Tuesday, 2 December 2014

বাৰ্বি প্লেয়াৰ!
(গল্প নহয়, সত্য)


পঞ্চম শ্ৰেণীত পঢ়া ছোৱালীজনীক নিশা ভাত খোৱাৰ পিছত কাষতে বহি লৈ এনেয়ে সুধিলোঁ... ‘ইণ্ডিয়ান ছুপাৰ লীগত কোনটো টীমক চাপ’ৰ্ট কৰা, তুমি?’

অকণো দেৰি নকৰাকৈ তাই ঘপকৈ ক’লে... ‘নৰ্থ-ইষ্ট ইউনাইটেড এফ.চি.৷’ শব্দকেইটা যেন জিভাৰ আগত লাগিহে আছিল!

‘ইহঁতে দেখোন গলেই দিব নোৱাৰে৷ স্ক’ৰাৰ নাই৷ ফিনিশ্বিং দুৰ্বল৷ ড্ৰিবলিং বেছি৷ বেকপাছ, মিছপাছ...’

‘হ’লেও, নিজৰ টীম৷’

ৱৰ্ল্ডকাপত জাৰ্মানীৰ দুৰ্দান্ত সমৰ্থক আছিল এইজনী৷ ডিমাপুৰৰ পৰা জাৰ্চি এটা আনি দিলতহে শান্তি৷ এবাৰ ধোৱাতে সেইটো টান হোৱাত আকৌ কলকাতাৰ পৰা আন এটা৷ জাৰ্মানী চেম্পিয়ন হ’লত কিযে স্ফূৰ্তি! ফিলিপ লাম তেওঁৰ ফেভাৰিট ফুটবলাৰ৷ এতিয়া সলাইছে৷ এতিয়া বোলে অঝিল৷ ইফালে আকৌ বাৰ্ছিলোনাৰো ঘোৰ সমৰ্থক দেই৷ মন কৰিছোঁ, ব্ৰাজিল বিশ্বকাপৰ সময়ৰ পৰা ফুটবলে এইকো ভালকৈ লম্ভিছে৷

‘বাৰু, আই.এছ.এল.ত ফেভাৰিট প্লেয়াৰ কোন তোমাৰ?’

‘চান্তোছ৷’ অলপ পৰ ভাবি উত্তৰটো দিয়েই হাতত লৈ থকা ৰিম’ট কণ্ট্ৰলটো অ’পাৰেট কৰাত লাগিল তাই৷

তেনেকুৱাতে ককায়েকে ধৰিলে... ‘কোনটো চান্তোছ?’

‘ডছ চান্তোছ৷ দিল্লীৰযে৷’ চাৱনিটোত ‘মই চিনি নাপাওঁ বুলি ভাবিছ?’ টাইপৰ প্ৰকাশ৷

‘বাৰু, তোমালোকৰ ক্লাছৰ বাকীবোৰৰ ফেভাৰিট প্লেয়াৰ কোন কোননো, কোৱাচোন?’

‘ৰংগীৰহে আছে৷ বাকীবিলাকৰ নাজানো৷’

‘কিয়? বিকাই ফুটবল নাচায় নেকি?’

‘নাই নাচায়৷’

‘ফুটবল নাচায়?’

‘তাই বাৰ্বি খেলে৷ তমচিয়ে অলপ-চলপ চায়৷ দীপাইতো কয়েই, গেমছ এণ্ড স্পৰ্টছ বোলে তাই ভাল নাপায়৷’ কথাকেইটা কওঁতে বেকেটামুৱা হৈ পৰিল গোটেইজনী!

‘শৈলৰ কোনবা?’

‘বাৰ্বি খেলে৷’

‘অৰ্নিৰ?’

‘সিহঁত চবেই বাৰ্বি প্লেয়াৰ বুলি কৈছোঁৱেই দেখোন৷ এইবোৰ একো বুজি-চুজি নাপায়৷ ফেভাৰিট প্লেয়াৰ কেনেকৈ থাকিব?’


স্পষ্টকৈ কথাকেইটা কৈ তাই টিভিৰ পৰ্দাত মনোনিৱেশ কৰিলে৷ কাৰ্টুন ছবিখনতো ফুটবল এটা দেখা গ’ল৷

No comments:

Post a Comment