Sunday, 17 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
১. ডাপ’ৰ কোমল মিঠা পুৱাটি



পুৱা সোনকালে শুই উঠাটো মোৰ দীৰ্ঘদিনীয়া অভ্যাস৷ প্ৰাতঃকাৰ্য সমাপনৰ পাছতে নিয়মীয়াকৈ এপাক খোজ কঢ়া হয়৷ অভ্যাস সলনি নহ’ল৷ জনৈক চিন্তাশীল লোকে এঠাইত লিখা কথা এটা এবাৰ পঢ়িবলৈ পাইছিলোঁ৷ খোজ কাঢ়ি থাকোঁতেই বোলে যতসব মহৎ চিন্তা কৰা হয়৷ চিন্তাত মহতালি কিবা থাকক নাথাকক, অভ্যাসৰ বশৱৰ্তী হৈয়ে আজিও পুৱা ৪.৩০তে সাৰ পাই গ’লোঁ৷ আপোনা-আপুনি৷ যাক কোৱা যায় নেচাৰেল এলাৰ্ম!

বাহিৰত তেতিয়া আন্ধাৰ আৰু পোহৰৰ শেষযুঁজখন চলিছে৷ ইফালে কাৰো সৈতে চা-চিনাকি নথকা নতুন ঠাই৷ কেনি কি আছে একো গমেই নাপাওঁ৷ গতিকে ঘপহকৰে মুকলিলৈ ওলাই যাবৰ সত নগ’ল৷ তিনি মহলাৰ ওপৰৰ পৰাই খিৰিকীৰ কাঁচৰ মাজেৰে তললৈ জুপি চালোঁ৷ দেখোঁ যে আমাৰ গৃহ-চহৰ ডিফুৰ দৰেই ইয়াতো মানুহ কিছুমানে দোকমোকালিতে যেনি-তেনি মৰ্নিং ৱাক কৰিছে৷ কিছুমানে নীলা ৰঙৰ ট্ৰেকচুট পিন্ধি দৌৰিছে৷ ভাল লাগিল পুৱাৰ নিৰ্মল-কোমল পৰিৱেশটো৷

নিত্যকৰ্ম সমাপনৰ অন্তত কালক্ষয় নকৰি শ্লীপিং বেগ সামৰি ময়ো উৎসাহেৰে ওলাই আহিলোঁ৷ ডিঙিত নিকন কুলপিক্স পি ৬১০ কেমেৰাটো ওলোমাই লৈছোঁ৷ বাহিৰখন তেতিয়ালৈ মণিব পৰা হৈছেগৈ৷ ঠাণ্ডা সিমান এটা অনুভৱ হোৱা নাই৷ গতিকে ৱিণ্ড ছিটাৰটোৱেই যথেষ্ট হ’ব বুলি গাত সুমুৱাই লৈছোঁ৷ কালি ৰাতি আমি অহা মূল পথটোকে নিৰ্বাচন কৰি অকলেই পদচালনা আৰম্ভ কৰি দিলোঁ৷

ডাপৰিজোক চমুকৈ ডাপ’ বুলিয়ে কোৱা হয়৷ স্থানীয় মানুহে, মাদা-জে.জে.হঁতেও তেনেকৈ কয়৷ ডাপ’ৰ ৰাস্তা বৰ ভাল নোবোলাই শ্ৰেয়ঃ৷ হোটেলৰ পৰা ওলাই সোঁহাতে ছাল-বাকলি কেতিয়াবাই উঠি যোৱা চহৰৰ মাজৰ ৰাস্তাটোৰে খোজ দিছোঁ৷ মাজে মাজে ভগা-ছিগা, মাজে মাজে অকণমান ভাল৷ আচলতে খোজ কাঢ়ি ফুৰিলেহে ৰাস্তাৰ অৱস্থা অনুধাৱন কৰাৰ উপৰি ঠাই চিনাকিও ভালকৈ হোৱা যায়৷ অদূৰত দেখা গৈ থকা পৰ্বতৰ শিখৰবোৰ কুঁৱলীয়ে ঢাকি ৰাখিছে৷ বৰষুণ নোহোৱাত গছ-গছনিবোৰৰ ওপৰত ধূলিৰ অত্যাচাৰ চৰিছে৷ লাহে লাহে চহৰখনে সাৰ পাই উঠিছে৷ মানুহ ওলাইছে, গাড়ী-মটৰ দুই-এখন চলিছে৷ ষ্ট্ৰীট লাইটবোৰ নুমুৱাই নাই অৱশ্যে৷

খৰ গতিৰে অকলে অকলেই বহুদূৰ আগুৱাই গ’লোঁ৷ ঘূৰি আহোঁতে অল তাগিন ষ্টুডেণ্টছ ইউনিয়নৰ সৌজন্যত বাটৰ কাষত থিয় কৰাই ৰখা টাউন মেপ অৱ ডাপৰিজোখনৰ ওচৰত দুভৰি স্থিৰ হৈ গ’ল৷ মনোযোগেৰে লক্ষ্য কৰিলোঁ তাত কি আছে৷ স্নেপ এটাও লৈ থ’লোঁ ব’ৰ্ডখনৰ, পাছত কেতিয়াবা ক’ৰবাত কিবা কামত আহিব পাৰে বুলি৷

পাক মাৰি ঘূৰি আহি হোটেলৰ সন্মুখ পাইছোঁহি৷ তেনেতে চুম’খন লৈ ড্ৰাইভাৰ মাদা হাজিৰ হ’লহি৷ মোক দেখি ড্ৰাইভিং চিটৰ পৰাই সি হাঁহিলে৷ হাত এখনো দাঙিলে৷ আমি এতিয়া আৰু অচিনাকি হৈ থকা নাই৷ ময়ো হাঁহিৰেই তাক সম্ভাষণ জনালোঁ৷ সোঁহাতখন আপোনা-আপুনি ওপৰলৈ উঠি গ’ল৷ এক্সপাৰ্টৰ কায়দাৰে গাড়ীখন সি ঘূৰাই প্লেছ কৰিলে৷ তাৰ পাছত দৰজা মাৰি মোৰ কাষ চাপিলহি৷ পোনছাটেই মই তাক চাহৰ প্ৰস্তাৱ দি দিলোঁ৷ খোজেৰে গৈ দুয়ো নাতিদূৰৈৰ হোটেল এখনত সোমাই পৰিলোঁ৷ বেঞ্চত বহি লৈ কথা পাতি পাতি পুৰি আৰু চাহ খাব ধৰিলোঁ আমি দুটাই৷

হাৰমতীৰ ফালৰ বেংগলী মানুহৰ দোকান৷ পৰিয়ালটোৰ পুৰুষজনে খাদ্য প্ৰস্তুত কৰে, মহিলাগৰাকীয়ে বাচন-বৰ্তন ধোৱে, ছোৱালীয়ে দিয়া-থোৱা কৰে৷ সোধা-পোছা কৰি বুজি পালোঁ যে মূল মানুহজনে ডাপ’ত ইতিমধ্যে ৩৫টা বসন্ত অতিক্রম কৰিছে৷ কাঠেৰে নিৰ্মিত দোকান-ঘৰটোৱেও পুৰণি স্মৃতিকে দোহাৰিলে৷ ‘‘৩৫ বছৰৰ আগৰ ডাপৰিজোখন কেনেকুৱা আছিল বাৰু? ৰাস্তা-ঘাটবোৰ?’’ কৌতূহল দমাব নোৱাৰি গৰাকীক প্ৰশ্নটো কৰিয়ে পেলালোঁ৷ সিফালৰ পৰা দিয়া উত্তৰবোৰ কাণেৰে শুনি থকাৰ সমানে সমানে কল্পনা ৰাজ্য এখনত ক্ৰমান্বয়ে মই সোমাই যাব ধৰিলোঁ৷ আহি আহি ২০১৫ বৰ্ষত এই ঠাইখনত নিজে পদাৰ্পণ কৰাৰ সৌভাগ্যকণ হ’ল যেনিবা৷ নিজৰ জীৱনৰ টুৰিষ্ট মানচিত্ৰত ডাপৰিজো নামটো নকৈ সংযুক্ত হ’ল৷ তাৰ আনন্দতেই যেন মাদাৰ সৈতে এই বিশেষ পুৱাটোত এই সামান্য চেলিব্ৰেচন, লালচাহ-পুৰি-তৰকাৰীৰে!

কথা পাতি পাতি খোজ কাঢ়ি হোটেললৈ আহি আছোঁ৷ সোৱণশিৰিৰ অৱস্থানক লৈ মনটোত অপাৰ কৌতূহল এটাই বিৰাজ কৰি আছে৷ মেপখনত সোৱণশিৰিৰ ছবি বা অৱস্থান দেখিছোঁ যদিও মুখে মুখে জানিবৰ ইচ্ছা গ’ল, ইয়াত সোৱণশিৰি নৈখন কোনফালে আৰু কিমান দূৰত আছে৷ সেয়ে তৎক্ষণাৎ মাদাক সুধিয়ে পেলালোঁ৷ জ্বলি থকা চিগাৰেটটো ফাঁকত লৈয়েই দক্ষিণ দিশলৈ আঙুলি দুটা টোঁৱাই মাদাই ক’লে, ‘‘উধৰ৷ জ্যাদা দূৰ মে নেহী হ্যায়৷’’ ৰৈ থাকিব নোৱাৰি প্ৰস্তাৱ দি দিলোঁ নৈখন এবাৰ চাই অহাৰ৷ ‘‘আজি আমি সোৱণশিৰিৰ পাৰে পাৰেই গৈ থাকিম৷ কিমান চাব?’’ এইবুলি সি কথাটো সম্ভৱ তল পেলাব খুজিছিল৷ পিছে মই নেৰিলোঁ৷ আঁকোৰগোজ হৈ পৰাত সিও মান্তি নহৈ নোৱাৰিলে৷ আকৌ এটা চিগাৰেট জ্বলাই লৈ হোটেলৰ সন্মুখেদিয়ে পাৰ হৈ পুলিচ পইণ্টত সোঁহাতে ঘূৰি খৰ খোজেৰে মোক বাট দেখুৱাই লৈ গ’ল সি৷

ডাপৰিজো গভৰ্ণমেণ্ট কলেজৰ কাষেৰে আমি দুটা আগ বাঢ়িছোঁ৷ আগত খেলপথাৰ এখন৷ সিফালে গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল৷ ল’ৰা-ছোৱালী কিছুমানে ফুটবল খেলি আছে৷ কিছুমানে আশে-পাশে দৌৰাদৌৰি, শাৰীৰিক ব্যায়াম ইত্যাদি কৰি আছে৷ তাৰ কাষেৰেই সৰু ৰাস্তাটো আগুৱাইছে৷ গ’লপ’ষ্টলৈ মাৰি পঠিওৱা বলটো হঠাতে আমাৰ ফালে আহিলত কিক্‌ মৰাৰ সুযোগ এটা আচম্বিতে পাই গ’লোঁ৷ ফিল্ড আৰু ফুটবল, দেখিলে ৰ’ব নোৱাৰি৷ পুৰণি বেমাৰ৷ নিবিচৰাকৈয়ে তাকে পাই যোৱাত পুৱাতে মনটো উৎফুল্লিত হৈ পৰিল৷

১০ মিনিটমান খোজ কঢ়াৰ অন্তত সোৱণশিৰিৰ তীৰত উপস্থিত হ’লোঁগৈ৷ ঠাইখিনিৰ নাম পাকাম কল’নী৷ সেইখিনিতে ওলোমা দলং এখনৰ অৱস্থিতি৷ ওখ দলংখনৰ শীৰ্ষত লিখা আছে ‘তাদাক দুলম চম’৷ ওপৰৰ অংশটো দূৰৰ পৰাই দেখা পোৱা যায়৷ এইখনৰ ছবিকে অলপদিনৰ আগেয়ে গুগলত ভুমুকিয়াওঁতে পাইছিলোঁ৷ ডাপ’ৰ কোমল মিঠা পুৱাটিক মহীয়ান কৰি এতিয়া স্বয়ং বিৰাজমান, আমাৰ মুখৰ আগত!






(পৰৱৰ্তী খণ্ড - তাদাক দুলম চম)

No comments:

Post a Comment