Saturday, 10 January 2015

মোৰ কাৰ্যালয়-ভীতি আৰু দেশৰ অগ্ৰগতি

এটা সময় আছিল, চৰকাৰী অফিচত সোমালেই এক ধৰণৰ দুঃশ্চিন্তা বা ভীতিদায়ক ভাবে অনৱৰতে মোক বিহ্বল কৰি তুলিছিল৷ টেবুল-চকী একোযোৰ লৈ বহি ৰোৱা বিষয়া-কৰ্মচাৰীবোৰৰ চকুলৈ চালে এনেহে লাগে, যেন তেওঁলোকৰ মৌন-ভাষ্য হৈছে… ‘দিয়া খাওঁ, খাওঁ দিয়া’৷ কথা পাতিবলৈও চিন্তা হয়, মাত এষাৰ দিব জানো? ক’তবা ৰঙা ফিটাৰ পাক লগাই দিয়ে হ’বলগীয়া কামটোতো! কেইদিনলৈবা তাঁত-বাটি কৰোৱায়! চেণ্ডেল মোৰ কিমানবা ক্ষয় নিয়ায়!

এটা সময় আহিল, কাৰ্যালয়লৈ যাবলৈ টান পোৱা হ’লোঁ৷ কোনো অফিচলৈকে পৰাপক্ষত নোযোৱা হ’লোঁ৷ কাৰ্যালয়ৰ মানুহে কৰি দিব লগা কামৰ পৰা নিজকে আঁতৰাই পেলালোঁ৷ প্ৰতিবাদকল্পে এবাৰ এজন অফিচাৰৰ টেবুলত ডাঙৰকৈ এভুকু শোধোৱাৰ পিছত দৃঢ়কৈ মন বান্ধিলোঁ, নিজৰ জীৱনৰ নিয়ন্তা নিজেই হ’ম, নিজে নিজৰ বছ হ’ম৷ দৰকাৰ নাই এনে চালক-পৰিচালকৰ পুতৌকণৰ৷ খঁকুৱা মানুহ এচামক কোনো কাৰণতে তেল মাৰি থাকিবলৈ নাই৷ তাতোকৈ নিজৰ চকাত তেল দিয়াই মংগল৷

ধাৰণাটো গাঢ় হ’ল তেতিয়া, যেতিয়া কোনোবাই এদিন কোৱা শুনিলোঁ... ‘দৰমহাটো অফিচলৈ অহা-যোৱাৰ কাৰণেহে দিছে চৰকাৰে৷ কাম কৰি দিয়াৰ হিচাপটো বেলেগ৷’ মৰক এতিয়া ক’ত মৰে! চাকৰিয়ালৰ প্ৰফেচনেলিজিম? তাৰ পিছত নিশ্চয় ক’ব পাৰি, মোৰ এই কাৰ্যালয়-ভীতি অহেতুক নহয় চাগৈ? চৰকাৰী কাৰ্যালয়ৰ তিক্ত অভিজ্ঞতাৰে পুষ্টজনে আৰু ভালকৈ ক’ব পাৰিব বোধ হয়৷

চাকৰিয়ালৰ ব্যৱসায়িক মনটোৰ আৰু উমান পালোঁ তেতিয়া, যেতিয়া দুজন অফিচাৰে কথা পাতি থকা কাণত পৰিল... ‘ময়ো দুপইচা পাম, সিও দুপইচা পাব...’ মুঠতে কোনো কাম নকৰাকৈ, আঁচনিৰ সোপাকে ধন চক্ৰবেহুত পেলাই লৈ ইমিডিয়েট ভগাই-মেলি খাই শেষ কৰিব লাগে! মনতে প্ৰশ্ন এটা জাগে… কিমান পুঁজি গোটাব পাৰিলে জীৱনটো হ’বগৈ এইসকলৰ? ঘৰ-মাটি-গাড়ী, মদ-মাংস-মস্তিৰ বাবে কত ধৰণৰযে টাংটিঙালি! এইবোৰ বিষয়ত একাংশ আমোলা বুদ্ধিত বৃহস্পতি বুলিলেও ভুল নহ’ব নিশ্চয়৷

কেতিয়াবা আকৌ অইন এটা কথাও মনতে খেলায়৷ উন্নয়নহীনতাৰ বাবে চৰকাৰখনক দিনে-ৰাতিয়ে অহৰহ গালি পাৰি থকা হয়৷ পিছে চৰকাৰ বাহাদুৰৰ নিমখ খোৱা, প্ৰতিটো কামতে পাল মৰা আৰু চান কঢ়াৰ ধাণ্ডাত থকা এই অংশটোক দেখো একো কোৱাই নহয়! কাম নজনা, কাম নিশিকা, চান্স পালেই সহকৰ্মীৰ মূৰত কঁঠাল ভঙা কৰ্মচাৰীৰ বিষয়ে কাষৰ টেবুলৰজনৰ মুখৰ পৰাই প্ৰায়ে শুনা পাওঁ অনেক কথা৷ ফলস্বৰূপে হেনো চৰকাৰী অফিচবোৰ হৈ পৰিছে দুখ লগাকৈ অকৰ্মণ্য৷ শুনা অভিযোগ দেই৷ নাজানো সঁচা-মিছা৷ অফিচলৈ গৈ পোৱা নাই সেই তেতিয়াৰে পৰা৷ খঁক বৃদ্ধিৰ খবৰহে মাজে মাজে কাগজৰ পৃষ্ঠাত পঢ়োঁ, শূন্য উপস্থিতিৰ দৃশ্য মাজে মাজে টেলিভিচনৰ পৰ্দাত দেখোঁ৷


শেষ কথাটো হ’ল, এনে মানুহ কিছুমানকে লৈ এ. পি. জে. আব্দুল কালাম মহোদয়ে কেনেকৈনো অগ্ৰগতিৰ সপোন এটা দেখি আহিছে মই হ’লে বুজিব পৰা নাই৷ অকলে অকলে কেতিয়াবা ভাবোঁ৷ সঁচাই উত্তৰবিহীন প্ৰশ্ন, অন্ততঃ মোৰ বাবে৷ দেশৰ ৰূপ সলনি হ’ব, কিন্তু খঁকুৱা, দগাবাজ চামটো মৰিব লাগিব৷ সম্ভৱপৰ কেৱল তেহে চাগৈ হ’ব৷

No comments:

Post a Comment