Saturday, 20 September 2014

সংস্থাপনহীনতাৰ সমস্যা
(গল্প নহয়, সত্য)

‘দাদা, আপোনাৰ হাতত টৰ্চ আছে নেকি?’

ৰাস্তাৰ দাঁতিৰে অকলে অকলে খোজ কাঢ়ি গৈ আছিলোঁ৷ সন্ধিয়াৰ পিছত তৰালী আকাশখন মূৰৰ ওপৰত লৈ নিজৰ সৈতে কথা পাতি পাতি গৈ থাকি ভাল লাগে৷ একেদৰে আজিও কিবা এটা ভাবিবলৈ আৰম্ভ কৰিছিলোঁহে মাত্ৰ৷ তেনেকুৱাতে নীৰৱতা ভংগ কৰি সি মাত দিলে৷

মই তালৈ চালোঁ৷ সোঁহাতে প্লাষ্টিকৰ কেৰীবে’গ এটা৷ দোকানৰ পৰা কিবা কিনি তাতে ভৰাই আনিছে৷ অকণমান সময়ৰ বাবে চিন্তা কৰি চালোঁ, ই আকৌ টৰ্চ বিচাৰিছে কেলেই? আকাশত জোন নাছিল ঠিকেই, কিন্তু ওচৰৰ দোকানখনৰ পৰা অহা পোহৰৰ ছিটিকনিয়ে ঠাইকণ অলপ হ’লেও পোহৰাই ৰাখিছে৷ সিচোন মোক চিনি পাইছেই৷ ময়ো তাক ঠিকেই চিনি পাইছোঁ৷ তেনেস্থলত টৰ্চ লাইটৰ দৰকাৰ কিয়?

‘চাওকচোন দাদা, ককাইদেৱে কালি মোক কেনেকৈ মাৰিলে!’

কান্দোনমিহলি বাক্যটোৱে মোৰ চকুকেইটা তাৰ মুখৰ ফালে টানি নিলে৷ কেৰীবে’গটো বাঁওহাতলৈ লৈ সি সোঁহাতখন দাঙি ধৰিলে৷ ডিঙিলৈকো আঙুলিয়ালে৷ একাদিক্রমে দেখুৱাই গ’ল সি৷

‘দেখা পাইছেনে? এইফালে চাওক৷ আৰু এইফালে চাওক৷ মোক সি বৰ বেয়াকৈ মৰিয়ালে৷ বুকু আৰু পিঠিতো চিন বহি আছে৷’

দেখোঁ যে হয়, ৰঙা-ক’লা দাগ কিছুমান, যেনিয়ে-তেনিয়ে৷ পুনৰবাৰ তাৰ মুখলৈ চালোঁ৷ বেয়া লাগিল৷ কিয়বা মৰিয়ালে ককায়েকটোৱে?

‘মই কি কৰিম দাদা, কওকচোন? উপায় এটা দিয়ক৷’

মই একো নামাতিলোঁ৷ তাক ক’বলৈ সুযোগ দি নীৰৱে শুনিহে গ’লোঁ৷ মনৰ কথা কিমান কি কয়, কওকচোন সি৷ লগৰ ল’ৰাৰ ভায়েক যেতিয়া সি মোৰো ভাইৰ দৰেই৷ গতিকে প্ৰথমে মনটোৰ বুজ লওঁ৷ কিন্তু মাজে মাজে অশান্তি দি থকা, তাৰ মুখৰ পৰা ভাহি অহা দুৰ্গন্ধটোক লৈহে চিধাই প্ৰশ্ন কিছুমানৰ অৱতাৰণা কৰি পেলালোঁ৷

‘বেয়া নাপাব দাদা৷ গাড়ী চলোৱাৰ পিছত মই অলপ খাওঁ৷ খাই কিন্তু মনে মনে শুই থাকোঁ৷ এতিয়াও গাড়ী বন্ধ কৰি অলপ খাইছোঁ৷ চলোৱা অৱস্থাত কিন্তু নাখাওঁ৷’

সৰুৰে পৰাই পাই আহিছোঁ ইহঁতক৷ ককায়েকৰ সমনীয়া বুলি সন্মানো পাই আহিছোঁ৷ গতিকে মদ খোৱাৰ সংক্রান্তত দুআষাৰ শুনাই-বুজাই লোৱাটো মোৰ পক্ষে প্ৰথম দায়বদ্ধতা হৈ পৰিল৷ সিও কাণ পাতি শুনিলে৷ তাৰ পাছত আকৌ সমস্যাৰ দিশে কথা সলনি হ’ল৷

‘সি মোক মাৰিছে৷ মোৰ মানুহজনীকো মাৰিছে দাদা৷ ৰাতি ৰাতি খালি কাজিয়া কৰি থাকে৷ মই একো নামাতিলেও বেয়া মাত মাতি গালি পাৰি থাকে৷’

ইহঁতৰ দেউতাক ঢুকুৱা ভালেকেইবছৰ হ’ল৷ যোৱাটো বছৰত মাকো ঢুকাল৷ ভাই-ককাই বুলিবলৈ দুটাই৷ ককায়েক-বৌৱেক দুয়োৰে চাকৰি আছে৷ গ্ৰেজুৱেট হৈও ইয়াৰহে একো নহ’ল৷ মানুহজনীৰো নাই৷ স্থায়ী সংস্থাপনৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা অট’ৰিক্সা এখনকে কোনো ৰকম ৰিপেয়াৰ কৰি চলাই-মেলি তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছে৷ দেউতাকৰ দিনৰ পুৰণি ঘৰটোতে ছবছৰীয়া ছোৱালীজনীৰ সৈতে তিনিওটা বাস কৰে৷ প্ৰায় লগালগিকৈ সাজি লোৱা দুমহলীয়া নতুন ঘৰটোত ককায়েকহঁত থাকে৷ সিহঁতৰো ছোৱালী এজনী৷ বাহিৰত পঢ়ি আছে৷

‘মাটি-সম্পত্তিৰ কাৰণেই সি মোক মাৰপিট কৰি থাকে৷ মোৰ মানুহজনীৰ ওপৰতো হাত তোলে৷ আমাক ওলাই যাবলৈ কয়৷ এতিয়া মই এটা কথা ভাবিছোঁ দাদা৷ মই ইয়াৰ পৰা গুচি যোৱাই ভাল হ’ব৷ মোক একোৱেই নালাগে৷ একো নিবিচাৰোঁ মই৷ মই শান্তিত থাকিব বিচাৰোঁ৷ বেলেগ ক’ৰবাত অট’ চলাম, ভাড়াঘৰত যেনেতেনেকৈ থাকিম৷’

জীৱন বৰ জটিল৷ সমস্যাবহুলো৷ সংস্থাপনহীনতাৰ সমস্যাই বহুতৰে দৈনন্দিন জীৱন-যাত্ৰা জটিলৰ পৰা জটিলতৰ কৰি পেলাইছে৷ এটাই মাথো শব্দ... সংস্থাপনহীনতা৷ ঘৰে ঘৰে ইয়াৰ প্ৰভাৱ আজি স্পষ্ট৷ ইফালে, সঠিক বাট দেখুৱাওঁতাৰো বৰ অভাৱ৷ নিজলৈকে নোজোৰে মানুহৰ!  কাৰ কথা ভাবে কোনে? গতিকে ব্যৱহাৰিক জ্ঞান যিকণ আছে তাকেই সাৰথি কৰি শক্তি, সাহস আৰু ধৈৰ্যৰে সময়ৰ চেলেঞ্জ যোগাত্মক ধৰণে ল’ব লাগিব৷ নিজৰ দুখন হাতেৰেই কিবা নহয় কিবা কৰি দেখুৱাব লাগিব৷ ককায়েৰৰ সমান ধন আৰু পদমৰ্যাদা তোৰ থকা হ’লে এনেকৈ মাৰ নাখালিহেঁতেন ...এইবুলি মই মুখ খুলিলোঁ৷ ঢেৰ কিবাকিবা ক’লোঁ৷

লাহে লাহে তাৰ কন্দনামুৱা মুখখনত আশাৰ আভা এটা উজলি উঠিল৷ মোক ধন্যবাদ জনাই সি গৃহাভিমুখী হ’ল৷


সি যোৱাৰ ফালে চাই থাকি মই ভাবিবলৈ ধৰিলোঁ সংস্থাপনহীনতাই জীৱন বিষময় কৰি তোলা এনেকুৱা আৰু এটা ডেকাল’ৰাৰ কথা, মাহদিয়েক আগতে যি ঘৰ এৰি ওলাই গৈছিল৷ এনেকুৱা উদাহৰণ সমাজত অনেক আছে৷ চবৰে অন্তৰালত মাথো এটাই কথা... সংস্থাপনহীনতাৰ সমস্যা৷

No comments:

Post a Comment