Wednesday, 17 December 2014

ফুটা
(গল্প নহয়, সত্য)


শ্যাম গুপ্তা৷ গাড়ীৰ ব্যৱসায়ী৷ আমাৰ মাজৰ বন্ধুভাবাপন্নতাটোৰ উত্তাপ অলপ বেলেগ ধৰণৰ৷ ডিফু-গুৱাহাটী যাত্ৰাৰ কেইবাবাৰো দুয়ো সহযাত্ৰী হৈছোঁ৷ কোনো ধৰণৰ আগতীয়া জাননী নথকাকৈ পুৱা ৰে’ল ষ্টেচনত চাৰিচকুৰ মিলন হৈ যায়৷ আকস্মিক সেই মিলনত পৰস্পৰে পৰস্পৰক ভ্ৰমণ-সংগী হিচাপে পাই উভয়েই খুব সুখী হওঁ৷ ডবাটোত একেলগে উঠি লৈ চাইড বাৰ্থত ভৰি তুলি দুয়ো আৰামত মুখামুখিকৈ বহি লওঁ৷ তাৰ পিছত বাদাম চোবাই চোবাই অনৰ্গল কথা চলে৷

শ্যামৰ মূৰটো পৃথিৱীৰ বিভিন্ন কথা আৰু ইনফৰ্মেচনেৰে ভৰপূৰ৷ সৰহখিনি সময় মই তেওঁকেই ক’বলৈ দিওঁ আৰু নিজে ৰসস্বাদন কৰি যাওঁ৷ ‘জানতে হ’, এক বাৰ এইচা হুৱা...’ বুলি কৈ তেওঁ প্ৰসংগৰ পাতনি মেলে৷ ভাষাৰ কোনো লাগ-বান্ধ নাই৷ হিন্দী, অসমীয়া, বাংলা, ইংৰাজী, ভোজপুৰী চব চলে৷ খালী ঠাই থকা দেখি কোনো কোনো যাত্ৰী আমাৰ কাষত বহিবলৈ আহে৷ বিভিন্ন ধৰণৰ, বিভিন্ন জাতৰ মানুহ৷ ৰে’ল ভ্ৰমণত এইবোৰ নিতান্তই সাধাৰণ কথা৷ তেনেকুৱা মানুহক লৈ শ্যামে আৰম্ভ কৰে নতুন কথা... ‘জানতে হ’, এক বাৰ...’

জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ কোৱা কথাৰ সাৰমৰ্মখিনি এনে… 'চুট-বুট কৰি সাজি-কাচি ফুৰা মানুহ দৈনন্দিন আমি অনেক দেখা পাওঁ৷ বাহিৰে টিপ-টপ হ’লেও বহুতৰে কিন্তু ভিতৰৰ সাজটো গণ্ডগোলীয়া৷ ওপৰৰ আৱৰণ গুচাই দিলেহে সেয়া ধৰা পৰে৷ কাৰোবাৰ হয়তো গেঞ্জীটোত কেইটামান সৰু-বৰ ফুটা৷ নহয় জাঙিয়াৰ ইলাষ্টিকৰ কাষত বা তললৈ এটা ফুটা৷ পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰতে ‘অন্দৰ কা মামলা’ৰ এই গৰবৰ থাকে৷ ওপৰত ব্ৰেণ্ডেড কাপোৰ পিন্ধিলেও তলফালৰ অৱস্থা বৰ পুতৌজনক৷ ওপৰে ধনী দেখুৱালেও ভিতৰি কিমানযে দুখীয়া! ফুটা-ফটা ঢাক খুৱাই ওপৰত যি টাইপৰহে দামী মেৰ দিয়া হয়, গম পাবলৈ মস্কিলেই৷'

শ্যামৰ কথাই মোক বৰ ৰস দিলে৷ সেই ৰসত ডুবি থাকোঁতেই হঠাতে তেওঁ মোৰ চকুলৈ চাই সুধি পেলালে... ‘বচ, তুমহাৰা চব ঠিক-ঠাক হ্যায় ত’ না?’

সঁচা দেই, ওপৰৰ বৰ চুৰিয়াৰ ফেৰ দেখি অনুমান কৰিবই নোৱাৰি যে তলত ঢকুৱাৰ বেৰ! কিমানেযে তেনেকৈয়ে নিজকে ঢাকি আহিছে!

অনুৰূপ এক অভিজ্ঞতা ময়ো অলপতে লাভ কৰিলোঁ৷ মৰিয়নি-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছত বহি আছোঁ৷ ৰিব’কৰ জোতা, ৰেইবেনৰ চশমা আৰু ফিট-ফাটকৈ ড্ৰেচ পিন্ধা ডেকা এজন মোৰ ওচৰতে বহিলহি৷ পিছত চিট খালী হোৱাত খিৰিকীৰ কাষলৈ গ’লগৈ৷ আসনত বহিয়ে চিধাই জোতাযোৰ খুলিলে, ইমানপৰে পাই থকা অশান্তিৰ পৰা মুক্তি লভি আৰামকৈ বহাৰ অভিপ্ৰায়েৰে৷ দেখিলোঁ, মোজাযোৰৰ এপাতৰো আগৰছোৱা নাই! মস্ত ফুটা৷ বুঢ়া আঙুলি ওলাই আছে! জোতা কিন্তু ব্ৰেণ্ডেড দেই৷


পুৰুষেই হওক, মহিলাই হওক, ল’ৰাই হওক, ছোৱালীয়েই হওক, ফিট-ফাট সাজোনৰ মানুহ দেখিলে এতিয়া মোৰ পোনেই শ্যামৰ ‘অন্দৰ কা মামলা’ৰ কথা মনত পৰে৷ মনে মনে প্ৰশ্ন এটাও কৰি পেলাওঁ... ওপৰৰ লগত মিলাকৈ ভিতৰছোৱা ঠিক-ঠাক আছেনে এইজনৰ (বা এইজনীৰ)?

No comments:

Post a Comment