Wednesday, 12 March 2014

ব্ৰাজিল বিশ্বকাপ ২০১৪
কিছু খবৰ আৰু আগতীয়া জল্পনা-কল্পনা (My Prediction)


বিশ্বকাপ ফুটবল মানেই বিশ্ব-ফুটবলৰ ফাইনেল৷ বিশ্বকাপ ফুটবলত অংশ ল’বলৈ পোৱা মানেই ফাইনেল খেলিবলৈ পোৱা৷ বিশ্বকাপ ফুটবল বিশ্বৰ ভিতৰতেই জনপ্ৰিয় এনে এখন কঠিন প্ৰতিযোগিতা যাৰ ফলাফল সম্পৰ্কে কোনো ধৰণৰ আগজাননী কৰিব নোৱাৰি৷ বিশিষ্ট বিশ্লেষকেও ক’ব নোৱাৰে কি ঘটিব বিশ্বকাপত, কোনে হস্তগত কৰিব ফুটবলৰ এই grandest prize ৷ বিশ্বকাপৰ এক সোণালী ইতিহাস আছে৷ বিশ্ব ফুটবলৰ এই দীঘলীয়া অতীত বিভিন্ন ধৰণৰ ঘটনা-পৰিঘটনাৰে ভৰপূৰ৷

মেক্সিকো, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীত বিশ্বকাপ ইতিমধ্যে দুবাৰকৈ অনুষ্ঠিত হৈ গৈছে৷ এইবাৰ ব্ৰাজিলে বিশ্বকাপ অনুষ্ঠিত কৰিব৷ লগে লগে বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰত উক্ত দেশকেইখনৰ সৈতে সমতা স্থাপন কৰিব ব্ৰাজিলে৷ চিলি, আৰ্জেণ্টিনা আৰু কলম্বিয়াই আগ্ৰহ প্ৰকাশ কৰিলেও এইবাৰ ব্ৰাজিলেই সুযোগ পালে৷ 

১২জুন ২০১৪ তাৰিখৰ পৰা ব্ৰাজিলত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ ফুটবলত এইবাৰ অংশ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৩২টা জাতীয় দলে৷ সেইসমূহ হৈছে...
ইউৰোপৰ... নেদাৰলেণ্ড, ইটালী, বেলজিয়াম, জাৰ্মানী, চুইজাৰলেণ্ড, স্পেইন, ইংলেণ্ড, ৰাছিয়া, বছনিয়া-হেৰ্জিগোভিনা, ক্রৱেচিয়া, গ্ৰীচ, পৰ্তুগাল, ফ্ৰান্স (মুঠ ১৩টা)
এচিয়াৰ... জাপান, অষ্ট্ৰেলিয়া, ইৰাণ, দক্ষিণ কোৰিয়া (মুঠ ৪টা)
দক্ষিণ আমেৰিকাৰ... ব্ৰাজিল, আৰ্জেণ্টিনা, কলম্বিয়া, চিলি, ইকুৱেডৰ, উৰুগুৱে (মুঠ ৬টা)
উত্তৰ আমেৰিকাৰ... ইউনাইটেড ষ্টেট্‌চ, কষ্টাৰিকা, হণ্ডুৰাচ, মেক্সিকো (মুঠ ৪টা)
আফ্ৰিকাৰ... নাইজেৰিয়া, আইভৰী ক’ষ্ট, কেমেৰুণ, ঘানা, আলজেৰিয়া (মুঠ ৫টা)

মন কৰিবলগীয়া যে পূৰ্বৰ বিজয়ী আঠোটা দল (ব্ৰাজিল, ইটালী, জাৰ্মানী, আৰ্জেণ্টিনা, উৰুগুৱে, ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইন)কেই দেখা যাব আগন্তুক ব্ৰাজিল ২০১৪ বিশ্বকাপত৷ কোৱালিফাই কৰিছে গোটেইকেইটাই৷ বিংশতিতম এই আয়োজনত অভিষেক ঘটিব বছনিয়া-হাৰ্চিগোভিনা দলটোৰ৷

ক্রীড়াক্ষেত্ৰৰ প্ৰতিযোগিতাসমূহৰ ভিতৰত পৃথিৱীৰ সৰ্ববৃহৎ ৰূপে পৰিগণিত হৈছে ফিফা ৱৰ্ল্ডকাপ ফুটবল৷ ফিফা ৱৰ্ল্ডকাপ ফুটবলৰ উন্মাদনা ইমানেই বেছি যে য’তে-ত’তে ইয়াক টেলিভিছনত প্ৰত্যক্ষ কৰিব পাৰি৷ টেলিভিছনযোগে প্ৰত্যক্ষ কৰা দৰ্শকৰ সংখ্যাৰ ভিত্তিত অলিম্পিক গেমছকো হেনো চেৰ পেলাইছে বিশ্বকাপ ফুটবলে৷ ৩২ পূৰণ ২৩ অৰ্থাৎ, ৭৩৬জন খেলুৱৈৰ ক্রীড়াশৈলী প্ৰত্যক্ষ কৰে পৃথিৱীৰ ৩.২বিলিয়ন অৰ্থাৎ ৪৬.৪০ শতাংশ অৰ্থাৎ প্ৰায় অৰ্ধেকসংখ্যক মানুহে, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত৷ প্ৰচাৰ মাধ্যমৰ সক্রিয়তাত এই সংখ্যা এইবাৰ আৰু বাঢ়িব বুলি ভবা হৈছে৷

৬ ডিচেম্বৰ ২০১৩ তাৰিখে ব্ৰাজিলৰ Bahia প্ৰদেশৰ Salvadorৰ পৰা ৭৬ কিল’মিটাৰ নিলগৰ আটলাণ্টিক মহাসাগৰৰ তীৰৱৰ্তী পৰ্যটকৰ স্বপ্নপুৰী Costa do Sauipeত আয়োজন কৰা হৈছিল এক অনুষ্ঠান, য’ত ব্ৰাজিল বিশ্বকাপ ২০১৪লৈ যোগ্যতা অৰ্জনকাৰী ৩২টা জাতীয় দলক বিশ্বকাপৰ ফৰ্মেট অনুসৰি ৮টা গ্ৰুপত ভগোৱাৰ বাবে এক লটাৰী অনুষ্ঠিত হৈছিল৷ স্থানীয় সময় অনুসৰি দিনৰ ১.০০বজাত অনুষ্ঠিত এই 2014 FIFA World Cup Brazil Final Group Drawৰ লগে লগে দীৰ্ঘদিনীয়া এক প্ৰশ্নবোধকৰ অন্ত পৰিল৷ তাৰ লগে লগে এফালে আৰম্ভ হ’ল দলীয় কচৰৎ আৰু মন্ত্ৰণা, আনফালে নিতৌ নতুন নতুন অংক আৰু বিশ্লেষণ৷ ‘ফুটবল জ্বৰ’ আৰম্ভ হ’ল৷ উক্ত ড্ৰ অনুসৰি বিশ্বকাপ ২০১৪ৰ গ্ৰুপসমূহ হৈছে...
গ্ৰুপ-এ : ব্ৰাজিল, মেক্সিকো, ক্র’ৱেচিয়া, কেমেৰুণ
গ্ৰুপ-বি : স্পেইন, নেদাৰলেণ্ডছ, চিলি, অষ্ট্ৰেলিয়া
গ্ৰুপ-চি : কলম্বিয়া, গ্ৰীচ, আইভৰী ক’ষ্ট, জাপান
গ্ৰুপ-ডি : উৰুগুৱে, কষ্টাৰিকা, ইংলেণ্ড, ইটালী
গ্ৰুপ-ই : চুইজাৰলেণ্ড, ইকুৱেদৰ, ফ্ৰান্স, হণ্ডুৰাছ
গ্ৰুপ-এফ : আৰ্জেণ্টিনা, বছনিয়া-হাৰ্চিগোভিনা, ইৰান, নাইজেৰিয়া
গ্ৰুপ-জি : জাৰ্মানী, পৰ্তুগাল, ঘানা, ইউ.এছ.এ.
গ্ৰুপ-এইচ : বেলজিয়াম, আলজেৰিয়া, ৰাছিয়া, দক্ষিণ কোৰিয়া

ফিফাই ধাৰ্য কৰা বিশ্বকাপ ২০১৪ৰ প্ৰাইজমানী এনে ধৰণৰ...
গ্ৰুপ পৰ্যায়ত বাহিৰ হোৱা ১৬টা দলৰ প্ৰতিটোৰ বাবে ৮ মিলিয়ন আমেৰিকান ডলাৰ৷ ৰাউণ্ড অৱ ছিক্সটিনত বাহিৰ হোৱা ৮টা দলৰ প্ৰতিটোৰ বাবে ৯ মিলিয়ন আমেৰিকান ডলাৰ৷ কোৱাৰ্টাৰ ফাইনেলত বাহিৰ হোৱা ৪টা দলৰ প্ৰতিটোৰ বাবে ১৪ মিলিয়ন আমেৰিকান ডলাৰ ৷ চতুৰ্থ স্থানপ্ৰাপ্ত দলৰ বাবে ২০ মিলিয়ন আমেৰিকান ডলাৰ
তৃতীয় স্থানপ্ৰাপ্ত দলৰ বাবে ২২ মিলিয়ন আমেৰিকান ডলাৰ৷ ৰাণাৰ্ছ আপ দলৰ বাবে ২৫ মিলিয়ন আমেৰিকান ডলাৰ৷ চেম্পিয়ন দলৰ বাবে ৩৫ মিলিয়ন আমেৰিকান ডলাৰ৷ আনহাতে, ফিফাই ধাৰ্য কৰামতে এইবাৰৰ প্ৰতিযোগিতাত যোগদানকাৰী ৩২টা দলৰ প্ৰতিটোৱে প্ৰস্তুতিৰ বাবে লাভ কৰা ধনৰ পৰিমাণ হৈছে ১.৫ মিলিয়ন আমেৰিকান ডলাৰকৈ৷ 

৩২টাকৈ দলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিতব্য ব্ৰাজিল বিশ্বকাপত এই দলসমূহৰ কাক ক’ত ৰখা হ’ব সেয়া ইতিমধ্যে নিশ্চিত হৈ গৈছে৷ দেশখনৰ পাঁচোটা অঞ্চলত নিৰ্ণয় কৰা বিশ্বকাপৰ ‘বে’চ কেম্প’ ৩২টা এনে ধৰণৰ… ১. Algeria : Sorocaba, ২. Australia : Vitoria, ৩. Argentina : Vespasiano, ৪. Belgium : Mogi das Cruzes, ৫. Bosnia-Hercegovina : Guaruja, ৬. Brazil : Teresopolis, ৭. Cameroon : Vitoria, ৮. Chile : Belo Horizonte, ৯. Cote Ivoire : Aguas de Lindoia, ১০. Colombia : Cotia, ১১. Costa Rica : Santos, ১২. Croatia : Mata de Sao Joao, ১৩. Ecuador : Viamao, ১৪. England : Rio de Janeiro, ১৫. France : Ribeirao Preto, ১৬. Germany : Santa Cruz Cabralia, ১৭. Ghana : Maceio, ১৮. Greece : Aracaju, ১৯. Honduras : Porto Feliz, ২০. Italy : Mangaratiba, ২১. Iran : Guarulhos, ২২. Ivory Coast : Aguas de Lindoia, ২৩. Japan : Itu, ২৪. South Korea : Foz do Iguacu, ২৫. Mexico : Santos, ২৬. Netherlands : Rio de Janeiro, ২৭. Nigeria : Campinas, ২৮. Russia : Itu, ২৯. Spain : Curitiba, ৩০. Switzerland : Porto Seguro, ৩১. Uruguay : Sete Lagoas, ৩২. USA : Sao Paulo. নিজ নিজ বে’চ কেম্পৰ পৰা দলসমূহ ওলাই আহিব ১২খন যুদ্ধক্ষেত্ৰলৈ ১. Estadio do Maracana (Rio de Janeiro), ২. Estadio Mineirao (Minas Gerais), ৩. Estadio Mane Garrincha (Brasilia), ৪. Arena Corinthians (Sao Paulo), ৫. Castelao (Fortaleza), ৬. Estadio Fonte Nova (Salvador), ৭. Estadio Beira Rio (Porto Alegre), ৮. Verdao (Cuiaba), ৯. Arena Cidade da Copa (Recife), ১০. Arena da Amazania (Manaus), ১১. Arena das Dunas (Natal), ১২. Arena da Baixada (Curitiba)

২০১৪ৰ ব্ৰাজিল বিশ্বকাপক নিঃসন্দেহে এক ইতিহাস হিচাপে বিশ্বই মনত ৰাখিব বুলি দ্বিধাহীনভাৱে একমত প্ৰকাশ কৰিছে বহুগৰাকী সমীক্ষকে৷ ব্ৰাজিলৰ উষ্ণ জলবায়ুত টুৰ্ণামেণ্টৰ উদ্বোধনী খেলখনত ১২.৬.২০১৪ তাৰিখে চাও পাওলোত ঘৰুৱা দলটোৰ বিপৰীতে অৱতীৰ্ণ হ’ব ক্র’ৱেচিয়া৷ 

ব্ৰাজিল, মেক্সিকো, ক্র’ৱেচিয়া আৰু কেমেৰুনেৰে গঠিত হৈছে আগন্তুক বিশ্বকাপৰ গ্ৰুপ-এ৷ ঘৰুৱা দল ব্ৰাজিল এইবাৰ টুৰ্ণামেণ্টৰ 'Big favourite'৷ আন্তৰ্জাতিক প্ৰেক্ষাপটৰ আগতীয়া ফুটবল সমীক্ষাসমূহেও ঘৰুৱা দলটোৰ খিতাপ জয়ৰ সপক্ষেই কৈছে৷ ব্ৰাজিলৰ Key Player তিনিজন হৈছে ডিফেণ্ডাৰ Dani Alves ব্ৰাজিলিয়ান ডিফেন্সৰ যি সেনাপতি, মিডফিল্ডাৰ Oscar যি এজন পটু Playmaker আৰু আক্রমণ তথা প্ৰতিৰক্ষা উভয়তে সুন্দৰ খেলে আৰু ফ'ৰৱাৰ্ড Neymar যি এজন চাঞ্চল্যকাৰী ষ্ট্ৰাইকাৰ, ব্ৰাজিলৰ আক্রমণৰ গুৰি ধৰোঁতা আৰু বিশ্বকাপৰ সম্ভাব্য Superstar৷ ক্র’ৱেচিয়া দলৰ প্ৰধান খেলুৱৈ তিনিজন হ’ব আক্রমণাত্মক ফ’ৰৱাৰ্ড Mario Mandzukic আৰু মিডফিল্ডাৰদ্বয় ক্রমে Luka Modric আৰু Ivan Rakitic৷ ৰক্ষণ আৰু আক্রমণ উভয়েই ক্র’ৱেচিয়াৰ বাবে চিন্তাৰ বিষয়৷ ব্ৰাজিলৰ সৈতে মেক্সিকোৰ খেলখন উপভোগ্য হ’ব, কিয়নো ২০১২ৰ অলিম্পিকৰ ফাইনেলত মেক্সিকোই ব্ৰাজিলক ২-১গ’লত হৰুৱাইছিল৷ মেক্সিকোৰ মুখ্য খেলুৱৈ হিচাপে নাম ল’ব লাগিব মিডফিল্ডাৰ Giovani dos Santos, ফ’ৰৱাৰ্ডদ্বয় ক্রমে আক্রমণৰ গুৰি ধৰোঁতা Javier Hernandez আৰু Oribe Peraltaৰ৷ আনহাতে, তুলনামূলকভাৱে সুঠামদেহী আৰু শক্তিশালী খেলুৱৈৰে পুষ্ট ‘The Indomitable Lions’ কেমেৰুনৰ মিডফিল্ড ভাল৷ ডিফেন্স শক্তিশালী৷ পিছে আক্রমণ বিভাগটো আশা কৰামতে সবল নহয়৷ দলপতি তথা ফ’ৰৱাৰ্ড Samuel Eto'o, মিডফিল্ডাৰ Alex Song, ডিফেণ্ডাৰ Joel Matip কেমেৰুনৰ ত্ৰিশক্তি যাক কেন্দ্ৰ কৰি বিশ্বকাপত দলটো আগুৱাব৷ এ-গ্ৰুপৰ পৰা ব্ৰাজিল আৰু ক্র’ৱেচিয়া ৰাউণ্ড অৱ ছিক্সটিনলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰা হৈছে৷

গ্ৰুপ-বিত আছে স্পেইন, নেডাৰলেণ্ডছ, চিলি আৰু অষ্ট্ৰেলিয়া৷ ডিফেণ্ডিং চেম্পিয়ন স্পেইন এইবাৰ বিশ্বকাপৰ চতুৰ্থ ফেভাৰিট দল৷ দলটোৰ মিডফিল্ড যথেষ্ট ভাল, পিছে ৰক্ষণ আৰু আক্রমণ উভয়েই চিন্তামুক্ত নহয়৷ স্পেইনৰ Fernando Torresক গ’ল্ডেন বুটৰ দাবীদাৰ বুলি কোৱা হৈছে৷ সেয়ে হ’লেও মিডফিল্ডাৰ ক্রমে Andres Iniesta আৰু Cesc Fabregas আৰু ডিফেণ্ডাৰ Gerard Piqueহে এইবাৰ স্পেইনৰ Key Player৷ স্পেইন আৰু নেদাৰলেণ্ডছৰ মাজত ১৩.৬.২০১৪ তাৰিখে অনুষ্ঠিত হ’ব লগা খেলখন এখন উপভোগ্য খেল হ’ব৷ কিয়নো এইবাৰৰ বিশ্বকাপত অন্যতম আক্রমণাত্মক দল হিচাপে আছে নেদাৰলেণ্ডছ৷ যোৱাবাৰৰ ৰাণাৰ্ছ-আপ এই দলটোৰ আক্রমণ চোকা৷ ৰক্ষণ বিভাগটো অৱশ্যে তুলনামূলকভাৱে দুৰ্বল৷ দলত আছে বিশ্ব পৰ্যায়ৰ ফ’ৰৱাৰ্ড Robin van Persie, গ’ল্ডেন বুটৰ দাবীদাৰ বুলিও যাক ভবা হৈছে৷ অন্য এজন সুদক্ষ ফ’ৰৱাৰ্ড Arjen Robben তথা ৰক্ষণ বিভাগৰ কেন্দ্ৰবিন্দু Ron Vlaar নেদাৰলেণ্ডছ দলৰ আন দুটা মূল স্তম্ভ৷ ইফালে ফ’ৰৱাৰ্ড Alexis Sanchez হৈছে চিলিৰ তাৰকা তথা মূল খেলুৱৈ৷ তেওঁৰ সৈতে নাম লোৱা যায় মিডফিল্ডাৰ Arturo Vidalৰ যি নেকি সমগ্ৰ খেলপথাৰখনেই দপদপাই থকাৰ অদ্ভুত ক্ষমতাসম্পন্ন খেলুৱৈ৷ লগতে Gary Medelৰ, যি এজন ৰক্ষণশীল মিডফিল্ডাৰ৷ চিলিৰ প্ৰত্যাক্রমণ লক্ষ্য কৰিবলগীয়া দিশ৷ আনহাতে অষ্ট্ৰেলিয়াৰ Key Player হৈছে ফ’ৰৱাৰ্ড Robbie Kruse, মিডফিল্ডাৰদ্বয় Mile Jedinak আৰু Tim Cahill৷ মিডফিল্ড ভাল যদিও অষ্ট্ৰেলিয়াৰ আক্রমণৰ পৰ্যায় উচ্চ নহয় আৰু ৰক্ষণো চিন্তাজনক৷ স্পেইন আৰু নেডাৰলেণ্ডছেই এই গ্ৰুপৰ পৰা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব বুলি ভবা হৈছে৷

কলম্বিয়া, গ্ৰীচ, আইভৰী ক’ষ্ট আৰু জাপানে গ্ৰুপ-চিত অৱস্থান কৰিছে৷ কলম্বিয়া কাৰিকৰী দিশত আগ বঢ়া৷ গ’ল্ডেন বুটৰ দাবীদাৰ, কলম্বিয়ান ফ’ৰৱাৰ্ড Radamel Falcao আৰু প্লে’মেকাৰ তথা বিশ্ব পৰ্যায়ৰ অন্যতম শ্ৰেষ্ঠ যুৱ মিডফিল্ডাৰ James Rodriguezৰ দ্বাৰা শক্তিমন্ত হৈ চলোৱা উপৰ্যুপৰি আক্রমণেই কলম্বিয়াৰ মূল আধাৰ৷ ৰক্ষণ কিন্তু তুলনামূলকভাৱে দুৰ্বল৷ দলৰ আনজন লক্ষ্যণীয় খেলুৱৈ মিডফিল্ডাৰ Pablo Armero৷ গ্ৰীচৰ ৰক্ষণ বিভাগ যথেষ্ট শক্তিশালী৷ পিছে আক্রমণ সিমান শক্তিশালী নহয়৷ ফ’ৰৱাৰ্ড Konstantinos Mitroglou, Giorgos Samaras আৰু ডিফেণ্ডাৰ Sokratis Papastathopoulos হ’ব লক্ষ্য কৰিবলগীয়া গ্ৰীক খেলুৱৈ৷ আনহাতে মিডফিল্ডাৰ Yaya Toure, Kolo Toure আৰু ফ’ৰৱাৰ্ড Didier Drogba আদি তাৰকা Key Playerৰে সমৃদ্ধ Golden generation আখ্যায়িত The Elephants দলটো ৰক্ষণ বিভাগত কিছু দুৰ্বল৷ জাপান হৈছে ক্ষিপ্ৰ আৰু বুদ্ধিদীপ্ত কাৰিকৰী ফুটবল দল৷ হ’লেও আক্রমণৰ দিশত দলটো আনকেইটাতকৈ দুৰ্বল৷ ফ’ৰৱাৰ্ড Shinji Kagawa, আক্রমণাত্মক মিডফিল্ডাৰ Shinji Okazaki তথা মিডফিল্ডাৰ Makoto Hasebe জাপানৰ প্ৰধান ভৰসা৷ চি-গ্ৰুপৰ পৰা কলম্বিয়া আৰু গ্ৰীচেই চেকেণ্ড ৰাউণ্ডত প্ৰৱেশ কৰিব বুলি ধৰা হৈছে৷

গ্ৰুপ-ডিৰ দলসমূহ হ’ল উৰুগুৱে, কষ্টাৰিকা, ইংলেণ্ড আৰু ইটালী৷ উৰুগুৱেৰ আক্রমণ যথাযথ হ’লেও মিডফিল্ড আৰু ৰক্ষণ চিন্তামুক্ত নহয়৷ দলৰ Key Player তিনিজন হৈছে ফ’ৰৱাৰ্ডদ্বয় ক্রমে Edinson Cavani আৰু গ’ল্ডেন বুটৰ দাবীদাৰ Luis Suarez আৰু ডিফেণ্ডাৰ Diego Lugano৷ কষ্টাৰিকাৰ ডিফেন্স ভাল, আক্রমণ পিছে ডাঙৰ সমস্যা৷ মিডফিল্ডৰো সমস্যা আছে৷ ফ’ৰৱাৰ্ডদ্বয় Bryan Ruiz আৰু Joel Campbellৰ লগতে ডিফেণ্ডাৰ Bryan Oviedo কষ্টাৰিকাৰ তিনিগৰাকী Key Player৷ সুযোগসন্ধানী ষ্ট্ৰাইকাৰ তথা গ’ল্ডেন বুটৰ অন্যতম দাবীদাৰ Wayne Rooney, ফ’ৰৱাৰ্ড Daniel Sturridge আৰু সুদক্ষ মিডফিল্ডাৰ Steven Gerrardৰে পুষ্ট ইংলেণ্ড আক্রমণত সিদ্ধহস্ত৷ মিডফিল্ড, ৰক্ষণ আদিত সবল যদিও গ’লকীপিঙত Lions দলটো কিন্তু তুলনামূলকভাৱে দুৰ্বল৷ ইফালে প্ৰবীণ আৰু অভিজ্ঞ খেলুৱৈৰে পুষ্ট ইটালীৰ মিডফিল্ড আৰু ডিফেন্স অপূৰ্ব৷ The Azzurriৰ মূল ত্ৰিশক্তি হ’ব গ’লকীপাৰ Gianluigi Buffon, মিডফিল্ডাৰ Andrea Pirlo আৰু ফ’ৰৱাৰ্ড Mario Balotelli৷ ইংলেণ্ড আৰু ইটালীৰ মাজৰ ১৫.৬.২০১৪ তাৰিখৰ খেলখন চাবলগীয়া খেল হ’ব৷ এইটো গ্ৰুপৰ পৰা ৰাউণ্ড অৱ ছিক্সটিনলৈ উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা ইটালী আৰু ইংলেণ্ডৰে প্ৰবল৷

চুইজাৰলেণ্ড, ইকুৱেদৰ, ফ্ৰান্স আৰু হণ্ডুৰাছ ই-গ্ৰুপত আছে৷মিডফিল্ডাৰদ্বয় ক্ৰমে Gokhan Inler আৰু Xherdan Shaqiriৰ লগতে গ’লৰক্ষক Diego Benaglio চুইজাৰলেণ্ডৰ তিনিগৰাকী মূল খেলুৱৈ৷ দলটোৰ মিডফিল্ড আৰু গ’লকীপিং উচ্চ পৰ্যায়ৰ৷ দলীয় সংঘবদ্ধতাও মন কৰিবলগীয়া৷ আনহাতে ইকুৱেদৰৰ মিডফিল্ড শক্তিশালী যদিও দলটোত সংঘবদ্ধতাৰ অভাৱ৷ ফলত আক্রমণ তুলনামূলকভাৱে দুৰ্বল৷ ক্ষিপ্ৰ গতিসম্পন্ন ফ’ৰৱাৰ্ড Jefferson Montero, মিডফিল্ডাৰদ্বয় ক্রমে Edison Mendez আৰু Antonio Valencia ইকুৱেদৰৰ তিনিগৰাকী লক্ষ্যণীয় খেলুৱৈ৷ ইফালে অন্যতম বিশ্বশ্ৰেষ্ঠ মিডফিল্ডাৰ Franck Ribery, ফ’ৰৱাৰ্ড Karim Benzema আৰু মিডফিল্ডাৰ Samir Nasri ফ্ৰান্সৰ মূল শক্তি৷ প্ৰতিভাৱান খেলুৱৈৰে পুষ্ট Les Bleusএ ব্ৰাজিলত ভাল খেল দেখুৱাব বুলি আশা কৰা হৈছে৷ ২০বছৰীয়া মিডফিল্ডাৰ Paul Pogba লক্ষ্যণীয় ফৰাচী যুৱ প্ৰতিভা৷ আনফালে, হণ্ডুৰাছৰ আক্রমণৰ চোকা হ’লেও কিন্তু ৰক্ষণ বিভাগটো দুৰ্বল৷ ডাঙৰ কথা হ’ল তেওঁলোকৰ কোনো তাৰকা খেলুৱৈ নাই৷ Key Player তিনিজন হৈছে ফ’ৰৱাৰ্ডদ্বয় Wilson Palacios আৰু Jerry Bengston, মিডফিল্ডাৰ Roger Espinoza৷ এই গ্ৰুপৰ পৰা দ্বিতীয় ৰাউণ্ডলৈ যাব লগা দল দুটা হ’ব ফ্ৰান্স আৰু চুইজাৰলেণ্ড৷

গ্ৰুপ-এফত অৱস্থান কৰিছে আৰ্জেণ্টিনা, বছনিয়া-হাৰ্চিগোভিনা, ইৰান আৰু নাইজেৰিয়াই৷ তিনিগৰাকীকৈ তাৰকা ফ’ৰৱাৰ্ড ক্রমে Sergio Aguero, Gonzalo Higuain আৰু বিশ্বৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ, সোণালী বুটৰ অন্যতম দাবীদাৰ Lionel Messiৰে সমৃদ্ধ আৰ্জেণ্টিনাৰ আক্রমণৰ চোক এইবেলি বিশ্বকাপ ফুটবল মহাৰণত নামিবলগীয়া কেউটা দলৰ ভিতৰতে সৰ্বাধিক বুলি বিবেচিত হৈছে৷ আক্রমণেই আৰ্জেণ্টিনাৰ মূল শক্তি যদিও ৰক্ষণ বিভাগটো চিন্তাশূন্য নহয়৷ আনহাতে ব্ৰাজিল বিশ্বকাপতে অভিষেক ঘটিব বছনিয়া-হাৰ্চিগোভিনাৰ৷ দক্ষ ষ্ট্ৰাইকাৰ Edin Dzeko আৰু Vedad Ibisevic আৰু মিডফিল্ডাৰ Miralem Pjanicৰ সহযোগত Balkan দলটোৰ আক্রমণ বিভাগ সবল যদিও মিডফিল্ডকলৈ চিন্তা নথকা নহয়৷ ইফালে বিশ্বকাপত অংশ ল’বলগীয়া ৩২টা দলৰ ভিতৰত ফিফা ৰেংকিঙত সৰ্বনিম্ন স্থানৰ দল যদিও ইৰানৰ ডিফেন্স ভাল৷ ৰক্ষণশীল ফুটবলক প্ৰাধান্য দিয়া দলটোৰ Key Player তিনিজন হৈছে ফ’ৰৱাৰ্ড Reza Ghoochannejhadৰ লগতে মিডফিল্ডাৰদ্বয় ক্রমে Ashkan Dejagah আৰু Jevad Nekonaum৷ Super Eagles নাইজেৰিয়াৰ মিডফিল্ড সবল আৰু আক্রমণাত্মক৷ মিডফিল্ডাৰ John Obi Mikel, ফ’ৰৱাৰ্ড Victor Moses আৰু গ’লকীপাৰ Vincent Enyeama নাইজেৰিয়াৰ Key Player যাৰ জৰিয়তে দলটোৱে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব৷ নাইজেৰিয়া আৰু বছনিয়া-হাৰ্চিগোভিনাৰ মাজৰ ২১.৬.২০১৪ তাৰিখৰ খেলখন আকৰ্ষণীয় হ’ব৷ গ্ৰুপটোৰ পৰা আৰ্জেণ্টিনা আৰু বছনিয়া-হাৰ্চিগোভিনাই পৰৱৰ্তী ৰাউণ্ডত খেলিবলৈ যোগ্যতা অৰ্জন কৰিব বুলি ভবা হৈছে৷

জাৰ্মানী, পৰ্তুগাল, ঘানা আৰু ইউ.এছ.এ.ৰে গঠিত গ্ৰুপ-জি যাক ‘গ্ৰুপ অৱ ডেথ’ আখ্যা দিয়া হৈছে৷ জাৰ্মানীৰ মিডফিল্ড এইবাৰ প্ৰতিযোগিতাৰ সকলোকেইটা দলৰ ভিতৰতে অধিক শক্তিশালী৷ ৰক্ষণ বিভাগো শক্তিশালী৷ দলৰ মিডফিল্ডাৰ Mesut Ozil বিশ্বশ্ৰেষ্ঠ Playmaker৷ গ’ল্ডেন বুটৰ বাবে নাম লোৱা হৈছে মিডফিল্ডাৰ Marco Reusৰ৷ তাৰকা ষ্ট্ৰাইকাৰ Thomas Muller, প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব লগা যুৱ খেলুৱৈ ২১বছৰীয়া মিডফিল্ডাৰ Mario Gotze দলৰ অন্যতম প্ৰধান খেলুৱৈ৷ জাৰ্মানী আৰু পৰ্তুগালৰ মাজৰ ১৬.৬.২০১৪ তাৰিখৰ খেলখন উপভোগ্য হ’ব বুলি আশা কৰা হৈছে৷ পৰ্তুগালৰো মিডফিল্ড আক্রমণাত্মক৷ মিডফিল্ডত আছে Joao Moutinho আৰু Nani৷ আক্রমণৰ শিখণ্ডী স্বৰূপে আছে বিশ্বশ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ তথা গ’ল্ডেন বুটৰ আন এজন দাবীদাৰ Cristiano Ronaldo৷ দলটোৰ ৰক্ষণ বিভাগটো তুলনামূলকভাৱে সবল নহয়৷ আনফালে, প্ৰতিভাশালী খেলুৱৈ থকা ঘানা দলটোৰ মিডফিল্ড শক্তিশালী, কিন্তু ডিফেন্স চিন্তাজনক৷ Black Starsৰ Key Player তিনিজন হৈছে ফ’ৰৱাৰ্ড ক্রমে Kevin-Prince Boateng আৰু Asamoah Gyan, মিডফিল্ডাৰ Michael Essien৷ ইউ.এছ.এ.ৰ প্ৰধান খেলুৱৈ তিনিগৰাকী হ’ব মিডফিল্ডাৰ Michael Bradley, ফ’ৰৱাৰ্ড Jozy Altidore আৰু গ’লকীপাৰ Tim Howard৷ দলটোৰ প্ৰত্যাক্রমণ মন কৰিবলগীয়া৷ এই গ্ৰুপৰ পৰা ৰাউণ্ড অৱ ছিক্সটিনত খেলিবগৈ জাৰ্মানী আৰু পৰ্তুগালে৷

গ্ৰুপ-এইচত আছে বেলজিয়াম, আলজেৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া৷ ব্ৰাজিল বিশ্বকাপত Dark horse আখ্যা দিয়া হৈছে বেলজিয়ামক৷ যুৱ খেলুৱৈৰে পুষ্ট দলটো ভাৰসাম্যযুক্ত৷ বেলজিয়ামৰ Key Player তিনিগৰাকী হ’ল মিডফিল্ডাৰ Eden Hazard, গ’লকীপাৰ Thibaut Courtois আৰু ফ’ৰৱাৰ্ড Christian Benteke৷ আলজেৰিয়াৰ Key Player হৈছে মিডফিল্ডাৰ Saphir Taider, মিডফিল্ডাৰ Yacine Brahimi আৰু ফ’ৰৱাৰ্ড Madjid Bougherra৷ দলটোৰ মিডফিল্ড ভাল, কিন্তু আক্রমণ আৰু ৰক্ষণ উভয়েই শংকাজনক৷ বিপৰীতে, ৰাছিয়াৰ ডিফেন্স সবল৷ মিডফিল্ডাৰ Alan Dzagoev, ফ’ৰৱাৰ্ড Aleksandr Kerzhakov আৰু ডিফেণ্ডাৰ Alexi Berezutski ৰাছিয়াৰ তিনিজন মূল খেলুৱৈ৷ দক্ষিণ কোৰিয়াৰ বল নিয়ন্ত্ৰণ দক্ষতাপূৰ্ণ আৰু ডিফেন্স ভাল৷ মিডফিল্ড শক্তিশালী৷ ফ’ৰৱাৰ্ড Heung-Min Son, গ’লকীপাৰ Sung-Ryong Jung আৰু মিডফিল্ডাৰ Myong-Jin Ko দক্ষিণ কোৰিয়াৰ Key Player৷ গ্ৰুপ-এইচৰ পৰা দ্বিতীয় ৰাউণ্ডলৈ যোগ্যতা আহৰণ কৰিব বেলজিয়াম আৰু ৰাছিয়াই৷

গতিকে ব্ৰাজিল ২০১৪ বিশ্বকাপৰ ৰাউণ্ড অৱ ছিক্সটিনলৈ উঠিব...
এ-গ্ৰুপৰ পৰা ব্ৰাজিল আৰু ক্র’ৱেচিয়া, বি-গ্ৰুপৰ পৰা স্পেইন আৰু নেদাৰলেণ্ডছ, চি-গ্ৰুপৰ পৰা কলম্বিয়া আৰু গ্ৰীচ, ডি-গ্ৰুপৰ পৰা ইটালী আৰু ইংলেণ্ড, ই-গ্ৰুপৰ পৰা ফ্ৰান্স আৰু চুইজাৰলেণ্ড, এফ-গ্ৰুপৰ পৰা আৰ্জেণ্টিনা আৰু নাইজেৰিয়া, জি-গ্ৰুপৰ পৰা জাৰ্মানী আৰু পৰ্তুগাল, এইচ-গ্ৰুপৰ পৰা বেলজিয়াম আৰু ৰাছিয়া৷

ৰাউণ্ড অৱ ছিক্সটিনৰ খেলসমূহ হ'ব...
ব্ৰাজিল বনাম নেদাৰলেণ্ডছ, কলম্বিয়া বনাম ইংলেণ্ড, স্পেইন বনাম ক্র'ৱেচিয়া, ইটালী বনাম গ্ৰীচ, ফ্ৰান্স বনাম নাইজেৰিয়া, জাৰ্মানী বনাম ৰাছিয়া, আৰ্জেণ্টিনা বনাম চুইজাৰলেণ্ড, বেলজিয়াম বনাম পৰ্তুগাল

কোৱাৰ্টাৰ ফাইনেললৈ উঠিব...
ব্ৰাজিল, ইংলেণ্ড, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, আৰ্জেণ্টিনা, বেলজিয়াম

কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ হ'ব...
ব্ৰাজিল বনাম ইংলেণ্ড, ফ্ৰান্স বনাম জাৰ্মানী, স্পেইন বনাম ইটালী, আৰ্জেণ্টিনা বনাম বেলজিয়াম

ছেমি ফাইনেললৈ উঠিব...
ব্ৰাজিল, জাৰ্মানী, স্পেইন, আৰ্জেণ্টিনা

ছেমি ফাইনেলৰ খেলসমূহ হ'ব...
ব্ৰাজিল বনাম জাৰ্মানী
স্পেইন বনাম আৰ্জেণ্টিনা

তৃতীয় স্থান নিৰ্ণয়কাৰী খেলখন হ'ব...
জাৰ্মানী বনাম আৰ্জেণ্টিনা

তৃতীয় স্থান... জাৰ্মানী
চতুৰ্থ স্থান... আৰ্জেণ্টিনা

ফাইনেল খেলখন হ'ব...
ব্ৰাজিল বনাম স্পেইন

চেম্পিয়ন... ব্ৰাজিল (১)
ৰানাৰ্চ-আপ... স্পেইন (০)

No comments:

Post a Comment