসী ফৰিদাবাদী বৰুণ আৰু দেৱিন্দৰে কৰিছে কি, অচিনাকি তাগিন মানুহৰ পৰা দা খুজি নিজৰ হাতত তুলি লৈছে৷ বিভিন্ন ভংগীমাত ফটো উঠাত ব্যস্ত হৈ পৰিছে৷ ডিজিটেল কেমেৰালৈ চাই মানুহকেইজনেও সিহঁতৰ সৈতে বেছ উপভোগ কৰিছে৷ দূৰৰ পৰাই উক্ত দৃশ্যৰাজি দেখি প্ৰদীপদা ইফালে ভীষণ চিন্তিত হৈ পৰিছে, আচিংমুৰি কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত৷ মাজে মাজে সতৰ্কীকৰণ শুনাইছে, ‘‘চাবি ভাই, আচিংমুৰি নহয় যাতে৷”

















(পৰৱৰ্তী খণ্ড - লিমেকিং)

Wednesday, 27 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
৯. চিয়ুম


অৰণ্যৰ অপসাৰণেৰে আচিংমুৰি এলেকাত নৈৰ পাৰত খলপ সৃষ্টিৰে কৰা খেতি-বাতি অলপ দেখা পালোঁ৷ পৰৱৰ্তী যাত্ৰাৰ বাবে মাদাই গাড়ীখন ষ্টাৰ্ট কৰিবৰ পৰতো লোমহৰ্ষক আচিংমুৰি কাণ্ডটোৱেই আমাৰ মাজত গম্ভীৰ আলোচ্য বিষয় হৈ থাকিল৷ আশ্বিং নামে অৰুণাচলত জনগোষ্ঠীয় মানুহ এখিনিও অৱশ্যে নথকা নহয়৷ আশ্বিংসকল আদি জনগোষ্ঠীৰ এটি শাখা-গোষ্ঠী৷ আদিসকলক পূৰ্বতে আবৰ বোলা হৈছিল৷ আবৰসকল কাৰো হকা-বধা নমনা বিধৰ পৰ্বতীয়া মানুহ৷ যেন অলপ বেছিকৈয়ে স্বাধীনচিতীয়া আৰু মুকলিমূৰীয়া স্বভাৱৰ! আদি, মিনিয়াং, পাদাম, পাছি, পাঙিন, তাগিন আদি বহু গোষ্ঠীত তেওঁলোক বিভক্ত৷ পাৰ্বত্য আদিবাসী এনেকুৱা বিভিন্ন গোষ্ঠীৰ মাজত অতীতত সময়ে সময়ে আক্রমণ-প্ৰত্যাক্ৰমণ, হত্যা-লুটপাটৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে কিতাপৰ পৃষ্ঠাত পঢ়িবলৈ পোৱা যায়৷ পলিটিকেল অফিচাৰ উইলিয়ামছন আৰু ডাক্তৰ গ্ৰিগৰছনকো পাদাম গোষ্ঠীৰ লোকে ঘপিয়াই হত্যা কৰিছিল৷ আনহাতে এইটো মন কৰিবলগীয়া যে ইংৰাজ চাহাব-পৰ্যটক ডেলহাউচি, বাট্‌লাৰ, ৰাওলাট, এমক্‌চ, ৰবিনছন, বেৰেচফোৰ্ড আদিয়ে পূৰ্বতে কৰি থৈ যোৱা মন্তব্য কিছুমানে আজিৰ তাৰিখত প্ৰাসংগিকতা নেহেৰুৱাকৈ থকা নাই৷

ভাত, দাইল, সিদ্ধ লাইশাক আদিৰে দিনৰ ভাতমুঠি উদৰস্থ কৰি দয়ম এৰাৰ আধা ঘণ্টামানৰ পাছতে ডাম্বা ভিলেজত উপস্থিত হ’লোঁ৷ ডাপ’ৰ পৰা ইয়ালৈ ৬০ কিল’মিটাৰমান হ’ব৷ ডাক্তৰ জ’তি নাল’ৱে সাজিব খোজা ৰিজ’ৰ্টৰ স্থান ইয়াতেই৷ কালি ৰাতি হোটেলত বহোঁতেই তেওঁ প্ৰসংগটো উলিয়াইছিল আৰু যাওঁতে চাই যাবলৈ অনুৰোধ কৰিছিল৷

২০১১ চনৰ পিয়ল অনুসৰি এই ক্ষুদ্ৰ গাঁওখনৰ লোকসংখ্যা ৯২৷ জয়ন্তদাৰ ইংগিতত এঢলীয়া ইউ টাৰ্ণ এটাতে গাড়ী দুখন থামিল৷ এফালে সৰ্পিলাকাৰ খলা-বমা পথ৷ আনফালে গভীৰ অৰণ্যৰ মাজত দীঘলীয়াকৈ জলপ্ৰপাত এটা নামি অহা দেখা গৈ আছে৷ তলেৰে ধাৱমান সোৱণশিৰিখন৷ সেউজীয়া পাহাৰবোৰৰ পৰিৱেষ্টনত সুন্দৰ ল’কেচন৷ সেইখিনিতে মূল পথটোৰ দাঁতিত টুৰিষ্ট হোটেল নিৰ্মাণ কৰিবলৈ ডাক্তৰ নাল’ই মাটি কটাইছে৷ মস্ত মস্ত ব’ল্ডাৰেৰে ঠাইডোখৰ ভৰ্তি হৈ পৰিছে৷ বিপৰীতফালৰ পৰা গোঁ-গোঁৱাই চুম’ এখন উঠি আহি ওচৰ পালে৷ আমাৰ দলৰ সকলোৱে কিছু পৰ তাতে অতিবাহিত কৰাৰ পাছত পুনৰ যাত্ৰাৰম্ভ হ’ল৷ নিৰ্মাণস্থলটো নিশ্চিতভাৱেই অতীব সুন্দৰ বুলি সকলোৱে একেমুখে শলাগিলে যদিও ডাপ’ৰ পৰা দূৰত্ব, পথৰ পয়ালগা অৱস্থা আৰু যোগাযোগ ব্যৱস্থাৰ সীমাবদ্ধতালৈ চাই জয়ন্তদা, অৰূপদা, প্ৰদীপদাহঁত সন্দিহান হৈ পৰিল৷

দিনৰ ঠিক ১২.৩০ বজাত আমি চিয়ুম পালোঁ৷ উজনি সোৱণশিৰি জিলাৰ ই এটা উন্নয়ন খণ্ড৷ ৪৭খন গাঁৱেৰে এইটো এটা ৰাজহ চক্রও৷ তালিহাৰ পৰা চিয়ুমলৈ দূৰত্ব ৪১ কিল’মিটাৰ৷ আনহাতে ডাপৰিজোৰ পৰা ইয়ালৈ ৮০ কিল’মিটাৰ৷ গুৰুত্বপূৰ্ণ কথা যে এই ঠাইতে একালত স্থানীয় লোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷

চিয়ুমৰ পৰা অৰুণাচল প্ৰদেশৰ সুন্দৰতম ঠাই মেনচুখালৈ ট্ৰেকিং কৰিব পাৰি৷ ইয়াৰ পৰা তালৈ পৰ্বতীয়া বাট আছে৷ দূৰত্ব ১৫০ কিল’মিটাৰ হ’ব৷ অন্যান্য শব্দৰ ক্ষেত্ৰত ইতিপূৰ্বে আমি মুখামুখি হৈ অহাৰ দৰে মেনচুখা শব্দটোৰো অসমীয়াত পৃথক পৃথক বানান পাওঁ৷ মেনচুকা, মেচুকা৷ চ-ৰ ঠাইত ছ, ক-ৰ ঠাইত খও প্ৰয়োগ হয়৷ কোনোবাই কয়, মূল শব্দটো মেনছুখাঁ (মেন-ছু-খাঁ অৰ্থাৎ ঔষধি গুণযুক্ত বৰফৰ পানী থকা অঞ্চল)৷ সি যি কি নহওক, অৰুণাচলৰ এভাৰেষ্টাৰ কেইজনমানৰ তৎপৰতাত মেনচুখালৈ ট্ৰেকিং এক্সপিডিচন এটাৰ আয়োজন চলি থকা বুলি যোৱা অক্টোবৰ মাহতে মোৰ হাতত খবৰ এটা আহি পৰিছিল৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৮২৯ মিটাৰ উচ্চতাত অৱস্থিত অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ উত্তৰ দিশত ভাৰত-চীন সীমান্তৱৰ্তী অতিশয় বিতোপন স্থান মেনচুখাত নৱেম্বৰ মাহৰ ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এড্‌ভেন্সাৰ এট্‌ মেনচুখা৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ সহযোগত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে উৎসৱটিৰ আয়োজন কৰিছে৷ তৃতীয়টো বৰ্ষৰ বাবে আয়োজিত এই উৎসৱৰ উদ্দেশ্য ৰাজ্যখনৰ দুঃসাহসিক ক্রীড়াক উজলাই তোলা৷ ৱে’ষ্ট চিয়াং জিলা প্ৰশাসন, মেনচুখা মহকুমা প্ৰশাসন, Centre for Cultural Research and Documentationএ ইয়াত সহযোগ কৰিছে৷ সমাৰোহত অন্তৰ্ভুক্ত কৰা হৈছে Power Propelled Gliders, Aero Modeling, Trap Shooting, Para/Hang Gliding, Mountain Biking, Rappelling, River Crossing, Rafting, Trekking, Kayaking, Micro light Aircrafts, Rock Climbing আদি দুঃসাহসিক ক্রীড়াসমূহ৷ লগতে Camping, Handicrafts আৰু Traditional Attires, Traditional Food, Adventure Films ইত্যাদিও থাকিব৷ বোধ হয় তাৰেই সৈতে সংগতি ৰাখি উক্ত পদচালনা৷ 

এড্‌ভেন্সাৰ ট্ৰেকিং আৰু দুৰ্গম পাবৰ্ত্য অঞ্চল ভ্ৰমণৰ নামত দীঘলীয়া সময়, প্ৰায় ২১ দিন ব্যয় কৰিবলৈ সাজু থকা প্ৰকৃতিপ্ৰেমী, সাহসী আৰু শক্তিশালী লোকৰ বাবে মেনচুখাৰ ট্ৰেকৰ মাদকতাই সুকীয়া৷ খৰস্ৰোতা চিয়ুমৰ পাৰে পাৰে কঠিনসাধ্য এই ট্ৰেকিঙত সফলতা লভিবলৈ হ’লে শাৰীৰিকভাৱে বিশেষ প্ৰকাৰে সক্ষম হোৱাটো এটা মন কৰিবলগীয়া দিশ৷ মানসিক প্ৰস্তুতিতো পূৰ্ণৰূপত লাগিবই৷ এইবোৰকে গুণাগঁথা কৰি থাকোঁতে ফৰাচী ঔপন্যাসিকা কলেটৰ কথা এষাৰ মনত খেলালে৷ তেওঁ কৈছিল… ‘প্ৰকৃত ভ্ৰমণকাৰী সেইগৰাকীহে যি খোজ কাঢ়ি ভ্ৰমণ কৰে আৰু মাজে মাজে বহি কিছু সময় জিৰণি লয়৷’ ইফালে উত্তৰ-পূবৰ অন্তিম পূবলৈ এপ্ৰিল মাহত কৰা সূৰ্যমুখী যাত্ৰাটোৰ সফল পৰিসমাপ্তিত মোৰ ভ্ৰমণসংগী অৰুণদাই (অৰুণ টেৰণ) ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ‘দেওবৰীয়া সম্ভাৰ’ত প্ৰকাশ কৰা ভ্ৰমণ কাহিনীত টীম মাৰ্ক’ পল’ৰ পৰৱৰ্তী লক্ষ্য মেচুকা বুলি ঘোষণা এটাও দি থৈছে৷ ভাবি ভাল লাগিল যে Ladakh with greenery বিশেষণেৰে জনাজাত মেচুকা বা মেনচুখাত এই পৰ্যন্ত উপস্থিত হ’ব পৰাগৈ নাই যদিও কাইলৈৰ পৰা আমাৰ এই যাত্ৰাটোও নিশ্চয় সেই জাতৰে হ’ব৷ এনেবোৰ ভাবনাকে বুকুত লৈ সন্মুখৰ বিশাল পৰ্বতবোৰৰ মাজৰ সেউজ-সতেজ উপত্যকাটোৰ নান্দনিক দৃশ্যপট গাড়ীৰ ভিতৰৰ পৰাই উপভোগ কৰি গৈ আছোঁ৷

ডাপৰিজোৰ পৰা নাচ্ছোলৈ এড্‌ভেন্সাৰপ্ৰেমীসকলে গাড়ীৰে ভ্ৰমি ভাল পাব বুলি আগতে কোনোবাই কোৱা শুনিছিলোঁ৷ এতিয়া এই দিশে নিজে আহি তাৰ প্ৰত্যক্ষ সোৱাদ ল’বলৈ পাইছোঁ৷ সন্মুখত ৰৈ থকাখিনিৰ বাবেও বুকুৰ ভিতৰত উত্তেজনা এটা ধাৰাবাহিকভাৱে বিৰাজমান হৈ আছে৷ উচ্চ হিমালয়ৰ দুৰ্গম অৰণ্য ভেদি সোৱণশিৰিখনেও নিজৰ দুৰ্বাৰ যাত্ৰা আমাৰ লগে লগে অক্ষুণ্ণ ৰাখিছে৷ সোৱণশিৰিক এৰি ইয়াত দেখিছোঁ, একো কথাই ভাবিব পৰা নাযায়৷

দুঃসাহসিক কাৰ্যকলাপৰ বাবে চিয়ুম উত্তম স্থান বুলি নাম আছে৷ এই ঠাইৰ প্ৰাকৃতিক অৱস্থান মনোমোহা৷ গাড়ীৰে ইয়ালৈকে আহি সোৱণশিৰিৰ পানীত ৰাফ্‌টিং কৰিব পাৰি৷ তদুপৰি স্থানীয় লোকসকলৰ কৰ্ম-পদ্ধতি দৰ্শন কৰিব পাৰি৷ জীয়াই থাকিবৰ বাবে কৰা পৰম্পৰাগত কৃষি-কাৰ্য এই স্থানবিলাকত আজিও বিদ্যমান৷ জুম প্ৰণালীৰে তেওঁলোকে যি ধৰণে খেতি কৰে তাক হেনো আনেও অনুকৰণ কৰিছে৷ কষ্টকৰ যদিও অনুৰূপ জলবায়ু আৰু ভৌগোলিক গঠনযুক্ত দেশৰ বিভিন্ন স্থানত তেনে উপায়েৰে খেতি কৰি সুফল পোৱা গৈছে বুলি শুনিছোঁ৷ ধান, কণীধান, গোমধান ইয়াৰ প্ৰধান শস্য৷ আলু, সৰিয়হ, ছয়াবিন, ৰহৰ, শাক-পাচলি, কুঁহিয়াৰ, আনাৰস আৰু আদাৰ খেতিও এই পাৰ্বত্য অধিবাসীসকলে কৰে৷

পৰ্বতৰ কোলাত অৱস্থিত এই ৰাস্তাটোত আমি পাৰ হোৱা প্ৰতিখন ঠাই৷ প্ৰাকৃতিক পটভূমিত মানুহৰ গ্ৰাম্যবসতি দূৰৰ পৰাই দেখা যায়৷ যেন একো একোখন অভিনৱ কাৰুকাৰ্যখচিত তৈলচিত্ৰ! এনে ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁওবোৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পূৰামাত্ৰাই সুযোগ-সম্ভাৱনা আছে বুলি মোৰ ভাব দৃঢ় হৈছে৷ আনফালে হুৰহুৰকৈ পৰি থকা সীমা-সংখ্যা নথকা জলপ্ৰপাতে ওৰে বাটটো আমাক মোহিত আৰু বিস্ময়াবিভূত কৰি পেলাইছে৷ প্ৰকৃতিৰ সেই আনন্দ দানৰ বিপৰীতে চৰকাৰী বিভাগৰ অকৰ্মণ্যতাৰ দিশটো বাৰুকৈয়ে উদঙাই দেখুৱাইছে পথৰ দুৰৱস্থাই৷ পথ পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থা একেবাৰে দুৰ্বিষহ৷ তেনেকৈয়ে আহ-যাহ কৰি আহিছে এই অঞ্চলবোৰৰ ৰাইজে৷ টাটা চুম’ই একমাত্ৰ পৰিৱহণ৷ ইফালে ম’বাইল টাৱাৰ নথকাত নে’টৱৰ্কৰ নটোও দেখিবলৈ নাই৷ ফলস্বৰূপে আমাৰো প্ৰত্যেকৰে হেণ্ডছেটবোৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি অথৰ্ব হৈ পৰি আছে৷ কাৰোবাৰ পকেটৰ ভিতৰত, কাৰোবাৰ আকৌ বেগৰ ভিতৰত৷ তৎসত্ত্বেও ভাল কথা এইটোৱেই যে অনাহুত ফোনকলে ভ্ৰমণৰ মজা নষ্ট কৰাৰ সাধ্য ইয়াত মুঠেই নাই৷

দয়মত ভাত খাই উঠাৰ পাছত যাত্ৰাৰ আৰম্ভণিতে আমি চিট সলাইছিলোঁ৷ সন্মুখৰ আসনত মাদাৰ কাষত মই বহিবলগীয়া হ’ল৷ মোৰ বাওঁকাষে জয়ন্তদা৷ এনে অৱস্থানৰ পৰা ফটো তোলাত তেনেই অসুবিধা৷ তথাপি সন্মুখৰ আইনাখনৰ মাজেৰেই দেখি থকা দৃশ্যবোৰলৈ কেমেৰা টোঁৱাই শ্বাটাৰ টিপি থাকিলোঁ৷ ফটো আৰু ভিডিঅ’ই সময়টো ধৰি ৰাখে, ধৰি ৰাখে দিনটোৰ ঘটনাক্রম আৰু দৃশ্যপটৰ সবিশেষ৷ সেই মুহূৰ্তত মনত ৰৈ নোযোৱা বহু তথ্য পাছত ওলাই পৰে৷ ফটো বেয়া হ’লেও সময়ৰ হিচাপ আৰু যাত্ৰাৰ সংগতিটো যাতে নেহেৰুৱাওঁ সেইবাবেই তেনে কৰি গ’লোঁ৷ জয়ন্তদাই খিৰিকীৰে দূৰ দিগন্তলৈ দৃষ্টি প্ৰসাৰিত কৰি আপোনমনে চাই চাই কিবা ভাবি গৈ থাকিল৷ 

বাটে বাটে এলেকাবিশেষে মানুহৰ নিৰল বসতি, চুবুৰী বসতি, সৰু গাঁও বসতি চকুৰ আগলৈ আহিছে৷ পাহাৰৰ গাঁওবোৰ সন্ধ্যাতে শুই পৰে৷ পুৱাৰ প্ৰথম চৰাইটোৰ মাততে জাগি উঠে৷ দিনটোৰ কাম-কাজ সোনকালেই আৰম্ভ হৈ যায়৷ ইয়াৰ গ্ৰাম্য জনবসতি বিক্ষিপ্ত আৰু ৰৈখিক জনবসতি৷ পৰ্বতীয়া উপত্যকাবোৰ সংকীৰ্ণ হোৱা হেতুকে এনে ঠাইৰ গ্ৰাম্য জনবসতি দীঘলীয়াকৈ বিস্তৃত৷ নদীৰ পাৰৰ ঠেক, ওখ অংশতো এনে গ্ৰাম্য জনবসতি গঢ়ি উঠিছে৷ ঠায়ে ঠায়ে আলিবাটৰ তেনেই কাষে কাষে ঘৰবোৰ৷ পাহাৰৰ টিঙত পাতলকৈ হ’লেও বৃত্তৰ দৰে চাৰিওফালে মানুহৰ বসতি লক্ষ্য কৰিছোঁ৷ মাজে মাজে সোৱণশিৰিৰ দুই কূল সংযোগী ধেনুভিৰীয়া সাঁকো একোখনৰ উপস্থিতি৷ দৃশ্যটো নিঃসন্দেহে অনেক সুন্দৰ৷ পিছে মূল কথা হ’ল, দুৰ্গম অঞ্চলৰ সেই অজান জনপদত উপস্থিত হ’বলৈ হ’লে অৰণ্যৰ মাজেৰে খৰস্ৰোতা নৈখনৰ অশান্ত ঊৰ্মিমালাৰ ওপৰেৰে নিশ্চয় অতি সাৱধানে পাৰ হ’ব লাগিব৷ ইফালে ওপৰৰ পৰা নামি অহা নিজৰাৰ পানী ফালি কেইবাটাও কেঁকুৰিও সংযমেৰে আমি অতিক্ৰম কৰি আহিছোঁ৷ স্থিৰ কথা এইটোৱেই হ’ব যে পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত জলস্তৰ বাঢ়িলে তেনেকুৱা এলেকাবোৰে দুৰ্নিবাৰ ৰূপ ধৰি হৈ পৰে একো একোখন মৰণ ফান্দ৷ হ’লেও ইয়াৰ মানুহবোৰে বাধা-বিপত্তিৰ মাজতো হাৰি নগৈ সাহসেৰে কালাতিপাত কৰি আহিছে, প্ৰকৃতিৰ ভৰপূৰ দানেৰে ধন্য হৈ৷ মুক্ত জীৱন, দৈনন্দিনতো যেন পদে পদে এডভেন্সাৰ! ভাবি চালে কিবা হিংসাহে লাগে দেখোন!






(পৰৱৰ্তী লেখা - নাচ্ছো)