Sunday, 14 December 2014

উপহাৰ হিচাপে কুকুৰা!
(গল্প নহয়, সত্য)


সিদিনা ‘উপহাৰ স্বৰূপে ৰঙালাও’ দিয়াৰ কথা কৈছিলোঁহে৷ পৰহি সন্ধিয়া নিজৰ ঘৰতে ঘটিল আন এক ঘটনা৷ ঘটনা আচৰিতেই৷ কওঁ ৰ’ব তাকে৷

ক'লিং বে'লৰ শব্দ শুনি কোনোবা অহা বুলি গম পাই আগ বাঢ়ি গৈ দুৱাৰখন ময়ে খুলি দিলোঁ৷ দেখোঁ যে মামন আৰু মামনৰ মাক৷
‘বাইদেউ আছে?’ ...মামনৰ মাকে সুধিলে৷

‘অঁ, আছে৷’ ...মই ক’লোঁ৷ ‘আহক, ভিতৰলৈ৷ সৌ তাতে বহকগৈচোন৷’

গাত শ্বল এখন লৈ অহা মানুহজনীক মোৰ আগতে দেখাতকৈ কিছু শকত যেন লাগিল৷ মাক-জীয়েক দুয়ো ভিতৰলৈ খোজ ল’বলৈ উদ্যত হ’ল৷

‘বাইদেউৰ লগত কাম আছে৷ চিধা ৰুমলৈকে যাওঁ নেকি?’
অনুমতি বিচৰাৰ সুৰত প্ৰশ্নটো সোধোতেই সিফালৰ পৰা বাইদেউ, মানে আমাৰ এওঁ, গামোচা এখনেৰে হাত দুখন মচি মচি ওলাই আহিল৷

‘অ’ সবিতা দেখোন!’

‘বস্তুটো আনিছোঁ৷ কৈছিলোঁযে কথাটো...’

এওঁক অলপ সময়ৰ বাবে দেধোৰ-মোধোৰত পৰা যেন লাগিল... কি আছিলবা কথাটো! চাৱনিত সেই ভাব৷

মামনৰ মাকে সোঁহাতৰ ফালে শ্বলখন সামান্য দাঙিলে৷ কুকুৰা এজনী! আলফুলে কোলাত বহুৱাই আনিছে৷ উম পাই কুকুৰাও নিশ্চুপ৷

‘ইস! কেলেই আনিছা বাৰু? বৰ আচৰিত মানুহ দেই তুমি! কাম নাপালা আৰু!’

‘নাই নাই বাইদেউ৷ দিম দিম বুলি কেতিয়াবাই ভাবি থৈছিলোঁ৷ ওপৰত উঠি থাকে গতিকে ধৰিবহে পৰা নাছিলোঁ৷ আজি আন্ধাৰ হোৱাৰ পিছতে ধৰি পেলালোঁ৷’ …সবিতাই অংগী-ভংগী কৰি কথাখিনি ক’লে৷

‘ধেইত...’

‘মামনৰ লগৰ ছোৱালী দুজনীৰ ঘৰতো দুটা দিছোঁ৷ অনিমেষৰ বন্ধুকো দিছোঁ, পুহিবলৈ৷ আমাৰতো আছেই৷ আপোনালোকেও পুহিব৷’

কথা শুনি আমাৰ মাও আহি ওচৰত হাজিৰ হ’ল৷ ‘কুকুৰাজনী কেলেইনো আনিব লাগে বাৰু? তোমাৰোযে কাম...!’

‘মামনৰ ফালৰ পৰা তাইৰ বান্ধৱী আনিছাক একো দিব পৰা নাই৷ মামনে সদায় কৈ থাকে৷ গতিকে প্ৰেজেণ্ট দিছোঁ৷ পালিবা দেই আনিছা...’

আনিছাই কথাৰ ভু-ভটং একো ধৰিব পৰা নাই৷ তাই খেলৰ লগৰী মামনক হাতত ধৰি টানি নিলে৷ খোৱাৰ সময় হৈছিল৷ দুয়ো দুখন চকী লৈ পাকঘৰত বহিলগৈ৷ সবিতাকো মায়ে চাহ একাপ খাই যাবলৈ ক’লে৷ উপহাৰ স্বৰূপে মামনৰ মাকে অনা ক’লা-বগা ফুটুকা-ফুটুকী কুকুৰাজনী শ্ৰীমতীয়ে লওঁ-নলওঁকৈ ল’লে৷

No comments:

Post a Comment