Friday, 14 March 2014

মনৰ পৰ্দাত বন্দী হৈ ৰ’ল এখন ছবি

দিনটো আছিল ১৬ অক্টোবৰ, ২০১৩৷ ঈদৰ দিন৷২০৬৭ নং উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখন সিদিনা আধা ঘণ্টা পলমকৈ ডিফু ষ্টেশ্বনত সোমাইছিল৷ শীত-তাপ নিয়ন্ত্ৰিত C-1 ক’চটোৰ ৩২-৩৩ নং চিটত গুৱাহাটীৰ পৰা বহি অহা সিদিনাৰ বিশেষ অতিথিদ্বয়ৰ অপেক্ষাত আগতীয়াকৈ প্লেটফৰ্মত উপস্থিত আছিলোঁ৷ ছাৰৰ সৈতে দেখাদেখি কেতিয়াও হোৱা নাই৷ এয়াই প্ৰথম হ’ব৷ গতিকে উত্তেজনা এটাই ভিতৰি ভিতৰি ক্রিয়া কৰি আছিল৷ বাইদেউৰ সৈতেও পৰিচয় বৰ বেছিদিনীয়া নহয়৷ ২ অক্টোবৰ তাৰিখে সন্ধিয়া পৰত গুৱাহাটীৰ ঘৰত প্ৰথম সাক্ষাৎ৷ তাৰ পিছত ১১ তাৰিখে৷ দুয়োবাৰেই কিতাপৰ ক’পী দিবলৈ যোৱাৰ সংক্রান্তত৷ এয়া তৃতীয়বাৰলৈ মুখামুখি হ’ম৷

প্লেটফৰ্মত প্ৰথমেই নামি পৰা বাইদেউক দেখি সম্ভাষণ জনালোঁ আৰু পোনচাটেই সুধিলোঁ... ‘চাৰ ক’ত?’ ক’লে... ‘সৌৱা৷’ তৎমুহূৰ্ততে চকু ঘূৰাই দেখা পালোঁ... দৰজাৰ মুখত দণ্ডায়মান, মূৰত টুপী, কান্ধত লেপটপ, বাঁওহাতেৰে ৰঙা চুটকেচ এটা ধৰি লৈ সেয়া ডাক্তৰ ভূপেন্দ্ৰ কুমাৰ শইকীয়া৷ ‘অকব’ৰ ৱালত অকণমানি ফটোখনত সদায় দেখি অহা লোকজন৷ কৰ্মস্থলী ডোহাৰ পৰা কালি মাত্ৰ আহি গুৱাহাটীৰ ঘৰ পাইছেহি, আৰু আজি অৰ্থাৎ পিছদিনাই আমাৰ মাজলৈ৷ গোটেই কথাটোৱেই কিবা সপোন সপোন যেন লাগি গ’ল৷

ডাক্তৰ ভূপেন্দ্ৰ কুমাৰ শইকীয়া৷ ‘কাটাৰৰ ডায়েৰী’ বুলিলে ‘অকব’ৰ সৈতে সম্পৰ্ক থকাসকলৰ বাবে বেলেগে চিনাকিৰ প্ৰয়োজন নাই৷ বৌ ৰুমঝুম শইকীয়া৷ তেখেতো ‘অকব’ৰ এগৰাকী সদস্যা৷ চাৰ-বাইদেউৰ পৰা দাদা-বৌ হৈ পৰা এহাল মানুহ৷

‘অকব’ই অনা জীৱনৰ এই আচৰিত তথা মধুৰ ক্ষণটো আজি বিশেষ এটা উপলক্ষ্যত পুৱাতে মনত পেলাইছোঁ আৰু দুয়োৰে সুস্বাস্থ্য কামনা কৰিছোঁ৷


No comments:

Post a Comment