Thursday, 1 January 2015

মানুহৰ অধ্যয়ন...
(উপলব্ধিৰ এটুকুৰা)



পইচা ল’বলৈ মাতক... 
দৌৰ-ঢাপৰি, মৰি-পৰি হ’লেও আহিব৷

খাবলৈ মাতক... 
যেনে-তেনে, তিতি-বুৰি, দেৰিকৈ হ’লেও পাবহি৷

‘পইচা পাবলৈ আছে’ বুলি কওকচোন... 
ফুটপাথ বদলাই দিব৷

‘পাওনা দি যাবহি’ বুলি কৈ দিয়কচোন... 
চেহেৰাই নেদেখুৱা হ’ব৷

সঁচাকৈ বিচিত্ৰ প্ৰাণী এই মানুহ৷ ধৰিবই নোৱাৰোঁ ইয়াৰ চৰিত্ৰ!
ধৰিব নোৱাৰিমেই চাগে’৷ জীৱনটো যাবগৈ৷

(এলবাৰ্ট আইনষ্টাইনে এনেয়ে কৈছিলনে... Two things are infinite : the universe and human stupidity; and I'm not sure about the universe.)

No comments:

Post a Comment