Sunday, 27 September 2026

অমৰনাথ যাত্ৰাৰ খণ্ডচিত্ৰ

পৱিত্ৰ অমৰনাথ যাত্ৰাৰ খণ্ডচিত্ৰ

জম্মুৰ Bhagwati Nagar Base Campত তেতিয়া শ্ৰী অমৰনাথ জী যাত্ৰা, ২০২৩ৰ উদ্দেশ্যে সমৱেত হোৱা শতসহস্ৰ ভক্তিপ্ৰাণ তীৰ্থযাত্ৰীৰ গিজ্‌গিজনি। এটা গভীৰ আধ্যাত্মিক পৰিৱেশ। "কৰুঁ বন্দনা মে' অমৰনাথ তেৰী/মুঝে অপ্‌নে চৰণো কা দে দে চাহাৰা"। শ্ৰী শিৱ ভজন, বৰ্ফানী বাবাৰ গুণানুকীৰ্তন, শ্ৰী শিৱ জীৰ আৰতি চলি আছে নিৰ্দিষ্ট মঞ্চত। মাজে মাজে সমস্বৰে একো একোবাৰ জয়ধ্বনি : জয় ভোলে। ভোখেকো ৰুটী, প্যাসেকো পানী, জয় বাবা বৰ্ফানী। হৰ হৰ মহাদেৱ। ইত্যাদি ইত্যাদি।

কিছু পৰ ঘূৰি-পকি আলেখ-লেখ চালোঁ। পৰিস্থিতিটো বুজিবলৈ স্বাভাৱিকতে অলপ সময় লাগি গ'ল। জীৱনত আগতে কেতিয়াও নেদেখা পৰিৱেশ, কেতিয়াও নেদেখা দৃশ্যপট। 

যাত্ৰী নিৱাসৰ ভিতৰে-বাহিৰে কেৱল ভক্ত আৰু ভক্ত। ১৩ বছৰৰ পৰা ৭০ বছৰ বয়সৰ পুৰুষ-মহিলা, যুৱক-যুৱতী। বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে বিভিন্নজনৰ। প্ৰত্যেকৰে মুখমণ্ডলত নিৰ্মল হাঁহি-আনন্দৰ বহিঃপ্ৰকাশ। কাকো চিনি-জানি নাপাওঁ যদিও আপোনত্বৰ ভাব এটা বিৰাজ কৰি থকা যেন মোৰ বোধ হ'ল।

চোতালৰে এঠাইত মুকলি আকাশৰ তলত কোনো ৰকম জেগা অকণমান বিচাৰি পাই নিজৰ বিছনা চাদৰখন পাৰিবলৈ যো-জা কৰিছোঁ। ভৱনৰ অন্তৰ্ভাগত ক'তোৱে সোমাব নোৱাৰিলোঁ। ইমানেই ভীৰ! 

"যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে'।" অকলেই আহিছোঁ ময়ো। লগ বুলিবলৈ দ্বিতীয়জন নাই। ভাৰতৰ আটাইতকৈ বিপজ্জনক আৰু কষ্টকৰ ট্ৰেকিঙেৰে কৰা তীৰ্থযাত্ৰা এইটো য'ত বতৰৰ অনিশ্চয়তা, বতাহ, বৰষুণ, বৰফৰ গ্লেচিয়াৰ, উচ্চতাজনিত অক্সিজেনৰ সমস্যা, সংকীর্ণ আৰু পিছল উঠা-নমা বাট আদি নিত্যসহচৰ। চৰকাৰীভাৱে কঠোৰ স্বাস্হ্য পৰীক্ষাৰ প্ৰমাণ (Health/Medical Certificate) আৰু পঞ্জীয়ন এই যাত্ৰাৰ বাবে বাধ্যতামূলক।

ইয়াত এই মুহূৰ্তত মোৰ কাষতে অৱস্থান লৈছে পিতা-পুত্ৰ এহালে। ইন্দোৰৰ পৰা আহিছে। পেহেলগামলৈ বাছৰ টিকট কাটিবৰ কাৰণে JKSRTC Travel Centreৰ খিৰিকীত শাৰী পাতি থাকোঁতেই দুই-এষাৰ কথাৰ আদান-প্ৰদান হৈছিল। ইহঁতৰো একেই দশা। বোন্দা পৰ দিও টিকট নাপালে। ময়ো নাপালোঁ। কি হ'ব এতিয়া? ইফালে Yatra Permit অনুসৰি ৯ জুলাই, ২০২৩ তাৰিখ দেওবাৰে চন্দনৱাড়ী চে'ক গে'টত মোৰ reporting আছে। আজি হ'ল ৭।

আলোচনা চলি আছে। ল'ৰাজনে এটা বুদ্ধি পাঙিলে। টালি-টোপোলাসহিত দেউতাকক মোৰ হাতত চমজাই থৈ সি বাছ ষ্টেণ্ড ওলালগৈ। খবৰ আনিলে যে আগতীয়াকৈ অৰ্থাৎ নিশা ২ বজাতে গৈ পেহেলগামলৈ যাবলগীয়া বাছৰ কেবিনত বহি থাকিব লাগিব। তেতিয়া যাত্ৰাটো সম্ভৱ হ'ব পাৰে। ড্ৰাইভাৰৰ লগত সি কথা পাতি আহিছে। আশাৰ ৰেঙণি এটা দেখা পালোঁ ময়ো। ইয়াৰ পাছত আৰু ইহঁতহালৰ লগ এৰাৰ প্ৰশ্নই নুঠে। মোৰ ৰাক্‌ছেক্‌টো সিহঁতৰ জিম্মাত থৈ চিধাই গাটো ধুলোঁগৈ। তাৰ পাছত বে'ছ কেম্পৰ ভিতৰতে থকা 'বিশাল ভাণ্ডাৰা'ত নিশাৰ সাজ খালোঁ। তাৰ পাছত অকাই-পকাই ইফাল-সিফালৰ ৰেহৰূপ চাই যথাস্থান ওলালোঁহি। সিদ্ধান্ত ল'লোঁ যে এতিয়া শুই থাকোঁ। সোনকালে উঠি তিনিও ৰাওনা হ'ম বাছত চিট ল'বলৈ। অন্যথা এটা দিন এনেয়ে ইয়াত শুই-বহি পাৰ কৰিব লাগিব।

তেনেকুৱাতে মাইকযোগে ঘোষণা এটা ভাহি আহিল : প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ হ'বলগীয়া অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে।

হতভম্ব হোৱাৰ ক্ষণ প্ৰতিজন যাত্ৰীৰ লগতে আমাৰো। কি চিন্তিলোঁ, কি হ'ল! ওপৰত প্ৰচণ্ড তুষাৰপাত, বৰষুণ, ৰামবানত বানপানী হৈছে, গাড়ী নাযাব। খবৰবিলাক কাণলৈ অহাৰ পাছত নিজকে নিজে বুজনি দিয়াৰ গত্যন্তৰ নাথাকিল। সঁচাকৈ, মুম্বাইৰ ফেশ্বন আৰু কাশ্মীৰৰ বতৰ, কেতিয়া সলনি হয় কোনেও নাজানে।

ক্ষন্তেক পাছতে আকৌ এটা ঘোষণা : জম্মুত বতৰ বেয়া হৈ আহিছে। নিশা বৰষুণ পৰিব। গতিকে যিসকল শ্ৰদ্ধালু তীৰ্থযাত্ৰী বে'ছ কেম্পৰ মুক্ত প্ৰাংগণত শুই-বহি আছে, সকলোকে ওচৰতে থকা সন্ত শ্ৰী আশীৰামজী আশ্ৰমলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। তালৈ যাবৰ বাবে বে'ছ কেম্পৰ পাছফালৰ গে'টখন অলপ পাছতে খুলি দিয়া হ'ব।

ভক্তগণৰ মাজত লৰা-ঢপৰা আৰম্ভ হৈ গ'ল। ময়ো খৰখেদাকৈ ৰাকছেক্‌টো বান্ধিলোঁ, পিঠিত তুলি ল'লোঁ আৰু ২নং প্ৰৱেশদ্বাৰলৈ বুলি অগ্ৰসৰ হ'লোঁ। তেনেকুৱা হেমগেমতে কেনিবা হেৰাই থাকিল ইন্দোৰৰ সহযাত্ৰী দুজন। বিশাল সমাগমৰ মাজত চক্ৰবেহুত সোমাই পৰিলোঁ মই। জয় ভোলে ধ্বনিৰে আকাশ-বতাহ কঁপাই আন যাত্ৰীসকলক অনুসৰণ কৰি পদব্ৰজে সমদলত গৈ থাকি ৫-৭ মিনিটমানতে উপস্থিত হ'লোঁহি আশ্ৰমখনত। 

টিনপাটৰ সুবিশাল চালি এখন। পকী মজিয়া। ইফালে-সিফালে কাৰ্পেট পৰা আছে। তাতে ভক্তসৱে ৰাতিটোৰ বাবে নিজ নিজ ধৰণে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰিছে। সুবিধাজনক বুলি বিবেচনা কৰি ময়ো এফালে ৰ'লোঁহি। লগত থকা পলিথিনৰ শ্বিটখন প্ৰথমে মেলি দিলোঁ। তাৰ ওপৰত বিছনা চাদৰখন। তাতে বহি লৈ চিন্তা কৰি আছোঁ, যাত্ৰা যিহেতু নহয়, গতিকে কাইলৈ কি কৰা উচিত হ'ব? বৈষ্ণু দেৱী এক্সপ্ল'ৰ কৰিব পাৰি। বাৰু, পুৱা দেখা যাব।

মজিয়াত কাপোৰ পাৰি তেতিয়াই শুই পৰিছিলোঁ। পিছৰাতি ৩মান বজাত আহিল বৰষুণ। বৰষুণ মানে বিজুলী-গাজনিৰে প্ৰবল বৃষ্টিপাত। ক'ৰবাত ক'ৰবাত চালিখনত থকা ফুটাৰে পানী পৰিছে। মানুহবোৰৰ মাজত হুৱাদুৱা লাগিছে। ততাতৈয়াকৈ টোপোলা সামৰি ঠাই সলাইছে ভুক্তভোগীয়ে। মোৰ যেনিবা একো সমস্যা নাই হোৱা। মূষলধাৰ বৰষুণজাক একেৰাহে চলি থাকিল। পুৱা পোহৰ পোহৰ হোৱাৰ সময়তহে এৰিলে।

শোৱাপাটী সামৰি প্ৰাতঃকৰ্ম সমাপন কৰাৰ লগতে ঘূৰি-পকি আশ্ৰমখন নিৰীক্ষণ কৰিলোঁ। গো-সেৱাৰ বাবে ইয়াত গোশালা আছে। শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে বাল সংস্কাৰ কেন্দ্ৰ আছে। নিয়মীয়াভাৱে ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাসৰ কাৰ্যসূচীও অনুষ্ঠিত হয়।

ঘূৰি আহি ভাণ্ডাৰাত চাহ-বিস্কুট খালোঁ। পৰিস্থিতি সম্পৰ্কে সোঁৱে-বাঁৱে বিভিন্নজনৰ মাজত চলি থকা গুণগুণনিবোৰৰো উমান ল'লোঁ। জম্মু-কাশ্মীৰ পুলিচৰ কৰ্তব্যৰত অফিছাৰ এজনক অকলশৰীয়াকৈ পাই ভালেমান সময় আলাপ কৰা হ'ল। গম পালোঁ যে বৰষুণ, লেণ্ডস্লাইডে জম্মু-শ্ৰীনগৰ হাইৱে'টো ভাঙি পেলালে। পৰ্বতত ভীষণ তুষাৰপাত হৈছে। বহুপ্ৰত্যাশিত অমৰনাথ যাত্ৰাটোত হঠাতে আহি পৰা অনাকাংক্ষিত পৰিস্থিতিটোৰ সন্দৰ্ভত তেওঁ মোক কিছু পৰামৰ্শও দিলে। লগে লগে সিদ্ধান্ত লৈ ল'লোঁ যে ইয়াত শুই-বহি কটোৱাতকৈ কাট্‌ৰালৈ যাওঁ, শ্ৰীমাতা বৈষ্ণু দেৱী মন্দিৰ দৰ্শন কৰি আহোঁ, দুৰ্যোগে আনি দিয়া এই সোণালী সুযোগতে। 'বাবা'ৰ ওচৰলৈ যোৱাৰ আগতে 'মাতা'ৰ ওচৰলৈ যোৱাটো নিশ্চয় উত্তম কথাই হ'ব।

ৰাক্‌ছেক্‌ পিঠিত তুলিলোঁ। জোতা-মোজা কেৰীবেগ এটাত ভৰাই এহাতে ল'লোঁ। ওলাই আহিলোঁ আশীৰামজী আশ্ৰমৰ পৰা, অকলে।

No comments:

Post a Comment