Friday, 14 March 2014

আজি পুৱা...

অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰৰ খবৰটো পাই খটখটি বগাই ৰাস্তালৈ ওলাই আহিলোঁ, বাহিৰখন এনেয়ে এবাৰ চাওঁগৈ বুলি৷ অদূৰত সৰু সৰু ছোৱালী দুজনী৷ এইপিনেই আহি আছে৷ পিন্ধনত নীলা স্কাৰ্ট, বগা চোলা৷ দুয়োজনীৰে পিঠিত বেগ৷

‘ক’ত যাৱ?’
সিহঁতক উদ্দেশ্য কৰি এনেয়ে ৰিং এটা মাৰিলোঁ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীবোৰৰ সৈতে কথা পাতি আনন্দ পাওঁযে, সেয়ে৷

‘স্কুল৷’

‘কোন স্কুল অ’?’

‘ৰংকিমি এল.পি.৷’

‘তহঁতৰ হে’ড চাৰৰ নাম কিঅ’?’

মোৰ সন্মুখ পাই দুয়ো অলপ ৰ’ল৷ ইজনীয়ে সিজনীৰ চকুলৈ চালে৷ বুজি নাইপোৱা চাগৈ৷ সেয়ে আকৌ এবাৰ সুধিলোঁ৷

‘মাষ্টৰ৷’
ডাঙৰজনীৰ উত্তৰ৷

‘অঁ, অঁ; তহঁতৰ হে’ড মাষ্টৰৰ নামটো কি?’
‘নাজানে৷’
ডাঙৰজনীয়েই আকৌ উত্তৰ দিলে আৰু লক্ষ্যস্থান অভিমুখে অগ্ৰসৰ হ’ল৷

‘নাজান! কিয়?’

‘নকয়েই, আমাৰ কাৰণে৷’

‘নকয়! ... ঐ, তহঁত কোন শ্ৰেণীত পঢ়অ’?’

তেনেকুৱাতে ট্ৰাক এখন অহাত দুবাৰ কৰা সত্ত্বেও মোৰ প্ৰশ্নটো সিহঁতৰ কাণত নোসোমালগৈ৷ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে দুয়ো স্কুললৈ বুলি গৈ থাকিল৷

No comments:

Post a Comment