Monday, 15 December 2014

এবাৰ মই অফিচাৰৰ টেবুলত 
ভুকুৱাই দিছিলোঁ৷
(গল্প নহয়, সত্য)


‘কি কৰিবা? চাকৰি পালে চব এৰি থৈ গুচি যাবা?’ ...মোৰ ফালে চাই বিষয়াজনে উচ্চস্বৰত ক’লে৷ কণ্ঠত ঠাট্টাৰ সুৰ, মন কৰিলোঁ৷

বিষয়া মানে জিলা উদ্যোগ কেন্দ্ৰৰ সহকাৰী মেনেজাৰ৷ নামটো কিবা জামান আছিল৷ খঙৰ ভাবত কোৱা কথাখিনি শুনি মোৰো উঠিল ফাই৷ নিবনুৱা হৈ নাথাকি নিজে কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হোৱাৰ সময়তে সন্মুখত এয়া কি ধৰণৰ গতিৰোধক? কাম কৰাত কোনে বাধা দিবলৈ আহে? এইটো অন্ততঃ সহ্য কৰাটো অন্যায় হ’ব৷ প্ৰতিবাদত সেয়ে ময়ো জ্বলি-পকি উঠিলোঁ৷

‘নকৰোঁ চাকৰি৷’ ...সুৰটো সমানেই উচ্চ কৰি পেলালোঁ৷ কথাৰ লগে লগে তেওঁৰ টেবুলখনত সোঁহাতেৰে শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভুকু এটা শোধাই দিলোঁ ... ঢং...৷ যি হ’ব, হ’ব৷ ভাবিবলৈ নহ’ল৷

মোক মুঠতে ৰেজিষ্ট্ৰেচনটো লাগে৷ মই উদ্যোগী হ’ব খোজোঁ৷ আৰু মইতো নিয়ম অনুযায়ী দিব লগা দৰকাৰী গোটেইসোপা তথ্যই সুন্দৰভাৱে, যেনেদৰে কৈছে তেনেদৰে জমা দিছোঁ৷ তেনেস্থলত এই হেমাহি কিয়? উদ্যোগ বিভাগত চাকৰি কৰি দেখুৱাবলৈ আহিছে? উদ্যোগীকেই দেখোন চিনি নাপালে এতিয়ালৈ? আনক পিছ হুহকাই, ৰঙা ফিটাৰ মেৰপেচত পেলাই পইচা ঠিকেই খাব জানে? ...কথাবোৰ তেনেকৈয়ে মনলৈ আহিছিল সেই মুহূৰ্তত৷

ইফালে প্ৰচণ্ড জোৰে হোৱা শব্দটোত অফিচটোৰ বাহিৰে-ভিতৰে উপস্থিত লোকসকলৰ মাজত ‘ক’ত কি হ’ল অ’? ধৰণৰ প্ৰশ্নবোধক এটাৰ স্বাভাৱিকতে সূত্ৰপাত হ’ল৷ উৎসুকতাই ছানি ধৰিলে সকলোৰে মন৷ ভীৰৰ মাজত মোক চিনি পোৱাকেইজনে হয়তো ভাবিলে, এই ল’ৰাটোতো এনেকুৱা নহয়! আন কোনোৱে হয়তো ভাবিলে, আজি অফিচত লাগিল কিবা ডাঙৰ ঘমঘণ্ট! আনহাতে শব্দটো শুনা মাত্ৰকে এডিচনেল ডাইৰেক্টৰ ডক্টৰ দাস ডাঙৰীয়ায়ো চকী এৰি লগে লগে নিজৰ ৰুমৰ পৰা ওলাই আহিল৷ ‘কি হ’ল, কি হ’ল?’ ...ডাঙৰকৈ চিঞৰ মাৰি সুধিলে৷

‘ছাৰ, ডি.আই.চি.ৰ ৰেজিষ্ট্ৰেচনটোৰ বাবে মই কেইবাদিনো ধৰি আহি আছোঁ৷ কিন্তু এই মানুহজনে কামটো কৰি দিয়া নাই৷ আৱশ্যকীয় চব কাগজ-পত্ৰই মই জমা দিছোঁ৷ অথচ ঘূৰাই আছে৷’ ...তেখেতলৈ চাই চিধাচিধি বাক্যকেইটা কৈ দিলোঁ৷

তেখেতে কিবা এটা ভাবিলে৷ অভিযোগটো সঁচা নে মিছা, তাৰ বুজ ল’লে৷ তাৰ পিছত ইংৰাজীতে ক’লে... ‘ড’ণ্ট ৱৰী, ইউ আৰ গেটিং ইট টুডে৷’

তেখেতে তেনেকৈ কোৱাত মই ৰৈ দিলোঁ৷ তেখেত নিজৰ কক্ষত সোমালগৈ৷ এচিচটেণ্ট মেনেজাৰৰ ৰুমত পিছৰ পৰিস্থিতি কি চলি আছে-নাই তালৈ চাই নাথাকি ময়ো এডিচনেল ডাইৰেক্টৰৰ ৰুমৰ আগত থিয়দঙা দি ৰ’লোঁ৷ অলপ পিছতে তেখেতে মোক ভিতৰলৈ মাতিলে৷ তাৰ পিছত ৰেজিষ্ট্ৰেচন ফৰ্মখনত চিল-চহী মাৰি মোৰ পিনে আগুৱাই দিলে৷ ধন্যবাদ সহকাৰে মই ল’লোঁ৷ আৰু গুচি আহিলোঁ৷

চাকৰিৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই মই নিজৰ কামত ধৰিলোঁ৷ সেই ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে৷ দাস ডাঙৰীয়াই পিছত মোক কেইটামান কামো কৰিবলৈ দিলে৷ বোধ হয় মানসিকতা টে’ষ্ট কৰি চালে৷ বহু বছৰৰ পিছত এদিন গুৱাহাটীৰ উদ্যোগ ভৱনত আকস্মিকভাৱে মানুহজনৰ সৈতে মুখামুখি হ’লোঁ৷ পৰিচয় বেকত কৰা মাত্ৰকে তেখেতে মোক ধৰিব পাৰিলে৷ কাম-কাজৰ খবৰ ল’লে৷

ইফালে কেইবছৰমানৰ পিছত কাণত পৰিল, সেই এচিচটেণ্ট মেনেজাৰজনক হেনো নগাঁও জিলাৰ কোনোবা স্থানত থকা তেওঁৰ ঘৰৰ আশে-পাশে কোনোবাই হানি-খুঁচি মাৰি পেলালে! বিতংভাৱে নাজানিলেও খবৰটো শুনি দুখ লাগিল আৰু মোৰ সৈতে অফিচত হোৱা ঘটনাটো পুনৰায় মনলৈ আহিল৷

উদ্যোগী চিনি নোপোৱা অফিচাৰ নামধাৰী একাংশ লোক উদ্যোগ নামৰ চৰকাৰী বিভাগ এটাৰ বাবে কেনেকৈনো উপযুক্ত হয়, প্ৰশ্নটোৱে মনত আজিও পাকঘূৰণি খায়৷ নিজে কিবা এটা কৰাৰ ইচ্ছা বহুতৰে মনত কোনোবা মুহূৰ্তত জাগিলেও এনে কৰ্মচাৰী একাংশইযে বাটৰ হেঙাৰ হৈ পৰে, সেয়া অপ্ৰিয় হ’লেও সত্য৷ এই লেখাৰ মূল কথাও সেইটোহে, বীৰত্বৰ কাহিনী শুনোৱাটো মুঠেই নহয়৷


No comments:

Post a Comment