Tuesday, 23 September 2014

কথাটো চাগৈ আপুনিও
মন নকৰাকৈ থকা নাই...


তেতিয়াৰে পৰা আমাৰ হাত কমি গ’ল৷ দুখন হাতৰ ঠাইত এখন হ’ল৷ এখনৰ ঠাইত হাত নোহোৱাই হৈ থাকিল৷ কাণৰো কাম বাঢ়িল৷ আপুনি কি ভাবে নাজানো, মই হ’লে লক্ষ্য কৰোঁ আৰু ভিতৰি খুব মজা লওঁ, মানে বিৰাট ‘এনজয়’ কৰোঁ৷ বঢ়িয়া জিনিচ এটা আহি গ’ল দেই৷ কথাটো কওঁ ৰ’ব আপোনাক৷

সৌৱা, পিঠিত বেগ লৈ টিউচনৰ পৰা আহি থকা ছোৱালীজনী বা ল’ৰাটোলৈ চাওক৷ এখন হাত অথনিৰে পৰা কাণ এখনত আঠা লগাদি লাগিয়ে আহিছে৷ দেখিছে? ইফালে পিছফালৰ পৰা অহা গাড়ীয়ে খুন্দিয়াইহে লাগে! তথাপি কোনো কেৰেপ নাই৷ আপোনাৰ আগেদিয়েই চেণ্ডেল চোচোঁৰাই পাৰ হৈ গ’ল সি বা তাই৷

ল’ৰা-ছোৱালীহালক আৰ্ট ক্লাছত থ’বলৈ যাওঁতেও চকুত নপৰেনে? ৰখীয়া মাতৃ, অভিভাৱকসকলে আৰামত বহি লৈ একান্তমনে সেইটোকেই টিপি আছে, চাই আছে৷ বাটে-ঘাটে একেই চিত্ৰ৷ কি পুৰুষ, কি মহিলা; ডেকা, গাভৰু... কোনো বাদ নাই৷ মই তেতিয়া ভাবোঁ, ইস, এইটো নথকা হ’লে কিযে হ’লহেঁতেন ঐ! কি কৰিযে কটালেহেঁতেন সময়বোৰ! ভাল ‘টাইম পাছ’ কৰিব পৰা জিনিচ এপদ হাতে হাতে আহি গ’ল দেহি! নল’লেও সমাজত কিবা বোলেনে শাৰীত নুঠে, নিদিলেও গৃহযুদ্ধ!

বাইকৰ পিছফালে টিঙত বহি কাণত এহাতেৰে ধৰি গৈ থকা চেঙেলীয়াটোক দেখিছে? নিজে বাগৰি পৰাত তিলমাত্ৰও ভয় নাই৷ বস্তুপদ কেনেবাকৈ পিছলি পৰে বুলি কিন্তু প্ৰতি মুহূৰ্ততে প্ৰয়োজনাধিক হুচিয়াৰ! তেনে দৃশ্য উপভোগ কৰিবলৈ মই উন্মুখ হৈ থাকোঁ৷ দেখা পালেই আনন্দ লওঁ৷ চকুৰে নেদেখা হোৱালৈকে চাওঁ৷

আপোনাক এইমাত্ৰ পিছ পেলাই থৈ যোৱা স্কুটিখনত কি দেখিলে? হাত দুখন বন্দী হৈ ৰোৱা বাবে বেচেৰীয়ে দুকাণেই গুজি লৈছে জিনিচসংযোগী তাঁৰডালৰ দুমূৰ৷ তেনেকৈয়ে চুলি উৰুৱাই তুফান স্পীডত তাই ধাৱমান৷ আপুনি ক’ৰবাতে থাকিল! আৰু কি? এহাতে চলাই এহাতে যন্ত্ৰত মগন হৈ গৈ থকাটোও বোধহয় আপোনাৰ চকুত নপৰাকৈ থকা নাই৷

কাৰোবাৰ কাৰোবাৰ তাত দেখোঁ, হাততকৈ যন্ত্ৰ ডাঙৰ৷ সঁচাকৈ কৈছোঁ, মোৰ হ’লে বুজাত খেলিমেলি লাগি যায়৷ ইফালে তৰ্জনী, নহ’লে বুঢ়াৰ কি খেল! দলি মাৰি দিয়ে আঙুলিটো৷ আকৌ ঘূৰাই আনে৷ আকৌ দলিয়ায়৷ মাজে মাজে সাপে খোঁট মৰাৰ নিচিনাকৈ ক’ৰবাত টোকৰ দিয়ে আঙুলিৰ আগটোৰে৷ কি ঘটে নাজানো৷ জুম পাতি কিবা চাই থকা হ’লে দেখোঁ৷


এইকেইদিন নেৰানেপেৰা বৰষুণ পৰিছে৷ লেথাৰি নিছিগাকৈ ডাৱৰ সৰিছে৷ চাবচোন আপুনি, ছাতি এটা লগত নাথাকিলেও হাতৰ মুঠিত প্ৰাণতকৈও প্ৰিয় জিনিচটো হ’লে দেখিব৷ ছাতি পাহৰিলেও সেইপদ পাহৰা নাই৷ নিজে তিতিলেও জিনিচটো হ’লে ঘনেপতি মচি থকা দেখিব৷ কথাটো মনে মনে কৈ থ’লোঁ৷ হয়নে নহয় চাব, আৰু সময় পালে জনাব৷

No comments:

Post a Comment