Saturday, 13 September 2014

29
(গল্প নহয়, সত্য)


দপকৈ লাইটবোৰ নুমাই থাকিল৷ লগে লগে বিকট চিঞৰ কেইটামান ভাহি আহিল সিটো ব্লকৰ পৰা৷ দুটামান অবাইচ মাতো৷ ইলেকট্ৰিচিটিৰ চৈধ্য পুৰুষ উজাৰি গালি পৰা শুনা গ’ল৷ এটা-দুটাকৈ ল’ৰাবোৰ বাৰাণ্ডালৈ ওলাল৷ কিছুমানে ৰুমতে বিছনাত হেলান দিলে৷ চিৰিয়াচকেইটাৰ টেবুলত অৱশ্যে মমৰ পোহৰ দেখা গ’ল৷ বহুতৰে আকৌ লাইট গ’লে পঢ়িবলৈ লগত মমবাতি ৰখাৰ নিয়মেই নাই৷

২৪ নম্বৰৰ দৰজাখন খুলি ছিদ্দিক ওলাই আহিল৷ ইফালে-সিফালে চালে৷ কাষৰ ৰুমটোৰ তৰুণ ইতিমধ্যে ষ্টেপত বহিছেগৈয়ে৷ সিপাৰে ১ নম্বৰৰ আগত সেইটো অমৃত৷ চেণ্ডেল চোঁচোৰাই চোঁচোৰাই ডাইনিং হলৰ সন্মুখেৰে এইফালেই আহিব ধৰিছে৷ ‘ঐ বতাহী, ওলা, ওলা...’ বুলি ৰুমমেত ৰমেনক উদ্দেশ্য কৰি চিঞৰ একোটাও মাৰি আহিছে মাজে মাজে৷ পৰ্দাখন গুচাই ডিঙি উলিয়াওঁতেই কোনোবা দুটাৰ ঢকিয়াঢকি, দৌৰা-ঢপৰাৰ উমান পালোঁ৷ এটা বাৰু কীৰ্তি৷ আনটো কোন? ধেমালি বুজি পোৱাবোৰৰ মাজত তেনে ধৰণৰ চুপতা-চুপতি অনৰ্গল চলিয়ে থাকে৷ কাৰেণ্ট থাকক নাথাকক৷ বেলেগ এটা আনন্দ৷

লুঙিখন কোঁচাই তৰুণৰ কাষতে ময়ো ষ্টেপত বহিলোঁগৈ৷ আন্ধাৰে গ্ৰাস কৰা এনে সময়বোৰত কাৰযে ক’ত আড্ডা চলে! কথোপকথনৰ লগতে হাঁহিৰ শব্দ ভাহি আহিছেই৷ চন্দনহঁতৰ ৰুমত গান ‘যোৱাৰ পৰত সৰা শেৱালি বুটলি...’, চন্দনেই গাইছে৷ কেইদিনমান হ’ল, ২ নম্বৰলৈ যোৱা হোৱা নাই৷ ভাবিলোঁ, ৰাজেন-পৱিত্ৰ-প্ৰমোদ-মুকুলেনো কি কৰি আছে চাই আহোঁ৷ চিৰিয়াচকেইটাৰ পৰা ফ্লুইড মেকানিকচৰ চেশ্বনেলখিনিৰ খবৰটোও লোৱা হ’ব৷

‘ক’লৈ যোৱা?’ ...যাওঁ বুলি থিয় হৈছিলোঁহে, ছিদ্দিকৰ গহীন মাতটোৱে বাধা দিলে৷

‘বহোঁ দিয়া, ভাত খোৱালৈকে৷’ ...উত্তৰলৈ বাট নাচাই সি প্ৰস্তাৱটোও দিয়েই দিলে৷ সংখ্যাটো সম্পূৰ্ণ হোৱালৈ সি চাগৈ মন কৰিহে আছিল৷

‘কীৰ্তি, লৈ আন যা৷ মোৰ টেবুলতে আছে৷ মমৰ টুকুৰা এটাও তলৰ ড্ৰয়াৰটোতে থাকিব লাগে৷ নহ’লে নুৰুলৰ পৰা লৈ আহিবি৷ কিবা ক’লে মোৰ কথা ক’বি৷ ইমান ফালিব নালাগে৷’ ...ছিদ্দিকৰ নিৰ্দেশ পাই খেদাখেদি খেলখন বাদ দি কীৰ্তি সিহঁতৰ ৰুমলৈ আগ বাঢ়িল৷

আমি বাৰাণ্ডাত পজিশ্যন ল’লোঁ৷ ঢিমিক-ঢামাককৈ পোহৰ এখিনি হাতত লৈ কীৰ্তি আহি পালে৷ বাঁওহাতে তাচযোৰ৷
‘দে, লগাই দে জেগাত৷’

কীৰ্তিয়ে জ্বলন্ত মমৰ টুকুৰাটো বিশেষ কায়দাৰে বাৰাণ্ডাৰ খুঁটাত থিয়কৈ প্লেছ কৰি দিলে৷ মম জ্বলি থাকিল, বাগৰিও নাহিল, আমাক লগা ঠাইখিনি পোহৰায়ো থাকিল৷

‘গেমব্লিং মাষ্টাৰ’ ছিদ্দিক আৰু মই পাৰ্টনাৰ, কীৰ্তি আৰু তৰুণ৷ তৰুণে পাত বাছিবলৈ লাগি গৈছে৷ দুইৰ পৰা পাঁচলৈ এফালে, ছয় চাৰিটা অন্য এফালে দুভাগকৈ, সাতৰ পৰা আন এটা ভাগ৷ ছিদ্দিকে চাগৈ মনে মনে ভাবিছে, ভাতৰ বে’ল মৰাৰ আগতে ইহঁত দুটাক কেইখন শ্বিট দিব পৰা যাব!

অমৃত, প্ৰদীপ, সৌমেন্দ্ৰ নাতিদূৰৈত ৰৈ আছিল৷ অলপ পিছত সিহঁতেও ক’ৰবাৰ পৰা মমৰ টুকুৰা এটা যোগাৰ কৰি একেদৰেই কাষৰ খুঁটাটোত লগাই ল’লে৷ ৰুমৰ পৰা আহোঁতেই পকেটত ভৰাই লৈ অহা কাৰ্ডজাপ অমৃতে চাফল কৰিব ধৰিলে৷ পকাখনত এনেয়ে ফু এটা মাৰি ৰমেনো বহি গ’ল৷

৩নম্বৰ হোষ্টেলৰ বাৰাণ্ডাখন পোহৰ হৈ উঠিল৷

No comments:

Post a Comment