Monday, 6 July 2020

১৩.০২.২০২০, বৃহস্পতিবাৰ

১.১ বৰপথাৰ অভিমুখে পুৱাৰ যাত্ৰীবাহী ৰে'লত



‘মই ওলাইছোঁ দেই, ষ্টেচনতে আপোনাক লগ পাম, আহক’ বুলি সিফালৰ পৰা গগৈ ছাৰে ফোনত জাননী দিয়াৰ লগে লগে ‘গৈ আছোঁ ময়ো’ বুলি সঁহাৰি জনাই ৰাক্‌চেক তুলি ল’লোঁ ৷ ততাতৈয়াকৈ ঘৰৰ বাহিৰ ওলায়ে পাই গ’লোঁ অট’ৰিক্সা এখন ৷ তাতে উঠি চিধাই ডিফু ৰে’লৱে ষ্টেচন ৷ কাকো কোনেও বিচাৰি ফুৰিবলগীয়া নহ’লেই ৷ সহজতেই আমাৰ দেখা-সাক্ষাৎ হৈ গ’ল ৷
তৎমুহূৰ্ততে মন কৰা কথাটো হ’ল, মোৰ বেগ মাত্ৰ এটাহে, গগৈ ছাৰৰচোন দুটা ! ৰাক্‌চেকৰ বাদেও অন্য এটাও আনিছে ৷ পাহাৰত টোপোলা যিমানেই বেছি হয় সিমানেই হাৰমাল ৷ কথাটি জানেনে নাজানেজানো ! সোধাত ক’লে যে সেইটোত আচল অস্ত্ৰ-শস্ত্ৰবোৰ আছে ৷ মই মনে মনে থাকিলোঁ ৷
টিকট দুটাও তেৱেঁই আগে-ভাগে কাটি থৈছে ৷ ডিফুৰ পৰা বৰপথাৰলৈ দুজনৰ ভাড়া ৫০ টকা ৷ দূৰত্ব ৮৩ কিল’মিটাৰ ৷ ভাগৰ ভাড়াটো লগে লগে দি চাফা হৈ থাকোঁ বুলিছিলোঁ, নল’লে ৷ টিকটটো মোৰ হাতত চমজাই ভালকৈ ৰখাৰ দায়িত্বহে অৰ্পণ কৰিলে ৷ এইবাৰো চুপ হৈ ৰ'লোঁ ৷
প্লে’টফৰ্মত থিয়া-থিই কৰি থকা যাত্ৰীগণৰ মাজতে লগ পালোঁ ৱে’ষ্ট ডিফু টাউন বেপ্টিষ্ট চাৰ্চৰ যাজক ৰেভাৰেণ্ড আথাং চেব্বে’ক ৷ লগত য়ুথ প্ৰেচিডেণ্ট ছেমুৱেল ঠাকুৰি ৷ ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত ৰিছাংগাৰি (Richangari)ত ৰিছাংগাৰি বেপ্টিষ্ট চাৰ্চৰ আতিথ্যত ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন (চমুকৈ ডব্লিউ.আৰ.বি.এ.)ৰ ৭০ সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ দুয়ো ক্ৰমে গিৰ্জা আৰু যুৱচামক প্ৰতিনিধিত্ব কৰি তালৈ ওলাইছে ৷ পেচেঞ্জাৰখনেৰেই গৈ বৰপথাৰত নামিব ৷ তাৰ পৰা শিলনিজানলৈ যাব ৷ তাৰ পৰা ৰিছাংগাৰি পাবগৈ ৷
তাৰ মানে আমাৰ ৰাস্তা একেটাই ৷ তেওঁলোকে আমাৰ গন্তব্যস্থল খেনাৰি (Nkhenlari) পাৰ হৈ যাব লাগিব ৷ ৰিছাংগাৰি খেনাৰিৰ পৰা প্ৰায় ৫ কিল’মিটাৰ আগত ৷ সেইটো প্ৰান্তৰ অন্তিমখন ৰেংমা গাঁও ৷ দৰাচলতে খেনাৰিৰে সম্প্ৰসাৰিত এক ক্ষুদ্ৰ জনপদ ৷
ঘৰৰ কাষৰীয়া আৰু প্ৰায় প্ৰতিদিনে মুখামুখি হোৱা এই দুই ব্যক্তিক এনেকৈ আকস্মিকভাৱে পাই স্ফূৰ্তি লাগিল ৷ যাত্ৰাটো আনন্দদায়ক কৰাৰ মতলবেৰে ‘একেলগে বহি গপ মাৰি যাম দেই’ বুলি অলিখিত চুক্তি এখনো হৈ গ’ল ৷ শিলনিজানৰ পৰা আগলৈ অৱশ্যে যাত্ৰা-ব্যৱস্থা দুয়ো পক্ষৰে পৃথক পৃথক হ’ব ৷ মিছন চেণ্টাৰৰ পৰা আহিবলগীয়া গাড়ীৰে যাব তেওঁলোক দুয়ো ৷ আমি উঠিব লাগিব খেনাৰিলৈ চলাচল কৰা ট্ৰেকাৰত ৷ আশা কম যদিও তেওঁলোকৰ গাড়ীত যদি জোখাৰে চিট খালি থাকে তেন্তে গগৈ ছাৰ আৰু মোকো লগতে উঠাই ল'বলৈ আগতীয়াকৈ অনুৰোধ-বাক্য এষাৰি শুনাই থোৱা হ’ল পালকজনক ৷
৫৫৯০১ নং উজনিমুৱা লামডিং-নিউ তিনিচুকীয়া যাত্ৰীবাহী ৰে’লখন সঠিক সময়তে ২ নম্বৰ প্লে’টফৰ্মত ৰ’লহি ৷ ভবামতেই ওচৰা-উচৰিকৈ আৰু সুবিধাজনক আসন অধিকাৰ কৰি পেলালোঁ আমি ৷ ৭.৩০ বজাত গাড়ীয়ে গতি আৰম্ভ কৰিলে ৷ তাৰ সমানে সমানে আৰম্ভ হৈ গ’ল অজান এক ঠাইলৈ নতুন এক যাত্ৰা ৷ অন্তহীন প্ৰসংগৰ মহলা মাৰি হাঁহি-মাতি আগুৱাব ধৰিলোঁ আমি ৷
কাৰবি আংলং জিলাৰ উত্তৰ দিশৰ বোকাজান মহকুমাৰ নিলিপ উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী শিলনিজানৰ পৰা মাত্ৰ ২৭ কিল’মিটাৰ আঁতৰত ৰেংমা পাহাৰৰ বুকুত অৱস্থিত আমাৰ লক্ষ্যস্থান খেনাৰি ৷ ৰেংমা নগা অধ্যুষিত এই এলেকাসমূহৰ প্ৰতি আগ্ৰহ মোৰ এতিয়াৰ নহয় ৷ সেই অঞ্চলৰ ভালেকেইটা গিৰ্জা সমন্বিতে ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন, ৰেংমা নাগা পিপল্‌চ কাউন্সিল (আৰ.এন.পি.চি.) আদি অগ্ৰণী সংগঠনৰ খ্ৰিষ্টমাছ কাৰ্যসূচী, বাৰ্ষিক কেলেণ্ডাৰ, ৰূপালী-সোণালী-হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থকে আদি কৰি নানান ধৰণৰ ছপা-কৰ্ম সুদীৰ্ঘ কাল ধৰি কৰিবলৈ পোৱাৰ উপৰি গিৰ্জাঘৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিবিশেষৰ কিতাপ-পত্ৰাদি ছপোৱাৰো সৌভাগ্য নিজৰ কৰ্ম-জীৱনত লভিছোঁ ৷ সেইবোৰ এলেকাৰ চিৰস্থায়ী বাসিন্দা তথা পাছলৈ কৰ্মসূত্ৰে ডিফু নিবাসী হৈ আমাৰ চুবুৰীয়া আৰু নিচেই ঘৰুৱাত পৰিণত হোৱা কেইজনমানক প্ৰায়ে কৈ থকা হয় তেওঁলোকৰ পৈতৃক গাঁওসমূহলৈ যোৱাৰ একান্ত ইচ্ছাৰ কথা ৷ কাৰ্যকৰীহে কোনেও আজিলৈ কৰিবকে নাই পৰা ৷ নিলিপ অঞ্চলৰ পৰা গিৰ্জাৰ কামত অহা পেস্তৰসকলকো ৰেংমা গাঁওসমূহৰ কথা সোধোঁ, আলোচনা কৰোঁ ৷ ১৯৭৭ চনতে এবাৰ চকীহোলালৈ গৈছিলোঁ ৷ সুদীৰ্ঘ বিৰতিৰ অন্ত পেলাই সঞ্জুৰ আহ্বানক্ৰমে ২০১৯ চনৰ ৯ মাৰ্চত জংফা পালোঁগৈ ৷ সেইটো বাটে ১৯৬১ চনত স্থাপিত ৰেংমা গাঁও চ’শ্বেনলাৰি-১ (Choshenlari-I), জংফা (Jongpha), আখৈফুটা (Akhoiphuta) দেখিলোঁ ৷ আগলৈ থকা চ’শ্বেনলাৰি-২ (Choshenlari-II), ল’লাশ্বংন্যু (Lolashongnyu), চেগুচাংৰি (Tseguchangri) বাকী ৰৈ গ’ল ৷ পৰৱৰ্তী সময়-সুযোগলৈ বাট চোৱাৰ বাহিৰে অন্য উপায় নাই ৷
এইবাৰ অন্য এটা বাটৰ ভ্ৰমণ, অন্য কেইখনমান ৰেংমা গাঁও দৰ্শন, ডক্টৰ ৰাজু গগৈৰ সংগী হ’বলৈ পোৱাৰ সুযোগত ৷ চ’গিলাশ্বংন্যু (Chogilashongnyu), ফেনচেৰ’ (Phentsero), ৰিদংগে’ন্যু (Ridongünyu), গে’ঝেনলান্যু (Güzenlanyu), চ’শ্বেনতংৰি (Choshentongri) ৷ তাৰ পাছত আমি যাব বিচৰা খেনাৰি ৷ খেনাৰিৰ আগলৈ ছেমুৱেল আৰু পেস্তৰ আথাং যাবলগীয়া ৰিছাংগাৰি ৷
এই সকলো স্থানৰে উপস্থিতি ৰেংমা পাহাৰৰ অ'ত-ত'ত, শিখৰে-বুকুৱে বুলি জানো ৷ দৃষ্টিত কেনেকুৱা হ'ব পাৰে সেয়া এই মুহূৰ্তত একো নাজানো ৷ গুগুলতো পাবলৈ নাই ৷ ইউটিউবতো চাবলৈ নাই ৷ সৰহ মানুহ আজিও নোযোৱা ঠাই ৷
সীমাহীন আকৰ্ষণ, কাল্পনিক ৰেখাংকন আৰু অনুসন্ধিৎসাৰ উপৰি ধূনা গছৰ সন্ধানত ৰেংমা হিল্‌ছত পিত্‌পিতাবলৈ পোৱাৰ নিশ্চিত সম্ভাৱনা তথা আৰণ্যক উৎকণ্ঠাই হৃদয়ত উখল-মাখল লগাই থাকিল, যাত্ৰাৰম্ভত ট্ৰেই্নখনে ডিফু এৰাৰ পাছৰে পৰাই ৷

No comments:

Post a Comment