Wednesday, 13 April 2016

দিন দুই৷৷ ১.১১.২০১৫
১৪. ডাপৰিজোৰ ইফালে-সিফালে



ডাপৰিজোলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ দুটা৷ এক. কিমিন গে’টেৰে জিৰো হৈ আহিব পাৰি৷ দুই. লিকাবালি গে’টেৰে বাছাৰ হৈও পাৰি৷ চৰকাৰী বাছ সেৱা খুব কম হোৱা হেতুকে গাড়ীবোৰ যাত্ৰীৰে ঠাহ খাই পৰা দেখা যায়৷ ব্যক্তিগত গাড়ী ভাড়া কৰি লগত স্থানীয় লোক লৈ লোৱাটোৱে ভ্ৰমণকাৰীৰ বাবে উত্তম পন্থা৷ আমাৰ সৈতে এতিয়া নামধাৰী গাইড নাই যদিও ডাপৰিজোৰ পৰা আগৰছোৱাত থলুৱা মানুহ এজন লগত থাকিব বুলি যাত্ৰাটোৰ মূল ব্যৱস্থাপক জয়ন্তদাই ইতিমধ্যে সদৰি কৰিছে৷

ডাপৰিজোৰ পৰা আলো (ৱে’ষ্ট চিয়াং জিলাৰ সদৰ ঠাই, পূৰ্বতে আলং বোলা হৈছিল) অভিমুখী পথেৰে ৭ কিল’মিটাৰ গ’লে সোৱণশিৰি নৈৰ ওপৰত পোৱা যায় এখন লোৰ দলং৷ সোঁহাতে ঘূৰি দলঙৰ ওপৰেৰে নদীখন অতিক্ৰম কৰি মাৰে, তিৰবিন, বামে হৈ আলোলৈ৷ পোনে পোনে গৈ থাকিলে তালিহা, চিয়ুম, নাচ্ছো, লিমেকিঙলৈ৷ পাহাৰী ৰাস্তাৰে আমি পোনে পোনে যাবগৈ লাগিব৷

ডাপৰিজোৰ পৰা ২২ কিল’মিটাৰ উত্তৰে, তালিহাৰ দিশে, সোৱণশিৰি আৰু মেংগা নৈৰ সংগম স্থলীত মেংগা মন্দিৰ নামে এটা মন্দিৰ আছে৷ সুন্দৰ স্থানত অৱস্থিত এইটো এটা প্ৰাকৃতিক গুহা৷ ভগৱান শিৱৰ প্ৰতি উছৰ্গা কৰা হৈছে এই মেংগা গুহা মন্দিৰ৷ কিংবদন্তি অনুসৰি ৫,০০০ বছৰৰ পূৰ্বে এই গুহা নিৰ্মাণ কৰা হৈছিল৷ ১৯৬২ চনত ইয়াক আৱিষ্কাৰ কৰা হয়৷ ইয়াত দুটা সুৰংগ আছে৷ গুহাটোৰ পিছফাল আৰু বাঁওফালৰ দেৱালত সুৰংগকেইটা দেখা যায়৷ পিছফালৰ দেৱালখনত প্ৰায় ১.৮ মিটাৰ উচ্চতাত থকা খটখটিৰ পৰা আৰম্ভ হৈছে প্ৰথমটো সুৰংগ৷ ইয়াৰ মুখখন ডাঙৰ যদিও ভিতৰলৈ ক্রমাৎ সৰু আৰু অন্ধকাৰ৷ বগুৱা বাই এজন মানুহ সোমাই যাব পাৰে৷ মাজে মাজে তিনি-চাৰিজন মানুহ একেলগে থিয় হ’ব পৰাকৈ বহল স্থান আছে৷ বাঁওহাতে থকা দ্বিতীয়টো সুৰংগ গুহাটোৰ সম্প্ৰসাৰিত অংশ যেন বোধ হয়৷ মজিয়াৰ পৰা চিলিং পৰ্যন্ত এইছোৱাত গুহাটোৰ উচ্চতা প্ৰায় ০.৯ মিটাৰ৷

এটা শান্ত-সৌম্য প্ৰাকৃতিক পৰিৱেশত এই শিৱ মন্দিৰটো এটি অগ্ৰগণ্য আকৰ্ষণ যি দৰ্শনকাৰীৰ মন-প্ৰাণ সতেজ কৰি তোলে৷ পাহাৰৰ শীৰ্ষত ৰাজকীয়তাৰে প্ৰতিষ্ঠা কৰা মন্দিৰটো চাবলৈ খটখটিৰে ৩০০ ফুট আৰোহণ কৰিব লাগে৷ ইয়াৰ নিৰ্জন-নিজঞ্জাল পৰিৱেশত আন্তৰিক আৰাধনাৰ সৈতে প্ৰাকৃতিক সৌন্দৰ্যৰ মিশ্ৰণ অনুভৱ আৰু দৰ্শন কৰা যায়৷ মন্দিৰটোৰ দেৱালত পুৰণি সংস্কৃত লিপি খোদাই কৰি থোৱা হৈছে৷ মকৰ সংক্রান্তি আৰু শিৱৰাত্ৰিত ইয়াত অসংখ্য ভক্তপ্ৰাণ লোকৰ সমাৱেশ ঘটে৷ ডাপৰিজোৰ পৰা গাড়ীৰে এই ঠাইলৈ অনায়াসে যাব পাৰি৷ ওপৰৰ পৰা দেখা চৌপাশৰ দৃশ্যাৱলী শ্বাসৰুদ্ধকৰ৷ মেৰ খাই থকা পাহাৰৰ লানি, সেউজ বনাঞ্চল, পাহাৰৰ মাজে মাজে পৰি থকা বগা ফিটাসদৃশ চকমকীয়া নৈ, উচ্চতাৰ পৰা নামি অহা নিজৰাৰ খলখলনি, আকাশ, ডাৱৰ আদিয়ে মিলি মৰ্ত্যতে যেন সৰগ ৰচে! 

এই মন্দিৰ ব’ৰ্ডাৰ ৰ’ড্‌ছ টাস্ক ফ’ৰ্চ (বি.আৰ.টি.এফ.)ৰ দ্বাৰা প্ৰতিষ্ঠিত৷ আনহাতে ইয়াৰ ওচৰে-পাজৰে থকা পৰ্বতীয়া গুহা আৰু গাঁওবোৰো এদিনীয়া খেপৰ যাত্ৰীৰ বাবে আনন্দপ্ৰদায়ক আৰু কৌতূহলোদ্দীপক৷ গুহা মন্দিৰ এলেকাৰেই বৈ গৈছে সোৱণশিৰিৰ এখন উপনৈ৷ ছিপি নামৰ উপনৈখনক কেন্দ্ৰ কৰি মাইক্র’ হাইডেল প্ৰজেক্ট এটাও গঢ়ি উঠিছে৷ মেংগা অঞ্চলত চূণশিল, তালিহা অঞ্চলত গ্ৰেফাইট আদি পোৱা যায়৷

এইটো এটা গুৰুত্বপূৰ্ণ কথা যে ভাৰতবৰ্ষত পোৱা ১৫টা গভীৰ গুহাৰ ভিতৰত ১২টাই আছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পাৰ্বত্য ৰাজ্য মেঘালয়ত৷ আনহাতে, ভাৰতবৰ্ষত পোৱা ১৫টা দীঘল গুহাৰ ভিতৰতো ১৪টাই আছে মেঘালয়তে৷ বিপৰীতে, অৰুণাচলৰ পাহাৰত গুহাৰ অৱস্থিতি সম্পৰ্কে আগেয়ে জনা নাছিলোঁ৷ মেংগা গুহা মন্দিৰৰ সূত্ৰৰেহে এই যাত্ৰাত জানিবলৈ পালোঁ৷

গুহাত সোমোৱাৰ বেলেগ এটা আনন্দ আছে৷ এই পৰ্যন্ত জীৱনত মই মাথো চাৰিটা গুহাত সোমাই পাইছোঁ৷ নেপালৰ পোখৰাৰ মহেন্দ্ৰ কে’ভ আৰু গুপ্তেশ্বৰ কে’ভ, মেঘালয়ৰ চেৰাপুঞ্জীৰ মাউচমাই কে’ভ আৰু অসমৰ নগাঁও জিলাৰ কন্দলী পাহাৰৰ বাদুলী খোৰোং৷ সদ্যহতে অৰুণাচল প্ৰদেশৰ গুহাত সোমোৱাৰ সুযোগ ওলোৱালৈ ক্ষণ গণি আছোঁ৷ দলটোৰ বাকী সদস্যসকলৰ এই দিশত ভ্ৰূক্ষেপ নথকাটো লক্ষ্য কৰিছোঁ৷ পোনে পোনে গৈ থকাতহে সকলোৱে গুৰুত্ব আৰোপ কৰিছে৷

সোৱণশিৰিৰ পাৰে পাৰে ডাপৰিজোৰ পৰা নাচ্ছোলৈ মটৰেৰে কৰা যাত্ৰা অতিশয় উত্তেজনাদায়ক বুলি শুনা পাইছোঁ৷ দুঃসাহসিক ভ্ৰমণকাৰীৰ বাবে এই যাত্ৰা সদায়েই হেনো লোভনীয়৷ কথাটো জানি ভাল লাগি গৈছে৷ জলক্রীড়া আৰু অন্য দুঃসাহসিক কাৰ্যকলাপৰ বাবে এই এলেকাটোৰ প্ৰাকৃতিক গঠন অত্যন্ত উপযোগী৷ সঁচাৰ্থত ক’বলৈ গ’লে দুঃসাহসিক ক্রীড়াৰ বিভিন্ন শাখা যেনে হাইকিং, ট্ৰেকিং, ৰক্‌ ক্লাইম্বিং, মাউণ্টেইনিয়াৰিং, ৰাফটিং, এংলিং, ব’টিং আদিৰ বাবে এইটো বাটত আদৰ্শ স্থানৰ অভাৱ নাই৷ কেইবাটাও ট্যুৰ অ’পাৰেটৰে এই বাটে ভ্ৰমণ কৰাত ভ্ৰমণকাৰীলৈ সহায়তা আগ বঢ়ায়৷ অনাৱিষ্কৃত ট্ৰেইল আৱিষ্কাৰ কৰিব বিচৰা মানুহে স্থানীয় জনজাতীয় লোকৰ সাহায্যত নিৰ্ভয়ে আগ বাঢ়িব পাৰে৷ আনহাতে ৰাফটিঙৰ বাবে সংখ্যাত তাকৰ যদিও ট্ৰেভেল এজেণ্ট, গাইড আদিৰ পৰামৰ্শ পোৱা যায়৷ নাচ্ছোৰ পৰা সোৱণশিৰিৰ নিম্ন অংশলৈ ৰাফটিং কৰাৰ লগতে সোৱণশিৰি আৰু ইয়াৰ উপনৈসমূহত এংলিং, ব’টিং কৰিবলৈ বিদেশৰ পৰাও হেনো ইয়ালৈ সৌন্দৰ্যপিপাসু আৰু দুঃসাহসিক মনোবৃত্তিৰ মানুহ আহে৷ সেইদৰে তালিহা, চিয়ুম, নাচ্ছো আৰু দাঁতি-কাষৰীয়া গাঁও কিছুমানলৈ ট্ৰেকিং কৰিব পাৰি৷ এই ঠাইসমূহত কৰা এংলিং আনন্দদায়ক৷ এনেকৈ ধৰা মাছ স্থানীয় লোকে পৰম্পৰাগত পদ্ধতিত ৰান্ধি ভ্ৰমণকাৰীক আগ বঢ়াবলৈ আগ্ৰহী হৈ ৰয়৷ অভ্যাগতসকলে স্থানীয় বজাৰত থলুৱাভাৱে নিৰ্মিত বাঁহৰ সামগ্ৰী আৰু হাতে বোৱা কাপোৰো অনায়াসে ক্রয় কৰিব পাৰে৷

(পৰৱৰ্তী খণ্ড – তাল’ হোটেলত নিশাটো ৰ’লোঁ)

No comments:

Post a Comment