Saturday, 27 September 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এখনি হাস্যব্যংগ নাটিকা৷ অলপতে মোক জোৰ-জবৰদস্তিকৈ শুনোৱা এই কথাখিনি ‘গ্ৰাহক সেৱা আৰু গৰু বেপাৰীৰ আলাপ’ নাম দি কষ্ট কৰি লিখি দিছে টানিক্স জে. আৰু আদিশ কীৰিনে৷ সংগৃহীত অডিঅ’টোৰ মূল উৎসটো অৱশ্যে নাজানো৷
................................................................................................



ৰিলায়েন্সলৈ স্বাগতম৷

প্ৰিয় গ্ৰাহক... আমাৰ আইডিয়াৰ অপচনচসমূহ সলনি হৈছে৷ অনুগ্ৰহ কৰি... অনুগ্ৰহ কৰি অপেক্ষা কৰক৷ আপোনাৰ কলটো আমাৰ গ্ৰাহক সেৱা প্ৰতিনিধিলৈ প্ৰেৰণ কৰা হৈ আছে৷

ক্রিং... ক্রিং... (বেকগ্ৰাউণ্ডত ৰিলায়েন্সৰ মিউজিক)

ইয়ৰ কল ইজ ইমপ’ৰ্টেড টু আছ৷ আৱাৰ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ ৱিল এটেনড টু ইউ শ্বৰ্টলি৷ প্লিজ হ’ল্ড দ্যা লাইন অৰ ট্ৰাই এগেইন লে’টাৰ৷ ইয়ৰ কল ইজ ইমপ’ৰ্টেড...

ক্রিং...

কাষ্টমাৰ কেয়াৰ : নমস্কাৰ৷ ৰিলায়েন্স ফোন৷ মই বৰ্ণালী৷ আপোনাক কেনেকৈ সহায় কৰিব পাৰিম?
গ্ৰাহক : হেল্ল’...
কাষ্টমাৰ কেয়াৰ : জনাব...
গ্ৰাহক : হেল্ল’...
কাষ্টমাৰ কেয়াৰ : হয় ক’ব, মই শুনি আছোঁ৷
কাষ্টমাৰ : অঁ এটু ৰিলায়েন্সত লাইগছিনা?
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : অ’... ঠিকেই আছে দে৷ অ’ আজিকালি চ’বৰে নম্বৰগিলা একে হৈ গেইছি নহয়, গমে নাপ্পৈ কাত্তাতে লাইগছি৷
কাষ্টমাৰ কেয়াৰ : কি নাম্বাৰ বুলি ক’লে?
কাষ্টমাৰ : মানে এই... এই এক, ন, আঠটু৷ এটু এয়াৰচেলত মাইল্লিও লাগে ধোন, ভোদাফোনত মাইল্লিও লাগে, চ’বতে লাগে৷ সেই কাৰণে সোধছু, বয়া নাপবি দে৷
কাষ্টমাৰ কেয়াৰ : হয়, ঠিক আছে বাৰু৷ কিহৰ কাৰণে কল কৰিছে জনাব৷
কাষ্টমাৰ : এতিয়া মোৰ এটা বৰ অসুবিধা পাই আছো এ’ মই৷
কাষ্টমাৰ কেয়াৰ : ক’ব৷
কাষ্টমাৰ : আজি ফোনটো লবাতো মোৰ বহুত দিনেই হ’ল৷ শিখবা একো নল্লু দেচোন, কিন্তু লবা বহুত দিন হ’ল৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : এতিয়া আমি বেপাৰ কৰা মানুহ, লাগেই ম’বাইলটো৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : এতিয়া মোৰ ম’বাইলটোত, এই... এই ইদিনাখানে নতুন ম’বাইল এটা ল’লো, আগতটু এই পানীত পৰি গেল৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : এতিয়া লোৱা কাৰণে, এই... নতুন এটা ম’বাইল ল’লো৷ ললি তাতে পৃথিৱীৰ দৰে বস্তু এটা আছে৷ কি বস্তু এটু বুজি পাৱা নাই৷ মই ভাবো কিবা ভাল বস্তু কিজানি, কিবা গান-ঠান বাইজব’ তাতে৷ মনটো বয়া লাগলি তাতে টিপা মাৰিকেনে চাওঁ৷ অ’, পইচা কাটা যায় দেখোন!
কাষ্টমাৰ কেয়াৰ : সেইটো হৈছে আপোনাৰ হ’ম পে’জ, ঠিক আছে ছাৰ? সেইটো আপুনি খুলিলে, ইণ্টাৰনেট হয় সেইটো৷
কাষ্টমাৰ : হা?
কাষ্টমাৰ কেয়াৰ : সেইটো খুলিলে আপোনাৰ পইচা কাটিব৷
কাষ্টমাৰ : কি কৈছি?
কাষ্টমাৰ কেয়াৰ : সেইটো... আপোনাৰযে ম’বাইলটোৰ নাম, কি হয় আপোনাৰ ম’বাইলটোৰ নাম?
কাষ্টমাৰ : কিইইবা নাম, নাজনু নহয় পইৰহিবাক লাগি৷
কাষ্টমাৰ কেয়াৰ : আপোনাৰ সেইটো ইণ্টাৰনেট হয়৷ ঠিক আছে? সেইটো খুলিলে, আপোনাৰ হ’ম পে’জ খুলিলে পইচা কাটিবই৷
কাষ্টমাৰ : এতিয়া পইচা নাকটা কৰবা লাগা হ’লি কি কৰবা লাগবো?
কাষ্টমাৰ কেয়াৰ : ঠিক আছে ৰ’ব, মই চে’ক কৰিছোঁ, লাইনত থাকিব৷ আপুনি সেইটো খুলি নাথাকিব৷ পইচা নাকাটে৷ ঠিক আছে?
কাষ্টমাৰ : এতিয়া ঘপককে টিপা মাইদদিয়া যায় নহয়, নাজনু কথাটো...
কাষ্টমাৰ কেয়াৰ : হয়৷ সেইটো খুলি নাথাকিব আৰু পইচা নাকাটে, ঠিক আছে?
কাষ্টমাৰ : এতিয়া কিবা এটা অইন হেৰি নাই না, বন্ধ কৰি থবা পাৰা সেইটো, যাতে টিপলিও খোলা নাযায়?
কাষ্টমাৰ কেয়াৰ : সেইটো মই ক’ব নোৱাৰিম ছাৰ৷ সেইটো আপোনাৰ হেণ্ডছেটত থাকে৷ আপুনি হেণ্ডছেটটোৰ এনেয়ে সেইটো খুলি নাথাকিব৷ বুজিব পাৰিলে?
কাষ্টমাৰ : অ’ নহয়, হেণ্ডছেটটোত থাকলিওতো তাৰ পৰা কিয়া পইচা কাটে তেনেহ’লি?
কাষ্টমাৰ কেয়াৰ : গম পাইছোঁ, আপুনি সেইটো খুলি নাথাকিব৷ ঠিক আছে?
কাষ্টমাৰ : অ’... মানে...
কাষ্টমাৰ কেয়াৰ : আৰু হেণ্ডছেটৰ... সেইটো আপুনি জানিব, আপোনাৰ হেণ্ডছেটত হৈ আছে৷
কাষ্টমাৰ : অ’... নহয় মই ভাইবছু কি, পইচাটোতো ধৰ... মোৰ ৰিলায়েন্সৰ ফোন৷ ৰিলায়েন্সৰ ফোন হ’লি মই ঘপককৈ পইচাটো তাৰ পৰাই কটা যায়৷ গতিকে তহঁতৰ পৰায়ে কাটা যায় কিজানি! তহঁতেও আগতেও বহুত পইছা কাইটছাতো মোৰ৷
কাষ্টমাৰ কেয়াৰ : আপুনি আৰু সেইটো নুখুলিব৷ ঠিক আছে? বাৰু, এই ছিমটো আপুনি কেতিয়া লৈছে?
কাষ্টমাৰ : এইটো হ’ল দে... বহুত দিন হ’ল৷
কাষ্টমাৰ কেয়াৰ : আপোনাৰ এই ছিমটোৰ কোনো ধৰণৰ ডিটেইলছ আমাৰ ইয়াত এতিয়ালৈকে অহা নাই, ঠিক আছে?
কাষ্টমাৰ : কি এ...?
কাষ্টমাৰ কেয়াৰ : ছিমটোৰ ডিটেইলচ এতিয়ালৈকে অহা নাই৷ আপুনি য’ৰ পৰা আনিছে তাৰ লগত এবাৰ যোগাযোগ কৰিব৷ ঠিক আছে? তেতিয়াহে ছিমটোৰ ডিটেইলচ আহিব আৰু আমি আপোনাক ভালদৰে জনাব পাৰিম৷ ঠিক আছে?
কাষ্টমাৰ : অ... এতিয়া মই ছিমখানবা ক’ৰ পৰা আনিছিলোঁ!
কাষ্টমাৰ কেয়াৰ : নহয় নহয়, আপোনাৰ ওচৰতযে চাৰ্ভিছ চেণ্টাৰ আছে, তালৈ যাব৷
কাষ্টমাৰ : ম’বাইলৰ?
কাষ্টমাৰ কেয়াৰ : হয়, চাৰ্ভিছ চেণ্টাৰযে, আপোনাৰ ওচৰত যি ৰিলায়েন্সৰ চাৰ্ভিছ চেণ্টাৰ আছে...
কাষ্টমাৰ : নাই আমাৰ ইয়াতে৷ ওচৰত নাই, দূৰত আছে আমাৰ৷
কাষ্টমাৰ কেয়াৰ : হয়, চাই ল’ব৷ আপোনাৰ ছিমটোৰ এতিয়ালৈকে ডিটেইলচ অহা নাই৷ ডিটেইলচ আহিলেহে আমি ভালদৰে জনাব পাৰিম৷ ঠিক আছে?
কাষ্টমাৰ : ঠিক আছে৷
কাষ্টমাৰ কেয়াৰ : বুজিব পাৰিলে?
কাষ্টমাৰ : অ... হেল্ল’...
কাষ্টমাৰ কেয়াৰ : হয় ক’ব৷
কাষ্টমাৰ : আৰু সেই... সেই পৃথিৱীখনতনো কি আছে? ক্যা পইচা কাটেনু?
কাষ্টমাৰ কেয়াৰ : সেইটো আপোনাৰ ইণ্টাৰনেট হয় ছাৰ৷ আপোনাৰ সেইটো হ’ম পে’জ৷ আপুনি সেইটো নুখুলিব৷ খুলিলে আপোনাৰ পইচা কাটিবই৷
কাষ্টমাৰ : নহয়, এনেয়ে ধৰ আৰুতো ম’বাইলত আৰু কিবাকিবি আছে৷ ইগলাখান বাকাচৰ দৰে আহে, স্কুপ ড্ৰাইভাৰো আহে৷ সেইগিলাখানত টিপলিতু পইচা নাযায় নহয়৷
কাষ্টমাৰ কেয়াৰ : সেইটো আপোনাৰ ছেটিংছ হয় ছাৰ৷ সেইটো নুখুলিব৷ ঠিক আছে?
কাষ্টমাৰ : নহয় তাতে আছে কি সেই বাকাচটোৰ ভিতৰত? পৃথিৱীখনৰ ভিতৰত আছে কি?
কাষ্টমাৰ কেয়াৰ : আপোনাৰ এইবিলাক হেণ্ডছেটত আছে৷ আপুনি খুলি নাথাকিব৷ ঠিক আছে? আৰু পইচা নাকাটে৷
কাষ্টমাৰ : নহয় পইচা যাকেই ৰহ লাগা হ’লি৷ লাগা হ’লি মই আক দিনৰ বেপাৰৰ পইছা তাতে খাতাই দিম চব৷ কিন্তু ভিতাৰত কি আছে জাইনবা লাগছিল৷
কাষ্টমাৰ কেয়াৰ : গম পাইছোঁ ছাৰ৷ আপোনাৰ ওচৰতযে হেণ্ডছেটৰযে, ম’বাইলৰযে দোকান আছে চাৰ্ভিচ চেণ্টাৰ...
কাষ্টমাৰ : অ৷
কাষ্টমাৰ কেয়াৰ : তালৈ যাব৷ তাতে আপুনি সুধি ল’ব ভালকে, গম পাব৷ ঠিক আছে৷
কাষ্টমাৰ : এই গেইছলু কালি৷ কিন্তু আকো নকলা দেখোন৷ ক’ত কিবাকে এনাই পঞ্চাশ টকা এটা লৈছি মোৰ তাৰ পৰাই৷
কাষ্টমাৰ কেয়াৰ : গম পাইছোঁ ছাৰ৷ আপুনি তাত ক’ব যে, মানে, কোনটো বস্তু কি হয় আপুনি সুধি ল’ব৷ ঠিক আছে?
কাষ্টমাৰ : অ৷ এই ইগলাখান, ম’বাইলগিলাখান উলিয়াই কিনা বৰ দিগদাৰ কছচি হয়না? আমাৰ কাৰণে দিগদাৰ হৈছি ইগলাখান৷ এতিয়া ম’বাইলটো ভাল লাগে মোৰ ক্যা, এই ফটো তুইলবা পাৰি৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : এতিয়া মই গৰু বেপাৰ কৰো৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : কইল্লি কেতিয়াবা মই এই ফটো-চটো তুলি আনি মানুহগিলাক দেখুৱাও, বোলে এনেকুৱা গৰু আছে৷ কিনা যদি কিনবা পাৰা তুহুন৷ সেই কাৰণে ৰাইছো৷ নহ’লি মই এটু ম’বাইল নল্লু হয়৷ মোৰ এই আগত এটা সেই টৰ্চ থাকা আছিল৷ সেটুই বৰ ভাল আছিল৷
কাষ্টমাৰ কেয়াৰ : হয়৷
কাষ্টমাৰ : এতিয়া... তাতে আছেনো কিনো? তাতে কিবা ভাল বস্তু আছেনা?
কাষ্টমাৰ কেয়াৰ : সেইটো আপোনাৰ ছেটিংছ হয় ছাৰ৷ আৰু আপোনাৰ ইণ্টাৰনেট হয়৷ আপুনি সেইবিলাক খুলি নাথাকিব৷ পইচা কাটিবই৷
কাষ্টমাৰ : নহয় মোৰ এমান পইচা কাইটছি মোৰ বিৰক্তি হৈ গেইছি৷ এতিয়া মই হেৰি কৰবা পাল্লি, তাতে কি আছে চাবা পাল্লিহে মোৰ মনটো ভাল লাগবো৷
কাষ্টমাৰ কেয়াৰ : আপুনি নিজেই চেক কৰি ল’ব ছাৰ৷ আপোনাৰ হেণ্ডছেটৰ কথাটো মই জনাব নোৱাৰিম৷ ঠিক আছে?
কাষ্টমাৰ : নহয় এতিয়া তহঁতে ধৰ, পঢ়াশুনাও এমান৷ তহতে জানবি দেচোন? তহঁতৰ কিজানি আছে ইগলাখান মবাইল৷ থাকেই আজিকালি চবৰে৷ আমাৰো আপাহঁতৰ দৰে৷
কাষ্টমাৰ কেয়াৰ : গম পাইছোঁ ছাৰ৷ আমাৰ ইয়াত অকল আপোনাৰ ছিমটোৰ ডিটেইলচহে থাকে, হেণ্ডছেটটোৰ ডিটেইলচ নাথাকে৷ ঠিক আছে?
কাষ্টমাৰ : নহয় মই হেৰিৰ কথা কোৱা নাই৷ নহয়, তহতৰোঁতে এনেকুৱা ম’বাইল আছে কিজানি৷ তহতে কি কৰা তাতে?
কাষ্টমাৰ কেয়াৰ : সেইটো মই জনাব নোৱাৰিম, ঠিক আছে?
কাষ্টমাৰ : হয় নেকি? এনাই কলি ভাল লাগিল হয়৷ এতিয়া সোধবা পাৰা মানুহো নাই সেনেকে৷ আজিকালি...
কাষ্টমাৰ কেয়াৰ : ঠিক আছে বাৰু, আপুনি আপোনাৰ ওচৰতযে হেণ্ডছেটৰ দোকান আছে তাতে সুধি ল’ব৷
কাষ্টমাৰ : এই সিহতে তামাম মানে সেই আৰু... দুনীয়াৰ মানুহ-চানুহ আহি থাকে৷ গেইছলো মই কালি৷ যাই কানে মই ক’লো কি মোৰ ম’বাইলটো পইচা যাই থাকে, চাই দিচোন কি হ’ল৷ তাৰ পৰা দেখোন সিহঁতে কিবা স্কুপ ডাইভাৰডাল ললা, লৈকানে খুইললা৷ খুলিকানে কৈছে কি অ ভাল হৈছে যা৷ তাৰ পৰা পঞ্চাশ টকাও ললা মোৰ পৰাই৷ এতিয়াও আকো ভাল হোৱা নাই৷ সেই আগৰদৰে হৈ আছে৷
কাষ্টমাৰ কেয়াৰ : আপুনি খুলি নাথাকিব ছাৰ৷ আপোনাৰ পইচা কাটিয়ে থাকিব সেইটো খুলিলে৷
কাষ্টমাৰ : নহয় মই এতিয়া খুইলবাৰে ইচ্ছা আছে৷ কিনো আছে মোৰ চাবা ইচ্ছা আছে তাতে৷ ক্যা পইচা কাটে?
কাষ্টমাৰ কেয়াৰ : আপুনিটো খুলিলে পইচা কাটিবই ছাৰ আৰু আপোনাৰ৷
কাষ্টমাৰ : আঃ নহয় এ, পইচা কাটকে মোৰ, কথা নাই৷ মই যিমান ৰিচাৰ্জ কইৰবা লাগে সিমান কৰিম মই৷ বুইচানা নাই৷ এটা গৰুৰ লাভ লাগা হলি মই তাতে গোটে ভৰে দিম৷ কথা নাই৷ কিন্তু কি আছে মোক তাৰে ভিতাৰত মোক সেটোই লাগে৷ কি পাইনো তাতে?
কাষ্টমাৰ কেয়াৰ : আপুনি সেইবিলাকত নুখুলিব৷ ঠিক আছে? আপোনাৰ ওচৰৰ মানুহক সুধি ল’ব, জানা মানুহক৷ মই এতিয়া ক’ব নোৱাৰিম হেণ্ডছেটৰ কথা৷
কাষ্টমাৰ : হয় নেকি ? এ তহঁতত তাতে কিবা এটা সুধলি তহঁতে কবাই নৰা খালি৷
কাষ্টমাৰ কেয়াৰ : আপোনাৰ ছিমৰ বিষয়ে সুধিলেহে ক’ব পাৰিম৷ আপোনাৰ ম’বাইলৰ কথা আমি ক’ব নোৱাৰিম, আপোনাৰ হেণ্ডছেটৰ কথা৷
কাষ্টমাৰ : এ তহঁতে তথাপি ইমান পঢ়া-শুনা তহতে, তহঁতে ইংলিচত ক’বা পৰা, হিন্দীত কবা পাৰা৷ তহঁতে নাওমানটি কথাষাৰ ক’ব নোৱাৰানা?
কাষ্টমাৰ কেয়াৰ : আপুনি কোনটো ম’বাইল ব্যৱহাৰ কৰিছে সেইটো আপুনিহে জানিব ছাৰ৷ আমিতো নাজানিম৷ হয়নে নহয়?
কাষ্টমাৰ : নহয়, পৃথিৱী থকা মবাইল তহঁতৰ আছেনে নাই?
কাষ্টমাৰ কেয়াৰ : সেইটো ক’ব নোৱাৰিম ছাৰ৷
কাষ্টমাৰ : তহঁতৰ পৃথিৱী থাকা ম’বাইল নাই, মই বিশ্বাসে নকৰাওঁ এই৷
কাষ্টমাৰ কেয়াৰ : সেইটো মই ক’ব নোৱাৰিম, বুজিব পাৰিছে?
কাষ্টমাৰ : আঃ তোৰ থাকা বুলি ক’লি দে, কি হ’ব কচোন? মইতো কিবা তোৰ চোৰ কৰিবা যামনা আৰু? হেই... তহঁতক এটা কিবা মই নিজৰ বুলি ভাবি তহঁতক ফোন কৰো, কথা পাতো৷
কাষ্টমাৰ কেয়াৰ : হয়, গম পাইছোঁ ছাৰ৷ কিন্তু আপোনাক মই সেইটো জনাব নোৱাৰিম৷ আপুনি ওচৰৰ মানুহক সুধি ল’ব, ঠিক আছে?
কাষ্টমাৰ : নহয় কি কৈছোঁ, আমাৰ ইয়াৰে ছলিগিলা বৰ অসাৎ ছলি৷ সিহঁতক যদিন দিয়া, হ’ পইচামাখান নোহোৱা কৰি থৈ দিয়ে ম’বাইলটোৰ৷ ক’ত ফোন কৰিব অমুকত, তমুকত৷ কৰিকেনা মোক আৰু ফোন কৰিকিনে সোধব কুনি কইচ্ছা৷ বোলো তই কইচ্ছা, তই জানবি ক’ত কইচ্ছা৷ মই ইগলাখান বয়া পাওঁ৷ সেইকাৰণে মোৰ ইয়াৰে ছলিক দিবাৰ ইচ্ছা নাই৷ সেইকাৰণে মই তহঁতক ফোন কৰিছোঁ৷
কাষ্টমাৰ কেয়াৰ : ঠিক আছে, ঠিক আছে, হ’ব বাৰু দিয়ক৷ আপুনি জানি ল’ব, ঠিক আছে বাৰু, নিজেই?
কাষ্টমাৰ : তে তহঁতে নকা আৰু?
কাষ্টমাৰ কেয়াৰ : হয়, আমি ক’ব নোৱাৰিম আপোনাৰ ম’বাইলৰ কথা৷
কাষ্টমাৰ : তে অহংকাৰ হৈছি আৰু তহঁতৰ তাতে৷
কাষ্টমাৰ কেয়াৰ : ঠিক আছে বাৰু, ধন্যবাদ, ৰিলায়েন্সত কল কৰাৰ বাবে৷
কাষ্টমাৰ : হ’ব দে৷ দে বয়া নাপবি...

(সমাপ্ত)

No comments:

Post a Comment