Sunday, 27 September 2026

লংৱা

লংৱা সম্পৰ্কে জানিবলৈ পোৱাৰ অনেক আগতেই অৱগত হৈছিলোঁ অন্য এক অধ্যায়ৰ বিষয়েহে। মোৰ পত্নী নাজমাৰ জনমজেগা হেনো সিফালেই, ফোমছিং নামৰ দাঁতি-কাষৰীয়া গাঁও এখনত! কন্যাক (নগা) অধ্যুষিত, নাগালেণ্ডৰ মন জিলাৰ ভিতৰুৱা, ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৱৰ্তী সেই ঠাইবোৰ।
কথাটোৱে অন্তৰত অহৰহ কৌতূহল আৰু তাগিদাৰ সৃষ্টি কৰি আহিছিল তেতিয়াৰে পৰাই, নিজে এবাৰ যাবলৈ, নিজ চকুৰে ঢাবলৈ। আকৰ্ষণ আৰু অধিক বৃদ্ধি হ'ল, যেতিয়া জানিলোঁ যে বিবাদমুক্ত আন্তঃদেশীয় সীমান্ত হিচাপে চিহ্নিত হোৱাৰ ওপৰঞ্চি মুণ্ড চিকাৰী, অস্ত্ৰ নিৰ্মাতা, আং নিয়ন্ত্ৰিত, দ্বি-নাগৰিকত্ব ইত্যাদি কিছুমান নৃগোষ্ঠীয় বিশেষত্ব তথা বৈশিষ্ট্যৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰেও লংৱা এলেকা পৰিপূৰ্ণ।

আমিও চোৰ আছিলোঁ

হওঁতে আমিও চোৰেই আছিলোঁ, পিছে গৰু চোৰহে কৰা নহ'ল।
কাহিলি পুৱাতে মুকলি আকাশৰ তলত খোজ কাঢ়ি অহাৰ পাছত কেইটামান ব্যায়াম আৰু তাৰ পাছত ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তাটোৰ দাঁতিৰ পৰা আৰম্ভ কৰি জামু গছৰ তল, খটখটি, চৌহদৰ ভিতৰভাগকে ধৰি পাছফালৰ নৰ্দমা পৰ্যন্ত এফালৰ পৰা ঝাড়ু মৰাটো দিনটোত সদায় কৰা এটা প্ৰধান আৰু ক'বলৈ গ'লে পুৱাৰ প্ৰথম কাম। নিয়মমাফিক আজিও এই কামতে ধৰিছোঁ। জামুজোপাৰ তলখন সাৰি আছোঁ। তলসৰা জামুবোৰে দ'ম বান্ধিছে। 
সিফালৰ পৰা দুজনী আহি আছে। চিনি পালোঁ, তাৰে এজনী ৰতি। ওচৰ পাই ক'লে : 'ছাৰ, ডিউটি কৰি আছে?' 'অঁ, এইটো মোৰ ৰেগুলাৰ ডিউটি।' বাঢ়নীৰ আগত উফৰি থকা জামুবোৰ দেখি পুনৰ প্ৰশ্ন : 'জামু পকিছে নেকি?' 'অঁ পকিছে, বুটলি খোৱা। নহ'লে এটা কাম কৰা। গছত উঠি যোৱা।' হাঁহি এটা ওঁঠত বিৰিঙাই তাই পকা জামু বুটলিব ধৰিলে। এইবাৰ মই সুধিলোঁ : 'গছত উঠিব জানা নহয়? আগতে উঠিছিলা নিশ্চয়।' ৰতি নেপালী ছোৱালী। সেই ভাবিয়ে এনেকৈ কৈছিলোঁ। হাঁহি মাৰি তাই উত্তৰ দিলে : 'আগতে উঠিছিলোঁ। এতিয়াও পাৰোঁ ছাৰ।' শুনিয়ে মোৰ ভাল লাগি গ'ল। ক'লো : 'বাঃ! এইটো জানি বৰ ভাল লাগিল দেই। চাব্বাচ।' পুনৰ হাঁহি। জামু চোবাই চোবাই ৰতি আৰু লগৰজনী গ'লগৈ। (ৰতিৰ জীয়েকে যোৱাবাৰ মেট্ৰিক পাছ কৰিছে।)
সিহঁত যোৱাৰ ফালে চাই থাকোঁতেই বিপৰীত দিশৰ পৰা ৰংহাংপী আহি পালে। লগত প্ৰকাণ্ড কুকুৰটো। ৰংহাংপীৰ দৃষ্টি গছৰ ওপৰলৈ। জামুবোৰ লমালমে লাগি আছে। 
'কি ইমান চাই থাকিব লাগে? সৰুতে আম-জামু চুৰ কৰি পাইছেনে নাই? গছত উঠিছিলেনে নাই?' তেওঁ হাঁহিলে। মই আমাৰ অতীতৰ বকলা আৰম্ভ কৰি দিলোঁ। আগতে আম, জামু, কল, কঁঠাল, মধুৰি, খেজুৰ, নেমু, অমৰা, কৰ্ফূল, আমাৰ এই কল'নীৰ কাৰ বাৰীত কি আছে, ক'ত কি ফলমূলৰ গছ আছে, কোন সময়ত কি পায়, এই সমস্ত আমাৰ নখ-দৰ্পণত। চোৰ বাহিনী দলে-বলে যাওঁ, গৃহস্থৰ চকুত ধূলি মাৰি গছত উঠোঁ, পেট ভৰাই খাওঁ। গম পালেই খেদে। আমি পলাওঁ। চব চোৰ। মই চোৰ, তুতু চোৰ, বাবাদা চোৰ, ৰাজু চোৰ, দিজু চোৰ, অমল চোৰ। স্কুলৰ পৰা আহি ভাতকেইটামান পেটত ভৰায়ে আৰম্ভ হৈ যায় অভিযান। মোক গছত উঠাই আটাইকেইটাই তলত অৱস্থান কৰি থাকে। হাতত মোনা। অমলৰ ডিউটি গৃহস্থৰ আগফালৰ গে'টৰ ওচৰত। অফিচৰ পৰা আহি পাবৰ হয়। সেয়ে সি আলেঙে-আলেঙে চাই থাকে। দূৰৈত দেখা পালেই ইংগিত দিয়ে। তেতিয়া আমি পাছফালৰ চকোৱাৰ তলেৰে খান্দি লোৱা সিন্ধিৰে ওলাই কেনিবা পলাই পত্ৰং দিওঁ। বয়সত সৰু-ডাঙৰ হ'লেও আমাৰ লগৰীয়ামখাৰ কোননো নাছিল চোৰ? ৰাতুল গগৈ চোৰ, গৌতম শইকীয়া (এতিয়া নাই) চোৰ, জ্যোতিপ্ৰসাদ বৰদলৈ চোৰ, ভাই-দুদুল, অঞ্জন-উৎপল, কোন নাছিল চোৰ? চবেই চোৰ। গৰু চোৰ অৱশ্যে কৰা নহ'ল দেই।

অমৰনাথ যাত্ৰাৰ খণ্ডচিত্ৰ

পৱিত্ৰ অমৰনাথ যাত্ৰাৰ খণ্ডচিত্ৰ

জম্মুৰ Bhagwati Nagar Base Campত তেতিয়া শ্ৰী অমৰনাথ জী যাত্ৰা, ২০২৩ৰ উদ্দেশ্যে সমৱেত হোৱা শতসহস্ৰ ভক্তিপ্ৰাণ তীৰ্থযাত্ৰীৰ গিজ্‌গিজনি। এটা গভীৰ আধ্যাত্মিক পৰিৱেশ। "কৰুঁ বন্দনা মে' অমৰনাথ তেৰী/মুঝে অপ্‌নে চৰণো কা দে দে চাহাৰা"। শ্ৰী শিৱ ভজন, বৰ্ফানী বাবাৰ গুণানুকীৰ্তন, শ্ৰী শিৱ জীৰ আৰতি চলি আছে নিৰ্দিষ্ট মঞ্চত। মাজে মাজে সমস্বৰে একো একোবাৰ জয়ধ্বনি : জয় ভোলে। ভোখেকো ৰুটী, প্যাসেকো পানী, জয় বাবা বৰ্ফানী। হৰ হৰ মহাদেৱ। ইত্যাদি ইত্যাদি।

কিছু পৰ ঘূৰি-পকি আলেখ-লেখ চালোঁ। পৰিস্থিতিটো বুজিবলৈ স্বাভাৱিকতে অলপ সময় লাগি গ'ল। জীৱনত আগতে কেতিয়াও নেদেখা পৰিৱেশ, কেতিয়াও নেদেখা দৃশ্যপট। 

যাত্ৰী নিৱাসৰ ভিতৰে-বাহিৰে কেৱল ভক্ত আৰু ভক্ত। ১৩ বছৰৰ পৰা ৭০ বছৰ বয়সৰ পুৰুষ-মহিলা, যুৱক-যুৱতী। বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে বিভিন্নজনৰ। প্ৰত্যেকৰে মুখমণ্ডলত নিৰ্মল হাঁহি-আনন্দৰ বহিঃপ্ৰকাশ। কাকো চিনি-জানি নাপাওঁ যদিও আপোনত্বৰ ভাব এটা বিৰাজ কৰি থকা যেন মোৰ বোধ হ'ল।

চোতালৰে এঠাইত মুকলি আকাশৰ তলত কোনো ৰকম জেগা অকণমান বিচাৰি পাই নিজৰ বিছনা চাদৰখন পাৰিবলৈ যো-জা কৰিছোঁ। ভৱনৰ অন্তৰ্ভাগত ক'তোৱে সোমাব নোৱাৰিলোঁ। ইমানেই ভীৰ! 

"যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে'।" অকলেই আহিছোঁ ময়ো। লগ বুলিবলৈ দ্বিতীয়জন নাই। ভাৰতৰ আটাইতকৈ বিপজ্জনক আৰু কষ্টকৰ ট্ৰেকিঙেৰে কৰা তীৰ্থযাত্ৰা এইটো য'ত বতৰৰ অনিশ্চয়তা, বতাহ, বৰষুণ, বৰফৰ গ্লেচিয়াৰ, উচ্চতাজনিত অক্সিজেনৰ সমস্যা, সংকীর্ণ আৰু পিছল উঠা-নমা বাট আদি নিত্যসহচৰ। চৰকাৰীভাৱে কঠোৰ স্বাস্হ্য পৰীক্ষাৰ প্ৰমাণ (Health/Medical Certificate) আৰু পঞ্জীয়ন এই যাত্ৰাৰ বাবে বাধ্যতামূলক।

ইয়াত এই মুহূৰ্তত মোৰ কাষতে অৱস্থান লৈছে পিতা-পুত্ৰ এহালে। ইন্দোৰৰ পৰা আহিছে। পেহেলগামলৈ বাছৰ টিকট কাটিবৰ কাৰণে JKSRTC Travel Centreৰ খিৰিকীত শাৰী পাতি থাকোঁতেই দুই-এষাৰ কথাৰ আদান-প্ৰদান হৈছিল। ইহঁতৰো একেই দশা। বোন্দা পৰ দিও টিকট নাপালে। ময়ো নাপালোঁ। কি হ'ব এতিয়া? ইফালে Yatra Permit অনুসৰি ৯ জুলাই, ২০২৩ তাৰিখ দেওবাৰে চন্দনৱাড়ী চে'ক গে'টত মোৰ reporting আছে। আজি হ'ল ৭।

আলোচনা চলি আছে। ল'ৰাজনে এটা বুদ্ধি পাঙিলে। টালি-টোপোলাসহিত দেউতাকক মোৰ হাতত চমজাই থৈ সি বাছ ষ্টেণ্ড ওলালগৈ। খবৰ আনিলে যে আগতীয়াকৈ অৰ্থাৎ নিশা ২ বজাতে গৈ পেহেলগামলৈ যাবলগীয়া বাছৰ কেবিনত বহি থাকিব লাগিব। তেতিয়া যাত্ৰাটো সম্ভৱ হ'ব পাৰে। ড্ৰাইভাৰৰ লগত সি কথা পাতি আহিছে। আশাৰ ৰেঙণি এটা দেখা পালোঁ ময়ো। ইয়াৰ পাছত আৰু ইহঁতহালৰ লগ এৰাৰ প্ৰশ্নই নুঠে। মোৰ ৰাক্‌ছেক্‌টো সিহঁতৰ জিম্মাত থৈ চিধাই গাটো ধুলোঁগৈ। তাৰ পাছত বে'ছ কেম্পৰ ভিতৰতে থকা 'বিশাল ভাণ্ডাৰা'ত নিশাৰ সাজ খালোঁ। তাৰ পাছত অকাই-পকাই ইফাল-সিফালৰ ৰেহৰূপ চাই যথাস্থান ওলালোঁহি। সিদ্ধান্ত ল'লোঁ যে এতিয়া শুই থাকোঁ। সোনকালে উঠি তিনিও ৰাওনা হ'ম বাছত চিট ল'বলৈ। অন্যথা এটা দিন এনেয়ে ইয়াত শুই-বহি পাৰ কৰিব লাগিব।

তেনেকুৱাতে মাইকযোগে ঘোষণা এটা ভাহি আহিল : প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ হ'বলগীয়া অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে।

হতভম্ব হোৱাৰ ক্ষণ প্ৰতিজন যাত্ৰীৰ লগতে আমাৰো। কি চিন্তিলোঁ, কি হ'ল! ওপৰত প্ৰচণ্ড তুষাৰপাত, বৰষুণ, ৰামবানত বানপানী হৈছে, গাড়ী নাযাব। খবৰবিলাক কাণলৈ অহাৰ পাছত নিজকে নিজে বুজনি দিয়াৰ গত্যন্তৰ নাথাকিল। সঁচাকৈ, মুম্বাইৰ ফেশ্বন আৰু কাশ্মীৰৰ বতৰ, কেতিয়া সলনি হয় কোনেও নাজানে।

ক্ষন্তেক পাছতে আকৌ এটা ঘোষণা : জম্মুত বতৰ বেয়া হৈ আহিছে। নিশা বৰষুণ পৰিব। গতিকে যিসকল শ্ৰদ্ধালু তীৰ্থযাত্ৰী বে'ছ কেম্পৰ মুক্ত প্ৰাংগণত শুই-বহি আছে, সকলোকে ওচৰতে থকা সন্ত শ্ৰী আশীৰামজী আশ্ৰমলৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। তালৈ যাবৰ বাবে বে'ছ কেম্পৰ পাছফালৰ গে'টখন অলপ পাছতে খুলি দিয়া হ'ব।

ভক্তগণৰ মাজত লৰা-ঢপৰা আৰম্ভ হৈ গ'ল। ময়ো খৰখেদাকৈ ৰাকছেক্‌টো বান্ধিলোঁ, পিঠিত তুলি ল'লোঁ আৰু ২নং প্ৰৱেশদ্বাৰলৈ বুলি অগ্ৰসৰ হ'লোঁ। তেনেকুৱা হেমগেমতে কেনিবা হেৰাই থাকিল ইন্দোৰৰ সহযাত্ৰী দুজন। বিশাল সমাগমৰ মাজত চক্ৰবেহুত সোমাই পৰিলোঁ মই। জয় ভোলে ধ্বনিৰে আকাশ-বতাহ কঁপাই আন যাত্ৰীসকলক অনুসৰণ কৰি পদব্ৰজে সমদলত গৈ থাকি ৫-৭ মিনিটমানতে উপস্থিত হ'লোঁহি আশ্ৰমখনত। 

টিনপাটৰ সুবিশাল চালি এখন। পকী মজিয়া। ইফালে-সিফালে কাৰ্পেট পৰা আছে। তাতে ভক্তসৱে ৰাতিটোৰ বাবে নিজ নিজ ধৰণে আশ্ৰয় লোৱাৰ ব্যৱস্থা কৰিছে। সুবিধাজনক বুলি বিবেচনা কৰি ময়ো এফালে ৰ'লোঁহি। লগত থকা পলিথিনৰ শ্বিটখন প্ৰথমে মেলি দিলোঁ। তাৰ ওপৰত বিছনা চাদৰখন। তাতে বহি লৈ চিন্তা কৰি আছোঁ, যাত্ৰা যিহেতু নহয়, গতিকে কাইলৈ কি কৰা উচিত হ'ব? বৈষ্ণু দেৱী এক্সপ্ল'ৰ কৰিব পাৰি। বাৰু, পুৱা দেখা যাব।

মজিয়াত কাপোৰ পাৰি তেতিয়াই শুই পৰিছিলোঁ। পিছৰাতি ৩মান বজাত আহিল বৰষুণ। বৰষুণ মানে বিজুলী-গাজনিৰে প্ৰবল বৃষ্টিপাত। ক'ৰবাত ক'ৰবাত চালিখনত থকা ফুটাৰে পানী পৰিছে। মানুহবোৰৰ মাজত হুৱাদুৱা লাগিছে। ততাতৈয়াকৈ টোপোলা সামৰি ঠাই সলাইছে ভুক্তভোগীয়ে। মোৰ যেনিবা একো সমস্যা নাই হোৱা। মূষলধাৰ বৰষুণজাক একেৰাহে চলি থাকিল। পুৱা পোহৰ পোহৰ হোৱাৰ সময়তহে এৰিলে।

শোৱাপাটী সামৰি প্ৰাতঃকৰ্ম সমাপন কৰাৰ লগতে ঘূৰি-পকি আশ্ৰমখন নিৰীক্ষণ কৰিলোঁ। গো-সেৱাৰ বাবে ইয়াত গোশালা আছে। শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে বাল সংস্কাৰ কেন্দ্ৰ আছে। নিয়মীয়াভাৱে ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাসৰ কাৰ্যসূচীও অনুষ্ঠিত হয়।

ঘূৰি আহি ভাণ্ডাৰাত চাহ-বিস্কুট খালোঁ। পৰিস্থিতি সম্পৰ্কে সোঁৱে-বাঁৱে বিভিন্নজনৰ মাজত চলি থকা গুণগুণনিবোৰৰো উমান ল'লোঁ। জম্মু-কাশ্মীৰ পুলিচৰ কৰ্তব্যৰত অফিছাৰ এজনক অকলশৰীয়াকৈ পাই ভালেমান সময় আলাপ কৰা হ'ল। গম পালোঁ যে বৰষুণ, লেণ্ডস্লাইডে জম্মু-শ্ৰীনগৰ হাইৱে'টো ভাঙি পেলালে। পৰ্বতত ভীষণ তুষাৰপাত হৈছে। বহুপ্ৰত্যাশিত অমৰনাথ যাত্ৰাটোত হঠাতে আহি পৰা অনাকাংক্ষিত পৰিস্থিতিটোৰ সন্দৰ্ভত তেওঁ মোক কিছু পৰামৰ্শও দিলে। লগে লগে সিদ্ধান্ত লৈ ল'লোঁ যে ইয়াত শুই-বহি কটোৱাতকৈ কাট্‌ৰালৈ যাওঁ, শ্ৰীমাতা বৈষ্ণু দেৱী মন্দিৰ দৰ্শন কৰি আহোঁ, দুৰ্যোগে আনি দিয়া এই সোণালী সুযোগতে। 'বাবা'ৰ ওচৰলৈ যোৱাৰ আগতে 'মাতা'ৰ ওচৰলৈ যোৱাটো নিশ্চয় উত্তম কথাই হ'ব।

ৰাক্‌ছেক্‌ পিঠিত তুলিলোঁ। জোতা-মোজা কেৰীবেগ এটাত ভৰাই এহাতে ল'লোঁ। ওলাই আহিলোঁ আশীৰামজী আশ্ৰমৰ পৰা, অকলে।

'অমৰনাথ'ৰ এডভেঞ্চাৰ কাহিনী

'অমৰনাথ'ৰ এডভেঞ্চাৰ কাহিনী লিখিবলৈ আৰম্ভ কৰিবই পৰা নাই মই।

আপুনি গম পাই চাগৈ যে বতৰৰ বিধি-পথালিৰ বাবে মই দুবাৰকৈ যাব লগা হ'ল। প্ৰথমবাৰ ৫ জুলাইত গৈছিলোঁ। জম্মুলৈ। ৰে'লত। বৰষুণ, লেণ্ডস্লাইডে সিফালে জম্মু-শ্ৰীনগৰ হাইৱে'টো ভাঙি পেলালে। ইফালে আকৌ পৰ্বতত ভীষণ তুষাৰপাত। বে'ছ কেম্পত থিতাপি ল'লোঁ। পিছে যাত্ৰা বাতিল বুলি নিশা অফিচিয়েলি ঘোষণা কৰি দিলে। কি কৰোঁ! পিছদিনা পুৱাই বাছত উঠি পোনাই দিলোঁ কাট্‌ৰালৈ। শ্ৰীমাতা বৈষ্ণু দেৱী মন্দিৰলৈ খোজ ল'লোঁ। অকলেই। তাৰ পৰা বাছেৰে উভতি নিশা পালোঁহি জম্মু। তাৰ পৰা চিধা ৰে'লত উঠি দিল্লী। ঘৰ পালোঁহি ১০ তাৰিখে। অমৰনাথ যাত্ৰা নহ'ল সেইবাৰ। কিন্তু নহ'ব কিয়? হ'বই লাগিব।
বতৰৰ বতৰা অধ্যয়ন কৰি আগষ্টৰ ২ তাৰিখে বিমানযোগে আকৌ জম্মু ওলালোঁগৈ। পিছদিনা যাত্ৰা আৰম্ভ। গৈ গৈ ৭ তাৰিখে অমৰনাথত উপস্থিত হ'ব পাৰিলোঁ। ১০ আগষ্ট তাৰিখে পালোঁহি ডিফু।
অতি কষ্টকৰ এই পদযাত্ৰা। মুঠতে ৪৮ কিলোমিটাৰ খোজ কাঢ়িলোঁ। ওখ ওখ পৰ্বত বগালোঁ, নামিলোঁ। গ্লেচিয়াৰৰ ওপৰেদি খুপি খুপি গ'লোঁ। জম্মু, নুনৱান (পেহেলগাম), শেষনাগ, পঞ্চতৰণি, বালতাল, পুনৰ জম্মু। এই ৬টা কেম্পত ৰাতিবোৰ পাৰ কৰা হ'ল। জম্মু এণ্ড কাশ্মীৰ পুলিছ, ইণ্ডিয়ান আৰ্মী আৰু চি.আৰ.পি.এফ.ৰ কঠোৰ নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে দীঘলীয়া বাছ যাত্ৰা কৰিলোঁ জম্মুৰ পৰা পেহেলগামলৈ আৰু বালতালৰ পৰা জম্মুলৈ। অভ্যন্তৰীণ কাশ্মীৰ স্বচক্ষে দেখা পালোঁ, যি দৃশ্যাৱলী অমৰনাথলৈ নগ'লে প্ৰত্যক্ষ কৰা কাৰো পক্ষে সম্ভৱ নহয়। বিৰল প্ৰাকৃতিক দৃশ্যপট। অতিশয় মনোমোহা। সমষ্ট যাত্ৰাটোত মই ভাৰতৰ বিভিন্ন প্ৰদেশৰ লগতে বিদেশী তীৰ্থযাত্ৰীৰো সাক্ষাৎ পালোঁ। কাশ্মীৰী ভাইসকলৰ লগত মন খুলি কথা পাতিলোঁ। উল্লেখনীয় বিশেষত্ব এটা আছে অমৰনাথ যাত্ৰাৰ। সেয়া হ'ল- তীৰ্থস্থান হিন্দুসকলৰ, সেৱা মুছলমানৰ। বৰ ভাল লগা কথা। খুব ডাঙৰ কথা। আনহাতে সুৰক্ষা বাহিনী (আই.টি.বি.পি., এচ.ডি.আৰ.এফ., আছাম ৰেজিমেণ্ট)ত কৰ্মৰত আৰু কৰ্তব্যৰত অসমীয়া কেইজনমানকো লগ পালোঁ আৰু আলাপ কৰিলোঁ। ভিন ভিন স্থানত ভিন ভিন লংগৰৰ বিনামূলীয়া আহাৰ খালোঁ। পৰ্বতৰ বক্ষত বৰফ থকা হেতুকে ঠাণ্ডাও কিছু আছিল। তথাপি একো অসুবিধাই হোৱা নাছিল মোৰ। ফিটনেছ একদম সঠিক আছিল। কাজেই সুকলমে সমাপ্ত কৰিব পাৰিলোঁ এই একক-অনন্য যাত্ৰা। জয় ভোলে।

আঁহতগুৰি

"এই ব'ৰ্ডখনৰ answer কি বুজি নাপাৱ?"
প্ৰশ্ন শুনি মই উঠি যোৱা Bolero Pick-upখনৰ চালক চাইদুল আলি দস্তুৰমত হতভম্ব। তেৱোঁ অৱশ্যে প্ৰশ্ন এটাই সুধিছিল, সন্মুখতে পোৱা, বুকুত ৰঙা-বগা বেজ পিন্ধা লোকজনক : "যাব পাৰিমনে?" এইবুলি।
পথৰ বাঁওদিশে, তললৈ, তৰ্জনী টোঁৱাই সিজনৰ খঙাল নিৰ্দেশ : "নোৱাৰ।" ... "তললৈ যা। গাড়ী ঘূৰাই আন।"
একে উষ্মাৰে পুনৰ বিস্ফোৰণ মধ্য বয়সীয়া মানুহজনৰ। যেন কোনোবাই ইতিপূৰ্বে লগাই যোৱা কিবা জগৰৰ বহি:প্ৰকাশ! নাজানো কি কথা।
নাতিদূৰত এজন আৰক্ষীৰ লোক। কিবা এটা নিজৰ অনুকুলে হয়েইবা। এই আশাৰে এইবাৰ তেওঁলৈ চাই ৰিং মাৰিলে চালকজনে : "অ' ছাৰ... যাবলৈ দিবনে...?"
নঞৰ্থক ভংগীমাৰে মূৰ লৰালে তেওঁ।  বুজাত অসুবিধা নহ'ল যে নহ'ব।
কালক্ষয় নকৰি চাইদুল আলীয়ে বাঁওফালে এঢলীয়াৰে গাড়ীখন নমাই নিলে।

জোনবিলত সিদিনা

"এই ব'ৰ্ডখনৰ answer কি বুজি নাপাৱ?"
প্ৰশ্ন শুনি মই উঠি যোৱা Bolero Pick-upখনৰ চালক চাইদুল আলি দস্তুৰমত হতভম্ব। তেৱোঁ অৱশ্যে প্ৰশ্ন এটাই সুধিছিল, সন্মুখতে পোৱা, বুকুত ৰঙা-বগা বেজ পিন্ধা লোকজনক : "যাব পাৰিমনে?" এইবুলি।
পথৰ বাঁওদিশে, তললৈ, তৰ্জনী টোঁৱাই সিজনৰ খঙাল নিৰ্দেশ : "নোৱাৰ।" ... "তললৈ যা। গাড়ী ঘূৰাই আন।"
একে উষ্মাৰে পুনৰ বিস্ফোৰণ মধ্য বয়সীয়া মানুহজনৰ। যেন কোনোবাই ইতিপূৰ্বে লগাই যোৱা কিবা জগৰৰ বহিঃপ্ৰকাশ! নাজানো কি কথা।
নাতিদূৰত এজন আৰক্ষীৰ লোক। কিবা এটা নিজৰ অনুকুলে হয়েইবা। এই আশাৰে এইবাৰ তেওঁলৈ চাই ৰিং মাৰিলে চালকজনে : "অ' ছাৰ... যাবলৈ দিবনে...?"
নঞৰ্থক ভংগীমাৰে মূৰ লৰালে তেওঁ।  বুজাত অসুবিধা নহ'ল যে নহ'ব।
কালক্ষয় নকৰি চাইদুল আলীয়ে বাঁওফালে এঢলীয়াৰে গাড়ীখন নমাই নিলে।

ত্ৰিশূলী

(গল্প নহয়, সত্য)
আৰম্ভণিতেই কৈ থ'ব খুজিছোঁ যে উত্তৰ আৰু কেন্দ্ৰীয় নেপালৰ তিব্বত সীমান্তৱৰ্তী উচ্চ পাৰ্বত্য অঞ্চলসমূহত ২৬ আগষ্ট ২০২৬ তাৰিখ বুধবাৰে সংঘটিত ভয়াবহ হিমবাহ পতন, বৰফ স্খলন আৰু জলপ্ৰলয়ৰ বিষয়ে জানিবলৈ অধিক ব্যগ্ৰ হৈ পৰিছিলোঁ তেতিয়াই, যেতিয়া 'ত্ৰিশূলী' নামটো চৰ্চালৈ অহা বৰকৈ শুনা পাবলৈ ধৰিলোঁ। কিয়নো, ইতিহাসপ্ৰসিদ্ধ এই ত্ৰিশূলীয়ে মোৰ নেপাল ভ্ৰমণ কালত এদিন সহচৰীৰ ভূমিকা লৈছিল। 

এফালে অতীত ৰোমন্থনৰ মধুৰ আনন্দ, আনফালে আকস্মিক ধ্বংসযজ্ঞই মন-মগজুলৈ আনি দিয়া সীমাহীন বিষাদগ্ৰস্ততা আৰু উদ্বিগ্নতা। তাকে কেন্দ্ৰ কৰি আজিৰ এই লেখাটোৰ অৱতাৰণা।

উভতি যাব লাগিব বিগত ২০১১ চনৰ ৫ অক্টোবৰ, বুধবাৰলৈ। টয়টা ইক' গাড়ী এখনেৰে নেপালৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূর্ণ পৃথিৱী হাইৱে (NH 17)ৰে অতিক্ৰম কৰিছিলোঁ প্ৰায় ২২৭ কিলোমিটাৰ দূৰত্ব। বহুতে জানে যে ৰাজপথটো পূবে ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ২৬ কিলোমিটাৰ নিলগৰ বাগমতী প্ৰদেশৰ নৌবিসেত আৰম্ভ হৈছে। তাৰ পৰা আগলৈ গলছী, গজুৰী, মলেখু, কুৰিণ্টাৰ, মুগ্লিন, অবুখৈৰেণী, দুম্ৰে, দমৌলী আদি চুই পশ্চিম দিশত থকা, দেশখনৰ মুখ্য পৰ্যটন নগৰী পোখৰাক সংযোগ কৰিছে। প্ৰায় ১৭৪ কিলোমিটাৰ দৈৰ্ঘৰ অকোৱা-পকোৱা বাটটো মধ্য-হিমালয়ৰ ওখ, ওখোৰা-মোখোৰা পাহাৰীয়া ভূভাগ আৰু গভীৰ, সংকীৰ্ণ গিৰিখাতৰ মাজেৰে নিৰ্মিত। ভূমি খহনীয়াৰ বাবে এলেকাসমূহ সততে পৰিচিত। গোৰ্খা ৰাজ্যৰ নৱমজন ৰজা, আধুনিক নেপালৰ জনক পৃথিৱী নাৰায়ণ শাহ (১৭২৩–১৭৭৫)ৰ নাম অনুসৰি পথটোৰ নামকৰণ কৰা হৈছে পৃথিৱী হাইৱে। নেপাল আৰু চীনৰ যৌথ প্ৰচেষ্টাত চীন চৰকাৰৰ আৰ্থিক আৰু কাৰিকৰী সহযোগিতাত ১৯৭৪ চনত নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছিল।

এই পৃথিৱী হাইৱেৰেই নেপালী চালক কবিৰাজ গিৰিয়ে দক্ষতাৰে গাড়ীখন চলাই আমাক লৈ গৈছিল কাঠমাণ্ডুৰ নাক্সালত থকা হোটেল বৃহস্পতিৰ পৰা পোখৰাৰ লেকচাইড-৬, গৌৰীঘাটত থকা হিম শিখৰ গেষ্ট হাউচ এণ্ড ৰেষ্টুৰেণ্টলৈ। বাটৰ বিবিধ বৰ্ণনাৰ মাজে মাজে তেওঁ শুনাই গৈছিল দেশখনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ অনেক বতৰা। বাহনৰ গতিৰ সৈতে সংগতি ৰাখি কাঠমাণ্ডুৰ ওচৰৰ পৰা মুগ্লিনলৈকে দীঘলীয়া পথছোৱাত আমাৰ সোঁহাতে, হাইৱেৰ কাষে কাষে খলকনি তুলি বৈ থাকি ত্ৰিশূলীয়ে একেৰাহে উপহাৰ দি গৈছিল মনোমোহা নৈসৰ্গিক দৃশ্যৰাজি। মন-প্ৰাণ ৰঙাই তোলা আৰণ্যক আৱেদনে পাহৰাই পেলাইছিল ঘৰ-পৰিয়াল, কাম-ধাণ্ডা ইত্যাদি ইত্যাদি।

এমূৰে বাগমতী প্ৰদেশৰ কাঠমাণ্ডু জিলাৰ সদৰ কাঠমাণ্ডু আৰু আন মূৰে গণ্ডকী প্ৰদেশৰ কাষী জিলাৰ সদৰ পোখৰা। নেপালৰ এই দুই সুবিখ্যাত চহৰৰ মধ্যৱৰ্তীপ্ৰায় স্থান হৈছে বাগমতী প্ৰদেশৰ চিতৱন জিলাৰ কুৰিণ্টাৰ (স্থানীয়ভাৱে চেৰেচ)। প্ৰায় ১১২ কিলোমিটাৰ যাত্ৰা কৰাৰ পাছত কুৰিণ্টাৰত ত্ৰিশূলী নদীৰ পাৰতে থকা কেবল-কাৰ বটম ষ্টেচন কমপ্লেক্সত গিৰিৰ গাড়ী থামিল। উদ্দেশ্য, আমাক কেবল-কাৰেৰে নি নেপালৰ অন্যতম প্ৰসিদ্ধ আৰু জনপ্ৰিয়, অতীব ফলপ্ৰসূ আৰু জাগ্ৰত শক্তিপীঠ মনোকামনা মন্দিৰ দৰ্শন কৰোৱা। 

এইখিনিতে উল্লেখ কৰাটো প্ৰাসংগিক হ'ব যে নেপাল ভ্ৰমণলৈ ওলাই ২ অক্টোবৰ তাৰিখে ডিফু ৰেলৱে ষ্টেচনত গুৱাহাটী অভিমুখী ০৫৬৬৮ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছত উঠিবলৈ লওঁতে আচম্বিতে মুখামুখি হোৱা Dance India Dance (DID) L'il Masters Season 2 (Zee TV reality show 2012)ৰ 1st runner-up ডিফুৰ ওম ছেত্ৰীৰ মাক মন্দিৰাই মই নেপাল ভ্ৰমিবলৈ ওলোৱা বুলি শুনিয়ে ক্ষণিকৰ সেই মুহূৰ্তটোতে দঢ়াই দঢ়াই এষাৰি বাক্য কৈছিল : "আন য'লৈকে নাযাওক, মনোকামনালৈ আপুনি কিন্তু যাবই যাব দেই দাদা; মিচ নকৰিব"। সিদিনাৰ সেই যাত্ৰাৰম্ভৰ পাছত ৰেল, ৰিক্সা, বিমান, টেক্সি ইত্যাদি সলাই সলাই আহি আহি এয়া এইডোখৰ পাইছোঁহি। তৎমুহূৰ্ততে মন্দিৰালৈ মোৰ মনত পৰিল।

এই সুযোগতে মনোকামনা মন্দিৰৰ বিষয়ে কিছু তথ্য দাঙি ধৰাটো উচিত হ'ব। মন্দিৰটো নেপালৰ গণ্ডকী প্ৰদেশৰ গোৰ্খা জিলাৰ অন্তৰ্গত কাফকালী পাহাৰত অৱস্থিত। ত্ৰিশূলী আৰু মাৰ্ছাংদী নদীৰ সংগমস্থলৰ ঠিক ওপৰত ইয়াৰ অৱস্থান। আনুমানিক ৩৫০ বছৰ পুৰণি এই মন্দিৰত হিন্দুসকলৰ দেৱীমাতা পাৰ্বতী বা দুৰ্গাৰ এক অৱতাৰস্বৰূপা দেৱী ভগৱতী (মনোকামনা দেৱী)ক আৰাধনা কৰা হয়। ভক্তসমস্তৰ বিশ্বাস যে ইয়ালৈ আহি আন্তৰিকতাৰে আৰু ভক্তিভৰা মনেৰে প্ৰাৰ্থনা জনালে দেৱীয়ে সকলো আশা বা কামনা পূৰণ কৰে। বুৰঞ্জী আৰু পৌৰাণিক জনশ্ৰুতি অনুযায়ী গোৰ্খা ৰজা ৰাম শাহৰ ৰাজত্ব কাল (১৬০৬-১৬৩৬)ৰ শেষৰ ফালে মন্দিৰভাগ উদ্ঘাটিত হৈছিল। কিম্বদন্তি অনুসৰি শাহ ৰজাৰ ৰাণীগৰাকী আছিল ঐশ্বৰিক শক্তিসমৃদ্ধ। তেওঁৰ এজন প্ৰধান ভক্ত লাখন থাপাই এই বিষয়ে জানিছিল। ৰজাই সেই ৰহস্য গম পোৱাৰ পাছতে আকস্মিকভাৱে ৰাণীৰ মৃত্যু ঘটে। ৰীতি অনুসৰি মৃতদেহ চিতাত তোলাত সতী হোৱাৰ পূৰ্বতে ৰাণীয়ে লাখন থাপাক কৈ গৈছিল যে তেওঁ পুনৰ উভতি আহিব। কেইমাহমানৰ পাছত এদিন এজন খেতিয়কে পথাৰত হাল বাই থাকোঁতে এটা শিলত আঘাত কৰাত তাৰ পৰা গাখীৰ আৰু তেজ ওলোৱা দেখা পায়। এই কথা গম পাই লাখন থাপাই উক্ত স্থানত তান্ত্ৰিক পূজা-অৰ্চনা আৰম্ভ কৰে। ৰাম শাহৰ শাসন কালতে দেৱী ভগৱতী বা মনোকামনা মন্দিৰৰ মূল মঠটি স্থাপন কৰা হৈছিল। আনহাতে লাখন থাপাৰ বংশধৰসকলেই আজিকোপতিও মন্দিৰৰ মুখ্য পুৰোহিতৰ ভূমিকা লৈ আহিছে।  

পূৰ্বে এই মন্দিৰলৈ যাবলৈ হ'লে কুৰিণ্টাৰৰ পৰা পৰ্বতৰ শীৰ্ষলৈ কেইবা ঘণ্টাও খোজ কাঢ়ি অতিপাত কষ্ট কৰিবলগীয়া হৈছিল। ১৯৯৮ চনত কেবল-কাৰ সেৱা প্ৰৱৰ্তন হয় আৰু তাৰ পাছৰে পৰা যাত্ৰাটো সহজ, সুচল আৰু আৰামদায়ক হৈ পৰে। ৰোমাঞ্চকৰ এই যাত্ৰাপথৰ প্ৰকৃত দৈৰ্ঘ ২,৭৭২ মিটাৰ। তলৰ কুৰিণ্টাৰ ষ্টেচনটো সমুদ্ৰপৃষ্ঠৰ পৰা ২৫৮ মিটাৰ উচ্চতাত থকাৰ বিপৰীতে ওপৰৰ মনোকামনা ষ্টেচনটো সমুদ্ৰপৃষ্ঠৰ পৰা ১,৩০২ মিটাৰ উচ্চতাত অৱস্থিত। কেৱল-কাৰখনে মাত্ৰ ১০ মিনিটমানতে ক্ৰমান্বয়ে উলম্বভাৱে নি যাত্ৰীক ওপৰ পোৱায়। তাৰ পৰা অৱশিষ্ট প্ৰায় ৪০০ মিটাৰ পকী পথ পদব্ৰজে সহজেই গৈ ৫ মিনিটমানতে মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিব পাৰি। মনোকামনা কেবল-কাৰ প্ৰতিষ্ঠা কৰিছিল নেপালৰ প্ৰসিদ্ধ উদ্যোগী তথা চিতৱন কো-ই গ্ৰুপৰ প্ৰতিষ্ঠাপক সঞ্চালক লক্ষ্মণ বাবু শ্ৰেষ্ঠই। কাৰিকৰী প্ৰতিষ্ঠাপন আৰু নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছিল বিশ্বৰ আগশাৰীৰ ৰ'পৱে নিৰ্মাতা অষ্ট্ৰিয়াৰ ওলফাৰ্টৰ প্ৰখ্যাত ডপেলমায়াৰ গ্ৰুপ নামৰ সংস্থাটোৱে।

মনোকামনা দৰ্শন (প্ৰা) লিমিটেডৰ ৰ'পৱে সংযুক্ত কেবেৰে কুৰিণ্টাৰ ষ্টেচনৰ পৰা ওলায়ে কেইবা মিটাৰ ওপৰেদি পাৰ হৈছিলোঁ তলেৰে বৈ থকা ত্ৰিশূলী নৈখন। একে সময়তে বিহংগম দৃষ্টিত চৌপাশে পৰিলক্ষিত হৈছিল সেউজ-আৱেষ্টিত ত্ৰিশূলী উপত্যকাৰ নান্দনিক ৰূপ-বৈভৱ। 

সেইখন দৃষ্টিনন্দন ত্ৰিশূলী (স্থানীয়ভাৱে বা অফিচিয়েলী ভোটেশ্বী বা ভোট কোশী বা ভটে কোশী অৰ্থাৎ তিব্বতৰ পৰা অহা নদী)য়েই ওপৰত অৰ্থাৎ নেপাল-তিব্বত সীমান্তৰ ৭,২৩৪ মিটাৰ উচ্চতাত অৱস্থিত লাংটাং লিৰুং পৰ্বতমালা আৰু লেন্দে খোলা নদীৰ উৎপত্তিস্থলৰ পৰা মহাকালৰ ৰূপ ধৰি নামি আহিছিল আগষ্ট মাহৰ ২৬ তাৰিখে। উচ্চ হিমালয়ৰ পৰা ওলাই অহা খৰস্ৰোতা জলৰাশিৰ আগলি অংশটো ৰসুৱাগঢ়ী ব'ৰ্ডাৰ পইণ্টেৰে নেপালৰ ৰসুৱা জিলাত প্ৰৱেশ কৰি পাছলৈ ত্ৰিশূলী নদীৰ ৰূপ লৈছে। সিদিনা সংঘটিত হোৱা প্ৰলয়ংকৰী কাণ্ডটোত নদীখনে ধ্বংসলীলাৰ মূল বাহক হিচাপে ভূমিকা লৈছিল আৰু সেয়েহে হৈ পৰিছিল লোকচৰ্চাৰ কেন্দ্ৰবিন্দু।

সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যে আমি আটায়ে অৱগত যে শেহতীয়াকৈ নেপাল-তিব্বত সীমাৰ ওচৰত হিমবাহ ভাগি, বৰফৰ স্তূপ খহি সীমান্তৱৰ্তী ৰসুৱা জিলাৰ ৰসুৱাগঢ়ীত বিধ্বংসী বানপানীৰ সৃষ্টি হৈছিল। নেপাল আৰু তিব্বতক সংযোগ কৰা লেন্দে খোলা, ভোটেশ্বী, ত্ৰিশূলী, বাগমতী নদীৰ জলস্তৰ অতি কম সময়ৰ ভিতৰতে কেইবা মিটাৰলৈ বৃদ্ধি পাইছিল। হিমবাহ পতন আৰু বৰফ স্খলনৰ ফলত উদ্ভৱ হোৱা বিশাল আয়তনৰ পানীৰ সৈতে একাকাৰ হৈ পৰা বোকা, মাটি, গেদ-বালি, শিল, কাঠ-বাঁহ, গছ-বনৰ প্ৰচণ্ড সোঁত ত্ৰিশূলী নদীৰ জৰিয়তে তীব্ৰ গতিৰে ধাৱমান হৈছিল নামনি অভিমুখে। পাহাৰীয়া বজাৰ আৰু জনবসতিপূৰ্ণ অঞ্চল শিয়াপ্ৰু বেসী, কাঠমাণ্ডু উপত্যকা আৰু ধুনচে, বেত্রাৱতী, ত্ৰিশূলী বজাৰ, ধূংগে বজাৰ আদি ভাবিব নোৱাৰা ধৰণে জলমগ্ন হৈ পৰিছিল। বসতিস্থলবোৰত থকা মুক্তাংগন, বাসগৃহ আৰু পথবিলাকত আচম্বিতে দেখা দিছিল জীৱন-মৰণৰ বিভীষিকাই। এফালৰ পৰা ভাঙি, মহটিয়াই উটুৱাই লৈ গৈছিল গতিপথত পোৱা মানুহ, জীৱ-জন্তু, ঘৰ-বাৰী, যান-বাহন, ৰাস্তা-ঘাট, দলং, প্ৰকল্প, সা-সামগ্ৰী আৰু কত কি!।

ৰসুৱাগঢ়ীৰ পৰা ত্ৰিশূলী বজাৰলৈকে নদীখন অতি সংকীৰ্ণ আৰু অধিক ঢালেৰে বৈ অহাৰ বাবে পানীৰ গতিবেগ আৰু উচ্চতা আছিল অত্যন্ত মাৰাত্মক। আৰম্ভণিৰে পৰাই ঢাহি-মুহি প্ৰচণ্ড ক্ষতি কৰি গৈছিল ভয়ংকৰ জলপ্ৰৱাহে। আনহাতে ত্ৰিশূলী বজাৰৰ নামনি অংশৰ পৰা উপত্যকাটো কিছু বহল হোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী ভূখণ্ডত জলৰাশি ক্ৰমাৎ বিয়পি পৰে আৰু গতি ধীৰ হৈ প্ৰভাৱ কমিব ধৰে।

ত্ৰিশূলী বজাৰৰ পাছত গল্পু, ফিছলিং, কুৰিন্টাৰ, মুগলিং, নাৰায়ণঘাট বজাৰ, ভৰতপুৰ হৈ বৈ যোৱা ত্ৰিশূলীৰ সৈতে নেপালৰ ভূখণ্ডৰ ভিতৰতে দেৱঘাটৰ কাষত কেইবাখনো নদী মিলিত হৈছে। সেইখিনিত নৈখনে নাম লৈছে নাৰায়ণী (স্থানীয়ভাৱে কালী গণ্ডকী)। তাৰ পাছত নেপালৰ ত্ৰিবেণী ধাম পাৰ হৈ ভাৰতৰ সীমা পায়। আগলৈ গণ্ডকী বা গণ্ডক নদী নামেৰে নৈখন বিহাৰ সমতলেৰে বৈ গৈ পশ্চিম চাম্পাৰণ জিলাৰ অন্তৰ্গত বাল্মিকী নগৰত প্ৰৱেশ কৰে। বিহাৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰাকৃতিক সীমা, বাল্মিকী নগৰ বান্ধ, ত্ৰিবেণী বান্ধ, পূব চাম্পাৰণ জিলা, উত্তৰ বিহাৰৰ গোপালগঞ্জ আৰু ছিৱান জিলা, মুজাফ্ফৰপুৰ আৰু বৈশালী জিলাৰ সীমান্ত আদি কৰি কেইবাখনো জিলা আৰু ইতিহাসে গৰকা ঠাই স্পৰ্শ কৰি দক্ষিণ-পূব দিশলৈ প্ৰৱাহিত হয়। বিহাৰৰ ঐতিহাসিক যমজ চহৰ হাজিপুৰ আৰু সোণপুৰ অঞ্চলৰ কাষেৰে নিজৰ গতিপথ সম্পূৰ্ণ কৰি ৰাজধানী চহৰ পাটনাৰ বিপৰীত দিশত জলধাৰাটো গংগাত পোনপটীয়াকৈ বিলীন হৈছে।

সিদিনা কেবল-কাৰত উঠি ত্ৰিশূলী নদীৰ ওপৰেৰে পাহাৰৰ শিখৰলৈ খোপে খোপে বগাই গৈ থকা আৰু মনোকামনা দৰ্শন কৰাৰ পাছত পুনৰায় কেবল-কাৰেৰে খোপে খোপে নামি অহাৰ অভিজ্ঞতা আছিল অভূতপূৰ্ব, অতিশয় ৰোমাঞ্চকৰ, আজীৱন স্মৰণীয় আৰু আনন্দদায়ক। তেতিয়া কিন্তু সামান্যতমো ভবা নাছিলোঁ যে ১৫ বছৰৰ পাছত এদিন সেই নৈখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰটোতেই এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ এটাৰ সূত্ৰপাত ঘটিব, যাৰ ফলশ্ৰুতিত নেপালত অকল্পনীয়, অদ্ভুত আৰু অবৰ্ণনীয় প্লাৱন আহিব, জনজীৱনক যি তছনছ কৰি থৈ যাব, সমগ্ৰ পৃথিৱীবাসীকে ভবাই তুলিব।

বছৰবোৰ বাগৰি গ'ল। সময়বোৰ অতীত হ'ল। ত্ৰিশূলীৰ বুকুৱেদিও তিব্বতৰ পৰা বংগোপসাগৰ পৰ্যন্ত অনেক বৰফ পানী হৈ বৈ গ'ল। অৱশেষত ২৬ আগষ্ট ২০২৬ত যিটো পৰিঘটনা ঘটিল, প্ৰকৃতিয়ে যি ৰুষ্ট ৰূপ প্ৰদৰ্শন বা ধাৰণ কৰিলে, জান-মালৰ যি বিস্তৰ হানি-বিঘিনি হ'ল, মানৱ সভ্যতাৰ বাবে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক, সঁচাকৈয়ে মৰ্মস্পৰ্শী আৰু অনাগত দিনলৈ মানুহৰ চিন্তাক দোদুল্যমান কৰি ৰখা বিষয় হৈ ৰ'ব।

'ঠিকনা তোমাৰে ৰাখিছোঁ মই ভিতৰত'

(গল্প নহয়, সত্য)
১৯৯২ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা শ্ৰব্য এলবাম ‘অনামিকা’ৰে অসমীয়া আধুনিক সংগীতৰ জগতখনত পেছাদাৰী ৰূপত আত্মপ্ৰকাশ কৰি এক নতুন, বৰ্ণিল, কালজয়ী সাংগীতিক যাত্ৰাৰ উপৰি ইতিহাসৰ সূচনা কৰিছিল তেওঁ। বিশেষ পাৰদৰ্শী উদ্ভাৱনী ক্ষমতাৰে সৃষ্টি কৰা ব্যতিক্ৰমী সুৰ, নিজস্ব গায়নশৈলী, সন্তুলিত সংগীত সংযোজনাৰে নিৰ্মিত আৰু পৰিৱেশিত সেই মায়াবী ৰোমাণ্টিক গীতকেইটা শুনি সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই তেতিয়া প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমত প্ৰয়োগ কৰিছিল 'Heartthrob' অভিধাটো। যুৱ প্ৰজন্মৰ মাজত লাভ কৰা অভূতপূৰ্ব জনপ্ৰিয়তাৰ লগতে সাধাৰণ শ্ৰোতা-ৰাইজ তথা অনুৰাগীসকলে ভাল পাই স্বতঃস্ফূৰ্তভাৱে এই বিশেষণটোৰে অভিহিত কৰিবলৈ লয় অনুভৱী যুৱ-গায়কজনক। সংবাদ মাধ্যম আৰু জনমানসত শব্দটো ক্ৰমান্বয়ে তেওঁৰ সুকীয়া, অপ্ৰতিদ্বন্দ্বী পৰিচয়টোৰ সমাৰ্থক হৈ পৰে।

'অনামিকা' কেছেটটো কেৱল কেইটামান গীতৰ সংকলন নাছিল। ই আছিল অসমীয়া আধুনিক সংগীত ক্ষেত্ৰলৈ জুবিন গাৰ্গ নামৰ প্ৰতিভাশালী আৰু শক্তিশালী শিল্পীজনৰ এক ঐতিহাসিক আৰু চিৰসেউজ উপহাৰ, যিয়ে অসমত চলি থকা সংগীতৰ ধাৰাটোকে সলাই পেলাইছিল আৰু অসমীয়া গীতৰ প্ৰতি মানুহৰ হেৰাব ধৰা আকৰ্ষণ ঘূৰাই আনিছিল। 'অনামিকা'ৰ অভূতপূৰ্ব সফলতাই দ্ৰুতগতিত আগ বঢ়াই নিছিল তেওঁক। পৰৱৰ্তী বছৰবোৰত আধুনিক, শাস্ত্ৰীয়, থলুৱা লোক-সংগীত, পশ্চিমীয়া পপ্‌, ৰক্‌, জজ্‌ আদিৰ অপূৰ্ব সংমিশ্ৰণ ঘটাই 'সপোনৰ সুৰ', ঋতু', 'জোনাকী মন', 'মায়া', 'আশা', 'উজান পিৰীতি' (বিহুগীত) এলবাম উলিয়াই সংগীত জগতক অতিকৈ সমৃদ্ধ আৰু শ্ৰোতা-দৰ্শকক প্ৰতি মুহূৰ্ততে মন্ত্ৰমুগ্ধ কৰি ৰখাৰ সমানে সমানে একক, অনন্য আৰু স্বাভিমানী ৰূপত নিজৰ ভেটিটো সুদৃঢ় আৰু সুউচ্চ কৰিবলৈ সমৰ্থ হৈছিল। নব্বৈৰ দশকৰ এই তথ্যসমূহ আজিৰ তাৰিখত নিশ্চয়কৈ কাৰোৱেই অবিদিত হৈ ৰোৱা নাই।

প্ৰসংগ সলাই এতিয়া অলপমান অভিজ্ঞতাৰ জেৰ টানো। ১৯৯৫ চনৰ জুন মাহ। মই তেতিয়া নুমলীগড় ৰিফাইনেৰী প্ৰকল্পত কৰ্মৰত। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ চুই থকা লেটেকুজান চাহ বাগিচাৰ কাষৰীয়া বৃহৎ অঞ্চলক সামৰি হাবি-জংঘল চিকুণাই ৰখা বিশাল সমতল ক্ষেত্ৰখন তেতিয়া সম্পূৰ্ণৰূপে উকা। বৰষুণ দিলেই আলতীয়া মাটিৰ বোকা। তেনে সন্ধিক্ষণতে, ১৯৮৫ চনৰ অসম চুক্তিৰ চৰ্তসাপেক্ষে ৰাজ্যখনে লাভ কৰা তেল শোধনাগাৰটি গঢ়ি তোলাৰ উদ্দেশ্যে বাহৰ পতা প্ৰথমচাম মানুহৰ মাজৰে ময়ো আছিলোঁ এজন। পৰিচয় : Site Engineer, BEAMBS। কাম : Delayed Coker Unit, চমুকৈ DCU নিৰ্মাণ।

(DCU হৈছে পেট্ৰ'লিয়াম শোধনাগাৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ Processing Unit। খাৰুৱা তেল শোধন কৰাৰ পাছত যিবিলাক অতি গধুৰ অৱশিষ্ট ৰৈ যায়, সেইবোৰক উচ্চ তাপমাত্ৰাত Thermal Cracking কৰাৰ বাবে এই Unitটো ব্যৱহাৰ কৰা হয়।)

কোম্পানীটোৰ মেনেজাৰ মিহিৰ বিশ্বাস, প্ৰজেক্ট মেনেজাৰ শেখৰ চক্ৰৱৰ্তী, চাইট ইঞ্জিনিয়াৰ ক্ৰমে শিশিৰ ভঁৰালী, পাৰ্থপ্ৰদীপ বৰা আৰু কমল শৰ্মা; ইলেকট্ৰিচিয়ান কিশোৰ (পোৱালি) শৰ্মা, টেকনিচিয়ান অমিত সেন, চুপাৰভাইজাৰ ক্ৰমে সুভাষ মণ্ডল আৰু ফটিক টীকাদাৰ, ৰান্ধনি অকণ গগৈ আদিৰে গঠিত আমাৰ কৰ্মী-বাহিনীটো। ৰিফাইনেৰীৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা আগলৈ দেৱালৰ সিপাৰে বিষ্ণুপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ নাতিদূৰত আমাৰ কেম্প। খেৰী চাল, বাঁহৰ খুঁটা আৰু বেৰ, পকী মজিয়াৰ বেৰেক এটাত আমি আটাইমখা থাকোঁ। আনহাতে চাইট ইঞ্জিনিয়াৰ ৰূপাঞ্জলি গগৈ গোলাঘাটৰ বেঙেনাখোৱাৰ পৰা আৰু চকীদাৰ ফণীধৰ উপাধ্যায় ওচৰৰে ৰেংবেং গাঁৱৰ নিজা ঘৰৰ পৰা আহে। ৰিফাইনেৰী এলেকাৰ ভিতৰত নিৰ্দিষ্ট স্থানত আমাৰ চাইট অফিছ।

আনফালে কেম্পৰ পৰা ১ কিলোমিটাৰমান আগলৈ তেল গৰম। বিয়লি তাতে বজাৰ এখন বহে। তাৰ পৰা সামান্য আগত বিদেশী বিতাড়ন আন্দোলনৰ সময়ৰ সপ্ত ছহিদৰ সমাধিথলী, পংকা গ্ৰাণ্ট। আৰু আগুৱাই গ'লে লৱণঘাট, কালিয়নী নৈ, নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপ।

এতিয়া আহোঁ আচল কথালৈ। তাৰিখটো আছিল ১৬ জুলাই ১৯৯৫, দেওবাৰ। সন্ধিয়াৰ আগে আগে মেছৰ বজাৰ-সমাৰ কৰি, আকাশী হোটেলত চাহ-তাহ খাই, খোজ কাঢ়ি কাঢ়ি লগে-ভাগে কেম্পলৈ ঘূৰি আহি আছোঁ। বিষ্ণুপুৰত হাইৱেৰ পৰা সোঁফালে, অকণমান ভিতৰলৈ, চকামকাকৈ দৃষ্টিগোচৰ হ'ল নাতিবৃহৎ পেণ্ডেল এটা। লগে লগেই কৌতূহল আৰম্ভ হৈ গ'ল মন-মগজুত। আক-তাক সোধা-পোছা কৰি গম পালোঁ যে তাত সাংস্কৃতিক সন্ধিয়া পাতিছে। নাচ-গান হ'ব আজি।

ৰাতি ভাত-পানী খাই উঠি ভঁৰালী, বৰা, 'পোৱালি' শৰ্মাহঁত বিপুল উৎসাহ-উদ্দীপনাৰে ৰাওনা হ'ল ফাংচন চাবলৈ। মই নগ'লোঁ। পিছদিনাখন কৰিবলগীয়া কামবিলাক চিজিল কৰি শুই থাকিলোঁ নিজৰ কোঠাত। 

কেই বাজিছিল নাজানো। বতাহত ভাহি অহা গানৰ আৱাজত হঠাতে মোৰ টোপনি ভাগি গ'ল। বুজাত অসুবিধা নহ'ল যে শব্দটো পেণ্ডেলৰ পৰাই আহিছে। মন দি শুনাত লাগিলোঁ। চিনিও পালোঁ মাতটো। এটা এটাকৈ গাই গৈছে 'অনামিকা', 'মনৰ নিজানত', 'প্ৰীতিৰ সুবাসে', গানে কি আনে', 'হিয়া দহে' আদি। কি সুৰীয়া কণ্ঠ! কি শ্ৰুতিমধুৰ সংগীত! লেপেটা কাঢ়ি বিছনাখনতে বহি ল'লোঁ। গাই আছে 'মায়া মাথো মায়া', 'জোনাকে কাণে কাণে', 'দূৰে দূৰে',  'উন্মনা মনে মাথো'। এইবাৰ আৰামকৈ বাগৰি ল'লোঁ মই। শুনা পাই আছোঁ 'মৌচুমী', 'দূৰণি দূৰণি', 'তুমি জোনাকী সুবাস', 'আশা', 'অভিমানী মন' ইত্যাদি। এনেকৈ শুনি থাকোঁতেই কোন টলকতনো টোপনিয়ে হেঁচা মাৰি ধৰিলে ক'ব নোৱাৰোঁ।

ৰাতিপুৱা। 'পোৱালি' শৰ্মাকেই মুখৰ আগত প্ৰথমে পালোঁ। সুধিলোঁ : কেনে লাগিল কালি? ক'লে : Zubeen Garg Nite আছিল কালি। ফালি দিলে।

সেয়াই আছিল 'নৱ-প্ৰজন্মৰ হৃদস্পন্দন' জুবিন গাৰ্গ, যাক ইমান ওচৰত পায়ো চোৱাগৈ নহ'ল। শুনি থাকিলোঁ বিছনাৰ পৰাই। তাৰ পাছৰে পৰা 'জনতাৰ প্ৰাণৰ শিল্পী'জনৰ যাদুকৰী কণ্ঠই উপহাৰ দিয়া গীতসমূহ শুনিয়েই আছোঁ, শুনিয়েই আছোঁ, শুনিয়েই আছোঁ। শুনি থাকিবই লাগিব।

পুচ্ছাংশ :
প্ৰাপ্ত তথ্য অনুসৰি নিজৰ ৩৩ বছৰীয়া সংগীত জীৱনত জুবিন গাৰ্গে ৪০টাৰো অধিক ভিন্ন ভাষা আৰু উপভাষাত ৪০,০০০ৰো অধিক গান গাইছে, একেটা বছৰতে ৮০০ৰো অধিক গান ৰেকৰ্ডিং কৰিছে, এটা নিশাতে ৩৬টা পৰ্যন্ত গান ৰেকৰ্ডিং কৰিছে। 
ধৰা হওক, ৪০,০০০টা গান। এতিয়া প্ৰশ্নটো হ'ল : এটা গান শুনিবলৈ যদি ৫ মিনিট সময় লাগে বুলি ধৰোঁ তেনেহ'লে দিন-ৰাতি একাকাৰ কৰি কোনো ধৰণৰ বিৰতি নোলোৱাকৈ একেৰাহে গোটেইখিনি গান শুনিবলৈ কেইদিন লাগিব?

অৰুণাচল পৰিক্ৰমা : ভাল লগা কথা

(আজি 'বিশ্ব পৰ্যটন দিৱস' আৰু 'বিশ্ব নদী দিৱস' উপলক্ষে)

"Every time we travel, for whatever reason, we are part of a global movement." -Taleb Rifai, the former Secretary-General of the United Nations World Tourism Organization (UNWTO).

১৪-২০ নৱেম্বৰ, ১৯৯১
Adventurist মানুহবোৰ এসময়ত বেছিকৈ গৈছিল টাৱাঙলৈ। সকলোৰে মুখত কেৱল এটাই শব্দ : টাৱাং টাৱাং টাৱাং। ওলালোঁগৈ ময়ো তেনে সময়তে, সেই snow-capped shangrila। ৫জনীয়া আমাৰ ভ্ৰমণকাৰী ছাত্ৰ-দলটোৰ আন সদস্যকেইজন আছিল NERISTৰ সহপাঠী ক্ৰমে সমুদ্ৰগুপ্ত ডেকা, অপূৰ্ব বিকাশ মিলি, উৎপল মজুমদাৰ, আৰু মানস চক্ৰৱৰ্তী। APSTSৰ ইটানগৰ-ব'মডিলা বাছত পুৱাতে নিৰ্‌জুলিত উঠি বান্দৰদেৱা চে'ক গে'টেৰে অৰুণাচল এৰি অসমৰ মাজেৰে গৈ ভালুকপুং গে'টেৰে পুনৰ অৰুণাচলত সোমাই টিপি, ৰূপা, ব'মডিলা। ব'মডিলাত তেজপুৰৰ পৰা অহা নৈশ বাছত (নৈশ বাছত!) বহি ডিৰাং, চেলা পাছ, য়শৱন্তগড়, টাৱাং। তেনেই ঠেক, অতিমাত্ৰা সৰ্পিল আৰু সাংঘাতিক deadly আছিল ৰাস্তাবোৰ, কেঁকুৰিবোৰ। বহল, সুচল আৰু সহজ হ'ল এতিয়া। সুৰংগপথো মুকলি হৈ গ'ল। দূৰত্ব হ্ৰাস পোৱাৰ লগে লগে প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানো আগতকৈ কমি আহিল। হোটেল-হোমষ্টে' available হৈ গ'ল। সেই সময়ত একোৱেই নাছিল। মুহূৰ্তে মুহূৰ্তে আছিল কেৱল বিপদৰ শংকা, শিহৰণ আৰু অনিশ্চয়তা। ঠাণ্ডাৰ কথা নক'লোঁৱেইবা।

৪ ফেব্ৰুৱাৰী, ২০১২
'৯১ৰ পাছত বহু বছৰ বাগৰি গ'ল। ইটানগৰ, গংগা লে'ক, নাহৰলগুন, নিৰ্‌জুলি, দুইমুখ, য়াজালি, ৰঙানদী-ডিক্ৰঙৰ বোৱঁতী ধাৰ এৰি আহিলোঁ। অৰুণাচলে পিছে এৰা দিয়া নাছিল। ৰিঙিয়ায়ে আছিল নৈ-পৰ্বত, মাটি-মানুহে; বিশেষকৈ অৰুণাচলৰ কুমাৰী প্ৰকৃতিয়ে, দুৰ্গমতা আৰু বিশাল-বিস্তীৰ্ণ সেউজীয়াবোৰে। তেনে আহ্বানৰ সঁহাৰি স্বৰূপেই দীৰ্ঘ বিৰতিৰ অন্তত পুনৰবাৰ প্ৰৱেশ ঘটিল প্ৰিয় পৰ্যটন ক্ষেত্ৰখনত। দ্বিতীয় বিশ্বযুদ্ধখ্যাত লিডু ৰ'ড অৰ্থাৎ ষ্টিলৱেল ৰ'ডেৰে Scooty ride কৰি জয়ৰামপুৰ চে'ক গে'টেৰে অৰুণাচলত সোমাই মহাসমৰৰ সৈতে জড়িত ঐতিহাসিক সমাধিস্থল Jairampur War Cemetery চালোঁগৈ। সংগী আছিল মুস্তাফা আহমেদ।

২০-২২ জানুৱাৰী, ২০১৩ 
আহিল এক সোণালী সুযোগ। নামপঙত Pangsu Pass Winter Festival (PPWF) 2013। ইতিহাসপ্ৰসিদ্ধ ষ্টিলৱেল পথেৰে গৈ জয়ৰামপুৰ চে'ক গে'টেৰে অৰুণাচলত প্ৰৱেশ কৰি পালোঁগৈ মানমাও, নামপং। তাৰ পৰা আগলৈ, নংকি বস্তিত টাংচা লোকৰ চাংঘৰত থকা-খোৱা। পাংচু পাচেৰে পদব্ৰজে ভাৰতৰ সীমা অতিক্ৰম কৰি ৰ'লোঁগৈ দ্বিতীয় মহাযুদ্ধৰ বহুতো ঐতিহাসিক কাহিনী, ৰহস্যময় ঘটনা আৰু জনশ্ৰুতি বিজড়িত, Indian Bermuda Triangle নামে অভিহিত, ম্যানমাৰৰ Lake of No Return (স্থানীয় ভাষাত Naung Yang Lake)ৰ পাৰত। অভিযাত্ৰী দলটোত সংগী আছিল সঞ্জু বৰা, ডক্টৰ ৰাজু গগৈ আৰু পংকজ দাস। আনটো দলত আছিল অৰুণ টেৰণ, অনিল সূত্ৰধৰ, হাৰ্বাৰ্ট ক্ৰ', ছিং ক্ৰ' আৰু হৰ ছিং বে'।

১১-১৭ এপ্ৰিল, ২০১৫
অৰুণোদয়ৰ বাট বিচাৰি এইবাৰ ওলালোঁ উত্তৰ-পূবৰ অন্তিম পূবলৈ। ডিৰাক চে'ক গে'টেৰে অৰুণাচলত ভৰি দি নামচাই, চৌখাম, ৱাক্ৰ', পৰশুৰাম কুণ্ড, ৱাই জংছন, হাৱা কেম্প, চালাংগাম, খুপা, হায়ুলিয়াং, ৱালং, ডং (ভাৰতৰ ভিতৰত সূৰ্যৰ পোহৰ প্ৰথমে পৰা ঠাই), কিবিথু, কাহো। সীমান্তৰ পৰা চীন চাই আহিলোঁ। ওভতনি যাত্ৰাত হাৱাই, তেজু, ৰ'য়িং, মায়'ডিয়া, শান্তিপুৰ গে'ট। এটা দীঘলীয়া পৰিক্ৰমা। লগত গৈছিল অৰুণ টেৰণ, অনিল সূত্ৰধৰ আৰু সঞ্জু বৰা।

১০ মে', ২০১৫
ৰুকচিন গে'টত নিশা কটাই পিছদিনাখন পাচিঘাট পালোঁ। আৰু আগ বাঢ়ি ৰাণাঘাটত ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ চিয়াঙৰ ৰূপ চালোঁ। সহযাত্ৰী আছিল অৰুণ টেৰণ, অনিল সূত্ৰধৰ আৰু হৰ ছিং বে'।

৩১ অক্টোবৰ - ৭ নৱেম্বৰ, ২০১৫ 
সোণালী নৈ সোৱণশিৰিৰ পাৰে পাৰে তাকচিঙলৈ ট্ৰেকিং-কেম্পিঙৰ সুযোগ এটা আহিল। নাহৰলগুন, পতিন, জিৰো, ডাপ'ৰিজো, তালিহা, দয়ম, চিয়ুম, নাচ্চো, লিমেকিং। আৰু আগুৱাই কেতেনালাত তাগিন লোকৰ চাঙত থাকিলোঁ। গেলেন চিনিয়াক, তামা শ্বুং শ্বুং পাৰ হৈ য়াং পৰ্যন্ত পদযাত্ৰা কৰিলোঁ আৰু সোৱণশিৰিৰ আগলিভাগ দৰ্শন কৰিলোঁ। তাকচিঙলৈ বাট নাই। অসমাপ্ত এই যাত্ৰাটোত লগৰীয়াসকল আছিল অৰূপ কলিতা, প্ৰদীপ কুমাৰ সিং, অমৰ ইংহি, জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য, দীপক কুমাৰ দাস, মৃণাল শৰ্মা, বৰুণ শ্বেওকান্দ আৰু দেৱিন্দৰ শৰ্মা।

২৬ নৱেম্বৰ - ৫ ডিচেম্বৰ, ২০১৬ অনুসন্ধিৎসু পৰ্যটনপ্ৰেমীৰ মুখত পৰৱৰ্তী সময়ত শুনা পোৱা গ'ল মেচুকা মেচুকা মেচুকা (আচলতে মেন্‌চুখা : ঔষধীয় পানীৰ নিজৰা)। লিকাবালি চে'ক গে'টেৰে সোমাই বাছাৰ, আল', মেচুকা। আগতে বাট-পথ নাছিল। ডালাই লামাক স্বাগতম জনোৱাৰ উদ্দেশ্যে পথ নিৰ্মাণ কৰাৰ ফলস্বৰূপে ২০০৩ চনৰ পৰাহে মেচুকাৰ সৈতে যোগাযোগ স্থাপন হৈছিল। তাৰ আগলৈকে এইখন আছিল Forbidden Valley. এতিয়া Heaven on Earth, Magic Menchukha, আৰু কত কি উপনাম, কত কি বিশেষণ ! কোৱা হয় : Heaven is myth, Menchukha is real. কোনোবাই এনেদৰেও কয় : Honestly, I have seen very few places in my life that is more beautiful than Menchukha. ময়ো দেখিলোঁগৈ মেন্‌চুখাৰ বিপুল ৰূপ-বৈভৱ। য়াৰ্‌লুং, last border post পৰ্যন্ত গ'লোঁ। তাৰ আগলৈ ৰাস্তা নাই। আছে no man's land। ওভতনিত আল', পাচিঘাট, ৰুকচিন গে'ট। এই বৰ্ণিল ট্ৰেকিং-কেম্পিং-এডভেঞ্চাৰৰ সহযাত্ৰীবৃন্দ আছিল অৰূপ কলিতা, প্ৰদীপ কুমাৰ সিং, জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য, দীপক কুমাৰ দাস আৰু শিৱ সিং কাটাউচ।

২৮ মে', ২০১৭
শান্তিপুৰ চে'ক গে'টেৰে ৰ'য়িং। দলত আছিল নাজমা বেগম, শ্বাহনাজ চুলতানা, ছাজিদ আলম, মাইছা আৰু ফাৰহান। সেইটো যাত্ৰাতে আগদিনা পত্নী নাজমাৰ সৈতে খোজ কাঢ়ি পাৰ হৈছিলোঁ ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উপনৈ লোহিত নদীৰ ওপৰত ২৬ মে' তাৰিখে মুকলি কৰা, অসম আৰু অৰুণাচল প্ৰদেশক সংযুক্ত কৰা, ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ডক্টৰ ভূপেন হাজৰিকা সেতু অৰ্থাৎ ধলা-শদিয়া দলং (দৈৰ্ঘ্য : ৯.১৫ কিলোমিটাৰ)।

২৬ ডিচেম্বৰ ২০১৮
লিকাবালি চে'ক গে'টেৰে মালিনী থান। সংগী আছিল নাজমা বেগম, অমিলতা টায়ে, অমৰ মিলি আৰু সম্ৰাট। সেইটো যাত্ৰাতে পত্নী নাজমাৰ সৈতে খোজ কাঢ়ি পাৰ হৈছিলোঁ বগীবিল আৰু কাৰেং চাপৰিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত ২৫ ডিচেম্বৰ তাৰিখে অৰ্থাৎ আগদিনাখন মুকলি কৰা ৪.৯৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলংখন।

৩১ জানুৱাৰী - ৪ ফেব্ৰুৱাৰী, ২০২০ 
পদে পদে অনিশ্চয়তাৰে ভৰা solo adventure trip আছিল এইটো। শান্তিপুৰ চেক্‌ গে'ট, ৰ'য়িং, মায়'ডিয়া, হুনলি, আনিনি। আৰু আগুৱাই ওলালোঁগৈ আশ্বিছ' (ডেম্‌বিউন, লাষ্ট প'ষ্ট), যিফালেৰে ড্ৰি অৰ্থাৎ ডিবাং নদীৰ আগলিভাগ ভাৰতভূমিত প্ৰৱেশ কৰিছে।  সৰগীয় মাতৃ Nanyi Inyitayaৰ আশীৰ্বাদ বিচাৰি গৈ ইদু মিচিমি লোকৰ ঘৰত থাকিলোঁ। ৰে'হ ফেষ্টিভেলৰ মঞ্চত অৰুণাচলৰ মুখ্য মন্ত্ৰীজনে ভাষণত কোৱা শুনিলোঁ : "টাৱাং + মেচুকা = আনিনি। An upcoming offbeat destination." তেতিয়ালৈকে ৰাস্তা আছিল অত্যন্ত বিপদসংকুল। পথ নিৰ্মাণ হৈ উঠাৰ পাছত নকৈ জনপ্ৰিয়তা লভি বহুতৰে favourite tourist hotspot হৈ পৰিছে আনিনি। মানুহৰ সোঁত আজিৰ তাৰিখত সেইফালে বৈছে। (পাছত পোৱা এটা খবৰৰ মতে : Anini in Dibang Valley district has been awarded this year’s prestigious gold award for the ‘Best offbeat mountain destination’ during the acclaimed Outlook Traveller Awards-2024 ceremony.)

১৩ ফেব্ৰুৱাৰী, ২০২৩
এটা Circular road trip. নাম দিলোঁ ব্ৰহ্মপুত্ৰ পৰিক্ৰমা। শান্তিপুৰ চে'ক গে'টেৰে সোমাই ৰ'য়িং, বমজিৰ, ডাম্বুক, মেব', ৰাণাঘাট, পাচিঘাট, ৰুকচিন গে'ট। একেটা যাত্ৰাতে ব্ৰহ্মপুত্ৰৰ মূল তিনিখন উপনদী ক্ৰমে লোহিত, ডিবাং, চিয়াং আৰু মূল নদ ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ সুযোগ পালোঁ। ৫৪০ কিলোমিটাৰজোৰা এই যাত্ৰাটোত সংগ দিছিল নাচিম আহমেদে। যাত্ৰাকালত অকলে খোজ কাঢ়ি পাৰ হৈছিলোঁ (১) ট্ৰেন্স-অৰুণাচল হাইৱেৰ বমজিৰ আৰু মালে সংযোগী ডিবাং নদীৰ দলং (দৈৰ্ঘ্য : ৬.২০ কিলোমিটাৰ) আৰু (২) ৰাণাঘাটত থকা চিয়াং নদীৰ দলং (দৈৰ্ঘ্য : ৭৬৩.৫০ মিটাৰ)। লক্ষ্যপথৰ অন্য দুখন ক্ৰমে লোহিত (ডক্টৰ ভূপেন হাজৰিকা সেতু অৰ্থাৎ ধলা-শদিয়া দলং) আৰু ব্ৰহ্মপুত্ৰ (বগীবিল দলং) ইয়াৰ আগতেই পাৰ হৈছিলোঁ।

১০-১৫ নৱেম্বৰ, ২০২৪
ৰুকচিন চে'ক গে'টেৰে প্ৰৱেশ কৰি পাচিঘাট, জেংগিং, ইংকিয়ং, টুটিং। এটা Designated tourist circuit। ইংকিয়ঙৰ পৰা আগলৈ চিয়াঙৰ পাৰে পাৰে ৰাস্তাৰ শোক লগা দুৰৱস্থা। টুটিঙত আশ্ৰয় ল'লোঁ আদি লোকৰ ঘৰত। তাৰ পৰা আগুৱাই ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ চিয়াঙৰ আগলিভাগ নিজ চকুৰে চোৱাৰ মানসেৰে পালোঁগৈ গেলিং। বিপদসংকুল এই Road tripত ভ্ৰমণ-সংগী আছিল অৰূপ কলিতা। অৰুণাচল প্ৰদেশৰ Tourist information brochure বা bookletবোৰত আজিও উপেক্ষিত বা নগণ্যভাৱে উল্লিখিত যদিও পথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অনাগত দিনত Adventurist মানুহবোৰৰ favourite destination বা অৰুণাচলৰ tourist hotspot হৈ পৰিব টুটিং।

১৭-১৯ জানুৱাৰী, ২০২৫
Eagle Nest Bird Festival। একেলগে দুঠাইত। কামেংবাৰী আৰু থুংৰে ভিলেজত। Bugun Liocichla নামৰ চৰাইবিধক মুখ্য আকৰ্ষণ হিচাপে লৈ ৰূপায়ণ কৰিব লগা বিভিন্ন কাৰ্যসূচীৰ লগতে চতুৰ্দশ ডালাই লামা Kenzamaniৰে তিব্বতৰ পৰা ভাৰতলৈ নামি আহোঁতে চাক্কুৰ পৰা ওক্‌টুম ভিলেজলৈকে যিছোৱা অৰণ্যপথ অনুসৰণ কৰিছিল সেই Jungle trailটো officially মুকলি কৰা হ'ব। এটা বিৰল সুযোগ আহিল। সংগী বিচাৰিলোঁ। কোনো নোলাল। অকলেই গ'লোঁগৈ। কামেংবাৰী-দৈমৰা ফুটহিলছ, খলা কেম্প, খেলং, বম্‌পু কেম্প, চাক্কু, গ্ৰিডিং, থুংৰে। ঘূৰি আহোঁতে ৰূপা, চেৰগাঁও, কালাকটাং, বলেম' চে'ক গে'ট। Dalai Lama Heritage Trailৰ প্ৰথমটো ট্ৰেকাৰ দলৰ এজন হোৱাৰ সৌভাগ্য হ'ল, জীৱনৰ বাবে স্মৰণীয় এটা ট্ৰেকিং অভিজ্ঞতা লভিলোঁ।

Sir David Attenboroughৰ দীঘলীয়া বাক্য এটাৰে 'ভাল লগা কথা'খিনি সামৰিছোঁ : "People must feel that the natural world is important and valuable and beautiful and wonderful and an amazement and a pleasure.”

Monday, 23 December 2024

আমাৰ ঐতিহ্য, আমাৰ স্বাভিমান

জনা হোৱাৰ দিন ধৰি এই কথাটোক লৈ গৌৰৱ অনুভৱ কৰি আহিছিলোঁ যে মোৰ (প্ৰয়াত) পিতৃ শিৱসাগৰীয়া আছিল।

ঐতিহ্যবিধৌত শিৱসাগৰ জিলা। ইমান বেছি বুৰঞ্জীয়ে পৰশা ভূখণ্ড অসম ৰাজ্যত আৰুনো ক'ত? তাকে লৈ মনে-প্ৰাণে অনৱৰতে উদ্দেলিত হৈ থাকে স্বাভিমান, তাৰোপৰি আনন্দ।

সেইখন শিৱসাগৰ জিলাৰে এছোৱা (সোণাৰি মহকুমা) অন্য অংশৰ  সৈতে লগ লগাই ২০১৫ চনৰ ১৫ আগষ্টত গঠন কৰা হ'ল নতুন জিলা, 'চৰাইদেউ'। ফলস্বৰূপে সলনি হৈ গ'ল 'শিপা'ৰ ঠিকনা। সোমাই পৰিল চৰাইদেউ জিলাৰ পৰিসীমাৰ ভিতৰত। সি যি কি নহওক, এতিয়া অৱশ্যে আগতকৈ দুগুণেহে স্বাভিমানী, লগতে আনন্দিত হোৱাৰ সুযোগ হাতলৈ আহিল। কেনেকৈ? 

পিতৃগৃহৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ নিলগতে অৱস্থিত সুবিখ্যাত 'চুকাফা মৈদাম ক্ষেত্ৰ'। নাগালেণ্ড সীমান্তৱৰ্তী, আহোম ৰাজ-পৰিয়াল আৰু উচ্চপদস্থ ৰাজ-বিষয়াবৰ্গৰ এই সমাধিস্থলেই সৌ-সিদিনা (২৬ জুলাই, ২০২৪ খ্ৰীষ্টাব্দ তাৰিখে) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা, চমুকৈ UNESCOৰ দ্বাৰা World Heritage Site অৰ্থাৎ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ মান্যতা লাভ কৰি পৃথিৱীৰ মানচিত্ৰত অন্যতম বিশিষ্ট লেণ্ডমাৰ্ক হিচাপে পৰিচিতি আৰু সংৰক্ষণযোগ্যতা অৰ্জন কৰিলে। টিলা-মৈদাম গোটৰ লগতে ইয়াৰ আশে-পাশে থকা শৱ ধোৱা পুখুৰী, শৱ নিয়া আলি, চে-ৰাই-ডয় দেওশাল, লাংকুৰি দৌল, আলি, পুখুৰী, গড়, শিলৰ সাঁকো প্ৰভৃতি ৰজাদিনীয়া কীৰ্তিচিহ্ন তথা আপুৰুগীয়া প্ৰত্নতাত্ত্বিক সমলসমূহে প্ৰাচীন অসমৰ স্বৰ্ণিল ইতিহাস সগৌৰৱে আজিও সোঁৱৰাই আছে আৰু একক-অনন্য ৰূপত সঁচা অৰ্থতে জিলিকাই ৰাখিছে পাটকাই পৰ্বতৰ পাদদেশৰ চৰাইদেউ (চৰাইদেউ : চে-ৰাই-ডয় : জিলিকি থকা পৰ্বতীয়া নগৰ) নামৰ জিলাখনক।

সময়ৰ আহ্বানত পূৰ্বৰ ভূগোলৰ সাল-সলনি ঘটিলেও বুৰঞ্জী অদ্যাপি অনুৰূপ আৰু গৰিমামণ্ডিত হৈ ৰোৱাৰ পৰিপ্ৰেক্ষিতত; আৰু শেহতীয়াভাৱে, আন্তঃৰ্জাতিক পৰ্যায়ত বিৰল গুৰুত্ব প্ৰাপ্তিৰ ঘোষণাই স্বাভাৱিকতে আমাৰ স্বাভিমানো দ্বিগুণ হাৰত বৃদ্ধি কৰি দিলে। ঊৰ্ধবাহু হৈ, আনন্দমনে, উচ্চস্বৰে সেয়েহে এতিয়া কওঁ : I love Charaideo.

মহালয়াই মনে মনে কি কৈ যায়?

মহালয়াত ৰাস্তাত ফুৰিবলৈ পুৱতি নিশাৰ পৰাই বহুতো মানুহ ওলাই অহা প্ৰতি বছৰেই দেখা পাই আহিছোঁ, আৰু আজিও দেখিলোঁ। জন-বিশ্বাস আছে যে মহালয়াৰ পুৱাই দেৱী দুৰ্গাই লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশৰ সৈতে সৰগৰ পৰা মৰতলৈ নামি আহে, বাহনত উঠি। শুভ-আগমনৰ এই উপলক্ষ্যত কাউৰীয়ে কা নকৰোঁতেই ভক্তিপ্ৰাণ জনতাই জাকে জাকে বাট-পথলৈ ওলাই আহে আৰু পৰিভ্ৰমণ কৰে, বন্দনা কৰে। এই খোজ কঢ়াৰ সুকীয়া এক আনন্দ আৰু মাদকতা আছে।

"ঐ ব'লা, কালিৰ পৰা আমি ৱাক্‌ কৰোঁ।" উত্তৰত সিগৰাকীয়ে কিনো ক'লে গম পোৱা নগ'ল। 

অচিনাকি দুই গাভৰু। দুয়ো মোৰ আগে আগে কথা পাতি পাতি গৈ আছিল। পূজা মন্দিৰ অভিমুখী, গহীন-গম্ভীৰ খোজ-কাটল। বিপৰীতে, অমুকাৰ (ৰেগুলাৰ মৰ্ণিং ৱাকৰ দ্বাৰা প্ৰভাৱিত) ধুমুহা গতি। মুহূৰ্ততে চেৰাই গুচি গ'লোঁ দুই অষ্টাদশীক। ইয়াৰ পাছত, অৱধাৰিতভাৱেই, ইগৰাকীৰ উত্তৰটো কৰ্ণপটহত নপৰিলহি। সি যি কি নহওক, প্ৰথমগৰাকীৰ প্ৰস্তাৱটো হ'লে পৰিষ্কাৰকৈ শুনা পালোঁ আৰু বৰ ভাল পালোঁ। কাৰ্যকৰী হয়-নহয় নাজানো।

মহালয়াত পুৱা সোনকালে শোৱাপাটী এৰা, মুকলি আকাশৰ তললৈ ওলাই অহা, ৰাস্তাত খোজ কঢ়া, পুৱাৰ নিৰ্মল বতাহৰ সতেজতা উপভোগ কৰা, পৰিৱেশৰ আনন্দ লোৱা, শৰীৰৰ লগতে মন-মগজুক সক্ৰিয় কৰা, ইত্যাদি ইত্যাদি ক্ৰিয়াকলাপবোৰে এটা মন কৰিবলগীয়া ইংগিত বা শিক্ষা দি যায় : সুস্বাস্হ্যৰ কাৰণে পুৱা সোনকালে উঠি খোজ কঢ়াই হৈছে আটাইতকৈ সহজ কাম (ব্যায়াম)।

ইয়াক কোনে কি ধৰণে লয় বা বুজে সেইটো অৱশ্যে একান্ত নিজৰ কথা। 

কিমানে এই ইংগিতটো আজি পুৱা উপলব্ধি কৰিলে, কৰি নিজৰ স্বাস্হ্য ৰক্ষাৰ হকে এটা যোগাত্মক সিদ্ধান্ত ল'লে, নাজানো। জানিবৰ উপায় মাথো এটাই : কাইলৈ পুৱালৈ বাট চোৱা।

দেওশালত কি দেখিলোঁ, কি ভাবিলোঁ

৮/৯/২০২৪

ডাঙৰ আখৰেৰে 'দেওশাল' বুলি লিখা প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসমৰ নীলা-বগা চাইনব'ৰ্ডখনৰ ওচৰতে আমাৰ ইন'ভাখন ৰ'ল। শিলগুটি দিয়া ঠেক বাট এটা সোঁহাতে ওপৰলৈ উঠি গৈছে। সেইফালে এপলক দৃষ্টিপাত কৰিয়েই অৰুণদাই কৈ উঠিল : আপোনালোক দুজনেই গৈ চাই আহক; মই গাড়ীতে বহি থাকিম।

জানো যে অৰুণদাৰ হাইট-ফ'বিয়া অৰ্থাৎ উচ্চতা-ভীতি আছে; গতিকে আশা নাই যে তেওঁ লগ দিব। এতিয়া এনেকৈ কোৱাত জ্যেষ্ঠ ভ্ৰমণ-সংগীজনক তলতে এৰি আমি দুয়ো অগ্ৰসৰ হ'লোঁ। আমি মানে কৃষ্ণ (গাড়ী চালকজনৰ নাম) আৰু মই। কৃষ্ণ মোৰ আগত। মই তেওঁৰ পাছে পাছে। পাদদেশেৰে ক্ৰমান্বয়ে উঠি আছোঁ পাটকাইৰ বক্ষত। চাৰিওকাষে চকু ৰৈ যোৱাকৈ সেউজীয়া আৰু সেউজীয়া।

ওচৰতে সোঁফালে, আহোম ৰাজতন্ত্ৰৰ ২৯ সংখ্যক ৰজা, স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত সজোৱা লাংকুৰি দ'লৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ মাটিত পোত খাই থকা, আহোম স্বৰ্গদেউসকলে লাংকুৰি (বুঢ়াগোসাঁই বা শিৱ) প্ৰমুখ্যে তেওঁলোকৰ বিভিন্ন পৰম্পৰাগত দেৱতাক য'ত পূজা-সেৱা কৰিছিল, সেই এলেকাটোৰ নাম নমিৰা পৰ্বত হেনো। এইটো কি পৰ্বত? নাম একেটাই  হয় যদিও নাজানো। শিৱসাগৰত পুৱাতে গা-পা ধুই চৰাইদেওলৈ বুলি ওলাই আহিছিলোঁ। নমিৰাৰ গাতে লাগি থকা এই থিয় পাহাৰখনত একেৰাহে ওপৰলৈ বগাওঁতে বগাওঁতে এতিয়া দেহাৰ পৰা কেঁচা ঘাম বাজ হৈ গৈছে। উশাহো হৈ পৰিছে ঘন আৰু চুটি। সন্মুখত লক্ষ্যস্থান। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিমান হ'ব ক'ব নোৱাৰিম। ক'তো একো লিখি থোৱাও চকুত নাই পৰা। হাইকিং আৰম্ভ কৰোঁতে ১১ বাজিছিল। এতিয়া ১১-১৫। তাৰ মানে ১৫ মিনিট বগালোঁ আমি, শীৰ্ষ পাবলৈ।

আহোম ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহক ১০টা ভাগত ভগোৱা হৈছে। তাৰে এটা হৈছে দেওশাল।

১২২৮ চনৰ আঘোণমহীয়া পুৱা এটাত সৌমাৰত প্ৰৱেশ কৰি ১২৫২ চনলৈকে বিভিন্ন স্থানত ঘূৰি-পকি আহোম ৰাজবংশৰ আদিৰজা চাওলুঙ্‌ চ্যুকাফাই অৱশেষত ১২৫৩ চনত চৰাইদেও পৰ্বতত ৰাজধানী পাতি দেওঘৰ আৰু দেওশাল নিৰ্মাণ কৰাই পূজা-পাতলৰ দিহা কৰিছিল।

অসম বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেৱে বৰবৰুৱাৰ হতুৱাই চৰাইদেওত চাৰিখন দেওশাল (হুকুম দেওশাল, মলাই দেওশাল, বাণ্টুঙ্‌ দেওশাল, কনাই দেওশাল) স্থাপন কৰাইছিল। কোনো কোনোৰ মতে এই চাৰিখনৰ উপৰি আৰু তিনিখন দেওশাল আছিল। ইয়াৰে বেছিভাগেই বতাহ-বৰষুণ-বজ্ৰপাত আদি প্ৰাকৃতিক কাৰণত ক্ষতিগ্ৰস্ত হয়। এখন দেওশালৰ কিছু ভগ্নাৱশেষ বৰ্তমানেও দেখিবলৈ পোৱা যায়। ১৯৫৮ চনমানলৈকে চৰাইদেওত দেওশালসমূহ জিলিকি আছিল বুলি কিতাপত পঢ়িবলৈ পোৱা যায়।

দেওশাল মূলতঃ হৈছে স্বৰ্গৰাজ লেঙ্‌ডন্‌ অৰ্থাৎ ইন্দ্ৰপ্ৰদত্ত আহোমৰ কুলদেৱতা বা ৰাজবংশৰ ৰক্ষক দেৱতা চুম্‌ফ্ৰা ৰুঙ্‌ছেঙ্‌মুঙ্‌ অৰ্থাৎ চোমদেওক পূজা কৰা থলী।

পৰম্পৰা অনুসৰি চোমদেওৰ মূৰ্তি সোণৰ টেমা এটাৰ ভিতৰত থাকে। ই কোনো দেৱমূৰ্তি নাছিল। ই এডোখৰ কলডিলীয়া ৰত্ন। বহুমূলীয়া চন্দ্ৰকান্ত মণি। চোমদেওক সুকীয়া ঘৰত ৰখা হৈছিল। সশস্ত্ৰ পালি-পহৰীয়াই দায়িত্বশীল বিষয়াৰ তদাৰকত দেওঘৰ পহৰা দিছিল। পূজাৰ শুভদিনত চোমদেওক পখালা হৈছিল, বলি-বিধান আদি নিয়মাৱলীৰে চিৰিং ফুকনে যথাৰীতি পূজা কৰিছিল, চোমদেওক গা ধুউৱা পানী খোৱা হৈছিল। আনহাতে ৰাজাভিষেকৰ সময়ত নিৰ্দিষ্ট দিনত হাতত হেংদাং লৈ মতা হাতীত উঠি স্বৰ্গদেও চৰাইদেও পৰ্বতলৈ যায়। চোমদেওক পূজা কৰে। চোমদেওক ডিঙিত বান্ধি ৰাজাভিষেক আয়োজন কৰা ঠাইলৈ যায়। নিজে ৰাজ-সিংহাসনত বহাৰ আগতে ৰজাই চোমদেওক বহুৱাইছিল। তাৰ পাছতহে ৰজা সিংহাসনত বহিছিল আৰু ৰাজকাৰ্য হাতত লৈছিল। অষ্টম দিনা স্বৰ্গদেৱে ডিঙিত চোমদেউক বান্ধি মতা হাতীত উঠি পুনৰ চৰাইদেওলৈ গৈ থৈ আহে।কিতাপত পঢ়িবলৈ পোৱা তেতিয়াৰ এই কথাবোৰ এতিয়া সাধুকথা হৈ পৰিল। আহোম যুগৰ অনেকবোৰ নিৰ্মাণ আজি জৰাজীৰ্ণ, অনেকবিলাক নিৰ্মাণ কালৰ বুকুত হেৰাই গ'ল।

তাহানিৰ এই দেওশাল এতিয়া নিশ্চয়কৈ জাগ্ৰত হৈ থকা নাই। গদাধৰ সিংহৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ ৰাজত্ব কালত চৰাইদেউ দেওশালৰ পূজা আহোম ৰীতিমতে চলিলেও পূৰ্বৰ আড়ম্বৰ টুটি আহিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাও কালক্ৰমে লোপ পাই আহিছিল। 

চৰাইদেওত থকা দেওশালসমূহত পূজা-পাতল নিয়াৰিকৈ চলাবৰ বাবে ৰাজবিষয়া চিৰিং ফুকনৰ তত্ত্বাৱধানত মহন, দেওধাই আৰু বাইলুং পুৰোহিতসকলে দুখন বিধি ৰচনা কৰি লৈছিল। চৰাইদেও দেওশালৰ লগতে স্থানীয় সকলোবোৰ দেওশালক সাঙুৰি লৈ ৰচনা কৰা নীতি-নিয়ম আৰু বিধি-বিধান সম্বলিত এনে পুথি অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষণ কৰা হৈছে। দেওশালৰ লগতে দৌল-দেৱালয়ৰ কাম-কাজবোৰ নিয়াৰিকৈ চলাবৰ কাৰণে আহোম ৰজাই দেওধাই ফুকন, দেওধাই বৰুৱা, বাইলুং ফুকন, বাইলুং বৰুৱা, চেংধৰা ফুকন, দৌলচোৱা ফুকন, মচাই ফুকন, ৰামখা বৰুৱা, মলাই দেওঘৰীয়া বৰুৱা, মটঘৰীয়া বৰুৱা, মেহেঙা সজীয়া বৰুৱা, আয়ুবৰীয়া বৰুৱা ইত্যাদি বিভিন্ন বিষয়া নিযুক্তি দিছিল। বলি মৰা কাৰ্য সম্পাদন কৰাৰ বাবে বলিমৰা নামে এটা খেলো আছিল। দ্ৰব্য যোগানৰ বাবে গাহৰি পুহিয়া, হাঁহ পুহিয়া, কুকুৰা পুহিয়া, জেঠী যোগনীয়া আদি খেলৰ সৃষ্টি কৰিছিল।

এখন চাইনব'ৰ্ড। লিখা আছে : চে-ৰাই-দয় দেওশাল। স্থাপিত : ১২৫৩ চন। প্ৰতিষ্ঠাতা : চাওলুং ছৌকাফা। 'চৰাইদেউ আমাৰ গৌৰৱ' স্বেচ্ছাসেৱী সংস্থা। 

আহোম ৰাজত্বৰ স্নায়ুতন্ত্ৰ বুলি অভিহিত চে-ৰাই-দয় (চৰাইদেও)ক অসমীয়া মানুহৰ জেৰুজালেম বুলিও কোনো কোনোৱে কয়। ধৰ্মসংস্কৃতি, কৰ্মসংস্কৃতিৰ উপৰি মৈদামস্থলী এয়া। ইয়াতে চ্যুকাফাই ইষ্ট দেৱতা চোমদেওৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, তাৰ কাষৰে টিলাত ৬০ হাত ওখ চাও-চেংৰেন স্থাপন কৰিছিল য'ত লাংকুৰি (বুঢ়া গোসাঁই, শিৱ) দেৱতাৰ পূজা পতা হৈছিল। পাছত ১৬১৩ শকত গদাধৰ সিংহই শিল-ইটাৰে এটা গোটা দ'ল আৰু এটা পুখুৰী খন্দাইছিল।

এই দেওশাল প্ৰত্নতাত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম ১৯৫৯ৰ দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে।

এসময়ৰ জাকত-জিলিকা ৰাজধানী, চোমদেৱে পৱিত্ৰ কৰি ৰখা তীৰ্থক্ষেত্ৰ আজি চাহ বাগিচাৰে পৰিপূৰ্ণ। দেওশাল আৰু লাংকুৰিৰ ভগ্নাৱশেষেহে মাথো এই তীৰ্থক্ষেত্ৰৰ চিনাকি দিয়ে। স্বৰ্গদেও, ডা-ডাঙৰীয়া, পালি-পহৰীয়া, লগুৱা-লিক্‌চৌ সকলো অদৃশ্য। চৰাইদেও এৰি চোমদেও ক'লৈ গ'ল তাকো কোনেও গম নাপালে। এঠাইত পোৱা মতে স্বৰ্গদেও পুৰন্দৰ সিংহৰ ভতিজাক এজনে হেনো চোমদেওক কলিকতাত বিক্ৰী কৰিলে!

Sunday, 22 December 2024

সপোনৰ পম খেদি ...


(১) টুটিং ALGৰ ফালৰ পৰা চালে এনেকুৱা দেখি। 

(২) জিদ' ভিলেজৰ ফালৰ পৰা চালে এনেকুৱা দেখি।

এইখনেই সেই ওলমা সেতু, hanging bridge; যাক লৈ বহুত আগৰে পৰাই হৃদয়ত পুঞ্জীভূত হৈছিল অনন্ত উৎসুকতা। যাক এবাৰ নিজ চকুৰে চোৱাৰ, এবাৰ নিজ হাতে স্পৰ্শ কৰাৰ, অন্ততঃ এবাৰ ওপৰেৰে ইপাৰ-সিপাৰ হোৱাৰ হাবিয়াহ জন্মিছিল অতিপাত।

স্থানীয় অধিবাসীসকলে এইখনক বোলে Ladum bridge। তলেৰে প্ৰৱাহিত নৈখনৰ নাম চিয়াং, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ আগলি জলধাৰা। সেউজবুলীয়া আস্তৰণেৰে গহীন-গম্ভীৰ আৰু সুগভীৰ। চালে-চকুৰোৱা আশ-পাশৰ নৈসৰ্গিক শোভা। দৃষ্টিনন্দন দৃশ্যাৱলীৰে ঘন আৰণ্যক শ্যামলীমা। যেনিয়েই চকু যায়, তেনিয়ে থমকি ৰয়। হ'লেও, সৰহ মানুহেই আজিও নেদেখা, আজিও আহি নোপোৱা জেগা। এনে অৱস্থানবোৰকেই কোনোবাই কয় : God's own country.

তাৰিখ ১৩ নৱেম্বৰ, ২০২৪। সময় পুৱা ৬ বাজি ৩২ মিনিট। ঠাই অচিনাকি, বাট অচিনাকি হ'লেও আক সুধি, তাক সুধি পাই গ'লোঁহি বহুপ্ৰত্যাশিত মোৰ লক্ষ্যস্থল, চিয়াঙৰ ওলমা দলং। অকলে অকলেই, খোজ কাঢ়ি কাঢ়ি। এক কথাত, আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ ফলশ্ৰুতিত, এইহে মনটোৱে শান্তি লাভ কৰিলে। বুজাব নোৱাৰা প্ৰশান্তি বুকুত লৈ একেৰাহে চাই ৰ'লোঁ ধেনুভিৰীয়া সাঁকোখনলৈ। কি অনুপম দৃশ্য!

নিজৰ শৰীৰটোক সন্মুখত উপস্থিত কৰাব নোৱাৰা পৰ্যন্ত, Ladum bridge আছিল মোৰ dream destination। আছিল এটা hidden challenge। সেই স্বপ্ন, সেই তাড়না, সেই প্ৰত্যাহ্বান পূৰ কৰিব পাৰিলোঁ, এইমাত্ৰ। অনন্য এক প্ৰাপ্তি বুলিয়ে ক'ব বিচাৰিম, পৰ্যটক-জীৱনৰ।

যথাস্থানত থিয় হৈ সদ্যহতে কি দেখিছোঁ, কি মন কৰিছোঁ? 

চীনৰ পৰা আহি গেলিঙত ভাৰতভূমিত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় নদীখনে নামনিৰ দিশে ইংকিয়ং অভিমুখে গতি কৰি আছে। সূৰ্যটো উঠি আহিছে সিফালৰ পৰ্বতমালাৰ ওপৰেৰে। সুকোমল ৰশ্মিবোৰে যেন স্বাগতমহে জনাইছে! টুপীটো খুলি ময়ো জনাই দিলোঁ অভিবাদন। সোঁৱে-বাঁৱে ভিন্নৰূপী landscapeবোৰ। সৌন্দৰ্যৰ পোহাৰ মেলি থৈছে কুমাৰী প্ৰকৃতিয়ে। বিপৰীতে, তেনেই জনপ্ৰাণীহীন, আৰু জয়াল পৰিৱেশ। ধাৰণা কৰিলোঁ, মিচা তেদ'ৰ homestayৰ পৰা ইয়ালৈ পথ-দূৰত্ব ৪ কিলোমিটাৰৰ কম নহ'ব। ওলাইছিলোঁ পুৱা প্ৰায় ৫.৩০ত। এইখিনি পাওঁতে হ'লহি ৬.৩২।

ধেনুভিৰীয়া সাঁকোখনলৈ দিয়া প্ৰথম দৃষ্টিত কি দেখা পাইছোঁ? 

মামৰ-ৰঙী, পুৰণা iron wireবোৰ আৰু কিছু দূৰে দূৰে বেতৰ মেৰ। খোজ পেলাবৰ নিমিত্তে তক্তাৰ পাছত তক্তা। ঠেক ঠেক আৰু ঠায়ে ঠায়ে পচা। ক'ৰবাত কেতিয়াবাই সৰি পৰিছে। গতিকে মাজে মাজে বহল ফাঁক একোটা।

ইমূৰ-সিমূৰৰ দৈৰ্ঘ কিমান হ'ব? 

অনুমান কৰিবৰ সাধ্য নাই। বহলে ৪ ফুটৰ অধিক নহ'ব পিছে।

এইবোৰ হিচাপ-কিতাপ কৰি থাকি কিবা লাভ? প্ৰাণৰ আহ্বানৰ প্ৰতি সঁহাৰিহে প্ৰধান কথা। তৎমুহূৰ্ততে ঘূৰাই আনিলোঁ মনোযোগ, আৰু নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি দুভৰি দিলোঁ আগুৱাই। 

গৈ আছোঁ, গৈ আছোঁ। মাজে মাজে ৰৈ ৰৈ দৃশ্য উপভোগ কৰিছোঁ। চিয়াং বৈ আছে, লাদুম ব্ৰিজ নাচি উঠিছে, তল-ওপৰকৈ, নিজস্ব ছন্দত, স্বকীয় ভংগীমাত। হেন্দোলনিৰ সৈতে নিজৰ ভাৰসাম্য বজাই ৰাখি ব্যস্ত হ'লোঁ ফটো তোলা আৰু ভিডিঅ' ৰেকৰ্ডিঙত। এনেকৈয়ে পাৰ হৈ গ'লোঁ। আনটো পাৰৰো ৰেহ-ৰূপ চালোঁ। পুনৰ ঘূৰিও আহিলোঁ, সুকলমে; হৃদয়ৰ তাড়নাক সমৰ্থন আৰু জয়যুক্ত কৰি।

আজি ১৩ ডিচেম্বৰ, ২০২৪। এমাহৰ পাছত এই পদযাত্ৰাটো সোঁৱৰণ কৰিছোঁ। আশা ৰাখিছোঁ, অনাগত দিনত মোৰ পৰিচিত কোনোবা দুঃসাহসী সত্যসন্ধানীয়ে হয়তো পম খেদিব, টুটিঙৰ এই সঁচা ছবি দুখন চাই, যিদৰে বিগত দিনত মই উত্তেজিত হৈ পৰিছিলোঁ, আন কাৰোবাৰ ফটো আৰু ভিডিঅ' চাই চাই।

Life is an adventure. 

শুভ-যাত্ৰা।

লুংজুবেলত এখন্তেক

ইয়াত উল্লিখিত বিষয়-বস্তুৰ অধ্যয়নকাৰী মই নহওঁ; ইৰাজ কুমাৰ শইকীয়াহে। আৰম্ভণিতেই সঁচা কথাটো কৈ দিয়া ভাল। ইতিহাসে ঢুকি নোপোৱা সময় আৰু প্ৰত্নতাত্ত্বিক সমলৰ প্ৰতি তেওঁৰ আন্তৰিক প্ৰীতি আছে, প্ৰাচীনতাৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগ আছে, আৰু সময়-সুবিধা পালে সেইবোৰক লৈ নীৰৱচিত্তে তেওঁ চিন্তন-মননৰ অনুশীলন কৰে নিজস্বভাৱে; অকপট প্ৰয়াসেৰে অৱধাৰণাসমূহৰ অধ্যয়ন-বিশ্লেষণ কৰাৰ উপৰি সত্যানুসন্ধানত আত্মনিয়োগ কৰে, গৱেষকৰ মনোবৃত্তি আৰু নিৰ্মোহ-নিৰপেক্ষ দৃষ্টিভংগীৰে। দ্বিতীয়তে, এইটোও এই মুহূৰ্ততে স্বীকাৰ কৰা হওক যে 'প্ৰাক্‌-ঐতিহাসিক কালৰ তিব্বত-বৰ্মী আৰু কাৰবিসকলৰ প্ৰব্ৰজনৰ যৎকিঞ্চিৎ' শীৰ্ষক ইৰাজ শইকীয়াৰ নৱতম গ্ৰন্থখন ছপোৱাৰ কামটো সদ্যহতে অমুকাৰ দ্বাৰা সম্পাদন কৰি থকা হৈছে বুলিহে বৰাইল পাহাৰলৈ ওলোৱা অনুসন্ধানমূলক অভিযানটোৰ সহযোগী হ'বলৈ সুযোগকণ মোৰ মিলিল। দলটোৰ তৃতীয়জন উৎসাহী সদস্য আছিল লেখক-সাংবাদিক তথা সমাজ-সেৱক সঞ্জু বৰা।

পৰিকল্পনা আৰু পূৰ্ব-সিদ্ধান্ত অনুসাৰেই মঙলবাৰ, ১৭ ডিচেম্বৰ ২০২৪ৰ পুৱা আমাৰ ঘৰৰ আগত ইৰাজে মাৰুতি বালেন'ৰ হৰ্ণ বজালেহি, আৰু ৭ বজাৰ লগে লগেই 'Study Tour'টোৰ শুভাৰম্ভ হৈ গ'ল। 

লামডিং ৰোডেৰে ডিফুৰ পৰা এঘণ্টা যাত্ৰা কৰি আমি ফ'ৰ লে'ন হাইৱে'ত উঠিলোঁহি। তাৰ পাছৰ ঘণ্টাটোত লংকা পাৰ হৈ খেৰণিৰ 'লাল হোটেল' পাই গ'লোঁ। পৰৱৰ্তী এঘণ্টাত উম্‌ৰাংছ'। উম্‌ৰাংছ'ৰ পৰা হাফলং ৰ'ডেৰে আগুৱাই চাংবাৰ পাবলৈ এঘণ্টাও নালাগিল অৱশ্যে। বাটত View Pointত থমকি বিহংগম দৃষ্টিৰে উম্‌ৰাংছ' লে'কৰ সৌন্দৰ্য চালোঁ, সদ্যসমাপ্ত Falcon Festivalৰ থলী প্ৰত্যক্ষ কৰিলোঁ। পুনৰ যাত্ৰা কৰি চাংবাৰৰ পৰা থুৰুক অভিমুখী বাটেৰে সোমাই ২৪ কিলোমিটাৰ আগত অৱস্থিত লক্ষ্যস্থান (Lungzubel Archaeological Site, Khobak, Dima Hasao) পাবলৈহে লাগি গ'ল দুঘণ্টা। তিনিআলিটোৰ আৰম্ভণিৰ পৰাই Off-road, মাজতে নাম নজনা এটা ক্ষুদ্ৰ জনপদ আৰু পাইন অৰণ্যৰ অন্তহীন শোভা।

দীঘলীয়া চফৰৰ অন্তত প্ৰৱেশ-তোৰণত উপস্থিত হৈয়ে আটাইৰে মনবোৰ প্ৰফুল্লিত হৈ উঠিল। ঘড়ীলৈ চাই দেখিলোঁ যে দিনৰ ১.৩০ বাজি গৈছে। তাৰ মানে, প্ৰায় ১৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে আমাক সমুদায় সময় লাগিল চাৰে ছয় ঘণ্টা! সি যি কি নহওক বাৰু, সুকলমে পাই গ'লোঁ আমি বিচাৰি অহা জেগা।

প্ৰজাতিগতভাৱে মংগোলীয় ঠালৰ আৰু নৃগোষ্ঠীগতভাৱে কুকি-চিন বুলি স্বীকৃত বৃহৎ কুকি মূলৰ পুৰণি কুকি জনগোষ্ঠী হিচাপে জনাজাত বেইটে মানুহৰ বসতিপ্ৰধান এতিয়া আমি উপস্থিত হোৱা খ'বাক এলেকাটো। জিলা ডিমা হাচাও, মহকুমা ডিয়ুংব্ৰা, উন্নয়ন খণ্ড নিউ চাংবাৰ। 

প্ৰবাদ অনুসৰি, অতীতত মধ্য এচিয়াৰ দক্ষিণ চীনৰ মেকং নদী উপত্যকাৰ চিনলুং অঞ্চলৰ পৰা প্ৰব্ৰজন কৰি ক্ৰমে শ্বান প্ৰদেশ, ম্যানমাৰৰ চিন পাহাৰ, ইৰাৱতী আৰু চিন্দুইন উপত্যকা, লুচাই (মিজো) পাহাৰত থিতাপি লোৱাৰ পাছত ওঠৰ শতিকাত বৰাক উপত্যকা অতিক্ৰম কৰি এই জনজাতীয় মানুহখিনিয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা (এতিয়া ডিমা হাচাও)ত বসতি কৰিলেহি। জনসংখ্যা সীমিত যদিও অদ্যাপি প্ৰচলিত নিজা দোৱান, সাজপাৰ, আ-অলংকাৰ, গীত-নৃত্য, ৰীতি-নীতি, পৰম্পৰাৰে সমুজ্জ্বল তেওঁলোকৰ সমাজ-জীৱন। কুকিৰ আনবোৰ শাখাৰ পৰা পৃথক আৰু স্বকীয় বৈশিষ্ট্যপূৰ্ণ জীৱন-শৈলীৰে পুষ্ট বেইটেসকলে সুকীয়া জনগোষ্ঠী হিচাপে প্ৰসিদ্ধি লাভ কৰিছে।

থুৰুকৰ ৰাস্তাটো এৰি বাওঁহাতে থিয় হৈ থকা পকী তোৰণখনৰ গুৰিলৈ উঠি গৈ দেখোঁ যে, ইণ্টাৰলকিং ইটাৰে নিৰ্মিত ঠেক বাট এটা আগলৈ গৈছে। অসম দৰ্শন আঁচনিৰ অন্তৰ্গত ২০২৩ চনৰ মে' মাহত সজা হৈছে লুংজুবেল প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনৰ ভিতৰৰ সৰ্পিল এই পথছোৱা। অগ্ৰসৰ হওঁতেই সামান্য আগত কাঠৰ গে'ট এখন পালোঁ। পাৰ হৈ অকাই-পকাই ৰাস্তাটোৰ শেষ পৰ্যন্ত গ'লোঁগৈ আমি। সহজেই বুজিলোঁ যে আমি সৰ্বোচ্চ উচ্চতাত অৱস্থান কৰিছোঁহি। দূৰ দিগন্ত পৰ্যন্ত পৰিষ্কাৰ ৰূপত দৃশ্যমান হৈছে। প্ৰাকৃতিক দৃশ্যাৱলী মনোমোহা। শাৰী শাৰী পাহাৰে চতুৰ্দিশ ঘেৰি আছে।

গাড়ীৰ পৰা নমাৰ পাছতে আৰম্ভ হ'ল Stone-jarৰ সন্ধান। আচৰিত হ'লোঁ, কেনিও এখন বিৱৰণী-ফলক দেখিবলৈ নাই। ইফালে-সিফালে ঘাঁহনি মহতিয়াই, বিচাৰি চলাথ কৰিছোঁ তিনিওজনে। আৰু এসময়ত, আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'লোঁ আমি উপলক্ষ্য কৰি অহা বিশেষ প্ৰত্নতাত্ত্বিক সম্পদবিলাক। প্ৰাপ্তিৰ আনন্দত তেতিয়াহে তিনিও অভিযাত্ৰীৰ মুখকেইখনত বিৰিঙি উঠিল সুখৰ হাঁহি।

প্ৰাক্‌-ঐতিহাসিক যুগৰ পৰম বিস্ময়স্বৰূপ, Stone-jar বুলি নামাংকিত এই শৈল-পাত্ৰসমূহ প্ৰকৃততে কোন যুগৰ? কোন সভ্যতা, কোন সংস্কৃতি, কোন ৰাজবংশৰ সৈতে জড়িত? কোন ইয়াৰ নিৰ্মাতা? কোনে কেনেকৈ আনিলে ইয়ালৈ? চকুৰ সন্মুখত দেখা পাই থকা পৰিৱেশ-পৰিস্থিতিত স্বাভাৱিকতেই মনৰ নিভৃত কোণত উপৰ্যুপৰি উদয় হৈছে অনেকটা প্ৰশ্ন। পদ্ধতিগত অধ্যয়ন হৈছে যদিও গম নাপাওঁ। পৰিত্যক্ত আৰু মুকলি আকাশৰ তলত দিনে-নিশাই, ৰ'দে-বৰষুণে পৰি ৰোৱাৰ ফলত ক্ষয় কিন্তু গৈছে, নষ্ট হৈছে শৈল-স্থাপত্যসমূহ; যিবোৰৰ অন্তৰালত নিশ্চয়কৈ লুকাই আছে সুদীৰ্ঘ সময়ৰ হিচাপ-কিতাপ, এচাম মানুহৰ ইতিহাস, তেওঁলোকৰ ইতিবাচক চিন্তা, বুদ্ধি আৰু কৰ্মশক্তি।

পঢ়িবলৈ পোৱামতে, প্ৰত্নতত্ত্ববিদ জন হেন্‌ৰী হাটন আৰু জেম্‌চ ফিলিপ মিল্‌চে বিগত ১৯২৯ চনত আমি আজি ইয়াত দেখা পাত্ৰসমূহ পোনপ্ৰথমে লোকচক্ষুৰ আগলৈ আনিছিল। ২০১৪ চনৰ পৰা অসম চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগে গুৰুত্বপূৰ্ণ সমলবোৰ সিঁচৰতি হৈ পৰি থকা এই স্থানটি সংৰক্ষণৰ পদক্ষেপ লয়। গৱেষকৰ সিদ্ধান্তমতে Stone-jarবোৰৰ নিৰ্মাণৰ সময় খ্ৰীষ্টপূৰ্ব ২০০। আমি উপস্থিত হোৱা লুংজুবেলৰ উপৰি অনুৰূপ শৈল-পাত্ৰৰ অৱস্থিতি ধৰা পৰা ডিমা হাচাও জিলাৰ ঠাইবিলাক হ'ল : নুচবাংল', ডিবংলিং, কাৰটং, মলংপে, নুদাংল' আৰু বলাচান। জানিব পৰামতে, সৰু আকাৰৰ পাত্ৰবোৰৰ উচ্চতা আৰু প্ৰস্থ প্ৰায় ৫০ ছেণ্টিমিটাৰ। আনহাতে বৃহৎ আকাৰৰবোৰৰ উচ্চতা প্ৰায় ২৭৩ ছেণ্টিমিটাৰ আৰু প্ৰস্থ প্ৰায় ১০০ ছেণ্টিমিটাৰ। শৈল-জাৰসমূহে এই কথাৰ স্পষ্ট প্ৰমাণ দিয়ে যে উক্ত অঞ্চলবোৰ একালত শৈল-সংস্কৃতিৰে সমৃদ্ধ আছিল। জানিবলৈ পোৱামতে, দক্ষিণ-পূব এচিয়াৰ লাওচৰ Xiangkhouang province আৰু ইণ্ডোনেচিয়াত উদ্ধাৰ হোৱা শৈল-পাত্ৰৰ সৈতে গৱেষকসকলে এইবোৰৰ সাদৃশ্য পাইছে, যি বহন কৰিছে তিনিওটা স্থানৰ মানুহৰ মাজত শক্তিশালী আত্মিক-সাংস্কৃতিক সম্পৰ্ক থকাৰ ইংগিত। আনফালে এনেকুৱা শৈল-স্থাপত্য ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য মৃতকৰ সৎকাৰ ব্যৱস্থা অথবা মৃতকৰ উৎসৱৰ লগত জড়িত বুলি ঠাৱৰ কৰা হৈছে। প্ৰসংগক্ৰমে মন কৰিবলগীয়া যে লাওচৰ শৈল-পাত্ৰৰ স্থাপত্যসংলগ্ন অঞ্চলক ইউনেস্কোৱে ২০১৯ চনত World Heritage Site হিচাপে ঘোষণা কৰিছে। তাৰ পৰাই বুজিব পাৰি এইবোৰৰ গুৰুত্ব কেনে পৰ্যায়ৰ।

Loma Lalsin ৬০ ঊৰ্ধৰ এজন বেইটে লোক। পিঠিত হোৰা লৈ তেওঁ খেতিৰ পৰা আহি আছিল। সঞ্জু বৰাৰ আহ্বানক্ৰমে তেওঁ আমাক সংগ দিলেহি। স্থানীয় মানুহজনে কথা প্ৰসংগত জনালে যে ইয়াত থকা শৈল-পাত্ৰবোৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ কালৰ, হাজাৰোধিক বছৰৰ আগৰ। আৰু ক'লে যে অতীজত এই অঞ্চলবিলাক ঘন অৰণ্যৰে পৰিৱেষ্টিত আছিল। প্ৰকাণ্ড শিলবিলাক ৰছী লগাই জংঘলৰ পৰা কঢ়িয়াই অনা হৈছিল। Lamlirৰ দ্বাৰা আকৃতি অনুযায়ী কটা হৈছিল। পাত্ৰৰ ভিতৰভাগত ৰখা হৈছিল Zu, অৰ্থাৎ বেইটে সমাজৰ পৰম্পৰাগত পানীয়। Lungzubelৰ অৰ্থ হৈছে মদ জমা কৰা আধাৰ।

৬০ ঘৰ বেইটে মানুহেৰে খ'বাক গাঁওখন। ধৰ্ম-বিশ্বাসত প্ৰেচবিটেৰিয়ান খ্ৰীষ্টান। প্ৰত্নতাত্ত্বিক স্থলৰ দৰ্শনৰ সফল সামৰণিত লালচিমে আমাক তেওঁৰ গৃহলৈ মাতি নিলে। পাকঘৰৰ জুহালত বহুৱালে। পৰিয়ালটোৰ সম্বন্ধে জানিবলৈ দিলে। উপস্থিত সদস্যসকলৰ সৈতে চিনাকি কৰালে। লালচাহ আৰু বিস্কুটেৰে আপ্যায়ন কৰোৱাৰ লগতে নিজৰ কৃষিক্ষেত্ৰত উৎপাদিত কচু, ৰঙালাউ, জলকীয়া আৰু শিমলু আলু দি পঠালে। সৌহাৰ্দপূৰ্ণ আলোচনাৰ মুখনি মাৰি, আগন্তুক বৰদিন উপলক্ষে কৰমৰ্দনেৰে প্ৰতিজনকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমি বিদায় মাগিলোঁ।

বিয়লি ৩ বজাত খ'বাক এৰি, উম্‌ৰাংছ' পাৰ হৈ ২৯ কিলোত ভাত-চাহ খাই, নিশা ১০ বজাত সুকলমে ঘৰ সোমালোঁহি।



Thursday, 12 November 2020

অভিযান-সাহিত্য

‘যদি তুমি পঢ়িব খোজা বিষয়-বস্তুৰ গ্ৰন্থখন এতিয়াও লিখা হোৱা নাই, তেন্তে তুমি সেইখন নিশ্চিত ৰূপত লিখি উলিওৱা ৷’ -টনী মৰিচন


কেনেকৈ পাৰ কৰিম পুনৰ এই দীঘলীয়া স্বনিৰ্বাসন ? গুৱাহাটীয়ানৰ মনত এতিয়া এইটোৱেই প্ৰশ্ন ৷ কোনো কোনোৱে কৈছে… পাগল হৈ যাম ভাই ৷ এজনেতো আৰু এখোপ আগলৈয়ে গ’ল… ওলাই যাবলৈ নাপালেতো মই মৰিয়ে থাকিম কিজানি ৷

যিয়েই নহওক, আটাইৰে ভালৰ কাৰণে আমি এই গৃহবন্দী অৱস্থা নতশিৰে মানি ল’বই লাগিব ৷ ঘৰত সোমাই থাকক, নহ’লে হাস্পটালত থাকিব, নতুবা ফটোফ্ৰেমৰ মাজত সোমাবগৈ লাগিব ৷ কথাবোৰ এইদৰেই ওলাইছে ৷ কিন্তু এইটো ঠিক যে সময় ৰৈ নাথাকে, বাগৰি গৈ থাকিব ৷ আৰু এদিন, পৃথিৱী সুস্থ হ’ব ৷ আমিও মুক্ত হ’ম নিশ্চয় ৷

এনে আশাবাদৰ মাজেৰেই আমি বাচি থাকিব লাগিব ৷ সেইটো গুৰুত্বপূৰ্ণ ৷ কিন্তু কি কৰি থাকিম আমি, নাযায়-নুপুৱায় যেন লগা এই দুঃসময় ? আকৌ এক গম্ভীৰ প্ৰশ্নৰ অৱতাৰণা ৷

নিজস্ব চিন্তা-ভাবনাৰে উলিয়াই লোৱা সময়োপযোগী কৰ্ম আৰু ঘৰুৱা ব্যস্ততাই ইয়াৰ সঠিক উত্তৰ ৷ এই সময়ছোৱা আমি লাভজনকভাৱে, জ্ঞানবৰ্ধকভাৱে অতিক্ৰম কৰাটো প্ৰত্যেকৰে লক্ষ্য হোৱা উচিত ৷ অবাবত সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে বিভিন্নজনে বিভিন্ন যোগাত্মক, উৎপাদনশীল পন্থা ইতিমধ্যে উলিয়াই লৈছেই ৷ তাৰে ভিতৰত উত্তম পন্থা এটা হৈছে, আমি এই কালছোৱাত যথেষ্টখিনি পঢ়া-শুনা কৰি পেলাব পাৰোঁ ৷ হাতত কিতাপ-পত্ৰ মজুত থাকিলেতো ভালেই ৷ যদি নাই, অনলাইনযোগেও পোৱাটো সম্ভৱ ৷ কিছু কিছু কিতাপৰ পি.ডি.এফ. কোনো কোনোৱে উপলব্ধ কৰিছে ৷ আদান-প্ৰদান চলিছে ৷ ভাল কথা হৈছে ৷

তাকে চাই মোৰ মনলৈও ‘আইডিয়া’ (!) এটা আহিল ৷মোৰ ভ্ৰমণ-লেখাসমূহ ‘অসমীয়াত কথা-বতৰা’ (চমুকৈ অকব)ত পঢ়ি যাওঁতে অনেকজন শুভাকাংক্ষীয়ে সেয়া কিতাপ আকাৰে প্ৰকাশ কৰাৰ বাবে পৰামৰ্শ দি আহিছে, আৱেদন জনাই আহিছে, তাগিদা দি আহিছে ৷ তৎসত্ত্বেও এই পৰ্যন্ত মোৰ কোনো মুদ্ৰিত পুস্তক নাই ওলোৱা আৰু কিজানি তেনেকুৱা নহ’বও ৷ লেখাবিলাকৰ কেৱল .ডক ফাইলহে আবদ্ধ কৰা হৈছে ৷

আগ্ৰহী পাঠক বা ভ্ৰমণপিয়াসী লোকলৈ ইতিহাস-ভূগোল-সংস্কৃতিভিত্তিক এড্‌ভেন্সাৰধৰ্মী নিজৰ এই পৰ্যটন-ৰচনাসমূহ (অভিযান-সাহিত্য !) মই স্বেচ্ছাই প্ৰেৰণ কৰিব খোজোঁ ৷ সচিত্ৰ ৰূপত পাবলৈ মোৰ ব্লগতো (abdussazid.blogspot.com) নিৰ্দ্বিধাই সোমাব পাৰে ৷ নিৰ্বাসনৰ দিনকেইটাত ইচ্ছা কৰিলে একেমুঠে এইবোৰ পঢ়ি থাকিব পৰা যাব ৷ দিন ভাল হ’লে এপাক মাৰি অহাত তেতিয়া বেচ সুবিধা হ’ব নিশ্চয় ৷ তাতে, প্ৰকৃতিৰ সৈতে সকলোৱে একাত্ম হৈ ৰোৱাটোৱেই সময়ৰ আহ্বান নহয়জানো ?

ঠিকে আছেনে আইডিয়াটো ? বাৰু এতিয়া কওক, তলৰ কোনখন পঢ়িব বিচাৰিব আপুনি ?

১. অগস্তি-যাত্ৰা (পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, লে’ক অফ্‌ ন’ ৰিটাৰ্ণ ৷ জানুৱাৰী ২০১৩)

২. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ (ৱালং-ডং-কিবিথু চাৰ্কিটৰ লগতে তেজু-ৰ’য়িং-মায়’ডিয়া ৷ এপ্ৰিল ২০১৫)

৩. সোণালী নৈ সোৱণশিৰিৰ পাৰে পাৰে (জিৰ’-ডাপৰিজ’-তাকচিং চাৰ্কিট ৷ নৱেম্বৰ ২০১৫)

৪. আংগামী নগাৰ বৰভেটি খনমা আৰু আত্মা-আলোড়নকাৰী ঝুক’ ভেলী (খনমা-ঝুক’ ভেলী ৷ জুলাই ২০১৬)

৫. মেন্‌-চু-খা (পাচিঘাট-আল’-মেন্‌-চু-খা চাৰ্কিট ৷ নৱেম্বৰ ২০১৬)

৬. শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (তিনিচুকীয়া-শদিয়া-ৰ’য়িং চাৰ্কিট ৷ মে’ ২০১৭)

৭. বগামাটিৰ সন্ধানত (নৰ্থ ইষ্ট এড্‌ভেন্সাৰ টুৰিজিম ফেষ্টিভেল ৷ ছেপ্টেম্বৰ ২০১৮)

৮. লাংৱ’কু (ডিলাই-লাংৱ’কু ৷ নৱেম্বৰ ২০১৮)

৯. জংফাত এৰাতি (চকীহোলা-জংফা-কেইহাং ৰেনচ’ ৷ মাৰ্চ ২০১৯)

১০. থাই আপচিৰ (হামৰেণ-থাই আপচিৰ-খান্দুলি ৷ ছেপ্টেম্বৰ ২০১৯)

১১. যাত্ৰা বিচিত্ৰা ৫০ (বিদেশ ৰাষ্ট্ৰকে ধৰি ৫০টা ভ্ৰমণ কাহিনীৰ সমাহাৰ)

১২. যাত্ৰা সমাহাৰ (মহামায়া, ছেপ্টেম্বৰ ২০১২ ৷ আকাশী গংগা, জানুৱাৰী ২০১৫ ৷ কাংথিলাংছ’, অক্টোবৰ ২০১৫ ৷ চাপানলা, ফেব্ৰুৱাৰী ২০১৬ ৷ ডিলাই পৰ্বত, অক্টোবৰ ২০১৬ ৷ শ্বিকদামাখা, ডিচেম্বৰ ২০১৬ ৷ লাংচিথিং, অক্টোবৰ ২০১৮ ৷ চাইজাং, ফেব্ৰুৱাৰী ২০১৯)

১৩. কৰকাণ্ঠিছ’ : লংতাং পাহাৰৰ অচিন দুৰ্গমতাত এদিন (ডিচেম্বৰ ২০১৯)

১৪. আনিনি… য’ত ডাৱৰে মাটিক চুমা যাচে (জানুৱাৰী-ফেব্ৰুৱাৰী ২০২০)

১৫. ৰেংমা হিল্‌ছৰ গভীৰ অৰণ্যত আতংকময় এনিশা (ফেব্ৰুৱাৰী ২০২০)

 ……………………..

পৰৱৰ্তী সংযোজন…

১৬. পৰ্যটন দিৱসৰ পৰ্যটন (ছেপ্টেম্বৰ ২০২০) 

১৭. পৰিভ্ৰমী আমূৰ ফেলকনৰ সন্ধানত উমৰুখুটিত এৰাতি (নৱেম্বৰ ২০২০)

 

 

 ৯. প্ৰত্যাৱৰ্তন যাত্ৰা

 


'Travel as much as you can, as far as you can, as long as you can. Life is not meant to be lived in just one place.'

৩ বাজিবৰ হ’ল ৷ ৰন্ধনশালাৰ পৰা খাদ্যবস্তুসহিত ডেকচি-কেৰাহীবোৰ গোলাকাৰ খাদ্যথলীলৈ কঢ়িয়াই অনা হৈছে ৷ ঘৰত ১০ বজাত খাই আহিছিলোঁ হেতুকে ইয়াত ভাত নাখালেও চলে ৷ দ্বিতীয়তে, কাৰবি পৰম্পৰাগত আহাৰৰ দিহা কৰা হৈছে ৷ কি ঠিক, মোৰ বাবে নিৰামিষ খাদ্য নাথাকিবও পাৰে ৷ তাতে আমি হ’লোঁ আকস্মিক অতিথি ৷ এতেকে অসুবিধা জন্মোৱাটো মুঠেই শোভনীয় নহ’ব ৷ ল’ৰায়ো সেইবাবেই এনেকৈ খোৱাত অংশ গ্ৰহণ কৰাত অনিচ্ছা প্ৰকাশ কৰিছে ৷ গগৈ ছাৰৰ কিন্তু মতলব বেলেগ ৷ আনফালে খৰছিঙে আমাক জোৰ দি ধৰিছে ৷ ‘ভাত খাই যাব লাগিব ৷ নিৰামিষৰ বাবে দাইল আৰু ভাজি আছে ৷ চিন্তা কৰিব নালাগে ৷’ অগত্যা তিনিও একেশাৰীতে বহি দিলোঁ, ক্ৰ’ আৰু ৰংহাঙৰ লগতে ৷ ‘নিৰামিষভোজীৰ কাৰণে এয়া স্পেচিয়েল দেই’ বুলি গগৈ ছাৰে অথনি লংনিত বজাৰত কিনা পটেট’ চিপ্‌ছৰ পেকেট এটা দিলে, ভাতৰ লগত খাবলৈ ৷ 

ছেৰদিহুন আৰু লাৰলিনাই গাইপতি একোটাকৈ বাঁহৰ চুঙা আৰু সন্মুখত কলপাত পাৰি দিছে ৷ পুইয়ে নেমুটেঙা, নিমখ-জলকীয়া বিলাইছে ৷ ঘৰুৱা ভাবত আটায়ে কামবোৰ কৰি গৈছে ৷ ডেকা বিলনীয়াহঁতে ভাত-দাইল-ভাজি দিলেহি ৷ মোৰ বাবে এয়াই যথেষ্ট ৷ বিপৰীতে, আমিষাহাৰীৰ বাবে চুঙাত সিজোৱা মাছ, তিল দি ৰন্ধা গাহৰিৰ মাংস ইত্যাদি ইত্যাদিৰ আয়োজন কৰা হৈছে ৷ 

খাদ্য খাই তৃপ্তি লাগিল ৷ দলৈ, চন্দ্ৰ আদি লংনিতৰ পৰা অহা ৰান্ধনিকেইজনে বৰ সোৱাদ লগাকৈ ৰান্ধিছে ৷ নাখাওঁ নাখাওঁ কৈ থকা আদিশেও ট্ৰেডিছনেল আহাৰৰ জুতি বেছকৈ পালে ৷ আগতে কেতিয়াও খাই নোপোৱা, চুঙাত ৰন্ধা মাছকেইটা খাই গুণ গাই থাকিল ৷ 

শৃংখলাবদ্ধভাৱে সকলোৱে একেলগে গোলাকাৰভাৱে বহি খোৱাত মনোনিৱেশ কৰি থকা অৱস্থাতে মই এফালৰ পৰা মূৰবোৰ গন্তি কৰিব ধৰিলোঁ ৷ মুঠতে ২৩টা ৷ তাৰ মানে ক’ভিড-আক্ৰান্ত বিশ্ব পৰ্যটন দিৱসৰ আজিৰ আয়োজনত যোগদানকাৰীৰ সংখ্যা ২৩ জন মাত্ৰ ! 

লক্‌-ডাউনৰ নেতিবাচক প্ৰভাৱ ! এই প্ৰভাৱ কেৱল ইয়াতে নহয়, সমগ্ৰ পৃথিৱীতে আজি স্পষ্ট ৷ অতিমাৰী কৰ’না ভাইৰাছৰ সন্ত্ৰাসত বিশ্বজুৰি মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা অচল হৈ পৰিছে ৷ দেশে দেশে মানুহ শংকিত ৷ আহ-যাহ, ভ্ৰমণ-পৰ্যটন স্তব্ধ ৷ ব্যৱসায়-বাণিজ্যতো সকলোফালে মন্দাৱস্থা ৷ বাতৰি কাকতৰ জৰিয়তে পোহৰলৈ অহা এক তথ্য অনুসৰি বিশ্ব পৰ্যটন ক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণে এতিয়ালৈ প্ৰায় ৩২ হাজাৰ কোটি ডলাৰ চুইছেগৈ ৷ বিশ্ব-অৰ্থনীতিৰ বাবে ই এক বৃহৎ মাধমাৰ ৷ খোদ ৰাষ্ট্ৰসংঘই এই কথা সদৰি কৰিছে ৷ 

৪ বাজিল ৷ পোহৰ কমি আহিছে ৷ অলপ সময় আলাপ-আলোচনা চলাৰ পাছতে আমি বিদায় লোৱাৰ কথা চিন্তা কৰিলোঁ ৷ সোনকালেই অঞ্চলটোলৈ অন্ধকাৰ নামি আহিব ৷ যাওঁ বুলি ওলাইছোঁ যদিও পানী খাবলৈ দিয়া বাঁহৰ চুঙাকেইটা হাতৰ পৰা হ’লে এৰা নাই ৷ ঘৰলৈ লৈ যোৱাৰ মতলব ৷ বাকীসকলক মাত দি আমি তিনিও লাহে লাহে লংছ’কাংথু পিকনিক্‌ স্পটৰ পৰা ওলাই আহি গাড়ীত বহিলোঁহি ৷ আদিশে ইঞ্জিন ষ্টাৰ্ট দিলে ৷ 

লংনিত, মাঞ্জা তিনিআলি পাৰ হ’লোঁ ৷ চিংৰি আহিথি ৷ চিংৰি বজাৰ ৷ মাঞ্জা-ডিফু পথৰ দাঁতিত স্থানীয় কাৰবি, বড়ো গঞা ৰাইজৰ উদ্যোগত নতুনকৈ বজাৰ এখন বহিছে ৷ ‘গাড়ী ৰখোৱাচোন’ বুলি কোৱাৰ লগে লগে আদিশে ব্ৰে’ক মাৰিলে ৷ পোহাৰী এগৰাকীৰ কাষ চাপি, কথা পাতি গম পালোঁ যে আজি আৰম্ভণি হৈছে বজাৰখনৰ ৷ ক’ব নোৱাৰাকৈয়ে, আচম্বিতে শুভদিন এটাৰ সাক্ষী হ’বলৈ পাই আনন্দ লাগি গ’ল ৷ ঘূৰি-পকা অমিতা, লাইশাক, পানীলাউ, কলডিল আদি শাক-পাচলি কিছুমান কিনিলোঁ আৰু গাড়ীৰ ডিকিত ভৰাই ল’লোঁ ৷ গগৈ ছাৰেও ল’লে ৷ ডিফু বজাৰৰ তুলনাত সস্তাতে পালোঁ বস্তুবোৰ ৷

বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন সামৰি সন্ধিয়া ৬ বজাৰ আগে আগে ভালে-কুশলে, পৰিপূৰ্ণ মনেৰে ঘৰ সোমালোঁ ৷ গৃহ-প্ৰৱেশৰ পাছত ৱাট্‌ছএপত ঘনিষ্ঠ কেইজনমানলৈ মেছেজ… ‘বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী সামৰি এয়া ঘৰ সোমাইছোঁ ৷’ জীপ লাইনিঙৰ ফটো একপিও লগতে গাঁঠি দি সকলোকে আচৰিত কৰি দিলোঁ ! (সমাপ্ত)

 ৮. Zip Lining কৰিলোঁ


'Adventure is not hanging on a rope off the side of a mountain. Adventure is an attitude that we must apply to the day-to-day obstacles in life.'

জীৱনলৈ মনত ৰৈ যোৱা চমু
‘থিয়সভা’খন অন্ত পৰাৰ পাছতে সংগঠনৰ সদস্যসকলে তিৰ্পালত সজাই ৰখা সা-সামগ্ৰীবোৰ ভাগ-বতোৱাৰা কৰি হাতে-কান্ধে তুলি ল’লে ৷ এতিয়া আছে প্ৰদৰ্শন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ কাৰণেই আচলতে উদ্বাউল হৈ ডিফুৰ পৰা লৱৰি আহিছোঁ লংনিতৰ পাৰলৈ ৷ এভাৰেষ্টাৰ খৰছিঙে ৰংহাং আৰু ক্ৰ’ৰ সৈতে আমি তিনিওকে তাতে কিছু সময় বহিবলৈ, কথা পাতিবলৈ অনুৰোধ জনালে ৷ ক’লে যে তেওঁলোক উপযুক্ত স্থানৰ সন্ধানত ওলাইছে ৷ প্ৰথমে ব্যৱস্থাসমূহ কৰিবগৈ ৷ আমি লাহেকৈ আহিলেই হ’ল ৷

ইতিমধ্যে ৰংহাঙৰ সৈতে আলাপ কিছু হৈছিল মোৰ ৷ নিজস্ব Theme ‘Explore Karbi Anglong’ৰ অন্তৰ্গত জিলাখনত নিজে কৰা যৎপৰোনাস্তি ভ্ৰমণ-পৰ্যটনৰ প্ৰসংগ উলিয়াইছিলোঁ ৷ লগত অনা পাণ্ডুলিপিকেইটাও দেখুৱাইছিলোঁ ৷ কাষতে বহি লৈ মন দি কিছু পঢ়ি চাইছিল তেওঁ ৷ এতিয়া পুনৰ একেবোৰ কথাৰেই আলোচনা ৷ পৰ্যটন দিৱসৰ দিনা অৱশ্যে এনে চৰ্বিতচৰ্বন অৱধাৰিত আৰু উচিতো ৷

এনেকৈ কথা পাতি থাকোঁতে ১.৩৫ বাজিল ৷ খেয়াল হ’ল যে অনেক বেলি হ’লচোন ৷ খৰছিংহঁতে কি কৰিছে ইমানপৰে ? ৰংহাং আৰু ক্ৰ’ক তাতে এৰি আমি তিনিও সিহঁতবোৰক বিচাৰি ওলালোঁ ৷ মনত অপাৰ কৌতূহল ৷ ক’ত কেনে ব্যৱস্থা কৰিছে চাবলৈ ইচ্ছাবোৰে খূদুৱাই আছে ৷

খলখলাই থকা লংনিতৰ জলস্ৰোত চাই চাই কাঠৰ দীঘল দলংখনৰ ওপৰেৰে এখোজ-দুখোজকৈ পাৰ হৈ থাকোঁতেই দৃষ্টিত ধৰা পৰিল, সিপাৰে ‘KAMA’ৰ সদস্যসকলে গছ এডালত ৰছী বান্ধি আছে ৷ আনটো মূৰেও কেইজনমানৰ উপস্থিতি, পাহাৰৰ ওপৰত ৷ ওচৰ চাপি গ’লোঁ ৷ কি হ’ব সোধাত ক’লে, ‘Zip Lining’ ৷ আও-ভাও একো বুজি নাপালোঁ হ’লে ৷

দুঃসাহসিক ক্ৰীড়াকলাপবোৰ সচৰাচৰ দেখিবলৈ পোৱা নাযায় ৷ সেয়ে ইমান বুজিও নাপাওঁ ৷ এনেস্থলত কৌতূহলপূৰ্বক এতিয়া কোনে ক’ত কি কৰি আছে তালৈকে শেনদৃষ্টি নিক্ষেপ কৰি ভেবা লাগি আছোঁ ৷ অনুসন্ধিৎসা দমন কৰিব নোৱাৰি গগৈ ছাৰে ৰছীবোৰ পিটিকি পিটিকি খৰছিঙক ৰছীৰ বিষয়ে প্ৰশ্ন কৰাত লাগি গ’ল ৷ ‘ফ্ৰান্সৰ পৰা কিনি অনা বিশেষ ৰছী এইবোৰ ৷ পৰ্বতাৰোহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ এভাৰেষ্ট জয় কৰাৰ পাছত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ২ লাখ টকা উপহাৰ পাইছিলোঁ ৷ তাৰে ১ লাখ টকাৰ ৰছীকে কিনিলোঁ ৷’ খৰছিঙে কৈ গ’ল ৷ হুক, ক্লেম্প, পুলি আদিবোৰ খুলি-লগাই দেখুৱালে, বুজালে ৷ নিৰ্মাণ উচ্চ পৰ্যায়ৰ আৰু মন কৰিবলগীয়া ৷ অভিজ্ঞতাপুষ্ট এভাৰেষ্টাৰজনে ধুনীয়াকৈ সকলোখিনি আমাক জানিবলৈ দিলে ৷ 

Zip Line আচলতে এডভেঞ্চাৰ স্পৰ্টছ, আমোদ-প্ৰমোদ কিম্বা টুৰিজিমৰ সৈতেই সীমাবদ্ধ হৈ থকা নাই ৷ তথ্য অনুসৰি, মনোৰঞ্জনৰ দিশত ১৭৩৯ চনত ৰবাৰ্ট কেডমেনে সৰ্বপ্ৰথম Zip Line ব্যৱহাৰ কৰিছিল ৷ দুৰ্ভাগ্যক্ৰমে ৰছী ছিঙি যোৱাৰ ফলত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হয় ৷ প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সা-সৰঞ্জামসমূহ ক্ৰমে মজবুত হৈ আহিল ৷ মানুহ, খাদ্য আৰু অন্যান্য সা-সামগ্ৰী, ডাক, অস্ত্ৰ-শস্ত্ৰ আদিৰ পৰিৱহণত Zip Line ব্যৱহৃত হ্’ব ধৰিলে ৷ 

‘KAMA’ৰ সাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ’, কোষাধ্যক্ষ অৰুণ তেৰাঙেও কথাত ভাগ ল’লেহি ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছ’হঁত সিটো মূৰে লাগি আছে ৷ পুই চন্‌গাতে, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী, ছেৰদিহুন ৰংহাংপীও নিজ নিজ ধৰণে ব্যস্ত ৷ মাত-কথা বৰ বেছি নাই ৷ আচহুৱা যদিও পৰিৱেশটো কিবা এটা ভাল লাগি গ’ল ৷ ক’ভিডে বেমেজালি নকৰা হ’লে হয়তো আমাৰ দৰে অনেকজন উৎসুকে ইয়াত জুম বান্ধিলেহেঁতেন ৷ দুৰ্ভাগ্য, আজিৰ তাৰিখত সেইটো হৈ নুঠিল ৷ 

‘আৰম্ভ কৰিবলৈ আৰু অকণমান সময় লাগিব ৷’ এডৱাৰ্ডে এনেকৈ কোৱাত সুযোগটো পাই নৈৰ পাৰে পাৰে আগলৈ গুচি গ’লোঁ, সেইফালৰ দৃশ্যৰাজি চাই অহা যাওক বুলি ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৫ লাখ টকা ব্যয়সাপেক্ষ শিলনি পিকনিকথলীৰ ফুটপাথ নিৰ্মাণ কৰা হৈছিল ৷ সিংহাসন সমষ্টিৰ অন্তৰ্গত লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী এই স্থান ৷ নৈৰ জলস্তৰ এতিয়া আমি দেখি থকাতকৈও বহুত বেছি হৈছিল বুলি বাঢ়নী পানীৰ দাগবোৰে স্পষ্ট কৰিলে ৷ গৈ আছিলোঁ যদিও হঠাতে বাধাপ্ৰাপ্ত হৈ আৰু আগ বাঢ়িব নোৱাৰা হ’লোঁ ৷ পাহাৰৰ ওপৰৰ পৰা নামি অহা ঢলে ঢাহি-মুহি লৈ অহা বাঁহ কিছুমানে দ’ম বান্ধি বাটটো ভেটি থৈছে ৷ বিফল মনোৰথেৰে ঘূৰি আহিবলগীয়া হ’ল ৷ নৈখনৰ পানীবোৰো অতি ঘোলা হৈ পৰিছে ৷ ফলত চিৰাচৰিত সৌন্দৰ্যটো অন্তৰ্ধান ৷ 

ঘূৰি আহি খৰছিং, অৰুণহঁতক ৰছীবোৰ টানি থকা দেখি আমিও শক্তিদান কৰিলোঁ ৷ Zip Lining প্ৰদৰ্শন কৰিব পৰাকৈ এসময়ত ৰছী, ক্লেম্প, হুক, পুলি ইত্যাদি ফিটিং হৈ গ’ল ৷

উচ্চতাত থকা সিটো মূৰত বিশেষ পোছাক, হেলমেট, হেণ্ড গ্ল’ভছ্‌ ইত্যাদি পিন্ধি লাৰলিনা সাজু ৷ পাছে পাছে পুই ৷ অনিল আৰু শুভমে প্ৰথমে লাৰলিনাক ৰছীৰ সৈতে নিজকে সংযুক্ত কৰাত সহায় কৰি দিলে ৷ তাৰ পাছতে তাই বাদুলি ওলমাদি ওলমি তললৈ চলি আহিবলৈ উদ্যত হ’ল ৷ ব্যৱস্থাটোত কিবা এক গণ্ডগোল ৰৈ গৈছিল ৷ এড্‌ৱাৰ্ড লৰালৰিকৈ ওপৰলৈ উঠি গ’ল ৷ ঠিক-ঠাক কৰি দিলে ৷ মধ্যাকৰ্ষণ শক্তিৰ বলত এইবাৰ তাই নামি আহি থাকিল ৷ খৰছিং, এডৱাৰ্ডহঁত পিছে সন্তুষ্ট নহ’ল ৷ এসময়ত তল পালেহি ৷ এইমূৰত খৰছিং, অৰুণহঁতে হুক্‌ৰ পৰা অসংলগ্ন কৰি মাটিত নমাই দিলে ৷ আসোঁৱাহ মাৰি দিয়াত তাই আকৌ উঠি গ’ল ৷ আৰু এবাৰ আহিল ৷ এইবাৰ ঠিক হ’ল ৷ তাইৰ পাছত এইবাৰ পুই ৷ তাইৰ পাছত ছেৰদিহুন ৷ তাইৰ পাছত সন্দীপা ৷ ৰাইডাৰ যুৱতীকেইজনী এজনী এজনীকৈ চলি আহি এইটো মূৰে হাঁহি হাঁহি নামিলহি ৷ খৰছিং, অৰুণহঁতে হুক্‌ খুলি খুলি মাটিত নমাই থাকিল ৷ হাঁহি মাৰি সিহঁত পুনৰ উভতি গ’ল ওখ ফাললৈ ৷ 

‘ছাৰ আপুনিও যাওক, কৰি চাওক ৷ দাদায়ো কৰি চাব দেই এবাৰ ৷’ খৰছিংহঁতে সকীয়াই আছে আমাক ৷ জীৱনত কৰি নোপোৱা কাম ৷ মনটো লিক্‌লিকায়ো আছে অৱশ্যে ৷ ২০১৮ চনৰ ৬ এপ্ৰিল তাৰিখে উত্তৰ-পশ্চিম ইংলেণ্ডৰ জেক ৰেনল্ডছ নামৰ আজোককা এজনে নিজৰ ১০৬ বছৰীয়া জন্মদিনত Zip Lining কৰি পৃথিৱীৰ ভিতৰত সবাতোকৈ বয়সস্থ ৰাইডাৰৰ খিতাপ লভি থৈছে ৷ মোৰ বয়স সেইজনৰ আধা ৷ নোৱাৰিম কিয়  ? মনৰ মাজত প্ৰশ্ন চলিছে ৷ 

প্ৰথমে গগৈ ছাৰ ষ্টাৰ্টিং পইণ্টলৈ উঠি গ’ল ৷ লাৰলিনাহঁতে সাজ, হেলমেট, গ্ল’ভছ পিন্ধাত সহায় কৰি দিলে ৷ এডৱাৰ্ড আৰু শুভমে ছাৰক দাঙি ৰছীত ওলমাই দিলে ৷ ক্লেম্পত ওলমা-বাদুলি হৈ থাকি প্ৰথমে হয়তো ভয় খাইছিল ৷ এডৱাৰ্ডে পাছফালৰ পৰা কিবা-কিবি বুজাই আছে ৷ ‘আহক, আহক ছাৰ ৷’ তলৰ পৰা আমিও স্ফূৰ্তিতে কিৰীলি পৰাত ধৰিলোঁ ৷ লগে লগে ফটোও তুলি গ’লোঁ ৷ প্ৰত্যুত্তৰত হাঁহি হাঁহি তেওঁ নামি আহি থাকিব ধৰিলে ৷ এসময়ত এ’ণ্ড পইণ্ট পালেহি ৷ খৰছিং, অৰুণহঁতে নমাত সাহায্য কৰি দিলে ৷ মুখত হাঁহি আৰু সন্তুষ্টিৰ ভাব লৈ মোৰ কাষ পালেহি গগৈ ছাৰ ৷ সৰঞ্জামবোৰ মোক চমজালে ৷ বুজিলোঁ, তাৰ মানে এইবাৰ মোৰ পাল ৷ 

সামগ্ৰীবোৰ হাত পাতি লৈ খটখটি বগাই সিটো মূৰে ওপৰ পালোঁগৈ ৷ ডাঙৰ গছডালৰ গুৰিত শুভম আৰু এডৱাৰ্ড ৰৈয়ে আছে ৷ কোনফালে ভৰি দুখন ভৰাই কেনেকৈ পিন্ধিব লাগে, বে’ল্ট মাৰিব লাগে, লাৰলিনা আৰু পুইয়ে শিকাই দিলে ৷ সেইদৰে বিশেষ সাজটো পিন্ধিলোঁ ৷ গছৰ গুৰিত ৰওঁতে এডৱাৰ্ডে মোক পৰীক্ষা কৰিলে ৷ চাৰ্টটো ওলাই আছিল ৷ পেণ্টৰ ভিতৰত ভৰাই ল’বলৈ নিৰ্দেশ আহিল ৷ দুহাতত ভৰাই লোৱা চামৰাৰ হেণ্ড গ্ল’ভছযোৰো চালে ভালকৈ ৷ তাৰ পাছত ওপৰৰ ৰছীডালত ধৰি নিজকে নিজে ভৰি দুখনৰ সহায়ত ওলমাই ৰাখিবলৈ নিৰ্দেশ দিলে ৷ তেনে কৰিব পৰাত শৰীৰটো তলৰ ৰছীডালৰ সৈতে, বিশেষ পোছাকত থকা হুকৰ জৰিয়তে জব্দ কৰি দিলে ৷ তাৰ পাছত ক’লে, ‘বাঁওহাতখনেৰে ওপৰৰ ৰছীডালত লাগি থকা পুলিটোৰ তলৰ অংশত ধৰক ৷ সোঁহাতখন হেণ্ড ব্ৰে’ক ৷ সোঁহাতেৰে তলৰ ৰছীডালত খামুচি থাকিব ৷ গতি বেছি হোৱা যেন পালে চেপা মাৰি দিব ৷ স্পীড কমি যাব ৷ লেণ্ডিঙৰ সময়তো এইটো উপায়েৰে আগতীয়াকৈ গতি নিয়ন্ত্ৰণ কৰিব ৷’ 

‘জয় হনুমান’ বুলি আৰম্ভ কৰি দিলোঁ ৷ ষ্টেচন এৰাৰ পাছতে নামনি অভিমুখে শৰীৰে গতি লৈ লৈছিল ৷ আস্তেকৈ চেপা মাৰি নিয়ন্ত্ৰণ কৰি পেলালোঁ ৷ এৰোঁ, ধৰোঁ, এৰোঁ, ধৰোঁ ৷ এনেকৈ বতাহতে অলপমান মজাও ল’লোঁ ৷ একো অসুবিধা নোহোৱাকৈ আৰামছে আহি তল পালোঁহি ৷ খৰছিংহঁতে হুক খোলাত সহায় কৰি দিলে ৷ 

মোৰ পাছত অনিল বাগলাৰী আহিল ৷ তাৰ পাছত আদিশেও কৰি চালেগৈ ৷ হেঁপাহটো মোৰহে পলোৱা নাই ৷ আৰু এবাৰমান কৰি চাবলৈ মন আছিল ৷ পিছে সময়ৰ সীমাবদ্ধতালৈ লক্ষ্য ৰাখি কথাষাৰ নক’লোঁ ৷ ৰছীবোৰ খুলি খৰখেদাকৈ সামৰি পেলোৱা হ’ল ৷ আমিও সহায় কৰিলোঁ ৷

‘কেইদিনমান আগৰে পৰা ইয়াত খুব বৰষুণ দি আছে ৷ শিলবিলাক বিপজ্জনকভাৱে পিছল হৈ পৰিছে ৷ সেয়ে ৰক্‌ ক্লাইম্বিং কৰিব পৰা নাযাব ৷ নদীত পানী বাঢ়ি থকাৰ কাৰণে ৰিভাৰ ক্ৰছিঙো সম্ভৱ নহ’ব ৷ পৰিস্থিতিয়ে সমৰ্থন নকৰা হেতুকে আজিলৈ ডেমনষ্ট্ৰেচন ইমানেই ৷’ খৰছিঙে দুখ প্ৰকাশ কৰিলে ৷ হ’ব, যিখিনি পালোঁ তাকে মানসিক আৰু আত্মিক তৃপ্তি বুলি ধৰি লৈ সদলবলে সকলোটি উভতিলোঁ খাদ্যথলীলৈ ৷ যি কি নহওক, জীৱনৰ বাবে ময়ো আজি নতুন অভিজ্ঞতা এটা লভিলোঁ ৷