Monday, 22 September 2014

শিয়াল...


গছৰ ডালত কাউৰী এজনীয়ে মুখত লৈ থকা মঙহ খুতুৰা শিয়াল এটাই কেনে ছল-চাতুৰীৰে সৰকাই নি খালেগৈ সেই বিষয়ক কাহিনী এটা আমি কোন কেতিয়াবাতে কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ তেতিয়াই আমাৰ কোমলমতীয়া মনত ঘটনাটোৱে গভীৰভাৱে ৰেখাপাত কৰিছিল৷ লগতে প্ৰতিক্রিয়াৰো সৃষ্টি হৈছিল : ইমানযে ধূৰ্ত এই শিয়াল নামৰ চাৰিঠেঙীয়া জন্তুটো! সিহঁতৰ মূৰটো চাগৈ অনবৰত বুদ্ধিৰেই পোত খাই থাকে৷

পিছলৈ আমি ‘শিয়াল-বুদ্ধি’, ‘শিয়াল-কটকী’, ‘শিয়াল-পণ্ডিত’ আদি শব্দ কিছুমানো পাইছিলোঁ৷ মানুহ নামৰ প্ৰাণীবিধৰ ক্ষেত্ৰত দেখা শিয়ালসদৃশ ধূৰ্তালি বুজাবলৈকে এইজাতীয় শব্দসমূহ তেতিয়াও কৰা হৈছিল আৰু আজিকোপতিও আমাৰ ভাষাত সম্ভ্ৰমেৰে প্ৰয়োগ কৰি অহা হৈছে৷

পলিটিচিয়ান, মানে ৰাজনীতিক হেনো শিয়ালতকৈও ধূৰ্ত! হয়নে বাৰু কথাটো? সঁচা-মিছা হ’লে নাজানো৷ বাক্যটো ক’ত জানো পাইছিলোঁ, এই মুহূৰ্তত সেইটোও ঠিক ক’ব নোৱাৰিম৷ পাইছোঁ কিন্তু৷ আৰু পাইছোঁ যে এশটা শিয়াল মৰিলে হেনো এজন ৰাজনীতিকৰ জন্ম হয়৷ অৰ্থাৎ এজন ৰাজনীতিক হ’বলৈ হ’লে এশটা শিয়ালৰ সমান বুদ্ধি থাকিব লাগিব৷ ছল-চাতুৰীৰে ৰাইজৰ মুখৰ আহাৰ সৰকাই খোৱা ৰাজনীতিকৰ স্থান কাউৰীৰ মঙহ সৰকোৱা শিয়ালটোতকৈ দস্তুৰমত এশগুণ ওপৰত৷ কাজেই ৰাজনীতিকৰ বুদ্ধিৰ প্ৰখৰতাত সাধাৰণ প্ৰজাই ত্ৰাহি মধুসুধন সুঁৱৰিব লগা হয়৷ শিয়ালে তেতিয়া এজনী কাউৰীৰ পৰাহে সৰকাইছিল৷ তেনেকুৱা এশজনী কাউৰীৰ মুখৰ মঙহ অকলেই একে আষাৰতে সৰকাই খাই পেলাব পাৰে ৰাজনীতিক নামৰ দুঠেঙীয়া জীৱটোৱে৷ ইহঁতৰ মূৰটোহঁত শিয়াল-বুদ্ধিৰে ঠাহ খাই থাকে৷ ইহঁত শিয়ালৰ বংশধৰ৷ এনে ‘শিয়াল-পৰিবাৰ’ৰ সদস্যসকলে মৰা হোৱাবিলাকহে এতিয়া সঘনাই ৰাইজে শুনা পায়৷ আচল শিয়ালৰ হোৱা শুনিবলৈকে নোহোৱা হ’ল৷

কেতিয়াবা মই এনেয়ে জনাৰ চেষ্টা কৰোঁ... কিমান বুদ্ধি থাকিলেনো একোটা শিয়াল হ’ব পাৰি বাৰু?

এশটা শিয়ালৰ বুদ্ধি!

কল্পনা কৰিবলৈকোচোন টান৷

No comments:

Post a Comment