Friday, 2 January 2015

‘এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হৈছে, এল.আই.চি.ৰ এজেণ্ট হ’লেই বিদেশ ভ্ৰমণলৈ যাব পাৰেনে?...’
শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়ালোঁ শ্ৰী সুপ্ৰিয় ৰয়ৰ চাক্ষুস বিৱৰণেৰে সমৃদ্ধ ‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডা’ৰ দ্বিতীয় অংশটি
............................................ 
হয়, এজেন্সিৰ এটা স্তৰ আছে৷ সেই স্তৰটো যেতিয়া আপুনি পাব, তেতিয়া আপোনাৰ আমেৰিকালৈ যোৱাৰ সুযোগ আহিব৷ সেই স্তৰটোৰ নাম হৈছে এম.ডি.আৰ.টি. (Million Dollar Round Table, The Premier Association of Financial Professionals) যাৰ ঠিকনা হ’ল 325 West Toughy Avenue, Park Ridge, Ellinois, USA৷ যেতিয়া এজন এজেণ্ট এম.ডি.আৰ.টি. হ’ব, ৫৫০ডলাৰ দি ৰেজিষ্ট্ৰেচন কৰিব লাগে৷ ৰেজিষ্ট্ৰেচন হ'লে এম.ডি.আৰ.টি. কাৰ্যালয়ৰ পৰা এজেণ্টজনৰ বাবে নিমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হয়৷ সেই পত্ৰখনেই ভিছা পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷যোৱা ৩১অক্টোবৰ ২০১৪ত মোৰ এজেন্সি কৰা ২৭টা বছৰ পূৰ্ণ হ’ল৷ যোৱা ১৫বছৰ ধৰি মই ভাৰতৰ বিভিন্ন নগৰে-চহৰে অনুষ্ঠিত কনফাৰেন্সসমূহত উপস্থিত থকাৰ বাদেও বক্তব্য আগ বঢ়োৱাৰো সুযোগ পাইছোঁ৷ সেই মুহূৰ্তবোৰত এটা কথাই মোক খুব আনন্দ দিয়ে যেতিয়া মোৰ মনলৈ আহে যে মই কাৰবি আংলঙক প্ৰতিনিধিত্ব কৰিছোঁ৷ কাৰণ কাৰবি আংলং কেৱল মোৰেই জন্মভূমি নহয়, মোৰ দেউতা স্বৰ্গীয় সুবোধ কুমাৰ ৰয়ৰো জন্মভূমি৷ভাৰতৰ বিভিন্ন ঠাইলৈ যাওঁতে উচ্চ পৰ্যায়ৰ বিভিন্নজন এজেণ্ট, বিষয়া, মটিভেটৰ লগ পাইছিলোঁ৷ তেওঁলোকৰ প্ৰেৰণামূলক কথাবিলাকৰ সৈতে বিদেশলৈ যোৱাৰ অভিজ্ঞতাৰ বিষয়ে যেতিয়া শুনা পাওঁ তেতিয়া মোৰো বিদেশলৈ যোৱাৰ আকাংক্ষা প্ৰৱল হৈ উঠে৷ এইখিনিতে কওঁ, ‘প্ৰৱল’ শব্দটো ব্যৱহাৰ কৰাৰ এটা কাৰণ আছে৷ সৰু অৱস্থাৰ পৰা আগুৱাই যেতিয়া অলপ বুজা হৈছিলোঁ, বিদেশ, মানে ফৰেইনৰ কথা ওলালে বাকী চব কথা বাদ দি সেই বিষয়তে সোমাই পৰোঁ৷ ফৰেইনৰ প্ৰতি অনুৰক্ত মই সৰুৰে পৰাই আছিলোঁ৷ অৱশেষত ২০০৯চনত মোৰ জীৱনলৈ প্ৰথম বিদেশ ভ্ৰমণৰ সুযোগটো আহিল৷ মই এম.ডি.আৰ.টি. চৰ্তাৱলী সম্পূৰ্ণ কৰি পেলালোঁ আৰু ৰেজিষ্ট্ৰেচনো কৰিলোঁ৷ আমেৰিকাৰ Indianapolisত অনুষ্ঠিত এম.ডি.আৰ.টি. কনফাৰেন্সত ভাগ ল’বৰ বাবে মোলৈ নিমন্ত্ৰণী পত্ৰ আহিল৷ কিন্তু তথ্যপাতি সম্পৰ্কীয় বহুতো কাম সম্পূৰ্ণ হোৱাৰ পিছতো বহু আকাংক্ষিত মোৰ সেই ভ্ৰমণ সম্ভৱ হৈ নুঠিল৷ মই যাব নোৱাৰিলোঁ৷ হ’লেও কিন্তু অকণো বিচলিত নহ’লোঁ৷ বৰঞ্চ আগতকৈ অধিক উদ্যমেৰে, আমেৰিকালৈ যোৱাৰ লক্ষ্য সন্মুখত ৰাখি কাম কৰি গ’লোঁ৷
(পিছৰ অংশ অহা শনিবাৰলৈ)

No comments:

Post a Comment