Wednesday, 28 January 2015

দিনটোৰ ভাল লগা ছবিকেইখনমান...


পানীৰামৰ জীয়েকে যেতিয়া ক’লা বলেৰ’খনৰ ড্ৰাইভিং চিটত বহি গহীন ভাবত গাড়ীখন আগুৱাই নিয়ে, দেখি কিবা এটা ভাল লাগে৷ যেন অগ্ৰগতিৰ নিচান৷

থাড’ভেঙৰ নেমচিয়ে তাইতকৈ কেইবাগুণো গধুৰ নীলাৰঙী মেষ্ট্ৰো’খন লৈ চুলি উৰুৱাই কোবত গুচি যায়৷ হাঁহি এটা মাৰি যায়৷ সেয়া যেন চেল্‌ফ কন্‌ফিডেন্স৷ চাই ভাল লাগে৷

অষ্টম শ্ৰেণীৰ নিমাতীকইনা এঞ্জেলিকা৷ চতুৰ্থত পঢ়া বহুবল্কী ভনীয়েক৷ এই দুজনীয়ে স্কুল ইউনিফৰ্মত, পিঠিত বেগ লৈ কেন্দ্ৰীয় বিদ্যালয়লৈ আহি থকা দৃশ্যটো খুব ভাল লাগে৷ মৰম লাগি যায় সিহঁতলৈ৷

হাইস্কুলীয়া সহপাঠী মাৰ্টিনৰ বিবাহ উপযুক্তা ছোৱালীজনীয়ে কিবা ভৰাই লোৱা পলিথিনৰ ঠোঙাটো এহাতে মুঠি মাৰি লৈ ৰাস্তাৰ একেবাৰে দাঁতিৰে খোজ পেলাই খৰধৰকৈ ঘৰলৈ উভতে৷ তাইৰ চিন্তাশীল মুখখন দেখি ভাল লাগে৷

নিজেই সৰু হৈ আছে, অথচ কোনোবা পোনাকণ এটিক হাতত ধৰি স্কুলত থ’বগৈ-আনিবগৈ লাগে৷ নাম নজনা সেই কণমানি ছোৱালীজনীৰ দায়িত্ববোধ দেখি কিবা এটা ভাল লাগে৷

এয়া হৈছে দিনটোৰ কেইখনমান ভাল লগা ছবি, যিবোৰে মনটো জুৰায়৷ বেলেগে আৰু কোনো ‘টনিক’ নহ’লেও হয়৷

No comments:

Post a Comment