Friday, 5 September 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি মোৰ আলহী শ্ৰীমতী স্বৰ্ণালী গগৈ বৰা৷ শ্ৰীমতী গগৈ বৰা ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ বিষয়-শিক্ষয়িত্ৰী (অসমীয়া)৷ তেওঁ ইতিমধ্যে ভালেকেইটা বাংলা গল্প অসমীয়ালৈ অনুবাদ কৰিবলৈ সক্ষম হৈছে৷ কাকত-আলোচনীত সেইবোৰ প্ৰকাশো হৈছে৷ তেনে এটি গল্পকে আজি ‘অকব’ৰ মাননীয় সদস্য-সদস্যাসকললৈ সাদৰেৰে আগ বঢ়ালোঁ৷
…………………………………

আগেয়ে জনা হ’লে (অনুবাদ গল্প)
মূল : শৈবাল চক্ৰবৰ্তী, অনুবাদ : স্বৰ্ণালী গগৈ বৰা

যোগেন মুখাৰ্জীৰ সৈতে আমাৰ চিনাকি আজিৰ নহয়৷ আমাতকৈ বয়সত কিছু আগ বঢ়া বাবে তেওঁক যোগেনদা বুলি মতাৰ অভ্যাস আছিল, আমাৰ সান্ধ্য বৈঠকৰ সদস্যসকলৰ মাজত৷ ওখ, ক্ষীণ, পৰিস্কাৰ বৰণ, মূৰৰ ধকধকীয়া বগা চুলিকোছাৰ বাহিৰে তেওঁৰ শৰীৰত বয়সৰ আৰু কোনো ছাপ নাছিল৷ আমি আটাইকেইজনে তেতিয়া অৱসৰ জীৱন আৰম্ভ কৰিছোঁ৷ যোগেনদা আমাতকৈ চাৰি-পাঁচ বছৰৰ আগেয়ে ৰিটায়াৰ হৈছে৷ তথাপি আমি আছিলোঁ, যাক কয় ‘এক গ্লাছেৰ য়াৰ’৷

পুৱাবেলা সকলোৱে আজৰি নাপায়৷ কিন্তু সন্ধ্যাবেলা আমি পাচোঁজনে একেলগে ফুৰিবলৈ যাওঁ৷ ৰাস্তাৰ পৰা পাৰ্ক, পাৰ্কত এটা চক্কৰ দি পুনৰ ৰাস্তাইদি ঘৰ৷ কেতিয়াবা গছতলৰ চাহৰ দোকানত বহি চাহো খোৱা হয়৷ যোগেনদাৰ এটা বদ্‌অভ্যাস আছিল, পথে-ঘাটে কোনোবাই কাৰোবাৰ ঠিকনা বিচাৰিলেও তেওঁ আগ বাঢ়ি গৈ সহায় কৰিবলৈ বিচাৰে৷ চহৰৰ পথত প্ৰায় সকলোৱে এনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়৷ হয়তো ফুলশয্যাৰ বিচনা-পত্ৰ লৈ বাহকসকল ৰাস্তা ভেটি থিয় হ’ল আপোনাৰ সন্মুখত, হয়তো গলদঘৰ্ম এক ঠেলাৱালাই লোহা-লক্কৰেৰে সৈতে তাৰ গাড়ী ৰাখি আপোনালৈ আগ বঢ়াই দিলে এটুকুৰা শ্লিপ৷ অন্য চহৰৰ পৰা আহিছে ভিন্নবেশী মানুহ, টেক্সি ৰখাই জানিবলৈ বিচাৰিলে অমুক ৰাস্তাৰ তমুক ভৱনটো ক’ত? তেওঁলোক যোৱাৰ পিছত এজাপ নিমন্ত্ৰণী-পত্ৰ হাতত লৈ আহিল এক যুৱক৷ তাৰ পকেটত এক দীঘল তালিকা, যাৰ মাজত পাঁচজন এই পাৰাৰ বাসিন্দা৷ আপুনি কিমানজনৰ ঠিকনা বৰ্ণনা কৰিব পাৰিব? টেম্পোভৰ্তি চূণ-ৰং-তেল, লৰীৰ ওপৰত এখন ভৰপূৰ সংসাৰৰ মাল-পত্ৰ… এই সকলোৱেই ঠিকনা জানিবলৈ বিচাৰে, জানিবলৈ বিচাৰে কোন বাটে গ’লে তেওঁলোক গন্তব্যস্থল পাবগৈ আৰু এওঁলোকৰ সহায়ৰ বাবে সকলো সময়তে সাজু আমাৰ যোগেন মুখাৰ্জী৷

আমি মাজে মাজে বিৰক্ত হওঁ৷ অনেকেইতো দেখিছোঁ এনেধৰণৰ লোকৰ প্ৰশ্ন শুনি ‘নেজানো’ বুলি আঁতৰি যায়, কোনোৱে কেৱল হাত লৰাই কোনো এটা দিশ দেখুৱাই দিয়ে৷ একমাত্ৰ যোগেনদাকেই দেখিছোঁ, সকলোকে ঠেলি আগ বাঢ়ি গৈ কয়, ‘চাওঁ, কাৰ ঠিকনা বিচাৰিছে?’

মই সোধোঁ কেতিয়াবা, ‘যোগেনদা, আপুনি বিৰক্ত নহয়?’ যোগেনদাই সহাস্যমুখে উত্তৰ দিয়ে, ‘কিয় ভাই? যি পথ চিনি নাপায়, তেওঁক এই সামান্য সহায় কৰাত কি বিৰক্ত হ’ব লগা আছে? আৰু মোৰোতো বহুত লাভ হয়৷ এই সুযোগতেযে কিমান লোকক জানিব পাৰি৷ কোন দম্পতীয়ে নতুন ডিভান ল’লে, কোনে বান্ধবীলৈ ফুল পঠালে, কোনে নতুন ফ্লেট কিনি এই পাৰাৰ বাসিন্দা হ’ল এইবোৰ জনাৰ কি কোনো মূল্য নাই?’

বুজা যায়, জীৱন সম্বন্ধে যোগেনদাৰ দৃষ্টিভংগী আমাতকৈ কিছু ভিন্ন৷ এই কামত যোগেনদা ক্রমে অভিজ্ঞ হৈ উঠিবলৈ ধৰিলে৷ মানুহ দেখিলেই তেওঁ অনুমান কৰিব পাৰে, তেওঁ কোন স্তৰৰ লোক, ক’লৈ যাবলৈ বিচাৰিছে৷

এদিন টেক্সি এখনৰ পৰা এটা পৰিয়াল নামিল, হাতত প্ৰজাপতি অঁকা কাৰ্ড৷ ‘আচ্ছা, এই ঘৰটো কোনফালে ক’ব পাৰিবনে?’ কাৰ্ডধাৰী ভদ্ৰলোকে জানিবলৈ বিচাৰিলে৷ ‘চাওঁ কাৰ্ডটো৷’ কাৰ্ডটো ল’বলৈ বিৰাজে হাত বঢ়াইছিল৷ কিন্তু তাৰ আগতেই যোগেনদাৰ মাত গম্‌গমাই উঠিল, ‘মই কৈছোঁ৷ এই ফুটপাথেদি কিছুদূৰ আগবাঢ়ি সোঁফালে এটা গলি পাব৷ সেই গলিৰে অলপ গ’লেই দেখিব এখন হেয়াৰ কাটিং চেলুন৷ তাৰ কাষতে যিটো তিনিমহলীয়া ঘৰত চেহ্‌নাই বাজিছে, সেইটোৱেই হৰগৌৰী৷’

বহুত ধন্যবাদ দি ভদ্ৰলোক গাড়ীত উঠিল৷ শৰীৰৰ সুগন্ধি সুৰভি ছটিয়াই মহিলাসকলো গুচি গ’ল৷ বিৰাজে আৰু বিস্ময় গোপন কৰিব নোৱাৰিলে৷ ‘আপুনিতো কাৰ্ডটো চোৱাই নাছিল, যোগেনদা, কেনেকৈ বুজিলে যে তেওঁলোকে হৰগৌৰীলৈকে আহিছে? এইটো পাৰাততো আজিকালি তিনিটা ঘৰ বিয়াৰ বাবে ভাৰা দিয়া হয়৷’

‘তিনিটা নহয়, চাৰিটা৷’ যোগেনদাই ৰূপৰ টেমা খুলি এটিপা নস্যি নাকত দিলে৷ ‘সাহাহঁতেও আজিকালি বাগানৰ ঘৰটো ভাল পাৰ্টি পালে ভাৰা দিয়ে৷ কাৰ্ডটো মই চোৱা নাছিলোঁ, তথাপি তেওঁলোকযে হৰগৌৰীৰ কেণ্ডিডেট, সেইটো বুজি পালোঁ তেওঁলোকৰ বেশভূষা দেখি৷ তিনিটা ঘৰৰ ভাৰা তিনি, পাঁচ আৰু সাত হাজাৰ৷ সাহাই দহকৈ লয়৷ আমন্ত্ৰিত ভদ্ৰলোকৰ পোছাক আৰু শ্ৰীমতীৰ প্ৰসাধন দেখি বুজাত একো অসুবিধা নহ’ল যে তেওঁলোক সাতৰ গ্ৰাহক৷’

যোগেনদা দূৰদৰ্শী মানুহ৷ লোক হিচাপে তেওঁযে নিতান্ত ভাল মানুহ তাত সন্দেহ নাই৷ কিন্তু আজিকালি দেখা গৈছে যে মানুহক ভুল ঠিকনা দি তেওঁ মজা ল’বলৈ ধৰিছে৷ পথৰ নিৰ্দেশনা তেৱেঁই সকলোকে দিয়ে; তাৰ মাজতে কাৰোবাক ভুল পথে পঠাই তেওঁ আমোদ পাবলৈ বিচাৰে৷

এজনক ভুল ঠিকনা দি পঠিওৱাৰ পিছত মই সেইদিনা যোগেনদাৰ হাতত চেপি ধৰি চিঞৰি উঠিলোঁ, ‘এয়া কি কৰিলে যোগেনদা? নিৰাপদ বাবুৱেতো সেই ঘৰ কাহানিবাই বেচি দি তেতুলতলাত নতুন ফ্লেট ল’লে৷ আপুনি মানুহজনক পুৰণা ঘৰৰ ঠিকনা দিলে কিয়?’

অমায়িক ভংগীত যোগেনদাই ক’লে, ‘আৰে বাবা, নিৰাপদ বাবুতো এতিয়াও কাষৰে-পাজৰেই আছে, ইহ সংসাৰৰ পৰাতো আঁতৰি যোৱা নাই৷ ভদ্ৰলোকে অলপ লটি-ঘটি খাই আচল ঠাইতো পাবগৈয়ে৷’ কেতিয়াবা কয়, ‘আৰে, ক’ত হেৰাবহে? পৃথিৱীখনতো ঘূৰণীয়া, ঘূৰি-পকি এসময়ত ঠিক ঠাই পাই যাবই৷’

মই তৰ্ক নবঢ়াওঁ, কিন্তু যোগেনদাৰ কথাত সন্তুষ্ট হ’বও নোৱাৰোঁ৷ ভুল ঠাইৰ নিৰ্দেশ দিয়াতকৈ একো নোকোৱাকৈ থকাই ভাল দেখোন৷ কিন্তু যোগেনদাই নামানে৷ মই ক’লোঁ, বদ অভ্যাস; ভূপতিৰ মতে, পাগলামি৷ বিৰাজে কয়, এটা নিচা৷ হয়তো তাৰ কথাই ঠিক৷ নহ’লে কিয় সকলোকে পিছ পেলাই তেওঁ অচিনাকি লোকৰ সৈতে কথা পাতিবলৈ আগ বাঢ়ি যাব, কিয় জানিবলৈ বিচাৰিব তেওঁ ক’লৈ যায়? আৰু আজিকালি মানুহে ঠিকনা বিচাৰি সুধি-পুছি ফুৰাটোও বেছি হৈছে৷ আজিকালি বেলাটোৰ ভিতৰতে ৰাস্তাৰ নাম সলনি হয়, নতুন নতুন ঘৰ-বাৰী বাঢ়ি গৈছে, নিতে নতুন নাৰ্ছাৰী স্কুল হৈছে, কেৰাটে শিকাৰ কেন্দ্ৰ গজিছে; বেংছটাৰ দৰে নাৰ্চাৰী স্কুল, কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কত যে কি!

এনেকৈয়ে এদিন বিয়লি এজন ভদ্ৰলোকে গাড়ীৰ পৰা নামি ব্যস্ত ভংগীৰে ৰাস্তাটোৰ ইপাৰলৈ আহিছে৷ হাতত মিঠাইৰ পেকেট, পোছাক-পৰিচ্ছদত ৰুচিৰ ছাপ৷ বয়স প্ৰায় যোগেনদাৰ ওচৰা-ওচৰি৷ তেওঁক ইফালে-সিফালে চোৱা দেখি যোগেনদা সজাগ হ’ল আৰু আমাক এৰি ভদ্ৰলোকৰ ফালে আগ বাঢ়ি গ’ল৷ খেলখনৰ মজা চাবলৈ আমিও পিছ ল’লোঁ৷ ভদ্ৰলোকৰ কাষ চাপি যোগেনদাই গলা পৰিস্কাৰ কৰি সুধিলে, ‘আপুনি কাৰোবাৰ ঠিকনা বিচাৰিছে বোধহয়?’ ভদ্ৰলোকে ব্যস্ত হাতেৰে পকেটৰ পৰা এটুকুৰা কাগজ উলিয়ালে৷ ‘হয় মনচাতলা লেন, এই নম্বৰটো বোধহয় এইফালেই ক’ৰবাত হ’ব৷ মোক যি ডিৰেক্‌চন দিয়া হৈছিল...’

আঁৰ চকুৰে কাগজটুকুৰালৈ চাই যোগেনদাই গম্ভীৰ স্বৰে ক’লে, ‘ওচৰেই পাইছেহি, তথাপি আগৰ বাছষ্টপত নমা হ’লেই আপোনাৰ বেছি সুবিধা হ’লহেঁতেন৷ মই কৈ দিছোঁ, শুনক, এই গলি দুটা এৰি তিনি নম্বৰটোৱেদি গৈ সোঁহাতে যিটো ঘৰ পাব, সেইটোৱেই৷’

বিগলিত কণ্ঠে যোগেনদাক ধন্যবাদ জনাই ভদ্ৰলোক গুচি গ’ল৷ তেওঁ চকুৰ আঁৰ হওঁতেই পংকজে সুধিলে, ‘কাৰ ঘৰলৈ যায় ভদ্ৰলোক, যোগেনদা? মনচাতলা লেন বুলি ক’লে, সেয়াটো আমাৰেই পাৰা৷’

‘সেয়া’ পংকজে আগ বঢ়াই দিয়া চিগাৰেটটো ল’বলৈ গৈ হঠাৎ যোগেনদাৰ চকু কপালত উঠিলগৈ৷ দুইহাত দাঙি চিৎকাৰ কৰি উঠিল, ‘আৰে, ভদ্ৰলোকেযে মোৰেই ঘৰ বিচাৰিছিল, ছয়ত্ৰিশৰ বি৷ মোৰ ছোৱালীজনী চাবলৈ অহাৰ কথা আছিল দৰাৰ খুৰাক৷ তেওঁ ছোৱালী চাই মত দিলেই বিয়াখন পকা হৈ যায়৷ ইস্‌... তেওঁক এনে এটুকুৰা অদ্ভূত ঠাইলৈ পঠিয়াই দিলোঁ... ছিঃ ছিঃ’


আমি জানিছিলোঁ যে যোগেনদাৰ এই স্বাস্থ্যহীনা, কুৰূপা, বিয়াৰ বয়স পাৰ হৈ যোৱা ছোৱালীজনীৰ বিয়াক লৈ যোগেনদাৰ দুঃচিন্তাৰ অন্ত নাছিল৷ জনা নাছিলোঁ যে পথৰ ঠিকনা বিলোৱা কাৰ্যত যাৰ ইমান নিচা, তেওঁ আহি সেই পথৰ ওপৰতেই বিবশ হৈ বহি পৰিব ধপ্‌কৈ!

No comments:

Post a Comment