Monday, 15 September 2014

লামিহঁতৰ ধাৰণাবোৰ...
(গল্প নহয়, সত্য)

লামি মোৰ ওচৰলৈ আহিছিল কাগজকেইখিলামান হাততে নুৰিয়াই লৈ৷ ল’ড ছেডিঙৰ বাবে ইলেকট্ৰিক পাৱাৰ চাপ্লাই ব্যাহত হোৱাত তাইক বহিবলৈ দি মই অন্য এটা কামত বাহিৰ ওলাই গ’লোঁ৷ ঘূৰি আহি দেখোঁ যে বিজুলী সৰৱৰাহ চলিছে৷ কাগজকেইখনৰ ক’পী জৰুৰীভাৱে বেংকত জমা দিবলগীয়া আছিল বাবে তায়ো বিদ্যুতলৈ অপেক্ষমান হৈ বহি ৰৈছিল৷

কৰ্মস্থলীত সোমায়ে এওঁক ক’লোঁ, ‘মেছিনটো অন কৰাচোন৷’ আৰু কিবাকিবি বেলেগ কথাও কৈ আছিলোঁ৷ তাই শুনি আছিল৷ কাগজখিনি হাতৰ পৰা লৈ মেছিনলৈ আগুৱাই যাওঁতেই লামিয়ে প্ৰশ্ন কৰিলে... ‘আপুনিবিলাক ঘৰতে আচামীজ ভাখা কয় নিকি?’

থাদ’ জনগোষ্ঠীয় ছোৱালী লামি৷ আমাৰ পিছফালৰ থাদ’ ভেঙত ঘৰ৷ অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাচৰ পৰা দুবছৰৰ আগতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈছে তাই৷ ইহঁতবোৰৰ সৈতে সাধাৰণতে ইংৰাজী নহ’লেবা খিচিৰি পকোৱা হিন্দীতে ভাব বিনিময় চলে৷ চিনাকিটো অলপ পুৰণি হ’লে সিহঁতে বুজিব পৰাকৈ ভঙা ভঙা অসমীয়াও কোৱা যায়, নাগামিজ সুৰীয়াকৈ৷ ইয়াত এখন মিশ্ৰ সমাজত বসবাস কৰি ইহঁতে বিশুদ্ধ অসমীয়া নোৱাৰিলেও এনেকুৱা এটা ভাষা ক’বলৈ শিকি আছে৷ অসমীয়া আখৰ পঢ়িব বা লিখিব নোৱাৰে অৱশ্যে৷

উত্তৰ দিয়াৰ আগতে লামিক ওলোটাই সুধিলোঁ... ‘নহ’লে কি ভাষা ক’ম?’

আকস্মিক প্ৰশ্নত তাই হয়তো থতমত খালে৷ অলপপৰ ৰ’ল৷ তাৰ পিছত কওঁ-নকওঁকৈ মনৰ কথাটো ক’লে... ‘মুছলিম ভাষা৷’

উচ্চ শিক্ষানুষ্ঠানৰ চূড়াত আৰোহণ কৰিলেও লামিহঁতৰ দৰে এনেকুৱা হাজাৰজন আমাৰ মাজত আছে, যি এনেকুৱা ভুল ধাৰণা কিছুমানেৰে প্ৰতিপালিত হৈয়েই দিন-প্ৰতিদিন অতিবাহিত কৰি আহিছে৷ তেওঁলোকৰ ধাৰণাবোৰ পৰিষ্কাৰ কৰে কোনে?

কাম হোৱাৰ পিছত মই লামিক আমি কোন আৰু শুদ্ধটোনো কি সেয়া ভালদৰে বুজাই দিলোঁ৷ পিছত তাইকো অলপমান দোমোজাত পেলাওঁ বুলিয়ে ৰগৰৰ সুৰতে ক’লোঁ... ‘তুমি আজি পাৰা ঘৰতে থাদ’ কথা নক’বা দেই, খ্ৰীষ্টান ভাখা ক’বা৷’

তাই বিবুদ্ধিত পৰিল৷ অলপ পিছত বুজি পালে চাগৈ৷ পইচাকেইটা দি হাঁহি হাঁহি ওলাই গ’ল৷ আনন্দতে হাতত অনা ছাতিটো নিবলৈকো পাহৰিলে৷ অলপ দূৰ পোৱাৰ পিছত পিছফালৰ পৰা চিঞৰিলোঁ... ‘ঐ লামি... লামি... ইয়’ৰ আমব্ৰে’লা?’

লামি ঘূৰি আহিল আৰু ছাতিটো হাত পাতি ল’লে৷ ‘থেংকচ’ বুলি কোৱাৰ আগতেই মই পুনৰবাৰ সোঁৱৰাই দিলোঁ... ‘খ্ৰীষ্টান ভাখা দেই৷’

প্ৰত্যুত্তৰত আকৌ এটা হাঁহি পালোঁ৷


এতিয়া লামিয়ে মোক দেখিলে অৰ্থবহ চাৱনিৰে চায়৷ মনত কি ভাবে নাজানো৷ ইহঁতৰ সৰলতাখিনি কিন্তু মোৰ খুব ভাল লাগে আৰু উপভোগ কৰাৰ তালত থাকোঁ৷

No comments:

Post a Comment