Saturday, 15 March 2014

ঘানানীয়ানৰ মানত ফুটবল কি?

এই প্ৰশ্নৰ উত্তৰত এটা সাক্ষাৎকাৰত ঘানাৰ এগৰাকী প্ৰাক্তন খেলুৱৈ, মুখ্য প্ৰশিক্ষক তথা জাতীয় দলটোৰ মেনেজাৰ James Kwesi Appiahএ কৈছে… ‘ প্ৰত্যেকজন ঘানানীয়ানেই ফুটবলক অন্তৰভৰি ভাল পায়৷ ঘানাৰ প্ৰতিটো শিশু, প্ৰতিজন পুৰুষ, প্ৰতিগৰাকী মহিলাই ফুটবল জানে৷ ৰাজনৈতিকভাৱে অস্থিৰ অৱস্থাতো ফুটবলেই দেশখনত একমাত্ৰ আহিলা যি ঘানাক একত্ৰিত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে য’তেই ফুটবল, ত’তেই ঘানাৰ নাগৰিকে ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি থৈ জাতীয় দলৰ পিছত সংঘবদ্ধভাৱে থিয় দিয়ে৷ ঘানাবাসীয়ে ফুটবলক ইমানেই ভাল পায় যে ফুটবলৰ কাৰণে তেওঁলোকে যি কোনো কৰিবলৈকে ৰাজী৷’
সাক্ষাৎকাৰটো পঢ়ি উঠি ভাবিছোঁ ক্ৰীড়া আৰু ৰাজনীতিয়ে সনা-পোটকা হৈ থকা আমাৰ বৃহৎ দেশখনত ঘানাৰ অনুৰূপ মানসিকতাৰ সতকাই স্ফূৰণ ঘটিবনে?


ঘানাবাসীৰ বাবে ফুটবল আৰু পাচপ’ৰ্টৰ গুৰুত্ব সমান সমান৷ জাতীয় ফুটবল দল the Black Starsৰ নিৰ্বাচনৰ সময়ত দুটা বিষয়ে সৰ্বাধিক গুৰুত্ব পাইছে৷ সেয়া হৈছে (ক) খেলুৱৈগৰাকীৰ ঘানানীয়ান পাচপ’ৰ্ট অৱশ্যেই থাকিব লাগিব আৰু (খ) খেলুৱৈগৰাকীৰ পিতৃ আৰু মাতৃৰো প্ৰত্যেকৰে ঘানানীয়ান পাচপ’ৰ্ট থাকিব লাগিব৷ সীমাবদ্ধতাক নেওচি আন্তঃৰাষ্ট্ৰীয় জগতখনলৈ ওলাই যাবলৈ ফুটবলযে কিমান সহায়ক, কিমান কাৰ্যকৰী, সেইটো বুজিবলৈ ঘানাৰ উদাহৰণেই যথেষ্ট৷

No comments:

Post a Comment