Monday, 26 January 2015

কবিৰ মাজত কেইদিনমান...
(গল্প নহয়, সত্য)


‘নিজে কবিতা নিলিখোঁ যদিও কবিতা মই ভাল পাওঁ৷ বিভিন্ন পেপাৰ, আলোচনীত প্ৰকাশ পোৱা কবিতাবোৰ মাজে মাজে পঢ়োঁ৷ সঁচাকৈয়ে কিছুমান কবিতাই মনৰ গভীৰত সাঁচ বহুৱাই যায়৷ কবিয়ে হেনো কল্পনাৰেই ধৰালৈ সৰগীয় সুষমা নমাই আনে৷ তেওঁলোকে হেনো যেতিয়াই মন যায় তেতিয়াই ফুল, তৰা, নৈ, জান-জুৰিৰ সৈতে কথা পাতিব পাৰে৷ ময়ো মন গ’লে কেতিয়াবা দুই-এটা কবিতা লিখিবলৈ চেষ্টা নকৰা নহওঁ৷ কিন্তু অৱশেষত সেইকেইটা কবিতা হৈ নুঠেগৈ৷ তাৰ পিছত শব্দৰ সমষ্টিৰে ভৰি থকা কাগজৰ টুকুৰাকেইটা একেকোবেই লৈ গৈ পিছফালৰ গৰমপানী কৰা জুহালৰ চৌকাটোক দান কৰি আহোঁগৈ৷’ ...অলপতে ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ এইখিনি৷ ক’ত পাইছিলোঁ মনত পেলাব পৰা নাই৷ পাহৰিলোঁ৷

কবিতাত মোৰ বিশেষ আসক্তি নাই৷ হ’লেও মন গ’লে পঢ়োঁ৷ চুটি কবিতা পালে চকু ফুৰাওঁ৷ ইমান কম পৰিধিতে কবিয়ে কিমানযে কথা কৈ পেলায়! কিছুমান বুজি পাওঁ, কিছুমান নুবুজোঁ৷ সঁচাকৈ কৈছোঁ, বুজিয়ে নাপাওঁ বহু কবিতা৷ হ’লেও কবিৰ কায়দাত আপ্লুত হওঁ৷ সেই কাব্য-প্ৰতিভাক, সেই সংবেদনশীল সৃষ্টি-চেতনাক চেলুট জনাওঁ৷ মনে মনে ভাবোঁ, এই কবিবোৰ কম মানুহ নহয়দেই!

এখন কিতাপৰ কামত এগৰাকী-দুগৰাকী নহয়, ডিফুৰ ঊনষাঠিগৰাকী কবিৰ গাইপতি তিনি-চাৰি-পাঁচোটাকৈ কবিতাৰ মাজত কেইদিনমান একেলেথাৰিয়ে সোমাই থাকিবলৈ বাধ্য হৈছিলোঁ অলপতে৷ তাকে নকৰিলে সিপিনে বন্ধুৰ বিপদ! কবি আৰু কবিতাক যেন তেনেই ওচৰৰ পৰা পোৱাৰ সুযোগহে মিলিছিল সেয়া৷ বুজা-নুবুজাৰ মাজেৰেই কবিতাৰ বিশাল সমুদ্ৰখনৰ ক্ষুদ্ৰমান চুক এটাত অৱগাহন কৰিয়েই মোৰ মনত একেটা ভাবেই ক্রিয়া কৰিলে... এই কবিবোৰ কম মানুহ নহয়দেই! কেনেকৈযে লিখে ভাই!

থলুৱা কবিসকলৰ উপৰি জীবনানন্দ দাশৰ পৰা আৰম্ভ কৰি ছেমুৱেল জনছন, জেমচ বছৱেল, ৰ'জাৰ ফ্ৰাই, উইলিয়াম ব্লেক, ৱৰ্ডছৱৰ্থ, কীটছ, মিল্টন, শ্যেলী, থমাচ কাৰ্লাইল, জন বানয়ান, উইলিয়াম এল. লৰেন্স, চি. এম. বাউৰা, এলান ডুনডেচ, ফ্ৰেডৰিক শ্বিলাৰ, ৱাল্ড হুইটমেন, ইলিয়ট, চাইমন জইচ, ফ্ৰেডৰিক নিয়েৎচে, ৰবীন্দ্ৰনাথ, আনন্দ বৰমুদৈ, গণেশ গগৈ, নৱকান্ত, পাৰ্বতীপ্ৰসাদেও মাজে-মধ্যে দুই-এষাৰ মাত দিলেহি৷

কবিকুলৰ যাদুকৰী, সাংগীতিক মায়াসনা, সাংকেতিক ভাষাই মোক কেইদিনমান বাৰুকৈয়ে উত্তাল কৰি ৰাখিলে৷ চাৰিটা শাৰীতে কবিয়ে কৈ দিব পাৰে অনেক কথা, মোৰ দেখোন চাৰিটা পেৰেগ্ৰাফতো নহয়গৈ সেয়া!  ফলাফল... কবিসকল অন্তৰত থিতাপি লৈ বহি ৰ’ল, আমৃত্যু-আজীৱন৷

আমি কঠুৱা, খাৰাংখাচ জাতৰ মানুহ৷ সৌন্দৰ্যক কেৱল মগজুৰে নহয়, হৃদয়েৰে উপলব্ধি কৰিব জনা কবিৰ অন্তৰ আমাৰ নাই৷ হ’লেও বৰ আচৰিত পালোঁ যে কবিৰ মাজত থাকি থাকি কবিতাৰ দৰে ভাব অকণমান আহিছিল হঠাতে এদিন৷ মৰমৰ বান্ধৱীৰ সৈতে হোৱা বিচ্ছিন্নতাই আছিল বিষয়-বস্তু৷ ফটা কাগজৰ এপিঠিত নীলা কলমেৰে তাক ধৰি ৰাখিলোঁ…

এনে এটা দিনতেই মই কথা পাতিছিলোঁ তোমাৰ লগত,
আজি আৰু কথা-বতৰা নাই আমাৰ মাজত;
কিনো কওঁ? সময়বোৰ এনেকুৱাই
কেতিয়াবা আনন্দ, কেতিয়াবা বিষাদময়!

শাৰীকেইটা মুখৰ আগত লৈ ভাবি থাকিলোঁ, হ’লনে নহ’লজানো কবিতা! কাক সোধোঁ বাৰু এতিয়া? কবিক একো সুধিবও নাপায় হেনো!

কবি জন্মহে হয়, কবি জোৰ-জবস্তি হ’ব নোৱাৰি৷ ‘সকলেই কবি নয়, কেউ কেউ কবি৷’ কবি হোৱাৰ সামান্যতম বাসনাও অৱশ্যে নাই মোৰ৷ ইমানবোৰ কবিৰ মাজত একে লেথাৰিয়ে কেইদিনমান কটাবলৈযে পালোঁ, তাকেহে ভাগ্য বুলি ধৰিছোঁ৷

No comments:

Post a Comment