Saturday, 9 August 2014

এবাৰ মোৰ এনেকুৱা হৈছিল…
(গল্প নহয়, সত্য)


শিক্ষানুষ্ঠানখনত নামভৰ্তিৰ বাবে প্ৰথমে এডমিচন টেষ্ট, তাৰ পিছতে ভাইভা দিলোঁ৷ উভয়তে কোৱালিফাই কৰিলোঁ৷ তথাপি কিন্তু এডমিচন খাটাং হোৱা নাই৷ কাৰণ সন্মুখত আছে মেডিকেল টেষ্ট৷ সিও গুৰুত্বপূৰ্ণ৷ সেই বৈতৰণী পাৰ হ’লেহে বোলে হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং যে এই শিক্ষানুষ্ঠানত পঢ়িবলৈ পোৱা যাব৷ আৰু সেইটোতে এনেকুৱা এটা অভিজ্ঞতা লভিলোঁ, যিটো জীৱনলৈ ফটফটীয়াকৈ মনত ৰৈ গ’ল৷ তাকে এতিয়া ক’ব খুজিছোঁ৷

মেডিকেল টেষ্ট মেডিকেল চেণ্টাৰত হ’ব৷ এডমিচনপ্ৰয়াসী ল’ৰা-ছোৱালীবোৰে বিল্ডিংটোৰ সন্মুখত ভিৰ কৰিছে৷ এজন এজনকৈ ভিতৰলৈ মাতিছে৷ সেইমতে সোমাই গৈছে৷ নিৰ্দিষ্ট সময়ৰ পিছত ওলাই আহিছে৷ সন্মুখতে ৰৈ ওলাই অহা ল’ৰাবোৰলৈ লক্ষ্য কৰি আছোঁ৷ মন কৰিছোঁ, চিনাকিকেইটাৰ মাজত এক ধৰণৰ ফিচিঙা-ফিচিঙি, লগতে খুক খুক হাঁহি৷ প্ৰায়বোৰেই যেন কিবা কথা এটা গাপ দি চলিছে৷ মাত্ৰ কোৱা শুনিছোঁ... লুট গয়া ৰে’ আজ...৷

কোনোবা কোনোবাৰ মাজত আকাৰে-ইংগিতে বাৰ্তা বিনিময় হৈছে যদিও ৰহস্যটো হ’লে একো ধৰিব পৰা নাই মই৷ অইন এফালে ছোৱালীবোৰৰো মেডিকেল টেষ্ট চলি আছে৷ সিহঁতৰ মাজত কি চৰ্চা চলিছে নাজানো৷ কাৰো সৈতে পৰিচয়ো নাই মোৰ৷

‘আব্দুছ ছাজিদ... প্লিজ কাম ইন৷’
মোৰ পাল পৰিল৷ পৰ্দাখন ঠেলি সোমাই গ’লোঁ ভিতৰলৈ৷ টেবুলৰ সিপাৰে এজন বহি আছে৷ গম পালোঁ, ডাক্তৰ৷ আনফালে বগা সাজ পিন্ধা এজনো আছিল৷ ডাক্তৰৰ কাষতে মোক বহিবলৈ দিলে৷ কি কি সুধিছিল, কি কি চাইছিল পাহৰিলোঁ৷ কিন্তু এটা কথা হ’লে মনত থাকি গ’ল৷

এসময়ত বগা সাজ পিন্ধাজনে দৰজাখনৰ হুকটো লগাই দিলে৷ মই বোলো, কে’চ কি? তাৰ পিছত মোৰ কাষলৈ আহিল৷ লাহেকৈ ক’লে... ‘পেণ্টৰ বে’ল্টডাল খোলা৷’
কি কথা? বে’ল্ট খুলিবলৈ ক’লেযে?? কিবা সুৰক্ষা অনুসন্ধানজাতীয় নেকি??? ঠিক আছে বাৰু৷ বিনাবাক্যব্যয়ে বে’ল্টডাল খুলিলোঁ৷
আকৌ নিৰ্দেশ... ‘হুকটো খোলা৷’ মনটো অলপ গোন্ধালে৷ তথাপি মানি ল’লোঁ৷ এডমিছনৰ কথা আছেযে৷ লাহেকৈ হুকটো খুলি পেলালোঁ৷
আকৌ নিৰ্দেশ আহিল... ‘চেইনডাল খোলা৷’ এইবাৰ মই দস্তুৰমত হতবাক৷ কি কৰে এইজনে? চেইন খোলাইছেযে?
বেছি সময় ভাবিবলৈ নিদিলেই৷ আকৌ নিৰ্দেশ... ‘এইফালে নাচাবা, বেৰৰ পিনে চোৱা৷’ উপায় নাই৷ বলিশালৰ পঠা যেন লাগিল নিজকে৷ মূৰটো বেৰৰ ফালে ঘূৰালোঁ যদিও পিছে সজাগ হৈ ৰ’লোঁ৷
এইবাৰ ফাইনেল নিৰ্দেশ... ‘পেণ্টটো তললৈ নমাই দিয়া৷’
ল…অ…অ... এইবাৰহে মৰিলোঁ! কি অসভ্য অ’ ইহঁত!
মই ইতস্ততঃ কৰা যেন দেখি পুনৰবাৰ সকীয়ালে... ‘একো নহয়, নমোৱা নমোৱা৷ কুইক৷ তলৰটোও নমোৱা৷’

শেষ, এইটো আকৌ কি টেষ্ট! এনেকুৱাটো জীৱনত কেতিয়াও পোৱা নাছিলোঁ৷ অ’, সেই কাৰণে বাহিৰত সিহঁতকেইটাই তেতিয়া খুকখুকাই হাঁহি আছিল৷ এতিয়া গম পাইছোঁ৷
তাৰ পাছতে লাজ-মান সকলো কাটি কৰি লাহেকৈ দিলোঁ নমায়৷
চালে৷ কি চালে নাজানো৷ অলপ পিছত ক’লে... ‘হ’ব৷ পিন্ধা৷’ তাৰ পিছত ক’লে... ‘হ’ল৷ এতিয়া যাব পাৰা৷’
উঃ স্বস্তি!
দৰজাখন খুলি দিলে৷ মই তাৰাতাৰি বে’ল্ট কচি লৈ বাহিৰ৷
বাহিৰত চিনাকি-অচিনাকি সবেই মোলৈ চাই আছে৷ অচিনাকিৰ চাৱনিত কৌতূহল৷ বেচেৰাহঁতে একো গমেই পোৱা নাই, কি হ’ব সিহঁতৰ৷ সিফালে টেষ্ট দি অহাকেইটাৰ চিনাকিৰ চাৱনিত কৌতুক৷ কেনেকৈযে পৰিস্থিতিটো চম্ভালিলোঁ নিজেই নাজানো৷ বহুত পৰ একেটা কথাই মনলৈ আহি থাকিল... কি আচৰিত টেষ্ট দিলোঁ অ’ আজি! পেণ্ট খোলাই দিলে ছাল্লা৷ ইহঁতক নমৰালৈকে মনত থাকিব৷

পিছৰ সময়খিনিত চিনাকি হোৱা আৰু ক্ৰমাৎ ঘনিষ্ঠতা বৃদ্ধি পোৱা কেতবোৰ নৱাগতৰ সৈতে ইয়াকে লৈ আড্ডা বেছ জমিল৷ ৰিজাৰ্ভড মুডত থাকি প্ৰথমে সংকোচ ভাব দেখুৱালেও পিছলৈ প্ৰত্যেকেই নিজৰ সেই অবিস্মৰণীয় মুহূৰ্তকেইটাৰ কথা খোলাখুলিকৈ ক’বলৈ লাগিল৷ ঠিক হাঁহিলোঁ গোটেইকেইটাই৷ বিচিত্ৰ অভিজ্ঞতা এটা লাভ কৰিলোঁ, আমি আটায়ে৷ ইফালে এডমিচনো হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং হৈ গ’ল৷ কোনে কোনে ফেইল কৰিলে নাজানিলোঁ৷

সেই সময়ত এই বিষয়ে মনত ন্যুনতম ধাৰণাও নাছিল৷ একো চিন্তা-ভাবনা বা অনুসন্ধানো কৰা নাছিলোঁ সেইটোক লৈ৷ ইমান দিনে নিশ্চুপ হৈ থকা কথাটো কালি কিয় জানো হঠাতে মনৰ পৰ্দাত আপোনা-আপুনি ভাহি উঠিল৷ সুদীৰ্ঘ চৌব্বিশ বছৰৰ পিছত ভেদটো এতিয়াহে ভাগিল৷

তৃতীয় লিংগৰ সন্ধান! সেইটোৱেই আছিল চাগৈ আমাক পেণ্ট খোলোৱাৰ গুৰিকথা৷

আপোনাৰো ঘটিছেনে এনেকুৱা?

নতুবা সাজু থাকক, ঘটিব কেতিয়াবা৷
লুকুৱাই নাৰাখিব আকৌ তেতিয়া!

No comments:

Post a Comment