Wednesday, 29 July 2020

২.৫ শিৱিৰত এখন্তেক ৰৈ ওলালোঁ পুং চাবলৈ


জংঘলী শিৱিৰটোৰ তিনিটা ফাল উন্মুক্ত ৷ এফালে বেতৰ পাত কিছুমান গুজি বেৰৰ দৰে কৰি ৰখা হৈছে ৷ তলত পলিথিনৰ শ্বিট ৷ তাৰ ওপৰতে ঢলা-বিচনা ৷ তাতে বেগ, কম্বল, কাপোৰ-কানি ইত্যাদি দ’ম খাই পৰি আছে ৷ সেমেকা, নিৰ্জন ঠাই ৷ শীতৰ মাত্ৰা খেনাৰিতকৈ অধিক ৷ চৌপাশে ওখ গছ, আৰু বেতনি ৷ পাছফালে নলা ৷ এটা ব্যতিক্ৰমী পৰিৱেশ ৷

ওপৰৰ পৰা নামি থাকোঁতেই অ’ত-ত’ত বেত কাটি থকা ডেকা কেইজনমানক দেখা পাইছিলোঁ ৷ আটায়ে খেংগাৰ চিনা-জনা ৷ সিহঁতৰে কেম্প এইটো ৷ মুঠতে ৬জন থাকে ৷ ইয়াত বেত কটা কাম শেষ হৈ গ’ল ৷ কাইলৈ কেম্পটো এৰি দিব ৷ আমাৰে কিনো সৌভাগ্য যে শেষ ৰজনীৰ অতিথি হ’বহি পাৰিলোঁ ৷ এদিন পলম কৰা হ’লেই আশা, ইচ্ছা চব চেঁচাপানী হ’লহেঁতেন ৷

চালিখনৰ কাষত উপস্থিত হোৱাৰ পাছতে সোধ-পোছ নাই, ৰাক্‌ছেক্‌ নমাই লাং খাই পৰি দিলোঁ ঢলা-বিছনাত ৷ কঠিন মাটিৰ ওপৰত কেৱল প্লাষ্টিক এখন ৷ তাৰ ওপৰতে কেইমিনিটমানৰ বাবে জিৰণি ৷ দীঘল দীঘল উশাহ টানিছোঁ, এৰিছোঁ ৷ ওপৰলৈ চাই চাই ভাবিছোঁ, আজি আমাৰ এয়াই আশ্ৰয়থলী, এই বিচিত্ৰ তামীঘৰা ৷ অ’ত-ত’ত কিবা-কিবি ওলমাই ৰাখিছে ৷ সকলো অস্থায়ী ৷ চিজিল বুলিবলৈও একো নাই ৷

অলপ পাছতে বেতকটীয়াকেইজন আহি ওলাল ৷ গোৱানিনল’ নন্দু, প্ৰেম চুব্বা, জিতেন বড়ো, ৰাজু তাঁতী, ৰাজ ভগত, চিয়ন মুন্দা ৷ দেখাতেই পৰিশ্ৰমী ৷ প্ৰত্যেকেই দা আৰু বন্দুক সমানে চলাব জানে ৷ চিনাকি হোৱাৰ লগতে গৰম লালচাহত চুমুক দি থাকি আলোচনা আৰম্ভ হ’ল ধূনা গছৰ সম্বন্ধে ৷ গগৈ ছাৰৰ প্ৰশ্নৰ উত্তৰত কোনফালে কোনখিনিত গছ দেখা পাইছে মনত পেলাই পেলাই আঙুলিয়াই আঙুলিয়াই কৈ গ’ল প্ৰেম চুব্বাই ৷ সহযোগ কৰিলে বাকী সকলোৱে ৷ কষ্ট কৰি আহি ধূনা গছ পাম ৷ সম্ভাৱনাটোৱে আমালৈ প্ৰচুৰ সুখ কঢ়িয়াই আনিলে ৷

আচৰিত হ’লোঁ যে ঘন অৰণ্যৰ মাজত হ’লেও ঠাইবোৰৰ স্থানীয় লোকে দি লোৱা নাম একোটা আছে ৷ এইখিনিক Rongkubeng বুলি কোৱা হয় ৷ শিলনিজানৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ৫০ কিল’মিটাৰ হৈ যাব ৷ তাৰ মানে খেংগাৰ ঘৰৰ পৰা আমি প্ৰায় ১৮ কিল’মিটাৰ আগ বাঢ়ি আহিলোঁ ৷ গগৈ ছাৰৰ যন্ত্ৰই জনাই দিলে যে সমুদ্ৰপৃষ্ঠৰ পৰা এই ৰংকুবেঙৰ উচ্চতা ৯২৮ মিটাৰ ৷

বেতকটীয়াসকলক সোধা হ’ল, ‘এই হাবিত ইমানদিনে থাকি কি কি জন্তুৰ মুখামুখি হৈছে বা দেখা পাইছে তেওঁলোকে ?’ উত্তৰ আহিল- ‘বাঘ, ঘোং, ভালুক, পহু, জহামাল, কেটেলা, বন-কুকুৰা, হাতী আদি আছে ৷’ লগতে উৎসাহেৰে ক’লে, ‘ইয়াত থাকিলে ঘৰতকৈও বেছি মাংস খোৱা হয় ৷ বেত কটা, চিকাৰ কৰা আৰু খোৱা ৷ এইকেইটাই কাম ৷ এদিন চিকাৰ কৰিলে ডেইলী মাংস খাবলৈ পোৱা যায় ৷ প্ৰত্যেক সাঁজতে মাংস ৷ খাই খাই আমুৱাই গৈছে ৷’ জুইৰ ওপৰত শুকুৱাই থোৱাকেইটা কি প্ৰাণী বুলি সোধাত কেটেলা বুলি ক’লে ৷ মানে কেটেলা পহু ৷ অনেক আছে হাবিখনত ৷ বাঘ দেখা নাই ৷ কিন্তু খোজৰ চিন পোৱা গৈছে ৷ গতিকে বন্দুক ইয়াত চিৰসংগী ৷ বেত কাটি থাকোঁতেও বন্দুক লগত থাকে ৷

এইবাৰ জানিব বিচৰা হ’ল, ওচৰতে চাবলৈ যাব পৰা অন্য এনে কি আছে, য’লৈ এতিয়াই যাব পাৰি আৰু আন্ধাৰ হোৱাৰ আগতে ঘূৰি আহিব পাৰি ? উত্তৰত ক’লে যে পুং বুলি এটুকুৰা ঠাই আছে ৷ জংঘলী ৰাস্তাৰে ইয়াৰ পৰা ৫ কিল’মিটাৰমান হ’ব ৷ পুং হ’ল জীৱ-জন্তুৱে পানী খাবলৈ অহা ঠাই ৷ চিকাৰৰো ঠাই ৷ খেংগা আগতে গৈছে ৷

১.৩০ বাজিবৰ হৈছেহি ৷ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হ’ল যে আমি এতিয়াই পুং চাবলৈ যাম ৷ বাটত ধূনা গছো চাম ৷ খৰধৰকৈ প্ৰস্তুত হৈ গ’লোঁ ৷ খেংগা, গগৈ ছাৰ, গোৱানিনল’, ৰাজু আৰু মই ৷ ৫জনীয়া দলটোত তিনিটা বন্দুক, দা-খুকুৰি আৰু লাঠী ৷ গগৈ ছাৰৰ পিঠিত সা-সৰঞ্জামৰ বেগ ৷ মোৰ ডিঙিত কেমেৰা ৷ বেতনিৰ মাজে মাজে আকৌ আমাৰ খোজ আৰম্ভ হ’ল, আগৰ ভাগৰ পাহৰি ৷

No comments:

Post a Comment