Monday, 11 August 2014

তৃতীয় লিংগৰ সৈতে কিছু সময়...
(গল্প নহয়, সত্য)


খিৰিকীখনেদি বাহিৰলৈ চাওঁতেই চকুত পৰিল, আইনা চাই চাই ‘ক’ই চুলি ফণিয়াইছে, ‘খ’ই কাপোৰৰ ভাঁজ চিধা কৰিছে৷ তাকে দেখি অভ্যাসবশতঃ(?) কোনো কোনো পুৰুষে টিটকাৰি মাৰিছে৷ কোনো কোনো মহিলাৰো ফিচিঙা-ফিচিঙি৷ সিপক্ষই অৱশ্যে একো প্ৰতিক্রিয়া প্ৰকাশ নকৰি একান্তমনে নিজৰ কাম কৰি আছে৷

সন্মুখৰ চিগনেল লাইটটো সেউজ বৰণীয়া হৈ জ্বলি উঠাৰ লগে লগে ইঞ্জিনৰ পৰা শুনা গ’ল হৰ্ণৰ বিকট আৱাজ৷ মানে ট্ৰেইন এৰিবৰ হ’ল৷ বহি থকাৰ পৰাই দেখিলোঁ, ‘ক’ আমাৰ ডবাত উঠিছে, ‘খ’ সিটো মানে আগৰটোলৈ গৈছে৷

ধীৰে ধীৰে আমি চাপৰমুখ জংছনৰ প্লেটফৰ্ম ত্যাগ কৰিলোঁ৷ চিঙাৰা গৰম, গৰম চিঙাৰা; চ্যায় চ্যায়, মোমফলি ইত্যাদি সুৰীয়া শব্দবোৰ ক্রমাৎ নাইকিয়া হৈ পৰিল৷ ক্ষন্তেকৰ পিছতে হাত-চাপৰিৰ থাপ থাপ শব্দৰ লগতে বেলেগ ধৰণৰ মাত এটাইহে কৰ্ণপটহত আঘাত কৰিলেহি... হা বাবুজী... কুছ দিজিয়ে... এ’ ৰাজা... দে দ’৷

লক্ষ্য কৰিলোঁ, কণ্ঠটোৰ গৰাকীৰ আগমনত ভিন্নজন যাত্ৰীৰ ভিন্ন ধৰণৰ ক্রিয়া-প্ৰতিক্রিয়া৷ কোনোৱে নিৰ্ধাৰিত দহটা টকা স্বেচ্ছাই উলিয়াই সিফালে আগ বঢ়াই দিছে৷ সিখন হাতে গ্ৰহণ কৰিছে৷ দাতাৰ কপালত নোটখন লগাই বা মূৰত হাত থৈ আশীৰ্বাদ দিছে৷ বাওঁহাতৰ আঙুলিৰ ফাঁকত বিশেষ কায়দাত দহ টকীয়াখন সুমুৱাই ৰাখি গৈছে৷ তালিৰ তালে তালে পুনৰ বেলেগ এজনৰ ফালে আগুৱাইছে৷

আকৌ লক্ষ্য কৰিছোঁ, আগন্তুকৰ উপস্থিতিৰ আন্দাজ কৰিয়ে দুজনমানে মৰ-টোপনিৰ ভাও জুৰিছে৷ পেচাব কৰিবলৈ যোৱাৰ ছলেৰে কোনোবাজন আকৌ নিজৰ ছিটৰ পৰা আগতীয়াকৈয়ে অন্তৰ্ধান৷ চুচুক-চামাককৈ থকাজনক দেখি গম পালোঁ, বপুৰা ইতিমধ্যেই নাৰ্ভাচ৷ ‘আহিছে, আহিছে’ জাতীয় ফুচফুচনি এটাও শুনা গ’ল৷

মই গপচত বহি আছোঁ, নিজৰ আসনত, খিৰিকীৰ কাষত এমূৰীয়াকৈ৷ কোনো কেট-কুট নাই৷ ‘দিজিয়ে’ …মোক উদ্দেশ্য কৰি এবাৰ খুজিলে৷ সাধাৰণতে দিয়াৰ অভ্যাস নাই৷ গতিকে পূৰ্বৰ সিদ্ধান্ততে অচল-অতল হৈ থাকিলোঁ৷ এইখিনিত কালেকচন শেষ কৰি ‘ক’ আগুৱালে সোঁফাললৈ, মানে আমি পিঠি দি থকা খোঁটালিলৈ৷

আঃ ৰক্ষা! ইফালে-সিফালে থকা যাত্ৰীকেইজনৰ মাজত যেন স্বস্তিৰ দীঘলীয়া নিশ্বাস৷ তেনেকুৱাতে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাওঁ বুলি বহাৰ পৰা উঠিলোঁ৷ বাঁওহাতে কেইখোজমান দিওঁতেই মুখৰ আগতে ওলাল ‘খ’৷ তাৰ মানে আগৰটো কম্পাৰ্টমেণ্টৰ দৰজাইদি উঠিছে যদিও টাৰ্গেট এইটোহে৷ কৰতালি দুটামান মাৰি ‘কুছ ত’ দেকে যাইয়ে...’ বুলি হাত এখন পাতিলে৷ মই মূৰ জোকাৰিলোঁ, স্বাভাৱিক নঞৰ্থক ভংগীমাত৷ ইপিনে নিজৰ গতিটো সন্মুখলৈ অব্যাহত ৰাখিছোঁৱেই৷

অলপ পাছত নিজৰ ঠাইলৈ ঘূৰি আহি দেখোঁ, সন্মুখৰ আসনত ‘খ’ বহি আছে৷ ম’বাইল টিপিছে, ‘ক’কো ইয়ালৈ মাতিছে৷ কালেকচন সামৰি কিছু সময়ৰ মূৰত ‘ক’ হাজিৰ হ’লহি৷ খালী ঠাই পাই মোৰ দাঁতিতে বহি গ'ল৷

ৰে’লখন নিজৰ গতিত গৈ আছে৷ ‘ক’ৰ ফালে এবাৰ চালোঁ, এনেয়ে৷ কথাটো অৱশ্যে মনে মনে ভালেই পাইছোঁ৷ বোলো, আজি ইহঁতৰ লগত গপ মাৰিব লাগিব৷ এনেয়েও সুযোগ  বিচাৰি থাকোঁ৷ আজি এৰাত নাই৷ পিছৰ ষ্টেচনত এখন ট্ৰেইনৰ লগত হোৱা ক্রচিঙকে পাতনি স্বৰূপে লৈ মুখ খুলিলোঁ... ‘কোন ট্ৰেইন হ’ব বাৰু সেইখন?’ সেই দিশলৈ তৰ্জনীও টোঁৱালোঁ৷ আশা কৰা মতেই ‘ক’ৰ পৰা উত্তৰ আহিল... ‘আপ ব্ৰহ্মপুত্ৰ মেইল হ’ব৷’ ময়ো যেন ট্ৰেকটো পাই গ’লোঁ৷ তাৰ পাছত কথা-বতৰা আগুৱাই গৈ থাকিল লাষ্ট স্তপেজ নোপোৱালৈ৷

অনৰ্গল আলাপ৷ নাম-ধামৰ পৰা আৰম্ভ কৰি জীৱন-জীৱিকাকে সামৰি ভিন ভিন প্ৰসংগ৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মণিপুৰৰ ভিতৰুৱা গাঁও এখনত নেপালী পৰিয়াল এটাত জন্ম গ্ৰহণ কৰা, কেইবাটাও ভাষা সলসলীয়াকৈ ক’ব জনা ‘ক’ই অকপটে কৈ গ’ল নিজৰ মাক-দেউতাক, জন্ম-জন্মস্থান আৰু বাল্যকালৰ কথা৷ প্ৰকৃতিপ্ৰদত্ত শাৰীৰিক গঠন আৰু তাক কেন্দ্ৰ কৰি হঠাতে এদিন উদ্ভৱ হোৱা অপুদঘাট পৰিস্থিতি, গৃহত্যাগ, পৰিয়ালৰ সৈতে বিচ্ছিন্নতা, হীনমন্যতা, অনিশ্চয়তাৰ বিষয়ে মোৰ সন্মুখত এখনৰ পাছত এখন পৰ্দা উঠাই গৈ থাকিল তেওঁ৷ মানুহৰ ব্যৱহাৰ-দুৰ্ব্যৱহাৰ, নিজৰ শক্তি-সাহস-সামৰ্থ্য, ভ্ৰমণ-অভিজ্ঞতা, প্ৰতিভা, কৰ্মস্পৃহা, মানসিক শান্তি-অশান্তি, আৰ্থ-সামাজিক তথা কৰ্ম-সংস্থাপনৰ সমস্যা; জীৱনৰ আশা-আকাংক্ষা, আনন্দ-বেদনা, ইচ্ছা-অনিচ্ছা, ভৱিষ্যৎ ইত্যাদি ইত্যাদি কথাই যাত্ৰাটো মোৰ বাবে সফল কৰি পেলালে৷ ক্ষন্তেকীয়া যাত্ৰাটোত সিদিনা অচিনাকি সত্ত্বেও তৃতীয় লিংগৰ প্ৰতিনিধি ‘ক’ৰ মনত মই জগাব পৰা বিশ্বাস, যাৰ আধাৰত কেতবোৰ সত্যৰ সন্মুখীন হ’লোঁ আৰু জীৱনৰ বাবে অলপ হ’লেও অভিজ্ঞতা সঞ্চয় কৰিলোঁ, তাকে ভাবি এতিয়াও অভিভূত হওঁ৷

গতি ধীৰ হোৱাত নাৰেংগীত গাড়ীখন থামিব যেন লাগিল৷ স্তপেজ নাই যদিও ডিফুৰ পৰা যাওঁতে কিবা কাৰণত ইয়াত ৰ’লেই মই নামো৷ কাৰণ ইয়াত নামিলে মোৰ কাম-কাজত সুবিধা হয়৷ বিদায়ৰ মুহূৰ্তটো ওচৰ চাপি অহাৰ লগে লগে ‘ক’লৈ চাই ক’লোঁ... ‘মই কিবা এটা দিব খুজিছোঁ৷ ল’লে ভাল পাম৷’ তেওঁ হয়তো অলপ পৰ ভাবিলে, কি হ’ব পাৰে বুলি৷ মই মানিবেগৰ পৰা টকা পঞ্চাশটা উলিয়ালোঁ৷ তেওঁৰ ফালে আগ বঢ়ালোঁ৷ অথনি খোজোঁতে টকা দহটা কিন্তু দিয়া নাছিলোঁ৷ এতিয়া মই দিলত তেওঁ ল’লে৷ তাৰ পিছত নোটখন মোৰ কপালত লগাই আশীৰ্বাদ দিলে, আন বহুজনক দিয়াৰ ভংগীমাৰেই৷


‘এতিয়া যাওঁ, কেতিয়াবা আকৌ লগ পাম’ বুলি অৰ্চনা থাপাক মাত লগাই কান্ধত বেগটো লৈ নাৰেংগীত  নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা মই নামি দিলোঁ৷

No comments:

Post a Comment