Friday, 24 April 2020

৫.৮  আনিনি ৫৪


পৰ্বতৰ এটা ঢালত পাক মাৰি আছোঁ ৷ লক্ষ্য সিটো ঢাল ৷ দেখা গৈ আছে যদিও নাপাওঁহে নাপাওঁ ৷ একে ঠাইতে ঘূৰি থকা পানী পৰুৱাহে যেন আমিকেইটা ! ডিবাংখনে তলফালে পুনৰবাৰ দৰ্শন দিলে ৷ অ’, এইবেলি দেখোন ৰংটো বেলেগ হ’ল ! আগৰ দৰে নীলা-সেউজীয়া নহয় ৷ কুমলীয়া কলপাতৰ বৰণ ধৰিলে ৷ কেনেকৈ সম্ভৱ ? অনামী উত্তেজনা এটাৰো দেহে-মনে পুনৰ্জাগৰণ ঘটি গ’ল ৷ ৩৫ বছৰমানৰ আগতে গেংটকলৈ যাওঁতে ৰাষ্ট্ৰীয় পথৰ কাষে কাষে বৈ যোৱা তিস্তাৰ ৰংটোও এনেকুৱাই দেখা মনত পৰে ৷ এতিয়া কি ৰূপত আছে গম নাপাওঁ ৷

ভালেমান দূৰত পৰুৱাৰ দৰে শাৰী পাতি গতিত গৈ থকা বগা গাড়ীকেইখনমান মুহূৰ্তৰ বাবে দৃশ্যমান হৈছে ৷ কেইখননো আছে ? হিচাপ কৰিব খুজিও বাৰে বাৰে বিফল হৈছোঁ ৷ কেঁকুৰিবোৰৰ বাবে ৷ একেবাৰতে দেখাই নগৈছে গোটেইখিনি ৷ হিচাপ কৰোঁ, আকৌ খেলিমেলি হয় ৷ আন্দাজ ১০খনমান হ’ব লাগে ৷ শ্ৰী পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ যি আকাশ-পথেৰে নাহি স্থলপথেদি বাট বুলিছে আনিনিলৈ ৷ আমাতকৈ বহুত আগত আছে মুখ্য মন্ত্ৰীৰ কনভয়টো ৷

বহল পকা ৰাস্তাত গান শুনি শুনি একেৰাহে ২০ মিনিটমান অবিৰাম আৰামত চলি আছিলোঁ ৷  পিছে কি হ’ব, এয়া পুনৰবাৰ দুৰৱস্থা সন্মুখত উপস্থিত ৷ প্ৰস্তৰ যুগৰ অঞ্চল এটাতহে যেন প্ৰৱেশ কৰিবলৈ লৈছোঁ, আৰম্ভণিটো দেখি এনে লাগিল ৷ আগ বাঢ়ি গৈয়ে যি বুজিলোঁ, ৰাস্তাটো যথেষ্ট ঠেক আৰু ভগা-ছিগা ৷ এৰা-বাট যেনহে লাগিছে ৷ য’তে-ত’তে পানীৰ ডোঙা ৷ বোকাও আছে মাজে মাজে ৷ হাবি-জংঘলবোৰ ওচৰ চাপি আহিল ৷ পাদদেশেৰে ঘোপ মৰা অঞ্চল ৷ এটোপ দুটোপ বৰষুণ পৰিছে ৷

অৰণ্য নে বৰ্ষাৰণ্য ? কি হ’ব পাৰে ? কৌতূহলী মনলৈ প্ৰশ্ন কিছুমান আহিলেই ৷ অৰণ্যত একেটা প্ৰকাৰৰে গছ-গছনি থাকে, বৰ্ষাৰণ্যত বিবিধ প্ৰকাৰৰ উদ্ভিদৰ বসতি ৷ বৰষুণৰ পৰিমাণ অৰণ্যতকৈ বৰ্ষাৰণ্যত বেছি ৷ অৰণ্য বেলেগ বেলেগ জলবায়ুত বৰ্তি থাকে, বৰ্ষাৰণ্য থাকে উষ্ণ অথবা সেমেকা জলবায়ু প্ৰভাৱিত অঞ্চলত ৷ অৰণ্যৰ গছ-গছনিয়ে খাদ্য-বস্তু শিপাত সঞ্চয় কৰি ৰাখে, বৰ্ষাৰণ্যত এই সঞ্চয় মাটিত হয় ৷ পৃথিৱীৰ প্ৰাণীকুল আৰু উদ্ভিদকুলৰ ৫০ শতাংশৰে বসতি বৰ্ষাৰণ্যত ৷ গতিকে বৰ্ষাৰণ্য ধ্বংস কৰা মানে প্ৰত্যক্ষভাৱে এই দুইবিধৰে বাসস্থানৰ ক্ষতিসাধন ৷ কাগজ, চক্‌লেট্‌, ৰবৰ, ঔষধ ইত্যাদিসমূহ বৰ্ষাৰণ্যই আমাক দিয়া কেতবোৰ পণ্যৰ উদাহৰণ ৷ বৰ্তমান ঘটি থকা বন ধ্বংসযজ্ঞৰ অধ্যয়নৰ ভিত্তিত আজিৰ ধাৰণাবোৰ প্ৰতিষ্ঠিত ৷ খবৰত পাইছিলোঁ যে আগন্তুক ১০০ বছৰত বনাঞ্চল বিলুপ্ত হ’ব ৷ গতিকে মানুহৰ প্ৰয়োজনীয় বনজাত পণ্যসমূহলৈকো বিভীষিকা নহাকৈ নাথাকিব ৷

কিতাপ-কাকতৰ কথাবোৰকে একান্তমনে পাগুলি পাগুলি হেলেং-পেলেংকৈ গৈ আছোঁ ৷ মাজে মাজে আনমনা হৈ পৰোঁ ৷ গমি চাইছোঁহে চাইছোঁ, কোনফালে উঠিবগৈ লাগিব একো উৱাদিহ পৰা নাই ৷ ৰাস্তাটো অন্য ফালেদি নিৰ্মাণ হ’লে এই এলেকাবোৰ ধ্বংসৰ পৰা বাচি যাব ৷ তাকেহে কামনা কৰি আছোঁ গোপনে ৷

বৰ্ষাৰণ্যই বতাহত জলীয় বাষ্প এৰি দিয়ে ৷ ফলত বৃষ্টিপাত হয় ৷ তেনেকৈয়ে জল-চক্রই সমতা ৰক্ষা কৰি থাকে ৷ বৰ্ষাৰণ্যই উচ্চ হাৰত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে ৷ বনাঞ্চল ধ্বংস হ’লে বৃষ্টিপাতৰ তাৰতম্য ঘটে ৷ বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ বৃদ্ধি পায় ৷ মানৱ সমাজৰ বাবে এইবোৰ অত্যন্ত ক্ষতিকাৰক ৷ সেয়ে বৰ্ষাৰণ্যক ‘পৃথিৱীৰ হাঁওফাঁও’ বুলি কোৱা হয় ৷ আমি যদি আমাৰ শ্বাস-প্ৰশ্বাসৰ প্ৰক্রিয়াটো স্বাভাৱিক কৰি ৰখাটো বিচাৰোঁ, হীন-ডেঢ়ি হোৱাটো অকণো নিবিচাৰোঁ, তেনেহ’লে পৃথিৱীকো মুক্তভাৱে উশাহ-নিশাহ ল’বলৈ দিব লাগিব ৷ ‘গছ থাকিলেহে মানুহ থাকিব’ কথাষাৰ প্ৰণিধানযোগ্য ৷

এইটো বৰ্ষৰে জানুৱাৰীত প্ৰকাশিত ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদন ২০১৯ অনুসৰি দেশত বন আৱৰণ পূৰ্বৰ তুলনাত ০.৫৬ শতাংশ বৃদ্ধি পাইছে যদিও উত্তৰ-পূৰ্বাঞ্চল আৰু জনজাতি অধ্যুষিত এলেকাত আগতকৈ হ্ৰাস হৈছে ৷ ইয়াৰ ফলত জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে ৷ আনহাতে দেশৰ সৰ্বাধিক বনাঞ্চলিক এলেকা হিচাপে মধ্যপ্ৰদেশৰ পাছতে স্থান অৰুণাচল প্ৰদেশৰ ৷ জনসংখ্যা বৃদ্ধি, উন্নয়নমূলক কাম-কাজ আৰু জুম প্ৰণালীৰ খেতি ইয়াৰ কাৰণ হিচাপে ঠাৱৰ কৰা হৈছে ৷ বিপৰীতে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালাত বন আৱৰণ বাঢ়িছে ৷ হাইৱে’ নিৰ্মাণৰ বাবে কিমান গছ-গছনি কাটি-ছিঙি খাস্তাং কৰা হৈছে সেয়া যাত্ৰাপথত দেখা পায়ে আছোঁ ৷ পৰিকল্পিত ৰোপণ হ’লে ক’তো চকুত পৰা নাই ৷ সন্তুলন ৰক্ষা হ’ব ক’ৰ পৰা ? সন্তুলন ৰক্ষা কৰিবই লাগিব ৷

মাটিকালিৰ হিচাপত মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ পাছতে অৰুণাচল প্ৰদেশ যদিও ২০১৭ চনৰ পৰা ২০১৯ চন পাওঁতে ৰাজ্যখনত ২৭৬.২২ বৰ্গ কিল’মিটাৰ বনাঞ্চল কমিল ৷ বন-বননিৰ ওপৰত চাপ দিনক-দিনে বৃদ্ধি পাই আহিছে ৷ এইটো চিন্তনীয় কথা ৷ যুগ যুগ ধৰি বনাঞ্চলেই অৰুণাচলী মানুহৰ জীৱন-জীৱিকাৰ প্ৰধান উপায় বুলি চিহ্নিত হৈ ৰৈছে ৷ তেনেস্থলত পৰিস্থিতি চম্ভালাত চৰকাৰে যিমান পাৰি সোনকালে গুৰুত্ব দিয়া উচিত ৷ এইটো ভাল প্ৰস্তাৱ যে ডিবাং বহুমুখী প্ৰকল্প নিৰ্মাণত যিমান গছ-গছনি কটা যাব, সিমান গছ-গছনি ৰোৱাও হ’ব ৷

৮৩,৭৪৩ বৰ্গ কিল’মিটাৰ মাটিকালিৰ অৰুণাচল ৰাজ্যখনৰ সম্প্ৰতি বন এলেকা হৈছে ৫১,৪০৭ বৰ্গ কিল’মিটাৰ ৷ ২০১১ চনত এই সংখ্যাটো আছিল ৬৭,৪১০ ৷ ৰাজ্যখনত বৰ্তমান ১০,৫৮৯ বৰ্গ কিল’মিটাৰ সংৰক্ষিত বনাঞ্চল, ৯,৭৭৯ বৰ্গ কিল’মিটাৰ সুৰক্ষিত বনাঞ্চল আৰু ৩১,০৩৯ বৰ্গ কিল’মিটাৰ অবৰ্গীকৃত বনাঞ্চল আছে ৷ দেশৰ ২০ শতাংশ প্ৰাণীকুলৰ লগতে প্ৰায় ৪,৫০০ প্ৰজাতিৰ পুষ্পজাত উদ্ভিদ, ৪০০ প্ৰজাতিৰ ঢেঁকীয়াজাতীয় উদ্ভিদ, ২৩ প্ৰজাতিৰ পাইনজাতীয় উদ্ভিদ, ৩৫ প্ৰজাতিৰ বাঁহ, ২০ প্ৰজাতিৰ বেত, ৫২ প্ৰজাতিৰ ৰ’ড’ডেন্দ্ৰন, ৫০০ প্ৰজাতিৰ অৰ্কিডেৰে অৰুণাচলৰ বনাঞ্চল সমৃদ্ধ ৷ ৰাস্তা, জলবিদ্যুৎ লাভ কৰিও এইবোৰ বচাব লাগিব ৷ মানুহৰ জীৱনৰ মানো উঠিব লাগিব, প্ৰাকৃতিক ভাৰসাম্যও ঠিক থাকিব লাগিব ৷

কোনো দেখ-ভাল নোহোৱা ৰাস্তাটোৰে গাড়ীখন গৈ আছে ৷ কাষৰ চিটৰ যুৱতীৰ উচ্‌-পিচ্‌নি ৷ ভাবনা-বিভোৰ মনটো মোৰ বাস্তৱ জগতলৈ এতিয়াহে ঘূৰি আহিল ৷ তাই এবাৰ বহে ৷ এবাৰ হেলান দি চকু জপায় ৷ এবাৰ কাটি হয় ৷ মূৰটো কাপোৰেৰে ঢাকি শুৱে ৷ আকৌ পোন হয় ৷ নিয়ন্ত্ৰণ চম্ভালি থাকি ড্ৰাইভাৰে তাইৰফালে পিৰিক-পাৰাককৈ চকু মাৰি আছে ৷ তাইৰো একোবত কি মন গ’ল, ‘চক্কৰ আ ৰহা হে’ মে'ৰা’ বুলি মুখৰ আগত দুলি থকা ৰিবন, বিশ্বকৰ্মা, গণেশৰ ফটো আদি কোঁচাই নি ৰিয়েৰ ভিউ মিৰ'ৰখনৰ সৈতে দিলে গাঁঠি মাৰি ৷ তাকে দেখি চালক অসন্তুষ্ট হৈ পৰিল ৷ ‘আৰে তুমনেত’ মে’ৰা ভগৱানক’ ত’ৰ দিয়াৰে !’ দুখেৰে কৈ উঠিল ৷ তাই একো নামাতি চকু-মুখ ঢাকি শুবলৈ ল’লে ৷ জোকাৰণিত লৰচৰ কৰি থকা বস্তুবোৰে অথনিৰে পৰা যুৱতীক অসুবিধা দি আছিল ৷

মই ৰাস্তাটোলৈ চকু ঘূৰালোঁ ৷ সঁচাৰ্থত ক’বলৈ গ’লে ৰাস্তা নায়েই ৷ অনুমান কৰিছোঁ, হাইৱে’টো চাগৈ বেলেগ ফালেদি নিৰ্মাণ কৰি থকা হৈছে ৷ ১০-১২ মিনিটৰ পাছত তিনিআলি এটাত ছুম’খন ৰ’ল ৷ দাঁতিতে ফলক এখন ৷ মূৰটো উলিয়াই পঢ়িলোঁ ৷ ইচিগ’ ভিলেজ ৷ আৰজু চাৰ্কোলৰ অন্তৰ্গত ৷ ডিবাং ভেলী জিলাৰ আমি এতিয়া ১,১০০ মিটাৰ উচ্চতাৰ আৰজু চাৰ্কোলত আছোঁ ৷ ২ বাজি ৩৫ মিনিট গৈছে ৷

ৰ’য়িঙৰ পৰাই পাছফালৰ চিটত বহি আহি থকা যাত্ৰী এজন নামিল ৷ বস্তুবোৰ প্ৰথমে মাটিৰ ওপৰতে থ’লে ৷ তাৰ পাছত এটা এটাকৈ মূৰে-পিঠিয়ে তুলি ল’লে ৷ তাৰ পাছত বিদায় ভংগীমাৰে এখন হাত দাঙি ওপৰমুৱাকৈ উঠি যাব ধৰিলে ৷ মাত এষাৰ লগাই আমিও নিজবাটে অগ্ৰসৰ হ’লোঁ ৷ অৰণ্যৰ মাজে মাজে তেওঁ এতিয়া চাগৈ ঘৰলৈ বুলি অকলে অকলে কিমান দূৰযে খোজ কাঢ়িব লাগিব ! পদচালনাৰ গত্যন্তৰ নাই ৷ এলাহো নাই অৱশ্যে ৷ বাধ্যও এওঁলোক ৷ আনফালৰ পৰা চাবলৈ গ’লে এওঁলোক শাৰীৰিক-মানসিকভাৱে ভীষণ শক্তিশালী আৰু তজবজীয়া ৷ সেয়ে দুৰ্দান্ত সাহসীও ৷ তাৰ তুলনাত মইতো তেনেই নিশকতীয়া প্ৰাণী ৷ চ’ক’ তায়ুৰ আহ্বানতে ইমানখিনি পাইছোঁহি ৷ সেইজনেবা কি কৰিছে এতিয়া আনিনিত ! ফেষ্টিভেল গ্ৰাউণ্ডত কামত লাগি আছে চাগৈ ৷ ক’ব নোৱাৰাকৈয়ে হাতখন ম’বাইলটোলৈ গ’ল ৷ চালোঁ উলিয়াই ৷ নে’টৱৰ্ক নাই ৷ ৰানলিতো নাছিল ৷ দীঘল বাটটোৰ ক’তোৱেই নাছিল ৷

অতি ঠেক আৰু বিপজ্জনক ৰাস্তাটোৰে চালকে খুব লাহে লাহে আৰু সাৱধানে নি আছে গাড়ীখন ৷ শৈলাৰোহণহে কৰি আছোঁ যেন ! সহযাত্ৰীসকললৈ চালোঁ ৷ কুমাৰী প্ৰকৃতিৰ নয়নাভিৰাম ৰূপে তেওঁলোকক বাৰু মোহাৱিষ্ট কৰিছেনে ? অপূৰ্ব, অনিৰ্বচনীয় নৈসৰ্গিক শোভাই হৃদয় জুৰ পেলাইছে তেওঁলোকৰ ? নে একা-বেঁকা পাৰ্বত্য পথে ভীষণ ভাগৰুৱা কৰি পেলাইছে ? ক’ব নোৱাৰোঁ ৷ পথ যেনেকুৱাই নহওক, যাত্ৰাটো মই হ'লে উপভোগ কৰোঁ ৷ দৃশ্যমান অভিজ্ঞতাবোৰ আহৰণৰ যত্ন কৰোঁ ৷ জানো যে বেয়া ৰাস্তাৰ পাছত ভাল ৰাস্তা আকৌ ওলাব ৷

তলত ডিবাংখনে পুনৰবাৰ ভুমুকি মাৰিলে ৷ অথনিৰ দৰেই আগলি কলপতীয়া বৰণ ৷ আহি আহি নিৰ্মাণৰত পথ এছোৱাত সংযোগ হ’লোঁ ৷ তেনেই বোকাময় ৷ বহল ৰাস্তা এটাও তলৰ পৰা উঠি আহি পাক এটা লৈ এইখিনি পাইছে ৷ তাৰ মানে হাইৱে’টো সেইফালেদিহে ৷ তললৈ এবাৰ দৃষ্টি নিক্ষেপ কৰি ‘মিনিষ্টাৰ ল’গ উছ ৰাস্তাছে আয়া হে’’ বুলি ক’লে ড্ৰাইভাৰে ৷ আমি পুৰণা, ভয়ংকৰ পথেৰে, পৰ্বতৰ ওপৰে ওপৰে আহিলোঁ ৷ নিৰ্মীয়মান ৰাজআলিটোলৈ ঘূৰি চালোঁ এবাৰ ৷ আৰজু আৰু আলয়াৰ মাজৰ এয়াই নেকি এন্দলিন বাইপাছ ? আৰু অকণমান আগুৱাই যাওঁতে চাইনব’ৰ্ড এখন দেখা গ’ল ৷ নিউ এন্দলিন বুলি লিখা আছে ৷ আৰজু চাৰ্কোলতে পৰে ৷ এইটো ৰাজহ-চক্ৰত ২৮খন গাঁও আছে ৷

সময় কিমান হ’ল চাই দেখোঁ যে ২ বাজি ৫০ মিনিট গৈছে ৷ ডিবাঙৰ পাৰে পাৰে মাটিৰ ৰাস্তাৰে গৈ আছোঁ ৷ পৰ্বতৰ গাত শিলবোৰে দাঁত নিকটাই আছে ৷ এজুম শ্ৰমিক ব্যস্ত খহনীয়া প্ৰতিৰোধী দেৱাল সজাত ৷ কাটি-কুটি বোকা ফালি গৈ আছে গাড়ী ৷

আহল-বহল কিন্তু পেলপেলীয়া বোকাময় এছোৱা ওলাল এইবাৰ ৷ ইয়াতো বাঁওফালে শ্ৰমিক কেইজনমানে ব’ল্ডাৰৰ ৰিটেইনিং ৱাল সাজি আছে ৷ সন্মুখতে ৰাস্তাটোৰ সোঁমাজত অৱস্থান লৈ থকা এজন লোকে ৰ’বলৈ ইংগিত দিলে ৷ জনালে যে আগত কাম চলি আছে ৷ সিফালৰ পৰা খবৰ আহিলেহে যাব পাৰিব ৷

এতিয়া ৩.১৫ হৈছে ৷ অনিশ্চয়তাই আকৌ লগ ল’লে তাৰ মানে ! উপায় নাই ৷ নিৰ্দেশ মানিবই লাগিব ৷ কিন্তু কিমান সময় অপেক্ষা কৰিব লাগিব ? মিনিষ্টাৰৰ কনভয়টোচোন এইফালেৰেই পাৰ হৈ গ’ল আমাৰ আগে আগে ৷ তেনেস্থলত আমাক আকৌ ৰখাই থ’লে কিয় ? কথাটো কিবা ধৰিবই নোৱাৰিলোঁ ৷ সাঁথৰ যেনো লাগিল ৷

সোঁফালে পাহাৰৰ দাঁতিত দুজন লোকে জুই পুৱাই আছে ৷ কাষ চাপি গৈ বহিলোঁ লগতে ৷ ৰাস্তাত কাম কৰা শ্ৰমিক ৷ আদিবাসী চেহেৰা ৷ পিন্ধনত গামবুট, জেকেট, টুপী ৷ হ’লেও জুই নহ’লেই নহয় ৷ ঠেৰেঙা লগা জাৰ ৷ মই বহাৰ সময়তে দুয়ো কামত ধৰিবলৈ গুচি যোৱাত অকলশৰীয়াকৈয়ে কটাবলগীয়াত পৰিলোঁ ৷ গা-হাত তপতাই আছোঁ, ভাল লাগি আহিছে পৰিৱেশটো, তেনেতে খবৰ আহিল, যাবলৈ দিছে বুলি ৷ কোনোবাই উকিয়ালে, ড্ৰাইভাৰে হৰ্ন বজালে ৷ একে দৌৰে আহি উঠিলোঁহি গাড়ীত ৷

ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড আৰ্থ মুভাৰ্ছবিলাক পাই আছোঁ ৷ কৰ্মীৰ জুম কিছুমানো পাইছোঁ ৷ বেয়া বতৰে কামত বিধি-পথালি দিছে ৷ বোকাই ভীষণ সমস্যাৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে কাম চলি আছে ৷ চলাই নিবই লাগিব ৷ প্ৰজেক্টৰ কাম এনেকুৱাই ৷ কেতিয়া কি ধৰণৰ প্ৰত্যাহ্বান আহে একো ঠিকনা নাই ৷ সকলোৰে মুখামুখি হ’ব পাৰিব লাগিব ৷ সেয়া জয় কৰিহে পোৱা যায় ইপ্সিত লক্ষ্য ৷ তাতেই সন্তুষ্টি আৰু গৰ্ব পটু-অপটু লে'বাৰ, অ'পাৰেটৰ, ইঞ্জিনিয়াৰসকলৰ ৷ এইসকলৰ কোনে ক’তযে ঘৰ-বাৰী এৰি থৈ এই মহাঘোঁকটত নিৰৱে আত্মনিয়োগ কৰি আছেহি ! ভাবিছোঁ তেওঁলোকলৈ চাই চাই ৷

চকুৰ আগত সেউজীয়া চাইনব’ৰ্ড এখন জিলিকিছে ৷ বগা আখৰেৰে লিখা আছে আটালিন ৫২, এমব্ৰংগ’ ৬২, এংগ’লিন ৯০ ৷ আৱালি ১৫, আনেলি ৪৭, আক’লিন ৫০ ৷ ইটালিন ৫, এমবলি ৪৪, আনিনি ৫৪ ৷ তাৰ মানে ৰ’য়িঙৰ পৰা আমি ১৭৪ কিল’মিটাৰ আহিলোঁ ৷ ৩.৩০ বাজিছে এতিয়া ৷ ৮ ঘণ্টাৰো অধিক সময় যাত্ৰা কৰি এইখিনি পাইছোঁহি ৷ আনেলি চাৰ্কোল চুলোঁহি যেন লাগিছে ৷ ১৭খন ৰাজহ গাঁৱেৰে এই চক্ৰটো গঠিত ৷ ইয়াৰ পাছত ইটালিন চাৰ্কোল ৷ তাৰ পাছত আনিনি চাৰ্কোল ৷ আনিনিলৈ আৰু ৫৪ কিল’মিটাৰ বাকী ৷ আহি আছে  স্বপ্নৰ আনিনি ৷ গম পোৱাৰ লগে লগে হৃদয়খন সুখবাষ্পৰে আপোনা-আপুনি ফুলি উঠিল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment