Wednesday, 12 March 2014

Hand of God আৰু Goal of the Century


১৯৮৬ৰ মেক্সিকো বিশ্বকাপ৷
ইংলেণ্ড-আৰ্জেণ্টিনাৰ মাজৰ বিশ্বকাপৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল৷ দ্বিতীয়াৰ্ধৰ খেল ৬মিনিট অতিক্রম কৰিছে মাত্ৰ৷ ফলাফল তেতিয়ালৈ গ’লশূন্য৷
ইনচাইড লেফট পজিচনত খেলিছে আজেণ্টিনাৰ কেপ্তেইন ডিয়াগো মাৰাডোনা৷ বল তেওঁৰ আয়ত্তত৷ সতীৰ্থ জৰ্জ ভালদানোলৈ বলটো তেওঁ তলে তলে ডায়েগনেল পাছ কৰি দিলে৷ আৰু ফৰ্মূলা অনুসৰি নিজেও দৌৰি আগলৈ যাব ধৰিলে৷ মাৰাডোনাই উলিয়াই দিয়া বলটো ভালদানোতকৈ সামান্য পিছত থাকিল৷ বল পালেগৈ ইংলেণ্ডৰ লেফট মিডফিল্ডাৰ ষ্টিভ হজৰ কাষ৷ আসন্ন বিপদৰ পৰা বচাবলৈ তেওঁ ওফৰাই দিয়াৰ চেষ্টা কৰিলে৷ কিন্তু ব্যৰ্থ হ’ল৷ হজৰ ভৰিত চোচোঁৰা খাই বলে গতি লাভ কৰিলে আৰু সোমাই পৰিল নিজৰেই পেনাল্টি বক্সত৷ সিফালে মাৰাডোনা দৌৰি আগুৱাই আহি আছে৷ সন্মুখত বিপদ দেখি ইংলেণ্ডৰ অধিনায়ক, দীৰ্ঘদেহী গ’লৰক্ষক পিটাৰ শ্বিলটনো ওলাই আহিল৷ ভাবিলে পান্স কৰি উলিয়াই দিব৷ ইফালে মাৰাডোনা, যদিও শ্বিলটনতকৈ ৮-৯ইঞ্চিমান চাপৰ, কোবেৰে দৌৰি তেওঁ আগধৰি বলৰ ওচৰ পালেগৈ৷ আহি থকা বলটোৱে মাৰাডোনাঁৰ বাওঁহাতখনত স্পৰ্শ কৰিলে আৰু তাৰ পিছতে নেটত প্ৰৱেশ৷ গ’ল! গেলাৰীত উৎফুল্লিত আৰ্জেণ্টাইন সমৰ্থকৰ তেতিয়া কেৱল চিৎকাৰ আৰু চিৎকাৰ৷ মুহূৰ্ততে কি ঘটি গ’ল বহুতেই নাজানিলে৷
ভাবিব নোৱাৰা ধৰণে হৈ যোৱা গ’লটোত দলৰ আন খেলুৱৈসকলো হতভম্ব হ’ল৷সতীৰ্থসকললৈ চাই মাৰাডোনাই চিঞৰিলে... কি চাই আছা তোমালোকে? আহাঁ, মোৰ সাবটি ধৰা, নহ’লে ৰেফাৰীয়ে গ’লটো নাকচ কৰি দিব৷
খেলখন পৰিচালনা কৰি থকা টিউনিচিয়াৰ ৰেফাৰী আলি বিন নাছেৰৰো বোধহয় বিচাৰত আউল লাগিছিল৷ বজাই দিলে, দীঘলীয়া হুইচেল৷মানে গ’লৰ সংকেত৷
ইফালে ইংলেণ্ড শিৱিৰত হাহাকাৰ৷
এই ঈশ্বৰীয় গ’লটোকে লৈ পিছত বহুত আলোচনা, সমালোচনা হৈছিল৷ মাৰাডোনাই সাংবাদিক মেলত কৈছিল : কিছু পৰিমাণে মাৰাডোনাৰ মূৰ, কিছু পৰিমাণে ঈশ্বৰৰ হাত৷
ঠিকেই কথাটো৷ বিশ্বকাপ ফুটবলৰ ইতিহাসত এইটো এটা ডাঙৰ খোকোজাই হৈ ৰ’ল, আজিও৷
ফুটবলৰ ইতিহাসত Hand of God ৰূপে চিহ্নিত হৈ ৰ'ল এই গ'লটো৷

আকৌ সেই তৃতীয় কোৱাৰ্টাৰ ফাইনেল৷ আৰ্জেণ্টিনা-ইংলেণ্ড৷১৯৮৬ৰ মেক্সিকো বিশ্বকাপ৷
বিতৰ্কিত Hand of God গ’লটোৰ পিছত মাত্ৰ চাৰিটা মিনিট অতিবাহিত হৈছে৷ তেনেকুৱাতে সতীৰ্থ Hector Enriqueৰ পৰা পাছ এটা আহিল মাৰাডোনালৈ৷ মাৰাডোনা তেতিয়া নিজৰ হাফতে আছে৷প্ৰায় ১০ মিটাৰ ভিতৰত৷ যাদুকৰী পদযুগলত বলটো লৈ তেওঁ এইবাৰ ধুমুহা গতিত মুভ আৰম্ভ কৰি দিলে৷ লক্ষ্য ইংলেণ্ডৰ গ’ল প’ষ্ট৷ Peter Beardsley, Peter Reid, Terry Butcher আৰু Terry Fenwick চাৰিজন ইংৰাজক অতিক্রমি গ’ল তেওঁ অবিশ্বাস্যভাৱে৷ মাত্ৰ ১০ চেকেণ্ডত ৬০ মিটাৰ আগুৱাই Peter Shiltonৰ সন্মুখত উপস্থিত হ’লগৈ মাৰাডোনা৷ পুনৰবাৰ হয়তো অংকত খেলিমেলি লাগি গৈছিল গ’লৰক্ষক Shiltonৰ ৷তাৰ পিছত সামান্য ড্ৰিবল কৰি বলটো ঠেলি দিলে উন্মুক্ত নেটলৈ৷ লগে লগে ৰেফাৰীৰ দীঘলীয়া হুইছেল৷ কোনো বিতৰ্ক নাই এইবাৰ৷ গ’ল৷
এই গ’লটোৰ সম্পৰ্কত মাৰাডোনাই পিছত কৈছিল... দৰাচলতে মই Jorge Valdanoৰ বাবেহে সুযোগ এটা ৰচনাৰ চিন্তা কৰিছিলোঁ৷ কিন্তু যি মুহূৰ্তত মই বলটো লৈ নিৰ্দিষ্ট স্থানত উপস্থিত হ’লোঁ, তেতিয়া দেখিলোঁ, তেওঁলৈ পাছ দিয়াৰ কোনো সুৰুঙাই নাছিল৷ কাৰণ তেওঁলোকে মোক ঘেৰি ধৰিছিল৷ গতিকে মই নিজেই খেলি গ’লোঁ আৰু সমাপ্ত কৰিলোঁ গ’লত৷
২০০২ৰ ফিফা বিশ্বকাপৰ অংশ স্বৰূপে আহ্বান কৰা ভোটদানত ডিয়াগো মাৰাডোনাৰ এই গ’লটোৱে সৰ্বোচ্চসংখ্যক ভোট লাভ কৰি শতিকাৰ শ্ৰেষ্ঠ গ’ল (Goal of the Century) হিচাপে স্বীকৃতি লাভ কৰে৷

No comments:

Post a Comment